Environmental Studies Unit 4 জৈৱ বিচিত্ৰতা আৰু ইয়াৰ সংৰক্ষণ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Studies Unit 4 জৈৱ বিচিত্ৰতা আৰু ইয়াৰ সংৰক্ষণ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Studies Unit 4 জৈৱ বিচিত্ৰতা আৰু ইয়াৰ সংৰক্ষণ Question Answer can be of great value to excel in the examination.
Environmental Studies Unit 4 জৈৱ বিচিত্ৰতা আৰু ইয়াৰ সংৰক্ষণ
Environmental Studies Unit 4 জৈৱ বিচিত্ৰতা আৰু ইয়াৰ সংৰক্ষণ Notes cover all the exercise questions in UGC Syllabus. The Environmental Studies Unit 4 জৈৱ বিচিত্ৰতা আৰু ইয়াৰ সংৰক্ষণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Biodiversity and Its conservation
ENVIRONMENTAL STUDIES
পৰিৱেশ অধ্যয়ন
জৈৱ বৈচিত্ৰতা (Biodiversity) :
জৈৱ বৈচিত্ৰতা বুলিলে আমি একোটা অঞ্চলত একোটা সময়ত বাস কৰা বিভিন্ন প্ৰজাতিৰ জীৱ (Living organism) তথা সিহঁতৰ চাৰিত্ৰিক অথবা জিনীয় ভিন্নতা আৰু জীৱসমূহক পৰিবেষ্টিত কৰি ৰখা পৰিৱেশৰ ভিন্নতাক বুজা যায়। আমেৰিকাৰ জীৱ বিজ্ঞানী ই. এ. নৰছে (E.A.Norse) আৰু তেখেতৰ সহযোগীসকলে আগবঢ়োৱা সংজ্ঞা অনুসৰি জৈৱ বৈচিত্ৰতা বুলিলে জল, স্থল সকলো ঠাইতে সকলো পৰিৱেশত থকা সকলোধৰণৰ জীৱ আৰু সিহঁতৰ বিচিত্ৰতাক বুজায় ৷ Conversation of Biological diversity(1992) ত বৈচিত্ৰতাৰ সংজ্ঞা এইদৰে দিছে – “Biodiversity has been defined as the variability among living organisms from all sources in clouding inter alia, terrestrial, marine and other aquatic ecosystems and the ecological complexes of which they are a part.” জিনীয় বৈচিত্ৰতা, প্ৰজাতিৰ বৈচিত্ৰতা আৰু পৰিৱেশীয় বৈচিত্ৰতাৰ চমু ব্যাখ্যা তলত আগবঢ়োৱা হ’ল।
জিনীয় বৈচিত্ৰতা (Genetic diversity) :
বংশগতিৰ বাহক জিনসমূহৰ সংমিশ্ৰণৰ ফলত একে প্রজাতিৰ জীৱৰ মাজত যি জৈৱিক বৈচিত্ৰতাৰ সৃষ্টি হয় তাকে জিনীয় বৈচিত্ৰতা বোলা হয়। উদাহৰণ স্বৰূপেসকলো বিধৰ ধানেই Oryza sativa প্ৰজাতিৰ অন্তৰ্গত, কিন্তু প্রত্যেক বিধ বন্য আৰু খেতি কৰা ধানৰ জিনীয় গঠন একে নহয়। তদুপৰি ইহঁতৰ ৰং, আকাৰ, গঠন, গোন্ধ আৰু পুষ্টি আদি একে নহয়৷ ইয়েহ’ল ধানৰ জিনীয় বৈচিত্ৰতা।
প্ৰজাতিৰ বৈচিত্ৰতা (Species diversity) :
প্রজাতিৰ বৈচিত্ৰতা হ’ল এটা প্রজাতিৰ সদস্যসমূহ(population) মাজত থকা বিভিন্নতা বা এটা জাতিৰ (community) বিভিন্ন প্ৰজাতিৰ মাজত থকা বিভিন্নতা। প্রসিদ্ধ বিজ্ঞানী উইলচন (Wilson)ৰ মতে-পৃথিৱীত ১০, মিলিয়নৰ পৰা ৫০ মিলিয়ন জীৱিত প্ৰজাতি আছে। বৰ্ত্তমানলৈকে ১ .৫ মিলিয়ন জীৱিত আৰু ৩,০০,০০০ জীৱাশ্ম প্রজাতিৰ চিনাক্তকৰণ আৰু নামাকৰণ কৰা হৈছে। প্রজাতিৰ বৈচিত্ৰতা জুখিবৰ বাবে দুটা সূচাংক আৰু সেই দুটা হ’ল – Shaunan-wiener index আৰু Simpson index.
পৰিস্থিতিতন্ত্ৰ বৈচিত্ৰতা (Ecosystem diversity) :
বিভিন্ন পৰিস্থিতিতন্ত্ৰত বিভিন্ন প্রকাৰৰ জীৱ সম্প্রদায় থাকে আৰু পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰি তাত থকা জীৱসমূহৰ মাজত যি জৈৱিক বৈচিত্ৰতাৰ সৃষ্টি হয় তাকে পৰিস্থিতিতন্ত্ৰীয় বৈচিত্ৰতা বোলা হয়। পৰিস্থিতি তন্ত্ৰ একোটাই ইয়াৰ উষ্ণতা, উচ্চতা, কুঁৱলী, জলীয় ভাপ আদিৰো ভিন্নতা বুজায় আৰু এই সকলো বিলাকে পৰিস্থিতি তন্ত্ৰ বিলাকৰ মাজত ভিন্নতাৰ সৃষ্টি কৰে৷ উদাহৰণস্বৰূপে – ক্ৰান্তীয় বৰ্ষাৰণ্য, ক্ৰান্তীয় পৰ্ণপাতী অৰণ্য, গ্ৰীষ্ম প্রধান পৰ্ণপাতী অৰণ্য আদি পৰিস্থিতিতন্ত্ৰীয় বৈচিত্ৰতাৰ বাবে সৃষ্টি হৈছে। পৰিৱেশৰ ভাৰসাম্যতাৰ দিশৰ পৰা পৰিস্থিতিতন্ত্ৰীয় বৈচিত্ৰতাৰ গুৰুত্ব অপৰিসীম। ইয়াক ৰক্ষণা-বেক্ষণ দিয়াটো কৰ্তব্য, কাৰণ এনে বৈচিত্ৰতাৰ সৃষ্টি হ’বলৈ কেইবা নিযুত বছৰ প্রয়োজন হৈছিল আৰু আমি যদিএই বৈচিত্ৰ ধবংস কৰো, তেতিয়া পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হ’ব। তদুপৰি এটা পৰিস্থিতি তন্ত্ৰৰ লগত আন এটা পৰিস্থিতি তন্ত্ৰ সলনি কৰিব‘নোৱাৰি। গতিকে পৰিস্থিতি তন্ত্ৰীয় বৈচিত্ৰ ৰক্ষা কৰাটো জীৱজগতৰ উপস্থিতি ঘোষণা কৰিবৰ বাবে অতি জৰুৰী।
আলফা (a), বিটা (b) আৰু গামা (g) চহকীকৰণ : আলফা(a), বিটা (b) আৰু গামা (g) চহকীকৰণৰ বিষয়ে তলত চমুকৈ বাখ্যা কৰা হ’ল –
(ক) আলফা (a) চহকীকৰণ : এখন সৰু সমসত্ৰ (homogeneous) ঠাইত যিমান সংখ্যাক প্রজাতিৰ জীৱ পোৱা যায়, তাকে আলফা চহকীকৰণ বোলা হয়।
(খ) বিটা (b) চহকীকৰণ : বিটা (b) চহকীকৰণ বুলি ক’লে বাসভূমি সলনিৰ লগে লগে প্রজাতিৰ উপস্থিতিৰ হাৰ সলনি হোৱা প্ৰক্ৰিয়াকে বুজা যায়।
(গ) গামা (g) চহকীকৰণ : গামা (g) চহকীকৰণ বুলিলে এটা ডাঙৰ এলেকাত হোৱা প্রজাতিৰ উপস্থিতিৰ পৰিৱৰ্তনৰ হাৰক বুজা হয়।
