The Economy of North-East India Unit 4 আন্তঃগাঁথনি

The Economy of North-East India Unit 4 আন্তঃগাঁথনি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, The Economy of North-East India Unit 4 আন্তঃগাঁথনি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. The Economy of North-East India Unit 4 আন্তঃগাঁথনি Question Answer can be of great value to excel in the examination.

The Economy of North-East India Unit 4 আন্তঃগাঁথনি

Join Telegram channel

The Economy of North-East India Unit 4 আন্তঃগাঁথনি Notes cover all the exercise questions in UGC Syllabus. The Economy of North-East India Unit 4 আন্তঃগাঁথনি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Infrastructure

ECONOMICS

THE ECONOMY OF NORTH-EAST INDIA

উত্তৰ-পূৱ ভাৰতৰ অৰ্থনীতি

অতি চমু প্রশ্নোত্তৰঃ

১। অসমৰ যান-বাহন পৰিচালিত জনসংখ্যা কিমান? 

উত্তৰঃ ২০১১ চনৰ মাৰ্চ মাহলৈ ১৩,৬৩,৬২৫।

২। অসমৰ মুঠ ৰেলপথৰ দৈৰ্ঘ্য কিমান? 

উত্তৰঃ ২৪৩৫.১৩ কিঃ মিঃ I

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় বিমান কোঠাটোৰ নাম লিখা। 

উত্তৰঃ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ ৷

৪। অসমৰ জল পৰিবহণৰ চৰকাৰী সংস্থাটোৰ নাম কি? 

উত্তৰঃ Central Inland Waterways Corporation আৰু Directorate of Inland Waterways, Assam.

৫। উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্বল পৰিবহণ ব্যৱস্থাৰ এটা কাৰণ লিখা। 

উত্তৰঃ ৰাস্তা-ঘাটৰ দুৰ্বল অৱস্থা।

৬। অসমৰ যিকোনো এটা জলবিদ্যুৎ প্রকল্পৰ নাম লিখা। 

উত্তৰঃ কাৰ্বি লংপি প্রকল্প।

৭। অসমৰ এটা ভাৰমেল (Thermal) শক্তি কেন্দ্ৰৰ নাম লিখা। 

উত্তৰঃ নামৰূপ ভাৰমেল শক্তি কেন্দ্ৰ।

৮। বৃহৎ উদ্যোগৰ এটা সমস্যা লিখা। 

উত্তৰঃ দক্ষপ্ৰযুক্তি বিদ্যাৰ অভাৱ। 

৯। অসমত শক্তিখণ্ডৰ এটা অসুবিধা লিখা। 

উত্তৰঃ চাহিদা-যোগানৰ মাজত বৰ্ধিত ব্যৱধান। 

১০। পৰিবহণৰ মূল প্ৰকাৰবোৰ কি কি? 

উত্তৰঃ পৰিবহণৰ প্ৰধান ভাগসমূহ হ’ল— স্থল পৰিবহণ, জল পৰিবহণ আৰু বিমান পৰিবহণ।

১১। দুই প্রকাৰৰ জল পৰিবহণ ব্যৱস্থা কি কি? 

উত্তৰঃ আভ্যন্তৰীণ জল পৰিবহণ আৰু সামুদ্রিক জল পৰিবহণ।

১২। পূর্ব-পশ্চিম সংযোজন প্রকল্প কি? 

উত্তৰঃ শিলচৰৰ পৰা লামডিং, গুৱাহাটী, শিলিগুড়ি, মোতিহাৰী, লক্ষ্ণৌ, ঝান্সি, কোটা, উদয়পুৰ আৰু ৰাজকোট হৈ পোৰবন্দৰ সংযোগী ৩,৬৪০ কিল’মিটাৰ দীঘল এটা সুগম পথ নিৰ্মাণৰ প্রস্তুতি চলাই থকা হৈছে। এই প্রকল্পকে পূর্ব- পশ্চিম সংযোজন প্রকল্প বোলা হয়।

১৩। উত্তৰ-দক্ষিণ সংযোজন প্রকল্প কি?

উত্তৰঃ শ্রীনগৰৰ পৰা একাদিক্ৰমে দিল্লী, নাগপুৰ, হাইদৰাবাদ, বাংগালুৰু আৰু মাদুৰাই প্ৰভৃতি চহৰসমূহৰ মাজেৰে কন্যাকুমাৰী পর্যন্ত ৪,০৭৬ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথটোক উত্তৰ-দক্ষিণ সংযোজন প্রকল্প বোলা হয়।

১৪। এনইচিৰ ভূমিকাবোৰ কি কি?

উত্তৰঃ কাৰ্যবাহী আদেশৰ দ্বাৰা, এন.ই.চি.ৰ চাৰিটা মুখ্য কাম আছে: ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক সমস্যাৰ বাবে নীতি নিৰ্ধাৰণৰ সমন্বয় কৰা, ৰাষ্ট্ৰপতিৰ বাবে অর্থনৈতিক নীতিৰ পৰামৰ্শ সমন্বয় কৰা, নীতিগত সিদ্ধান্ত আৰু কাৰ্যসূচীবোৰ ৰাষ্ট্ৰপতিৰ অৰ্থনৈতিক লক্ষ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ হোৱাটো নিশ্চিত কৰা আৰু ৰূপায়ণ নিৰীক্ষণ কৰা।

১৫। উত্তৰ-পূৱ পৰিষদৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য কি? 

উত্তৰঃ উত্তৰ-পূব পৰিষদৰ মুখ্য উদ্দেশ্য হৈছে উত্তৰ-পূব অঞ্চলত থীম-আধাৰিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বৰ্তনী চিনাক্ত আৰু প্ৰচাৰ কৰি পৰ্যটনৰ প্ৰচাৰ আৰু সমৰ্থন কৰা, উত্তৰ-পূব ভাৰত পৰ্যটনৰ ব্ৰেণ্ডিং আৰু বিপণন-পেৰাডাইজ আননোফ্লাবেড, আঞ্চলিক পর্যায়ত নীতি নিৰ্ধাৰণত পৰামৰ্শদাতা ভূমিকা, এক নোডেল এজেঞ্চী হিচাপে কাম কৰা ৷

১৬ ৷ ছিকিমক উত্তৰ-পূব পৰিষদত সদস্য ৰাষ্ট্ৰ হিচাপে কেতিয়া যোগ দিয়া হৈছিল? 

উত্তৰঃ অৱশেষত, ১৯৯৮ চনৰ মে’ মাহত তদানীন্তন প্রধানমন্ত্রী শ্রীঅটল বিহাৰী বাজপেয়ীয়ে এখন বৈঠকত ঘোষণা কৰে যে ছিকিমক এনইচিত অন্তৰ্ভুক্ত কৰা হ’ব। ডিচেম্বৰ, ২০০২ ত উত্তৰ-পূব পৰিষদ (সংশোধনী) আইন, ২০০২ সংসদত গৃহীত হৈছিল, যিয়ে ১৯৭১ আইনৰ ধাৰা ২ সংশোধন কৰি এনইচিত ছিকিমক অন্তৰ্ভুক্তিৰ অনুমোদন জনাইছিল।

১৭ ৷ কোন বছৰত উত্তৰ-পূব পৰিষদ গঠন কৰা হৈছিল? 

উত্তৰঃ ৩০ ডিচেম্বৰ, ১৯৭১ ত ভাৰতৰ উত্তৰ-পূব অঞ্চলসমূহৰ বাবে এখন পৰিষদ গঠনৰ ব্যৱস্থা কৰাৰ বাবে এক আইন গঠন কৰা হৈছিল। যাক উত্তৰ-পূব পৰিষদ বুলি কোৱা হয়।

১৮। সামাজিক আন্তঃগাঁথনি কি?

উত্তৰঃ সামাজিক আন্তঃগাঁথনি হৈছে ভৌতিক স্থান আৰু সংগঠনৰ এক সংহতি, যি আমাৰ আদান-প্রদানক আকাৰ দিয়ে।

১৯। স্বাস্থ্য আৰু শিক্ষাৰ আন্তঃগাঁথনি কি? 

উত্তৰঃ স্বাস্থ্য আৰু শিক্ষাৰ আন্তঃগাঁথনিত শিক্ষা, চিকিৎসা সুবিধা, অনাময়, বাসস্থান, খোৱাপানী যোগান আদি সেৱা অন্তৰ্ভুক্ত থাকে। এই সকলোবোৰে একেলগে এটা অৰ্থনীতিৰ সামাজিক আন্তঃগাঁথনি গঠন কৰে। এই সুবিধাবোৰে অৰ্থনীতিত মানৱ সম্পদৰ বিকাশত সহায় কৰে।

২০। সামাজিক আন্তঃগাঁথনি কি? 

উত্তৰঃ সামাজিক আন্তঃগাঁথনিত ভৌতিক সুবিধা আৰু স্থান অন্তৰ্ভুক্ত থাকে য’ত সমাজে সামাজিক সেৱা প্ৰাপ্ত কৰিব পাৰে। ইয়াৰ ভিতৰত আছে স্বাস্থ্য সম্পৰ্কীয় সেৱা, শিক্ষা আৰু প্রশিক্ষণ, সামাজিক আৱাস কাৰ্যসূচী, আৰক্ষী, আদালত আৰু অন্যান্য ন্যায় আৰু ৰাজহুৱা সুৰক্ষাৰ ব্যৱস্থা, লগতে কলা, সংস্কৃতি আৰু মনোৰঞ্জনৰ সুবিধা ।

২১। শিক্ষা সামাজিক আন্তঃগাঁথনিত অন্তর্ভুক্ত নেকি? 

উত্তৰঃ সামাজিক আন্তঃগাঁথনিত সামাজিক সেৱাসমূহক সমৰ্থন কৰা সুবিধাসমূহৰ নিৰ্মাণ আৰু তত্ত্বাৱধান অন্তর্ভুক্ত থাকে ৷ ইয়াত অন্তর্ভুক্ত থাকিব পাৰে স্বাস্থ্যসেৱা (চিকিৎসা সুবিধা আৰু আনুষঙ্গিক আন্তঃগাঁথনি), শিক্ষা (বিদ্যালয়, বিশ্ববিদ্যালয় আৰু শিক্ষাৰ্থীৰ বাসস্থান) আৰু গৃহ নির্মাণ।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। ঝুম খেতি কি?

উত্তৰঃ পাহাৰীয়া অঞ্চলত থকা পাহাৰৰ ঢাল বা ঝুম মাটিত গছ-গছনি কাটি জুই লগাই পুৰি পৰিস্কাৰ কৰি তাত বীজ ৰোপণ কৰি কৰা খেতিকে ঝুম খেতি বোলা হয়। যিবিলাক মাটিত এইবিধ কৃষি প্রচলিত তাত এবাৰ খেতি কৰা অঞ্চলত দুই নাইবা তিনি বছৰ খেতি কৰাৰ পিছত সেই অঞ্চল বাদ দি আন অঞ্চলত মাটি উলিয়াই তাক খেতিৰ উপযোগী কৰি তোলা হয়। 

২। উত্তৰ-পূব পৰিষদৰ সদস্য কোন?

উত্তৰঃ (ক) এনইচি। 

(খ) সচিব। 

(গ) পৰিকল্পনা উপদেষ্টা আৰু আইচি উপদেষ্টা।

(ঘ) বিত্তীয় উপদেষ্টা।

(ঙ) উপদেষ্টা (পৰিবহণ আৰু যোগাযোগ) আৰু আই,চি উপদেষ্টা (জলসিঞ্চন, বান নিয়ন্ত্রণ আৰু পানী ব্যৱস্থাপনা)। 

(চ) অর্থনৈতিক উপদেষ্টা (ই এণ্ড এম)।

(ছ) উপ সচিব (প্রশাসন)।

(জ) পৰিচালক (পৰিকল্পনা)।

৩। (ক) উত্তৰ-পূব অঞ্চলত আন্তঃগাঁথনি উন্নয়নৰ মুখ্য সমস্যাবোৰ কি কি? 

উত্তৰঃ ১। মৌলিক প্রয়োজনীয়তা ঘাটি।

২। আন্তঃগাঁথনিৰ ঘাটি।

৩। সম্পদৰ ঘাটি।

৪। দেশৰ বাকী অংশৰ সৈতে বুজাবুজিৰ অভাৱ আৰু। 

৫। শাসনৰ ঘাটি।

(খ) উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্বাস্থ্য খণ্ডৰ সমস্যাবোৰ উল্লেখ কৰা। 

উত্তৰঃ ১। প্রশিক্ষিত চিকিৎসা জনশক্তিৰ অভাৱ

২। কম জনবসতিপূৰ্ণ, দুৰৱৰ্তী, দূৰৱৰ্তী এলেকাত প্ৰৱেশাধিকাৰ প্ৰদান কৰা।

৩। স্বাস্থ্য খণ্ডত শাসনৰ উন্নতি; প্ৰদান কৰা স্বাস্থ্য সেৱাৰ উন্নত মানদণ্ডৰ প্ৰয়োজনীয়তা; বিদ্যমান সুবিধাবোৰ কাৰ্যকৰী আৰু সম্পূর্ণ ব্যৱহাৰ কৰা; উপলব্ধ বিত্তীয় সম্পদৰ কাৰ্যকৰী আৰু সময়মতে ব্যৱহাৰ; মেলেৰিয়াৰ ফলত ৰোগ আৰু মৃত্যু; উচ্চস্তৰৰ ধপাত সেৱন আৰু কৰ্কট ৰোগৰ সৈতে সম্পর্কিত উচ্চবিপদাশংকা।

৪। বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ দুটা উদ্দেশ্য লিখা। 

উত্তৰঃ বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ দুটা উদ্দেশ্য হ’ল — 

(ক) দাৰিদ্র্য দূৰীকৰণ আঁচনিৰ ফলৱৰ্তী ৰূপায়ন।

(খ) বিভিন্ন খণ্ডৰ উন্নয়নৰ প্ৰক্ৰিয়াত জনসাধাৰণৰ সক্রিয় অংশগ্রহণ। 

৫। উত্তৰ-পূব পৰিষদ কি?

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ অসম, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্রদেশ আৰু মিজোৰাম এই সাতখন ৰাজ্য ৰাজনৈতিকভাবে পৃথক হ’লেও অর্থনৈতিক ক্ষেত্ৰত থকা পৰম্পৰ নিৰ্ভৰশীলতাৰ বাবে এটা অর্থনৈতিক গোট হিচাপে বিবেচনা কৰা হয়। ৰাজ্যসমূহৰ উমৈহতীয়া আর্থিক সমস্যাৱলীৰ সমাধানৰ বাবে সুসংহত আঞ্চলিক পৰিকল্পনা, পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে অঞ্চলটোৰ সকলো ৰাজ্য লাভৱান হোৱাটো সুনিশ্চিত কৰাৰ বাবেই উত্তৰ-পূব পৰিষদ প্রতিষ্ঠা কৰা হয়।

৫।‌ উত্তৰ-পূব পৰিষদৰ প্ৰধান দুটা উদ্দেশ্য লিখা। 

উত্তৰঃ উত্তৰ-পূব পৰিষদৰ প্ৰধান দুটা উদ্দেশ্য হ’ল —

(ক) উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আন্তঃগাঁথনিমূলক সা-সুবিধা সৃষ্টিৰ বাবে নিজাববীয়াকৈ চলোৱা প্ৰচেষ্টাত সহায় কৰা।

(খ) উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সহযোগ, সমন্বয় আৰু সংহতি বৃদ্ধি কৰা।

৭। উত্তৰ-পূব পৰিষদৰ দুটা কাৰ্যাৱলী লিখা।

উত্তৰঃ উত্তৰ-পূব পৰিষদৰ দুটা কাৰ্যাৱলী হ’ল —

(ক) উমৈহতীয়া স্বার্থ জড়িত থকা সমস্যাৱলীৰ সমাধানৰ বাবে একীভূত আৰু সংহত আঞ্চলিক আঁচনি প্রণয়ন।

(খ) আঞ্চলিক পৰিকল্পনাৰ অন্তৰ্ভুক্ত আঁচনিৰ আৰু প্ৰকল্পসমূহৰ স্থান নিৰূপণ কৰা ৷

৮। উত্তৰ-পূব পৰিষদৰ প্ৰধান উদ্দেশ্যসমূহ কি কি? 

