The Economy of North-East India Unit 2 কৃষি

The Economy of North-East India Unit 2 কৃষি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, The Economy of North-East India Unit 2 কৃষি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. The Economy of North-East India Unit 2 কৃষি Question Answer can be of great value to excel in the examination.

The Economy of North-East India Unit 2 কৃষি

Join Telegram channel

The Economy of North-East India Unit 2 কৃষি Notes cover all the exercise questions in UGC Syllabus. The Economy of North-East India Unit 2 কৃষি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

(ঝ) অসমত বাঁহ-বেতৰ উদ্যোগ।

উত্তৰঃ অসম এক বৈচিত্র্যপূর্ণ উদ্ভিদ সমাৱেশৰ অঞ্চল আৰু ইয়াৰ প্ৰাকৃতিক আর্থ-সাংস্কৃতিক পটভূমিক বাঁহ-বেতৰ সৰঞ্জাম প্রস্তুতৰ কুটীৰ শিল্পসমূহে সমৃদ্ধিশালী অৱস্থা লাভ কৰাৰ পক্ষে অতি অনুকূল বুলি ভাবিব পাৰি। অসমৰ অৰণ্য আৰু গ্ৰামাঞ্চলসমূহত অসংখ্য প্ৰজাতিৰ বাঁহ পোৱা যায়। কৃষিকাৰ্য আৰু শস্যৰ পৰা বিভিন্ন ধৰণৰ খাদ্য প্ৰকৰণত বাঁহ-বেতৰ সৰঞ্জাম ব্যৱহাৰ কৰা হয়। ভৌগোলিক পৰিৱেশ, কৃষি, অর্থনীতি আৰু ভিন্নমুখী সাংস্কৃতিক উপাদানৰ পটভূমিত অসমত বাঁহ-বেতৰ উদ্যোগৰ এক সমৃদ্ধ পৰম্পৰা এতিয়াও অব্যাহত আছে। কৃষি সৰঞ্জাম, মাছ মৰা যতন, গৃহস্থালিৰ সৰঞ্জাম, বয়ন সৰঞ্জাম, কলাত্মক উপাদান আদি নিৰ্মাণৰ ক্ষেত্ৰত বাঁহ-বেতৰ প্ৰয়োগ বহুল।

(ঞ) অসমৰ তেল উদ্যোগ।

উত্তৰঃ নিষ্কাষণৰ লগে লগেই খনিজ তেল ব্যৱহাৰৰ উপযোগী হৈ নুঠে। বিভিন্ন ধৰণৰ অপদ্রব্য মিহলি হৈ থকা এই খনিজ তেলসমূহ শোধন কৰাৰ লগে লগে ইয়াৰ পৰা বিভিন্ন ধৰণৰ পেট্ৰ’লজাত দ্রব্য প্রস্তুত কৰা হয়। অসমত বৰ্তমানলৈকে এনে চাৰিটা শোধনাগাৰ স্থাপন কৰা হৈছে। এই শোধনাগাৰসমূহ হ’ল যথাক্রমে অসম তেল কোম্পানীৰ অধীনৰ ডিগবৈ শোধনাগাৰ, নুনমাটি শোধনাগাৰ, বঙাইগাওঁ তেল শোধনাগাৰ আৰু পেট্ৰ ৰাসায়নিক প্রকল্প আৰু নুমলীগড় তেল শোধনাগাৰ। এই শোধনাগাৰসমূহত উৎপাদিত দ্ৰৱ্যসমূহৰ ভিতৰত কেৰাচিন, পেট্ৰ’ল, স্নেহক দ্রব্য, ম’ম, ক’ক, দাহ্য গেচ, বিটুমেন, নেপথা, এভিয়ন, ডিজেল, ৰন্ধন গেছ, চালফাৰ প্ৰভৃতি উল্লেখযোগ্য। আকৌ নামৰূপৰ অসম পেট্ৰ’ৰাসায়নিক প্ৰকল্পত তেল আৰু কিছুমান পেট্ৰ’লজাত সামগ্ৰী শোধন আৰু ৰূপান্তৰণ কৰি আন এক শ্ৰেণীৰ উদ্যোগ পৰিচালনা কৰা হয়। শেহতীয়াভাৱে ৰাজ্যখনৰ পেট্ৰ’লজাত সামগ্ৰীসমূহৰ ভিত্তিত উদ্যোগিক বিকাশ খৰতকীয়া কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ লেপেটকটাত এটা গেছ ক্ৰেকাৰ প্ৰকল্প স্থাপন কৰা হৈছে।

২৪ ৷ অসমৰ কৃষিখণ্ডৰ অনগ্ৰসতাৰ যিকোনো এটা কাৰণ সম্বন্ধে বহলাই আলোচনা কৰাঁ। 

উত্তৰঃ অসমৰ জনসাধাৰণৰ পৰিয়ালকেন্দ্ৰিক অর্থনীতি ঘাইকৈ ৰাজ্যখনৰ পৰম্পৰাগত কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল। অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনো প্রধানভাৱে কৃষিকাৰ্যৰ দ্বাৰা উৎপাদিত কেঁচামালৰ ওপৰতে চলি আছে। ঘাইকৈ কৃষিকেন্দ্ৰিক অৰ্থনীতিৰ ৰাজ্য হোৱা স্বত্বেও অসমৰ কৃষি ব্যৱস্থাৰ সামগ্ৰিক দৃশ্যপট ভাৰতৰ প্ৰায়বোৰ সমভূমি ৰাজ্যৰ তুলনাত পশ্চাৎগামী। প্রাকৃতিক পৰিৱেশ অনুকূল হোৱাৰ পিছতো অসমৰ অনুন্নত কৃষি ব্যৱস্থাটোৱে ঘাইকৈ কৃষক আৰু ৰাজ্য চৰকাৰৰ অমনোযোগীৰ কাৰণেই আগবাঢ়িব পৰা নাই। ধানৰ বাহিৰে আন কোনোবিধ খাদ্য-শস্যৰ উৎপাদনতে অসম স্বাৱলম্বী নহয়। আকৌ চাহ খেতিৰ বাহিৰে অসমৰ কৃষিখণ্ডটোত বাকী সকলো শস্যকে অসংগঠিত কৃষকৰ নিজা পৰিচালিত কৃষি বুলিব পাৰি। ভাৰতৰ প্ৰায় প্ৰতিখন কৃষি অর্থনীতিৰ ৰাজ্যৰ তুলনাত অসমৰ কৃষক পৰিচালিত কৃষিখণ্ডটো জলসিঞ্চনৰ অব্যৱস্থা, কৃষি ঋণ দানৰ সীমাৱদ্ধতা তথা প্ৰাপ্ত ঋণৰ অপপ্ৰয়োগ, কৃষি বিপণন ব্যৱস্থাৰ অভাৱ, উন্নত যন্ত্রপাতি, বীজ আৰু সাৰ প্ৰয়োগৰ ব্যৰ্থতা ইত্যাদি বিভিন্ন মানৱসৃষ্ট সমস্যাৰে শোচনীয়ভাৱে ভাৰাক্ৰান্ত। প্রাকৃতিক অৱস্থাজনিত কাৰক যেনেঃ ভূমিক্ষয়, পার্বত্য এলেকাত ক্ষুদ্রাকৃতিৰ পথাৰ, বানপানী আদিৰ কুপ্ৰভাৱৰ কথাও উল্লেখনীয়।

২৫ ৷ অসমৰ কৃষি ব্যৱস্থাত ধান খেতিৰ একাধিপত্য সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ অসমৰ মুঠ কৃষিক্ষেত্ৰৰ ৬৬.১৩ শতাংশ এলেকাত ধান খেতি কৰা হয়। অসমত পৰম্পৰাগতভাৱে বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰা হৈছিল যদিও আজিকালি অধিক উৎপাদনক্ষম জয়া, পুসা, আই, আৰ-৮, পাইজং ইত্যাদি সংকৰ প্ৰজাতিৰ ধানহে ৰাজ্যখনৰ পথাৰত অধিক পৰিমাণে দেখা যায়। অৱশ্যে বৰা, চকোৱা, কণজহা ইত্যাদি উচ্চমান বিশিষ্ট পৰম্পৰাগত প্ৰজাতিৰ ধানৰ উৎপাদন অসমত এতিয়াও নোহোৱা নহয়। শস্য চপোৱাৰ ঋতুভিত্তিক অসমত তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা দেখা যায়— 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ক) শৰৎকালীন।

(খ) শীতকালীন। আৰু 

(গ) গ্রীষ্মকালীন। অসমৰ ক্ষেত্ৰত কৃষি ব্যৱস্থাৰ উন্নতিৰ সলনি কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণৰ দ্বাৰাহে ধান উৎপাদন বৃদ্ধি পাইছে।

অসমত তিনিটা ঋতুত তিনিবিধ ধান চপোৱা হয় যদিও শীতকালীন ধানৰ খেতিৰেই জনপ্রিয়তা বেছি। গ্রীষ্মকালীন ধানৰ হেক্টৰে প্ৰতি উৎপাদন বেছি যদিও উৎপাদিত শস্যৰ গুণগত মান উন্নত নহয় ৷ শাৰদীয় ধানসমূহৰ হেক্টৰে প্ৰতি উৎপাদন কম। (তালিকা ঃ ২৭.২ দ্রষ্টক-পৃষ্ঠা ৩৭৭) ২০০২-০৩ চনৰ পৰিসংখ্যা অনুসৰি অসমৰ সৰ্বমুঠ ২৫.৪ লাখ হেক্টৰ ধাননি পথাৰৰ ভিতৰত ১৪.৩৬ লাখ হেক্টৰত আইজং, ৰঞ্জিত, সোণালিকা, পুখা, চীনা- ৬৩, জয়া, আহু আৰ৮, পংকজ প্রভৃতি অধিক উৎপাদনক্ষম সঁচৰ বীজ প্ৰয়োগ কৰা হৈছিল। সেউজ বিপ্লৱৰ স্থায়ী সুফলৰূপে গণ্য কৰা উন্নত জাতৰ বীজ ব্যৱহাৰৰ পিছতো হাজাৰ বছৰীয়া ধান খেতিৰ পৰম্পৰাবাহী ৰাজ্য অসমৰ স্থিতি মুঠেই সন্তোষজনক নহয় ৷

অসমৰ প্ৰায় সকলো পৰিৱেশতে ধান খেতি কৰিব পাৰি। ৰাজ্যখনৰ দুয়োটা নদী উপত্যকাৰ অত্যন্ত গভীৰ জলাশয়সমূহক বাদ দি বাকী সকলো অৱস্থানতে লাভজনকভাৱে ধান খেতি কৰিব পাৰি। ধেমাজী, কৰিমগঞ্জ, মৰিগাঁও, নলবাৰী, লখিমপুৰ, কাছাৰ জিলাত ধান খেতিৰ বাবে ব্যৱহৃত কৃষিভূমি আৰু মুঠ কৃষি ভূমিৰ অনুপাত ৰাজ্যিক অনুপাতৰ ওপৰত৷ মুঠতে ধান উৎপাদনৰ ক্ষেত্ৰত অসম ৰাজ্য বহুখিনি স্বাৱলম্বী।

২৬। কোনবিলাক ভৌগোলিক কাৰণৰ বাবে অসমখন চাহ খেতিৰ প্ৰধান অঞ্চল হৈ পৰিছে?

উত্তৰঃ চাহ উৎপাদনত অসম বিশ্বৰ এক শীৰ্ষস্থানীয় অঞ্চল। চাহ অসমৰ এক সংগঠিত খণ্ডৰ বাণিজ্যিক কৃষি ৷ অসমৰ মুঠ কৃষিভূমিৰ ৭.০ শতাংশ চাহ খেতিত বিনিয়োগ কৰা হয় । চাহ খেতিৰ সাফল্য ঘাইকৈ জলবায়ু তথা মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰশীল। সমগ্ৰ ভাৰতৰ ভিতৰত অসমত সৰ্বাধিক চাহ উৎপন্ন হয়। ভাৰতে পৃথিৱীৰ ৪০ শতাংশ চাহ উৎপাদন কৰে আৰু অসমত ভাৰতৰ মুঠ উৎপাদনৰ ৫৫% চাহ উৎপন্ন হয়। ইয়াৰ বাবে অসমৰ ভৌগোলিক পৰিৱেশৰ অনুকূল অৱস্থিতিয়ে মূল কাৰণ৷ চাহ গছৰ ক্ষীপ্ৰ বৃদ্ধি আৰু পত্ৰণৰ উদ্দেশ্যে আদৰ্শ পৰিৱেশ ২০-৩৫°চে. উত্তাপ আৰু এৰা-ধৰাকৈ প্ৰায় প্ৰতিদিনে হোৱা কিনকিনীয়া বৰষুণৰ বতৰ। ১০°-৩৫° চে. পৰিসৰৰ বাহিৰৰ তাপমান চাহ গছৰ বাবে অত্যন্ত ক্ষতিকৰ। ৰঙা অলিতীয়া অথবা লেট্ৰোইট মাটিৰ হেলনীয়া পৃষ্ঠ চাহ খেতিৰ উপযোগী। সম্পূৰ্ণ সমতলপৃষ্ঠৰ সলনি তৰংগাকৃতিক পৃষ্ঠতহে চাহ বাগিছা দেখা যায়। অসমৰ ভৌগোলিক পৰিৱেশত বার্ষিক ন্যূনতম ১৫০ চেঃমিঃ বৰষুণ হোৱাৰ লগতে কিছু পৰিমাণে হ’লেও শীতকালীন বৃষ্টিপাত হোৱা পাহাৰৰ নামনি অঞ্চলৰ প্ৰত্ন পলসুৱা মাটি ক্ৰমে ৰঙা আলতীয়া অথবা লেটেৰাইত মাটিলৈ ৰূপান্তৰিত হৈ থকা এলেকা সমূহকেই চাহ খেতিৰ উদ্দেশ্যে সর্বোত্তম বুলি ধৰা হয়।

