Great Educators And Educational Thought Unit 3 Western Educators and Educational Thoughts (Idealist And Naturalist Thinkers)

Great Educators And Educational Thought Unit 3 Western Educators and Educational Thoughts (Idealist And Naturalist Thinkers) Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Solutions of Great Educators And Educational Thought Unit 3 Western Educators and Educational Thoughts to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Great Educators And Educational Thought Unit 3 Western Educators and Educational Thoughts Question Answer can be of great value to excel in the examination.

Great Educators And Educational Thought Unit 3 Western Educators and Educational Thoughts

Join Telegram channel

Great Educators And Educational Thought Unit 3 Western Educators and Educational Thoughts Notes cover all the exercise questions in UGC Syllabus. The Great Educators And Educational Thought Unit 3 Western Educators and Educational Thoughts provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Western Educators and Educational Thoughts (Idealist And Naturalist Thinkers)

EDUCATION

মহান শিক্ষাবিদ আৰু শৈক্ষিক চিন্তাধাৰা

GREAT EDUCATORS AND EDUCATIONAL THOUGHTS


১) ‘ৰিপাব্লিক’ গ্ৰন্থখন কোনে লিখিছিল?

Who wrote the book ‘Republic’?

উত্তৰঃ প্লেটো।

২) প্লেটোৰ গুৰু কোন আছিল?

Who was the teacher of Plato?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ছক্ৰেটিছ।

৩) ল’জ গ্ৰন্থখন কোনে লিখিছিল?

Who wrote the book “The Law’s”?

উত্তৰঃ প্লেটো।

৪) প্লেটোৱে লিখা যিকোনো দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা।

Mention any two books written by Plato.

উত্তৰঃ (ক) ৰিপাব্লিক।

(খ) ল’জ ।

৫) প্লেটোৰ মতে উচ্চ শিক্ষাৰ লক্ষ্য কি?

What is the aims of higher education according to Plato?

উত্তৰঃ দার্শনিক শ্ৰেণীৰ সৃষ্টি কৰা।

৬) ‘এমিল’ পুথিখন কোনে লিখিছিল?

Who wrote the book ‘Emile’?

উত্তৰঃ ৰুছ।

৭) নেতিবাচক শিক্ষাৰ ধাৰণাটো কোনে দিছিল?

Who gave the Idea of Negative Education?

উত্তৰঃ ৰুছো।

৮) নেতিবাচক শিক্ষা কি?

What is Negative Education?

উত্তৰঃ ৰুছোৱে তেওঁৰ বিখ্যাত গ্রন্থ এমিলত নেতিবাচক শিক্ষা সম্পর্কে বিস্তৃতভাৱে আলোচনা আগবঢ়াইছে। তেওঁ শিশুক প্রাকৃতিক নিয়মেৰে শিক্ষা দিয়াত গুৰুত্ব আৰোপ কৰি শিশুৰ ওপৰত সমাজৰ প্ৰভাৱ অস্বীকাৰ কৰিছে। তেওঁ সমাজবিহীন শিক্ষাৰ যোগেদি নেতিবাচক শিক্ষাৰ পোষকতা কৰিছে, যি শিক্ষা শিশুকালৰ বাবে প্ৰয়োজন বুলি তেওঁ উপলব্ধি কৰিছিল৷ তেওঁ উল্লেখ কৰিছিল যে গতানুগতিক শিক্ষাত শিশুক অপৈণত অৱস্থাত শিকোৱা জটিল আৰু গধুৰ বৌদ্ধিক বিষয়সমূহ শিকোৱাৰ পৰিৱৰ্তে শিশুক প্রাকৃতিক পৰিবেশত প্রাকৃতিক কার্যকলাপৰ জড়িয়তে শিকাৰ ওপৰত গুৰুত্ব দিব লাগে। তেতিয়াহে শিশুৱে বাস্তৱ অভিজ্ঞতা লাভ কৰিব।

৯) ৰুছৱে লিখা যিকোনো দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা। 

Mention any two books written by Rousseau.

উত্তৰঃ (a) Discourse on the Arts and Science

(b) The Origin of Inequality Among Men.

১০) “La Nouvelle Heloise” নামৰ গ্ৰন্থখন কোনে লিখিছিল?

Who wrote the book “La Nouvelle Heloise”?

উত্তৰঃ ৰুছোৱে।

১১) প্লেটোৰ মতে অনুশাসন কি?

উত্তৰঃ প্লেটোৱে শিক্ষাত অনুশাসনমূলক ধাৰণাৰ সৃষ্টি কৰিছিল। তেওঁ পাঠ্যক্ৰমত উল্লেখ কৰা বিষয়সমূহৰ উদাৰ ব্যৱহাৰতকৈ অনুশাসনমূলক ব্যৱহাৰহে বিচাৰিছিল। উদাৰহণস্বৰূপে, পেটোৱে বিশ্বাস কৰিছিল যে অংকবিদ্যা অধ্যয়নে শিশুক উজ্জ্বল,তীক্ষ্ণ আৰু শিশুৰ স্মৃতিশক্তি প্ৰখৰ কৰি তোলে । তেওঁ কৈছিল যে অংকবিদ্যা সকলোৰে ওপৰত।। এই অংকবিদ্যা বা গণিত অধ্যয়নে শিশুক নিদ্রামগ্ন আৰু মূৰ্খামীৰ পৰা জাগ্ৰত কৰি তোলে আৰু ইয়াৰ ফলত শিশোৱে সোনকালে শিকিব পাৰে, স্মৃতিশক্তি প্ৰখৰ হয়, চতুৰ হয় আৰু স্বৰ্গীয় কথাৰ জ্ঞান লাভ কৰে আৰু স্বাভাৱিক শক্তিককৈ যথেষ্ট উন্নতি সাধৰ কৰে। তেওঁৰ মতে ইয়াৰ অৰ্থ এয়ে যে গণিতৰ শক্তি কেৱল ইয়াৰ পৰিসৰৰ ভিতৰত আৱদ্ধ নহয়৷ ই অন্যান্য দিশতো যথেষ্ট প্ৰভাৱ পেলাব পাৰে। সেইবাবে গণিতৰ অধ্যয়ন বাধ্যতামূলক হ’ব লাগে ৷ তদুপৰি তেওঁ ১৯ আৰু ২০ বছৰৰ শিক্ষাৰ্থীৰ বাবে মহিলা বা পুৰুষ নির্বিশেষে সামৰিক প্ৰশিক্ষণ বাধ্যতামূলক কৰিছিল ।প্লেটোৱে নাগৰিকৰ শিক্ষাৰ দুটা পৰ্যায়ৰ কথা উল্লেখ কৰে। তেওঁ শিশুৰ নৈতিক মনোভাৱৰ বিকাশ আৰু অভ্যাস গঠনৰ বাবে শিক্ষা দিয়াৰ কথা কৈছে। শিশুৰ নৈতিক মনোভাৱ আৰু অভ্যাস গঠনৰ বাবে অনুশাসন আৰু সংগীতক উপযুক্ত উপায় হিচাপে অভিহিত কৰিছে।

প্লেটোৱে যিহেতু নৈতিকতাৰ ওপৰত অধিক গুৰুত্ব দিছিল গতিকে তেওঁ শিশুকালৰে পৰা সাধাৰণ স্তৰৰ নৈতিকতা শিক্ষাৰ ব্যৱস্থা কৰিছিল। এই পৰ্যায়ত শিশুক ভাল বেয়া বিচাৰ কৰিব পৰা জ্ঞান দিয়াৰ ব্যৱস্থা কৰা হৈছিল যাতে তেওঁলোকে ভাল বেয়া বিচাৰ কৰি অনুশাসন মানি চলিব পাৰে৷

১২) প্লেটোৰ শিক্ষা দৰ্শনৰ পাঁচটি সমালোচনা কৰা?

উত্তৰঃ প্লেটোৰ শিক্ষা আঁচনিৰ ওপৰত বিভিন্ন শিক্ষাবিদ তথা দার্শনিকসকলে সমালোচনা আগবঢ়াইছে। তেওঁৰ শিক্ষা আঁচনিলৈ লক্ষ্য কৰিলে আমি তলত উল্লেখ কৰা দিশসমূহ দেখিবলৈ পাওঁ।

১) প্লেটোৰ শিক্ষা আঁচনিৰ মূল লক্ষ্য হ’ল জনসাধাৰণক শিক্ষা প্ৰদান কৰাতকৈ প্ৰশাসক শ্রেণী সৃষ্টি কৰা। তেওঁ ক্ষুধা প্ৰভাৱিত সংখ্যাগৰিষ্ঠ শ্ৰেণীটোৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া নাছিল৷

২) Tailer যে প্লেটোৰ শিক্ষা আঁচনি সমালোচনা কৰি কৈছে যে প্লেটোৰ শিক্ষা আঁচনি কেৱল জ্ঞান সম্পুন্ন শ্ৰেণীটোৰ বাবে সীমাবদ্ধ ই গণতান্ত্রিক শিক্ষা আঁচনি হ’ব নোৱাৰে।

৩) প্লেটোৰ শিক্ষা আঁচনি এজন ব্যক্তিৰ ৩৫ বছৰ বয়সলৈকে চলি থকাতো বিজ্ঞানসন্মত বুলি ক’ব নোৱাৰি।

৪) প্লেটোৱে তেওঁৰ শিক্ষা আঁচনিৰ উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত অংক শাস্ত্ৰ বা গণিতৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বিপৰীতে সাহিত্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নাছিল।

৫) প্লেটোৱে উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত প্রথম স্থান দিয়া বিষয়টো হৈছে গণিত, আৰু তাৰ পাছত ৰখা হৈছিল সংগীতক। তেওঁ এই বিষয়বোৰক তর্কবিজ্ঞানৰ বাবে প্ৰস্তুতিমূলক অধ্যয়নৰ বিষয় হিচাপেহে বিবেচনা কৰিছিল। প্লেটোৰ এনে ধাৰণা গ্রহণযোগ্য নহয়।

১৩) প্লেটোৰ মতে শিক্ষাৰ উদ্দেশ্য আৰু কামসমূহ ব্যাখ্যা কৰা। 

Explain the objectives and Functions of Education according to Plato.

উত্তৰঃ প্লেটোৰ মতে শিক্ষাৰ প্ৰকৃত লক্ষ্য হ’ল— “দেশৰ উপযুক্ত নাগৰিক গঢ়ি তোলাটোৱেই শিক্ষাৰ লক্ষ্য হ’ব লাগে।” 

[The aim of education is to develop worthy citizens of a country.]

শিক্ষাৰ উদ্দেশ্য আৰু কাম সম্পৰ্কত প্লেটোৰ দৃষ্টিভংগী নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি। প্লেটোৰ মতে ৰাজ্যৰ একতা সুনির্দিষ্ট কৰাটোৱেই শিক্ষাৰ প্ৰথম কাম আৰু উপ্‌দেশ্য। কাৰণ সেই সময়ত গ্ৰীচৰ সমাজ ব্যৱস্থা অতি দুনীৰ্তি পৰায়ণ সমাজ ব্যৱস্থাত পৰিণত হৈছিল। গণতন্ত্ৰৰ ঠাইত ব্যক্তিবাদে মূৰ দাঙি উঠিছিল। ৰাষ্ট্ৰৰ শাসন যন্ত্র হৈ পৰিছিল ব্যক্তিৰ স্বাৰ্থ ৰক্ষাৰ প্ৰধান আহিলা। যাৰ ফলত দেশব নিৰাপত্তা বহুখিনি বিপদময় হৈ উঠে। প্লেটোৱে এনেধৰণৰ সামাজিক নিয়মৰ বিৰোধিতা কৰিছিল। সেইবাবে প্লেটোৱে ব্যক্তিকেন্দ্রিকতা ধ্বংস কৰিব বিচাৰিছিল আৰু ইয়াৰ বাবে প্লেটোৱে শিক্ষাক প্রধান আহিলা হিচাপে গণ্য কৰিছিল। তেওঁ জনসাধাৰণৰ মাজত শিক্ষাৰ দ্বাৰা এনে এটা দল গঠন কৰি সমবায় ভিত্তিক শক্তি গঢ়ি তুলি সামাজিক জীৱনৰ অনুভূতি জগাই তোলা প্ৰথম আৰু প্ৰধান উদ্দেশ্য বুলি বিবেচনা কৰে। ইয়াৰ বাবে প্ৰত্যেক নাগৰিককে ৰাজ্যৰ কল্যাণৰ বাবে ব্যক্তিগত আগ্রহ পৰিত্যাগ কৰিবৰ বাবে প্রশিক্ষণ দিব লাগে বুলি প্লেটোৱে মতামত আগবঢ়ায়। সামাজিক ঐক্যতাৰ আদৰ্শ গ্ৰহণৰ বাবে তেওঁ নিজকে দেশৰ  সেৱাত সম্পূৰ্ণৰূপে নিয়োগ কৰিছিল।

প্লেটোৰ মতে শিক্ষাৰ দ্বিতীয় উদ্দেশ্য তথা কাম হৈছে ব্যক্তিক উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলা। তেওঁৰ মতে উপযুক্ত নাগৰিকত্ব গুণৰ বিকাশ লাভৰ বাবে ব্যক্তিয়ে যুৱকালতে উদাৰ মনোভাব বা সহানুভূতিশীল অভ্যাস, সাহস আৰু সৈন্যবাহিনীৰ কৌশল আহৰণ কৰিব লাগে।

শিক্ষাৰ তৃতীয় উদ্দেশ্য আৰু কাম হৈছে শিশুৰ সততা সৌন্দৰ্য্য আৰু সত্যৰ প্ৰতি প্রেম জগাই তোলা জন্মতে শিশুৰ গাত এই গুণবিলাক বিকশিত নহয়। গতিকে শিশুৰ এই গুণবিলাকৰ উন্নতি সাধনৰ বাবে শিক্ষা দিব লাগে আৰু বাস্তৱতকৈ আদর্শ বা কল্পনা যে অধিক ওপৰত তাকো অনুভৱ কৰিবলৈ শিকাব লাগে।