উত্তৰঃ উত্তৰ-পূব পৰিষদৰ প্ৰধান উদ্দেশ্যসমূহ হ’ল —

(ক) উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ নিৰ্ধাৰণ কৰা অগ্ৰাধিকাৰসমূহ সন্নিবিষ্ট কৰা সুংহত আঞ্চলিক পৰিকল্পনাৰ যোগেদি সমগ্ৰ অঞ্চলটোৰ দ্ৰুত আর্থ-সামাজিক বিকাশ সম্ভৱ কৰা।

(খ) উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সহযোগ, সমন্বয় আৰু সংহতি বৃদ্ধি কৰা। 

(গ) সমতাপূর্ণ আঞ্চলিক উন্নয়নৰ জৰিয়তে আঞ্চলিক বৈষম্য আৰু অসমতা দূৰ কৰা। 

(ঘ) অঞ্চলটোৰ ৰাজ্যসমূহে আন্তঃগাঁথনিমূলক সা-সুবিধা সৃষ্টিৰ বাবে নিজাববীয়াকৈ চলোৱা প্ৰচেষ্টাত সহায় কৰা। 

৯। অসমত শক্তিৰ উন্নয়নৰ এটা টোকা লিখা। 

উত্তৰঃ শক্তি হ’ল কোনো এটা অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে প্রধান আহিলা। সঙ্গীয়া আৰু যথেষ্ট পৰিমাণৰ বৈদ্যুতিক শক্তিৰ যোগানৰ ওপৰত কৃষিৰ আধুনিকীকৰণ আৰু প্ৰত শিল্পোন্নয়ন নিৰ্ভৰ কৰে।

অসমত যথেষ্ট পৰিমাণে পানী, প্রাকৃতিক গেছ, কয়লা আৰু খনিজ তেল থকাৰ ফলত ইয়াত বুজন পৰিমাণৰ শক্তি উৎপাদনৰ সম্ভাৱনা আছে। গোটেই ভাৰতৰ মুঠ জলবিদ্যুৎ শক্তিৰ সম্ভাৱনাৰ শতকৰা 28 ভাগ অসমত আছে আৰু ইয়াৰ বেছিভাগ এতিয়াও ব্যৱহাৰ হোৱা নাই। তদুপৰি অসমত যথেষ্ট পৰিমাণে প্রাকৃতিক গেছ পোৱা যায় আৰু ইয়াৰ পৰা যথেষ্ট পৰিমাণে শক্তি উৎপাদন কৰিব পৰা যায়। কিন্তু বিভিন্ন কাৰণবশতঃ অসমৰ এই শক্তি সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ এতিয়াও হোৱা নাই। ইয়াৰ ফলত অসম শক্তি উন্নয়নৰ ক্ষেত্ৰত দেশৰ আন আন ৰাজ্যতকৈ পিছ পৰি আছে।

১৯৫৮ চনত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ গঠন কৰা হৈছিল আৰু এই পৰিষদক ৰাজ্যৰ ভিতৰত বিদ্যুৎ উৎপাদন, এঠাইৰ পৰা আন ঠাইলৈ প্ৰেৰণ আৰু বিতৰণৰ দায়িত্ব দিয়া হৈছে। ১৯৭৫ চনৰ ২৫ জানুৱাৰীত এই পৰিষদক আকৌ অসম আৰু মেঘালয়ৰ মাজত দুই ভাগত বিভক্ত কৰা হৈছিল।

১০। ভৌগোলিক বিচ্ছিন্নতা আৰু প্ৰাকৃতিক দুর্যোগে অসমৰ পৰিবহণ ব্যৱস্থাৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে?

উত্তৰঃ (ক) ভৌগোলিক বিচ্ছিন্নতাঃ পাহাৰ আৰু নদীৰে আৱৰি থকা অসমৰ ভৌগোলিক অৱস্থান প্ৰথমৰ পৰাই পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ এটি হেঙাৰ হৈ থিয় দিছে। অসমৰ নিচিনা এখন ৰাজ্যত বহুসংখ্যক নদী আৰু পাৰ্বত্য অঞ্চলক অতিক্ৰম কৰি ৰেলপথ আৰু পৰ্থ নির্মাণ কৰাটো অতি ব্যয়বহুল। গতিকে অসমে ইয়াৰ পৰিবহণ ব্যৱস্থাক নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰাকৃতিক বাধা-বিপত্তিৰ সন্মুখীন হৈ আছে।

(খ) প্রাকৃতিক দুর্যোগঃ অসম হ’ল সেইবোৰ ৰাজ্যৰ অন্যতম যিবোৰে বানপানী, ভূমিক্ষয়, ভূ-কম্পন, ভূমিস্খলন আদি সমস্যাৰ সন্মুখীন হৈছে আৰু ইয়াৰে ফলত সমূহ পৰিবহণ ব্যৱস্থাই প্রতি বছৰতে সম্পূৰ্ণৰূপে বিপর্যস্ত হয়। তদুপৰি বানপানীৰ ফলত প্ৰতি বছৰতে পথ আৰু ৰেলপথৰ কিছু পৰিমাণ অংশ বেয়াকৈ ক্ষতিগ্রস্থ হোৱাৰ ফলত এই পৰিবহণ ব্যৱস্থাৰ বছৰি মেৰামতিৰ প্ৰয়োজন হয় আৰু ই এটি বৰ ব্যয়বহুল বিষয়।

১১। অসমত বৰ্তমান বিজুলী শক্তি যোগানৰ পৰিমাণ সম্পৰ্কে চমুকৈ লিখা। 

উত্তৰঃ অসমত বিজুলী শক্তিৰ চাহিদা ক্রমান্বয়ে বৃদ্ধি পাই আছে আৰু লগতে নিজা বিজুলী শক্তি প্ৰকল্পবোৰৰ বিজুলী উৎপাদনৰ পৰিমাণ ক্রমান্বয়ে কমি যোৱাৰ ফলত বিভিন্ন বাহিৰা উৎসৰ পৰা বিজুলী শক্তি আমদানি কৰি কাম চলাই আছে। তলৰ তালিকাখনত অসমৰ বৰ্তমান বিজুলী শক্তি যোগানৰ প্ৰকৃত ত্যৱস্থা দেখুওৱা হৈছে। ASEB ৰ বিজুলী শক্তি ব্যৱস্থাত শক্তিৰ যোগানৰ পৰিমাণ (নিযুত kah)

১২। অসমত শক্তিৰ প্ৰধান ব্যৱহাৰবোৰ কি কি?

উত্তৰঃ অসমত শক্তিৰ প্ৰধান ব্যৱহাৰ হ’ল— ঘৰুৱা, বাণিজ্যিক, ঔদ্যোগিক আৰু ৰাজহুৱা পোহৰ দিয়াৰ বাবে ১৯৫০-৫১ চনত অসমত জনমূৰি শক্তি ব্যৱহাৰৰ পৰিমাণ আছিল ০.৫৮ কিলোৱাট আৰু এই সময়ছোৱাত গোটেই ভাৰতত ইয়াৰ পৰিমাণ আছিল ১৩.৩ কিলোৱাট। ১৯৮৯-৯০ চনত অসমৰ জনমূৰি শক্তি ব্যৱহাৰৰ পৰিমাণ বৃদ্ধি পাই হয় ৭৮ কিলোৱাট আৰু গোটেই ভাৰতত ই আছিল ২.৬৬ কিলোৱাৰ্ট। গতিকে শক্তি ব্যৱহাৰৰ ক্ষেত্ৰতো অসম পিচপৰা। ১৯৭৫-৭৬ চনত গোটেই ভাৰতবৰ্ষৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতাৰ শতকৰা ১ ভাগৰ কম সামর্থ্য অসমত আছিল। ১৯৭৯-৮০ চনত অসমৰ বিভিন্ন শক্তি উৎপাদন প্রতিষ্ঠানবোৰৰ মুঠ শক্তি উৎপাদন ক্ষমতা আছিল ১৫.৫ মেগাৱাট আৰু এই সময়ত অসমত দুটা ডাঙৰ বিদ্যুত প্রতিষ্ঠান যেনে – চন্দ্ৰপুৰ তাপবিদ্যুৎ (৩০ মেগাৱাট) আৰু নামৰূপ তাপবিদ্যুৎ (১১১.৫ মেগাৱাট) আৰু কিছুমান ক্ষুদ্র ডিজেল চালিত শক্তি উৎপাদন প্রতিষ্ঠান আছিল। 

১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত বঙ্গাইগাঁও তাপবিদ্যুৎ ষ্টেচনৰ প্ৰথম ইউনিট (৬০ মেগাৱাট) আৰম্ভ হোৱাৰ পিচত ১৯৮০-৮১ চনত অসমৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা আৰু বৃদ্ধি পাই ৩১২.৫ মেগাৱাট হয়গৈ ৷ ১৯৮১-৮২ চনত অসমত মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা আৰু বৃদ্ধি পাই হৈছিল ৩১২.৫ মেগাৱাট আৰু এই একেই সময়ছোৱাত অসমত মুঠ বিদ্যুতৰ চাহিদা আছিল ৪৬২ মেগাৱাট। আকৌ ২০০৫–০৬ চনত অসমৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধি পাই হৈছিল ৫৭৪.৪ মেগাৱাট। অসমক বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰ কৰাৰ উদ্দেশ্যে ১৯৮৩-৮৪ চনৰ ভিতৰত মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে নির্দিষ্ট সময়ভিত্তিক আঁচনি লোৱা হৈছিল ৷ লাকুৱা তাপ বিদ্যুৎ আৰু বঙ্গাইগাঁও তাপ বিদ্যুৎ ষ্টেচনৰ (১২০ মেগাৱাট) কাম সম্পূৰ্ণ হৈছিল আৰু বাণিজ্যিক ভিত্তিক উৎপাদন আৰম্ভ হৈছিল। ইতিমধ্যে ১৫০ মেগাৱাট ক্ষমতা থকা কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে আৰু ১৯৯৩ চনৰ ফেব্ৰুৱাৰী মাহলৈকে ৭৯০ মেগাৱাট পৰিমাণ বিদ্যুৎ উৎপাদন কৰিছে । 

নিম্নোক্ত বিদ্যুৎ উৎপাদন কেন্দ্ৰবোৰৰ কাম সম্পূৰ্ণ হ’লে অসমত বিদ্যুতৰ যোগানৰ উন্নতি হ’ব বুলি আশা কৰিব পৰা যায়। এই কেন্দ্ৰবোৰ হ’ল নামৰূপ ওয়েষ্টহিট বিদ্যুৎ প্রকল্প (২২ মেগাৱাট), চন্দ্ৰপুৰৰ তাপ বিদ্যুৎ কেন্দ্ৰ সম্প্ৰসাৰণ (৩০ মেগাৱাট), লাকুৱা গেছ টাৰবাইন (৪৫ মেগাৱাট), নামনি বৰাপানি (কামৰূপ) জলবিদ্যুৎ প্রকল্প আৰু কাৰ্বিলংপী জলবিদ্যুৎ প্রকল্প (২৫০ মেগাৱাট), কঠালগুড়ী গেছভিত্তিক প্রকল্প (২৯১ মেগাৱাট), কপিলী প্রকল্প সম্প্ৰসাৰণ (১২৫ মেগাৱাট)। ইয়াৰ উপৰি কপিলী জলবিদ্যুৎ প্রকল্প (২৫৯ মেগাৱাট) আৰু লোকটাক (মণিপুৰ) প্রকল্প দুটাই অসমৰ বিদ্যুতৰ অৱস্থাৰ উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে।

১৩। যোগাযোগ ব্যৱস্থাৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা ৷

উত্তৰঃ সামাজিক প্রাণী হিচাপে ভিন্‌ ভিন্‌ ঠাইত থকা মানুহৰ মাজত বাৰ্তাৰ বিনিময় ঘটে। বিভিন্ন ধৰণৰ বাৰ্তা বিনিময়ৰ লগত অৰ্থনৈতিক, ৰাজনৈতিক অথবা সামাজিক-সাংস্কৃতিক স্বার্থও পোনপটীয়াকৈ জড়িত হৈ থাকে। গতিকে, ব্যক্তিগত পৰ্যায়ৰ চিঠি-পত্ৰ অথবা দূৰভাষ বাৰ্তাই হওঁক বা দূৰদৰ্শন-অনাতাঁৰ প্ৰভৃতিৰ মাধ্যমত ৰাজহুৱাকৈ সদৰী কৰা বাৰ্তাই হওঁক, এনেবোৰ বাৰ্তাই মানুহৰ কাম-কাজৰ ধৰণ-কৰণ নিৰ্ধাৰণ কৰে। এনেদৰে পৰিবহণ আৰু যোগাযোগৰ মাধ্যমসমূহে মানৱ জীৱনৰ ওপৰত বহুমুখী প্ৰভাৱ বিস্তাৰ কৰে ৷

১৪। অসমৰ শক্তি সম্পদসমূহৰ বিষয়ে আলোচনা কৰা ৷

উত্তৰঃ শিল্পোন্নয়নৰ বাবে শক্তিৰ অতি আৱশ্যক। অসমত জলস্রোত, প্রাকৃতিক গেছ, কয়লা আৰু তেলভিত্তিক শক্তি উৎপাদনৰ বাবে যথেষ্ট সম্ভাৱনা আছে। এই ক্ষেত্ৰত অসম প্রাকৃতিক দিশৰ পৰা উদাভাবে সাহায্যপ্রাপ্ত। গোটেই ভাৰতবৰ্ষৰ মুঠ জলবিদ্যুৎ সম্ভাৱনাৰ শতকৰা ২৮ ভাগ অকল অসমতে অৱস্থিত। অসমত যথেষ্ট পৰিমাণ সম্পদৰ সম্ভাৱনা থকা সত্ত্বেও অসম শক্তি উৎপাদন ক্ষমতা আৰু জনমূৰি বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বেছিৰ ভাগ ৰাজ্যৰ তুলনাত পিচপৰি আছে। প্রথম পৰিকল্পনাৰ সময়ছোৱাত অসমত ৭ টা ক্ষুদ্র প্রতিষ্ঠানে মাথোন ৩৩৬২ কিলোৱাট শক্তি উৎপাদন কৰিছিল। ১৯৫১ চনত মুঠ শক্তি সামর্থ্য আছিল ৬,২৬৫ কিলোৱাট আৰু ১৯৫৫-৫৬ চনত ই বৃদ্ধি পাই হৈছিল ১১০০ কিলোৱাট।

অসমত শক্তিৰ প্ৰধান ব্যৱহাৰ হ’ল— ঘৰুৱা, বাণিজ্যিক, ঔদ্যোগিক আৰু ৰাজহুৱা পোহৰ দিয়াৰ বাবে ৷ ১৯৫০-৫১ চনত অসমত জনমুৰি শক্তি ব্যৱহাৰৰ পৰিমাণ আছিল ০.৫৮ কিলোৱাট আৰু এই সময়ছোৱাত গোটেই ভাৰতত ইয়াৰ পৰিমাণ আছিল ১৩.৩ কিলোৱাট। ১৯৮৯-৯০ চনত অসমৰ জনমুৰি শক্তি ব্যৱহাৰৰ পৰিমাণ বৃদ্ধি পাই হয় ৭৮ কিলোৱাট আৰু গোটেই ভাৰতত ই আছিল ২.৬৬ কিলোৱাট। গতিকে শক্তি ব্যৱহাৰৰ ক্ষেত্ৰতো অসম পিচপৰা।

১৯৭৫-৭৬ চনত গোটেই ভাৰতবৰ্ষৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতাৰ শতকৰা ১ ভাগৰ কম সামর্থ্য অসমত আছিল। ১৯৭৯-৮০ চনত অসমৰ বিভিন্ন শক্তি উৎপাদন প্রতিষ্ঠানবোৰৰ মুঠ শক্তি উৎপাদন ক্ষমতা আছিল ১৫.৫ মেগাৱাট আৰু এই সময়ত অসমত দুটা ডাঙৰ বিদ্যুত প্রতিষ্ঠান যেনে— চন্দ্ৰপুৰ তাপবিদ্যুৎ (৩০ মেগাৱাট) আৰু নামৰূপ তাপবিদ্যুৎ (১১১.৫ মেগাৱাট) আৰু কিছুমান ক্ষুদ্র ডিজেল চালিত শক্তি উৎপাদন প্রতিষ্ঠান আছিল। ১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত বঙ্গাইগাঁও তাপবিদ্যুৎ ষ্টেচনৰ প্ৰথম ইউনিট (৬০ মেগাৱাট) আৰম্ভ হোৱাৰ পিচত ১৯৮০-৮১ চনত অসমৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা আৰু বৃদ্ধি পাই ৩১২.৫ মেগাৱাট হয়গৈ। ১৯৮১-৮২ চনত অসমত মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা আৰু বৃদ্ধি পাই হৈছিল ৩১২.৫ মেগাৱাট আৰু এই একেই সময়ছোৱাত অসমত মুঠ বিদ্যুতৰ চাহিদা আছিল ৪৬২ মেগাৱাট ৷ আকৌ ২০০৫-০৬ চনত অসমৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধি পাই হৈছিল ৫৭৪.৪ মেগাৱাট।

অসমক বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰ কৰাৰ উদ্দেশ্যে ১৯৮৩-৮৪ চনৰ ভিতৰত মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে নির্দিষ্ট সময়ভিত্তিক আঁচনি লোৱা হৈছিল। লাকুৱা তাপ বিদ্যুৎ আৰু বঙ্গাইগাঁও তাপ বিদ্যুৎ ষ্টেচনৰ (১২০ মেগাৱাট) কাম সম্পূৰ্ণ হৈছিল আৰু বাণিজ্যিক ভিত্তিক উৎপাদন আৰম্ভ হৈছিল। ইতিমধ্যে ১৫০ মেগাৱাট ক্ষমতা থকা কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে আৰু ১৯৯৩ চনৰ ফেব্ৰুৱাৰী মাহলৈকে ৭৯০ মেগাৱাট পৰিমাণ বিদ্যুৎ উৎপাদন কৰিছে । নিম্নোক্ত বিদ্যুৎ উৎপাদন কেন্দ্ৰবোৰৰ কাম সম্পূৰ্ণ হ’লে অসমত বিদ্যুতৰ যোগানৰ উন্নতি হ’ব বুলি আশা কৰিব পৰা যায়। এই কেন্দ্ৰবোৰ হ’ল নামৰূপ ওয়েষ্টহিট বিদ্যুৎ প্রকল্প (২২ মেগাৱাট), চন্দ্ৰপুৰৰ তাপ বিদ্যুৎ কেন্দ্ৰ সম্প্ৰসাৰণ (৩০ মেগাৱাট), লাকুৱা গেছ টাৰবাইন (৪৫ মেগাৱাট), নামনি বৰাপানি (কামৰূপ), জলবিদ্যুৎ প্রকল্প আৰু কাৰ্বিলংপী জলবিদ্যুৎ প্রকল্প (২৫০ মেগাৱাট), কঠালগুড়ী গেছভিত্তিক প্রকল্প (২৯১ মেগাৱাট), কপিলী প্রকল্প সম্প্ৰসাৰণ (১২৫ মেগাৱাট)। ইয়াৰ উপৰি কপিলী জলবিদ্যুৎ প্রকল্প (২৫৯ মেগাৱাট) আৰু লোকটাক (মণিপুৰ) প্রকল্প দুটাই অসমৰ বিদ্যুতৰ অৱস্থাৰ উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে।