২৭। অসমত উৎপাদিত বিভিন্ন ফল-মূল সম্পর্কে এটি টোকা লিখা। 

উত্তৰঃ অসমৰ মাটি, জলবায়ু বিভিন্ন ফল-মূলৰ গছ গজাৰ অনুকূল যদিও বাণিজ্যিক ভিত্তিত ফলৰ উৎপাদন ৰাজ্যখনত এতিয়াও অসংগঠিত আৰু চালুকীয়া অৱস্থাত আছে। অসমত পৰম্পৰাগতভাৱে উৎপন্ন হোৱা ফলসমূহৰ ভিতৰত কল, নাৰিকল, অমিতা, আম, সুমথিৰা, মাটিকঁঠাল, কঁঠাল, মধুৰীআম, লিচু আদি উল্লেখযোগ্য। এইবোৰৰ লগতে ৰাজ্যৰ প্ৰায় সকলো ঠাইতে বিভিন্ন প্ৰজাতিৰ নেমু জাতীয় ফল, জামু, বগৰী, নৰা বগৰী, আহোম বগৰী ইত্যাদি ফল অবাণিজ্যিক পৰিসৰত উৎপন্ন হয়। কৃষি ভূমিৰ আয়তনৰ ফালৰ পৰা অসমত যথাক্রমে কল, কঁঠাল, মাটিকঁঠাল, অমিতা আৰু উৎপাদনৰ লেখেৰে কল, মাটিকঁঠাল, কঁঠাল আৰু অমিতাই বিভিন্ন ফলৰ ভিতৰত প্ৰথম চাৰিটা স্থান অধিকাৰ কৰি আছে।

কল অসমৰ সকলো ঠাইতে উৎপাদন কৰা হয় যদিও বাণিজ্যিক পৰিসৰত এই খেতি নামনি অসমত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে মেঘালয়ৰ সীমান্ত এলেকাতে অধিক। আনহাতে নগাঁও, মৰিগাঁও, কামৰূপ,নলবাৰী আৰু বৰপেটা জিলাত নাৰিকল খেতি সুফলদায়ক। কঁঠাল, অমিতা, মাটিকঁঠাল আৰু সুমথিৰা বন্যামুক্ত অঞ্চলৰ খেতি তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, কামৰূপ আদি জিলাত সুমথিৰা, কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু কাছৰ জিলাত মাটিকঁঠাল অধিক পৰিমাণত উৎপন্ন হয়। আম আৰু মধুৰীআম ৰাজ্যৰ সকলো অঞ্চলতে উৎপন্ন হয়। নগাঁও, দৰং, শোণিতপুৰ, যোৰহাট জিলাত লিচু উৎপাদন সুফলদায়ক। এই সকলোবোৰ ফলৰ ভিতৰত কল, মাটিকঁঠাল আৰু সুমথিৰা উৎপাদনত অসমৰ একোটা স্বকীয় বৈশিষ্ট্য পোৱা যায়। অসমত কল, নাৰিকল, সুমথিৰা আৰু মাটিকঁঠাল প্রভৃতি সৰ্বত্ৰ আদৰ পোৱা ফলৰ উৎপাদন ক্ৰমে বৃদ্ধি পাইছে আৰু ৰাজ্যত এনেবোৰ ফলৰ উৎপাদন বৃদ্ধিয়ে আন্তঃৰাজ্যিক বজাৰ দখলৰ লগতে ফলভিত্তিক কুটীৰ শিল্পৰ সম্ভাৱনাও ক্ৰমে উজ্জ্বল কৰি আনিছে।

২৮ ৷ অসমৰ বাঁহ-বেত শিল্পৰ গুণগত মান আৰু ইয়াৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ অসমৰ বৈচিত্র্যপূৰ্ণ প্ৰাকৃতিক আৰু আৰ্থ-সাংস্কৃতিক পটভূমি বাঁহ-বেতৰ সৰঞ্জাম প্রস্তুতৰ দৰে কুটীৰ শিল্পসমূহে সমৃদ্ধিশালী অৱস্থা লাভ কৰাৰ পক্ষে অতি অনুকূল বুলিব পাৰি ৷ অসমৰ অৰণ্য আৰু গ্ৰামাঞ্চলসমূহত বিভিন্ন প্ৰজাতিৰ বাঁহ পোৱা যায় আৰু ইয়াৰ পৰা অধিবাসীসকলে নানাবিধ প্রয়োজনীয় সামগ্রী প্রস্তুত কৰি আহিছে। বাঁহৰ সমানেই জনপ্ৰিয় বিভিন্ন জাতৰ বেতৰ পৰাও অধিবাসীসকলে বিভিন্ন নিত্য-ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰে। বেত এবিধ সচৰাচৰ সেমেকা পৰিৱেশত পাহাৰৰ নামনিত জন্মা কাঁইটীয়া উদ্ভিদ। ইয়াৰ কাণ্ড লেহুকা আৰু মসৃণ। সেয়েহে বিভিন্ন আকাৰৰ ভাঁজ দিয়াৰ সুবিধাজনক। বাঁহ-বেতৰ পৰা অতি মিহি কাটি অথবা সূতা প্রস্তুত কৰিব পাৰি। এইবোৰৰ কাণ্ড দীঘল আঁহেৰে গঠিত হোৱা বাবে বাঁহৰ কাঠি আৰু বেতৰ সূতা লেহুকা হ’লৈও সহজে ছিগি নাযায়। 

মুঠতে অসমৰ ভৌগোলিক পৰিৱেশ উন্নত মানৰ বাঁহ আৰু বেতৰ উৎপাদনত সহায় কৰে আৰু এই বাঁহ-বেতৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহো যথেষ্ট উন্নত মানৰ হোৱা দেখা যায়। অসমৰ কৃষিজীৱী লোকসকলৰ অৱসৰকালীন উপজীৱিকা ৰূপে অতীজৰে পৰা বাঁহ-বেতৰ সামগ্ৰীসমূহ জনপ্ৰিয় হৈ আহিছে। ভৌগোলিক পৰিৱেশৰ বৈচিত্ৰ্যৰ লগতে বিভিন্ন গোষ্ঠীৰ লোকসকলৰ স্বকীয় সাংস্কৃতিক উপাদানে অসমত প্রস্তুত হোৱা বাঁহ-বেতৰ সামগ্ৰীসমূহক অধিক বৈচিত্র্যপূৰ্ণ কৰি তুলিছে। এনেকৈ, ভৌগোলিক পৰিৱেশ, কৃষি অর্থনীতি আৰু ভিন্নসুৰী সাংস্কৃতিক উপাদানৰ পটভূমিত অসমত বাঁহ-বেত উদ্যোগৰ এক সমৃদ্ধ পৰম্পৰা বৰ্তমানেও অব্যাহত আছে।

২৯।‌ অসমত খাৰুৱা তেল উদ্যোগ গঢ়ি উঠাত কেনে ধৰণৰ অৱস্থাই সহায় কৰিলে বহলাই লিখা।

উত্তৰঃ ১৮৯০-১৯০০ চনৰ দশকত ডিগবৈত তৈলক্ষেত্ৰ আৱিষ্কাৰ হোৱাৰ সময়ত তৈলক্ষেত্ৰখনৰ পৰা নিষ্কাশন কৰা খাৰুৱা তেল শোধনৰ উদ্দেশ্যে তেতিয়া অসম তথা ভাৰতবৰ্ষত কোনো তেল শোধনাগাৰ নাছিল৷ তেতিয়া পৃথিৱীৰ একমাত্ৰ তেল শোধনাগাৰটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ অঞ্চলতহে আছিল। সেয়েহে, ডিগবৈ অঞ্চলত উৎপাদিত খাৰুৱা তেল শোধন কৰাৰ উদ্দেশ্যে অসম তেল কোম্পানীতে ১৯০১ চনত পৃথিৱীৰ দ্বিতীয়টো · আৰু ভাৰতবৰ্ষৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত প্ৰতিষ্ঠা কৰে। ১৯৫১ চনৰ পাছত মৰাণ, নাহৰকটীয়া আৰু হুগ্ৰীজান প্রভৃতি এলেকাত অধিক পৰিমাণৰ খাৰুৱা তেলৰ নিষ্কাশন আৰম্ভ হোৱাত কেন্দ্ৰীয় চৰকাৰে নুনমাটি শোধনাগাৰ স্থাপনৰ উদ্যোগ হাতত লয়। ষাঠিৰ দশকৰ পৰা উজনি অসমৰ ৰুদ্ৰসাগৰ, লাকুৱা, গেলেকী বৰহোলা প্রভৃতি ঠাইসমূহত নতুনকৈ তেলৰ পুং আৱিষ্কাৰ হোৱাত অসমত তৃতীয় এটা শোধনাগাৰৰ দাবীও সজোৰে উত্থাপিত হৈছিল। ইয়াৰ ফলস্বৰূপে বঙাইগাওঁ শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্রকল্প স্থাপন কৰা হয় । দেখা যায় যে, অসমত খাৰুৱাতেলৰ নিষ্কাশনৰ পৰিমাণ বৃদ্ধি পাই অহাৰ লগে লগে শোধনাগাৰসমূহ স্থাপন কৰা হৈছে। অৰ্থাৎ অসমৰ বিভিন্ন ঠাহত খাৰুৱা তেলৰ উদঘাটনৰ ফলস্বৰূপে তৈল উদ্যোগটোৱে গঢ় লৈ উঠে।

৩০। অসমৰ তেল শোধনাগাৰসমূহৰ বিষয়ে এটি টোকা লিখা। 

উত্তৰঃ অসমত নিষ্কাশিত হোৱা তেল শোধনৰ উদ্দেশ্যে বৰ্তমানলৈ চাৰিটা তেল শোধানাগাৰ প্রতিষ্ঠা কৰা হৈছে।

সেইবোৰৰ বিষয়ে তলত আলোচনা কৰা হ’ল —

(ক) ডিগবৈ তেল শোধানাগাৰঃ অসমৰ ডিগবৈ অঞ্চলত উৎপাদিত খাৰুৱা তেল শোধনৰ উদ্দেশ্যে অসম তেল কোম্পানীয়ে ১৯০১ চনত পৃথিৱীৰ দ্বিতীয়টো তেল শোধনাগাৰ ডিগবৈত প্ৰতিষ্ঠা কৰে। প্ৰথম অৱস্থাত দিনে ৫০০ বেৰেল অৰ্থাৎ প্রায় ৪০ টন উৎপাদন ক্ষমতাযুক্ত এইটো শোধনাগাৰত কেৱল কোচিন, পেট্ৰ’ল আৰু ম’ম প্রভৃতি সীমিত পৰিসৰৰ দ্ৰব্যহে উৎপাদন কৰা হৈছিল৷ পৰৱৰ্তী সময়ত শোধন ক্ষমতা বৃদ্ধিৰ লগতে বিভিন্ন ধৰণৰ পেট্ৰ’লজাত সামগ্ৰী উৎপাদনৰ উদ্দেশ্যে ১৯৩২ আৰু ১৯৪০ চনত ইয়াৰ ব্যাপক সংস্কাৰ সাধন কৰা হয় । বৰ্তমান এই শোধনাগাৰৰ বাৰ্ষিক শোধন ক্ষমতা ৭.৫ লাখ টন।

(খ) নুনমাটি শোধনাগাৰঃ ১৯৫১ চনৰ পাছত মৰাণ, নাহৰকটীয়া আৰু হুগ্ৰীজানত অধিক পৰিমাণৰ খাৰুৱা তেলৰ নিষ্কাষণ আৰম্ভ হয়। লগে লগেই গুৱাহাটীৰ ওচৰৰ নুনমাটিত শোধনাগাৰত স্থাপনৰ যো-জা কৰা হয়৷ আৰম্ভণিতে এই শোধনাগাৰৰ শোধন ক্ষমতা ৭.৫ লাখ টন আছিল যদিও বর্তমান এই ক্ষমতা ১.৫ নিযুত টনলৈ বৃদ্ধি পাইছে। উজনি অসমৰ নাহৰকটীয়াৰ পৰা ইয়ালৈ পাইপেৰে খাৰুৱা তেল সৰবৰাহ কৰা হয়। এই শোধনাগাৰটোৱে পেট্ৰ’ল, ডিজেল, মম, কেৰাচিন, সীহযুক্ত পেট্ৰ’ল, ক’ক আদি উৎপাদন কৰে।

(গ) বঙাইগাঁও শোধনাগাৰ আৰু ট্ৰে’ৰাসায়নিক প্রকল্পঃ ৰাজহুৱা খণ্ডত প্রতিষ্ঠিত এই শোধনাগাৰটো ১৯৭৯ চনত প্ৰতিষ্ঠা কৰা হয়। উজনি অসমৰ তৈলক্ষেত্ৰসমূহৰ পৰা ৬০০ কিঃমিঃ আঁতৰৰ এই শোধনাগাৰলৈ পাইপেৰে খাৰুৱা তেল সৰবৰাহ কৰা হয়। এই শোধনাগাৰৰ বর্তমান শোধন ক্ষমতা ২.৫ নিযুত টন। এই শোধনাগাৰৰ প্ৰধান উৎপাদিত দ্ৰব্যসমূহ হ’ল ট্রে’ল, নেপথা, এভিয়ন, কোচিন, কেলচিয়ামযুক্ত পেট্রল, ক’ক, ডিজেল, বিটুমেন প্রভৃতি ভিন্নধর্মী সামগ্রী।

(ঘ) নুমলীগড় শোধনাগাৰঃ অসমৰ চতুৰ্থ আৰু সৰ্ববৃহৎ তেল শোধনাগাৰটো গোলাঘাট জিলাত ধনশিৰী নদীৰ পাৰৰ নুমলীগড় নামে ঠাইত অৱস্থিত। ১৯৯৩ চনত নির্মাণ কার্য আৰম্ভ কৰি ১৯৯৭ চনৰ পৰা ইয়াত তেল শোধন আৰম্ভ হয়। ই দেশৰ ভিতৰতে অন্যতম অত্যাধুনিক মানৰ তেল শোধনাগাৰ। এই শোধনাগাৰৰ বাৰ্ষিক শোধন ক্ষমতা তিনি নিযুত টন যদিও এতিয়ালৈকে বছৰি দুই নিযুত টনৰ পৰিসৰতে শোধন কার্য সম্পাদন কৰি আছে৷ ইয়াত ৰন্ধন গেছ, এভিয়ন, নেপথা, ক’ক উচ্চ ক্ষমতাৰ ডিজেল, কেৰাচিন, ছালফাৰ, প্ৰভৃতি কিছুমান বিশেষ ধৰণৰ দ্ৰব্যও সৰ্বসাধাৰণতে শোধনাগাৰত প্ৰস্তুত হোৱা দ্রব্যসমূহৰ অতিৰিক্তভাৱে উৎপাদন কৰা হয়।

