Great Educators And Educational Thought Unit 5 Alternatives in Education and the Thinkers

Great Educators And Educational Thought Unit 5 Alternatives in Education and the Thinkers Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Solutions of Great Educators And Educational Thought Unit 5 Alternatives in Education and the Thinkers to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Great Educators And Educational Thought Unit 5 Alternatives in Education and the Thinkers Question Answer can be of great value to excel in the examination.

Great Educators And Educational Thought Unit 5 Alternatives in Education and the Thinkers

Join Telegram channel

Great Educators And Educational Thought Unit 5 Alternatives in Education and the Thinkers Notes cover all the exercise questions in UGC Syllabus. The Great Educators And Educational Thought Unit 5 Alternatives in Education and the Thinkers provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Alternatives in Education and the Thinkers

EDUCATION

মহান শিক্ষাবিদ আৰু শৈক্ষিক চিন্তাধাৰা

GREAT EDUCATORS AND EDUCATIONAL THOUGHTS


(1) De-Schooling’ গ্ৰন্থৰ লিখক কোন আছিল? 

Who was the author of the book ‘Deschooling’?

উত্তৰঃ ইভান ইলিচে।

(২) কোন চনত ‘De-Schooling“নামৰ গ্ৰন্থখন প্ৰকাশ হৈছিল? 

In which year the book ‘Deschooling’ was published? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ১৯৭১

(৩) ইলিচৰ বৰ্তমান শিক্ষাৰ সমালোচনাৰ বিষয়ে লিখা ৷ Write about Illich’s criticism of present Education. 

উত্তৰঃ ইভান ইলিচে প্রচলিত বিদ্যালয় কেন্দ্রিক আনুষ্ঠানিক শিক্ষাৰ সম্পূৰ্ণ বিৰোধী আছিল। তেখেতে শ্রেণীকোঠাত দিয়া শিক্ষা সুবিধা জনক নহয় বুলি উল্লেখ কৰিছে। তেওঁৰ মতে পৰম্পৰাগত এই শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ অন্তিিহত ক্ষমতা সমূহ বিকাশৰ সুবিধা দিব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে শিক্ষকে ছাত্র- ছাত্ৰীৰ ওপৰত নিজৰ মনোভাৱবোৰহে জাপি দিয়ে৷ তেওঁ প্ৰচলিত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ সমালোচনা কৰি ইয়াৰ বিকল্প হিচাপে ‘De-Schooling’ ৰ কথা উল্লেখ কৰিছে। তেওঁ আনুষ্ঠানিক শিক্ষাৰ সমালোচনা কৰি কৈছে যে—

১। আনুষ্ঠানিক শিক্ষাই শিক্ষাৰ্থীৰ মুখস্তবিদ্যাৰ ওপৰতহে বেছি প্রাধ্যন্য দিয়ে। 

২। তেওঁৰ মতে শিক্ষকে বিদ্যালয়ৰ পৰিৱেশ দমন কৰি ৰাখে আৰু শিক্ষাৰ্থীৰ গণতান্ত্রিক বিকাশৰ সুযোগ নিদিয়ে ।

৩। বিদ্যালয়ে শিক্ষার্থীক বাস্তৱ জীৱনৰ পৰা আতৰায় ৰাখে৷ 

৪। বিদ্যালয়ত শিক্ষার্থীক একঘেয়ামী কৰে যাৰ বাবে শিক্ষাৰ্থীয়ে আনতকৈ বেলেগ জীৱন পদ্ধতি গ্ৰহণ কৰিবলৈ অসমৰ্থ হয়।

৫। উচ্চ ফলাফল কেন্দ্রিক আৰু ব্যক্তি কেন্দ্ৰিক বিদ্যালয় ব্যৱস্থাই তথা শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ সৌন্দৰ্য্যান্নক মনোভাৱ আৰু সৃষ্টিশীলতাক সন্মান নকৰে।

৬। তেওঁৰ মতে বিদ্যালয়ৰ কঠোৰ নীতি নিয়ম তথা সময় সূচীৰ তালিকাই শিক্ষার্থীক কেতিয়াও প্ৰকৃতিৰ লগত সম্পৰ্ক ৰখাৰ সুবিধা নিদিয়ে।

৭। তেওঁৰ মতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাই শিক্ষার্থীক জীৱনৰ প্ৰতিটো খোজ শিক্ষানুষ্ঠানৰ পৰিকল্পনা অনুসাৰে দিবলৈ বাধ্য কৰায় ৷

৮। আমাৰ শিক্ষা ব্যৱস্থাইশিশু সকলক এনে এখন পৃথিৱীত জীয়াই থাকিব শিকায়, যত সকলো বিষয় বস্তুৰে জোখ-মাখ হয় আৰু জোখমাখৰ ভিত্তিতে সমাজ বিভাজিত হয়। যেনে উচ্চ বুদ্ধি সম্পন্ন, শিক্ষিত সমাজ ইত্যাদি।

৯। পৰম্পৰাগত বিদ্যালয়ৰ শিক্ষাই এনে ধাৰনা প্ৰচাৰ কৰিব বিচাৰে যে শিক্ষকৰ উপস্থিতিত বিকাশ হোৱা আচৰণৰহে মূল্য আছে অৰ্থত শিক্ষকৰ দ্বাৰাহে শিক্ষাৰ্থীৰ আচৰণ শুদ্ধ দিশত গঢ় দিব পাৰি।

১০। বৰ্তমানৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীক নিজৰ মতে শিকা ক্ষমতাক নাইকীয়া কৰাই নহয় বৰং তেনে পৰিৱেশৰ পৰা আতৰাই ৰাখে৷ অৰ্থৎ স্বাধীন ভাৱে বিভিন্ন পৰিৱেশৰ পৰাও যে শিক্ষাৰ্থীয়ে জ্ঞান অভিজ্ঞতা আহৰণ কৰিব পাৰে সেয়া সেই সময়ত প্রচলিত শিক্ষা ব্যৱস্থাই সমৰ্থন কৰা নাছিল ।

ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে ইভান ইলিচ প্রচলিত অনুষ্ঠানকেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ বিৰোধী আছিল । তেওঁৰ মতে বিদ্যালয়ৰ চাৰিবেৰৰ মাজত শিক্ষাৰ্থীয়ে যিমান শিকে তাতকৈ বহুত বেছি শিকিব পাৰে পৰিৱেশৰ পৰা, বিভিন্ন অনানুষ্ঠানিক মাধ্যমৰ পৰা। ইয়াত শিক্ষকে কোনোধৰণৰ সাল সলনি নোহোৱাকৈ শিক্ষাৰ্থীৰ দ্বাৰা মুখস্ত কৰোৱায়, আৰু শেষত জ্ঞানৰ জোখ মাখ লয়। এনে এক গতানুগতিক ব্যৱস্থা ইলৈচে সমালোচনা কৰিছিল আৰু কৈছিল যে এনে পাঠ্যক্রম শিক্ষাৰ্থীৰ বাস্তৱ চাহিদা পূৰণ কৰিব নোৱাৰে।

(৪) বিদ্যালয় ভংগ বা “De-Schooling’কি?