অসমত মুঠ বিদ্যুৎ উৎপাদনৰ পৰিমাণ ১৯৭৮-৭৯ চনত আছিল ৬৫৮ নিযুত কিলোৱাট আৰু ইয়াৰ পৰিমাণ কমি গৈ ১৯৮০-৮১ চনত মাথোন ৪৬৫ নিযুত কিলোৱাট হৈছিল। ইয়াৰ পিচত ১৯৮১-৮২ আৰু ২০০৫-০৬ চনত ইয়াৰ উৎপাদন বৃদ্ধি পাই হৈছিল যথাক্রমে ৭২৮ নিযুত কিলোৱাট আৰু ৮০৮.০৪ নিযুত কিলোৱাট আওয়াৰ।

ইয়াৰ পিচত ১৯৯২ চনত অসমে শোচনীয় বিজুলী নাটনিৰ সন্মুখীন হৈছিল য’ত পৰিষদৰ মুঠ বিজুলী শক্তিৰ উৎপাদন ১৬০ মেগাৱাটলৈ কমি গৈছিল। ইতিমধ্যে ১৯৯৫ চনৰ মে’ মাহত কঠালগুড়ী তাপ বিদ্যুৎ প্রকল্পৰ প্ৰথম তিনিটা ইউনিটত বিজুলী শক্তি উৎপাদনৰ কাম (১০০ মেগাৱাট) আৰম্ভ হৈছে আৰু ১৯৯৬ চনৰ ভিতৰত এই প্ৰকল্পৰ মুঠ ২৯১ মেগাৱাট পৰিমাণ বিজুলী শক্তি উৎপাদনৰ ক্ষমতা সৃষ্টিৰ কাম সম্পূৰ্ণ হৈছে।

২০০৪-০৫ চনত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে ইয়াৰ প্ৰতিবেশী প্রতিষ্ঠানসমূহৰ পৰা ৩২৬৮ নিযুত কিলোৱাট ঘণ্টা পৰিমাণ বিজুলী শক্তি ক্ৰয় কৰিছিল আৰু তুলনামূলকভাৱে ১৯৯৫৯৬ চনত এই বিজুলী শক্তি ক্ৰয়ৰ পৰিমাণ আছিল ১১৪৬ নিযুত কিলোৱাট ঘণ্টা। অৱশ্যে, তলত উল্লেখিত নৱম আৰু দশম পৰিকল্পনাৰ সময়ছোৱাত অন্তভুর্ক্ত হোৱা বিজুলী শক্তি প্ৰকল্পবোৰৰ কাম অহা কেই বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিলে অসমৰ বিজুলী শক্তিৰ যোগানৰ অৱস্থা কিছু পৰিমাণে উন্নতি হ’ব বুলি আশা কৰিব পৰা যায়। এই প্রকল্প কেন্দ্ৰবোৰ হ’ল— 

(ক) নামনি কপিলী জলবিদ্যুৎ প্রকল্প (১৫০ Mw)

(খ) বৰগোলাই তাপবিদ্যুৎ প্রকল্প (১২০ Mw)

(গ) লাকুৱা ওৱেষ্ট হিট বিদ্যুৎ প্রকল্প (৪৭.৫০ Mw)

(ঘ) আমগুৰী কমবাইনড্ চাইকেল গেছ ভিত্তিক প্রকল্প (২৪০ Mw)

(ঙ) কাৰ্বি-লংপী জলবিদ্যুৎ প্রকল্প (২৫০ Mw)

(চ) BTPs, বঙ্গাইগাওঁ তাপ বিদ্যুৎ প্রকল্পৰ পুনঃসংস্থাপন (৭৫০ Mw) আৰু 

(ছ) চন্দ্ৰপুৰ তাপবিদ্যুৎ প্রকল্পৰ পুনঃসংস্থাপন।

গতিকে অসমত যথেষ্ট শক্তি সম্ভাৱনা থকা সত্ত্বেও ইয়াৰ ভালেখিনি এতিয়াও ব্যৱহাৰ হোৱা নাই। অদূৰ ভৱিষ্যৎ অসমৰ বিভিন্ন অঞ্চলত প্ৰাকৃতিক গেছ, পানী আৰু কয়লাভিত্তিক ভালে কেইখনি বিদ্যুৎ প্রকল্প গঢ়ি উঠিব বুলি আমি আশা কৰিব পাৰোঁ ৷

ইতিমধ্যে অসম চৰকাৰে প্ৰাকৃতিক গেছ আৰু জলবিদ্যুৎ ভিত্তিক কেইখনমান বিদ্যুৎ প্রকল্প বেচৰকাৰী খণ্ডত আৰু বৈদেশিক বিনিয়োগৰ সহায়ত স্থাপন কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।

১৫। অসমৰ পঞ্চবার্ষিক পৰিকল্পনাৰ কালছোৱাত শক্তিৰ উন্নয়নৰ প্ৰগতিসমূহৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ অসমৰ বিভিন্ন পঞ্চবার্ষিক পৰিকল্পনাৰ কালছোৱাত শক্তি সম্পদ উন্নয়নৰ প্ৰগতি কেনেকুৱা হৈছিল তাক তলত দিয়া ধৰণে আলোচনা কৰা হ’লঃ

প্রথম পৰিকল্পনাঃ প্রথম পৰিকল্পনাৰ কালছোৱাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ গঠন কৰা হৈছিল আৰু অসমত প্ৰথমবাৰৰ বাবে বৰনিহাটত উম জলবিদ্যুৎ প্রকল্পৰ কাম আৰম্ভ কৰা হৈছিল। এই প্ৰকল্পৰ নিৰ্মাণৰ অধিকাংশ কাম প্রথম পৰিকল্পনাৰ কালছোৱাত সম্পূৰ্ণ কৰা হৈছিল। এই প্রকল্পটোৰ মুঠ শক্তি সামর্থ্য আছিল ৭৫০০ কিলোৱাট। প্রথম পৰিকল্পনাৰ শেষত অসমৰ মুঠ:শক্তি সামর্থ্য আছিল ৮.৪ মেগাৱাট আৰু মুঠ বিদ্যুতৰ উৎপাদনৰ পৰিমাণ আছিল ১১ নিযুত KWh অসমত জনমুৰি বিদ্যুৎ উৎপাদনৰ পৰিমাণ আছিল ০.৯ KWh আৰু গোটেই ভাৰতত ইয়াৰ পৰিমাণ আছিল ২৮ KWh তদুপৰি ১৯৫৫-৫৬ চনত অসমৰ সৰু চহৰৰ আৰু গ্ৰাম্য বৈদ্যুতিকীকৰণ আঁচনিৰ কাম আৰম্ভ কৰা হৈছিল।

দ্বিতীয় পৰিকল্পনাঃ দ্বিতীয় পৰিকল্পনা অসমত বিদ্যুতৰ উৎপাদন আৰু ব্যৱহাৰ বৃদ্ধিৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছিল। অসমত জনমূৰি বিদ্যুতৰ ব্যৱহাৰ ১৯৫০–৫১ চনৰ ০.৯১ KWh পৰা দ্বিতীয় পৰিকল্পনাৰ শেষত ৫.৬৩ KWh লৈ বৃদ্ধি পাইছিল। দ্বিতীয় পৰিকল্পনাৰ কালছোৱাত আন আন প্ৰগতি তলত দিয়া ধৰণৰ আছিল ৷

(ক) ওপৰঞ্চি শক্তি সামর্থ্য সৃষ্টি – ১৪,৫৯৭ কিলোৱাট।

(খ) ওপৰঞ্চি H.T. লাইন — ১৫৭ মাইল।

(গ) ওপৰঞ্চি L. T. লাইন — ১৮০ মাইল।

(ঘ) চহৰ বৈদ্যুতিকীকৰণৰ সংখ্যা — ২৫। 

(ঙ) গাঁও বৈদ্যুতিককৰণৰ সংখ্যা – ১৯। 

১৯৫৭ চনৰ জুলাই মাহত ৮,৪০০ কিলোৱাট শক্তি সামর্থ্য থকা উমত্রু জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল৷ তদুপৰি ৰাজ্যৰ বিদ্যুতৰ নাটনিৰ কথা চিন্তা কৰি আৰু দুইখন নতুন আঁচনি– 

(a) উমিয়াম জলবিদ্যুৎ প্রকল্প — Stage I (৩৬,০০০ কিলোৱাট শক্তি সামৰ্থ থকা), 

(b) নাহৰকাটীয়া গেচ টাৰবাইন প্রকল্প (৬৯,০০০ কিলোৱাটশক্তি সামর্থ্য থকা) পৰিকল্পনা আয়োগে অনুমোদন জনাইছিল আৰু ইয়াৰ নিৰ্মাণ কাম ১৯৬০ চনত আৰম্ভ কৰা হৈছিল।

দ্বিতীয় পৰিকল্পনাৰ শেষত অসমত মুঠ শক্তি সামর্থ্য ২০.৫ মেগাৱাট লৈ আৰু বিদ্যুতৰ উৎপাদন ৩৩ KWh লৈ বৃদ্ধি পাইছিল। অসমত জনমূৰি বিদ্যুতৰ উৎপাদন ২.৮ KWh লৈ বৃদ্ধি পাইছিল আৰু গোটেই ভাৰতত ইয়াৰ পৰিমাণ আছিল ৪৮ KWh

তৃতীয় পৰিকল্পনাঃ তৃতীয় পৰিকল্পনাৰ কালছোৱাত শক্তিৰ উন্নয়নৰ বাবে তলত দিয়া আঁচনিবোৰ ৰূপায়ণ কৰা হৈছিল৷

প্রথমতে, উমিয়াম জলবিদ্যুৎ প্রকল্প Stage – I ৰ কাম সম্পূৰ্ণ কৰা হৈছিল আৰু ইয়াত বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰা হৈছিল। এই প্রকল্পৰ মুঠ শক্তি সামর্থ্য আছিল ৩৬ মেগাৱাট। ট্রান্সমিচন ভোল্টেজ লৈ বৃদ্ধি কৰা হৈছিল।

দ্বিতীয়তে, অসমত বিদ্যুৎ এঠাইৰ পৰা আন ঠাইলৈ প্ৰেৰণ কৰাৰ বাবে যি কেইখনমান আঁচনি গ্ৰহণ কৰা হৈছিল – এইবোৰ হ’ল 

(a) গুৱাহাটীৰ পৰা বঙাইগাঁও লৈ, গুৱাহাটীৰ পৰা তেজপুৰ লৈ আৰু শ্বিলঙৰ পৰা বদৰপুৰ লৈ ১৩২ K.V. লাইন স্থাপন। 

(b) নামনি অসমত বিদ্যুৎ যোগান ধৰাৰ বাবে ৩৩ K.V 11K.V আৰু নিম্ন ভোল্টেজ থকা লাইন বনোৱা হৈছিল।

তৃতীয়তে, উমিয়াম Stage – II প্ৰকল্পৰ কামৰ এই পৰিকল্পনাৰ কালছোৱাত যথেষ্ট অগ্রগতি হৈছিল।

চতুৰ্থতে, উজনি অসমৰ তেল ক্ষেত্ৰৰ প্ৰাকৃতিক গেচৰ ভিত্তি ১৯৬১ চনত নামৰূপ তাপ বিদ্যুৎ প্রকল্পৰ কাম আৰম্ভ কৰা হৈছিল। এই প্রকল্পৰ প্ৰথম Stage ৰ কাম সম্পূৰ্ণ কৰা হৈছিল৷ এই প্ৰকল্পৰ মুঠ শক্তি সামর্থ্যৰ পৰিমাণ আছিল ৬৯ মেগাৱাট।

পঞ্চমতে, তৃতীয় পৰিকল্পনাত আৰু এখন প্রকল্প গুৱাহাটী তাপ বিদ্যুৎ প্রকল্পৰ কাম আৰম্ভ কৰা হৈছিল। ইয়াৰ দুইখন ইউনিটৰ প্ৰথমখন ১২.৫ মেগাৱাট শক্তি সামর্থ্য থকা নাৰাঙ্গি গেচ টাৰবাইন প্ৰকল্পৰ কাম ১৯৬৪ চনত সম্পূৰ্ণ কৰা হৈছিল । ইয়াৰে দ্বিতীয় ইউনিট চন্দ্ৰপুৰত ৩০ মেগাৱাট শক্তি সামৰ্থ থকা ষ্টীম টাৰবাইন প্রকল্প প্রাথমিক কাম সম্পূর্ণ কৰা হৈছিল।

ষষ্ঠতে, তেজপুৰ, যোৰহাট আৰু চাৰুয়াত যথাক্রমে ৮.২০ মেগাৱাট, ৩.০০ মেগাৱাট আৰু ২.০০ মেগাৱাট শক্তি সামর্থ্য থকা ডিজেল চেট বহুৱাৰ কাম সম্পূৰ্ণ কৰা হৈছিল।

সপ্তমতে, গাৰো পাহাৰত ৫ মেগাৱাট শক্তি সামর্থ্য থকা নাংগলবিবৰা তাপ বিদ্যুৎ প্ৰকল্পৰ কাম তৃতীয় পৰিকল্পনাৰ কালছোৱাত সম্পূৰ্ণ কৰা হৈছিল।

এইবোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত অসমত মুঠ শক্তি সামর্থ্যৰ পৰিমাণ ১৯৬০-৬১ চনৰ ২০.৬ মেগাৱাটৰ পৰা ১৯৬৫ চনত ১৬০.৩ মেগাৱাট লৈ বৃদ্ধি পাইছিল আৰু মুঠ বিদ্যুতৰ উৎপাদন ৩৩ নিযুত K Wh’ৰ পৰা ৭০ নিযুত KWh লৈ বৃদ্ধি পাইছিল। গ্রাম্য বৈদ্যুতিককৰণৰ ক্ষেত্ৰত ৯৬ খন চহৰ আৰু গাঁওৰ বৈদ্যুতিককৰণ কৰা হৈছিল অসমত জনমূৰি বিদ্যুৎ উৎপাদনৰ পৰিমাণ ৬ KWh লৈ বৃদ্ধি পাইছিল আৰু গোটেই ভাৰতত ইয়াৰে পৰিমাণ আছিল ৮৮ KWhi

এড-হক পৰিকল্পনাঃ এড-হক পৰিকল্পনাৰ কালছোৱাত অসমত নতুন কোনো বিদ্যুৎ প্ৰকল্পৰ কাম গ্ৰহণ কৰা হোৱা নাছিল। বৰং এই পৰিকল্পনাৰ আগত আৰম্ভ হোৱা প্ৰকল্পসমূহ সুদৃঢ় কৰা আৰু বিদ্যুৎ উৎপাদনৰ সৰ্বোচ্চ ব্যৱহাৰৰ প্ৰচেষ্টা চলাইছিল।

উমিয়াম Stage- II প্ৰকল্পৰ কাম প্রায় সম্পূৰ্ণ কৰা হৈছিল আৰু ২.৮ মেগাৱাট ক্ষমতা থকা এখন ওপৰঞ্চি যন্ত্ৰ উমত্ৰু বিজুলী ঘৰত বহোৱা হৈছিল। উমিয়াম জলবিদ্যুৎ প্রকল্পৰ ট্ৰাঞ্চমিচন লাইনৰ কাম সম্পূৰ্ণ কৰা হৈছিল। গুৱাহাটী তাপ বিদ্যুৎ ষ্টেচন, গাৰো পাহাৰ তাপ বিদ্যুৎ প্রকল্প আৰু ২২০ K.V. গুৱাহাটী-নগাঁও লাইনখনৰ কাম পূৰ্ণ গতিত চলাই থকা হৈছিল। গাৰো পাহাৰৰ নাঙল-বিবৰা প্ৰকল্পত ২ × ২৫ মেগাৱাট বিদ্যুৎ উৎপাদন যন্ত্ৰ আৰু নামৰূপত ষ্টীম টাৰবাইন ১×৩০ মেগাৱাট বিদ্যুৎ উৎপাদন যন্ত্ৰৰ প্ৰতিষ্ঠাকৰণৰ কাম এই পৰিকল্পনাৰ কালছোৱাত চলাই যোৱা হৈছিল। নাহৰকটীয়া তাপ বিদ্যুৎ প্রকল্পৰ বহুৱাৰ কাম আৰম্ভ কৰা হৈছিল। যদিও ওপৰত উল্লিখিত কোনো এটা প্ৰকল্পৰ কামেই ১৯৬৮-৬৯ চনৰ ভিতৰত সম্পূৰ্ণ হোৱা নাছিল, তথাপি আগৰ পৰা চলি থকা বিদ্যুৎ প্রকল্পসমূহৰ শক্তি সামৰ্থ্যই সম্পূৰ্ণ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ফলত মুঠ বিদ্যুৎ উৎপাদন ১৯৬৫ চনৰ ৭০ নিযুত KWh পৰা বৃদ্ধি পাই ১৯৬৭ চনত ১৪৩ নিযুত KWh আৰু ১৯৬৮-৬৯ চনত ২৩৭ নিযুত KWhহৈছিল। তদুপৰি নাগালেণ্ডলৈকে ৬৬ K.V. লাইন আৰু বদৰপুৰৰ পৰা চুবাবাৰী লৈকে ১৩২ K.V. লাইনৰ কাম প্রায় সম্পূৰ্ণ কৰা হৈছিল। ইয়াৰ বাহিৰে এই পৰিকল্পনা কালছোৱাত ৩৭৯ খন গাওঁত বৈদ্যুতিকীকৰণৰ ব্যৱস্থা কৰা হৈছিল আৰু ৫৪ জন পাম্প যন্ত্ৰত বিদ্যুতৰ যোগান ধৰা হৈছিল।

