Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society

Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Question Answer can be of great value to excel in the examination.

Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society

Join Telegram channel

Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Notes cover all the exercise questions in UGC Syllabus. Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

67 . ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ ৰাজনৈতিক আৰু অর্থনৈতিক কাৰণটো বিচাৰ কৰা?

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত যিসকল চিপাহীয়ে ইংৰাজৰ অধীনত সামৰিক বাহিনীত নিযুক্ত হৈছিল সেইসকল আছিল হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী লোকৰ সংমিশ্ৰণ। সেই সময়ত চিপাহীসকলে এনফিল্ড ৰাইফল ব্যৱহাৰ কৰিছিল। এইবিধ ৰাইফলৰ গুলী বন্দুকত ভৰোৱাৰ আগতে দাতেৰে কামুৰি তাৰ পেকেটটো খুলিব লাগিছিল। গুলিসমূহত চৰ্বীজাতীয় এবিধ পিচল বস্তু মিহলাই দিয়া হৈছিল। এই পিচল সংমিশ্ৰণবিধ গাহৰি আৰু গৰুৰ চৰ্বীৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল বুলি বুলি গুজব ওলাইছিল। গৰুৰ মাংস যিদৰে হিন্দুসকলৰ অভক্ষ্য আছিল তেনেদৰেই গাহৰিৰ মাংস অভক্ষ্য আছিল মুছলমানসকলৰ অভ্যক্ষ আছিল তেনেদৰে গাহৰিৰ মাংস অভ্যক্ষ আছিল মুছলমানসকলৰ। সেয়ে দুয়োটা সম্প্ৰদায়ৰ চিপাহীয়েই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছুক হৈছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ চেষ্টা কৰিছে। এই এনফিল্ড ৰাইফলৰ গুলীয়েই হৈছে ১৮৫৭ চনৰ বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ। ১৮৫৭ চনৰ ২৩ জানুৱাৰীত বংগদেশৰ দমদমৰ সেনা ছাউনীত থকা চিপাহীসকলে পোনতে এই গুলী ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্রকাশ কৰে।

এই যুদ্ধক ‘চিপাহী বিদ্ৰোহ’ বা ‘১৮৫৭ আন্দোলনো বোলা হয়। ১৮৫৭ চনৰ ২৯ মাৰ্চ তাৰিখ ভাইচৰয় লৰ্ড কেনিঙৰ দিনত মংগল পাণ্ডে নামৰ এজন চিপাহীয়ে বেৰাকপুৰত হোৱা কুচকাৱাজৰ সময়ত দুজন ইংৰাজ অফিচাৰক হত্যা কৰে। ভাৰতীয় সৈন্যই মংগল পাণ্ডেক আটক কৰিবলৈ অস্বীকাৰ কৰে। অৱশ্যে পিছত তেওঁক আটক কৰা হয় আৰু হত্যা কৰা হয়। বন জুইৰ দৰে এই খবৰ ভাৰতৰ সকলো বাহিনীলৈ বিয়পি পৰে আৰু ইয়েই লক্ষ্ণৌ, আম্বালা, বেহৰামপুৰ আৰু মীৰাটত চিপাহী বিদ্ৰোহৰ সূচনা কৰে।

বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ বিভিন্ন কাৰণৰ ভিতৰত ৰাজনৈতিক কাৰণো জড়িত আছিল। তলত যিবোৰ ৰাজনৈতিক কাৰণে চিপাহী বিদ্ৰোহ আৰম্ভ হোৱাত ইন্ধন যোগাইছিল সেই কাৰণবোৰ আলোচনা কৰা হ’ল―

(ক) লৰ্ড ডেলহাউচিৰ সম্প্ৰসাৰণ নীতিত ভালেমান দেশীয় ৰাজ্যৰ অস্তিত্ব বিপন্ন হৈছিল।

(খ) তেওঁৰ স্বত্ব-বিলোপ নীতি ফলত ভাৰতৰ দেশীয় ৰজাসকলৰ মাজত গভীৰ অসন্তুষ্টিয়ে দেখা দিছিল।

(গ) মিছা অজুহাতত ডেলহাউছিয়ে ১৮৫৬ চনত অযোধ্যাৰ শাসনকৰ্তাক গাদীচ্যুত কৰি অযোধ্যাখন দখল কৰি লয়।

(ঘ) নিজামৰ পৰা ১৮৫৩ চনত হায়দৰাবাদখন কাঢ়ি লয়।

(ঙ) স্বত্ব-বিলোপ নীতিৰ দোহাই দি ডেলহাউছিয়ে ছাতাৰা, জৈয়তপুৰ, সম্বলপুৰ, ভগত, উদয়পুৰ, ঝান্সী, নাগপুৰ দখল কৰে।

(চ) ইয়াতেই ক্ষান্ত নাথাকি ডেলহাউছিয়ে পূৰ্বৰ দেশীয় ৰজাসকলে কোম্পানীৰ পৰা পাই থকা আৰ্থিক সাহাজ্য আৰু পেন্সন আদি বন্ধ কৰি দিছিল।

(ছ) অকল ইমানেই নহয়, ডেলহাউছিয়ে ভাৰতৰ দেশীয় ৰজা বোৰৰ উপাধিবোৰো কাঢ়ি লৈছিল।সেইবোৰৰ ভিতৰত আছিল চুৰাট আৰু কৰ্ণাটকৰ নৱাব আৰু তাঞ্জোৰৰ ৰজা।

এনেবোৰ ৰাজনৈতিক, কাৰণৰ ফলস্বৰূপেই ভাৰতত ১৮৫৭ চনত চিপাহী বিদ্ৰোহে মূৰ দাঙি উঠিছিল।

১৮৫৭ চনৰ বিদ্ৰোহৰ অর্থনৈতিক কাৰণ: ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ দ্বিতীয় কাৰণ হিচাপে অর্থনৈতিক কাৰণটোকে ধৰা হয়। কোম্পানী আমোলত ভাৰতৰ অর্থনৈতিক অৱস্থা শোচনীয় হৈ পৰাৰ কাৰণ হ’ল- ইংৰাজ কোম্পানী চৰকাৰে ইংলেণ্ডৰ শিল্পপতিসকলৰ স্বাৰ্থত ভাৰতক ইংলেণ্ডৰ শিল্প উদ্যোগৰ কেঁচামাল যোগান ধৰোঁতা দেশলৈ পৰিৱৰ্তন কৰিছিল আৰু ভাৰতৰ কেঁচা মালেৰে ইংলেণ্ডত তৈয়াৰী সামগ্ৰীৰ বজাৰ হিচাপে ভাৰতক ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলত এহাতে মূলধনৰ অভাৱত ভাৰতীয় শিল্প উদ্যোগপতি কেঁচামালৰ পৰা বঞ্চিত হৈছিল, আনহাতে, ইংলেণ্ডত তৈয়াৰী সামগ্ৰীৰ সৈতে প্রতিযোগিতাত টিকিব নোৱাৰি শিল্প উদ্যোগ বন্ধ কৰিব লগাত পৰিছিল। ফলত দেশীয় শিল্প-উন্যোগৰ কোম্পানী আমোলত শোচনীয় অৱস্থা হৈছিল। 

ভাৰতৰ কৃষি উন্নয়নৰ বাবে ধন খৰচ নকৰি ৰাজহৰ ধন ইংলেণ্ডলৈ পঠিওৱা কাৰ্যই জনকল্যাণমূলক আঁচনি বা কাম-কাজত প্ৰতিবন্ধক সৃষ্টি কৰিছিল। তদুপৰি ভূমি ব্যৱস্থাত মধ্যস্বত্বভোগী একশ্ৰেণী লোকৰ সৃষ্টি কৰিছিল আৰু এই শ্ৰেণী লোকৰ শোষণ আৰু লুণ্ঠনৰ কৃষকৰ অৱস্থা শোচনীয় হৈ পৰিছিল। তদুপৰি কাৰিকৰী, মধ্যবিত্ত লোক, সাধাৰণ সামৰিক লোক, ৰাজপৰিয়ালক কেন্দ্ৰ কৰি চলি থকা ডা-ডাঙৰীয়া আৰু সাধাৰণ লোকৰ অৱস্থাও কোম্পানী আমোলত শোচনীয় হৈ পৰিছিল। কাৰণ ৰজা, ডা-ডাঙৰীয়া আদি বহুতো লোকৰ পেঞ্চন বন্ধকৰা হৈছিল। পুৰোহিত, পণ্ডিত মোল্লা, মৌলবী আদি বৃত্তিৰ লোকৰ আৰ্থিক অৱস্থা অবৰ্ণনীয় হৈ পৰিছিল, সামৰিক বাহিনীত নিযুক্ত ভাৰতীয় লোকে ইংৰাজ চিপাহীৰ সৈতে একে কাম কৰিও সম হাৰতকৈ বহুত কম দৰমহা পাইছিল। তদুপৰি ভাৰতীয় সৈন্য চুবেদাৰতকৈ উচ্চ পদত নিযুক্তিও নাপাইছিল। ওপৰত উল্লিখিত, সমূহ অর্থনৈতিক কাৰ্যৰ বাবে ভাৰতীয় সাধাৰণ লোক, দেশীয় ৰাজন্য বৰ্গ ডা-ডাঙৰীয়াসকল, বিভিন্ন বৃত্তিয়াল লোক আৰু চিপাহীসকল ইংৰাজৰ প্রতি অসন্তুষ্ট আৰু বিক্ষুব্ধ হৈ পৰাৰ লগতে আন আনুষংগিক কাৰণবোৰ লগ লাগি চিপাহী বিদ্ৰোহ সংঘটিত কৰিছিল।

68. ভাৰত ত্যাগ আন্দোলন সম্পৰ্কে এটি আলোচনা যুণ্ডত কৰা?

উত্তৰঃ ক্ৰীপচৰ প্রস্তাৱ আগ্ৰাহ হোৱাৰ পাছতে ভাৰতত এক অভূতপূৰ্ব আইন-শৃংখলা পৰিস্থিতিৰ সৃষ্টি হৈছিল। ব্ৰিটিছ চৰকাৰে ক্ষমতাৰ বাঘজৰীডাল এৰি দিবৰ বাবে প্রস্তুত নাছিল আৰু কংগ্ৰেছে জাপানৰ আক্ৰমণ প্রতিহত কৰিবৰ বাবে এখন জনপ্ৰিয় চৰকাৰৰ প্ৰয়োজনীয়তাত দৃঢ় মনোভাব লৈছিল। এনে এক পৃথক মনোভাৱত দুয়োপক্ষৰ মাজত বুজা-পৰালৈ অহাৰো কোনো পথ নাছিল। ব্যক্তিগতভাৱে চলাই যোৱা সত্যাগ্ৰহৰ জৰিয়তে কংগ্ৰেছে চৰকাৰক লৰাব নোৱাৰিলে, সেয়েহে কংগ্ৰেছে এক দৃঢ় পদক্ষেপ লোৱাৰ কথা চিন্তা কৰিবলৈ ধৰিলে। এই উদ্দেশ্যে মহাত্মা গান্ধীয়ে হৰিজন নামৰ এখন আলোচনীৰ যোগেদি ‘ভাৰত ত্যাগ’ নামৰ এটা প্ৰৱন্ধৰ জৰিয়তে তেওঁৰ মনৰ ভাব প্রকাশ কৰিলে। গান্ধীজীৰ মনৰ ভাৱৰ লগত সংগতি ৰাখি কংগ্ৰেছৰ কাৰ্যকৰী সভাই ১৯৪২ চনৰ ১৪ জুলাইত বাৰ্ধাত ভাৰত ত্যাগ প্রস্তাৱ গ্ৰহণ কৰে আৰু ১৯৪২ চনৰ ৮ আগষ্টত বহা কংগ্ৰেছৰ সাধাৰণ সভাই গ্ৰহণ কৰিলে। এই প্ৰস্তাৱৰ জৰিয়তে কংগ্ৰেছে আৰম্ভ কৰা আন্দোলনটোক ভাৰত ত্যাগ আন্দোলন বুলি কোৱা হয়।

এই প্রস্তাৱটো উল্লেখ কৰা হৈছিল― অনতিপলমে ভাৰতবৰ্ষৰ ব্ৰিটিছ শাসনৰ অন্ত পেলোৱাটো ভাৰত আৰু ৰাষ্ট্ৰসংঘ উভয়ৰ বাবে অপৰিহাৰ্য। ভাৰতত ব্ৰিটিছ শাসন চলি থাকিলে ভাৰত দুৰ্বল হৈ পৰিব।আৰু নিজকে ৰক্ষা কৰাৰ  ক্ষমতা নোহোৱা হৈ পৰাৰ উপৰি পৃথিৱীৰ মুক্তিকামী জনগণক সহায় কৰিব নোৱৰিব আৰু ভাৰতে মুক্তি লাভ কৰিলে এখন সাময়িক চৰকাৰ গঠন কৰি ৰাষ্ট্ৰসংঘত যোগদান কৰিব। দেশৰ সকলোবিলাক প্ৰধান দল আৰু গোটৰ সহযোগিতাতহে তেনে এখন চৰকাৰ গঠন কৰিব পৰা হব আৰু এনে হলে দেশৰ সকলো শ্ৰেণী লোকৰ প্ৰতিনিধিৰে ই এখন মিশ্ৰিত চৰকাৰ হব। এই চৰকাৰৰ মুখ্য কাম হ ব হিংসা বা অহিংসাৰ উপায়েৰে যিকোনো আক্ৰমণ প্ৰতিহত কৰি দেশখনক ৰক্ষা কৰাটো। এই চৰকাৰে সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ এখন সংবিধান প্রণয়ন কৰিবৰ বাবে এখন সংবিধান সমিতি গঠন কৰিব। 

এই সংবিধানত ভাৰতক যুক্তৰাষ্ট্ৰ কৰাৰ ব্যৱস্থা কৰি অংগৰাজ্যবিলাকক অৱশিষ্ট ক্ষমতাৰে সৈতে অধিক ক্ষমতা প্ৰদান কৰা হ’ব। কংগ্ৰেছৰ কাৰ্যকৰী সমিতিয়ে প্ৰস্তাৱটোত ভাৰতৰ মুক্তি আৰু স্বাধীনতাৰ দাবীৰ প্রতি সমৰ্থন জনায় ২২ বছৰৰ শান্তিপূৰ্ণ আন্দোলনৰ দ্বাৰা লাভ কৰা অভিজ্ঞতাৰে অহিংসভাৱে গণ আন্দোলন চলাই যোৱাৰ কথা উল্লেখ আছিল আৰু মহাত্মা গান্ধীক সমিতিয়ে এই আন্দোলনত নেতৃত্ব দিবৰ বাবে অনুৰোধ জনাইছিল।

সমিতিয়ে জনসাধাৰণক গান্ধীজীৰ নেতৃত্বত একগোট হৈ ভাৰতৰ মুক্তি সংগ্ৰামৰ এজন সৈনিক হিচাপে কাম কৰি যাবলৈও আহ্বান জনহিছিল আৰু লগতে অহিংস নীতিত ব্ৰতী হবলৈও উপদেশ দিছিল গান্ধীজীয়েও আন্দোলনটোৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি কংগ্ৰেছৰ এই সিদ্ধান্তক ‘কৰিম কিম্বা মৰিম’ আখ্যা দিছিল আৰু লগতে ভাৰতৰ স্বাধীনতাৰ বাবে তেওঁৰ জীৱনৰ শেষ সংগ্ৰাম বুলিও উল্লেখ কৰিছিল।

কংগ্ৰেছৰ এই সিদ্ধান্তই ব্ৰিটিছ চৰকাৰক দুগুণে ভবাই তুলিছিল আৰু এই সংকটৰ পৰা ৰক্ষা পাবৰ বাবে আৰম্ভণিতে ব্যৱস্থা ল’বলৈ আগবাঢ়ি আহিল। সেয়ে আন্দোলনৰ বাবে প্রস্তাৱ গ্ৰহণ কৰাৰ পিছদিনাই অৰ্থাৎ ৯ আগষ্ট তাৰিখে গান্ধীজীকে ধৰি কংগ্ৰেছৰ কাৰ্যকৰী সভাৰ সকলো সদস্যকে আটক কৰা হ’ল। মহাত্মা গান্ধীক আন সদস্যসকলৰ পৰা আঁতৰাই ৰখা হ’ল। লগে লগে কংগ্ৰেছকো বে-আইনী বুলি ঘোষণা কৰা হ’ল আৰু কংগ্ৰেছৰ কাৰ্যালয়ত তালাচী চলাই বিভিন্ন নথি-পত্ৰ আৰু টকা-পইচা বাজেয়াপ্ত কৰা হ’ল। গতিকে দেখা গ’ল পূৰ্ব অভিজ্ঞতাৰে পুষ্ট ব্ৰিটিছ চৰকাৰে এই আন্দোলনৰ মষিমূৰ কৰিবৰ বাবে পূৰ্বৰে পৰা সাজু হৈ আছিল।

আন্দোলন আৰু চৰকাৰৰ দমনমূলক ব্যৱস্থা (Movement and Repression by the Government): ওপৰত উল্লেখ কৰা হৈছে যে এই আন্দোলনটোক জন্মৰ লগে লগেই মৃত্যু ঘটোৱাৰ বাবে বদ্ধপৰিকৰ হৈ ব্ৰিটিছ চৰকাৰে ৯ আগষ্ট তাৰিখেই কংগ্ৰেছৰ প্রায় সকলো নেতাক আটক কৰিলে। যিসকল বাকী থাকিল তেওঁলোককো দুই-চাৰিদিনৰ ভিতৰতে আটক কৰিলে। গতিকে এই আন্দোলনটো নেতাবিহীন হৈ পৰিল। এই ব্যৱস্থাৰ জৰিয়তে কিন্তু ব্ৰিটিছ চৰকাৰৰ মনৰ কামনা পুৰণ নহ’ল। কাৰণ ব্ৰিটিছ চৰকাৰৰ এই কাৰ্যত ভাৰতীয় জনসাধাৰণ বিতুষ্ট হৈ উঠিল আৰু হৰতাল, শোভাযাত্ৰা, সভা-সমিতি অনুষ্ঠিত কৰি এই কাৰ্যৰ প্ৰতিবাদ জনাই তেওঁলোকে ক্ষোভ প্রকাশ কৰিলে। 

