The Economy of North-East India Unit 1 উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক বৈশিষ্ট্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, The Economy of North-East India Unit 1 উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক বৈশিষ্ট্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. The Economy of North-East India Unit 1 উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক বৈশিষ্ট্য Question Answer can be of great value to excel in the examination.
The Economy of North-East India Unit 1 উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক বৈশিষ্ট্য
The Economy of North-East India Unit 1 উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক বৈশিষ্ট্য Notes cover all the exercise questions in UGC Syllabus. The Economy of North-East India Unit 1 উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক বৈশিষ্ট্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Economic Characteristics of North East India
ECONOMICS
THE ECONOMY OF NORTH-EAST INDIA
উত্তৰ-পূৱ ভাৰতৰ অৰ্থনীতি
অতি চমু প্রশ্নোত্তৰঃ
১। বৰ্তমান অসমৰ জনসংখ্যা কিমান?
উত্তৰঃ ৩১,১৬৯,২৭২ গৰাকী।
২। মুঠ জনসংখ্যাৰ কিমান সংখ্যক মহিলা আৰু পুৰুষ?
উত্তৰঃ পুৰুষ ১৫,৯৫৪,৯২৭ আৰু মহিলা ১৫,২১৪,৩৪৫ গৰাকী।
৩। জনসংখ্যাৰ দিশেৰে অসমৰ স্থান ভাৰতৰ ভিতৰত কিমান?
উত্তৰঃ ১৪ তম।
৪। অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰঃ প্ৰতি বৰ্গ কিঃমিঃত ৩৯৭ জন।
৫। অসমৰ স্বাক্ষৰতাৰ হাৰ কিমান?
উত্তৰঃ প্ৰায় ৭৩% (৭৩.১৮%)।
৬। অসমৰ জিলা কেইখন?
উত্তৰঃ ২৭ খন ৷
৭ ৷ পুৰুষ আৰু মহিলাৰ স্বাক্ষৰতাৰ হাৰ কিমান?
উত্তৰঃ পুৰুষ ৭৮.৮১ শতাংশ আৰু মহিলা ৬৭.২ । শতাংশ।
৮। প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান?
উত্তৰঃ ১৫৪ গৰাকী।
৯। অসমৰ কিমান শতাংশ লোক নগৰত বাস কৰে?
উত্তৰঃ ১৪.০৮ শতাংশ।
১০। অসমৰ কোনখন জিলাত জনসংখ্যা অধিক?
উত্তৰঃ নগাঁও (২,৮২৬,০০৬)।
১১৷ আয়তনৰ ফালৰ পৰা অসমৰ সৰ্ববৃহৎ জিলাখন কি?
উত্তৰঃ কাৰ্বি আংলং।
১২। অসমৰ অৱস্থিতি ক’ত?
উত্তৰঃ ৮৯°৪২′ পূবৰ পৰা ৯৬° পূব দ্রাঘিমা আৰু ২৪°৮′ উত্তৰৰ পৰা ২৮°২′ উত্তৰ অক্ষৰেখাৰ মাজত।
১৩৷ পৃথিৱীৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি?
উত্তৰঃ মাজুলী।
১৪ ৷ ব্ৰহ্মপুত্ৰ নদীৰ উৎস কি?
উত্তৰঃ চেমা-যুং-দং (Chema-Yung-dung) হিমবাহ।
১৫। অসম অংশত ব্ৰহ্মপুত্ৰ নৈৰ কিমান উপনৈ আছে?
উত্তৰঃ প্রায় ৯০ খন।
১৬। ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান?
উত্তৰঃ ২৯০৬ কিল’মিটাৰ৷
১৭। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি?
উত্তৰঃ লাইকেই (১,৯৫৯ মিঃ)।
১৮৷ কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি?
উত্তৰঃ দাম্বুকছো (১,৩৬৩ মিঃ)।
১৯। কোনটো ৰাষ্ট্ৰীয় পথে অসমক আন ৰাজ্যৰ সৈতে সংযোগ কৰিছে?
উত্তৰঃ ৩১ নং ৰাষ্ট্ৰীয় পথে।
২০। ব্ৰহ্মপুত্ৰ সমতলৰ মুঠ মাটিকালি কিমান? উত্তৰঃ ৫৬,০০০ বর্গ কিল’মিটাৰ।
২১। বৰাক নৈৰ অসম অংশত কিমানখন উপনৈ আছে?
উত্তৰঃ ২৭ খন।
২২। চাহ উৎপাদনত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান?
উত্তৰঃ প্রথম।
২৩। এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক’ত স্থাপন হৈছিল?
উত্তৰঃ অসমৰ ডিগবৈত।
২৪। অসমৰ কোনখন জিলাত জনবসতি ঘন?
উত্তৰঃ কামৰূপ (মেট্র’)ত।
২৫। অসমৰ মানুহৰ প্ৰধান জীৱিকা কি?
উত্তৰঃ কৃষি।
২৬। অসমত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান?
উত্তৰঃ পাঁচখন।
২৭। মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিতি?
উত্তৰঃ বাক্সা জিলাত ৷
২৮। অসমৰ যিকোনো দুটা প্ৰধান ঋতুৰ নাম লিখা?
উত্তৰঃ গ্ৰীষ্ম আৰু বর্ষা।
২৯। অসম কোনটো জলবায়ুৰ অন্তৰ্গত ৰাজ্য?
উত্তৰঃ মৌচুমী জলবায়ু ৷
৩০ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?
উত্তৰঃ এশিঙীয়া গঁড়ৰ বাবে।
৩১। অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ অধিক?
উত্তৰঃ কামৰূপ (মহানগৰ), ৮৮.৭১%।
৩২। কোনখন জিলাৰ শিক্ষিতৰ শতকৰা হাৰ সৰ্বনিম্ন?
উত্তৰঃ ধুবুৰী (৫৮.৩৪%)।
৩৩। অসমত থকা ব্যঘ্ৰ প্ৰকল্প দুটাৰ নাম লিখা।
উত্তৰঃ কাজিৰঙা ব্যঘ্ৰ প্ৰকল্প আৰু মানাহ ব্যঘ্র প্রকল্প।
৩৪। বার্ষিক জলপ্ৰবাহৰ পৰিমাণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ নৈৰ পৃথিৱীৰ ভিতৰত স্থান কি?
উত্তৰঃ তৃতীয় স্থান ৷
৩৫। অসমৰ উদ্যোগসমূহক কি কি দুটা ভাগত ভগাব পাৰি?
উত্তৰঃ কুটীৰ শিল্প আৰু ফেক্টৰী শিল্প।
৩৬৷ প্ৰাচ্যৰ মানচেষ্টাৰ বুলি অসমৰ কোনখন ঠহিক জনা যায়?
উত্তৰঃ শুৱালকুছি।
৩৭। ব্ৰহ্মপুত্ৰ সমতলত কিমান চনৰ পৰা ৰেলসেৱা আৰম্ভ হয়?
উত্তৰঃ ১৮৮৪ চনৰ পৰা।
৩৮। অসমৰ আন্তর্জাতিক বিমান বন্দৰটোৰ নাম কি?
উত্তৰঃ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ ৷
৩৯৷ খনিজ সম্পদত অধিক চহকী অসমৰ পাহাৰীয়া জিলাখনৰ নাম কি?
উত্তৰঃ কাৰ্বি আংলং।
৪০। বৰাক আৰু ব্ৰহ্মপুত্ৰ অৱবাহিকা দুটাৰ জলচ্ছেদ বুলি কাক জনা যায়?
উত্তৰঃ বৰাইল পাহাৰক ৷
৪১ ৷ মাজুলীৰ বৰ্তমান মাটিকালি কিমান?
উত্তৰঃ ৪২১.৬৫ বর্গ কিঃ মিঃ (২০০১ চনৰ লোকপিয়লমতে)
৪২। অসমক কি কি ভৌগোলিক অঞ্চলত ভাগ কৰিব পাৰি?
উত্তৰঃ অসমক (ক) ব্ৰহ্মপুত্ৰ সমতল।
(খ) বৰাক সমতল। আৰু
(গ) উচ্চভূমি অঞ্চলত ভাগ কৰিব পাৰি।
৪৩। অসমত পৌৰ প্ৰশাসনৰ অন্তৰ্ভুক্ত নগৰৰ সংখ্যা কিমান?
উত্তৰঃ ৮০ খন।
88। অসমত বৰ্তমান কিমানখন ডাঙৰ চাহ বাগিছা আছে?
উত্তৰঃ ৮২৫ খন।
৪৫। অসমৰ কোনখন জিলাক ধানৰ পাত্ৰ বোলা হয়?
উত্তৰঃ নগাঁও জিলাক ৷
৪৬ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে পৃথিৱী বিখ্যাত?
উত্তৰঃ এশিঙীয়া গঁড়ৰ বাবে।
৪৭। জন্মহাৰ কি?
উত্তৰঃ জন্মহাৰ হ’ল জনসংখ্যা বিষয়ক এটা অতি গুৰুত্বপূৰ্ণ পৰিসংখ্যা, যি প্ৰতি হাজাৰ (১০০০) জনসংখ্যাত গড় জন্মৰ সংখ্যাক দেখুৱায়। জন্মহাৰ নিৰ্ভৰ কৰা উপাদানকেইটা হৈছে— মহিলাৰ বিবাহৰ বয়স, বিবাহ বন্ধনৰ ম্যায়াদৰ অৱস্থিতি আৰু পৰিয়াল গঠনৰ গতি ৷
৪৮। মৃত্যুহাৰ কি?
উত্তৰঃ মৃত্যুহাৰে প্ৰতি হাজাৰ জনসংখ্যাত গড় মৃত্যুৰ সংখ্যাক দেখুওৱায়। ভাৰতত গড় বছৰি মৃত্যু হাৰ ২০১১ চনত প্ৰতি হাজাৰত ৭.১ জন হৈছে। স্বাস্থ্যসেৱা উন্নতি ইয়াৰ অন্যতম কাৰণ ৷
৪৯৷ শিশুৰ মৃত্যুহাৰ কি?
উত্তৰঃ ই প্ৰতি হাজাৰ শিশুৰ জন্মৰ এক বছৰৰ ভিতৰত গড় মৃত্যুৰ সংখ্যাক বুজায়। ২০১১ চনত শিশুৰ মৃত্যুহাৰ কমি হৈ প্ৰতি হাজাৰত ৪৪ জন হৈছে। শিশু মৃত্যুৰ হাৰৰ কাৰণসমূহ হ’ল – অপুষ্টি, নিমুনিয়া, ভেদ, ৰোগ সঞ্চাৰ ইত্যাদি।
৫০। জনসংখ্যাৰ ঘনত্ব কি?
উত্তৰঃ দেশৰ প্ৰতি বৰ্গ কিল’মিটাৰ অঞ্চলত বসবাস কৰা লোকৰ গড় সংখ্যাক জনসংখ্যাৰ ঘনত্ব বোলে। সাধাৰণতে শিল্পপ্রধান আৰু চহৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব বেছি হয় আৰু গাওঁ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম হয়। ২০১১ চনত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃ ৩৮২ জনলৈ বৃদ্ধি পাইছে যি যোৱা দশকত ১৭.৯% বৃদ্ধি দেখুৱাইছে।
৫১। জনসংখ্যাৰ স্ত্ৰী-পুৰুষৰ গঠনৰ অনুপাত (Sex Ratio) কি?
উত্তৰঃ প্রতি হাজাৰ পুৰুষৰ বিপৰীতে কিমান গৰাকী মহিলা থাকে, তাক স্ত্ৰী-পুৰুষৰ অনুপাত বোলে ৷ ভাৰতত এই অনুপাত ভাৰসাম্য নহয়। ভাৰতত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ২০১১ চনত আছিল ৯৪০ জন।
৫২। জনসংখ্যাৰ বয়সৰ গাঁথনি (Age Composition) কি?
উত্তৰঃ দেশৰ মুঠ জনসংখ্যাত শ্ৰম শক্তিৰ অনুপাত নিৰ্দ্ধাৰণ কৰিব লাগিলে জনসংখ্যাৰ বয়সৰ গাঁথনি অধ্যয়ন কৰা বৰ প্ৰয়োজন। কিছুমান জনসংখ্যা বয়সৰ গাঁথনি হ’ল—০- ১৪ বছৰ, ১৫ – ৬০ বছৰ আৰু ৬০ বছৰ আৰু ইয়াৰ ওপৰত। কৰ্মী জনসংখ্যাৰ বয়সৰ সীমা ১৫৬০ বছৰৰ ভিতৰত ধৰা হৈছে।
৫৩ ৷ বৃত্তিগত বিতৰণৰ অৰ্থ কি?