What is ‘Deschooling”?

উত্তৰঃ বিদ্যালয় ভংগ বা Dè-Schooling’ হ’ল শিক্ষার্থীক পৰম্পৰাগত বিদ্যালয় তথা আনুষ্ঠানিক শিক্ষাৰ পৰা আতৰাই অনা এক ব্যৱস্থা ইয়াৰ সমৰ্থনত তেওঁ কব খোজে যে বিদ্যালয়ে শিক্ষাৰ্থীৰ অন্তনিহিত শক্তি, সামথ্ তথা ক্ষমতা সমূহৰ বিকাশৰ সুযোগ নাই । De-Schooling বিদ্যালয় ভংগৰ অন্তৰালত থকা মূল ধাৰণাটো হ’ল যে বিদ্যালয়ৰ জৰিয়তে দিয়া সর্বজনীন শিক্ষা শিক্ষাৰ্থীৰ বাবে সুবিধাজনক নহয় কিয়নো শিক্ষাৰ্থীৰ প্ৰতি শিক্ষকৰ কোনো নতুন মনোভাৱ বা দৃষ্টি ভংগী নাই৷ কেৱল পৰম্পৰাগত ভাৱধাৰা শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়া হয়। শ্রেণীকক্ষত অভিযান্ত্ৰিক আৰু বৌদ্ধিক ফলপ্ৰসূ ভাৱে প্ৰয়োগ কৰা নহয় আৰু সেইবাবে শিক্ষক সকলে সর্বজনীন শিক্ষা প্রদান কৰি শিক্ষাৰ্থীৰ জীৱনটো গ্ৰাস কৰি পেলাইছে। গতিকে De-Schooling হ’ল এক সামাজিক ব্যৱস্থা যত মূল্যবোধৰ আনুষ্ঠানিকতাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে বিবেচনা পূৰ্ণ ভাৱে জীৱনৰ কৰ্ম আঁচনি নিবচিন কৰা হয় অথবা ই এটা জীৱন ধাৰণৰ পদ্ধতি যি আমাক স্বতঃস্ফূত আৰু স্বাধীন হোৱাত সহায় কৰিব।

(5) Deschooling”ৰবৈশিষ্ট্য সমূহ লিখা ।

Write the characteristics of De-Schooling. 

উত্তৰঃ বিদ্যালয় ভংগৰ বৈশিষ্ট :-

১। De-Schooling ৰ প্ৰধান বৈশিষ্ট্যই হৈছে আনুষ্ঠানিকতাৰ বিৰোধিতা আনুষ্ঠানিকতাৰ বিৰোধিতা [Against institutionalization] :- কিয়নো শৈশৱৰ গঠনাত্মক বিকাশৰ সময়ছোৱা আনুষ্ঠানিকতাই সম্পূৰ্ণ দমন কৰি ৰাখে৷

২। বিদ্যালয় বিৰোধী :- ইয়াৰ অন্য এটা বৈশিষ্ট্য হ’ল বিদ্যালয় বিৰোধী। কাৰন বিদ্যালয় হ’ল বয়স ভিত্তিক । ই চাটিফিকেট, ছাত্ৰৰ বাধ্যতামূলক উপস্থিতি, পাঠ্যক্ৰম আদিৰ ওপৰতহে বেছি প্ৰাধান্য দিয়ে। ।

৩। শিক্ষক বিৰোধী :- ইভান ইলিচৰ মতে আমি জীৱনত যিমান খিনি অভিজ্ঞতা আহৰন কৰো তাৰ বেছিভাগেই বিদ্যালয়ৰ বাহিৰত লাভ কৰা৷ তেনেদৰে শিক্ষাৰ্থীয়েও তেওঁলোকৰ বেছি ভাগ শিক্ষণ শিক্ষক অবিহনেই আহৰন কৰে। De-Schooling সেয়ে শিক্ষকৰ বিৰোধী৷

৪। সম্পূর্ণ সময় উপস্থিতিৰ বিৰোধী :- ইলিচৰ মতে বিদ্যালয়ে সম্পূৰ্ণ সময়ৰ বাধ্যতামূলক উপস্থিতিত জোৰ দিয়ে কিন্তু ইয়াৰ বিপৰীতে সেই সময়খিনিত শিক্ষার্থীয়ে কিমান শিকিলে সেয়া নিশ্চিত নহয়।বাধ্যতামূলক উপস্থিতিয়ে শিক্ষার্থীক দৈনন্দিন বাস্তৱ জগত খন আৰু প্ৰাকৃতিক পৰিৱেশৰ পৰা আতৰাই ৰাখিব আৰু শিক্ষাৰ্থীৰ ব্যক্তি স্বাধীনতা ইয়াত সুৰক্ষিত হৈ নাথাকে।

৫। সুপ্ত পাঠ্যক্রম :- ইভান ইলিচৰ মতে সুপ্ত পাঠ্যক্ৰম হ’ল এনে পাঠ্যক্রম বা শিক্ষনীয় বিষয় যিখিনি শিক্ষক বা স্কুল বৰ্ডৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু যাৰ প্ৰয়োজন আমাৰ জীৱন জুৰি থাকে৷ সেয়ে De-Schooling এ সুপ্ত পাঠ্যক্ৰমৰ সমৰ্থন কৰে।

৬। প্ৰমাণ পত্ৰ আৰু শ্ৰেণীকৰণ বিৰোধী :- প্ৰমান পত্ৰই শিক্ষার্থীক কেৱল সমাজত তেওঁৰ ভৱিষ্যতৰ আশাৰ স্তৰটো নিৰ্দ্ধাৰণ কৰি দিয়ে৷ বিদ্যালয়ত আহৰণ কৰা জ্ঞানৰ উপৰিও আন কিছুমান শিকন জীৱনৰ বাবে প্রয়োজনীয় যিখিনিক আত্ম শিকন বুলি কোৱা হয়। ইলিচৰ DeSchooling এ প্রমান পত্ৰ আৰু শ্ৰেণীকৰণ ব্যৱস্থাৰ পৰিৱৰ্তে অব্যৱসায়িক কাৰ্যৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছে।