৩১। অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা আৰু গুৰুত্বসমূহ আলোচনা কৰা। 

উত্তৰঃ অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা আৰু গুৰুত্বসমূহ হ’ল‌ —

(ক) ৰাজ্যিক আয়ত বৰঙণিঃ আৰম্ভণীৰে পৰা কৃষি আৰু ইয়াৰ আনুষঙ্গিক কাৰ্যাৱলী যেনে— জীৱ-জন্তু পালন, বননি, মীনক্ষেত্ৰ আদিৰে ৰাজ্যিক আয়ৰ এটি বৃহৎ অংশ বৰঙণি হিচাপে আগবঢ়াই আছে।

১৯৫০-৫১ চনত কৃষি আৰু আনুষঙ্গিক কাম-কাজ অসমৰ মুঠ ৰাজ্যিক আয়ৰ প্ৰায় ৫২.২ শতাংশ বৰঙণি আগবঢ়াইছিল। যদিও অন্যান্য খণ্ডসমূহৰ প্ৰগতিৰ লগে লগে ৰাজ্যিক আয়ৰ কৃষিৰ বৰঙণি ক্রমেই কমি আছে কিন্তু এই বৰঙণি দেশৰ উন্নত ৰাজ্যবোৰৰ তুলনাত এতিয়াও বৰ বেছি বুলি ক’ব পৰা যায়৷ উদাহৰণস্বৰূপে, অসমৰ ৰাজ্যিক আয়ৰ কৃষিৰ বৰঙণি ১৯৭০৭১ চনত ৩২.১ শতাংশলৈ হ্ৰাস পাইছিল আৰু ১৯৮০-৮১ চনত ৪৪,২ শতাংশলৈ বৃদ্ধি হৈ ২০০৫-০৬ চনত ২৮.৬৯ শতাংশলৈ হ্ৰাস পাইছিল আৰু তুলনামূলকভাৱে গোটেই ভাৰতত এই একেই বৰঙণিৰ অনুপাত আছিল ২১.৭ শতাংশ।

(খ) জীৱিকা নির্বাহৰ উৎসঃ অসমৰ নিচিনা পিছপৰা ৰাজ্যত দুই-তৃতীয়াংশৰ বেছি কৰ্মী জনসংখ্যা কৃষিৰ লগত প্রতক্ষ্যভাৱে জড়িত আৰু কৃষিৰ ওপৰত জীৱিকা নির্বাহৰ বাবে নিৰ্ভৰশীল। ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ কৰ্মী জনসংখ্যাৰ ৫৬ শতাংশ কৃষি আৰু আনুষঙ্গিক কাম-কাজত নিযুক্ত হৈ আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি অকল খেতিয়কে ৰাজ্যৰ মুঠ প্ৰধান কৰ্মী জনসংখ্যাৰ ৫২.৪ শতাংশ অধিকাৰ কৰি আছিল আৰু লগতে কৃষি শ্রমিকবোৰক লৈ ইমুঠ ৰাজ্যৰ প্ৰধান শ্রমিকবোৰৰ ৭০.২ শতাংশ অধিকাৰ কৰি আছিল। ঔদ্যোগিক দিশত উন্নত ৰাজ্যবোৰ যেনে—মহাৰাষ্ট্ৰ, তামিলনাড়ু আৰু পশ্চিমবঙ্গত জীৱিকা নিৰ্বাহৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল জনসংখ্যাৰ অনুপাত অসমৰ নিচিনা ঔদ্যোগিক দিশত পিচপৰা ৰাজ্যত তুলনাত যথেষ্ট কম আছিল ।

(গ) খাদ্যৰ যোগানৰ উৎসঃ ৰাজ্যৰ অৰ্থনীতিত কৃষিৰ আন এটি গুৰুত্বপূৰ্ণ ভূমিকা হ’ল কৃষিয়ে ৰাজ্যত খাদ্য যোগানৰ প্ৰধান উৎস আৰু কৃষিয়ে ৰাজ্যৰ বৰ্দ্ধিত জনসংখ্যাক খাদ্যৰ যোগান ধৰিছে। প্ৰাক্ স্বাধীনতাৰ কালছোৱাত অসমৰ এখন খাদ্য উদ্বৃত্ত ৰাজ্য আছিল৷ কিন্তু স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত অসমত জনসংখ্যা দ্রুত গতিত বৃদ্ধি পোৱাৰ ফলত আৰু তুলনামূলকভাৱে সৰ্ব্বভাৰতীয় গড় অধিক আয় অৰ্জন কৰি আছে। এইদৰে অসমত কৃষি কার্য চলাই প্রতিজন খেতিয়কে অৰ্জন কৰাৰ আয়ৰ পৰিমাণ ১৯৮০-৮১ চনত আছিল ৫,৬৯৭ টকা আৰু তুলনামূলকভাৱে সৰ্বভাৰতীয় এই আয়ৰ পৰিমাণ আছিল ৪,২২৬। তদুপৰি প্ৰতি হেক্টৰ খেতি-মাটিত উৎপাদিত সামগ্ৰীৰ গড় মূল্য অসমত আছিল ৩,৭৬৫ টকা আৰু তুলনামূলকভাৱে গোটেই ভাৰতত এই একেই মূল্য আছিল ২,২২৯ টকা।

(ঘ) ঔদ্যোগিক উন্নয়নত কৃষিৰ ভূমিকাঃ কৃষিয়ে অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ কৃষিভিত্তিক উদ্যোগসমূহত কেঁচামাল যোগানৰ প্ৰধান উৎস। চাহ বাগিচাবোৰ অসমৰ বিখ্যাত আওপুৰণি চাহ উদ্যোগৰ কেঁচামালৰ উৎস। ২০০৩ চনত অসমৰ চাহখেতিত মুঠ ২.৭১ লাখ হেক্টৰ মাটি নিযুক্ত হৈ আছিল। আকৌ অসমে ২০০৩ চনত প্ৰায় ৪৫৩.০নিযুত কেজি চাহ উৎপাদন কৰিছিল যি গোটেই মুঠ চাহ উৎপাদনৰ ৫৪শতাংশ আছিল। অসম মৰাপাটৰ খেতি অসম আৰু ওচৰ-চুবুৰীয়া ৰাজ্যবোৰৰ মৰাপাট উদ্যোগৰ বাবে কেঁচামালৰ আন এটা গুৰুত্বপূৰ্ণ উৎস। তদুপৰি চেনি উদ্যোগ, বনস্পতি কলসমূহ, ভোজ্য তেলৰ কলসমূহ, চাউল বনোৱা কলসমূহ, ৰেচম শিল্প আদিয়ে ইয়াৰ প্ৰয়োজনীয় কেঁচামালৰ ৰাজ্যৰ কৃষিখণ্ডৰ পৰাই পাই আছে।তদুপৰি কৃষিয়ে ৰাজ্যত বিভিন্ন উদ্যোগজাত সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণ কৰাত সহায় কৰিছে। অসমত বিভিন্ন কৃষিভিত্তিক উদ্যোগ স্থাপনৰ সম্ভাৱনাই যথেষ্ট সহায় কৰিব।

(ঙ) বাণিজ্যিক গুৰুত্বঃ আভ্যন্তৰীণ আৰু আন্তর্জাতিক বাণিজ্য প্ৰসাৰৰ ক্ষেত্ৰত অসমৰ কৃষিয়ে এটি অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। কৃষিজাত দ্রব্য যেনে— চাহপাত,আদ্য, ফল, আদিয়ে ভিতৰত আৰু বাহিৰত বাণিজ্য সম্প্ৰসাৰণৰ বাবে যথেষ্ট সুযোগ সৃষ্টি কৰিছে। ৰেচম উদ্যোগৰ দ্বাৰা উৎপাদিত ৰেচম বস্ত্ৰ সামগ্ৰীসমূহৰ যথেষ্ট বাণিজ্যিক গুৰুত্ব আছে।

(চ) সাধাৰণ মূল্যস্তৰৰ ওপৰত প্ৰভাৱঃ অসমৰ নিচিনা এখন কৃষি নিৰ্ভৰশীল ৰাজ্যত কৃষিৰ গুৰুত্ব যথেষ্ট উপলদ্ধি কৰিব পৰা যায়, য’ত কৃষিজাত সামগ্ৰীৰ দৰৰ উঠা-নমা সাধাৰণ মূল্যস্তৰৰ গতি নিৰ্ধাৰণত যথেষ্ট প্ৰভাৱ পেলায়। তদুপৰি অসমৰ মূল্যস্তৰ গোটেই ভাৰতৰ গড় মূল্যস্তৰতকৈ সদায় ২০ শতাংশ বেছি আৰু ইয়াৰ মূল কাৰণ হ’ল ইয়াৰ ভৌগোলিক বিচ্ছিন্নতা আৰু পৰিবহণৰ সমস্যা। তদুপৰি ৰাজ্যৰ মূল্যস্তৰ কৃষিজ উৎপাদন কম হোৱাৰ ফলত যথেষ্ট পৰিমাণে বৃদ্ধি পায়।

(ছ) মূলধনৰ নাটনি আৰু কৃষি কাৰ্যঃ অসমৰ নিচিনা মূলধনৰ নাটনি থকা ৰাজ্যত কৃষিৰ গুরুত্ব অতি গুৰুত্বপূৰ্ণ বুলি ক’ব পাৰি । শ্ৰম প্ৰগাঢ় খণ্ড হোৱাৰ বাবে কৃষি কাৰ্যত কম পৰিমাণৰ মূলধনৰ প্ৰয়োজন হয় আৰু অধিক সংখ্যক শ্রমিকক নিয়োগ কৰিব পাৰে। তদুপৰি অসমৰ ৰাজ্যিক  কৃষিৰ প্ৰগতি বৰ্দ্ধিত মূলধন গঠনৰ পথ প্ৰশক্তি কৰিব পাৰে।

(জ) কৃষি আৰু আয়ৰ অসমতা দূৰীকৰণঃ যিহেতু কৃষিয়ে দুখীয়া শ্ৰেণীৰ মানুহক সাঙুৰি লৈছে, গতিকে কৃষিৰ উন্নয়ন আয় আৰু সম্পদৰ অসমতা হ্রাস কৰা আৰু ৰাজ্যৰ গ্ৰামীণ উন্নয়নৰ পথ প্রশস্থ কৰিব। কৃষিৰ উন্নয়ন সমাজৰ দুখীয়া শ্রেণীৰ মানুহক উন্নয়ন ফল প্রদান কৰিব আৰু ই ধনী আৰু দুখীয়া শ্ৰেণীৰ মানুহৰ মাজত অসমতাৰ পৰিমাণ হ্ৰাস কৰিব।

(ঝ) চৰকাৰী ৰাজস্বৰ উৎসঃ কৃষ্টি হ’ল ৰাজ্য চৰকাৰৰ ৰাজস্বৰ এটা অন্যতম গুরুত্বপূর্ণ উৎস ৰাজ্য চৰকাৰে ভূমি ৰাজস্ব আৰু কৃষি আয় করব পৰা যথেষ্ট পৰিমাণৰ ৰাজস্ব আদায় কৰিছে‌ ।

(ঞ) অর্থনৈতিক পরিকল্পনাত কৃষিৰ ভূমিকাঃ অসমৰ অৰ্থনৈতিক পৰিকল্পনাৰ ভৱিষ্যৎ কৃষিক্ষেত্ৰৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। কৃষিক্ষেত্ৰত অধিক ফচল হ’লে ৰাজ্যৰ পৰিবহণ ব্যৱস্থা উৎপাদনকাৰী উদ্যোগ,আভ্যন্তৰীণ বাণিজ্য আদিব ক্ষেত্ৰত উন্নত ব্যৱসায়ৰ পৰিৱেশ সৃষ্টি কৰি দেশৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নত যথেষ্ট উদগনি দিয়ে আৰু পৰিকল্পনা ব্যয় অৰ্থব সংস্থাপনৰ বাবে যথেষ্ট পৰিমাণৰ কিন্তু আগবঢ়ায়।

গতিকে কৃষিখণ্ডই অসমৰ নিচিনা এখন দুখীয়া ৰাজ্যত এটা গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আছে‌ আৰু ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ এটি পূর্ব চর্ত হিচাপে কাম কৰি আছে। গতিকে উপবিউক্ত আলোচনাৰ পৰা এইটো পৰিকল্পিত হৈছে যে কৃষিজ উন্নয়ন কৃষি খণ্ডৰ বৈচিত্র্য অনাৰ ক্ষেত্ৰত আৰু ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ এটি পূৰ্ব-চৰ্ত হিচাপে কাম কৰি

৩২। অসমত কৃষিজাত বস্তুৰ উৎপাদন আৰু উৎপন্নৰ হাৰৰ গতিধাৰা দেখুওৱা। 

উত্তৰঃ অসমত কৃষিজাত বস্তুৰ বৰ ধীৰ গতিত বৃদ্ধি পাব ধৰিছে। ১৯৭০-৭১ চনত অসমত কৃষিজাত বস্তুৰ উৎপাদন সূচক সংখ্যা (১৯৫৬ ৰ পৰা ৫৭=১০০) ১২৬ আছিল আৰু তুলনামূলকভাৱে গোটেই ভাৰতৰ ক্ষেত্ৰত এই সংখ্যা আছিল ১৪৭। আকৌ ১৯৭৭-৭৮ চনত এই কৃষিজাত বস্তুৰ উৎপাদনৰ সূচক সংখ্যা (১৯৬৯ ৰ পৰা ৭০ =১০০) বৃদ্ধি পাইছিল। ১২৩ আৰু গোটেই ভাৰতৰ ক্ষেত্ৰত এই সূচক সংখ্যা আছিল ১২৩.৭। ১৯৭৮-৭৯ আৰু ১৯৭৯৮০ চনত এই সূচক সংখ্যা কমি গৈ যথাক্রমে ১২২ আৰু ১১৪ হৈছিল। কিন্তু ইয়াৰ পিছত এই সূচক সংখ্যা ১৯৮০-৮১ আৰু ১৯৯০-৯১ চনত সর্বোচ্চ বৃদ্ধি পাই হৈছিল যথাক্রমে ১৩৮ আৰু ১৭২। 