শিক্ষাৰ পঞ্চম কাম হৈছে ব্যক্তিৰ সামঞ্জস্যপূর্ণ ব্যক্তিত্ব গঠন কৰা। প্লেটোৰ মতে শৰীৰ আৰু মন, অভ্যাসৰ জীৱন আৰু যুক্তিসংগত জীৱন, ব্যক্তিগত আগ্ৰহ আৰু দেশৰ বাবে আগ্রহ এই সকলোবিলাকৰ সুসামঞ্জস্য ঘটোৱাতো শিক্ষাৰ অন্যতম কাম আৰু উদ্দেশ্য।

প্লেটোৰ মতে, ডেকাকালত আমাৰ বৌদ্ধিক বিকাশ ঘটে আৰু এই সময়তে ডেকাসকলে ভাল-বেয়া বিচাৰ কৰিব পৰা শক্তি লাভ কৰে। সেয়েহে এই ডেকাকালত মানসিক আৰু বৌদ্ধিক দিশত বুৎপত্তি লাভ কৰাৰ ওপৰত গুৰুত্ব দিয়াটো শিক্ষাৰ অন্যতম কাম আৰু উদ্দেশ্য হ’ব লাগে৷ জনসাধাৰণক নৈতিক, সামাজিক, ৰাজনৈতিক আদি বিভিন্ন দিশত উপযোগী কৰি তোলাটো হৈছে শিক্ষাৰ অন্যতম গুৰুত্বপূৰ্ণ কাম আৰু উদ্দেশ্য।

প্লেটোৰ মতে জনসাধাৰণৰ সৎ চৰিত্ৰ গঠন কৰাটো শিক্ষাৰ কাম বা উদ্দেশ্য হ’ব লাগে। প্লেটোৰ মতে আমাৰ নাগৰিকসকলক ভালদৰে শিক্ষিত কৰিব পাৰিলে তেওঁলোক জ্ঞানী পুৰুষ হ’ব আৰু তেতিয়াই অন্যান্য বিষয় যেনে – বিবাহ, নাৰীৰ অধিকাৰ আৰু শিশুৰ উপাদানৰ দৰে সকলোবিলাক বিষয়তেই সহজে জ্ঞান লাভ কৰিব পাৰিব। অর্থাৎ শিক্ষাই সন্মানিত ব্যক্তি উৎপাদন কৰিব লাগে। গতিকে সন্মানিত ব্যক্তি উৎপাদন কৰাটোও শিক্ষাৰ কাম আৰু উদ্দেশ্য।

শিক্ষাই দেশৰ ৰাজনীতি আৰু অসংখ্য আইন সলনি কৰিব লাগে আৰু এইটো শিক্ষাৰ অন্যতম উদ্দেশ্য আৰু কাম।

শিক্ষাৰ অন্য এটা প্রধান কাম হৈছে ব্যক্তিক সভ্য কৰি তোলা আৰু মানৱীয় দৃষ্টিভংগীৰে পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলাত সহায় কৰা৷ প্লেটোৱে বিদ্যালয়ক মহান মানৱীয়কৰণ আৰু সামাজিকিকৰণৰ অনুষ্ঠান হিচাপে বিবেচনা কৰিছিল।

১৪) প্লেটোৰ শিক্ষা দৰ্শনৰ বিষয়ে আলোচনা কৰা।

Discuss about Plato’s Philosophy of Life.

উত্তৰঃ প্লেটোৱে তেওঁৰ গ্ৰন্থ ৰিপাল্লিকত ন্যায়ৰ সূত্ৰৰ দৰে শিক্ষাতত্ত্বৰ ওপৰতো অধিক গুৰুত্ব দিছিল। প্লেটোৰ শিক্ষাদৰ্শন প্ৰধানকৈ তেওঁৰ ৰাজনৈতিক চিন্তাৰ দ্বাৰা প্ৰভাৱাস্বিত হৈছিল। প্লেটোৱে যুক্তি দৰ্শাই কৈছিল যে সমাজত ন্যায় প্রতিষ্ঠা হ’বলৈ হ’লে আৰু এখন আদৰ্শ ৰাষ্ট প্ৰতিষ্ঠা কৰিবলৈ হ’লে ৰাষ্ট পৰিচালিত এক শিক্ষা আঁচনিৰ প্ৰয়োজন। প্লেটোৰ শিক্ষা আঁচনি তেওঁৰ আদৰ্শ ৰাষ্ট্ৰ লগত জড়িত। এখন আদর্শ ৰাষ্ট গঠন কৰিবলৈ যাওঁতে নাগৰিকসকলৰ বাবে কেনেধৰণৰ শিক্ষাৰ প্রয়োজন হ’ব সেই সম্পর্কে তেওঁ গভীৰ ভাৱে চিন্তা কৰিছিল। নাগৰিকসকলক জন্মগত সম্ভাৱনাসমূহৰ বৈশিষ্ট্য অনুযায়ী জন্মৰ পৰা বার্ধক্যলৈকে, অর্থাৎ পঞ্চাছ বছৰ বয়সৰ পাছলৈকে কেনেধৰণৰ শিক্ষাৰ প্রয়োজন, সেই সম্পৰ্কে চিন্তা কৰি প্লেটোৱে এখন দীঘলীয়া আঁচনি প্ৰস্তুত কৰিছিল। সেই আঁচনিখন কাৰ্যকৰী কৰিবৰ বাবে প্লেটোৱে ‘অকাডেমি’ নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল। শিক্ষা আঁচনি প্রস্তুত কৰোঁতে প্লেটো কল্পনা আৰু নৈতিকতাৰ দ্বাৰা বহুখিনি প্ৰভাৱান্বিত হৈছিল। এথেন্সবাসীসকলে মানসিক আৰু কলা-কৌশলৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। আনহাতে স্পাৰ্টাৰ নাগৰিকসকলে সামৰিক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। যাৰ ফলত স্পার্ট’ৰি শিক্ষাব্যৱস্থা অধিক অনুশাসনমূলক হৈ পৰিছিল। প্লেটোৱে স্পাৰ্টা আৰু এথেন্সত প্ৰৱৰ্তিত শিক্ষা ব্যৱস্থা অধ্যয়ন কৰি দুয়োটা শিক্ষা ব্যৱস্থাৰ গুণৰ সংযোগ ঘটাই এক শিক্ষা আঁচনি দাঙি ধৰিছিল। প্লেটোৱে বাধ্যতামূলক আৰু ৰাষ্ট্ৰ দ্বাৰ নিয়ন্ত্রিত শিক্ষা আঁচনি সমৰ্থন কৰিছিল। এক আদর্শ শিক্ষা আঁচনিৰ দ্বাৰা জনসাধাৰণক শিক্ষিত কৰি তুলি এখন আদৰ্শ ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বাবে প্লেটোৱে প্ৰচেষ্টা গ্ৰহণ কৰিছিল।

প্লেটো সকলোৰে বাবে একে শিক্ষাৰ পক্ষপাতী নাছিল। তেওঁ শিক্ষাৰ যোগেদি তিনিবিধ নাগৰিক সৃষ্টি কৰিবলৈ বিচাৰিছিল। এবিধ হ’ল দাৰ্শনিক বা শাসক শ্রেণী,দ্বিতীয়বিধ সৈনিক, যোদ্ধা বা দেশৰক্ষক শ্ৰেণী আৰু তৃতীয়বিধ হ’ল শ্রমিক য’ত কৃষক, বনুৱা, শিল্পী আদিক অন্তৰ্ভুক্ত কৰা হয়। এখন আদৰ্শ ৰাষ্ট্ৰ বাবে এইতিনি শ্রেণী মানুহৰ বৰঙনিৰ প্ৰয়োজন আৰু, দেশৰ বাবে সেই বৰঙনি আগবঢ়াব পৰাকৈ তেওঁলোকক শিক্ষিত কৰি তোলাৰ ওপৰত প্লেটোৱে গুৰুত্ব দিছিল।

জনসাধাৰণক নৈতিক, সামাজিক, ৰাজনৈতিক আদি বিভিন্ন দিশত উপযোগী কৰি তোলাই হ’ল প্লেটোৰ শিক্ষা আঁচনিৰ মূল লক্ষ্য। জনসাধাৰণৰ সৎ চৰিত্ৰ গঠন প্লেটোৰ শিক্ষা আঁচনিৰ আন এটা লক্ষ্য।

প্লেটোৰ মতে আত্মাৰ বিকাশ সাধন কৰাই হ’ল শিক্ষাৰ মূল লক্ষ্য। সেয়েহে ৰিপাব্লিকত এনে এক শিক্ষা আঁচনিৰ কল্পনা কৰিছিল যাৰ দ্বাৰা ব্যক্তিৰ আত্মাৰ বিকাশ ঘটে। তেওঁৰ মতে আত্মা সৎ আদৰ্শৰ দ্বাৰা পৰিচালিত হলেহে আত্মাৰ বিকাশ সাধন হ’ব। আনহাতে শিক্ষাৰ আন এটা লক্ষ্য হ’ল প্রকৃত জ্ঞানৰ অনুসন্ধান।

প্লেটোৰ মতে শিক্ষা গ্ৰহণৰ বাবে ব্যক্তিৰ কোনো নির্দিষ্ট বয়সৰ সীমা নাথাকে। ই জীৱন ব্যাপী চলি থাকে। সেইবাবে প্লেটোৱে মানৱ জীৱনৰ বিকাশৰ বিভিন্ন পৰ্যায়ৰ লগত সামঞ্জস্য ৰাখি নতুন শিক্ষা আঁচনি উদ্ভাৱন কৰিছিল।

১৫) প্লেটোৰ শিক্ষাৰ প্ৰকাৰ আৰু ৰিপ্লাবিক গ্রন্থ প্লেটোৱে উল্লেখ কৰা আঁচনিসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ প্লেটোৱে তেওঁৰ শিক্ষা আঁচনি দুভাগত বিভক্ত কৰিছিল।

১) প্রাথমিক শিক্ষা [Elementary Education].

২) উচ্চ শিক্ষা (Higher Education).

প্রাথমিক শিক্ষাৰ মূল লক্ষ্য হ’ল অনুশাসন, আত্মনিয়ন্ত্রণ আৰু সাহসী কৰি তোলা।

উচ্চ শিক্ষাৰ লক্ষ্য হ’ল বিজ্ঞান আৰু দৰ্শনৰ জড়িয়তে বিচাৰ বুদ্ধিৰ বাবে প্রশিক্ষণ দিয়া। প্লেটোৰ মতে ডেকাকালত আত্মাৰ বৌদ্ধিক বিকাশ ঘটে। এই সময়ত ডেকাসকলে ভাল-বেয়া বিচাৰ কৰিব পৰা শক্তি লাভ কৰে। গতিকে এই সময়ত বিজ্ঞান আৰু দৰ্শনৰ শিক্ষাদান কৰা উচিত। ইয়াৰ দ্বাৰা তেওঁলোকৰ মানসিক আৰু বৌদ্ধিক দিশত বুৎপত্তি লাভ হ’ব।

প্রাথমিক শিক্ষা [Elementary Education] :-

প্লেটোৱে প্ৰাথমিক শিক্ষা ৬ বছৰ বয়সলৈ সীমা নিৰ্ধাৰণ কৰিছিল। তেওঁ প্ৰাথমিক শিক্ষাকালক পুনৰ তিনি ভাগত বিভক্ত কৰিছিল। প্রথম পৰ্য্যায় ৬ বছৰলৈ, দ্বিতীয় পৰ্য্যায় ১৮ বছৰলৈ আৰু তৃতীয় পৰ্য্যায় ২০ বছৰলৈ।

শিশু শিক্ষাৰ আৰম্ভণি সম্পৰ্কত প্লেটোৰ দৃষ্টিভংগী হ’ল যে অতি কম বয়সতে শিক্ষা আৰম্ভ হ’ব নালাগে। তেওঁৰ মতে শিশুৰ মনত দিয়া প্রথম ছাপটো বৰ গুৰুত্বপূৰ্ণ । সেইবাবে সৰু সৰু কোমল বয়সৰ শিশুৰ ক্ষেত্ৰত প্ৰয়োগ কৰা প্ৰথম ছাপটো ভাবি চিন্তি সাৱধানে দিয়া উচিত৷ সৰু লৰা-ছোৱালীক ক’ব লগা সাধুবোৰ নিৰ্বাচন কৰোতেওঁ চাব লাগে যাতে সেইবোৰ একোজন দার্শনিকতকৈ কম মর্যাদাৰ ব্যক্তিয়ে ৰচনা কৰা সাধু নহয়।

প্লেটোৱে শিশুক ৬ বছৰৰ প্ৰাথমিক পৰ্য্যায়ত উদাহৰণ আৰু আখ্যানৰ জড়িয়তে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। এই পৰ্য্যায়ত শিশুক সৰল আৰু সহজে বুজি উঠিব পৰা ধৰ্মমূলক আখ্যানৰ পাঠদান দিয়াৰ ব্যৱস্থা কৰা হৈছিল। প্লেটোৱে যিহেতু নৈতিকতাৰ ওপৰত অধিক গুৰুত্ব দিছিল গতিকে তেওঁ শিশু কালৰে পৰা সাধাৰণ স্তৰৰ নৈতিকতাৰ শিক্ষাৰ ব্যৱস্থা কৰিছিল। লগতে এই পৰ্যায়ত শিশুক ভাল-বেয়। বিচাৰ কৰিব পৰা জ্ঞান দিয়াৰো ব্যৱস্থা কৰা হৈছিল।

