Great Educators And Educational Thought Unit 2 Modern Indian Educators and Educational Thoughts

Great Educators And Educational Thought Unit 2 Modern Indian Educators and Educational Thoughts Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Solutions of Great Educators And Educational Thought Unit 2 Modern Indian Educators and Educational Thoughts to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Great Educators And Educational Thought Unit 2 Modern Indian Educators and Educational ThoughtsQuestion Answer can be of great value to excel in the examination.

Great Educators And Educational Thought Unit 2 Modern Indian Educators and Educational Thoughts

Join Telegram channel

Great Educators And Educational Thought Unit 2 Modern Indian Educators and Educational Thoughts Notes cover all the exercise questions in UGC Syllabus. The Great Educators And Educational Thought Unit 2 Modern Indian Educators and Educational Thoughts provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Modern Indian Educators and Educational Thoughts

EDUCATION

মহান শিক্ষাবিদ আৰু শৈক্ষিক চিন্তাধাৰা

GREAT EDUCATORS AND EDUCATIONAL THOUGHTS


: Rabindra Nath Tagore :

১) ৰবীন্দ্ৰনাথ ঠাকুৰ কোন আছিল?

Who was Rabindranath Tagore?

উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল বিশ্ববৰেণ্য সাহিত্যিক। নোবেল বঁটা বিজয়ী প্রথমজন ভাৰতীয় সাহিত্যিক।

২) ক’ত আৰু কেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

When and where did Rabindranath Tagore born?

উত্তৰঃ ১৮৬১ চনৰ ৭ মে’ত। পশ্চিমবংগত।

৩) ৰবীন্দ্ৰনাথ ঠাকুৰে কোন চনত নোবেল বঁটা লাভ কৰিছিল? 

When did Rabindranath Tagore got the Nobel Prize?

উত্তৰঃ ১৯১৩ চনত।

৪) কোনখন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা পাইছিল? 

For what book Rabindranath Tagore got his Nobel Prize?

উত্তৰঃ গীতাঞ্জলী কাব্য গ্ৰন্থৰ বাবে।

৫) ৰবীন্দ্ৰনাথ ঠাকুৰক কোনে ‘নাইটহড’ উপাধি প্রদান কৰিছিলে? 

Who did offer the title of ‘Knighthood’ to Rabindranath Tagore?

উত্তৰঃ ব্ৰিটিছ চৰকাৰে

৬) শান্তিনিকেতন’ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল? 

Who and when did the ‘Shantiniketan’ established?

উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০১ চনত কলিকতা চহৰৰ পৰা ৯৩ কিলোমিটাৰ আঁৰৰ বোলপুৰ নামৰ ঠাইত শান্তিনিকেতন প্রতিষ্ঠা কৰিছিল।

৭) ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষা দৰ্শনৰ বিষয়ে লিখা। 

Write about the Educational Philosophy of Rabindranath Tagore?

উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষা দৰ্শন তেওঁৰ জীৱন দৰ্শনৰে অন্য এটা ৰূপ৷ অৰ্থাৎ ৰবীন্দ্ৰনাথৰ শিক্ষা দৰ্শনত তেওঁৰ জীৱনদৰ্শনৰ প্ৰভাৱ স্পষ্টৰূপে পৰা দেখা যায়। সেই সময়ত দেশত ইংৰাজসকলৰ দ্বাৰ। প্রচলিত শিক্ষা ব্যৱস্থাই ৰবীন্দ্ৰনাথ ঠাকুৰক অলপো সন্তুষ্ট কৰিব পৰা নাছিল। কাৰণ এই শিক্ষা ব্যৱস্থাই প্ৰাচ্যৰ সাহিত্য, সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰা কোনোটোতে গুৰুত্ব দিয়া নাছিল। তেওঁ মতপোষণ কৰিছিল যে, শ্ৰেণীকোঠাৰ শিক্ষাই কেৱল পুথিগত জ্ঞান প্ৰদানৰ দ্বাৰা ছাত্রছাত্ৰীক আগুৱাই নিয়াতহে গুৰত্ব আৰোপ কৰিছিল। যিটোৰ দ্বাৰা তেওঁলোকৰ সৰ্বতোমুখী বিকাশ অথবা ব্যক্তিত্বৰ বিকাশ কোনোটোৱেই সম্ভৱ নহয়। তেওঁ মুক্ত পৰিৱেশত শিশুৰ প্ৰাকৃতিক শিক্ষাৰ পোষকতা কৰে। যিহেতু তেওঁৰ জীৱন দৰ্শনতে প্ৰকৃতিবাদৰ ভাবধাৰা দেখিবলৈ পোৱা যায় ৷ নিজৰ দেশৰ ঐতিহ্য পৰম্পৰা, আৰ্থ-সামাজিক, ৰাজনৈতিক দিশৰ আভাস নোপোৱাকৈ কোনো ব্যক্তি কেতিয়াও উপযুক্ত নাগৰিক হ’ব নোৱাৰে আৰু ব্যক্তিত্বৰ বিকাশো সম্ভৱ নহয়। তেওঁৰ মতে, সেই সময়ৰ শিক্ষা ব্যৱস্থা ভাৰতীয় সংস্কৃতি, পৰম্পৰা বা এতিহ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা নাছিল। গতিকে এনে শিক্ষাই ভাৰতীয় মানুহৰ ওপৰত কোনো ধৰণে প্ৰভাৱ পেলাব পৰা নাছিল। গতিকে ৰবীন্দ্রনাথ ঠাকুৰে শিক্ষাৰ নতুন পৰিকল্পনাৰ কথা চিন্তা কৰিছিল ।

৮) ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষা দৰ্শনৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা। 

Write about the different characteristics of Educational Philosophy of Rabindranath Tagore.

উত্তৰঃ শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱনদৰ্শনৰ সুস্পষ্ট প্ৰভাৱ পৰিলক্ষিত হয়। তেওঁৰ মতে, শিক্ষাৰ লক্ষ্যসমূহ এনেধৰণৰ—

(১) ব্যক্তিত্বৰ বিকাশ সাধন :- ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্য হ’ল-ব্যক্তিৰ ব্যক্তিত্বৰ সামঞ্জস্যপূর্ণ বিকাশ। গতিকে ব্যক্তিত্বৰ পূৰ্ণ বিকাশেই হ’ল শিক্ষাৰ লক্ষ্য। গতিকে আমাৰ শিক্ষা ব্যৱস্থাত এনে পৰিৱেশৰ প্ৰয়োজন যিয়ে ছাত্র- ছাত্রীসকলক এক সবল ব্যক্তিত্বৰ অধিকাৰী হিচাপে গঢ় দি তুলিব পাৰে।

(২) আধ্যাত্মিক বিকাশ সাধন :- ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, শিক্ষাৰ আন এটা লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ আধ্যাত্মিক বিকাশ সাধন। এজন আদর্শবাদী দার্শনিক হিচাপে প্রাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাৰ প্ৰভাৱ ৰবীন্দ্ৰনাথৰ শিক্ষাৰ লক্ষ্যৰ’জিত প্ৰতিফলিত হোৱা দেখা যায়। ছাত্রছাত্ৰীসকলক আধ্যাত্মিক সংস্কৃতিৰ শিক্ষা দিয়া তেওঁৰ শিক্ষাৰ আন এটা লক্ষ্য আছিল।

(৩) শাৰীৰিক বিকাশ সাধন :- ৰবীন্দ্ৰনাথ ঠাকুৰৰ শৈক্ষিক দৰ্শনে শিক্ষাৰ্থীৰ শাৰীৰিক বিকাশ সাধনক শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষ্য বুলি ক’ব বিচাৰে। শাৰীৰিক সুস্থতাই সদায় যিকোনো কামত অংশগ্ৰহণ কৰিবলৈ উদগনি দিয়ে। গতিকে ৰবীন্দ্ৰনাথ ঠাকুৰে শিক্ষাৰ্থীৰ শাৰীৰিক বিকাশ সাধনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। বিভিন্ন খেলা-ধূলা, শাৰীৰিক শ্ৰম, ব্যায়াম আদিৰ জৰিয়তে শাৰীৰিক সুস্থতা বজাই ৰখাৰ ওপৰত গুৰমত্ব দিছিল। ইয়াৰ লগে লগে প্ৰাকৃতিক জগতৰ পৰা লক্ষ্য কৰিব পৰা বহুতো শাৰীৰিক কাৰ্য এইক্ষেত্ৰত অনুমোদন কৰিছিল, যেনে-সাঁতোৰা,গছত বগোৱা, ফল-মূল ছিঙা ইত্যাদি এইক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিব পাৰি ৷

(৪) মানসিক বিকাশ সাধন :- শিক্ষাৰ জৰিয়তে মানসিক বিকাশ সাধনৰ লক্ষ্য ৰবীন্দ্ৰনাথ ঠাকুৰে স্থিৰ কৰিছিল। এইক্ষেত্ৰত তেওঁ পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। তেওঁৰ মতে, পুথিগত আৰু তত্ত্বমূলক শিক্ষাই কেৱল বিভিন্ন বিষয়ৰ তথ্যভিত্তিক জ্ঞানহে প্ৰদান কৰে, ই ছাত্ৰ-ছাত্ৰীৰ সৃজনাত্মক আৰু বিশে-ষণাত্মক চিন্তাৰাজিৰ কোনো বিকাশ সাধন কৰিব নোৱাৰে। গতিকে ছাত্ৰ-ছাত্ৰীক এনে শিক্ষা দিব লাগিব, যি শিক্ষাই শিশুৰ কল্পনাশক্তি, মুক্ত চিন্তাধাৰা, অনুসন্ধিৎসু, বুদ্ধিমত্তা আদি গুণবোৰৰ উপযুক্ত বিকাশ সাধন কৰি সুস্থ মানসিক বিকাশ সংঘটিত কৰে।

(৫) নৈতিক চৰিত্ৰ গঠন :- আদর্শবাদী দার্শনিক হিচাপে ৰবীন্দ্ৰনথে নৈতিক চৰিত্ৰ গঠনক শিক্ষাৰ আন এটা মূল লক্ষ্য বুলি বিশ্বাস কৰে। তেওঁৰ মতে, নৈতিক দিশৰ উন্নতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ বিকাশ সাধন হয়। গতিকে নৈতিক চৰিত্ৰ গঠন ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষাৰ এক মূল বিষয়৷ ব্যক্তিক নৈতিক চৰিত্ৰ গঠনৰ দ্বাৰা সুস্থ জীৱনযাপনৰ বাবে উপযুক্ত কৰি তোলাটোৰ ওপৰত ৰবীন্দ্ৰনাথে বিশেষ গুৰম্বব দিয়া দেখা গৈছিল৷ এইক্ষেত্ৰত আন্তৰিক অনুশাসন আৰু সাধনাৰ জৰিয়তে নৈতিক চৰিত্ৰৰ উৎকৰ্ষৰ ওপৰত গুৰুত্ব দিয়ে।

(৬) বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন :- ৰবীন্দ্ৰনাথ ঠাকুৰে এইটো বিশ্বাস কৰিছিল যে, ব্যক্তিয়ে প্ৰকৃতিৰ ৰহস্য তেতিয়াহে বুজি পাব যেতিয়া এই দিশত এক বৈজ্ঞানিক দৃষ্টিভংগী বা মনোভাব গ্ৰহণ কৰিব। সেইবাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ছাত্ৰ” ছাত্ৰীসকলৰ মাজত এক বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি তোলাৰ ওপৰত গুৰত্ব দিয়ে, যাতে ভৱিষ্যতে প্ৰকৃতিৰ ৰহস্যৰাজি ভেদ কৰি গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰিব পাৰে বা তেনেধৰণৰ সমস্যা সমাধানৰো নিদের্শনা আগবঢ়াব পাৰে।

৯) ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষা দৰ্শনৰ মূল দিশসমূহ কি কি? 

উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষাদৰ্শনৰ মূল দিশসমূহ এনেদৰে আলোচনা কৰিব পৰা যায়—

( ১) শিক্ষাত স্বাধীনতাঃ ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, শিশুৰ শিক্ষা সদায় এক মুক্ত পৰিৱেশতহে সম্ভৱ হৈ উঠে। এক মুক্ত বা স্বাধীন পৰিৱেশত শিক্ষা দিলেহে তেওঁলোকৰ মাজত অন্তর্নিহিত হৈ থকা সম্ভাৱনীয়তাবোৰে পূৰ্ণ বিকাশ লাভ কৰিবলৈ সুবিধা পায়। তেওঁৰ মতে, শিশুৰ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা বা নীতি-নিয়ম পালনৰ প্ৰশ্ন আহিব নোৱাৰে। এক মুক্ত আৰু স্বাধীন পৰিৱেশত শিশোৱে আত্ম বিকাশৰ সুবিধা লাভ কৰে আৰু এনে পৰিৱেশত সংঘটিত আত্মবিকাশেই তেওঁলোকক পূর্ণ ব্যক্তিত্বসম্পন্ন ব্যক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে।

স্বাধীনতা’ ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষাদৰ্শনৰ মূল বিষয়বস্তু। সৰুৰে পৰা ৰবীন্দ্ৰনাথ ঠাকুৰে স্কুলীয়া পৰিৱেশৰ কঠোৰ নীত- নিয়মৰ বিৰোধিতা কৰিছিল। এই সকলোবোৰ বোজাস্বৰূপ বুলি তেওঁ ভাবে। গতিকে স্কুলীয়া পৰিৱেশৰ কঠোৰ নীতি-নিয়মৰ মাজত শিশুসকলক আবদ্ধ কৰি ৰখাৰ পৰিৱৰ্তে এক মুক্ত পৰিৱেশত, মুক্তভাৱে বিচৰণ কৰি নিজক আবিষ্কাৰ কৰিবলৈ শিশুক মুক্ত স্বাধীনতা প্ৰদান কৰিব লাগিব। ৰবীন্দ্ৰনাথৰ মতে, স্বাধীনতাবিহীন শিক্ষা অর্থশূন্য।

ৰবীন্দ্ৰনাথে স্বাধীনতা শব্দটো বিশেষ বহল অৰ্থত ব্যৱহাৰ কৰিছিল৷ ই কেৱল বাহ্যিক অনুশাসনৰ পৰা মুক্ত হোৱাৰ কথাকে কোৱা নাছিল । ই শিশুৰ সকলো যোগ্যতা আৰু সামর্থ্য, যেনে- বুদ্ধি, কল্পনাশক্তি,ভাব, অনুভূতি আদিৰ এক মুক্ত বিকাশৰ সুবিধাৰ কথা কৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য কেৱল স্বাধীনতাৰ দ্বাৰাহে পূৰ্ণ হোৱাৰ কথা কৈছিল৷ ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল-স্বাধীনতাৰ দ্বাৰাহে মানুহে মানুহৰ সৈতে, বিশ্বৰ সৈতে তথা বিশ্বমানৱৰ সৈতে সম্বন্ধ স্থাপনৰ সুবিধা লাভ কৰে। ৰবীন্দ্ৰনাথে ল’ৰা-ছোৱালীক পূৰ্ণ স্বাধীনতা দিয়াৰ পোষকতা কৰে।

ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষাদৰ্শন তেওঁৰ জীৱন দৰ্শনৰে আন এটা ৰূপ। অর্থাৎ ৰবীন্দ্ৰনাথৰ শিক্ষা দৰ্শনত তেওঁৰ জীৱন দৰ্শনৰ প্ৰভাৱ স্পষ্টৰূপে পৰা দেখা যায়। তেওঁ সেই সময়ৰ শিক্ষা ব্যৱস্থাক লৈ অলপো সন্তুষ্ট হ’ব পৰা নাছিল আৰু সেয়েহে তেওঁ দেশৰ জনসাধাৰণ আৰু সমাজৰ লগত খাপ খুৱাকৈ নতুন শিক্ষাৰ পৰিকল্পনা কৰিছিল।