আল্ফা চহকীকৰণ ভৌগলিক পৰিৱেশৰ লগত সংযুক্ত। উদাহৰণস্বৰূপে টুনিকেটচ্ছৰ (Tunicates) সংখ্যাকে ধৰিব পাৰি। ইয়াক এটাৰ্কটিকাৰ পানীতকৈ ক্ৰান্তীয় সাগৰত বেছিকৈ পোৱা যায়। গতিকে টুনিকেটচ্ছৰ আলফা চহকীকৰণৰ লগত উষ্ণতা ওতঃপ্ৰোত ভাৱে জড়িত। আনহাতেদি বিটা চহকীকৰণে আৱাসভূমিৰ অসমত্ব বৃদ্ধি পোৱাৰ লগে লগে প্রজাতিৰ উপস্থিতি বৃদ্ধি পোৱাকে বুজা হয় । উদাহৰণ স্বৰূপে – উত্তৰ মেৰুত মাত্ৰ ১০ বিধ প্রজাতিৰ পৰুৱা পোৱা যায়, কিন্তু বিষুৱীয় অঞ্চললৈ গতি কৰাৰ লগে লগে পৰুৱাৰ প্রজাতিৰ সংখ্যাও বৃদ্ধি পায় গৈ থাকে আৰু বিষুৱীয় অঞ্চলত এই সংস্যা ২০০ বিধলৈ বৃদ্ধি পায়।
ভাৰত হ’ল এখন মহা জৈৱ বৈচিত্ৰৰ দেশ :
ভাৰতবৰ্ষ জৈৱ বৈচিত্রৰ দিশৰ পৰা অতি চহকী ৷ বিশ্বত পোৱা মুঠ জৈৱিক প্ৰজাতিৰ ৬% ভাৰতত পোৱা যায়। এই সমীক্ষা মতে উদ্ভিদৰ ক্ষেত্ৰত চহকী দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান দশম, স্থানীক প্ৰজাতিৰ উচ্চখাপৰ মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত একাদশ আৰু কৃষিজাত শস্যৰ উৎপত্তি স্থল হিচাপে ষষ্ঠ।
ভাৰতবৰ্ষত বৰ্তমানলৈকে প্ৰায় ১,৫০,০০০ বিধ জীৱিত প্ৰজাতিক চিনাক্ত কৰা হৈছে। বিশ্বৰ পঁচিছখন উষ্ণ বৈচিত্ৰৰ (biodiversity hotspots) দেশৰ ভিতৰত ভাৰতত দুখন অৱস্থিত। ইয়াৰে এখন উত্তৰ পূৰ্বাঞ্চলত আৰু আনখন পশ্চিমঘাট অঞ্চলত অৱস্থিত।
ভাৰতবৰ্ষক ১২ খন মহা জৈৱ বৈচিত্ৰৰ দেশৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয়। ভাৰত চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰালয় ২০০০ চনৰ প্ৰতিবেদন মতে ভাৰতত ৪৭,০০০ প্ৰজাতিৰ উদ্ভিদ আৰু ৮১,০০০ প্ৰজাতিৰ প্ৰাণী আছে আৰু এইয়া বিশ্বৰ মুঠ উদ্ভিদ আৰু প্ৰাণীৰ ক্ৰমান্বয়ে ৭% আৰু ৬.৫% তলত ভাৰতত পোৱা কিছুমান প্ৰধান আৰু উদ্ভিদৰ প্ৰজাতিৰ তালিকা দিয়া হল-
প্ৰজাতিৰ সামূহিক (Groupwise) বিতৰণ
উদ্ভিদ | সংখ্যা | প্ৰাণী | সংখ্যা |
বেক্টেৰিয়া (Bacteria) | ৮৫০ | নিম্নবৰ্গ (Lower groups) | ৯৯৭৯ |
ভেঁকুৰ (Fungi) | ২৩০০০ | কুমলদেহী (Mollusca) | ৫০৪২ |
শেলাই (Algue) | ২৫০০ | পতংগ (Arthropoda) | ৫৭৫২৫ |
(Bryophytes) | ২৫৬৪ | মাছ (Pisces) | ২৫৪৬ |
(Pteridophytes) | ১০২২ | উভচৰ (Amphibia) | ৪২৮ |
(Gymnosperms) | ৬৪ | সৰীসৃপ (Reptiles) | ১২২৮ |
(Angiosperms) | ১৫০০ | স্তন্যপায়ী (Mammals) | ৩৭২ |
ভাৰতৰ মহাজৈৱ বৈচিত্ৰক তলত দিয়া তিনিটা দিশৰ পৰা চাব পাৰি :
(ক) স্থানিকতা (Endemism) : ভাৰতত পোৱা বহুতো প্ৰজাতি কেৱল ভাৰততহে পোৱা যায়। আমাৰ দেশত পোৱা প্ৰায় ৬২% উভচৰ আৰু প্ৰায় ৫০% জেঠী (lizards) স্থানিক (Endemic)। পশ্চিমঘাট অঞ্চলতে সৰ্বাধিক সংখ্যকস্থানিক প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ পোৱা যায়। ইয়াত ১৮০০ বিধতকৈ অধিক স্থানিক উদ্ভিদ পোৱা যায়।
(খ) সৃষ্টি কেন্দ্ৰ (Center of origin) : বৃহৎ সংখ্যক উদ্ভিদৰ সৃষ্টি ভাৰততে হৈছিল। উদাহৰণস্বৰূপে প্ৰায় ৫০০০ বিধ সপুষ্পক উদ্ভিদ, ১৬৬ বিধ শস্য আৰু ৩২০ বিধ শস্যৰ বনজ সম্পৰ্কীয়ৰ জন্মভূমি ভাৰতবৰ্ষ। ইয়াৰ পৰাই আমি বুজিব পাৰোঁ যে ভাৰতবৰ্ষতেই বহুতো উদ্ভিদৰ জন্ম হৈছিল। গতিকে এই দিশৰ পৰা ভাৰত জৈৱ বৈচিত্ৰৰ দিশৰ পৰা যথেষ্ট চহকী।
(গ) সাগৰীয় বৈচিত্ৰতা (Marine diversity) : ভাৰতৰ ৭৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল ভাগত এক বৃহৎ সংখ্যক সাগৰীয়া উদ্ভিদ যেনে Mangroves , coral আদি পোৱা যায়। বিশ্বৰ ৩৫০ বিধতকৈ অধিক coral ভাৰতত পোৱা যায়। বহুত প্রজাতিৰ mangroves আৰু marine algae কেৱল ভাৰতত পোৱা যায়।
গতিকে ওপৰৰ আলোচনাৰ পৰা আমি ক’ব পাৰোঁ যে, জৈৱ বৈচিত্ৰতাৰ দিশৰ পৰা ভাৰত খুবেই চহকী ৷ এতিয়াও ভাৰতত বহুতো প্রাণী আৰু উদ্ভিদ চিনাক্ত কৰিবলৈ আছে। ইয়াৰ বাবে উপযুক্ত অধ্যয়নৰ প্ৰয়োজন হ’ব আৰু উপযুক্ত অধ্যয়ন কৰিলে ভাৰতৰ জৈৱ বৈচিত্ৰতাৰ হয়তো বহুতো নজনা কথা জনা যাব।
বন্যজীৱৰ বিলুপ্তিৰ কাৰণ –
বন্যজীৱসমূহ পৃথিৱীৰ বুকুৰ পৰা বিলুপ্তি হোৱাৰ বিভিন্ন কাৰণসমূহ তলত দিয়া দৰে ব্যাখ্যা কৰিব পাৰি –
(ক) জনসংখ্যাৰ দ্ৰুত বৃদ্ধি : পৃথিৱীৰ বুকুৰ পৰা বন্যজীৱসমূহ বিপুপ্তি হৈ যোৱাৰ বাবে জনসংখ্যাৰ দ্ৰুত বৃদ্ধিও দায়ী ৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে খাদ্য, গাখীৰ, কণী, মাংস আদিৰ চাহিদা বৃদ্ধি পাইছে। ফলত বন্যজীৱসমূহৰ যিদৰে প্রতিপালন কৰা হৈছে একেদৰে সিঁহতক হত্যাও কৰা হৈছে। খাদ্যৰ বাবে কৰা অত্যাধিক হত্যাৰ বাবে পৃথিৱীৰ বুকুৰ পৰা ইতিমধ্যে ড’ড’ আৰু পৰিভ্ৰমী পাৰ চিৰদিনৰ বাবে পৃথিৱীৰ বুকুৰ পৰা হেৰাই গৈছে।
(খ) চোৰাং চিকাৰ : বন্যজন্তুৰ চোৰাং চিকাৰৰ ফলতো বন্যজীৱসমূহ বিপুপ্তিৰ পথত আগবাঢ়িছে। জৈৱ বৈচিত্ৰতাৰ গুৰুত্ব অনুভৱ কৰি চৰকাৰে বন্যজীৱ হত্যা আৰু গছ-গছনি কটা নিষিদ্ধ কৰাৰ পিছতো সহজে ধন ঘটাৰ প্ৰৱণতাৰ বাবে বিভিন্ন দুৰ্লভ উদ্ভিদক কটা হৈছে আৰু জন্তুক হত্যা কৰা হৈছে । উদাহৰণস্বৰূপে অন্ধবিশ্বাস আৰু ধৰ্মীয় বিশ্বাসৰ বাবে খড়্গৰ কাৰণে গঁড়, ছালৰ বাবে বাঘ, সাপ, দাঁতৰ,বাবে হাতী, মাংসৰ বাবে শিয়াল, হৰিণ আদি চোৰাং চিকাৰীহঁতে হত্যা কৰে। ই বন্যজীৱসমূহ বিলুপ্ত হোৱাৰ অন্যতম কাৰণ।
(গ) আনন্দৰ বাবে কৰা চিকাৰ : মানসিক প্রশান্তিৰ বাবে কৰা বন্যজন্তুৰ চিকাৰো বন্যপ্রাণীসমূহ বিলুপ্তিৰ পথত আগবঢ়াৰ বাবে দায়ী ৷