চতুৰ্থ পৰিকল্পনাঃ চতুৰ্থ পৰিকল্পনাৰ সময়ছোৱাত অসমত শক্তি উৎপাদনৰ যথেষ্ট প্রগতি হৈছিল। চতুৰ্থ পৰিকল্পনাৰ আৰম্ভণিত অসমৰ মুঠ শক্তি সামর্থ্য আছিল ১৫৩ মেগাৱাট আৰু জনমূৰি বিদ্যুতৰ ব্যৱহাৰৰ পৰিমাণ আছিল ১৪.৮ ইউনিট। চতুর্থ পৰিকল্পনাৰ উদ্দেশ্য আছিল এই শক্তি সামর্থ্য ২৪৬ মেগাৱাটলৈ বৃদ্ধি কৰা। ইয়াৰ বিপৰীতে এই পৰিকল্পনাৰ শেষত অসমৰ মুঠ শক্তি সামর্থ্য ২০২:৯৫ মেগাৱাটলৈ বৃদ্ধি পাইছিল। গতিকে অসমৰ মুঠ বিদ্যুতৰ উৎপাদন (মেঘালয়ক সামৰি লৈ) ১৯৭১ চনৰ ৪১৩.২ নিযুত KWh ৰ পৰা, ১৯৭৪ চনত ৫৩৯.৯ নিযুত KWh লৈ বৃদ্ধি পাইছিল।

যদিও ভালেকেইখন বিদ্যুৎ প্রকল্পৰ কাম আৰম্ভ কৰা হৈছিল কিন্তু ইয়াৰে অলপ কেইখনমান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হৈছিল। প্ৰথমতে, গুৱাহাটী তাপ বিদ্যুৎ ষ্টেচনৰ (১×৩০ মেগাৱাট) কাম চতুৰ্থ পৰিকল্পনাৰ কালছোৱাত সম্পূৰ্ণ কৰা হৈছিল। দ্বিতীয়তে, উমিয়াম জলবিদ্যুৎ প্রকল্প Stage II’ ৰ (2 × ৯ মেগাৱাট + ১ × ২.৮ মেগাৱাট) কাম চতুৰ্থ পৰিকল্পনাৰ কালছোৱাত সম্পূৰ্ণ কৰা হৈছিল। তৃতীয়তে, নামৰূপত তাপ বিদ্যুৎ প্রকল্প বিস্তাৰৰ কাম (মেগাৱাট) আৰু গুৱাহাটীৰ পৰা ১ × ১২.৫ মেগাৱাট গেছ টাৰবাইন নামৰূপলৈ স্থানান্তৰ কৰাৰ কাম এই পৰিকল্পনাৰ কালছোৱাত যথেষ্ট আগবাঢ়িছিল।

চতুৰ্থতে, গাৰো পাহাৰ তাপ বিদ্যুৎ প্রকল্পৰ (২ × ২.৫ মেগাৱাট) কাম এই পৰিকল্পনাৰ সময়ছোৱাত চলাই যোৱা হৈছিল।

পঞ্চমতে, কুৰদেমকুলাই জলবিদ্যুৎ প্রকল্পৰ (২×৩০ মেগাৱাট) প্ৰাৰম্ভিক কাম সম্পূৰ্ণ কৰা হৈছে। তদুপৰি গুৱাহাটীৰ পৰা নগাঁওলৈ (২২০ K.V) আৰু নগাঁওৰ পৰা মৰিয়ানি (২২০ K.V.) ট্রাঞ্চমিচন লাইন দুইখনৰ কাম আৰম্ভ কৰা হৈছিল কিন্তু প্রথম লাইনখনৰ কাম সম্পূৰ্ণ কৰা হৈছিল।

পঞ্চম পৰিকল্পনাঃ পঞ্চম পৰিকল্পনাৰ কালছোৱাত অসমৰ বিজুলী যোগান ব্যৱস্থাৰ কিছুমান পৰিৱৰ্তন লেখত ল’বলগীয়া আছিল। ১৯৭২ চনত মেঘালয় ৰাজ্য গঠন কৰা হৈছিল। গতিকে ১৯৭৫ চনত ৬৭ মেগাৱাট ক্ষমতা থকা উম উমিয়াম জলবিদ্যুৎ প্রকল্প মেঘালয় ৰাজ্যিক বিদ্যুৎ পৰিষদক হস্তান্তৰ কৰা হৈছিল। পঞ্চম পৰিকল্পনাৰ কালছোৱাত বুজন সংখ্যক বিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল।

এই প্রকল্পসমূহ হ’ল— (i) ৪৫ মেগাৱাট লাকুৱা গেছ টাৰবাইন প্রকল্প।

(ii) ২ × ২৩ মেগাৱাট নামৰূপ ওৱেষ্ট হিট প্রকল্প।

(iii) ৩০ মেগাৱাট চন্দ্ৰপুৰ তেল-ভিত্তিক বিস্তাৰ প্ৰকল্প।

(iv) ২× ৬০ মেগাৱাট বঙাইগাওঁ তাপ বিদ্যুৎ প্রকল্প (বেঙ্গল আৰু বিহাৰৰ কয়লা ভিত্তিক)।

(v) নামনি বৰাপানী (কামৰূপ) জলবিদ্যুৎ প্রকল্প।

(vi) কপিলী জলবিদ্যুৎ প্রকল্প (প্রাথমিক স্তৰ) আদি।

পঞ্চম পৰিকল্পনাৰ কালছোৱাত অসমত শক্তি ক্ষেত্ৰৰ প্ৰগতি সন্তোষজনক আছিল। পঞ্চম পৰিকল্পনা অসমত শক্তি সামর্থ্যৰ ক্ষেত্ৰত থকা লক্ষ্যমাত্রা ১৪১.৫ মেগাৱাট লৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। বিদ্যুৎ উৎপাদনৰ লক্ষ্যমাত্রা ২৭৮০ মেগাৱাটৰ বিপৰীতে পঞ্চম পৰিকল্পনাৰ সময়ছোৱাত মুঠ বিদ্যুতৰ উৎপাদন ২৭৪০ মেগাৱাট হৈছিল। গ্ৰাম্য বৈদ্যুতিকীকৰণৰ আঁচনিৰ ক্ষেত্ৰত পঞ্চম পৰিকল্পনাৰ লক্ষ্যমাত্ৰা আছিল ১৯৭৫ খন গাঁওত বিজুলী যোগান ধৰা ইয়াৰ বিপৰীতে মাথোন ৬৬০ খন গাঁওতে বিজুলী যোগান ধৰা হৈছিল।

ষষ্ঠ পৰিকল্পনাঃ ষষ্ঠ পৰিকল্পনাৰ কালছোৱাত শক্তি উন্নয়ন শিতানত যদিও ৩৬০.৬৮ কোটি টকাৰ অৰ্থৰ সংস্থান ৰখা হৈছিল কিন্তু এই শিতানত মুঠ ব্যয়ৰ পৰিমাণ আছিল ৪৫৭.৭ কোটি টকা। কিন্তু এই শিতানত হোৱা প্ৰগতিৰ বিষদ বিৱৰণ এতিয়াও সম্পূৰ্ণৰূপে পোৱা নাই। অসমৰ মুঠ শক্তি সামর্থ্য ১৯৮০-৮১ চনৰ ২০১.৫ মেগাৱাটৰ পৰা বৃদ্ধি পাই ১৯৮৪-৮৫ চনত ৩৪৯.৪ মেগাৱাটলৈ বৃদ্ধি পাইছিল। ষষ্ঠ পৰিকল্পনাত মুঠ শক্তি সামর্থ্য বৃদ্ধিৰ লক্ষ্যমাত্রা আছিল ৫০০ মেগাৱাট। মুঠ বিদ্যুতৰ উৎপাদনৰ পৰিমাণ ১৯৮০-৮১ চনৰ ৪৬৫ নিযুত KWh পৰা ১৯৮৩-৮৪ চনত ৯৬৮ নিযুত KWh আৰু ১৯৮৪-৮৫ চনত ৮৫২.৩ নিযুত KWh বৃদ্ধি পাইছিল। ষষ্ঠ পৰিকল্পনাৰ কালছোৱাত অসমৰ কাম আৰম্ভ হোৱা শক্তি প্রকল্পসমূহ হ’ল—বঙাইগাঁও তাপবিদ্যুৎ প্রকল্পৰ বিস্তাৰ (২×৬০ মেগাৱাট), নামৰূপ ওয়েষ্ট হিট বিদ্যুৎ প্রকল্প (২২ মেগাৱাট), চন্দ্ৰপুৰ তাপবিদ্যুৎ প্রকল্প বিস্তাৰ (৩০ মেগাৱাট), কাৰ্বি-লংপী জলবিদ্যুৎ প্রকল্প (২× ৫০ মেগাৱাট) আদি। এই পৰিকল্পনাৰ সময়ছোৱাত NEEPCO-এ নিৰ্মাণ কৰা কপিলী জলবিদ্যুৎ প্রকল্পৰ কাম সম্পূৰ্ণ কৰা হৈছিল। ষষ্ঠ পৰিকল্পনাৰ সময়ছোৱাত মুঠ প্ৰায় ৭০০০ খন গাঁৱত বৈদ্যুতিকৰণ কৰা হৈছিল।

সপ্তম পৰিকল্পনাঃ সপ্তম পৰিকল্পনাৰ এটা প্রধান উদ্দেশ্য হৈছে অসমৰ বিদ্যুৎ উৎপাদনৰ দ্ৰুত উন্নয়ন আৰু শক্তি সামর্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰা। অসমৰ সপ্তম পৰিকল্পনাত বিদ্যুৎ উৎপাদনৰ ওপৰত সর্বোচ্চ প্রাধান্য দিয়া হৈছে আৰু পৰিকল্পনাৰ মুঠ ব্যয়ৰ শতকৰা ২৩.৩ ভাগ শক্তি উন্নয়নৰ বাবে ধাৰ্য্য কৰা হৈছে। অসমত মুঠ বিদ্যুতৰ উৎপাদন ১৯৮৫-৮৬ চনৰ ৮৪৫.১০ M.K.Wh. পৰা ১৯৮৯-৯০ চনত ১১৪৭.২ নিযুত KWh লৈ বৃদ্ধি পাইছিল। অসমত মুঠ শক্তি সামর্থ্য ১৯৮৫-৮৬ চনৰ ৪০৯.৪ M.W. পৰা ১৯৮৯-৯০ চনত ৫১৪.4 M.V. লৈ বৃদ্ধি পাইছিল ৷ তদুপৰি ১৯৮৮ চনৰ মাৰ্চ মাহত ২২০ K.V. যোগীঘোপা পঞ্চৰত্ন আৰু ২২০ K.V. শিলঘাট-ভোমৰাগুৰী ট্রান্সমিচন লাইনৰ কাম সম্পূৰ্ণ কৰা হৈছে। গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ ক্ষেত্ৰত ১৯৯০ চনৰ ফেব্ৰুৱাৰী মাহলৈকে অসমত ২০,৯৮৪ খন গাঁৱত বিজুলী যোগান ধৰা হৈছিল যি অসমৰ মুঠ সংখ্যক গাঁৱৰ শতকৰা ৯৫ ভাগ আছিল।

অষ্টম পৰিকল্পনাঃ অসমৰ অষ্টম পৰিকল্পনাৰ এটি গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল শক্তিখণ্ডৰ উন্নয়ন কৰা। অসমৰ অষ্টম পৰিকল্পনাত শক্তিখণ্ডৰ উন্নয়নৰ তৃতীয় প্রাধান্য দিয়া হৈছে আৰু পৰিকল্পনা মুঠ ব্যয়ৰ ২৫.৬ শতাংশ শক্তি উন্নয়নৰ ধাৰ্য কৰা হৈছিল। অসমৰ মুঠ শক্তি সামর্থ্য ১৯৯২৯৩ চনৰ ৫১৪.৪ MW ৰ পৰা বৃদ্ধি পাই ১৯৯৬-৯৭ চনত ৫৫২.৫ MW হৈছিল। অসমত মুঠ বিজুলী শক্তি উৎপাদনৰ পৰিমাণ ১৯৯২-৯৩ চনৰ ১০৬৮.5 M KWh. ৰ পৰা বৃদ্ধি পাই ১৯৯৬-৯৭ চনৰ ১৩৩১.7 M.KWh. হৈছিল। গ্রাম্য বৈদ্যুতিকৰণ আঁচনিৰ ক্ষেত্ৰত ১৯৯৭ চনৰ মাৰ্চ মাহৰ শেষত অসমত মুঠ ১৮,৯৯৯ খন গাঁওত বিজুলী শক্তি যোগান ধৰা হৈছিল যি অসমৰ মুঠ সংখ্যক গাঁওৰ ৭৬.৯ শতাংশ আছিল৷

নৱম পৰিকল্পনাঃ অসমৰ নৱম পৰিকল্পনাৰ এটি অন্যতম প্রধান উদ্দেশ্য হ’ল অসমৰ বিদ্যুৎ উৎপাদনৰ দ্ৰুত বৃদ্ধি। অসমৰ নৱম পৰিকল্পনাত বিজুলী শক্তি উৎপাদনত ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে আৰু মুঠ পৰিকল্পনা অৰ্থৰ সংস্থানৰ ১০.৩৪ শতাংশ শক্তি খণ্ডৰ উন্নয়নৰ বাবে ধার্য কৰা হৈছে। অসমৰ মুঠ শক্তি সামর্থ্যৰ পৰিমাণ ১৯৯৬-৯৭ চনৰ ৫৫২.৫ MW ৰ পৰা সামান্য বৃদ্ধি পাই ১৯৯৮-৯৯ চনত ৫৭4.4 MW হৈছিল। কিন্তু বিজুলী শক্তিৰ উৎপাদনৰ পৰিমাণ ১৯৯৬-৯৭ চনৰ ১৩৩১.৭ নিযুত KWh পৰা হ্রাস পাই ১৯৯৮-৯৯ চনত মাথোন ৯২৩.৭ নিযুত KWh হৈছিল। গ্রাম্য বৈদ্যুতিকৰণ আঁচনিৰ ক্ষেত্ৰত অসমৰ নৱম পৰিকল্পনাত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে।

নৱম পৰিকল্পনাৰ সময়ছোৱাত শক্তি বিত্তীয় নিগমে (PFC) ২০০০-০১ চনত ১২৫ কোটি ১০০ Mw টকা শক্তি সম্পন্ন কাৰ্বি-লংগী জলবিদ্যুৎ প্রকল্পৰ কাম সম্পূৰ্ণ কৰিবলৈ আগবঢ়াইছিল।

নৱম পৰিকল্পনাৰ সময়ছোৱাত্ ASEB দুখন বৃহৎ শক্তি প্রকল্প স্থাপন কৰিবলৈ প্ৰস্তুতি লৈছিল। এই দুখন প্রকল্প হ’ল— ৯০ Mw আমগুৰি শক্তি প্রকল্প আৰু ১২০ Mw বৰগোলাই কয়লাভিত্তিক তাপ বিদ্যুৎ প্রকল্প। মাৰ্ঘেৰিটাৰ ওচৰত এই বৰগোলাই বিদ্যুৎ প্রকল্প স্থাপনৰ বাবে ASEB –এ বেচৰকাৰী খণ্ডৰ পৰা প্ৰস্তাৱ আমন্ত্ৰণ কৰিছিল। নৱম পৰিকল্পনাৰ আন দুটা শক্তি প্রকল্প নিম্ন কপিলী জলবিদ্যুৎ প্রকল্প (১৫০ M.W.) আৰু আমগুৰী কম্বাইনড গেছ ভিত্তিক প্রকল্প (240 MW)।

দশম পৰিকল্পনাঃ অসমৰ দশম পৰিকল্পনাৰ মুঠ অৰ্থৰ সংস্থান ১১.৮০ শতাংশ ৰাজ্যৰ শক্তি আৰু বিজুলী খণ্ডৰ উন্নয়নৰ বাবে ধার্য কৰা হৈছিল আৰু ইয়াৰ বাবে মুঠ ৮৭৮.৩৪ কোটি টকাৰ সংস্থান ৰখা হৈছিল। দশম পৰিকল্পনাৰ সময়ছোৱাত ৰাজ্যৰ মুঠ শক্তি সামর্থ্য্যৰ পৰিমাণ 574.4 Mw ত অপৰিৱৰ্তিত হৈ আছিল। অৱশ্যে দশম পৰিকল্পনাৰ চূড়ান্ত বছৰ ২০০৬-০৭ চনত ২ × ৫০ Mw শক্তিসম্পন্ন কার্বি-লংপী জলবিদ্যুৎ প্রকল্পৰ কাম সম্পূৰ্ণ কৰা হৈছিল। যদিও এই প্ৰকল্পৰ কাম ১৯৭৯ চনত আৰম্ভ কৰা হৈছিল কিন্তু এই প্ৰকল্পৰ কাম দুই দশক ধৰি বন্ধ হৈ আছিল আৰু দশম পৰিকল্পনাৰ সময়ছোৱাত ২০০৪-০৫ চনত আৰম্ভ কৰা হৈছিল।

১৬ ৷ অসমৰ পৰিৱহণ ব্যৱস্থাৰ সমস্যাসমূহ আলোচনা কৰা।

উত্তৰঃ পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত অসম হ’ল ভাৰতৰ এটি অন্যতম পিচপৰা ৰাজ্য। অসমৰ অর্থনৈতিক অনগ্ৰসতাৰ এটি অন্যতম গুৰুত্বপূৰ্ণ কাৰণ হ’ল অনুন্নত পৰিবহণ ব্যৱস্থা ৷ যদিও অসমে ইতিমধ্যে চাৰিটা বিভিন্ন ধৰণৰ পৰিবহণ ব্যৱস্থা যেনে— ৰেল পৰিবহণ, পথ পৰিবহণ, জল পৰিবহণ আৰু আকাশী পৰিবহণ ব্যৱস্থাৰ সৃষ্টি কৰিছে। কিন্তু ৰাজ্যখনৰ পৰিবহণ ব্যৱস্থা সমূহীয়াভাৱে তলত উল্লেখিত সমস্যাসমূহৰ সন্মুখীন হৈছে—