(২) ছাত্ৰ-ছাত্ৰীৰ সৃজনীশক্তিৰ বিকাশ :- ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষাদৰ্শনৰ দ্বিতীয় মূল দিশ হ’ল ছাত্ৰ-ছাত্ৰীৰ সৃজনী প্ৰতিভাৰ বিকাশৰ দিশত গুৰুত্ব আৰোপ কৰাটো। এই বিষয়টোৱে তেওঁৰ শিক্ষাদৰ্শনত বিশেষ স্থান লাভ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, নতুনত্ব বা নতুনৰ সৃষ্টি সকলোৰে কাম্য। তেওঁৰ মতে নতুনৰ সৃষ্টিতে মানৱ জীৱনৰ সাৰ্থকতা। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, প্রত্যেক শিশুৰ স্বাভাৱিক সৃজনী প্ৰতিভাৰাজিক অভিব্যক্ত কৰাত সুযোগ প্রদান কৰিব লাগিব আৰু সেয়েহে তেওঁৰ শিক্ষা আঁচনিত কলা, শিল্প, সংগীত, নাটক, চিত্রাংকণ আদি বিভিন্ন সৃজনীমূলক কাৰ্যাৱলী অন্তভুক্ত কৰাৰ ব্যৱস্থা কৰিছিল যাতে সিবিলাকৰ জৰিয়তে শিশুৰ সৃজনীশক্তি নতুন নতুন ৰূপত প্ৰকাশ পায়।

ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্বাস কৰিছিল যে প্রত্যেক শিশোৱেই আত্মপ্ৰকাশৰ বাবে কিছুমান সৃজনী প্রতিভা বা সহজাত প্রবণতা লৈ কৰে আৰু শিক্ষাই সিবিলাকৰ আত্মপ্ৰকাশৰ সুবিধা প্ৰদান কৰিব লাগে।

(৩) প্ৰকৃতি আৰু মানৱৰ মাজত সত্ৰিয় সম্বন্ধ স্থাপন :- ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, প্রকৃতি আৰু মানুহৰ মাজত এক নিবিড় সম্পর্ক আছে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, শিক্ষা এক প্রক্রিয়া, যি এটা দিশত শিক্ষার্থী আৰু প্ৰকৃতি, আন এটা দিশত শিক্ষার্থী আৰু সমাজৰ লগত সম্বন্ধ স্থাপন কৰে। শিক্ষাই আমাৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিৰ সংস্পৰ্শলৈ টানি আনিব লাগিব, প্রাকৃতিক পৰিৱেশত প্রকৃতিগতভাৱে শিকিবলৈ দিব লাগিব৷

ৰবীন্দ্ৰনাথৰ মতে, প্ৰকৃতিৰ সৈতে প্রত্যক্ষ সম্পৰ্ক আমাৰ ছাত্ৰছাত্ৰীসকলৰ গঢ় ল’ব লাগিব৷ এনে পৰিৱেশতহে তেওঁলোক প্ৰকৃততে মুক্ত আৰু সুখী হ’ব। প্ৰকৃতিৰ বিভিন্ন ৰং-ৰূপ-সৌন্দৰ্যই ছাত্ৰ-ছাত্ৰীসকলৰ মনত আনন্দ-অনুভূতিৰ সৃষ্টি কৰিব পাৰে আৰু এনে পৰিৱেশতহে তেওঁলোকৰ দেহ-মনৰ সুষম বিকাশ সম্ভৱ হৈ উঠে আৰু তেওঁলোকৰ অনুসন্ধানী মনটোৱে প্ৰকৃত পথ বিচাৰি পায়।

ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, প্রকৃতি আৰু ভগৱানৰ মাজত এক এৰাব নোৱাৰা সম্পর্ক আছে। তেওঁৰ মতে, প্ৰকৃতিৰ লগত সম্পর্ক স্থাপন কৰিব পাৰিলেহে ভগৱানৰ লগত সম্পর্ক স্থাপন কৰিব পাৰি। গতিকে ক’ব পৰা যায় তেওঁৰ মতে, প্ৰকৃতিৰ লগত সম্পর্ক স্থাপনৰ আন এটা ৰূপ।

(৪) ঐক্য আৰু সামঞ্জস্য স্থাপনৰ ভাব বৃদ্ধি :- ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষা দৰ্শনৰ আন আন এটা উল্লেখযোগ্য দিশ হ’ল, শিক্ষাৰ সহায়ত মানুহৰ মাজত এক্য বা সংহতি স্থাপন কৰিব বিচৰাটো। ৰবীন্দ্ৰনাথৰ দৃষ্টিত একতা বা সংহতি হ’ল শৰীৰ, মন জীৱন আৰু পার্থিব সম্পদ, ক্ষুদ্ৰ সমাজ আৰু জাতি, ৰাষ্ট্ৰ আৰু বিশ্ব কোনো পার্থক্য নাই। শিক্ষাই আমাৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত এক ঐক্যৰ মনোভাব সৃষ্টি কৰিব লাগিব। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, শিক্ষাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে ব্যক্তিক ইজনে আনজনৰ লগত মিলা-প্ৰীতিৰে জীয়াই থাকিবলৈ শিকোৱাটো। কোনো মানুহ অকলশৰে জীয়াই থাকিব নোৱাৰে। আমাৰ বিভিন্ন প্রয়োজনীয়তা, আকাংক্ষাৰাজি পৰিপূৰণৰ বাবে আমি এজনে আনজনৰ ওপৰত সদায় নিৰ্ভৰ কৰিব লাগিব আৰু এনে মনোভাৱেৰে আমাৰ মাজত এক্যতাৰ গঢ় দিব।

(৫) মানৱতাবাদৰ বিকাশ সাধন :- ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, মানুহ হ’ল ভগৱানৰ সকলোতকৈ শ্ৰেষ্ঠ সৃষ্টি আৰু সেয়েহে ৰবীন্দ্ৰনাথৰ শিক্ষাদৰ্শনত মানৱ প্ৰেমক বা এনে মনোভাবৰ বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। সৰু-ডাঙৰ, ধনী-দুখীয়া সকলো মানুহ ভগৱানৰ ওচৰত সমান। তেওঁ শিক্ষাৰ দ্বাৰা সকলো মানুহক লৈ এক অখণ্ড মানৱ জাতিৰ সপোন দেখিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, শিক্ষাই মানুহৰ মাজত এনে কিছুমান মূল্যবোধৰ সঞ্চাৰ কৰিব লাগিব যিয়ে সমগ্ৰ মানৱ জাতিক একতাৰ ডোলেৰে বান্ধি ৰখাত সহায়ক হ’ব। ৰবীন্দ্ৰনাথৰ শিক্ষাদর্শনে সেইবাবে মানুহৰ মাজত সাম্য আৰু মৈত্ৰীৰ ভাব জগায় তোলাত সর্বপ্রথম স্থান দিছে।

(৬) শিক্ষাৰ দ্বাৰা আন্তর্জাতিকতাবাদৰ বিকাশ সাধনঃ বৰীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষা দৰ্শনৰ অন্যতম দিশ বা নীতি হ’ল আন্তর্জাতিকতাবাদৰ বিকাশ সাধন। তেওঁ কেৱল শিক্ষাৰ দ্বাৰা জাতীয়তাবাদৰ বিকাশ সাধন কৰিব বিচৰা নাছিল ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মনত আন্তর্জাতিকতাবাদৰ বীজো ৰোপণ কৰিবলৈ চেষ্টা কৰিছিল।

তেওঁ শিক্ষাৰ দ্বাৰা প্ৰাচ্য-পাশ্চাত্যৰ মাজত থকা পাৰ্থক্যৰাজি দূৰ কৰাৰ কথা চিন্তা কৰিছিল। পৃথিৱীৰ বিভিন্ন ঠাই ফুৰিচাকি তেওঁ এইটো লক্ষ্য কৰিছিল যে, পূব-পশ্চিম, উত্তৰ-দক্ষিণ প্রত্যেকেই প্রত্যেকৰ পৰা বহুত শিকিব লগা বা জানিব লগা আছে। উদাহৰণস্বৰূপে প্ৰাচ্য দেশসমূহে পাশ্চাত্যৰ সহায় নোলোৱাকৈ বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদ্যাৰ দিশত কেতিয়াও আগবাঢ়িব নোৱাৰে, ঠিক তেনেদৰে পাশ্চাত্যৰ দেশসমূহে আধ্যাত্মিক দিশত প্ৰাচ্যৰ সহায় নোলোৱাকৈ আগবাঢ়িব নোৱাৰে ৷

ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰাচ্য-পাশ্চাত্য তথা সমগ্র মানৱজাতিৰ মাজত এক্যৰ মনোভাৱ বৃদ্ধি কৰিবৰ বাবে সকলোকে এক উমৈহতীয়া মজিয়া দিবৰ বাবে বিশ্বভাৰতী আন্তর্জাতিকতাবাদৰ বিকাশ সাধনৰ চেষ্টা কৰিছিল৷

১০) ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন দৰ্শনৰ বিষয়ে লিখা।

Write about Life Philosophy of Rabindranath Tagore.

উত্তৰঃ দার্শনিক তত্ত্বৰ দিশৰ পৰা লক্ষ্য কৰিলে তেওঁক ভাববাদী বুলি ক’ব পৰা যায়। বেদান্ত দৰ্শনৰ ওপৰত তেওঁৰ দখল বিৰাজমান। তেওঁৰ মতে কেৱল মাত্ৰ উপলব্ধিৰ প্ৰয়োজন আৰু এই উপলব্ধিয়েই আমাৰ সকলো দুখ-কষ্টৰ অৱসানৰ মূল উৎস।

ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰকৃতাৰ্থত এজন মানৱতাবাদী ব্যক্তি আছিল। তেওঁ বিশ্বাস কৰিছিল যে ভগৱানৰ সৃষ্টিৰাজিৰ ভিতৰত মানুহ সৰ্বশ্ৰেষ্ঠ। তেওঁ মানুহক অত্যন্ত ভাল পাইছিল। মানৱ প্ৰকৃতিৰ ভাল দিশসমূহক তেওঁ বিশেষ গুৰুত্ব দিছিল৷ তেওঁ এক মুক্ত পৰিৱেশৰ শিশুৰ আভ্যন্তৰীণ গুণৰাজিৰ বিকাশ হোৱাৰ ওপৰত গুৰত্ব দিছিল। তেওঁ মানৱ সেৱাৰ যোগেদি ভগৱানৰ সেৱাৰ ওপৰত গুৰুত্ব দিছিল। মানৱ ভাতৃত্ব আৰু সকলোৱেই এক সঈশ্বৰৰ সন্তান এই কথাষাৰত তেওঁৰ অগাধ বিশ্বাস আছিল। সেইবাবেই ৰবীন্দ্ৰনাথক মানৱতাবাদী ব্যক্তি বুলি আখ্যা দিয়া হয়।

ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল এজন প্ৰকৃতিবাদী আৰু এই দৰ্শনত তেওঁৰ অগাধ বিশ্বাস আছিল। উপনিষদে তেওঁৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল। সমস্ত বিশ্বৱনহ্মাণ্ডৰ সৃষ্টিৰ মূলতে এক সর্বব্যাপী আধ্যাত্মিক শক্তিৰ অস্তিত্ব তেওঁ বিশ্বাস কৰিছিল। এই সমগ্র বিশ্বব্রহ্মাণ্ডত এক পৰম সত্য, এক পৰম ব্ৰহ্মই বিৰাজ কৰিছে আৰু তেওঁৰ অনুগ্ৰহতেই এই বিশ্বৱহ্মাণ্ড (মানৱ আৰু প্ৰকৃতি) পৰিচালিত হৈছে। এই পৃথিৱীৰ সৰু- বৰ সকলো বস্তুতে তেওঁ বিৰাজমান। ৰবীন্দ্ৰনাথ ঠাকুৰে এই নির্দিষ্ট শক্তিটোক বিশ্ব চেতনা বা সর্বজনীন সচেতনতা বুলি অভিহিত কৰিছিল। তেওঁৰ মতে, মানুহৰ জীৱনৰ অন্যতম লক্ষ্য হ’ব লাগে এই চেতনাৰ উপলব্ধি কৰা অৰ্থাৎ মানুহৰ জীৱনৰ একমাত্র লক্ষ্য হল পৰমপিতা পৰমেশ্বৰৰ সন্ধান পোৱা।

ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, পৰম সত্তা সৰ্বব্যাপক। আকাশ, বতাহ, মানুহ, পশু-পক্ষী সকলোতে তেওঁ সৰ্বব্যাপ্তময়। তেওঁৰ মতে, ভগৱানৰ সন্ধান বিচাৰি ক’লৈকো যোৱাৰ প্ৰয়োজন নাই। তেওঁ আমাৰ সকলোৰে মাজত বিদ্যমান। এজন প্ৰকৃতিবাদী হিচাপে তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে প্রত্যেক ব্যক্তিৰ উৎকৰ্ষ সাধনৰ বাবে এক সুস্থ পৰিৱেশৰ প্ৰয়োজন। মানুহে প্ৰকৃতিৰ বুকুত থাকি যিমান শিকিব পাৰে আন ক’তো সিমানখিনি শিকিব নোৱাৰে। সেয়েহে তেওঁ স্বাভাৱিক পৰিৱেশৰ ওপৰত যথেষ্ট গুৰত্ব দিছিল।

ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰকৃতিবাদী আছিল যদিও ৰু’চোৰ দৰে তেওঁ শিশুক প্ৰকৃতিৰ হাতত এৰি দিয়াৰ কথা কোৱা নাছিল। তেওঁৰ মতে সকলো ব্যক্তিক তেওঁলোকৰ স্বাভাৱিক গুণাৱলীৰ বিকাশৰ সৰ্বসুযোগ আৰু স্বাধীনতা দিব লাগে, যাতে ব্যক্তিয়ে নিজৰ ইচ্ছা অনুযায়ী নিজকে গঢ় দিয়াৰ সুবিধা পায়। ব্যক্তি বিভিন্নতাক ৰবীন্দ্ৰনাথে বিশ্বাস কৰে আৰু প্ৰতিজন ব্যক্তিয়েই নিজে অতুলনীয় আৰু অদ্বিতীয় বুলি ক’ব বিচাৰে। এজন দার্শনিক হিচাপে ৰবীন্দ্ৰনাথ ঠাকুৰ আন্তর্জাতিকতাবাদৰ ওপৰত গভীৰ বিশ্বাসী আছিল। তেওঁ আছিল এজন আন্তর্জাতিক ভাবাপন্ন ব্যক্তি। ৰবিন্দ্ৰনাথৰ আন্তৰ্জাতিকতাবাদ আছিল আধ্যাত্মিক আন্তৰ্লাতিকতাবাদ, তাত অৰ্থনীতি বা ৰাজনীতিৰ কথা নাছিল । তেওঁৰ মতে সকলো মানুহেই 

একেজনে ভগৱানৰ সৃষ্টি আৰু সেয়েহে সকলো মানুহে ভতৃত্বৰ বান্ধোনেৰে একত্ৰিত। তেওঁৰ মতে, প্ৰাচ্যই পাশ্চাত্যৰ সহায় নোলোৱাকৈ উন্নতি কৰিব নোৱাৰে আৰু পাশ্চাত্যই প্ৰাচ্যৰ আদৰ্শৰাজিৰ সহায় লৈ আধ্যাত্মিক দিশৰ উৎকৰ্ষ  সাধন কৰিব পাৰে। ৰবীন্দ্ৰনাথে তেখেতৰ লিখনিৰাজি জৰিয়তে প্ৰাচ্য আৰু পাশ্চাত্যৰ সহযোগ, নিৰ্ভৰশীলতা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

ৰবীন্দ্ৰনাথ ঠাকুৰে আছিল এজন ব্যক্তিবাদী মনোভাৱৰ বেক্তি । প্ৰতিজন লোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ উপৰত তেওঁ বিকাশ গুৰুত্ব দিছিল । ব্যক্তি পাৰ্থক্যৰ কথাটো তেওঁ সম্পূৰ্ণৰূপে মানি চলিছিল। তেওঁ মতে, প্ৰতিজন মানুহেই ইজন – সিজনৰ পৰা বেলেগ । প্ৰতিজন মানুহৰ ধ্যান – ধাৰণা বা মুক্তি পৰিবেশত ব্যক্তিৰ ব্যক্তিগত বিকাশ লাভ কৰিবলৈ সুবিধা পাব লাগে । 

১১) ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষা দৰ্শনৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত বিষয়সমূহ আলোচনা কৰা?