৭। মূল্যবোধ পৰিমাপনৰ বিৰোধী :- ইভান ইলিচৰ Deschooling শিক্ষাৰ্থীৰ মূল্যবোধ পৰিমাপনৰ বিৰোধী আছিল। বিদ্যালয়ে শিক্ষাৰ্থীৰ মনত এনে এটা ভাৱৰ সৃষ্টিকৰে যে “সকলো জুখিব পাৰি” যেনে-কল্পনা, কর্ম আনকি ব্যক্তিয়ে নিজকেও জুখিব পাৰে। কিন্তু ইলিচৰ মতে ব্যক্তিগত বিকাশ পৰিমাপ কৰিব পৰা বস্তু নহয়। ই হৈছে“ অনুশাসন বিৰোধ” যাক পাঠ্যক্রম বা কৃতিত্ব একোৱে জুখিব নোৱাৰে৷

(৬) বর্তমান শিক্ষাত ইলিচৰ শৈক্ষিক চিন্তাধাৰাৰ প্ৰাসংগিকতাৰ সমালোচনাত্মক বিচাৰ কৰা।

Critically examine the relevance of Illish’s educational thought in present education.

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত ইলিচৰ চিন্তাধাৰাৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। তেখেতৰ শিক্ষক কেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ বিপৰীতে শিশুক মুক্তভাৱে বিকাশৰ সুবিধা দিয়াৰ ধাৰনাটো সকলো সময়ৰ বাবেই প্রযোজ্য ৷ তেখেতৰ পৰম্পৰাগত পাঠ্যক্ৰমৰ বিৰোধিতা, শিক্ষকৰ দমন নীতিৰ বিৰোধিতা আদিৰ নিশ্চয় প্ৰাসংগিকতা আছে। তেনেদৰে শিশুৰ শিক্ষাৰ ক্ষেত্ৰত অনানুষ্ঠানিক মাধ্যমৰ গুৰুত্ব কোনেও অস্বীকাৰ কৰিব নোৱাৰে। শিশুৰ অন্তর্নিহিত শক্তি সামৰ্থ সমূহ বিকাশৰ বাবে যে বিদ্যালয়ত এটা মুক্ত পৰিৱেশৰ প্ৰয়োজন। শিশোৱে এনে পাৰে। ইয়াত শিকনৰ ফলাফলৰ ওপৰত গুৰুত্ব নিদি শিশুৰ সৃষ্টিশীলতা বিকাশত গুৰুত্ব দিয়া হয়। সকলো শিশুৰে যাতে গনতান্ত্রিক বিকাশ হয়, সৌন্দয্যাত্মক দিশৰ বিকাশ ঘটাব পাৰে আদি দিশ বোৰত ইলিচে যথেষ্ট গুৰুত্ব দিছিল, যিবোৰ সকলো সময়ৰ বাবেই প্ৰাসংগিক। তেনেদৰে তেখেতৰ Learning web, Peer matching আদি বৰ্তমান সময়ৰ বাবেও প্ৰাসংগিক।

অৱশ্যে ইলিচে কোৱাৰ দৰে বিদ্যালয়, আনুষ্ঠানিক শিক্ষা, পাঠ্যক্রম আদিৰ গুৰত্ব বর্তমান সময়ত একেবাৰে অস্বীকাৰ কৰিব নোৱাৰি৷ শিক্ষাৰ্থীৰ জীৱনত অনানুষ্ঠানিক শিক্ষাৰ গুৰুত্বৰ দৰেই পৰিকল্পিত উদ্দেশ্য ভিত্তিক শিক্ষাৰো প্ৰয়োজন আছে।তেনেদৰে শিক্ষাৰ্থীৰ শিকনত শিক্ষকেও গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। এই ক্ষেত্ৰত শিক্ষকৰ ভূমিকা দমনমূলক হোৱাৰ পৰিৱৰ্তে বন্ধু, পথ প্ৰদৰ্শকৰ দৰে হব লাগে। শিক্ষাৰ্থীক শিকোৱাতকৈ শিকিবৰ বাবে অভিৰোচিত কৰিব লাগে। বৰ্তমানৰ শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত শিশুক নিজৰ অন্তনিহিত গুণসমূহ বিকাশৰ বাবে সুবিধা প্ৰদান কৰা তথা পৰিৱেশ সৃষ্টি কৰাটো বিদ্যালয়ৰ প্ৰধান দায়িত্ব । শিশুক নিজৰ গতিৰে শিক্ষা আহৰণৰ ওপৰত গুৰুত্ব দিব লাগে। এনে ধাৰনাৰে বিভিন্ন শিক্ষন পদ্ধতিৰো উদ্ভাৱন হৈছে। কিন্তু কার্য ক্ষেত্ৰত শিক্ষা ব্যৱস্থা শিক্ষকৰ গতিৰেহে তথা বিদ্যালয়ৰ বাধ্যতামূলক নীতিনিৰ্দ্দেশনাৰে আগবঢ়া দেখা যায়। গতিকে কব পাৰি যে ইভান ইলিচৰ চিন্তাধাৰাৰ প্ৰাসংগিকতা আছে যদিও আমাৰ পৰম্পৰাগত সমাজ ব্যৱস্থা তথা শিক্ষা ব্যৱস্থাই ইয়াক কিমান দুৰ কাৰ্যকৰী কৰিব সেয়াহে চিন্তনীয়।

(৭)‘Critical Pedagogy Perspective’ৰ পিতৃ কোন আছিল? 

Who was the father of ‘Critical Pedagogy Perspective’? 

উত্তৰঃ পল’ ফ্ৰিৰিৰ৷

(৮) ‘Education as a practice of Freedom’ কোনে আৰু কেতিয়া লিখিছিল ৷

Who and when wrote the book ‘Education as a practice of Freedom’?

উত্তৰঃ  পল’ ফ্ৰিৰিয়ে ১৯৬৪ চনত লিখিছিল।

(৯) Pedagogy’ গ্ৰন্থৰ লিখক কোন? 

Who was the author of the book ‘Pedagogy’?

উত্তৰঃ পল’ ফ্ৰিৰি ৷

(১০) ‘Pedagogy’ কেতিয়া প্ৰকাশ কৰিছিল? 

