Environmental Studies Unit 2 প্রাকৃতিক সম্পদ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Studies Unit 2 প্রাকৃতিক সম্পদ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Studies Unit 2 প্রাকৃতিক সম্পদ Question Answer can be of great value to excel in the examination.
Environmental Studies Unit 2 প্রাকৃতিক সম্পদ
Environmental Studies Unit 2 প্রাকৃতিক সম্পদ Notes cover all the exercise questions in UGC Syllabus. The Environmental Studies Unit 2 প্রাকৃতিক সম্পদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Natural Resources
ENVIRONMENTAL STUDIES
পৰিৱেশ অধ্যয়ন
প্রকৃতি প্রদত্ত যিবিলাক পদাৰ্থ জীৱৰ বা জৈৱিক সম্প্রদায়ৰ আৱশ্যকীয় শক্তিৰ আধাৰ আৰু যিবোৰ জীৱৰ জীৱন ধাৰণৰ বাবে অতি আৱশ্যকীয় সেই সকলোবোৰ সম্পদকে প্রাকৃতিক সম্পদ আখ্যা দিয়া হয়। মাটি, বায়ু, পানী, খনিজ পদাৰ্থ, উদ্ভিদ তথা প্রাণী আদি সকলো প্রাকৃতিক সম্পদৰ অন্তৰ্ভুক্ত৷ অন্য অৰ্থত ভূ-পৃষ্ঠৰ তলত আৰুউপৰিভাগত থকা সকলো পদাৰ্থকে প্রাকৃতিক সম্পদ বুলি ক’ব পাৰি। প্রাকৃতিক সম্পদক কেইবাটাও দৃষ্টিকোণৰ পৰা ভাগ কৰিব পাৰি ৷
উদাহৰণস্বৰূপেঃ
(ক) উৎপত্তিৰ উৎস তথা ৰাসায়নিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি প্রাকৃতিক সম্পদক তিনিটা ভাগত ভগাৰ পাৰিঃ
(১) অজৈৱ সম্পদ (Inorganic Resource) : যেনে – বায়ু, গেছ, পানী আৰু ধাতুসমূহ।
(২) জৈৱ সম্পদ (Organic Resource) : যেনে – উদ্ভিদ, প্রাণী, বিয়োজকসমূহ, কয়লা, কাঠ, ভূৃগৰ্ভত থকা খনিজ তেল আদি ৷
(৩) মিশ্ৰ সম্পদ (Mixed Resource) : জৈৱ আৰু অজৈৱ সম্পদৰ মিশ্ৰণ ৷ যেনে – মাটি ৷
(খ) অৰস্থান আৰু ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদক আকৌ তিনিটা ভাগত ভগাব পাৰি ৷ যেনে –
(১) দেশীয় (National) : যিবিলাক সম্পদ এখন দেশৰ চাৰিসীমাৰ ভিতৰত আৱদ্ধ, সেই সকলো সম্পদকে দেশীয় সম্পদ বোলা হয়।যেনে – খনিজ পদাৰ্থ।
(২) বহুদেশীয় সম্পদ (Multinational): কেইবাখনো দেশৰ মাজত ভগাই লোৱা সম্পদক বহুদেশীয় সম্পদ আখ্যা দিয়া হয়৷ যেনে : কিছুমান নদী, হ্ৰদ, পৰিভ্ৰমী চৰাই আদি৷
(৩) আন্তৰ্জাতিক সম্পদ (International) : বহিৰ্দেশীয় সম্পদসমূহকে আন্তৰ্জাতিক সম্পদ আখ্যা দিয়া হয়।
(গ) প্ৰাচুৰ্য্যতা আৰু ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি প্রাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰিব পাৰি। যেনে-
(১) অক্ষয় সম্পদ (Inexhaustible Resource) : যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়, তেনে সম্পদক অক্ষয় সম্পদ বোলে৷ যেনেঃ বায়ু, বালি, পানী, জোৱাৰ শক্তি ইত্যাদি৷
(২) ক্ষয়শীল সম্পদ (Exhaustible Resource) : যিবোৰ সম্পদ ব্যৱহাৰ কৰি থকাৰ ফলত নিঃশেষ হৈ যোৱাৰ সম্তাৱনা থাকে,তেনে সম্পদবোৰক ক্ষয়শীল সম্পদ বোলা হয় ৷ এনে সম্পদক দুটা ভাগত ভাগ কৰিব পাৰি –
(ক) নৱীকৰণযোগ্য (Renewable) সম্পদ ৷ আৰু
(খ) অনৰৱীকৰণযোগ্য (non-renewable) সম্পদ ৷
(ক) নৱীকৰণযোগ্য সম্পদ : যিবোৰ প্রাকৃতিক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ উৎপাদন কৰিব পাৰি অৰ্থাৎ নিঃশেষ হৈ নাযায় তেনে সম্পদকে নবীকৰণযোগ্য সম্পদ বোলা হয়। এনে সম্পদৰ প্রধান বৈশিষ্ট্য হ’ল, ইয়াৰ মজুত ভাণ্ডাৰ ইচ্ছা অনুসৰি বৃদ্ধি কৰিব পাৰি৷ উদ্ভিদ, প্রাণী, মাটি, পানী আদি নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ ৷
(খ) অনবৱীকৰণযোগ্য সম্পদ : যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে প্রাকৃতিক ভাৱে পুনৰ উৎপাদন বা নবীকৰণ কৰিব নোৱাৰি, এনে সকলোবোৰ প্রাকৃতিক সম্পদকে অনবীকৰণযোগ্য সম্পদ বোলা হয়। এনে সম্পদৰ ভিতৰত অতি মন্থৰ গতিত নবীকৰণ কৰিব পৰা সম্পদ সমূহকো অন্তর্ভূক্ত কৰা হয়। অনৱীকৰণযোগ্য সম্পদক দুটা ভাগত ভগাব পাৰি-
পুনৰাবৰ্তনীয় (Recyclable) : এনে সম্পদবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ আহৰণ কৰি ব্যৱহাৰ কৰিব পাৰি। যেনে – এলুমিনিয়াম, তাম ইত্যাদি।
অপুনৰাবৰ্তনীয় (non-recyclable) : অপুনৰাবৰ্তনীয় সম্পদসমূহ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ আহৰণ কৰি ব্যৱহাৰ কৰিব নোৱাৰি ৷ যেনে : কয়লা, খনিজ তেল, প্রাকৃতিক গেছ, ইউৰেনিয়াম ইত্যাদি।
ভূগৰ্ভৰ পানীৰ ব্যৱহাৰ :
ভূগৰ্ভৰ পানী অত্যধিক পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত সম্প্রতি পৰিবেশৰ ওপৰত বিৰূপ প্রভাৱ পৰিছে। সেইবাবে বৰ্তমান জল সংৰক্ষণৰ ওপৰত অতি গুৰুত্ব প্রদান কৰা হৈছে আৰু অনুমান কৰা হৈছে কেইদশক মানৰ পিছত ব্যৱহাৰ যোগ্য পানীৰ অভাৱ ঘটিব। অত্যধিক পৰিমাণৰ ভূগৰ্ভৰ পানী ব্যৱহাৰৰ ফলস্বৰূপে তলত দিয়া ধৰণে সমস্যাৰ সৃষ্টি হৈছে।
(১) পানীৰ উপস্থিতি স্তৰৰ অৱনতি (Lowering of water level) : ভূগৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰৰ ফলত পানীৰ স্তৰ ক্ৰমান্বয়ে নিম্নগামী হৈছে অৰ্থাৎ পানীৰ উপস্থিতি ভূ-পৃষ্ঠৰ পৰা ভৃগৰ্ভলৈ নিম্নগামী হৈছে। ইয়াৰ মূল কাৰণ হৈছে কৃষিকৰ্মৰ বাবে অত্যধিক পৰিমাণে ভূগৰ্ভস্থ পানীৰ ব্যৱহাৰ’কৰা ৷ ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যৰ বাবে ই এটা সমস্যা হিচাপে দেখা দিছে।
(২) পানী আৱদ্ধকৰণ (Water Logging) : ভূগৰ্ভৰ পানী বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত পানী আবদ্ধকৰণ সমস্যাৰ সৃষ্টি হয়। ইয়াৰ মূখ্য কাৰণ হ’ল পানী পৰিবহণৰ উপযুক্ত নলাৰ অভাৱত বেছি পানীভাগ শস্য পথাৰতে ৰৈ যায় আৰু ইয়ে পিছলৈ ক্ৰমশঃ পানী স্তৰ ওপৰলৈ আনি পানী আৱদ্ধীকৰণ সমস্যাৰ সৃষ্টি কৰে৷