(ক) ভৌগোলিক বিচ্ছিন্নতাঃ পাহাৰ আৰু নদীৰে আৱৰি থকা অসমৰ ভৌগোলিক অৱস্থান প্ৰথমৰ পৰাই এখন উন্নত পৰিবহণ ব্যৱস্থা উন্নয়ন কৰাৰ পথত এটি হেঙাৰ হৈ থিয় দিছে। অসমৰ নিচিনা এখন ৰাজ্যত বহুসংখ্যক নদী আৰু পাৰ্বত্য অঞ্চলক অতিক্ৰম কৰি ৰেলপথ আৰু পৰ্থ নিৰ্মাণ কৰাটো অতি ব্যয়বহুল। গতিকে অপনে ‘ইরান পবিহণ অৱস্থাক নিৰ্মণ কৰাৰ ক্ষেত্ৰত প্ৰাকৃতিক বাধা-বিপত্তিৰ সন্মুখীন হৈ আছে।

(খ) প্রাকৃতিক দুর্যোগঃ অসম হ’ল সেইবোৰ ৰাজ্যৰ অন্যতম যিবোৰ বানপানী, ভূমিক্ষয়, ভূকম্পন, ভূমিস্খলন আদি সমস্যাৰ সন্মুখীন হৈছে আৰু ইয়াৰে ফলত সমূহ পৰিবহণ ব্যৱস্থা প্রতি বছৰতে সম্পূৰ্ণৰূপে বিপর্যস্ত হয়। তদুপৰি বানপানীৰ ফলত প্ৰতি বছৰতে পথ আৰু ৰেলপথৰ কিছু পৰিমাণ অংশ বেয়াকৈ ক্ষতিগ্রস্থ হোৱাৰ ফলত এই পৰিবহণ ব্যৱস্থাৰ বছৰি মেৰামতিৰ প্ৰয়োজন হয় আৰু ই এটি বৰ ব্যয়বহুল বিষয়।

(গ) সীমামূৰীয়া ৰাজ্যঃ অসম হ’ল এটি সীমায়ূৰীয়া ৰাজ্য। অসমৰ সংলগ্ন বাংলাদেশ, ভূটান আদি দেশৰ লগত থকা বৃহৎ আন্তর্জাতিক সীমা থকাৰ ফলত প্ৰতিৰক্ষাৰ কাৰণত সীমামূৰীয়া অঞ্চলত পথ নিৰ্মাণৰ প্ৰয়োজন সৃষ্টি হৈছে। ই ৰাজ্যৰ বাবে এটি অতিৰিক্ত পৰিবহণ সমস্যাৰ সৃষ্টি কৰিছে।

(ঘ) অপর্যাপ্ত ৰেল পৰিবহণ ব্যৱস্থাঃ অসমত ৰেল পৰিবহণ ব্যৱস্থা প্রয়োজনৰ তুলনাত বৰ পিচপৰা। তদুপৰি ১৯৪৭ চনৰ দেশ বিভাজন অসম আৰু দেশৰ আন আন ৰাজ্যবিলাকৰ মাজত থকা ৰেল যোগাযোগক বিচ্ছিন্ন কৰি দিছে। ১৯৫০ চনত এই ৰেল যোগাযোগ পুনঃস্থাপন কৰাৰ বাবে বিকল্প ৰেলপথ নিৰ্মাণ কৰা হৈছিল। অসমৰ মুঠ ৰেলপথৰ দৈৰ্ঘ্য (২০০৪ চনৰ ২৫১৭ কিলোমিটাৰ) দেশৰ মুঠ ৰেলপথৰ দৈৰ্ঘ্যৰ প্ৰায় ৩.৭ শতাংশ আছিল।ব্ৰডগজ ৰেলপথৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত অসমৰ অৱস্থা আৰু শোচনীয়। কিয়নো ই গোটেই দেশৰ মুঠ ব্ৰডগজ ৰেলপথৰ দৈৰ্ঘ্যৰ ১.১ শতাংশ মাথোন। অসমৰ মুঠ ৰেলপথৰ দৈৰ্ঘ্যৰ মাজত অকল ব্ৰডগজ ৰেলপথৰ দৈৰ্ঘ্য হ’ল প্রায় ৩৮ শতাংশ আৰু তুলনামূলকভাবে গোটেই দেশত এই অনুপাত হ’ল প্রায় ৫০ শতাংশ।

(ঙ) সকলো বতৰত চলিব পৰা ৰাস্তাৰ অভাৱঃ যদিও অসমত পথ যোগাযোগ ব্যৱস্থা যথেষ্ট বিস্তৃত কিন্তু ইয়াৰে মাথোন ২২ শতাংশ হ’ল পকা ৰাস্তা আৰু বাকি থকা শতাংশ হ’ল কেঁচা ৰাস্তা ৷ গতিকে সকলো বতৰত চলিব পৰা ৰাস্তাৰ অভাৱত বিভিন্ন দূৰৱৰ্তী অঞ্চলবোৰত বিশেষকৈ গ্ৰীষ্মকালত পৰিবহণ ব্যৱস্থা সম্পূৰ্ণৰূপে বিপর্যস্ত হয়। অসমৰ বেছি ভাগ পথৰ অৱস্থা সন্তোষজনক নহয় আৰু বানপানীৰ ফলত ধ্বংস হোৱা ৰাস্তাবিলাক ঘনে ঘনে মেৰামতি কৰিবলগীয়া হয়। ইয়াৰোপৰি বহু সংখ্যক ৰাস্তাৰ বহল কম হোৱাৰ বাবে আৰু লগতে সঙ্কীর্ণ আৰু দুৰ্বল দলংবোৰৰ বিস্তৃতকৰণ আৰু উন্নতিকৰণৰ প্ৰয়োজন হয়।

(চ) জাহাজ চলাচল কৰিব পৰা জলপথৰ অভাৱঃ অসমৰ জল পৰিবহণ ব্যৱস্থা বৃটিছৰ দিনৰ পৰাই যথেষ্ট উন্নত আছিল । কিন্তু দেশ বিভাজনৰ পিচত আৰু বিশেষকৈ ১৯৬৫ চনত হোৱা ভাৰত পাকিস্তান যুদ্ধৰ পিচত আন্তঃৰাজ্য জল পৰিবহণ অৱস্থা সম্পূৰ্ণৰূপে বিপর্যস্ত হৈছিল ৷ তদুপৰি সকলো বতৰত জাহাজ চলাচল কৰিব পৰা জলপথৰ দৈৰ্ঘ্য পার্বত্য অঞ্চলবোৰত ভূমিক্ষয়ৰ ফলত ক্রমান্বয়ে নদীবোৰত পলস মাটি জমা হোৱাৰ বাবে ক্রমেই কমি আছে। বৰ্তমান কালত অসমৰ মুঠ জাহাজ চলাচল কৰিব পৰা জলপথৰ মাজত প্ৰায় ৪৬ শতাংশহে গোটেই বছৰ ধৰি জাহাজ চলাচলৰ যোগ্য।

(ছ) উচ্চ পৰিবহণৰ ব্যয়ৰ গোটঃ দেশৰ আন আন ৰাজ্যবিলাকৰ তুলনাত অসমত পৰিবহণ ব্যয়ৰ গোট বৰ উচ্চ। উচ্চ পৰিবহণ ব্যয়ৰ গোটে ৰাজ্যৰ সকলো ঔদ্যোগিক আৰু উন্নয়ন প্রকল্পবোৰৰ খৰচৰ গাঁথনিক বৃদ্ধি কৰি দিয়ে আৰু ই ৰাজ্যৰ বাহিৰৰ পৰা হ’ব পৰা বেচৰকাৰী বিনিয়োগক অনুৎসাহিত কৰে আৰু লগতে ই ৰাজ্যত নতুন উদ্যোগ স্থাপনৰ ক্ষেত্ৰত ব্যাঘাত জন্মায়।

১৭। পথ পৰিবহণ ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ লিখা। 

উত্তৰঃ পথ পৰিবহণ ব্যৱস্থাৰ সুবিধাসমূহ হ’লঃ 

(ক) পথ পৰিবহণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰু-বৰ অথবা স্থায়ী অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আবাসিক অৱস্থান আৰু সকলো ধৰণৰ আৰ্থিক কাম-কাজৰ এলেকাকে চুই গৈছে।

(খ) পথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাৰ্যসমূহ কম খৰচী।

(গ) পথৰ ওপৰত চলাচল কৰা ট্রাক, বাছ, ৰিক্সা, চাইকেল প্রভৃতি বাহনসমূহো অতি বেছি দামী নহয় কাৰণে যিকোনো আর্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল’ব পাৰে। 

(ঘ) পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্ৰী বা মালবস্তু উঠা-নমা কৰাৰ বাবে অতিৰিক্ত সেৱাৰ সুবিধা বহু সময়ত নহ’লেও চলে।

পথ পৰিবহণ ব্যৱস্থাৰ অসুবিধাসমূহ —

(ক) পথ পৰিবহণৰ মাধ্যমেৰে সৰহীয়াকৈ যাত্ৰী কঢ়িয়াওতে আৰু অধিক দূৰত্বলৈ সামগ্রী সৰবৰাহ কৰোতে খৰচৰ মাত্ৰা অত্যাধিক হাৰত বাঢ়ি যায়।

(খ) একেটা পথত বিভিন্ন আকৃতি-প্ৰকৃতিৰ অসংখ্য গাড়ী-মটৰৰ একে সময়তে চলাচল কৰাৰ ফলত ব্যস্ত পথসমূহত দুৰ্ঘটনাৰ সম্ভাৱনা দিনে দিনে বৃদ্ধি পাই আহিছে ৷

১৮। কোনবিলাক কাৰণৰ বাবে প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে পথ পৰিবহণ ব্যৱস্থাটোৰ বিকাশ ঘটি সহজলব্ধ আৰু জনপ্ৰিয় পৰিবহণ ব্যৱস্থা হৈছে? 

উত্তৰঃ প্রাচীন কালৰ পৰা বৰ্তমানলৈকে পথ পৰিবহণ ব্যৱস্থাটো সহজলভ্য আৰু জনপ্ৰিয় হোৱাৰ কাৰণসমূহ হ’লঃ

(ক) পথ পৰিবহণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰু-বৰ অথবা স্থায়ী-অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আবাসিক অৱস্থান আৰু সকলো ধৰণৰ আৰ্থিক কাম-কাজৰ এলেকাকে চুই গৈছে।

(খ) পথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাৰ্যসমূহ কম খৰচী।

(গ) পথৰ ওপৰত চলাচল কৰা ট্রাক, বাছ, ৰিক্সা, চাহকেল প্রভৃতি বাহনসমূহো অতি বেছি দামী নহয় কাৰণে যিকোনো আর্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল’ব পাৰে ৷

(ঘ) পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্রী বা মালবস্তু উঠা-নমা কৰাৰ বাবে অতিৰিক্ত সেৱাৰ সুবিধা বহু সময়ত নহ’লেও চলে।

(ঙ) বহু ক্ষেত্ৰত এই পথ পৰিবহণৰ সহায় নোলোৱাকৈ আন কোনো পৰিবহণ ব্যৱস্থা চলি থাকিব নোৱাৰে। কাৰণ উৎপাদন, বসতি, উদ্যোগ আৰু যিকোনো ধৰণৰ কৰ্মস্থলীৰ সৰহভাগ ঠাই কেৱল পথ পৰিবহণেহে চুই যাব পাৰে।

১৯ ৷ পৃথিৱীৰ ৰেল পৰিবহণ ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ মহাদেশীয় পৰিসৰত মাটিকালি অনুপাতে ইউৰোপ মহাদেশতেই অধিক ৰেলপথ আছে। মহাদেশখনৰ সৰ্বমুঠ ৰেলপথৰ দৈৰ্ঘ্য ৪.৪ লাখ কিলোমিটাৰ। বেলজিয়ামকে ধৰি মহাদেশখনৰ ভালেমান অঞ্চলত ৰেলপথৰ ঘনত্বও প্ৰতি এশ বৰ্গ কিলোমিটাৰ ভূমিৰ বিপৰীতে ১৫.৩৮ কিলোমিটাৰ পর্যন্ত হোৱা দেখা যায়। সমগ্ৰ ইউৰোপ মহাদেশতে ৰেল পৰিবহণ ব্যৱস্থাত সামগ্ৰী সৰবৰাহৰ তুলনাত যাত্ৰী সৰবৰাহৰ প্ৰতি অধিক মনোনিৱেশ কৰা দেখা যায়। ইউৰোপৰ আনবোৰ দেশৰ লগত ব্যতিক্ৰমী বুলিব পৰাকৈ ৰাছিয়াৰ ৰেলপথসমূহৰ ওপৰত যাত্ৰী পৰিবহণৰ সমান্তৰাল ভাৱেই বৃহৎ পৰিমাণৰ দূৰগামী পণ্য সামগ্ৰীৰ পৰিবহণ কাৰ্যত অগ্ৰাধিকাৰ দিয়া হয় ৷ এই দেশত লৌহ, আকৰ, খাদ্য-শস্য, কাঠ আৰু যন্ত্রপাতি প্রভৃতি দ্ৰব্যসমূহৰ সৰবৰাহ কাৰ্য প্ৰধানভাৱে ৰেলকেন্দ্ৰিক ৷

উত্তৰ আমেৰিকা মহাদেশৰ ৰেল পৰিবহণ পৰিক্ৰমাটো অধিক মাত্ৰাত মাল পৰিবহণকেন্দ্ৰিক। ইয়াৰে কানাডাত মহাদেশখনৰ ভিতৰতে ৰেলপথৰ ঘনত্ব সৰ্বাধিক। কানাডাৰ ৰেল পৰিবহণ পৰিক্ৰমাটো ভাৰতৰ অনুৰূপ ৰাজহুৱা খণ্ডৰ উদ্যোগ। ঘাইকৈ দেশখনৰ বিৰল বসতিৰ এলেকাসমূহৰ মাজেৰে আগুৱাই যোৱা এইসমূহ ৰেলপথেৰে কয়লা আৰু ঘেঁহু সৰবৰাহ কৰা হয়। দক্ষিণ আমেৰিকা মহাদেশৰ পাম্পাছ অঞ্চলৰ লগতে ব্ৰাজিলৰ কফি খেতিৰ অঞ্চলসমূহৰ মাজত মহাদেশখনৰ ৪০ শতাংশ ৰেলপথ সিচঁৰিত হৈ আছে।

পৃথিৱীৰ দ্বিতীয় বৃহৎ মহাদেশ আফ্রিকাত সৰ্বমুঠ ৪০,০০০ কিলোমিটাৰ ৰেলপথহে পোৱা যায়। ইয়াৰ ভিতৰতে দক্ষিণ আফ্ৰিকাৰ সোণ, হীৰা আৰু তামৰ খনিসমূহক সংযোগ কৰা ৰেলপথৰ মুঠ দৈৰ্ঘ্যই হৈছে ১৮,০০০ কিলোমিটাৰ৷

এছিয়া মহাদেশৰ চীন, জাপান, ভাৰত, বাংলাদেশ প্রভৃতি দেশসমূহত ৰেলপথৰ ঘন জালিকা পোৱা যায়। পাকিস্তান, ম্যানমাৰ, আফগানিস্তান, শ্রীলংকা, মধ্য প্রাচ্যৰ দেশসমূহ আৰু মহাদেশীয় দক্ষিণ-পূৱ এছিয়া আৰু এছিয়াৰ অন্তৰ্গত ৰাছিয়াৰ ভূ-ভাগত কম-বেছি পৰিমাণে ৰেল পৰিবহণৰ প্রচলন দেখা যায়। এইসমূহ দেশৰ ভিতৰত চীন আৰু ভাৰতৰ বাবে ৰেল পৰিবহণ হৈছে একেধাৰে যাত্ৰী, সামগ্ৰী আৰু সামৰিক পৰিবহণৰ মাধ্যম। জাপানৰ অতি বেগী ৰেলসমূহ

যাত্ৰী পৰিবহণৰ শক্তিশালী মাধ্যম। বাংলাদেশ, শ্রীলংকা, ম্যানমাৰ আৰু পাকিস্তানৰ ৰেল পৰিবহণ প্ৰণালীসমূহ আশানুৰূপ সবল অথবা আধুনিক নহয় যদিও কম-বেছি পৰিমাণে ভাৰতীয় আহিপুষ্ট।

২০। পথ আৰু ৰেল পৰিবহণ ব্যৱস্থাৰ মূখ্য সুবিধা আৰু অসুবিধাসমূহ কি কি? 