উত্তৰঃ বৃত্তিগত বিতৰণ হৈছে প্ৰতিটো বৃত্তিগত শ্ৰেণীবিভাজনত শ্ৰমিকৰ সংখ্যা।
৫৪। ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহৰ লোকসকলৰ সাধাৰণ জীৱিকাবোৰ কি কি?
উত্তৰঃ ৰাজ্যিক অৰ্থনীতিৰ আকাৰ হৈছে ২.৬৫১ বিলিয়ন। অৰুণাচল প্ৰদেশৰ জনসংখ্যা প্ৰায় ৩৫% লোকৰ কৃষি হৈছে মুখ্য জীৱিকা। মুঠ খেতি কৰা এলেকাৰ ১৭% জলসিঞ্চনৰ অধীনত আছে। ৰাজ্যখনৰ মুঠ এলেকাৰ প্ৰায় ৬২% বনাঞ্চলৰ অধীনত আছে।
৫৫। ভাৰতৰ উত্তৰ-পূব অংশৰ মুখ্য দখল কোনটো?
উত্তৰঃ অনুসূচীত জনজাতি মুখ্যতঃ উত্তৰ-পূব অঞ্চলৰ পাহাৰত বাস কৰে। এনইআৰৰ তেওঁলোকৰ জীৱিকা আৰু উপাৰ্জনৰ মুখ্য উৎস কৃষিৰ ওপৰত নিৰ্ভৰ কৰে।
৫৬ ৷ উত্তৰ-পূবৰ লোকসকলৰ সম্পদ কি?
উত্তৰঃ পেট্ৰ’লিয়াম আৰু চাহ হৈছে উত্তৰ-পূব অঞ্চলটোত ব্যৱহাৰ কৰা দুটা গুৰুত্বপূৰ্ণ সম্পদ। একে সময়তে কৃষি, উদ্যান পালন আৰু হস্ততাঁত এই ৰাজ্যবোৰৰ মুখ্য কাৰ্যকলাপ হৈ আছে। অৰুণাচল প্রদেশ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত সৰ্ববৃহৎ।
৫৭ ৷ উত্তৰ-পূব ভাৰতৰ জনসংখ্যা কিমান?
উত্তৰঃ সাতখন ৰাজ্যৰে গঠিত উত্তৰ-পূব ভাৰতত জনসংখ্যা ৪৫ নিযুতৰো অধিক। জনসংখ্যাৰ সামগ্রিক ঘনত্ব হৈছে ১৫৯ জন।
৫৮ ৷ উত্তৰ-পূব ভাৰতৰ জনসংখ্যা কোনখন ৰাজ্যত সৰ্বাধিক?
উত্তৰঃ জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসম প্রথম স্থানত আছে আৰু প্ৰতি বর্গ কিলোমিটাৰত ৩৯৭জন ব্যক্তি আছে আৰু তাৰ পিছত ত্ৰিপুৰা প্রতি বর্গ কিঃমিঃত ৩৫০ জন, মেঘালয় প্রতি বর্গত ১৩২ জন ব্যক্তি।
৫৯। অসমৰ কেইখনমান কফি বাগিছা আৰু কেইখনমান ৰবৰ বাগিছাৰ নাম লিখা।
উত্তৰঃ কফি বাগিছাঃ হাৰমতী, ওপৰ দেওপানী, চুতীয়া নলা, হামৰেণ, বৰগাওঁ আদি। ৰবৰ বাগিছাঃ বুঢ়া পাহাৰ, দলামৰা, ৰঙাগৰা, বৰগাঁও, বৈথালাংছু, হেনেংঘেৰি, কাহাৰা আদি ।
৬০। অসমৰ আৱৰি থকা সাতখন ভাৰতীয় ৰাজ্য আৰু দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ অসমক আৱৰি থকা সাতখন ভাৰতীয় ৰাজ্য হ’ল — পশ্চিমবঙ্গ, অৰুণাচল প্রদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু নাগালেণ্ড। দুখন বিদেশী ৰাষ্ট্ৰহ’ল— ভূটান আৰু বাংলাদেশ ।
৬১। বয়স লিংগ পিৰামিড কি?
উত্তৰঃ বয়সৰ পৰিসৰ অনুক্ৰমে পুৰুষ আৰু নাৰীৰ সাংখ্যিক গাঁথনিক উপস্থাপন কৰা ৰঞ্জক চত্ৰক বয়স লিংগ পিৰামিড বোলে৷
৬২। জনগাঁথনিগত দ্বিতীয় পর্যায়ত কোনখন দেশ আছে?
উত্তৰঃ বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক কাৰণত জনগাঁথনিগত পৰিৱৰ্তনৰ দ্বিতীয় পৰ্যায়ত কেইবাখনো দেশ আছে; যাৰ ভিতৰত আছে চাহাৰা, আফ্ৰিকা, গুয়াতেমাল, নাউৰু পেলেষ্টাইন, য়োমন আৰু আফগানিস্তান।
৬৩। প্ৰথম জনগাঁথনিগত পৰিৱৰ্তন কি?
উত্তৰঃ জনগাঁথনিগত পৰিৱৰ্তন হৈছে মৃত্যু আৰু জন্মৰ ঐতিহাসিক হ্ৰাস। যিটো ১৮ শতিকাৰ পৰা কেইবাটাও ইউৰোপীয় জনসংখ্যাত দেখা গৈছিল আৰু বৰ্তমান বেছিভাগ উন্নয়নশীল দেশত অব্যাহত আছে।
৬৪ ৷ জনগাঁথনিগত পৰিৱৰ্তনৰ অৰ্থ কি?
উত্তৰঃ জনগাঁথনিগত পৰিৱৰ্তন হৈছে এখন দেশৰ জনসংখ্যাৰ পৰিৱৰ্তনৰ এক আৰ্হি, য’ত কোৱা হৈছে যে যেতিয়া দেশখন উচ্চ জন্মৰ হাৰ আৰু উচ্চ মৃত্যুৰ হাৰৰ পৰা নিম্ন জন্ম হাৰলৈ পৰিৱৰ্তন হয় আৰু জনসংখ্যা স্থিৰ কৰা মৃত্যুৰ হাৰলৈ পৰিৱৰ্তন হয় তেতিয়া জনসংখ্যা বৃদ্ধি হোৱা বন্ধ হ’ব।
৬৫ ৷ জনগাঁথনিগত পৰিৱৰ্তনে অর্থনীতিক কেনেদৰে প্ৰভাৱিত কৰে?
উত্তৰঃ জনগাঁথনিগত পৰিৱৰ্তনে কেইবাটাও মাধ্যমৰ জৰিয়তে GDP বৃদ্ধিক প্ৰভাৱিত কৰিব পাৰে। প্ৰথমতে জনসংখ্যাৰ নিম্ন বৃদ্ধিৰ অৰ্থ হৈছে শ্ৰমিকৰ ইনপুট হ্ৰাস কৰা। সেয়েহে যদি জনসংখ্যাত বৃদ্ধসকলৰ অংশ বৃদ্ধি হয়, মুঠ সঞ্চয় হ্ৰাস হ’ব, যাৰ ফলত বিনিয়োগ বৃদ্ধি হ্রাস হ’ব আৰু তাৰ ফলত GDP বৃদ্ধি হ্রাস হ’ব।
৬৬। জনগাঁথনিগত পৰিৱৰ্তনৰ অন্তিম পৰ্যায়টো কি?
উত্তৰঃ ঔদ্যোগিক পৰ্যায় অনুসৰণ কৰাটো হৈছে জনগাঁথনিগত পৰিৱৰ্তনৰ অন্তিম পর্যায়। এই পর্যায়টোক ঔদ্যোগিক পৰ্যায়ৰ পিছৰ বুলি কোৱা হয় আৰু ইয়াক এক স্থিৰ মানৱ জনসংখ্যা দ্বাৰা চিহ্নিত কৰা হয় নিম্ন জন্মহাৰ আৰু নিম্ন মৃত্যুহাৰ দুয়োটাৰ সৈতে।
৬৭ ৷ জীৱিকা নির্বাহৰ সংৰচনা কি?
উত্তৰঃ ৰাষ্ট্ৰ এখনত কৰ্মৰত অথবা কর্মক্ষম পুৰুষ আৰু নাৰী শক্তিটোৱে অৱস্থা বিশেষে যিবিলাক কৰ্ম বা সেৱাৰ মাধ্যমেৰে অৰ্থ উপাৰ্জন কৰি জীৱিকা নির্বাহ কৰে তাকে জীৱিকা নিৰ্বাহৰ সংৰচনা বোলে।
৬৮। বয়স বঢ়াৰ প্ৰক্ৰিয়াৰ জনসংখ্যা মানে কি?
উত্তৰঃ জনসংখ্যাৰ বয়স সংৰচনাৰ যি প্ৰক্ৰিয়াত বয়সীয়া লোকৰ সংখ্যা শিশু অথবা কিশোৰৰ পৰিমাণতকৈ ক্ৰমশঃ বাঢ়ি যায় তাকে বয়স বঢ়াৰ প্ৰক্ৰিয়াৰ জনসংখ্যা বুলি কোৱা হয় ।
৬৯। এখন দেশৰ জনসাধাৰণ কিদৰে আন এখন দেশৰ জনসাধাৰণৰ পৰা পৃথক?
উত্তৰঃ পৃথিৱীৰ প্ৰতিখন দেশৰ জনসংখ্যাৰ ক্ষেত্ৰত বয়সৰ গঠন, লিংগ অনুপাত, সাক্ষৰতা, গ্ৰাম্য পৌৰ বসতিৰ অনুপাত, অর্থনৈতিক বৃত্তি আদি ভিন্ ভিন্ হয়। সেয়েহে, এখন দেশৰ জনসাধাৰণ আন এখন দেশৰ জনসাধাৰণৰ পৰা পৃথক হয় ।
চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ
১। বৰ্ধিত জনসংখ্যাই মানুহৰ মাজত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে?
উত্তৰঃ সাম্প্ৰতিক কালত বিশ্বজুৰি জনসংখ্যা দ্রুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে। এই জনসংখ্যা বৃদ্ধিত সমগ্ৰ পৃথিৱীৰ মানুহে ভয়াবহ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। জনসংখ্যা বৃদ্ধিয়ে আনুষঙ্গিক সমস্যাৰো জন্ম দিছে। সেইবোৰ হ’ল নিবনুৱা সমস্যা, খাদ্য সংকট, যাতায়াত আৰু পৰিবহনৰ সমস্যা, মূল্যবৃদ্ধি আদিয়েই প্রধান বুলি ক’ব পাৰি।
২। কি কি কাৰণত কোনো এডোখৰ ঠাইত জনবসতি ঘন হয়?
উত্তৰঃ কোনো এখন ঠাইৰ জনবসতি ঘন হ’বলৈ হলে তাৰ ভৌগোলিক অৱস্থান ভাল হ’ব লাগিব ৷ তাৰ জলবায়ু, মাটি, যাতায়াত, শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আগবঢ়া, ধৰ্মীয় স্থান তথা খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকিব লাগিব। কিয়নো এনে অনুকূল অৱস্থাতেই মানুহৰ আগমন ঘটে। তাৰ লগতে মাটি উৰ্বৰা আৰু খেতি-মাটি ভাল হ’ব লাগিব। তেনে ঠাইতে মানুহৰ ঘনত্ব বেছি হয়।
৩। জনগাঁথনিগত পৰিৱৰ্তন তত্ত্বৰ গুৰুত্বটো লিখা।
উত্তৰঃ জনগাঁথনিক পৰিৱৰ্তন আৰ্হি ব্যৱহাৰ কৰি জনতত্ত্ববিদসকলে পাঁচটা পৰ্যায়ৰ ভিতৰত ইয়াৰ স্থাপনৰ ওপৰত আধাৰিত কৰি এখন দেশৰ বৰ্তমানৰ জনসংখ্যা বৃদ্ধি ভালদৰে বুজিব পাৰে আৰু তাৰ পিছত এখন দেশৰ ভিতৰত আৰু সমগ্ৰ ৰাষ্ট্ৰৰ ভিতৰত অৰ্থনৈতিক আৰু সামাজিক নীতিবোৰ সম্বোধন কৰাৰ বাবে ব্যৱহাৰ কৰিব লগা তথ্য প্রদান কৰিব পাৰে৷
৪। জনসংখ্যাৰ গাঁথনি বা সংৰচনা কি?