(৩) লৱণীকৰণ (Salinization) : অত্যধিক ভূগৰ্ভৰ পানী ব্যৱহাৰৰ ফলত ভূগৰ্ভত থকা লৱণবিলাক ওলাই আহি শস্য পথাৰত সোমাই ভূমিভাগ লৱণ যুক্ত কৰি ভূমি লৱণীকৰণ সমস্যাৰ সৃষ্টি কৰে। তদুপৰি অতিমাত্ৰা ভূগৰ্ভৰ পানী ব্যৱহাৰৰ ফলত ভূমি সংকোচন (Land subsidence) হব পাৰে।
নদীবান্ধৰ সুবিধা আৰু অসুবিধা :
স্বাধীনোত্তৰ কালত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাত ভাৰত চৰকাৰে বিশেষ গুৰুত্ব প্রদান কৰিছিল। আনকি ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই বান্ধবোৰ “আধুনিক ভাৰতৰ মঠ” (Temples of modern India) বুলি আখ্যা দিবলৈ পিছ পৰা নাছিল। এই বৃহৎ বান্ধসমূহ বন্ধাৰ উদ্দেশ্য আছিল ভাৰতীয় অৰ্থনীতিৰ বুনিয়াদ তৈয়াৰ কৰা। ভাৰতবৰ্ষত নিৰ্মাণ কৰা নদী বান্ধসমূহৰ প্ৰধান সুবিধাসমূহ হ’ল :
১৷ এই নদী বান্ধসমূহ নিৰ্মাণৰ অন্যতম উদ্দেশ্য হল জলবিদ্যুৎ উৎপাদন কৰা। ভাৰত জলবিদ্যুৎ শক্তিৰ অন্যতম উৎস। বিগত অৰ্ধ শতিকাত এইবান্ধসমূহৰ জৰিয়তে শক্তিৰ উৎপাদন প্ৰায় ২৫ শতাংশ বৃদ্ধি পাইছে।
(২) কৃষিকাৰ্য্যৰ বাবে জলসিঞ্চনৰ সুবিধা প্ৰদান কৰাটো আন এটা উদ্দেশ্য আৰু এই বান্ধ প্ৰকল্পসমূহৰ জৰিয়তে বৰ্তমানলৈকে প্ৰায় ১০ নিযুত হেক্টৰ ভূমিত জলসিঞ্চনৰ সুবিধা প্রদান কৰিছে।
(৩) খোৱা পানীৰ যোগানো এই বান্ধ সমূহৰ পৰা কৰিব পৰা যায়। বিশুদ্ধ খোৱাপানী এতিয়াও গৰিষ্ঠ সংখ্যক ভাৰতীয়ৰ বাবেই এটা সপোন মাথোন।
(৪) নদী বান্ধসমূহে কৃত্রিম জলাশয়ৰ সৃষ্টি কৰে আৰু ইয়াত মৎস্য পালন কৰিব পৰা যায়। তদুপৰি এই বান্ধসমূহক কেন্দ্ৰ কৰি পৰ্য্যটন আবাস আৰু অন্যান্য প্ৰমোদ বিহাৰ গঢ়ি তুলিব পাৰি৷
(৫) নদী বান্ধ সমূহ নিৰ্মাণৰ ফলত ইহঁতক কেন্দ্ৰ কৰি বাণিজ্যিক প্রতিষ্ঠানো গঢ়ি উঠিছে আৰু যাৰ ফলত আত্ম সংস্থাপনৰ পথো মুকলি হৈছে
এই বান্ধসমূহৰ উপৰোক্ত সুবিধা সমূহৰ বাদে বহুতো অসুবিধাও আছে। ইয়াৰে কিছুমান চমুকৈ ব্যাখ্যা কৰা হ’লঃ-
(১) বৃহৎ নদী বান্ধ সমূহ নিৰ্মাণৰ সময়ত এক বৃহৎ অঞ্চল জুৰি থকা বনভূমি ধ্বংস কৰা হয় আৰু ফলস্বৰূপে পৰিৱেশৰ ভাৰসাম্যতা বিনষ্ট হয়। এক কথাত ক’বলৈ গ’লে এই বান্ধসমূহে সম্পদৰ সৃষ্টি কৰাৰ পৰিবৰ্তে পৰিৱেশৰ বিপদহে মাতি আনিছে।
(২) এই বান্ধসমূহ নিৰ্মাণৰ বাবে এক বৃহৎ সংখ্যাক নিৰ্দোষী জনজাতীয় লোকক উচ্ছেদ কৰা হৈছে। কিন্তু এই উচ্ছেদৰ ফলত হোৱা অৰ্থনৈতিক তথা মানসিক ক্ষতিৰ চৰকাৰে পূৰাব পৰা নাই । ফলত এনে দুখীয়া এই লোকৰ মাজত দীনতা দিনে দিনে বৃদ্ধি পাইছে।
(৩) বৃহৎ নদী বান্ধসমূহে বানপানী আৰু খৰাং বতৰৰ সমস্যা দূৰ কৰিব বুলি ভবা হৈছিল, কিন্তু ই বাস্তৱ হৈ উঠা নাই। এক সমীক্ষা মতে, বান আধুষিত এলেকা ২০ নিযুত হেক্টৰৰ (১৯৭১) পৰা সম্প্রতি ৮০ নিযুত হেক্টৰলৈ বৃদ্ধি পাইছে। তদুপৰি ই সৰু বা ডাঙৰ ভূমিকম্পৰ কাৰণ হ’ব পাৰে।
(৪) বৃহৎ বান সমূহৰ ফলত ভূপৃষ্ঠত খনিজ লৱণৰ পৰিমাণ বৃদ্ধি হৈ ভূমিৰ গুণাগুণ নষ্ট কৰিছে।
(৫) তদুপৰি, মানুহৰ বাসভূমিৰ ক্ষতিসাধন কৰাৰ উপৰিও নদী বান্ধসমূহে ওচৰে-পাজৰে থকা বনাঞ্চল ধ্বংস কৰি জৈৱ- বৈচিত্ৰতাৰ অৱক্ষয় ঘটাইছে। বনাঞ্চলৰ ধ্বংসই ভূভাগৰ খহনীয়া বৃদ্ধি কৰিছে আৰু ক্ষয়কৰণ প্রক্ৰিয়া দ্ৰুত কৰিছে। গোলকীয়া উষ্ণতা বৃদ্ধিতো ই অন্যতম কাৰণ হৈ পৰিছে। আনকি পৰিৱেশবিদসকলৰ মতে অদূৰ ভৱিষ্যতে ‘নদী বান্ধসমূহে মৰুভূমি সৃষ্টিৰো কাৰণ হৈ পৰিব পাৰে৷ নদী বান্ধসমূহ নিৰ্মাণৰ সপক্ষে আৰু বিপক্ষে বহুতো যুক্তি আগবঢ়াইছে বান্ধৰ নিৰ্মাণৰ সমৰ্থক আৰু অসমৰ্থক দুয়ো পক্ষই ৷ নদী বান্ধ সমূহ নিৰ্মাণৰ সপেক্ষে আৰু বিপক্ষে থকা যুক্তি সমূহ তলত দিয়াৰ দৰে আলোচনা কৰিব পাৰি।
সপক্ষে : বান্ধ নিৰ্মাণৰ সমৰ্থকসকলে বৃহৎ নদী বান্ধসমূহ নিৰ্মাণৰ বাবে তলত-দিয়া যুক্তিসমূহ আগবঢ়াইছে –
(ক) আমাৰ কৃষি ভূমি সমগ্র দেশ জুৰি আছে, কিন্তু স্থলভাগৰ পানীভাগ মাত্ৰ কেইখনমান নদীতেই সীমাবদ্ধ হৈ আছে। তদুপৰি ৮০ ৰ পৰা ৯০ ভাগ পানী কেৱল বাৰিষা কালতে পোৱা যায়। সেইবাবে আমাৰ দেশে বিশাল জল সম্পদ, ভূমি সম্পদ কোনোটোকে উপযুক্তভাৱে ব্যৱহাৰ কৰিব পৰা নাই।। গতিকে জল সম্পদ আৰু ভূমি সম্পদ দুয়োটাকে উপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ বৃহৎ নদী বান্ধ সমূহৰ প্রয়োজন ৷
(খ) বৃহৎ বান্ধসমূহ নিৰ্মাণৰ দ্বাৰা পানী যোগান আঁচনি ৰূপায়িত কৰি শস্যৰ উৎপাদন বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰি।
(গ) ২০২০ চনত ভাৰতৰ জনসংখ্যা ১২০ কোটি হ’ব বুলি অনুমান কৰা হৈছে এই বৃহৎ সংখ্যক মানুহক খাদ্য, বিদ্যুৎ , বস্ত্ৰ আৰু উন্নত মানদণ্ডৰ জীৱন শৈলীৰ ব্যৱস্থা কৰিবলৈ ভাক্ৰানাংগল বা চৰ্দাৰ সৰোবৰৰ দৰে ডাঙৰ ডাঙৰ বহুমুখী নদী প্রকল্প বিলাকৰ প্রয়োজন হ’ব৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে বৃদ্ধি পোৱা বিভিন্ন চাহিদা পূৰণ কৰিবলৈ বিশ্বৰ অন্যান্য দেশেও একে ব্যৱস্থাই হাতত লৈছে।
(ঘ) বিগত সময়খিনিত শক্তি গুণগত জীৱন এটা নিৰ্ধৰণৰ একক হিচাপে গণ্য হৈ আহিছে আৰু জল শক্তিয়ে আটাইতকৈ কম খৰচী শক্তি ৷ সেইবাবে জলশক্তিক ব্যৱহাৰ কৰি শক্তি উৎপাদনৰ বাবে এনে বান্ধ নিৰ্মাণ কৰাটো অতি জৰুৰী হৈ পৰিছে।
(ঙ) জলশক্তিয়ে পৰিৱেশ প্রদূষণ নকৰে। তদুপৰি ভাৰতত যথেষ্ট সংখ্যক জল সম্পদ আছে। গতিকে প্ৰদূষণ সৃষ্টি নকৰা এই খিনি শক্তি সম্পদ ব্যৱহাৰ কৰিবলৈ শক্তি উৎপাদনত কোনো বাধা থাকিব নালাগে৷ ভাৰতত মুঠ উৎপাদিত শক্তিৰ মাত্ৰা ২৬ শতাংশ জল বিদ্যুৎ ৷ অন্যহাতেদি কানাডা, ছুইজাৰলেণ্ড, অষ্ট্ৰিয়া আদি দেশত ইয়াৰ পৰিমাণ ৬০ শতাংশ ।