ব্ৰিটিছ চৰকাৰো মনে মনে বহি নাথাকিল। নিষ্ঠুৰভাৱে আন্দোলন দমন কৰিবলৈ আগবাঢ়ি আহিল। লাঠী, গুলী আৰু অন্যান্য অস্ত্ৰ শস্ত্ৰ লৈ সমৰ সজ্জাৰে আগবাঢ়ি আহিল আন্দোলন প্ৰতিহত কৰিবলৈ চৰকাৰৰ এই কঠোৰ বাৱস্থাই জনসাধাৰণৰ ক্ষোভ দুগুণে বৃদ্ধি কৰিছিল; আৰু বহুতো লোকে হিংসাৰ পথ বাছি ল’বলৈ বাধ্য হ’ল। চৰকাৰী বাতৰি অনুসৰি প্ৰায় ২৫০ টা ৰে’ল ষ্টেচন ধ্বংস হৈছিল, ৫০০ টা ডাকঘৰ আৰু ১৫০ টা পুলিচ চকী আক্ৰমণৰ বলি হৈছিল। চৰকাৰে ৫৩৮ বাৰ গুলী চলাইছিল আৰু তাৰ ফলত ৯৪০ জন লোকে প্রাণ হেৰুৱাইছিল আৰু ১৬৩০ জন আঘাতপ্রাপ্ত হৈছিল। প্রায় ২৬,০০০ জন লোকক আটক কৰা হৈছিল। এনে ধৰণৰ কঠোৰ নীতি গ্ৰহণ কৰি চৰকাৰে তিনিমাহ মানৰ ভিতৰত এই জনসাধাৰণক দমাবলৈ সক্ষম হৈছিল যদিও বহুতো লোকে আত্মগোপন কৰি আন্দোলনলৈ গোপনে দিহা-পৰামৰ্শ দিছিল।

আন্দোলনৰ প্ৰতি বিভিন্ন ৰাজনৈতিক দলৰ মনোভাৱ (Attitudes of Various political to the Movement): ভাৰতীয় সমাজবাদী দলে এই আন্দোলনটোত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। এই দলৰ নেতাসকল যেনে জয়প্রকাশ নাৰায়ণ, ৰাম মনোহৰ লোহিয়া, অৰুণা আচফ আলী আদিয়ে ব্ৰিটিছৰ  শাসন ওফৰাবৰ বাবে গোপনে হিংসাত্মক আন্দোলনৰ প্ৰস্তুতি চলাইছিল। জয়প্ৰকাশ নাৰায়ণ হাজাৰিবাগ জে’লৰ পৰা ওলাই আহি ব্ৰিটিছ চৰকাৰৰ মূৰৰ বিষ তুলিছিল; কিন্তু পাছত তেওঁক আকৌ লাহোৰৰ ওচৰত গ্ৰেপ্তাৰ কৰি জে’লত অমাৱীয় অত্যাচাৰ চলাইছিল।

ভাৰতীয় কমিউনিষ্ট দলে দ্বিতীয় মহাযুদ্ধৰ আৰম্ভণিতে সাম্ৰাজ্যবাদৰ গোন্ধ পোৱা বুলি ব্ৰিটিছক সমালোচনা কৰিছিল। যদিও ৰাছিয়াৰ যোগদানৰ পিছত এই যুদ্ধক জনগণৰ যুদ্ধ বুলি অভিহিত কৰিছিল। গতিকে এই দলে ব্ৰিটিছ চৰকাৰৰ লগত সকলো প্রকাৰে সহযোগিতা কৰাই নহয় কংগ্ৰেছক ভাৰত ত্যাগ আন্দোলন প্রত্যাহাৰ কৰিবলৈও দাবী জনাইছিল। ইয়াৰ উপৰি এই দলে পাকিস্তানৰ ভিত্তিত কংগ্রেছে মুছলিম লীগৰ লগত আলোচনাত বহাৰ পোষকতা কৰিছিল। চৰকাৰৰ প্রতি দেখুওৱা এনে মনোভাবৰ বাবে যুদ্ধৰ প্ৰথম অৱস্থাত আটক কৰি থোৱা আটাইবিলাক কমিউনিষ্ট নেতাকে চৰকাৰে মুক্তি দিছিল। কমিউনিষ্ট দলৰ এনে কাৰ্য নিশ্চিতভাৱেই জাতীয়তাবাদী শক্তিসমূহক পিছ ফালৰ পৰা আঘাত কৰি দুৰ্বল কৰিবলৈ চলোৱা এক প্ৰচেষ্টা আছিল বুলিব পৰা যায়।

মুছলিম লীগে পৰিস্থিতিৰ সম্পূৰ্ণ সুযোগ গ্ৰহণৰ অপেক্ষাত আছিল। লীগে এই আন্দোলনটোক মুছলমানসকলক সংখ্যাগৰিষ্ঠ হিন্দুসকলৰ অধীনত ৰাখিবৰ বাবে এখন মুক্ত আৰু সংযুক্ত ভাৰত গঢ়ি তুলিবৰ বাবে ব্ৰিটিছ চৰকাৰক হেঁচা প্রয়োগ কৰিবৰ বাবে কৰা আন্দোলন বুলি অভিহিত কৰিছিল। এই সমস্যাৰ অন্ত পেলাবৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল কিন্ত তেওঁৰ এই প্ৰচেষ্টা সফল নহ’ল।

গান্ধীজীৰ 21 দিনীয়া ঐতিহাসিক অনশন: ভাৰত ত্যাগ আন্দোলনে দেশত অভূতপূৰ্ব আইন-শৃংখলাপৰিস্থিতিৰ সৃষ্টি কৰিছিল। তাৰ বাবে চৰকাৰি মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্যসকলক জগৰীয়া কৰিছিল। এই নেতাসকলে জনসাধাৰণক হিংসাত্মক কাৰ্যত লিপ্ত হ’বৰ বাবে উচটনি দিয়া বুলি অভিযোগ তুলিছিল। চৰকাৰৰ এনে মন্তব্যত গান্ধীজীয়ে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু তেওঁক এই বিষয়ত ৰাজহুৱাভাৱে বিবৃতি দিবলৈ বা ন্যায়ালয়ত বিচাৰ কৰাৰ বাবে দাবী কৰিছিল। কিন্তু ভাৰত ত্যাগ আন্দোলন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত গান্ধীজীক মুক্তি দিবলৈ চৰকাৰে অস্বীকাৰ কৰিছিল।

এনে এক অসহায় আৰু অস্থিৰতাৰ মাজেৰে কিছুদিন কটোৱাৰ পাছত ১৯৪৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ চৰকাৰক হেঁচা প্রয়োগ কৰাৰ অৰ্থে তেওঁ ২১ দিনীয়া ঐতিহাসিক অনশনৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল। অনশন কাৰ্যসূচীৰ ১৩ দিন অতিবাহিত হোৱাৰ পাছতে গান্ধীজীৰ অৱস্থা শোচনীয় হৈ আহিবলৈ ধৰিলে আৰু ২৪ ঘণ্টাৰ ভিতৰতে ডাক্তৰে তেওঁক মুক্তি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। গান্ধীজীৰ শাৰীৰিক অৱস্থাৰ বুজ লোৱাৰ বাবে ভাইচৰয়ে কাৰ্যনিৰ্বাহকৰ এখন বৈঠক আহ্বান কৰিছিল।

এই বৈঠকত সৰহসংখ্যক সদস্যই গৱৰ্ণৰ জেনেৰেলৰ ইচ্ছাৰ সপক্ষে থিয় দিছিল। গান্ধীজীৰ মুক্তিয়ে ৰাজহুৱা জীৱনত অশান্তি সৃষ্টি কৰাৰ আশংকাত তেওঁক মুক্তি নিদিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰিলে।

গান্ধীজীৰ জীৱন মৰণ অৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ দল নিৰ্বিশেষে ভালেমান ভাৰতীয় নেতা দিল্লীত মিলিত হৈ তৎকালীনভাৱে গান্ধীজীৰ মুক্তিৰ দাবী কৰিছিল। অৱশ্যে জিন্না চাহাবৰ মুছলিম লীগে এই সভাত যোগদান নকৰাৰ সুযোগ লৈ চৰকাৰে গান্ধীজীক মুক্তি দিবলৈ অমান্তি হ’ল। লীগে ভাৰত ত্যাগ আন্দোলন উঠাই লৈ গান্ধীজীয়ে ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ বাবে দাবী তুলিছিল। গতিকে চৰকাৰে গান্ধীজীক মুক্তি দিয়াৰ দূৰৰে কথা তেওঁৰ অনশনত মৃত্যু হ’লে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত হ’ব সেই বিষয়েও ব্ৰিটিছ চৰকাৰে স্থানীয় বিয়াসকলক দিহা দি থৈছিল; কিন্তু ভাৰতৰ বাবে সৌভাগ্য গান্ধীজীৰ অনশনত কোনো ধৰণৰ অঘটন নঘটিল।

অৱশ্যে গান্ধীজীৰ শৰীৰ অৱনতি ঘটাত ১৯৪৪ চনৰ ৬ মে’ তাৰিখে তেওঁক মুক্তি দিয়া হ’ল।গান্ধীজীক এই যুক্তিৰ আধাৰতে মুক্তি দিয়া হ’ল যদিও এই কথাও অস্বীকাৰ কৰিব নোৱাৰিলে যে সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত ভাৰতীয় জাতীয় সৈন্যই ভাৰতৰ ভূমিখণ্ডত আক্ৰমণ কৰাৰ ঘটনায়ো গন্ধীজীক মুক্তি দিবৰ বাবে ব্ৰিটিছ চৰকাৰক বাধ্য কৰিছিল; কাৰণ ভাৰতীয় জাতীয় সৈন্যই ইতিমধ্যে ১০,০০০ বৰ্গ কিলোমিটাৰ জুৰি থকা মণিপুৰ আৰু আইচেভপুৰ অঞ্চললৈ প্ৰৱেশ কৰি নিজৰ দখললৈ নিছিল।

জে’লৰ পৰা মুক্তি লাভ কৰাৰ পাছতেই গান্ধীজীয়ে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্যবৰ্গৰ লগত দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা দিবৰ বাবে ব্ৰিটিছ চৰকাৰৰ ওচৰত অনুৰোধ জনাইছিল যদিও চৰকাৰে তেওঁক এই সুবিধা নিদিলে।

ভাৰত ত্যাগ আন্দোলন আগৰ যিকোনো আন্দোলনতকৈ বেছি শক্তিশালী হৈ উঠিছিল যদিও বিভিন্ন কাৰণত এই আন্দোলনেও নিৰ্ধাৰিত উদ্দেশ্যত উপনীত হ’ব নোৱাৰিলে।

69 . ভাৰত ত্যাগ আন্দোলনৰ বিফলতাৰ কাৰণসমূহ কি কি? (Causes of the failure of the Quit India Movement)

উত্তৰঃ ১ ৷ ভাৰত ত্যাগ আন্দোলন বিফল হোৱাৰ বহুতো কাৰণ আছে। ইয়াৰ ভিতৰত সাংগঠনিক দুৰ্বলতা আৰু ভুল পৰিকল্পনাই প্রথম আৰু মুখ্য কাৰণ বুলি ক’ব পৰা যায়। কাৰণ মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ আন শীৰ্ষস্থানীয় নেতাসকলক চৰকাৰে আটক কৰাৰ পাছৰ পৰা সাধাৰণ আন্দোলনকাৰী সকলে নেতাবিহীন হৈ আন্দোলন চলাই যাব লগা হৈছিল। গতিকে অপৰিকল্পিতভাৱে চলাই যোৱা আন্দোলনটোত বিভিন্নধৰণৰ খেলিমেলিৰ সৃষ্টি হৈছিল। অভিজ্ঞ নেতাৰ অভাৱত বিভিন্ন প্রকাৰে আন্দোলন পৰিচালনা কৰাৰ বাবে গোটেই আন্দোলনটোৱেই গুৰিয়াল নোহোৱা নাৱৰ দৰে হৈ পৰিছিল।

২৷ আন্দোলনত জড়িত হোৱা বিভিন্ন গোটবিলাকৰ মাজতো কোনোধৰণৰ যোগাযোগ নোহোৱা হৈ পৰিল।

৩। আন্দোলনৰ নেতৃত্ব বহন কৰাসকলৰ মাজতো মত পার্থক্যই দেখা দিছিল।

৪। সমাজৰ উচ্চ শ্ৰেণীৰ লোক, ধনী ব্যৱসায়ী, জমিদাৰ আৰু ৰাজন্যবৰ্গৰ এই আন্দোলনৰ প্রতি সমৰ্থন নাছিল।

৫। মুছলিমসকলৰ অসহযোগিতাও এই আন্দোলন বিফল হোৱাৰ অন্য এটা কাৰণ। মুছলিমসকলে এই আন্দোলনটোক তেওঁলোকৰ বিৰুদ্ধে কৰা সংগ্ৰাম বুলি অভিহিত কৰিছিল। ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলনৰ প্রস্তাৱ গ্ৰহণ কৰাৰ পাছত লণ্ডনৰ পৰা প্রকাশিত দৈনিক ‘হেৰল্ড’ নামৰ কাকতখনত ১৪ আগষ্টত বোম্বেত দিয়া এটা সাক্ষাৎকাৰত জিন্না চাহাবে এই কথা স্পষ্টভাৱেই প্রকাশ কৰিছিল। তেওঁ কৈছিল, কংগ্ৰেছৰ নেতাসকলে মনৰ ভাব সলনি কৰি তেওঁলোকৰ আন্দোলন প্রত্যাহাৰ নকৰালৈকে তেওঁলোকৰ লগত কোনো ধৰণৰ বুজা-পৰা হ’ব নোৱাৰে। কংগ্ৰেছৰ এই আন্দোলনৰ মুখ্য উদ্দেশ্য হৈছে ব্ৰিটিছ ৰাজৰ পৰা হিন্দু ৰাজলৈ ক্ষমতা হস্তান্তৰ কৰা”। সেয়ে জিন্নাই মুছলমানসকলক কংগ্ৰেছৰ এই আন্দোলনৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল। অৱশ্যে এই ক্ষেত্ৰত জিন্নাৰ কিছু সুবিধাও আছিল। কাৰণ ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈকে কংগ্ৰেছৰ নেতাসকল জে’লত থকাৰ বাবে তেওঁৰ কোনো শত্ৰু নাছিল। তদুপৰি তেওঁ মুছলিম লীগক শক্তিশালী কৰিবলৈ ব্ৰিটিছ চৰকাৰৰ পৰা সহায়-সহযোগ লাভ কৰিছিল।

৬। এই ক্ষেত্ৰত উনুকিয়াব পৰা আন এটা কাৰণ হ’ল, গান্ধীজীয়ে এই আন্দোলনটোক ‘‘ধৰ্ম-যুদ্ধ’ৰ শাৰীত ৰাখিছিল যাৰ অর্থ আছিল নিজক সম্পূৰ্ণ সাজু কৰি নোলোৱাকৈ শত্ৰুক আক্ৰমণ কৰাৰ পৰা বিৰত থকা। গান্ধীজীৰ এই ভাবধাৰা ব্ৰিটিছসকলৰ ক্ষেত্ৰত একেবাৰে অপ্ৰাসংগিক আছিল। কাৰণ ব্ৰিটিছসকল সাধু-সন্ন্যাসী নাছিল-তেওঁলোকে ৰাজনীতিবিদহে আছিল। তদুপৰি তেওঁলোকে তেওঁলোকৰ যুদ্ধৰ নীতি-নিয়ম মহাভাৰত বা মনুসংহিতাৰ পৰা অনুসৰণ কৰা নাছিল। সকলোধৰণৰ নৈতিকতা বিসৰ্জন দি তেওঁলোকে অতি নিষ্ঠুৰভাৱে কংগ্ৰেছ আৰু জনসাধাৰণৰ ওপৰত জঁপিয়াই পৰিছিল। ভাৰতীয় জনসাধাৰণে ‘কৰিম কিম্বা মৰিম’ আদৰ্শত ব্ৰতী হৈ দেশৰ স্বাধীনতা আন্দোলনত নামি পৰিছিল যদিও অভিজ্ঞ নেতাৰ অভাৱৰ বাবে ফলপ্ৰসূ কাৰ্যসূচী গ্ৰহণ কবাত ব্যৰ্থ হৈছিল। ফলত তেওঁলোকে আন্দোলন মষিমূৰ কৰিবলৈ ব্ৰিটিছ চৰকাৰে লোৱা কঠোৰতম শাস্তিৰ বলি হ’বলগা হৈছিল।

৭। গান্ধীজীৰ অনুগামীসকলক গান্ধীজীৰ অনুপস্থিতিয়েই এই বিফলতাৰ মূল কাৰণ বুলি ক’বলৈ বিচাৰে কিন্তু ড’ আৰ চি মজুমদাৰে এই যুক্তি মানি ল’বলৈ বিচৰা নাছিল। তেওঁৰ মতে আন্দোলনটো সম্পূৰ্ণভাৱে অহিংস হৈ থকাহেঁতেন গান্ধী থকা হ’লেও সফলতা অৰ্জন কৰিব নোৱাৰিলেহেতেন। ব্ৰিটিছ চৰকাৰে ১৯৪২ চনৰ আন্দোলনৰ সময়ছোৱাত হোৱা ধ্বংসাত্মক কাৰ্যবিলাকৰ বাবেহে চিন্তিত হৈছিল; কাৰণ এইবিলাকে যুদ্ধৰ কালছোৱাত যোগাযোগ ব্যৱস্থাত ব্যাঘাত জন্মাইছিল। আন্দোলন দমন কৰিবলৈ লোৱা ব্যৱস্থা বা জনসাধাৰণৰ আলৈ আহুকালৰ বাবে চিন্তিত হোৱা নাছিল।

৮ ৷ কমিউনিষ্টসকলৰ আত্মঘাতী কাৰ্যপন্থাও আন্দোলনটোৰ ব্যৰ্থতাৰ এটা কাৰণ বুলি চৰকাৰৰ বিৰুদ্ধে প্রত্যক্ষ সংগ্ৰামত লিপ্ত হৈছিল, সেই সময়ত কমিউনিষ্টসকলে ব্ৰিটিছৰ সপক্ষে চোৰাংচোৱাগিৰি কৰি ব্ৰিটিছ চৰকাৰক সহায় কৰিছিল।

৯। আন এটা উল্লেখযোগ্য কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ সামৰিক শক্তি। এই যুদ্ধ চলিছিল নিৰস্ত্ৰ, অসংগঠিত নেতাবিহীন জনসাধাৰণ আৰু ইউনিফৰ্ম পৰিহিত, বন্দুক, ৰাইফল, মেচিনগান আদি অন্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত আৰক্ষী আৰু সৈনিকৰ মাজত। গতিকে কোনটো পক্ষৰ জয় হ’ব সেইটো সহজেই অনুমেয়।

70. ভাৰত ত্যাগ আন্দোলনৰ সফলতাৰ দিশবোৰ উল্লেখ কৰা?