প্লেটোৰ শিক্ষা আঁচনিৰ দ্বিতীয়টো পৰ্যায় আৰম্ভ হয় ৬ বছৰৰ পৰা ১৮ বছৰলৈ । এই সময়ছোৱাত তেওঁ শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশৰ ওপৰত অধিক গুৰুত্ব দিছিল। প্লেটোৱে শিশুৰ মানসিক বিকাশৰ বাবে সংগীত পাঠ্যক্ৰম আৰু শাৰীৰিক বিকাশৰ বাবে শৰীৰ চৰ্চাৰ ব্যৱস্থা কৰিছিল। প্লেটোৰ মতে, মানুহৰ মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে সংগীত আৰু শৰীৰ চৰ্চা এটাই আনটোৰ পৰিপুৰক হিচাপে কাম কৰে। ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰতো সংগীত আৰু শৰীৰচৰ্চাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সংগীত আৰু শৰীৰচৰ্চাই ব্যক্তিৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশো ঘটায়। প্লেটোৰ মতে, সংগীত মানে অকল গান গোৱা আৰু বাদ্যযন্ত পৰিবেশন কৰাকে নুবুজায় । সুন্দৰ, সুৱলা কবিতা অধ্যয়ন আৰু ব্যাখ্যা কৰা, সুৱলা গীত-মাত, বাঁহী বজোৱা আদি সকলোবিলাক সংগীতৰ ভিতৰত পৰে ৷

শৰীৰ চৰ্চাৰ ব্যাখ্যা দাঙি দৰি প্লেটোৱে কৈছে যে শৰীৰ চৰ্চাই সকলো শাৰীৰিক পৰিশ্ৰমকেই নুবুজায় । পুষ্টিকৰ খাদ্যও শৰীৰচৰ্চাৰ এটা অঙ্গ৷ প্–েটোৱে যিহেতু ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত এক শিক্ষা-ব্যৱস্থাৰ পৃষ্ঠপোষকতা কৰিছিল, গতিকে তেওঁ বাধাহীন সংগীতে ল’ৰা-ছোৱালীক বিপথে পৰিচালিত কৰিব পাৰে বুলি আশংকা কৰিছিল।

প্ৰাথমিক শিক্ষাৰ তৃতীয় স্তৰৰ সময়কাল মাত্র ২ বছৰ। অৰ্থাৎ ১৯ বছৰৰ পৰা ২০ বছৰলৈ । প্লেটোৰ মতে এই সময়ছোৱাত পুৰুষস্ত্রী উভয়ে বাধ্যতামূলক সামৰিক শিক্ষা গ্ৰহণ কৰিব লাগে।

উচ্চ শিক্ষা [Higher Education] :- প্লেটোৰ শিক্ষা আঁচনি মতে ২০ বছৰ বয়সত প্রাথমিক শিক্ষা শেষ হোৱাৰ পাছত এক বাছনি পৰীক্ষা পতা হয়। এই বাছনি পৰীক্ষাত উত্তীর্ণ হোৱা পৰীক্ষাৰ্থীসকলক স্ত্ৰী-পুৰুষ উভয়কে উচ্চ শিক্ষা দিয়া হয়। এই উচ্চ শিক্ষাৰ পৰ্যায় আৰম্ভ হয় ২০ বছৰৰ পৰা ৩৫ বছৰ বয়সলৈকে প্লেটোৱে উচ্চ শিক্ষাক দুটা পৰ্যায়ত ভাগ কৰিছে। প্রথম পর্যায় ২০ বছৰৰ পৰা ৩০ বছৰলৈ আৰু দ্বিতীয় পর্যায় ৩০ বছৰৰ পৰা ৩৫ বছৰ বয়সলৈকে ।

প্লেটোৱে উচ্চ শিক্ষা গ্ৰহণৰ বাবে লোৱা বাছনি পৰীক্ষাৰ দ্বাৰা মানুহক দুটা শ্ৰেণীত বিভক্ত কৰিছে। যুক্তি প্ৰভাৱিত লোক আৰু সাহস প্ৰভাৱিত লোক হিচাপে শ্রেণীভুক্ত কৰি পৃথকীকৰণ কৰিছিল। অর্থাৎ যুক্তি প্ৰভাৱিত লোকসকলক দার্শনিক ৰজা আৰু সাহস প্ৰভাৱিত লোকসকলক প্ৰতিৰক্ষা বিষয়া হিচাপে প্লেটোৱে দুটা শ্ৰেণীত বিভক্ত কৰিছিল। ২০ বছৰৰ পৰা ৩০ বছৰৰ প্ৰথম পর্যায়ৰ উচ্চ শিক্ষাৰ কালছোৱাত পুৰুষ-মহিলা উভয়কে বৈজ্ঞানিক শিক্ষাৰ পাঠদান কৰা হয়। এই পৰ্যায়ৰ পাঠ্যক্ৰমত ব্যক্তিৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ কাৰণে প্ৰাকৃতিক শাস্ত্ৰ আৰু সংশাস্ত্ৰ অন্তৰ্ভূক্ত কৰা হৈছিল।

প্রথম পৰ্যায়ৰ শিক্ষা শেষ হোৱাৰ পাছত অর্থাৎ ৩০ বছৰ বয়সত পুনৰ আন এটা বাছনি পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল৷ এই বাছনি পৰীক্ষাৰ দ্বাৰা ব্যক্তিসকলক আকৌ কমগুণসম্পন্ন আৰু উচ্চ গুণসম্পন্ন শিক্ষার্থী হিচাপে দুটা শ্ৰেণীত বিভক্ত কৰা হয়। কম গুণ সম্পন্ন সকলক ৰাষ্ট্ৰৰ প্রশাসক সকলৰ অধীনস্থ বিষয়া হিচাপে নিযুক্তি দিয়া হয়। আনহাতে উচ্চ গুণ সম্পন্নসকলক পুনৰ পাঁছ (৫) বছৰৰ বাবে দ্বিতীয় পৰ্যায়ৰ শিক্ষা দিয়া হয়। এই উচ্চ গুণ সম্পন্ন শিক্ষার্থীসকলক অংক-শাস্ত্ৰ আৰু কথোপকথন প্রশিক্ষণ দিয়া হয়। এই সময়ছোৱাত দৰ্শন শাস্ত্ৰৰ ওপৰত বেছি গুৰন্ত্ব দিয়া হয়৷ এইদৰে ৩৫ বছৰ বয়সত শিক্ষা সমাপ্ত কৰি তেওঁলোকে ৰাষ্ট্ৰ প্ৰশাসন কার্য পৰিচালনা কৰাৰ বাবে উপযুক্ত হৈ পৰে আৰু তেওঁলোকে একোজন দার্শনিক হিচাপে স্বীকৃতি পায়। প্লেটোৰ মতে ৩৫ বছৰ বয়সত শিক্ষা শেষ কৰাৰ পাছত এই দার্শনিক সকল হ’ব ৰাষ্ট্ৰ প্ৰকৃত শাসক।

প্লেটোৱে কৈছে যে ৩৫ বছৰ বয়সত ৰাষ্ট্ৰৰ শাসন পৰিচালনাৰ দায়িত্বভাৰ লৈ সুখ্যাতিৰে ৰাষ্ট্ৰ শাসন কাৰ্য চলোৱাৰ পাছত ৫০ বছৰ বয়সত এওঁলোকে ভবিষ্যতে শিক্ষা প্রদান কৰিব আৰু শিক্ষা প্রদান কৰাৰ উপৰিও তেওঁলোকে সমাজ উন্নয়নৰ কাম কাজৰ দায়িত্ব পালন কৰিব আৰু এই দায়িত্ব তেওঁলোকৰ জীৱনৰ শেষ সময়লৈকে চলি থাকিব। ৰিপাব্লিক গ্ৰন্থত প্লেটোৰে উল্লেখ কৰা শৈক্ষিক আঁচনি ।

: আগতীয়া শিক্ষা :

প্লেটোৰ শিক্ষা আঁচনিৰ আটাইতকৈ বেছি গুৰুত্ব দিয়া আৰু প্ৰথম স্তৰটো হ’ল অভিভাৱক শ্ৰেণীৰ, অৰ্থাৎ সৈনিক আৰু শাসক শ্ৰেণীৰ প্রশিক্ষণ। তেওঁৰ মতে এই শিক্ষা অনুকৰণ নীতিৰ দ্বাৰা পৰিচালিত সাধাৰণ শিক্ষা। তেওঁ এই শিক্ষাক দুটা প্রধান শাখাত বিভক্ত কৰিছিল। তেওঁ বিভক্ত কৰা শাখা কেইটা হ’ল সংগীত আৰু ব্যায়াম। তেওঁ সংগীতৰ দ্বাৰা মনৰ প্ৰশিক্ষণ আৰু ব্যায়ামৰ দ্বাৰা শাৰীৰিক প্ৰশিক্ষণ দিয়াৰ কথা কৈছিল। প্লেটোৱে শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশৰ ওপৰত অধিক গুৰুত্ব দিছিল। তেওঁৰ মতে সংগীত আৰু ব্যায়াম বা শৰীৰচৰ্চাই ব্যক্তিৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশ সাধন কৰাৰ ওপৰিও ব্যক্তিত্বৰ বিকাশতো গুৰ্ণত্বপূর্ণ ভূমিকা পালন কৰে। প্লেটোৰ মতে দুয়োটা শাখাৰ শিক্ষকৰ কাম হ’ব মানসিক বিকাশ সাধনৰ প্ৰতি দৃষ্টি ৰখাতো। গতিকে সংগীতৰ শিক্ষাই অগ্ৰাধিকাৰ পাব।

প্লেটোৰ মতে সংগীতৰ বিষয়বস্তুৰ দুটা দিশ আছে। এটা সত্য আৰু আনটো কাল্পনিক। সৰু লৰ।-ছোৱালীক দুয়োবিধৰ সংগীত শিক্ষা দিয়া উচিত। প্রথমে কাল্পনিক বিষয়বস্তুতেই আৰম্ভ কৰি লাহে লাহে সচী কাহিনী-ঘটনাৰ আলমত লিখা সংগীতৰ শিক্ষা দিব লাগে। তেনে কৰিলে ল’ৰা-ছোৱালীৰ কালৰ সত্য আৰু বাস্তৱ সত্য উপলব্ধি কৰাত সহায় কৰিব। শিশু শিক্ষাৰ আৰম্ভণি সম্পৰ্কত প্লেটোৱে কৈছে যে অতি কম বয়সতে শিক্ষা আৰম্ভ হ’ব নালাগে। তেওঁৰ মতে শিশুৰ মনত দিয়া প্রথম ছাপটো বৰ গুৰুত্বপূৰ্ণ । সেইবাবে সৰু আৰু কোমল বয়সৰ শিশুৰ ক্ষেত্ৰত প্ৰয়োগ কৰা প্ৰথম ছাপটো ভাবি চিন্তি অতি সাৱধানে দিব লাগে। সৰু ল’ৰা-ছোৱালীক ক’ব লগা সাধুবোৰ নিৰ্বাচন কৰোতেওঁ চাব লাগে যাতে সেই সাধুবোৰ একোজন দার্শনিকতকৈ কম মৰ্যাদাৰ ব্যক্তিয়ে ৰচনা কৰা সাধু নহয়। পেটোৰ মতে যিবোৰ সাধুৰ দ্বাৰা ল’ৰা-ছোৱালীৰ মন ইতিবাচক দিশত আগবঢ়াই নিব পাৰি তেনে সাধুহে ক’ব লাগে। অর্থাৎ শিশুক সাধু কওঁতে গঠনমূলক সাধুহে ক’ব লাগে।

প্লেটোৱে ল’ৰা-ছোৱালীৰ মনত সচী আৰু মিছাক, অৰ্থাৎ ভাল আৰু বেয়াৰ ধাৰণা দিব নোৱাৰা সাধু কোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। যিহেতু কোমল মতীয়া শিশোৱে ৰূপক সাধু আৰু আক্ষৰিকভাৱে সচী গল্পৰ মাজত পাৰ্থক্য বুজি নাপায় ৷ গতিকে যিবোৰ সাধুৰ জড়িয়তে ল’ৰা-ছোৱালীৰ মন ইতিবাচক দিশত আগবঢ়াই নিব পাৰি তেনে সাধুহে ক’ব লাগে। তেওঁ আকৌ উল্লেখ কৰিছে যে যি সাধুৰ দ্বাৰা ঈশ্বৰ, দেৱ-দেৱী, পিতৃ-মাতৃ, বন্ধুবৰ্গ, জেষ্ঠজন আদিৰ প্ৰতি শ্রদ্ধা, সন্মানৰ ভাৱ জাগ্রত কৰিব পাৰি তেনেধৰণৰ সাধুহে ল’ৰাছোৱালীক পঢ়িবলৈ আৰু শুনিবলৈ দিব লাগে।

প্লেটোৰ মতে শিশুৰ সৎ চৰিত্ৰ গঠনত সহায়ক হোৱা সাধুকথাহে শিশুক ক’ব লাগে। যিবোৰ কথাই শিশুৰ মনত মূল্যবোধ গঠনত সহায় কৰিব পাৰে তেনে কথাহে সাধুবোৰত সন্নিবিষ্ট হ’ব লাগে। যি বিলাক সাধু শুনি বা পঢ়ি তেওঁলোকে জেষ্ঠসকলক সন্মান, তেওঁলোকৰ আদেশ পালন, আৱেগ সংযম, অহংকাৰ ত্যাগ, লোভ-মোহ ত্যাগ আদি গুণ আয়ত্ব কৰিব পাৰে।