উত্তৰঃ জনসংখ্যাৰ যিবোৰ বৈশিষ্ট্যৰ দ্বাৰা এখন ঠাইৰ জনসংখ্যাক গুণগতভাৱে আন এখন ঠাইৰ জনসংখ্যাৰ পৰা পৃথক কৰিব পাৰি তাকেই জনসংখ্যাৰ গাঁথনি বা জনসংখ্যাৰ সংৰচনা বুলি কোৱা হয়৷ জনসংখ্যাৰ সংযুতিৰ অধ্যয়নৰ দ্বাৰাহে এখন ঠাইৰ জনসংখ্যাৰ প্ৰকৃত গাঁথনিটো নিৰূপণ কৰিব পাৰি। জনসংখ্যাৰ এই গাঁথনি মূলতঃ কেতবোৰ উপাদানৰ দ্বাৰা নিৰ্ণয় কৰা হয়। সেই উপাদানবোৰ হ’ল— জনসংখ্যাৰ বাসস্থান, বৃত্তি আদি। বয়সৰ গাঁথনি, পুৰুষ-মহিলাৰ অনুপাত, সাক্ষৰতা, বাসস্থান, বৃত্তি আদি।
৫। বয়সৰ সংৰচনা বুলিলে কি বুজা?
উত্তৰঃ এখন দেশ বা একোটা অঞ্চলৰ জনসমষ্টিত বিভিন্ন বয়সৰ লোকে বসবাস কৰে। এনে একোটা অঞ্চলৰ জনসমষ্টিৰ মাজত বিভিন্ন বয়সসীমাৰ লেখেৰে ভগোৱা শ্ৰেণীসমূহৰ সমষ্টিক সেই জনসমষ্টিৰ বয়সৰ সংৰচনা বুলি কোৱা হয়। বয়সৰ সংৰচনাত শিশু, কিশোৰ, কর্মক্ষম লোক আৰু কৰ্মদক্ষতা হ্রাস পোৱা লোকৰ সংখ্যা বয়সসীমাৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা হয়।
৬। বয়স আৰু লিংগ পিৰামিডৰ তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ জনসংখ্যাৰ বয়স আৰু লিংগানুপাতিক সংৰচনা উপস্থাপন কৰা ৰঞ্জক চিত্ৰক বয়স লিংগ পিৰামিড বুলি কোৱা হয়। এনে এটা জনসংখ্যা পিৰামিডৰ সহায়ত জনসমষ্টি এটাৰ ভালেমান জৈৱিক আৰু আৰ্থ-সাংস্কৃতিক চৰিত্ৰ বিচাৰি পোৱা যায় ৷ এনে একোটা পিৰামিডৰ বাঁওফালে পুৰুষ আৰু সোঁফালে নাৰীৰ জনসংখ্যা বয়সৰ ঊর্ধ্বক্ৰমত জনসমষ্টিটোৰ মুঠ জনসংখ্যাৰ শতাংশ স্কেলত উপস্থাপন কৰা হয়। চিত্ৰবোৰত আনুভূমিকভাৱে অংকন কৰা প্ৰতিটো স্তম্ভ বয়সৰ সমান ব্যৱধানত অংকন কৰা হয়। বয়স আৰু লিংগ পিৰামিডৰ ভূমিয়ে যিদৰে শিশুক বুজায়, ইয়াৰ শীৰ্ষ ভাগে বয়সীয়াল লোকক প্ৰতিনিধিত্ব কৰে ৷
৭। ‘অসমৰ অনুন্নত পৰিবহন ব্যৱস্থা অর্থনৈতিক উন্নতিৰ ৰবাধাস্বৰূপ।’—বুজাইলিখা।
উত্তৰঃ কেইবাখনো ৰাজ্য আৰু বিদেশী ৰাষ্ট্ৰই আৱৰি থকা ৰাজ্যখন প্ৰতিৰক্ষাৰ বাবে উন্নত পৰিবহন আৰু যাতায়ত ব্যৱস্থাৰ অতি প্রয়োজন। অধিকতৰ পৰিবহন ব্যৱস্থা উপত্যকাৰ সমতলেৰে যোৱা বাবে বাৰিষা কালত প্ৰায়ে বন্ধ ৰাখিব লগা হয়। পৰিবহন ব্যৱস্থা সুচল নোহোৱা বাবে পাহাৰীয়া অঞ্চলত উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানি কৰাত আৰু আন ঠাইৰ পৰা অন্যান্য অত্যাৱশ্যকীয় সামগ্রী আমদানি কৰাত অসুবিধা হয়৷ গধুৰ উদ্যোগৰ বাবে বাহিৰৰ পৰা যন্ত্রপাতি আমদানি কৰি আনিবলৈ উন্নত পৰিবহন ব্যৱস্থা সুচল নহয়। সেয়ে অঞ্চলটো খনিজ সম্পদত চহকী হোৱা স্বত্বেও অনুন্নত পৰিবহন ব্যৱস্থাৰ বাবে উন্নতিত বাধাস্বৰূপ হৈ পৰিছে।
৮। ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত অসমৰ গুৰুত্ব কেনে?
উত্তৰঃ অসমৰ অৱস্থান হ’ল ভাৰতৰ উত্তৰ-পূব কোণত৷ ইয়াৰ উত্তৰে চীন আৰু ভূটান তথা মধ্য এছিয়া আৰু পূৱে দক্ষিণ- পূৱ এছিয়াৰ নিকটৱৰ্তী ৰাজ্য। সেয়েহে ইয়াৰ সামাজিক জীৱনত আৰু ইয়াৰ অধিবাসী, জীৱ-জন্তু, উদ্ভিদ আদিত চীনদেশ আৰু দক্ষিণ পূৱ এছিয়াৰ প্ৰভাৱ স্পষ্ট। তদুপৰি বৰ্তমানৰ বিশ্বায়নৰ যুগত ভাৰতবৰ্ষই দক্ষিণ-পূৱ এছিয়া আৰু চীনৰ লগত স্থলেৰে সংযোগ স্থাপন কৰিবলৈ হ’লে মূলতঃ অসমৰ মাজেৰে সংযোগ স্থাপন কৰিব লাগিব। আনহাতে আকৌ অসমে ইয়াৰ তিনিও কাষৰীয়া ৰাজ্যকেইখনৰ বাবে দেশৰ লগত সংযোগ স্থাপন কৰিবলৈ দুৱাৰ স্বৰূপে দায়িত্ব পালন কৰি আহিছে।
৯৷ অসমৰ হাবিত কি কি বন্যপ্ৰাণী পোৱা যায়?
উত্তৰঃ অসমৰ হাবিত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু, সৰীসৃপ, চৰাই-চিৰিকটি, উভচৰ প্ৰাণী, পোক-পৰৱা, মৌ-মাখি আদি থাকে। ইয়াৰ হাবিত এশিঙীয়া গঁড়, হাতী, বাঘ, বনৰীয়া ম’হ, ভালুক, গাহৰি, হলৌ বান্দৰ, সোণালী আৰু টুপীমুৰীয়া বান্দৰ, পহু, নেউল, কেৰ্কেটুৱা আদিৰ উপৰিও খাল-বিল, পিটনি, পুখুৰী আদিত বিভিন্ন প্ৰজাতিৰ মাছ, কাছ, সাপ, ভেকুলী আদিও পোৱা যায় ৷ হাতী, এশিঙীয়া গড়, হলৌ বান্দৰ, বনৰীয়া ম’হ আৰু দেওহাঁহ বৰ মূল্যৱান প্ৰাণী। অসমৰ নৈবোৰত পোৱা বিভিন্ন আলংকৰিক মাছ খলিহনা, পুঠি, পানীমুতুৰা, গঙাটোপ, বটিয়া আদি পৃথিৱী বিখ্যাত।
১০। জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক কাৰক উল্লেখ কৰা।
উত্তৰঃ জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক কাৰক হ’ল –
(ক) জলবায়ু।
(খ) ভূ-প্রকৃতি।
১১। জন প্ৰব্ৰজনৰ দুটা আকর্ষণীয় কাৰক উল্লেখ কৰা।
উত্তৰঃ জন প্ৰবজনৰ দুটা আকর্ষণীয় কাৰক হ’ল—
(ক) উন্নত শিক্ষা ব্যৱস্থা।
(খ) অধিক নিয়োগৰ সুবিধা।
১২। জনগাঁথনিগত পৰিৱৰ্তনৰ চাৰিটা স্তৰ কি কি?
উত্তৰঃ জনতত্ত্ববিদ ৱাৰেণ থম্পছনৰ দ্বাৰা প্ৰথমতে ১৯২৯ চনত জনগাঁথনিগত পৰিৱৰ্তন আৰ্হিৰ প্ৰস্তাৱ দিয়া হৈছিল। আৰ্হিটোৰ চাৰিটা স্তৰ আছে—
(ক) প্রাক্-ঔদ্যোগিক।
(খ) নগৰীকৰণ ঔদ্যোগিক।
(গ) পৰিপক্ক ঔদ্যোগিক।
(ঘ) ঔদ্যোগিক – পৰৱৰ্তী।
১৩। জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণসমূহ ডল্লেখ কৰা।
উত্তৰঃ জনসংখ্যাৰ বৃদ্ধিৰ প্ৰধান কাৰণবোৰ হ’ল—
(ক) প্ৰথমতে নিম্নগামী মৃত্যুৰ হাৰ।
(খ) দ্বিতীয়তে চৰকাৰৰ জন্ম নিয়ন্ত্ৰণৰ আঁচনিৰ বিফলতা।
(গ) তৃতীয়তে উন্নত চিকিৎসা বিজ্ঞান।
(ঘ) চতুৰ্থতে উন্নত যোগাযোগৰ বিতৰণ ব্যৱস্থা।
(ঙ) পঞ্চমতে শিক্ষাৰ অভাৱ তথা অজ্ঞানতা ইত্যাদি ।
১৪। জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা উপাদান কি কি?
উত্তৰঃ জনসংখ্যাৰ পৰিৱৰ্তনৰ তিনিটা উপাদান হল (ক) জন্মহাৰ (Birth rate)। মৃত্যুহাৰ (Death rate)। প্ৰব্ৰজন (Migration)।
১৫। জনসংখ্যা সংযুতিৰ দুটা উপাদান লিখা।
উত্তৰঃ জনসংখ্যা সংযুতিৰ দুটা উপাদান হ’ল—
(ক) লিংগ অনুপাতিক সংৰচনা।
(খ) বয়স সংৰচনা।
১৬। বৰ্দ্ধিত জনসংখ্যাই কিদৰে অৰ্থনৈতিক উন্নয়নক প্ৰভাৱান্বিত কৰিছে?
উত্তৰঃ (ক) জনসংখ্যা বৃদ্ধি আৰু ক্ৰমান্বয়ে হ্রাস পোৱা ভূমি আৰু মানুহৰ অনুপাত।
(খ) জনসংখ্যা আৰু ইক’লজি।
(গ) জনসংখ্যা বৃদ্ধি আৰু নিম্ন জীৱন ধাৰণৰ মানদণ্ড।
(ঘ) জনসংখ্যা আৰু উৎপাদনহীন ভোক্তা ৷
(ঙ) জনসংখ্যা আৰু নিবনুৱা সমস্যা।
(চ) জনসংখ্যা, খাদ্য-দ্ৰৱ্যৰ যোগান আৰু পুষ্টিহীনতা।
(ছ) জনসম্পদৰ অপচয়।
১৭। উদ্যোগৰ ক্ষেত্ৰত অসম পিচপৰি থকাৰ কাৰণ কি কি?