উত্তৰঃ পথ পৰিবহণ ব্যৱস্থাৰ সুবিধাসমূহ হ’ল—

(ক) পথ পৰিবহণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰু-বৰ অথবা স্থায়ী-অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আৱাসিক অৱস্থান আৰু সকলো ধৰণৰ আৰ্থিক কাম-কাজৰ এলেকাকে চুই গৈছে।

(খ) পথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাৰ্যসমূহ কম খৰচী।

(গ) পথৰ ওপৰত চলাচল কৰা ট্রাক, বাছ, ৰিক্সা, চাইকেল প্রভৃতি বাহনসমূহো অতি বেছি দামী নহয় কাৰণে যিকোনো আর্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল’ব পাৰে।

(ঘ) পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্ৰী বা মালবস্তু উঠা-নমা কৰাৰ বাবে অতিৰিক্ত সেৱাৰ সুবিধা বহু সময়ত নহ’লেও চলে।

পথ পৰিবহণ ব্যৱস্থাৰ অসুবিধাসমূহঃ

(ক) পথ পৰিবহণৰ মাধ্যমেৰে সৰহীয়াকৈ যাত্ৰী কঢ়িয়াওঁতে আৰু অধিক দূৰত্বলৈ সামগ্ৰী সৰবৰাহ কৰোতে খৰচৰ মাত্ৰা অত্যাধিক হাৰত বাঢ়ি যায় ।

(খ) একেটা পথত বিভিন্ন আকৃতি-প্ৰকৃতিৰ অসংখ্য গাড়ী-মটৰৰ একে সময়তে চলাচল কৰাৰ ফলত ব্যস্ত পথসমূহত দুৰ্ঘটনাৰ সম্ভাৱনা দিনে দিনে বৃদ্ধি পাই আহিছে। 

ৰেল পৰিবহণৰ সুবিধাসমূহ –

(ক) পথসমূহৰ তুলনাত ৰেলপথসমূহ অধিক সুপ্রতিষ্ঠিত আৰু স্থায়ী । 

(খ) বৃহৎ পৰিমাণৰ যাত্ৰী অথবা সামগ্ৰী কম খৰচত তীব্রবেগে দূৰ-দূৰণিলৈ পৰিবহণ কৰাৰ উপযোগী।

(গ) পথ পৰিবহণৰ তুলনাত ৰেল পৰিবহণত ইন্ধনৰ খৰচ ১৫-২০ শতাংশ মাত্র।

(ঘ) ৰেল পৰিবহণ এবিধ দূৰগামী সুবিধা প্রদানকাৰী পৰিবহণ ব্যৱস্থা । অর্থাৎ, যাতায়াত কৰিব লগা যাত্ৰী আৰু সামগ্ৰীৰ পৰিমাণ আৰু গন্তব্য স্থানৰ দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে প্রতি কিলোমিটাৰ দূৰত্বৰ বাবদ প্রতিজন যাত্রী অথবা প্রতি টন-সামগ্ৰীৰ ৰেলভাড়া কমি,গৈ থাকে।

পৰিবহণৰ অসুবিধাসমূহ —

(ক) পথ পৰিবহণৰ তুলনাত ৰেল পৰিবহণৰ প্ৰতিস্থাপন আৰু পৰিচালনা কাৰ্য অত্যন্ত খৰচী।

(খ) পথ পৰিবহণৰ দৰে ৰেলপথসমূহে পাৰ্বত্য ভূমি আৰু অত্যন্ত এটা বেঁকা পথত ইয়াৰ পৰিবহণ ক্ষমতা সমানে বজাই ৰাখিব নোৱাৰে।

২১। অর্থনৈতিক উন্নয়নত সেৱাখণ্ডৰ ভূমিকা / গুৰুত্ব ব্যাখ্যা কৰা। 

উত্তৰঃ অৰ্থবিজ্ঞানৰ সেৱাখণ্ডত এজন ব্যক্তি বা এটি গোষ্ঠীয়ে সম্পাদন কৰা সেইবোৰ কাৰ্যাৱলীক বুজায় যিবোৰৰ চাহিদা থকাৰ বাবে বজাৰত ইয়াৰ নিৰ্দ্ধাৰিত দামত পোৱা যায়। ইয়াৰ গুৰুত্বসমূহ হ’ল —

(ক) সেৱাখণ্ডই মুঠ ৰাষ্ট্ৰীয় উৎপাদনত বৰঙণি যোগায়। ২০১১-১২ চনত এই খণ্ডই ৬৩.৯% বৰঙণি আগবঢ়াইছে।

(খ) কর্মসংস্থান সৃষ্টিৰ ক্ষেত্ৰত সেৱাখণ্ডৰ বৰঙণি যথেষ্ট। NSSO ৰ তথ্য মতে ২০০৯১০ চনলৈ ভাৰতত প্ৰতি হাজাৰ জন মানুহৰ মাজত ২৪৫ জন সেৱাখণ্ডত নিয়োজিত হৈ আছে।

(গ) দেশৰ ৰপ্তানি বাণিজ্যৰ পৰিমাণ সেৱাখণ্ডই বৃদ্ধি কৰিছে। ২০০৮-০৯ চনত ৰপ্তানিৰ পৰিমাণ ২৫.৩% লৈ বৃদ্ধি পাইছে।

(ঘ) সেৱাখণ্ডৰ কিছুমান গুৰুত্বপূৰ্ণ সেৱা, যেনে— স্বাস্থ্য, তথ্য প্রযুক্তি, দক্ষতাৰ উন্নয়ন, খেল, কলা ইত্যাদিয়ে মানৱ ক্ষমতা বৃদ্ধি আৰু মানুহৰ জীৱন ধাৰণৰ গুণমান উন্নত কৰিছে। 

(ঙ) সেৱাখণ্ডৰ পৰিমিত বিকাশে ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অন্তঃপ্ৰবাহৰ পথ সহজ কৰি তুলিছে।

(চ) দেশৰ আন্তঃগাঁথনি ব্যৱস্থাৰ সম্প্ৰসাৰণ, পৰিচালন আৰু বিশেষকৈ পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে।

২২। বিজুলী শক্তিৰ উৎসসমূহ কি কি?

উত্তৰঃ বিজুলী শক্তিৰ উৎসসমূহ হ’ল —

(ক) তাপবিদ্যুৎ শক্তিঃ এই শক্তি কয়লা, তেল আৰু প্ৰাকৃতিক গেছৰ দ্বাৰা উৎপাদন কৰা হয়। ভাৰতত তাপ বিদ্যুৎ প্রকল্পৰ মুঠ শক্তি-সামর্থ্যৰ পৰিমাণ ২০১১-১২ চনত ১,৫৬,৯০০ মেগাৱাট হৈছে।

(খ) জলবিদ্যুৎ শক্তিঃ ই হ’ল সবাতোকৈ সস্তীয়া আৰু ই প্ৰদূষণমুক্ত। ইহ’ল নৱীকৰণৰ যোগ্য শক্তিৰ এটা উৎস। কিন্তু জলবিদ্যুৎ শক্তিৰ সম্ভাৱনাৰ মাথোঁ ২০% হে ব্যৱহাৰ কৰিব পৰা গৈছে।

(গ) আণৱিক শক্তিঃ এই শক্তি হ’ল আধুনিক শক্তিৰ এটি উৎস। দেশৰ আণবিক শক্তি প্রকল্পসমূহৰ মুঠ শক্তি সামর্থ্য পৰিমাণ ২০১১-১২ চনত ৪৮০০ মেগাৱাটলৈ বৃদ্ধি পাইছিল, যি দেশৰ মুঠ শক্তি সামৰ্থ্যৰ মাথোন ২.৪০% আছিল।

২৩। বিজুলী শক্তি ব্যৱহাৰৰ ওপৰত এটা টোকা লিখা। 

উত্তৰঃ বিজুলী শক্তি বাণিজ্যিক আৰু অনা-বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰ হয় । বাণিজ্যিক ব্যৱহাৰ সাধাৰণতে উদ্যোগ, কৃষি পৰিবহন আৰু অন্যান্য বাণিজ্যিক সেৱামূলক খণ্ডবোৰত হৈ আছে। অনা-বাণিজ্যিক ব্যৱহাৰ সাধাৰণতে ঘৰুৱা কাৰ্যত যেনে— বিজুলী বাতি জ্বলোৱা, ৰন্ধন কাৰ্য, যান্ত্ৰিক সামগ্ৰীৰ ব্যৱহাৰ আদিত হয়। সময়ৰ লগে লগে বাণিজ্যিক আৰু অনাবাণিজ্যিক বিজুলী শক্তিৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। আনহাতে, বিজুলীৰ বৰ্দ্ধিত চাহিদা পূৰণ কৰিবলৈ আৰু বিদ্যুতৰ যোগানত ব্যাঘাতৰ সন্মুখীন নহ’বলৈ বহুতো বৃহৎ উদ্যোগে নিজা কেপটিভ বিদ্যুৎ প্রকল্প স্থাপন কৰিছে। গতিকে সাম্প্রতিক কালত ঔদ্যোগিক খণ্ডৰ ৰাজহুৱা উপযোগিতা শক্তি প্ৰকল্পত উৎপাদিত বিদ্যুতৰ ব্যৱহাৰৰ পৰিমাণ কমিছে।

২৪ ৷ “অনুন্নত পৰিবহণ ব্যৱস্থা অর্থনৈতিক উন্নতিৰ বাধাস্বৰূপ।” — ব্যাখ্যা কৰা। 

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ প্ৰাকৃতিক সম্পদৰাজি উদ্ধাৰ কৰি শিল্পোদ্যোগ আদি স্থাপন কৰিবলৈ আৰু বহুতো বিদেশী ৰাষ্ট্ৰৰে আগুৰি থকা দেশৰ এই অঞ্চলটোৰ প্ৰতিৰক্ষাৰ বাবে উন্নত পৰিবহণ আৰু যাতায়াত ব্যৱস্থাৰ অতি প্রয়োজন৷ দেশৰ বাকী অংশৰ লগত এই অঞ্চলটো মাত্ৰ এটা ঠেক অঞ্চলেৰে (দুৱাৰ্চ অঞ্চল) সংলগ্ন। অঞ্চলটোৰ প্ৰায়বোৰ পৰিবহণ ব্যৱস্থা উপত্যকাৰ সমতল অঞ্চলেদি গৈছে বাবে বাৰিষাকালত প্ৰায়ে বন্ধ থাকিব লগা হয় ৷ অসমৰ ২,২২৬ কিল’মিটাৰ, মিটাৰ গজ ৰেলপথে উজনি অসমৰ খাৰুৱা তেল, প্রাকৃতিক গেছ আৰু সমভূমিৰ জিলাকেইখনৰ বাবে পার্বত্য অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব পৰা নাই। মেঘালয় ৰাজ্যত থকা প্ৰচুৰ চূণ-শিল, কয়লা, ছিলিমেনাইট, কপাহ আদি সম্পদ উদ্ধাৰ কৰিব পৰাকৈ যাতায়াত আৰু পৰিবহণ ব্যৱস্থা এতিয়ালৈকে হোৱাই নাই বুলিব পাৰি৷ সেইবাবে ৰাজ্যখনে প্ৰচুৰ প্ৰাকৃতিক সম্পদ থকা স্বত্বেও উন্নতিৰ ক্ষেত্ৰত বাধাগ্ৰস্ত হৈ আছে। 

উন্নত পৰিবহণ ব্যৱস্থাৰ অভাৱত সমগ্ৰ অঞ্চল বিশেষকৈ পাহাৰীয়া অঞ্চলবোৰত উৎপন্ন হোৱা কৃষিজ, বনজ সম্পদ যেনে— ফলমূল আদি দেশৰ বাকী অঞ্চলবোৰলৈ ৰপ্তানি কৰা আৰু বিভিন্ন অঞ্চলসমূহৰ পৰা এইবোৰ অঞ্চললৈ নানান অত্যাৱশ্যকীয় সা-সামগ্রী আমদানি কৰাত বাধা পৰিছে। উন্নত পৰিবহণ ব্যৱস্থাৰ অভাৱত সমগ্ৰ অঞ্চলটোলৈ গধুৰ যন্ত্রপাতি আদি বাহিৰৰ পৰা আমদানি কৰি শিল্পোদ্যোগ আদি স্থাপনত বৰ্তমান সময়লৈকে সুবিধা কৰিব পৰা নাই। ফলত এই অঞ্চলত উৎপাদিত কেঁচামালেৰে গঢ়ি উঠা শিল্পোদ্যোগ আদিৰে চুবুৰীয়া ৰাজ্যবোৰ যথেষ্ট লাভবান হৈছে। বর্তমানেও অঞ্চলটোৰ যাতায়াত, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা অতি অনুন্নত আৰু নগণ্য বাবে অর্থনৈতিক দিশত তেনেই পিছপৰা।

২৫। উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক উন্নতিত বাধাৰ সৃষ্টি কৰা কাৰণসমূহ আলোচনা কৰা। 

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক উন্নতিত বাধাৰ সৃষ্টি কৰা কাৰণসমূহ তলত আলোচনা কৰা হ’ল —

(ক) উত্তৰ-পূব ভাৰত বুলিলে অসম, অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয় ৰাজ্যক একেলগে বুজায় ৷ এইকেইখন ৰাজ্য ৰাজনৈতিকভাৱে বেলেগ বেলেগ হ’লেও ভৌগোলিক দিশৰ পৰা একেটা অঞ্চল বুলিব পাৰি। এই অঞ্চলটো অনুন্নত হোৱাৰ এটা প্ৰধান কাৰণ হ’ল দূৰত্ব আৰু অকলশৰীয়া অৱস্থা। ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ লগত এটি সৰু ভূ-খণ্ডৰ দ্বাৰাহে ই সংযোজিত।

(খ) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক বাদ দিলে গোটেই উত্তৰ-পূব ভাৰতক এটি পাহাৰীয়া অঞ্চল বুলিব পাৰি ৷ পাহাৰীয়া ভূ-অৱয়বৰ কাৰণে যাতায়াত, খেতি-বাতি, বেহা-বেপাৰ আদি সকলো ক্ষেত্ৰতে এই অঞ্চল পিছপৰি থাকিবলগীয়া হৈছে।

(গ) সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্পৰ বলয়ত পৰা কাৰণে প্রাকৃতিক দুর্যোগকাৰী ভূমিকম্পই যথেষ্ট ক্ষতি সাধন কৰি অৰ্থনৈতিক দিশত অঞ্চলটোক পিছ পেলাই ৰাখিছে। সেইদৰে,ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত সঘনে হোৱা বানপানীয়ে উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক উন্নতিৰ প্রধান অন্তৰায় ৰূপে থিয় দিছে।

(ঘ) উত্তৰ-পূব ভাৰতত অৰ্থনৈতিক উন্নতিৰ একমাত্র উপায় হ’ল কৃষি। এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ আন ঠাইৰ দৰে শিল্প নগৰ গঢ়ি উঠা নাই বেহা-বেপাৰৰ ক্ষেত্ৰতো অঞ্চলটো পিছপৰা হোৱা কাৰণে। খেতিয়ে অর্থনৈতিক উন্নতিৰ একমাত্র পথ। কিন্তু, নানা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে খেতিৰ ক্ষেত্ৰতো এই অঞ্চলটো যথেষ্ট আগবাঢ়িব নোৱাৰি অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছে।

(ঙ) উত্তৰ-পূব ভাৰত খনিজ সম্পদত চহকী যদিও খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি স্থাপন কৰিব পৰা শিল্পসমূহ ৰাজনৈতিক কাৰণত এই অঞ্চলত গঢ়ি তোলা সম্ভৱ হোৱা নাই ৷ 

(চ) চাহ শিল্পও কিছুমান অতি চহকী মানুহৰ দ্বাৰা পৰিচালিত হোৱাত দুখীয়া মানুহৰ অর্থনৈতিক উন্নতিত ই বিশেষ অৰিহণা যোগোৱা নাই।

(ছ) চেনী শিল্প, মৰাপাট শিল্প, কাগজ শিল্প, দিয়াচলাই শিল্প আদি কিছুমান সৰু সৰু শিল্প এই অঞ্চলত গঢ় লৈ উঠিছে যদিও এইবোৰৰ যথাযোগ্য পৰিচালনাৰ অভাৱত ভালকৈ উন্নতি কৰিব নোৱাৰাত অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত বিশেষ অৰিহণা যোগাব পৰা নাই। 

(জ) অনুন্নত যাতায়াত ব্যৱস্থাই সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক উন্নতিত বাধা প্ৰদান কৰি আহিছে।

(ঝ) কেন্দ্ৰীয় চৰকাৰৰ ভুল অর্থনৈতিক নীতি-নিৰ্দেশনাৰ বাবেও এই অঞ্চলটো অধিকভাবে পিছপৰি থাকিবলগীয়া হৈছে।

২৬। উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ এটি বর্ণনা দাঙি ধৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চল অর্থনৈতিক দিশত পিছপৰা। আনহাতে, এই অঞ্চলটো প্রাকৃতিক সম্পদৰ ক্ষেত্ৰত যথেষ্ট চহকী। ইয়াৰ দ্বাৰা এইটো বুজিব পাৰি যে উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদৰাজি মানুহৰ ব্যৱহাৰ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰি তাৰ দ্বাৰা অঞ্চলটোৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ সক্ষম হোৱা নাই। কৃষিকাৰ্য এই অঞ্চলৰ জীৱিকাৰ প্রধান উপায়। এই অঞ্চলত উপান্ত আৰু ক্ষুদ্ৰ খেতিয়কৰ সংখ্যা সর্বাধিক। ফলত খাদ্য-শস্যৰ উৎপাদন সামগ্রিকভাৱে কম। অঞ্চলটোৰ মুঠ খেতি মাটিৰ ২১°৫ শতাংশ মাটিত জলসিঞ্চনৰ ব্যৱস্থা আছে। ৰাজ্যসমূহৰ ভিতৰত মণিপুৰত সৰ্বাধিক ৪৪.৪ শতাংশ মাটিত জলসিঞ্চনৰ ব্যৱস্থা আছে ৷ অসমত ইয়াৰ পৰিমাণ মাত্র ১৫ শতাংশ। 

উত্তৰ-পূৰ্বাঞ্চলৰ জনমুৰি খাদ্য-শস্য উৎপাদনৰ পৰিমাণ ১৩৫ কিল’গ্ৰাম, যিটো সৰ্বভাৰতীয় পৰিমাণৰ তুলনাত বহু কম। খেতিৰ উৎপাদনৰ বৃদ্ধিৰ বাবে ৰাসায়নিক সাৰ প্ৰয়োগ, অধিক উৎপাদনক্ষম বীজৰ ব্যৱহাৰ আৰু উন্নত প্ৰণালীৰে কৃষিকাৰ্য কৰাটো অপৰিহাৰ্য। উত্তৰ-পূৰ্বাঞ্চলত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ মাত্রা নিচেই নগণ্য। কিন্তু, অঞ্চলটোৰ মাটি প্রাকৃতিকভাৱে সাৰুৱা হোৱা বাবে প্রতি হেক্টৰ মাটিত উৎপাদনশীলতাৰ পৰিমাণ ১১৬৮ কিল’গ্ৰাম আৰু এই পৰিমাণ সৰ্বভাৰতীয় ১১৮৪ কিল’গ্ৰামতকৈ অলপহে কম। মণিপুৰত খাদ্য-শস্যৰ উৎপাদনশীলতা সৰ্বাধিক। সেয়া ২০৩৮ কিল’গ্রাম প্রতি হেক্টৰত আৰু অসমত ইয়াৰ পৰিমাণ ১১১১ কিল’গ্ৰাম।

