The Economy of North-East India Unit 2 কৃষি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, The Economy of North-East India Unit 2 কৃষি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. The Economy of North-East India Unit 2 কৃষি Question Answer can be of great value to excel in the examination.
The Economy of North-East India Unit 2 কৃষি
The Economy of North-East India Unit 2 কৃষি Notes cover all the exercise questions in UGC Syllabus. The Economy of North-East India Unit 2 কৃষি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Agriculture
ECONOMICS
THE ECONOMY OF NORTH-EAST INDIA
উত্তৰ-পূৱ ভাৰতৰ অৰ্থনীতি
অতি চমু প্রশ্নোত্তৰঃ
১। অসমত কোন ধৰণৰ ধান খেতি বেছি হয়?
উত্তৰঃ গ্ৰীষ্মকালীন খেতি অর্থাৎ শালি ধানৰ খেতি ৷
২। আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰঃ যোৰহাটত।
৩। ২০০২-০৩ চনৰ তথ্য অনুসৰি অসমত কিমানখন চাহ বাগিছা আছে?
উত্তৰঃ 40,795 খন।
৪। চাহ খেতি কৰিবলৈ কেনে ধৰণৰ মাটিৰ প্ৰয়োজন?
উত্তৰঃ ৰঙা আলতীয়া বা লেটাৰাইট মাটি ।
৫। অসমৰ কোনখন জিলাত চাহ বাগান দেখা নাযায়?
উত্তৰঃ উত্তৰ কাছাৰ জিলাত।
৬। চাহ খেতিৰ বাবে কেনেধৰণৰ জলবায়ুৰ প্ৰয়োজন?
উত্তৰঃ ২০°-৩৫° চেঃ উত্তাপৰ জলবায়ুৰ।
৭। অসমত প্ৰধানকৈ কোন কেইবিধ ফল-মূলৰ খেতি কৰা হয়?
উত্তৰঃ কল, নাৰিকল, অমিতা, কঁঠাল, মাটি কঁঠাল, কমলা, লিচু, আম, মধুৰীআম ইত্যাদি।
৮। অসমৰ পূৰ্ণাংগ মৰাপাট কলটো কোন ঠাইত অৱস্থিত?
উত্তঃ নগাঁও জিলাৰ শিলঘাটত।
৯। অসমত উৎপন্ন হোৱা দুবিধ সুঁতাৰ নাম লিখা।
উত্তৰঃ মুগা সূঁতা আৰু এড়ী সুঁতা।
১০। অসমৰ প্ৰধান সূঁতা উৎপাদনকাৰী উদ্যোগটো ক’ত অৱস্থিত?
উত্তৰঃ কামৰূপ জিলাত ।
১১। বাঁহেৰে তৈয়াৰী তিনিবিধ হস্তশিল্পৰ নাম লিখা।
উত্তৰঃ যুঁৱলি, জাকৈ আৰু চেপা।
১২। বেতৰ পৰা তৈয়াৰী দুবিধ সৰঞ্জামৰ নাম লিখা।
উত্তৰঃ চকী আৰু টেবুল ৷
১৩। উত্তৰ-পূৰ্বাঞ্চলৰ চাহ নিলাম কেন্দ্ৰটো ক’ত অৱস্থিত?
উত্তৰঃ গুৱাহাটীত।
১৪ ৷ বাৰ্লিৰ খেতি কৰা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজ্য কোনখন?
উত্তৰঃ অৰুণাচল প্রদেশ।
১৫ ৷ সৰ্বভাৰতীয় স্তৰত উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই সৰ্বাধিক ধান উৎপাদন কৰে?
উত্তৰঃ অসমে।
১৬ ৷ উত্তৰ-পূব ভাৰতৰ চাহ গৱেষণা কেন্দ্ৰটো ক’ত অৱস্থিত?
উত্তৰঃ যোৰহাটৰ টোকোলাইত।
১৭। HYV বীজৰ সম্পূৰ্ণ নাম লিখা।
উত্তৰঃ উচ্চ উৎপাদনক্ষম বীজ।
১৮ ৷ ক্ষুদ্ৰ পৰিসৰৰ কৃষি ভূমিৰ অৰ্থ কি?
উত্তৰঃ অসমৰ কৃষিৰ পট্টাৰ মাটিবোৰ বৰ ক্ষুদ্ৰ। জনসংখ্যাৰ অত্যাধিক হেঁচাৰ বাবে আৰু কৃষিৰ বাহিৰে বিকল্প কোনো জীৱিকা বা সংস্থাপনৰ উপায় নথকা বাবে অসমৰ খেতি-মাটিৰ পৰিমাণ বৰ কম। অসমৰ মুঠ খেতিৰ পট্টা মাটিৰ ভিতৰত শতকৰা ৬০ ভাগ মাটিৰ সীম৷ ১ হেক্টৰৰ কম ৷
১৯। ভূমি সংস্কাৰ কি?
উত্তৰঃ কৃষি আৰু সহায়ক কাম-কাজবোৰ উৎপাদনৰ বাবে ভূমি হৈছে এখন অন্যতম আহিলা। সামাজিক ন্যায় প্রতিষ্ঠাৰ বাবে আৰু লগতে কৃষি উৎপাদনৰ ক্ষেত্ৰত থকা নিৰ্ধাৰিত উদ্দেশ্য সফল কৰাৰ বাবে বৰ্তমান কৃষি ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰাৰ বৰ প্ৰয়োজন। গতিকে আম প্ৰয়োগ কৰি ভূমিৰ ব্যৱস্থাৰ পৰিৱৰ্তন সাধনকে ভূমি সংস্কাৰ বোলে ৷
২০। ভূমি সংস্কাৰৰ এটা উদ্দেশ্য লিখা।
উত্তৰঃ ভূমি সংস্কাৰৰ প্ৰধান উদ্দেশ্য হৈছে মাটিৰ মালিকনা স্বত্বৰ পৰিৱৰ্তন কৰা আৰু অধি উৎপাদন আৰু ন্যায় প্রতিষ্ঠাৰ বাবে গাঁৱলীয়া সমাজৰ গাঠনিৰ পৰিৱৰ্তন কৰা।
২১। ভূমি সংস্কাৰৰ দুৰ্বল প্ৰদৰ্শনৰ এটা কাৰণ লিখা।
উত্তৰঃ বিভিন্ন ৰাজ্যৰ ভূমি সম্পৰ্কীয় আয়সমূহ বেলেগ বেলেগ হয়।
২২। HYV বীজ কোনে আৰু কেতিয়া প্ৰথমে বিকশিত কৰিছিল?
উত্তৰঃ নৰমান বৰ্লগে (১৯৬০ চনৰ মধ্য ভাগত)।
২৩। “সেউজ বিপ্লৱ’ কি?
উত্তৰঃ কৃষি আৰু কৃষিৰ আনুসংগিক কাৰ্যসমূহত বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ বা ব্যৱহাৰ ৷
২৪। ‘সেউজ বিপ্লৱ’ ভাৰতত কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰঃ ১৯৬৬ চনত।
২৫। ‘SFPP’ আৰু ‘SRPP’ ৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ Special Foodgrains Production Programme (SFPP). Special Rice Production Programme (SRPP).
২৬৷ উত্তৰ-পূব ভাৰতত কোনবোৰ শস্যৰ খেতি কৰা হয়?
উত্তৰঃ ৰাজ্যখনত উৎপাদিত মুখ্য শস্যবোৰ হৈছে— চাউল, ৰাগি, জোৱাৰ, মাকৈ আৰু মাহজাতীয় শস্যৰ উপৰিও তৈলবীজ আৰু নগদ শস্যৰ সংখ্যা। ৰাজ্যখনত উৎপাদিত অন্যান্য শস্যবোৰৰ ভিতৰত কাজু, নাৰিকল, আৰেকা নাট, ইলাচী, জলকীয়া, কপাহ, কুঁহিয়াৰ আৰু ধপাত আছে।
২৭ ৷ উত্তৰ-পূব ভাৰতত কোনটো খেতি কৰা হয়?
উত্তৰঃ ভাৰতৰ উত্তৰ-পূবত মুখ্যতঃ প্ৰচলিত খেতি বা ঝুম হৈছে এক কৃষি প্ৰণালী, য’ত কৃষক সমাজে পূৰ্বনিৰ্ধাৰিত স্থানত গৌণ অৰণ্যবোৰ শ্লেছ কৰে, শ্লেছটো জ্বলাই দিয়ে আৰু সীমিত সংখ্যক বছৰৰ বাবে মাটিৰ খেতি কৰে।
৮। অসমৰ কোনখন জিলা চেৰিকালচাৰৰ বাবে বিখ্যাত?
উত্তৰঃ শুৱালকুছি অসমৰ কামৰূপ জিলাত অৱস্থিত। ইয়াক চেৰিকালচাৰ আৰু টেক্সটাইল উদ্যোগৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। শুৱালকুছিৰ লোকসকল তেওঁলোকৰ মৃৎশিল্প, তেল প্ৰক্ৰিয়াকৰণ আদি কামৰ বাবে সৰ্বাধিক জনাজাত আছিল ৷
২৯। ভাৰতৰ উত্তৰ-পূব অঞ্চলত কোনটো ৰেচমৰ কেৱল খেতি কৰা হয়?
উত্তৰঃ অতুলনীয় সোণালী ৰঙৰ মুগা ৰেচমে বিতৰণ সীমিত কৰিছে আৰু কেৱল ভাৰতৰ উত্তৰ-পূব অংশতহে পোৱা যায়। চাৰিও প্ৰকাৰৰ ৰেচম উৎপাদন কৰা অসম হৈছে দেশৰ একমাত্ৰ ৰাজ্য ৷
৩০। অসমত কোনে চেৰিকালচাৰ প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব৩০০০-২০০০ সময়ছোৱাত চীনৰ পৰা অহা তিব্বত-বৰ্মন গোটবোৰৰ সৈতে চেৰিকালচাৰৰ জ্ঞান সম্ভৱতঃ আহিছিল।
৩১ ৷ উত্তৰ-পূব ভাৰতৰ কোনবিধ খেতিক ঝুম খেতি বুলি কোৱা হয়?