When was the book ‘Pedagogy’ published?

উত্তৰঃ ১৯৬৮

(১১) পল’ ফ্ৰিৰিৰ শৈক্ষিক দৃষ্টিভংগী আলোচনা কৰা।

Describe the Paulo Freire’s educational view.

উত্তৰঃ ১। শিক্ষা হৈছেজুলুম বা অত্যাচাৰৰ পৰা মুক্তি দিয়া এক সাংস্কৃতিক আহিলা । শিক্ষাৰ্থীৰ ওপৰত শিক্ষকৰ জ্ঞান অভিজ্ঞতা জোৰকৈ জাপি দিয়াটো ফ্ৰিৰিয়ে জুলুম বা অত্যাচাৰ বুলি কৈছে। শিক্ষকে শিক্ষার্থীক নিজৰ বাস্তৱ নিজে সৃষ্টি কৰিব পৰাকৈ আহিলাৰ যোগান দিব লাগে।

২। শিক্ষা সদায় এক ৰাজনৈতিক কাৰ্য ই শোষন অথবা মুক্তিৰ আহিলা হব পাৰে। শোষনৰ আহিলা হ’লে শিক্ষাৰ্থীৰ ওপৰত শিক্ষকৰ তথ্য জ্ঞান, অভিজ্ঞতা সমূহ জাপি দিব আৰু মুক্তি বা স্বাধীনতাৰ আহিলা হ’লে শিক্ষাৰ্থীয়ে নিজৰ সৃজনশীলতাৰ বিকাশ কৰিব পাৰিব ৷

৩। শিক্ষা হ’ল শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত কথোপকথনৰ জৰিয়তে চিন্তা আৰু ভাৱৰ আদান-প্রদান প্ৰক্ৰিয়া যিটো পাৰস্পৰিক আৰু সামাজিকভাৱে যুক্তি সংগত আদান-প্রাদান হব।

৪। জ্ঞান কিছুমান বস্তুৰ সমষ্টি নহয় যে ইয়াক শিক্ষকে শিক্ষার্থীলৈ পঠাই দিব। শিক্ষাৰ্থীৰ ইতিমধ্যে থকা জ্ঞান অভিজ্ঞতা সমূহক ভেটি হিচাপে লৈ নতুন জ্ঞান গঠন কৰিব লাগিব৷

৫। শিক্ষন হৈছে এটা প্রক্রিয়া যত তথ্য, অভিজ্ঞতা, জ্ঞান আদি শিক্ষাৰ্থীৰ কৰি, অনুধাৱন বা চিন্তা প্ৰয়োগ কৰি ইয়াৰ এক গঠনাত্মক ৰূপ দিব।

৬। শিক্ষা বেংকিং পদ্ধতি নহয় যে শিক্ষাৰ্থীৰ শূন্য হিচাপ বহীত শিক্ষকে তথ্য বা জ্ঞান ভৰাই পূৰ্ণ কৰিব৷ ইয়াৰ পৰিৱৰ্তে শিক্ষকে জনা উচিত যে শিক্ষাৰ্থীৰো কিছু অভিজ্ঞতা আৰু জ্ঞান আছে আৰু সেইবোৰেই সিহঁতৰ শিকন গঢ় দিয়াৰ মুল চাবিকাঠী৷৷

৭। শিক্ষা হৈছে এটা পৰিঘটনা যত শিক্ষক শিক্ষার্থী পৰস্পৰে পৰস্পৰক শিক্ষা দান কাৰ্যৰ দ্বাৰা শিক্ষিত কৰে।

৮। শিক্ষা হৈছে বাস্তৱৰ সম্পৰ্কে সমালোচনাত্মক বুজা পৰা । শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীৰ সচেতনতা বৃদ্ধি কৰিবলাগে যাতে তেওঁলোকে শিক্ষা ব্যৱস্থাত মুখ্য স্থান অধিকাৰ কৰিব পাৰে।

৯ । শিক্ষা শিক্ষাৰ্থীৰ বাস্তৱ জীৱনৰ পৰিস্থিতিৰ পৰা আৰম্ভ হব লাগে। 

১০। শৈক্ষিক অনুশীলন হৈছে এটা সংযোগ প্রক্রিয়া যত পাৰস্পৰিক কথোপকথন জড়িত।

(১২) ফিৰিৰ বৰ্তমান শিক্ষাৰ সমালোচনাৰ বিষয়ে লিখা ।

Write about Freire’s criticism of present education.

উত্তৰঃ ফিৰিয়ে প্রচলিত শিক্ষা ব্যৱস্থাক সমালোচনা কৰিছিল। সেই সময়ৰ শিক্ষা ব্যৱস্থাত শিক্ষার্থীয়ে নিষ্ক্রীয় ভূমিকা লোৱাৰ বিপৰীতে শিক্ষকৰ ভূমিকা আছিল সক্রিয়। এই পৰম্পৰাগত শিক্ষা ব্যৱস্থাত ভৱা হৈছে যে শিক্ষাৰ্থীৰ মনটো সম্পূৰ্ণ উকা, খালী তথা জ্ঞান শূন্য আৰু শিক্ষকৰ কৰ্ম হৈছে শিক্ষাৰ্থীৰ মনত জ্ঞান গঠনৰ বাবে কিছুমান খবৰ জমা কৰা। ফ্ৰিৰিয়ে পৰম্পৰাগত এই পদ্ধতিটোক বেংকিং শিক্ষা বুলি কৈছে। কাৰণ শিক্ষার্থীয়ে খালী হিচাপ বহীত শিক্ষকৰ জ্ঞান আৰু খবৰ সমূহ জমা কৰে। বেংকৰ হিচাপ নিকাচৰ বহীত যিদৰে ধন জমা ৰখা হয় ঠিক তেনেদৰে বেংকিং শিক্ষা ব্যৱস্থাত শিক্ষকেই নিজৰ বক্তব্য বা ভাষন, বর্ণনা, খবৰ আদি শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়ে আৰু শিক্ষাৰ্থীসকল বেংকৰ হিচাপ ৰখা বহী বা বস্তু জমা ৰখা পাত্ৰলৈ পৰিৱৰ্তন হয় ৷ শিক্ষা হ’ল এনে দৰে এটা জমা ৰখা কার্য যত শিক্ষাথী হৈছে জমা ৰখা ভৰাল বা ৰাখোতা আৰু শিক্ষক হ’ল জমা কৰোতা। বেংকিং ব্যৱস্থাত শিক্ষাৰ্থীৰ প্ৰয়োজন, ইচ্ছা, আশা-আকাংখা, ৰুচিঅভিৰুৰচি, সামৰ্থ আদি বিবেচনা কৰাৰ পৰিৱৰ্তে শিক্ষকৰ ৰুচি আৰু সামর্থ অনুযায়ী জ্ঞান বা খবৰ প্ৰেৰণ কৰা তথা শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়া হয়। শিক্ষার্থীয়ে ধৈৰ্য্য সহকাৰে সেই খিনি গ্ৰহণ কৰে, মনত ৰাখে আৰু পুনৰাবৃত্তি কৰে। শিক্ষাৰ এই বেংকিং ধাৰনাই শিলষাৰ্থীয়ে যিমান পাৰে সিমান খবৰ সংগ্ৰহ কৰা বা জ্ঞান আহৰন কৰি জমা বৃদ্ধি কৰাৰ ওপৰত গুৰত্ব দিছে। এই ব্যৱস্থাত শিক্ষকে নিজকে জ্ঞানপুষ্ট বুলি ভাৱে আৰু ছাত্ৰ-ছাত্ৰী সকলক একোটা শূন্য পাত্ৰ বুলি বিবেচনা কৰে। শিক্ষকে নিজৰ ইচ্ছানুসাৰে জ্ঞান খবৰ আদি শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়ে আৰু শিক্ষার্থীয়ে ভৃত্যৰ দৰে নিজৰ অজ্ঞতা স্বীকাৰ কৰি নিজৰ খালী পাত্র পূৰ্ণ কৰাৰ কচৰৎ অব্যাহত ৰাখে।