আকৌ এই সূচক সংখ্যা (১৯৮১ ৰ পৰা ৮২=১০০)১৯৯২-৯৩ চনৰ ১৪৩.০ পৰা বৃদ্ধি পাঠ ১০০৫-০৬ নত ১৫৩.০ হৈছিল। তলৰ তালিকাৰ (নং ৭.১) পৰা আমি দেখিবলে পাইছো যে অসমৰ মুঠ খাদ্যশস্যৰ উৎপাদন ৭৯৩ চনৰ ১৬.৬৭ লাখ টনৰ পৰা বৃদ্ধি পাই ১৯৭৫-৭৬ চনত ২৩.৬৬ লাখ টন আৰু ১৯৮০-৮: চনত ২৭.০৫ লাটন, ১৯৯৫-৯৬ চনত ৩৫.৬০ লাখ আৰু ২০০৫-০৬ চনত ৩৬,৭৯ লাখ টন হৈছিল। গতিকে অসমৰ খাদ্য-শস্যৰ উৎপাদন ১৯৭৫-৭৬ চনত আগৰ বছৰৰ তুলনাত শতকৰা ৪.০ ভাগ বৃদ্ধি হোৱাৰ পিছত ২০০৫-০৬ চনত আগৰ বছৰ আগৰ বছৰৰ তুলনাত শতকরা ১.৭ ভাগ বৃদ্ধি হৈছিল। অসমৰ প্ৰধান শস্য ধান উৎপ (১৯৭৬-৭৭ চনৰ ১১ লাখ টনৰ পৰা ২০০৫-০৬ চনত ৩৫.৫ সাবটন থৈকে বৃদ্ধি পাইছিল।

উৎসঃ Economic Survey Assam 1980- 81,1989- 90,2006- 07 and S.H.B. Assam,2006 বর্তমান অসমৰ আন খাদ্যশস্যৰ যেনে— ঘেঁহু, মাকৈ জোৱা আদিৰ উৎপাদন কিছু বৃদ্ধি হৈছে। আধুনিক কালত অসমত বাণিজ্যিক শস্যৰ যেনে— কুঁহিয়াৰ, আলু, তেল গুটি আদিৰ উৎপাদন অলপ পৰিমাণে বৃদ্ধি পাইছে। অসমত মৰাপাটৰ উৎপাদন পৰিমাণে বৃদ্ধি পাইছে। অসমত মৰাপাটৰ উৎপাদন ১৯৭৭-৭৮ চনত ৫৪৫ হেজাৰ বোজা কমি যোৱাৰ পিচত ১৯৭৯-৮০ চনত ৮৯৯ হেজাৰ বোজালৈ আৰু পিচত ১৯৮১-৮২ চনত ৯.৫ লাখ বোজালৈ বৃদ্ধি পাইছিল। কিন্তু ২০০৫-০৬ চনত ই ৫.৭৯ লাখ বোজালৈ কমি গৈছিল।

গোটেই ভাৰতবৰ্ষত উৎপন্ন হোৱা শস্যবোৰৰ গড় উৎপাদন হাৰৰ তুলনাত অসমত এই উৎপাদনৰ হাৰ সন্তোষজনক নাছিল। অসমত এতিয়াও খেতিৰ কাম-কাজ পুৰণি কলীয়া পদ্ধতিৰে চলাই যোৱা হৈছে আৰু আধুনিক আহিলাবোৰ যেনে— উচ্চ উৎপাদন ক্ষমতা থকা বীজ, জলসিঞ্চন ব্যৱস্থা, পোক মৰা ঔষধ আদিৰ ব্যৱহাৰ এতিয়াও ভালকৈ হোৱা নাই। তদুপৰি অসমত বিভিন্ন প্রাকৃতিক বাধা-বিপত্তি যেনে— বানপানী, ভূমিক্ষয়, খৰাং বতৰ আদিৰ ফলত কৃষি উৎপাদনৰ হাৰ যথেষ্ট উঠা-নমা কৰি থাকে। কৃষিৰ আধুনিকৰণৰ ক্ষেত্ৰত এতিয়াও যথেষ্ট পিছ পৰি আছে। গতিকে অসমৰ কৃষিৰ উৎপাদিত শক্তি এতিয়াও গতি ৰহিত আৰু নিম্ন হৈ আছে। 

অসমৰ কৃষিৰ উৎপাদিত শক্তি গোটেই ভাৰতৰ গড় উৎপাদিকা শক্তিৰ তুলনাত বৰ কম। অসম আৰু ভাৰতৰ কৃষি উৎপাদনৰ সূচক সংখ্যা (মূল১৯৫৬-৯০৫৭) ১৯৭০-৭১ চনত যথাক্রমে ১২৬ আৰু ১২৭ আছিল।

অসমৰ কৃষিৰ উৎপাদিত সূচক (১৯৬৯ ৰ পৰা ৭০=১০০) ১৯৭৫-৭৬ চনত আছিল ১১৯ আৰু ইয়াৰ পিছৰ বছৰত এই সূচকৰ সংখ্যা কমি গৈ হৈছিল ১১৭। আনফালে গোটেই ভাৰতত এই একেই সংখ্যা ১৯৭৭-৭৮ চনত আছিল ১৩২.৭। ১৯৮৯-৯০ এই নির্দেশক সূচক সংখ্যা অসমৰ আৰু গোটেই ভাৰতত আছিল যথাক্রমে ১৫৬ আৰু ১৮৩। আকৌ এই সূচক সংখ্যা (১৯৮১.৮২=১০০) ১৯৯২-৯৩ চনৰ ১৪৩০-ৰ বৃদ্ধি পাই ২০০৫-০৬ চনত ১৫৩.০ হৈছিল।

৩৩। কৃষিৰ নিম্ন উৎপাদিত শক্তিৰ কাৰণবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ অসমৰ উত্তৰ  অসমৰ নিম্ন উৎপাদিত শক্তিৰ কাৰণবোৰ তলত আলোচনা কৰা হ’ল ——

(ক) ক্ষুদ্ৰ পৰিসৰৰ খেতি-মাটিঃ অসমৰ কৃষিৰ পট্টাৰ মাটিবোৰ বৰ ক্ষুদ্ৰ ৷ জনসংখ্যাৰ অত্যাধিক হেঁচাৰ বাবে আৰু কৃষিৰ বাহিৰে বিকল্প কোন জীৱিকা সংস্থাপনৰ উপায় নথকা বাবে অসমৰ খেতি-মাটিৰ পৰিমাণ বৰ কম। অসমৰ মুঠ খেতিৰ পট্টা মাটিৰ ভিতৰত শতকৰা ৬০ মাটিৰ সীমা ১হেক্টৰৰ কম। অসমৰ কাম চলোৱা মাটিৰ পৰিমাণৰ ভিতৰত কম থকা খেতি-মাটিৰ পৰিমানৰ ভিতৰত হেক্টৰৰ কম থকা খেতি-মাটিৰ পৰিমাণ মুঠ খেতিৰ কাম চলোৱা মাটিৰ শতকৰা ৫৭ভাগ, এই সংকীৰ্ণ কৃষি খণ্ড আৰু লগতে খেতি-মাটিবোৰ ক্ষুদ্র ক্ষুদ্র খণ্ডত ভাগ হৈ যোৱাৰ ফলত অসমত কৃষিৰ আধুনিকৰণ মাধ্যমে কৃষি উৎপাদন বৃদ্ধি কৰাৰ বাটত বাধাৰ সৃষ্টি কৰিছে।

(খ) পুৰণিকলীয়া কৃষি পদ্ধতিঃ অসমৰ খেতিয়কবোৰে এতিয়াও খেতিৰ পুৰণিকলীয়া পদ্ধতিৰ ব্যৱহাৰ কৰি আছে। তেওঁলোক এতিয়াও কৌটিকলীয়া কাঠৰ নাঙলেৰে কৃষিকাৰ্য চলাই আছে আৰু ফচল উঠোৱাৰ বাবে ধান দোৱা কাচি ব্যৱহাৰ কৰি আছে। যেতিয়া ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবোৰৰ খেতিয়কবোৰে কৃষিৰ পুৰণি পদ্ধতিবোৰ বাদ দি কৃষিক্ষেত্ৰত আধুনিক পদ্ধতিৰ ব্যৱহাৰ কৰি আছে, এই একেই সময়ছোৱাত অসমৰ খেতিয়কসকলে এতিয়াও পুৰণি কলীয়া পদ্ধতিবোৰ ব্যৱহাৰ কৰি আছে। তেওঁলোকে ব্যৱহাৰ কৰা কৃষি পদ্ধতি কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে মুঠেই সুবিধাজনক নহয়।

(গ) জলসিঞ্চনৰ অভাৱঃ অসমত জলসিঞ্চনৰ ব্যৱস্থা নিম্ন মানৰ। অসমৰ জলবায়ু প্ৰায় গ্ৰীষ্মপ্রধান হোৱাৰ বাবে আৰু শীত বৰষুণৰ বিতৰণ অসমান হোৱাৰ বাবে আৰু শীতকালত শস্য বৃদ্ধিৰ হাৰ বেছি হোৱাৰ বাবে অসমৰ খেতি-মাটিবোৰত নিৰ্দ্ধাৰিত আৰু নিয়ন্ত্ৰিত পানী যোগানৰ গুৰুত্ব বৰ বেছি। ১৯৭৭-৭৮১চনত অসমৰ ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ মুঠ সাফল্যৰ পৰিমাণ ৩.৭৫ লাখ হেক্টৰ আছিল নীট খেতি-মাটিৰ শতকৰা ১২ ভাগ আছিল। মজলীয়া জলসিঞ্চন ব্যৱস্থাৰ ক্ষেত্ৰত ১৯৭৭-৭৮ চনত অসমৰ মাটিত মুঠ জলসিঞ্চন ব্যৱস্থাৰ সুযোগ সৃষ্টিৰ পৰিমাণ মাথোন ০.৬১ লাখ হেক্টৰ আছিল আৰু ইয়াৰে প্ৰায় ০.৩৬ লাখ হেক্টৰ ব্যৱহাৰ কৰিব পৰা হৈছিল। ১৯৮০-৮১ চনৰ শেষলৈকে সৰ্বমুঠ প্রায় ৩.৫৪ লাখ হেক্টৰ মাটিত জলসিঞ্চনৰ সুযোগ সৃষ্টি (ইয়াৰে প্ৰায় ৯৫ হেজাৰ হেক্টৰ মাটিত ডাঙৰ আৰু মজলীয়া জলসিঞ্চন ব্যৱস্থাৰ পৰা আৰু বাকি থকা ২.৬৩ লাখ হেক্টৰ ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ পৰা আৰু পোৱা গৈছে) কৰা হৈছিল, যি ৰাজ্যৰ মুঠ খেতি-মাটিৰ শতকৰা ১০.৯ ভাগ আছিল। 

আকৌ ২০০৫০৬ চনৰ শেষত অসমত জলসিঞ্চনৰ সুবিধা সৃষ্টি হোৱা মুঠ খেতি মাটিৰ পৰিমাণ আছিল ৬.৮৪ লাখ হেক্টৰ। ইয়াৰ ভিতৰত ক্ষুদ্র জলসিঞ্চন ব্যৱস্থাৰ পৰিমাণ আছিল ৪.৬৯ লাখ হেক্টৰ, ডাঙৰ আৰু মজলীয়া জলসিঞ্চন ব্যৱস্থাৰ আগবঢ়োৱা বিত্তীয় সাহাৰ্যৰ পৰিমাণ আছিল ২২৮ লাখ টকা৷ আকৌ ১৯৯০-৯১চনলৈকে অসমত সুসংহত গাঁও উন্নয়ন আঁচনিৰ জৰিয়তে মুঠ ৬২৬২ লাখ টকা ঋণ হিচাপে আগবঢ়োৱা হৈছিল। তদুপৰি ১৯৮৯-৯০ চনত মুঠ নিৰ্ধাৰিত কৃষি ঋণৰ ৪০ শতাংশই বেংকসমূহে আগবঢ়াইছিল। গতিকে অসমত পাব পৰা মুঠ কৃষি বৃত্তিৰ পৰিমাণ প্রয়োজন অনুসৰি যথেষ্ট কম আছিল। “যি ভয়ঙ্কৰ চক্ৰ দৰিদ্ৰতা, ঋণ আৰু উচ্চ সুতৰ হাৰৰ সৃষ্টি কৰিছে সিয়ে ক্ষুদ্ৰ খেতিয়ক সকলকে সবল বাহুৰে বান্ধি ৰাখিছে”।

(ঘ) উৎপাদনত খটোৱা মূলধনৰ অভাৱঃ অসমত উৎপাদনৰ কামত খটোৱা মূলধনৰ পৰিমাণ যিহেতু খেতিত খটোৱা মূলধনৰ লাভৰ পৰিমাণ অন্যান্য কামত যেনে—অলংকাৰ, ব্যৱসায় আৰু ঋণৰ ব্যৱসায়ত খটোৱা মূলধনৰ লাভতকৈ কম ৷

(ঙ) উপযুক্ত বজাৰৰ অভাৱঃ অসমত বজাৰ ব্যৱস্থা ক্ৰতিপূৰ্ণ হোৱাৰ ফলত খেতিয়কবোৰ সিহঁতৰ উৎপাদিত বস্তুবোৰৰ ন্যায্য মূলা পোৱাৰ পৰা বঞ্চিত হৈ আছে। দালালবোৰে খেতিয়কৰ অতি কম মূলা দি সিহঁতৰ উৎপাদিত বস্তুৰ পৰা লাভ কৰি আছে। খেতিয়কক সিহঁতত উৎপাদিত হস্তবোৰৰ ন্যায্য মূল্য আৰু লাভজনক মুলা পোৱাৰ কোনো নিশ্চয়তা নথকাৰ ফলত খেতিয়কে উৎপাদন বৃদ্ধিৰ বাবে কোনো উৎসাহ নাপায়।

(চ) ভূমি সংক্রান্ত নীতিঃ খেতিয়কৰ মাটিৰ নিৰাপত্তা আৰু অধিকাৰ দানৰ ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত যথেষ্ট পলম হৈ আছে। অসমত মাটিৰ আইনৰ ক্ষেত্ৰত ৰাজস্ব-শাসন ব্যৱস্থাৰ ওপৰত বেছি নিৰ্ভৰশীল হোৱাৰ ফলত কৃষিৰ উৎপাদিকা শক্তিৰ যথেষ্ট ক্ষতি হৈ আছে।