উদ্যোগৰ দিশত উত্তৰ-পূৰ্বাঞ্চল অতি পিছপৰা। ভাৰতবৰ্ষৰ মুঠ ১,০১,০১৬ টা কাৰখানাৰ মাত্র ২১৮৭ টা উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত আৰু ইয়াৰে ১৮৮৫ টা কাৰখানা অসমত আছে। উত্তৰ-পূৰ্বাঞ্চলত মাত্ৰ কেইটামানহে বৃহৎ আৰু মজলীয়া উদ্যোগ আছে। ইয়াৰ ভিতৰত অসমৰ ONGC, Oil, IOC, BRPL, AOC, HPC, APL, HFC, NRL আদি; মেঘালয়ৰ চেৰাপুঞ্জীৰ চিমেণ্ট ফেক্টৰী; নাগালেণ্ডৰ টুলিৰ কাগজকল; ত্ৰিপুৰাৰ মৰাপাট আৰু ফলমূল সংৰক্ষণ কাৰখানা প্রধান। শেহতীয়াকৈ ডিব্ৰুগড়ৰ টেঙাখাতত এটা বৃহৎ গেছ ক্ৰেকাৰ প্ৰকল্প গঢ়ি উঠিছে। ইয়াৰ উপৰিও চৰকাৰী আৰু ব্যক্তিগত খণ্ডত কেইটামান মজলীয়া উদ্যোগ আছে। ইয়াৰ ভিতৰত চাহ উদ্যোগ, প্লাইউদ কাৰখানা, চেনীকল, মৰাপাট কাৰখানা, ধানকল, আটা-ময়দা কাৰখানা আদিয়েই প্রধান। ক্ষুদ্র উদ্যোগ সম্প্ৰসাৰণৰ বাবে চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে যদিও আশানুৰূপ ফল লাভ কৰিব পৰা নাই।

প্রাকৃতিক সম্পদৰ লগতে কৃষি আৰু উদ্যোগ বিকাশৰ বাবে ৰাস্তা-ঘাট, পৰিবহণ ব্যৱস্থা, শক্তিৰ উৎপাদন আৰু ব্যৱহাৰ, জলসিঞ্চন ব্যৱস্থা, সাৰ যোগান কেন্দ্ৰ আৰু বেংকৰ শাখা আদি বিশেষভাৱে দৰকাৰী। উত্তৰ-পূৰ্বাঞ্চলত মুঠতে প্রায় ৩৭ লাখ হেক্টৰ সম্ভাৱনীয়তাপূর্ণ খেতি-মাটিৰ ভিতৰত প্ৰায় ১০ লাখ হেক্টৰ মাৰ্টিতহে অর্থাৎ ২৭ শতাংশ মাটিতহে পানী যোগান ব্যৱস্থা কৰা হৈছে।

উদ্যোগীকৰণৰ দ্বাৰা অৰ্থনৈতিক বিকাশ সাধন কৰিবলৈ পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণ অতি আৱশ্যক। উত্তৰ-পূৰ্বাঞ্চলত মুঠতে প্রায় ৭৩ হাজাৰ কিল’মিটাৰ ৰাস্তা আৰু ২৩৮২ কিল’মিটাৰ ৰেল লাইন আছে। মুঠ ৰাস্তাৰ ৪৪ শতাংশ আৰু মাত্র ৯ কিল’মিটাৰ নাগালেণ্ডৰ, আৰু ৩৫ কিল’মিটাৰ ত্ৰিপুৰাত থকা ৰেল লাইনৰ বাহিৰে বাকী সকলোখিনি অসমতে আছে।

দেশৰ অৰ্থনীতিৰ মানদণ্ড নিৰূপণ কৰা হয় জনমূৰি আয়ৰ ভিত্তিত। এই অনুসৰি নাগালেণ্ডৰ আৰ্থিক অৱস্থা অঞ্চলটোৰ আন ৰাজ্য কেইখনতকৈ কিছু পৰিমাণে উন্নত আৰু ত্ৰিপুৰাৰ নিম্নতম। উন্নত প্ৰণালীৰ কৃষি আৰু উদ্যোগীকৰণৰ দ্বাৰা এই অঞ্চলৰ জনমূৰি আয়ৰ বৃদ্ধি কৰিব নোৱাৰিলে এই অঞ্চলটো সদায়েই দেশৰ ভিতৰত অতি পিছপৰা অঞ্চল হিচাপে পৰিগণিত হৈ থাকিব।

২৭ ৷ উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসম কিয় সকলো ক্ষেত্রতে আগবঢ়া ঠাই হৈছে?

উত্তৰঃ অসম উত্তৰ-পূৱ ভাৰতৰ একমাত্ৰ সমভূমিৰ প্ৰাধান্য থকা ৰাজ্য৷ তদুপৰি উত্তৰ-পূৱৰ প্ৰতিখন ৰাজ্যৰ লগত দেশৰ বাকী অংশৰ স্থলসংযোগ একমাত্ৰ অসমৰ মাজেৰেহে সম্ভৱপৰ হয়। এই অৰ্থত অসম ৰাজ্যখনকে উত্তৰ-পূৱৰ বাকীবোৰ ৰাজ্যৰ পক্ষে ভাৰত-সংযোগী ৰাজপথ বুলিব পাৰি৷ উত্তৰ-পূৱ ভাৰতৰ কেন্দ্ৰীয় অৱস্থানত অৱস্থিত হোৱাৰ বাবে অসমৰ মাজেৰেহে অঞ্চলটোৰ অন্য যিকোনো দুখন ৰাজ্যৰ মাজত যোগাযোগ সুবিধাজনক হয়। অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা মণিপুৰ প্ৰদেশৰ ম্যানমাৰ সীমান্তত অৱস্থিত ৩৯ নং ৰাষ্ট্ৰীয় পথটোৱে নাগাৰাজ্য আৰু মণিপুৰৰ ৰাজধানী চহৰ যথাক্ৰমে ক’হিমা আৰু ইম্ফল পোনপটীয়াভাৱে সংযোগ কৰিছে। 

বাবাকী উত্তৰ-পূৱৰ আন যিকোনো দুখন ৰাজধানী চহৰৰ মাজত অসমৰ ভূ ভাগ স্পৰ্শ নকৰাকৈ যাতায়াত কৰিব পৰা কোনো স্থল সংযোগ নাই। তদুপৰি শ্বিলং-তুৰা, ইটানগৰ— খুনচা, পাছিঘাট-টাৱাং, টুৱেনচাং-ক’হিমা প্রভৃতি একেখন প্ৰদেশৰ ভিতৰতে অৱস্থিত দুখন গুৰুত্বপূৰ্ণ ঠাইৰ স্থলসংযোগ কাৰ্যও অসমৰ মাজেৰেহে সম্ভৱপৰ হয়। গতিকে অসম উত্তৰ-পূৱ ভাৰতৰ বাকী ছখন ৰাজ্যৰ মাজৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক যোগসূত্ৰৰ প্ৰকৃত সূত্ৰধাৰ।

কৃষি, খনি, শিল্প-উদ্যোগ আৰু বেহা-বেপাৰ প্ৰভৃতি অৰ্থনৈতিক কাম-কাজৰ লেখেৰেও অসম উত্তৰ-পূৱ ভাৰতৰ বাকী কেইখন ৰাজ্যৰ তুলনাত এক সুবিধাজনক স্থিতিত থকা দেখা যায়। সেয়েহে অঞ্চলটোৰ প্ৰায় প্ৰতিখন পার্বত্য ৰাজ্যই অর্থনৈতিকভাৱে অসমৰ ওপৰত কিছু পৰিমাণে হ’লেও নিৰ্ভৰ কৰিব লাগে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্থল পৰিবহণ অৰ্থাৎ ৰেলৈ পৰিবহণ সেৱা গ্ৰহণ কৰাৰ ক্ষেত্ৰত উত্তৰ-পূৱ ভাৰতৰ প্ৰতিখন ৰাজ্যই অসমৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰিব লাগে।

২৮। উত্তৰ-পূব পৰিষদৰ ভূমিকা আৰু কাৰ্যকলাপৰ বিষয়ে লিখা। 

উত্তৰঃ উত্তৰ-পূব পৰিষদ (এনইচি) এক সাংবিধানিক সংস্থা নহয়, কিন্তু ২০০২ চনত সংশোধন কৰা অনুসৰি উত্তৰ-পূব পৰিষদ আইন, ১৯৭১ ৰ অধীনত স্থাপিত এক বিধিবদ্ধ সংগঠন। আৰম্ভণিতে, এনইচি উত্তৰ-পূব অঞ্চলৰ (এনইআৰ) বাবে এক পৰামৰ্শদাতা সংস্থা আছিল। এতিয়া এনইচিক উত্তৰ-পূব অঞ্চলৰ বাবে আঞ্চলিক পৰিকল্পনা সংস্থা হিচাপে কাম কৰিবলৈ বাধ্য কৰা হৈছে। পৰিষদখনত ৰাজ্যপাল আৰু সংবিধান ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত তিনিজন সদস্য অন্তর্ভুক্ত আছে।

উত্তৰ-পূব অঞ্চলৰ বাবে আঞ্চলিক পৰিকল্পনা প্রস্তুত কৰোঁতে, আঁচনি আৰু প্ৰকল্পসমূহক অগ্ৰাধিকাৰ দিয়াটো বাধ্যতামূলক, দুখন বা ততোধিক ৰাজ্যক লাভান্বিত কৰি যদিহে ছিকিমৰ ক্ষেত্ৰত, পৰিষদে এনে প্রকল্প আৰু আঁচনিসমূহৰ ৰূপায়ণৰ পুনৰীক্ষণকে ধৰি সেই ৰাজ্যৰ বাবে নিৰ্দিষ্ট প্রকল্প আৰু আঁচনি প্ৰস্তুত কৰিব।

ইয়াৰ আদেশ পূৰণ কৰিবলৈ, এন.ই.চি.-য়ে বিভিন্ন খণ্ডত বিভিন্ন প্রকল্প ৰূপায়ণ কৰি আহিছে। বিগত বছৰবোৰত, এন.ই.চি. য়ে ১০৫০০ কি.মি.নিৰ্মাণ প্রাপ্ত কৰিছে। পথ ৬৯৫ মেগাৱাট বিদ্যুৎ প্রকল্প স্থাপন, পৰিবহণ আৰু বিতৰণ লাইন নির্মাণ, ৫টা মুখ্য বিমান বন্দৰৰ আন্তঃগাঁথনিৰ উন্নতি আৰু অৰুণাচল প্ৰদেশৰ তেজুত নতুন বিমান বন্দৰ নিৰ্মাণত সহায়। এটা মুখ্য জীৱিকা কাৰ্যসূচীয়ে এনইআৰৰ ১২,০০ ৰো অধিক মহিলাৰ জীৱন সলনি কৰিছে । 

২৯ ৷ উত্তৰ-পূৰ পৰিষদ বিভাগৰ কাৰ্যৰ বিষয়ে লিখা।

উত্তৰঃ ১৯৭১ চনত এনইচি আইনৰ অধীনত উত্তৰ-পূব পৰিষদ (এনইচি) এক উপদেষ্টা সংস্থা হিচাপে ১৯৭২ চনৰ আগষ্টত গঠন কৰা হৈছিল। এনইচি সংশোধনী আইনৰ অধীনত এনইচি পুনর্গঠন কৰা হৈছিল। পৰিষদৰ মূল উদ্দেশ্য হৈছে দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ অংশসমূহৰ সন্তুলিত আৰু একত্ৰিত অর্থনৈতিক বিকাশ নিশ্চিত কৰা। এনইচিয়ে পৰিবহণ আৰু যোগাযোগ, জলসম্পদ, শক্তি, স্বাস্থ্য আৰু এফডব্লিউ, কৃষি, উদ্যোগ আৰু বাণিজ্য, পশুপালন আৰু পশু চিকিৎসা আদিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ আঁচনিৰ বাবে পুঁজি যোগান ধৰিছে। ৯০ অনুদান আৰু ১০ ঋণৰ পুঁজিৰ আৰ্হি থকা উত্তৰ-পূব ৰাজ্যবোৰৰ ভিতৰত ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। এন.ই.চি.-য়ে মৌলিক আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে একত্ৰিত পৰিকল্পনাৰ সমন্বয় আৰু প্ৰস্তুত কৰে, মুখ্যতঃ অঞ্চলটোৰ স্বাৰ্থৰ বাবে।

পৰিৱৰ্তন আৰু উন্নয়ন বিভাগ হৈছে অসমৰ বাৰ্বে বুনিয়াদী বিভাগ। এনইচিয়ে সাধাৰণতে আঞ্চলিক চৰিত্ৰ থকা আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰকল্পৰ বাবে পুঁজি যোগান ধৰিছে। টি এণ্ড ডি বিভাগৰ এনইচি চেলে এক সমন্বয়কাৰী বিভাগ হিচাপে কাম কৰি আছে। ইয়াক বিবেচনাৰ বাবে এনইচি, শ্বিলঙলৈ প্ৰেৰণ কৰে। অনুমোদনৰ পিছত, এন.ই.চি. য়ে ৯০-১০ আধাৰত প্রথম কিস্তি মুকলি কৰে। প্রথম কিস্তিৰ ইউচি প্ৰাপ্ত কৰাৰ পিছত, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ জৰিয়তে, এনইচিয়ে পৰৱৰ্তী কিস্তি মুকলি কৰে।

কোষৰ কাৰ্যঃ

(ক) বিভিন্ন বিভাগৰ দ্বাৰা দাখিল কৰা পঞ্চবার্ষিক পৰিকল্পনাৰ লগতে বাৰ্ষিক পৰিকল্পনাৰ প্ৰস্তাৱবোৰ বিবেচনা আৰু পৰীক্ষা কৰা আৰু চৰকাৰৰ অনুমোদনৰ সৈতে এনইচি, শ্বিলঙক নিৰ্বাচিত প্ৰস্তাৱৰ পৰামৰ্শ দিয়া।

(খ) বিতং প্রকল্প প্রতিবেদন (ডিআৰপি) আৰু লগতে স্থায়ী বিত্তীয় সমিতি (এছ.এফ.চি), স্মাৰকপত্র(ই.এফ.চি.), অর্থনীতি বিত্তীয় সমিতি স্মাৰকপত্ৰ (পি.আই.বি.), ৰাজহুৱা বিনিয়োগ বোর্ড স্মাৰকপত্ৰ বিবেচনা, পৰীক্ষা কৰা আৰু সন্তোষজনক হ’লে ইয়াক প্ৰেৰণ কৰা ৷

(গ) কাৰ্যকৰীকৰণৰ অধীনত এনইচি আঁচনিসমূহৰ ভৌতিক আৰু বিত্তীয় প্ৰগতিৰ বাবে ত্রৈমাসিক প্রগতি প্রতিবেদন সংগ্ৰহ (কিউপিআৰ) আৰু সংকলন কৰা আৰু ইয়াক এনইচি, শ্বিলং আৰু ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা ৷

(ঘ) কাৰ্যকৰীকৰণৰ অধীনত থকা আঁচনিসমূহৰ অগ্ৰগতি মূল্যাঙ্কন কৰিবলৈ সময়ে সময়ে বিভিন্ন বিভাগৰ সৈতে পৰ্যালোচনা বৈঠকৰ ব্যৱস্থা কৰা।

(ঙ) পৰিষদৰ বৈঠকৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰীৰ বাবে খচৰা ভাষণ প্ৰস্তুত কৰা (বছৰত কমেও দুবাৰ অনুষ্ঠিত)। লগতে পৰিষদৰ বৈঠকৰ বাবে এজেণ্ডা নোট্‌ খচৰা মতামত প্রস্তুত কৰাৰ লগতে এনইচিৰ দ্বাৰা পৰিচালনা সমিতিৰ বৈঠক আৰু অন্যান্য সভাৰ ব্যৱস্থা কৰা ৷ 

নিম্নলিখিত প্রতিবেদনবোৰ প্ৰস্তুত, সংকলন কৰাৰ বাবে‌ এনে সভাৰ সিদ্ধান্ত অনুসৰি অনুসৰণৰ পদক্ষেপ আৰম্ভ কৰা —

(ক) সংশ্লিষ্ট বিভাগৰ দ্বাৰা অডিট প্রমাণপত্ৰ,ব্যৱহাৰ প্ৰমাণপত্র দাখিল কৰাৰ স্থিতি।

(খ) এনইচিৰ লগতে ৰাজ্যিক বিত্ত বিভাগৰ দ্বাৰা পুঁজি মুকলি কৰাৰ স্থিতি।

(গ) বার্ষিক পৰিকল্পনা, পঞ্চবার্ষিক পৰিকল্পনাৰ অধীনত এনইচি-ত দাখিল কৰা প্ৰস্তাৱ। 

(ঘ) প্রাসঙ্গিক বৰ্ষৰ ৰাজ্যিক বাজেটত প্ৰয়োজনীয় বাজেট ব্যৱস্থা প্ৰস্তুত কৰাৰ বাবে ৰাজ্যিক বিত্ত (বাজেট) বিভাগৰ ওচৰত দাখিলৰ বাবে বাজেট প্রস্তাৱ।