উত্তৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন বিফল হোৱা বুলি ধৰি ল’লেও এই আন্দোলনৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি; কাৰণ এই আন্দোলনেই ১৯৪৭ চনত ভাৰতৰ স্বাধীনতা লাভৰ ভেটি তৈয়াৰ কৰি দিছিল। ভাৰতৰ জনসাধাৰণে যেতিয়া স্বতঃস্ফুৰ্তভাৱে আন্দোলনত যোগদান কৰি নিজৰ জীৱনকো তুচ্ছ কৰি স্বাধীনতা লাভৰ বাবে বদ্ধপৰিকৰ হৈছিল তেনে এক পৰিস্থিতিত বিদেশী শাসন এৰাই চলাই যোৱাটোও অসম্ভৱ হৈ উঠিছিল। এই আন্দোলনে ভাৰতীয়সকল যে তেওঁলোকৰ শাসন মানি চলিবলৈ প্রস্তুত নহয়, সেই কথা ব্ৰিটিছ চৰকাৰক অনুভৱ কৰিবলৈ বাধ্য কৰিছিল। এই কথা অনুভৱ কৰিয়েই কেবিনেটমিছনৰ উপদেষ্টা হিচাপে ভাৰতলৈ অহা উদৰো বাইটে (Woodraw wyatt) কৈছিল— যদি ব্ৰিটিছে ভাৰতীয়সকলৰ হাতলৈ শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ কৰিবলৈ সোনকালে ব্যৱস্থা নকৰে তেন্তে ব্ৰিটিছক বহিষ্কাৰ কৰিবৰ বাবে ভাৰতীয়সকলে এক তীব্ৰ আন্দোলন গঢ়ি তুলিব পাৰে; কাৰণ ১৯৪২ চনৰ আন্দোলন আৰম্ভ হোৱাৰ পৰা ভাৰতৰ চাৰিওফালে ব্ৰিটিছবিৰোধী মনোভাৱে গা কৰি উঠিছিল।

সেইদৰে এই আন্দোলনে স্বাধীনতা লাভ কৰাত বিফল হ’লেও ভাৰতীয়সকলৰ বাবে জাতীয় চেতনা  জগাই তোলাত দুগুণে সহায় কৰিছিল। এই আন্দোলন কেৱল ভাৰতৰ এটা অংশত গঢ়ি উঠা নাছিল প্রায় সকলো শ্ৰেণীৰ জনসাধাৰণক সাঙুৰি সমগ্ৰ ভাৰতবৰ্ষকে সামৰি লৈছিল। সেয়ে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত এই আন্দোলনেই ব্ৰিটিছ চৰকাৰক কঁপাই তুলিবলৈ সক্ষম হৈছিল। ভাৰতৰ ভাইচৰয়েও আনকি এই কথা স্বীকাৰ কৰি গৈছে।

সেইদৰে অতদিনে ব্ৰিটিছ শাসন প্রৱৰ্তাই ৰখাত সহায় কৰি অহা ভাৰতৰ আৰক্ষী, সৈনিক আৰু আমোলাসকলৰ মনো ব্ৰিটিছবিৰোধী কৰি তোলাত এই আন্দোলনেই বৰঙণি যোগাইছিল।

তদুপৰি এই আন্দোলনেই ভাৰতীয়সকলৰ মনত জাতীয় চেতনাবোধ জন্ম দি মুছলিম লীগৰ বাহিৰে সকলো দল আৰু গোটকে একেলগে ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিয়াত উৎসাহ যোগাইছিল। অৰ্থাৎ এই আন্দোলন ব্ৰিটিছৰ বাবে এক সাৱধানবাণীস্বৰূপ হৈছিল। এই আন্দোলনৰ পাছত ইংলেণ্ডবাসীয়ে আনকি যুদ্ধ শেষ হোৱাৰ লগে লগে ভাৰতবৰ্ষক স্বাধীনতা প্রদান কৰাৰ বিষয়টো পলম কৰিব পৰা নাযাব বুলি ভাবিবলৈ বাধ্য হৈছিল।

শেষত এই আন্দোলনেই ভাৰতৰ স্বাধীনতাৰ বীজ ৰোপণ কৰিছিল আৰু সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ ক্ষোভ আৰু স্বাধীনতাৰ বাবে থকা দৃঢ়তাক স্পষ্ট ভাষাত প্রকাশ কৰিছিল। ১৯৪২ চনৰ আন্দোলনৰ পিছত ক্ষমতা হস্তান্তৰ কেৱল সময়সাপেক্ষ আছিল। অৱশ্যে এইটো ঠিক যে ১৯৪২ চনৰ বিদ্ৰোহ আৰু ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে প্ৰকৃত অৰ্থত স্বাধীনতা লাভ কৰা সময়ছোৱাৰ ভিতৰত নানা ধৰণৰ ৰাজনৈতিক ঘটনা ঘটিছিল, আলাপ-আলোচনা হৈছিল আৰু বহু বিষয়ত দৰদাম চলিছিল; কিন্তু ১৯৪২ চনৰ পিছৰ স্বাধীনতা আন্দোলন যে জয়যুক্ত হোৱাৰ নিচেই ওচৰ চাপিছিল, সেই বিষয়ে অলপো সন্দেহ নাছিল। 

71. ভাৰতৰ সামাজ্যবাদী আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অবিসম্বাদী নেতা হিচাপে মহাত্মা গান্ধীৰ অভ্যুদ্বয় ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক অবিস্মৰণীয় ঘটনা। ১৮৮৭ চনত ইংলেণ্ডলৈ গৈ ১৮৯১ চনত বেৰিষ্টাৰ পাচ কৰি ভাৰতলৈ ঘূৰি আহি ওকালতি আৰম্ভ কৰা এই মহান ব্যক্তিজন ১৮৯৩ চনত কিছুমান মোকৰ্দমাৰ ওকালতি কৰাৰ অৰ্থে দক্ষিণ আফ্ৰিকালৈ যায়; কিন্তু উক্ত সময়ছোৱাত দক্ষিণ আফ্ৰিকা চৰকাৰে বৰ্ণ বৈষম্য নীতি গ্রহণ কৰি সেই দেশত বসবাস কৰি থকা ভাৰতীয়সকলক অতি নীচ ব্যৱহাৰ কৰিছিল। দক্ষিণ আফ্ৰিকা চৰকাৰে ভাৰতীয়সকলৰ প্রতি দেখুওৱা এনে মনোভাৱে মহাত্মা গান্ধীক একেবাৰে মৰ্মাহত কৰি তুলিছিল আৰু সেয়ে ভাৰতীয়সকলক এনেকুৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ অৰ্থে মোকৰ্দমা চলাবলৈ যোৱা মহাত্মা গন্ধীয়ে তাত কিছুদিন থকাৰ সিদ্ধান্ত ল’লে। 

ভাৰতীয়সকলৰ হেৰোৱা সন্মান ঘূৰাই অনাৰ বাবে তেওঁ বিশ বছৰ দক্ষিণ আফ্ৰিকা চৰকাৰৰ বিৰুদ্ধে যুঁজ দি বহুতো কষ্ট ভুগিব লগা হৈছিল। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত কৰা কামবিলাকৰ বৰ্ণনা দাঙি ধৰি গোখলেই কৈছিল–গান্ধীজীয়ে কৰা নিঃস্বাৰ্থ প্ৰচেষ্টাৰ ফলতে ভাৰতীয়সকলৰ ৰক্ষা পৰিল। তেওঁ ভাৰতৰ হৈ দক্ষিণ আফ্ৰিকা চৰকাৰৰ বিৰুদ্ধে এখন ডাঙৰ যুদ্ধত অৱতীৰ্ণ হ’ল আৰু ইয়াৰ বাবে তেওঁৰ ওচৰত ভাৰতবাসী কৃতজ্ঞ হৈ থাকিব।”

গতিকে ক’ব পৰা যায় যে দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলৰ বাবে কৰা সাহসিকতাপূৰ্ণ যুঁজৰ বাবে তেওঁ ইতিমধ্যে বিখ্যাত হৈ পৰিছিল। ১৯১৪ চনৰ শেষৰফালে তেওঁ দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহে। উল্লেখযোগ্য যে ১৯১৫ চনত ভাৰতত আহি উপস্থিত নোহোৱালৈকে তেওঁ কংগ্ৰেছ মহলত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা নাছিল আৰু সেয়ে তেওঁ জনসাধাৰণৰ মাজতো বিশেষ জনপ্ৰিয় হ’ব পৰা নাছিল; কিন্তু তেওঁৰ সংযমী আচৰণ, সৎগুণ, ভাৰতীয় ভাষাৰ প্রতি থকা দুৰ্বলতা আৰু ধৰ্মৰ প্ৰতি থকা আগ্ৰহে সকলোকে আকৰ্ষিত কৰিছিল আৰু সেয়ে ভাৰতৰ জনসাধাৰণে তেওঁক মনৰ মাজত সুমুৱাই লৈছিল। 

দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য নীতিবিৰোধী আন্দোলন কৰা সময়তে তেওঁ সত্যাগ্ৰহৰ দৰ্শন প্রচাৰ কৰিছিল। সত্যাগ্ৰহ শব্দটো সংস্কৃত শব্দ আৰু ইয়াৰ অৰ্থ হৈছে সত্য আৰু অহিংসা। মহাত্মা গান্ধীয়ে এই দৰ্শনক আত্মশক্তি বুলি বৰ্ণনা কৰিছে। তেওঁৰ মতে এই শক্তিৰ জন্ম সত্য আৰু অহিংসাৰ পৰাহে হয়। সত্যাগ্ৰহীসকল সফল হ’বলৈ হ’লে ভয়-নীতি, ঘৃণা আৰু মিছাৰ আশ্রয় সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিব লাগিব। ভাৰতলৈ ঘূৰি আহি ভাৰতৰ ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধেও তেওঁ এই সত্যাগ্ৰহ দৰ্শনকে কামত লগোৱাৰ কথা ঘোষণা কৰিলে। 

তেওঁ কৈছিল সত্যাগ্ৰহ যদি আফ্ৰিকাত সফল হয় তেন্তে ভাৰতত নহ’ব কিয়? এই ক্ষেত্ৰত তেওঁ আৰু কৈছিল যে ব্ৰিটিছ চৰকাৰ যে অতি শক্তিশালী সেই কথাত মোৰ সন্দেহ নাই, কিন্তু সত্যাগ্ৰহো যে সৰ্বভৌম ঔষধ সেই বিষয়েও মোৰ সন্দেহ নাই। তেওঁ অৱশ্যে সৰ্বভাৰতীয় ভিত্তিত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ আগতে ১৯১৫ চনৰ পৰা ১৯১৯ চনৰ ভিতৰত মুঠ পাঁচবাৰ পৰীক্ষা কৰি চাইছিল। প্ৰথমে তেওঁ বিহাৰৰ চম্পাৰণৰ খেতিয়কসকলক নীল খেতিৰ গৰাকীসকলে আইনীভাৱে কৰা জোৰ-জোলোমৰ ওপৰত অনুসন্ধান চনালে আৰু পিছত এই দুৰ্ভোগত ভুগি থকা খেতিয়কসকলৰ হৈ চৰকাৰৰ ওচৰত এনেভাৱে দাবী উত্থাপন কৰিলে যে অৱশেষত চৰকাৰে এখন অনুসন্ধান সমিতি গঠন কৰিবলৈ বাধ্য হ’ল। গান্ধীজীও এই সমিতিৰ এজন সদস্য হ’ল। 

সমিতিৰ এজন সদস্য হিচাপে কৃষকসকলক ব্ৰিটিছ নীল খেতিৰ গৰাকীসকলে বান্ধি দিয়া নিৰ্দিষ্ট দামত তেওঁলোকৰ শস্য বিক্ৰী কৰিবলৈ বাধ্য কৰোৱাতো যে বে-আইনী হৈছে সেইটো বুজাই দিয়াত সফল হৈছিল। ফলত চৰকাৰে এই ব্যৱস্থা উঠাই দিবলৈ বাধ্য হ’ল। গান্ধীজীৰ এই কাৰ্যই গাঁও অঞ্চলৰ কৃষক ৰাইজক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল লগে লগে জাতীয়তাবাদী নেতা, যেনে― ৰাজেন্দ্ৰপ্ৰসাদ, মহাদেৱ দেশাই, মহজৰ-উল-হক, জে বি কৃপালনীকে আদি কৰি ভালেমান লোক গান্ধীজীৰ আদৰ্শ, নিভীকতা, ৰাজনৈতিক কাৰ্যাৱলী আদিৰ দ্বাৰা অতিকৈ প্রভাৱান্বিত হৈছিল।

গুজৰাটৰ খেডা (Kheda) অঞ্চলতো এই সত্যাগ্ৰহ কাৰ্যসূচী পৰীক্ষা কৰি চোৱাৰ সুযোগ গান্ধীজীয়ে লাভ কৰিছিল। ১৯১৮ চনত সেই অঞ্চলত খেতি পথাৰৰ শস্য নষ্ট হৈছিল। খেতিয়কসকলে মাটিৰ খাজনা মাফ কৰিবলৈ চৰকাৰক অনুৰোধ জনালে; কিন্তু ব্রিটিছ চৰকাৰৰ বিষয়াসকলে মাটিৰ খাজনা পূৰাকৈ ল’বৰ বাবে দৃঢ়প্ৰতিজ্ঞ হ’ল। এনেতে গান্ধীজীয়ে কৃষকসকলক সত্যাগ্ৰহ কৰিবলৈ সংগঠিত হ’বলৈ আহ্বান জনালে। খেতিয়কসকলে খাজনা দিবলৈ অমান্তি হ’ল আৰু ইয়াৰ বাবে যিকোনো ফল ভোগ কৰিবলৈও সাজু হ’ল। আনকি যিসকলে দিব পাৰে সেইসকলেও খাজনা নিদিবলৈ দৃঢ় মনোভাব গ্রহণ কৰিলে৷ ফলত চৰকাৰ কৃষকসকলৰ লগত এক বুজাবুজিত আহিবলৈ বাধ্য হ’ল। উল্লেখযোগ্য যে গান্ধীজীৰ এই সত্যাগ্ৰহৰ সফলতা দেখি আহমেদাবাদৰ বেৰিষ্টাৰ চৰ্দাৰ বল্লভভাই পেটেল এনেদৰে প্ৰভাৱান্বিত হ’ল যে তেওঁ গান্ধীজীৰ এজন বিশ্বস্ত অনুসৰণকাৰী হৈ পৰিল।

সেই একে চনতে অৰ্থাৎ ১৯১৮ চনত আহমেদাবাদৰ কাপোৰৰ মিলৰ শ্রমিকসকলেও গান্ধীজীৰ দৃষ্টি আকৰ্ষণ কৰিলে, অধিক মজুৰীৰ দাবীত মালিকসকলৰ বিৰুদ্ধে তেওঁ নিজে নৃতৃত্ত্ব বহন কৰি শ্ৰমিকসকলৰ দ্বাৰা এটা হৰতালৰ আয়োজন কৰালে; কিন্তু কিছুদিনৰ পিছত যেতিয়া শ্রমিকসকলৰ মনোবল ভাঙি পৰিবলৈ ধৰিলে তেতিয়া তেওঁ নিজে অনশনত বহি শ্রমিকসকলক একগোট কৰিলে। ইয়াৰ  উপৰি গান্ধীজীৰ এই অনশন কাৰ্যসূচীয়ে সমগ্ৰ ভাৰতৰ জনসাধাৰণৰ মন আকৃষ্ট কৰিলে আৰু সেয়ে সাম্ভাব্য প্রতিকুল অৱস্থাৰ আশংকা কৰি বস্ত্ৰ মিলৰ মালিকসকলে গান্ধীজীৰ অনশনৰ চতুৰ্থ দিনা শ্রমিকসকলৰ দাবী মানি লৈ শতকৰা ৩৫ ভাগ মজুৰি বৃদ্ধি কৰিবলৈ সিদ্ধান্ত ল’লে।

সত্যাগ্ৰহৰ এই সফল পৰীক্ষাবোৰে গান্ধীজীৰ মনলৈ দৃঢ়তা কঢ়িয়াই আনিলে আৰু ইয়াৰ লগতে গাঁও অঞ্চলৰ খেতিয়ক ৰাইজ আৰু নগৰ অঞ্চলৰ শ্রমিক এই উভয় শ্ৰেণীৰ লোককে তেওঁৰ কাষলৈ টানি আনিলে। গতিকে জাতীয় আন্দোলনৰ প্রতি যে গান্ধীজীৰ এইটো মহান অৱদান সেই ক্ষেত্ৰত কোনো সন্দেহৰ অৱকাশ নাই। এইটো নকলেও হ’ব যে গান্ধীজী ভাৰত আহি পোৱাৰ আগলৈকে জাতীয় আন্দোলনবিলাক কেৱল নগৰ অঞ্চলত বসবাস কৰা নিম্নমধ্যবিত্ত, মধ্যবিত্ত শ্ৰেণী আৰু বুদ্ধিজীৱীসকলৰ মাজতে আবদ্ধ হৈ আছিল। গান্ধীজী ভাৰতলৈ অহাৰ পিছৰ পৰাহে সাধাৰণ শ্রেণীৰ লোকৰ সকলোৱে একেলগে একে সময়তে আন্দোলনত জপিয়াই পৰিছিল। এইটোও অনস্বীকাৰ্য যে গান্ধীজীয়ে বোধহয় ভাৰতৰ একমাত্ৰ নেতা আছিল যিজনৰ ব্যক্তিত্ব চহা গাঁৱলীয়া জনসাধাৰণৰ লগত পূৰ্ণমাত্ৰাই মিলি গৈছিল। গাঁওবাসীৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ লগত তেওঁ একাত্ম হৈ পৰিছিল আৰু অতিসহজ-সৰল ভাষাত তেওঁলোকৰ লগত কথা-বতৰা পাতিছিল। এইদৰে অৱশেষত তেওঁ দুখীয়া নিচলা গাীওবাসীৰ প্রতীক স্বৰূপ হৈ পৰিছিল। এই ফালৰ পৰা বিচাৰ কৰিলে গান্ধীজীয়েহে যে প্রকৃত ভাৰতবাসীৰ প্ৰতিনিধিত্ব কৰিছিল সেই সম্পৰ্কত অলপো সন্দেহৰ অৱকাশ নাই।