(ঘ) বনাঞ্চল ধ্বংস : বিভিন্ন কাৰণত মানুহে জধেমধে বনাঞ্চল ধ্বংস কৰে। ফলত প্রাকৃতিক আৱাসভূমি হেৰুৱাই বহুতো জীৱই মৃত্যুৰ মুখত পৰে। কাৰণ কিছুমান প্রাণী কেৱল কিছুমান নিৰ্দিষ্ট অঞ্চলতহে বাস কৰে৷ ইহঁতে পৰিৱেশ সলনিৰ ফলত এই জীৱবিলাকে নিজকে নতুন পৰিবেশত খাপ খুৱাব নোৱাৰি মৃত্যুক সাৱতি লয়। ফলস্বৰূপে বহুতো প্রাণীৰ বিলুপ্তি হৈছে বা বিলুপ্তিৰ পথত আগবাঢ়িছে।
বন্যজীৱ সংৰক্ষণৰ বাবে ল’বলগীয়া ব্যবস্থা :
বন্যজীৱসমূহক সংৰক্ষণৰ বাবে নিম্নোক্ত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি।
(ক) বন্যজীৱসমূহৰ আৱাসভূমিসমূহৰ বিষয়ে অধ্যয়ন কৰা আৰু ইহঁতক সুৰক্ষা প্ৰদানকৰা।
(খ) বন্যপ্ৰাণী আৱাস ভূমিসমূহৰ বিকাশ কৰা ৷
(গ) চিকাৰ কাৰ্য্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা।
(ঘ) বন্যজীৱৰ ওপৰত গৱেষণা কৰা।
(ঙ) বন্যপ্ৰাণী সংৰক্ষণ আইনৰ দফাসমূহ সুসংহত হ’ব লাগে আৰু আইন ভংগকাৰীক কঠোৰ দণ্ড দিয়াৰ ব্যৱস্থা,কৰিব লাগে ৷
(চ) প্ৰজনন কেন্দ্ৰ স্থাপন কৰা।
(ছ) ৰাষ্ট্ৰীয় উদ্যান আৰু অভযাৰণা স্থাপন কৰা।
(জ) বনানীকৰণ আঁচনি হাতত লোৱা।
(ঝ) বন্যজীৱসমূহৰ গুৰুত্ব সম্পৰ্কে গণ সচেতনতা বৃদ্ধি কৰা।
স্থানিক প্ৰজাতি :
স্থানিক প্রজাতি বুলিলে এনে সকলো বিলাক প্রজাতিৰ উদ্ভিদ আৰু প্রাণীক বুজা যায় যিবিলাক কোনো এটা বিশেষ অঞ্চলতহে পোৱা যায়। এনে প্রজাতিবিলাক বিশ্বৰ অন্য অঞ্চলত পোৱা নাযায়।
ভাৰতত বহুত সংখ্যক স্থানিক প্রজাতিৰ প্ৰাণী আৰু উদ্ভিদ আছে। ভাৰতত পোৱা মুঠ ৮১,০০০ প্রজাতিৰ জন্তুৰ ভিতৰত বহুতেই স্থানিক ৷ উদাহৰণস্বৰূপে পশ্চিমঘাট অঞ্চল উভচৰ আৰু শীতলৰক্তী প্রাণীৰ ক্ষেত্ৰত চহকী ৷ এই অঞ্চলত প্রায় ৬২% উভচৰ প্রাণী আৰু ৫০% লিজাৰ্ড পোৱা যায়। ভাৰতত পোৱা কিছুমান স্থানিক প্রাণীৰ নাম হ’ল – অজগৰ, ৰঙা পাণ্ডা,এশিঙীয়া গঁড়, ভাৰতীয় হাতী ইত্যাদি। অন্যহাতেদি ভাৰতত পোৱা ৪৭,০০০ প্রজাতিৰ উদ্ভিদৰ ভিতৰত ৭,০০০ বিধ স্থানিক উদ্ভিদ। ভাৰতৰ মুঠ স্থানিক উদ্ভিদৰ ৬০% তকৈ অধিক কেৱল হিমালয়, মেঘালয় আৰু পশ্চিমঘাট অঞ্চলত পোৱা যায়। উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ সংখ্যা ১৮০৮ বিধতকৈ অধিক৷ ভাৰতত পোৱা কেইবিধ নাম স্থানিক উদ্ভিদৰ নাম হ’ল – Vanda coerulea, supriya Himalayan, nepenthes khasiana, pedicularies perroter আদি ৷ ভাৰতৰ পাচখন বিশিষ্ট জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল Biosphere Reserves) বন্যপ্ৰাণীৰ নামসহ পাঁচখন ৰাষ্ট্ৰীয় উদ্যান (national park) আৰু পাঁচখন বন্যপ্ৰাণী অভয়াৰন্য।
ভাৰতৰ পাচঁখন বিশিষ্ট জৈৱমণ্ডল সংৰক্ষিত এলেকা হ’ল ক্ৰমান্বয়ে –
(১) নন্দা দেৱী (উত্তৰ প্রদেশ)।
(২) নক্ৰেক্ (মেঘালয়)।
(৩) মানস (অসম)।
(৪) সুন্দৰবন (পশ্চিমবংগ)।
(৫) নীলগিৰি (কৰ্ণাটক, কেৰেলা আৰু তামিলনাডু)।
অন্যহাতে পাঁচখন ৰিখ্যাত ৰষ্ট্ৰীয় উদ্যান হ’ল-
(১) কাজিৰঙা : ই অসমত অৱস্থিত আৰু এটা খড়্গ থকা গঁড়ৰ (one horned Rhino ) বাবে পৃথিৱী বিখ্যাত ।
(২) গিৰ ৰষ্ট্ৰীয় উদ্যান : গিৰ ৰাষ্ট্ৰীয় উদ্যান ভাৰতীয় সিংহৰ বাবে বিখ্যাত আৰু ই গুজৰাট ৰাজ্যত অৱস্থিত৷
(৩) পেৰিয়াৰ ৰষ্ট্ৰীয় উদ্যান : ই কেৰেলাত অৱস্থিত আৰু হাতী আৰু বাঘৰ বাবে বিখ্যাত৷
(৪) কৰবেট ৰাষ্ট্ৰীয় উদ্যান : কৰবেট ৰাষ্ট্ৰীয় উদ্যান বাঘৰ বাবে বিখ্যাত আৰু ই উত্তৰ প্ৰদেশত অৱস্থিত।
(৫) কানহা ৰষ্ট্ৰীয় উদ্যান : কানহা ৰষ্ট্ৰীয় উদ্যান মধ্য প্ৰদেশত অৱস্থিত ৷ আৰু ইয়াত বাঘ পোৱা যায়।
আকৌ ভাৰতৰ পাচঁখন বন্যপ্ৰাণী সংৰক্ষিত অভয়াৰণ্য হৈছে-
(১) ঘানা পক্ষী অভয়াৰণ্য (Ghana bird sanctuary) : ই ৰাজস্থানত অৱস্থিত আৰু ইয়াত প্ৰব্ৰজনকাৰী চৰাইকে ধৰি প্রায় ৩০০ প্রজাতিৰ চৰাই পোৱা যায়।
(২) নল সৰোবৰ পক্ষী অভয়াৰণ্য (Nal sarovar bird sanctuary ) : ইয়াত জলজ পক্ষী পোৱা যায় আৰু ই গুজৰাটত আছে।
(৩) মুডামালাই বন্যপ্ৰাণী অভয়াৰণ্য (Mudumalai wildlife sanctuary ) : এই অভয়াৰণ্যখন তামিলনাডুত আছে আৰু ইয়াত বাঘ, হাতী আৰু লতামাকৰী বাঘ পোৱা যায়।
(৪) জলদাপাৰা বন্যপ্ৰাণী অভয়াৰণ্য ( jaldapara wildlife sanctuary) : জলদাপাৰা বন্যপ্ৰাণী অভয়াৰণ্য পশ্চিমবংগত অৱস্থিত আৰু ইয়াত গড় হাতী আৰু বাঘ পোৱা যায়।
(৫) বন্য গাধ অভয়াৰণ্য (wild ass sanctuary) : এই অভয়াৰণ্যখন গুজৰাটত আছে আৰু ই বনৰীয়া গাধ, নিলগাই , কুকুৰনেচীয়া বাঘ আৰু চিনকাৰাৰ (cinkara) ৰ বাবে বিখ্যাত।
ৰেড-ডাটা বুক :
“ৰেড -ডাটা বুক” হ’ল “The international union for conservation of nature and natural Resources (IUCN)” য়ে প্ৰকাশ কৰা এখন কিতাপ য’ত লুপ্তপ্ৰায় উদ্ভিদ আৰু প্ৰাণীবিলাকৰ এখন তালিকা প্ৰকাশ কৰা হৈছে। এই কিতাপখনে লুপ্তপ্ৰায় প্ৰাণী আৰু উদ্ভিদ সমূহৰ বিষয়ে সতৰ্কবাণী দৈ কৈছে যে, যদি এই প্ৰাণী আৰু উদ্ভিদবিলাকৰ উপযুক্তভাৱে সংৰক্ষণ কৰা নহয়, তেতিয়া ভৱিষ্যতে ইহঁত লুপ্ত হৈ যাব।
লুপ্ত, লুপ্তপ্ৰায়, স্পৰ্শকাতৰ আৰু দুৰ্লভ, দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদৰ ধাৰণাটো তলত দিয়া ধৰনে ব্যাখ্যা কৰিব পাৰি।
