Environmental Studies Unit 7 জনসংখ্যা আৰু পৰিৱেশ

Environmental Studies Unit 7 জনসংখ্যা আৰু পৰিৱেশ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Studies Unit 7 জনসংখ্যা আৰু পৰিৱেশ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Studies Unit 7 জনসংখ্যা আৰু পৰিৱেশ Question Answer can be of great value to excel in the examination.

Environmental Studies Unit 7 জনসংখ্যা আৰু পৰিৱেশ

Join Telegram channel

Environmental Studies Unit 7 জনসংখ্যা আৰু পৰিৱেশ Notes cover all the exercise questions in UGC Syllabus. The Environmental Studies Unit 7 জনসংখ্যা আৰু পৰিৱেশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Human population and the Environment

ENVIRONMENTAL

পৰিৱেশ অধ্যয়ন


জনসংখ্যা বৃদ্ধি বুলিলে সাধাৰণতে এক নিৰ্দিষ্ট অঞ্চলত জনসংখ্যাৰ আকাৰ আৰু গঠন প্ৰক্ৰিয়াৰ বৃদ্ধিক বুজায়৷ জনসংখ্যা বৃদ্ধিয়ে জন্ম-মৃত্যুৰ নিৰূপিত স্বাভাৱিক বৃদ্ধি আৰু প্ৰব্ৰজনৰ দ্বাৰা হোৱা নিগুট প্রাপ্তিক বুজায়। জনসংখ্যা বৃদ্ধিৰ নিৰ্দ্বাৰক কেইটা হ’ল – জন্ম, মৃত্যু আৰু প্ৰব্ৰজন।

বিশ্ববেংকে প্রকাশ কৰা জনসংখ্যাৰ খতিয়ান মতে দেখা যায় ১৮০০ চনত পৃথিৱীৰ জনসংখ্যা আছিল এক বিলিয়ন অৰ্থাৎ এহেজাৰ নিযুত ৷ তাৰ পিছত জনসংখ্যা বৃদ্ধি এনেভাৱে বাঢ়িছে যে, ১৩০ বছৰৰ ভিতৰত জনসংখ্যা হয়গৈ দুই বিলিয়ন আৰু তাৰ ৪৫ বছৰ পিছত জনসংখ্যা হৈছে চাৰি বিলিয়ন। এই হিচাপমতে ২০৪৫ চনত পৃথিৱীৰ জনসংখ্যা হ’বগৈ ১১ বিলিয়ন। সম্প্রতি আমাৰ জনসংখ্যা হৈছে ৬ বিলিয়ন। 

জাতিসংঘই জনসংখ্যা বৃদ্ধিৰ ভয়াবহতা সম্পৰ্কে বিশ্বৰ জনগণক সজাগ কৰি তুলিবলৈ ১১জুলাইৰ দিনটো “বিশ্ব জনসংখ্যা” দিৱস হিচাপে পালন কৰিবলৈ লৈছে ৷ জনসংখ্যা বিস্ফোৰণ বিশ্বৰ বিভিন্ন উন্নয়নশীল দেশৰ বাবে এক প্ৰত্যাহ্বানস্বৰূপ। কাম্যতম জনসংখ্যা তত্ত্বৰ (Optimum population theory) সংজ্ঞা অনুসৰি এখন দেশৰ জনসংখ্যা বৃদ্ধিয়ে যেতিয়া সেই দেশৰ জনমূৰি আয় বৃদ্ধিত হেঙাৰ সৃষ্টি কৰে অৰ্থাৎ জনমূৰি আয় নিম্নগামী কৰে তেতিয়াই দেশখনত অত্যধিক জনসংখ্যা (overpopulation) বা জনবিস্ফোৰণ (population explosion) হোৱা বুলি ক’ব পাৰি। জনসংখ্যা পৰিবৰ্ত্তন তত্ত্বই (Theory of Demographic transition)  উল্লেখ কৰিছে যে, জনবিস্ফোৰণ হ’ল জনসংখ্যা বৃদ্ধিৰ হাৰত হোৱা এক অপ্ৰত্যশিত দ্ৰুত বিস্তৃতি যিটো জন্ম-মৃত্যু হাৰৰ দ্বিতীয় পৰ্য্যায়ত ঘটে।