প্লেটোৱে The Republic গ্ৰন্থত ব্যায়াম প্রশিক্ষণ সম্পৰ্কত উল্লেখ কৰিছে যে, সংগীতৰ দৰে ব্যায়ামৰ প্ৰশিক্ষণে। সৰুকালতে আৰম্ভ কৰিব লাগে। তেওঁৰ মতে এই প্রশিক্ষণ দিওঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে আৰু গোটেই জীৱনতে ব্যায়ামৰ চৰ্চা চলি থাকিব লাগে। প্লেটোৰ ধাৰণা আছিল যে এটা সু-দেহে দৈহিক সৌন্দৰ্য্যৰ যোগেদি মনৰ উৎকৰ্ষ সাধন কৰাটো একমাত্র কথা নহয়, বৰং নিজৰ মনৰ যি প্ৰতিভা আছে সিও শৰীৰৰ উৎকৰ্ষ সাধনত সহায় কৰে। তেওঁ চকু আৰু কানৰ সৰ্বাধিক ক্ষমতা আহৰণ কৰিব পৰা ধৰণৰ প্ৰশিক্ষণৰ পৰামৰ্শ দিছিল।

প্লেটোৰ শিক্ষা আঁচনিত সংগীত আৰু শৰীৰ চৰ্চাৰ লগতে নৃত্য, চিকাৰ, ক্ষেত্র অনুশীলন, খেল-ধেমালি আদিৰ প্ৰশিক্ষণো অন্তৰ্ভূক্ত কৰিছিল৷

উচ্চশিক্ষা [Higher Education] :- প্লেটোৰ মতে যুৱকালতেই উচ্চশিক্ষা আৰম্ভ হ’ব লাগে। উচ্চশিক্ষাৰ বাবে শিক্ষার্থীসকলৰ মনবোৰ প্ৰস্তুত কৰি তোলাৰ পাছতহে গণিত, জ্যামিতি আৰু অন্যান্য প্রাথমিক বিষয়ৰ জ্ঞান দিবলৈ যত্ন কৰিব লাগে।

প্লেটোৰ মতে উচ্চ শিক্ষাৰ লক্ষ্য হ’ল ইন্দ্ৰিয়গ্ৰাহ্য পৃথিৱীৰ লগত মনৰ সংযোগ সাধন আৰু প্ৰকৃত অস্তিত্ব সম্পৰ্কে চিন্তা কৰিবলৈ সক্ষম কৰি তোলা ।

প্লেটোৰ মতে, জ্ঞান আহৰণৰ ক্ষমত। নথকা মন এটাত কোনেও জ্ঞান দিব নোৱাৰে। তেওঁ ভাবে যে কম-বেছি পৰিমাণে জ্ঞান আহৰণৰ সামৰ্থ্য সকলো ব্যক্তিৰে থাকে। সেইবাবে তেওঁলোকৰ সামর্থ্য অনুযায়ী কোনোবাই যিমান ইচ্ছা সিমান শিকিব পাৰে আৰু আন কোনোবাই ইচ্ছা কৰিলেও সাৰ্থকভাৱে শিকিব নোৱাৰে। জ্ঞান আহৰণৰ সমগ্ৰ প্ৰক্ৰিয়াৰ লগতে মন জড়িত হৈ থাকে। গতিকে ইন্দ্ৰিয়গ্ৰাহ্য পৃথিৱীৰ লগত মনৰ সংযোগ সাধন কৰা আৰু প্ৰকৃত অস্তিত্ব সম্পৰ্কে চিন্তা কৰিবলৈ, মানসিক ক্ষমতা বৃদ্ধি কৰাটো উচ্চ শিক্ষাৰ লক্ষ্য বুলি পে-টোৱে মন্তব্য কৰে।

প্লেটোৰ মতে, প্ৰখৰ স্মৃতি আৰু দ্ৰংতভাৱে শিকিব পৰা ক্ষমতা,নম্ৰতা, কমনীয়তা, বন্ধুত্বৰ ক্ষেত্ৰত প্ৰকাশ পোৱা সত্য নিষ্ঠা, ন্যায় পৰায়ণতা, সাহস, সুস্থ মেজাজ, উদাৰতা, বোধগম্যতা আদি গুণসম্পন্ন ব্যক্তিসকলকহে উচ্চ শিক্ষাৰ বাবে নিৰ্বাচিত কৰিব লাগে। তদুপৰি তেওঁলোক আত্মবিশ্বাসী আৰু তেওঁলোকৰ জন্মগত প্রতিভা থাকিব লাগিব তেতিয়াহে তেওঁলোকক শাসক বা অভিভাৱক শ্ৰেণীৰ শিক্ষা দিবলৈ নিৰ্বাচন কৰিব লাগিব ।

শিক্ষাদানৰ পদ্ধতি সম্পৰ্কে প্লেটোৱে মতামত আগবঢ়াইছিল যে শিক্ষাদানত বাধ্যবাধকতা আৰোপ কৰাৰ পৰিৱৰ্তে শিশুৰ বাবে শিক্ষালাভ এক আনন্দৰ বিষয় কৰি তুলিব লাগে। তেনে কৰিলে শিশুৰ স্বাভাৱিক প্ৰৱণতাৰ বিষয়ে অৱগত হ’ব পৰা যায়।

উচ্চশিক্ষাৰ বিষয়বস্তু সম্পৰ্কত প্লেটোৰে এইদৰে মন্তব্য দিয়ে যে উচ্চশিক্ষাৰ মূল বিষয় তর্কবিজ্ঞানলৈ মনটো আগবঢ়াই নিয়াৰ পথত সংখ্যাজ্ঞাত বা অংক, জ্যামিতি, সংগীত বা সুৰবিজ্ঞান আদি বিষয়ৰ অধ্যয়ন, উচ্চশিক্ষাৰ বিষয়বস্তু বা পৰিসৰ হিচাপে পৰিগণিত হ’ব। অৰ্থাৎ প্লেটোৰ উচ্চশিক্ষাত গণিতৰ পৰা দৰ্শনলৈকে বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰাৰ কথা ভবা হৈছিল।

প্লেটোৰ উচ্চশিক্ষাৰ পাঠ্যক্ৰমত কি কি বিষয় অন্তর্ভুক্ত কৰা হ’ব সেই বিষয়েও মন্তব্য আগবঢ়াইছিল। তেওঁৰ পাঠ্যক্ৰমত প্রথম স্থান দিয়া বিষয়টো আৰু তাৰ পাছত ৰখা হৈছিল সংগীতক। এই বিষয়বোৰক তৰ্কবিজ্ঞানৰ বাবে প্ৰস্তুতিমূলক অধ্যয়নৰ বিষয় হিচাপে তেওঁ বিবেচনা কৰিছিল।

প্লেটোৰ মতে সকলো বিষয়ৰ শীৰ্ষস্থানত থাকে বিজ্ঞান। এই বিষয়টো গণিতৰ পৰা আঁতৰাই ৰখা হয়, কাৰণ গণিতবিজ্ঞানৰ ব্যৱহাৰিক কলা হিচাপেহে গণ্য কৰা হয়।

এনেদৰেই এজন দার্শনিক ৰজা বা সৈনিক বা শাসক শ্ৰেণীৰ লোকে অধ্যয়ন কৰিব লগা বিষয়সমূহ প্লেটোৱে নিৰ্ধাৰণ কৰিছিল। 

১৬) প্লেটোৰ শিক্ষা দৰ্শনৰ আঁচনি সম্পৰ্কত এটি সমালোচনাত্মক টোকা লিখা?

উত্তৰঃ প্লেটোৰ শিক্ষা আঁচনিৰ ওপৰত বিভিন্ন শিক্ষাবিদ তথা দার্শনিকসকলে সমালোচনা আগবঢ়াইছে। তেওঁৰ শিক্ষা আঁচনিলৈ লক্ষ্য কৰিলে আমি তলত উল্লেখ কৰা দিশসমূহ দেখিবলৈ পাওঁ।

১) প্লেটোৰ শিক্ষা আঁচনিৰ মূল লক্ষ্য হ’ল জনসাধাৰণক শিক্ষা প্ৰদান কৰাতকৈ প্ৰশাসক শ্রেণী সৃষ্টি কৰা। তেওঁ-ক্ষুধা প্ৰভাৱিত সংখ্যাগৰিষ্ঠ শ্ৰেণীটোৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া নাছিল৷

২) Tailer যে প্লেটোৰ শিক্ষা আঁচনি সমালোচনা কৰি কৈছে যে প্লেটোৰ শিক্ষা আঁচনি কেৱল জ্ঞান সম্পন্ন শ্ৰেণীটোৰ বাবে সীমাবদ্ধ ই গণতান্ত্রিক শিক্ষা আঁচনি হ’ব নোৱাৰে৷

৩) প্লেটোৰ শিক্ষা আঁচনি এজন ব্যক্তিৰ ৩৫ বছৰ বয়সলৈকে চলি থকাতো বিজ্ঞানসন্মত বুলি ক’ব নোৱাৰি৷

৪) প্লেটোৱে তেওঁৰ শিক্ষা আঁচনিৰ উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত অংক শাস্ত্ৰ বা গণিতৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বিপৰীতে সাহিত্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নাছিল।

৫) প্লেটোৱে উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত প্রথম স্থান দিয়া বিষয়টো হৈছে গণিত, আৰু তাৰ পাছত ৰখা হৈছিল সংগীতক। তেওঁ এই বিষয়বোৰক তৰ্কবিজ্ঞানৰ বাবে প্ৰস্তুতিমূলক অধ্যয়নৰ বিষয় হিচাপেহে বিবেচনা কৰিছিল। প্লেটোৰ এনে ধাৰণা গ্রহণযোগ্য নহয়।

৬) প্লেটোৰ শিক্ষা আঁচনি দীৰ্ঘম্যাদী হোৱা বাবে ব্যয়বহুল হৈ পৰিছিল ৷

৭) Sabine এ প্লেটোৰ শিক্ষা আঁচনি সমালোচনা কৰি কৈছে যে প্লেটোৰ শিক্ষা আঁচনি বাস্তৱমুখী আঁচনি নহয় তাৰ পৰিৱৰ্তে ই এটা তত্ত্বমূলক আঁচনিহে। কাৰণ প্লেটোৰ শিক্ষা আঁচনিয়ে দার্শনিক সকলক তাত্বিক জ্ঞানহে দিব পাৰে বাস্তৱ জ্ঞান দিব নোৱাৰে।

৮) প্লেটোৱে সংগীত আৰু কবিতা শিক্ষা পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰাৰ আগতে ৰাষ্ট্ৰৰ দ্বাৰা অনুমোদিত হব লাগিব বুলি কৈছিল। তেওঁৰ মতে সংগীত আৰু কবিতাই ৰাষ্ট্ৰ ঐক্য আৰু স্বাৰ্থত ব্যাঘাত জন্মাব পাৰে। তেওঁৰ এনে ধাৰণা গ্রহণযোগ্য নহয়।

৯) প্লেটোৰ শিক্ষা আঁচনিৰ মূল লক্ষ্য আছিল এজন আদর্শ দার্শনিক সৃষ্টি কৰা, আদর্শ ব্যক্তি নহয়৷ প্-েটোৱে শিক্ষাৰ মাধ্যমেৰে সৃষ্টি কৰিব খোজা এই আদর্শ দর্শনিক শ্ৰেণীটোৰ হাতত ৰাষ্ট্ৰ শাসন কাৰ্যৰ দায়িত্ব অৰ্পন কৰিলে তেওঁলোকে কিমানদূৰ কৃতকার্যতাৰে ৰাষ্ট পৰিচালনাৰ গধুৰ দায়িত্ব বহন কৰিব পাৰিব তাতো সন্দেহৰ অৱকাশ আছে।

১০) প্লেটোৰ শিক্ষা আঁচনি সমালোচনা কৰি Tailer যে এনেদৰে মন্তব্য দাঙি ধৰিছিল যে প্লেটোৰ শিক্ষা আঁচনি এক বিশেষ শ্ৰেণীৰ নাগৰিক সৃষ্টি কৰিবলৈহে প্ৰস্তুত কৰা হৈছে। শিক্ষা আৰু ব্যক্তিৰ মাজত থকা সম্পর্ক তেওঁ উপলব্ধি কৰা নাছিল।

১১) প্লেটোৱে সকলোৰে বাবে একে শিক্ষাৰ পক্ষপাতী নাছিল। তেওঁ শিক্ষাৰ যোগেদি শাসক বা দার্শনিক শ্ৰেণী, সৈনিক বা দেশৰক্ষক শ্ৰেণী আৰু শ্ৰমিক শ্ৰেণী (য’ত কৃষক, বনুৱা, শিল্পী আদিক অন্তভুর্ত কৰা হয়) আদি তিনিবিধ নাগৰিক সৃষ্টি কৰিবলৈ বিচাৰিছিল। তেওঁ দার্শনিক বা শাসকসকলক সমাজত উচ্চ স্থান দি সমাজত শ্ৰেণী বিভাজনৰহে সৃষ্টি কৰিছিল। এনে শ্রেণীবিভাজনে ৰাষ্ট্ৰৰ ঐক্য বিনষ্ট

প্লেটোৰ শিক্ষা আঁচনিৰ ওপৰত বিভিন্নজনে বিভিন্ন ধৰণেৰে সমালোচনা আগবঢ়ালেও প্লেটোত শিক্ষা আঁচনি সম্পূৰ্ণৰূপে অযুক্তিকৰ আৰু মূল্যহীন বুলি ক’ব নোৱাৰি। কাৰণ প্লেটোৰ পৰৱৰ্তী সময়ত বহুতো দার্শনিক তেওঁৰ আঁচনিৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল আৰু তেওঁৰ শিক্ষা দৰ্শনৰ ওপৰত ভিত্তি কৰি আধুনিক শিক্ষা আঁচনি প্ৰস্তুত কৰিছিল।

১৭) বৰ্তমানৰ শিক্ষা ব্যৱস্থাত ৰুছোৰ প্ৰভাৱ বৰ্ণনা কৰা?

