Health Benefits of Black Pepper | জালুকৰ উপকাৰিতা

পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদেৰে ভৰপূৰ আৰু এই উদ্ভিদ সমূহৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধি গুণেৰে ভৰপূৰ । পৃথিৱীৰ এই ঔষধি জাতীয় উদ্ভিদবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত । এনে এবিধ ঔষধি গুণেৰে পৰিপুষ্ট মছলাজাতীয় উদ্ভিদ হ’ল – জালুক (Black Pepper) । প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে জালুকৰ উপকাৰিতা Health Benefits of Black Pepper সমূহৰ বাবে বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ প্ৰতিৰোধক ৰূপে ই ব্যৱহাৰ হৈ আহিছে । 

Health Benefits of Black Pepper | জালুকৰ উপকাৰিতা

জালুক কি ? | What is Black Pepper? 

Join Telegram channel

Table of Contents

জালুক হৈছে  মছলাজাতীয় ঔষধি গুণেৰে পৰিপূৰ্ণ এবিধ লতাজাতীয় উদ্ভিদ। জালুক গছৰ ফলবোৰ থোপাবান্ধি থাকে। জালুক গছৰ পাতবোৰ পিপলি আৰু পানৰ পাতৰ সৈতে সাদৃশ্য দেখা যায়। জালুক  গছৰ ফল অৰ্থাৎ গুটিবোৰ গোলাকাৰ আৰু ইয়াৰ বৰণ সেউজীয়া। গুটিবোৰ পূৰঠ হৈ উঠিলে ইয়াৰ বৰণ ক’লা হয়। এই গুটিবোৰ অৰ্থাৎ জালুকৰ সোৱাদ জ্বলা। 

সমগ্ৰ বিশ্বৰ মুঠ উৎপাদনৰ ৫০-৬০ শতাংশ জালুক  পোৱা যায় ভাৰত দেশৰ পশ্চিম ঘাট পৰ্বতমালাৰ পৰা। জলুকৰ  ১০০ ৰো অধিক প্ৰজাতি পোৱা যায়। ফলৰ চৰিত্ৰ, ফুল আৰু পাতৰ আকাৰ প্ৰকাৰৰ পৰা ইয়াৰ প্ৰজাতিবোৰ ভিন্ন হয়। কৰিমুণ্ডা , কোট্টানদন ,  লিলামুণ্ড , কল্লভেলী , পেনিয়ুৰ ১ , পেনীয়ুৰ ২ , পেনীয়ুৰ ৪ , শ্ৰীকাৰা , পঞ্চমী , পূৰ্ণিমা  ইত্যাদি প্ৰজাতিবোৰ অধিক উৎপাদনক্ষম। ভাৰতৰ ভিতৰত কেৰেলা(Kerala)ত অত্যাধিক জালুক  উৎপাদন কৰা হয়। পৃথিৱীৰ প্ৰায়বোৰ দেশেতে জালুকৰ বৃহৎ ব্যৱহাৰ হয়। জালুকৰ বৃহৎ পৰিমাণে খেতি কৰা হয়, ঘৰৰ বাৰিতো ইয়াৰ উৎপাদন কৰা হয় তদুপৰি হাবি – বননিতো  এইবিধ গছ দেখা যায়। 

পুষ্টিকৰ উপাদান আৰু শাৰীৰিক উপকাৰিতা | Nutritious elements and body benefit

জালুকৰ বহুবোৰ গুণাগুণৰ বাবে ই উপকাৰিতা আমাৰ শৰীৰকো বিভিন্ন ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। জালুকত  থকা ভিটামিন A, ভিটামিন C,  কেৰ’টিন,   এণ্টি  অক্সিডেণ্ট আদি উপাদান সমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই। যাৰ বাবে কৰ্কট (Cancer)ৰ দৰে ভয়ানক ৰোগৰ পৰাও আমি বাচি থাকিব পাৰো। পাচন প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো জালুকে উল্লেখনীয় ভূমিকা আগবঢ়ায়। জালুকত  থকা পিপেৰিনে এচিডিতি,  ডায়েৰিয়া, বদহজম আদি নানা ধৰণৰ পেটৰ সমস্যাৰ পৰা শৰীৰক ৰক্ষা কৰে। জালুকত থকা উপাদানবোৰে আমাৰ শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যা নাইকিয়া কৰে। জালুকে শৰীৰত বাঢ়ি অহা চৰ্বি  আঁতৰোৱাৰ উপৰি দেহৰ অতিৰিক্ত পানী আৰু টক্সিন(Toxin)ও  নিষ্কাশন কৰে। জালুকে গেছট্ৰিক (Gastric)ৰ সমস্যাও নাইকিয়া কৰে।