উত্তৰঃ ১) ভাষা শিক্ষা – মাতৃভাষা আৰু আন আন ভাৰতীয় ভাষা – ইংৰাজী, জাৰ্মান, ফচাৰি, চীন আৰু ৰাছিয়ান ভাষা বিদেশী ভাষাস্বৰূপে ।

২) গণিত। 

৩) প্ৰাকৃতিক বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, উদ্ভিদ বিদ্যা, জীৱ বিদ্যা, সাধাৰণ বিজ্ঞান আৰু স্বাস্থ্য বিজ্ঞান । 

৪) সমাজ বিজ্ঞান- ইতিহাস, নাগৰিকত্বৰ শিক্ষা, ভূগোল, অর্থনীতি আৰু সমাজবিদ্যা।

৫) কৃষি আৰু আন আন কাৰিকৰী বিষয়ৰ শিক্ষা।

৬) ধর্মীয় শিক্ষা, দৰ্শন আৰু মনোবিজ্ঞান। সহাপাঠ্যক্রমিক বিষয়সমূহ হ’ল—

ক) কলা।

খ) সংগীত।

গ) নৃত্য।

ঘ) নাট্যানুষ্ঠান, 

ঙ) খেল-ধেমালি।

চ) ছবি অঁকা আৰু ৰং কৰা।

ছ) ৰন্ধা-বঢ়া কৰা ইত্যাদি।

১২) শান্তিনিকেতন’ আৰু ‘বিশ্বভাৰতী”ৰ বিভিন্ন বৈশিষ্ট্যসমূহ কি কি?

What are the different characteristics of ‘Shantiniketan’ and “Viswabharati’?

উত্তৰঃ শান্তিনিকেতন বৈশিষ্ট্যসমূহ :- ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাক মূল ভেটি হিচাপে লৈ প্ৰতিষ্ঠা কৰা ৰবীন্দ্ৰনাথ ঠাকুৰৰ শান্তিনকেতন’ৰ মূল বৈশিষ্ট্যসমূহ আছিল

(১) ঘৰুৱা পৰিৱেশৰ মাজেৰে শিক্ষা প্ৰদান :- শাক্তিনকেতন’ এখন আৱাসিক বিদ্যালয়। ইয়াত শিক্ষক-ছাত্র একেলগে বিদ্যালয় চৌহদত বসবাস কৰিছিল। ইয়াত সকলোৱে একেলগে দৈনন্দিন কৰিবলগীয়া সকলো কাম গুৰুত্ব সহকাৰে নিজ নিজ ঘৰত কৰাৰ দৰে কৰিছিল। এনে এক ঘৰুৱা পৰিৱেশৰ মাজেৰে ‘শান্তিনিকেতন’ত ৰবীন্দ্ৰনাথ ঠাকুৰে শিক্ষা দিবলৈ চেষ্টা কৰিছিল।

(২) প্রাকৃতিক পৰিবেশ :- ৰবীন্দ্রনাথৰ শাস্তিনকেতনৰ অন্যতম বৈশিষ্ট্য হৈছে প্রাকৃতিক পৰিবেশৰ সৃষ্টি। সমগ্র বিদ্যালয় পৰিবেশক এক প্রাকৃতিক পৰিৱেশৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল। অৰ্থাৎ ‘শান্তিনিকেতনৰ শিক্ষা শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজত দিয়া নহয়, এক মুক্ত প্রাকৃতিক পৰিৱেশত গছৰ তলত, ফুলনিৰ মাজত, পুখুৰীৰ পাৰত দিয়াৰ ব্যৱস্থা কৰা হয় য’ত ছাত্ৰ-ছাত্ৰীয়ে অনবিল আনন্দৰ মাজেৰে শিক্ষা আহৰণৰ সুবিধা পায়। ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ৰ’দ তাপ, বতাহ, বৰষুণ, নিয়ৰ আদি প্রাকৃতিক পৰিৱেশৰ অভিজ্ঞতাৰ মাজেৰে শিক্ষা আহৰণ কৰাৰ আনন্দ লাভ কৰাৰ লগতে প্ৰকৃতিৰ লগত সহযোগিতা স্থাপনৰ সুবিধা পায়।

(৩) ধৰ্মীয় আৰু আধ্যাত্মিক পৰিৱেশৰ ওপৰত গুৰত্ব :- ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘শান্তিনকেতন’ত ধৰ্মীয় আৰু আধ্যাত্মিক দিশটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। ৰবীন্দ্ৰনাথৰ মতে, ধৰ্মীয় আৰু আধ্যাত্মিক শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ মনলৈ সংযম আনিব পাৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ নৈতিক চৰিত্ৰৰো উৎকর্ষ সাধন কৰিব পৰা হয়। সেয়েহে দৈনন্দিন কাম-কাজ আৰম্ভ কৰাৰ আগতে সকলোৱে সমূহীয়া প্ৰাৰ্থনাত বহি ভগৱানৰ আৰাধনা কৰিব লাগিছিল।

শান্তিনিকেতনত ৰবীন্দ্ৰনাথে হিন্দু, বৌদ্ধ, জৈন, শিখ, শ্ৰীষ্টান আদি পূব-পশ্চিমৰ আদৰ্শমূলক ধৰ্মৰাজিৰ অধ্যয়নৰ ব্যৱস্থা কৰিছিল।

(৪) ছাত্ৰৰ আত্মপ্রশাসন :- ৰবীন্দ্ৰনাথৰ ‘শান্তিনকেতন’ত শিক্ষার্থীসকলক নিজস্ব চৰকাৰ ব্যৱস্থাৰ দ্বাৰা অনুশাসন বজাই ৰখাৰ দায়িত্ব দিয়া হৈছিল। সম্পূর্ণ গণতান্ত্রিকভাৱে শিক্ষাৰ্থীসকলে নিজৰ কিছুমান সুবিধা নিজে পূৰণ কৰি আত্ম-অনুশাসনৰ সুবিধা লাভ কৰিছিল৷ তেওঁলোকে নিজাববীয়াকৈ ডাকঘৰ, চিকিৎসালয়, কৃষিপাম আদিৰ সংগঠন কৰিছিল আৰু সিবিলাকৰ প্ৰশাসনৰো দায়িত্ব লৈছিল।

(৫) সৃজনীমূলক দিশৰ বিকাশ সাধন :- শান্তিনিকেতনত ৰবীন্দ্ৰনাথে শিক্ষার্থীসকলক বিভিন্ন ধৰণৰ সৃজনীমূলক তথা গঠনমূলক কামত নিয়োগ কৰাৰ ওপৰত গুৰুত্ব দিছিল। সেই উদ্দেশ্যে ৰবীন্দ্ৰনাথে শান্তিনকেতনত বিভিন্ন সহ-পাঠ্যক্রমিক কাৰ্যাৱলীৰ সুবিধা ৰাখিছিল আৰু লগতে বিভিন্ন সামাজিক অনুষ্ঠান উদ্যাপনৰো ব্যৱস্থা কৰিছিল।

(৬) শিক্ষক-ছাত্ৰৰ মধুৰ সম্পৰ্ক :- ৰবীন্দ্ৰনাথৰ শান্তিনকেতনত শিক্ষক- ছাত্ৰৰ মধুৰ সম্পৰ্ক সৃষ্টি কৰাৰ কথা চিন্তা কৰা হৈছিল। কিয়নো তেওঁ এইটো বিশ্বাস কৰিছিল যে শিক্ষক-ছাত্ৰৰ মধুৰ সম্পৰ্ক অবিহনে উপযুক্ত শিক্ষা কেতিয়াও সম্ভৱপৰ নহয়। শান্তিনকেতনত সেয়েহে ৰবীন্দ্ৰনাথে শিক্ষক-ছাত্ৰৰ পাৰস্পৰিক বুজাপৰা আৰু বিশ্বাস গঠনৰ ওপৰত অধিক গুৰুত্ব দিছিল।

‘বিশ্বভাৰতী”ৰ বিভিন্ন বৈশিষ্ট্যসমূহ :- ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য পৰিলক্ষিত হয়। সেইবোৰ হ’ল—

(১) প্রাকৃতিক পৰিৱেশৰ ওপৰত প্ৰাধান্য :- বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহ এক মুক্ত পৰিৱেশত গছৰ তলত অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছিল।

(২) আৱাসিক আৰু সহসশিক্ষাৰ ব্যৱস্থা :- বিশ্বভাৰতী বিশ্ববিদ্যালয়ত সহ-শিক্ষাৰ ব্যৱস্থা আছিল আৰু আনহাতেদি এই বিশ্ববিদ্যালয় আছিল আৱাসিক আৰু সেইবাবে এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ ল’ৰা-ছোৱালী আহিছিল।

(৩) আধ্যাত্মিকতাৰ ওপৰত প্ৰাধান্য :- ৰবীন্দ্ৰনাথৰ বিশ্বভাৰতীত আধ্যাত্মিকতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ত পৰিৱেশ সৃষ্টি কৰি শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

(৪) শিক্ষক-ছাত্ৰৰ মধুৰ সম্পৰ্ক :- বিশ্বভাৰতী বিশ্ববিদ্যালয়ত শিক্ষক-ছাত্ৰৰ মাজত এক মধুৰ সম্পৰ্কই বিৰাজ কৰা দেখা গৈছিল। শিক্ষকক ছাত্ৰ-ছাত্ৰীয়ে বিশেষ সন্মান প্রদর্শন কৰিছিল আৰু শিক্ষাকেও ছাত্ৰ-ছাত্ৰীক নিজৰ ল’ৰা-ছোৱালীৰ নিচিনাকৈ মৰম কৰিছিল।

(৫) ব্যক্তিগত গুৰুত্ব প্রদান :- বিশ্বভাৰতী বিশ্ববিদ্যালয়ত ছাত্ৰছাত্ৰীসকলৰ ব্যক্তিগত গুণাৱলী বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

(৬) সহজ-সৰল জীৱন-যাপন আৰু উচ্চ চিন্তা :- ৰবীন্দ্ৰনাথৰ বিশ্বভাৰতীৰ অন্যতম বৈশিষ্ট্য আছিল, এই বিশ্ববিদ্যালয়ৰ জীৱন প্ৰণালী অতি সহজ-সৰল আছিল আৰু চিন্তাচৰ্চা সদায় উচ্চখাপৰ আছিল। সেয়েহে বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য সৰল জীৱন-যাপন আৰু উচ্চ চিন্তাৰে পৰিবেষ্টিত বুলি ক’ব পৰা যায়।

(৭) সহ-পাঠ্যক্রমিক কাৰ্যাৰলীৰ ব্যবস্থা :- ‘বিশ্বভাৰতী’ বিশ্ববিদ্যালয়ত সহ-পাঠ্যক্রমিক কাৰ্যাৱলীৰ শিক্ষা দিয়াত গুৰুত্ব আৰোপ কৰা হৈছিল। এই সহ-পাঠ্যক্রমিক কাৰ্যাৱলীসমূহ ভিতৰত বিভিন্ন প্ৰকাৰৰ নাচ, গান, ছবি অঁকা, খেল-ধেমালি, শাৰীৰিক প্ৰশিক্ষণ আদি অন্তর্ভুক্ত কৰা হৈছিল।

১৩) চমুটোকা লিখা [Write Short Notes on]

১) বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য। Characteristics of Visva Bharati University.

উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ কিছুমান নিৰ্দিষ্ট পৰিলক্ষিত হয়। সেইবোৰ হ’ল—

(১) প্রাকৃতিক পৰিৱেশৰ ওপৰত প্ৰাধান্য :- বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহ এক মুক্ত পৰিৱেশত গছৰ তলত অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছিল।

(২) আৱাসিক আৰু সহসশিক্ষাৰ ব্যৱস্থা :- বিশ্বভাৰতী বিশ্ববিদ্যালয়ত সহ-শিক্ষাৰ ব্যৱস্থা আছিল আৰু আনহাতেদি এই বিশ্ববিদ্যালয় আছিল আৱাসিক আৰু সেইবাবে এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ ল’ৰা-ছোৱালী আহিছিল।

(৩) আধ্যাত্মিকতাৰ ওপৰত প্ৰাধান্য :- ৰবীন্দ্ৰনাথৰ বিশ্বভাৰতীত আধ্যাত্মিকতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

(৪) শিক্ষক-ছাত্ৰৰ মধুৰ সম্পৰ্ক :- বিশ্বভাৰতী বিশ্ববিদ্যালয়ত শিক্ষক-ছাত্ৰৰ মাজত এক মধুৰ সম্পৰ্কই বিৰাজ কৰা দেখা গৈছিল। শিক্ষকক ছাত্ৰ-ছাত্ৰীয়ে বিশেষ সন্মান প্ৰদৰ্শন কৰিছিল আৰু শিক্ষাকেও ছাত্ৰ-ছাত্ৰীক নিজৰ ল’ৰা-ছোৱালীৰ নিচিনাকৈ মৰম কৰিছিল।

(৫) ব্যক্তিগত গুৰুত্ব প্রদান :- বিশ্বভাৰতী বিশ্ববিদ্যালয়ত ছাত্ৰছাত্ৰীসকলৰ ব্যক্তিগত গুণাৱলী বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

(৬) সহজ-সৰল জীৱন-যাপন আৰু উচ্চ চিন্তা :- ৰবীন্দ্ৰনাথৰ বিশ্বভাৰতীৰ অন্যতম বৈশিষ্ট্য আছিল, এই বিশ্ববিদ্যালয়ৰ জীৱন প্ৰণালী অতি সহজ-সৰল আছিল আৰু চিন্তাচৰ্চা সদায় উচ্চখাপৰ আছিল। সেয়েহে বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য সৰল জীৱন-যাপন আৰু উচ্চ চিন্তাৰে পৰিবেষ্টিত বুলি ক’ব পৰা যায়।

(৭) সহ-পাঠ্যক্রমিক কাৰ্যাৰলীৰ ব্যবস্থা :- ‘বিশ্বভাৰতী’বিশ্ববিদ্যালয়ত সহ-পাঠ্যক্রমিক কাৰ্যাৱলীৰ শিক্ষা দিয়াত গুৰুত্ব আৰোপ কৰা হৈছিল। এই সহ-পাঠ্যক্রমিক কাৰ্যাৱলীসমূহ ভিতৰত বিভিন্ন প্ৰকাৰৰ নাচ, গান, ছবি অঁকা, খেল-ধেমালি, শাৰীৰিক প্ৰশিক্ষণ আদি অন্তর্ভুক্ত কৰা হৈছিল।

২) ৰবীন্দ্ৰনাথৰ শান্তিনিকেতন।

Rabindranath’s ‘Shantiniketan’.