উত্তৰঃ ভাৰতৰ উত্তৰ-পূব অঞ্চলত খেতি স্থানান্তৰৰ ইতিহাস অঞ্চলটোৰ মানৱ সভ্যতাৰ দৰেই পুৰণি৷ এইটো অঞ্চলটোৰ পাহাৰীয়া অঞ্চলবোৰত খেতি কৰাৰ এক আদিম প্ৰথা (বৰঠাকুৰ, ১৯৯২)। এনে খেতিৰ সৈতে জড়িত লোকসকলক সমগ্ৰ অঞ্চলটোত ঝুমিয়া বুলি জনা যায়।
৩২। ঝুম খেতি অসমত প্ৰচলিত নেকি?
উত্তৰঃ অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাত, স্থানীয়ভাৱে ঝুম নামেৰে জনাজাত খেতি স্থানান্তৰিত কৰাটো খাদ্য উৎপাদনৰ এক প্ৰভাৱশালী মাধ্যম হৈ আছে আৰু ইয়াক অর্থনৈতিক মূল আধাৰৰ প্ৰাথমিক মাধ্যম হিচাপে গণ্য কৰা হয় ৷
৩৩ ৷ ঝুম খেতিৰ বাবে কোনখন ৰাজ্য বিখ্যাত?
উত্তৰঃ বাংলাদেশৰ চিটাগং পাহাৰীয়া অঞ্চল আৰু ভাৰতৰ অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ডৰ ওচৰৰ অঞ্চলবোৰত থলুৱা সম্প্ৰদায় আৰু বঙালীসকলৰ পৰম্পৰাগত স্থানান্তৰিত খেতি বা কৃষি কৌশলক ঝুম খেতি বুলি কোৱা হয় ।
৩৪৷ মেঘালয়ত ঝুম খেতিক কি বুলি কোৱা হয়?
উত্তৰঃ ঝুম খেতিৰ প্ৰক্ৰিয়াটোক সাধাৰণতে অসম, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামৰ দৰে উত্তৰ-পূবৰ ৰাজ্যসমূহত ‘ঝুমিং’ বুলি কোৱা হয়।‘শ্লেছ এণ্ড বাৰ্ণ’ কৃষিক মেক্সিকো আৰু মধ্য আমেৰিকাত ‘মিলপা’, ব্ৰাজিলত ‘ৰোকা’, ইণ্ডোনেছিয়াত ‘লাডাং’, ভেনিজুৱেলাত ‘কনুকো’, মধ্য আফ্রিকাত ‘মাচোল’, ভিয়েটনামৰ ‘ৰে’ বুলি জনা যায়।
চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। অসমৰ কৃষি ব্যৱস্থাৰ বেছি ভাগেই কিয় বতৰৰ লগত জড়িত?
উত্তৰঃ অসমৰ কৃষিখণ্ড পৰিয়ালকেন্দ্ৰিক আৰু ইয়াৰ অৰ্থনীতি ঘাইকৈ ৰাজ্যখনৰ পৰম্পৰাগত কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল। চাহ খেতিৰ বাহিৰে বাকী সকলো শস্য অসংগঠিত কৃষক নিজা পৰিচালিত কৃষি। গতিকে কৃষকৰ এনে কৃষিত সফলতা ঘাইকৈ নিৰ্ভৰ কৰে কৃষক। দক্ষতা আৰু আৰ্থিক ক্ষেত্ৰৰ ওপৰত৷ আনহাতে, ভাৰতৰ প্ৰায় প্ৰতিখন কৃষি অৰ্থনীতিৰ ৰাজ্যৰ তুলনাত অসমত কৃষক পৰিচালিত কৃষিখণ্ডটো জলসিঞ্চনৰ অব্যৱস্থা, কৃষি ঋণদানৰ সীমাবদ্ধত তথা প্ৰাপ্ত ঋণৰ অপপ্রয়োগ, উন্নত যন্ত্রপাতি, বীজ আৰু সাৰ প্ৰয়োগৰ ব্যৰ্থতা আদি বিভিন্ন ধৰণৰ মানৱ সৃষ্ট সমস্যাৰে ভাৰাক্ৰান্ত। সেয়েহে ব্যক্তিগতভাৱে পৰিচালিত কৃষিখণ্ডটোৱে সীমিত চৰকাৰী সুবিধা আৰু জলসিঞ্চনৰ অব্যৱস্থাৰ বাবে বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।
২। উজনি অসমত চাহ উৎপাদন কিয় বেছি হয়?
উত্তৰঃ চাহ গছৰ ক্ষীপ্ৰ বৃদ্ধি আৰু পত্ৰণ কাৰ্যৰ উদ্দেশ্যে আদৰ্শ পৰিৱেশ হ’ল ২০০-৩৫°চে, উত্তাপ আৰু এৰাধৰাকৈ প্ৰায় প্ৰতিদিনে হোৱা কিনকিনীয়া বৰষুণৰ বতৰ। আলসুৱা স্বভাৱৰ এই গছবিধৰ বাবে ১০°-৩৫° চে. পৰিসৰৰ বাহিৰৰ তাপমান অত্যন্ত ক্ষতিকৰ। ৰঙা আলতীয়া বা লেটাৰাইট মাটিৰ হেলনীয়া পৃষ্ঠ চাহ খেতিৰ বাবে উপযোগী। সঘনাই বৰষুণ বিচৰা চাহ গছৰ গুৰিত পানী জমা হ’লেই বিপদ। উজনি অসমত চাহ খেতিৰ বাবে উপযুক্ত পৰিৱেশ পোৱা যায়। এই অঞ্চলৰ উত্তাপ চাহ খেতিৰ উপযোগী হোৱাৰ লগতে সঘনাই হোৱা কিনকিনীয়া বৰষুণে চাহ গছৰ পত্ৰণত সহায় কৰে আৰু তৰংগাকৃতিক পৃষ্ঠসমূহত এই খেতি কৰা বাবে গছৰ গুৰিত পানী জমা হ’বলৈ নাপায়। মুঠতে, উজনি অসমত চাহ খেতিৰ বাবে এক উপযুক্ত ভৌগোলিক পৰিৱেশ পোৱা যায় বাবে এই অঞ্চলত চাহৰ উৎপাদনৰ পৰিমাণো বেছি।
৩। নামনি অসমত মৰাপাটৰ খেতি কিয় বেছি হয়?
উত্তৰঃ সচৰাচৰ পানী জমা হোৱা পলসুৱা মাটিত মার্চ-এপ্রিল মাহত মৰাপাটৰ বীজ সিঁচা হয়। চেপ্তেম্বৰ আৰু অক্টোবৰ মাহত এই গছবোৰ গুৰিতে কাটি পানীত বুৰাই বাকলি গুচাই ইয়াৰ পৰা আঁহ উলিয়াব পাৰি। কটাৰ পিছত আঁহ উলিয়াবৰ কাৰণে গোৰাই থ’বলৈ মৰাপাট খেতিৰ অঞ্চলত বিস্তীর্ণ পৰিসৰৰ গভীৰ জলাশয় থকা উচিত। ইয়াৰ আঁহ নিষ্কাষণৰ পৰ্যায়টো অতি কষ্টসাধ্য আৰু স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। সচৰাচৰ পূৰ্ব বংগৰ পৰা আহি অসমত থিতাপি লোৱা মুছলমানধৰ্মী লোকসকলেই এই কৃষিকার্যত অধিক অভ্যস্ত। নামনি অসমৰ সমতল ভূমিত বিস্তীর্ণ পৰিসৰত গভীৰ জলাশয় পোৱা যায়, যিটো মৰাপাটৰ খেতিৰ বাবে অত্যন্ত আৱশ্যকীয়। দ্বিতীয়তে, ওপৰত উল্লেখ কৰাৰ দৰে এই কৃষিকার্যত অভ্যস্ত লোকসকলে প্ৰধানকৈ নামনি অসমতে বসতি স্থাপন কৰিছে। অর্থাৎ, ক’ব পাৰি যে, মৰাপাট খেতিৰ বাবে নামনি অসমত উপযুক্ত ভৌগোলিক পৰিৱেশ থকাৰ লগতে এই অঞ্চলৰ কৃষকসকল এইবিধ কষ্টসাধ্য কৃষিকার্যত অভ্যস্ত যিয়ে অঞ্চলটোত মৰাপাটৰ উৎপাদন বৃদ্ধিত সহায়ক হৈছে।
৪। জুম খেতিৰ সুবিধাসমূহ কি কি?
উত্তৰঃ জুম খেতিৰ সুবিধাসমূহ হ’ল ক্রমে—
(ক) জুম খেতি উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ প্ৰধান জীৱিকা।
(খ) জুম খেতিৰ মূল উপাদান হ’ল মাটি। এই মাটি মুকলি কৰিবৰ বাবে সমূহীয়া শ্ৰমৰ প্রয়োজন হয়। সমূহীয়া শ্ৰমেৰে মাটি মুকলি কৰাৰ কাম সম্পাদন কৰা হয়। মাটি মুকলি কৰোঁতে হাবি জংঘল কাটি পুৰি পেলোৱাৰ ফলত মাটিয়ে এক প্ৰকাৰৰ স্বাভাৱিক সাৰ লাভ কৰে। লগতে কীট-পতংগ বন আদি নষ্ট হোৱা বাবে কীটনাশক দ্ৰব্যসমূহৰ প্ৰয়োজন নহয় ৷
(গ) জুম খেতিৰ বাবে বিশেষ যন্ত্রপাতি, মূলধনৰ প্ৰয়োজন নহয়। উল্লেখযোগ্য যে প্ৰযুক্তিৰ পৰিৱৰ্তন নকৰা অৱস্থাত জুম খেতিয়ে ক্রমহ্রাসমান প্রতিদান বিধিত কার্যকাৰিতাত বাধা প্রদান
(ঘ) জুম খেতিৰ সৈতে পাহাৰীয়া জনজাতিসকলৰ কিছুমান সামাজিক, ধর্মীয় ৰীতি-নীতি জড়িত হৈ থাকে আৰু সেইবিলাক কৃষিজীৱী জুমীয়াসকলক প্ৰভাৱিত কৰে। জুম খেতিৰ বাবে মাটি মুকলি কৰোঁতে নাইবা শস্য চপোৱাৰ সময়ত কিছুমান ধর্মীয় অনুষ্ঠান অনুষ্ঠিত হয় । মুঠতে, কৃষি উন্নয়ন বাবেই জুম পদ্ধতিৰ খেতিৰ পৰিৱৰ্তন হ’ব লাগে বুলিয়েই উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া জীৱন ধাৰাৰ পৰা এই কৃষি পদ্ধতিক আঁতৰাই নিব নোৱাৰি৷
৫। জুম খেতিৰ নিয়ন্ত্ৰণৰ বাবে লোৱা ব্যৱস্থাসমূহ কি কি?