উল্লেখযোগ্য যে ভাৰতত আৰম্ভ হোৱা আন্দোলনবিলাকৰ আঁৰত চলি থকা অসামাজিক আৰু হিংসাত্মক কাৰ্যাবিলাকৰ মোকাবিলা কৰাৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ৰাওলাটৰ নেতৃত্বত ১৯১৭ চনৰ ১০ ডিচেম্বৰত এখন অনুসন্ধান আয়োগ গঠন কৰি দিছিল। এই আয়োগৰ প্রতিবেদনৰ ভিত্তিত ব্রিটিছ আমোলাসকলক ভাৰতত আইন-শৃংখলা অটুত ৰাখিবৰ বাবে বিনা বিচাৰে অপৰাধীসকলক তেওঁলোকে বিচৰা সময়লৈকে কাৰাবন্দী কৰি ৰখাৰ ক্ষমতা দিয়া হৈছিল। ভাৰতীয়সকলে এই বিলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছিল যদিও তেওঁলোক সফল নহ’ল মহাত্মা গান্ধীয়ে এই বিল গৃহীত হ’লে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব গান্ধীজীৰ ধৈৰ্য্যৰ সীমা চেৰাই গ’ল আৰু লগে লগে তেওঁ সত্যাগ্ৰহেৰে এই আইনৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত ল’লে। গান্ধীজীৰ সত্যাগ্ৰহ এইবাৰ স্থানীয় অভিযানতে সীমাবদ্ধ নাথাকিল। তেওঁ এখন সত্যাগ্ৰহ সমিতি গঠন কৰি ৰাওলাট আইনৰ দমনমূলক ব্যৱস্থাবলী সজোৰে অমান্য কৰিবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিলে। 

১৯১৯ চনৰ ৬ এপ্ৰিল তাৰিখে সমগ্ৰ দেশতে সাধাৰণ হৰতালৰ আহ্বান দিয়া হ’ল আৰু ইয়াৰ লগে লগে আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ দিহা হ’ল। এই হৰতাল অভূতপূৰ্ব সাফল্যৰে পালন কৰা হ’ল যদিও বিভিন্ন ঠাইত অশান্তিৰ সূত্ৰপাত হ’ল।পঞ্জাৱত এই আন্দোলনে হিংসাত্মক ৰূপ ল’লে। চৰকাৰে এই হিংসাত্মক কাৰ্য দমন কৰাৰ অৰ্থে ভালেমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে। চৰকাৰৰ এনেবিলাক দমনমূলক ব্যৱস্থাই পঞ্জাবৰ জনসাধাৰণক অধিক ক্ষুব্ধ কৰি তুলিলে আৰু এইবিলাকৰ প্রতিবাদকল্পে এক বিৰাট শোভাযাত্ৰাৰ আহ্বান দিলে,চৰকাৰেও এই আন্দোলন দমন কৰাৰ বাবে দুগুণে প্রস্তুতি চলালে। পঞ্জাৱৰ অমৃতসৰ নগৰৰ প্ৰশাসনিক দায়িত্ব সেনাবাহিনীৰ হাতত অৰ্পণ কৰিলে আৰু জলন্ধৰ গোটৰ সেনাধ্যক্ষ ডায়াৰক অমৃতসৰলৈ বদলি কৰি আনিলে; কিন্তু এই সকলোবিলাক সত্বেও ব্ৰিটিছ চৰকাৰৰ দমনমূলক কাৰ্যাৱলীৰ প্ৰতিবাদ জনাবলৈ পঞ্জাবৰ জনসাধাৰণে ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে অমৃতসৰ নগৰৰ জালিৱানৱালাবাগত সমবেত হোৱাৰ সিন্ধান্ত গ্ৰহণ কৰিছিল। 

১২ এপ্ৰিল তাৰিখে জেনেৰেল ডায়াৰে অমৃতসৰত কাৰ্যভাৰ গ্ৰহণ কৰিয়ে সমাবেশটোক নিষিদ্ধ ঘোষণা কৰিছিল। কিন্তু সকলো পৰিণাম আওকাণ কৰি নিৰ্দিষ্ট তাৰিখত নিৰ্দিষ্ট স্থানত হাজাৰ হাজাৰ লোক আহি সমবেত হ’লহি। কিছু সময়ৰ পিছতে জেনেৰেল ডায়াৰে এক বিশাল সৈন্যবাহিনীৰ সৈতে সেই ঠাইত উপস্থিত হ’ল আৰু কোনো ধৰণৰ সাৱধান বাণী ঘোষণা নকৰাকৈয়ে বিক্ষোভকাৰীসকলৰ ওপৰত অপৰোচিতভাৱে গুলী চলাবলৈ ধৰিলে। ফলত বহুলোকে প্রাণ হেৰুৱালে আৰু অন্য বহুলোক আঘাতপ্রাপ্ত হ’ল। অমৃতসৰৰ এই কৰুণ ঘটনাৱলীৰ পিচতে আৰু কিছুমান কঠোৰ ব্যৱস্থাৱলী গ্ৰহণ কৰা হ’ল। এইবিলাকৰ ভিতৰত সান্ধ্য আইন জাৰী কৰা, বাটে-পথে মানুহক বেত্ৰাঘাত কৰা, গ্ৰেপ্তাৰ কৰা লোককে বন্ধ কুঠৰীতে সোমাই ৰখা, সম্পত্তি বাজেয়াপ্ত বা ধ্বংস কৰা, হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকক একেলগে বান্ধি দিয়া, সামৰিক আইন ঘোষণা ইত্যাদি উল্লেখযোগ্য।

পঞ্জাবৰ এই কৰুণ ঘটনাৱলীয়ে গান্ধীজীৰ ধৈৰ্যৰ বান্ধ সোলোকাই দিলে আৰু যিকোনো মূল্যৰ বিনিময়ত ব্ৰিটিছক ভাৰতৰ পৰা বিতাড়ন কৰিবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিলে। লগে লগে নৰমপস্থী জাতীয়তাবাদী সকলোৰে সৰহসংখ্যকে গান্ধীজীৰ লগত সহযোগিতা কৰিলে। গান্ধীজীয়ে অমৃতসৰৰ ঘটনাত নিহত আৰু আহতসকলৰ বাবে উপযুক্ত পৰিমাণৰ ক্ষতিপূৰণ আৰু দোষী সেনাবিষয়াসকলক শাস্তি বিহিবলৈ চৰকাৰৰ ওচৰত দাবী জনালে; কিন্তু চৰকাৰে তেওৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সহানুভূতি নেদেখুৱালে। চৰকাৰৰ এলে মনেভাৱে মহাত্মা গান্ধীক অসহযোগ আন্দোলনৰ নেতৃত্ব দিবলৈ বাধ্য কৰিলে। সেয়ে ক’ব পাৰি যে পঞ্জাবৰ কৰুণ ঘটনাৱলীয়ে গান্ধীজীক ভাৰতীয় ৰাজনীতিৰ আগশীৰীলৈ আনিলে আৰু ক্ৰমে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অবিসম্বাদী নেতা হৈ পৰিল। 

১৯২০ চনৰ পিছৰ পৰা  ভাৰতৰ স্বাধীনতা আন্দোলনৰ সকলো কাৰ্যসূচীৰ ক্ষেত্ৰতে এইজনা মহান নেতাৰ তত্বাৱধানতে পৰিচালিত হৈছিল। মুঠৰ ওপৰত ক’বলৈ গ’লে ১৯২০ চনৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্ট পৰ্যন্ত স্বাধীনতা সংগ্ৰামৰ সকলো কাৰ্যসূচীৰ ক্ষেত্ৰতে এইজন নেতাৰ কথাই শেষ কথা হিচাপে পৰিগণিত হৈছিল। ভাৰতৰ স্বাধীনতা লাভৰ হকে ব্ৰিটিছৰ বিৰুদ্ধে গ্ৰহণ কৰা আন্দোলনৰ পদ্ধতিসমূহ, যেনে— অহিংসা, অসহযোগ, আইন অমান্য ইত্যাদি সকলো এইজন মহান পুৰুষৰ মহান অদান। উপৰোক্ত কাৰ্যসূচীবিলাকৰ জৰিয়তে তেওঁ ভাৰতৰ সকলো প্রান্তৰে লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। তেওঁ ভাৰত আহি পোৱাৰ আগলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংগঠনিক ভেটি নগৰ অঞ্চলতে আবদ্বহে আছিল যদিও তেওঁ জাতীয় কংগ্ৰেছত যোগদান কৰিয়েই ইয়াৰ কাৰ্যক্ষেত্ৰ গাঁও অঞ্চলৈকে বৃদ্ধি কৰি জাতীয় আন্দোলনটোক এক জনসাধাৰণৰ আন্দোলনলৈ ৰূপান্তৰ ঘটাইছিল। সেয়ে ১৯২৩ চনৰ ভিতৰত গাওবিলাকৰ  সভ্যৰ সংখ্যা নগৰৰ সংখ্যাৰ দুগুণলৈ বৃদ্ধি পাইছিল।

গতিকে ক’ব পৰা যায় যে জনসাধাৰণৰ সমৰ্থন তথা সহযোগিতাৰ ওপৰত প্ৰতিষ্ঠিত হোৱা কংগ্ৰেছ দলে নেতৃত্বত এপাট নতুন অস্ত্ৰৰ জৰিয়তে সাম্ৰাজ্যবাদৰ যুজঁ দি সফলতা অর্জন কৰিবলৈ সক্ষম হৈছিল।

72. চমুটোকা লিখা:

(ক) অসহযোগ আন্দোলন (Non- Cooperation Movement):

Ans: ১৮৫৫ চনত গঠন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধীনত ভাৰতবাসীয়ে ‘বিভিন্ন সমস্যাবিলাকৰ সমাধানকল্পে ব্ৰিটিছ চৰকাৰক অধিক ধৈৰ্য আৰু শান্তিপূৰ্ণ উপায়েৰেই হেঁচা প্ৰয়োগ কৰি আহিছিল। ভাৰতবাসীয়ে আশা কৰিছিল ইংৰাজ শাসকবৰ্গই এওঁলোকৰ সমস্যাবিলাকৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব; কিন্তু ১৯০৫ চনৰ পাছৰ পৰা কংগ্ৰেছৰ ভালেসংখ্যক নেতাই এই ধাৰণা অমূলক বুলি বিবেচনা কৰিবলৈ ধৰিলে। ফলত কংগ্ৰেছৰ মাজত ফাট মেলিল- নৰমপন্থী আৰু চৰমপন্থী গোট ৷ এই চৰমপন্থী গোটটোৰ হেঁচাত কংগ্ৰেছে স্বৰাজৰ দাবী মানি ল’বলৈ বাধ্য হ’ল আৰু লগে লগে ভাৰতীয় জাতীয় আন্দোলনটোৰ চৰিত্ৰৰ সলনি হ’বলৈ আৰম্ভ কৰিলে। এনে সময়তে গোখলেৰ প্ৰচেষ্টাত ১৯১৫ চনৰ জানুৱাৰী মাহত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰৰ পৰা ভাৰতত উপস্থিত হ’ল। তেওঁ ভাৰতত উপস্থিত হোৱাৰ সময়ত প্রথম মহাযুদ্ধ চলি আছিল আৰু ভাৰতক যুদ্ধত লিপ্ত হোৱা দেশ হিচাপে ঘোষণা কৰা হৈছিল। 

সেই সময়ত গান্ধীজীয়ে ব্ৰিটিছৰ এজন বিশ্বাসী লোক হিচাপে কাম কৰি গৈছিল। তেওঁ নিজেই ব্ৰিটিছ শাসনৰ প্রতি থকা তেওঁৰ আনুগত্যৰ কথা গৌৰৱেৰে প্ৰকাশ কৰিছিল। যুদ্ধৰ সময়ছোৱাত তেওঁ ব্ৰিটিছক বিভিন্ন প্ৰকাৰে সহায় কৰিছিল। এনেদৰে সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁক ব্ৰিটিছ চৰকাৰে সন্মানিতও কৰিছিল; কিন্তু এই সময়ছোৱাৰ ভিতৰত ব্ৰিটিছ চৰকাৰে ভাৰতবাসীৰ ওপৰত লোৱা কিছুমান অমানুষিক ব্যৱস্থাৱলীয়ে মহাত্মা গান্ধীক ব্ৰিটিছ চৰকাৰৰ প্রতি তেওঁৰ মনোভাৱ সলনি কৰিবলৈ বাধ্য কৰিলে। তলত ব্ৰিটিছ চৰকাৰে লোৱা কেইটামান উল্লেখযোগ্য ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

(খ) ৰাওলাট আইন (Rowlatt Act):

Ans: ভাৰতত আৰম্ভ হোৱা আন্দোলনবিলাকৰ আঁৰত চলি থকা অসামাজিক আৰু হিংসাত্মক কাৰ্যবিলাকৰ মোকাবিলা কৰাৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ৰাওলাটৰ নেতৃত্বত ১৯১৭ চনৰ ১০ ডিচেম্বৰত এখন অনুসন্ধান আয়োগ গঠন কৰি দিছিল। এই আয়োগৰ প্রতিবেদনৰ ভিত্তিত ব্ৰিটিছ আইনসভাত এখন বিল উত্থাপন কৰা হৈছিল আৰু ১৯১৯ চনৰ ১৭ মাৰ্চ তাৰিখে এই বিলখন পাচ কৰিছিল। এই আইনৰ জৰিয়তে ব্ৰিটিছ আমোলাসকলক আইন শৃংখলা অটুত ৰাখিবৰ বাবে বিনা বিচাৰে তেওঁলোকে বিচৰা সময়লৈকে কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছিল। ব্ৰিটিছ আইনসভাত ভাৰতীয় সদস্যসকলে এই বিলৰ তীব্র প্ৰতিবাদ কৰিছিল যদিও তেওঁলোকৰ দাবী নৰজিল। মহাত্মা গান্ধীয়ে এই বিল পাচ কৰিলে আন্দোলন কৰিব বুলিও সকীয়াই দিছিল আৰু তেওঁ জনসাধাৰণৰ সত্য আৰু অহিংসা পদ্ধতিৰে এই আইন অমান্য কৰিবলৈ উপদেশ দিছিল। কিন্তু ব্ৰিটিছ চৰকাৰে এইবিলাকৰ প্রতি কৰ্ণপাত নকৰিলে। ফলত ভাৰতৰ বিভিন্ন ঠাইত সৰু-সুৰা হিংসাত্মক ঘটনাও ঘটিল। চৰকাৰে আইন-শৃংখলা পৰিস্থিতি চম্ভালিবৰ বাবে নানা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ল’লে। 

গান্ধীজীক কিছুমান অঞ্চলত বিশেষকৈ দিল্লী আৰু পঞ্জাৱত প্রৱেশ কৰাত বাধা আৰোপ কৰিলে আৰু পাছত তেওঁক বন্দী কৰা হ’ল। গান্ধীজীক আটক কৰাৰ খবৰ বিয়পি পৰাৰলগে লগে আন্দোলন আৰু তীব্ৰতৰ হ’বলৈ আৰম্ভ কৰিলে। চৰকাৰেও আন্দোলন দমন কৰিবলৈ কঠোৰতম ব্যৱস্থা ল’বলৈ আৰম্ভ কৰিলে। চৰকাৰৰ এনে কঠোৰ দমনমূলক ব্যৱস্থাই মহাত্মা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ব্ৰিটিছ চৰকাৰৰ প্রতি মনোভাৱ সলনি কৰি তুলিলে।

উল্লেখযোগ্য যে ৰাওলাটৰ অনুমোদনৰ ওপৰত দুখন বিল উত্থাপন কৰা হৈছিল যদিও এখন চৰকাৰে পৰিত্যাগ কৰিলে আৰু আনখন পাচ হৈছিল যদিও কামত প্রয়োগ কৰা নহ’ল। কিন্তু তথাপিও এইটো ক’ব পৰা যায় যে ভালেমান শোকাৱহ ঘটনাৱলীৰ সৃষ্টি কৰা আৰু জাতীয় কংগ্ৰেছে ব্রিটিছ চৰকাৰৰ প্রতি মনোভাব সলনি কৰি বৈপ্লৱিক কাৰ্যসূচী গ্ৰহণ কৰাত এই বিলকেইখনে বিশেষভাৱে অৰিহণা যোগাইছিল।

(গ) জালিবানবালাবাগৰ হত্যাকাণ্ড:

Ans: জালিৱানৱালাবাগ হত্যাকাণ্ডৰ লগত ৰাওলাট বিলৰ পোনপটীয়া সম্বন্ধ থকা বুলি ক’ব পৰা যায়; কাৰণ ৰাওলাটৰ বিৰুদ্ধে যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰতিবাদৰ ঢৌ উঠিছিল, পঞ্জাৱত এই আন্দোলনে হিংসাত্মক ৰূপ লৈছিল। পঞ্জাৱৰ আন্দোলন দমন কৰাৰ অৰ্থে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। এই ব্যৱস্থাৱলীৰ ভিতৰত জনপ্ৰিয় নেতাসকলক জনসাধাৰণৰ পৰা আঁতৰাই ৰখা ব্যৱস্থা আছিল অন্যতম। এই সন্দৰ্ভত -১৯১৯ চনৰ ৯ এপ্ৰিল তাৰিখে মহাত্মা গান্ধীক আটক কৰি ৰখা হ’ল। ড’ সত্যপাল আৰু কিটচলু নামৰ দুজন জনপ্ৰিয় নেতাক ১০ এপ্ৰিল তাৰিখে কোনো অজ্ঞাত স্থানলৈ প্ৰেৰণ কৰা হ’ল। চৰকাৰৰ এনেবিলাক ব্যৱস্থাৱলীয়ে পঞ্জাৱৰ জনসাধাৰণক অধিক ক্ষুব্ধ  কৰি তুলিলে আৰু ইয়াৰ প্রতিবাদ জনাবলৈ এক বিৰাট শৌভাযাত্ৰাৰ আয়োজন কৰিলে। ফলত পঞ্জাৱৰ আইন-শৃংখলা পৰিস্থিতিটো এক জটিল ৰূপ ল’লে। চৰকাৰে এই আন্দোলন দমন কৰিবলৈ সৈন্যবাহিনীক তলব কৰিলে আৰু অমৃতসৰ নগৰৰ প্ৰশাসনিক দায়িত্ব সৈন্যবাহিনীৰ হাতত অৰ্পণ কৰিলে। 