জনসংখ্যা বিস্ফোৰণে দেশ এখনৰ খাদ্য, বস্তু, বাসস্থান, শিক্ষা, স্বাস্থ্য,নিয়োগ, সামাজিক কল্যাণ, পৰিৱেশ তথা পাৰিপাৰ্শ্বিক অৱস্থা ইত্যাদি বিভিন্ন দিশত গভীৰ সমস্যাৰ সৃষ্টি কৰে। তাৰোপৰি, জনসংখ্যাৰ বিস্ফোৰণে দেশ এখনত বিভিন্ন প্রাকৃতিক দুৰ্যোগৰ সম্ভাৱনাও বৃদ্ধি কৰে। বিশ্বৰ জনবিস্ফোৰনে খাদ্য, বিশুদ্ধ বায়ু, বিশুদ্ধ খোৱা পানী আদি সমস্যাৰ সৃ্টি কৰিছে। জনসংখ্যা বিস্ফোৰণে আবাসিক অঞ্চল সম্প্ৰসাৰিত কৰিছে। ফলত বনভূমি সংকুচিত হৈ পৰিছে আৰু দুষ্প্ৰাপ্য বন সম্পদৰ বিলুপ্তি ঘটিছে।

জনসংখ্যা ৰোধ কৰাৰ উপায় 

পৰিয়াল কল্যাণ আঁচনি ( Family welfare programme) : পৰিয়াল কল্যাণৰ আঁচনিসমূহ দেশৰ ৰাষ্ট্ৰীয় জনসংখ্যা নীতিৰ এক অপৰিহাৰ্য্য অংগ৷ এই আঁচনিত শিক্ষা, স্বাস্থ্য, শি যতন, জন্ম নিয়ন্ত্ৰণ, মহিলাৰ অধিকাৰ,শিশুৰ পুষ্টি, মাতৃ আৰু শিশু কল্যাণ আদি বিভিন্ন কাৰ্য্যসূচী অৰ্ত্তভূক্ত কৰা হয়। পৰিয়াল পৰিকল্পনাৰ অৰ্থ হ’ল স্বেচ্ছামূলক ভাৱে সীমিত পৰিয়ালৰ আকাৰ পাবলৈ উৎসাহিত কৰা ৷ পৰিয়াল কল্যাণৰ আঁচনি গ্ৰহণত বিশ্বৰ ভিতৰত প্রথন দেশ হ’ল ভাৰতবৰ্ষ ৷ ১৯৭৬ চনৰ এপ্রিল মাহত ভাৰত চৰকাৰে পোনপ্রথমবাৰৰ বাবে ৰাষ্ট্ৰীয় জনসংখ্যা নীতি ঘোষণা কৰে আৰু জনসংখ্যা নিয়ন্ত্ৰণ দেশৰ শীৰ্ষতম জাতীয় সমস্যা হিচাপে স্বীকৃতি দিয়ে। 

পৰিয়াল কল্যাণ আঁচনিত গ্ৰহণ কৰা বিভিন্ন দিশ : 

(১) পৰিয়াল পৰিকল্পনাৰ জ্ঞান প্ৰসাৰিত কৰাৰ বাবে আৰু সজাগতা বৃদ্ধিৰ বাবে বহুমুখী প্রচাৰ মাধ্যম আৰু জনতাৰ জৰিয়তে বিভিন্ন আকৰ্ষণীয় কাৰ্য্যসূচী আৰম্ভ কৰা।

(২) পৰিয়াল পৰিকল্পনাৰ কাম কাজক সাধাৰণ স্বাস্থ্য সেৱাৰ লগত জড়িত কৰা।

(৩) বন্ধ্যাকৰণক আৰ্থিক পুৰস্কাৰৰ জৰিয়তে উৎসাহিত কৰা।

(৪) স্কুল, কলেজৰ যুৱক-যুৱতীসকলক জনসংখ্যা সম্পৰ্কীয় শিক্ষা প্রদান কৰা।

(৬) মহিলা শিক্ষাৰ দ্ৰুত প্রসাৰৰ বাবে সা-সুবিধা উন্নত কৰা।

(৭) পোষ্টাৰ, কাৰ্টুন আদিৰ জৰিয়তে জন সচেতনতা বৃদ্ধি কৰা।

মানৱ অধিকাৰ : ১৯৯৬ চনৰ ১৬ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰা আইনমতে, মানৱ অধিকাৰ হ’ল, “সংবিধানে নিশ্চয়তা দিয়া অৰ্থনৈতিক, নাগৰিক আৰু সাংস্কৃতিক অধিকাৰ সম্পৰ্কীয় আন্তঃৰাট্ৰীয় চুক্তি পত্ৰত সন্নিবিষ্ট হোৱা ব্যক্তিৰ জীৱন, স্বতন্ত্ৰতা, সমতা আৰু মৰ্য্যদা সম্পৰ্কীয় অধিকাৰ” । 