উত্তৰঃ জুম খেতিৰ নিয়ন্ত্ৰণৰ বাবে লোৱা ব্যৱস্থাসমূহ হ’ল –
(ক) জুম খেতিৰ পৰিৱৰ্তনৰ বাবে পাহাৰীয়া ঢাপ খেতি প্ৰৱৰ্তন কৰিবৰ বাবে ব্যৱস্থা লোৱা হৈছে। এই পদ্ধতিত পাহাৰত ঢাপ কাটি সমান মাটিৰ ব্যৱস্থা কৰা হয় আৰু ঢাপ কটা অংশত বৰষুণৰ পানী জমা কৰি খেতিৰ বাবে ব্যৱহাৰ কৰা হয় ৷
(খ) জুম খেতিত জড়িত কৃষকৰ মাজত সমভূমিৰ মাটি বিতৰণৰ উদ্দেশ্য চৰকাৰে ভূমি উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত সৰু পাহাৰসমূহ কাটি সমান ভূমিলৈ পৰিৱৰ্তন কৰা হৈছে।
(গ) জুম খেতিৰ ফলত সৃষ্টি হোৱা পাৰিপাৰ্শ্বিক অভাৰসাম্যতা দূৰ কৰিবৰ বাবে চৰকাৰে পৰিকল্পিতভাৱে বনানীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ফলত প্ৰধানকৈ ভূমিক্ষয় ৰোধ হ’ব।
(ঘ) জুম খেতিৰ বিৰূপ প্ৰতিক্ৰিয়াৰ পৰা ৰক্ষা পাবলৈ পশুপালন, হাঁহ-কুকুৰা পালন আৰু দুগ্ধ উৎপাদন আদিত জুম খেতিৰ কৃষকসকলক নিয়োগ কৰি আৰ্থিকভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থাও কৰা হৈছে। তাৰোপৰি ফলমূল উৎপাদনৰ দ্বাৰা সংৰক্ষণ আৰু প্ৰস্তুতকৰণ উদ্যোগ গঢ়ি তুলি লাভজনক জীৱিকাৰ উদ্ভৱ কৰিব খোজা হৈছে।
৬। জুম খেতিৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ জুম খেতিৰ বৈশিষ্ট্যসমূহ হ’ল —
(ক) জুম খেতিৰ শস্য-পথাৰৰ চক্ৰাকাৰ পৰিৱৰ্তন ঘটোৱা হয়। এই পদ্ধতিত শস্য আৱৰ্তনৰ পৰিৱৰ্তে খেতি পথাৰৰ আৱৰ্তন কৰা হয় ৷
(খ) জুম খেতিত নতুন কৃষিভূমি পৰিস্কাৰ আৰু প্ৰস্তুত কৰোঁতে জুইৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে পাহাৰৰ এঢলীয়া অংশসমূহৰ গছ-গছনি জ্বলাই বৰষুণৰ পিছত চাফা কৰি খেতিৰ উপযোগী কৰা হয়।
(গ) জুম খেতিত ৰাসায়নিক সাৰ প্ৰয়োগ বা ব্যৱহাৰ কৰা নহয়। জুম খেতিৰ প্ৰধান উপাদান মানৱীয় শক্তিহে৷ ইয়াত হাল টানিবলৈ গৰু নাইবা ম’হ, নাঙল আদিৰ ব্যৱহাৰ নহয়। ইয়াৰ পৰিৱৰ্তে দা, কোৰ আদিৰ ব্যৱহাৰ হয়।
(ঘ) জুম খেতিত শস্য চপোৱাৰ পিছত মাটি ডোখৰ স্বাভাৱিক উৰ্বৰতা ঘূৰাই পোৱাৰ বাবে পুনৰ ব্যৱহাৰ কৰাৰ আগতে দুই-তিনিবছৰ অধিক সময়ৰ বাবে চন পেলাই ৰখা হয়। দুটা জুম খেতিৰ মাজৰ ব্যৱধানক জুম চক্ৰ বোলা হয়।
(ঙ) জুম খেতিত মিশ্ৰিত শস্য ৰোপণ কৰি একেডোখৰ মাটিত কেইবাবিধো শস্য উৎপাদন কৰা হয় । জুম খেতিৰ বাবে বাছি লোৱা মাটি প্রাথমিক পৰ্য্যায়ত যৌথ প্রচেষ্টাত মুকলি কৰি তাৰ পিছতহে কিছুমান চিন দি ব্যক্তিগতভাৱে খেতি কৰা হয়। আনকথাত জুম খেতিত ব্যৱহাৰ হোৱা ভূমিৰ কোনো স্থায়ী সীমা আৰু মাটিৰ ওপৰত মালিকীস্বত্বৰ ব্যৱস্থা নাথাকে।
৭। উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব তলত আলোচনা কৰা হ’ল —
(ক) উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ জনসংখ্যাৰ তিনি-চতুর্থাংশৰ অধিক কৃষিত জড়িত। লোকপিয়লৰ বিভিন্ন প্রতিবেদনে গড় হিচাপে প্ৰতিখন ৰাজ্যৰ জনসংখ্যা ৭০ শতাংশ কৃষিজীৱী বুলি দেখুৱাইছে।
(খ) উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুঠ ৰাজ্যিক দেশীয় উৎপাদনত কৃষিয়ে উল্লেখযোগ্য ৱৰঙণি আগবঢ়াইছে। উদাহৰণস্বৰূপে ১৯৯৫-৯৬ চনত অসমৰ ৰাজ্যিক দেশীয় উৎপাদনত কৃষি আৰু আনুষঙ্গিক খণ্ডৰ বৰঙণি আছিল ৩৫ শতাংশ। আনহাতে মণিপুৰ আৰু নাগালেণ্ডৰ বৰঙণি ৩০.৮ আৰু ১৮.১ শতাংশ আছিল।
(গ) উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ কৃষিজাত দ্রব্যসমূহে বিভিন্ন প্ৰকাৰৰ কৃষিভিত্তিক উদ্যোগৰ প্রয়োজনীয় কেঁচামালৰ যোগান ধৰে। এনেধৰণৰ কৃষিভিত্তিক উদ্যোগসমূহ হ’ল-চাহ, মৰাপাট, চেনি ইত্যাদি।
(ঘ) উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে বিভিন্ন ধৰণৰ কৃষিজাত সামগ্রী উৎপাদন কৰি বজাৰযোগ্য ৰাহিৰ সৃষ্টি কৰিছে। তথাপি ৰাজ্যসমূহৰ অৰিহণা যথেষ্ট নহয়। তথাপি অসমে চাহ আৰু মৰাপাটৰ ক্ষেত্ৰত, অঞ্চলটোৰ পাহাৰীয়া ৰাজ্যসমূহে বিভিন্ন প্ৰকাৰৰ ফলমূলৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ বজাৰযোগ্য উদ্ধৃত্তৰ সৃষ্টি কৰি আহিছে।
৮। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰমোন্নয়ন বেংক (NABARD)ৰ বিষয়ে এটি চমু টোকা লিখা ৷
উত্তৰঃ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰমোন্নয়ন বেংক (National Bank for Agricultural and Rural Development) NABARD : ভাৰতীয় গ্ৰাম্য ঋণৰ আন এক মহত্ত্বপূর্ণ পদক্ষেপ হ’ল ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক। গ্ৰাম্য অঞ্চলৰ পুনৰ বিত্তায়ন পদ্ধতিৰে ঋণ প্ৰদান কৰাৰ উদ্দেশ্যে ১৯৮২ চনৰ জুলাই মাহৰ ১২ তাৰিখ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক স্থাপন কৰা হয়। বৰ্তমান NABARD হ’ল ভাৰতীয় কৃষি ঋণৰ শীৰ্ষ (APEX)প্রতিষ্ঠান। ১৯৬৩ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে কৃষিখণ্ডত দীৰ্ঘম্যাদী ঋণ প্ৰদান কৰাৰ উদ্দেশ্যে কৃষি পুনৰ বিত্ত উন্নয়ন নিগম (ARDC) স্থাপন কৰে। সংসদীয় আইনৰ দ্বাৰা গৃহীত কৃষি পুনৰ বিত্ত উন্নয়ন নিগমৰ আৰম্ভণিৰ নাম আছিল কৃষি পুনৰ বিত্ত নিগম। যিহেতু নিগমৰ আৰম্ভণিৰ পৰা কৃষি উন্নয়নৰ কাৰ্য আছিল মূল উদ্দেশ্য। গতিকে পিছলৈ ইয়াৰ নাম কৃষি পুনৰ বিত্ত নিগম হিচাপে নামকৰণ কৰা হয়।১৯৮২ চনৰ জুলাই মাহত NABARD অনুমোদিত মূলধন ৫০০ কোটি টকা আৰু আদায়কৃত (Paid UP ) মুলধন ১০০ কোটি টকা আছিল। এই মূলধনৰ ৫০ শতাংশ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আৰু ৫০ শতাংশ কেন্দ্ৰীয় চৰকাৰৰ। বৰ্তমান এই মূলধনৰ পৰিমাণ ২০০০ (দুই হাজাৰ) কোটি টকালৈ বৃদ্ধি কৰা হৈছে। NABARD ৰ মুখ্য কাৰ্যালয়ৰ উপৰি গোটেই ভাৰতবৰ্ষত ২৫টা আঞ্চলিক কার্যালয় আছে। NABARD ৰ প্রধান উদ্দেশ্য হ’ল গ্ৰাম্য ঋণৰ বিভিন্ন অনুষ্ঠানসমূহৰ মাজত সমন্বয় স্থাপন কৰি সেই প্ৰতিষ্ঠানসমূহক বিত্তীয়ভাৱে সুস্থ কৰি পুনৰ বিত্তায়ন পদ্ধতিৰে গ্ৰাম্য অঞ্চলত ঋণ প্ৰদান কৰি গ্রাম্য অর্থনীতি টনকিয়াল কৰা।
৯। উত্তৰ-পূব বৃত্ত আৰু উন্নয়ন নিগম(NEDFi))ৰ বিষয়ে এটি চমু টোকা লিখা ৷