সেন্যবাহিনীৰ জলন্ধৰ গেটিৰ সেনাধ্যক্ষ ডায়াৰক অমৃতসৰলৈ বদলি কঁৰ| হ’ল। উল্লেখযোগ্য যে ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে পঞ্জাবৰ জনসাধাৰণে পুলিচৰ গুলীচালনা আৰু তেওঁলোকৰ নেতাসকলক অজ্ঞাত স্থানলৈ প্ৰেৰণ কৰাৰ প্ৰতিবাদ জনাবলৈ অমৃতসৰৰ জালিৱানৱালৱাগত সমবেত হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। জেনেৰেল ডায়াৰে ১২ এপ্রিল তাৰিখে অমৃতসৰত কাৰ্যভাৰ গ্রহণ কৰিলেহি। ডায়াৰে এই সমাৱেশক নিষিদ্ধ ঘোষণা কৰিলেও পঞ্জাৱৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক আহি নিৰ্দিষ্ট ঠাইত উপস্থিত হ’লহি আৰু শান্তিপূৰ্ণ পৰিবেশত সমাবেশৰ কাৰ্যসূচী আৰম্ভ হ’ল। জেনেৰেল ডায়াৰ সৈন্যবাহিনীৰ সৈতে সেই ঠাইত উপস্থিত হ’ল আৰু কোনো ধৰণৰ সাৱধান বাণী ঘোষণা নকৰাকৈয়ে খাৰ-বাৰুদ শেষ নোহোৱা পৰ্যন্ত গুলী চলাবলৈ ধৰিলে। চৰকাৰী ৰিপ’ৰ্ট অনুসৰি এই গুলী চালনাত ৩৭৯ জনে প্ৰাণ হেৰুৱালে আৰু ১১৩৭ জন আঘাতপ্ৰাপ্ত হ’ল। কিন্তু বেচৰকাৰী বাতৰি মতে এই সংখ্যা অত্যাধিক কাৰণ দহ মিনিট সময় একেৰাহে গুলীবৰ্ষণ কাৰ্য চলি আছিল।

চৰকাৰৰ এনে অমানুষিক কাৰ্যই মহাত্মা গান্ধী তথা কংগ্ৰেছ চৰকাৰৰ প্ৰতি বিদ্ৰোহাত্মক কৰি তুলিছিল।

(ঘ) হাণ্টাৰ আয়োগৰ প্ৰতিবেদন (The Hunter Report):

Ans: পঞ্জাবৰ অমৃতসৰত ঘটা শোকাৱহ ঘটনাৱলীৰ বিষয়ে যাতে ভাৰতৰ অন্যান্য ঠাইৰ মানুহে জানিবলৈ নাপায় তাৰ বাবে চৰকাৰে বাতৰি পৰিবেশনত বাধা আৰোপ কৰিছিল; কিন্তু চৰকাৰে এই ঘটনাৱলী ঢাকি ৰাখিবলৈ সক্ষম নহ’ল। ৰবীন্দ্ৰনাথ ঠাকুৰে গৱৰ্ণৰ জেনেৰেলৰ ওচৰত প্ৰতিবাদ জনালে৷ সংকৰণ নায়াৰে ভাইচৰয় কাৰ্যনিৰ্বাহক পৰিষদৰ পৰা সদস্য পদ ইস্তাফা দিলে। ভাৰতীয়সকলৰ প্ৰতিবাদৰ হেঁচাই চৰকাৰী মহলত তল- ওপৰ লগালে৷ শেষত ছমাহ মানৰ পাছত ১৯১৯ চনৰ অক্টোবৰ মাহত চৰকাৰে হাণ্টাৰ আয়োগ গঠন কৰিবলৈ বাধ্য হ’ল। পাঁচ মাহৰ পাছত ১৯২০ চনৰ মাৰ্চত এই আয়োগে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিলে৷ আয়োগৰ প্ৰতিবেদনৰ পৰা এইটো স্পষ্ট হৈ পৰিছিল যে এই আয়োগখন কেৱল ভাৰতীয়সকলক ভুৱা দিবৰ বাবেহে গঠন কৰা হৈছিল; কাৰণ প্ৰতিবেদনত ঘটনাৰ নায়ক ডায়াৰক কোনো ধৰণে দোষী সাব্যস্ত কৰা নহ’ল। তেওঁক কেৱল বিচাৰত ভুল হোৱা বুলি কোৱা হ’ল আৰু শাস্তি হিচাপে কামৰ পৰাহে মাথোন বৰ্খাস্ত কৰা হ’ল; কিন্তু ব্ৰিটিছ লৰ্ড সভাত তেওঁক ব্ৰিটিছ সাম্ৰাজ্যৰ বীৰ আখ্যাহে দিয়া হ’ল আৰু উপহাৰস্বৰূপে এখন তৰোৱাল আৰু দুহাজাৰ পাউণ্ড ধনহে দিয়া হ’ল। 

ভাৰতীয় জাতীয় কংগ্ৰেছে হাণ্টাৰ আয়োগৰ প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে আৰু নিজাববীয়াকৈ এখন তদন্ত কমিটী গঠন কৰিলে। এই কমিটীৰ প্ৰতিবেদনত অসংখ্য লোক নিহত আৰু আঘাতপ্রাপ্ত হোৱাটো প্রকাশ পালে আৰু এই নৃশংস মৃত্যুকাণ্ডৰ বাবে জেনেৰেল ডায়াৰক অভিযুক্ত কৰিছিল। এই তদন্ত কমিটীৰ এজন সদস্য হিচাপে মহাত্মা গান্ধীয়ে নিহত আৰু আহতসকলৰ বাবে উপযুক্ত পৰিমাণৰ ক্ষতিপূৰণ আৰু দোষীসকলক শাস্তি বিহিবলৈ দাবী কৰিছিল। কিন্তু চৰকাৰে এই দাবীৰ প্রতি কোনো ধৰণৰ সহানুভূতি নেদেখুৱালে।  চৰকাৰৰ এনে মনোভাবে মহাত্মা গান্ধীক অসহযোগ আন্দোলনৰ নেতৃত্ব দিবলৈ বাধ্য কৰিলে।

(ঙ) খিলাফত আন্দোলন ( The Khilafat Movement)

Ans: খিলাফত আন্দোলনেও মহাত্মা গান্ধী আৰু জাতীয় কংগ্ৰেছক ব্ৰিটিছ চৰকাৰৰ প্ৰতি বিৰূপ মনোভাৱ লোৱাত সহায় কৰিছিল।

ভাৰতবৰ্ষৰ মুছলমানসকলে তুৰ্কীৰ চুলতানক তেওঁলোকৰ ধৰ্মীয় প্রধান বা খিলাফত বুলি গণ্য কৰি আহিছিল; কিন্তু তুৰ্কী যেতিয়া প্ৰথম মহাযুদ্ধত মিত্ৰ পক্ষৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হ’ল তেতিয়া ভাৰতৰ মুছলমানসকল এক দোধোৰ-মোধোৰ অৱস্থাত পৰিল; কাৰণ তেওঁলোকৰ ধৰ্মীয় আনুগত্য আছিল তুৰ্কীৰ ফালে আৰু ৰাজনৈতিক সমৰ্থন ব্ৰিটিছৰ ফালে। কিন্তু তথাপি ভাৰতীয় মুছলমানসকলে ব্ৰিটিছৰ ফুচুলনিত ব্ৰিটিছকে অন্তঃকৰণেৰে সহায় কৰিছিল। যুদ্ধৰ পাছত যেতিয়া বাতৰি ওলাল যে মিত্ৰ পক্ষই তুৰ্কীক বিভক্ত কৰাৰ কথা চিন্তা কৰিছে তেতিয়া ভাৰতীয় মুছলমানসকল উগ্ৰ হৈ উঠিল আৰু এই প্রচেষ্টাত বাধা দিবৰ বাবে খিলাফত আন্দোলন গঢ়ি উঠিল।

মহাত্মা গান্ধীয়ে মুছলমানসকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে এই ব্যৱস্থাবলীৰ সুযোগ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিল। গান্ধীজীয়ে মুছলমানসকলৰ নিঃসহায় অৱস্থাত চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলনত যোগদান কৰিবলৈ আহ্বান জনালে। গান্ধীজীৰ এই আহ্বানৰ প্ৰতি খিলাফত সমিতিয়ে এক প্রস্তাৱযোগে আদৰণি জনালে। এই প্রস্তাৱত উৎসাহিত হৈ কংগ্ৰেছে মাত্ৰ দুটা দিনৰ পাছতে ১৯২০ চনৰ ছেপ্টেম্বৰ মাহত অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰিবলৈ কলিকতাত মিলিত হ’ল। এই অধিৱেশনত ভালেমান নেতাৰ বিৰোধিতা সত্বেও ৮৫৫ আৰু ৮৭৩ টা ভোটত এই ঐতিহাসিক অসহযোগ আন্দোলনৰ প্রস্তাৱটো গৃহীত হ’ল। এই প্ৰস্তাৱটো যে কংগ্ৰেছৰ বাবে এক বৈপ্লৱিক পদক্ষেপ আছিল তাত অলপো সন্দেহ নাই, কাৰণ আৰম্ভণিৰ পৰা ৩৫ বছৰ কাল ৰাজনৈতিক ভিক্ষাৰ বাদে কংগ্ৰেছে পোন প্রথমবাৰৰ বাবে ব্ৰিটিছ চৰকাৰৰ লগত পোনপটীয়া সংঘৰ্ষত লিপ্ত হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। 

অসহযোগ আন্দোলনৰ প্রস্তাৱটোতে ইয়াৰ আঁৰৰ কাৰ্যব্যৱস্থাৰ বিষয়ে সন্নিৱিষ্ট কৰা হৈছিল। 

এইবিলাকৰ ভিতৰত আছিল–

(ক) ব্ৰিটিছ চৰকাৰে প্রদান কৰা সকলো ধৰণৰ উপাধি আৰু বিষয়বাব ঘূৰাই দিয়া।

(খ) স্থানীয় স্বায়ত্তশাসিত গোটবিলাকৰ মনোনীত সদস্যপদ ইস্তাফা দিয়া।

(গ) চৰকাৰৰ দ্বাৰা আয়োজিত সকলো কাৰ্যসূচী বৰ্জন কৰা।

(ঘ) চৰকাৰৰ অধীনত থকা বা সাহায্য লৈ চলোৱা স্কুল-কলেজৰ পৰা ল’ৰা-ছোৱালীবিলাকক পৰ্যায়ক্ৰমে প্ৰত্যাহাৰ কৰা।

(ঙ) আইনজীৱী আৰু মোকৰ্দমা কৰাসকলে ক্ৰমান্বয়ে ব্ৰিটিছ আদালত বৰ্জন কৰা।

(চ) সংস্কাৰ আয়োগৰ নিৰ্বাচনৰ পৰা প্রাৰ্থিত্ব প্ৰত্যাহাৰ কৰা আৰু ভোট দানৰ পৰা বিৰত থকা। আৰু

(ছ) বিদেশী বস্তু বৰ্জন কৰা।

এই প্ৰস্তাৱত কিছুমান ধ্বংসাত্মক ব্যৱস্থাৰ উল্লেখ কৰা হৈছে যদিও কংগ্ৰেছে একেটা প্রস্তাৱতে এইবিলাকৰ বিকল্প ব্যৱস্থাৰ বিষয়েও চকু নিদিয়াকৈ থকা নাছিল; কাৰণ সমগ্ৰ ভাৰতবৰ্ষতে জাতীয় স্কুল, কলেজ, বেচৰকাৰী আদালত, বস্তু শিল্প আদি নিৰ্মাণৰ বাবেও আহ্বান জনাইছিল। এই প্রস্তাৱৰ যোগেদি হিন্দু-মুছলমানৰ একতা প্ৰতিষ্ঠা আৰু অস্পৃশ্যতা নিবাৰণৰ বাবেও আহ্বান জনোৱা হৈছিল। এই প্ৰস্তাৱটো উখাপন কৰি গান্ধীজীয়ে কৈছিল যে যদি ভাৰতৰ জনগণে তেওঁৰ এই তালিকাখন মানি চলে তেন্তে তেওঁ এবছৰৰ ভিতৰতে স্বৰাজ আনি দিব পাৰিব। উল্লেখযোগ্য যে এই অধিৱেশনত লেখত ল’বলগীয়াকৈ ১৪,৫৮২ জন প্রতিনিধিয়ে যোগদান কৰিছিল আৰু ইয়াৰ ভিতৰত ১০৫০ জন মুছলমান আৰু ১৬৯ গৰাকী মহিলা প্ৰতিনিধি আছিল। এই অধিৱেশনে ভাৰতীয়সকলৰ মনত দেশপ্ৰেমৰ ভাব দুগুণে বৃদ্ধি কৰিছিল আৰু সকলোৰে মনত এক উজ্জ্বল আশাৰ ৰেঙণি বিয়পাই তুলিছিল। ভৱিষ্যতৰ সোণালী স্বপ্নত আগ্লুত হৈ আনকি এনে কথাও ব্যক্ত কৰা হৈছিল যে যিকোনো মূল্যৰ বিনিময়তে ব্ৰিটিছৰ লগত কোনো ধৰণৰ সম্বন্ধ ৰক্ষা কৰি চলাটো ভাৰতৰ জাতীয় সন্মানৰ প্রতি আঘাতস্বৰূপ হ’ব।

73. জাতীয়তাবাদী চিন্তাধাৰাৰ উত্থানৰ কাৰণবোৰ কি কি।

উত্তৰঃ প্রাচীন আৰু মধ্যযুগত ভাৰতবৰ্ষ ৰাজনৈতিকভাৱে একত্ৰিত নাছিল। ব্ৰিটিছ শাসনাধীন হোৱাৰ পিছত ভাৰতত সংহতি আৰু একতাৰ সৃষ্টি হয়।

― উনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা ভাৰতৰ জাতীয় চেতনাৰ বিকাশ হয়। জাতীয় চেতনাৰ বিকাশত বিভিন্ন কাৰকে প্রত্যেক্ষ আৰু পৰোক্ষভাৱে ক্ৰিয়া কৰিছিল। তাৰ ভিতৰত প্রধান আছিল পৰিবহণ, যোগাযোগ ব্যৱস্থা, আধুনিক ইংৰাজী শিক্ষা, নাগৰিক সভা, ভাৰতীয় জাতীয় কংগ্ৰেছ, সংবাদ পত্ৰ, অস্ত্ৰ-আইন, অন্যান্য আইনসমূহ, অৰ্থৰ বহিৰ্গমন, ৰুছ-জাপান যুদ্ধ |

―পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নে ভাৰতীয় মানুহৰ জাতীয় চেতনা বৃদ্ধিত প্রভূত অৰিহণা যোগাইছিল। সেই সময়ত কেইবাটাও ঢেলিগ্ৰাফ লাইন বহুওৱা হৈছিল। আৰু দেশৰ বিভিন্ন অংশলৈ ৰে’ল লাইন সংযোগ কৰা হৈছিল সেইসময়ত আধুনিক পদ্ধতিৰ ডাক বিভাগ অৰু ৰাস্তা নিৰ্মাণৰ বাবে কেন্দ্রীয় গড়কাপ্তনী বিভাগ খোলা হৈছিল। 

― আধুনিক শিক্ষাৰে শিক্ষিত হৈ ভাৰতীয় মানুহে আঞ্চলিক অভাৱ অভিযোগসমূহ লিখিত আকাৰে চৰকাৰক দিছিল। এই উদ্দেশ্যে কিছুমান নাগৰিক সভা গঢ়ি উঠিছিল।

― এই নাগৰিক সভাবোৰৰ আৰ্হিত এলেন অক্টেভিয়ান হিউমৰ চেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ১৮৮৫চনৰ ডিচেম্বৰত উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত বোম্বেত হৈছিল। হিউম সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। এই অধিৱেশনত ভাৰতৰ ৭২ জন লোক আছিল।

― কেইবাখনো দেশীয় সংবাদ পত্ৰৰ প্রকাশে ভাৰতীয় মানুহৰ জাতীয় চেতনাৰ বিকাশ ত্বৰাত্বিত কৰিছিল। দেশীয় সংবাদপত্ৰৰ বিৰুদ্ধে কৰা আইন প্রণয়নে ভাৰতীয় মানুহক বিক্ষুব্ধ কৰিছিল।

― চৰকাৰ দ্বাৰা ভাৰতীয়ৰ-জাতীয় স্বাৰ্থৰ পৰিপন্থী আইন প্ৰণয়নে দেশৰ জাতীয় চেতনা বৃদ্ধিত অৰিহণা যোগাইছিল। বিশেষকৈ অস্ত্ৰ আইন আৰু ইলবাৰ্ট বিলে ভাৰতীয় মানুহৰ মাজত বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

― ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত যি আৰ্থিক নীতি গ্ৰহণ কৰিছিল তাৰ বাবেও দেশত জাতীয়তাবাদী মতাদৰ্শ গঢ়ি উঠিছিল। তেওঁলোকে সমুদায় আয় ব্ৰিটিছৰ দেশলৈ নিয়াৰ ব্যৱস্থা কৰিছিল।

― বৰ্হিদেশীয় ৰাজনৈতিক ঘটনাই জাতীয় চেতনা বৃদ্ধিত অৰিহনা যোগাইছিল। বিশেষকৈ ৰুছ-জাপান যুদ্ধৰ ফলাফলে ভাৰতীয় মানুহক বাৰুকৈয়ে প্রভাৱিত কৰিছিল।

― এইদৰে পদে পদে গঢ়ি উঠা জাতীয়তাবাদী চেতনাই আন্দোলনৰ পথ লৈছিল। 

74. ঊনবিংশ শতিকাত গঢ় লৈ উঠা ধৰ্মীয় সংস্কাৰ আন্দোলনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?