উত্তৰঃ প্রকৃতিবাদী দার্শনিক, শিক্ষাবিদ ৰুছোৱে সমগ্ৰ পৃথিৱীলৈ তেওঁৰ বিপ্লৱী চিন্তাধাৰাৰ প্ৰভাৱ এৰি থৈ গৈছে। তেওঁ প্ৰকৃতিবাদী দৰ্শন উদ্ভাৱনৰ জড়িয়তে শিক্ষা জগতলৈ শিক্ষাৰ এটা বিশেষ ধাৰা বোৱাই থৈ গ’ল ৷

আমি যদি বৰ্তমানৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰোঁ তেতিয়া দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত বিভিন্ন শৈক্ষিক কর্মসূচী প্রকৃতিবাদ দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈ পৰিছে। প্ৰকৃতিবাদ দৰ্শনে বৰ্তমানৰ ভাৰতৰ শিক্ষাত নৱ-মূল্যায়নৰ পৰিবেশ গঢ়ি তুলিছে। প্রাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাত যি কঠোৰ দমন আৰু অনুশাসন নীতিৰ প্ৰচলন আছিল বৰ্তমান যুগত তাৰ অসাৰতা বৰ্তমানৰ ভাৰতীয় শিক্ষা ব্যৱস্থাই অনুভৱ কৰি উঠিছে। বর্তমান শিশুক এক মুক্ত, স্বাভাৱিক আৰু স্বতঃস্ফুর্ত পৰিবেশ প্ৰদানৰ প্ৰৱণতাই আমাৰ দেশত গা কৰি উঠিছে। এয়া যেন ৰুছ’ৰ প্ৰকৃতিবাদ দৰ্শনৰে প্ৰত্যক্ষ প্ৰভাৱ।

বৰ্তমান শিক্ষাৰ ওপৰত ৰুছ’ৰ প্ৰকৃতিবাদৰ প্ৰভাৱ সম্পৰ্কে ফঁহিয়াই চাবলৈ হ’লে তলৰ দিশবোৰলৈ মনোনিবেশ কৰিব লাগিব।

১) শিশুকেন্দ্রিক শিক্ষাঃ

ৰুছোৱে শিশুকেন্দ্ৰিক শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল। ৰুছৰ শিক্ষা ব্যৱস্থাত শিশুক শিক্ষা ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰি শিশুক মানুহ কৰাৰ উপায় শিকাই থৈ গ’ল। ৰুছ’ৰ শিক্ষানীতিৰ এশ শতাংস বৰ্তমান সমাজৰ কাৰণে গ্রহণযোগ্য নহ’লেও তেওঁৰ নীতিৰ আধাৰত গঢ়ি উঠা শিশু শিক্ষা পদ্ধতিৰ জনপ্ৰিয়তাই প্রমাণ কৰে যে এই শিক্ষাবিদজনৰ অৰিহণাৰ ওপৰতে আধুনিক শিশুকেন্দ্রিক শিক্ষা ব্যৱস্থাত পৰীক্ষা-নিৰীক্ষা চলাই থকাৰ সুবিধা হৈছে। আধুনিক শিক্ষা ব্যৱস্থাত শিক্ষাক শিক্ষককেন্দ্রিক নহৈ শিশুকেন্দ্ৰিক হোৱাৰ ওপৰত গুৰুত্ব দিয়া হয়।

বর্তমান শিক্ষা ব্যৱস্থাতো শিশুৰ ৰুচি-অভিৰুচি, আগ্রহ, সামৰ্থ, আৰু সেইমতে শিক্ষা প্ৰদান কৰা হয়।

২) কর্ম-ভিত্তিক পাঠ্যক্রমঃ

ৰুছোৱে শিশুক কৰ্মভিত্তিক পাঠ্যক্ৰমৰ মাজেৰে অভিজ্ঞতা আহৰণৰ ওপৰত গুৰুত্ব দিছিল। ৰুছোৰ মতে প্রবৃত্তিৰ দ্বাৰা প্ৰভাৱিত হৈ শিশুৱে কিছুমান ক্রিয়া বা কামত প্রবৃত্ত হয়, যাৰ দ্বাৰা তেওঁলোকে প্রত্যক্ষ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হয়। শিশোৱে নিজ ইচ্ছামতে কামত আত্মনিয়োগ কৰি বাস্তৱ আৰু স্থায়ী অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হয় ৷ সেইবাবে ৰুছোৰ মতে শিশুৰ শিক্ষাদান পদ্ধতি কর্মভিত্তিক হোৱা প্ৰয়োজন৷ ৰুছোৰ এই শিক্ষাদান পদ্ধতিয়ে আধুনিক শিক্ষা জগতত এক বিশেষ স্থান অধিকাৰ কৰিছে। আধুনিক শিক্ষা ব্যৱস্থাতো এই কৰ্মকেন্দ্রিক পাঠ্যক্ৰমৰ প্ৰভাৱ দেখা যায়।

৩) শিক্ষাত মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰয়োগঃ শিশু শিক্ষাত মনোবৈজ্ঞানিক নীতি প্রয়োগৰ সফল পৰীক্ষা কৰি ৰুছ’ই আধুনিক শিক্ষা ব্যৱস্থা তথা শিক্ষাব্দি সকললৈ শিক্ষাক মনোবিজ্ঞানকৰণৰ পথ মুকলি কৰি থৈ গ’ল। ৰুহোবে ব্যক্তিগত পার্থক্য, কৰ্মৰ জড়িয়তে শিক্ষা, খেলাৰ মাধ্যমেৰে শিক্ষা, ছাত্ৰৰ স্বাভাৱিক আগ্ৰহ আৰু গুণাৱলীৰ বিকাশ আদিৰ দৰে মনোবৈজ্ঞানিক দিশবোৰ শিক্ষা ব্যৱস্থাত প্ৰয়োগ কৰি শিশুকেন্দ্রিক শিক্ষা গঠনত বিশেষ বৰঙনি যোগায় ৰুছোৰ এনে দৃষ্টিভংগীয়ে শিক্ষাৰ প্ৰচলিত ভাৱধাৰালৈ আমূল পৰিৱৰ্তন আমনিলে । ৰুছোৰ মতে, ল’ৰালিকালটো চিত্তত প্ৰক্ৰিয়া আৰু অনুভৱৰ লগত নিমিলে, সেয়ে তেনে এটা প্রক্রিয়াক সলনি কৰিবলৈ যোৱাটো মূৰ্খামি হ’ব৷ সেয়ে শিক্ষাত ছাত্ৰৰ বয়স, প্রয়োজনীয়তা, ইচ্ছা, আগ্রহ, অভিপ্রায়, প্রবৃত্তি, সামৰ্থ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবই লাগিব। বৰ্তমান শিক্ষা ব্যৱস্থাতো শিশুৰ এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিহে শিক্ষাদান কৰা হয়। বৰ্তমান শিক্ষা ব্যৱস্থাত শিশুৰ ব্যক্তিগত পার্থক্যৰ ভিত্তিত শিক্ষাদান কৰা হয় ৷ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো শিশুৰ বয়স আৰু সামৰ্থলৈ লক্ষ্য ৰাখিতে প্ৰস্তুত কৰা হয়।

৪) শিক্ষাৰ সামাজিক গুৰুত্ব :- শিক্ষাত অন্তর্ভুক্ত কৰাত গুৰুত্ব আৰোপ কৰিছিল। ৰুছোৰ এনে দৃষ্টিভংগীয়ে বৰ্তমান শিক্ষা ব্যৱস্থালৈ পৰিৱৰ্তন অনাৰ লগতে ইয়াৰ ফলত শিক্ষাত সামাজিক দিশটোক সংযোজিত কৰা হ’ল। ৰুছোৰ শিক্ষা ব্যৱস্থাত শিশুৰ সামাজিক, নৈতিক ব্যক্তিত্বৰ বিকাশ কৰাটো এটা গুৰুত্বপূৰ্ণ দিশ। বর্তমান শিক্ষা ব্যৱস্থাত সামাজিক শিক্ষা এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে গ্ৰহণ কৰা হয় আৰু বৰ্তমান শিক্ষাৰ উদ্দেশ্য হৈছে শিশুৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন।

৫) খেলা-ভিত্তিক শিক্ষা পদ্ধতি :- ৰুছোৱে সমৰ্থন কৰা খেলাভিত্তিক শিক্ষা পদ্ধতিক আধুনিক শিক্ষাবিদসকলে গ্ৰহণ কৰা দেখা গৈছে। খেলা-ধূলাৰ মাজেৰে উপভোগ কৰা স্বাধীনতা, আনন্দ, স্বতঃফ’ততাই শিশুৰ স্বাভাৱিক বিকাশত বিশেষ ভাৱে সহায় কৰে। সেয়ে বর্তমান শিক্ষা ব্যৱস্থাত শিশু শিক্ষাৰ কাৰ্যকৰী খেলাভিত্তিক পদ্ধতি; যেনে – কিণ্ডাৰ গাৰ্ডেন পদ্ধতি আৰু মন্টেছৰী পদ্ধতিয়ে বিশ্ব দৰবাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

৬) বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষা :- ৰুছোৱে কৈশোৰ কালৰ শিক্ষাত এনে একোটা বৃত্তিৰ প্ৰশিক্ষণ দিয়াৰ বিকাশৰ সুবিধা দিয়াৰ লগতে ভৱিষ্যতে আত্মনিৰ্ভৰশীল হোৱাও সহায় কৰে। বৰ্তমান শিক্ষা ব্যৱস্থাতো বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

১৮) ৰছ’ৰ জীৱন পৰিচয় চমুকৈ লিখা। 

Write briefly about the life sketch of Rousseau.

উত্তৰঃ ফ্ৰান্সৰ বিখ্যাত দার্শনিক ৰুছ’ৰ জন্ম হৈছিল ১৭১২ খ্ৰীষ্টাব্দৰ ২৮ জুন তাৰিকে চুইজাৰলেণ্ডৰ জেনেভা চহৰৰ এক মধ্যবিত্ত পৰিয়ালত ৷ তেখেতৰ পিতৃৰ নাম আছিল আইজাক ৰুছ’ । তেওঁ পেচাত এজন ঘড়ী মেকানিক আছিল।। ৰছ’ৰ মাতৃৰ নাম আছিল চুজান বানাৰ্ড ৰুছ’।

ৰুছ’ৰ ৯ মাহ বয়সতে মাকৰ অকাল মৃত্যু ঘটে। মাতৃ বিয়োগৰ পিছত বৰ্মাকে তেওঁক লালন-পালন কৰিছিল। ৰুছোৰ বৰমাকৰ নামে। আছিল চুজান। ৰুছ’ৰ পাঁচ বছৰ বয়সতে দেউতাকে তেওঁক মাক চুজানে লিখা দুঃসাহসিক কাহিনী থকা গল্প পঢ়ি শুনাইছিল আৰু ৰুছ’কো পঢ়িবলৈ উৎসাহ দিছিল।

ৰুছোৰ দেউতাক এজন অস্বাভাৱিক প্ৰকৃতিৰ লোক আছিল। এজন ওচৰ-চুবুৰীয়াক আক্ৰমণ কৰি শাস্তি পোৱাৰ ভয়ত জেনেভা চহৰৰ পৰা পলাই ফুৰিব লগা হোৱাত ওচৰ চুবুৰীয়াৰ তত্ত্বাৱধানত ৰুছ’ ডাঙৰদীঘল হৈছিল। ৰুছোৰ শিক্ষা আহৰণৰ প্ৰতি প্ৰচণ্ড আগ্রহ থকাৰ বাবে তেওঁৰ সম্বন্ধীয় খুৰাকে

বছি নামৰ এখন প্ৰাথমিক স্কুলত নামভৰ্ত্তি কৰাই দিছিল যদিও কিছুদিনৰ পিছত স্কুলৰ পৰা আনি এজন কাৰিকৰৰ অধীনত কামত নিয়োগ কৰাইছিল ৷ এই কাৰিকৰজনৰ অধীনত কাম কৰা বাদ দি ৰুছো ১৬ বছৰ বয়সত পুনৰ জেনেভা চহৰলৈ ঘূৰি আহে আৰু পুনৰ উপার্জনমুখী কামত নিয়োগৰ প্ৰচেষ্টা চলাইছিল যদিও চাৰিত্ৰিক দোষত কতো সুখী হ’ব পৰা নাছিল।

১৭২৮ চনৰ ১৪ মাৰ্চত ৰুছ’ কেথলিক ধর্ম শুৰু এজনৰ পৰামৰ্শক্রমে মাডাম – ডি – ওৱাৰ্নেচ নামৰ এগৰাকীৰ সংস্পৰ্শলৈ আহে। তেওঁৱেই ৰুছক সাহিত্য জগতৰ প্ৰতি আকৃষ্ট কৰালে। এই মহিলাগৰাকীৰ সহায়ত ৰুেেছাৱে সংগীত চৰ্চাৰ লগতে লেখা-পঢ়া কৰাৰ সুবিধা লাভ কৰিছিল। মহিলাগৰাকী ৰুছোতকৈ বয়সত ডাঙৰ আছিল যদিও ৰুছোৱে তেওঁক ভাল পাবলৈ আৰম্ভ কৰিছিল। ১৭৩৭ চন পর্যন্ত ৰুছো এই মহিলাগৰাকীৰ লগতে আছিল। ১৭৪৩ চনত জেনেভা চহৰৰ পৰা গৈ ভেনিচ চহৰত থকা ফৰাচী ৰাষ্ট্ৰদূতৰ সচিব হিচাপে নিযুক্ত হৈ ছিল যদিও নিজৰ দোষৰ কাৰণে এবছৰ নৌহওঁতেই পদৰ পৰা অপসাৰিত হ’ব লগা হৈছিল। ইয়াৰ পিছত তেওঁ পুনৰ পেৰিছ চহৰলৈ ঘূৰি আহি এখন হোটেল খুলিছিল আৰু তাত কাম কৰা এগৰাকী মহিলাৰ লগত বিবাহ পাশত আৱদ্ধ হয়। ৰুছে। পাঁচটা ল’ৰা-ছোৱালীৰ পিতৃ হোৱাৰ স্বত্বেও সামৰ্থহীনতাৰ বাবে সিহঁতক অনাথ আশ্ৰমত অৰ্পণ কৰি তেওঁ পুনৰ অঘৰী জীৱন-যাপন কৰিবলৈ ধৰিছিল।