(চ) পানীৰ সংকটত ভোগা অঞ্চলসমূহৰ মানুহৰ দুৰৱস্থাইও এই বৃহৎ নদী বান্ধসমূহ নিৰ্মাণৰ সপক্ষে যুক্তি আগবঢ়ায়। কাৰণ নদী বান্ধ সমূহৰ জৰিয়তে পানী সংকটত ভোগা অঞ্চল বিলাকত পানী যোগান ধৰি পানীৰ অভাৱ দূৰ কৰিব পাৰি। সাধাৰণতে পানী সংকটৰ ফলত গ্ৰাম্য মহিলা, জনজাতীয় লোক, অৰ্থনৈতিক ভাৱে পিচপৰা মানুহ আৰু ল’ৰা-ছোৱালী আদিয়ে প্রধান ভুক্তভোগী ৷ ইজৰাইল, আমেৰিকা আদিত অধিক পানী থকা ঠাইৰ পৰা পানীৰ অভাৱত ভোগা ঠাইলৈ এনে ব্যৱস্থাৰ দ্বাৰাই পানী যোগান ধৰা হয়। ভাৰততো পানী সংকটত ভোগা অঞ্চলৰ মানুহক পানী যোগানৰ ব্যৱস্থা কৰিবলৈ বৃহৎ বান্ধ সমূহ নিৰ্মাণৰ বাদে অন্য বিকল্প নাই। বহুতো সৰু বান্ধ, বৰষুণৰ পানী ব্যৱহাৰ, জলোচ্ছেদ উন্নয়ন আদি ব্যৱস্থাক বৃহৎ বান্ধৰ বিকল্প হিচাপে আগবঢ়াইছে। কিন্তু ভাৰতৰে কচ্চ (Kutch) আদি শুষ্ক অঞ্চলৰ বাবে এই প্রণালী বিলাক যথেষ্ট নহয় আৰু এনেক্ষেত্ৰত বৃহৎ বান্ধ সমূহেই একমাত্ৰ বিকল্প ৷
বিপক্ষে : নদী বান্ধ সমূহ নিৰ্মাণৰ ফলত বহুতো সুবিধাৰ সৃষ্টি হৈছে। কিন্তু একেটা সময়তে এই বান্ধ সমূহে বহুতো ডাঙৰ সমস্যাৰো সৃষ্টি কৰিছে। নদী বান্ধ সমূহ নিৰ্মাণৰ বিপক্ষে আমি তিনিটা দিশৰ পৰা নিম্নোক্ত যুক্তি সমূহ আগবঢ়াব পাৰো।
(ক) পৰিৱেশীয় দৃষ্টিকোণৰ পৰা : বৃহৎ নদী বান্ধসমূহ নিৰ্মাণৰ ফলত পৰিৱেশতন্ত্ৰৰ ওপৰত বিৰূপ প্রভাৱ পৰিছে। এনে প্রভাৱসমূহৰ ভিতৰত উল্লেখযোগ্য বিলাক হ’লঃ
(১) বনাঞ্চল ধ্বংসৰ ফলত বন্য জীৱ-জন্তুৰ বাসভূমিৰ অভাৱ ঘটিছে তথা জৈৱ বৈচিত্ৰতাৰ নাশ হৈছে।
(২) বান্ধসমূহ নিৰ্মাণৰ ফলতো বহুতো বনাঞ্চলো পানীত জাহ গৈছে আৰু ফলশ্ৰুতিত বহুতো উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যু হৈছে।
(৩) এই বান্ধসমূহে ভূমি অৱক্ষয়ৰ লগতে মাটি আৰু জল সম্পদ বিলাকৰ হানি কৰিছে।
(৪) বৃহৎ বান্ধসমূহৰ ফলত ভূমিকম্পৰো সৃষ্টি হ’ব পাৰে৷ তদুপৰি ভাৰতৰ বহুতো অঞ্চল ভূমিকম্প প্ৰাৱল্য অঞ্চলত অৱস্থিত। এনে অঞ্চলত বান্ধ নিৰ্মাণ কৰিলে কেতিয়াবা ভূমিকম্পৰ ফলত বান্ধ ভাঙি ভয়ংকৰ প্রলয় সৃষ্টি কৰিব পাৰে। |
(৫) বিশ্ববান্ধ আয়োগ (World commission of dams) ৰ অধ্যয়ন মতে এই বান্ধ সমূহৰ পৰা সেউজ গৃহ গেছ নিৰ্গত হয়।
(খ) মানৱীয় আৰু সামাজিক দৃষ্টিকোণৰ পৰা : বৃহৎ নদী বান্ধসমূহ নিৰ্মাণৰ ফলত কেৱল পৰিৱেশৰ ভাৰসাম্যই বিনষ্ট হোৱা নাই, ই মানুহৰ মাজত আৰ্থ, সামাজিক সমস্যাৰো সৃষ্টি কৰিছে আৰু দুখীয়া, নিৰক্ষৰ আদিবাসী জনজাতি সকলৰ ওপৰতে মূলত : এই বিৰূপ প্রভাৱ পৰিছে। নদী বান্ধসমূহ নিৰ্মাণৰ ফলত তলত দিয়া সামাজিক সমস্যাবোৰ সৃষ্টি হৈছে :
(১) সমগ্ৰ বিশ্বত বান্ধ বিলাক নিৰ্মাণৰ ফলত ৪০ ৰ পৰা ৮০ নিযুত মানুহ স্থানান্তৰিত হ’ব লগা হৈছে। এই স্থানান্তৰিত কৰা লোক সকলক চৰকাৰে যি পৰিমাণৰ ক্ষতিপূৰণ আৰু সংস্থাপন দিব লাগে সি যথেষ্ট নহয়। ফলত এনেয়েও দুখীয়া লোকসকলৰ মাজত দৰিদ্ৰতা অধিক বৃদ্ধি পায়৷ মানৱীয় দৃষ্টিকোণৰ পৰা কেৱল বান্ধসমূহ নিৰ্মাণ কৰি এচাম মানুহৰ চাহিদা পূৰাই আন এচাম মানুহক বঞ্চিত কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে ।
(২) সাধাৰণতে পুনৰ সংস্থাপন আঁচনি সমূহ কেৱল মাটিৰ যোগান ধৰাতে সীমাবদ্ধ থাকে ৷ ই কোনো কাৰণতে মানৱীয় দৃষ্টিকোণৰ পৰা গ্ৰহণযোগ্য নহয়।
(৩) পৌৰাণিক আবাসভূমিৰ পৰা অন্য নতুনঠাইত সংস্থাপিত কৰাৰ ফলত জনজাতি বিলাকৰ সাংস্কৃতিক পৰম্পৰা ধ্বংস হয়।
(গ) আৰ্থিক, প্ৰযুক্তিগত আৰু বাণিজ্যিক দিশৰ পৰা : আৰ্থিক, প্ৰযুক্তিগত আৰু বাণিজ্যিক দিশৰ ফালৰ পৰাও এই বৃহৎ বান্ধসমূহ নিৰ্মাণ কৰাটো বহনক্ষম নহয়। ইয়াৰ কাৰণ সমূহ হ’ল –
(১) এই বান্ধসমূহ নিৰ্মাণত বৃহৎ বিনিয়োগৰ প্রয়োজন হয়। তদুপৰি বান্ধসমূহ নিৰ্মাণ কাৰ্য্য শেষ হ’বলৈ দীঘলীয়া সময়ৰ প্রয়োজন হয় আৰু ফলশ্ৰুতিত আঁচনি ব্যয় (Project cost) বাঢ়ি গৈ থাকে।
(২) এটা বৃহৎ বান্ধ কাৰ্যক্ষম কৰি ৰাখিবলৈকে প্রায় ২৫০ কোটি টকা বছৰি ব্যয় কৰিব লগা হয়। ভাৰতৰ দৰে এখন দেশৰ বাবে এই কাৰ্য্য বিভিন্ন কাৰণত সম্ভৱ নহয়। তদুপৰি এই বান্ধসমূহে আশানুৰূপ ভাৱে দেশৰ অৰ্থনেতিক বিকাশত সহায়ো কৰা নাই ৷
(৩) বৃহৎ বান্ধ সমূহ নিৰ্মাণৰ পিছত আঁচনিসমূহৰ কোনো ধৰণৰ মূল্যায়ন কৰা হোৱা নাই ৷
(৪) এই বৃহৎ নদী বান্ধ সমূহে জল সম্পদ বিকাশৰ বাবে অনুমোদন জনোৱা সকলো টকা গ্ৰাস কৰে ফলত সৰু সৰু আৰু পৰম্পৰাগত শক্তি সম্পদ বিকাশ কৰিবলৈ ধনৰ অভাৱ হয়। উদাহৰণস্বৰূপে গুজৰাট চৰকাৰৰ জল সম্পদ বিকাশৰ বাবে থকা ৮৫ শতাংশ ধন কেৱল চৰ্দাৰ সৰোবৰ আঁচনিৰ কাম ৰূপায়নতে খৰচ হয় যি নেকি মাত্ৰ কচ্চৰ (kutch) ১.৬ শতাংশ আৰু সৌৰাষ্ট্ৰৰ ৯ শতাংশ কৃষিভূমিত ২০২০ চনত পানী যোগান ধৰিব পৰা যাব।
বানপানী প্ৰতিৰোধৰ কিছুমান উপায় :
বানপানী সমস্যাৰ পৰা হাত সাৰিবলৈ আমি তলত দিয়া ধৰণৰ ব্যৱস্থা বিলাক ল’ব পাৰো :
(১) পাহাৰ-পৰ্বত তথা ভৈয়াম ধ্বংস হোৱা বনাঞ্চল বিলাকত বৃক্ষৰোপন কৰা যাতে ভূমিক্ষয় ৰোধৰ লগতে পানীৰ নদীৰ বুকুলৈ হোৱা গতি কমাব পৰা যায়।
(২) নদীৰ বুকুত কোনোধৰণৰ প্রতিৰোধকৰ উপস্থিতি ঘটিবলৈ দিব নালাগে৷
(৩) বানপানী স্পৰ্শকাতৰ অঞ্চলত নদীৰ নিয়মিত খনন আৰু পৰিস্কাৰ কৰিব লাগে।
(৪) মথাউৰি নিৰ্মাণ প্রক্ৰিয়া বিজ্ঞানসন্মত হ’ব লাগে ৷
(৫) যিবোৰ নদীৰ গতিপথ খুব অকোৱা-পকোৱা, তেনে নদীত কৃত্ৰিম বান্ধ দি বানপানী প্রতিৰোধ কৰিবলৈ চেষ্টা কৰাতকৈ নদী কাষৰীয়া মানুহখিনিক বানপানীৰ লগত সহাৱস্থান কৰিবলৈ মানসিক ভাৱে প্রস্তুত কৰিব লাগে ৷ তদুপৰি সেই অনুসৰি কৃষি পদ্ধতি তথা জীৱিকা-নিৰ্বাহৰ কৌশল সলনি কৰিব লাগে।
(৬) নদীৰ মাজত নতুন চৰ চাপৰি হোৱাত বাধা দিব লাগে ৷
(৭) নদীৰ বুকুত থকা চৰ চাপৰিত মানুহৰ ঘৰ দুৱাৰ বনাই, খেতি কৰা বসবাস কৰিবলৈ অনুমতি দিব নালাগে। ই নদীৰ পৰিস্থিতি তন্ত্ৰৰ ওপৰত বিৰূপ প্রভাৱ পেলায়।
(৮) বানপানী সঘনাই হোৱা ঠাইত কিছুমান ওখ ভেঁটি নিৰ্মাণ কৰিব লাগে যাতে বিপদৰ সময়ত মানুহৰ লগতে জীৱ- জন্তুসমূহে আশ্ৰয় ল’ব পাৰে ৷