উত্তৰঃ শান্তিনিকেতন’ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাৰতীয় শিক্ষালৈ এক বিশেষ অৱদান ৷ এই শান্তিনিকেতনৰ জৰিয়তে ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ শিক্ষা বিষয়ক আদৰ্শৰাজি বাস্তৱত ৰূপ দিয়াৰ প্ৰয়াস কৰিছিল ৷

ৰবীন্দ্ৰনাথ ঠাকুৰৰ দেউতাক মহর্ষি দেবেন্দ্রনাথ ঠাকুৰে ১৯০১ চনত কলিকতাৰ পৰা ১০০ কিঃমিঃ দূৰৈত বোলপুৰ নামে ঠাইত এখন আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। ইংলণ্ডৰ পৰা ঘূৰি অহাৰ পাছত ৰবীন্দ্ৰনাথে এই আশ্ৰমখনকেই শিক্ষানুষ্ঠানলৈ পৰিৱৰ্তন কৰি ‘শান্তিনিকেতন’ নামেৰে নতুনকৈ নামকৰণ কৰিলে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, ‘শান্তিনিকেতন’ নামকৰণ কৰাৰ উপ্‌দেশ্য হ’ল শান্তিৰ আলয় বা ঘৰ হিচাপে গণ্য কৰা হওক।

শান্তিনিকেতন’ শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে ৰবীন্দ্ৰনাথ ঠাকুৰৰ তত্ত্বাৱধানত চলিছিল । ৰবীন্দ্ৰনাথ ঠাকুৰে এই শিক্ষানুষ্ঠানত বৈদিক যুগৰ ‘গুৰুকুল’ পদ্ধতিৰ আহিৰে শিক্ষা দিয়াৰ প্ৰয়াস কৰিছিল। সেই সময়ৰ প্রচলিত গতানুগতিক আনুষ্ঠানিক শিক্ষা পৰিৱেশৰ পৰা আঁতৰি গৈ শিক্ষক-ছাত্ৰৰ মধুৰ সম্পৰ্কৰ মাজেৰে এক নতুন পৰিৱেশ সৃষ্টি কৰি ছাত্ৰৰ-ছাত্ৰীসকলক শিক্ষা দিয়াটোৱেই আছিল ‘শান্তিনকেতন’ৰ মূল উদ্দেশ্য। ‘শান্তিনকেতন’ত শান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ ওপৰত ৰবীন্দ্ৰনাথে বিশেষ গুৰুত্ব দিছিল। ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰে উদ্বুদ্ধ হৈ প্রথমে কেবল পাঁচজন শিক্ষার্থীৰে শান্তিনকেতন’ আৰম্ভ কৰিছিল আৰু পাছলৈ ৰবীন্দ্ৰনাথ ঠাকুৰৰ অশেষ চেষ্টাৰ ফলত ই বিশ্ববিদ্যালয়লৈ উন্নীত হৈছিল।

৩) পাঠ্যক্ৰম আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

Curriculum and Rabindranath Tagore.

উত্তৰঃ ৰবীন্দ্ৰনাথে, ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি বিভিন্ন দিশৰ বিকাশ সাধন কৰি তেওঁলোকক এক পূৰ্ণাংগ ব্যক্তি কৰি গঢ়ি তুলিবৰ বাবে এক বিশেষ ব্যাপক পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা দেখা গৈছিল। পাঠ্যক্রম সম্পৰ্কত, ৰবীন্দ্ৰনাথে কৈছিল, “”Curriculum of education should be so broad that all aspects of child’s life- Physical, Mental, Aesthetic and Spiritual may be developed.”

ৰবীন্দ্ৰনাথৰ মতে, পাঠ্যক্ৰমে ছাত্ৰ” ছাত্ৰীক ভাৰতৰ অতীত সংস্কৃতি আৰু সভ্যতাৰ লগত পৰিচয় কৰি দিয়াৰ লগে লগে বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰগতিৰ ওচৰ চপাই আনিব লাগিব।

শৈক্ষিক পাঠ্যক্ৰমৰ লগতে সহ পাঠ্যক্রমিক কাৰ্যাৱলীৰ অন্তৰ্ভুক্তিৰ ওপৰতো ৰবীন্দ্ৰনাথে গুৰুত্ব দিয়া দেখা গৈছিল।

ৰবীন্দ্ৰনাথে পাঠ্যক্ৰমত অন্তর্ভুক্ত বিভিন্ন বিষয়সমূহ চাৰিটা বেলেগ বেলেগ ভাগত ভাগ কৰিছিল। যেনে

(ক) বৌদ্ধিক বিকাশ সাধন সম্পর্কীয় বিষয়- ভাষা, সাহিত্য, দৰ্শন, শাৰীৰিক বিজ্ঞান আদি।

(খ) সৌন্দর্য বিষয়-সংগীত, নৃত্যকলা, ছবি অঁকা আৰু ৰং কৰা ইত্যাদি।

(গ) বৃত্তিমূলক যোগ্যতা আহৰণ সম্পৰ্কীয় বিভিন্ন ধৰণৰ হাতৰ কাম বা শিল্প, মাটিৰ কাম, আকৃতি প্রস্তুত, কাঠৰ কাম, বাঁহৰ কাম, বোৱা- কটা, ঘৃতা কটা, তীতবোৱা, বেজীৰ কাম আদি বিভিন্ন আত্মসংস্থাপনত সহায় কৰিব পৰা বিষয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰিছিল।

(ঘ) সমাজসেৱা সম্পৰ্কীয় কাৰ্যাৱলী- এই দিশত গাঁও অঞ্চলৰ উন্নতি বিষয়ক বিভিন্ন কাৰ্যাৱলী, যেনে-বৃদ্ধসকলৰ যত্ন আৰু শুশ্রূষা, নতুন নতুন ক্লাব সৃষ্টি বা স্থাপন, সামাজিক কৃষি কামত অংশগ্ৰহণ আদি কাৰ্যাৱলীক অন্তৰ্ভুক্ত কৰিব পাৰিব। ৰবীন্দ্ৰনাথ ঠাকুৰে বিজ্ঞান শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা গৈছিল। তেওঁ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী আৰু ভাবধাৰাৰ বিকাশৰ প্ৰতি দৃষ্টি ৰাখি পাঠ্যক্ৰমত বিজ্ঞান শিক্ষকৰ বিভিন্ন বিষয়সমূহ অন্তৰ্ভুক্ত কৰিছিল, যেনেপ্রাকৃতিক বিজ্ঞান, ৰাসায়ন বিজ্ঞান, সাধাৰণ বিজ্ঞান, স্বাস্থ্য বিজ্ঞান আদি বিষয়ৰাজি অন্তৰ্ভুক্ত কৰিছিল।

ভাষাশিক্ষা আৰু শিক্ষাৰ মাধ্যম সম্পৰ্কে ৰবীন্দ্ৰনাথ ঠাকুৰে কয় যে মাতৃভাষা শিক্ষাৰ মাধ্যম হোৱা উচিত। উচ্চ শিক্ষাৰ স্তৰত ইংৰাজী শিক্ষাৰ ব্যৱস্থা থকাটো প্রয়োজন। এইক্ষেত্ৰত তেখেতে মতপোষণ কৰি কয় ইংৰাজী শিক্ষাই পশ্চিমীয়া সাহিত্য আৰু সংস্কৃতি অধ্যয়নৰ পথ মুকলি কৰি দিয়ে।

৪) অনুশাসন আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

Discipline and Rabindranath Tagore.

উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰে সেই সময়ৰ শৈক্ষিক জগতখনৰ অনুশাসন ব্যৱস্থাক সহজভাৱে ল’ব পৰা নাছিল। তেওঁ মুক্ত অনুশাসনৰ পৃষ্ঠপোষকতা কৰিছিল আৰু কঠোৰ অনুশাসন ব্যৱস্থাৰ বিৰোধিতা  কৰিছিল। ৰবীন্দ্ৰনাথে এক মুক্ত পৰিৱেশৰ মাজত থাকি শিক্ষাৰ্থীৰ প্ৰতিভাৰাজি বিকশাই তোলাৰ ওপৰত গুৰুত্ব দিছিল।

ৰবীন্দ্ৰনাথ এজন প্ৰকৃতিবাদী শিক্ষাবিদ আছিল আৰু ল’ৰা-ছোৱালীৰ শিক্ষা প্রাকৃতিক পৰিৱেশত হোৱাৰ ওপৰত গুৰুত্ব দিছিল। এনে প্রাকৃতিক পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলে নিজকে বিকশাই তোলাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ মতে, প্রাকৃতিক পৰিৱেশত স্বকৰ্মৰ যোগেদি শিশুক নিজকে বিকশাই তোলাৰ স্বাধীনতা দিব লাগে।

‘মুক্ত অনুশাসন ব্যৱস্থা-এই মূলনীতিৰ ওপৰত ভিত্তি কৰি ৰবীন্দ্ৰনাথে তেওঁৰ শান্তিনিকেতন প্রতিষ্ঠা কৰিছিল। ৰবীন্দ্ৰনাথৰ মতে, অনুশাসন বাহিৰৰ পৰ৷ জোৰকৈ জাপি দিয়া বস্তু নহয়, ই অন্তৰৰ পৰাহে উদ্ভৱ হয় ৷ অৰ্থাৎ ৰবীন্দ্ৰনাথে আত্ম অনুশাসনৰ ওপৰত অধিক গুৰুত্ব দিছিল।

ৰবীন্দ্ৰনাথৰ শান্তিনিকেতনত শাস্তিৰ ব্যৱস্থা কাচিৎহে কৰা দেখা গৈছিল। অধিক ক্ষেত্ৰত ক্ষমাদানৰ ব্যৱস্থা কৰা দেখা গৈছিল। যদি কোনো দিয়াৰ পৰিৱৰ্তে ক্ষমাদান কৰা হৈছিল।

৫) সহ-পাঠ্যক্রমিক কাৰ্যাৱলী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ

Co-curricular activities and Rabindranath Tagore.

উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰে শৈক্ষিক কাৰ্যসূচী বা পাঠ্যক্ৰমৰ লগতে সহ- পাঠ্যক্রমিক কাৰ্যাৱলীৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছিল। বিভিন্ন ধৰণৰ সহ-পাঠ্যক্রমিক কাৰ্যাৱলী সম্পাদনৰ জৰিয়তে তেওঁ ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিছিল। বিভিন্ন ধৰণৰ সহ- পাঠ্যক্রমিক কাৰ্যাৱলীৰ ভিতৰত অভিনয়, সংগীত, নৃত্য, প্রদর্শনী, আলোচনা চক্র আদি উল্লেখযোগ্য। এইবিলাকৰ উপৰি সেই সময়ত শান্তিনিকেতনত কিছুমান সামাজিক উৎসৱ পালনৰো ব্যৱস্থা আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে সহ-পাঠ্যক্রমিক কার্যাৱলীত শিক্ষকেও অংশগ্ৰহণ কৰাটো বিচাৰিছিল।

: Vivekananda :

১) স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি?

What is the full name of Vivekananda?

উত্তৰঃ নৰেন্দ্ৰনাথ দত্ত

২) বিবেকানন্দৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল? 

When and where did Vivekananda born?

উত্তৰঃ ১৯৬৩ চনত।

৩) ৰামকৃষ্ণ মিচন আৰু মঠ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল?

When did Ramkrishna Mission and Moth was established?

উত্তৰঃ ১৯৯৮ চনত কলিকতাৰ হাওৰা জিলাৰ বেলুৰ মঠত প্ৰতিষ্ঠা কৰা হৈছিল।

৪) ৰামকৃষ্ণ মিচনৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত? 

Where is the Headquarter of Ramakrishna Mission situated?

Ans: কলিকতাৰ হাওৰা জিলাৰ বেলুৰ মঠত।

৫) বিবেকানন্দৰ জীৱন দৰ্শনৰ বিষয়ে ব্যাখ্যা কৰা।

Explain about life philosophy of Vivekananda.

উত্তৰঃ বিবেকানন্দ তেওঁৰ গুৰু ৰামকৃষ্ণৰ বাণীসমূহৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। ৰামকৃষ্ণই বেদান্ত দৰ্শনৰ চৰ্চা কৰিছিল বিবেকানন্দও বেদান্ত দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু ৰামকৃষ্ণ পৰমহংসৰ গভীৰ অনুগামী আছিল। তেওঁ বিশ্বাস কৰিছিল ভগৱান নিৰাকাৰ, অনন্ত সত্য আৰু অদ্বিতীয়। তেৱেঁই পৰম সত্য আৰু প্ৰত্যেক জীৱাত্মা সেই পৰম সত্তাৰ অংশস্বৰূপ৷ আৰু ইয়াকে অদ্বৈত বেদান্ত বুলি অভিহিত কৰা হয়। মানৱ জীৱনৰ চূড়ান্ত লক্ষ্য হ’ল পৰমসত্তাৰ সৈতে বিলীন হোৱা। ইয়াকে মুক্তি বা মোক্ষ বুলি কোৱা হয়।

স্বামী বিবেকানন্দই বিশ্বাস কৰিছিল অবিনশ্বৰ আত্মা সৰু, ডাঙৰ, দুর্বল, বলৱান সকলো মানৱ বা অন্য জীৱৰ দেহত চিৰবিদ্যমান পার্থক্যটো আত্মাত নহয়, অনুভৱতহে। সকলো সত্য এক চূড়ান্ত সত্যৰ অংশবিশেষ। এক মানৱ সত্তা বা ক্ষুদ্ৰ জীৱৰ মাজত পাৰ্থক্য কেৱল অনুভূতিৰ ক্ষেত্ৰতহে। অন্য ক্ষেত্ৰত ভাতৃত্বৰ বান্ধোনেৰে বান্ধ খোৱা বুলি ক’ব পৰা যায়, কাৰণ দুয়োৰে ক্ষেত্ৰত মিলটো হৈছে আত্মাৰ অৱস্থিতি।

স্বামী বিবেকানন্দই বিশ্বজনীন আৰু আধ্যাত্মিক ভাতৃত্ববোধ বিশ্বাস কৰিছিল। তেওঁ দৃঢ়তাৰে মতপোষণ কৰিছিল যে বেদান্তৰ ধৰ্মীয় প্ৰমূল্য ব্যাৱহাৰিক দিশত গুৰুত্বপূৰ্ণ। তেওঁৰ মতে, বেদান্ত কেৱল হাবি-জংঘল বা গুহাত বাস কৰা ঋষি-মুনিসকলে ভগৱানৰ চৰ্চা কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি নহয়। একোটি পৰিয়ালৰ দৈনন্দিন জীৱনত বেদান্তৰ নীতিশিক্ষা চৰ্চা কৰা, প্ৰয়োগ কৰা নিতান্তই প্ৰয়োজন। তেওঁৰ মতে, ধর্মসমূহৰ মাজত কোনো মৌলিক পার্থক্য নাই। যদি কিবা পার্থক্য দেখা যায় সেয়া প্ৰয়োগৰ ক্ষেত্ৰত হ’ব পাৰে, কিন্তু প্রকৃত পার্থক্য নহয়, যিটো নোহোৱা কৰা প্ৰয়োজন। এই মতৰ জৰিয়তে তেওঁৰ অন্তৰৰ বিশ্বজনীন ধর্মীয় অনুভৱৰ কথাকে ব্যক্ত কৰিছে।

স্বামী বিবেকানন্দৰ মানুহৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাস আছিল। মানৱৰ বিচিত্ৰতা আৰু মৰ্যাদাৰ দিশটো তেওঁ অনুধাৱন কৰিছিল। তেওঁ মানৱ সত্তাত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছিল আৰু প্ৰকৃততে তেওঁ মানৱ সেৱাৰ যোগেদি ভগৱানৰ সেৱা কৰিবলৈ বিচাৰিছিল। স্বামীজীৰ মতে, প্রত্যেক আত্মাই সৰগীয় জ্যোতিৰে উদ্ভাসিত। তেওঁৰ মতে, উপাসনাৰ বাবে এজনেই ভগৱান আছে সেইজন হৈছে মানৱ আত্মা, অৱশ্যে প্ৰদান কৰিছে। সেই মানৱ আত্মাৰ মন্দিৰতে তেওঁ কেৱল উপাসনা কৰিবলৈ বিচাৰে। মানৱ আত্মাত নিহিত থকা ভগৱানক উপলব্ধি কৰি স্বামীজীয়ে বিশ্বাস কৰে এনে কৰ্মৰ দ্বাৰা তেওঁ বন্ধনমুক্ত হ’ব আৰু পৰমসত্তাৰ লগত বিলীন হ’ব পাৰিব।