(১৩) বেংকিং শিক্ষা কি? ইয়াৰ বৈশিষ্ট্যবোৰ লিখা ৷

উত্তৰঃ বেংকিং ব্যৱস্থাত শিক্ষাৰ বৈশিষ্ট্য সমূহ তলত আলোচনা কৰা হ’ল—

১। বেংকিং শিক্ষাত শিক্ষকে শিক্ষা দান কৰে আৰু শিক্ষাৰ্থীয়ে গ্রহণ কৰে।

২। শিক্ষকে সকলো জানে আৰু শিক্ষাৰ্থীয়ে একোৱেই নাজানে।

৩। শিক্ষকে চিন্তা কৰে আৰু শিক্ষাৰ্থীক চিন্তা কৰোৱায় ।

৪। শিক্ষকে কথা বার্ত বা বক্তৃতা দিয়ে আৰু শিক্ষাৰ্থীয়ে নম্ৰভাৱে শুনে।

৫। শিক্ষকে পচন্দ কৰে, ইচ্ছা কৰে আৰু তেওঁৰ পচন্দ আৰু ইচ্ছা শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়ে, শিক্ষার্থীয়ে সন্মত হয় আৰু মানি লয় ।

৬। শিক্ষকে অনুশাসন কৰে আৰু শিক্ষার্থী অনুশাসিত হয়।

৭ । শিক্ষকে পাঠ্যক্রম বাচনি কৰে আৰু শিক্ষাৰ্থীয়ে গ্ৰহণ কৰে। 

৮। শিক্ষকে কার্য বা আচৰণ প্ৰদৰ্শন কৰে আৰু শিক্ষাৰ্থীয়ে শিক্ষকৰ কাৰ্য য আচৰণৰ জৰিয়তে ভ্ৰান্ত কাৰ্য বা ভ্রম আচৰণ প্ৰদৰ্শন কৰে

৯। শিক্ষক হৈছে গোটেই শিক্ষা প্ৰক্ৰিয়াৰ কঁতা য কৰ্তৃপক্ষ আৰু শিক্ষার্থী হৈছে কেৱল আদেশ পালন কৰোতা। মুঠতে বেংকিংব্যৱস্থাই শিক্ষাৰ্থীৰ সৃষ্টিশীল ক্ষমতা সমূহ নাইকীয়া কৰে।

শিক্ষাৰ্থীৰ নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰাৰ কোনো সুবিধা নাথাকে ৷ শিক্ষকে শিক্ষন প্ৰক্ৰিয়াৰ মূল ব্যক্তি হিচাপে নিজৰ চিন্তা ধাৰ। শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়ে আৰু শিক্ষাৰ্থীয়ে নিঃসংকোচে সেয়া গ্ৰহণ কৰে।

(১৪) বর্তমান শিক্ষাত ফ্ৰিৰিৰ বিকল্প চিন্তা কি? ব্যাখ্যা কৰা। 

What are the alternative thoughts of Freire about present education? Explain.

উত্তৰঃ ফ্ৰিৰিয়ে প্রচলিত পৰম্পৰাগত শিক্ষা ব্যৱস্থাক বেংকিং ব্যৱস্থা বুলি অভিহিত কৰিছে, যত শিক্ষাৰ্থীৰ স্বাধীন চিন্তা ধাৰা প্ৰকাশৰ সুবিধা নাই, সৃজনশীলতাৰ বিকাশ নহয় আৰু নিজৰ সাম্য অনুযায়ী শিক্ষা গ্ৰহণৰ সুবিধা নাপায়। ইয়াত শিক্ষকৰ জ্ঞান সমূহ শিক্ষাৰ্থীৰ ওপৰত জুৰ জুলুমকে জাপি দিয়া হয়। ফ্ৰিৰিয়ে প্রচলিত কতৃত্বশীল আৰু অত্যাচাৰী বেংকিং শিক্ষাৰ বিকল্প শিক্ষা হিচাপে সমস্যা মুখী পদ্ধতিৰ কথা উল্লেখ কৰিছে। এই ব্যৱস্থা মতে শিক্ষাৰ্থীয়ে ভালদৰে শিকিবলৈ হ’লে জ্ঞান আহৰণৰ প্ৰক্ৰিয়াটোৰ লগত শিক্ষার্থী নিজে জড়িত হব লাগিব। অথ শিক্ষার্থীয়ে নিজে অভিজ্ঞতা আহৰণ কৰিব লাগিব। এই বিকল্প শিক্ষা ব্যৱস্থাটোক সমস্যামুখী শিক্ষণ বুলি কোৱা হয় কাৰণ ইয়াত গোটেই শিক্ষা ব্যৱস্থাটো সমস্যা কেন্দ্ৰিক হয় আৰু সমস্যাবোৰ শিক্ষাৰ্থীৰ জীৱনৰ বিভিন্ন পৰিস্থিতিৰ পৰা লোৱা হয়। শ্ৰেণীকোঠাৰ শিক্ষনো সমস্যা উপস্থাপনৰ জৰিয়তে আৰম্ভ হয় শিক্ষাৰ্থীয়ে সমস্ত সমস্যা সমাধান কৰিবলৈ যোৱাৰ আগতে যাতে অনুভৱ কৰিব পাৰে যে তেওঁলোকৰ নতুন জ্ঞান অভিজ্ঞতা লাভৰ প্ৰয়োজন আছে, তেতিয়াহে সমস্যা সমাধান কৰাটো সম্ভৱ হব। এনে অনুভৱে শিশুক শিক্ষনৰ বাবে আগ্ৰহী কৰি তুলিব আৰু সক্ৰিয়ভাৱে জ্ঞান-অভিজ্ঞতা আহৰণ কৰিব পাৰিব। এনে শিক্ষা ব্যৱস্থাত শিক্ষকৰ কাম হৈছে বিষয়বস্তুৰ ভিন্নতা সৃষ্টি কৰি শিক্ষাৰ্থীৰ চিন্তাধাৰাৰ বিকাশ ঘটোৱা, আৰু বৰ্তমানে থকা জ্ঞানৰ সমালোচনাত্মক বুজা পৰাৰ বিকাশ ঘটোৱা, নতুন জ্ঞান সৃষ্টি কৰা, ব্যক্তিগত অভিজ্ঞতা সমূহৰ সম্প্ৰসাৰন কৰা।