(৯) কৃত্ৰিম নদীবান্ধ সৃষ্টি কৰি পানী সংৰক্ষণ কৰিও বানপানীৰ পৰিমাণ হ্ৰাস কৰিব পাৰি ৷
বনজ সম্পদৰ মূল ব্যৱহাৰ :
বনজ সম্পদ হৈছে পৃথিৱীত পোৱা প্রাকৃতিক সম্পদ বিলাকৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ সম্পদাই জলবায়ু নিয়ন্ত্ৰণ, বোৱতী পানীৰ গতি নিয়ন্ত্ৰণ আৰু বায়ু বিশুদ্ধকৰণ কৰাৰ লগতে মানুহ তথা অন্যান্য জীৱ-জন্তুৰ আশ্ৰয় আৰু খাদ্য সামগ্ৰীৰ ভাণ্ডাৰ। তদুপৰি বনভূমি সমূহে জীৱন ধাৰণৰ বাবে প্রয়োজনীয় আচবাবৰ যোগান ধৰে৷ পৃথিৱীৰ মুঠ মাটিকালিৰ প্ৰায় ৩৩ শতাংশ এলেকা বনাঞ্চলে আগুৰি আছে৷ অন্যহাতেদি ভাৰতৰ প্রায় ১৯.২৭ শতাংশ ভূমিহে বনাঞ্চলে আৱৰি আছে। বনজ সম্পদ সমূহৰ গুৰুত্ব প্রধানত দুটা দিশৰ পৰা ব্যাখ্যা কৰিব পাৰি।
(ক) বাণিজ্যিক ব্যৱহাৰৰ দিশৰ পৰা : বনজ সম্পদ সমূহে বৃহৎ সংখ্যক বাণিজ্যিক দ্রব্যৰ যোগান ধৰে। ইয়াৰ ভিতৰত কাঠ, খৰি, পাল্প উদ, প্লাইডদ, খাদ্য সামগ্ৰী, আঠা, ৰবৰ, আহ-সূতা, দৰৱ, বাঁহ বেত, ধুনা বিভিন্ন ধৰণৰ সুগন্ধি তেল আদি উল্লেখযোগ্য৷ এক সমীক্ষামতে এই বনজ সম্পদ বিলাকৰ বাৰ্ষিক বাণিজ্যিক মূল্য ৩০০ বিলিয়ন ডলাৰতকৈও অধিক।
(খ) পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰা দিশৰ পৰা : বনজ সম্পদসমূহে তলত দিয়া ধৰণে প্রাকৃতিক পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।
(১) অক্সিজেনৰ উৎপাদনঃ উদ্ভিদে সালোক সংশ্লেষণ প্রক্ৰিয়াৰ দ্বাৰা অক্সিজেন উৎপাদন কৰে আৰু এই অক্সিজেন জীৱৰ জীৱনধাৰণৰ বাবে অতি জৰুৰী। সেইবাবে উদ্ভিদক পৃথিৱীৰ হাওফাও (Earth’s lung) বোলা হয়।
(২) গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰণত : বনাঞ্চলে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ উদ্ভিদে সালোক- সংশ্লেষণ প্রক্ৰিয়াত খাদ্যবস্তু প্রস্তুত কৰিবৰ বাবে কাৰ্বন-ডাই-অক্সাইড (CO2) বায়ুৰ পৰা শোষণ কৰি লয়। যিহেতু কাৰ্বন-ডাই’-অক্সাইড এবিধ অন্যতম মুখ্য সেউজগৃহ গেছ (Greenhouse gas) আৰু যাৰ তাপ ধৰি ৰাখিব পৰা ক্ষমতা অতি বেছি, সেইবাবে গছ-গছনি বৃদ্ধি পোৱা মানে কাৰ্বন- ডাই- অক্সাইডৰ উপস্থিতি হ্ৰাস হোৱা আৰু বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কমা আৰু গছ-গছনি হ্ৰাস পোৱা মানে কাৰ্বন-ডাই-অক্সাইডৰ উপস্থিতি বৃদ্ধি পোৱা আৰু বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পোৱা ৷
(৩) জলীয় চক্ৰ নিয়ন্ত্ৰন : বনাঞ্চলে সৃষ্টি কৰা অৰ্দ্ৰতা তথা জলীয় বাষ্পই একোটা অঞ্চলৰ জলীয় চক্র নিয়ন্ত্ৰন কৰে। বনাঞ্চল হ্ৰাসে জলীয় চক্ৰৰ ওপৰত প্রভাৱ পেলায়। ফলস্বৰূপে অঞ্চলটোত বৰষুণৰ পৰিমাণ হ্ৰাস পায় আৰু ইয়াৰ লগে লগে অঞ্চলটোৰ উন্নয়ন প্ৰক্ৰিয়াটোত বিৰূপ প্রভাৱ পৰে।
(৪) ভূমি সংৰক্ষণ : ভূমি সংৰক্ষণটো গছ-গছনিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই ভূমিভাগত নিহিত হৈ থকা বিভিন্ন ধৰণৰ মৌলিক তথা যৌগিক পদাৰ্থখিনি ধৰি ৰখাত সহায় কৰে৷ তদুপৰি ভূমিৰ অৱক্ষয় আৰু বতাহৰ গতি ৰোধক হিচাপেও কাম কৰে।
(৫) বন্য জীৱ-জন্তুৰ বাসভূমি : বনাঞ্চল সমূহ বন্য জীৱ-জন্তুৰ বাসভূমি । প্রায় ৭ মিনিয়ন প্রজাতিৰ বন্য জীৱ ক্ৰান্তীয় বনাঞ্চল সমূহতে পোৱা যায়। গতিকে বনাঞ্চল ধ্বংস হোৱা মানে এই জীৱ বিলাকৰ বাসভূমি নাইকীয়া হোৱা। সেইবাবে আমি ক’ব পাৰো যে, বন্য জীৱ-জন্তুৰ বাবে বনাঞ্চল সমূহেই আবাস তথা বিচৰণ ভূমি।
(৬) প্ৰদূষণ নাশকঃ বনাঞ্চল সমূহে বিভিন্ন ধৰণৰ বিষাক্ত গেছ শোষণ কৰি বায়ুমণ্ডল বিশুদ্ধ হৈ থকাত সহায় কৰে। তদুপৰি ই শব্দ প্রদূষণৰ পৰিমাণো হ্ৰাস কৰে। গতিকে বনাঞ্চলে বায়ু আৰু শব্দ দুয়োটা প্ৰদূষণৰ পৰা বানুমণ্ডলক মুক্ত কৰি ৰাখে।
(৭) বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন উদ্যোগ যেনে – প্লাইডদ উদ্যোগ, জুইশলা উদ্যোগ, কাঠ উদ্যোগ ইত্যাদি গঢ়ি উঠিছে। এই উদ্যোগসমূহে সংস্থাপনৰ সুবিধা বৃদ্ধিৰ লগতে অৰ্থনৈতিক বিকাশতো সহায় কৰিছে। তদুপৰি বনজ সম্পদে পৰ্য্যটন উদ্যোগৰ বিকাশতো সহায় কৰে।
বনজ সম্পদৰ প্রাকৃতিক উপযোগিতা যে বাণিজ্যিক উপযোগিতাতকৈ বেছি তাক মাত্ৰ এটা উদাহৰণৰ দ্বাৰা ব্যাখ্যা কৰিব পাৰি। উদাহৰণস্বৰূপে এজোপা পূৰ্ণ বয়স্ক উদ্ভিদৰ পৰা প্রায় ৫৯০ ডলাৰ বাণিজ্যিক মূল্যৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰি। কিন্তু এই গছ জোপাই প্রায় ১৯৬, ২৫০ ডলাৰ মূল্যৰ পৰিৱেশ সম্পৰ্কীয় সুবিধা (environmental service) আগবঢ়াই। গতিকে আমি একেষাৰে ক’ব পাৰো যে, বনজ সম্পদৰ প্রাকৃতিক উপযোগিতা ইয়াৰ বাণিজ্যিক উপযোগিতাতকৈ বেছি ।
শক্তি সম্পদৰ ব্যৱহাৰ :
শক্তি সম্পদৰ গুৰত্ব মানৱ সমাজত অপৰিসীম আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগে ইয়াৰ ব্যৱহাৰ আৰু গুৰুত্বও দিনক দিনে বৃদ্ধি পাইছে। যিহেতু এখন দেশৰ সকলোধৰণৰ উন্নয়নমূলক আঁচনিৰ কাৰ্য্যকাৰিতাৰ বাবে শক্তি সম্পদৰ প্রয়োজন, সেইবাবে শক্তি সম্পদক এখন দেশৰ উন্নয়নৰণ অন্যতম প্রধান সুচ্যাংক হিচাপে গণ্য কৰা হয়। ইয়াৰ পৰাই মানৱ সমাজত শক্তি সম্পদৰ ব্যৱহাৰৰ গুৰুত্ব স্পষ্ট হৈ পৰে।
কৃষি, উদ্যোগ, খনিজ, পৰিবহন, বিজুলী যোগান আদি সকলো ক্ষেত্ৰতে শক্তি ব্যৱহাৰ কৰা হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে শক্তি সম্পদৰ চাহিদা