(ছ) কৃষি গৱেষণাৰ অভাৱঃ প্রয়োজন অনুসৰি অসমত কৃষিৰ গৱেষণা বৰ কম। যিখিনি গৱেষণা চলাই থকা হৈছে ইয়াৰ গোটেইখিনি খেতিয়কৰ কামত লগোৱা হোৱা নাই। গতিকে খেতিয়ক বিলাকৰ সমস্যাবোৰৰ মুঠতে সমাধানৰ কোনো চেষ্টা লোৱা হোৱা নাই।

(জ) আৰ্থ-সামাজিক কাৰণবোৰঃ আর্থ সামাজিক কাৰণবোৰ যেনে— খেতিয়কৰ পুৰণিকলীয়া চিন্তাধাৰা, অজ্ঞতা, শিক্ষাৰ অভাৱ আদিয়ে অসমত কৃষিৰ আধুনিকৰণ প্ৰথম হেঙাৰ ।

গতিকে আমি দেখিবলৈ পাওঁ যে অসমৰ কৃষিক্ষেত্ৰত বহুতো মূল সুযোগ-সুবিধাৰ অভাৱ আছে আৰু ইয়াৰ ফলতেই অসমত কৃষিৰ উৎপাদিত শক্তি বৰ নিম্নমানৰ।

৩৪। অসমৰ কৃষিৰ নিম্ন উৎপাদিকা শক্তি নাইকিয়া কৰাৰ পৰামৰ্শ আগবঢ়োৱা। 

উত্তৰঃ কৃষিৰ নিম্ন উৎপাদিকা শক্তি অসমৰ অৰ্থনীতিৰ এটা ডাঙৰ সমস্যা। বিশেষকৈ যিহেতু অসমৰ অৰ্থনীতিত এই ক্ষেত্ৰৰ গড় বৰঙণি শতকৰা ৪০ ভাগ, জনসংখ্যাৰ শতকৰা ৭০ ভাগ মানুহ এই ক্ষেত্ৰত কৰ্মসংস্থান পাই আছে। অসমৰ কৃষিৰ উৎপাদিকা শক্তিৰ বৃদ্ধিৰ বাবে আমি আর্থিক, অনা-আর্থিক, স্বল্পকালীন আৰু দীৰ্ঘকালীন যি বিভিন্ন প্ৰতিকাৰ মূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এইবোৰ হ’ল এনেধৰণৰ

(ক) খেতি-মাটিৰ একত্ৰীকৰণঃ অসমত কৃষিৰ আধুনিকীকৰণৰ বাবে বিভিন্ন আইন প্রণয়নৰ মাধ্যমত খেতি-মাটিবোৰৰ একত্ৰীকৰণ আৰু সমবায় পাম স্থাপনৰ মাধ্যমত একত্ৰীকৰণ কৰিব লাগিব। অপৰিমিত ব্যয়ৰ ক্ষুদ্ৰ খেতি-মাটিবোৰৰ আৰু খণ্ডিত হৈ যোৱা মাটিবোৰৰ একত্ৰীকৰণ আৰু সমবায় পাম স্থাপনৰ মাধ্যমত একত্ৰীকৰণ কৰিব লাগিব। কৃষি পাম গঠনৰ বাবেও উৎসাহ দিব লাগিব।

(খ) প্রাকৃতিক দুর্যোগৰ অতিক্রমঃ প্রাকৃতিক দুৰ্যোগৰ ফলত অসমৰ কৃষিত সৃষ্টি হোৱা বিভিন্ন সমস্যাবোৰ অতিক্ৰম কৰিব লাগিব। প্রতি বছৰে হৈ যোৱা বানপানীৰ পৰা ধ্বংসৰ পৰিমাণ ৰোধ কৰিবৰ বাবে যথেষ্ট সংখ্যক বান-নিয়ন্ত্রণ আচনি গ্রহণ কৰিব লাগিব। এই ব্যৱস্থা খেতিয়কবোৰক অস্বাভাৱিক বতৰৰ পৰা ৰক্ষা কৰিব। যথেষ্ট পৰিমাণৰ পোক মাৰা ঔষধ খেতিয়কবিলাকৰ মাজত কম মূল্যত অথবা বিনামূলীয়াকৈ যোগান ধৰিব লাগিব।

(গ) আধুনিক কৃষি পদ্ধতিৰ ব্যৱহাৰঃ কৃষিৰ উৎপাদিকা শক্তিৰ বৃদ্ধিৰ বাবে অসমৰ খেতিয়কবোৰক খেতিত আধুনিক পদ্ধতিৰে ব্যৱস্থা কৰিব লাগিব। অসমৰ খেতিয়কবোৰৰ মাজত যথেষ্ট পৰিমাণে সাৰ যোগান ধৰিব লাগিব। খেতিয়কসকলে বিজ্ঞানভিত্তিক শস্যৰ এটাৰ পিছত আনটোৰ ঘুৰণি আৰু শস্য পৰিকল্পনাৰ ব্যৱস্থা ল’ব লাগিব। উন্নত ধৰণৰ বীজ যথেষ্ট পৰিমাণে যোগান ধৰিব লাগিব। নিম্ন নাইবা মাটিবোৰৰ পুনৰোদ্ধাৰৰ ব্যৱস্থা হাতত ল’ব লাগিব ৷ সস্তীয়া মূল্যৰ আধুনিক যন্ত্ৰ-পাতি আৰু সঁজুলিৰ যথেষ্ট পৰিমাণ উৎপাদন বৃদ্ধি কৰিব লাগিব আৰু ইয়াৰ ফলত শস্য কমি যাব। কৃষি গৱেষণা বৃদ্ধি কৰিব লাগিব আৰু লগতে এই গৱেষণাৰ ফলাফল খেতিয়কৰ কামত লগাব লাগিব।

(ঘ) আর্থিক ব্যৱস্থাঃ কৃষিৰ কাম-কাজ বেছি লাভজনক কৰাৰ উদ্দেশ্যে কেইটামান আর্থিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কৃষি কামৰ পৰিচালনা আৰু খেতি-মাটিৰ পৰিচালনাৰ উন্নতিৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গাঁও অঞ্চলত কৃষিভিত্তিক শিল্প স্থাপন কৰিব লাগিব য’ত কৃষিক্ষেত্ৰত ওপৰঞ্চি থকা শ্রমিকবোৰৰ কৰ্ম সংস্থাপনৰ ব্যৱস্থা হ’ব। ভয়ঙ্কৰ দাৰিদ্ৰ চক্ৰ ৰোধ কৰাৰ উদ্দেশ্যে উপযুক্ত ব্যৱস্থা ল’ব লাগিব। খেতিয়কবোৰে যাতে কম সুতৰ হাৰত উপযুক্ত পৰিমাণ ঋণ পাব পাৰে সেই উদ্দেশ্যে উপযুক্ত পৰিমাণৰ ঋণৰ ব্যৱস্থা কৰিব লাগিব । কৃষিজাত বস্তুৰ বজাৰৰ উন্নতি সাধন কৰিব লাগিব আৰু লগতে গোটেই ৰাজ্যত নিয়ন্ত্ৰিত বজাৰ স্থাপন কৰিব লাগিব। চৰকাৰৰ মূল্যৰ সহায়তা নীতি পুনৰ স্থাপন কৰিব লাগিব আৰু কৃষিজাত বস্তুবোৰৰ সৰ্বনিম্ন মূল্য বান্ধি দিব লাগিব।

(ঙ) জলসম্পদ উন্নয়ন সাধনঃ অসমৰ কৃষিৰ উৎপাদিকা শক্তি বৃদ্ধিৰ বাবে খেতিয়ক বিলাকৰ গুণমান উন্নতিৰ বাবে তেওঁলোকক সাধাৰণ আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। খেতিয়কবোৰক মহামাৰী আৰু অন্যান্য বেমাৰৰ পৰা ৰক্ষা কৰাৰ বাবে উপযুক্ত সমূহীয়া স্বাস্থ্য সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ খেতিয়কসকলে অদৃশ্যবাদৰ ওপৰত নিৰ্ভৰ নকৰি নতুন চিন্তাধাৰা ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ ফলত সিহঁতে যথেষ্ট যুক্তি থকা আত্মবিশ্বাসী হ’ব পাৰিব।

গতিকে অসমৰ কৃষি উৎপাদিকা শক্তি বৃদ্ধিৰ বাবে আৰ্থিক আৰু অনা-আৰ্থিক দুয়োবোৰ প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷

৩৫। অসমত চলোৱা ভূমি সংস্কাৰ নীতিৰ ব্যৱস্থাসমূহ আলোচনা কৰা।

উত্তৰঃ কৃষি আৰু কৃষি কামৰ লগত সাঙুৰি লোৱা প্ৰধান আহিলা হৈছে মাটি। বৰ্তমান কৃষিৰ গাঠনিৰ পৰিৱৰ্তন কৰিব লাগিলে বৰ্তমান ভূমি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰাটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। অসমৰ অৰ্থনীতি কৃষিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। অসমৰ ভূমিস্বত্ব প্ৰথা মুঠেই সন্তোষজনক নহয়। অসমত চলি থকা পট্টা মাটিৰ প্ৰথা কৃষিক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে। গতিকে স্বাধীনতাৰ পিচত বিভিন্ন বছৰত অসম চৰকাৰে বিভিন্ন ভূমিসংস্কাৰ নীতি প্ৰচলন কৰিছে। এই ভূমি সংস্কাৰৰ প্ৰধান উদ্দেশ্য হৈছে অসমত চলি থকা মালিকানা স্বত্বৰ পৰিৱৰ্তন আৰু গাওঁলীয়া সমাজৰ গাঁথনিৰ পৰিৱৰ্তন কৰা। যাৰ ফলত খেতিয়কে উৎপাদনৰ ফল ন্যায্যভাৱে পাই যাব।

এই নীতিবোৰ হ’ল তলত দিয়া ধৰণৰঃ

মধ্যস্বত্ব ব্যৱস্থাৰ বিলোপকৰণঃ ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমত জমিদাৰী প্ৰথাৰ বিলোপকৰণ কৰা হৈছিল। ভূমিৰ পট্টাৰ নথি-পত্ৰৰ পৰা দেখা গৈছে যে অসমত গোৱালপাৰা জিলা আৰু কাছাৰ জিলাৰ কৰিমগঞ্জৰ মহকুমাত চিৰস্থায়ী বন্দোৱস্ত আছিল। মাথোন অলপ কেইটামান ক্ষুদ্র মধ্যস্বত্ব ৰায়তী এতিয়াও চলি আছে আৰু এইবোৰৰ বিলোপকৰণৰ চেষ্টা চলাই থকা গৈছে। এই মধ্যস্বত্ব ব্যৱস্থাৰ বিলোপকৰণৰ পিছত বহুসংখ্যক খেতিয়কৰ চৰকাৰৰ লগত স্থাপনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি যথেষ্ট পৰিমাণ আদি পতিত মাটি, অনা-চৰকাৰী বন আদি ব্যৱহাৰ উপযোগী কৰি লোৱাৰ বাবে অধিগ্ৰহণ কৰি লোৱা হৈছে। কিন্তু এতিয়ালৈকে, অসমৰ ভালেখিনি খেতি-মাতিৰ কাম নকৰা মানুহ মালিকানাৰ অধীন হৈ আছে৷ গতিকে পৰিকল্পনা আয়োগৰ ভূমি সংস্কাৰ কমিটীয়ে খেতিৰ কাম নকৰা মানুহৰ খেতিৰ মাটিৰ মালিকানা বিলোপকৰণ, আধিয়াৰ প্ৰথাৰ বিলোপকৰণ, বস্তুৰ মাধ্যমত দিয়া খাজানাক টকাত পৰিৱৰ্তন কৰা আৰুৰায়তীক মাটিৰ মালিকানাৰ স্বত্ব প্ৰদানৰ আঁচনিৰ গতি বৃদ্ধি কৰাৰ পৰামৰ্শ আগঢ়াইছে।

(খ) আধিয়াবোৰক ৰক্ষা কৰাঃ অসমৰ খেতিত আদি ব্যৱস্থাৰ প্ৰচলন খুব বেছি । গতিকে আধিয়াৰ বিলাকত যথেষ্ট সুৰক্ষা দিয়াৰ বাবে অসম আধিয়াৰ সংৰক্ষণ আৰু নিয়ন্ত্ৰণ (সংশোধন) আইন, ১৯৫৫ চনত প্ৰণয়ন কৰা হৈছিল। এই আইন মতে আধিয়াকৰ সংৰক্ষণ কিছুমান সুবিধা দিয়া হৈছিল ৷ এইবোৰ হ’ল—

(ক) আধিয়াৰসকলক যধে-মধে উচ্ছেদত বাধাদান। 

(খ) আধিয়াৰ বোৰক আধি মাটিত খেতি কৰাৰ বাবে অধিকাৰ প্ৰদান। 

(গ) আধিয়াৰ উচ্ছেদকৰাৰ নিৰ্দ্ধাৰিত শর্তাবলীৰ আলোচ্য বিবৰণ প্ৰস্তুত কাৰণ প্ৰদৰ্শন।

(গ) ৰায়তী আৰু আধিয়াৰবোৰৰ অধিকাৰ নথি প্ৰস্তুতকৰণঃ এই আঁচনিখন পূৰ্ণ সংস্থাপনৰ কামৰ লগতে অসমৰ নগাঁও, দৰং, লক্ষীমপুৰ, ডিব্ৰুগড় জিলা আৰু কাছাৰ জিলাৰ দুটা মহকুমাত প্ৰতিপালন কৰা হৈছিল। তাৰে এখন গুৰুত্বপূর্ণ কার্য তালিকা চলাই যোৱা হৈছিল। এই জিলাবোৰত ৰায়তী আৰু আধিয়াৰৰ অধিকাৰৰ নথি আধুনিক কালৰ উপযোগী কৰি তোলা বৰ বেছি প্ৰয়োজনীয় আছিল। যিহেতু এই সময়ছোৱাত S.F.D.A. আৰু M.FAL আঁচনি দুখন চলোৱা হৈছিল আৰু অসম (অস্থায়ী বন্দবস্ত অঞ্চল) ৰায়ত আইন ১৯৭১ প্ৰণয়ন কৰা হৈছিল। ইয়াৰ উপৰি কৃষি পৰিসংখ্যা আইনৰ বাবে মাটি নথিভুক্ত কৰা কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ ব্যৱস্থা লোৱা হৈছিল। ইয়াৰ উপৰি কৃষি পৰিসংখ্যা আইনৰ বাবে মাটি নথিভুক্ত কৰা কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ ব্যৱস্থা লোৱা হৈছিল। এতিয়ালৈ ২.৫১লাখ মানুহক ৰায়তী হিচাপে নথিভুক্ত কৰা হৈছিল।