উত্তৰঃ উত্তৰ-পূব বিত্ত আৰু উন্নয়ন নিগম NED ‘I উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ প্ৰচুৰ প্রাকৃতিক সম্পদ, যেনেঃ তেল, গেছ, চূণশিল, বনজ সম্পদ, জলজ সম্পদ আদি নিষ্কাশন জৰিয়তে এক ব্যাপক ঔদ্যোগিক সম্ভাৱনাৰ সৃষ্টি, আন্তঃগাঁথনিৰ নিৰ্মাণ, মূলধনী পুঁজি বৃদ্ধি আৰু সামগ্ৰিকভাৱে অঞ্চলটোৰ আৰ্থিক বিকাশ ত্বৰান্বিত কৰিবলৈ এক বিশেষ বিত্ত আৰু উন্নয়ন নিগম (বেংক) স্থাপনৰ লক্ষ্যৰে ১৯৯৫-৯৬ চনৰ বাজেট ভাষণত তেতিয়াৰ কেন্দ্ৰীয় বিত্তমন্ত্রী মহোদয়ে এক প্ৰস্তাৱ উপস্থাপন সংসদত কৰিছিল। সংসদত এই প্ৰস্তাৱ পাছ হয় আৰু ১৯৯৬ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত মুখ্য কাৰ্যালয় স্থাপন কৰি NEDFI ৰ কাৰ্যালয় উদ্বোধন কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ অভিজ্ঞতা লব্ধ প্রতিষ্ঠিত ব্যক্তি আৰু ৰাজ্যৰ বাহিৰৰ উদ্যোগ বিত্ত, অর্থনীতি আৰু পৰিচালনা সম্পৰ্কীয় অভিজ্ঞ ব্যক্তিক লৈ ইয়াৰ পৰিচালক মণ্ডলী গঠন কৰা হয় ।
১০। অর্থনীতিত NEDFiৰ ভূমিকা বা গুৰুত্ব আলোচনা কৰা ৷
উত্তৰঃ NEDFi ৰ ভূমিকা (Role of NEDFI) : অঞ্চলটোত উদ্যোগৰ বিকাশ, আধুনিকীকৰণ, প্রকল্প আৰু আন্তঃগাঁথনি নিৰ্মাণ তথা উদ্যোগৰ সম্প্ৰসাৰণৰ বাবে (NEDFI) য়ে এক নির্ণায়ক ভূমিকা পালন কৰাত গুৰুত্ব দিছে।
তদুপৰি NEDFI সামাজিক সেৱা খণ্ডৰ বিস্তৃতি, ঔদ্যোগিক গোট স্থাপন, বিল বাট্টাকৰণ বা পুনৰ বাট্টাকৰণ, গেৰাণ্টি প্রদান, অংশপত্র ক্রয়, পৰামৰ্শ প্রদান, লেটাৰ অৱ ক্রেডিট ইছ্যু কৰা (Issuing Letter of Credit) গৱেষণা অন্বেষণ, তথ্য–প্ৰযুক্তিৰ বিকাশ সাধন আদি আনুষঙ্গিক কাৰ্যৰো চোৱাচিতা কৰিব আৰু দৃঢ় কাৰ্যকৰী ভূমিকা (Effective Role) গ্ৰহণ কৰিব। সময়ে সময়ে ঔদ্যোগিক ক্ষেত্রসমূহ চিনাক্তকৰণ, প্রকল্প স্থাপন, প্রকল্প ব্যয় নিৰ্ধাৰণ আদি কাৰ্যও NEDFI য়ে সম্পাদন কৰিব। আশা কৰা হৈছে যে NEDFI য়ে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ আৰু কুটীৰ শিল্পৰ সমস্যাৰাশি অনুধাৱন, চিন্তন আৰু মনন কৰাৰ বাহিৰেও সামগ্ৰিক আর্থিক বিকাশত এক অতন্ত্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰিব।
NEDFI ৰ দৰ্শনেই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক গতিশীলতা দ্ৰুততৰ কৰা। ঔদ্যোগিক ক্ষেত্ৰ চিহ্নিতকৰণ আৰু বিত্তায়নৰ যোগেৰে পিছপৰা এই অঞ্চলটোৰ বিকাশ সাধন কৰি দেশৰ অন্য অঞ্চলৰ লগত ভাৰসাম্য উন্নয়ন স্থাপন কৰা NEDFIৰ প্ৰধান লক্ষ্য। অতি কম সময়ৰ ভিতৰত আন্তঃগাঁথনি নিৰ্মাণ কৰি উদ্যোগৰ সম্ভাৱনীয়তাক বাস্তৱায়নেৰে অৰ্থনৈতিক ৰূপান্তৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাই হ’ল NEDFIৰ মূল লক্ষ্য।
১১ ৷ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি(RGBN/RGVN) ৰ বিষয়ে এটি চমুটোকা লিখা।
উত্তৰঃ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিঃ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি (RGBN) হ’ল গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ সবল কৰাৰ বাবে স্থাপিত এক থলুৱা বিত্তীয় অনুষ্ঠান। গ্রাম্য অৰ্থনীতিৰ আনুষ্ঠানিক বিত্তৰ শূণ্যতা পুৰণ কৰিবলৈ অনা –চৰকাৰী সংস্থাৰ (NGO) মাধ্যমত আর্থ-সামাজিক উন্নয়নেৰে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰা ইয়াৰ মূল লক্ষ্য। ১৯৯০ চনৰ এপ্রিল মাহত (RGBN) প্রতিষ্ঠা হয়। ই এটা স্বয়ংসম্পূর্ণ অনা-লাভ অর্জনকাৰী আৰ্থ-সামাজিক অনুষ্ঠান। ১৮৬০ চনৰ ছোচাইটী ৰেজিষ্ট্ৰেচন ধাৰা ২১ মতে এই সংস্থাটো পঞ্জীভূত হয়। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ মুখ্য চহৰ গুৱাহাটীত আছে। এই সংস্থাটো আকৌ Foreign Country Registration Act মতেও পঞ্জীভুক্ত। এই সংস্থাটো ইনকাম টেক্স আইন ১৯৬১ৰ ধাৰা ৮০ জ়ি মতে আয়কৰ মুক্ত।
১২। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি(RGBN/RGVN) ৰ মুখ্য উদ্দেশ্য সমূহ লিখা।
উত্তৰঃ সমাজৰ সার্বিক আর্থিক উন্নয়নৰ স্বাৰ্থত কাম কৰি অহা এই সামাজিক সংস্থাটোৰ মুখ্য উদ্দেশ্য হ’ল—
(ক) আর্থ-সামাজিক খণ্ডত সাহাৰ্য কৰা আৰু স্বেচ্ছামূলক অনুষ্ঠানক সংগঠনক উন্নয়নমূলক কামত জড়িত কৰি গ্ৰাম্য অঞ্চলৰ আৰ্থিক উন্নয়ন কৰা। শাৰীৰিকভাৱে অক্ষম লোকক আর্থিক সাহায্য প্ৰদান কৰা আৰু আঞ্চলিক বৈষম্য হ্ৰাস কৰি ক্ষুদ্ৰ বিত্ত যোগানেৰে গ্ৰাম্য অৰ্থনীতিৰ ভঁৰাল টনকিয়াল কৰা৷
(খ) গাঁৱৰ দৰিদ্ৰ মানুহক আর্থিক সহায়তা আগবঢ়োৱা আৰু বিকেন্দ্ৰীকৃত খণ্ড তথা বিশেষভাৱে পিছপৰা গ্ৰামাঞ্চলৰ লোকৰ জীৱন ধাৰণৰ মান উন্নীত কৰা।
(গ) আৰ্থিক আৰু সামাজিকভাৱে দুৰ্বল অথচ প্রতিভাসম্পন্ন লোকক চিহ্নিত কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মানৱ সম্পদ গঠন কৰা।
(ঘ) ক্ষুদ্ৰ চহৰ আৰু গাঁও অঞ্চলৰ দুখীয়া মানুহক আর্থিক সহায় প্রদান, বিশেষত অনুসূচিত জাতি, জনজাতি, দুখীয়া মহিলা, শিশু আৰু শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ আর্থ-সামাজিক উন্নয়নত ‘বিশেষ ঋণ আঁচনি’ প্ৰদান কৰা ৷
১৩ ৷ অসমৰ কৃষি ব্যৱস্থাৰ বেছি ভাগেই কিয় বতৰৰ লগত জড়িত?
উত্তৰঃ অসমৰ কৃষিখণ্ড পৰিয়ালকেন্দ্ৰিক আৰু ইয়াৰ অৰ্থনীতি ঘাইকৈ ৰাজ্যখনৰ পৰম্পৰাগত কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল। চাহ খেতিৰ বাহিৰে বাকী সকলো শস্য অসংগঠিত কৃষকৰ নিজা পৰিচালিত কৃষি। গতিকে কৃষকৰ এনে কৃষিত সফলতা ঘাইকৈ নিৰ্ভৰ কৰে কৃষকৰ দক্ষতা আৰু আৰ্থিক ক্ষেত্ৰৰ ওপৰত৷ আনহাতে, ভাৰতৰ প্ৰায় প্ৰতিখন কৃষি অর্থনীতিৰ ৰাজ্যৰ তুলনাত অসমত কৃষক পৰিচালিত কৃষি খণ্ডটো জলসিঞ্চনৰ অব্যৱস্থা, কৃষি ঋণদানৰ সীমাবদ্ধতা তথা প্ৰাপ্ত ঋণৰ অপপ্রয়োগ, উন্নত যন্ত্রপাতি, বীজ আৰু সাৰ প্ৰয়োগৰ ব্যৰ্থতা আদি বিভিন্ন ধৰণৰ মানৱসৃষ্ট সমস্যাৰে ভাৰাক্ৰান্ত। সেয়েহে ব্যক্তিগতভাৱে পৰিচালিত কৃষিখণ্ডটোৱে সীমিত চৰকাৰী সুবিধা আৰু জলসিঞ্চনৰ অব্যৱস্থাৰ বাবে বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।
১৪। উজনি অসমত চাহ উৎপাদন কিয় বেছি হয়?