(১৫) সমস্যামুখী শিক্ষা কি? ইয়াৰ বৈশিষ্ট্য সমূহ লিখা। 

What is Problem Posing Education (PPE)? Write its characteristics.

উত্তৰঃ ফ্ৰিৰিয়ে প্রচলিত পৰম্পৰাগত শিক্ষা ব্যৱস্থাক বেংকিং ব্যৱস্থা বুলি অভিহিত কৰিছে, যত শিক্ষাৰ্থীৰ স্বাধীন চিন্তা ধাৰা প্ৰকাশৰ সুবিধা নাই, সৃজনশীলতাৰ বিকাশ নহয় আৰু নিজৰ সাম্য অনুযায়ী শিক্ষা গ্ৰহণৰ সুবিধা নাপায়। ইয়াত শিক্ষকৰ জ্ঞান সমূহ শিক্ষাৰ্থীৰ ওপৰত জুৰ জুলুমকে জাপি দিয়া হয়। ফ্ৰিৰিয়ে প্রচলিত কতৃত্বশীল আৰু অত্যাচাৰী বেংকিং শিক্ষাৰ বিকল্প শিক্ষা হিচাপে সমস্যা মুখী পদ্ধতিৰ কথা উল্লেখ কৰিছে। এই ব্যৱস্থা মতে শিক্ষাৰ্থীয়ে ভালদৰে শিকিবলৈ হ’লে জ্ঞান আহৰণৰ প্ৰক্ৰিয়াটোৰ লগত শিক্ষার্থী নিজে জড়িত হব লাগিব। অথ শিক্ষার্থীয়ে নিজে অভিজ্ঞতা আহৰণ কৰিব লাগিব। এই বিকল্প শিক্ষা ব্যৱস্থাটোক সমস্যামুখী শিক্ষণ বুলি কোৱা হয় কাৰণ ইয়াত গোটেই শিক্ষা ব্যৱস্থাটো সমস্যা কেন্দ্ৰিক হয় আৰু সমস্যাবোৰ শিক্ষাৰ্থীৰ জীৱনৰ বিভিন্ন পৰিস্থিতিৰ পৰা লোৱা হয়।

PPE ৰ বৈশিষ্ট্য সমূহ তলত উল্লেখ কৰা হ’ল—

১। PPE এ শিক্ষার্থীক সক্রিয় ভাৱে চিন্তা আৰু কাম কৰিবলৈ উৎসাহিত কৰে।

২। ই জ্ঞানৰ সহ সৃষ্টিৰ লগত জড়িত যত শিক্ষক আৰু শিক্ষাৰ্থীয়ে একেলগে শিকে।

৩) কথা বার্তা বা কথোপকথন হৈছে ইয়াৰ এটা পদ্ধতি।

৪। এই পদ্ধতিয়ে সুপ্ত পাঠ্যক্ৰম সমূহৰ সমালোচনাত্মক বিশে-ষণৰ দুৱাৰ মুকলি কৰে।

৫। ইয়াত শিক্ষকে মধ্যস্থতাকাৰী আৰু সংগঠকৰ ভূমিকা পালন । কৰে৷

৬ । শিক্ষাৰ্থীক চিন্তা কৰিবলৈ উৎসাহিত কৰে।

৭ । শিক্ষক শিক্ষাৰ্থীৰ সম্পৰ্ক সাম্যবাদী হোৱাটো নিশ্চিত কৰে। 

৮। এই পদ্ধতিত শিক্ষক আৰু শিক্ষার্থীয়ে কথোপকথনৰ [Dialogue] জৰিয়তে একে লগে শিকে।

(১৬) বেংকিং শিক্ষা আৰু সমস্যামুখী শিক্ষাৰ এক তুলনা কৰা। 

Write a comparison between Banking education and Problem Posing Education.

উত্তৰঃ বেংকিং শিক্ষা ব্যবস্থা-

Banking System Education

১। শিক্ষা জ্ঞান প্রদান কৰা কাৰ্য্য।

২। শিক্ষক জন জ্ঞান অভিজ্ঞতাৰ গৰাকীআৰু তেওঁ শিক্ষার্থীক শিকায়।

৩। শিক্ষার্থীক নিষ্কিয় আৰু অক্ষম ব্যক্তিগত শিকাৰু হিচাপে বিবেচনা কৰে।

৪। শিক্ষার্থী জ্ঞান সংগ্ৰহ কৰা কামত জড়িত।

৫। ই হেঁচা দিয়া বা জুলুম কৰা প্ৰকৃতিৰ

৬। ইজ্ঞানৰ হস্থান্তৰৰ লগত জড়িত।

৭। শিক্ষক শিক্ষাৰ্থীৰ সম্বন্ধ উলম্ব অথ শিক্ষকৰ স্থান সদায় ওপৰত আৰু শিক্ষাৰ্থীৰ স্থান নিম্ন।