(ঘ) জনজাতীয় মানুহৰ স্বাৰ্থৰক্ষাঃ অসমৰ সমতল অঞ্চলত বসবাস কৰা ভৈয়াম জনজাতীয় মানুহবোৰৰ উন্নতিৰ উদ্দেশ্যে অসম চৰকাৰে ১৯৪৭ চনত অসম ভূমি আৰু খাজানা নিয়ন্ত্রণ (সংশোধন) আইন প্রণয়ন কৰিছিল।

এই আইন মতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত জনজাতীয় অধ্যুষিত অঞ্চলবোৰলৈ ৩০ খন জনজাতীয় অঞ্চল বা বেল্ট গঠন কৰা হৈছিল।

(ঙ) খেতিৰ মাটিৰ একত্ৰিকৰণঃ কৃষিৰ উৎপাদন বৃদ্ধি আৰু কৃষিৰ কাম-কাজত শ্রম আৰু মূলধনৰ খৰচ কমোৱাৰ বাবে খেতি-মাটিৰ একত্ৰীকৰণৰ ব্যৱস্থা হাতত লোৱা হৈছিল। অসম ভূমি একত্ৰীকৰণ আইন, ১৯৬০ (Assam consolidation of Holdings Act,1960) ভূমিৰ একত্ৰীকৰণ, খেতি-মাটিবোৰৰ খণ্ডিতকৰণৰ পৰা ৰক্ষা কৰিবলৈ আৰু ভৈয়াম অঞ্চলত উন্নত কৃষিৰ ব্যৱস্থা প্ৰয়োগৰ উদ্দেশ্যে ১৯৬১ চনত গৃহীত হৈছিল। ১৯৬৯-৭০ চনৰ পৰা ভূমিৰ একত্ৰীকৰণ এখন কাৰ্য তালিকা গ্ৰহণ কৰা হৈছিল আৰু এই আঁচনিত ৪১ খন গাওঁৰ প্রায় ২০০৫ বিঘা মাটি অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু ১৯৬৯ চনৰ পৰা এই আঁচনিৰ কাম বন্ধ কৰি ৰখা হৈছে। ১৯৭৩ চনত বৰ্তমান অৱস্থাৰ পৰিপ্ৰেক্ষিতত ভূমিৰ একত্ৰীকৰণৰ সুবিধাৰ ওপৰত এখন জৰীপ চলোৱা হৈছিল।

অসম চৰকাৰে ইয়াৰ উপৰি কৃষি পুনৰগঠনৰ নীতি গ্ৰহন কৰিছিল আৰু ইয়াৰ প্ৰধান উদ্দেশ্যবিলাক আছিলঃ ভূমিৰ একত্ৰিকৰণ, ভূমি পৰিচালনা পদ্ধতি, সমবায় গ্রাম্য পরিচালনা।

(চ) মাটিৰ নিৰিখ বান্ধি দিয়াঃ মাটিৰ নিৰিখ বান্ধি দিয়াটো অসমৰ ভূমি-সংস্কাৰৰ এটি গুৰুত্বপূৰ্ণ উপায় বুলি ক’ব পৰা যায়। সেই উদ্দেশ্যে ১৯৫৫ চনত খেতি-মাটিৰ সৰ্বোচ্চ নিৰিখ ১.৫০ বিঘালৈ বান্ধি দিয়া হৈছিল। শেষত এই আইনৰ সংশোধন কৰি এই নিৰিখৰ পৰিমাণ ৭৫ বিঘালৈ কমোৱা হৈছিল। আকৌ অসম চৰকাৰে ১৯৭২ চনৰ জুন মাহত এই বিঘালৈ আহনখনৰ সংশোধন কৰি পৰিয়ালৰ বাবে মাটিৰ সৰ্বোচ্চ খেতি-মাটিৰ নিৰিখ ৫০ কমাই দিছিল আৰু বাগিছাৰ বাবে মুঠ মাটিৰ নিৰিখ ৩০ বিঘাৰ পৰা ৫০ বিঘালৈ কমাই দিছিল আৰু বাগিছাৰ বাবে মুঠ মাটিৰ নিৰিখ ৩০ বিঘাৰ পৰা ১৫ বিঘালৈ কমাই দিয়া হৈছিল। এই সংশোধন কাৰ্যকৰী হোৱাৰ পিচত প্ৰায় বাৰ লাখ বিঘা ওপৰঞ্চি মাটি পোৱা যাব বুলি অনুমান কৰা হৈছিল। এই ওপৰঞ্চি মাটিখিনি অধিগ্ৰহণ কৰাৰ পিচত বিভিন্ন হিতকৰ কামত সমভাৱে বিতৰণ কৰা হ’ব। প্ৰস্তাৱ অনুসৰি এই ওপৰঞ্চি মাটিখিনি অধিগ্ৰহণৰ পিচত প্ৰথমতে মাটি নথকা খেতিয়কক লৈ কৃষি পাম কপোৰেচন গঠন কৰা হ’ব আৰু ইয়াৰ ভালেখিনি কর্পোৰেচন গঠন কৰা হ’ব আৰু ইয়াৰ লাভখিনি কর্পোৰেচনৰ খেতিয়কবিলাকে উপভোগ কৰি থাকিব। যিবোৰ কামৰ বাবে উপযুক্ত নহয় সেইবোৰ বনানীকৰণৰ কামত খটোৱা হ’ব।

৩৬ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক শস্যৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ৷ 

উত্তৰঃ তলত দিয়া শস্যসমূহ উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখযোগ্য বাণিজ্যিক শস্য —

(ক) কুকুঁহিয়াৰঃ উত্তৰ-পূব ভাৰতৰ কেইবাটাও অঞ্চলত কুঁহিয়াৰ খেতি কৰা হয় ৷ অসমৰ পাহাৰীয়া জিলা দুখনৰ বাদে আটাইকেইখন জিলাতে কুঁহিয়াৰ খেতি কৰা হয়। কুঁহিয়াৰ খেতিৰ বাবে অসমৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল। ইয়াৰ পলসুৱা মাটি কুঁহিয়াৰ খেতিৰ বাবে উপযোগী। মেঘালয়ৰ ভৈয়ামৰ কাষৰীয়া অঞ্চলবোৰত আৰু নাগালেণ্ড, মিজোৰামৰ কেতবোৰ অঞ্চলত কুঁহিয়াৰ খেতি কৰা হয়। মণিপুৰৰ সমভূমি অঞ্চল কুঁহিয়াৰ খেতিৰ বাবে উপযোগী। অৰুণাচল আৰু ত্ৰিপুৰাত কুঁহিয়াৰৰ উৎপাদন নগণ্য ৷

(খ) মৰাপাটঃ উত্তৰ-পূব ভাৰতৰ মৰাপাট খেতিৰ বাবে অসমৰ জলবায়ুহে উপযোগী। বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ প্লাৱনভূমি বছৰি পলস পৰাৰ বাবে নদীৰ দাঁতি কাষৰীয়া ঠাই আৰু বালিচৰসমূহ এইবিধ কৃষিৰ বাবে বিশেষভাৱে উপযোগী। মৰাপাট উৎপাদনৰ ক্ষেত্ৰতো অসমৰ স্থান লেখত ল’বলগীয়া। অসমৰ মৰাপাট উৎপাদন সমগ্ৰ দেশৰ উৎপাদনৰ ২০ শতাংশ। মেঘালয়ৰ বিভিন্ন অঞ্চলত বিশেষকৈ গাৰো পাহাৰৰ নামনি অঞ্চলসমূহত, ত্ৰিপুৰাৰ উপত্যকা অঞ্চপ্ৰসমূহত আৰু মণিপুৰতো কিছু পৰিমাণে মৰাপাট উৎপাদন কৰা হয়।

(গ) ধঁপাতঃ উত্তৰ-পূব ভাৰতত অসমৰ নগাঁও, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, কামৰূপ, দৰং আৰু শোণিতপুৰ জিলাত ধঁপাতৰ খেতি কৰা হয়। ত্ৰিপুৰা ৰাজ্যৰ সমতল ভূমি মেঘালয় আৰুনাগালেণ্ডেও কিছু পৰিমাণৰ ধপাঁত উৎপাদন কৰে। অৰুণাচল আৰু মিজোৰামত ধঁপাত উৎপাদন কম।

(ঘ) সৰিয়হঃ উত্তৰ-পূব ভাৰতৰ অসমত সৰিয়হৰ খেতি কৰা হয়। অসমত উৎপাদন কৰা তৈল বীজসমূহৰ ভিতৰত সৰিয়হেই প্রধান। সৰিয়হৰ খেতি অসমৰ ভৈয়াম অঞ্চলৰ প্ৰায় সকলো জিলাতে ব্যাপকভাৱে কৰা হয়। মণিপুৰ আৰু মেঘালয়তো সৰিয়হৰ খেতি কৰা হয়।

(ঙ) তিলঃ উত্তৰ-পূৰ্বাঞ্চলৰ অসমৰ সকলো অঞ্চলতে তিলৰ খেতি কৰা হয় যদিও নামনি অসমৰ চৰ অঞ্চল তিলৰ খেতিৰ বাবে বিশেষ উপযোগী। এই অঞ্চলৰ অৰণাচলত হেক্টৰে প্ৰতি তিলৰ গড় উৎপাদন দেশৰ ভিতৰতে সৰ্বাধিক। মেঘালয়তো তিলৰ খেতি কৰা হয়।

(চ) চাহঃ উত্তৰ-পূব ভাৰতৰ ব্ৰহ্মপুত্ৰ উপত্যকা, সুৰমা উপত্যকা, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু নগালেণ্ডত চাহৰ খেতি কৰা হয়৷ ভাৰতৰ ভিতৰত অসমতেই সৰ্বাধিক চাহৰ খেতি কৰা হয় ৷ চাহ অসমৰ প্ৰধান ৰোপণ শস্য। অসমৰ মুঠ কৃষি ভূমিৰ প্ৰায় ৮ শতাংশ চাহ খেতিয়ে দখল কৰি ৰাখিছে। ইয়াৰ উপৰিও ত্ৰিপুৰাৰ এঢলীয়া পাহাৰসমূহত প্ৰচুৰ পৰিমাণে চাহ খেতি কৰা হয় ৷ ত্ৰিপুৰাত হেক্টৰে প্ৰতি চাহৰ গড় উৎপাদন ৬৮৩ কিল’গ্রাম। নাগালেণ্ডৰ পাহাৰৰ নামনি অঞ্চলসমূহ, অৰুণাচল প্ৰদেশ আৰু মিজোৰামতো চাহ খেতি কৰা হয়।

(ছ) কফিঃ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত কফি খেতি কৰা হয়। অসমৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰত মাটি সংৰক্ষণ বিভাগ আৰু ৰোপণ শস্যৰ উন্নয়ন সন্থাই কফি খেতি আৰম্ভ কৰিছে।নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত কফি খেতি কৰা হয় ৷ উত্তৰ-পূব ভাৰতৰ কফি খেতিৰ মাটিৰ ৫৭.৮৬ শতাংশ অসমত, ১৫.১২ শতাংশ মেঘালয়ত, ৯.৯৭ শতাংশ মিজোৰামত আৰু ৭.৮০ শতাংশ মণিপুৰত ৷ ত্ৰিপুৰাত ইয়াৰ খেতি কম।

(জ) ৰবৰঃ উত্তৰ-পূব ভাৰতত শেহতীয়াকৈ ৰবৰ খেতিয়ে গা কৰি উঠিবলৈ ধৰিছে। অসমৰ পাহাৰীয়া জিলা দুখন ৰবৰ খেতিৰ বাবে উপযোগী। ত্ৰিপুৰা ৰাজ্যই ৰবৰৰ খেতিত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ইয়াৰ জলবায়ু কেৰেলাৰ সমকক্ষ আৰু ৰবৰ খেতিৰ বিশেষ উপযোগী। মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশতো ৰবৰ খেতি কৰা হয়। 

(ঝ) কপাহঃ উত্তৰ-পূব ভাৰতৰ আটাইকেইখন ৰাজ্যতে কপাহ খেতি কৰা হয়। এই ৰাজ্যকেইখনৰ ভিতৰত মেঘালয়ে সৰ্বাধিক আৰু নাগালেণ্ডে সর্বনিম্ন পৰিমাণৰ কপাহ উৎপাদন কৰে।

৩৭ ৷ উজনি অসমত চাহ উৎপাদন কিয় বেছি হয়?