১৭৪৯ চনৰ শেষ ভাগৰ পৰা ৰুছোৰ জীৱনৰ গতিবেগ ক্ৰমাত সলনি হ’বলৈ ধৰিছিল। কালক্ৰমত তেওঁ এজন বিখ্যাত লেখক হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ ৰাজনীতি, সমাজনীতি আৰু শিক্ষানীতিৰ ওপৰত কেইবাখনো গ্রন্থ লিখি উলিয়ায়। ১৭৫০ চনত অৰ্থাৎ তেওঁৰ ৩৮ বছৰ বয়সত ‘Discourse on the Arts and Science” নামৰ প্ৰথমখন গ্রন্থ লিখে। এই গ্রন্থত সেইসময়ৰ সমাজৰ দমন আৰু দুৰ্নীত্তি কঠোৰভাৱে সমালোচনা কৰা হয়। তেওঁ, এই সামাজিক দুৰ্নীতিৰ কাৰণ হিচাপে বিজ্ঞানৰ অগ্ৰগতি বুলি প্ৰতিপন্ন কৰিবলৈ বিচাৰিছিল।

ৰ’ছৰ দ্বিতীয়খন গ্ৰন্থ ‘The Origin of Inequality Among Men’ প্রকাশ পায় ১৭৫৫ চনত। এইখন গ্ৰন্থতো ৰুছ’ই মানুহৰ মাজৰ বৈষম্যৰ কাৰণ আধুনিক সভ্যতাৰ অগ্ৰগতি বুলি বৰ্ণনা কৰিছে।

১৭৬৯ চনত ৰুছই ‘La Nouvelle Heloise’ নামৰ শিশু শিক্ষাৰ সম্পৰ্কীয় এখন গ্ৰন্থ ৰচনা কৰে। এই গ্ৰন্থত শিশুৰ বাবে ঘৰুৱা শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা হৈছে। ৰুছ’ৰ মতে কৃষকসকলৰ ল’ৰা-ছোৱালীয়ে ঘৰত থাকি মুকলি আকাশৰ তলত শীতকালি শীত আৰু গৰম কালি তাপৰ প্ৰভাৱ পাই স্বাস্থ্যৱান হৈ পৰে। তেওঁলোকে বতৰৰ লগত খাপ খাব পৰা হৈ উঠে আৰু প্ৰাকৃতিক পৰিবেশৰ লগত সমাযোজন কৰি জীয়াই থাকিবলৈ যত্ন কৰোঁতে অধিক শক্তিশালী হৈ উঠে। এই গ্ৰন্থখনত ৰুছ’ই শিশুকালৰ শিক্ষা সম্পৰ্কত বিশেষ গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ মতে শিশোৱে ভালকৈ বুজা নোহোৱালৈকে এজন ঘৰুৱা শিক্ষকৰ তত্ত্বাৱধানত শিক্ষা পোৱা উচিত। তাৰ আগতে প্রত্যেক শিশোৱে মাকৰ তত্ত্বাৱধানত শিক্ষা পোৱা উচিত। ল’ৰাক এজন ঘৰুৱা শিক্ষকৰ তত্ত্বাৱধানত আৰু ছোৱালীক এগৰাকী ঘৰুৱা শিক্ষয়িত্ৰীৰ তত্ত্বাৱধানত ৰখাৰ আগলৈকে ল’ৰা আৰু ছোৱালীক একেলগে একেধৰণৰ শিক্ষা দিব লাগে। ঘৰুৱা শিক্ষক আৰু শিক্ষয়িত্ৰীয়ে ল’ৰাক ল’ৰাৰ বাবে উপযোগী আৰু ছোৱালীক ছোৱালীৰ বাবে উপযোগী শিক্ষা দিব লাগে।

১৭৬২ চনত ৰুছই “Social Contract’ নামৰ ৰাজনীতি বিষয়ক এখন গ্রন্থ লিখে। প্রায় একে সময়তে তেওঁ “The Consideration on the Government of Poland” নামৰ আন এখন ৰাজনৈতিক বিষয়ৰ কিতাপ লিখিছিল য’ত ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰিছে।

১৭৬২ চনত লিখা ৰুছ”ৰ আন এখন বিখ্যাত গ্রন্থ হ’ল “এমিল”। এইখন সম্পৰ্ণ শিক্ষা বিষয়ক গ্রন্থ। কিতাপখনৰ মূল পুৰুষ চৰিত্ৰ হ’ল ‘Emile’ । Emile ৰ শৈশৱ কৈশোৰ আৰু বিবাহিত জীৱনৰ সংগী D.B.S.

Answer Bank of 3rd sem. Education ( EDNH301)

নির্বাচনলৈকে ল’বলগীয়া শিক্ষা সম্পর্কে এই গ্ৰন্থখনত আলোচনা কৰা হৈছে। ইয়াত Emeil ৰ সহধমিনী Sophy ৰ বাবে কেনেধৰণৰ শিক্ষা হ’ব লাগে সেই সম্পর্কেও ব্যাখ্যা কৰিছে। এই গ্ৰন্থৰ দ্বাৰা পুৰুষ আৰু মহিলাৰ বাবে বেলেগ শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথাও আলোচনা কৰা

Email গ্ৰন্থখনত ৰুছোৱে প্ৰকৃতিবাদৰ আধাৰত শিক্ষা ব্যৱস্থাৰ এক বিশদ বর্ণনা আগবঢ়োৱাইছে। ৰুছোক প্ৰকৃতিবাদী দৰ্শনৰ মুখ্য পৃষ্ঠপোষক বুলি কোৱা হয়।

১৭৭৮ চনৰ ২ জুলাই তাৰিখে এইগৰাকী ফৰাচী চিন্তাবিদ পৰলোকগামী হয়।

১৯) ৰুছ’ৰ প্ৰকৃতিবাদৰ বিষয়ে লিখা। ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

Write the concept of Rousseau’s Naturalism. Discuss its various characteristics.

উত্তৰঃ প্রকৃতিবাদী দৰ্শনৰ মুখ্য পৃষ্ঠপোষক ৰুছ’ই তেওঁৰ বিখ্যাত গ্ৰন্থ ‘Emile’ ৰ যোগেদি তেওঁৰ প্ৰকৃতিবাদৰ আধাৰত শিক্ষাৰ এক বিশদ বর্ণনা আগবঢ়াইছে। শিশুৰ প্ৰকৃতি অনুযায়ী শিক্ষাৰ পোষকতা কৰি ৰুছই শিক্ষাত মনোবিজ্ঞানৰ প্ৰভাৱ সম্পর্কেও আলোকপাত কৰিছে।

ৰুছ’ৰ মতে মানুহ হৈছে প্ৰকৃতিৰ অৱদান । সেইবাবে মানুহৰ বিকাশো প্ৰকৃতিৰ নিয়মমতেই হ’ব লাগিব বুলি তেওঁ বিশ্বাস কৰে। গতিকে শিশুৰ শিক্ষা, প্ৰকৃতিৰ নিয়মেৰে হ’ব লাগিব বুলিয়েই ৰুছ’ই বিশ্বাস কৰে। তেওঁৰ মতে প্ৰকৃতিৰ পৰা শিশোৱে লাভ কৰা শিক্ষাহে প্রকৃত শিল্যা। মানুহৰ পৰা যি শিক্ষা লাভ কৰা হয়, সেই শিক্ষাৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ আছে। কিন্তু প্ৰকৃতিৰ পৰা যি শিক্ষা লাভ কৰা হয়, সেই শিক্ষা আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। ৰুছ’ৰ মতে মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত থকা শক্তিখিনিয়েই প্রকৃতি । তেওঁৰ মতে সমাজখন প্রাকৃতিক নহয়, ই মানুহে পাতি লোৱা এক কৃত্রিম ব্যৱস্থা। যিবোৰ প্ৰাকৃতিক সেইবোৰেই সৎ আৰু যিবোৰ কৃত্রিম সেইবোৰেই অসৎ। গতিকে প্রকৃতি আৰু সমাজৰ মাজত বিৰোধ আছে বুলি তেওঁ বিশ্বাস কৰে।

সেয়ে প্রাকৃতিক নিয়মেৰে শিক্ষা দিয়াত গুৰুত্ব আৰোপ কৰি ৰুছ’ই শিশু ওপৰত সমাজৰ প্ৰভাৱ অস্বীকাৰ কৰিছে। তেওঁ সমাজবিহীন শিক্ষাৰ যোগেদি নেতিবাচক শিক্ষাৰ পোষকতা কৰিছে যি শিক্ষা শিশুকালৰ বাবে প্ৰয়োজন । তেওঁৰ নেতিবাচক শিক্ষা অনুযায়ী শিশুক প্ৰকৃতিৰ বুকুত, প্ৰকৃতিৰ নিয়মেৰে শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে। ৰুছোৰ মতে শিশুৰ শিক্ষা প্ৰকৃতিৰ উদাৰ আৰু সাৱলীল প্ৰভাৱৰ দ্বাৰাহে সম্ভৱপৰ হয়। সেয়ে তেওঁৰ মতে শিক্ষকৰ প্ৰধান দায়িত্ব হৈছে শিশুৰ প্রকৃতি অধ্যয়ন কৰা আৰু সেই প্রকৃতি অনুসৰি শিক্ষাদান কৰি শিশুৰ অন্তনিহিঁত শক্তি আৰু সম্ভাৱনীয়তাসমূহৰ মুক্ত আৰু স্বতঃস্ফূৰ্ত বিকাশ সাধন কৰা ৷ শিক্ষাৰ আঁচনি প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো শিশুৰ ৰুচি-অভিৰুচি, ইচ্ছা-অনিচ্ছা আদিৰ ওপৰত অধিক গুৰুত্ব দি প্ৰস্তুত কৰিব লাগে। শিশুৰ সৃপ্ত প্রতিভাসমূহৰ মুক্ত আৰু স্বতঃস্ফূৰ্ত বিকাশৰ বাবে ৰুছোৱে ‘প্ৰকৃতিৰ বুকুলৈ ঘূৰি যোৱা’ বা ‘শিশুৰ প্ৰকৃতি অধ্যয়ন কৰা’- নীতি গ্ৰহণ কৰিছিল।

ৰুছ’ৰ এই নেতিবাচক বা সমাজবিহীন শিক্ষা শিশুকালৰ বাবেহে । শিশু এটা ডাঙৰ হৈ সমাজত থাকিব লাগিব,গতিকে কৈশোৰ কালৰ পৰাই সমাজৰ লগত সমাযোজন কৰিবৰ বাবে নৈতিক আৰু সামাজিক শিক্ষাৰ প্ৰয়োজন হ’ব বুলি ৰুছ’ই উপলব্ধি কৰিছিল। ৰুছ’ৰ মতে প্ৰকৃতিৰ নিয়মবোৰ হ’ল যুক্তিপূৰ্ণ । প্ৰকৃতিৰ নিয়মেৰে চলাৰ অৰ্থ হ’ল যুক্তিৰ আধাৰত চলা। যি ব্যক্তিয়ে নিজৰ বিবেকৰ বাধ্য হৈ চলে তেঁৱেই প্ৰকৃতিৰ নিয়মেৰে চলা ব্যক্তি। কাৰম বিবেক মানেই হ’ল যুক্তি। ৰুছ’ৰ মতে বিশ্বৱন্মাণ্ডৰ সকলো বস্তুৱেই প্ৰকৃতিৰ নিয়ম মানি চলে। সৌৰজগতৰ গ্ৰহ-নক্ষত্র, পৃথিৱীৰ নদ-নদী, পৰ্বত-পাহাৰ, জীৱজক্ত সকলোবোৰ প্ৰকৃতিৰ নিয়মতে চলে৷ পথাৰত চৰি ফুৰা ভেড়াটো, আকাশত উৰি ফুৰা চৰাইটো, বতাহে কঁপাই থকা গছ-পাতটো আৰু অ’ত-ত’ত পাৰি থকা শিলটো –ঞ্চএই সকলোবোৰেই প্ৰকৃতিৰ নিয়ম মানি বিশ্বব্রহ্মাণ্ডখন চলি থকাত অৰিহণা যোগাইছে। মানুহে ইয়াৰ পৰা শিক্ষা লোৱা উচিত।

২০) ৰুছ’ৰ মতে, শিক্ষকৰ ভূমিকা কি হোৱা উচিত?