লুপ্ত প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ : লুপ্ত প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ বুলিলে আমি এনে সকলো প্রজাতিকে বুজো যাক যোৱা ৫০ বছৰ ধৰি ক তো দেখা হোৱা নাই । উদাহৰণস্বৰূপে ড’ড’ (Dodo) আৰু পৰিভ্ৰমী পাৰ (Passenger pigeon)
লুপ্তপ্রায় প্রজাতিৰ প্রাণী আৰু উদ্ভিদ : এটা প্রজাতিক লুপ্তপ্ৰায় বুলি কোৱা হয় যেতিযা ইয়াৰ সংখ্যা অতিমাত্ৰাত কমি যায় অথবা ইয়াৰ আবাস ভূমি দ্ৰুত গতিত হ্ৰাস পায় আৰু ফলস্বৰূপে যদি হঁহতক শীঘ্ৰে সুৰক্ষা আৰু সংৰক্ষণ কৰা নহয় তেতিয়া খুউব কম সময়ৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা হেৰাই যাব এনেবোৰ প্রজাতিৰ প্রাণী আৰু উদ্ভিদ লুপ্তপ্ৰায় প্রজাতিৰ প্ৰাণী আৰু উদ্ভিদৰ অন্তৰ্ভুক্ত।যেনে = গঁড়, বাঘ, সিংহ, কলচী উদ্ভিদ আদি ।
স্পৰ্শকাতৰ প্রজাতিৰ প্ৰাণী আৰু উদ্ভিদ : স্পৰ্শকাতৰ প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ বুলি ক’লে আমি এনে সকলো প্রজাতিৰ প্ৰাণী আৰু উদ্ভিদক বুজোঁ যিবিলাক সদ্যহতে যথেষ্ট পৰিমাণে আছে কিন্তু অতি বেছি ব্যৱহাৰৰ বাবে বা সিহঁতৰ বাসভূমি সংকোচনৰ ফলত লুপ্তপ্ৰায় প্রজাতিৰ অন্তৰ্ভুক্ত হ’ব পাৰে। যেনে ফুটুকী হৰিণ।
দুষ্প্ৰাপ্য বা দুৰ্লভ প্রজাতিৰ প্ৰাণী আৰু উদ্ভিদ : যিবিলাক প্ৰাণী আৰু উদ্ভিদ লুপ্তপ্ৰায়ো নহয় বা স্পৰ্শকাতৰো নহয় কিন্তু সিহঁত অতি বেছি প্ৰতিকুল অৱস্থাত আছে, তেনে প্রজাতিৰ প্ৰাণী আৰু উদ্ভিদকে দুষ্প্ৰাপ্য বা দুৰ্লভ প্ৰজাতিৰ প্রাণী আৰু উদ্ভিদ আখ্যা দিয়া হয়। এনে প্রজাতিসমূহৰ খুউব কমকৈ বহুত এলেকা জুৰি সিঁচৰিত হৈ আছে। যেনে – ৰঙা পাণ্ডা ৷
ভাৰতত পোৱা কিছুমান লুপ্তপ্ৰায় উল্লেখযোগ্য প্রাণী আৰু উদ্ভিদৰ নাম তলত উল্লেখ কৰা হ’ল-
(১) এশিঙীয়া গঁড়, (২) বাঘ, (৩) কাছ, (৪) সাগৰীয়া সেউজীয়া কাছ (৫) ৰঙা পাণ্ডা, (৬) ম’ৰা চৰাই, (৭) চিতা বাঘ, (৮) ফেঁচা, (৯) ঘঁৰিয়াল (১০) অজগৰ, (১১) পেলিকান, (১২) চাইবেৰীয়াৰ বগী বগলী, (১৩) কুকুৰনেচীয়া বাঘ, (১৪) ৰঙা শিয়াল, (১৫) শ্লথ ভালুক, (১৬) হায়েনা, (১৭) ভাৰতীয় সিংহ, (১৮) সোণালী মেকুৰী, (১৯) মৰুভূমিৰ মেকুৰী, (২০) হলক গিবন,(২১) নীলগিৰি,বান্দৰ, (২২) সোণালী বান্দৰ, (২৩) বিভিন্ন প্ৰজাতিৰ অৰ্কিড যেনে- Sparia Himalayan, uvaria, nepenthes khasiana, pedicularis perrotes , (২৪) Rhododendrons, (২৫) চন্দন গছ, (২৬) বিভিন্ন ঔষধি গছ যেনে – সৰ্পগন্ধা, ছালকুঁৱৰী আদি, (২৭) নলগাহৰি, (২৮) দেওহাঁহ, (২৯) কাঠআলু, (৩০) উদ্, (৩১)উৰণীয়া কেৰ্কেটুৱা আদি৷
বন্যপ্ৰাণী সংৰক্ষণ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ উদ্দেশ্য :
বন্যপ্ৰাণী সংৰক্ষণ বিষয়টো বৰ্তমান মানৱ সমাজৰ বাবে এটি ডাঙৰ প্ৰত্যাহ্বান। জৈৱ মণ্ডলত থকা প্রাকৃতিক সম্পদসমূহৰ সঠিক আৰু যোগ্য ব্যৱহাৰৰ দ্বাৰা সিহঁতৰ অৱক্ষয় ৰোধ কৰি বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে প্রাকৃতিক সম্পদসমূহ যুগমীয়া আৰু লাভদায়ক কৰি গঢ়ি তোলক সংৰক্ষণ বোলে। বিজ্ঞানী ওডামৰ (১৯৭২) ৰ মতে, যি পদ্ধতিৰ দ্বাৰা পৃথিৱীৰ প্ৰাকৃতিক সম্পদৰ বৈজ্ঞানিক ব্যৱহাৰ, ৰক্ষণা-বেক্ষণ তথা পৰিচালনা ব্যৱস্থা সৃষ্ঠৰূপে সম্পাদিত হয় আৰু সেই প্রাকৃতিক সম্পদসমূহক ক্ষতিকাৰক প্ৰভাৱ অপব্যৱহাৰ আৰু অবলুপ্তিৰ পৰা ৰক্ষা কৰা হয় তাক সংৰক্ষণ বোলে৷
বন্যপ্ৰাণী সংৰক্ষণৰ উদ্দেশ্য : বন্যপ্ৰাণী সংৰক্ষণৰ প্রধান উদ্দেশ্যসমূহ তলত দিয়া হ’ল :
(১) জীৱন ধাৰণৰ বাবে আৱশ্যকীয় উপাদান (যেনে – বায়ু, পানী আৰু মাটি)ক উপযুক্ত ৰক্ষণাবেক্ষণ প্রদান কৰা ৷
(২) পৃথিৱীত থকা বিভিন্ন প্ৰজাতিৰ জীৱ (উদ্ভিদ, প্রাণী আৰু অনুজীৱ) সমূহৰ ভিন্নতা বজাই ৰখা আৰু অৱলুপ্তিৰ পৰা ৰক্ষা কৰা।
(৩) পৰিস্থিতি তন্ত্ৰৰ ওপৰত বিৰূপ প্রভাৱ নপৰাকৈ বিভিন্ন উন্নয়নমূলক কাৰ্য্যৰ বাবে প্রাণী আৰু উদ্ভিদসমূহ যোগান ধৰি থকা।
(৪) প্ৰাকৃতিক সম্পদসমূহ বহনক্ষম ভাবে আৰু বিজ্ঞানভিত্তিক ভাৱে ব্যৱহাৰ কৰা।
(৫) মানৱ জাতিৰ নিৰ্মল আনন্দ বৰ্ধনৰ ব্যৱহাৰ কৰা।
বন্যজীৱ সংৰক্ষণ ব্যৱস্থা : বন্যজীৱ সংৰক্ষণৰ গুৰুত্ব উপলব্ধি কৰি আন্তৰ্জাতিক আৰু ৰষ্ট্ৰীয় দুয়োটা স্তৰতে বন্যপ্ৰাণী সংৰক্ষণৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দৃূয়োটা স্তৰতে গ্ৰহণ কৰা পদক্ষেপসমূহ নিম্নোক্ত ধৰণে আলোচনা কৰিৰ পাৰি ৷
আন্তৰ্জাতিক স্তৰত : বিংশ শতিকাৰ আৰম্ভনিতে জীৱ বিজ্ঞানী আৰু প্রকৃতিবিদ সকলে বন্যপ্ৰাণী আৰু উদ্ভিদসমূহৰ সংৰক্ষণৰ গুৰুত্ব অনুভৱ কৰে আৰু ফলশ্ৰুতিত ১৯৪৮ চনত প্রকৃতি আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ আন্তৰ্জাতিক সন্থা (International union of conservation of nature and natural Resources) গঠিত হয়। তদুপৰি ১৯৬১ চনত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অৰ্থ সংগ্ৰহৰ বাবে wild life fund(WWF) গঠন হয় ৷ WWF ৰ প্রধান উদ্দেশ্য বিশ্বব্যাপি বন্যপ্রাণী সংৰক্ষণৰ বাবে গণসচেতনতা জাগ্ৰত কৰা, অৰ্থ সংগ্ৰহ কৰা আৰু অৱলুপ্তি গহ্বৰত পৰা দুষ্প্রাপ্য প্রাণীসমূহৰ সংৰক্ষণৰ ব্যৱস্থা কৰা ৷ ইয়াৰোপৰি, দুৰ্লভ, দুষ্প্ৰাপ্য তথা বিলুপ্ত প্ৰায় বন্যপ্ৰাণী সমূহ আন্তৰ্জাতিক আইন মতে হত্যা কৰা, ব্যৱসায় কৰা আৰু বন্দী কৰা নিষিদ্ধ ৷