উত্তৰঃ উদ্যোগৰ ক্ষেত্ৰত অসম পিচপৰি থকাৰ কাৰণসমূহ হ’ল—
(ক) ভৌগোলিক অৱস্থিতি সুবিধাজনক নহয় ৷
(খ) অর্থনৈতিক উন্নতিৰ একমাত্র উপায় কৃষি যদিও বিভিন্ন প্রাকৃতিক দুর্যোগে কৃষি উৎপাদনত বাধা দিয়ে।
(গ) ৰাজনৈতিক দিশৰ পৰা অঞ্চলটো এতিয়াও গুৰুত্বৰ পৰা দূৰৈত ৷
(ঘ) খনিজ সম্পদত চহকী যদিও ইয়াৰ উপযুক্ত ব্যৱহাৰ হোৱা নাই ৷
(ঙ) বিনিয়োগকাৰীৰ অভাৱ।
(চ) আন্তঃগাঁথনিৰ অভাৱ ৷
(ছ) উগ্ৰপন্থীৰ কৃতাঘাটমূলক কার্যকলাপৰ বাবে অঞ্চলটোৱে উদ্যোগৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব পৰা নাই ৷
১৮। অসমৰ জনসংখ্যাৰ বয়সৰ গাঁথনি আৰু নিৰ্ভৰতাৰ বোজা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ১৯৭১ চনৰ লোকপিয়ল অনুযায়ী অসমৰ জনসংখ্যাৰ বয়সৰ গাঁথনিৰ পৰা দেখা গৈছে ০ পৰা ১৪ বয়সৰ ভিতৰত (স্কুলত যোৱা সময়) আৰু ১৫ পৰা ৫৯ বয়সৰ (কাম কৰা বয়স) মানুহৰ সংখ্যা যথাক্রমে মুঠ জনসংখ্যাৰ শতকৰা ৪৬.৯ ভাগ আৰু ৪৮.৪ শতাংশ আছিল। আনহাতে গোটেই ভাৰতৰ এই সংখ্যা আছিল যথাক্রমে মুঠ জনসংখ্যাৰ শতকৰা ৪২.২ আৰু ৫২.০ ভাগ। গতিকে আমি ইয়াৰ পৰা দেখিবলৈ পাইছোঁ যে অসমৰ মুঠ জনসংখ্যাৰ নিৰ্ভৰতাৰ বোজা হৈছে শতকৰা ৫১.৬ ভাগ আৰু গোটেই ভাৰতৰ এই বোজা হৈছে শতকৰা ৪৮ ভাগ।
১৯৮১ চনত অসমত কোনো লোকপিয়ল হোৱা নাছিল। কিন্তু ১৯৯১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ বয়সৰ গাঁথনি আৰু নিৰ্ভৰতাৰ যথেষ্ট পৰিৱৰ্তন পৰিলক্ষিত হৈছে। ১৯৯১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ বয়সৰ গাঁথনিৰ পৰা দেখা গৈছে যে ০ ৰ পৰা ৬ বছৰ বয়সৰ জনসংখ্যা অসমৰ মুঠ জনসংখ্যাৰ ১৯.৭৩ শতাংশ আছিল আৰু গোটেই ভাৰতত এই অনুপাত আছিল ১৭.৯৪ শতাংশ। তদুপৰি অসমৰ আনুমানিক জনসংখ্যাৰ বয়সৰ গাঁথনিৰ শতাংশ হিচাপে বিতৰণৰ পৰা পৰিলক্ষিত হৈছে যে ১৯৯২ চনত বিভিন্ন বয়সৰ শ্ৰেণী যেনে ০ ৰ পৰা ১.৪ বছৰ (স্কুলত যোৱা বয়স), ১৫ ৰ পৰা ৫৯ বছৰ (কাম কৰা বয়স) আৰু ৬০ আৰু ইয়াতকৈ বেচি বছৰ বয়সৰ (অৱসৰকালীন বয়স) মানুহৰ আনুপাতিক পৰিমাণ মুঠ জনসংখ্যাৰ যথাক্রমে ৩৬.১ শতাংশ, ৫৯.৪ শতাংশ আৰু ৪.৫ শতাংশ আছিল৷ ইয়াৰে পৰা পৰিলক্ষিত হৈছে যে অসমৰ মুঠ জনসংখ্যাৰ নিৰ্ভৰতাৰ বোজা ১৯৯২ চনত আছিল ৪০.৬ শতাংশ।
আকৌ ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ওপৰোক্ত তিনিটা বয়সৰ শ্ৰেণীত থকা আনুপাতিক পৰিমাণ মুঠ জনসংখ্যাৰ যথাক্রমে ৩৭.৪ শতাংশ, ৫৬.৬৩ শতাংশ আৰু ৫.৯৬ শতাংশ আছিল, যি ৰাজ্যিক জনসংখ্যাৰ নিৰ্ভৰতাৰ বোজা ২০০১ চনত ৪৩.৩৬ শতাংশ বুলি দেখুৱাইছে।
তদুপৰি অসমৰ মুঠ জনসংখ্যাৰ মাজত মুঠ কৰ্মচাৰীৰ অনুপাত, অৰ্থাৎ অসমত কামত যোগদানৰ হাৰ আছিল ৩৬.৯ শতাংশ আৰু তুলনামূলকভাৱে এই একেই অনুপাত গোটেই ভাৰতত আছিল ৩৭.৪৬ শতাংশ। গতিকে অসমত কাম-নকৰা মানুহৰ সংখ্যা মুঠ জনসংখ্যাৰ অনুপাতত আছিল ৬৩.৯ শতাংশ আৰু তুলনামূলকভাবে এই একেই অনুপাত গোটেই ভাৰতত আছিল ৬২.৫ শতাংশ।
১৯। অসমত জন্ম হাৰ আৰু মৃত্যুৰ হাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ ১৯৬১ চনৰ লোকপিয়ল অনুসৰি আমি দেখিবলৈ পাওঁ যে অসমত জন্মৰ হাৰ আছিল প্রতি হেজাৰত ৪৯ জন কিন্তু মৃত্যুৰ হাৰ ১৯৫১ চনৰ প্ৰতি হেজাৰত ৩১.৮ জনৰ কৰা কমি গৈ ১৯৬১ চনত হৈছিল প্ৰতি হেজাৰত ২৬.৯ জন। ১৯৭০ চনত অসমত জন্মহাৰ কমি গৈ হৈছিল প্ৰতি হেজাৰত ৩৮.৮ আৰু মৃত্যুহাৰ লগতে কমি গৈ হৈছিল প্রতি হেজাৰত ১৬.২ জন। এই একেই ১৯৭০ চনত গোটেই ভাৰতৰ জন্ম হাৰ আৰু মৃত্যুহাৰ আছিল যথাক্রমে ৩২.৮ জন আৰু ১৪.৯ জন। তুলনামূলকভাবে একই সময়ত গোটেই ভাৰতৰ এই হাৰসমূহ আছিল যথাক্রমে প্রতি হেজাৰত ৩৪ জন আৰু ১৮.০ ভাগ। ইয়াৰ পিচত ১৯৯১ চনত অসমত জন্মহাৰ আৰু মৃত্যুহাৰ আৰু কমি গৈ হৈছিল যথাক্রমে প্রতি হেজাৰত ৩০.৯ জন আৰু ১১.৫ জন। আকৌ Sample পঞ্জীয়ন ব্যৱস্থাৰ হিচাপ ২০০৬ অনুসৰি দেখা গৈছে যে ২০০৫ চনত অসমত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ যথাক্রমে প্রতি হেজাৰত ২৫.০ আৰু ৮.৭ জন আছিল আৰু তুলনামূলকভাৱে গোটেই ভাৰতত এই একেই হাৰ আছিল যথাক্রমে প্রতি হেজাৰত ২৩.৮ আৰু ৭.৬ জন। গতিকে আমি দেখিবলৈ পাইছো য়ে যোৱা কেইবছৰ ধৰি গ্ৰীষ্ম মণ্ডলীয় ৰোগৰ হ্ৰাস হোৱা, চিকিৎসা ব্যৱস্থাৰ উন্নতি জনস্বাস্থ্যৰ উন্নতি, জনস্বাস্থ্যৰ উন্নতি, শিক্ষাৰ প্ৰসাৰ আৰু পৰিয়াল পৰিকল্পনা আঁচনিৰ প্ৰভাবৰ ফলত জন্ম হাৰ আৰু মৃত্যু হাৰ দুয়োটাই দৃঢ়ভাবে কমি আছে।
ইয়াৰোপৰি আমি আৰু দেখিবলৈ পাইছো যে মৃত্যুহাৰ যি হাৰত কমিছে জন্মহাৰ এই একেই হাৰত কমিব পৰা নাই ৷ ইয়াৰ ফলত জন্মহাৰ আৰু মৃত্যুহাৰৰ মাজত এতিয়াও যথেষ্ট পার্থক্য আছে। ২০০৫ চনত এই পার্থক্য যাক আমি স্বাভাৱিক বৃদ্ধি হাৰ বুলি কওঁ, সি আছিল প্রতি হেজাৰ ১৬.৩ জন।
২০। অসমৰ জনসংখ্যাৰ ঘনত্বৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ১৯৯১ চনৰ লোকপিয়ল অনুসৰি অসমত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত আছিল ২৮৬ জন আৰু ১৯৮১ চনত এই ঘনত্ব আছিল ২৫৪ জন। কিন্তু এই একেই সময়ছোৱাত গোটেই ভাৰতৰ জনসংখ্যাৰ ঘনত্ব আছিল যথাক্রমে ২৬৭ জন আৰু ২১৬ জন। অসমৰ বিভিন্ন জিলাবোৰৰ ভিতৰত নগাঁও জিলাৰ জনসংখ্যাৰ ঘনত্ব আছিল সর্বোচ্চ, যি ১৯৭১ চনৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত আছিল ৩০২ জন। জনসংখ্যাৰ ঘনত্ব অনুসৰি অসমৰ অন্যান্য জিলাবোৰক ক্ৰমিক সংখ্যাত দেখুৱাব পৰা যায়। যেনে— কামৰূপ (২৮৯), কাছাৰ (২৮৬), গোৱালপাৰা (২১৫), শিৱসাগৰ (২০৪০), ডিব্ৰুগড় (২০১), দৰং (১৯৮), লক্ষীমপুৰ (১২৬) আৰু কাৰ্বি আংলং (১৬১)। ১৯৯১ ৰ লোকপিয়ল অনুসৰি ধুবৰী জিলাৰ জনসংখ্যাৰ ঘনত্ব আছিল সর্বোচ্চ অর্থাৎ প্রতি বর্গ কিলোমিটাৰত ৪৭০ জন আৰু সৰ্বনিম্ন ঘনত্ব আছিল উত্তৰ কাছাৰ জিলাত প্ৰতি বৰ্গ কিঃমিঃ ৩১ জন। ২০০১ চনৰ প্ৰাথমিক লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত ৩৪০ জনলৈকে বৃদ্ধি পাইছে আৰু ১৯৯১ চনত তুলনামূলকভাবে এই ঘনত্ব আছিল ২৮৬ জন। ২০০১ চনৰ লোকপিয়ল অনুসৰি ধুবুৰী জিলাৰ জনসংখ্যাৰ ঘনত্ব সর্বোচ্চ (৫৮৫) আছিল আৰু ই ক্রম অনুসৰি নগাওঁত ৫৮২ জন আৰু কামৰূপত ৫৮১ জন আৰু সৰ্বনিম্ন ঘনত্ব (৩৮) আছিল উত্তৰ কাছাৰ জিলাত ৷
২১ ৷ অসমত পুৰুষ আৰু মহিলা অনুসৰি জনসংখ্যাৰ অনুপাত দেখুওৱা।
উত্তৰঃ ১৯৯১ চনৰ লোকপিয়লৰ ৰিপৰ্টৰ পৰা প্ৰকাশ পাইছে যে অসমৰ মুঠ জনসংখ্যাৰ ২২৪ লাখৰ ভিতৰত ১১৬.৫ লাখ পুৰুষ আৰু ১০৭.৫ লাখ মহিলা৷ পুৰুষ আৰু মহিলা জনসংখ্যাৰ অনুপাত ১৯৯১ চনত প্ৰতি হেজাৰ পুৰুষত ৯২৫ গৰাকী মহিলা আছিল আৰু তুলনামূলকভাবে ১৯৭১ চনত এই অনুপাত আছিল ৮৯৬ গৰাকী মহিলা। আকৌ সৰ্বভাৰতীয় ক্ষেত্ৰত ১৯৯১ চনত এই একেই অনুপাত আছিল ৯২৭ জন মহিলা। অসমৰ বিভিন্ন জিলাবোৰৰ ভিতৰত এই অনুপাত সৰ্বোচ্চ আছিল ধুবুৰী জিলাতে ৯৫০ গৰাকী মহিলা আৰু সৰ্বনিম্ন আছিল উত্তৰ কাছাৰ পাহাৰ জিলাত ৮৪১ গৰাকী মহিলা। আকৌ ২০০১ চনৰ প্ৰাথমিক লোকপিয়লৰ প্ৰতিবেদন অনুসৰি অসমৰ মুঠ ২৬৬ লাখ জনসংখ্যাৰ মাজত ১৩৭.৭৭ লাখ হৈছে পুৰুষ আৰু ১২৮.৭৮ লাখ হৈছে মহিলা। গতিকে পুৰুষ আৰু মহিলাৰ অসমত জনসংখ্যাৰ অনুপাত ২০০১ চনত প্ৰতি হেজাৰ পুৰুষত ৯৩২ গৰাকী মহিলা আছিল।
২২৷ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি কি?