উত্তৰঃ ৰছ’ই শিশুৰ শিক্ষাত শিক্ষকে প্রত্যক্ষ ভূমিকা পালন কৰাতকৈ পৰোক্ষ ভূমিকা পালন কৰাটোতহে গুৰুত্ব আৰোপ কৰিছিল। যিহেতু শিশোৱে পঢ়িবৰ বাবে পাঠ্যপুথি নাথাকে, প্রকৃতিৰ প্ৰত্যক্ষ অভিজ্ঞতাৰে শিশোৱে জ্ঞান আহৰণ কৰিব আৰু শিক্ষকে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব। ৰছোৱে শিশুক অবাধ আৰু মুক্ত স্বাধীনতা প্ৰদান কৰি আত্ম পৰিচালিত হ’বৰ বাবেহে উৎসাহিত কৰে সেইবাবে শিক্ষকে ইয়াত কোনোধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। তেওঁ শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকাৰ বিৰোধিতা কৰিছিল। তেওঁৰ মতে শিশু জন্মতে লিস্কলুষ আৰু ভাল হৈয়ে জন্ম গ্ৰহণ কৰে কিন্তু সিহঁত ডাঙৰ হৈ অহাৰ লগে লগে বয়স্কসকলে জাপি দিয়া দর্শন, চিন্তা, আচৰণ, নীতি নিয়ম আদিৰ প্ৰভাৱত পৰিহে বেয়া হ’বলৈ শিকে এনেক্ষেত্ৰত শিশুৰ নিজস্ব ব্যক্তিগত সত্তাৰ বিকাশত বাধা আহি পৰে। সেইবাবে শিশুক সুস্থ পৰিবেশৰ সৃষ্টি কৰি আত্ম-পৰিচালিত কাৰ্যাৱলীৰ মাধ্যমেৰে অভিজ্ঞতা আৰু জ্ঞান আহৰণৰ বাবে সহায় কৰাটো শিক্ষকৰ দায়িত্ব হ’ব লাগে।

কছোৰ মতে শিক্ষকে শিক্ষার্থীক প্রয়োজনীয় পৰিবেশ আৰু শিক্ষামূলক উপাদানৰ নিৰ্বাচন কৰি, শিক্ষাৰ্থীৰ আচৰণৰ সংশোধন কৰাত সহায় কৰিব লাগে। শিক্ষকে শিক্ষাৰ্থীৰ আত্ম শিক্ষা আৰু আত্মক্ৰিয়াৰ বাবে উপযুক্ত পৰিবেশ ৰচনা কৰাটো শিক্ষকৰ প্ৰধান ভূমিকা হ’ব লাগে।

ৰুছোৰ মতে শিক্ষকে শিশু বা শিক্ষার্থীক পৰোক্ষভাৱে দূৰৰ পৰাহে পৰিচালনা কৰিব লাগে। শিক্ষকে শিশুৰ আত্মশিক্ষাৰ বাবে প্ৰয়োজনীয় পৰিবেশ ৰচনা কৰি প্ৰয়োজনীয় সকলো সজুঁলি আৰু সুযোগ সুবিধা প্ৰদান কৰিব লাগে ৷ তেওঁ শিক্ষাৰ্থীৰ ওপৰত শিক্ষকৰ পৰা পূৰ্ব নিৰ্ধাৰিত আদৰ্শ, মূল্যবোধ, আচৰণ আদিৰ প্ৰভাৱ পৰাটোক সমৰ্থন নকৰে।

এনেদৰে ৰহোৱে শিক্ষাত শিক্ষকে পৰোক্ষ ভূমিকা পালন কৰাটোতহে গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে শিশোৱে পৰিৱেশৰ পৰা জ্ঞান আয়ত্ত কৰিব আৰু শিক্ষকে জ্ঞান আহৰণৰ পথ দেখুৱাই দিব।

২১) ৰুছ’ৰ নেতিবাচক শিক্ষাৰ বিষয়ে আলোচনা কৰা। 

Discuss about Negative Education of Rousseau.

উত্তৰঃ ৰুছোৱে তেওঁৰ বিখ্যাত গ্রন্থ এমিলত নেতিবাচক শিক্ষা সম্পর্কে বিস্তৃতভাৱে আলোচনা আগবঢ়াইছে। তেওঁ শিশুক প্রাকৃতিক নিয়মেৰে শিক্ষা দিয়াত গুৰুত্ব আৰোপ কৰি শিশুৰ ওপৰত সমাজৰ প্ৰভাৱ অস্বীকাৰ কৰিছে। তেওঁ সমাজবিহীন শিক্ষাৰ যোগেদি নেতিবাচক শিক্ষাৰ পোষকতা কৰিছে, যি শিক্ষা শিশুকালৰ বাবে প্ৰয়োজন বুলি তেওঁ উপলব্ধি কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে গতানুগতিক শিক্ষাত শিশুক অপৈণত অৱস্থাত শিকোৱা জটিল আৰু গধুৰ বৌদ্ধিক বিষয়সমূহ শিকোৱাৰ পৰিৱৰ্তে শিশুক প্রাকৃতিক পৰিবেশত প্রাকৃতিক কার্যকলাপৰ জড়িয়তে শিকাৰ ওপৰত গুৰুত্ব দিব লাগে। তেতিয়াহে শিশুৱে বাস্তৱ অভিজ্ঞতা লাভ কৰিব। ৰুছ’ৰ মতে সৃষ্টিৰূপী প্ৰকৃতিৰ হাতৰ পৰা যি আহে এই সকলোবোৰ সুন্দৰ,নিস্কলুষ আৰু পবিত্ৰ । গতিকে শিশুৰ প্ৰথম জীৱনৰ শিক্ষা হ’ব নেতিবাচক শিক্ষা । ৰুছ’ৰ মতে, এই শিক্ষাকালত শিশুক কোনোধৰণৰ সৎগুণ বা সত্য সম্পৰ্কে শিকোৱা নহ’ব। কেৱল শিশুৰ মন যাতে বেয়াৰ ফালে যাব নোৱাৰে, শিশোৱে যাতে কোনো ধৰণৰ ভুল কৰিব নোৱাৰে সেই দিশত সতৰ্ক দৃষ্টি ৰখাই হ’ব এই সময়ছোৱাৰ শিক্ষাৰ মূল উদ্দেশ্য। শিশুৰ সমগ্ৰ শিক্ষা তাৰ প্ৰকৃতি, সহজাত শক্তি আৰু স্বাভাৱিক আগ্ৰহৰ মুক্ত বিকাশৰ মাজেদিয়েই সম্ভৱ হ’ব৷ তেওঁৰ শিক্ষানুষ্ঠানৰ মাধ্যমেৰে কঠোৰ নীতি নিয়মৰ মাজেৰে দিয়া শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা নাছিল। তেওঁৰ মতে শিশুৰ স্বাভাৱিক বিকাশত এনে শিক্ষা ব্যৱস্থাই কোনো সহায় নকৰে।

ৰুছ’ৰ মতে শিশুসকলে তিনিটা দিশৰ পৰা জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়। এই তিনিটা দিশ হ’ল ণ্ঠ প্রকৃতি, মানুহ আৰু বহিঃজগত। এই তিনিওটা দিশৰ মাজত যদি পূৰ্ণ সামঞ্জস্য নাথাকে, তেতিয়া হলে ব্যক্তিৰ শিক্ষা পূৰ্ণ হ’ব নোৱাৰে ৰুছ’ৰ এই শিক্ষানীতি সর্বজনগৃহীত নহ’লেও তেওঁ শিক্ষানীতিৰ আধাৰতে বৰ্তমানৰ শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ পৰীক্ষা-নিৰীক্ষা চলাবলৈ সহজ হ’ল বুলি অনুমান কৰিব পৰা যায়।

২২) ৰুছ’ৰ নেতিবাচক শিক্ষাৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। 

Explain the characteristics of Negative Education of Rousseau.

উত্তৰঃ ৰুছ’ৰ নেতিবাচক শিক্ষাৰ বৈশিষ্ট্যবোৰ হ’ল—

ক) শিশুৰ সৰ্বাংগীণ স্বাধীনতা :- ৰুছ’ৰ নেতিবাচক শিক্ষাৰ প্ৰধান বৈশিষ্ট্য হ’ল –ঞ্চ শিশুৰ সৰ্বাংগীণ স্বাধীনতা। শিশুক নিজৰ চাহিদামতে  কাম কৰাত কোনো ধৰণৰ বাধা আৰোপ কৰিব নালাগিব। কৃত্রিম উপায়ৰ দ্বাৰা শিক্ষা দিয়াৰ পৰিৱৰ্তে শিশুৰ নিজ পছন্দ অনুসৰি শিকাৰ স্বাধীনতা থাকিব। শিশুক প্রকৃত শিক্ষা দিয়াৰ একমাত্ৰ পন্থা হ’ল – তাক কোনো ধৰণৰ শিক্ষা নিদিয়া

খ) পাঠ্যপুথি আৰু পাঠ্যক্ৰমৰ স্থান নাই :- ৰুছ’ৰ এই শিক্ষা অনুসৰি শিশু শিক্ষান বাবে কোনো পাঠ্যপুথি আৰু পাঠ্যক্ৰমৰ প্ৰয়োজন নাই। তেওঁৰ মতে পুথি অধ্যয়নৰ যোগেদি শিশোৱে কেৱল সমাজৰ কলুষতাৰ বিষয়েহে শিকিব পাৰে। সেইবাবে শিশুক প্ৰকৃতিৰ মাজৰ পৰা প্ৰকৃতিৰ লগত পোনপটীয়াভাৱে সম্বন্ধ স্থাপন কৰি প্ৰত্যক্ষ অভিজ্ঞতা আহৰণৰ সুবিধাহে দিব লাগে। ৰুছ’ৰ মতে এনে শিক্ষা ব্যৱস্থাত শিশোৱে মুখ্যস্থান লাভ কৰে। ইয়াত শিক্ষক, বিদ্যালয়, পাঠ্যপুথি আৰু পাঠ্যক্ৰমৰ স্থান গৌণ। ৰুছ’ৰ মতে প্ৰকৃতিৰ বুকুত থকা মুক্ত পুথিখনহে শিশোৱে অধ্যয়ন কৰিব লাগে। SU’s নেতিবাচক শিক্ষা ব্যৱস্থাত থকা এই বৈশিষ্ট্য অৱশ্যে শৈশৱ আৰু বাল্যকালৰ ক্ষেত্ৰতহে প্ৰযোজ্য হৈছিল।

গ) শিশুক সামাজিক পৰিবেশৰ পৰা আঁতৰাই ৰখা :- ৰুছ’ৰ মতে সমাজখন প্রাকৃতিক নহয়, ই মানুহে পাতি লোৱা এক কৃত্ৰিম ব্যৱস্থা। তেওঁৰ মতে, সামাজিক পৰিবেশ এটা কৃত্ৰিম পৰিবেশ। এনে পৰিবেশত থাকিলে শিশুৰ মন কলুষিত হ’ব পাৰে। কাৰণ তেওঁৰ মতে জন্মতে সকলো শিশোৱেই সৎ হৈ জন্মগ্রহণ কৰে। মানুহৰ সমাজত পৰিহে শিশু বিপথগামী হয়। সেয়ে তেওঁ শিশুক সামাজিক পৰিবেশৰ পৰা আঁতৰাই ৰখাৰ কথা কৈছিল।

ঘ) নিৰ্ধাৰিত সময়সূচী নাই :- ৰুছ’ৰ মতে শিশোৱে শিক্ষা গ্ৰহণ কৰিবৰ বাবে কোনো নির্দিষ্ট সময়সূচী থাকিব নালাগে। তেওঁৰ মতে শিশুৰ ৰুচি-অভিৰুচি, ইচ্ছা, দক্ষতা, বয়স, আঁগ্রহ, হেঁপাহ, বুদ্ধি আদিৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগে কথা বিভিন্ন সময়ত আয়ও কৰিবলৈ দিব লাগে। শিশুৰ প্ৰকৃতি বুজি লৈ সেই মতে শিক্ষা দিয়াটোতহে ৰুছই গুৰুত্ব আৰোপ কৰে।

ঙ) অভ্যাস গঠন নকৰা :- ৰুছ’ৰ মতে কোনো ধৰণৰ অভ্যাস গঠন নকৰাটোৱেই হ’ল আটাইতকৈ ভাল অভ্যাস [The best habit is to form no habitat at all] কাৰণ একেটা অভ্যাসত চলি থকা মানুহে নতুন পৰিস্থিতিত খাপ খাবলৈ অসুবিধাৰ সন্মুখীন হয়৷ সেয়ে ৰুছ’য়ে শিশু তথা লৰা- ছোৱালীক অভ্যাস গঠন নকৰাটোহে অভ্যাস কৰিবলৈ কৈছে।

চ) সুবিবেচিতভাৱে সময় হেৰুওৱা আৰু সঞ্চয় কৰা :- প্রকৃতিবাদী দাৰ্শনিক ৰুছই শিশুৰ প্ৰকৃতি অধ্যয়নৰ বাবে ১২ বছৰ বয়সলৈকে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাৰ সমৰ্থন কৰা নাছিল। তেওঁ মতপোষণ কৰে যে এই সময়ছোৱাত শিশুৱে প্ৰকৃতিৰ পূৰ্ণ প্ৰভাৱপাবলৈ সুযোগ পায়। এই স্তৰত শিশোৱে কোনো গধুৰ অধ্যয়ন কৰাৰ পৰিৱৰ্তে মুকলি মনেৰে খেলা-ধূলা কৰি, নাচি-বাগি, লৰি-ধাপৰি শাৰীৰিক বিকাশৰ সুবিধা গ্ৰহণ কৰিব লাগে। সৰু অৱস্থাত সেইবাবে শিশুক সুবিবেচিতভাৱে সময় নষ্ট কৰিবলৈ দিব লাগে, যাতে সিহঁতৰ অংগ-প্রত্যংগ আৰু পেশীসমূহ সুস্থভাৱে বিকশিত হয়। যিখিনি সময় অবাবত হেৰুওৱা বুলি ভবা হয় প্রকৃততে সেয়া ভবিষ্যতৰ বাবে সঞ্চয় কৰি থোৱা সময়হে । কাৰণ এই সময়ত গঢ়ি উঠা স্বাস্থ্য আৰু প্ৰকৃতিৰ সংস্পৰ্শত গঢ়ি উঠা অভিজ্ঞতাই শিশুক ভবিষ্যতে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি তুলিব বুলি ৰুছই মত পোষণ কৰে।