ৰাষ্ট্ৰীয় স্তৰত : বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্ব অনুভৱ কৰি ৰষ্ট্ৰীয় স্তৰতো স্বাধীনতাৰপিছৰ পৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইয়াৰ ফলশ্ৰুতিত ১৯৫২ চনত ভাৰতীয় বন্যপ্রাণী পৰিষদ Indian Board of wildlife,IBWL) গঠন কৰা হয়। ইয়াৰ পিছত লুপ্তপ্ৰায় প্ৰাণীসমূহৰ বেপাৰ আৰু নিধন দুয়োটা নিষিদ্ধ কৰিবলৈ ১৯৭২ চনত বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰৱৰ্তন কৰা হয়। ১৯৮০ চনত বন্যপ্ৰাণীসমূহৰ বাসস্থানৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বনাঞ্চল সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হয়। ১৯৯২ চনত এই আইনৰ সংশোধনী কৰা হয়। তদুপৰি,আবদ্ধ, অৱস্থাত প্রজনন (captive breeding) ঘটাই লপ্তপ্রায় প্রাণীবোৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ ১৯৮৩-৮৪ চনত জাতীয় বন্যপ্রাণী কাৰ্যকৰী ব্যৱস্থা (National wildlife action plan) গঠন কৰা হয়। অতি সম্প্রতি ভাৰতত দুটা জিন বেংক আৰু বীজ বেংকো স্থাপন কৰা হৈছে। তদুপৰি বন্যপ্রাণী সংৰক্ষণ তথা বিভিন্ন গৱেষণাৰ বাবে ভাৰতীয় প্রাণী বৈজ্ঞানিক সমিতি (Zoological society of india) আৰু ভাৰতীয় উদ্ভিদ বৈজ্ঞানিক সমিতি (Botanical of india) গঠন কৰা হৈছে।
বন্যপ্ৰাণী সংৰক্ষণ :
বন্যপ্ৰাণী সংৰক্ষণৰ নিমিত্তে আমি বহুতো ব্যৱস্থা হাতত ল’ব পাৰোঁ। তথাপি ইয়াৰ বাবে আমি তলত দিয়া ব্যৱস্থাসমূহ প্রধানত ল’ব পাৰোঁ।
(১) আবাসভূমিৰ সংৰক্ষণ (Habitat preservation) : বন্যপ্রাণীৰ অৱলুপ্তিৰ বাবে আবাসভূমিৰ দ্ৰুত হ্ৰাসকৰণ অন্যতম প্রধান কাৰণ। বনাঞ্চল ধ্বংসৰ ফলত ইয়াত বাস কৰা প্রাণীসমূহৰ প্রাকৃতিক বাসভূমিৰ অভাৱ ঘটি বিচৰণ ভূমিৰ অভাৱ, খাদ্য সংকট আৰু প্রাকৃতিক দুৰ্যোগৰ সম্মুখীন হয় আৰু ফলশ্ৰুতিত বহুতো প্ৰাণীৰ মৃত্যু ঘটে। গতিকে বন্যপ্রাণীসমূহ সংৰক্ষণ কৰিবৰ বাবে ইহঁতৰ বাসভূমি সংৰক্ষণ কৰাটো অতি জৰুৰী। তদুপৰি পৰিভ্ৰমী চৰাইবোৰৰ ৰক্ষণা-বেক্ষণ দিবলৈ ইহঁতৰ বাসস্থান অক্ষত অৱস্থাত থকাৰ প্রয়োজন।
(২) অভয়াৰণ্য আৰু ৰষ্ট্ৰীয় উদ্যান স্থাপন : বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্রয়োজন সাপেক্ষে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য স্থাপন কৰাটো প্রয়োজন। ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ ভিতৰত বা সমীপৱৰ্তী অঞ্চলত মানুহৰ বসবাস, খেতিবাতি কৰা নাইবা ঘৰচীয়া গৰু, ম’হ আদিৰ বাবে চৰণীয়া পথাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিব লাগে।
(৩) বন্যপ্ৰাণী আইন প্ৰণয়নৰ ব্যৱস্থা : বন্যপ্ৰাণী সংৰক্ষণৰ বাবে বন্যপ্রাণী সুৰক্ষা আইনখন দৃঢ় হ’ব লাগে আৰু আইন ভংগকাৰীক অপৰাধ অনুসৰি চৰম শাস্তি প্রদানৰ ব্যৱস্থা থাকিব লাগে। তদুপৰি জৰিমনাৰ বিনিময়ত বন্দীত্বৰ পৰা মুক্তি লাভ কৰাৰ ব্যৱস্থা উঠাই দিব লাগে।
(৪) গণ সচেতনতা বৃদ্ধি কৰা (mass awareness) : আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োবিধ শিক্ষা ব্যৱস্থা প্রৱৰ্তন কৰি মানৱ জীৱনত বন্যপ্রাণীসমূহৰ প্রয়োজনীয়তাৰ বিষয়ে জনগণক অৱগত কৰাৰ ব্যৱস্থা কৰিব লাগে। বিভিন্ন প্ৰচাৰ মাধ্যম, বেচৰকাৰী সংগঠন, চৰকাৰে এই ক্ষেত্ৰত এক বৃহৎ ভূমিকা ল’ব পাৰে। তদুপৰি বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্য্যায়ত পৰিৱেশ অধ্যয়ন বিষয়টো বাধ্যতামূলক কৰিব লাগে।
(৫) আবদ্ধ অৱস্থাত প্ৰজনন (Captive breeding) : প্রকৃতিৰ বুকুত থকা লুপ্তপ্রায় প্রাণীবিলাকক বিজ্ঞানসন্মতভাৱে আৱদ্ধ অৱস্থাত ৰাখি প্ৰজননৰ ব্যৱস্থা কৰিব লাগে।
(৬) গৱেষণা (Research) : লুপ্তপ্ৰায় আৰু বিৰল প্ৰাণীসমূহৰ বিজ্ঞানভিত্তিক গবেষণাৰ দ্বাৰা প্ৰজনন, প্রজাতি উন্নতকৰণ আদি ব্যৱস্থাৰ ব্যৱস্থা কৰিও বন্যপ্ৰাণীসমূহক সংৰক্ষণ কৰিব পৰা যায়।
পৰিবেশ সংৰক্ষণ আইন (Environment protection Act) ভাৰতেই হ’ল পৃথিৱীৰ একমাত্ৰ ৰষ্ট্ৰ যিয়ে সংবিধানত পৰিৱেশ ৰক্ষা আৰু সংৰক্ষণৰ সুযোগ ৰাখিছে। ১৯৭২ চনৰ ৫ জুনত ষ্টকহ’মত প্ৰথমবাৰৰ বাবে বিভিন্ন ৰষ্ট্ৰ মুৰববীসকলে পৰিৱেশৰ ওপৰত হোৱা আলোচনা চক্ৰত মিলিত হৈছিল আৰু তাৰ পাছৰ পৰা প্রত্যেক বছৰৰ ৫ জুন তাৰিখটোক পৃথিৱীত পৰিৱেশ দিৱস (World Environment day) হিচাবে পালন কৰা হয়। ষ্টকহ’মৰ আলোচনা চক্ৰৰ পাছতে আমাৰ দেশত পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আইন প্রণয়ন কৰে।
ভাৰতৰ সংবিধানৰ অনুচ্ছেদ নং 48-A ৰ মতে, the state shall endeavor to protect and improve the environment and safeguard forests and wildlife of the country.
অণুচ্ছেদ নং 51- (g) ৰ মতে, it shall be the duty to every citizen of India to protect and improve the natural environment including forests, lakes, rivers and wildlife and to have compassion for living creature.