উত্তৰঃ 2001 চনৰ লোকপিয়ল মতে অসমত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ সংখ্যা যথাক্রমে মুঠ জনসংখ্যাৰ শতকৰা 6.85 ভাগ আৰু 12.4 ভাগ আছিল । তুলনামূলকভাবে গোটেই ভাৰতত এই একেই জনসংখ্যাৰ শতকৰা হাৰ মুঠ জনসংখ্যাৰ তুলনাত আছিল যথাক্রমে 16.3 আৰু 7.9 ভাগ। 2001 চনত অসমত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ জনসংখ্যা আছিল যথাক্রমে 1825 হেজাৰ আৰু 3308 হেজাৰ। অসমত বিভিন্ন জিলাৰ অনুসূচীত জাতিৰ ভিতৰত অনুসূচীত জাতিৰ জনসংখ্যা সর্বোচ্চ হ’ল কাছাৰ জিলাত আৰু ইয়াৰ পিচৰ স্থান হ’ল নগাওঁ জিলাৰ। অসমৰ পাৰ্বত্য জিলা দুখনত অনুসূচীত জনজাতিৰ বসবাসৰ প্ৰাধান্য বেছি আৰু অসমৰ সমতল জিলাৰ মাজত অনুসূচীত জনজাতিৰ সংখ্যা সর্বোচ্চ হ’ল কোকৰাঝাৰ জিলাত ৷
২৩। অসমত শিক্ষিতৰ হাৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ অসমত শিক্ষিতৰ হাৰ সৰ্বভাৰতীয় শিক্ষিতৰ হাৰৰ তুলনাত বৰ বেছি উল্লেখযোগ্য নাছিল ৷ অসমত শিক্ষিতৰ হাৰ ১৯৬১ চনৰ শতকৰা ২৭.০ ভাগৰ পৰা ধীৰ গতিত বৃদ্ধি পাই হৈছিল ১৯৭১ চনত শতকৰা ১৮.১। তুলনামূলকভাবে সৰ্বভাৰতীয় শিক্ষিতৰ হাৰ ১৯৬১ চনত শতকৰা, ১৪.০ ভাগৰ পৰা বৃদ্ধি পাই ১৯৭১ চনত হৈছিল শতকৰা ২৯.৫। ১৯৯১ চনত অসমত শিক্ষিতৰ হাৰ বৃদ্ধি ৫২.৯ শতাংশ হৈছিল আৰু এই একেই বছৰত সৰ্বভাৰতীয় শিক্ষিতৰ হাৰ আছিল ৫২.২ শতাংশ। শিক্ষিতৰ হাৰৰ ক্ষেত্ৰত আৰু এটা উল্লেখযোগ্য দিশ হ’ল অসমত তিৰোতা মানুহৰ শিক্ষিতৰ হাৰ ভালেখিনি বৃদ্ধি পাই ১৯৬১ চনৰ শতকৰাৰ ১৫.১ ভাগৰ পৰা ১৯৭১ চনত হৈছিল শতকৰা ৪৩.০৩ ভাগ আৰু অনুৰূপভাবে অসমত পুৰুষৰ শিক্ষিতৰ হাৰ এই একেই সময়ত বৃদ্ধি পাই হৈছিল যথাক্রমে শতকৰা ৩৭.৩ ভাগৰ পৰা শতকৰা ৬১.৮ ভাগ। অসমত বিভিন্ন জিলাৰ মাজত শিৱসাগৰ জিলাৰ শিক্ষিত হাৰ আছিল সর্বোচ্চ (শতকৰা ৫৮.২) আৰু মিকিৰ পাৰ্বত্য জিলাৰ শিক্ষাৰ হাৰ আছিল সর্বনিম্ন (শতকৰা ৪৬.৩)। ভাৰতৰ বিভিন্ন ৰাজ্যবিলাকৰ মাজত শিক্ষিতৰ হাৰৰ ক্ষেত্ৰত অসমৰ স্থান আছিল ষোড়শ।
আকৌ ২০০১ চনৰ লোকপিয়লৰ প্ৰাথমিক প্রতিবেদন অনুসৰি অসমত শিক্ষিতৰ হাৰ ৬৩.২৫ শতাংশলৈ বৃদ্ধি পাইছে আৰু এই পুৰুষৰ শিক্ষিতৰ হাৰ আছিল ৭১.২৮ শতাংশ আৰু তিৰোতাৰ শিক্ষিতৰ হাৰ আছিল ৫৪.৬১ শতাংশ। অসমৰ বিভিন্ন জিলাৰ মাজত সর্বোচ্চ শিক্ষিতৰ হাৰ আছিল যোৰহাট জিলাত (৭৬.৩৩ শতাংশ) আৰু ইয়াৰ পিছত থকা জিলাবোৰ হ’ল শিৱসাগৰ (৭৪.৪৭ শতাংশ) আৰু কামৰূপ (৭৪.১৬ শতাংশ) আৰু সৰ্বনিম্ন শিক্ষিতৰ হাৰ থকা জিলা হ’ল ধুবুৰী জিলা (৪৮.২১ শতাংশ)।
২৪ ৷ অসমত শ্ৰমিকৰ সংখ্যা আৰু জীৱিকাৰ উপায় বিতৰণ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত মুঠ শ্ৰমিকৰ সংখ্যা হ’ল ৯৫.৩৮ লাখ, যি ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৩৫.৮ শতাংশ আছিল। বিভিন্ন অর্থনৈতিক কাম-কাজত শ্রমিক শক্তিৰ বণ্টনৰ (শতাংশ হিচাপত) অৱস্থা হ’ল এনেধৰণৰঃ খেতিয়ক—৩৯.১ শতাংশ, কৃষি শ্রমিক ১৩.২ শতাংশ, ঘৰুৱা পশু পালন, কাঠনি তৈয়াৰ, চিকাৰ, বাগিছা আৰু সংযুক্ত কাম-কাজ১০.৫ শতাংশ, খনি আৰু শিলখনা— ০.৪৯ শতাংশ, শিল্পকর্ম, মেৰামতি আৰু পৰিষেৱা৪.০ শতাংশ, নির্মাণ— ১.৫৭ শতাংশ, ব্যৱসায় আৰু বাণিজ্য – ৬.৮ শতাংশ, যোগাযোগ২.৫ শতাংশ আৰু অন্যান্য কাম-কাজ— ২১.৮ শতাংশ।
১৯৯১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ শ্ৰমিকৰ সংখ্যা আছিল ৮১.০৮ লাখ, যি ৰাজ্যৰ মুঠ জনসংখ্যাৰ শতকৰা ৩০ ভাগ। বিভিন্ন অর্থনৈতিক কাম-কাজত শ্রমিক শক্তিৰ বণ্টনৰ (শতকৰা হিচাপত) অৱস্থা হ’ল এনেধৰণৰ : কৃষক-শতকৰা ৫০.৯, কৃষি শ্রমিক-শতকৰা ১২.০৯ ঘৰুৱা জন্তু পালন, কাঠনি তৈয়াৰ, চিকাৰ, বাগিছা ১০.৫ শতাংশ। খনি আৰু উদ্যোগ শতকৰা ২.৫ আৰু অন্যান্য কাম-কাজ শতকৰা ৩৩.৪ ভাগ।
২৫। অসমত নগৰীয়া জনসংখ্যাৰ বৃদ্ধি আৰু ইয়াৰ উৎসৰ বিষয়ে লিখা।
উত্তৰঃ আগৰ পৰাই অসমৰ অধিক সংখ্যক জনসংখ্যা গাঁও অঞ্চলত বসবাস কৰাৰ ফলত ইয়াত নগৰীকৰণৰ প্ৰভাৱ প্ৰথম অৱস্থাত পৰা নাছিল ৷ নিম্ন গতিত নগৰায়ন আৰু নিম্ন হাৰত ঔদ্যোগিক উন্নয়নৰ ফলত অসমত থলুৱা জনসংখ্যাৰ গাঁওৰ পৰা চহৰ অঞ্চলত প্ৰব্ৰজন প্রথম পৰ্যায়ত বৰ বেছি পৰিমাণে হোৱা নাছিল ৷ উদাহৰণস্বৰূপে ১৯৪১ চনত অসমৰ মুঠ জনসংখ্যাৰ মাথোন ৩.১১ শতাংশ চহৰ অঞ্চল বসবাস কৰি আছিল আৰু এই সময়ছোৱাত গোটেই ভাৰতৰ মুঠ জনসংখ্যাৰ ১৪.৬ শতাংশ চহৰ অঞ্চলত বসবাস কৰি আছিল৷ আকৌ ১৯৪১-৫১ চনৰ সময়ছোৱাত অসমৰ নগৰীয়া জনসংখ্যা ২০৮ হেজাৰৰ পৰা বৃদ্ধি পাই ৩৪৪ হেজাৰ হৈছিল আৰু লগতে অসমৰ নগৰীয়া জনসংখ্যা মুঠ জনসংখ্যা ৩.১১ শতাংশৰ পৰা ৪.১১ শতাংশলৈ বৃদ্ধি পাইছিল। এই সময়ছোৱাত অসমৰ নগৰ অঞ্চলৰ জনসংখ্যাৰ বৃদ্ধিৰ কাৰণসমূহৰ ভিতৰত চহৰ অঞ্চলত নতুন চৰকাৰী কাৰ্যালয় স্থাপন, পূর্ব বঙ্গদেশৰ শৰণাৰ্থীৰ আৰু চহৰ অঞ্চলত বসবাস কৰাৰ বৰ্দ্ধিত আকর্ষণ আদিয়ে উল্লেখযোগ্য আছিল ৷
যদিও অসমৰ নগৰীয়া জনসংখ্যা অতি নগণ্য আকাৰৰ, কিন্তু ১৯৫১ চনৰ পিছৰ পৰা এই নগৰীয়া জনসংখ্যা ক্ৰমে বৃদ্ধি পাই আছে। বিভিন্ন অর্থনীতিবদ সকলৰ মতানুসৰি নগৰায়ন আৰু বিভিন্ন অর্থনৈতিক উন্নয়ন মাজত ঘনিষ্ঠ সম্পর্ক বর্তমান। তেওঁলোকৰ মতে গাঁও অঞ্চলৰ পৰা চহৰ অঞ্চলত জনসংখ্যা প্ৰব্ৰজনৰ ফলত নগৰীয়া জনসংখ্যা অতি দ্রুতগতিত বৃদ্ধি পাই আছে আৰু ই বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি কৰি আছে। গতিকে অনুন্নত দেশসমূহৰ চৰকাৰে এই অঞ্চলৰ পৰা চহৰ অঞ্চলত জনসংখ্যাৰ প্ৰব্ৰজন বোধ কৰিবলৈ প্ৰচেষ্টা চলাইছে। কিন্তু এই প্ৰব্ৰজনৰ গতিকে বোধ কৰাটো বৰ কঠিন হৈ পৰিছে।
ভাৰতৰ তুলনাত অসমত নগৰীকৰণৰ গতিধাৰা পৰিলক্ষিত হৈছে। অসমত মুঠ নগৰীয়া জনসংখ্যা ১৯০১ চনৰ ৭৭ হেজাৰৰ পৰা ক্ৰমে বৃদ্ধি পাই ১৯৫১ চনত ৩.৪৪ লাখ পাইছিল ৷ এই সময়ছোৱাত অসমৰ নগৰীয়া জনসংখ্যা মুঠ জনসংখ্যাৰ ২.৩৪ শতাংশৰ পৰা লাহে লাহে বৃদ্ধি পাই ১৯৫১ চনত ৪.২৯ শতাংশ হৈছিল আৰু এই একেই সময়ছোৱাত গোটেই ভাৰতৰ নগৰীয়া জনসংখ্যাৰ ১৯০১ চনৰ ১০.৮৪ শতাংশৰ পৰা ১৯৫১ চনত ১৭.২৯ শতাংশলৈ বৃদ্ধি পাইছিল ৷ গতিকে এই শতিকাৰ প্ৰথমাৰ্দ্ধত গোটেই ভাৰতৰ তুলনাত অসমত নগৰীকৰণৰ প্ৰভাৱ বৰ কম আছিল। কিন্তু এই একেই সময়ছোৱাত অসমত নগৰীয়া জনসংখ্যাৰ দশকীয়া বৃদ্ধিৰ হাৰ ১৯১১ চনৰ ২০.৫৫ শতাংশৰ পৰা বৃদ্ধি পাই ১৯৩১ চনত ৩৬.৮০ শতাংশ, ১৯৪১ চনত ২৮.৩০ শতাংশ আৰু ১৯৫১ চনত যথেষ্ট বৃদ্ধি পাই ৬৫.৭০ শতাংশ হৈছিল। কিন্তু এই একেই সময়ছোৱাত গোটেই ভাৰতত এই নগৰীয়া জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ১৯১১ চনৰ ০.৩৫ শতাংশৰ পৰা ক্ৰমে বৃদ্ধি পাই ১৯৪১ চনত ৩১.৯৭ শতাংশ আৰু চনত শতাংশ হৈছিল।
২৬। অসমৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণৰ বিষয়ে লিখা।