৮। শিক্ষক কেন্দ্রিক পাঠ্যক্রম

৯ । মুখস্ত কৰাত প্রাধান্য দিয়ে।

সমস্যামুখী শিক্ষা

Problem Posing Education

১। কথোপকথনৰ (শিক্ষক শিক্ষাৰ্থীৰ মাজত) জৰিয়তে হোৱা এক বৌদ্ধিক কার্য

২। কোনোৱে জ্ঞানৰ গৰাকী নহয়। প্রত্যেকেই প্রত্যেকৰ পৰা শিকে।

৩। শিক্ষাৰ্থীক পাৰস্পৰিক সামাজিক শিকাৰু হিচাপে ধৰা হয়। 

৪। শিক্ষার্থী জ্ঞান সৃষ্টি কৰা কামত জড়িত।

৫। ই মুক্ত প্ৰকৃতিৰ।

৬। নতুন জ্ঞানৰ সম গঠনৰ লগত জড়িত।

৭। শিক্ষক শিক্ষাৰ্থীৰ সম্পৰ্ক আনুভূমিক অৰ্থাৎ সমান প্ৰকৃতিৰ বা একে পয্যায়তে থকা।

৮। শিক্ষার্থী কেন্দ্রিক পাঠ্যক্রম।

৯। আবিষ্কাৰ কৰাৰ চেষ্টা আৰু প্ৰয়োগ শীলতাৰ ওপৰত প্রাধান্য দিয়ে।

(১৭) ইভান ইলিচৰ শিক্ষাৰ লক্ষ্য, পাঠ্যক্রম, পদ্ধতি আৰু অনুশাসন সম্বন্ধে থকা মতামতসমূহ ব্যাখ্যা কৰা।

Explain Ivan Illich’s opinion regarding the aims of edu cation, curriculum, method and discipline.

উত্তৰঃ শিক্ষাৰ লক্ষ্য (On Aims of Education) 

১) শিক্ষার্থীক বাস্তব তথা ব্যৱহাৰিক অভিজ্ঞতা দিয়া।

২) শিক্ষাৰ্থীৰ সৌন্দ্য্যাত্মক আৰু সৃষ্টিশীল মনোভাৱৰ বিকাশ। 

৩) শিক্ষাৰ্থীৰ গণতান্ত্রিক বিকাশৰ সুযোগ দিয়া।

৪) ব্যৱহাৰিক জীৱনৰ বাবে প্ৰস্তুত কৰা যাতে শিশুৱে দৈনন্দিন প্রয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰে।

৫) শিক্ষার্থীক এনেধৰণৰ শিক্ষা দিব লাগে যাতে তেওঁলোকে যিকোনো সমস্যাৰে মুখামুখি হব পাৰে।

৬) প্রাকৃতিক পৰিৱেশৰ লগত সম্পর্ক স্থাপন।

৭) শিশুক স্বাধীনতা প্রদান শিক্ষাৰ আনটো লক্ষ্য।

৮) আত্ম গঠন কৰিব পৰাকৈ শিশুক স্বাধীন পৰিবেশৰ সুবিধাপ্রদান।

৯) শিক্ষাৰ্থীৰ অন্তনিহিত ক্ষমতা সমূহ বিকশাই তোলা। 

১০) নিজস্ব ৰুচি আৰু প্ৰয়োজন অনুযায়ী শিক্ষা।

পাঠ্যক্রম সম্বন্ধেঃ পাঠ্যক্ৰমৰ ক্ষেত্ৰত ইভান ইলিচে দুই ধৰণৰ পাঠ্যক্ৰমৰ কথা উল্লেখ কৰিছে—

১) ঘোষিত পাঠ্যক্রম— যিবোৰ পাঠ্যক্রম শিক্ষাৰ্থীক প্ৰত্যক্ষবাৱে শিকোৱা হয়, ইয়াৰ ভিতৰত— ভাষা, গণিত বিজ্ঞান, ইংৰাজী, ফান্স, সংগীত, খেলা-ধূলা, ব্যায়াম আদি। শিক্ষার্থীক মানসিক তথা বৌদ্ধিত আৰু শাৰীৰিক বিকাশ সাধন কৰা এনে পাঠ্যক্ৰমৰ প্ৰধান উদ্দেশ্য।

২) অঘোষিত পাঠ্যক্রম— পাঠ্যক্ৰমৰ যিবোৰ দিশ বা অন্তনিহিত তথা অন্তৰত থাকে যিবোৰ বিদ্যালয়ত প্ৰদান কৰা নহয়, আৰু যাৰ মাধ্যমত ঘোষিত পাঠ্যক্ৰমৰ সম্পসাৰণ কৰিব পাৰি ৷ যেনে ধর্ম শিক্ষা, আধ্যাত্মিক শিক্ষা, ব্যৱহাৰিক শিক্ষা সামাজিক শিক্ষা আদি ।

শিক্ষাদানৰ পদ্ধতিঃ ইভান ইলিচে শিক্ষাদান ক্ষেত্ৰত বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিছে

১) কৰ্মৰ জৰিয়তে শিক্ষা।

২) মুক্ত সামাজিক আৰু প্ৰাকৃতিক বাতাবৰণৰ শিক্ষা ।

৩) কবিতা, কাহিনী আদিৰ শিক্ষা দিয়া ৷

৪) বাস্তৱ অভিজ্ঞতাৰ জৰিয়তে শিক্ষা দিয়া ।

৫) শিক্ষার্থীক নিজস্ব গতি অনুসৰি শিক্ষা দিয়া।

৬) স্বতন্ত্ৰতাৰ আধাৰিত শিক্ষা। অর্থাৎ শিক্ষার্থীক কোনোধৰণৰ বাধ্যবাধকতা আৰোপ নকৰাকৈ শিকিব দিয়া ৷

৭) বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে শিক্ষা ।

অনুশাসন সম্বন্ধেঃ শিক্ষাব্যৱস্থাত অনুশাসনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ইভান ইলিচে আগবঢ়োৱা শিক্ষা ব্যৱস্থাতো অনুশাসনৰ কথা কোৱা হৈছে যদিও প্ৰচলিত আৰোপিত অনুশাসনৰ পৰিবৰ্তে স্বতঃস্ফুর্ত, মুক্ত আৰু প্ৰাকৃতিক পৰিবেশত আত্ম তথা আভ্যন্তৰীণ অনুশাসনৰহে পোষকতা কৰে৷

(২০) শিক্ষাৰ লক্ষ্য, পদ্ধতি, শিক্ষক আৰু শিশুৰ স্থান সম্বন্ধে ফিৰিৰ মতামত ব্যাখ্যা কৰা।

Explain Freire’s opinion regarding aims of education, method and the place of teacher and student.