স্বামীজীৰ মতে, বেদান্ত দৰ্শনৰ আদৰ্শ হৈছে মানুহক মানুহ হিচাপে জনা ৷ তেওঁ ভাবে মানুহে যদি ভগৱান সৃষ্ট মানুহৰ পূজা কৰিব নোৱাৰে তেন্তে নিৰাকাৰ ভগৱানৰ পূজাত কেনেকৈ ব্ৰতী হ’ব। এজন ব্যক্তিয়ে যেতিয়া মানুহৰ মাজত পুৰুষ অথবা নাৰী, ভগৱানক উপলব্ধি কৰিব তেতিয়াৰ পৰাহে তেওঁক ধাৰ্মিক মানুহ বুলি ক’ব পৰা যাব। স্বামীজীয়ে ধৰ্মক কিছুমান ৰীতি-নীতিৰ মাজত সীমাবদ্ধ বিষয় বুলি নাভাৱে। তেওঁৰ বেদান্ত দৰ্শনৰ প্ৰয়োগৰ কথা সমর্থন কৰে।

সৰ্বজনীন একাত্মবোধৰ দ্বাৰা পৰমসতাৰ অনুভৱৰ শিক্ষা তেওঁ দিবলৈ প্ৰয়াস কৰিছে। তেওঁৰ ধৰ্ম বিশ্বব্যাপী। তেওঁৰ মতে, ধৰ্ম হ’ল এক প্ৰসাৰ, সংকোচন নহয়। তেওঁ বিশ্বাস কৰে প্ৰসাৰ হ’ল জীৱন আৰু সংকোচন হ’ল মৃত্যু। বিভিন্ন ধৰ্মৰ মতবিৰোধসমূহ তেওঁ সমৰ্থন নকৰে। তেওঁৰ মতে, ভিন ভিন ধৰ্মৰ পথসমূহ ভিন্ন কিন্তু উদ্দেশ্য একেটাই, ভগৱানৰ বাবে বা মানৱ সমাজৰ ভালৰ বাবে কাম কৰা। তেওঁ ভাবে প্ৰতিটো ধৰ্মই প্রগতিবাদী। ধর্ম অর্থাৎ religion শব্দটো লেটিন ভাষাৰ religare শব্দৰ পৰা আহিছে। যাৰ অৰ্থ হ’ল- এজন ব্যক্তি বা এখন সমাজ ধৰি ৰখা বা বান্ধি ৰখা৷ ধৰ্ম হ’ল এজন ব্যক্তি বা এখন সমাজ আগুৱাই যোৱাত সহায় কৰাৰ উপায়-এনেকৈয়ো কোৱা হয়। চিকাগোৰ ধৰ্মীয় মহাসভাত প্ৰদান কৰা স্বামীজীৰ ঐতিহাসিক ভাষণৰ মূল বিষয় আছিল অদ্বিতীয় বেদান্তৰ সৰ্বজনীনতা। হিন্দু ধৰ্মৰ সহনশীলতাৰ বিষয়েও তেওঁ ব্যাখ্যা কৰিছিল। হিন্দু ধর্ম বেদান্ত দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত যিটো দৰ্শনৰ আদৰ্শ হৈছে সকলোকে আকৌৱালি লোৱা। 

এই কথাও তেওঁ দৃঢ়তাৰে ঘোষণা কৰিছিল যে, যি ধৰ্মই অনুসৰণ নকৰক কিয় সকলো ভগৱানৰে সন্তান। বেদান্ত দৰ্শনে মানুহৰ পৰা মানুহৰ অন্তৰায় সৃষ্টি নকৰে। স্বামীজীয়ে এনেকৈয়ে মানুহৰ আধ্যাত্মিক এক্যৰ কথা ব্যক্ত কৰিছে। তেওঁ এই কথাষাৰ এনেকৈ ব্যক্ত কৰিছে যে প্ৰতিটো ধৰ্মৰ বেনাৰৰ ওপৰত অতি শীঘ্ৰে লিখা হ’ব-ঐক্য সংহতি মতবিৰোধ নহয়।’ তেওঁ এনেদৰেই বিশ্বজনীন ধৰ্মৰ পোষকতা কৰিছিল। মানুহৰ মাজত থকা বিদ্বেষ দ্বন্‌ছৰ ওৰ পেলাই বিশ্ব ভাতৃত্ব প্ৰতিষ্ঠাৰ দিশে তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিছিল৷

বিশ্বঐক্য যেনেকৈ মানুহৰ মাজত বিদ্যমান তেনেকৈ বিশ্বজনীন ধৰ্মৰ অক্তিত্বও বিদ্যমান। প্রত্যেক ব্যক্তিয়েই সর্বপ্রথমে নিজৰ সত্ত্বাক উপলব্ধি কৰিব লাগে আৰু তাৰ পাছত তেওঁ সকলো জীৱৰ সমত্বাক উপলব্ধি কৰিব। সেয়ে মানুহে সকলোৰে সেৱাৰ বাবে নিজকে উৎসর্গিত কৰা প্ৰয়োজন। স্বামীজীয়ে সকলো প্ৰাণীৰ প্ৰতি সেৱা মানে ভগৱানৰ সেৱা বুলি ক’ব খোজে। তেওঁ প্ৰতিষ্ঠা কৰা ৰামকৃষ্ণ মিচনত বহু প্ৰকাৰৰ মানৱ সেৱাৰ সুবিধা প্ৰদান কৰা হয়। এনেদৰেই স্বামী বিবেকানন্দই বিশ্বজনীন আৰু আধ্যাত্মিক ভাতৃত্ববোধৰ কথা ক’বলৈ প্ৰয়াস কৰে।

বিবেকানন্দ এজন প্রকৃত জাতীয়তাবাদী ব্যক্তি আছিল। এজন জাতীয়তাবাদী ব্যক্তি প্রকৃত আন্তলাতিক মনৰ ব্যক্তি হ’ব পাৰে। তেওঁ এজন আন্তর্জাতিকতাবাদী আৰু সৰ্বজনীন চৰিত্ৰৰ ব্যক্তি আছিল। জাতীয়তাবাদে তিনিটা কথা নিদের্শনা দিয়ে-

১) জাতিৰ গৌৰৱৰ বিষয়ে জনাৰ সুবিধা আৰু সাংস্কৃতিক এতিহ্য আৰু পৰম্পৰাৰ বিষয়ে জানিবলৈ সুবিধা প্ৰদান কৰা । 

২) সাংস্কৃতিক এতিহ্য আৰু পৰম্পৰা পিছৰ প্ৰজন্মলৈ কঢ়িয়াই নিয়া ৷ 

৩) জাতীয় সাংস্কৃতিক এতিহ্য সংৰক্ষণ আৰু সমৃদ্ধিশালী কৰা। স্বামীজীয়ে জাতীয় এতিহ্যৰ গৌৰৱময় দিশসমূহ অস্তঃকৰণেৰে জানিছিল আৰু জনগণৰ মাজত এইসমূহ প্ৰচাৰ কৰিবৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল। ১৯ শতিকাৰ ভাৰতীয় জাতীয়তাবাদ স্বামী বিবেকানন্দৰ দ্বাৰাই সমৃদ্ধিশালী হৈছিল বুলি ক’ব পৰা যায়৷ ভাৰতীয় যুৱ প্ৰজন্মক উৎসাহিত কৰা প্ৰথমগৰাকী জাতীয়তাবাদী ব্যক্তি আছিল স্বামী বিবেকানন্দ।

মহাত্মা গান্ধী, লাজপত ৰায়, গোপাল কৃষ্ণ গোখলে, নেতাজী সুভাষ বসু আদি সকল স্বামীজীৰ দ্বাৰা অনুপ্রাণিত হৈছিল। সুভাষ চন্দ্ৰই যুৱকসকলক উদ্দেশ্যি কৈছিল-ঞ্চ- ভাৰতীয় যুৱকসকলে ৰামকৃষ্ণ আৰু বিবেকানন্দৰ শিক্ষা সাৰোগত কৰি অগ্ৰসৰ হ’ব লাগে। গান্ধীজীয়ে তেখেতৰ আত্মীজীৱনীত উল্লেখ কৰিছে যে, স্বামীজীয়ে প্ৰদান কৰা শিক্ষাৰ দ্বাৰা মই গভীৰভাৱে প্ৰভাৱিত হৈছোঁ।

স্বামীজাৰ মৃত্যুৰ পাছতো তেওঁৰ উপদেশসমূহে ভাৰতবৰ্ষক আগুৱাই যোৱাত সহায় কৰিছিল। স্বামীজী চিৰকাল জাতিৰ পথপ্ৰদৰ্শক পোহৰ হিচাপে পৰিগণিত হৈ আছে। তেওঁ ৰাজনীতিবিদ নাছিল। কিন্তু তেওঁ সবল আৰু স্বাৱলম্বী ভাৰতীয়ৰে এখন সমাজ গঢ় দিবলৈ বিচাৰিছিল ৷ জাতিভেদ প্ৰথাৰ তেওঁ ঘোৰ বিৰোধী আছিল। তেওঁ এটা জাতিৰ কথাই বিশ্বাস কৰে সেইটো হ’ল-মানৱতা। তেওঁ অনুভৱ কৰিছিল বহুতো বাস্তৱ সমস্যাই ভাৰতবৰ্ষৰ উন্নতি আৰু প্ৰগতিত বাধাৰ সৃষ্টি কৰিছিল। সেইসমূহৰ ভিতৰত জনসাধাৰণৰ দৰিদ্ৰতা অন্যতম। সামাজিক মূল্যবোধৰ অৱক্ষয়,মহিলাৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰা, চৰিত্ৰৰ দুৰ্বলতা আদিও ইয়াৰ অন্যতম কাৰণ।

দেশবাসীৰ ওপৰত স্বামীজীৰ অগাধ বিশ্বাস আছিল। তেওঁ বিশ্বাস কৰিছিল এইসমূহ সমস্যাৰ পৰা ভাৰতবৰ্ষই মুক্তি লাভ কৰিব আৰু এক সন্মানীয় স্থানত অধিষ্ঠিত হ’ব। তেওঁ গভীৰভাৱে বিশ্বাস কৰিছিল যে, তিনিটা বিষয়ত বিশ্বাস ৰাখিব নোৱাৰিলে এটা পৰিয়াল বা এখন সমাজ প্ৰগতিৰ পথত আগবাঢ়ি যাব নোৱাৰে- 

১) নিজৰ ওপৰত বিশ্বাস।

২) জাতিৰ ওপৰত বিশ্বাস । আৰু 

৩) ভগৱানৰ ওপৰত বিশ্বাস। 

যি ব্যক্তিয়ে নিজৰ ওপৰত বিশ্বাস হেৰুৱাইছে তেওঁ সকলো হেৰুৱাইছে। ভগৱানৰ ওপৰত বিশ্বাস নথকাজনে (নাস্তিক) জীৱনত উন্নতি কৰিব নোৱাৰে। তেওঁৰ সন্মুখত আগুৱাই যোৱাৰ কোনো পোহৰ বা পথ নাথাকে। বেদান্তৰ মূলমন্ত্ৰ হৈছে শ্ৰদ্ধাবান লভতে জ্ঞানম।

বিবেকানন্দৰ আবেদন আছিল বিশ্বব্যাপী। তেওঁ প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত এডাল সাঁকো নিৰ্মাণ কৰাৰ কথা ভাবিছিল। তেওঁ প্ৰাচ্য আৰু পাশ্চাত্যৰ উত্তম সাৰমৰ্ম আহৰণ কৰি দুয়ো দিশতে বিলাই দিয়াৰ চেষ্টা কৰিছিল ৷

জাপান, আমেৰিকা আৰু ইউৰোপীয়ান দেশসমূহৰ উন্নতি আৰু প্রগতি দেখি স্বামীজী মুগ্ধ হৈছিল আৰু ভাৰতীয় জনসাধাৰণৰো তেনে উন্নতি কামনা কৰিছিল। তেওঁ এই কথাও ব্যক্ত কৰিছিল যে, এনে উন্নতিৰ কাৰণে নিস্বাৰ্থ কৰ্ম আৰু উচৰ্গিত মনৰ প্ৰয়োজন হ’ব ৷ স্বামীজীয়ে পাশ্চাত্যৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নিচিনা বস্তুবাদক আদৰণী জনাইছিল। তেওঁৰ পূৰ্বৰ আধ্যাত্মবাদ আৰু পাশ্চাত্যৰ বস্তুবাদৰ সংমিশ্রণ ঘটাবলৈ বিচাৰিছিল। এই সংমিশ্ৰণৰ দ্বাৰা ভাৰতবৰ্ষৰ প্ৰকৃত উন্নতি হ’ব বুলি তেওঁ বিশ্বাস কৰিছিল।

৬) বিবেকানন্দৰ শিকা দৰ্শনৰ বিষয়ে লিখা।

Write about life philosophy of Vivekananda.

উত্তৰঃ বিবেকানন্দৰ শিক্ষা দৰ্শন তেওঁৰ জীৱন দৰ্শনৰ ওপৰতে প্রতিষ্ঠিত । তেওঁক এজন বিদান্তবাদী শিক্ষাবিদ বুলি অভিহিত কৰিব পৰা যায় । তেওঁ অদ্বৈত বেদান্তৰ উপৰত বিশ্বাস স্থাপন কৰিছিল। তেওঁৰ মতে, ভগবান সৰ্বশ্ৰেষ্ঠ পৰমাত্মাৰ অংশ বুলি তেওঁ বিশ্বাস কৰে । ৰাজযোগত তেওঁ কৈছে —”Each soul is potentially divine“ সকলো ব্যক্তিয়েই ভগৱানৰ সয়্তান। বেদান্ত হিন্দুত্ববাদে অন্য ধৰ্মত বিশ্বাসীসকলক ঘৃণা নকৰে। এই মতবাদে সকলোকে গ্রহণ । বিশ্ব ভাতৃত্বৰ ধাৰণাত গঢ় লোৱা এই কৰে, কাকো বৰ্জন নকৰে। মতবাদৰ বিশ্ব সহনশীলতা দেখিবলৈ পোৱা যায়। প্ৰতিটো জীৱন্ত সত্বাই পৰমাত্মাৰ অংশ।

মানৱৰ অন্তৰত বিশ্বাস স্থাপন কৰিব পৰাটো গুৰুত্বপূৰ্ণ কথা। এই বিশ্বাস তিনি প্ৰকাৰৰ- আত্মবিশ্বাস, ৰাষ্ট্ৰ ওপৰত বিশ্বাস আৰু ভগৱানৰ ওপৰত বিশ্বাস । জীৱিত প্ৰাণীৰ প্ৰতি দেখুওৱা সেৱাৰ মনোভাবে ভগৱানক উপলব্ধি কৰাত সহায় কৰে। বেদান্ত দৰ্শনৰ এই শিকনি সকলোৱে জীৱনত মানি চলা প্রয়োজন। বিবেকানন্দই মানুহ আৰু ভগৱানৰ মাজৰ বন্ধন প্রয়োজন বুলি অনুভৱ কৰে। প্ৰাচ্যৰ আধ্যাত্মবাদ আৰু পাশ্চাত্যৰ বস্তুবাদৰ মাজত সমন্বয় সাধন কৰাটোত বিবেকানন্দই অধিক গুৰুত্ব দিছিল। তেওঁৰ পৰা বিদ্যা (সৰ্বশ্ৰেষ্ঠ জ্ঞান) আৰু অপৰা বিদ্যা (বস্তুবাদী জ্ঞান অথবা এই পৃথিৱীৰ লগত সম্পর্কযুক্ত জ্ঞান) দুই ধৰণৰ সমন্বয় সাধন কৰিবলৈ বিচাৰিছিল।

৭) বিবেকানন্দৰ মানৱ নিৰ্মাণ আৰু জাতি গঠনৰ শিক্ষাৰ ধাৰণা সম্পর্কে লিখা। 

Write about man making and nation building concept of education of Vivekananda.