বৃদ্ধিৰ ফলস্বৰূপে শক্তিৰ যোগান আৰু চাহিদাৰ মাজত পাৰ্থক্য আহি পৰিছে। কিন্তু শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ধনী আৰু দুখীয়া দেশসমূহৰ এটা স্পষ্ট পাৰ্থক্য পৰিলক্ষিত হয়। ধনী দেশৰ মানুহে দুখীয়া দেশৰ মানুহতকৈ কেইবা গুণে বেছি পৰিমাণে শক্তি সম্পদৰ ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, আমেৰিকা আৰু কানাডাৰ জনসংখ্যা পৃথিৱীৰ মাত্ৰ ৫ শতাংশ কিন্তু দুয়োখন দেশে পৃথিৱীৰ মুঠ শক্তি সম্পদৰ ১/৪ ভাগ ব্যৱহাৰ কৰে।অন্যহাতে ভাৰত য’ত নেকি পৃথিৱীৰ ১৫ শতাংশ লোক বাস কৰে, অথচ পৃথিৱীৰ মুঠ শক্তিৰ ২ শতাংশ শক্তিহে উৎপাদন আৰু ব্যয় কৰে। একেদৰে আমেৰিকা আৰু কানাডাৰ প্রতিজন লোকে গড় হিচাপে ৩০০ জি .জে. (জিগা জুলচ্ /Gigajoules) শক্তি ব্যৱহাৰ কৰাৰ বিপৰীতে অনুন্নতশীল দেশ ভূটান, নেপাল, ইথিউপিয়া আদিৰ গড় ব্যয় ১জি.জেতকৈ কম ৷ ইয়াৰ পৰা জীৱন-নিৰ্বাহৰ প্রণালী আৰু মানদণ্ডক শক্তি সম্পদৰ ব্যৱহাৰৰ লগত সংযুক্ত কৰিব পাৰি আৰু উন্নয়নৰ অন্যতম প্ৰধান সূচ্যাংক হিচাপে গণ্য কৰিব পাৰি৷
সৌৰশক্তিৰ সুৰিধা আৰু অসুবিধা :
সৌৰশক্তিৰ প্রধান সুবিধা আৰু অসুবিধা বিলাক তলত উল্লেখ কৰা হ’লঃ
সুবিধাসমূহ :
(১) সৌৰ শক্তিৰ পুনঃপুনঃ ব্যৱহাৰ কৰিব পাৰি। ই শক্তিৰ অক্ষয় ভাণ্ডাৰ স্বৰূপ।
(২) ই অতি নিকা আৰু পৰিৱেশ প্ৰদূষণত ই কোনো ভূমিকা পালন নকৰে।
(৩) সৌৰসক্তিৰ পাহাৰীয়া দুৰ্গম যিকোনো ঠাইতো বিদ্যুৎ উৎপাদনৰ বাবে কোনো বিপদৰ ভয় নথকাকৈ ব্যৱহাৰ কৰিব পাৰি৷
অসুবিধাসমূহ :
(১) পৃথিৱীৰ সকলো অঞ্চলতে সূৰ্য্যৰ পোহৰ সুষমভাৱে নপৰাৰ বাবে ইয়াক সকলো ঠাইতে বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি ৷
(২) ৰাতি বা ডাৱৰীয়া বতৰত সূৰ্য্যৰ পৰা পোৱা শক্তিক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব নোৱাৰি ।
(৩) তদুপৰি সৌৰশক্তিক বিদ্যুৎশক্তিৰ বিকল্প হিচাপে গঢ়ি তুলিবলৈ জনসাধাৰণৰ মাজত সচেতনতাৰ অভাৱ।
ভূমিস্খলন:
প্রাকৃতিক বা মানৱ সৃষ্ট কাৰণত মাটি ওপৰৰ পৰা তললৈ সৰি পৰা কাৰ্য্যকে আমি ভূমি স্খলন বুলি ক’ব পাৰো। ভূমিস্খলন দুই প্রকাৰৰ :
(ক) প্ৰাকৃতিক। আৰু
(খ) মানৱসৃষ্ট।
ভূমিকম্পৰ ফলত হোৱা মাটিৰ পতন (fall) প্রাকৃতিক ভূমি ঙ্খলনৰ উদাহৰণ। অন্যহাতেদি মানৱ-সৃষ্ট ভূমিস্খলনৰ উদাহৰণ হৈছে পাহাৰ বা পৰ্বতৰ অত্যধিক গছ-গছনি কটাৰ ফলত পাহাৰৰ মাটি ভৈয়ামলৈ পতিত হোৱা কাৰ্য্য। প্রাকৃতিক ভূমিস্খলনক আকৌ আমি দুটা ভাগত বিভক্ত কৰিব পাৰো। (১)সমতল ভূমিত হোৱা ভূমিঙ্খলন। উদাহৰণস্বৰূপে নদীৰ গৰাখহনীয়া; (২) পাহাৰীয়া ভূমিত হোৱা ভূমিস্খলন। উদাহৰণস্বৰূপে সেউজ আভৰণ নষ্ট হোৱা বাবে হোৱা ভূমিঙ্খলন।
ভূমি স্খলনৰ বাবে দায়ী মানৱ-সৃষ্ট কাৰণ কেইবাটাও তাৰ ভিতৰত বনাঞ্চল ধ্বংস কাৰণটোৱেই প্রধান। বনাঞ্চল ধ্বংসৰ ফলত মাটিৰ সেউজ আভৰণ বিনষ্ট হয় আৰু ফল স্বৰূপে যি চিমেন্ট সদৃশ বান্ধোনৰ বাবে মাটি কঠিন হৈ থাকে সেই মৌলিক গুণ নাইকিয়া হয়। ইয়াৰ পৰিণামস্বৰূপে পানী বা বতাহে মাটিক অলপতেটিলা কৰিব পাৰে আৰু কালক্ৰমত ইয়ে ভূমিস্খলনৰ কাৰণ হৈ পৰে। ভূমিৰ সেউজ আভৰণ ধবংসৰ বাবে ঝুম খেতিও দায়ী।
ভূমিঙ্খলনৰ অন্য কিছুমান কাৰণ হৈছে – যোগাযোগ ব্যৱস্থা সূচল কৰিবলৈ পাহাৰ কাটি ৰাস্তা ঘাট নিৰ্মাণ কৰা, জনসংখ্যা বৃদ্ধিৰ হেঁচাত পাহাৰৰ পাদভূমিত গৃহ নিৰ্মাণ কৰা, কল-কাৰখানা স্থাপন কৰা ইত্যাদি । তদুপৰি খনিৰ পৰা খনিজাত দ্ৰব্য উদ্ঘাটনৰ বাবে চলোৱা খনন কাৰ্য্যও পাহাৰীয়া অঞ্চলবোৰত
সততে হোৱা ভূমিস্খলন অন্যতম মানৱসৃষ্ট কাৰণ। গুৱাহাটী মহানগৰীৰ আশে-পাশে হোৱা সকলো ভূমিস্খলনৰ কাৰণেই হ’ল মানুহ।
ভূমিস্খলনৰ প্রধান পৰিণামসমূহ
ভূমিঙ্খলনৰ প্রধান পৰিণামবোৰ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি।
(১) ভূমি জ্বলনৰ ফলত ধন জনৰ বিস্তৰ ক্ষতি হয়।
(২) ভৃমিঙ্খলনৰ ফলত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। ইয়ে এখন ৰাজ্য বা এটা এলেকাৰ অৰ্থনীতিত বিৰূপ প্রভাৱ পেলায়।
(৩) ভূমিস্খলনে নদীৰ গৰ্ভ বাম কৰি বানপানীৰ পৰিমাণ বৃদ্ধি কৰে।
(৪) ইয়াৰ ফলত শস্য পথাৰ পোত খাই ইয়াৰ উৎপাদিকা শক্তি নাইকীয়া কৰে।
(৫) ভূমি স্খলনে বনসম্পদৰ অনিষ্ট সাধন কৰে।
ভূমি স্খলনে পৰিমাণ হ্ৰাস কৰিবলৈ আমি নিম্নোক্ত ব্যৱস্থাসমূহ ল’ব পাৰো।
(১) বনাঞ্চল উচ্ছেদ বন্ধ কৰা আৰু বৃক্ষৰোপন কাৰ্যসূচী হাতত লোৱা৷
(২) ঝুমখেতি ত্যাগ কৰা।
(৩) পাহাৰ কাটি ইয়াৰ প্রাকৃতিক ভাৰসামত্য নষ্ট নকৰা।
(৪) খনিজাত দ্রব্যসমূহ আহৰণ কৰোঁতে সাৱধানতা অৱলম্বন কৰা যাতে ই বহনযোগ্য (Sustainable)হয়।
(৫) চৰণীয়া পথাৰসমূহক অত্যাধিক মাত্ৰাত ব্যৱহাৰ নকৰা আদি।
মৰুভূমি কৰণঃ
যি প্ৰক্ৰিয়াৰ দ্বাৰা খৰাং ভূমিৰ উৎপাদনী ক্ষমতা ১০ শতাংশ বা ততোধিক পৰিমাণে হ্ৰাস পায়, এনে প্রক্ৰিয়াক মৰুভূমিকৰণ বোলা হয়। মৰুভূমি প্রাকৃতিক আৰু মানৱ-সৃষ্ট দুয়োটা কাৰণতে হ’ব পাৰে। প্রাকৃতিক কাৰণৰ ভিতৰত জলবায়ু পৰিৱৰ্তন উল্লেখযোগ্য। কিন্তু জলবায়ুৰ পৰিবৰ্তন মানুহৰ বিভিন্ন পৰিৱেশ বিনষ্টকাৰী কাৰ্য্যৰ বাবেও হ’ব পাৰে। মৰুভূমিকৰণৰ বাবে দায়ী মানৱ-সৃষ্ট কাৰণবোৰ তলত আলোচনা কৰা হ’লঃ
(ক) অবনানীকৰণ (Deforestation) : অবনানীকৰণৰ ফলত বিভিন্ন সমস্যা যেনে ভূমিক্ষয়, উৎপাদনশীলতাৰ হ্ৰাস আৰু পানী ধৰি ৰক্ষাৰ ক্ষমতা হ্ৰাস আদিয়ে দেখা দিয়ে। এই সকলোবোৰে ভূমিৰ গুণাগুণ নাশ কৰি মৰুভূমিৰ সৃষ্টি হোৱাত সহায় কৰে।
(খ) চৰণীয়া ভূমিঅত্যধিক ব্যৱহাৰ : পশুপালন কৰা অঞ্চলসমূহত চৰণীয়া ভূমিক অত্যধিক ব্যৱহাৰ কৰা হয়। ফলস্বৰূপে বনভূমি পতিত ভূমি (water land) লৈ পৰিণত হৈ ভূমিভাগ উন্মুক্ত আৰু শুষ্ক (শুকান) কৰি তোলে ৷ এনে ভূমি ভাগত মাটিৰ সাৰুৱা গুণৰ অভাৱ ঘটে ইয়াত পুনৰ বনানি সৃষ্টি হোৱাত বাধা পৰে।
শুকান উন্মুক্ত মাটি ভাগত সেউজ আভৰণৰ অভাৱত অতি সোনকালে ভূমিক্ষয়ৰ সমস্যাহৈ পৰে। তদুপৰি এনে মাটিয়ে সূৰ্য্যৰ ৰশ্মি বেছিকৈ প্রতিফলিত কৰি বতাহৰ গতি সলনি কৰা ডাৱৰৰ সৃষ্টিত বাধা দি বৰষুণৰ পৰিমাণ হ্ৰাস কৰে আৰু মৰুভূমিকৰণ প্রক্ৰিয়া খৰতকীয়া কৰি তোলে৷