ভাৰতীয় সংবিধানৰ দ্বাৰা গৃহিত হোৱা মুখ্য আইনকেইখন হ’ল-
(১) পানী (প্রদূষণ প্রতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন ১৯৭৪ (আৰু ১৯৭৮ আৰু ১৯৮৫ ত শুধৰণী)।
(২) বায়ু (প্রদূষণ আৰু নিয়ন্ত্ৰণ) আইন ১৯৪১ (আৰু শুধৰণী ১৯৮৭)।
(৩) পৰিৱেশ সংৰক্ষণ আইন ১৯৮৬।
(8) বন্যপ্রাণী সুৰক্ষা আইন, ১৯৭২।
(৫) অৰণ্য (সংৰক্ষণ) আইন ১৯৮০।
তলত আইনসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল –
(১) পানী নিয়ন্ত্ৰণ আৰু প্রদূষণ প্রতিৰোধ আইন ১৯৭৪ : ভাৰতীয় সংসদে ১৯৭৪ চনৰ ২৩ মাৰ্চৰ পৰা প্রযোজ্য হোৱাকৈ এই আইন প্রণয়ন কৰে৷ এই আইনখনৰ মুখ্য বৈশিষ্ট্য হ’ল –
(১) পৃষ্ঠ তথা ভূগৰ্ভৰ পানীভাগৰ গুণাগুণ তথা সংৰক্ষণৰ ব্যৱস্থা লয়।
(২) প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যিক আৰু ৰষ্ট্ৰীয় প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ স্থাপন (Central and state pollution board)।
(৩) প্রদূষণ নিয়ন্ত্ৰণ পৰিষদক প্রদূষণ নিয়ন্ত্ৰণৰ বাবে ক্ষমতা প্রদান ৷ কেন্দ্ৰীয় আৰু ৰাজ্যিক প্রদূষণ নিয়ন্ৰণ পৰিষদক এই আইনখনৰ যোগেদি যথেষ্ট ক্ষমতা দিয়া হয়। তদুপৰি প্রদূষণ নিয়ন্ত্ৰণৰ বাবে পৰিষদে নিজাববীয়াকৈ আঁচনি, বাজেট তথা ধন খৰছ কৰিব পৰাৰ সুবিধা দিয়া হয়।
১৯৮৮ চনৰ সংশোধনৰ ফলত এই প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ গঠ হয়। এই প্রদূষণ নিয়ন্ত্ৰণ পৰিষদৰ পানী আৰু বায়ু দুয়োবিধ প্রদূষণৰ প্রতিৰোধ তথা নিয়ন্ত্ৰণৰ ক্ষমতা আছে।
প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ দুই প্রকাৰৰ –
(১) ৰাজ্যিক প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ (State pollution control board)।
(২) কেন্দ্ৰীয় প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ (central pollution control board)।
প্রদূষণ নিয়ন্ত্ৰণ পৰিষদে তলত দিয়া দায়িত্বসমূহ পালন কৰে –
(১) চৰকাৰক পানী প্রদূষণ নিয়ন্ত্ৰণ তথা প্রতিৰোধ সম্পৰ্কীয় কাৰ্য্যত উপদেশ দিয়ে।
(২) প্ৰদূষণ নিয়ন্ত্ৰণ তথা প্রতিৰোধ সম্পৰ্কীয় কৰ্মশালা, আলোচনাচক্ৰ যুগুত কৰে।
(৩) প্রদূষক দ্রব্যসমূহৰ সঠিক প্রক্ষেপন তথা শোধিত কৰণৰ ওপৰত লেখা প্রকাশ কৰে।
(৪) পৰীক্ষাগাৰত প্রদূষিত হ’ব পৰা পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰে তথা প্রতিৰোধ বা নিয়ন্ত্ৰণ ব্যৱস্থা হাতত লয়।
(২) বায়ু প্ৰদূষণ তথা প্রতিৰোধ আইন ১৯৮১ (Air prevention and control of pollution act 1981) : এই আইন ১৯৮১ চনৰ ১৬ মে’ তাৰিখৰ পৰা বলবৎ কৰা হৈছে। ১৯৮৭ চনত এইখন আইনৰ সংশোধন কৰা হয় ৷ এই আইনখনৰ ভিতৰত শব্দ প্রদূষণকো অন্তৰ্ভূক্ত কৰা হৈছে। আইনখনৰ বিশেষ তাৎপৰ্য্যসমূহ হ’ল –
(১) বায়ু প্রদূষণ নিয়ন্ত্ৰণ, প্রতিৰোধ তথা নিৰ্মূল কৰাৰ সুযোগ ৷
(২) আইনখনৰ মতে বায়ু প্রদূষণ হ’ল, Air pollution has been defined as the presence of any solid , liquid or gaseous substance (including noise ) in the atmosphere in such concentration as may be tend to be harmful to human being or any other living creatures or plants or property or environment.
(৩) ১৯৮৭ চনৰ সংশোধনীৰ দ্বাৰা শব্দ প্ৰদূষণ প্রতিৰোধ আৰু নিয়ন্ত্ৰণ অন্তৰ্ভুক্ত।
(৪) বায়ু সম্পৰ্কীয় নিয়ম-নীতিবোৰ মানি চলিবৰ বাবে বায়ু প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ গঠন ৷ এই পৰিষদৰ মূখ্য দায়িত্ব হ’ল বায়ু প্ৰদূষণ সম্পৰ্কীয় আইনসমূহ উদ্যোগ তথা গাড়ী-মটৰেমানি চলিছেনে নাই তাক পৰীক্ষা কৰা তথা প্রদূষণ নিয়ন্ত্ৰণ কৰা হ’ল ৷
(৫) আইনখনৰ অনুচ্ছেদ ২০ ৰ মতে যান-বাহনৰ বায়ু নিৰ্গমনৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা আছে । যদিহে কোনো ইন্ধন চালিত বাহনে এই অধিনিয়ম ভংগ কৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ যোগেদি সিহঁতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে।
(৬) অনুচ্ছেদ ১৯ অনুসৰি বিভিন্ন অঞ্চলসমূহক “বায়ু প্রদূষণ নিয়ন্ত্ৰণ অঞ্চল” হিচাবে চিহ্নিত কৰিছে। এই অঞ্চলসমূহত বায়ু প্ৰদূষণ হ’ব পৰা কোনো উৎসৰ ব্যৱহাৰ কৰিব নোৱাৰিব। আইনখনে প্ৰদূষণ সৃষ্টিকাৰীসকলক শাস্তি দিয়াৰো ব্যৱস্থা কৰিছে। আইনৰ অধিনিয়ম ভংগ কৰা সকলে কঠোৰৰ পৰা কঠোৰতম শাস্তি, জৰিমনা আদিৰ সন্মুখীন হ’ব।
(২) পৰিৱেশ সুৰক্ষা আইন ১৯৮৬( Environment protection Act 1986) : এই আইনখন ১৯৮৬ চনৰ স্বর্গীয় প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিনৰদিনা অৰ্থাৎ নৱেম্বৰ ১৯ তাৰিখৰ পৰা বলবৎ কৰা হৈছে। আইনখন সমগ্র দেশৰ বাবেই ব্যৱহৃত ৷ আইনখনে কেন্দ্ৰীয় চৰকাৰক পৰিৱেশ সংৰক্ষন তথা উন্নতিৰ বাবে সৰ্বোচ্চ ক্ষমতা প্রদান কৰিছে। আইনখনৰ মতে পৰিৱেশ সম্পৰ্কীয় ক্ষেত্ৰসমূহত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাসমূহ হ’ল –
(ক) মাটি, পানী আৰু বায়ু মণ্ডলৰ মানদণ্ড বজাই ৰখা ৷
(খ) এক বিশেষ সীমালৈকেহে পৰিৱেশ প্রদূষণ কৰিব পৰা প্ৰদূষকবোৰক থাকিবলৈ বা সৃষ্টি কৰিবলৈ দিয়া ৷
(গ) সংবেদনশীল অঞ্চলসমূহত অপকাৰী বস্তুসমূহৰ ব্যৱহৃত সীমাবদ্ধতাৰ আৰোপ কৰা ৷
(ঘ) পৰিৱেশ প্রদূষিত হ’ব পৰা দৃৰ্ঘটনাবোৰৰ আগতীয়াকৈ প্রতিৰোধৰ ব্যৱস্থা কৰা ইত্যাদি ৷