উত্তৰঃ বৰ্তমান অসমৰ জনসংখ্যা ৩.১১ কোটি। ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ স্থান ১৪তম। অসমৰ অধিকতৰ জনসংখ্যা ব্ৰহ্মপুত্ৰ আৰু বৰাক সমতলত থূপ খাই আছে। নগাওঁ, ধুবুৰী, কামৰূপ জিলাত ব্ৰহ্মপুত্ৰ সমতলৰ ভিতৰত জনসংখ্যা অধিক। পার্বত্য জিলা উত্তৰ কাছাৰ, কাৰ্বি আংলঙত জনসংখ্যা কম। জিলাখনৰ অধিক সংখ্যক ঠাই পৰ্বত-পাহাৰে আৱৰা, খেতি-বাতিৰ বাবে অসুবিধা, যাতায়ত ব্যৱস্থা অনুন্নত হোৱাৰ লগতে উগ্ৰপন্থীৰ সমস্যা যথেষ্ট হোৱা বাবে পার্বত্য জিলাকেইখনত জনবসতি সেৰেঙা। ২০০১ চনত ধুবুৰী জিলাৰ জনসংখ্যা আছিল ২৫,৬৮,৯৯৩ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ জনসংখ্যা আছিল ১,৮৬,১৮৯ জন। ২০০১ চনত অসমৰ জনসংখ্যা আছিল ২.৬৬ কোটি। কিন্তু ২০১১ চনত ই ৩.১১ কোটিলৈ বৃদ্ধি পায়। বৃদ্ধিৰ হাৰ ১৬.৯%। অৱশ্যে বৃদ্ধিৰ হাৰ ১৯৭১ চনৰ পৰা হ্রাস পাই আহিছে। উল্লেখনীয় যে ধুবুৰী, গোৱালপাৰা, বৰপেটা, মৰিগাঁও, নগাঁও — এই জিলাকেইখনৰ বৃদ্ধিৰ হাৰ অধিক ৷ যোৱা দশকত এই কেইখনৰ বৃদ্ধিৰ হাৰ আছিল ২০ ৰ পৰা ২৪ শতাংশ। কাৰণ এই জিলাকেইখনলৈ প্ৰব্ৰজন অত্যাধিক হাৰত হৈছে ৷
আনহাতে যোৰহাট, শিৱসাগৰ আদি জিলাবোৰত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কম। ২০০১ চনত যোৰহাট জিলাৰ জনসংখ্যা আছিল ১০.০৯ লাখ। ২০১১ চনত ইহয় ১০.৯.১ লাখ। আনহাতে ২০০১ চনত নগাঁও জিলাৰ জনসংখ্যা আছিল ২৩.১৫ লাখ। ২০১১ চনত ইবৃদ্ধি পায় ২৮.২৬ লাখলৈ।
বৰাক সমতলৰ তিনিখন জিলাৰ ভিতৰত কাছাৰ জিলাৰ জনসংখ্যা ১৭.৩৬ লাখ আৰু হাইলাকান্দি জিলাৰ ৬.৫৯ লাখ। অর্থনৈতিকভাৱে অনুন্নত হোৱা হেতুকে অঞ্চলটোত জনসংখ্যা তুলনামূলকভাৱে কম।
জনসংখ্যাৰ ঘনত্বৰ ফালৰ পৰা কামৰূপ (মেট্ট’)ৰ ঘনত্ব অধিক (প্রতি বর্গ কিঃমিঃ ২০১০ জন)। ধুবুৰী জিলাত প্রতি বর্গ কিঃমিঃত ১১৭১ জন। ডিমা হাছাও জিলাত জনসংখ্যাৰ ঘনত্ব সর্বনিম্ন প্রতি বর্গ কিঃমিঃ ৪৪ জন।
২৭। জনসংখ্যা পৰিৱৰ্তনৰ প্ৰভাৱ ব্যাখ্যা কৰা।
উত্তৰঃ সাধাৰণতে জনসংখ্যাৰ পৰিৱৰ্তন বুলি ক’লে এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নির্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যাৰ হ্ৰাস অথবা বৃদ্ধি ঘটি জনসংখ্যাৰ পৰিমাণৰ যি পৰিৱৰ্তন ঘটে তাকে কোৱা হয়। কিন্তু, দিনে দিনে পৃথিৱীত জনসংখ্যাৰ পৰিমাণ বৃদ্ধি পাই আহিছে আৰু জনসংখ্যাৰ বৃদ্ধিয়ে জনসংখ্যাৰ পৰিৱৰ্তন ঘটাইছে। গতিকে, আমি জনসংখ্যাৰ পৰিৱৰ্তন বুলি ক’লে জনসংখ্যাৰ বৃদ্ধিক বুজিব লাগিব। গতিকে, এনে পৰিৱৰ্তন অর্থাৎ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ধনাত্মক হ’লে মানৱ সম্পদৰ ক্ষেত্ৰত আগুৱাই দেশ এখনে বিভিন্ন দিশত আগুৱাব পাৰিব ৷ আনহাতে, জনসংখ্যাৰ ঋণাত্মক বৃদ্ধিৰ ফলত খাদ্যৰ নাটনিয়ে দেখা দিয়ে আৰু দেশৰ খনিজ পদাৰ্থৰ পৰিমাণ লাহে লাহে কমি আহে। কর্ম সংস্থানৰ অভাৱ ঘটি নিৱনুৱা সমস্যাৰ সৃষ্টি হয় । জনসংখ্যাৰ এনে বৃদ্ধিৰ ফলত উপযুক্ত বাসস্থানৰ অভাৱ ঘটে। বৰ্ধিত জনসংখ্যাৰ খাদ্যৰ চাহিদা পূৰ কৰিবলৈ খেতি-পথাৰবোৰত এবিধ শস্যৰ পাছত আন এবিধ শস্যৰ খেতি কৰিবলৈ লোৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্রাস পায়। ফলস্বৰূপে উৎপাদনৰ ক্ষমতা হ্রাস পায়। সেইদৰে, প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলত এইবোৰৰ সঞ্চিত ভাণ্ডাৰ উদং হ’বলৈ ধৰিছে।
এইদৰেই জনসংখ্যাৰ পৰিৱৰ্তনে ভৱিষ্যতৰ বাবেও নানা প্ৰকাৰৰ সমস্যা সৃষ্টিৰ পথ প্ৰশস্ত কৰিছে।
২৮ ৷ জনপ্ৰব্ৰজনৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকবোৰ কি কি? এইবোৰৰ বিষয়ে চমু আলোচনা কৰা ৷
উত্তৰঃ প্ৰব্ৰজনৰ লগত জড়িত কাৰকসমূহ (Factors for migration): জনপ্রব্রজন সংঘটিত হোৱাৰ লগত ভালেমান কাৰক জড়িত হৈ থাকে। এনেকুৱা কাৰকবোৰৰ ভিতৰত আছে ——
(ক) কৃষিভূমিৰ প্ৰাচুৰ্যতা (Availability of Land)
(খ) নিয়োগৰ সুবিধা (Availability of Works)
(গ) সম্পদৰ প্ৰাচুৰ্যতা (Availability of Minerals)
(ঘ) ধৰ্মীয় কাৰক (Religion factor)
(ঙ) ৰাজনৈতিক কাৰক (Political factor)
(চ) বলপ্রয়োগ (Forced Migration)
তলত ওপৰোক্ত প্ৰতিটো কাৰকৰ বিষয়ে চমু আলোচনা কৰা হ’ল—
(ক) কৃষিভূমিৰ প্ৰাচুৰ্যতাঃ ধৰাপৃষ্ঠৰ সৰহভাগ প্ৰব্ৰজনকাৰী কৃষিভূমিৰ বাবেই এখন দেশৰ পৰা আন এখন দেশলৈ অথবা এটা অঞ্চলৰ পৰা অইন অঞ্চললৈ প্ৰব্ৰজন কৰে। সাধাৰণতে যিবোৰ দেশৰ কৃষি মাটি কৃষিৰ বাবে উপযোগী নহয় তেনেকুৱা ঠাইৰ মানুহে অন্য দেশৰ সাৰুৱা আৰু কৃষি উপযোগী অথচ মুকলি হৈ পৰি থকা অঞ্চলবোৰলৈ প্ৰব্ৰজন কৰে। কৃষিভূমিক লৈ অতি প্রাচীন কালৰে পৰা প্ৰব্ৰজন ঘটি আহিছে। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ সৰহভাগ লোক ইউৰোপৰ পৰা প্ৰব্ৰজন হোৱা বাসিন্দা। তাহানিৰ ইউৰোপৰ ভূমিহীন কৃষক আৰু বৃহৎ কৃষি পাম পাতিবলৈ ইচ্ছুক লোকসকলৰ প্ৰব্ৰজনৰ ফলতে এইবোৰ দেশত বসতি হৈছিল৷ তেনেদৰে ভাৰতবৰ্ষ আৰু বাংলাদেশৰ উদাহৰণ দিব পাৰি। অত্যাধিক জনসংখ্যাৰ বাবে বাংলাদেশত কৃষি মাটিৰ অভাৱ হেতুকে ভাৰতবৰ্ষৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ চৰ পৰি থকা ভূমিবোৰলৈ বাংলাদেশী লোকৰ আগমন ঘটিছে।
(খ) নিয়োগৰ সুবিধাঃ জীৱিকাৰ সুবিধাও জনপ্ৰব্ৰজনৰ এক উল্লেখযোগ্য কাৰক। সাধাৰণতে যিবোৰ দেশৰ জনসংখ্যাৰ ঘনত্ব অত্যাধিক সেইবোৰ দেশত-মানুহৰ জীৱন ধাৰণ প্ৰণালী অত্যন্ত কষ্টকৰ আৰু সমস্যাবহুল। সেইবাবে তেনেকুৱা দেশ বা অঞ্চলৰ পৰা জীৱিকাৰ সন্ধানত মানুহ দেশান্তৰ হ’বলৈ হ’ল। যিবোৰ ঠাইৰ জনসংখ্যা পাতল, জীৱিকাৰ সুবিধা পোৱা যায় তেনেকুৱা ঠাইবোৰলৈ বিভিন্ন দেশৰ পৰা প্ৰব্ৰজনকাৰীৰ সোঁত ব’বলৈ লয়। কুৰি শতিকাৰ আৰম্ভণি কালত আমেৰিকাৰ বিভিন্ন দেশত বিভিন্ন নগৰ-চহৰবোৰ স্থাপিত হ’বলৈ লোৱাৰ লগে লগে তাত পর্যাপ্ত পৰিমাণে নিয়োগৰ সুবিধা হোৱাত ইউৰোপৰ হাজাৰ হাজাৰ লোক আমেৰিকালৈ গৈ স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। আনহাতে বিদেশী চৰকাৰবোৰ উচ্চ হাৱত দৰমহা তথা অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত চিকিৎসক-বিজ্ঞানী আদি লোকসকলেও নিজৰ দেশ এৰি তেনেকুৱা দেশবোৰত থাকিবলৈ লয়৷ কোৱা বাহুল্য যে নগৰ-চহৰবোৰত দৈনিক মজুৰীৰ পৰিমাণ অধিক হোৱা হেতুকে চুবুৰীয়া গ্ৰাম্য অঞ্চলৰ পৰা নগৰলৈ সৰহ সংখ্যক লোকৰ প্ৰব্ৰজন ঘটা দেখা যায়।