উত্তৰঃ চাহ গছৰ ক্ষিপ্ত বৃদ্ধি আৰু পত্ৰণ কাৰ্যৰ উদ্দেশ্যে আদর্শ পৰিৱেশ হ’ল ২০°-৩৫° উত্তাপ আৰু এৰাধৰাকৈ প্রায় প্রতিদিনে হোৱা কিন্কিনীয়া বৰষুণৰ বতৰ। আলসুৱা স্বভাব এই গছবিধৰ বাবে ১০°-৩৫° চে. পৰিসৰৰ বাহিৰৰ তাপমান অত্যন্ত ক্ষতিকৰ। ৰঙা আলতীয় বা লেটাৰাইট মাটিৰ হেলনীয়া পৃষ্ঠ চাহ খেতিৰ বাবে উপযোগী। সঘনাই বৰষুণ বিচৰা চা গছৰ গুৰিত পানী জমা হ’লেই বিপদ। উজনি অসমত চাহ খেতিৰ বাবে উপযুক্ত পৰিৱে পোৱা যায়। এই অঞ্চলৰ উত্তাপ চাহ খেতিৰ উপযোগী হোৱাৰ লগতে সঘনাই হোৱা কিকিনীয়া বৰষুণে চাহ গছৰ পত্ৰণত সহায় কৰে আৰু তৰংগাকৃতিক পৃষ্ঠসমূহত এই খেতি কৰা বাবে গছৰ গুৰিত পানী জমা হ’বলৈ নাপায়। মুঠতে উজনি অসমত চাহ খেতিৰ বাবে এক উপযুক্ত ভৌগোলিক পৰিৱেশ পোৱা যায় বাবে এই অঞ্চলত চাহৰ উৎপাদনৰ পৰিমাণো বেছি।
১৫। নামনি অসমত মৰাপাটৰ খেতি কিয় বেছি হয়?
উত্তৰঃ সচৰাচৰ পানী জমা হোৱা পলসুৱা মাটিত মার্চ-এপ্রিল মাহত মৰাপাটৰ বীজ সিঁচা হয় ৷ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত এই গছবোৰ গুৰিতে কাটি পানীত বুৰাই বাকলি গুচাই ইয়াৰ পৰা আঁহ উলিয়াব পাৰি। কটাৰ পিছত আঁহ উলিয়াবৰ কাৰণে গোৰাই থ’বলৈ মৰাপাট খেতিৰ অঞ্চলত বিস্তীৰ্ণ পৰিসৰৰ গভীৰ জলাশয় থকা উচিত। ইয়াৰ আঁহ নিষ্কাশনৰ পৰ্যায়টো অতি কষ্টসাধ্য আৰু স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। সচৰাচৰ পূৰ্ব বংগৰ পৰা আহি অসমত থিতাপি লোৱা মুছলমানধৰ্মী লোকসকলেই এই কৃষিকার্যত অধিক অভ্যস্ত। নামনি অসমৰ সমতল ভূমিত বিস্তীৰ্ণ পৰিসৰত গভীৰ জলাশয় পোৱা যায়, যিটো মৰাপাটৰ খেতিৰ বাবে অত্যন্ত আৱশ্যকীয়। দ্বিতীয়তে, ওপৰত উল্লেখ কৰাৰ দৰে এই কৃষিকার্যত অভ্যস্ত লোকসকলে প্ৰধানকৈ নামনি অসমতে বসতি স্থাপন কৰিছে। অর্থাৎ, ক’ব পাৰি যে মৰাপাট খেতিৰ বাবে নামনি অসমত উপযুক্ত ভৌগোলিক পৰিবেশ থকাৰ লগতে এই অঞ্চলৰ কৃষকসকল এইবিধ কষ্টসাধ্য কৃষিকার্যত অভ্যস্ত যিয়ে অঞ্চলটোত মৰাপাটৰ উৎপাদন বৃদ্ধিত সহায়ক হৈছে।
১৬ ৷ ভূমি সংস্কাৰ নীতিৰ উদ্দেশ্যসমূহ কি কি আৰু অসমৰ এই নীতিৰ উদ্দেশ্যসমূহ লিখা।
উত্তৰঃ কৃষি আৰু সহায়ক কাম-কাজবোৰৰ উৎপাদনৰ বাবে ভূমি হৈছে এক অন্যতম আহিলা। সামাজিক ন্যায় প্রতিষ্ঠাৰ বাবে আৰু লগতে কৃষি উৎপাদন ক্ষেত্ৰত থকা নিৰ্ধাৰিত উদ্দেশ্য সফল কৰাৰ বাবে বৰ্তমান কৃষি ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰাৰ বৰ প্ৰয়োজন। ভূমি সংস্কাৰৰ প্রধান উদ্দেশ্য হৈছে মাটিৰ মালিকনা স্বত্বৰ পৰিৱৰ্তন কৰা আৰু অধিক উৎপাদন তথা ন্যায় প্ৰতিষ্ঠাৰ বাবে গাঁৱলীয়া সমাজৰ গাঠনিৰ পৰিৱৰ্তন কৰা।
দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত উল্লেখ কৰা হৈছিল যে ভূমি সংস্কাৰৰ প্ৰধান উদ্দেশ্য আছিল উচ্চ দক্ষতা আৰু উৎপাদন থকা এক কৃষিভিত্তিক, অৰ্থনীতিৰ সৃষ্টি কৰা যাৰ মাধ্যমত সোনকালে এখন সাম্যভাবী সমাজৰ সৃষ্টি কৰিব পৰা যায়।
১৭। ভূমি সংস্কাৰৰ মূল সূত্ৰসমূহ লিখা।
উত্তৰঃ ভূমি-সংস্কাৰৰ নীতিবোৰ কিছুমান মূল সূত্ৰৰ ওপৰত ভিত্তি কৰিহে নিৰ্ধাৰণ কৰিব লাগে। ভাৰতবৰ্ষত কৃষি উন্নয়ন সমিতি (১৯৪৮) ভূমি সংস্কাৰৰ বাবে কিছুমান মূল সূত্র নিৰ্ধাৰণ কৰিছিল আৰু এইবোৰ পৰিকল্পনা আয়োগে মানি লৈছিল৷
এই মূল সূত্ৰবোৰ হ’লঃ
(ক) খেতি বিষয়ক অৰ্থনীতিত খেতিয়কৰ ব্যক্তিত্ব উন্নত কৰিব লাগিব।
(খ) শ্ৰেণী অত্যাচাৰৰ কোনো থাকিব নোৱাৰিব।
(গ) উৎপাদনৰ দক্ষতা সৰ্বাধিক কৰিব লাগিব।
(ঘ) ভূমি-সংস্কাৰৰ আঁচনিবোৰ সুসাধ্য হ’ব লাগিব।
ওপৰৰ মূল সূত্ৰবোৰ ৰূপায়ণ কৰিব লাগিলে তলত দিয়া ধৰণে ব্যাপক পৰিৱৰ্তন কৰিব লাগিবঃ
(ক) জমিদাৰী প্ৰথাৰ অৱলুপ্তি।
(খ) আয়ন প্ৰণয়নৰ মাধ্যমত ৰায়তী স্বত্বৰ সংস্কাৰ সাধন।
(গ) খেতি-মাটিৰ একক পৰিমাণ বৃদ্ধি।
(ঘ) পট্টা মাটিৰ একত্ৰীকৰণ।
(ঙ) আধুনিক পদ্ধতিৰে খেতিৰ কাম চলোৱা আৰু কৃষিৰ উন্নতিৰ বাবে জলসিঞ্চন, বিদ্যুৎ আৰু বিত্তৰ ব্যৱস্থা কৰা। অসমত্ চলোৱা ভূমি-সংস্কাৰৰ নীতিবোৰ ওপৰোক্ত মূল সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰা হৈছে।
১৮ ৷ ভাৰত আৰু অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা বা গুৰুত্ব আলোচনা কৰা ৷
উত্তৰঃ ভূমিকাসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) জাতীয় আয়ত বৰঙণিঃ ১৯৫০-৫১ চনত কৃষি আৰু আনুসংগিক কাম-কাজ ভাৰতৰ মুঠ জাতীয় আয়ত প্রায় ৫৯% বৰঙণি আগবঢ়াইছিল। কিন্তু ২০১১-১২ চনত এই বৰঙণি ১৬.১৬% লৈ কমি গৈছে যদিও বর্তমানেও পৃথিৱীৰ বহুতো উন্নত দেশৰ তুলনাত ই যথেষ্ট বেছি।
(খ) জীবিকা নির্বাহৰ উৎসঃ আমাৰ দেশৰ দুই-তৃতীয়াংশৰ বেছি কৰ্মী জনসংখ্যা কৃষি লগত প্রত্যক্ষভাবে জড়িত আৰু কৃষিৰ ওপৰত জীৱিকা নিৰ্বাহৰ বাবে নিৰ্ভৰশীল।
(গ) খাদ্য যোগানৰ উৎসঃ কৃষিয়ে হ’ল খাদ্য যোগানৰ প্ৰধান উৎস আৰু কৃষিয়ে আমাৰ দেশৰ এই বিশাল জনসংখ্যাক খাদ্যৰ যোগান ধৰিছে। তথাপিও খাদ্যৰ প্ৰয়োজনৰ প্ৰায় ৫% পৰিমাণ আমদানি কৰিবলগীয়া হৈছে।
(ঘ) উদ্যোগিক উন্নয়নতঃ কৃষিয়ে আমাৰ দেশৰ গুৰুত্বপূৰ্ণ উদ্যোগসমূহত কেঁচামাল যোগানৰ প্ৰধান উৎস। দেশৰ উদ্যোগসমূহে কৃষিৰ পৰা প্ৰত্যক্ষভাৱে কেঁচামাল পাই আছে। দেশৰ উদ্যোগিক খণ্ডৰ পৰা সৃষ্টি হোৱা আয়ৰ প্ৰায় ৫০% কৃষিভিত্তিক উদ্যোগৰ পৰা সৃষ্টি হৈছে।
(ঙ) বাণিজ্যিক গুৰুত্বঃ কৃষিয়ে বিদেশী মুদ্ৰা অৰ্জন কৰাত সহায় কৰি দেশৰ আমদানি খৰচ পূৰণ কৰাত যথেষ্ট সহায় কৰিছে। অকল কৃষিখণ্ডই ভাৰতৰ ৰপ্তানী বাণিজ্যত প্ৰায় ৭০% বৰঙণি আগবঢ়াইছে।
(চ) চৰকাৰী ৰাজহৰ উৎসঃ কৃষি হ’ল দেশৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৰাজহৰ এটা গুৰুত্বপূৰ্ণ উৎস। চৰকাৰে ভূমি ৰাজহৰ পৰা প্ৰতি বছৰে যথেষ্ট পৰিমাণৰ ৰাজহ আদায় কৰিছে।
১৯ ৷ ভাৰতীয় কৃষিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় কৃষিৰ বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণে দেখুওৱা হ’ল—
(ক) সামন্ত্ৰতান্ত্রিক কৃষি উৎপাদন ব্যৱস্থাঃ ভূমি সংস্কাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পিছতো কৃষিৰ এই ব্যৱস্থাৰ যথেষ্ট পৰিৱৰ্তন হোৱা নাই৷ এতিয়াও ভূ-স্বামী বা মহাজন সৃষ্টিৰ পথ মুকলি হৈয়ে আছে।
(খ) শ্ৰম-বজাৰত দ্বৈতবাদঃ খেতি-মাটিৰ ওপৰত অত্যাধিক জনসংখ্যা হেঁচাৰ ফলত শ্ৰম-বজাৰত দ্বৈতবাদৰ অৱস্থা সৃষ্টি হৈছে। কাৰণ কৃষিখণ্ডত নিৰ্দ্ধাৰিত মজুৰিৰ মান উদ্যোগ খণ্ডৰ তুলনাত যথেষ্ট কম।
(গ) বৰ্দ্ধিত ঋণ গ্ৰস্ততাঃ ভাৰতীয় কৃষিত উচ্চ সুদৰ হাৰত ঋণ আগবঢ়োৱাৰ ফলত দুখীয়া খেতিয়কবোৰ বৰ্দ্ধিত পৰিমাণে ঋণ গ্ৰস্ততাৰ সন্মুখীন হৈছে।
(ঘ) পুৰণিকলীয়া কৃষি পদ্ধতিঃ ভাৰতৰ কৃষিখণ্ডত এতিয়াও পুৰণিকলীয়া পদ্ধতি ব্যৱহাৰ হৈ আছে। কৃষি কাৰ্যৰ সৰহ অংশত এতিয়াও জৈৱিক উৎসৰ পৰা সৃষ্টি হোৱা শক্তিসমূহ ব্যৱহৃত হৈ আছে।
(ঙ) কৃষিৰ বৈচিত্র্যঃ দেশৰ কৃষি নীতি নিৰ্দ্ধাৰণ কৰাৰ ক্ষেত্ৰত দেশৰ ভৌগোলিক, অৰ্থনৈতিক আৰু সামাজিক অৱস্থাসমূহৰ ক্ষেত্ৰত থকা বৈচিত্র্যৰ বিষয়ে বিবেচনা কৰা উচিত।
২০। কৃষি উন্নয়নৰ নতুন কৌশল বা সেউজ বিপ্লৱ কি?