মূল্য বোধাত্মক শিক্ষা : যি প্রণালীবদ্ধ শিক্ষা প্রক্ৰিয়াই বস্তুৰ মূল্য নিৰূপনত সঠিক পথৰ সন্ধান দিয়ে সেয়াই মূল্য শিক্ষা (value education) মূলভূধ মূল্যবোধ শিক্ষাৰ মূল উদ্দেশ্য হ’ল ব্যক্তিৰ বৌদ্ধিক, মানসিক তথা আত্মিক উত্তৰণ ঘটাই সমাজ আৰু দেশৰ বাবে এক প্রয়োজনীয় আকষণীয়, আদৰণীয় আৰু সন্মানীয় ব্যক্তিত্বৰ আদৰ্শ সৃষ্টি কৰা। পৰিৱেশ শিক্ষা মূল্যবোধাত্মক কৰিবলৈ আমাৰ কৰণীয়-

(১) পৰিৱেশ শিক্ষা সম্পৰ্কীয় উপযুক্ত পাঠ্যপুথি প্রণয়ণ কৰা।

(২) পৰিৱেশ শিক্ষাৰ সৈতে নৈতিক কথাবোৰ সাঙুৰি দিব লাগে ৷

(৩) কৃষ্টি আৰু ধৰ্মাত্মক মূল্যবোধ আদি সূচক জ্ঞান পৰিৱেশ শিক্ষাৰ অংগ হব লাগে।

(৪) বিশ্ব নীতি পৰিৱেশ শিক্ষাৰ অংগ হব লাগিব। ব্যক্তিকেন্দ্ৰিক কথাতকৈ সমাজকেন্দ্ৰিক শিক্ষা দিব পৰা পাঠ এনে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব লাগে।

Multiple choice objective type questions

১। জনসংখ্যাৰ ফালৰ পৰা দেশসমূহ ৰ মাজত ভাৰতৰ স্থান-

(ক) প্রথম          

(খ) দ্বিতীয়

(গ) তৃতীয়        

(ঘ) চতুৰ্থ

উত্তৰঃ (খ) দ্বিতীয়।

২। পৰিৱেশৰ ওপৰত বৰ্ধিত জনসংখ্যাৰ প্রভাৱৰ কাৰণ–

(ক) বনানীকৰণ    

(খ) কৃষিৰ উৎপাদন বৃদ্ধি

(গ) নগৰীকৰণ      

(ঘ) জনমূৰি আয় বৃদ্ধি

উত্তৰঃ (গ) নগৰীকৰণ।

৩। জনসংখ্যা বিস্ফোৰণৰ কাৰণ—

(ক) আয় বৃদ্ধি     

(খ) কম বয়সত বিবাহ

(গ) নিৰক্ষৰতা     

(ঘ) ‘খ’ আৰু ‘গ’ দুয়োটাই শুদ্ধ

উত্তৰঃ (ঘ) ‘খ’ আৰু ‘গ’ দুয়োটাই শুদ্ধ।

৪। পৰিয়াল কল্যাণ আঁচনি বুলিলে কি বুজা?