উত্তৰঃ শিক্ষাৰ লক্ষ্য (On Aims of Education) 

১) শিক্ষার্থীক বাস্তব তথা ব্যৱহাৰিক অভিজ্ঞতা দিয়া।

২) শিক্ষাৰ্থীৰ সৌন্দ্য্যাত্মক আৰু সৃষ্টিশীল মনোভাৱৰ বিকাশ।

৩) শিক্ষাৰ্থীৰ গণতান্ত্রিক বিকাশৰ সুযোগ দিয়া ।

৪) ব্যৱহাৰিক জীৱনৰ বাবে প্ৰস্তুত কৰা যাতে শিশুৱে দৈনন্দিন প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰে।

৫) শিক্ষাৰ্থীক এনেধৰণৰ শিক্ষা দিব লাগে যাতে তেওঁলোকে যিকোনো সমস্যাৰে মুখামুখি হব পাৰে ৷

৬) প্রাকৃতিক পৰিৱেশৰ লগত সম্পর্ক স্থাপন।

৭) শিশুক স্বাধীনতা প্ৰদান শিক্ষাৰ আনটো লক্ষ্য। 

৮) আত্ম গঠন কৰিব পৰাকৈ শিশুক স্বাধীন পৰিবেশৰ সুবিধাপ্রদান। 

৯) শিক্ষাৰ্থীৰ অন্তনিহিত ক্ষমতা সমূহ বিকশাই তোলা । 

১০) নিজস্ব ৰুচি আৰু প্ৰয়োজন অনুযায়ী শিক্ষা। 

পাঠ্যক্রম সম্বন্ধেঃ পাঠ্যক্ৰমৰ ক্ষেত্ৰত ইভান ইলিচে দুই ধৰণৰ পাঠ্যক্ৰমৰ কথা উল্লেখ কৰিছে—

১) ঘোষিত পাঠ্যক্রম— যিবোৰ পাঠ্যক্রম শিক্ষাৰ্থীক প্ৰত্যক্ষবাৱে শিকোৱা হয়, ইয়াৰ ভিতৰত— ভাষা, গণিত বিজ্ঞান, ইংৰাজী, ফান্স, সংগীত, খেলা-ধূলা, ব্যায়াম আদি। শিক্ষার্থীক ‘মানসিক তথা বৌদ্ধিত আৰু শাৰীৰিক বিকাশ সাধন কৰা এনে পাঠ্যক্ৰমৰ প্ৰধান উদ্দেশ্য।

২) অঘোষিত পাঠ্যক্রম— পাঠ্যক্ৰমৰ যিবোৰ দিশ বা অন্তনিহিত তথা অন্তৰত থাকে যিবোৰ বিদ্যালয়ত প্ৰদান কৰা নহয়, আৰু যাৰ মাধ্যমত ঘোষিত পাঠ্যক্ৰমৰ সম্পসাৰণ কৰিব পাৰি। যেনে ধৰ্ম শিক্ষা, আধ্যাত্মিক শিক্ষা, ব্যৱহাৰিক শিক্ষা সামাজিক শিক্ষা আদি ।

শিক্ষাদানৰ পদ্ধতিঃ ইভান ইলিচে শিক্ষাদান ক্ষেত্ৰত বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিছে

১) কৰ্মৰ জৰিয়তে শিক্ষা।

২) মুক্ত সামাজিক আৰু প্ৰাকৃতিক বাতাবৰণৰ শিক্ষা ।

৩) কবিতা, কাহিনী আদিৰ শিক্ষা দিয়া ৷

৪) বাস্তৱ অভিজ্ঞতাৰ জৰিয়তে শিক্ষা দিয়া ।

৫) শিক্ষার্থীক নিজস্ব গতি অনুসৰি শিক্ষা দিয়া। 

৬) স্বতন্ত্ৰতাৰ আধাৰিত শিক্ষা। অর্থাৎ শিক্ষার্থীক কোনোধৰণৰ বাধ্যবাধকতা আৰোপ নকৰাকৈ শিকিব দিয়া ।

৭) বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে শিক্ষা ৷

শিক্ষকৰ স্থান সম্বন্ধে [On the Place of the Teacher] ইভান ইলিচৰ শিক্ষা ব্যৱস্থাত শিক্ষকে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। তেওঁৰ মতে—

১) শিক্ষক হ’ল শিক্ষাৰ্থীৰ বন্ধু তথা পথ পদর্শ। ২) শিক্ষক হ’ল ঈশ্বৰৰ প্ৰতিনিধি৷ 

৩) শিক্ষকৰ স্থান সাধাৰণ মানুহতকৈ ওপৰত। 

৪) শিক্ষক হ’ল সুবিধা প্রদানকাৰী ৷ 

৫) শিক্ষকৰ কাম হল সমাজৰ হিতৰ বাবে কাম কৰা । 

৬) শিশুৰ স্বতঃস্ফূর্ত বিকাশৰ বাবে পৰিবেশৰ যোগান ধৰা। 

৭) তেওঁ শিক্ষকৰ দমন নীতিৰ বিৰোধীতা কৰিছিল।

৮) শিশুক সহায় কৰিবৰ বাবে সকলো সময়তে প্রস্তুত হৈ থাকিব লাগিব ।

শিশুৰ স্থান সম্বন্ধেঃ

ইভান ইলিচৰ শিক্ষা ব্যৱস্তাত শিশোৱে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। শিশোৱে স্বাধীনভাৱে নিজৰ সুপ্ত প্রতিভা সমূহ বিকাশত সুবিধা পাব লাগে। শিশোৱে কি আৰু কেতিয়া শিকিব সেইয়া নিজে বাচনি কৰি লব পাৰিব। শিশোৱে নিজৰ ৰুচি অভিৰুচি, অনুযায়ী, নিজৰ প্ৰয়োজন অনুযায়ী, নিজস্ব গতিৰে শিক্ষণ লাভ কৰিব পাৰিব। শিক্ষণ ফলফলৰ ওপৰত গুৰুত্ব দিয়াতকৈ শিশুৰ সৃষ্টিশীলতা বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। মুঠতে ইভান ইলিচে শিশুকেন্দ্রিক শিক্ষাক প্রধান্য দিছে, যত শিশোৱে মুখ্য স্থান অধিকাৰ কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top