উত্তৰঃ চাহ গছৰ ক্ষীপ্ৰ বৃদ্ধি আৰু পত্ৰন কাৰ্যৰ উদ্দেশ্যে আদর্শ পৰিৱেশ হ’ল ২০°-৩৫° চে উত্তাপ আৰু এৰাধৰাকৈ প্ৰায় প্ৰতিদিনে হোৱা কিনকিনীয়া বৰষুণৰ বতৰ। আলসুৱা স্বভাৱৰ এই গছবিধৰ বাৰে ১০°-৩৫° চে. পৰিসৰৰ বাহিৰৰ তাপমান অত্যন্ত ক্ষতিকৰ ৷ ৰঙা আলতীয়া বা লেটাৰাইট মাটিৰ হেলনীয়া পৃষ্ঠ চাহ খেতিৰ বাবে উপযোগী। সঘনাই বৰষুণ বিচৰা চাহ গছৰ গুৰিত পানী জমা হ’লেই বিপদ। উজনি অসমত চাহ খেতিৰ বাবে উপযুক্ত পৰিৱেশ পোৱা যায়। এই অঞ্চলৰ উত্তাপ চাহ খেতিৰ উপযোগী হোৱাৰ লগতে সঘনাই হোৱা কিনকিনীয়া বৰষুণে চাহ গছৰ পত্ৰণত সহায় কৰে। আৰু তৰংগাকৃতিক পৃষ্ঠসমূহত এই খেতি কৰা বাবে গছৰ গুৰিত পানী জমা হ’বলৈ নাপায়। মুঠতে, উজনি অসমত চাহ খেতিৰ বাবে এক উপযুক্ত ভৌগোলিক পৰিৱেশ পোৱা যায় বাবে এই অঞ্চলত চাহৰ উৎপাদনৰ পৰিমাণো বেছি।

৩৮। অসমৰ চাহ খেতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ চাহ অসমৰ প্ৰধান বাণিজ্যিক ৰোপণ শস্য আৰু ৰাজ্যখনৰ সংগঠিত খণ্ডৰ একমাত্ৰ কৃষি বুলিব পাৰি । সমগ্ৰ ভাৰতৰ ভিতৰত অসমত সর্বাধিক চাহ উৎপাদন হয়। সাধাৰণভাৱে ক’বলৈ হ’লৈ ভাৰতে পৃথিৱীৰ ৪০% চাহ উৎপাদন কৰে আৰু অসমত ভাৰতৰ মুঠ উৎপাদনৰ ৫৫% চাহ উৎপাদন হয়। গতিকে, অসমত হোৱা চাহৰ উৎপাদন পৃথিৱীৰ মুঠ উৎপাদনৰ কম পক্ষেও বিশ শতাংশ। ২০০২ – ০৩ বিত্তীয় বৰ্ষৰ পৰিসংখ্যা অনুসৰি উজনি অসম অর্থাৎ তিনিচুকীয়াৰ পৰা গোলাঘাট জিলাৰ বন্যামুক্ত এঢলীয়া পৃষ্ঠৰ অঞ্চলসমূহতে অসমৰ ৬২ শতাংশ চাহ উৎপাদন হয়। ৰাজ্যখনৰ দ্বিতীয় উল্লেখযোগ্য চাহ উৎপাদনকাৰী অঞ্চলটো ভূটান আৰু অৰুণাচল সীমান্তৰ টেৰাই ভাবৰ কটিবন্ধৰ কিছু দক্ষিণে বন্যামুক্ত সু-প্রতিষ্ঠিত সমতলৰ পৰিসৰত ৯২°-৯৫° পূৱ দ্রাঘিমাংশৰ মাজত পোৱা যায়। হেক্টৰে প্ৰতি উৎপাদন হোৱা চাহৰ পৰিমাণ এই অঞ্চলত দুই মেট্রিক টনতকৈও অধিক হোৱা দেখা যায়। বৰাক উপত্যকাৰ উত্তৰ, পূৱ আৰু দক্ষিণৰ ওখোৰা-মোখোৰা ভূমি ভাগতো দুশখন মান চাহ বাগিছা পোৱা যায় ৷ উল্লেখ্য যে, অসমৰ এই তিনিওটা অঞ্চলৰ বাহিৰে অসমৰ আন আন ঠাইত মুঠতে ৫২৪ খন সৰু ডাঙৰ চাহ বাগিছা আছে। নগাঁও আৰু মৰিগাঁও জিলাত সৰ্বমুঠ ২১৩ খন চাহ বাগিছা আছে। 

৩৯। নামনি অসমত মৰাপাটৰ খেতি কিয় হয়?

উত্তৰঃ  সচৰাচৰ পানী জমা হোৱা পলসুৱা মাটিত মাৰ্চ-এপ্ৰিল মাহত মৰাপাটৰ বীজ সিঁচা হয়। চেপ্তেম্বৰ আৰু অক্টোৱৰ মাহত এই গছবোৰ গুৰিতে কাটি পানীত বুৰাই বাকলি গুচাই ইয়াৰ পৰা আঁহ উলিয়াব পাৰি৷ কটাৰ পিছত আঁহ উলিয়াৱৰ কাৰণে গোৰাই থ’বলৈ মৰাপাট খেতিৰ অঞ্চলত বিস্তীৰ্ণ পৰিসৰৰ গভীৰ জলাশয় থকা উচিত। ইয়াৰ আঁহ নিষ্কাষণৰ পৰ্যায়টো অতি কষ্টসাধ্য আৰু স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। সচৰাচৰ পূৰ্ব বংগৰ পৰা আহি অসমত থিতাপি লোৱা মুছলমানধর্মী লোকসকলেই এই কৃষিকাৰ্যত অধিক অভ্যস্ত। নামনি অসমৰ সমতল ভূমিত বিস্তীৰ্ণ পৰিসৰত গভীৰ জলাশয় পোৱা যায়, যিটো মৰাপাটৰ খেতিৰ বাবে অত্যন্ত আৱশ্যকীয়। দ্বিতীয়তে, ওপৰত উল্লেখ কৰাৰ দৰে এই কৃষিকাৰ্যত অভ্যস্ত লোকসকলে প্ৰধানকৈ নামনি অসমতে বসতি স্থাপন কৰিছে। অর্থাৎ ক’ব পাৰি যে, মৰাপাট খেতিৰ বাবে নামনি অসমত উপযুক্ত ভৌগোলিক পৰিৱেশ থকাৰ লগতে এই অঞ্চলৰ কৃষকসকল এইবিধ কষ্টসাধ্য কৃষিকার্যত অভ্যস্ত যিয়ে অঞ্চলটোত মৰাপাটৰ উৎপাদন বৃদ্ধিত সহায়ক হৈছে।

৪০। অসমৰ কৃষিখণ্ডৰ অনগ্ৰসতাৰ এটি কাৰণ আলোচনা কৰা। 

উত্তৰঃ অসমৰ জনসাধাৰণৰ পৰিয়ালকেন্দ্ৰিক অর্থনীতি ঘাইকৈ ৰাজ্যখনৰ পৰম্পৰাগত কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল। অসমৰ ঔদ্যোগিক ক্ষেত্রখনো প্রধানভাৱে কৃষিকাৰ্যৰ দ্বাৰা উৎপাদিত কেঁচামালৰ ওপৰতে চলি আছে। ঘাইকৈ কৃষিকেন্দ্ৰিক অৰ্থনীতিৰ ৰাজ্য হোৱা স্বত্বেও অসমৰ কৃষি ব্যৱস্থাৰ সামগ্ৰিক দৃশ্যপট ভাৰতৰ প্ৰায়বোৰ সমভূমি ৰাজ্যৰ তুলনাত পশ্চাৎগামী। প্রাকৃতিক পৰিৱেশ অনুকূল হোৱাৰ পিছতো অসমৰ অনুন্নত কৃষি ব্যৱস্থাটোৱে ঘাইকৈ কৃষক আৰু ৰাজ্য চৰকাৰৰ অমনোযোগীৰ কাৰণেই আগবাঢ়িব পৰা নাই। ধানৰ বাহিৰে আন কোনোবিধ খাদ্য শস্যৰ উৎপাদনতে অসম স্বাৱলম্বী নহয়৷ আকৌ চাহ খেতিৰ বাহিৰে অসমৰ কৃষিখণ্ডটোত বাকী সকলো শস্যকে অসংগঠিত কৃষকৰ নিজা পৰিচালিত কৃষি বুলিব পাৰি। ভাৰতৰ প্ৰায় প্ৰতিখন কৃষি অর্থনীতিৰ ৰাজ্যৰ তুলনাত অসমৰ কৃষক পৰিচালিত কৃষিখণ্ডটো জলসিঞ্চনৰ অব্যৱস্থা, কৃষিঋণ দানৰ সীমাৱদ্ধতা তথা প্রাপ্ত ঋণৰ অপপ্ৰয়োগ, কৃষি বিপণন ব্যৱস্থাৰ অভাৱ, উন্নত যন্ত্রপাতি, বীজ আৰু সাৰ প্ৰয়োগৰ ব্যৰ্থতা ইত্যাদি বিভিন্ন মানৱসৃষ্ট সমস্যাৰে শোচনীয়ভাৱে ভাৰাক্ৰান্ত। প্রাকৃতিক অৱস্থাজনিত কাৰক যেনেঃ ভূমিক্ষয়, পাৰ্বত্য এলেকাত ক্ষুদ্রাকৃতিৰ পথাৰ, বানপানী আদিৰ কুপ্ৰভাৱৰ কথাও উল্লেখনীয়।

৪১। অসমৰ কৃষি ব্যৱস্থাত ধান খেতিৰ একাধিপত্য সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ অসমৰ মুঠ কৃষিক্ষেত্ৰৰ ৬৬.১৩ শতাংশ এলেকাত ধান খেতি কৰা হয়। অসমত পৰম্পৰাগতভাৱে বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰা হৈছিল যদিও আজিকালি অধিক উৎপাদনক্ষম জয়া, পুসা, আই, আৰ-৮, আইজং ইত্যাদি সংকৰ প্ৰজাতিৰ ধানহে ৰাজ্যখনৰ পথাৰত অধিক পৰিমাণে দেখা যায়। অৱশ্যে বৰা, চকোৱা, কণজহা ইত্যাদি উচ্চমানবিশিষ্ট পৰম্পৰাগত প্ৰজাতিৰ ধানৰ উৎপাদন অসমত এতিয়াও নোহোৱা নহয়। শস্য চপোৱাৰ ঋতুভিত্তিক অসমত তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা দেখা যায় – 

(ক) শৰৎকালীন। 

(খ) শীতকালীন আৰু গ্ৰীষ্মকালীন। 

অসমৰ ক্ষেত্ৰত কৃষি ব্যৱস্থাৰ উন্নতিৰ সলনি কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণৰ দ্বাৰাহে ধান উৎপাদন বৃদ্ধি পাইছে। 

অসমত তিনিটা ঋতুত তিনিবিধ ধান চপোৱা হয় যদিও শীতকালীন ধানৰ খেতিৰেই জনপ্রিয়তা বেছি। গ্রীষ্মকালীন ধানৰ হেক্টৰে প্ৰতি উৎপাদন বেছি যদিও উৎপাদিত শস্যৰ গুণগত মান উন্নত নহয়। শাৰদীয় ধানসমূহৰ হেক্টৰে প্ৰতি উৎপাদন কম। ২০০২-০৩ চনৰ পৰিসংখ্যা অনুসৰি অসমৰ সৰ্বমুঠ ২৫.৪ লাখ হেক্টৰ ধাননি পথাৰৰ ভিতৰত ১৪.৩৬ লাখ হেক্টৰ আইজং, ৰঞ্জিত, সোণালিকা, পুখা, চীনা -৬৩, জয়া, আহু আৰ-৮, পংকজ প্রভৃতি অধিক উৎপাদনক্ষম সঁচৰ বীজ প্ৰয়োগ কৰা হৈছিল। সেউজ বিপ্লৱৰ স্থায়ী সুফলৰূপে গণ্য কৰা উন্নত জাতৰ বীজ ব্যৱহাৰৰ পিছতো হাজাৰ বছৰীয়া ধান খেতিৰ পৰম্পৰাবাহী ৰাজ্য অসমৰ স্থিতি মুঠেই সন্তোষজনক নহয় ৷

অসমৰ প্ৰায় সকলো পৰিৱেশতে ধান খেতি কৰিব পাৰি। ৰাজ্যখনৰ দুয়োটা নদী উপত্যকাৰ অত্যন্ত গভীৰ জলাশয়সমূহক বাদ দি বাকী সকলো অৱস্থানতে লাভজনকভাৱে ধান খেতি কৰিব পাৰি ৷ ধেমাজি, কৰিমগঞ্জ, মৰিগাঁও, নলবাৰী, লখিমপুৰ, কাছাৰ জিলাত ধান খেতিৰ বাবে ব্যৱহৃত কৃষিভূমি আৰু মুঠ কৃষিভূমিৰ অনুপাত ৰাজ্যিক অনুপাতৰ ওপৰত। মুঠতে ধান উৎপাদনৰ ক্ষেত্ৰত অসম ৰাজ্য বহুখিনি স্বাৱলম্বী।

৪২।  কোনবিলাক ভৌগোলিক কাৰণৰ বাবে অসম চাহ খেতিৰ প্ৰধান অঞ্চল হৈ উঠিছে? 

উত্তৰঃ চাহ উৎপাদনত অসম বিশ্বৰ এক শীর্ষ স্থানীয় অঞ্চল ৷ চাহ অসমৰ এক সংগঠিত খণ্ডৰ বাণিজ্যিক কৃষি । অসমৰ মুঠ কৃষিভূমিৰ ৭.০ শতাংশ চাহ খেতিত বিনিয়োগ কৰা হয়। চাহ খেতিৰ সাফল্য ঘাইকৈ জলবায়ু তথা মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰশীল। সমগ্ৰ ভাৰতৰ ভিতৰত অসমত সৰ্বাধিক চাহ উৎপন্ন হয়। ভাৰতে পৃথিৱীৰ ৪০ শতাংশ চাহ উৎপাদন কৰে আৰু অসমত ভাৰতৰ মুঠউৎপাদনৰ ৫৫% চাহ উৎপন্ন হয়। ইয়াৰ বাবে অসমৰ ভৌগোলিক পৰিৱেশৰ অনুকূল অৱস্থিতিয়ে মূল কাৰণ। চাহ গছৰ ক্ষীপ্ৰ বৃদ্ধি আৰু পত্ৰণৰ উদ্দেশ্যে আদর্শ পৰিৱেশ ২০-৩৫°চে. উত্তাপ আৰু এৰা ধৰাকৈ প্ৰায় প্ৰতিদিনে হোৱা কিনকিনীয়া বৰষুণৰ বতৰ৷ ১০°-৩৫° চে. পৰিসৰৰ বাহিৰৰ তাপমান চাহ গছৰ বাবে অত্যন্ত ক্ষতিকৰ। ৰঙা আলতীয়া অথবা লেটেৰাইট মাটিৰ হেলনীয়া পৃষ্ঠ চাহ খেতিৰ উপযোগী। সম্পূৰ্ণ সমতলপৃষ্ঠৰ সলনি তৰংগাকৃতিক পৃষ্ঠতহে চাহ বাগিছা দেখা যায়। অসমৰ ভৌগোলিক পৰিৱেশত বার্ষিক ন্যূনতম ১৫০ চেঃমিঃবৰষুণ হোৱাৰ লগতে কিছু পৰিমাণে হ’লেও শীতকালীন বৃষ্টিপাত হোৱা পাহাৰৰ নামনি অঞ্চলৰ প্ৰত্ন পলসুৱা মাটি ক্ৰমে ৰঙা আলতীয়া অথবা লেটেৰাইত মাটিলৈ ৰূপান্তৰিত হৈ থকা এলেকাসমূহকেই চাহ খেতিৰ উদ্দেশ্যে সর্বোত্তম বুলি ধৰা হয়।