(ঙ) সময়ে সময়ে প্রয়োজন অনুসৰি অন্যান্য প্রতিবেদন।

(চ) স্বায়ত্তশাসিত সংস্থা, ন্যাস, এনজিঅ’, ঔদ্যোগিক গোটৰ দ্বাৰা দাখিল কৰা বিভিন্ন এনইচি কাৰ্যসূচীৰ অধীনত বিত্তীয় সাহায্যৰ বাবে বিভিন্ন প্ৰস্তাৱ বিবেচনা আৰু পৰীক্ষা কৰা ৷

৩০। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন (এন.আৰ.এইচ এম.) ৰ ওপৰত এটা চমুটোকা লিখা।

উত্তৰঃ ১৮ খন ৰাজ্যৰ ওপৰত বিশেষ গুৰুত্ব দি সমগ্ৰ দেশৰ গ্ৰাম্য জনসাধাৰণক কাৰ্যকৰী স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন, ২০০৫ আৰম্ভ কৰা হৈছিল, য’ত দুৰ্বল ৰাজহুৱা স্বাস্থ্য সূচক আৰু দুৰ্বল আন্তঃগাঁথনি আছে। এই ১৮খন ৰাজ্যৰ ভিতৰত আছে উত্তৰপূবৰ ৮ খন ৰাজ্য যেনে— অৰুণাচল প্রদেশ, অসম, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা ৷ এন.আৰ.এইচ.এম. থকা ১২টা পৰিকল্পনাৰ সময়ছোৱাতো অব্যাহত ৰখাৰ বাবে অনুমোদন জনোৱা হৈছে। এই অভিযানে ন্যায়সঙ্গত, সুলভ আৰু মানদণ্ডৰ স্বাস্থ্য সেৱাৰ বাবে সাৰ্বজনীন প্ৰৱেশাধিকাৰ প্ৰদান কৰিব বিচাৰে যি একে সময়তে জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনায়। যক্ষ্মা, ভেক্টৰ বাহিত ৰোগ, কুষ্ঠ ৰোগ আদিৰ দৰে সংক্ৰামক ৰোগৰ বাবে শিশু আৰু মাতৃ মৃত্যুৰ জনসংখ্যা স্থিৰকৰণ আৰু ৰোগৰ বোজা হ্রাস কৰা। এন.আৰ.এইচ.এম.ৰ অধীনত প্ৰাপ্তি ২০১৪-১৫, ২০০৫-০৬ চনৰ পৰা আৰম্ভ কৰি ২০১৪১৫ চনলৈকে উত্তৰ-পূব ৰাজ্যবোৰত বাছনি কৰা মুঠ আশাৰ সংখ্যা ৫৫৪২০ হয়; উত্তৰ-পূব ৰাজ্যসমূহত ২৪৭ আধাৰত ৮১০টা পি.এইচ.চি. কাম কৰি আছে।

আয়ুষ সুবিধাবোৰ ১০৬৪টা কেন্দ্ৰত উপলব্ধ, যাৰ ভিতৰত আছে ডি.এইচ. চি.এইচ.চি., পি.এইচ.চি. আৰু অনুসূচীৰ ওপৰত কিন্তু খণ্ড স্তৰৰ তলত থকা অন্যান্য স্বাস্থ্য সুবিধা; ১.৪৯ লাখ প্রতিষ্ঠানগত ডেলিভাৰী কৰা হৈছে; জেএছৱাইৰে কৰ্ড কৰা ৩৬.৫২ লাখ হিতাধিকাৰী আৰু ১.৮৪ লাখ শিশুক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে।

৩১ ৷ উত্তৰ-পূব পৰিষদৰ কাৰ্য্যসমূহ লিখা। 

উত্তৰঃ উত্তৰ-পূব পৰিষদৰ কাৰ্যসমূহ হ’ল—

(ক) উমৈহতীয়া স্বার্থ জড়িত থকা সমস্যাৱলীৰ সমাধানৰ বাবে একীভূত আৰু সংহত আঞ্চলিক আঁচনি প্রণয়ন।

(খ) আঞ্চলিক পৰিকল্পনাৰ অন্তৰ্ভুক্ত আঁচনি আৰু প্ৰকল্পসমূহৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ নিৰূপণ  আৰু পৰ্যায়ক্ৰমে ৰূপায়ণৰ বাবে সময়সূচী নিৰ্ধাৰণ।

(গ) আঞ্চলিক পৰিকল্পনাৰ অন্তৰ্ভুক্ত আঁচনি আৰু প্ৰকল্পসমূহৰ স্থান নিৰূপণ কৰা। 

(ঘ) আন্তঃৰাজ্যিক আঁচনিসমূহৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহে বহন কৰিব লগা ব্যয় আৰু লাভ কৰিব লগা সুবিধা নিৰ্ধাৰণ কৰা।

(ঙ) আঁচনিসমূহৰ ৰূপায়নত লাভ কৰা অগ্রগতি, ব্যয় আদি পর্যালোচনা কৰি প্ৰয়োজন হোৱা পুঁজি সম্বন্ধে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰা।

(চ) পৰিষদে আঁচনি সম্বন্ধে প্রয়োজনীয় জৰীপ আৰু অনুসন্ধান চলাবৰ বাবে অনুমোদন জনায়।

(ছ) সংশ্লিষ্ট ৰাজ্যসমূহে নিৰাপত্তা আৰু ৰাজহুৱা শান্তি-শৃংখলা ৰক্ষাৰ বাবে লোৱা, ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰা আৰু ল’ব লগা অতিৰিক্ত ব্যৱস্থা সম্বন্ধে ৰাজ্য চৰকাৰসমূহক পৰামৰ্শ প্ৰদান কৰা।

৩২। উত্তৰ-পূব পৰিষদৰ সফলতাসমূহ আলোচনা কৰা। 

উত্তৰঃ উত্তৰ-পূব পৰিষদৰ সফলতাসমূহ তলত আলোচনা কৰা হ’ল— 

(ক) পৰিবহণ খণ্ডঃ বিভিন্ন পৰিকল্পনাত উত্তৰ-পূব পৰিষদে পৰিবহণ আৰু যোগাযোগ খণ্ডৰ নাটনি দূৰীকৰণ আৰু শক্তি উন্নয়নৰ ওপৰত সৰ্বোচ্চ প্রাধান্য প্ৰদান কৰিছে। পঞ্চম আৰু ষষ্ঠ পৰিকল্পনাৰ সময়ছোৱাত পৰিষদে প্রায় ৫৮৭২ কিঃমিঃ পথৰ উন্নয়ন আৰু নিৰ্মাণৰ কামৰ অনুমোদন জনাইছিল৷ ১৯৯০ চনৰ মাৰ্চ মাহলৈকে উত্তৰ-পূব পৰিষদে পথ আৰু দলং নিৰ্মাণৰ কামৰ বাবে প্ৰায় ৪৬৭ কোটি টকা ব্যয় কৰিছিল। সপ্তম পৰিকল্পনাৰ সময়ছোৱাত উত্তৰ-পূব পৰিষদে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ ভিতৰত ১১২৪ কিঃমিঃ পথ নিৰ্মাণ আৰু ১৬৬০ মিটাৰ প্রধান দলং নিৰ্মাণৰ কাম অন্তৰ্ভুক্ত কৰা হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৯২ কোটি টকা ব্যয়ত ভোমৰাগুৰীত নিৰ্মাণ কৰা দ্বিতীয়খন কলীয়াভোমোৰা দলং উত্তৰ-পূৰ্বাঞ্চলৰ পৰিবহণ খণ্ডৰ উন্নয়নৰ বুৰঞ্জীত এটি অতি গুৰুত্বপূৰ্ণ ঘটনা। ইয়াৰোপৰি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পঞ্চৰত্ন দলঙৰ নিৰ্মাণৰ কাম চলাই থকা হৈছে।

উত্তৰ-পূব পৰিষদে ইতিমধ্যে ৰেলপথ প্রকল্প নিমাৰ্ণৰ বাবে কেবাখন জৰীপ আৰু অধ্যয়নৰ কাম চলোৱাৰ ব্যয় বহন কৰিছে আৰু ১৬৫ কিঃমিঃ দৈৰ্ঘ্যৰ চাৰিখন ৰেলপথ নিমাৰ্ণৰ কাম চলাই থকা হৈছে ৷ জল পৰিবহণৰ ক্ষেত্ৰত পৰিষদে ইতিমধ্যে আভ্যন্তৰীণ জল পৰিবহণ নিগমক ৩২০ লাখ ঢকা ব্যয়ত ৬ খন ভাসমাণ জেটি মিাণৰ বাবে অনুমোদন জনাইছে আৰু যোগীঘোপাৰ পৰা নিমাতিঘাটলৈ নিশা জাহাজ চল্‌ চল ব্যৱা সৃষ্টিৰ বাৱে কৰিব লগা ব্যয়ৰ এটা অংশ অসম চৰকাৰে বহন কৰিছে। ইয়াৰোপৰি পৰিষদে ৬.৫৬ কোটি টকা ব্যয়ত যন্ত্রচালিত মাল-বস্তু উঠা-নমা কৰা এখন প্ৰকল্প পাণ্ডুত নিমাৰ্ণৰ বাবে অনুমোদন জনাইছে।

পৰিষদে উত্তৰ-পূব অঞ্চলৰ বিমান বন্দৰবিলাকত মাল-বস্তু উঠা-নমা কৰা আৰু যাত্ৰীসকলৰ বাবে বিভিন্ন সুযোগ-সুবিধা সৃষ্টিৰ উদ্দেশ্যে জাতীয় বিমান বন্দৰ অথৰিটিৰ লগত ইয়াৰ ৬০ শতাংশ ব্যয় বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৯৯১-৯২ চনত এই অঞ্চলৰ ১২ খন বিমান বন্দৰক ইয়াৰ বাবে চিনাক্তকৰণ কৰা হৈছে।

এই অঞ্চলৰ পথ উন্নয়নৰ বাবে পৰিষদে ১৯৮৯-৯০ চনলৈকে প্রায় ৬৫১ কোটি টকা ব্যয় কৰি বিভিন্ন প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিছে। পৰিষদে ইতিমধ্যে ২০০০ চনৰ ভিতৰত পথ উন্নয়নৰ এখন ‘মাষ্টাৰ প্লেন’ প্ৰস্তুত কৰিছে আৰু এইখন পৰিকল্পনা আয়োগৰ ওপৰত অনুমোদনৰ বাবে পঠাইছে।

(খ) শক্তি উৎপাদনঃ উত্তৰ-পূব অঞ্চলৰ বৰ্দ্ধিত চাহিদা পূৰণৰ বাবে পৰিষদে এই অঞ্চলত শক্তিৰ সু-সংহত উন্নয়নৰ বাবে পৰিকল্পনা আৰু বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আছে। যদিও উত্তৰপূব অঞ্চলত জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনা প্ৰায় ১২০০০ মেগাৱাট হ’ব বুলি অনুমান কৰা হৈছে কিন্তু ইয়াৰে অতি নগণ্য পৰিমাণ প্ৰকৃততে ব্যৱহাৰ কৰা হৈছে।

১৯৭৬ চনত উত্তৰ-পূব বিদ্যুৎশক্তি নিগম উত্তৰ-পূব পৰিষদ সহায়তাত এই অঞ্চলৰ বিদ্যুৎ উৎপাদনৰ বৃহৎ সম্ভাৱনাৰ ব্যৱহাৰ কৰাৰ বাবে স্থাপন কৰা হৈছিল। ইতিমধ্যে এই নিগমে ১৮৯ কোটি টকা বয়ত ১৫০ মেগাৱাট ক্ষমতাসম্পন্ন কপিলী জলবিদ্যুৎ প্রকল্পৰ স্থাৰ্পন কৰিছে আৰু ইয়াৰ ত্ৰুটিবোৰ শুধৰাই ১৯৮৮ চনৰ ২২ জুনৰ পৰা বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছে। এই নিগমে ইতিমধ্যে আন দুখন প্রকল্প যেনে— অৰুণাচল প্ৰদেশৰ ৪০৫ মেগাৱাট ৰঙ্গানদী জলবিদ্যুৎ প্রকল্প আৰু নাগালেণ্ডৰ ৭৫ মেগাৱাট দয়াং জলবিদ্যুৎ প্রকল্পৰ ৰূপায়ণৰ কাম হাতত লৈছে। ১৯৯০ চনৰ মাৰ্চ মাহত ৬.৫ মেগাৱাট ক্ষমতা থকা বাৰমূৰা গেছ তাপ বিদ্যুৎ প্রকল্পৰ ত্ৰিপুৰাত স্থাপন কৰা হৈছে আৰু এই প্রকল্পখনৰ সম্পূৰ্ণ ব্যয় পৰিষদে বহন কৰিছে। উত্তৰ-পূব পৰিষদে অসম, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডত বিভিন্ন ট্রান্সমিচন আঁচনি ৰূপায়ণৰ বাবে যথেষ্ট সহায়তা আগবঢ়াই আছে। যোৱা তিনিটা পৰিকল্পনাত (পঞ্চম, ষষ্ঠ আৰু সপ্তম) উত্তৰ-পূব পৰিষদে বিভিন্ন শক্তি প্রকল্প উন্নয়নৰ বাবে মুঠ প্রায় ৪২ কোটি টকা বিনিয়োগ কৰিছে।

(গ) অন্যান্য খণ্ডৰ উন্নয়নঃ উত্তৰ-পূৱ পৰিষদে অন্যান্য খণ্ডবোৰক বিভিন্ন ধৰণে সহায় কৰি আছে। পঞ্চম পৰিকল্পনাৰ পৰাই উত্তৰ-পূব পৰিষদে কৃষি আৰু আনুষঙ্গিক খণ্ডৰ বাবে সু-সংহত আঁচনি গ্ৰহণ কৰিছে আৰু লগতে কৃষিখণ্ডৰ বিচিত্র সমস্যাবোৰ যেনে— জুমখেতি আদিক প্ৰতিৰোধ কৰাৰ বাবে জলসিঞ্চন, বান নিয়ন্ত্ৰণৰ মাটি আৰু জলসম্পদৰ উপযুক্ত পৰিচালনা আঁচনি আদি গ্ৰহণ কৰিছে। পৰিষদৰ সপ্তম পৰিকল্পনাত কৃষিখণ্ডৰ বাবে ৰখা মুঠ অৰ্থৰ সংস্থানৰ পৰিমাণ আছিল ৪৪.৭ কোটি টকা পৰিষদৰ অষ্টম পৰিকল্পনাত নির্বাচিত উন্নয়নৰ আঁচনিৰ জৰিয়তে কৃষি উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে বহু শস্য খেতি প্ৰথা প্ৰচলনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

ইয়াৰোপৰি আটাইবোৰ উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যত উত্তৰ-পূব পৰিষদে ইতিমধ্যে বিভিন্ন প্রকল্প যেনে— পশুপালন খণ্ডত ১৪.৪৬ কোটি টকা ব্যয়ত ২৪ খন প্রকল্প, ফল-মূল উৎপাদন খণ্ডত ৯.৮৮ কোটি টকা ব্যয়ত ২৩ খন প্রকল্প, মীন পালন খণ্ডত ৪.৭৫ কোটি টকা ব্যয়ত বিভিন্ন প্রকল্প, ৰেচম বয়ন খণ্ডত ২ কোটি ব্যয়ত ৩৭ খন আঁচনি গ্ৰহণ কৰিছে।

৩৩। অসমৰ বিকেন্দ্রীকৃত পৰিকল্পনাৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ ১৯৮৬ চনৰ ১ এপ্ৰিলৰ পৰা অসমতো বিকেন্দ্ৰীকৃত পৰিকল্পনা গ্ৰহণ কৰা হ্য়। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিকেন্দ্ৰীকৃত পৰিকল্পনা জিলা পৰ্যায়লৈ সম্প্ৰসাৰিত কৰা হয়। কিন্তু অসমৰ ক্ষেত্ৰতো বিকেন্দ্ৰীভূত পৰিকল্পনা মহকুমা পৰ্যায়লৈও সম্প্ৰসাৰিত কৰা হয়। বিকেন্দ্ৰীকৃত পৰিকল্পনা প্ৰক্ৰিয়াৰ কাৰ্য চলোৱাৰ বাবে অসমৰ প্ৰতিখন মহকুমাত মহকুমা পৰিকল্পনা আৰু উন্নয়ন কাউন্সিল গঠন কৰা হৈছিল। এই কাউন্সিল বা পৰিষদখনে প্ৰত্যেক মহকুমাৰ কাৰণে পথ নির্মাণ, কৃষি, জনসিঞ্চন, প্রাথমিক শিক্ষা, সামাজিক বনানীকৰণ, মীন, গ্রাম্য উন্নয়ন, বিদ্যালয় স্থাপন, নগৰীকৰণ, ঔদ্যোগীকৰণ, জনজাতীয় উন্নয়ন, স্বাস্থ্য, খোৱাপানী, বিজুলী, নগৰ পৰিকল্পনা, সমূহীয়া উন্নয়ন আদিৰ কাৰণে বাজেট, পৰিকল্পনা, আঁচনি আদি প্ৰস্তুত কৰি বিভাগীয় অনুমোদনৰ প্ৰচেষ্টা লয়৷ এজন কেবিনেট পৰ্যায়ৰ মন্ত্ৰীৰ নেতৃত্বত বা সভাপতিত্বত বহা সভাত কাউন্সিলৰ বিভিন্ন উন্নয়ন সম্পৰ্কীয় আলোচনা আৰু হিচাপ দাখিল কৰাকে ধৰি অনুমোদন কৰা আৰু সম্পদ অনুসৰি মহকুমা পৰিকল্পনা বিষয়ক আঁচনি ৰূপায়ণ তথা প্ৰস্তুতিৰ কাৰ্য সম্পাদনত গুৰুত্ব আৰোপ কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top