উত্তৰঃ ধৰ্মীয় সংস্কাৰ আন্দোলনৰ বৈশিষ্ট্য: উনবিংশ শতিকাত ভাৰতত হোৱা ধৰ্মীয় সংস্কাৰ আন্দোলন বিশ্লেষন কৰিলে কেইটিমান বৈশিষ্ট্য ওলাই পৰে। পোন প্রথমে যুক্তিবাদৰ প্রভাৱণ কথা ক’ব লাগিব। পৰম্পৰাগত ধৰ্মীয় আচাৰ অনুষ্ঠানবোৰ চালি-জাৰি চাই অৰ্থহীন কথাবোৰ বাদ দিবলৈ সংস্কাৰকসকলে আহ্বান জনায় তেনে আহ্বানৰ প্ৰতি ঘাইকৈ পশ্চিমীয়া শিক্ষাৰে শিক্ষিত উঠি অহা মধ্যবিত্ত শ্ৰেণী আকৰ্ষিত হৈছিল। সংস্কাৰক সকলে ধৰ্মীয় গোড়ামি, অন্ধ বিশ্বাস, অযুক্তিকৰ, দুৰ্বোধ্য আচাৰ অনুষ্ঠান ত্যাগ কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি মধ্যবিত্ত, নগৰবাসী শ্ৰেণী লোকৰ সঁহাৰি মনকৰিবলগীয়া ৷ দ্বিতীয়তে, সংস্কাৰক সকলৰ ভালেমান প্ৰাচীন শুদ্ধনীতি, বিশ্বাস আৰু কৰ্মৰ পুনৰ প্রতিষ্ঠা হোৱাতো বিচাৰিছিল। সেইসকলে পূৰ্বৰ সৰল ব্যবস্থাবোৰ পুনৰ জীৱিত কৰি আড়ম্বৰপূৰ্ণ আৰু ব্যয়বহুল কৰ্মকাণ্ড গুচাব খুজিছিল। অতীতলৈ ঘূৰি যোৱা নীতিয়ে ধৰ্মৰ নামত উদ্ভৱ হোৱা সমস্যাবোৰৰ বিজ্ঞানসন্মত সমাধান কিমান দিব পাৰিছিল সি বিচাৰ্য কথা। সংস্কাৰকসকলৰ প্ৰগতিশীল চিন্তাধাৰাৰ ব্যাপক সমাদৰ বহুক্ষেএত হোৱা নাছিল। বৰঞ্চ মৌলবাদীসকলে তেনেলোকৰ বিৰুদ্ধে কুত্সা ৰটনা কৰিছিল। উদাহৰণস্বৰূপে ব্ৰাহ্মসমাজ আৰু চৈয়দ আহমদ খাঁনৰ বিৰুদ্ধে পন্থীসকলৰ কাৰ্যকলাপৰ কথা কব পাৰি। 

ধৰ্মীয় আন্দোলনে পুৰোহিততন্ত্ৰ আৰু কৰ্মকাণ্ডৰ প্ৰাধান্যৰ বিৰোধিতা কৰি সহজ-সৰল ধৰ্মী আচৰণ তথা ভগৱত্‌ সেৱা আৰু মানৱ কল্যাণৰ ওপৰতহে গুৰুত্ব দিছিল। দুৰ্বোধ্য জটিলতা বাদ দি ধৰ্মক কেনেকৈ মানৱীয় নৈতিকতাৰ উন্নতিৰ হকে লগাব পাৰি তাৰ বাবে সংস্কাৰক সকলে মত দাঙি ধৰিছিল। ভাৰতীয় ধৰ্মীয় সংস্কাৰ আন্দোলনৰ ফলত বহুলোক আধুনিক জগতখনৰ লগত পৰিচিত হৈ পৰে। সেইসকললোকে জাতপাত, ধৰ্মীয় গোড়ামি আদিৰ ঠেক মনোবৃত্তি ত্যাগ কৰি এক বিশ্বজনীনতা, ধৰ্মপেক্ষতা আৰু ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে সকলো কথা বিচাৰ কৰিবলৈ লয়। তেওঁলোকৰ কিছুমানে পশ্চিমৰ অন্ধ অনুকৰণ কৰিবলৈ গৈ সময়ত নিজৰ ভুল বুজি পাইছিল। সংস্কাৰ আন্দোলনৰ ফলত এচাম শিক্ষিত ভাৰতীয় নিজ দেশৰ প্রাচীন ঐতিহ্যৰ প্রতি সচেতন হৈ পৰে। আধুনিকতা আৰু প্রাচীন ঐতিহ্য, এই দুইৰ সম্বন্ধয় কেনেকৈ ঘটাব পাৰি সেই বিষয়েও চিন্তা চৰ্চা কৰা লোক ওলাইছিল। তেনে চিন্তাশীল আৰু উদাৰপন্থী লোকৰ চেষ্টাত ভাৰতীয় সংস্কৃতিৰ মূলধাৰাই আধুনিকতাৰ পৰশ পাবলৈ ধৰে। উনবিংশ শতিকাৰ ধৰ্মীয় সংস্কাৰ আন্দোলনে অগণন ভাৰতীয় জনতাক প্ৰকৃততে স্পৰ্শ কৰিছিল নে নাই সেয়া বিচাৰ্য বিষয়। 

আগতেই কোৱা হৈছে যে সংস্কাৰ আন্দোলনে ঘাইকৈ সীমিত সংখ্যক নগৰীয়া মধ্যবিত্ত তথা পশ্চিমীয়া শিক্ষাৰে শিক্ষিত লোকক আকৰ্ষণ কৰিছিল। কোটি কোটি গ্ৰামীণ জনতাক ধৰ্মীয় সংস্কাৰ আন্দোলনৰ প্ৰতি সচেতন কৰি তোলাৰ কোনো ব্যবস্থা নাছিল। ফলত পৰম্পৰাগত ৰীতি- নীতিৰ বোজাই ভাৰতীয় গ্ৰামীণ জনতাৰ জীৱন দুৰ্বহ কৰি তুলিছিল। ধৰ্মীয় সংস্কাৰ আন্দোলনৰ আন এটি নেতিবাচক দিশে আছে। সংস্কাৰক সকলৰ ভাৰতীয় সংস্কৃতিৰ প্রাচীন ঐতিহ্যত গুৰুত্ব আৰোপৰ ফলত আন এক সমস্যাৰ সৃষ্টি হয়। মাথো অতীতলৈকে ঘূৰি যোৱা নীতিয়ে সামাজিক গতিশীলতাক বাধা দিয়ে। একমাত্ৰ প্রাচীন কালৰ সংস্কৃতিৰ কথা কৈ থাকিলে সাধাৰণতে পৰৱৰ্তী কালৰ অৱদান অস্বীকাৰ কৰা হয়। ভাৰতীয় সংস্কৃতিৰ বিৱৰ্তন যুগে যুগে হৈ আছিল। গতিকে একমাত্ৰ প্রাচীন যুগতে আবদ্ধ থাকিলে ঐতিহাসিক আৰু সামাজিক দৃষ্টিকোণৰপৰা ভুল কৰা হ’ব। 

তাৰ উপৰিও ভাৰতীয় জনতাৰ জীৱন অকল ধৰ্মতে সীমাবদ্ধ নহয়। শিল্প-কলা, সাহিত্য, সংগীত, গীত-মাত, বিজ্ঞান, প্রযুক্তিবিদ্যা এই সকলোবোৰ ক্ষেত্ৰতে জনতা জড়িত আৰু অৱদান আছে। ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ এক সামগ্ৰিক বিচাৰ নকৰাকৈ ধৰ্মীয় সংস্কাৰৰ হকে কাম কৰিবলৈ লোৱাত কিছু অসম্পূৰ্ণতা ৰৈ গৈছিল বুলি সমালোচকসকলে কয় ৷ হিন্দু, ইছলাম, জৰোষ্ট্ৰিয়ান, শিখ আদি ধৰ্মৰ সংস্কাৰ আন্দোলনে নিজ ধৰ্মৰ অনুগামীসকলক অনুপ্ৰাণিত কৰিছিল; কিন্তু আনহাতেদি প্ৰতি ধৰ্মৰ সুকীয়া অস্তিত্ব প্ৰকাৰাস্তৰে প্ৰকট হৈ পৰে। সেই কথাই সময়ত সাম্প্ৰদায়িকতাক ইন্ধন যোগাইছিল বুলি কোৱা হয়। যুগ যুগ ধৰি সম্প্ৰীতিৰ মাজেৰে বাস কৰি অহা বিভিন্ন ধৰ্মাৱলম্বী ভাৰতীয় জনতাই এক সংমিশ্ৰিত সংস্কৃতি গঢ় দি অহা স্যত্বেও একো সময়ত তাত ফাট মেলিছে। ভাৰতীয় জাতীয় জাগৰণৰ লগতে সাম্প্ৰদায়িকতাই গা কৰি উঠাতো আধুনিক ভাৰত বুৰঞ্জীৰ এটি মন কৰিবলগীয়া দিশ। সাম্প্ৰদায়িকতাৰ আৰ্থ-সামাজিক কাৰণবোৰৰ উপৰিও অত্যধিক ধৰ্মীয় সচেতনতা অন্যতম কাৰণ বুলিব পাৰি।

75. চমু টোকা লিখা?

(ক) ব্ৰাহ্মসমাজ: ভাৰতীয় ধৰ্ম সংস্কাৰ আন্দোলনৰ কথা। কবলৈ যাওঁতে ব্ৰাহ্মসমাজৰ বিষয়ে কিছু আলোচনাৰ দৰকাৰ হয়। ৰাজা ৰামমোহন ৰায়ৰ চেষ্টাত ১৮২৮ খ্ৰী:ত কলিকতাত ব্ৰাহ্মসমাজ প্রতিষ্ঠিত হয়। ১৮৩৩ খ্ৰী:ত ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হয়। তেওঁৰ পিছত যথাক্ৰমে মহৰ্ষি দেবেন্তৰ নাথ ঠাকুৰ, ব্ৰহ্মানন্দ কেশৱ সেন, পণ্ডিত শিৱনাথ শাস্ত্ৰী আদিয়ে বাহ্মসমাজ পৰিচালনা কৰে। ব্ৰাহ্মসমাজৰ প্রভাৱ অসময়ত ভাৰতৰ চাৰিওদিশতে পৰে। ১৮৬৬ ৰ পৰা ১৮৭৮ খ্ৰী:ৰ ভিতৰত মূল ব্ৰহ্মসমাজ ‘আদি ব্ৰাহ্মসমাজ’, ‘ভাৰতৰ ব্ৰাহ্ম সমাজ’ আৰু ‘সাধাৰণ ব্ৰহ্মসমাজ’ হিচাপে তিনিভাগ হৈ পৰে।

ব্ৰাহ্মসমাজৰ অৱদান: ব্ৰাহ্মসমাজে ধৰ্মীয় আৰু সামাজিক এই দুয়ো দিশৰে সংস্কাৰ বিচাৰিছিল। হিন্দু ধৰ্মৰ নামত আড়ম্বৰপূৰ্ণ কৰ্মকাণ্ডৰ সলনি বেদান্ত দৰ্শনৰ একেশ্বৰবাদ মানি মাথো উপাসনা কৰা, মূৰ্তি পূজা বাদ দিয়া, বৰ্ণভেদৰ বিৰোধিতা, অন্ধবিশ্বাস আৰু কু-প্রথাৰ বিলোপ ঘটোৱা, সকলোৰে মাজত শিক্ষাৰ পোহৰ বিলোৱা, মহিলাৰ সামাজিক মৰ্যাদা উন্নত কৰা, সামাজিক সাম্য, যুক্তিবাদী সমাজ, মানৱতা, ব্যক্তি স্বাধীনতা আদিৰ হকে ঠিয় দি ব্ৰাহ্ম সমাজে ভাৰতীয় সমাজত এক আলোড়নৰ সৃষ্টি কৰিছিল। তাৰ উপৰিও হিন্দু সমাজত বহু বিবাহৰ বিৰোধিতা কৰা, বিধবা বিবাহৰ সমৰ্থন, পৰ্দা প্ৰথাৰ বিলুপ্ত ঘটোৱা, বাল্য বিবাহ বন্ধ কৰা, স্ত্ৰী শিক্ষাৰ প্রতি পূৰ্ণ সমৰ্থন আগবঢ়োৱা আদি কাৰ্যসূচীৰে ব্ৰাহ্ম সমাজে ভাৰতত এখন প্রগতিশীল সমাজ গঢ়াৰ চেষ্টা কৰিছিল।

(খ) প্ৰাৰ্থনা সমাজ: ব্ৰাহ্ম সমাজৰ আদৰ্শ বিলোৱাৰ উদ্দেশ্যৰে কেশৱ চন্দ্ৰ সেনে ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে। ব্ৰহ্মানন্দ কেশৱ চন্দ্ৰ সেনৰ দ্বাৰা পৰিচালিত বাহ্ম সমাজৰ প্ৰেৰণাৰে ১৮৬৭ খ্ৰী:ত মহাৰাষ্ট্ৰত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠিত হয়। আত্মাৰাম পাশুৰাংগ নামৰ এজন মহাৰাষ্ট্ৰীয় সমাজ সেৱকৰ উদ্যোগত প্ৰাৰ্থনা সমাজ গঢ়ি উঠে । আত্মাৰাম পাশুৰাংগৰ উপৰিও ন্যায়মূৰ্তি মহাদেৱ গোবিন্দ ৰাণাডে, আৰ, জি. ভাণ্ডাৰকাৰ প্ৰাৰ্থণা সমাজৰ অন্যতম গুৰি ধৰোঁতা আছিল। ইশ্বৰৰ উপাসনা আৰু সমাজ সংস্কাৰ এই দুটা দিশত নিজ কাৰ্যসূচী সীমাবদ্ধ ৰাখি আগবাঢ়ি যোৱাই প্ৰাৰ্থনা সমাজৰ লক্ষ্য তাছিল। হিন্দু সমাজতে থাকি কেনেকৈ নামদেৱ, তুকাৰাম, ৰামদাস আদি সন্ত মহাপুৰুষসকলৰ অমৰ শিকনি পালন কৰি মানৱ সমাজৰ কল্যাণ সাধিব পাৰি তাকেই প্ৰাৰ্থনা সমাজৰ গুৰি ধৰোঁতা সকলে প্ৰচাৰ কৰিছিল।

প্ৰাৰ্থনা সমাজৰ অৱদান: ঊনবিংশ শতিকাৰ দ্বিতীয়াদ্ধত মহাৰাষ্ট্ৰৰ এনে এটা আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশ নাই য’ত গোবিন্দ ৰাণাডেৰ ভূমিকা নাছিল। ৰাণাডেৰ মহান চেষ্টাতে ১৮৮৪ খ্ৰীৰ্ত ‘ডেক্কান এডুকেচন ছছাইটি’ প্রতিষ্ঠিত হয়। সেইধৰণে ১৮৬১ খ্ৰী:ত তেওঁৰ চেষ্টাতে ‘বিধবা বিবাহ সমিতি’ স্থাপিত হৈছিল। এইবোৰ স্বেচ্ছাসেৱী সংগঠনৰ প্রভাৱ একালত দাক্ষিণাত্যত প্রবল হৈ পৰে। জাতিভেদ প্রথা দূৰ কৰা, বিধৱা বিবাহ প্রচলন, স্ত্ৰী শিক্ষাৰ প্ৰসাৰ, পৰ্দা প্ৰথা দূৰ কৰা, বাল্য-বিবাহ বন্ধ কৰা আদি সমাজ সংস্কাৰক কাৰ্যসূচীৰ ৰূপ দিয়াই প্ৰাৰ্থনা সমাজৰ মূল লক্ষ্য আছিল। সামাজিক, অর্থনৈতিক, ধৰ্মীয়, শিক্ষা এই সকলো দিশতে সামগ্ৰিক সংস্কাৰ সাধন কৰি এক প্রগতিশীল ভাৰতীয় সমাজ গঢ়ি তোলাৰ বাবে প্ৰাৰ্থনা সমাজৰ অনুগামীসকল কৃত সংকল্প আছিল। প্ৰাৰ্থনা সমাজৰ উদ্যোক্তাসকলৰ জীৱনৰ ব্ৰত আছিল সততে সামাজিক গঠনমূলক কৰা। মহাৰাষ্ট্ৰীয় লোকৰ উপৰিও তেলেণ্ড ভাষীসকলৰ মাজতো প্ৰাৰ্থণা সমাজৰ আদৰ্শই সমাদৰ লাভ কৰিছিল। প্ৰাৰ্থনা সমাজে নাৰী আৰু শিশু কল্যাণৰ হকে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি মহাৰাষ্ট্ৰত এক প্রগতিশীল যুগৰ পাতনি মেলে৷ শিশু সদন, অনাথ আশ্ৰম, বিধৱা আশ্ৰম, চিকিৎসালয় আদি প্ৰতিষ্ঠা কৰি প্ৰাৰ্থনা সমাজে প্রকৃত সমাজ উন্নয়নৰ কাম কৰি দেখুৱাব পাৰিছিল।