অনেক ঔষধি গুণেৰে পৰিপুষ্ট জালুক অন্যতম খ্ৰাদ্যদ্ৰৱ্য। জালুকৰ ঔষধীয় উপকাৰিতা সমূহৰ বাবে বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদত উল্লেখ আছে যে কেঁচা জালুক  চোবাই খালে কণ্ঠস্বৰ ভাল হয়। এই প্ৰসঙ্গত আয়ুৰ্বেদিক চিকিৎসকে কৈছে শৰীৰৰ চেনেল সমূহ পৰিষ্কাৰ ৰখাত জলুকে  সহায় কৰে। শৰীৰৰ মাইক্ৰো আৰু মেক্ৰো চেনেল সমূহ  জালুকে পৰিষ্কাৰ কৰি ৰাখে। 

জালুক ঔষধি গুণেৰে পৰিপুষ্ট হোৱাৰ উপৰিও ই এক অন্যতম মছলা। ৰান্ধনী ঘৰৰ বহুধৰণৰ ব্যঞ্জন তৈয়াৰ কৰোঁতে জালুকৰ  ব্যৱহাৰ কৰা হয়। বিশেষকৈ মাছ , মাংস, কণীৰ জোল আদি ব্যঞ্জনত  জালুকৰ  ব্যৱহাৰে সুকীয়া সোৱাদ আনে। তদুপৰি জালুক  দিয়া চাহ খালে ডিঙিৰ খছ-খছনি, পানীলগা, কাঁহ, চৰ্দি  আদি সমস্যা নিৰাময় কৰে। 

 জালুকৰ জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | Scientific classification of Black Pepper

  • Kingdom : Plantae 
  • Clade : Tracheophytes 
  • Clade : Angiosperms 
  • Clade : Magnoliids 
  • Order : Piperales 
  • Family : Piperaceae 
  • Genus : Piper 
  • Species : P. nigrum 
  • Scientific name  : Piper Nigrum

জালুকৰ উপকাৰিতা | Health Benefits of Black Pepper 

১. ছালত কোনো ধৰণৰ ফোঁহা (Boil) ওলালে তাত জালুকৰ গুড়ি লগালে ফোঁহাটো বহি যায়। 

২.শৰীৰৰ বিষ – বেদনা (Body pain) আদি ৰোগ নিৰাময়ৰ ক্ষেত্ৰত জালুকৰ  উপকাৰিতা দেখা যায়। শৰীৰত বিষ হ’লে ভেদাইলতা পাতৰ বা ঠাৰিৰ ৰসৰ সৈতে জালুক গুৰি অলপ মিহলাই একেৰাহে দিনত দুবাৰকৈ তিনি – চাৰিদিনমান প্ৰায়ে খালে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়।

৩. জ্বৰৰ পৰা নিৰাময় পাবলৈ জালুক অন্যতম। তুলসীৰ সৈতে জালুক দিয়া চাহ বনাই খালে জ্বৰ ভাল হয়।

৪. নিমোনিয়া, পানীলগা, কাঁহ, শ্বাস ৰোগ আদিৰ বাবে জালুক (Black Pepper) উপকাৰী। এই ৰোগ সমূহ হ’লে এচামুচ মৌ লগত তিনিটা বা চাৰিটা জালুক  গুড়ি কৰি ভালদৰে মিহলাই প্ৰতিদিনে তিনিবাৰকৈ একেৰাহে খালে এই ৰোগ সমূহৰ পৰা ৰেহাই পোৱা যায়। 