উত্তৰঃ বিবেকানন্দই সেই সময়ৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ দুৰ্ঘোৰ সমালোচনা কৰিছিল। শিক্ষাৰ ক্ষেত্ৰত তেওঁক উগ্রবাদী বুলি ক’ব পৰা যায় আৰু শিক্ষাৰ সকলো দিশতে তেওঁ দৃষ্টি নিক্ষেপ কৰিছিল। তেওঁৰ মতে, শিক্ষা হ’ব লাগে মানুহ নিৰ্মাণকাৰী কিয়নো মানুহ তেওঁৰ মতে উৎকৃষ্ট মন্দিৰ। বিবেকানন্দৰ মতে, “Education is the manifestation of the perfection already in man. “ জ্ঞান মানুহৰ অন্তৰতে থাকে। শিক্ষাই সেই জ্ঞান বাহিৰ উলিয়াই অনাটোহে মূল কথা। কোনো জ্ঞান বাহিৰৰ পৰা উদ্ভৱ নহয়। আত্মাই জ্ঞানৰ উৎস। এই জ্ঞান আবিষ্কাৰ কৰি ল’ব পাৰিব লাগিব। এজন ব্যক্তিয়ে নিজৰ মাজত থকা জ্ঞানখিনি যেতিয়াই আৱিষ্কাৰ কৰে তেতিয়াই শিকণ সম্ভৱ হয়। মানুহে নিজকে আৱিষ্কাৰ কৰিব পাৰিব লাগে। এই আৱিষ্কাৰে আত্মাক সমৃদ্ধিশালী কৰে। ছাত্ৰই নিজকে আৱিষ্কাৰ কৰা, নিজে শিকিবলৈ যত্ন কৰা আৰু নিজকে নিজে শিক্ষা দিয়াৰ চেষ্টা কৰাও প্রয়োজন। ছাত্রসকল উঠি অহা গছপুলিৰ দৰে। অন্তর্নিহিত সম্বাক জাগ্রত কৰিব পৰাটোৱেই তেওঁ শিক্ষাৰ বৈশিষ্ট্য বুলি ক’ব খোজে। কৃত্রিম পদ্ধতিৰে তথ্য যোগান ধৰাটো প্রকৃত শিক্ষা নহয় বুলি তেওঁ ক’ব খোজে। শিক্ষা হ’ব লাগে অন্তৰৰ পৰা । শিক্ষা স্বতঃস্ফুর্ত আৰু যোগাত্মক হোৱা বাঞ্চনীয়। বিবেকানন্দৰ মতে, শিক্ষা শিশুৰ মগজুত জোৰ জবৰদস্তি ভৰাই দিয়া তথ্যৰ সমষ্টি নহয়। প্ৰকৃততে শিক্ষা হ’ব লাগে জীৱন গঢ়াৰ পদ্ধতি। বিবেকানন্দই শিক্ষাক মানৱ জীৱনৰ এটা অংশ বুলি বিবেচনা কৰে। শিক্ষাই যদি সাধাৰণ জনতাক জীৱনৰ কাৰণে প্ৰস্তুত কৰিব নোৱাৰে, চৰিত্ৰ সবল কৰিব নোৱাৰে, নিঃস্বজনৰ প্ৰতি সহায়ৰ মনোভাব গঢ়ি তুলিব নোৱাৰে, এটা সাহসী মনোভাব গঢ়ি তুলিব নোৱাৰিলে শিক্ষাৰ কোনো সার্থকতাই নাথাকিব। যি শিক্ষাই এজন ব্যক্তিক নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ সক্ষম কৰি তোলে সেয়াই প্রকৃত শিক্ষা।

৮) বিবেকানন্দৰ মতে শিক্ষাৰ লক্ষ্য কেনে হোৱা উচিত? 

What should be the aim of Education according to Vivekananda?

উত্তৰঃ শিক্ষাৰ লক্ষ্য সন্দৰ্ভত বিবেকানন্দৰ মত হ’ল সকলো শিক্ষা, সকলো প্ৰশিক্ষণৰ শেষ লক্ষ্য হ’ব লাগে মানৱ নিৰ্মাণ। শিক্ষাৰ লক্ষ্য সন্দৰ্ভত তেওঁৰ অন্য এটি মতামত হ’ল-ইচ্ছাৰ প্ৰকাশ নিয়ন্তণত ৰখা আৰু ফলপ্ৰসূ হোৱাই শিক্ষা। আত্মবিশ্বাস আৰু আত্মবিশেষণ শিক্ষাৰ লক্ষ্য হোৱা উচিত। শিক্ষাই এজন ব্যক্তিক তেওঁৰ অন্তর্নিহিত শক্তি সামৰ্থসমূহৰ প্ৰতি সচেতন হোৱাত সহায় কৰে। মানুহে জানিব লাগিব তেওঁ এক অমৰ আত্মাৰ অধিকাৰী যি আত্মা সকলো শক্তিৰ জ্ঞানৰ ভৰাল৷ তেওঁৰ অন্তর্নিহিত সকলো শক্তি তেওঁ আৱিষ্কাৰ কৰিব পাৰিব লাগিব। সৰগীয় জ্যোতিৰ এই জ্ঞানৰ সহায়ত মানুহে অসাধ্য সাধন কৰিব পাৰে। মানুহৰ নিজৰ ওপৰত গভীৰ বিশ্বাস থাকিব লাগিব আৰু জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ আগুৱাই যাব লাগিব। আত্মবিশ্বাসে আত্মউপলব্ধিত সহায় কৰে। স্বামীজীৰ মতে, নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখা – মহান হোৱাৰ গোপনীয়তা তাতে লুকাই আছে। আত্মবিশ্বাস থকা একোজন ব্যক্তিয়ে ব্যক্তিগত অথবা সামাজিক জীৱনত বহু কাম কৰিব পাৰে। আত্মউপলব্ধি আৰু আত্ম বিশেষণৰ দ্বাৰা ব্যক্তি শুদ্ধ পথে আগুৱাব পাৰে আৰু জীৱনৰ লক্ষ্যত উপনীত হ’ব পাৰে।

শিক্ষাৰ চৰিত্ৰ গঠনৰ লক্ষ্যৰ ওপৰতো বিবেকানন্দই বিশেষ গুৰুত্ব আৰোপ কৰিছিল। শিক্ষাই চৰিত্ৰ গঠন কৰি ব্যক্তিৰ নিজস্ব প্ৰকৃতি গঢ়ি তুলিব লাগে। বিবেকানন্দৰ মতে, চৰিত্ৰ হৈছে মানুহৰ ভাব-অনুভূতিৰ সমষ্টি। মানুহৰ চৰিত্ৰত ভাল-বেয়া সকলো ধৰণৰ প্ৰভাৱ বিদ্যমান হোৱা দেখা যায় ৷ মানুহৰ মনৰ বদ ভাব অনুভূতিবোৰ নোহোৱা কৰিবলৈ শিক্ষাই লক্ষ্য নিৰ্ধাৰণ কৰি লব লাগে। নীতিশিক্ষাই এই ক্ষেত্ৰত বিশেষ সহায় আগবঢ়াব পাৰে।

বিবেকানন্দই ব্যক্তিত্বৰ সামগ্রিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ব্যক্তিত্বৰ বহুতো দিশ, যেনে- বৌদ্ধিক, শাৰীৰিক, সামাজিক, নৈতিক, আৱেগিক, সৌন্দৰ্য, অনুভূতি আদি দিশৰ বিকাশৰ দ্বাৰা ব্যক্তিত্বৰ সামগ্রিক বিকাশ সম্ভৱ। তেওঁ শংকৰৰ বৌদ্ধিক আৰু বুদ্ধৰ অন্তৰ একত্ৰিত কৰাৰ কথা ভাবিছিল ৷ তেওঁ ব্যক্তিৰ বাহ্যিক আৰু আভ্যন্তৰীণ দুয়ো দিশৰ বিকাশৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব উপলব্ধি কৰিছিল। তাৰ দ্বাৰাই ব্যক্তিত্ব গণনা কৰা হয়। প্রাচীন ভাৰতীয় আৰু গ্ৰীকসকলৰ দৰে স্বামীজীয়ে ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আত্মাৰ বিকাশৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰিছিল।

বিবেকানন্দই জনসাধাৰণৰ শিক্ষা প্ৰসাৰৰ উদ্দেশ্যে সবল মতপোষণ কৰিছিল। জনসাধাৰণৰ শিক্ষা অবিহনে আমাৰ দেশৰ আৰ্থ-সামাজিক উন্নয়ন অসম্ভৱ। তেওঁ শিক্ষা সম্পৰ্কে আৰু কৈছে যে- শিক্ষা হৈছে প্ৰতিজন মানুহৰে জন্মগত অধিকাৰ। শিক্ষাৰ জৈৱিক, সামাজিক, অর্থনৈতিক আৰু আধ্যাত্মিক প্রয়োজনীয়তা কোনো কাৰণতে নুই কৰিব নোৱাৰি।

ভাৰতবৰ্ষৰ জনসাধাৰণৰ দৰিদ্ৰতাৰ কথাটোত তেওঁ গুৰুত্ব আৰোপ কৰি কৈছিল যে আমাৰ দেশৰ যিমানবিলাক দুষ্কার্য সকলো কেৱল দৰিদ্ৰতাৰ ফলস্বৰূপে সংঘটিত হৈছে। দৰিদ্ৰতা নিৰ্মূল কৰাৰ একমাত্ৰ উপায় হৈছে শিক্ষা ৷ তেওঁৰ মতে, এটা দৰিদ্ৰ ল’ৰাই যদি দৰিদ্ৰতাৰ বাবে শিক্ষা গ্ৰহণ কৰিবলৈ আহিব নোৱাৰে, তেন্তে শিক্ষা তেওঁৰ ওচৰলৈ যাব লাগে। শিক্ষা প্রতিঘৰ মানুহত সোমাব লাগিব আৰু তেওঁ ধৰ্মনিৰপেক্ষ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ জনসাধাৰণক ভাল পাইছিল আৰু জনসাধাৰণৰ শিক্ষাৰ বাবে সদা সচেতন আছিল। তেওঁ বাস্তৱিকতে এজন খি আছিল আৰু এজন জাতীয়তাবাদী ব্যক্তি আছিল । নিৰপেক্ষ শিক্ষাৰ দ্বাৰা এখন নিৰপেক্ষ সমাজ গঢ়াৰ তেওঁ পক্ষপাতি আছিল ৷

স্ত্রী শিক্ষাৰ প্ৰতিও তেওঁ সজাগ আৰু সচেতন আছিল। আমেৰিকা, হৈছিল। তেওঁলোকে পুৰুষৰ সমানে সকলো কামতে আগভাগ ল’ব পাৰিছিল আৰু ৰাষ্ট্ৰৰ উন্নতিত অৰিহনা যোগাইছিল৷ ভাৰতীয় মহিলাৰ দূর্দশাগ্রস্ত অৱস্থাই তেওঁক যথেষ্ট ব্যথিত কৰি তুলিছিল। তেওঁ বিশ্বাস কৰিছিল মহিলাৰ সামাজিক প্ৰস্থিতি বৃদ্ধি আৰু মহিলাৰ প্ৰতি দেখুওৱা উপযুক্ত সন্মানে এখন ৰাষ্ট্ৰৰ উন্নতিত সহায় কৰিব পাৰে। তেওঁৰ মতে, কোনো পৰিয়াল বা ৰাষ্ট্ৰৰ উন্নতি মহিলাৰ উন্নতিৰ ওপৰতহে নিৰ্ভৰ কৰে। তেওঁ পক্ষপাতী আছিল৷ ভাৰতীয় সংস্কৃতি আৰু গার্হস্থ্য জীৱনৰ মূল্যবোধক তেওঁ যথেষ্ট সন্মান জনাইছিল আৰু ভাৰতৰ স্ত্ৰী শিক্ষা ভাৰতীয় সংস্কৃতিৰ আধাৰত প্ৰৱৰ্তন হোৱাটো তেওঁ কামনা কৰিছিল। তেওঁৰ স্ত্ৰী শিক্ষাৰ ধাৰণাটো আছিল-আদৰ্শ জীয়ৰী, আদৰ্শ পত্নী আৰু আদৰ্শ মাতৃ গঢ় দিয়া।

৯) বিবেকানন্দৰ মতে পাঠ্যক্রম কেনে হোৱা উচিত?

What should be the curriculum according to Vivekananda?

উত্তৰঃ স্বামী বিবেকানন্দই যিহেতু সর্বতোমুখী বিকাশৰ বাবে শিক্ষাৰ পোষকতা কৰিছিল গতিকে পাঠ্যক্রম সেই ধৰণৰ বিষয় সামৰি প্ৰস্তুত কৰাটোকে বিচাৰিছিল। শাৰীৰিক, মানসিক, সামাজিক আদি সকলো দিশৰ বিকাশত সহায় হোৱাকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰিছিল। আধ্যাত্মিক দিশৰ বিকাশৰ বাবে পুৰাণ, শৰীৰ চৰ্চাৰ বাবে লগতে মানসিক শক্তি বৃদ্ধিৰ বাবে যোগাসন, নীতি শিক্ষাৰ পাঠ আদি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছিল। স্ত্রী শিক্ষাৰ বিকাশৰ বাবে তেওঁ সুকীয়া পাঠ্যক্ৰমৰ পোষকতা কৰিছিল। এই পাঠ্যক্ৰমত বুৰঞ্জী, পুৰাণ, গৃহসজ্জা, চিলাই কাম, অন্যান্য গৃহসজ্জাৰ কলা আদি শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰিছিল। স্বামীজীৰ মতে, এগৰাকী নাৰীয়ে গাহস্থ্য জীৱনৰ কৰ্তব্যসমূহৰ বিষয়ে ভালদৰে অৱগত হ’ব লাগিব। সেয়ে স্ত্রী শিক্ষাৰ পাঠ্যক্ৰমত গার্হস্থ্য বিজ্ঞানৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাটো বিচাৰিছিল। বিজ্ঞান শিক্ষাৰ গুৰুত্ব তেওঁ উপলব্ধি কৰিছিল আৰু নীতিশিম্যাৰ পাঠ্যক্ৰমত অধিক মনোনিৱেশ কৰিছিল।

১০) স্বামী বিবেকানন্দৰ মতে শিক্ষাত শিক্ষক আৰু শিশুৰ স্থান ক’ত? 

Where is the place of Teacher and Child in education according to Vivekananda?

উত্তৰঃ শিক্ষাদানৰ লগত জড়িত শিক্ষকৰ ব্যক্তিত্বৰ দিশটোত স্বামী বিবেকানন্দই অধিক গুৰুত্ব আৰোপ কৰিছিল। শিক্ষক আৰু ছাত্ৰৰ মাজৰ আন্তৰিক সম্পর্ক শিক্ষা গ্রহণ বা শিক্ষা প্ৰদানৰ বাবে প্রয়োজন বুলি তেওঁ মতপোষণ কৰিছিল৷ সেইবাবে তেওঁ প্ৰাচীন গুৰুকুল পদ্ধতি পুনৰ প্ৰৱৰ্তনৰ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁ মতপোষণ কৰিছিল যে তেওঁৰ শিক্ষাৰ ধাৰণাটো হ’ল গুৰগৃহবাস।

স্বামীজীৰ মতে, এজন শিক্ষকৰ কাম শিকোৱা নহয়, পৰামৰ্শ প্রদান কৰাহে। তেওঁ আত্মশিকণত অধিক গুৰুত্ব আৰোপ কৰিছিল। ছাত্ৰৰ মনত জন্মগতভাৱেই জ্ঞান থাকেই। ছাৰ আইজাক নিউটনে মাধ্যাকর্ষণ শক্তি আবিষ্কাৰ কৰিছিল। প্ৰকৃতিত এই শক্তি আছিলেই । গছৰ পৰা আপেলটো সৰি পৰাত নিউটনৰ মনৰ মাজত থকা জ্ঞানে কাম আৰম্ভ কৰিলে। শিক্ষাত স্বাধীনতা প্ৰদান কৰাটো বিবেকানন্দই পূর্ণ সমর্থন কৰে। কাৰণ তেওঁ বিশ্বাস কৰে যে ই হ’ল বিকাশৰ প্ৰথম স্তৰ। কোনো শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব নালাগে। শিশুৰ প্রয়োজনীয়তাৰ ভৌটিতহে শিক্ষা গঢ় লৈ উঠিব লাগে। শিক্ষক সদায় নিজৰ বৃত্তিৰ প্ৰতি উৎসর্গিত মনোভাবৰ হ’ব লাগে।

শিশুক বিবেকানন্দই শিক্ষাৰ মধ্যমণি হিচাপে গণ্য কৰিছিল। শিশু হ’ল জ্ঞানৰ ভঁৰাল । শিশুৰ অন্তৰত জ্ঞান নিহত হৈ থাকে। অন্তর্নিহিত জ্ঞানক আৱিষ্কাৰ কৰি বাহিৰলৈ উলিয়াই অনাৰ ওপৰত বিবেকানন্দই গুৰুত্ব আৰোপ কৰিছিল। অন্তর্নিহিত জ্ঞান মুকলি কৰি ল’ব নোৱাৰিলে বাহ্যিক সকলো জ্ঞান অর্থহীন। স্বামীজীয়ে শাৰীৰিক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। কিয়নো শিশুৰ শৰীৰ সুস্থ হ’লেহে মনো সুস্থ হ’ব আৰু সুস্থ মনৰ শিশোৱেহে সুস্থভাৱে জ্ঞান অহৰণ কৰিব পাৰিব। দুৰ্বল স্বাস্থাই ব্যক্তিত্বও দুর্বল কৰি তোলে। তেওঁ শিক্ষাৰ সকলো দিশ সামৰি এক বিৱৰ সূচনা কৰিবলৈ বিচাৰিছিল। তেওঁ এই বিপ্লৱৰ দ্বাৰা ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্তমীক উৎসাহিত কৰি তুলিছিল । তেওঁৰ শিক্ষাত ৰাষ্ট্ৰীয় সংস্কৃতি সমৃদ্ধ ৰাষ্ট্ৰীয় মনোভাব গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীক জাতীয়তাবোধৰ শিক্ষাৰ দ্বাৰা বিশ্ব ভাতৃত্বৰ মনোভাবৰ দিশে আগুৱাই নিয়াই তেওঁৰ শিক্ষাৰ উদ্দেশ্য।

১১) বিবেকানন্দৰ মতে অনুশাসন কেনে হ’ব লাগে?