পৰিৱেশক প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ এই আইনখনে বায়ুমণ্ডললৈ নিৰ্গত হোৱা বিভিন্ন গেছসমূহ তথা পানী, মাটি প্ৰদূষিত হ’ব পৰা প্রদূষকসমূহৰ ওপৰত কৰ্তব্য আৰোপ কৰিছে। বিভিন্ন অঞ্চলসমূহক ভাগ কৰি সংবেদনশীল অঞ্চল যেনে – আবাসিক, চিকিৎসালয়, আদিক “প্ৰদূষণ মুক্ত অঞ্চল” হিচাবে ঘোষণা কৰি এইবোৰ ঠাইত প্ৰদূষণ সৃষ্টি কৰিব খোজা দোষীসকলক শাস্তি প্রদানৰ ব্যৱস্থা কৰিছে। তদুপৰি এই আইনখনৰ নিয়ম-কানুনসমূহ পৰ্য্যবেক্ষণ তথা মানি চলিছেনে নাই তাক পৰীক্ষা কৰিবলৈ প্রদূষণ নিয়ন্ত্ৰণ পৰিষদক কিছুমান নিয়ম তথা নিৰ্দেশাৱলী বলবৎ কৰি দিছে।
প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আগতীয়া অনুমোদন নোহোৱাকৈ কোনোৱাই প্ৰদূষকবোৰ বায়ুমণ্ডল, পানী বা মাটিত বিয়পাই দিলে শাস্তি প্রদানৰ ব্যৱস্থা কৰিছে।
তদুপৰি এই আইনখনে পৰিৱেশ সম্পৰ্কীয় বিভিন্ন কাৰ্য্য কৰাৰ সুবিধা দিছে। পৰিৱেশ সম্পৰ্কীয় নিয়ম-কানুন মানি চলাৰ পৰীক্ষা কৰিবলৈ আইনে এখন নিৰীক্ষক সমিতি গঠন কৰাৰো সুবিধা দিছে।
মুঠৰ ওপৰত আমাৰ পৰিৱেশক সুস্থ কৰাৰ ক্ষেত্ৰত এই আইনখনে অভূতপূৰ্ব সহযোগীতা আগবঢ়াই আহিছে।
(৫) বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ( Wildlife protection act 1972) : আমাৰ দেশত ১৯৭২ চনত বলবৎ হোৱা বন্যপ্রাণী (সুৰক্ষা) আইনখন এখন দৃষ্টান্তমূলক আইন ৷ ১৯৫২ চনত স্থাপন হোৱা ভাৰতীয় বন্যপ্ৰাণী সংস্থা (Indian board of wildlife ) ৰ পৰামৰ্শ অনুযায়ী এই আইনখন প্রণয়ন কৰা হয়। তদুপৰি এই আইনখনৰ যোগেদিয়েই বন্যপ্রাণী, ৰাষ্ট্ৰীয় উদ্যান তথা অভয়াৰণ্য স্থাপনৰ সিদ্ধান্ত লোৱা হয়।
এই আইনখনৰ মুখ্য বৈশিষ্ট্য সমূহ হ’ল –
(১) আইনখন বন্যপ্ৰাণীৰ জীৱন সম্পৰ্কীয় কাৰ্য্যকলাপৰ লগত জড়িত।
(২) বন্যপ্রাণী ৰক্ষক, বন্যপ্রাণীৰ উপদেশ সংস্থা ইত্যাদি স্থাপন।
(৩) দুষ্প্রাপ্য জীৱসমূহ চিনাক্ত কৰিসিহঁতক চিকাৰকৰা কাৰ্য্যক বাধা নিষেধ আৰোপ।
(৪) দুষ্পাপ্য উদ্ভিদ যেনে- কপৌফুল, কলসী, চন্দন আদিৰ ধ্বংস তথা ব্যৱহাৰত বাধানিযষেধ আৰোপ।
(৫) ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য স্থাপনৰ ব্যৱস্থা।
(৬) বন্যপ্ৰাণীৰ ব্যৱসায়, ঘৰুৱা কাম-কাজৰ বাবে ব্যৱহাৰ তথা বন্যপ্ৰাণীৰ কোনো অংগৰ ব্যৱসায় বন্ধ কৰা।
(৭) বন্যপ্ৰাণীক খাদ্য হিচাবে গ্ৰহণ কৰাত, হত্যা কৰাত নিষেধাজ্ঞা আৰোপ।
(৮) বন্যপ্ৰাণী সংৰক্ষণৰ বাবে নিয়োগ কৰা মুৰব্বীসকলৰ বিধিনিয়ম মানি নচলাসকলক শাস্তি প্রদানৰ অনুমতি ৷
(৯) দুষ্প্ৰাপ্য জীৱসমূহৰ সংখ্যা বৃদ্ধিৰ বাবে আঁচনি তৈয়াৰ ইত্যাদি৷
এই আইনখনৰ যোগেদি ইতিমধ্যে ১৯৭২ চনত সিংহ সংৰক্ষণ প্রকল্প, ১৯৭৩ চনত বাঘ সংৰক্ষণৰ প্রকল্প, ১৯৭৪ চনত ঘঁৰিয়াল সংৰক্ষণ প্ৰকল্প ইত্যাদি নিয়োজিত কৰা হৈছে।
(৬) অৰণ্য সংৰক্ষণ আইন ১৯৮০ (Forest conservation Act.1980) : এই আইনখন অৰণ্য সংৰক্ষণ আৰু অৰণ্যসম্পৰ্কীয় কাৰ্য্যকলাপৰ লগত জড়িত ৷ জন্মু আৰু কাশ্মীৰক বাদ দি গোটেই ভাৰতবৰ্ষত এই আইনখন প্ৰযোজ্য ৷ ১৯৮০ চনত এইখন আইন বলবৎ হয়। এই আইনখনৰ নিয়মসমূহ সংৰক্ষিত বনাঞ্চল, ৰক্ষিত বনাঞ্চল আৰু অন্যান্য অৰণ্যৰ ক্ষেত্ৰত প্ৰযোজ্য।
অৰণ্য (সংৰক্ষণ) আইনখনৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল-
(১) অৰণ্যক মাত্ৰ অৰণ্য সম্পৰ্কীয় কাৰণতহে ব্যৱহাৰ কৰিবলৈ দিয়া হ’ব যদি কোনোবাই অন্য কাৰণত অৰণ্য ব্যৱহাৰ কৰিব খোজে চৰকাৰৰ পৰা আগতীয়া অনুমোদন ল’ব লাগিব ৷
(২) সকলো প্ৰকাৰ উদ্ভিদ সংৰক্ষণৰ ব্যৱস্থা ৷ এই সম্পৰ্কত এখন পৰামৰ্শ সমিতি থাকে যাক কেন্দ্ৰীয় চৰকাৰৰ সাহায্য দিয়া হয়।
(৩) যিকোনো কাৰ্যকলাপ যেনে- গছ কটা, অন্যকামত গছৰ ব্যৱহাৰ, চোৰাং-কাৰবাৰ ইত্যাদি এই আইনমতে দণ্ডনীয় বুলি বিবেচনা কৰা হয়।
অ-আৰণ্যক কাৰ্য্যকলাপসমূহৰ ভিতৰত মুখ্যত : গছ গছনি কাটি ঠাই মুকলি কৰা, খেতিৰ বাবে গছ-গছনি কটা আৰু অন্যান্য কাৰ্য্যকলাপক ধৰা হয়। কিন্তু কাটাতাৰ, সুৰংগ, পাইপলাইন, চেকপষ্ট ইত্যাদিৰ বাবে অৰণ্যৰ ব্যৱহাৰ কৰা কাৰ্য্যক সাময়িক ভাৱে ৰেহাই দিয়া হয়।
Multiple choice objective type questions
(1) একেটা প্রজাতি বা বিভিন্ন প্রজাতি বিলাকৰ মাজত থকা বিভিন্নতাকে –
(i) প্রজাতি বৈচিত্ৰতা বোলা হয়।
(ii) জিনীয় বৈচিত্ৰতা বোলা হয়।
(iii) পৰিৱেশীয় বৈচিত্ৰতা বোলা হয়।
(iv) সাংখ্যিক বৈচিত্ৰতা বোলা হয়।
উত্তৰঃ (i) প্রজাতি বৈচিত্ৰতা বোলা হয়।
(2) ভাৰত কোনো দুটা জৈৱ ভৌগোলিক অঞ্চলত জৈৱ বৈচিত্ৰতাৰ উষ্ণ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে?
(i) পাদদেশীয় হিমালয় আৰু হিমালয় অঞ্চল।
(ii) মৰুভূমি আৰু উপকূলীয় অঞ্চল।
(iii) সাগৰীয় দ্বীপপুঞ্জ আৰু গংগাৰ সমভূমি অঞ্চল।
(iv) পূন হিমালম আৰু পশ্চিমঘাট অঞ্চল।
উত্তৰঃ (iv) পূন হিমালম আৰু পশ্চিমঘাট অঞ্চল।
(3) বংশগতি চৰিত্ৰৰ বাহক হ’ল-
(i) জিন।
(ii) ডি.এন.এ. (DNA)।
(iii) প্র’ট’প্লাজম।
(iv) কোষ।
উত্তৰঃ (i) জিন।
(4) এবিধ বিলুপ্ত প্রাণীৰ নাম-
(i) ডাইনছৰ।
(ii) বাঘ।
(iii) সোণালী বান্দৰ।
(iv) ৰঙা পাণ্ডা।
উত্তৰঃ (i) ডাইনছৰ।
(5) অঞ্চল বিশেষে পোৱা প্ৰজাতিবোৰক বোলা হয়।
(i) অস্থানিক।
(ii) গোলকীয়।
(iii) স্থানিক।
(iv) স্থানিক অস্থানিক।
উত্তৰঃ (iii) স্থানিক।
(6) পৃথিৱীত মুঠ জৈৱ বৈচিত্ৰতাৰ উষ্ণ অঞ্চল
(i) ১২ টা।
(ii) ২৫ ট।
(iii) ৪ টা।
(iv) ৩০ ট।
উত্তৰঃ (ii) ২৫ ট।
(7) পঞ্চাশ বছৰ ধৰি কোনো প্রাণী দৃষ্টিগোচৰ নহ’লে তাক কোৱা হয়-
(i) বিলুপ্তপ্রায় প্রাণী।
(ii) বিলুপ্ত প্ৰাণী।
(iii) স্পৰ্শকাতৰ প্রাণী।
(iv) দুষ্প্ৰাপ্য প্ৰাণী।
উত্তৰঃ (ii) বিলুপ্ত প্ৰাণী।
(8) প্রকৃতি আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ আন্তৰ্জাতিক সংস্থাই (IUCN) প্রস্তুত কৰা কিতাপখনৰ নাম –
(i) blue data book.