৪৩৷ উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য-শস্যৰ বিষয়ে চমুকৈ আলোচনা কৰা ৷

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য-শস্যসমূহ তলত আলোচনা কৰা হ’ল —

(ক) ধানঃ উত্তৰ-পূব ভাৰতৰ সমতল ভূমিবোৰত আহু, শালি, বাও আৰু বড়ো ধানৰ খেতি কৰা হয়৷ এইবোৰৰ ভিতৰত শালি ধানেই প্রধান আৰু ইয়াৰ খেতিয়েই অধিক পৰিমাণে কৰা হয়। অসমৰ মুঠ কৃষিভূমিৰ ২/৩ অংশতকৈও অধিক মাটিত ধান খেতি কৰা হয়। অসমত শালি, আহ, বাও আৰু বড়ো চাৰিওবিধ ধানেৰে খেতি কৰা হয়। ইয়াত বাৰিষা কালতেই সৰ্বাধিক ধান খেতি কৰা হয়। অৰুণাচলৰ প্ৰায় ২২ শতাংশ মাটিত বৃষ্টিমুখ্যৰ ধান খেতি আৰু বেদিকা কৃষি কৰা হয়। নাগালেণ্ডত প্রাচীন পদ্ধতিত ধান খেতি কৰা হয় বাবে উৎপাদন কম। ত্ৰিপুৰাৰ মুঠ খেতিৰ মাটিৰ প্ৰায় ৮০ শতাংশতেই ধান খেতি কৰা হয়। ধান উৎপাদনত মণিপুৰ যথেষ্ট স্বাৱলম্বী। মিজোৰামতো ধান খেতি কৰা হয়।

(খ) ঘেঁহুঃ উত্তৰ-পূব ভাৰতৰ কেতবোৰ অঞ্চলত ঘেঁহুৰ খেতি প্ৰৱৰ্তন কৰা হৈছে। অসমৰ প্ৰায় আটাইকেইখন জিলাতেই কম-বেছি পৰিমাণে এই খেতি কৰা হয়। অৱশ্যে উৎপাদন কামৰূপ আৰু বৰপেটা জিলাতেই সর্বাধিক। অসমত শীতকালীন শস্য হিচাপে ইয়াৰ খেতি কৰা হয় ৷ অৰুণাচলৰ কামেং আৰু লোহিত জিলাত, নাগালেণ্ডৰ উত্তৰ অঞ্চলত, মেঘালয় আৰু ত্ৰিপুৰাতো কিছু পৰিমাণে ঘেঁহু উৎপাদন কৰা হয়।

(গ) গোমধানঃ উত্তৰ-পূব ভাৰতত গোমধানৰ খেতি ব্যাপকভাৱে কৰা হয়। অসমৰ ঘাইকৈ পাহাৰীয়া জিলা কেইখনত ইয়াৰ খেতি কৰা হয়। সমগ্ৰ মেঘালয় মালভূমিতে গোমধানৰ খেতি কৰা হয় ৷ নাগালেণ্ডৰ ঘাইকৈ উত্তৰ অংশত, মণিপুৰৰ পাহাৰীয়া অঞ্চলত, অৰুণাচল প্ৰদেশৰ আটাইকেইখন জিলাতে আৰু মিজোৰামতো কেতবোৰ অঞ্চলত এই খেতি কৰা হয়। ত্ৰিপুৰাৰ এই খেতি অতি নগণ্য।

(ঘ) জোৱাৰঃ উত্তৰ-পূব ভাৰতৰ অসম, নাগালেণ্ড, মেঘালয় আৰু অৰুণাচল প্ৰদেশত জোৱাৰৰ খেতি কৰা হয়। অসমৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰত ইয়াৰ খেতি কৰা হয়। সমগ্র মেঘালয় মালভূমি, অৰুণাচল প্ৰদেশৰ টিৰাপ, ছিয়াং, লোহিত আৰু সোঁৱণশিৰি অঞ্চলত ইয়াৰ খেতি কৰা হয়।

(ঙ) বাৰ্লিঃ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ অৰুণাচল প্ৰদেশত বাৰ্লিৰ খেতি কৰা হয়।

(চ) মাহ জাতীয় শস্যঃ অসমত মচুৰ মাহ, মগুমাহ, মাটিমাহ, বুটমাহ, অৰহৰ আৰু ক’লা মাহৰ খেতি কৰা হয় ৷ অসমৰ কাৰ্বি আংলং জিলাত অধিক উৎপাদনশীল জাতৰ মাহৰ খেতিৰ প্ৰৱৰ্তন কৰা হৈছে। নাগালেণ্ডৰ উত্তৰ অংশ, অৰুণাচল প্ৰদেশৰ লোহিত জিলা, মেঘালয়ৰ পূব অঞ্চলত আৰু মণিপুৰত প্ৰচুৰ পৰিমাণৰ মাহ দাইল উৎপন্ন হয় ।

(ছ) আলুঃ উত্তৰ-পূব ভাৰতত ব্যাপকভাৱে আলুৰ খেতি কৰা হয়। অসমৰ প্ৰতিখন জিলাতে ইয়াৰ খেতি কৰা হয়। অসমৰ উপৰিও বাকী কেইখন ৰাজ্যতো প্ৰচুৰ পৰিমাণৰ আলু উৎপাদন কৰা হয়।

৪৪ ৷ উত্তৰ-পূব ভাৰতত খেতি স্থানান্তৰৰ বহনক্ষম বিকল্পৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ ঝুমণ্ডণালীটো সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱা’ বুলি মূল্যাঙ্কন কৰি, স্থানান্তৰিত খেতিৰ ওপৰত নিৰ্ভৰশীল বৰ্ধিত জনসাধাৰণক স্থানান্তৰ তৰু বাহা ৰখাৰ বাবে প্ৰক্ৰিয়াটো অধিক উৎপাদনশীল কৰা প্ৰয়োজন৷ খেতিৰ টাইপ’লজী সলনি কৰাৰ বাবে, স্থানান্তৰিত খেতিয়ক বা ঝুমিয়াসকলক তেওঁলোকে খেতি কৰিব পৰা আৰু স্থায়ীভাৱে লাভ প্রাপ্ত কৰিব পৰা মাটি প্ৰদান কৰাটো অত্যাৱশ্যকীয় (ডাৰলং, ২০০৪)। এটা পদ্ধতি হ’ব পাৰে স্থানান্তৰিত ভূমিবোৰক বহিৰাগত খেতিপথাৰলৈ ৰূপান্তৰ কৰা। আন এটা উপায় হ’ব পাৰে স্থানান্তৰিত খেতিপথাৰৰ মাটিৰ পুনৰ প্ৰশিক্ষণ ক্ষমতা নিশ্চিত হোৱাৰ পিছত জৈৱিক সাৰ আৰু সাৰৰ অতিৰিক্ত ব্যৱহাৰৰ জৰিয়তে ইয়াক বৃদ্ধি কৰিব পাৰি। অৱশ্যে, উত্তৰ-পূব ভাৰতৰ পাহাৰবোৰত কৃষিৰ বহিৰাগত প্রকৃতি ৰখাৰ বাবে বহুতো সৰু পথত গ্ৰহণ কৰা আটাইতকৈ সচৰাচৰ পদক্ষেপটো হ’ল টেৰেছৰ । বিকাশ ৷ এক নিৰ্দিষ্ট প্ৰকাৰৰ পৰিৱেশ তন্ত্ৰৰ সৈতে খাপ খাবলৈ অঞ্চলটোত বিভিন্ন প্ৰকাৰৰ টেৰেছ আহিছে । দৰাচলতে, এতিয়ালৈকে এইটো ভালদৰে স্বীকাৰ কৰা হৈছে যে পাহাৰীয়া অঞ্চলবোৰত টেৰেছ খেতি উৎপাদনৰ এক দক্ষ মাধ্যম হ’ব পাৰে। 

অৱশ্যে, সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বেছিভাগ স্থানান্তৰিত খেতিয়কৰ দুৰ্বল অর্থনৈতিক স্থিতিৰ পৰিপ্ৰেক্ষিতত, টেৰেছিঙত ব্যয় জঞ্জতি হোৱা আৰু টেৰেছ পথাৰলৈ নিয়মীয়াকৈ পানী যোগান ধৰা হৈছে সেইবোৰ কাৰক যাক মূল্যাঙ্কন কৰা প্ৰয়োজন৷ অৱশ্যে এইটো কোৱাৰ পিছত, অঞ্চলটোৰ স্থানান্তৰিত খেতিয়কসকলেহে চাদ তৈয়াৰ কৰিছে আৰু নিজকে বান্ধিছে, বন বা ফল গছ, ঘাঁহ আৰু মাহজাতীয় শস্য আৰু নগদ শস্যৰ সৈতে তীব্ৰ ঢালত সুৰক্ষামূলক আৱৰণৰ সম্প্ৰসাৰণৰ বিষয়ে সজাগতা প্ৰচাৰ কৰিছে। সেয়েহে, অর্থনৈতিক গুৰুত্বৰ সৈতে নতুন শস্যৰ প্ৰসাৰ উত্তৰ-পূব ভাৰতৰ স্থানান্তৰিত খেতিৰ দূৰৱৰ্তী আৰু বিচ্ছিন্ন পাহাৰৰ পকেটলৈ সম্প্ৰসাৰিত কৰিব লাগে। কিন্তু, এই কথাৰ সৈতে যাব লাগিব যে এইটো প্ৰশ্নত থকা ভূমিৰ সামঞ্জস্য আৰু উপযুক্ততা যাক অঞ্চলটোৰ যিকোনো ভূমি ব্যৱহাৰ পৰিকল্পনাৰ বাবে বিবেচনা কৰা প্ৰয়োজন। একে সময়তে, উত্তৰ-পূব ভাৰতৰ স্থানান্তৰিত খেতিয়কসকলক স্থানান্তৰিত খেতিৰ ক্ষেত্ৰৰ বাহিৰত থকা জীৱিকাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব পাৰে। 

গছ-গছনি আৰু বাগিচা, থলুৱা হস্তশিল্প আৰু হস্ততাঁত পালনৰ প্ৰশিক্ষণ প্ৰদান কৰা আৰু তেওঁলোকক কৃষি আৰু আনুষঙ্গিক খণ্ড যেনে— দুগ্ধজাত, গাহৰি পালন, ছাগলী, কুকুৰা পালন, ভেঁড়া পালন, মৌপালন আৰু পুষ্প সংস্কৃতিৰ পৰিসৰৰ বিষয়ে অৱগত কৰাটোৱে কেৱল তেওঁলোকৰ ঘৰুৱা উপাৰ্জন বৃদ্ধি নকৰে, লগতে খেতি স্থানান্তৰৰ বাহিৰত জীৱিকাৰ সুযোগৰ বিস্তাৰ মুকলি কৰিব। কাৰ্যকৰী ৰূপায়ণৰ বাবে ব্যৱসায় বিকাশ সেৱা প্ৰদানকাৰীসকলে বজাৰৰ প্ৰৱেশাধিকাৰত হাত ৰখাকে ধৰি প্ৰয়োজনীয়তা আৰু সুযোগ আধাৰিত সেৱা প্ৰদান কৰাৰ বাবে কাম কৰিব লাগে। জনজাতীয় লোকসকলৰ ৰীতি-নীতি আৰু প্ৰথাৰ আঁৰত তেওঁলোকৰ জলবায়ু, ভূখণ্ড, খাদ্যাভ্যাস, প্ৰয়োজনীয়তা আৰু আত্মনিৰ্ভৰশীলতা, সকলোৰে খেতি সলনি কৰাৰ ওপৰত এক মতামত আছে। 

জনজাতীয় সমাজৰ সমগ্ৰ পৰিসৰ খাদ্য উৎপাদনৰ মাধ্যমৰ সৈতে জড়িত (ৰামকৃষ্ণণ, ১৯৯২)। তদুপৰি, য’ত জনসংখ্যাৰ ঘনত্ব কম আৰু মাটি পুনৰ পূৰণ কৰাৰ বাবে যথেষ্ট সময় দিয়া হয়, শ্লেছ আৰু বাৰ্ণ প্ৰক্ৰিয়াবোৰ পৰিৱেশৰ সৈতে বহনক্ষম আৰু সুসংগত হ’ব পাৰে। দীর্ঘম্যাদী উদ্দেশ্য হ’ব লাগে উৎপাদনৰ এক সামাজিকভাবে স্বীকৃত পদ্ধতি, যি পৰিৱেশ তন্ত্ৰত ব্যাঘাত সৃষ্টি নকৰে, একে সময়তে পাৰিপাৰ্শ্বিক ভাৰসাম্য আৰু অৰ্থনৈতিক সম্ভাৱনীয়তা বজাই ৰাখে।

ইয়াৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে— 

(ক) আঁচনিবোৰত ব্যৱহাৰিক আৰু প্রাসঙ্গিক নির্দেশনা বিকশিত কৰা যি কৃষকসকলক উৎপাদনৰ পুৰণি পদ্ধতিত নতুন বহনক্ষম তাৰতম্য গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। 

(খ) স্থানান্তৰিত খেতিয়কসকলৰ সৈতে খেতি স্থানান্তৰৰ সন্দৰ্ভত গৱেষণা আৰু সিদ্ধান্ত লোৱাত অংশগ্ৰহণ।

(গ) আধুনিক বৈজ্ঞানিক দক্ষতাৰ সৈতে থলুৱা জ্ঞানৰ একত্ৰীকৰণ ৷ 

(ঘ) পৰিত্যক্ত ভূমি পুনৰুদ্ধাৰৰ বাবে আঁচনিৰ বিকল্পৰ মূল্যাঙ্কন। 

(ঙ) জৈৱিক শস্য আৰু চৰণ প্ৰণালী বিকশিত কৰা যি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ সহায় কৰে।

(চ) মাটিৰ খহনীয়া প্ৰতিহত কৰিবলৈ জৈৱীয় বাধাৰ ডিজাইনিং আৰু সংগঠন। পৰিৱেশ তন্ত্ৰৰ স্থিৰতা বৃদ্ধি কৰিবলৈ, পদক্ষেপবোৰ অঞ্চলটোত খেতিৰ পকেট সলনি কৰাৰ বাবে এক পেকেজ হিচাপে বিবেচনা কৰা হ’ব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top