How is discipline according to Vivekananda?

উত্তৰঃ অনুশাসনৰ ক্ষেত্ৰত বিবেকানন্দই আত্ম অনুশাসনত গুৰুত্ব আৰোপ কৰিছিল। প্রথমে তেওঁ আত্ম শিক্ষণত গুৰুত্ব আৰোপ কৰিছে। আত্ম শিক্ষণৰ বাবে আত্ম অনুশাসন লাগিবই। ধৰ্মীয় শিক্ষাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰিছিল। এই ধৰ্মীয় শিক্ষা সংকীৰ্ণ পৰিসৰৰ নাছিল৷ ৰাজযোগৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল, নীতিশিক্ষা আৰু আধ্যাত্মিক শিক্ষাত তেওঁ গুৰুত্ব আৰোপ কৰিছিল। এইসমূহ শিক্ষা আগবঢ়াই নিবলৈ আত্ম অনুশাসনৰ প্ৰয়োজন গুৰুত্বপূৰ্ণ। ছাত্ৰছাত্ৰীৰ সুস্বাস্থ্য আৰু উচ্চ ব্যক্তিত্ব গঠনৰ বাবে শৰীৰকেন্দ্ৰিক শিক্ষাৰ কথা স্বামীজীয়ে গভীৰভাৱে সমর্থন কৰে। শৰীৰ চৰ্চাত অনুশাসন অপৰিহাৰ্য আৰু সেই অনুশাসন হ’ব লাগে আত্ম অনুশাসন।। বিবেকানন্দৰ জীৱন দৰ্শন আৰু শিক্ষা দর্শন ফঁহিয়াই চালে দেখা যায় তেওঁ আত্ম বিশ্লেষণ আৰু আত্ম উপলব্ধিৰ দ্বাৰা ব্যক্তিত্ব গঠনৰ পোষকতা কৰে। এইসমূহৰ বাবে শৃংখলিত জীৱন-যাপন পদ্ধতি আৰু একাগ্ৰতাৰ প্ৰয়োজন৷ আভ্যন্তৰীণ বা আত্ম অনুশাসনৰ দ্বাৰাহে বাঞ্চিত ফল লাভ কৰিব পৰা যাব।

১২) বিবেকানন্দৰ শিক্ষা দৰ্শনৰ মূল্যায়ন আলোচনা কৰা। 

Discuss about the evaluation of Educational Philosophy of Vivekananda?

উত্তৰঃ বিবেকানন্দৰ শিক্ষা দৰ্শন অধ্যয়ন কৰিলে দেখা যায়, তে এজন মহান শিক্ষাবিদ আছিল আৰু শিক্ষাৰ প্ৰায় সকলো দিশতে বিপ ৱৰ সূচনা কৰিছিল। তেওঁৰ শৈক্ষিক ধাৰণা৷মূহ বেদান্ত দৰ্শনৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰতীয় যুৱকসকলক তেওঁৰ শিক্ষাৰ বৈপ্-ৱিক ধাৰণাই অনুপ্ৰাণিতকৰিছিল। তেওঁ জাতীয় সাংস্কৃতিক ধাৰণাৰ ওপৰত প্রতিষ্ঠিত জাতীয় শিক্ষাৰ পোষকতা কৰিছিল।

শিক্ষাৰ শিতানলৈ তেওঁৰ মহান অৱদানৰ ভিতৰত গুৰুত্বপূৰ্ণ হৈছে স্ব:শিকন। আত্ম বিশ্লেষণ, একাগ্রতা, বিশ্ব গণ শিক্ষা, স্ত্রীশিক্ষা, শাৰীৰিক শিক্ষা, মানৱ গঢ়াৰ শিক্ষা, চৰিত্ৰ গঠনৰ শিক্ষা, মাতৃভাষাৰ মাধ্যমেৰে শিক্ষা প্রদান, ধৰ্মীয় আৰু নৈতিক শিক্ষা, মূলাবোধৰ শিক্ষা, নিস্বাৰ্থ উৎসর্গিত শিক্ষক ইত্যাদি।

শিক্ষাৰ শিতানলৈ তেওঁৰ সকলোতকৈ উল্লেখযোগ্য অৱদান হ’ল ৰামকৃষ্ণ মিচনৰ প্রতিষ্ঠা। মিচনৰ মুখ্য কাৰ্যালয় বেলুৰ মঠ আৰু বিবেকানন্দই তেওঁৰ গুৰুৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে এই মিচন প্রতিষ্ঠা কৰিছিল। প্রতিষ্ঠা কালৰে পৰা ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষৰ বাহিৰতো সম্পাদন কৰি আহিছে। আশা কৰা যায় স্বামীজীৰ পৰামৰ্শই গতানুগতিক শিক্ষা ব্যৱস্থাক পুণগঠিত কৰি নতুন ধৰণেৰে আগবঢ়াই লৈ যোৱাত সহায় কৰিব। বিবেকানন্দৰ শিক্ষা দৰ্শনৰ ব্যাৱহাৰিক আবেদন আধুনিক যুগৰ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান, তথ্য প্রযুক্তি আৰু প্রযুক্তিগত শিক্ষাৰ প্ৰসাৰৰ বাবে অতিশয় উপযোগী বুলি ক’ব পৰা যায়।

: M.K. Gandhi :

১) মহাত্মা গান্ধীৰ সম্পূর্ণ নাম কি? 

What is the full name of Mahatma Gandhi?

উত্তৰঃ মোহন দাস কৰ্মচাদ গান্ধী।

২) গান্ধীজীৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

When and where did Gandhi born?

উত্তৰঃ মহাত্মা গান্ধীৰ জন্ম হয় ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ এখন সৰু চহৰত।

৩) গান্ধীজীৰ শিক্ষা দৰ্শনত ছাত্ৰৰ স্থান কি?

উত্তৰঃ শিক্ষা প্রক্রিয়াটো ত্রিপাক্ষিক প্রক্রিয়া বুলি মহান শিক্ষাবিদসকলে কৈ গৈছে। ইয়াৰে শিক্ষক আৰু ছাত্ৰ এই দুই পক্ষৰ সম্পৰ্ক বৰ ওচৰ। ইয়াৰ এটা অবিহনে আনটো পক্ষ নিষ্ক্রিয় । এখন বজাৰত ক্রেতা-বিক্ৰেতাৰ লগত ছাত্র-শিক্ষকৰ সম্বন্ধটো তুলনা কৰিব পাৰি। শিক্ষকজন যদি বিক্রেতা হয় ক্রেতা হিচাপে ছাত্ৰজন উপস্থিত নাথাকিলে উদ্দেশ্য সফল নহ’ব। ছাত্ৰজন শিকাৰ প্ৰতি আগ্ৰহী হোৱাটো নিতান্তই প্রয়োজনীয়। গান্ধীজীৰ শিক্ষা আছিল কামৰ মাজেৰে শিকা। গতিকে শিল্প এটাক কেন্দ্ৰ কৰি এজন প্রশিক্ষণপ্রাপ্ত শিক্ষকে শিক্ষা দিওঁতে ছাত্ৰজনে সহযোগিতা আগবঢ়াই শিকিবলৈ যত্ন কৰিব লাগে।

গান্ধীজীয়ে বিচৰাৰ দৰেই শিক্ষক-ছাত্ৰৰ সম্পৰ্ক পিতা-পুত্ৰৰ সম্পৰ্কৰ দৰে মধুৰ হোৱাটো বাঞ্ছনীয়।

৪) ‘বুনিয়াদী শিক্ষা’ মানে কি?

উত্তৰঃ বুনিয়াদী শিক্ষা’ গান্ধীজীৰ শিক্ষা দৰ্শনৰ এক প্রায়োগিক প্রকাশ। এই আঁচনিখন ভাৰতৰ শিক্ষাজগতলৈ গান্ধীজীৰ এক অনন্য সৰ্বশ্ৰেষ্ঠ অৱদান বুলি ক’ব পাৰি।

৫) ‘নই তালিম’ কি? 

What is Nai Talim?

উত্তৰঃ গান্ধীজীয়ে কৈছিল যে হস্তশিল্প হ’ব মূল বিষয় আৰু আন বিষয়বিলাকৰ শিক্ষা এই মূল বিষয়টোৰ লগত সম্বন্ধ ৰাখি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। এনে পদ্ধতিৰে শিক্ষা দিলে বিষয়বস্তু অধিক স্পষ্ট হয় আৰু ছাত্ৰ-ছাত্ৰীৰ মমত আগ্রহ জন্মোৱাও সহজ হয়। উদাহৰণস্বৰূপে, যদি এটা হস্তশিল্প বা কুটিৰ শিল্পৰ শিক্ষা দিবলৈ যাওঁতে শিল্পটোৰ বাবে প্রয়োজনীয় কেঁচা সামগ্ৰী ক’ত বেছি উৎপাদিত হয় (ভূগোল), এই শিল্পৰ প্ৰথম উদ্ভাৱক কোন? কেতিয়া প্রথম উদ্ভাৱন হৈছিল (বুৰঞ্জী), কেঁচা সামগ্ৰীৰ চিনাক্তৰণ প্ৰণালী (উদ্ভিদ বিজ্ঞান), ইয়াৰ উৎপাদন বৃদ্ধিৰ উপায় (কৃষি), অধিক উৎপাদনৰ উপায় বা সাৰ প্ৰয়োগ (কৃষি বিজ্ঞান), এইদৰে নিৰ্দিষ্ট শিল্পটোৰ লগত সম্বন্ধ ৰাখি বাকী বিষয়বিলাকৰ শিক্ষা দিয়া ব্যৱস্থা কৰা হয়। এইক্ষেত্ৰত উল্লেখযোগ্য যে সহ সম্বন্ধ পদ্ধতি মনোবিজ্ঞানসন্মত বুলি জার্মান শিক্ষাবিদ হার্বাটেও মতপোষণ কৰিছিল।

গান্ধীজীৰ শিক্ষা পদ্ধতিৰ দ্বিতীয় মূলনীতি হ’ল- কর্মকেন্দ্ৰিক শিক্ষানীতি ইয়াত কৰ্ম সম্পাদনৰ যোগেদি বা এটা নিৰ্দিষ্ট শিল্প বা বৃত্তিৰ মাধ্যমেৰে শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক উৎপাদনমূলক কামত ব্যক্ত কৰা হৈছিল। হস্তশিল্প বা বৃত্তি সম্পাদনৰ মাধ্যমেৰে শিক্ষা দি তেওঁলোকক ভৱিষ্যৎ জীৱনৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ চেষ্টা কৰা হৈছিল। অর্থাৎ তেওঁলোকক আত্মনিৰ্ভৰশীলতাৰ শিক্ষা দিবলৈ চেষ্টা কৰা হৈছিল।

৬) গান্ধীজীৰ মতে মাতৃভাষাৰ শিক্ষা কেনে হোৱা উচিত?

উত্তৰঃ গান্ধীজীয়ে তেওঁৰ শিক্ষা আঁচনিত মাতৃভাষাৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। গান্ধীজীৰ মতে, শিক্ষাৰ্থীৰ নিজৰ নিজৰ মাতৃভাষা শিক্ষা আহৰণৰ সকলোতকৈ উত্তম আৰু কাৰ্যকৰী মাধ্যম। আনহাতে, মাতৃভাষা শিশুৰ আত্মপ্রকাশৰো সকলোতকৈ সহজ মাধ্যম। মাতৃভাষাৰ মাধ্যমত দিয়া শিক্ষাইহে শিশুৰ মনত জাতীয় চেতনাৰ ভাব জাগৃত কৰিব পাৰে। গতিকে শিক্ষাৰ মাধ্যম মাতৃভাষাৰ বাদে আন ভাষা হ’ব নোৱাৰে আৰু শিক্ষাৰ মাধ্যম হ’ব লাগে বুলি স্বীকৃতি দিছিল।

৭) সাধাৰণ বিজ্ঞানৰ অধ্যয়ন গান্ধীজীয়ে কি কি বিষয় সন্নিৱিষ্ট কৰিছিল?

উত্তৰঃ গান্ধীজীয়ে তেওঁৰ শিক্ষা আঁচনিত সাধাৰণ বিজ্ঞান বিষয়টো অন্তর্ভুক্ত কৰিছিল। এই দিশত প্রাকৃতিক অধ্যয়ন, জীৱবিদ্যা, উদ্ভিদবিদ্যা, পদার্থ বিদ্যা, স্বাস্থ্যবিজ্ঞান আদি বিষয়বোৰে স্থান লাভ কৰিছিল।

৮) গান্ধীজীৰ জীৱন দৰ্শন বিষয়ে লিখা। 

Write about Gandhiji’s Life Philosophy.