(গ) সম্পদৰ প্ৰাচুৰ্যতাঃ নানাবিধ খনিজ সম্পদৰ প্ৰাচুৰ্যতাৰ ফলতো এটা অঞ্চলৰ পৰা অইন এটা অঞ্চললৈ মানুহৰ প্ৰব্ৰজন ঘটে। সাধাৰণতে যিবোৰ অঞ্চলত খনিজ পদাৰ্থৰ অভাৱ থকা সম্পদখিনিও দেশৰ অৰ্থনৈতিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত ঠিকমতে ব্যৱহাৰ কৰিব পৰা হোৱা নাই তেনেকুৱা অঞ্চলবোৰৰ পৰা য’ত পর্যাপ্ত পৰিমাণে খনিজ সম্পদ উদঘাটন কৰিবলৈ লৈছে তেনেকুৱা অঞ্চললৈ বিভিন্ন কাৰণত মানুহে প্ৰব্ৰজন কৰে। খনিজ সম্পদ উদঘাটন কৰাৰ উপৰিও এনেকুৱা অঞ্চলবোৰত খনিজ সম্পদৰ ভিত্তিত নানা প্ৰকাৰৰ উদ্যোগ প্রতিষ্ঠান স্থান হয়। এই উদ্যোগিক প্ৰতিষ্ঠানসমূহৰ আৱশ্যকীয় সা-সঁজুলি তথা সা-সামগ্ৰী আৰু বিভিন্ন প্ৰকাৰৰ খনিজ সম্পদবোৰৰ ভিত্তিত সেইবোৰ ঠাইত এক বৃহৎ বজাৰ সৃষ্টি হয়। সেয়েহে এনেকুৱা অঞ্চলবোৰত পৰ্যাপ্ত পৰিমাণে নিয়োগৰ নতুন নতুন সুবিধা হোৱা বাবে বিভিন্ন অঞ্চলৰ পৰা মানুহৰ প্ৰব্ৰজন ঘটে। আনকি কাৰিকৰী দিশত পাৰ্গত লোক অন্য দেশৰ পৰাও আনিব লগা হয়। উদাহৰণস্বৰূপে সোণৰ খনি উদ্ধাৰ হোৱাৰ লগে লগে দক্ষিণ আফ্ৰিকালৈ প্ৰব্ৰজনকাৰী লোকৰ সংখ্যা দ্ৰুতগতিত বাঢ়িবলৈ লৈছিল। যুক্তৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ মেচাবি পাহাৰত লোৰ খনি উদ্ধাৰ হোৱাৰ পাছত সেই অঞ্চললৈ পূবৰ উপকূলীয় অঞ্চলৰ পৰা দ্ৰুতগতিত মানুহৰ প্ৰব্ৰজন ঘটে আৰু মেচাৰিৰ আশে-পাশে ভালেমান নতুন নতুন নগৰ-চহৰ জন্ম হৈছে।
(ঘ) ধৰ্মীয় কাৰকঃ ধৰ্মৰ ভিত্তিতো প্ৰব্ৰজন ঘটা দেখা যায়। বিশেষকৈ যিবোৰ দেশ ধৰ্মৰ ভিত্তিত গঠিত হয় তেনেকুৱা দেশবোৰত অন্য ধৰ্মৰ লোক বসবাস কৰাটো নিষিদ্ধ কৰা হয় ৷ এনেকুৱা পৰিপ্ৰেক্ষিতত সেইবোৰ দেশত অইন ধৰ্মৰ লোক কোনো কাৰণতে সহজভাৱে বাস কৰিব নোৱাৰে। সেয়েহে তেনেকুৱা দেশ বা অঞ্চলৰ পৰা মানুহ ধৰ্মনিৰপেক্ষ দেশলৈ স্থানান্তৰ ঘটে৷ ধৰ্মৰ ভিত্তিতে ইহুদীসকল ইজৰাইলত বসবাস কৰিবলগীয়া হৈছে৷ ধৰ্মৰ ভিত্তিত প্ৰব্ৰজন ঘটা আন এক ঘটনা হ’ল স্বাধীনতাৰ সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা জনপ্ৰব্ৰজন। স্বাধীনতাৰ প্ৰাকমূহুৰ্তত পাকিস্তানক মুছলমান ৰাষ্ট্ৰ হিচাপে ভাগ কৰি লোৱাৰ ফলত পাকিস্তানত থকা হিন্দু আৰু অন্য ধৰ্মৰ লোকসকল ভাৰতলৈ প্ৰব্ৰজন ঘটিছিল আৰু ভাৰতৰ পৰাও বহুসংখ্যক মুছলমান লোক পাকিস্তানলৈ গুছি গৈছিল ৷ ধৰ্মীয় কাৰণত প্ৰব্ৰজন ঘটা পৃথিৱীত আৰু অনেক উদাহৰণ আছে।
(ঙ) ৰাজনৈতিক কাৰকঃ জনপ্ৰব্ৰজনৰ আন এক উল্লেখযোগ্য কাৰক হৈছে ৰাজনৈতিক কাৰক। দেশীয় চৰকাৰৰ নীতি-নিয়মত অতিষ্ট হৈ পৃথিৱীৰ বহুতো লোকে দেশ এৰি অইন দেশলৈ গমন কৰা দেখা যায়। চৰকাৰে আৰোপ কৰা নানা প্ৰকাৰৰ বিধি-বিধানত অতিষ্ট হৈ পৰিলে সেই লোকসকলে দেশীয় চৰকাৰৰ ওপৰত আস্থাহীন হয় আৰু তেনেকুৱা অৱস্থাত ওচৰ-চুবুৰীয়া অন্য ৰাষ্ট্ৰলৈ গুছি যায়। কোনো কোনো ক্ষেত্ৰত চৰকাৰে ইচ্ছাকৃতভাৱে এনেকুৱা বহুসংখ্যক লোকক দেশৰ পৰা ওলাই যাবলৈকে বাধ্যও কৰায়। তেতিয়া এই লোকসকলে শৰণাৰ্থী হিচাপে অন্য দেশত আশ্ৰয় বিচাৰি প্ৰৱেশ কৰে। দেশ স্বাধীন হোৱাৰ সময়ত তথা বাংলাদেশ স্বাধীন হোৱাৰ সময়ত পাকিস্তান তথা পূর্ব-পাকিস্তানৰ পৰা অসংখ্য শৰণাৰ্থী ভাৰতত প্ৰৱেশ কৰিছিল। তেনেদৰে ইউৰোপ আৰু এছিয়াৰ সাম্যবাদী (Communist) ৰাষ্ট্ৰবোৰৰ পৰা জার্মানী, লখিমা. ভিয়েটনাম, হংকং আদি দেশলৈ অসংখ্যা লোক শৰণাৰ্থী হিচাপে “শে কৰিছিল। তেনেদৰে সঘনে যুদ্ধ-বিগ্ৰহ হৈ থকা দেশৰ পৰাও মানুহ অন্য দেশলৈ স্থানান্তৰ হোৱা দেখা যায়।
(চ) বল প্রয়োগ বা বাধ্য হোৱাঃ প্ৰব্ৰজনৰ আন এক গুৰুত্বপূৰ্ণ কাৰক হ’ল বল প্রয়োগ বা চৰকাৰে মানুহক অইন ঠাইলৈ যাবলৈ বাধ্য কৰোৱা ব্যৱস্থা। সাধাৰণতে ধৰাপৃষ্ঠৰ সকলো ক্ষেত্ৰতে প্ৰব্ৰজনকাৰীসকলে নিজ ইচ্ছা অনুসৰি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বসবাসৰ বাবে গতি কৰে। কিন্তু কোনো কোনো ক্ষেত্ৰত প্ৰব্ৰজনকাৰীৰ অনিচ্ছা সত্বেও দেশান্তৰ বা স্থানান্তৰ হ’বলৈ বাধ্য কৰোৱা হয়। এই ক্ষেত্ৰত প্ৰব্ৰজকসকল উপকৃত হোৱাৰ পৰিৱৰ্তে যি চৰকাৰে স্থানান্তৰ ঘটায় তেওঁলোকৰহে উপকাৰ হয়৷ উদাহৰণস্বৰূপে প্ৰাচীন কালত দোষী সাব্যস্ত লোকসকলক চৰকাৰে কেতবোৰ দুৰ্গম ঠাইলৈ শাস্তিমূলক ব্যৱস্থা হিচাপে স্থানান্তৰ ঘটাইছিল৷ এইক্ষেত্ৰত ভাৰতবৰ্ষৰ পৰা আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈ, ৰাছিয়াৰ কয়েদীসকলক চাইবেৰিয়ালৈ স্থানান্তৰ ঘটোৱাৰ ব্যৱস্থা আছিল। উল্লেখযোগ্য যে পশ্চিম আফ্ৰিকাৰ নিগ্ৰ’ প্ৰজাতিৰ লোকসকলো আমেৰিকাৰ বিভিন্ন দেশৰ পৰা বলপূৰ্বকভাৱে স্থানান্তৰ কৰা লোক বুলি অনুমান কৰা হয়। এইদৰে অতি প্রাচীন কালত চৰকাৰী নীতি-নিয়মৰ মাজেৰে বলপূৰ্বকভাৱেও মানুহৰ প্ৰব্ৰজন ঘটোৱা হৈছিল ৷
২৯ ৷ প্ৰব্ৰজন মানে কি বুজা? আন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন বুলিলে কি বুজা? এই দুই প্ৰকাৰৰ প্ৰব্ৰজনৰ বিষয়ে চমু আলোচনা কৰা ৷
উত্তৰঃ প্ৰব্ৰজন (Migration): মানুহে কোনো এক ভৌগোলিক অঞ্চলৰ পৰা অইন এটা ভৌগোলিক অঞ্চললৈ অথবা এখন দেশৰ পৰা আন এখন দেশলৈ বাসস্থান সলনি কৰি গমন অথবা প্রত্যাগমন কৰা কাৰ্যকে প্ৰব্ৰজন বুলি কোৱা হয়৷ অৰ্থাৎ প্ৰব্ৰজনৰ ফলত মানুহে পূৰ্বৰ বাসস্থান এৰি আন কোনো সুবিধাজনক অঞ্চলত নতুনকৈ বসবাস কৰিবলৈ লয়। মানুহে কোনো এক ভৌগোলিক পৰিৱেশত খাদ্য, বস্ত্র, বাসস্থান, কর্মসংস্থান অথবা সুৰক্ষাৰ অভাৱ ঘটিলে অথবা অন্য কোনো প্রাকৃতিক অথবা ৰাজনৈতিক ভাবুকিৰ সন্মুখীন হলে সেই ঠাই এৰি অন্য কোনো সুবিধাজনক স্থানলৈ গমন কৰি বাসস্থান কৰিবলৈ লোৱা ঘটনা অতি প্রাচীন কালৰে পৰা চলি আহিছে। মানৱ জাতিয়ে এইদৰে এখন ঠাইৰ পৰা অইন এখন ঠাইলৈ গমন অথবা প্রত্যাগমন কৰা ঘটনাকে অতি পুৰণি কালৰ পৰা জনপ্ৰব্ৰজন বা চমুকৈ প্ৰব্ৰজন বুলি আখ্যা দিয়া হৈছে। প্ৰব্ৰজনৰ ফলত এখন দেশৰ পৰা যে অকল মানুহ অন্য দেশলৈ গমন কৰিবহে পাৰে এনেকুৱা নহয়, অন্য দেশৰ পৰা সেইখন দেশলৈও মানুহ আহিব পাৰে। উল্লেখযোগ্য যে প্ৰব্ৰজনৰ ফলত একো একোখন দেশ বা অঞ্চলৰ জনসংখ্যাৰ পৰিমাণ যিদৰে হ্রাস পাব পাৰে তেনেদৰে বাঢ়িবও পাৰে। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰৰ ভিতৰত সীমামূৰীয়া দেশবোৰৰ পৰা ভাৰতলৈ হোৱা জনপ্ৰব্ৰজনো এটা৷ সেয়েহে জনপ্রব্রজনে একো একোখন ঠাইত নানা প্ৰকাৰৰ সমস্যাৰো সৃষ্টি কৰে। গাঁওৰ পৰা নগৰলৈ হোৱা জনপ্ৰব্ৰজনে নগৰত থকা ঠাইৰ, কৰ্ম সংস্থাপনৰ, অন্যান্য সা-সুবিধাৰ ক্ষেত্ৰত নতুন নতুন অর্থনৈতিক দিশত বেমেজালি ঘটায়। প্রবজনে অকল নতুন ঠাইখনত সমস্যাৰে সৃষ্টি নকৰে। বহুক্ষেত্ৰত প্ৰব্ৰজনৰ দ্বাৰা একো একোখন দেশৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বিশেষ উন্নতি ঘটাবলৈ সক্ষম হয় ।
আন্তঃ প্ৰব্ৰজন আৰু বহিঃপ্রব্রজন (Immigration and Emigration): মানৱ প্ৰব্ৰজন নানা প্ৰকাৰৰ হ’ব পাৰে। তেনেকুৱা দুই প্ৰকাৰৰ প্ৰব্ৰজন হ’ল আন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন। এই দুই প্ৰকাৰৰ প্ৰব্ৰজনৰ ক্ষেত্ৰত অন্য ঠাই বা অন্য ওচৰ-চুবুৰীয়া দেশৰ পৰা এখন দেশলৈ হোৱা প্ৰব্ৰজনক আন্তঃপ্ৰব্ৰজন বোলে। আনহাতে এখন দেশ বা অঞ্চল এটাৰ পৰা বিদেশলৈ বা বাহিৰৰ অঞ্চললৈ লোক গমন কৰা ঘটনাক বহিঃপ্ৰব্ৰজন বুলি কোৱা হয়।