উত্তৰঃ তৃতীয় পৰিকল্পনাৰ কালছোৱাত ভাৰতত কৃষিখণ্ড উন্নয়নৰ বাবে নতুন কৌশল গ্রহণ কৰা হৈছিল। ১৯৬৬ চনত ভাৰতে উচ্চ উৎপাদনক্ষম বীজ আঁচনি পোনপ্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছিল। এই আঁচনিখনৰ সাফল্য সাৰ, উচ্চ উৎপাদনক্ষম বীজ, কীট-পতংগনাশক পদাৰ্থ, জলসিঞ্চন আদিৰ পৰ্যাপ্ত ব্যৱহাৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল। এইদৰে ভাৰতীয় কৃষিত ক্রমান্বয়ে নতুন প্রযুক্তিৰ প্ৰয়োগ কৰা হৈছিল। এই নতুন কৌশলক জনপ্ৰিয়তাৰ সৈতে আধুনিক কৃষিৰ প্ৰযুক্তি অথবা ‘সেউজ বিপ্লৱ’ বুলি অভিহিত কৰা হয়।
২১। অসমৰ ৰাজ্যিক আয়, বৰঙণি আৰু ঔদ্যোগিক উৎপাদনত কৃষিৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ আৰম্ভণিৰে পৰা কৃষি আৰু ইয়াৰ আনুষংগিক কাৰ্যৱলী যেনে— জীৱ-জন্তু পালন,বননী, মীনক্ষেত্ৰ আদিৰে ৰাজ্যিক আয়ৰ এটি বৃহৎ অংশ বৰঙণি হিচাপে আগবঢ়াই আছে। ১৯৫০-৫১ চনত কৃষি আৰু আনুষংগিক কাম-কাজে অসমৰ মুঠ ৰাজ্যিক আয়ত প্রায় ৫২.২ শতাংশ বৰঙণি আগবঢ়াইছিল। যদিও অন্যান্য খণ্ডসমূহৰ প্ৰগতিৰ লগে লগে ৰাজ্যিক আয়ৰ কৃষিৰ বৰঙণি ক্ৰমে কমি আছে, এই বৰঙণি দেশৰ উন্নত ৰাজ্যবোৰৰ তুলনাত এতিয়াও বৰ বেছি বুলি ক’ব পৰা যায় ৷ উদাহৰণস্বৰূপে অসমৰ ৰাজ্যিক আয়ত কৃষিৰ বৰঙণি ১৯৭০-৭১ চনত ৩২.১ শতাংশলৈ হ্ৰাস পাইছিল আৰু ১৯৮০-৮১ চনত ৪৪.২ শতাংশলৈ বৃদ্ধি হৈ ২০০৫০৬ চনত ২৮.৬৯ শতাংশলৈ হ্ৰাস পাইছিল আৰু তুলনামূলকভাৱে গোটেই ভাৰতত এই একেই বৰঙণিৰ অনুপাত আছিল ২১.৭ শতাংশ।
কৃষিয়ে অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ কৃষিভিত্তিক উদ্যোগসমূহত কেঁচামাল যোগানৰ প্ৰধান উৎস। চাহ বাগিচাবোৰ অসমৰ বিখ্যাত আওপুৰণি চাহ উদ্যোগৰ কেঁচামালৰ উৎস। ২০০৩ চনত অসমৰ চাহখেতিত মুঠ ২.৭১ লাখ হেক্টৰ মাটি নিযুক্ত হৈ আছিল। আকৌ অসমে ২০০৩ চনত প্ৰায় ৪৫৩.০নিযুত কেজি চাহ উৎপাদন কৰিছিল যি গোটেই মুঠ চাহ উৎপাদনৰ ৫৪ শতাংশ আছিল। অসমৰ মৰাপাটৰ খেতি অসম আৰু ওচৰ-চুবুৰীয়া ৰাজ্যবোৰৰ মৰাপাট উদ্যোগৰ বাবে কেঁচামালৰ আন এটা গুৰুত্বপূৰ্ণ উৎস। তদুপৰি চেনি উদ্যোগ, বনস্পতি কলসমূহ, ভোজ্য তেলৰ কলসমূহ, চাউল বনোৱা কলসমূহ, ৰেচম শিল্প আদিয়ে ইয়াৰ প্ৰয়োজনীয় কেঁচামালৰ ৰাজ্যৰ কৃষিখণ্ডৰ পৰাই পই আছে। তদুপৰি কৃষিয়ে ৰাজ্যত বিভিন্ন উদ্যোগজাত সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণ কৰাত সহায় কৰিছে। অসমত বিভিন্ন কৃষিভিত্তিক উদ্যোগ স্থাপনতো যথেষ্ট সহায় কৰিব।
২২। অসমৰ কৃষিৰ নিম্ন উৎপাদিত শক্তিৰ কাৰণবোৰ কি কি?