(গ) খনিজ সম্পদৰ খনন কাৰ্য : খনিজ সম্পদৰ খননেও মৰুভূমিকৰণ প্রক্ৰিয়াত সহায় কৰে। খনিজ সম্পদৰ খননৰ ফলত ভূমিৰ উপৰিভাগ ধ্বংস হৈ শুষ্ক উন্মুক্ত ভূমিৰ সৃষ্টি কৰি এনে মৰুভূমিকৰণৰ কাৰণ হৈ পৰে।
(ঘ) কৃষিকাৰ্য্যত ভূমিৰ মাত্ৰাধিক ব্যৱহাৰ : কৃষিকাৰ্য্যত ভূমিৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত ইয়াৰ উৎপাদন ক্ষমতা হ্ৰাস পায়। বহুতৰপীয়া কৃষি পদ্ধতি (multiple cropping) য়ে ভূমিৰ
মৌলক গুণ লাঘৱ কৰি উৎপাদনশীলতা হ্ৰাসৰ বৰঙণি যোগাইছে। এনে কৃষি পদ্ধতিৰ ফলত মাটিত থকা পুষ্টি নষ্ট হয় আৰু ভূপৃষ্ঠৰ জৈৱ গুণ থকা তৰপটো বতাহে উৰুৱাই নিয়ে বা বোৱতী পানীয়ে উটুৱাই নিয়ে আৰু ভৱিষ্যতে মৰুভূমিকৰণ অন্যতম কাৰণ হৈ পৰে।
মৰুভূমিকৰণ সম্প্রতি এটা বিশ্বৰ জলন্ত সমস্যা। সমীক্ষা মতে যোৱা ৫০ বছৰত মানুহৰ কাৰ্য্যৰ দ্বাৰা ব্ৰাজিলৰ মাটিকালিৰ সমান ঠাই মৰুভূমিত পৰিণত হৈছে। মৰুভূমিকৰণ সমস্যাত বেয়াকৈ ভোগা অঞ্চলসমূহৰ ভিতৰত চাহাৰাৰ সমীপৱৰ্তী অঞ্চল, মধ্যপ্ৰাচ্য, পশ্চিম এছিয়া, মধ্য আৰুদক্ষিণ আমেৰিকাৰ একাংশ, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰষ্ট্ৰৰ পশ্চিমাঞ্চল।
গতিকে ওপৰৰ আলোচনাৰ পৰা ক’ব পাৰি যে, মানুহৰ বিভিন্ন পৰিৱেশ বিনষ্টকাৰী কাৰ্য্যই মূলত: মৰুভূমিকৰণৰ বাবে দায়ী আৰু UNEP ৰ সমীক্ষাৰ আধাৰত ক’ব পাৰি যদি মৰুভূমিকৰণ সমস্যা ৰোধ কৰিবৰ বাবে কোনো সুসংহত আঁচনি হাতত লৈ কাৰ্যকৰী নকৰে তেন্তে পৃথিৱীত ৬০,০০০ বৰ্গ কিলোমিটাৰ মৰুভূমিৰ প্রতি বছৰে সৃষ্টি হব।
ঝুম খেতি (Shifting Cultivation) :
ঝুম খেতি আটাইতকৈ প্রাচীন কৃষি পদ্ধতি। এই পদ্ধতিত এতিয়াও বহুতো জনশক্তি অধ্যুষিত এলেকাত খেতি কৰা হয়। ভাৰতত এই খেতি বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল, বিহাৰ, উৰিষ্যা আৰু মধ্যপ্ৰদেশত কৰা হয়। আনকি দক্ষিণ আমেৰিকা, দক্ষিণ-পূব এছিয়া, চীন, কোৰিয়া, আফ্ৰিকাৰ অংশ বিশেষতো এই পদ্ধতিতে খেতি কৰা হয়। পাহাৰৰ এঢলীয়া অংশবোৰত গছ-গছনি কাটি জুই লগাই পুৰি সেইবোৰ পৰিস্কাৰ কৰি তাত গাত খান্দি বীজ পুতি কৰা খেতিকে ঝুম খেতি বোলা হয়। এই বিধ কৃষিব্যৱস্থাত একোটা অঞ্চলত দুই বা তিনিবছৰ কাল খেতি কৰাৰ পিছত সেই অঞ্চল পৰিত্যাগ কৰি আন অঞ্চলত মাটি উলিয়াই তাক খেতিৰ উপযোগী কৰি তোলা হয়। পূৰ্বৰ কৃষি ভূমিৰ উৎপাদিকা শক্তি হ্ৰাস পোৱা বুলিয়েই এনেদৰে মাটিখিনি এটা দীঘলীয়া সময়ৰ বাবে পেলাই ৰখা হয় যাতে মাটিখিনিয়ে কিছু বিশ্ৰাম পায়। কৃষি পথাৰ এইদৰে পৰিবৰ্তন কৰি এঠাইৰ পৰা আন ঠাইলৈ সলনি কৰা বাবে ঝুম পদ্ধতিৰ কৃষি ব্যৱস্থাক সলনি পদ্ধতিৰ খেতি (Shifting Cultivation) বুলিও জনা যায়।
ঝুম পদ্ধতিৰ খেতিৰ প্রধান বৈশিষ্ট্যবোৰ হ’ল :
(১) এই পদ্ধতিৰে কৰা খেতিত শস্য পথাৰৰ চক্ৰাকাৰ পৰিবৰ্তন ঘটোৱা হয়।
(২) নতুন কৃষি অঞ্চল পৰিস্কাৰ আৰু প্ৰস্তুত কৰোতে জটৰ ব্যৱহাৰ কৰা হয়।
(৩) ঝুমখেতিৰ মূল উপাদান হ’ল, মানৱীয় শ্রম। ইয়াত অন্য প্ৰাণী নাইবা সাৰ ব্যৱহাৰ কৰা নহয়।
(৪) ঝুমপদ্ধতিৰ খেতিত একোডোখৰ মাটিক দুই তিনিবছতকৈ বেছি সময়ৰ বাবে কৃষি কাৰ্য্যত খটুওৱা নহয়। দুই -তিনিবছৰ খেতিৰ পিছত ইয়াক ৮/১০ বছৰলৈ (সদ্যহতে ৩/৪) বছৰ বিশ্ৰাম দিয়া হয়। এডোখৰ মাটি এৰি দি পুনৰ সেই ডোখৰ মাটিত খেতি কৰিবলৈ ঘূৰি আহিবলৈ দৰকাৰ হোৱা সময়খিনিক ঝুম চক্ৰ বোলা হয়।
(৫) ঝুম খেতিত একোটা সময়তে একোডোখৰ মাটিতে কেইবাবিধো শস্যৰ খেতি কৰা হয় যাতে সকলো ঘৰুৱা চাহিদা পূৰ কৰিব পৰা যায়।
(৬) এই পদ্ধতিৰ কৃষি ব্যৱস্থাত কোনো মালিকীস্বত্ব নাথাকে, এই খেতি যৌথ প্রথাৰে কৰা হয়।
ঝুমখেতিৰ ফলত একোটা বিস্তৃৰ্ণ এলেকাৰ হাবি গছ-গছনি কাটি ধ্বংস কৰা হয়। ইয়াৰ বাবে উক্ত এলেকাটোৰ বনাঞ্চল ধ্বংস হৈ পৰিৱেশৰ ভাৰসাম্যতা নষ্ট হয়। বৰষুণৰ সময়ত ঝুমখেতি কৰা অঞ্চলত খুউব বেছি পৰিমাণে ভূমিক্ষয় হয়
আৰু ই নদীৰ বুকুত পৰি ইয়াৰ গৰ্ভ বাম কৰি বাৰিষা সঘনে বানপানীৰ সৃষ্টি কৰে। ঝুম খেতিয়ে বনাঞ্চল সমূহত থকা বিভিন্ন ধৰণৰ মূল্যবান বন্যপ্ৰাণী, উদ্ভিদ, ঔষধি বন, অৰ্কিড আদিৰো ধ্বংস কৰি জৈৱ বিচিত্ৰৰো নাশ কৰে। তদুপৰি ই অনিশ্চিত বৰষুণ আৰু বতৰৰ সঘন পৰিবৰ্তনৰ কাৰণ হৈ পৰে।
ঝুমখেতিৰ দ্বাৰা হোৱা পৰিৱেশ প্রদূষণ ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী ৷ সেইবাবে আমি ইয়াৰ পৰা মুক্ত হ’বলৈ তলত দিয়া ধৰণে ব্যৱস্থা ল’ব লাগে।
(১) ঝুমখেতিৰ বিকল্প হিচাপে পশুপালন, ব্ৰয়লাৰ, হাঁহ পালন, ৰবৰ খেতি, চাইখেতি আৰু Horticulture ক জীৱিকাৰ উৎস হিচাপে ল’ব পাৰি।
(২) ধবংস হোৱা বনভূমিত বৃক্ষৰোপনৰ কাৰ্য্যসূচী লৈ বনানীকৰণ কৰাৰ প্রচেষ্টা।
(৩) ভূমি সংৰক্ষণৰ বিভিন্ন ব্যৱস্থা হাতত লোৱা।
(৪) ঝুম খেতিত জড়িত লোকসকলক স্থায়ী খেতি কৰিবলৈ সমতল ভূমিৰ আবন্টন দি উৎসাহিত কৰা আদি৷
ভূমিক্ষয় :
ভূমিক্ষয় বুলিলে মাটিত থকা বিভিন্নউপাদানৰ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কাৰ্য্যক বুজা যায়। ভূমিক্ষয়ৰ ফলত উৰ্বৰ মাটি ভাগ বিনষ্ট হৈ ভূমিৰ,উৎপাদনশীলতা হ্ৰাস কৰে। সম্প্রতি ভূমিক্ষয় মানৱ সমাজৰ বাবে এক ডাঙৰ প্রত্যাহ্বান হৈ পৰিছে। সমগ্র বিশ্বৰ এক তৃতীয়াংশ কৃষিভূমি এছিয়া আৰু আফ্ৰিকাত অৱস্থিত৷ ভূমিক্ষয়ক দুই প্রকাৰত ভাগ কৰিব পাৰি৷
(১) ভুূতাত্বিক ক্ষয় বা সাধাৰণ ক্ষয় (Geologic Erosion or normal) : ভূতাত্বিক ক্ষয়ীকৰণ প্রক্ৰিয়া প্রাকৃতিক ভাৱে হয় আৰু ই ভৌতিক, জৈৱিক আৰু জলীয় কাৰ্য্যৰ মাজত ভাৰসাম্যতাৰ সৃষ্টি কৰি ভূমি ক্ষয় আৰু ভূমি সৃষ্টিকৰণত সংহতি বজায় ৰাখে৷