আন্তঃপ্ৰব্ৰজনৰ ফলত ওচৰ-চুবুৰীয়া অঞ্চলৰ পৰা অথবা নিকটৱৰ্তী ৰাষ্ট্ৰবোৰৰ পৰা কোনো ‘এখন ৰাষ্ট্ৰলৈ নীতিগত বা নীতি বহির্ভূতভাৱে মানুহ প্ৰৱেশ কৰে। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ কথা ক’ব পাৰি। ভাৰতবৰ্ষৰ বিভিন্ন সীমাত অৱস্থিত ৰাষ্ট্ৰবোৰৰ পৰা অহৰহভাৱে মানুহৰ সোঁত ব’বলৈ লৈছে। ওচৰ-চুবুৰীয়া দেশবোৰৰ পৰা ভাৰতলৈ বোৱা মানুহৰ এই সোঁতক আন্তঃপ্ৰব্ৰজন বুলি আমি আখ্যা দিছো। বিশেষকৈ ভাৰতবৰ্ষৰ চাৰিসীমাত অৱস্থিত বাংলাদেশ, পাকিস্তান, নেপাল, শ্রীলংকা আদি প্ৰতিখন দেশৰ পৰা অতীজৰে পৰা আজি পর্যন্ত বিদেশী লোকৰ যি সোঁত বৈ আছে এই ঘটনাকে ভাৰতবৰ্ষৰ ক্ষেত্ৰত আন্তঃপ্ৰব্ৰজন বুলি কোৱা হয়। ভাৰতলৈ হোৱা এই আন্তঃপ্ৰব্ৰজনৰ ফলত আমাৰ দেশখনৰ যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে এই কথা আমাৰ আটাইৰে বিদিত। আন্তঃপ্ৰব্ৰজনৰ এক উল্লেখযোগ্য কাৰক হ’ল আকৰ্ষক কাৰক (Pull factors)
আকৰ্ষক কাৰকৰ প্ৰভাৱতে ভাৰতবৰ্ষলৈ ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ পৰা নিৰবিচ্ছিন্ন গতিৰে জনপ্রব্রজন ঘটি আহিছে। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ সীমামূৰীয়া দেশবোৰৰ তুলনাত আৰ্থসামাজিক অৱস্থাৰ ক্ষেত্ৰত ভাৰতৰ স্থান যথেষ্ট উন্নত। ভাৰতবৰ্ষত বৰ্তমানেও যথেষ্ট কৰ্মসংস্থানৰ সুবিধা আছে। বহুত অঞ্চলত আজিও হাজাৰ হাজাৰ বিঘা মাটি পতিত অৱস্থাত পৰি আছে। চাহ বাগিচাকে আদি কৰি বিভিন্ন অর্থনৈতিক ক্ষেত্ৰত তুলনামূলকভাৱে ভাৰতত সুবিধা আছে। ভাৰতৰ লোকসকলৰ সামাজিক অৱস্থাও তুলনামূলক উন্নত। এই সকলোবিলাক ক্ষেত্ৰত আকৰ্ষক কাৰক হিচাপে বিবেচনা কৰি ভাৰতবৰ্ষলৈ অতি প্রাচীন কালৰে পৰা বৰ্তমানলৈ বিদেশী লোকৰ প্ৰব্ৰজন ঘটিবলৈ ধৰিছে। ভাৰতবৰ্ষলৈ হোৱা এই আন্তঃপ্ৰব্ৰজনৰ ফলত আমাৰ দেশত জনসংখ্যাৰ দ্ৰুতবৃদ্ধিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ফলত আমাৰ আৰ্থসামাজিক জীৱন বিপদাপন্ন কৰি তুলিছে। আন্তঃপ্ৰব্ৰজনৰ ক্ষেত্ৰত ভাৰতবৰ্ষলৈ প্ৰব্ৰজন কৰা নানা প্ৰকাৰৰ কাৰিকৰী, বিজ্ঞানী, চিকিৎসক, প্রযুক্তিবিদৰ আগমনে দেশৰ উন্নতিতো যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।
বহিঃপ্ৰব্ৰজন, আন্তঃপ্ৰব্ৰজনৰ সম্পূৰ্ণ বিপৰীত। এখন দেশৰ পৰা অইন দেশলৈ মানুহ স্থানান্তৰ হোৱাকে বহিঃপ্ৰব্ৰজন বোলে৷ উদাহৰণস্বৰূপে, ভাৰতবৰ্ষৰ পৰা পৃথিৱীৰ বিভিন্ন দেশলৈ নানা কাৰণত ভাৰতীয় লোক গমন হোৱা ঘটনা হ’ল বহিঃপ্ৰব্ৰজন। সাধাৰণতে আকৰ্ষক কাৰকে যিদৰে আন্তঃপ্ৰব্ৰজনত প্ৰভাৱ বিস্তাৰ কৰে তেনেদৰে বিকৰ্ষক কাৰক (Push Factors) প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত বহিঃপ্ৰব্ৰজন ঘটে। ভাৰতবৰ্ষ এখন অত্যাধিক জনবসতিপূর্ণ দেশ। সেইবাবে দেশৰ সঞ্চিত প্রাকৃতিক সম্পদবোৰৰ প্ৰকৃত ব্যৱহাৰ ভাৰতত আজিও সম্ভৱ হোৱা নাই । সেইবাবে দেশখনত কাৰিকৰী তথা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নিয়োগৰ সা-সুবিধা তেনেই সীমিত। ফলত বহুতো ভাৰতীয় লোক দেশী নিয়োগ ব্যৱস্থাৰ প্ৰতি বিকৰ্ষিত হৈ পৃথিৱীৰ অন্যান্য দেশলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে। এনেকুৱা পৰিপ্ৰেক্ষিততে পৃথিৱীৰ বিভিন্ন দেশত কর্মসংস্থানৰ যোগেদি বহুতো ভাৰতীয় লোক বিদেশত থাকিবলৈ লৈছে। এই শ্ৰেণীৰ প্ৰব্ৰজকবিলাককে বহিঃপ্রব্রজক বুলি জনা যায়। বিশেষকৈ মধ্য এছিয়াৰ তেল ৰপ্তানীকাৰী দেশ আফ্রিকা, আমেৰিকা, ইংলেণ্ড, অষ্ট্রেলিয়া আদি নানা দেশলৈ বহুতো ভাৰতীয় লোক বহিঃপ্ৰব্ৰজক হিচাপে গমন কৰিছে। উল্লেখযোগ্য যে এনেকুৱা প্ৰব্ৰজনৰ ফলত দেশৰ জনসংখ্যাৰ ভিৰ কিছু হ্রাস পালেও নানা ধৰণৰ উপযুক্ত সা-সুবিধাৰ অন্বেষণত অনেক মেধাবী লোক নিজ দেশৰ পৰা আন দেশলৈ হোৱা প্ৰব্ৰজনক মেধাবী ব্যক্তিৰ প্ৰব্ৰজন (Brain drain migration) বুলি কোৱা হয়৷ মেধাবী লোকৰ বহিঃপ্ৰব্ৰজনে দেশৰ উন্নতিত যথেষ্ট পৰিমাণে বাধা দান কৰে। অৱশ্যে মেধাবী লোকৰ প্ৰব্ৰজনৰ উপৰিও ভাৰতবৰ্ষৰ পৰা নানা প্ৰকাৰৰ শ্রমিক শ্ৰেণীৰ দুখীয়া লোকৰ কৰ্মসংস্থানৰ অভাৱত বিদেশলৈ বহিঃপ্ৰব্ৰজন ঘটিছে।
৩০। ভাৰতৰ উত্তৰ-পূবৰ অৰ্থনৈতিক বিকাশ আৰু বৃত্তিগত গাঁথনিৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ উত্তৰ-পূব অঞ্চল কৌশলগতভাৱে গুৰুত্বপূৰ্ণ, যি হৈছে দেশৰ প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত আটাইতকৈ ধনী অঞ্চলবোৰৰ ভিতৰত এটা। অঞ্চলটোত উপলব্ধ মুখ্য প্রাকৃতিক সম্পদবোৰ হৈছে খাৰুৱা তেল, প্রাকৃতিক গেছ, কয়লা, মাৰ্বল, বন সম্পদ, অন্যান্য খনিজ। যদিও উত্তৰ-পূব অঞ্চল ঔদ্যোগিকভাৱে পিছপৰা, ই হৈছে চাহ, কৃষি আৰু বন-আধাৰিত সামগ্ৰী, ৰবৰ, প্ৰাকৃতিক গেছ, পেট্ৰ’লিয়াম, ৰেচম, হস্ততাঁত আৰু হস্তশিল্প আদিৰ দৰে কিছুমান গুৰুত্বপূৰ্ণ উদ্যোগৰ অঞ্চল। অৱশ্যে উত্তৰ-পূব অঞ্চলৰ অৰ্থনীতি কৃষি কাৰ্যকলাপৰ দ্বাৰা প্রাধান্য লাভ কৰে। এই অঞ্চলৰ কৃষি খণ্ডৰ অৱদান দেশৰ গঢ়তকৈ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনত (জিএছডিপি) অধিক। প্রাথমিক খণ্ডৰ কাৰ্যকলাপবোৰে মুখ্যতঃ খেতি গঠন কৰে, যাৰ ওপৰত অঞ্চলটোৰ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ নিযুক্তিৰ বাবে নিৰ্ভৰ কৰে; কৃষিয়ে ৰাজ্যিক ঘৰুৱা উৎপাদনৰ (এন.এছ.ডি.পি) প্রায় ৩০ শতাংশত অৰিহণা যোগায় ৷ গৌণ খণ্ডৰ কার্যকলাপত আন্তঃগাঁথনি, নিৰ্মাণ আৰু খনন অন্তর্ভূক্ত থাকে; এন এছডিপিৰ প্ৰায় ১৮ শতাংশত অৰিহণা যোগায়। ঔদ্যোগিক সামগ্ৰীবোৰৰ ভিতৰত আছে মুখ্যতঃ অশোধিত পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ, চাহ, খনিজ আৰু তীখা নিৰ্মাণ।
তৃতীয় খণ্ডই পর্যটন সম্পর্কীয় কার্যকলাপ, বিয়েল ইষ্টেট ব্যৱসায় আৰু ৰাজহুৱা প্ৰশাসন গঠন কৰে; এনএছডিপিৰ প্ৰায় ৫২ শতাংশ অৱদান আগবঢ়াইছে। ভাৰতৰ জি.ডি.পি গঠনৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনত (এন.এছ.ডি.পি) বিভিন্ন ক্ষেত্রীয় অবদান নিম্নলিখিত গ্রাফত দেখুৱাব পাৰি —
উত্তৰ-পূব ভাৰতত বাস কৰা ৪৫, ৪৮৬, ৭৮৪জন লোকৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি ১৬, ৬৭০, ৯৮৪জন লোকৰ এটা ডাঙৰ কৰ্মশক্তি আছে। অঞ্চলটোৰ অৰ্থনীতিৰ তিনিটা পৃথক খণ্ডৰ ভিতৰত বেছিভাগ লোক প্রাথমিক খণ্ডত নিয়োজিত আৰু তুলনামূলকভাবে কম সংখ্যক কৰ্মৰত জনসংখ্যা গৌণ আৰু তৃতীয় খণ্ডৰ সৈতে জড়িত। অৱশ্যে যদি আমি গ্রাম্য আৰু নগৰ অঞ্চলৰ আধাৰত মুঠ কৰ্মৰত জনসংখ্যাক বিভক্ত কৰি বৃত্তিগত গাঁথনি বিশ্লেষণ কৰোঁ তেন্তে ছবিখন অধিক জটিল। এইটো ২০০১ চনৰ লোকপিয়লত সংগ্ৰহ কৰা তথ্যৰ পৰা স্পষ্ট যিবোৰ নিম্নলিখিত তালিকাত দেখুওৱা হৈছে—
গ্ৰাম্য অঞ্চলত বেছিভাগ লোক প্রাথমিক খণ্ডত নিয়োজিত আৰু অতি কম পৰিমাণৰ লোক মাধ্যমিক আৰু তৃতীয় খণ্ডত নিয়োজিত হৈ আছে। অৱশ্যে চহৰাঞ্চলত ছবিখন সম্পূর্ণ বিপৰীত। নগৰাঞ্চলৰ বেছিভাগ লোক তৃতীয় খণ্ডত নিয়োজিত আৰু কম সংখ্যক লোকে প্রাথমিক আৰু মাধ্যমিক দুয়োটা ক্ষেত্ৰতে নিয়োজিত হৈছে।