(গ) ৰামকৃষ্ণ মিছন: ঊনবিংশ শতিকাৰ ভাৰতত যি ধৰ্মীয় সংস্কাৰ আন্দোলন হৈছিল তাৰ চুড়ান্ত পৰিণতি হিচাপে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠাৰ কথা কব লাগিব। ৰামকৃষ্ণ পৰমহংস আদিতে গদাধৰ চট্টোপাধ্যায় নামেৰে জনাজাত আৰু বিশেষ লিখা পঢ়া জনা মানুহ নাছিল। কিন্তু আধ্যাত্মিক দিশত চৰম উন্নতি লাভ কৰি তেওঁ মহাপুৰুষ হয়। যৌগিক শক্তি আৰু ধ্যান মাৰ্গৰ যোগেদি চৰম উৎকৰ্ষতা লাভ কৰি সহজ সৰলভাৱে ভগৱৎ তথা মানৱ প্ৰেমৰ কথা কৈ পৰমপুৰুষ ৰামকৃষ্ণ পৰমহংসই এক নব্য হিন্দু ধৰ্মৰ জোৱাৰ আনিছিল। ৰামকৃষ্ণ পৰমহংসৰ আধ্যাত্মিক বিশ্বজনীনতাই ভাৰতীয় সমাজত এক নতুন চেতনাৰ সঞ্চাৰ কৰিছিল। পৰমহংসহ সততে সকলো ধৰ্মৰ সাৰমৰ্ম যে একেই তাকেই কৈছিল। ‘নৰনাৰায়ণৰ সেৱাই পৰম ধৰ্ম’ এয়ে আছিল পৰমহংসদেৱৰ মূল বাণী। ৰামকৃষ্ণ পৰমহংসই কলিকতাৰ দক্ষিণেশ্বৰৰ কালি মন্দিৰৰ কালি গোসাঁনীতে জগতকৰ্তাৰ পূৰ্ণৰূপ দেখা পাইছিল। ৰামকৃষ্ণৰ শিকণিয়ে হিন্দু ধৰ্মৰ পুনৰুখনক ত্রক নৈতিক অনুমোদন, দাৰ্শনিক ভিত্তি আৰু এক নতুন আধ্যাত্মিক বৈশিষ্ট্য প্ৰদান কৰে। তেওঁ আছিল মানুহৰ মহত্বত অটল বিশ্বাসী। হতাশাগ্ৰস্ত মানুহক আত্মবিশ্বাসৰ অগ্নিমন্ত্ৰৰে দীক্ষিত কৰাই তেওঁৰ লক্ষ্য আছিল। 

মানুহৰ অন্তৰ্নিহিত শক্তি জাগ্ৰত কৰাতো ৰামকৃষ্ণ পৰমহংসহই সততে বিচাৰিছিল। ৰামকৃষ্ণই মানুহৰ শ্ৰেষ্ঠত্ব, নাৰীমুক্তি, সেৱাদৰ্শ আৰু মানৱ হিতৈষণাৰ বাণীকে প্ৰচাৰ কৰিছিল। প্ৰেম, শান্তি আৰু সহানুভূতিৰ আদৰ্শৰে মানৱজীৱন মহান কৰি তোলাৰ কথাকেই পৰমহংসই সততে কৈছিল। ৰামকৃষ্ণ পৰমহংসৰ সাৰ্থক উত্তৰাধিকাৰী, জ্বলন্ত দেশপ্ৰেম আৰু আত্মবিশ্বাসৰ মূৰ্ত প্ৰতীক আছিল স্বামী বিবেকানন্দ। দাৰিদ্ৰ্য, অস্পৃশ্যতা, নিৰক্ষৰতা, দাসত্ব, জাতিভেদ, নাৰী নিৰ্যাতন, পৰানুকৰণ, ধৰ্মীয় বিৰোধ আদি কথাবোৰৰ বিৰুদ্ধে মুক্ত কণ্ঠে তীব্ৰ বিষোদ্‌গাৰ কৰি বিবেকানন্দই সমগ্ৰ ভাৰতত নতুন জাগৰণৰ সৃষ্টি কৰে। বিদেশী শাসনৰ অধীনত  নিৰ্যাতিত, টোপনিত লাল কাল হৈ পৰা, হীনমন্যতাত ভুগি থকা, মুমূৰ্ষ ভাৰতবাসীক জগাই তোলাই বিবেকানন্দৰ জীৱনৰ ব্ৰত আছিল। ভাৰত মুক্তিয়েই আছিল বিবেকানন্দৰ জীৱনৰ লক্ষ্য। মানুহ গঢ়ি তোলাৰ ধৰ্ম শিকিবলৈ স্বামী বিবেকানন্দই ১৮৯৭ খ্ৰী:ত ‘ৰামকৃষ্ণ মিছন প্রতিষ্ঠা কৰে। ইতিমধ্যে ৰামকৃষ্ণ পৰমহংসৰ আদৰ্শৰে অনুপ্ৰাণিত ১৮৮৭ খ্ৰী:ত বংগদেশৰ বৰাহ নগৰত প্রথম মঠ প্রতিষ্ঠা হৈছিল। স্বামী  বিবেকানন্দৰ পূৰ্ণ বিশ্বাস আছিল যে নৱভাৰত গঢ়ি তুলিবলৈ হলে সমাজৰ ধনী-দুখীয়া, উচ্চ নীচৰ ভেদাভেদ, অস্পৃশ্যতা, শোষণ ওফৰাই একমুঠ হৈ সমগ্র দেশবাসী ঠিয় দিব লাগিব। ঐক্য, সংহতি ধৰ্ম নিৰপেক্ষতাক বাদ দি মহান ভাৰত গঢ়িব পৰা অসম্ভৱ। প্ৰাচ্য-পাশ্চাত্য, প্ৰাচীন আৰু আধুনিক জীৱন দৰ্শনৰ মাজেদি নবভাৰত সৃষ্টি সম্ভৱপৰ হ’ব। এয়ে আছিল বিবেকানন্দৰ বিশ্বাস।

ৰামকৃষ্ণ মিছনৰ অৱদান: ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠাৰ মূলতে আছিল আধ্যাত্মিকতা আৰু মানৱ সেৱাৰ হকে কাম কৰিবলৈ এদল সেৱকৰ সৃষ্টি কৰা। ভাৰতীয় জাতি গঠনৰ বাবে যি চৰিত্ৰ, নিষ্ঠা, আচৰণ বিধি, গঠনমূলক কামৰ নেতৃত্ব আৰু প্ৰকৃত কৰ্ম দৰ্শন দৰকাৰ সেই প্রয়োজন পূৰণ কৰাই ৰামকৃষ্ণ মিছনৰ মুখ্য লক্ষ্য। ই কোনো ধৰ্ম প্ৰচাৰৰ সংগঠন নহয়। আতুৰ মানুহক সেৱা কৰা, শিক্ষানুষ্ঠান গঢ়ি তোলা, চিকিত্সালয় প্রতিষ্ঠা, স্বাস্থ্য সেৱা, দূৰ্যোগৰ সময়ত প্ৰয়োজনীয় সহায় কৰা সমাজ সেৱা আদি ৰামকৃষ্ণ মিছনৰ মুখ্য কাৰ্যসূচী ৷ বহির্ভাৰততো ৰামকৃষ্ণ মিছনে কাম কৰি আহিছে। ফেচ্ছাসেৱী অনুষ্ঠান হিচাপে ৰামকৃষ্ণ মিছনে মানৱ সেৱা তথা বিশ্ব মানৱতাৰ হকে কৰা কামবোৰ অতুলনীয়।

(ঙ) আৰ্য সমাজ: স্বামী দয়ানন্দ সৰস্বতীয়ে ১৮৭৫ খ্ৰী’ৰ ১০ এপ্ৰিলত বোম্বাই বৰ্তমানৰ মুম্বাই চহৰত আৰ্যসমাজ আনুষ্ঠানিকভাৱে প্রতিষ্ঠা কৰে। স্বামী দয়ানন্দৰ জন্ম হৈছিল গুজৰাটৰ মৰ্ভি ৰাজ্যৰ অন্তৰ্গত টনকাৰা নামৰ সৰু চহৰ এখনত।  স্বামী দয়ানন্দই ব্ৰাহ্ম সমাজৰ গুৰি ধৰোঁতা কেশৱ চন্দ্ৰ সেনৰ সংস্পৰ্শলৈ আহি অনুপ্ৰাণিত হয়। স্বামী দয়ানন্দই ভাৰতৰ বিভিন্ন ঠাইত ঘূৰি আৰ্যসমাজৰ লক্ষ্য আৰু কাৰ্যসূচী জনসাধাৰণৰ আগত দাঙি ধৰে। পঞ্জাৱ, উত্তৰ প্ৰদেশ, ৰাজপুতনা আৰু গুজৰাটৰ জনসাধাৰণে স্বামী দয়ানন্দৰ প্ৰতি বিপুল সঁহাৰি জনায়৷ স্বামী দয়ানন্দই সত্যাৰ্থ প্ৰকাশ, বেদভাষ্য ভূমিকা আৰু বেদভাষ্য নামৰ তিনিখন বিখ্যাত পুথি লিখি গৈছে।

লক্ষ্য আৰু কাৰ্যসূচী: ঊনবিংশ শতিকাৰ ভাৰতত ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ ক্ষেত্ৰত আৰ্য সমাজৰ ভূমিকা বিশেষ উল্লেখযোগ্য। স্বামী দয়ানন্দ সৰস্বতীয়ে মূৰ্তি পূজা, বহু বিবাহ, জাতি ভেদ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। বেদৰ প্রাধান্য স্বীকাৰ কৰি হিন্দু সমাজৰ সংস্কাৰ সাধন কৰা আৰ্য সমাজৰ মূল লক্ষ্য আছিল। একেশ্বৰবাদ মানি চলা, সমাজত নাৰীৰ মৰ্যাদা উন্নত কৰা আৰু সুৰক্ষা দিয়া, বাল্য বিবাহ বন্ধ কৰা, বিধবা বিবাহ প্ৰচলন কৰা, জাতিভেদৰ গোড়ামি ত্যাগ কৰা, শিক্ষা বিস্তাৰৰ কাৰ্যসূচী লোৱা আদি প্রকৃত সংস্কাৰধৰ্মী আন্দোলন জগাই তোলাত আৰ্যসমাজ  যথেষ্ট কৃতকাৰ্য হৈছিল। আৰ্য সমাজৰ আন এটি উল্লেখযোগ্য কাৰ্যসূচী আছিল ‘শুদ্ধি আন্দোলন’। অৰ্থাত্‌ বৈদিক প্ৰথাৰে আন মানুহকো সনাতন হিন্দু ধৰ্মৰ অনুগামী হিচাপে গ্ৰহণ কৰা। সনাতন হিন্দু ধৰ্মৰ শ্রেষ্ঠত্ব প্ৰতিপন্ন কৰা আৰ্যসমাজী লোকসকলৰ অন্যতম লক্ষ্য বুলিব পাৰি। স্বামী শ্ৰদ্ধানন্দই ‘শুদ্ধি আন্দোলন’ ৰ গুৰি ধৰিছিল। আৰ্য সমাজৰ আদৰ্শই প্ৰধানকৈ পশ্চীমীয়া ব্যৱস্থাৰে শিক্ষিত এচাম বিশিষ্ট লোককহে আকৰ্ষিত কৰিছিল। আৰ্য সমাজৰ ব্যাপক প্রভাৱ প্রধানকৈ উত্তৰ ভাৰত আৰু পঞ্জাৱত পৰিছিল।

আৰ্য সমাজৰ অৱদান: স্বামী দয়ানন্দ সৰস্বতীয়ে ধৰ্মীয় শিক্ষাৰ উপৰিও লোক হিতৈষণা কামতো যথেষ্ট গুৰুত্ব দিছিল। সামাজিক সেৱা হিচাপে দুৰ্ভিক্ষৰ সময়ত সাহায্য দান আৰু ইংৰাজী শিক্ষাৰ প্ৰসাৰৰ হকে কৰা কাম উল্লেখনীয়৷ স্বামী দয়ানন্দৰ অনুগামীসকল শাৰীৰিক, সামাজিক, আধ্যাত্মিক উন্নতি সাধিব পৰা কামত ব্ৰতী হৈছিল। তেওঁৰ উত্তৰাধিকাৰী লাল হন্সৰাজ, পণ্ডিত গুৰুদত্ত, লালা লাজপত্‌ ৰায়ৰ চেষ্টাত আৰ্য সমাজে ভাৰতীয় সমাজৰ উন্নতিকল্পে পশ্চিমীয়া শিক্ষা বিস্তাৰৰ বিভিন্ন কাৰ্যসূচী লৈছিল। ‘দয়ানন্দ এংগল’ চমুকৈ ‘ডি. এ. ভি.’ স্কুল আৰু কলেজ প্ৰতিষ্ঠা কৰি বৈদিক আদৰ্শ আৰু পশ্চিমীয়া যুক্তিবাদৰ সমন্বয় ঘঢুৱাই ভাৰতীয় সমাজৰ এক নৱজাগৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত আৰ্য সমাজৰ ভূমিকা অতি প্রশংসনীয় ৷ এই দিশৰপৰা বিচাৰ কৰিলে আৰ্য সমাজে ঊনবিংশ শতিকাৰ শেষভাগত ভাৰতত এক যুক্তিবাদী আন্দোলন গঢ়ি তোলাত ব্ৰহ্ম সমাজতকৈ কিছু আগবাঢ়ি গৈছিল। 

হিন্দু সমাজৰ পুনৰ জাগৰনৰ কথাত আস্থা ৰাখি আৰ্য সমাজী সকলে বহু কাম কৰি গৈছে৷ সেই ধৰণে স্বামী শ্ৰদ্ধানন্দই বৈদিক আদৰ্শক সাৱটি লৈ হৰিদ্বাৰৰ ওচৰত গুৰুকুল কাংগাৰাই শিক্ষানুষ্ঠান গঢ়ি তোলাত নিজকে সমৰ্পিত কৰে৷ বৰ্তমান ই বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হৈছে। আৰ্য সমাজৰ ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ কাৰ্যসূচী প্ৰকৃত বৈদিক আৰ্থ সামাজিক আদৰ্শৰে পৰিপুষ্ট ৷ এই স্বেচ্ছাসেৱী সংগঠনৰ বিভিন্ন কাৰ্যসূচীয়ে ভাৰতীয় নৱজাগৰণ গঢ়ি তোলাত যথেষ্ট বৰঙনি যোগাইছিল। ভাৰতীয় সভ্যতা সংস্কৃতিৰ বিশ্বজনীনভাৱ পুনৰ সজীৱ কৰি তোলাত আৰ্য সমাজে এক সাৰ্থক ভূমিকা লৈছিল। ঐতিহাসিক ড৹ অমলেশ ত্ৰিপাঠীৰ মতে ভাৰতত চৰমপন্থী ৰাজনীতি বিকাশত স্বামী দয়ানন্দ সৰস্বতী আৰু আৰ্য সমাজৰ ভূমিকা উল্লেখনীয়। এটা সময়ত পঞ্জাৱত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা সন্তাসবাদী কাৰ্যকলাপৰ, বাবে আৰ্য সমাজকে জগৰীয়া বুলি ধৰা হয়৷ আৰ্য সমাজে এহাতেদি বহুতো সংস্কাৰ কাৰ্যসূচীৰে ভাৰতত এখন প্ৰগতিশীল সমাজ গঢ়াৰ হকে খাটিছিল আনহাতেদি তেওঁলোকৰ অত্যধিক বেদ প্রাধান্যৰ কথাই পৰোক্ষভাৱে সাম্প্ৰদায়িক মৌলবাদৰ বাবে ইন্ধন যোগাইছিল বুলি কোৱ| হয়। আৰ্য সমাজে হিন্দুৰ মাজত ঐক্য প্রতিষ্ঠা কৰাত সাৰ্থক হৈছিল যদিও হিন্দু,মুছলমান,পাৰ্চী খ্ৰীষ্টিয়ান এই সকলো সম্প্ৰদায়ৰ ভাৰতীয়ৰ মাজত সম্প্রীতিৰ বান্ধ কটকটীয়া কৰাত অৰিহনা যোগাব পৰা নাছিল।

(চ) থিয়চফিকেল ছচাইটি: সনাতন হিন্দু ধৰ্মৰ প্ৰভাৱ পশ্চিমৰ জগততো নপৰাকৈ থকা নাছিল। ভাৰতৰ আধ্যাত্মিক প্ৰভাৱৰ ফলতে এদিন আমেৰিকাৰ নিউইয়ৰ্ক চহৰত থিয়চফিকেল ছচাইটি স্থাপিত হৈছিল। ১৮৭৫ খ্ৰী:ৰ ১৭ নৱেম্বৰত মাডাম এইছ, পি. ব্লাভাতৃ্‌স্কি আৰু কৰ্ণেল এইছ, এছ. অ’লকট নামৰ দুগৰাকী ব্যক্তিৰ আশাসুধীয়া চেষ্টাত থিয়চমফিকেল ছচাইটিৰ জন্ম হয়। ১৯০৫ খ্ৰী:ৰ ৩ এপ্ৰিলত চেন্নাইৰ আদায়াৰত থিয়চফিকেল ছচাইটিৰ ভাৰতীয় শাখাৰ মূল কাৰ্যালয় স্থাপিত হয়। এই স্বেচ্ছাসেৱী সংগঠনটো মূলত: সত্য সন্ধানী আধ্যাত্মিকতাৰ আদৰ্শৰে মানৱতাৰ সেৱাত ব্ৰতী এটি অনুষ্ঠান৷ বস্তুবাদক বাধা দিয়া আৰু ধৰ্মীয় আদৰ্শক পুনৰ জীৱিত কৰা থিয়চফিকেল ছচাইটিৰ অন্যতম লক্ষ্য।

উদ্দেশ্য আৰু মূল কথা: থিয়চফিকেল ছচাইটিৰ উদ্দেশ্য হিচাপে তিনিটা কথা আছে―

(১) জাতি, সম্প্ৰদায়, ধৰ্ম, লিংগ, বৰ্ণৰ ভেদাভেদ দূৰ কৰি মানুহৰ মাজত বিশ্বভাতৃত্ব গঢ়ি তোলা।

(২) ধৰ্ম, দৰ্শন আৰু বিজ্ঞানৰ তুলনামূলক অধ্যয়নক গুৰুত্ব দিয়া।

(৩) প্ৰকৃতিৰ ব্যাখ্যা নোহোৱা নিয়মবোৰ অনুসন্ধান কৰি তাৰ সহায়ত মানুহৰ মাজত সুপ্ত হৈ থকা ঐশ্বৰিক শক্তিৰ বিকাশ ঘটোৱা।