(ক) জনসংখ্যা বৃদ্ধি     

(খ) বিবাহৰ বয়স বৃদ্ধি

(গ) পৰিয়ালৰ আয় বৃদ্ধি   

(ঘ) জনসংখ্যা নিয়ন্ত্ৰণ

উত্তৰঃ (ঘ) জনসংখ্যা নিয়ন্ত্ৰণ।

৫ ৷ AIDS ত আক্ৰান্ত হোৱাৰ কাৰণ–

(ক) ম’হে কামুৰিলে

(খ) আক্ৰান্ত ব্যক্তিৰ লগত যৌন সম্পৰ্ক ৰাখিলে

(গ) আক্ৰান্ত ব্যক্তিৰ লগত খালে

(ঘ) পানীৰ দ্বাৰা বিয়পা

উত্তৰঃ (ঘ) পানীৰ দ্বাৰা বিয়পা।

৬৷ অসমৰ এটা NGO হ’ল—

(ক) বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়া

(খ) তৰুণ ভাৰত সংঘ

(গ) বিশ্ব বন্যপ্ৰাণী তহবিল

(ঘ) আৰণ্যক

উত্তৰঃ (ঘ) আৰণ্যক।

৭। এইড্‌ছ প্ৰতিৰোধৰ উপায়-

(ক) এইড্‌ছ সম্পৰ্কে সজাগতা  

(খ) শিক্ষাৰ সুবিধা প্রদান

(গ) ড্ৰাগছৰ সেৱন ৰোধ   

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) এইড্‌ছ সম্পৰ্কে সজাগতা।

৮ ৷ কোনো এক নিৰ্দিষ্ট স্থানত একে জনগোষ্ঠীৰ সমষ্টিক কি বোলে?

(ক) গোট    

(খ) সমূহ 

(গ) জনসংখ্যা

(খ) ওপৰৰ সকলোবোৰ অশুদ্ধ

উত্তৰঃ (গ) জনসংখ্যা।

 ৯ ৷ জনসংখ্যা বৃদ্ধিৰ মধ্যৱৰ্তী স্তৰক কি বোলে?

(ক) পশ্চতী স্তৰ 

(খ) বৃদ্ধি বক্ৰ

(গ) লগ স্তৰ 

(ঘ) ছিগমহড

উত্তৰঃ (গ) লগ স্তৰ।

১০ ৷ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত অধিক AIDS আক্ৰান্ত লোক আছে?

 (ক) অসম      

(খ) মণিপুৰ

(গ) নাগালেণ্ড     

(ঘ) মেঘালয়

উত্তৰঃ (খ) মণিপুৰ।

১১৷ TFR ৰ সম্পূৰ্ণ কি? 

(ক) Total female ratio.

(খ) Total fertility Rate.

(গ) Timely family Report.    

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) Total fertility Rate.

১২ ৷ WHO ৰ সম্পূৰ্ণ অৰ্থ কি?

(ক) Women health organization.

(খ) water and human health.

(গ) world health organization.

(ঘ) ওপৰৰ এটাও নহয় ৷

উত্তৰঃ (গ) world health organization.

১৩ ৷ ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ হাৰ ২০০১-২০১১ চনত কিমান?

(ক) ১৭.৫৪ শতাংশ ৷     

(খ) ১৭.২৪ শতাংশ ৷

(গ) ১৭.৬৪ শতাংশ ৷     

(ঘ) ১৭.৩৪ শতাংশ ৷

উত্তৰঃ (গ) ১৭.৬৪ শতাংশ ৷

১৪ ৷ ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি জনসংখ্যা আছে?

(ক) মহাৰাষ্ট্ৰ ৷    

(খ) বিহাৰ ৷

(গ) উত্তৰ প্রদেশ ৷   

(ঘ) মধ্যপ্ৰদেশ ৷

উত্তৰঃ (গ) উত্তৰ প্রদেশ ৷ 

১৫। ২০০১ চনৰ জনগণনা অনুসৰি ভাৰতবৰ্ষত লিংগ অনুপাত কিমান?

(ক) ৯৪০    

(খ) ৯৪৫

(গ) ৯৫০    

(ঘ) ৯৫৫

উত্তৰঃ ছাত্ৰ-ছাত্ৰী সকলে নিজে চেষ্টা কৰা ৷

১৬ ৷ জংসংখ্যাৰ অসংযত বৃদ্ধিয়ে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিটোক কি বোলে ৷

(ক) দ্ৰুত জনসংখ্যা বৃদ্ধি ৷   

(খ) জনসংখ্যা দ্রুদ বৃদ্ধি ৷

(গ) জন বিস্ফোৰণ ৷      

(ঘ) জনসংখ্যা বিস্ফোৰণ ৷

উত্তৰঃ (ঘ) জনসংখ্যা বিস্ফোৰণ 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top