(ii) Red data book.
(iii) Green data book.
(iv) yellow data book.
উত্তৰঃ (ii) Red data book.
(9) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয়।
(i) ১৯৬৯ চনত।
(ii) ১৯৭০ চনত।
(iii) ১৯০৪ চনত।
(iv) ১৯৭২ চনত।
উত্তৰঃ (i) ১৯৬৯ চনত।
(10) এৰি ৰেচম উৎপন্ন হোৱা পলুবিধৰ নাম-
(i) Attacus.
(ii) Antheraca.
(iii) Bombyx mori.
(iv) Bombyx bistro.
উত্তৰঃ (i) Attacus.
(11) নুনী গছ কোনবিধ ৰেছম পলুৰ খাদ্য ?
(i) মূগা।
(ii) পাট।
(iii) এৰী।
(iv) তচৰ।
উত্তৰঃ (ii) পাট।
(12) মেলেৰিয়া ৰোগৰ ঔষধ প্রস্তুত কৰা হয় –
(i) নিমগছৰ পৰা।
(ii) জবাফুলৰ পৰা।
(iii) মাটি কঁঠালৰ পৰা।
(iv) চিনকোণাৰ পৰা।
উত্তৰঃ (iv) চিনকোণাৰ পৰা।
(13) কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন ক’ত অৱস্থিত?
(i) বিহাৰ।
(ii) উত্তৰ প্রদেশ।
(iii) অসম।
(iv) পশ্চিমবংগ।
উত্তৰঃ (ii) উত্তৰ প্রদেশ।
(14) কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন তলৰ কোনবিধ প্ৰাণীৰ বাবে বিখ্যাত?
(i) বাঘ।
(ii) এশিঙীয়া গঁড়।
(iii) হাতী।
(iv) সোণালী বান্দৰ।
উত্তৰঃ (i) বাঘ।
(15) উদ্ভিদ জিন সম্পদৰ (NBPGR) ৰাষ্ট্ৰীয় কাৰ্যালয় ক’ত অৱস্থিত?
(i) অসম।
(ii) দিল্লী।
(iii) মুম্বাই।
(iv) হাৰিয়ানা।
উত্তৰঃ (ii) দিল্লী।
(16) প্রাণীৰ জিন সম্পদৰ (NBAGR) ৰাষ্ট্ৰীয় কাৰ্যালয় ক’ত অৱস্থিত?
(i) হৰিয়ানা।
(ii) দিল্লী।
(iii) মহাৰাষ্ট্ৰ।
(iv) মেঘালয়।
উত্তৰঃ (i) হৰিয়ানা।
(17) কোনো প্ৰজাতিৰ সংখ্যা ক্ৰমাগতভাৱে কমিবলৈ ললে তাক কি বোলে?
(i) বিলুপ্ত।
(ii) হননীয়।
(iii) দুষ্প্ৰাপ্য।
(iv) বিলুপ্তপ্ৰায়।
উত্তৰঃ (ii) হননীয়।
(18) কোনো প্ৰজাতিৰ সংখ্যা যেতিয়া একেবাৰে কমি যায় বা যি প্ৰজাতিৰ বাসস্থান কমি গৈ আছে, সেই প্ৰজাতি-
(i) বিলুপ্ত।
(ii) হহনীয়।
(iii) দুষ্প্ৰাপ্য।
(iv) বিলুপ্তপ্ৰায়।
উত্তৰঃ (iv) বিলুপ্তপ্ৰায়।
(19) বিশেষ সংৰক্ষণ এলেকা হ’ল-
(i) ইণ্ডোনেচিয়া সুমাত্ৰা অঞ্চল।
(ii) হিমালয় অঞ্চল।
(iii) পশ্চিমঘাট অঞ্চল।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (iv) ওপৰৰ এটাও নহয়।
(20) বিশ্ব বন্যপ্ৰাণী সংস্থা (WWF) গঠিত হয়।
(i) ১৯৬১চনত।
(ii) ১৯৬২ চনত।
(iii) ১৯৭১ চনত।
(iv) ১৯৭২ চনত।
উত্তৰঃ (i) ১৯৬১চনত।
(21) নিম্নোক্ত কোনটো কাৰণ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ নহয়-
(i) বাসস্থান হ্রাস।
(ii) বৃক্ষৰোপন।
(iii) চোৰাংচিকাৰ।
(iv) মানুহ আৰু বন্যজন্তুৰ সংঘাট।
উত্তৰঃ (ii) বৃক্ষৰোপন।
(22) জৈৱ বিচিত্ৰতা বুলিলে-
(i) একে প্রজাতিৰ প্রাণী থকা।
(ii) একে প্রকাৰৰ জীৱ থকা।
(iii) একে জাতীয় উদ্ভিদ থকা।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ii) একে প্রকাৰৰ জীৱ থকা।
(23) জৈৱ বিচিত্ৰতাৰ গুৰুত্ব হ’ল–
(i) উপভোগীয় ব্যৱহাৰিক গুৰুত্ব।
(ii) উৎপাদনী ব্যৱহাৰিক গুৰুত্ব।
(iii) সামাজিক গুৰুত্ব।
(iv) ওপৰৰ সকলোবোৰ।
উত্তৰঃ (iv) ওপৰৰ সকলোবোৰ।
(24) ভাৰতৰ লুপ্তপ্ৰায় জন্তু হ’ল–
(i) সোণালী বান্দৰ।
(ii) হাতী।
(iii) হৰিণা।
(iv) ওপৰৰ সকলোবোৰ।
উত্তৰঃ (i) সোণালী বান্দৰ।
(25) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত–
(i) নাহৰফুটুকী বাঘ।
(ii) গঁড়।
(iii) হাতী।
(iv) বানপানী।
উত্তৰঃ (ii) গঁড়।
(26) এখন মহাজৈৱ বৈচিত্ৰ্যৰ দেশৰ নাম উল্লেখ কৰা
(i) ইৰান।
(ii) শ্ৰীলংকা।
(iii) ভাৰত।
(iv) নেপাল।
উত্তৰঃ (iii) ভাৰত।
(27) জৈৱ বিচিত্ৰতাৰ এটা ভাবুকি হ’ল–
(i) উদ্যোগীকৰণ।
(ii) খৰাং।
(iii) দুয়োটাই শুদ্ধ।
(iv) দুয়োটাই অশুদ্ধ।
উত্তৰঃ (iii) দুয়োটাই শুদ্ধ।
(28) কাজিৰঙা এখন–
(i) ৰাষ্ট্ৰীয় উদ্যান।
(ii) অভয়াৰণ্য।
(iii) দুয়োটাই শুদ্ধ।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (i) ৰাষ্ট্ৰীয় উদ্যান।
(29) জৈৱ বিচিত্রতাৰ সংৰক্ষণ হ’’ল—
(i) স্থানিক।
(ii) বাহিস্থানিক।
(iii) দুয়োটাই গুদ্ধ।
(iv) দুয়োটাই অশুদ্ধ।
উত্তৰঃ (ii) বাহিস্থানিক।
(30) জৈৱিক বৈচিত্ৰতাক প্রধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি?
(i) দুটা।
(ii) তিনিটা।
(iii) চাৰিটা।
(iv) পাঁচটা।
উত্তৰঃ (ii) তিনিটা।
(31) পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন পৰিস্থিতি তন্ত্ৰত বাস কৰা জৈৱ সম্প্ৰদায়সমূহৰ মাজত যি জৈৱিক বৈচিত্ৰতাৰ সৃষ্টি হয় তাক বোলা হয়-
(i) জিনীয় বৈচিত্ৰতা।
(ii) পৰিৱেশীয় বৈচিত্ৰতা।
(iii) প্রজাতি বৈচিত্ৰতা।
(iv) ওপৰৰ সকলোবোৰ অশুদ্ধ।
উত্তৰঃ (ii) পৰিৱেশীয় বৈচিত্ৰতা।
(32) বিশ্বত কেইখন উষ্ণ জৈৱ বৈচিত্ৰৰ দেশ আছে?
(i) ২২ খন।
(ii) ২৩ খন।
(iii) ২৪ খন।
(iv) ২৫ খন।
উত্তৰঃ (iv) ২৫ খন।
(33) ভাৰতবৰ্ষত কেইখন উষ্ণ জৈৱ বৈচিত্ৰৰ ঠাই আছে?
(i) এখন।
(ii) দুখন।
(iii) তিনিখখ।
(iv) চাৰিখন।
উত্তৰঃ (ii) দুখন।
(34) বিশ্বৰ স্থলজ জৈৱ বৈচিত্ৰতাক কি বোলে?
(i) জৈৱ বৈচিত্ৰ।
(ii) জৈৱ আয়তন।
(iii) জৈৱ জগত।
(iv) জৈৱ ভৌগোলিক।
উত্তৰঃ (ii) জৈৱ আয়তন।