৫. মূৰ বিষৰ বাবে জালুকৰ  উপকাৰিতা লক্ষ্য কৰা যায়। এটা জালুক বেজীৰে ফুটা কৰি সেইটো মʼমৰ শিখাত জ্বলিবলৈ দিয়ক। তাৰ পৰা  যি ধোৱা ওলাব, সেই ধোৱাখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক এনে কৰিলে মূৰ বিষ দূৰ হয়।

৬. জালুক  ৰক্তচাপ ( blood pressure ) ৰোগত ভোগা লোকৰ বাবে উপকাৰী। ৰক্তচাপ ৰোগ থকা ব্যক্তি সকলে দিনত দুই – তিনিবাৰকৈ, চাৰি – পাঁচটা জালুকৰ সৈতে ১৫ নহ’লে ২০ টা মান খিচমিচ (Raisins) সেৱন কৰিব লাগে। 

৭. চকুৰ দৃষ্টশক্তি বৃদ্ধিৰ বাবে জালুক (Black Pepper) উপকাৰী। এচামুচ   জালুকৰ  সৈতে অলপমান ঘিউ মিহলাই পুৱা আৰু গধূলি নিয়মীয়াকৈ সেৱন কৰিলে চকুৰ দৃষ্টি বাঢ়ে। 

৮. জালুকৰ  এক উৎকৃষ্ট উপকাৰ হ’ল ওজন হ্ৰাস (weight loss)। শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ আহাৰত জালুকৰ  পৰিমাণ বৃদ্ধি কৰক। 

৯. সৰু ল’ৰা – ছোৱালীৰ কৃমি (Worm) ৰোগৰ প্ৰতিৰোধক হিচাপে জালুকৰ উপকাৰিতা আছে। তিনি – চাৰিটামান জালুকৰ গুড়িৰ সৈতে সামান্য নিমখ মিহলাই সেই মিশ্ৰণখিনিকে দিনত তিনিবাৰকৈ খাব লাগে এনে কৰিলে সৰু ল’ৰা – ছোৱালীৰ কৃ্মি নাশ হয়। 

১০. বহু দিন ধৰি পিত্ত ৰোগত আক্ৰান্ত হৈ থকা মানুহৰ বায়ু ঊদ্ধমূখী হৈ হাঁওফাঁও, বুকু আৰু মূৰৰ বিষ আদিৰ সৃষ্টি হয়। তেতিয়া এই ৰোগ নিৰাময়ৰ বাবে প্ৰায়ে ৩০০ গ্ৰাম গাখীৰৰ লগত তিনি – চাৰিটামান জালুকৰ  গুড়ি ভালদৰে মিহলাই প্ৰতিদিনে দুবাৰকৈ পাঁচ – ছয়দিন খালে এই ৰোগ পৰা নিৰাময় পোৱা যায়। 

১১. ফেৰিণজাইটিছ (Frangities) ৰোগ থকা ৰোগী সকলে দুই – তিনিটা জালুকৰ গুড়ি মণিছালৰ  দুটা গুটিৰ বাকলিৰ ৰসৰ সৈতে মিশ্ৰণ কৰি কুহুমিয়া একাপ গৰম পানীত ভালদৰে মিহলাই ৰাতি ভাত খোৱাৰ পিছত এচামুচকৈ দুই বা তিনিদিন খালে  এই সমস্যাৰ পৰা ৰেহাই পোৱা যায়। 

১২. হাঁপানী  ৰোগৰ বাবেও জালুকৰ উপকাৰিতা মন কৰা যায়। পনৌনোৱা গছৰ শিপাৰ সৈতে অলপমান জালুকৰ  গুড়ি  মিশ্ৰণ কৰি আকৌ ভালকৈ সেই মিশ্ৰণ খুন্দি অলপ কুহুমীয়া গৰমপানী দিনে দুবাৰকৈ দৈনিক ৮-৯ দিন সেৱন কৰিলে হাঁপানী (Asthma) ৰোগ নিৰাময় হয়।