(২) বৰ্দ্ধিত ক্ষয় (Accelerated) : এইবিধ ভূমিক্ষয়ৰ মূল কাৰণ হ’ল মানুহ৷ চৰণীয়া পথাৰৰ অত্যধিক ব্যৱহাৰ, অবনানীকৰণ, খনিজজাত দ্ৰব্যৰ খনন, কৃষি ভূমিৰ অত্যাধিক ব্যৱহাৰ বৰ্দ্ধিত ক্ষয়ৰ বাবে দায়ী। এইবিধ ভূমিক্ষয়ত ভূমিৰ সৃষ্টিৰ হাৰতকৈ ভূমি ক্ষয়ৰ হাৰ বেছি।
পুনশ্চ ভূমিক্ষয়ৰ বাবে দুই ধৰণৰ কাৰকক দায়ী কৰিব পাৰি
(১) জৈৱিক কাৰক : ভূমিক্ষয়ৰ বাবে দায়ী মূল জৈৱিক কাৰকসমূহ হৈছে খনিজাত দ্ৰব্যৰ অতিমাত্ৰা খনন, বনাঞ্চল ধ্বংসৰ গতি বৃদ্ধি কৰা আৰু চৰণীয়া পথাৰৰ অত্যধিক ব্যৱহাৰ ৷ এই সকলোবিলাক কাৰকেই ভূমিৰ সাৰুৱা মাটিভাগৰ জৈৱিক গুণ নাশ কৰে। বিশ্বৰ মুঠ ভূমিক্ষয়ৰ ৩৫% চৰণীয়া পথাৰৰ অত্যধিক ব্যৱহাৰত, ৩০% অবনানীকৰণৰ ফলত আৰু ২৮% অবহনযোগ্য পদ্ধতিত কৃষিকাৰ্য্য কৰাৰ নিমিত্তে ক্ষয় হয়৷
(২) জলবায়িক কাৰক (Climatic Factors) : বতাহ আৰু পানী দুটা জলবায়ু সমন্ধীয় কাৰক যি ভূমিক্ষয়ত সহায় কৰে। পানীয়ে বৰষুণৰ দ্ৰুতগতিত পানীৰ প্ৰবাহৰ দ্বাৰা আৰু বৰফৰ চলন আৰু গলনৰ দ্বাৰা ভূমিৰ ক্ষয় কৰে। অন্যহাতেদি দ্ৰুতগতিত চলা বতাহৰ দ্বাৰাও ভূমিৰ ক্ষয় হয়।
ভূমিক্ষয়ে সম্প্রতি বিশ্বৰ অন্যতম প্রধান পৰিবেশ সমন্ধীয় সমস্যা হিচাপে দেখা দিছে। ভূমিক্ষয় ৰোধ কৰাটো সেইবাবে অতি জৰুৰী হৈ পৰিছে আৰু ভূমিক্ষয় ৰোধ তথা ভূমি সংৰক্ষণ কৰিবলৈ নিম্নোক্ত পদ্ধতি সমূহ ল’ব পাৰি –
(ক) পৰম্পৰাগত হালবোৱা পদ্ধতি (Traditional till farming)
(খ) টেৰেচ পদ্ধতি (Terrace method)
(গ) ষ্ট্রিপ (Strip cropping)
(ঘ) এগ্র’ফৰেষ্ট্ৰী (Agro forestry)
(ঙ) বতাহ বাধা (Wind Breaks) ইত্যাদি ৷
(খ) পানীৰ আৱদ্ধকৰণ (Water logging) : শস্যৰ পথাৰত অতি বেছিকৈ পানী যোগান ধৰাৰ ফলত পানীৰ আৱদ্ধকৰণ সৃষ্টি হয়। খেতিয়কসকলে যেতিয়া খেতি পথাৰত অত্যধিক হাৰত পানী যোগান ধৰে, তেতিয়া অতিৰিক্ত পানী ভাগ উপযুক্ত নৰ্দমা বা নলী নথকাৰ বাবে পানীখিনি ভূগৰ্ভত সোমায় যায় আৰু কালক্ৰমত ভূগৰ্ভীয় পানীৰ স্তৰ ওপৰলৈ উঠাই আনি ভূমিভাগক পানীৰ লগত সংপৃক্ত কৰি আবদ্ধ পানীৰ সমস্যা সৃষ্টি কৰে। ইয়াৰ ফলত শস্যৰ শিপাই প্ৰয়োজনীয় বায়ু আহৰণ কৰিব নোৱাৰা হয়, মাটিৰ জৈৱিক গুণ বিনষ্ট হয় আৰু শস্যৰ উৎপাদন কমে। পাঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্য দুখন বৰ্তমান আৱদ্বপানীৰ সমস্যাত ভূগিছে। আৱদ্ধপানী সমস্যাৰ পৰা মুক্ত হ’বলৈ তলত দিয়া ধৰণে আঁচনি সমূহ ল’ব পাৰি।
(১) খেতি মাটিৰ অত্যধিক জলসিঞ্চনৰ ব্যৱস্থা নকৰা।
(২) কৃষিভূমিত উপযুক্ত নলা-নৰ্দমাৰ ব্যৱস্থা কৰা।
(৩) ইউকেলিপ্টাছ গছৰ দৰে অতি বেছি পানী শোহা বৃক্ষ পানী আবদ্ধকৰণ সমস্যাত ভোগা অঞ্চলত ৰোপন কৰিব লাগে।
খৰাং পৰিস্থিতি (Droughts) :
খৰাং পৰিস্থিতি সাম্প্রতিক সময়ত এটা সততে দৃশ্যমান সমস্যা। বহুত দিন কোনো এটা অঞ্চলত বৰষুণৰ অভাৱ ঘটিলে পানী বাষ্পীভূত হৈ মাটি শুকান কৰি যি পৰিস্থিতিৰ সৃষ্টি কৰে, তাকে খৰাং পৰিস্থিতি বোলা হয়। তদুপৰি যেতিয়া বাৰ্ষিক বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ কম আৰু বাষ্পীভৱনৰ হাৰ গড় বৰষুণৰ হাৰতকৈ বেছি, তেনে অৱস্থাকো খৰাং পৰিস্থিতি বা খৰাং অৱস্থা বুলি ক’ব পাৰি৷ সম্প্রতি শুষ্ক আৰু অৰ্ধশুষ্ক অঞ্চলত অৱস্থিত ৮০ খনতকৈ বেছি দেশ খৰাং পৰিস্থিতিৰ সন্মুখীন হৈছে৷ খৰাং পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে প্রাকৃতিক কাৰণতকৈ মানৱ সৃষ্ট কাৰণসমূহ অধিক দায়ী । তলত খৰাং পৰিস্থিতি সৃষ্টিৰ বাবে দায়ী কিছুমান মানৱ সৃষ্ট কাৰণ উল্লেখ কৰা হ’ল –
(১) বনাঞ্চল ধ্বংস : যধে-মধে গছ কাটি বনাঞ্চল ধ্বংস কাৰ্য্যই খৰাং পৰিস্থিতিৰ সৃষ্টিত বহুলাংশে অৱদান আগবঢ়াইছে। বনাঞ্চল ধ্বংসৰ ফলত মাটিৰ পানী ধৰি ৰাখি সজীৱ হৈ থকা ক্ষমতা হ্ৰাস পায়। সেউজ আভৰণ ধ্বংসৰ ফলত মাটিৰ জৈৱিক গুণ নাশ হৈ সহজতে ভূমিক্ষয় আৰু ভূমি অৱক্ষয়ৰ সমস্যাৰ সন্মুখীন হয়। তদুপৰি বনাঞ্চল ধ্বংসৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিতো সহায় কৰিছে। এই সকলোবিলাকে জলীয় চক্ৰৰ পৰিবৰ্তন সাধি বৰষুণৰ পৰিমাণ হ্ৰাস কৰি খৰাং পৰিস্থিতিৰ সৃষ্টি কৰিছে।
(২) চৰণীয়া পথাৰৰ অপব্যৱহাৰ : চৰণীয়া পথাৰ বিলাকৰ বহন ক্ষমতাতকৈ অধিক হাৰত ব্যৱহাৰৰ ফলত এনে এলেকা বিলাকত তৰু-তৃণৰ অভাৱ ঘটি ভূমিৰ পানী ধৰি ৰখাৰ ক্ষমতা হ্রাস কৰি শুষ্ক কৰি তুলিছে।
(৩) অত্যাধিক হাৰত পানী যোগান : খেতি পথাৰত অত্যাধিক হাৰত পানী ব্যৱহাৰৰ ফলত জল স্তৰ তললৈ নামি গৈ মাটি ভাগ শুষ্ক কৰি তুলিছে। তদুপৰি ভুল কৃষি পদ্ধতিৰ ফলত খৰাং অঞ্চলত হাতত লোৱা পানী যোগান আঁচনি সমূহে এই অঞ্চল সমূহক মৰুভূমিত পৰিণত কৰিছে।
Multiple choice objective type questions
(১) কোনটো গোলকীয় উষ্ণতাৰ বাবে দায়ী গেছক উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুৰ পৰা শোষণ কৰে?
(ক) কাৰ্বন- ডাই- অক্সাইড।
(খ) অক্সিজেন।
(গ) নাইট্ৰ’জেন।
(ঘ) মিথেন।
উত্তৰঃ (ক) কাৰ্বন- ডাই- অক্সাইড।
(২) তলৰ কোনটো অনৱীকৰণ যোগ্য সম্পদ?
(ক) উদ্ভিদ।
(খ) মাটি।
(গ) প্ৰীণী।
(ঘ) কয়লা।
উত্তৰঃ (ঘ) কয়লা।
(৩) তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ?
(ক) উদ্ভিদ।
(খ) কয়লা।
(গ) প্ৰাকৃতিক গেছ।
(ঘ) খনিজ তেল।
উত্তৰঃ (ক) উদ্ভিদ।
(৪) যিবোৰ প্ৰাকৃতিক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰউৎপাদন কৰিব পাৰি অৰ্থাৎ নিঃশেষ হৈ নাযায় সেইবিলাক সম্পদক কি বোলে?
(ক) অনৱীকৰণ যোগ্য সম্পদ।
(খ) জলজ সম্পদ।
(গ) খনিজ সম্পদ।
(ঘ) নৱীকৰণ যোগ্য সম্পদ।
উত্তৰঃ (ঘ) নৱীকৰণ যোগ্য সম্পদ।
(৫) তলৰ কোনটো বনাঞ্চল ধ্বংসৰ কাৰণ নহয়।
(ক) জনসংখ্যা বিস্ফোৰণ।
(খ) দ্ৰন্ত নগৰীকৰণ।
(গ) বনানিকৰণ আঁচনি।
(খ) ঝুম খেতিৰ প্রসাৰ।
উত্তৰঃ (গ) বনানিকৰণ আঁচনি।
(৬) চিপ্কো আন্দোলনৰ নেতা কোন?