উত্তৰঃ ক্ষুদ্ৰ পৰিসৰৰ খেতি-মাটিঃ অসমৰ কৃষিৰ পট্টাৰ মাটিবোৰ বৰ ক্ষুদ্র। জনসংখ্যা অত্যধিক হেঁচাৰ বাবে আৰু কৃষিৰ বাহিৰে বিকল্প কোনো জীৱিকা সংস্থাপনৰ উপায় নথক বাবে অসমৰ খেতি-মাটিৰ পৰিমাণ বৰ কম।
অসমৰ খেতিবোৰত এতিয়াও খেতিৰ পুৰণিকলীয়া পদ্ধতিৰ ব্যৱহাৰ কৰি আছে। তেওঁলো এতিয়াও কোটিকলীয়া কাঠৰ নাঙলেৰে কৃষিকাৰ্য চলাই আছে আৰু ফচল উঠোৱাৰ বাবে ধ দোৱা কাচি ব্যৱহাৰ কৰি আছে। যেতিয়া ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবোৰৰ খেতিয়কবোৰে কৃষি পুৰণি পদ্ধতিবোৰ বাদ দি কৃষিক্ষেত্ৰত আধুনিক পদ্ধতিৰ ব্যৱহাৰ কৰি আছে, এই একেই সময়ছোৱাত অসমৰ খেতিয়কসকলে এতিয়াও পুৰণিকলীয়া পদ্ধতিবোৰ ব্যৱহাৰ কৰি আছে। তেওঁলোকে ব্যৱহাৰ কৰা কৃষি পদ্ধতি কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে মুঠেই সুবিধাজনক নহয়।
অসমত জলসিঞ্চনৰ ব্যৱস্থা নিম্নমানৰ। অসমৰ জলবায়ু প্ৰায় গ্ৰীষ্মপ্রধান হোৱাৰ বাবে আৰ শীত বৰষুণৰ বিতৰণ অসমান হোৱাৰ বাবে আৰু শীতকালত শস্য বৃদ্ধিৰ হাৰ বেছি হোৱাৰ বাবে অসমৰ খেতি-মাটিবোৰত নিৰ্ধাৰিত আৰু নিয়ন্ত্ৰিত পানী যোগানৰ গুৰুত্ব বৰ বেছি।
অসমত পাব পৰা মুঠ কৃষি বৃত্তিৰ পৰিমাণৰ প্ৰয়োজন অনুসৰি যথেষ্ট কম আছিল। যিয়ে ভয়ংকৰ চক্ৰ, দৰিদ্ৰতা, ঋণ আৰু উচ্চ সুতৰ হাৰৰ সৃষ্টি কৰিছে সিয়ে ক্ষুদ্ৰ খেতিয়কসকলক সবল বাহুৰে বান্ধি ৰাখিছে।
উৎপাদনত খটোৱা মূলধনৰ অভাৱঃ অসমত উৎপাদনৰ কামত খটোৱা মূলধনৰ পৰিমাণ যিহেতু খেতিত খটোৱা মূলধনৰ লাভৰ পৰিমাণ অন্যান্য কামত যেনে— অলংকাৰ, ব্যৱসায় আৰু ঋণৰ ব্যৱসায়ত খটোৱা মূলধনৰ লাভতকৈ কম। অসমত বজাৰ ব্যৱস্থা ক্ৰতিপূৰ্ণ হোৱাৰ ফলত খেতিয়কবোৰে সিহঁতৰ উৎপাদিত বস্তুবোৰৰ ন্যায্য মূল্য পোৱাৰ পৰা বঞ্চিত হৈ আছে । দালালবোৰে খেতিয়কক অতি কম মূল্য দি সিহঁতৰ উৎপাদিত বস্তুৰ পৰা লাভ কৰি আছে। খেতিয়কসকলে উৎপাদিত বস্তুবোৰৰ ন্যায্য মূল্য আৰু লাভজনক মূল্য পোৱাৰ কোনো নিশ্চয়তা নথকাৰ ফলত উৎপাদন বৃদ্ধিৰ বাবে কোনো উৎসাহ নাপায়।
২৩ ৷ চমুটোকা লিখাঃ
(ক) অসমৰ বিভিন্ন প্ৰকাৰৰ কৃষি ব্যৱস্থা।
উত্তৰঃ অসমত পৰম্পৰাগতভাৱে তিনি ধৰণৰ কৃষি পদ্ধতিৰ প্ৰচলন দেখা যায়। অন্তৰণ কৃষি, কৃষক পৰিচালিত পোষক কৃষি আৰু ৰোপণ কৃষি ৷
অসমৰ পাৰ্বত্য এলেকাসমূহত বছৰি প্ৰায় ৭০০ বৰ্গ কিঃমিঃ অৰ্থাৎ ৭০,০০০ হেক্টৰ অৰণ্যভূমি অন্তৰণ কৃষি অথবা ঝুম খেতিৰ কাৰণে মুকলি কৰা হয়। কৃষক পৰিচালিত কৃষি ভূমিৰ পৰিমাণ অসমত মুঠতে ৩৪.৩২ লাখ হেক্টৰ। ৰাজ্যখনৰ ২,৬৮,৯৮৩ হেক্টৰ ভূমি চাহ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়। পৰম্পৰাগত পোষক কৃষিৰ ক্ষেত্ৰখনত দেখা যায় যে ২০০১-০২ চনৰ পৰিসংখ্যা অনুসৰি মুঠ কৃষিভূমিৰ ৮০.২৭ শতাংশ। অর্থাৎ ২৭.৫৫ লাখ হেক্টৰ ভূমি কেৱল অন্নশস্য আৰু মাহজাতীয় শস্য উৎপন্ন কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছে। আনবোৰ শস্যৰ ভিতৰত তৈলবীজ, মৰাপাট আৰু ফলমুল, পাচলি আদিৰ খেতি অতি সীমিত পৰিমাণৰ ভূমিতহে কৰা হয় । মুঠ কৃষিভূমিৰ ৬৬.১৩ শতাংশত ধান খেতি, ৭.০ শতাংশত চাহ আৰু ১.৯৫ শতাংশ ভূমিত মৰাপাটৰ খেতি কৰা হয়।
(খ) অসমত শস্য উৎপাদন।
উত্তৰঃ ২০০২-০৩ বৰ্ষৰ পৰিসংখ্যা অনুসৰি অসমত ৩,৪৩২ হাজার হেক্টৰ অৰ্থাৎ ৰাজ্যখনৰ মুঠ মাটিকালিৰ ৪৩.৭৫ শতাংশ ভূমি কৃষি উৎপাদনৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছিল আৰু বিভিন্ন শস্য উৎপাদনৰ মুঠ পৰিমাণ আছিল ৭,৫২৮ হাজাৰ টন। তদুপৰি একেটা বৰ্ষতে ৰাজ্যখনত প্ৰায় ১৪ কোটি ৪০ লাখ নাৰিকল উৎপাদন কৰা হৈছিল৷ অসমত উৎপাদিত শস্যসমূহৰ ভিতৰত অন্নশস্য যেনে— ধান, মাকৈ, ঘেঁহু, জোৱাৰ; দাইল, যেনে— বুট, ৰহৰ, মাটিমাহ; তৈলবীজ যেনে— তিল, সৰিয়হ, এড়াগুটি, নাৰিকল; আঁহ জাতীয় শস্য, যেনে— কপাহ, মৰাপাট; শাক-পাচলি, যেনে— অমিতা, আলু, ৰঙা আলু, পিঁয়াজ আৰু অন্যান্য পাচলি ৷ ফলমূল যেনে— আম, সুমথিৰা, মাটিকঠাল; অন্যান্য কিছুমান শস্য, যেনে— তামোল, জলকীয়া, কুঁহিয়াৰ, ধপাত, আদা, হালধি প্রভৃতি উল্লেখযোগ্য। চাহ অসমৰ এক সংগঠিত খণ্ডৰ বাণিজ্যিক কৃষি ৷
(গ) অসমৰ ধান খেতি ৷
উত্তৰঃ অসমৰ মুঠ কৃষিক্ষেত্ৰৰ ৬৬.১৩ শতাংশ এলেকাত ধান খেতি কৰা হয়। বৰ্তমান সময়ত অধিক উৎপাদনক্ষম জয়া, পুসা, আই আৰ. – ৮, পাইজা প্রভৃতি সংকৰ প্ৰজাতিৰ ধানবোৰহে অসমৰ পথাৰত অধিক পৰিমাণে দেখা যায় যদিও বৰা, চকোৱা, কণজহা প্রভৃতি কিছুসংখ্যক উচ্চ মানবিশিষ্ট পৰম্পৰাগত প্ৰজাতিৰ ধানৰ উৎপাদন ৰাজ্যখনত এতিয়াও অব্যাহত আছে। শস্য চপোৱাৰ ঋতুভিত্তিক অসমত তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা দেখা যায়। শৰৎকালীন, শীতকালীন আৰু গ্ৰীষ্মকালীন ধানৰ খেতি। ৰাজ্যখনত ধান খেতিৰ পৰিসৰ লক্ষ্য কৰিলে দেখা যায় যে ১৯৬০-৬১ চনৰ পৰা ২০০৩-০৪ চনৰ সময়ছোৱাত সৰ্বভাৰতীয় পৰিসৰত ধানৰ উৎপাদন ২.৫১ গুণ বৃদ্ধি পোৱাৰ বিপৰীতে অসমৰ ক্ষেত্ৰত এই বৃদ্ধি ২.৩৮ গুণ। আনহাতে, একে সময়তে ধান খেতিত ব্যৱহৃত কৃষিভূমিৰ পৰিসৰ সৰ্বভাৰতীয় ক্ষেত্ৰত ৭.৪ শতাংশৰ বিপৰীতে অসমত এই বৃদ্ধি আছিল ৪৭.৩৮ শতাংশ। অর্থাৎ অসমত কৃষি ব্যৱস্থাৰ উন্নতিৰ সলনি কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণৰ দ্বাৰাহে ধানৰ উৎপাদন বৃদ্ধি পাইছে।
(ঘ) অসমৰ চাহ খেতি।
উত্তৰঃ চাহ অসমৰ প্ৰধান বাণিজ্যিক ৰোপণ শস্য আৰু ৰাজ্যখনৰ সংগঠিত খণ্ডৰ একমা কৃষি বুলিব পাৰি ৷ সমগ্ৰ ভাৰতৰ ভিতৰত অসমত সর্বাধিক চাহ উৎপাদন হয়। সাধাৰণভাৱে ক’বলৈ হ’লে ভাৰতে পৃথিৱীৰ ৪০% চাহ উৎপাদন কৰে আৰু অসমত ভাৰতৰ মুঠ উৎপাদন ৫৫% চাহ উৎপাদন হয়। গতিকে, অসমত হোৱা চাহৰ উৎপাদন পৃথিৱীৰ মুঠ উৎপাদনৰ কা পক্ষেও বিশ শতাংশ। ২০০২-০৩ বিত্তীয় বৰ্ষৰ পৰিসংখ্যা অনুসৰি উজনি অসম অর্থ তিনিচুকীয়াৰ পৰা গোলাঘাট জিলাৰ বন্যামুক্ত এঢলীয়া পৃষ্ঠৰ অঞ্চলসমূহতে অসমৰ ৬২ শতাংশ চাহ উৎপাদন হয়। ৰাজ্যখনৰ দ্বিতীয় উল্লেখযোগ্য চাহ উৎপাদনকাৰী অঞ্চলটো ভূটান আৰু অৰুণাচল সীমান্তৱ টেৰাই ভাবৰ কটিবন্ধৰ কিছু দক্ষিণে বন্যামুক্ত সু-প্রতিষ্ঠিত সমতল পৰিসৰত ৯২°-৯৫° পূব দ্রাঘিমাংশৰ মাজত পোৱা যায়। হেক্টৰে প্ৰতি উৎপাদন হোৱা চাহৰ পৰিমাণ এই অঞ্চলত দুই মেট্রিক টনতকৈও অধিক হোৱা দেখা যায়। বৰাক উপত্যকাৰ উত্তৰ, পূব আৰু দক্ষিণৰ ওখোৰা-মোখোৰা ভূমি ভাগতো দুশখন মান চাহ বাগিছা পোৱা যায়৷ উল্লেখ্য যে অসমৰ এই তিনিওটা অঞ্চলৰ বাহিৰে অসমৰ আন আন ঠাইত মুঠতে ৫২৪ খন সৰু ডাঙৰ চাহ বাগিছা আছে। নগাঁও আৰু মৰিগাঁও জিলাত সৰ্বমুঠ ২১৩ খন চাহ বাগিছা আছে।