১৩. জালুক গুৰুপাক নাশক, ৰুচিকৰ আৰু বায়ু নাশক। জালুক যকৃত ৰোগৰ বাবেও উপকাৰী।

জালুক কিদৰে ব্যৱহাৰ কৰিব | How to use Black Pepper 


  • শৰীৰত খজুৱতি হ’লে  চাৰি – পাঁচটা জালুক পিহি গৰুৰ ঘিওঁৰ সৈতে মিহলাই ব্যৱহাৰ কৰিলে সকলো প্ৰকাৰৰ খজুৱতি দূৰ হয়। 
  • তুলসীৰ সৈতে জালুক  দি চাহ বনাই খালে জ্বৰ ভাল হয়।
  • বেলপাতৰ ৰসৰ সৈতে জালুকৰ গুড়ি  ভালদৰে মিহলাই ফোঁহা (Boil)ৰ  চাৰিওফালে প্ৰলেপ লগালে ফোঁহা শুকাই যায়। একেৰাহে তিনি – চাৰিদিন ইয়াক ব্যৱহাৰ কৰিব লাগে ।
  • টনছিল (Tonsil) হ’লে ক’লা কচুৰ আঞ্জাৰ সৈতে চাৰি – পাঁচটামান জালুকৰ গুড়ি মিহলাই খালে এই ৰোগৰ পৰা নিৰাময় পোৱা যায়। 
  • শৰীৰত বিষ হ’লে ভেদাইলতা পাত বা ঠাৰিৰ ৰসৰ সৈতে জালুকৰ গুড়ি অলপমান মিহলাই একেৰাহে দিনত দুবাৰকৈ প্ৰায় তিনি – চাৰিদিনমান ব্যৱহাৰ কৰিব লাগে। 
  • ৰান্ধনী ঘৰৰ বিভিন্ন ব্যঞ্জন বনালে জালুক  ব্যৱহাৰ কৰা হয়  আৰু ইয়াৰ ব্যৱহাৰে ব্যঞ্জনত সুকীয়া সোৱাদ আনে।
  • ৩০০ গ্ৰাম গাখীৰৰ লগত তিনি – চাৰিটামান জালুক ( black pepper ) গুড়ি ভালদৰে মিহলাই ব্যৱহাৰ কৰি প্ৰতিদিনে পাঁচ – ছয় দিনকৈ খালে হাওঁফাওঁ, বুকু, মূৰৰ বিষ আদি ৰোগ ভাল হয় । 
  • এচামুচ মৌৰ লগত তিনি – চাৰিটা জালুকৰ  গুড়ি মিহলাই  প্ৰতিদিনে তিনিবাৰকৈ একেৰাহে তিনি – চাৰিদিন খালে নিমোনিয়া, পানী লগা, কাঁহ, শ্বাসৰোগ  আদি নিৰাময় হয়।

জালুকৰ অপকাৰিতা | Side effects of Black Pepper

জালুক ৰ ব্যৱহাৰৰ বহুকেইটা উপকাৰিতা থকাৰ উপৰিও ইয়াৰ অধিকমাত্ৰা উপয়োগে কিছুক্ষেত্ৰত স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰে।

জোখতকৈ অধিকমত্ৰা জালুক খালে পেট জ্বলা – পোৰা (Inflammation) কৰিব পাৰে  গ্ৰহণী (Dysentery)  আৰু পেটৰ অনান্য সমস্যা হোৱাৰো  সম্ভাৱনা থাকে।

সামৰণি | Conclusion 

উক্ত প্ৰবন্ধটিৰ দ্বাৰা আপোনি জালুকৰ এক সাধাৰণ পৰিচয়ৰ পৰা আৰম্ভ কৰি জালুকৰ উপকাৰিতা Health Benefits of Black Pepper আৰু অপকাৰিতাৰ লগতে এই ঔষধিয় মছলাবিধৰ বৈজ্ঞানিক নাম, ইয়াত নিহিত হৈ থকা পুষ্টিকৰ উপাদান, ইয়াৰ ব্যবহাৰ আদিৰ বিষয়ে জানিবলৈ পাৰিলে। আশা কৰো এই প্ৰবন্ধটিয়ে আপোনাক বিভিন্ন ধৰণে উপকাৰ সাধিব। ধন্যবাদ!

Read also: Health Benefits of Black Cumin | ক’লা জিৰাৰ  উপকাৰিতা

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top