(ক) মেধা পাটকাৰ।
(খ) সুন্দৰলাল বহুগুণা।
(গ) অৰুন্ধতি ৰায়।
(ঘ) বাবা আমটে।
উত্তৰঃ (গ) অৰুন্ধতি ৰায়।
(৭) চৰ্দাৰ সৰোবৰ বান্ধ কোনখন নৈৰ ওপৰত অৱস্থিত?
(ক) ভাগীৰথী।
(খ) নৰ্মদা।
(গ) গংগা।
(ঘ) মহানদী।
উত্তৰঃ (খ) নৰ্মদা।
(৮) পৃথিৱীৰ পৃষ্ঠৰ কিমান শতাংশ পানীয়ে আগুৰি আছে?
(ক) ৬৫%
(খ) ৭১%
(গ) ৯০%
(ঘ) ৭৫%
উত্তৰঃ (খ) ৭১%
(৯) টেহৰি বান্ধটো কোন নৈৰ ওপৰত অৱস্থিত?
(ক) নৰ্মদা।
(খ) গংগা।
(গ) গোদাবৰী।
(ঘ) ভাগীৰথী।
উত্তৰঃ (ঘ) ভাগীৰথী।
(১০) তলৰ কোনবিধ খনিজ পদাৰ্থক ক’লা হীৰা (Black Diamond) আখ্যা দিয়া হয়।
(ক) কয়লা।
(খ) পেট্ৰলিয়াম।
(গ) মাইকা।
(ঘ) মাইকা।
উত্তৰঃ (ক) কয়লা।
(১১) প্রাকৃতিক ভাৱে পোধা অজৈৱ। স্ফটিকসদৃস পদ৷র্থক কি বোলে?
(ক) বনজসম্পদ।
(খ) খনিজসম্পদ।
(গ) জলজ সম্পদ।
(ঘ) প্রাকৃতিক সম্পদ।
উত্তৰঃ (খ) খনিজসম্পদ।
(১২) এলুমিনিয়ামৰ মুখ্য খনি ক’ত পোৱা যায়?
(ক) দক্ষিণ আফ্ৰিকা।
(খ) অষ্ট্ৰেলিয়া।
(গ) আমেৰিকা।
(ঘ) ব্ৰাজিল।
উত্তৰঃ (গ) আমেৰিকা।
(১৩) সোণৰ মূখ্য খনি ক’ত পোৱা যায়?
(ক) আমেৰিকা।
(খ) কানাডা।
(গ) মেক্সিকো।
(ঘ) অষ্ট্ৰেলিয়া।
উত্তৰঃ(খ) কানাডা।
(১৪) জাতিসংঘৰ খাদ্য আৰু কৃষি সংগঠন (FAO) ৰ মতে প্রতিদিনে জনমুৰি কিমান খাদ্যৰ প্রয়োজন হয়?
(ক) ২৬০০ কেলৰি।
(খ) ৩০০০ কেলৰি।
(গ) ২৫০০ কেলৰি।
(ঘ) ২৮০০ কেলৰি।
উত্তৰঃ (গ) ২৫০০ কেলৰি।
(১৫) ভাৰতবৰ্ষত সম্প্রতি থকা বৃহৎ নদী বান্ধৰ সংখ্যা –
(ক) ১৬৫০
(খ) ১৭৫০
(গ) ১৫৫০
(ঘ) ১৮৫০
উত্তৰঃ (গ) ১৫৫০
(১৬) ভাৰতৰ কোনজন প্রধানমন্ত্ৰীয়ে নদী বান্ধসমূহক “The temple of modern india” বুলি অভিহিত কৰিছিল।
(ক) জৱাহৰলাল নেহৰু।
(খ) অটল বিহাৰী বাজপেয়ী।
(গ) ইন্দিৰা গান্ধী।
(ঘ) মনমোহন সিং।
উত্তৰঃ (ক) জৱাহৰলাল নেহৰু।
(১৭) কয়লাৰ চাৰিটা প্রকাৰৰ ভিতৰত কোনবিধ কয়লা বেছি উত্তম?
(ক) এনথ্ৰাটাইট।
(খ) বিটুমিনাচ।
(গ) লিগনাইট।
(ঘ) পিট কয়লা।
উত্তৰঃ (ক) এনথ্ৰাটাইট।
(১৮) নবীকৰণযোগ্য সম্পদ হ’ল–
(ক) পেট্রল।
(খ) কয়লা।
(গ) মাছ।
(ঘ) সোণ।
উত্তৰঃ (গ) মাছ।
১৯ ৷ অনবীকৰণযোগ্য সম্পদ হ’ল–
(ক) উদ্ভিদ।
(খ) মাছ।
(গ) ৰূপ।
(ঘ) সূৰ্যৰ শক্তি।
উত্তৰঃ (গ) ৰূপ।
২০ । অক্ষয় সম্পদৰ এটা উদাহৰণ হ’ল–
(ক) সোণ।
(খ) ইউৰেনিয়াম।
(গ) সৌৰশক্তি।
(ঘ) খনিজ তেল।
উত্তৰঃ (গ) সৌৰশক্তি।
২১। বনাঞ্চল উচ্ছেদৰ মুখ্য কাৰণ–
(ক) জনসংখ্যা বৃদ্ধি।
(খ) নগৰীকৰণ।
(গ) খাদ্যৰ বৰ্ধিত চাহিদা।
(ঘ) ওপৰৰ সকলোবোৰ।
উত্তৰঃ (ঘ) ওপৰৰ সকলোবোৰ।
২২। প্রাকৃতিক সম্পদ সংৰক্ষণৰ এটা উদ্দেশ্য-
(ক) ভাৰসাম্য ৰক্ষা।
(খ) বহনক্ষম উন্নয়ন।
(গ) অভয়াৰণ্য বৃদ্ধি।
(ঘ) প্ৰকৃতি সম্পৰ্কে গৱেষণা।
উত্তৰঃ (গ) অভয়াৰণ্য বৃদ্ধি।
২৩। অবনানীকৰণ সমস্যা দূৰীকৰণৰ ব্যৱস্থা হ’ল–
(ক) জনসচেনতা।
(খ) বন সংৰক্ষণ আইন।
(গ) নাৰী সবলীকৰণ।
(ঘ) ওপৰৰ সকলোবোৰ।
উত্তৰঃ(ক) জনসচেনতা।
২৪। খনিজ সম্পদ কোনটো-
(ক) উদ্ভিদ।
(খ) তাম।
(গ) প্ৰাণী।
(ঘ) মাটি।
উত্তৰঃ (খ) তাম।
২৫ ৷ বানপানীৰ কাৰণ হ’ল–
(ক) অবনানীকৰণ।
(খ) উদ্যোগকীকৰণ।
(গ) উন্নয়নমূলক আঁচনি।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) অবনানীকৰণ।
২৬ ৷ খৰাং হোৱাৰ এটা কাৰণ হ’ল-
(ক) বনাঞ্চল উচ্ছেদ।
(খ) জনসংখ্যা বৃদ্ধি।
(গ) প্রকৃতিগত কাৰণ।
(ঘ) প্রদূষণ।
উত্তৰঃ (ক) বনাঞ্চল উচ্ছেদ।
২৭। বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ হ’ল-
(ক) ভাৰত।
(খ) আমেৰিকা।
(গ) বাংলাদেশ।
(ঘ) চীন।
উত্তৰঃ (ঘ) চীন।
২৮। শক্তিৰ উৎস হ’ল–
(ক) সূৰ্য।
(খ) পানী।
(গ) মাটি।
(ঘ) ওপৰৰ সকলোবোৰ।
উত্তৰঃ (ক) সূৰ্য।
২৯। উদ্ভিদ কোনবোৰ সম্পদ-
(ক) অজৈৱিক।
(খ) জৈৱিক।
(গ) মানৱ সৃষ্টি।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) জৈৱিক।
৩০। অনবিকৰণযোগ্য শক্তি সম্পদ হল-
(ক) নিউক্লিয় শক্তি।
(খ) কয়লা।
(গ) প্ৰাকৃতিক গেছ।
(ঘ) ওপৰৰ সকলোবোৰ।
উত্তৰঃ (খ) কয়লা।
৩১। ‘নৰ্মদা বচাও’ আন্দোলন কেতিয়া সূচনা হৈছিল?
(ক) ১৯৮৮ চনত।
(খ) ১৯৮৯ চনত।
(গ) ১৯৯০ চনত।
(ঘ) ১৯৯১ চনত।
উত্তৰঃ (খ) ১৯৮৯ চনত।
৩২। পৃথিৱীৰ ভিতৰত সৰ্বাধিক খনিজ পদাৰ্থ পোৱা যায়-
(ক) ভাৰতত।
(খ) আমেৰিকাত।
(গ) অষ্ট্ৰেলিয়াত।
(ঘ) আফ্ৰিকাত।
উত্তৰঃ (গ) অষ্ট্ৰেলিয়াত।
৩৩। Food and Agricultural Organization (FAO)ৰ মতে, প্ৰতিজন সুস্থ ব্যক্তিয়ে দৈনিক কিমান কেলেৰি খাদ্য গ্ৰহণ কৰিব লাগে?
(ক) ২০০০ কেলেৰি।
(খ) ২২০০ কেলেৰি।
(গ) ২৪০০ কেলেৰি।
(ঘ) ২৫০০ কেলেৰি।
উত্তৰঃ (ঘ) ২৫০০ কেলেৰি।
৩৪। HYV ৰ সম্পূৰ্ণ অৰ্থ কি?
(ক) High yielding value.
(খ) High yield value.
(গ) High yielding value.
(ঘ) High yielding variety.
উত্তৰঃ (ঘ) High yielding variety.
৩৫। টেহৰি বান্ধৰ বিৰোধিতা কৰি সুন্দৰাল বহুগুনাৰ নেতৃত্বত কি আন্দোলন গঢ়ি উঠিছিল।
(ক) নৰ্মদা বচাও।
(খ) চিপকো আন্দোলন।
(গ) গংগা বচাও।
(ঘ) লোহিত আন্দোলন।
উত্তৰঃ (খ) চিপকো আন্দোলন।