(ঙ) অসমত ফল-মূল উৎপাদন।
উত্তৰঃ অসমৰ মাটি, জলবায়ু বিভিন্ন ফল-মূলৰ গছ গজাৰ অনুকূল যদিও বাণিজ্যিক ভিত্তিত ফলৰ উৎপাদন ৰাজ্যখনত এতিয়াও অসংগঠিত আৰু চালুকীয়া অৱস্থাত আছে। অসমত পৰম্পৰাগতভাৱে উৎপন্ন হোৱা ফলসমূহৰ ভিতৰত কল, নাৰিকল, অমিতা, আম, সুমথিৰা, মাটিকঁঠাল, কঁঠাল, মধুৰী, লিচু আদি উল্লেখযোগ্য। এইবোৰৰ লগতে ৰাজ্যৰ প্ৰায় সকলো ঠাইতে বিভিন্ন প্রজাতিৰ নেমু জাতীয় ফল, জামু, বগৰী, নৰা বগৰী, আহোম বগৰী ইত্যাদি ফল অবাণিজ্যিক পৰিসৰত উৎপন্ন হয়। কৃষি ভূমিৰ আয়তনৰ ফালৰ পৰা অসমত যথাক্রমে কল, কঠাল, মাটিকঁঠাল, অমিতা আৰু উৎপাদনৰ লেখেৰে কল, মাটিকঁঠাল, কঁঠাল আৰু অমিতাই বিভিন্ন ফলৰ ভিতৰত প্ৰথম চাৰিটা স্থান অধিকাৰ কৰি আছে।
কল অসমৰ সকলো ঠাইতে উৎপাদন কৰা হয় যদিও বাণিজ্যিক পৰিসৰত এই খেতি নামনি অসমত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে মেঘালয়ৰ সীমান্ত এলেকাতে অধিক৷ আনহাতে নগাঁও, মৰিগাঁও, কামৰূপ,নলবাৰী আৰু বৰপেটা জিলাত নাৰিকল খেতি সুফলদায়ক। কঁঠাল, অমিতা, মাটিকঁঠাল আৰু সুমথিৰা বন্যায়মুক্ত অঞ্চলৰ খেতি তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, কামৰূপ আদি জিলাত সুমথিৰা, কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু কাছৰ জিলাত মাটিকঁঠাল অধিক পৰিমাণত উৎপন্ন হয়। আম আৰু মধুৰীআম ৰাজ্যৰ সকলো অঞ্চলতে উৎপন্ন হয়। নগাঁও, দৰং, শোণিতপুৰ, যোৰহাট জিলাত লিচু উৎপাদন সুফলদায়ক। এই সকলোবোৰ ফলৰ ভিতৰত কল, মাটিকঁঠাল আৰু সুমথিৰা উৎপাদনত অসমৰ একোটা স্বকীয় বৈশিষ্ট্য পোৱা যায়। অসমত কল, নাৰিকল, সুমথিৰা আৰু মাটিকঁঠাল প্রভৃতি সৰ্বত্ৰ আদৰ পোৱা ফলৰ উৎপাদন ক্ৰমে বৃদ্ধি পাইছে আৰু ৰাজ্যত এনেবোৰ ফলৰ উৎপাদন বৃদ্ধিয়ে আন্তঃৰাজ্যিক বজাৰ দখলৰ লগতে ফলভিত্তিক কুটীৰ শিল্পৰ সম্ভাৱনাও ক্ৰমে উজ্জ্বল কৰি আনিছে।
(চ) অসমত চাহ উদ্যোগ।
উত্তৰঃ চাহ প্ৰধানত কৃষিজাত দ্রব্য যদিও ইয়াক ব্যৱহাৰ আৰু ৰপ্তানিযোগ্য অৱস্থালৈ নিয়াৰ উদ্দেশ্যে নির্দিষ্ট কিছুমান ঔদ্যোগিক কাৰ্য পালন কৰিব লগা হয়। সাধাৰণতে এই ঔদ্যোগিক পৰ্যায়টো অতিক্ৰম কৰাৰ উদ্দেশ্যে অসমৰ প্ৰায়বোৰ বৃহৎ চাহ বাগিছাতে একোটা কাৰখানা আছে। যিটোক সচৰাচৰ কলঘৰ শব্দৰে বুজোৱা হয় ৷ অসমৰ বিভিন্ন বাগিছাত প্রায় ৬০০ টা কলঘৰ আছে। ২০০২-০৩ বৰ্ষৰ পৰিসংখ্যা অনুসৰি এই সকলোবোৰ শ্ৰমিকৰ সংখ্যা আছিল ৬,০২,৫৩১ জন। অর্থাৎ, ৰাজ্যৰ মুঠ কৰ্মৰত জনশক্তিৰ ৬.৩২ শতাংশই এই শিল্পত নিযুক্ত হৈ আছে। এই চাহ উদ্যোগৰ লগত আনুষংগিকভাৱে গঢ়ি উঠা অসমৰ আন এটা উদ্যোগ হ’ল চাহ বাকচ নির্মাণ। অতি মিহি প্লাইউডেৰে ঘনক আকৃতিত প্ৰস্তুত কৰা এবিধ বিশেষ বাকচ চাহপাত সৰবৰাহৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়। সাধাৰণতে, চাহ উৎপাদনৰ প্ৰধান কেন্দ্ৰসমূহত এনে উদ্যোগ দেখা যায়।
(ছ) অসমৰ ৰেচম শিল্প।
উত্তৰঃ অসমৰ কুটীৰ শিল্প খণ্ডটোৰ ভিতৰত ৰেচমী সূতাৰ বয়ন শিল্পক বিশ্ব বিখ্যাত বুলিব পাৰি। পৰম্পৰাগতভাৱে অসমত এড়ী, মুগা আৰু পাট এই তিনি প্ৰকাৰৰ ৰেচমী সূঁতা আৰু বয়ন শিল্পৰ প্ৰচলন আছে। মুগা উৎপাদনৰ ক্ষেত্ৰত অসমেই ভাৰতৰ একমাত্ৰ ৰাজ্য।
অসমৰ ন হাজাৰৰো অধিক সংখ্যক গাঁৱক ৰেচম শিল্পকেন্দ্ৰিক অৰ্থনীতিৰ গাঁওৰূপে চিহ্নিত কৰা হৈছে। এড়ী, মুগা অথবা পাট পলু পালন কৰাৰ পৰা সূতা কটা আৰু সদৌ শেষত বয়ন কার্য সম্পন্ন কৰালৈকে বিভিন্ন পৰ্যায়ৰ কাম এনেবোৰ গাঁৱতে সম্পন্ন কৰা হয়। অসমত উৎপাদিত এড়ী সূতাৰ প্ৰায় আধা অংশৰ উৎপাদন হয় ধেমাজী, কাৰ্বি আংলং আৰু যোৰহাট জিলাত। অসমত মুগা সূতা উৎপাদনৰ মুঠ পৰিমাণ হৈছে বাৰ্ষিক ৯৪ টন। অসমৰ আঠখন জিলাত ৰাজ্যৰ প্ৰায় ৯০ শতাংশ মুগা সূতাৰ উৎপাদন হয়। সেইকেইখন হ’ল যথাক্রমে লক্ষীমপুৰ, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, কামৰূপ, গোৱালপাৰা, আৰু তিনিচুকীয়া জিলা। অসমত ভাৰতবৰ্ষৰ প্ৰায় ১০ শতাংশ পাত সূতাৰ উৎপাদন হয়। ৰেচমী সূতা উৎপাদনৰ ক্ষেত্ৰত ধেমাজী আৰু লক্ষীমপুৰসহ উজনি অসমৰ জিলাকেইখনেই সৰ্বমুঠ ৩১২.৩৯ টন অৰ্থাৎ ৰাজ্যৰ মুঠ উৎপাদনৰ ৫২.৭৩ শতাংশ উৎপাদন কৰি আহিছে। আনহাতে, ৰেচমী বয়ন শিল্পৰ অধিকাংশই কামৰূপ আৰু কাছাৰ জিলাতে অৱস্থিত। কুটীৰ শিল্পৰ পৰিসৰ অতিক্ৰমী লঘু উদ্যোগৰ পৰ্যায়ত সোমোৱা ৰেচমী বয়ন শিল্পৰ প্ৰতিষ্ঠান হিচাপে মৰিগাঁও জিলাত অৱস্থিত অসম পলিটেক্স নামৰ চৰকাৰী খণ্ডৰ অন্তৰ্গত জাগীৰোড সূতা কটা আৰু বয়ন কাৰখানা উল্লেখযোগ্য।
(জ) অসমৰ মৰাপটি উদ্যোগ।
উত্তৰঃ অসমত যথেষ্ট পৰিমাণে মৰাপাটৰ আঁহ প্ৰস্তুত হোৱা স্বত্বেও ৰাজ্যখনত এইটো খণ্ডৰ বয়ন শিল্পৰ স্থিতি অতিশয় পুতৌ লগা। অসমৰ একমাত্ৰ পূৰ্ণাংগ মৰাপাট কলটো ১৯৭০ চনত নগাঁও জিলাৰ শিলঘাটত সমবায়ৰ ভিত্তিত স্থাপন কৰা হৈছিল। এই মিলত মুঠতে ৩০০ খন বয়ন শাল আছিল। ইয়াৰে ১০০ খন শাল চট প্রস্তুতকৰণ আৰু বাকীকেইখনত বস্তা প্রস্তুত কৰা হৈছিল। কিন্তু বিপণনৰ সুব্যৱস্থাৰ অভাৱৰ বাবেই এই বয়ন উদ্যোগটো বাস্তৱ ক্ষেত্ৰত গা কৰি উঠিব নোৱাৰিলে। এইটো পাটকলৰ উপৰিও গুৱাহাটী চহৰত আন এটা সৰু পাটকল আছে। অসম চৰকাৰৰ উদ্যোগত প্রতিষ্ঠিত আন দুটা পাটকলৰ ভিতৰত প্ৰথমটো বৰপেটা জিলাৰ গুৱাগাছাত আৰু আনটো দৰং জিলাৰ দলগাঁও নামে ঠাইত অৱস্থিত। সম্প্ৰতি অসমৰ চাৰিওটা মৰাপাট কলত এৰা ধৰাকৈ হোৱা থৈলা, চট, বেগ প্রভৃতি মৰাপাটৰ আঁহৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ ওজন বছৰি প্ৰায় আঠ হাজাৰ টন।