উত্তৰঃ মহাত্মা গান্ধীৰ শিক্ষা দৰ্শন তেওঁৰ জীৱন-দৰ্শনৰ ওপৰত প্রতিষ্ঠিত বুলি ক’ব পাৰি। তেওঁৰ শিক্ষা সম্পৰ্কীয় চিন্তাধাৰা বিশেষ ব্যাপক আছিল। গান্ধীজীয়ে শিক্ষাৰ প্ৰায়োগিক দিশৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। ই আছিল সম্পূর্ণ বাস্তৱমুখীও। ছাত্ৰ-ছাত্ৰীৰ বাস্তৱ প্ৰয়োজনীয়তাৰ দিশটোৰ ওপৰত গান্ধীজীয়ে বিশেষ গুৰুত্ব দিয়া দেখা গৈছিল। প্রতিফলিত কৰিছে। অর্থাৎ এই তিনিও দৰ্শনৰ সমন্বয় গান্ধীজীৰ শিক্ষা- দৰ্শনত সুন্দৰকৈ’ হোৱা দেখা যায়। ইয়াৰ আধাৰতে গান্ধীজীয়ে শিক্ষাৰ অৰ্থ ব্যাখ্যা দি কৈছে- ‘শিশুৰ সৰ্বাত্মক দিশৰ বিকাশ সাধনেই হ’ল শিক্ষা।” [All round development of the child is education]। শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশৰ বিকাশৰ দিশেৰে আগলনাই নিয়াটোৱেই হ’ল প্রকৃত শিক্ষা। অর্থাৎ শিক্ষাই মানুহৰ সর্বোপরি বিকাশ সাধন কৰি সামাজিক জীৱনৰ উপযুক্ত কৰি তুলিব দ্বীজীৰ শিক্ষা দৰ্শনত আদর্শবাদ স্পষ্টকৈ প্রতিফলিত হোৱা দেখা গান্ধীজীয়ে শিক্ষাৰ লক্ষ্মৰ সম্পৰ্কে কৈছে, শিক্ষাৰ দ্বাৰা মই প্ৰত্যেকই ব্যক্তিৰ অন্তর্নিহিত আটাইতকৈ ভাল গুণখিনিৰ সৰ্বতোমুখী বিকাশ হোৱাটোকে বিচাৰোঁ” তেওঁ আৰু কৈছে শিক্ষাই ব্যক্তিক সত্য, সুন্দৰ আৰু ভগৱানৰ উপলব্ধি কৰাব পাৰিব লাগিব।’ এনেংৰণৰ ভাববাদী চিন্তা গান্ধীজীৰ জীৱন দৰ্শৰ লগে লগে শিক্ষা দৰ্শনত প্রতিফলিত হোৱা

প্রকৃতিবাদী চিন্তাধাৰাৰ সমৰ্থক হিচাপে তেওঁৰ শিক্ষা-দৰ্শনত গান্ধীজীয়ে কৈছিল, “শিশুৰ শিক্ষা এক প্রাকৃতিক বা মুক্ত পৰিৱেশত প্রকৃতিগত ভাৱে দিয়াৰ ব্যৱস্থা কৰিব লাগে।’ প্ৰকৃতিবাদী ৰুচোৰ দৰে গান্ধীজীয়ে শিক্ষাৰ্থীৰ মনোবৈজ্ঞানিক দিশৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছিল। শিশুৰ ইচ্ছা বা মনৰ বিপৰীতে শিক্ষা দিয়াৰ বিৰোধিতা কৰিছিল।

গান্ধীজীৰ শিক্ষা-দৰ্শন প্রয়োগবাদী দৰ্শনৰ আদৰ্শৰ দ্বাৰাও প্ৰভাৱিত হোৱা দেখা যায়। বুনিয়াদী শিক্ষাৰ মূল নীতি ‘কামৰ মাজেৰে শিক্ষা ত প্রয়োগবাদী দৰ্শনৰ মনোভাৱ প্ৰকাশ পোৱা দেখা গৈছে। গান্ধীজীয়ে শিক্ষার প্রায়োগিক দিশৰ ওপৰত বিশ্বাস কৰি ছাত্ৰ ছাত্ৰীসকলক কর্নাবন্দ্ৰিক শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিছিল।

৯) বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰমৰ বিষয়ে লিখা। 

Write about the curriculum of Basic Education.

উত্তৰঃ ড° জাকিৰ হুছেইন কমিটীৰ মতে, বুনিয়াদী শিক্ষা পাঠ্যক্ৰমত তলৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হ’ব—

গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ মূল উদ্দেশ্য আছিল শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ চেষ্ট। কৰাটো। গতিকে গান্ধীজীয়ে তলত উল্লেখ কৰা বিষয়সমূহ পাঠ্যক্রমত অন্তৰ্ভুক্ত কৰিছিল।

১) শিল্পবিদ্যা বা উদ্যোগ।

২) মাতৃভাষা।

৩) গণিত।

৪) সমাজবিদ্যা।

৫) সাধাৰণ বিজ্ঞান।

৬) সংগীত।

৭) ছবি অঁকা।

৮) হিন্দুস্তানী।

ড০ জাকিৰ হুছেইন কমিটীয়ে প্ৰত্যেকটো বিষয়ৰ বিস্তৃত পাঠ্যক্ৰম, বিষয়টো শিল্পবিদ্যাৰ লগত সম্পৰ্ক ৰাখি কেনেদৰে শিকাব পাৰি, প্ৰতিদিনে কোনটো বিষয় কিমান সময় শিকাব লাগিব, এই সকলোবোৰ কথাৰ বিস্তৃত নির্দেশনা আগবঢ়াইছিল।

১০) বুনিয়াদী শিক্ষাৰ বিভিন্ন স্তৰসমূহ কি? 

What are the different stages of Basic Education?

উত্তৰঃ প্ৰকৃততে বুনিয়াদী শিক্ষাই ব্যক্তিৰ গোটেই জীৱনকে সাঙুৰি লয় আৰু সেয়েহে বুনিয়াদী শিক্ষাক গোটেই জীৱনৰ শিক্ষা বুলি কোৱা হয়। বুনিয়াদী শিক্ষাৰ স্তৰসমূহ কেইবাটাও ভাগত ভাগ কৰিব পাৰি।

১) পূৰ্ব বুনিয়াদী স্তৰ।

২) বুনিয়াদী শিক্ষাস্তৰ।

৩) উত্তৰ বুনিয়াদী স্তৰ।

৪) প্রাপ্তবয়স্ক শিক্ষাস্তৰ। 

৫) বিশ্ববিদ্যালয় শিক্ষাস্তৰ।

(১) পূর্ব বুনিয়াদী স্তৰ :- এই স্তৰত সাত বছৰ বয়সৰ তলৰ ল’ৰাছোৱালীক শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হয়। এই ল’ৰা-ছোৱালীবিলাকৰ জ্ঞানেন্দ্ৰিয়ৰ উপযুক্ত বিকাশ আৰু সামাজিক আচাৰ-ব্যৱহাৰ শিকোৱা, সু-অভ্যাস গঠন, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সহযোগিতা আদি গুণৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ইয়াৰ উপৰিও কথা কোৱা শিক্ষা এই স্তৰৰ অন্যতম শিক্ষা।

(২) বুনিয়াদী শিক্ষাস্তৰ :- এই স্তৰত সাত বছৰ বয়সৰ পৰা পোন্ধৰ বছৰ বয়সৰ ল’ৰা-ছোৱালীক শিক্ষা দিয়া হয়। এই স্তৱক দুটা ভাগত ভাগ কৰা হয়। প্রথম ভাগটো হ’ল- নিম্ন বুনিয়াদী শিক্ষান্তৰ (৭-১১ বছৰ বয়সৰ বাবে), আনটো উচ্চ বুনিয়াদী শিক্ষাস্তৰ (১১-১৪ বছৰ বয়সৰ বাবে)। এই স্তৰত শিক্ষার্থীসকলকজীৱনৰ উপযোগী বিভিন্ন জ্বয়ৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হয়।

(৩) উত্তৰ বুনিয়াদী স্তৰ :- এই উত্তৰ বুনিয়াদী স্তৰটো হ’ব, পোন্ধৰৰ পৰা ওঁঠৰ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ বাবে। এই স্তৰটোৰ শিক্ষা আৱাসিক হ’ব। গোটেই পৰিৱেশটো এনে হ’ব লাগিব যে স্কুলখন এখন স্কুলীয়া গাঁৱত পৰিণত হ’ব। এই স্তৰত প্ৰকৃততে ভৱিষ্যৎ জীৱিকানিৰ্বাহৰ বাবে উৎপাদনমূলক কামৰ প্ৰশিক্ষণ দিয়া হয়।

(৪) প্রাপ্তবয়স্ক শিক্ষান্তৰ :- প্রাপ্তবয়স্ক শিক্ষা বা সামাজিক শিক্ষাৰ যোগেদি প্রত্যেকজন প্রাপ্তবয়স্ক লোককেই সুস্থ জীৱনযাপনৰ উদ্দেশ্যে শিক্ষা দিয়াৰ কথা চিন্তা কৰা হৈছিল। কৃষি, শিল্প, বিজ্ঞান আদিৰ বিষয়ে প্রতিজন প্রাপ্তবয়স্কই জানিব লাগিব আৰু প্ৰত্যেকেই আত্মনিৰ্ভৰশীল হ’ব পাৰিব লাগিব আৰু এনে পিতৃ-মাতৃয়েহে প্ৰকৃততে শিশুক ভালদৰে তুলি-তালি ডাঙৰ-দীঘল কৰিব পাৰিব বুলি আশা কৰিব পাৰি।

(৫) বিশ্ববিদ্যালয় শিক্ষাস্তৰ :- বুনিয়াদী শিক্ষাস্তৰ হ’ল বিশ্ববিদ্যালয় শিক্ষান্তৰ ৷ এই স্তৰৰ শিক্ষা দিয়াৰ ক্ষেত্ৰত বিশেষ সাৱধানতাৰ প্ৰয়োজন। এই স্তৰৰ শিক্ষাৰ মূল উদ্দেশ্য হৈছে শিক্ষার্থীসকলৰ মাজত জ্ঞানৰ প্ৰতি স্পৃহা কৰাটো আৰু বিশেষ জ্ঞান গঢ়ি তোলাটো।

১১) বুনিয়াদী শিক্ষাৰ বৈশিষ্ট্যসমূহ কি? 

What are the salient features of Basic Education?

উত্তৰঃ ড’ জাকিৰ হুছেইন কমিটীয়ে বুনিয়াদী শিক্ষাৰ কেইটামান বিশেষ উল্লেখযোগ্য বৈশিষ্ট্যৰ বিষয়ে এইদৰে কৈছিল—

১) বুনিয়াদী শিক্ষা আঁচনি এখন সর্বজনীন শিক্ষা আঁচনি।

২) ২ বা ৭ বছৰৰ পৰা ১৩ বা ১৪ বছৰ বয়সলৈকে প্ৰতিজন শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা দিয়াৰ ব্যৱস্থা কৰা।

৩) এই শিক্ষা এটা মূল হস্তশিল্পক কেন্দ্ৰ কৰি দিয়াৰ ব্যৱস্থা।

৪) শিক্ষাৰ মাধ্যম মাতৃভাষা বা মাতৃভাষাৰ মাধ্যমত ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়াৰ ব্যৱস্থা কৰা।

৫) নির্দিষ্ট হস্তশিল্পটোৰ লগত সম্বন্ধ ৰাখি অন্যান্য বিষয়সমূহৰ শিক্ষাৰ ব্যৱস্থা কৰা৷

৬) বুনিয়াদী শিক্ষাক দেশত জাতীয় শিক্ষা বুলি গণ্য কৰা৷

৭) দেশৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী ভাষা শিকোৱাৰ ব্যৱস্থা। 

৮) বুনিয়াদী শিক্ষা কর্ম-অভিজ্ঞতাৰ মাজেৰে সম্পাদনৰ ব্যৱস্থা ।

৯) আত্মনিৰ্ভৰশীলতাৰ উদ্দেশ্য বা লক্ষ্য সাধনৰ ব্যবস্থা।

১০) ছাত্ৰ-ছাত্ৰীৰ সৃজনীমূলক দিশৰ ওপৰত গুৰুত্ব দিয়া। এই সকলোবিলাক বৈশিষ্ট্যৰ বাবে সেই সময়ত বুনিয়াদী শিক্ষাই

দেশৰ জনসাধাৰণৰ পৰা বিশেষ সমাদৰ লাভ কৰিবলৈ সমর্থ হৈছিল।

১২) বর্তমান সময়ত বুনিয়াদী শিক্ষাৰ প্ৰাসংগিকতাৰ বিষয়ে লিখা। 

Write about the relevance of Basic education nowa-days.

উত্তৰঃ গান্ধীজীক সমগ্র দেশে ‘বাপু’ অর্থাৎ ‘পিতা’ সম্বোধন কৰিছিল। তেওঁ সম্পূৰ্ণ অহিংস পদ্ধতিৰে যুঁজি মহাপৰাক্ৰমী ব্ৰিটিছক পৰাভূত কৰি ভাৰতবৰ্ষৰ জনসাধাৰণক ‘স্বাধীনতা’ উপহাৰ দিবলৈ সক্ষম হৈছিল।

সমাজত গান্ধীজীৰ শিক্ষাৰ প্ৰাসংগিকতা বিচাৰ কৰি চালে দেখা পাম যে গান্ধীজীৰ অহিংসা নীতি সত্যৰ লগত জড়িত বুলি তেওঁ বিশ্বাস কৰিছিলে। এই অহিংসা অস্ত্র স্বাধীনতা আন্দোলনত ব্যৱহাৰ কৰি দেশলৈ স্বাধীনতা আনিবলৈ সক্ষম হ’ল। বৰ্তমান সমাজত এই অহিংসাৰ প্ৰাসংগিকতা বিচাৰ কৰিলে দেখা পাম বৰ্তমান মানৱ সমাজত এই আদর্শ অতি প্রয়োজন। ব্যক্তিগত, সামাজিক, প্রাদেশিক, আন্তঃৰাষ্টীয় সকলো সমস্যাৰ সমাধান এই ‘অহিংসা’ মন্ত্ৰৰে দীক্ষিত হৈ সমাধান কৰিব পাৰোঁ৷

গান্ধীজীয়ে ‘সৰ্বোদয়’ সমাজ প্রতিষ্ঠাৰ সপোন দেখিছিল। সই সপোনৰ প্রাসংগিকতাও বর্তমান সমাজত নুই কৰিব নোৱাৰি। মানুহৰ মাজত একতা স্থাপনৰ বাবে, মৰম-স্নেহ, দয়া-মমতা, ভাতৃত্ববোধ স্থাপনৰ বাবে সৰ্বোদয় সমাজ প্রতিষ্ঠাৰ চিন্তা বিশেষ আদৰণীয় বুলি ক’ব পৰা যায়। প্রয়োজনীয়তাৰ পৰিপ্ৰেক্ষিতত এই চিন্তাধাৰাৰ প্ৰাসংগিকতা অতি বেছি। বিশ্বৰ প্ৰায় সকলো দেশতে নিবনুৱা সমস্যাই গা কৰি উঠিছে। স্বনিয়োজন আঁচনিৰ দ্বাৰা এই সমস্যা সমাধানৰ কথা চিন্তা কৰি চোৱাৰ সময় আহি পৰিছে।

গান্ধীজীৰ শিক্ষা আঁচনিৰ অন্য এটা দিশ কৰ্মৰ মাজেৰে শিকা। সমাজত কর্ম সংস্কৃতি প্ৰতিষ্ঠাৰ বাবে আৰু শ্ৰমৰ মৰ্যাদা বুজি পাবৰ বাবে কৰ্মৰ মাজেদি শিক্ষা এক গুৰুত্বপূর্ণ পদক্ষেপ। কোঠাৰী আয়োগেও এই পদ্ধতিৰ প্ৰাসংগিকতাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ পাঠ্যক্ৰমত ‘কৰ্ম অভিজ্ঞতা’ বিষয় অন্তর্ভুক্ত কৰাৰ ব্যৱস্থা কৰিছিল ৷

গান্ধীজীৰ শিক্ষা আঁচনিৰ অন্য এটা দিশ হল বৃত্তিমূলক শিক্ষা। যিটোৰ বৰ্তমান সময়ত অত্যন্ত অভাৱ দেখা যায়। এনে পৰিস্থিতিত গান্ধীজীৰ বুনিয়াদী শিক্ষা আঁচনিৰ প্ৰসংগিকতা বিশেষ বৃদ্ধি পাইছে। বর্তমান সময়ত শিক্ষাবিদসকলে মতপোষণ কৰি কৈছে যে গান্ধীজীৰ শিক্ষা আঁচনি বর্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ আৰ্হিত নতুনকৈ পুনৰ বিবচেনা আৰু সংশোধন কৰি অধিক কার্যকৰী কৰাৰ সময় আহি পৰিছে ।গান্ধীজীৰ শিক্ষাদৰ্শন আৰু বুনিয়াদী শিক্ষাৰ গুৰুত্ব আমি কেতিয়াও নুই কৰিব নোৱাৰো বৰ্তমান সমাজত দেখা দিয়া বিভিন্ন সমস্যাৰাজি গান্ধীজীৰ আদৰ্শ আৰু তেওঁৰ শিক্ষা পৰিকল্পনাৰ আৰ্হিত আমি সমাধানৰ বাবে পদক্ষেপ ললে নিশ্চয় সাফল্য অর্জন কৰিব পাৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top