ছ) নৈতিক শিক্ষাৰ স্থান নাই :- প্ৰকৃতিবাদী দার্শনিক ৰুছ’ই শিশুক কোনো নৈতিক শিক্ষা দিব নালাগে বুলি মতামত আগবঢ়াইছে। তেওঁৰ মতে শিশুৰ নৈতিক শিক্ষাৰ ক্ষেত্ৰতো মানুহৰ কোনো ধৰণৰ হস্তক্ষেপ নাথাকিব। তেওঁৰ মতে শিশুক নৈতিক জ্ঞান প্ৰদান কৰিলে শিশোৱে1 সেইসমূহৰ যুক্তি আৰু চিন্তা বুজি উঠিব নোৱাৰে। ফলত শিশোৱে সেইবোৰ অন্ধভাৱে অনুকৰণ কৰি অনৈতিক আচৰণ কৰাৰহে সম্ভাৱনা বেছি।

জ) শিক্ষকৰ পৰোক্ষ ভূমিকা :- ৰুছ’ই শিশুৰ শিক্ষাত শিক্ষকে প্রত্যক্ষ ভূমিকা পালন কৰাতকৈ পৰোক্ষ হোৱাতহে গুৰুত্ব আৰোপ কৰিছিল। যিহেতু শিশোৱে পঢ়িবৰ বাবে পাঠ্যপুথি নাথাকে, প্ৰকৃতিৰ প্রত্যক্ষ অভিজ্ঞতাৰে শিশোৱে জ্ঞান আহৰণ কৰিব আৰু শিক্ষকে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব।

ঝ) শিক্ষকৰ অনুশাসন ব্যৱস্থা নাই :- ৰুছা ‘ইণিশুক হস্তক্ষেপ বা বাধা আৰোপ কৰি অনুশাসিত কৰাৰ পৰিৱৰ্তে শিশুক মুক্ত স্বাধীনতা আৰু কৰ্তৃত্ব দিব লাগে বুলিহে কয়। তেওঁৰ মতে শিশোৱে কৰা ভুলৰ শাস্তি প্রকৃতিয়ে নিজ ক্ৰিয়াৰ স্বাভাৱিক পৰিণতি অনুসৰি দিব লাগে। প্ৰকৃতিবাদী দার্শনিক ৰুছোৱে স্বাভাৱিক পৰিণতিৰ মাধ্যমেৰে অনুশাসনৰ সপক্ষে মত পোষণ কৰিছিল। ৰুছোৱে উদাহৰণসহ বুজাবলৈ যত্ন কৰিছে যে – এটি ৫৬ বছৰীয়া শিশুক টেবুলৰ পৰা এখন কিতাপ আনিবলৈ কলে সি দৌৰি কিতাপখন আনিবলৈ যাব আৰু হয়তো খুন্দা খাব, দুখ পাব। পিছত এবাৰ একেটা কামকে কৰিবলৈ দিলে সি আগৰ কথা মনত ৰাখি সাৱধানে কিতাপখন আনিবলৈ যাব।

ঞ) প্ৰকৃতিলৈ ঘূৰি যোৱা :- শিশুৰ সুপ্ত প্রতিভাসমূহৰ মুক্ত আৰু স্বতঃস্ফূর্ত বিকাশৰ বাবে ৰুছোৱে প্ৰকৃতিৰ বুকুলৈ ঘূৰি যোৱা’ নীতি গ্ৰহণ কৰিছিল। তেওঁৰ মতে প্ৰকৃতিৰ বুকুতহে মানুহে সুখ-শান্তি উপভোগ কৰিব পাৰে। গতিকে ৰুহোৱে প্ৰকৃতিৰ বুকুলৈ ঘূৰি গৈ প্ৰকৃতিৰ পৰা নিজৰ প্ৰকৃতি অনুসৰি শিশু তথা মানুহে জ্ঞান লাভ কৰা উচিত বুলিহে মত পোষণ কৰে। 

২৩) ৰুছ’ৰ মতে শিক্ষাদানৰ পদ্ধতি কি?

উত্তৰঃ ৰুছোৰ মতে শিশুৰ শিক্ষাদানৰ ক্ষেত্ৰত তলৰ দিশসমূহৰ ওপৰত গুৰুত্ব দিব লাগে ৰুছ’ৰ মতে মানুহ যিহেতু প্ৰকৃতিৰ উপাদান গতিকে শিশুক প্রাকৃতিক নিয়মেৰে বিকাশৰ সুবিধা দিব লাগে। তেওঁৰ মতে, শিশুৰ শিক্ষা বিষয়কেন্দ্রিক নহৈ শিশুকেন্দ্ৰিক হ’ব লাগে। তেওঁ শিশুৱে বাস্তৱ পৰিস্থিতিৰ পৰা প্ৰত্যক্ষ অভিজ্ঞতা আহৰণ কৰাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ মতে, শিশোৱে ইচ্ছাকৃত ভাৱে কামত আত্মনিয়োগ কৰি বাস্তৱ আৰু স্থায়ী অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হয়। সেইবাবে তেওঁ কর্মভিত্তিক শিক্ষাদান পদ্ধতিৰ পৰামৰ্শ আগবঢ়াইছিল।

ৰুছ’ৰ শিক্ষাদান পদ্ধতিৰ অন্য এটা পদ্ধতি আছিল আত্ম শিক্ষা। তেওঁৰ মতে শিশুৰ শিক্ষা আত্ম প্ৰণোদিত আৰু ইচ্ছাকৃত হ’ব লাগে। শিশোৱে যাতে ইচ্ছাকৃতভাৱে কোনো কৰ্মত মনোনিবেশ কৰে তাৰ ওপৰতহে গুৰুত্ব দিব লাগে।

ৰুছোৱে শিশুৰ শিকিব পৰা শক্তি আৰু সামৰ্থৰ প্ৰতি লক্ষ্য ৰাখি মনোবিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল।

ৰুছোৰ মতে শিক্ষাদান পদ্ধতি খেলা-ভিত্তিক হব লাগে। ইয়াৰ বাবে শিশুক মুক্তভাৱে খেলা-ধূলা কৰাৰ সুবিধা দিব লাগে আৰু শিক্ষকে ইয়াত গৌণ ভূমিকাহে পালন কৰিব লাগে। প্রয়োজন সাপেক্ষেহে শিক্ষকে শিশুক নির্দেশনা দিব লাগে।

২৪) ৰুছ’ৰ মতে শিক্ষাৰ লক্ষ্যসমূহ কি কি আলোচনা কৰা। 

Discuss the aims of education according to Rousseau.

উত্তৰঃ ৰুছ’ৰ মতে, শিক্ষাৰ অৰ্থ হৈছে ‘শিশুৰ অন্তনিহিত প্রকৃতিগত শক্তি আৰু সামৰ্থসমূহৰ বিকাশৰ প্ৰক্ৰিয়াই হ’ল শিক্ষা” ৰুছ’ৰ মতে শিক্ষাৰ অৰ্থ হ’ল শিশুৰ প্ৰকৃতিগত শক্তিসমূহৰ বিস্তাৰ সাধন। তেওঁৰ মতে শিক্ষাৰ প্ৰধান লক্ষ্য হ’ল শিশুৰ অন্তনিহিত সম্ভাৱনা সমূহৰ পূৰ্ণ বিকাশ সাধন কৰা। ৰুছ’ই শিশুৰ জীৱন-বিকাশৰ চাৰিটা স্তৰৰ বাবে শিক্ষাৰ বেলেগ বেলেগ লক্ষ্য নিৰ্ধাৰণ কৰিছে। যেনে—

ক) শৈশৱকাল (জন্মৰ পৰা ৫ বছৰ বয়সলৈ) :- এই স্তৰৰ বাবে শিক্ষাৰ লক্ষ্য হ’ল শিশুৰ শাৰীৰিক বিকাশ৷ ৰুছোৰ মতে এই সময়ছোৱাত শিশুক স্বাধীন পৰিবেশৰ মাজেৰে বিকাশ লাভ কৰিবলৈ সুযোগ দিব লাগে। শিশুৰ শাৰীৰিক আৰু আৱেগিক বিকাশৰ কাৰণে এই সময়ছোৱা অতি গুৰুত্বপূৰ্ণ । সেয়ে, শাৰীৰিক, আৱেগিক বিকাশত শিশোৱে যাতে অলপো বাধা নাপায় আৰু দুয়োটা দিশৰ সুস্থ বিকাশ সাধনৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগে।

খ) বাল্যকাল (৫ বছৰৰ পৰা ১২ বছৰ বয়সলৈ) :- এই স্তৰৰ বাবে শিক্ষাৰ লক্ষ্য শাৰীৰিক বিকাশ আৰু ইন্দ্ৰিয়ৰ প্ৰশিক্ষণ। এই সময়ছোৱাৰ মুখ্য বৈশিষ্ট্য হৈছে ‘প্ৰয়োজনীয়তা’ সেয়ে এই সময়ছোৱাত শিক্ষাৰ লক্ষ্য হ’ব লাগিব ইন্দ্ৰিয়সমূহৰ প্ৰশিক্ষণ।

গ) যৌৱন কাল বা প্ৰাক-কৈশোৰ কাল (১২ বছৰৰ পৰা ১৫ বছৰ বয়সলৈ) :- এই সময়ছোৱাৰ বাবে শিক্ষাৰ লক্ষ্য বৌদ্ধিক বিকাশ। ৰুছোৰ মতে এই সময়ছোৱাত যিহেতু কিশোৰসকলৰ বুদ্ধিৰ দিব লাগে।

ঘ) যষৌৱৰনোত্তৰ কাল বা শেহতীয়া কৈশোৰ কাল :- (১৫ ৰ পৰা ২০ বছৰ বয়সলৈ) – এই সময়ছোৱাৰ বাবে শিক্ষাৰ লক্ষ্য শাৰীৰিক, বৌদ্ধিক, নৈতিক আৰু সামাজিক বিকাশ।

২৫) পাঠ্যক্রম সম্পৰ্কে ৰুছ’ৰ মত কি?

What is the view of Rousseau about curriculum? 

Ans: প্রকৃতিবাদী দার্শনিক ৰুছোৱে তেওঁৰ ‘এমিল’ গ্ৰন্থত পাঠ্যক্ৰমৰ প্রস্তুতিৰ ক্ষেত্ৰত নেতিবাচক শিক্ষাৰ পৰামৰ্শ আগবঢ়াইছে। ৰুছ’ই বয়ঃসন্ধি কাললৈকে কোনো নিৰ্ধাৰিত পাঠ্যক্ৰমৰ প্ৰয়োজন নাই বুলি কৈছিল। গতিকে গতানুগতিক পাঠ্যক্রম, পাঠ্যপুথি, সামাজিক, সংস্কৃতি আদি ছাত্ৰৰ বাবে পাঠ্যক্ৰমত জাপি দি সমাজৰ কেতবোৰ আওপুৰণি শিক্ষা আৰু অভ্যাস গঠন কৰাটো তেওঁ নিবিচাৰে প্ৰকৃতি জগতক বাস্তৱ দৃষ্টিৰে জানিবলৈ আৰু বুজিবলৈ বিজ্ঞানৰ বিষয়সমূহ অধ্যয়নত এই দৰ্শনে গুৰুত্ব দিয়ে। পদাৰ্থ, ৰসায়ন, উদ্ভিদবিদ্যা, প্রাণী বিদ্যা আদিৰ উপৰিও গণিত, জ্যামিতি, ভূগোল, জ্যোতিবিদ্যা অধ্যয়ন কৰিব লাগে। ৰুছোৱে শিক্ষাক শিশুকেন্দ্ৰিক কৰি তোলাৰ ওপৰত গুৰুত্ব দিছিল। শিশু প্ৰকৃতিৰ সুপ্ত অন্তনিহিত শক্তি, সম্ভাৱনীয়তাসমূহৰ স্বৰূপ উদঘাটন কৰাটো পাঠ্যক্ৰমৰ দায়িত্ব । সেইবাবে শিশুৰ জন্ম প্রবৃত্তি, ইচ্ছা, খেলাঅন্তৰ্ভূক্ত কৰিব লাগে৷ প্ৰকৃতি জগতক শিশোৱে প্ৰত্যক্ষভাৱে ইন্দ্ৰিয় অনুভূতিৰ যোগেদি জানি উঠিবৰ বাবে প্ৰকৃতি অধ্যয়ন বিষয় পাঠ্যক্রমত অন্তৰ্ভুক্ত কৰিব লাগে। শিশুৰ শৈক্ষিক আৰু মানসিক চাহিদা পূৰণ কৰিব পৰাকৈ বিভাজিত পাঠ্যক্রম গ্ৰহণ কৰিব লাগে আৰু বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত অধিক ব্যক্তি স্বাধীনতা প্ৰদান কৰিব লাগে। পাঠ্যক্ৰমত গতিশীলতা আৰু পৰিৱৰ্তনশীলতা নীতি গ্ৰহণ কৰিব লাগে।

ৰুছোৰ যৌৱনোত্তৰ কাল বা শেহতীয়া কৈশোৰ কালৰ বাবে এখন বিস্তৃত পাঠ্যক্ৰম অনুসৰণৰ পৰামৰ্শ আগবঢ়াইছে। এই সময়ছোৱাত শাৰীৰিক, বৌদ্ধিক, নৈতিক আৰু সামাজিক শিক্ষাৰ লগত খাপ খোৱা বিভিন্ন পাঠ্যপুথিৰ উপৰিও এনে কিছুমান কাৰ্যসূচী ল’বলৈ পৰামৰ্শ দিছিল যিবিলাক শিক্ষাথথীয়ে প্ৰাকৃতিক পৰিবেশত সমাধান কৰিব পাৰে।

বিজ্ঞানৰ বিভিন্ন বিষয়সমূহৰ উপৰিও দর্শন, ধ্রুপদী সাহিত্য, ভূগোল, বুৰঞ্জী, নীতিশাস্ত্ৰ, মহাপুৰুষৰ জীৱনী আদি অধ্যয়নক পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত কৰা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top