ভাৰতত থিয়চফিকেল ছচাইটিৰ লক্ষ্য হ’ল আধ্যাত্মিক চিন্তা চৰ্চাৰ বিকাশ, বেদ উপনিষদৰ সাৰমৰ্মৰ গৌৰৱক পুনৰ প্রতিষ্ঠা কৰা৷ আধ্যাত্মিক চিন্তা চৰ্চাৰ উপৰিও সকলো শ্ৰেণীৰ মানুহৰ মাজত শিক্ষা বিস্তাৰ থিয়চফিকেল ছচাইতিৰ অন্যতম কাৰ্যসূচী। থিয়চফিকেল ছচাইটিৰ মতে সত্যতকৈ ওপৰত কোনো ধৰ্ম নাই। অধ্যয়ন, অনুচিন্তন, শুদ্ধ জীৱন যাপন, উচ্চ আদৰ্শৰ প্রতি নিষ্ঠা প্ৰদৰ্শনৰ মাজেদি সত্যক পাব পাৰি। আনে জাপি দিয়া প্রমাণবিহীন মতবাদৰ যোগেদি সত্য উপলব্ধি নহয় সত্যক একমাত্ৰ আন্ধাৰৰ যোগেদিহে পাব পাৰি।

থিয়চফিকেল ছচাইটিৰ অৱদান: থিয়চফিষ্টসকলৰ প্ৰচেষ্টাতে ১৮৯৮ খ্ৰী:ত বেনাৰসত চেণ্ট্ৰেল হিন্দু স্কুল প্রতিষ্ঠিত হয়। সেই অনুষ্ঠানটিকে গইনা লৈ ১৯১৫ খ্ৰী:ত বেনাৰস হিন্দু বিশ্ববিদ্যালয় হয়। ১৮৮৯ খ্ৰী:ৰ পিছৰপৰা ড’ এনি বেছান্তে থিয়চফিকেল ছচাইটিৰ গুৰি ধৰিবলৈ লয়। তেওঁ ১৮৯৩ খ্ৰী:ত ভাৰতলৈ আহে। এনি বেছান্তে ভাৰতত ‘হ’ম ৰুল’ আন্দোলনৰ সৃষ্টি কৰি এক শক্তিশালী ৰাজনৈতিক ভূমিকা লৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত এনি বেছান্তৰ অৱদান অতুলনীয়। এনি বেছান্ত হিন্দু ধৰ্ম আৰু সংস্কৃতিৰ এক নিষ্ঠাৱান সেৱিকা আছিল। থিয়চফিকেল ছচাইটিৰ প্ৰচেষ্টাত মহাৰাষ্ট্ৰ ৰাজ্যত ভালেমান শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। এটা সময়ত ভাৰতৰ বহু গন্য-মান্য ব্যক্তি এই সংগঠনৰ সদস্য আছিল। আধ্যাত্মিক, সামাজিক আৰু পিছলৈ দেশপ্ৰেমৰ মহান আদৰ্শৰে ভাৰতীয় লোকক উদ্ধুদ্ধ হ’বলৈ থিয়চফিকেল ছচাইটিয়ে বাট দেখুৱাইছিল।

(ছ) আলিগড় আন্দোলন: ভাৰতৰ ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ সময়ৰ পৰা হিন্দুসকলে পৰিবৰ্তী ব্যৱস্থাক আদৰি লৈছিল। হিন্দুসকলৰ বহুতেই ইংৰাজী ভাষা শিকি লগতে পশ্চিমীয়া শিক্ষা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে। তেনেলোকক ব্ৰিটিছ চৰকাৰে বিভিন্ন পৰ্যায়ৰ চাকৰি দি অনুগত প্ৰজা কৰি তোলে৷ অথচ সেই একে সময়তে ভাৰতীয় মুছলমান সকলে ব্ৰিটিছ শাসনৰ প্ৰতি বিৰূপ মনোভাৱ দেখুৱালে মুছলমানসকলে ভাৰতত ৰাজনৈতিক কৰ্তব্য হেৰুৱাই বিতুষ্ট হৈ পৰে। পশ্চিমীয়া শিক্ষা গ্ৰহণ, ইংৰাজী ভাষা  শিকা আদি কথাৰ প্রতি নেতিবাচক মনোভাৱ দেখুৱাবলৈ লয়। ওৱাহাৰী আন্দোলন আৰু ১৮৫৭ খ্ৰী:ৰ মহাবিদ্ৰোহৰ অন্তত ব্ৰিটিছ শ৷সক গোষ্ঠীও মুছলমান সকলৰ প্রতি নাৰাজ হৈ পৰে। ফলত মুছলমানসকল শিক্ষা-দীক্ষা, চাকৰি আৰু অন্যান্য ৰাজ অনুগ্ৰহৰ পৰা বঞ্চিত হৈ পৰিল। ভাৰতৰ এক বুজন সংখ্যক জনসাধাৰণ নিৰক্ষৰতা, দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ মেৰপাকত সোমাই পৰাত সমস্যা ক্ৰমান্বয়ে জটিল হৈ পৰিল। তেনে সমস্যাবহুল অৱস্থাৰ ওৰ পেলাবলৈ ভাৰতীয় মুছলমানসকলৰ মাজত ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত ধীৰে ধীৰে এটি জাগৰণ জাগি উঠে। হিন্দু সমাজৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ হকে ৰাজা ৰামমোহন ৰায়ে যি কাম কৰিছিল তেনেধৰণে মুছলমানসকলৰ বাবেও এজন ত্ৰাণকৰ্তাৰ আবিৰ্ভাৱ হয়। সেই গৰাকী ব্যক্তিৰ নাম আছিল চাৰ চৈয়দ আহমদ খাঁন। চাৰ চৈয়দ আহমদে ভাৰতীয় মুছলমান সকলৰ দুখ-দুৰ্দশা, হতাশা আৰু স্থবিৰতা দূৰ কৰাৰ হকে বহু কাম কৰি গ’ল। মাজত উনবিংশ শতিকাত হোৱা পুনৰ জাগৰণ আন্দোল ‘আলিগড় আন্দোলন’ নামেৰে পৰিচিত হৈ ৰ’ল। সেই আলিগড় আন্দোলনৰ প্ৰধান গুৰি ধৰোঁতা আছিল চাৰ চৈয়দ আহমদ খাঁন।

চাৰ চৈয়দ আহমদ খাঁনৰ অৱদান: ১৮১৭ খ্ৰী:ত জন্মগ্ৰহণ কৰা চৈয়দ আহমদ খাঁন কুৰি বছৰ বয়সত চৰকাৰী চাকৰিত সোমায়। সময়ত তেওঁ চাব-অৰদিনেট্‌ জাজ হিচাপে পদোন্নতি লাভ কৰে। ১৮৫৭ খ্ৰী:ৰ মহাবিদ্ৰোহৰ সময়ত তেওঁ বিজনৌৰ চহৰত সদৰ আমীন আছিল। সেই সময়ত চৈয়দ আহমদ খাঁন ইংৰাজৰ সম্পূৰ্ণ অনুগত লোক আছিল। ১৮৬৯ খ্ৰী:ত তেওঁ ইংলেণ্ড ভ্ৰমণলৈ যায়। চৈয়দ আহমদ খাঁনে ১৮৭৬ খ্ৰী:ত চৰকাৰী চাকৰিৰ পৰা অৱসৰ লয়। তেওঁক ব্ৰিটিছ চৰকাৰে ১৮৮৮ খ্ৰী:ত ‘নাইট হুদ’ প্ৰদান কৰে। তেতিয়াৰ পৰা তেওঁ চাৰ চৈয়দ আহমদ খাঁন নামেৰে পৰিচিত হয়৷ তেওঁ গৱৰ্ণৰ জেনেৰেল কাউন্সিলৰ সদস্যও হৈছিল। ১৮৯৮ খ্ৰী:ত চাৰ চৈয়দ আহমদ খাঁনৰ মৃত্যু হয়। চাৰ চৈয়দ আহমদ খাঁনে জীৱনৰ আৰম্ভণিৰে পৰা ভাৰতীয় মুছলমান সম্প্ৰদায়ৰ দুখ-দুৰ্দশা কেনেকৈ দূৰ কৰিব পাৰি তাৰ বাবে সততে চিন্তা কৰিছিল। 

১৮৫৭ খ্ৰী:ৰ বিদ্ৰোহৰ পিছতে ইংৰাজ চৰকাৰে ভাৰতীয় মুছলমানসকলক ঘোৰ অবিশ্বাস কৰিবলৈ লয়। সেয়েহে চৰকাৰৰ ঘৰত মুছলমান সকল অৱহেলিত লোক হৈ পৰে। তাৰ উপৰিও সাম্ৰাজ্যবাদী চৰকাৰে বিভেদ নীতিৰে শাসন কৰিবলৈ লৈ হিন্দু-মুছলমানৰ মাজত এক বিৰাট ব্যৱধানৰ সৃষ্টি কৰিছিল। এনেবোৰ কাৰণতে ভাৰতীয় মুছলমানসকলৰ মাজত আধুনিক গতিশীলতা কম আছিল। পুৰণি গোড়ামি, শিক্ষাৰ অভাৱ, অনগ্ৰসৰতা আদি সমস্যাই মুছলমান সকলক আগুৰি আছিল। চাৰ চৈয়দ আহমদ খানে ভাৰতীয় মুছলমান সম্প্ৰদায়ৰ মাজত আধুনিক শিক্ষাৰ প্রসাৰ ঘটাই যুক্তিবাদী নতুন সমাজ এখন গঢ়ি তোলাৰ আঁচনি লয়। সেই দিশৰ প্ৰথম পদক্ষেপ হিচাপে ১৮৬৪ খ্ৰী:ত আহমদ খাঁনে গাজীপুৰত মুছলমান সকলৰ বাবে এখন ইংৰাজী শিক্ষাৰ বিদ্যালয় খোলে। 

তাৰ পিছৰ বছৰত তেওঁ ‘চাইণ্টিফিক ছচাইটি’ নামৰ এটি সংগঠন গঢ়ি তোলে। সেই সংগঠনৰ উদ্দেশ্য আছিল ইংৰাজী ভাষাৰ সকলো প্ৰয়োজনীয় পুথি উৰ্দু ভাষালৈ তৰ্জমা কৰা। চাৰ চৈয়দ আহমদ খানৰ প্ৰচেষ্টাতে ১৮৭৭ খ্ৰী:ত আলিগড়ত ‘মহমেদান এংগল’ অৰিয়েণ্টেল কলেজ’ নামৰ ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠানটো প্রতিষ্ঠিত হয়। উক্ত শিক্ষানুষ্ঠানৰ উদ্দেশ্য আছিল মুছলমানসকলৰ মাজত আধুনিক কলা-বিজ্ঞানৰ জ্ঞান বিলোৱা। ১৯২৭ খ্ৰী:ত উক্ত অনুষ্ঠানেই ‘আলিগড় মুছলিম ইউনিভাৰচিটি’ ত পৰিণত হয়গৈ৷ মুছলমান সম্প্ৰদায়ৰ মাজত উদাৰ ধ্যান-ধাৰণা জগাই তুলিবৰ বাবে তেওঁ ‘মেহেমেদান এড়ুকেছনেল কনফাৰেঞ্চ’ নামৰ সংগঠন এটাও গঢ়ি তুলিছিল। আহমদ খানৰ এই সকলোবোৰ প্ৰচেষ্টাৰ মূল উদ্দেশ্য আছিল অৱহেলিত মুছলমান সম্প্ৰদায়ৰ মাজৰ পৰা অজ্ঞতা দূৰ কৰি এক প্রগতিশীল বাতাবৰণৰ সৃষ্টি কৰা। তেওঁৰ এনে প্ৰচেষ্ট৷ই ভাৰতীয় মুছলমান সকলৰপৰা যথেষ্ট সঁহাৰি পাইছিল। চাৰ চৈয়দ আহমদ খাঁনৰ আলিগড় আন্দোলন সময়ত এক ভাৰতীয় জাতীয় কংগ্ৰেছ বিৰোধী মুছলমান ৰাজনীতিলৈ পৰিৱৰ্তিত হয়। 

ইয়াৰ মূলতে আছিল সাম্ৰাজ্যবাদী ইংৰাজ চৰকাৰৰ বিভেদ নীতিৰ বুট-কৌশল প্ৰয়োগ। এই কামত আলিগড়ৰ প্রথম ইংৰাজ অধ্যক্ষ থিয়দ’ৰ বেক নামৰ ব্যক্তি গৰাকীৰ ভূমিকা উল্লেখযোগ্য। অধ্যক্ষ বেকৰ সম্পাদনাত প্রকাশিত ‘ইন্সটিটিউট গেজেট’ নামৰ পত্ৰিকাত ভাৰতত সংসদী চৰকাৰ প্ৰতিষ্ঠাৰ বিৰূদ্ধে যুক্তি দেখুৱাই ৰাজনৈতিক প্ৰবন্ধ ছপোৱা হৈছিল। প্ৰকৃতাৰ্থত সেই প্ৰবন্ধত ভাৰতীয় হিন্দু-মুছলমানৰ বিভেদ দেখুৱাৰ প্রচেষ্টাহে প্রকাশ পায়। থিয়দ’ৰ বেকে প্ৰণালীবদ্ধ  ভাৱে আহমদ খাঁনক ভাৰতীয় জাতীয় আন্দোলনৰ বিৰুদ্ধে পৰিচালিত কৰিছিল। ভাৰতীয় মুছলমানসকলৰ উন্নতি সধাতকৈ ব্ৰিটিছ সাম্ৰাজ্যবাদী স্বাৰ্থ অটুট ৰখাৰ হকেহে বেকে কাম কৰিছিল। ১৮৯৩ খ্ৰী:ত ‘মেহেমেদান এংগল’ অৰিয়েণ্টাল ডিফেঞ্চ চছিয়েছন’ নাম দি যি সংগঠন কৰা হৈছিল তাৰ মূল উদ্দেশ্যই আছিল মুছলমান সাম্প্ৰদায়িকতা জগাই তোলা। ইংৰাজৰ এনে বুট কৌশলৰ মাজতো বহু সংখ্যক উদাৰপন্থী মুছলমানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা লোৱাটো মন কৰিবলগীয়া কথা; অৰ্থাৎ ভাৰতত জাতীয়তাবাদী মুছলমান লোকৰ অভাৱ হোৱা নাছিল। ৰাজনৈতিক ভূমিকাৰ কথা বাদ দি চাৰ চৈয়দ আহমদ খাঁনে ভাৰতীয় মুছলমানৰ সামাজিক, সাংস্কৃতিক উন্নতিৰ হকে যিখিনি কাম কৰিছিল তাক নশলাগি নোৱাৰি। পশ্চিমীয়া শিক্ষা লাভ কৰাৰ ফলত মুছলমান সমাজত প্ৰচলিত বহু অন্ধবিশ্বাস, ধৰ্মীয় গোড়ামি কমি গৈছিল। 

বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকা অৱস্থাৰ উন্নতি হৈছিল। আহমদ খাঁনে ভাৰতীয় মুছলমানৰ দুৰ্দশাগ্ৰস্ত অৱস্থাৰ অন্ত পেলাবলৈ ইংৰাজৰ সাহায্য অপৰিহাৰ্য বুলি এক বদ্ধমূল ধাৰণা পোষণ কৰিছিল। চতুৰ ইংৰাজ প্রশাসক সকলে তেনে এক ভাৱ জগাই তোলাত সততে সচেষ্ট আছিল। গতিকে উনবিংশ শতিকাৰ ভাৰতীয় জাতীয় জাগৰণৰ ইংৰাজৰ সাম্ৰাজ্যবাদী স্বাৰ্থৰ সক্ৰিয় ভূমিকা দেখা যায়। চাৰ চৈয়দ আহমদ খাঁনে গোটেই জীৱনজুৰি পৰম্পৰাৰ প্রতি অন্ধ আনুগত্য, ৰাজনীতিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল আৰু অযুক্তিবাদৰ বিৰুদ্ধে যুঁজ দিছিল। তেওঁ আনকি পৱিত্ৰ কোৰান পুথিকো সমকালীন যুক্তিবাদী বৈজ্ঞানিক ব্যাখ্যাৰ ভিত্তিতহে গ্রহণ কৰিব বিচাৰিছিল। ধৰ্মান্ধতা, ঠেক মনোবৃত্তি আৰু অপৰবৰ্ধিতা দলিয়াই বহল মন এটা আৰু সহনশীলতাৰ গুণেৰে মুছলমান ছাত্ৰসকলক বিভূষিত হ’বলৈ আহ্বান জনাইছিল। ধৰ্মীয় সহনশিলতাত চৈয়দ আহমদ খাঁনৰ পূৰা বিশ্বাস আছিল। তেওঁ সাম্প্ৰদায়িক বিৰোধৰ বিৰোধিতা কৰিছিল। আহমদ খাঁনৰ আন এটি বিশ্বাস আছিল যে চিন্তা-চৰ্চা আৰু কাম-কাজত আধুনিক হ’ব পাৰিলেহে ইংৰাজ ৰাজত্বৰ বিৰুদ্ধে সাৰ্থকভাৱে যুঁজিব পৰা যাব। 

পৰ্দাপ্রথা আঁতৰাই স্ত্ৰী শিক্ষাৰ প্ৰসাৰ ঘটুৱাই সমাজলৈ এক গতিশীলতা আনিব পৰা যাব বুলি আহমদ খাঁনে দৃঢ় মত পোষণ কৰিছিল। তেওঁ মুছলমানসকলৰ মাজত প্রচলিত বহু বিবাহক নিন্দা কৰিছিল। সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায় যে ভাৰতীয় মুছলমান অনুন্নত অৱস্থাৰপৰা আধুনিক যুগৰ বাবে উপযোগী কৰি তুলিবলৈ চাৰচৈয়দ আহমদ খাঁনে অশেষ যত্ন লৈছিল। আলিগড় আন্দোলনৰ আন বিশিষ্ট নেতাসকল আছিল চিৰাগ নাজিৰ আহমেদ, কবি হালি, শিক্ষাবিদ খোদা ব’। দ্বিজাতি তত্ব আৰু সাম্প্ৰদায়িক মতাদৰ্শ প্ৰচাৰৰ বাবে ঐতিহাসিকসকলে আলিগঁড় আন্দোলনক জগৰীয়া কৰিব বিচাৰে। আনহাতেদি ড” ৰমেশ চন্দ্ৰ মজুমদাৰৰ মতে উনবিংশ শতিকাত হিন্দুসকলৰ কাৰণে নৱজাগৰণ আৰু জাতীয়তাবাদী আন্দোলন যেনে আছিল, মুছলমানসকলৰ কাৰণেও আলিগড় আন্দোলন ঠিক তেনে আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top