Environmental Studies Unit 6 সামাজিক সমস্যা আৰু পৰিবেশ

Environmental Studies Unit 6 সামাজিক সমস্যা আৰু পৰিবেশ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Studies Unit 6 সামাজিক সমস্যা আৰু পৰিবেশ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Studies Unit 6 সামাজিক সমস্যা আৰু পৰিবেশ Question Answer can be of great value to excel in the examination.

Environmental Studies Unit 6 সামাজিক সমস্যা আৰু পৰিবেশ

Join Telegram channel

Environmental Studies Unit 6 সামাজিক সমস্যা আৰু পৰিবেশ Notes cover all the exercise questions in UGC Syllabus. The Environmental Studies Unit 6 সামাজিক সমস্যা আৰু পৰিবেশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Social Issues and that Environment

ENVIRONMENTAL STUDIES

পৰিৱেশ অধ্যয়ন


বহনক্ষম উন্নয়ন আৰু বহনক্ষম উন্নয়নৰ প্ৰধান দিশবোৰ আৰু বহনক্ষম উন্নয়নৰ বাবে লব লগা ব্যৱস্থা:

বহনক্ষম উন্নয়ন বুলিলে এনে এক উন্নয়ন প্ৰক্ৰিয়াক বুজা হয় যত কোনো এখন দেশৰ সম্পদক ভাণ্ডাৰ, গুণাগুণ আৰু উৎপাদন ক্ষমতাৰ বিশেষ হ্ৰাস নকৰাকৈ ভৱিষ্যৎ প্ৰজন্মৰ বাবে সম্পদ অক্ষত অৱস্থাত ৰখা হয়। Brundland commission য়ে বহনক্ষম উন্নয়নৰ সংজ্ঞা দিয়ে এইদৰে -“Sustainable development is the development that meets the needs of the present generation without compromising the ability of the future of meet their own needs.”

অন্যহাতেদি David pearce নামৰ অৰ্থনীতিবিদজনে বহনক্ষম উন্নয়নৰ সংজ্ঞা দিছে এনেধৰনে- “sustainable development can be defined as a vector of desirable social objectives such as an increase in real income per capita; an improvement in health and nutrition; educational achievement; access to resources ; a fairer distribution of income and increase in basic freedom and adds that the element to be included in the vector are open to ethical debate.” উল্লিখিত সংজ্ঞা দুটাৰ আলমত আমি ক’ব পাৰোঁ বহনক্ষম উন্নয়ন বুলি ক’লে কেৱল অর্থনৈতিক উন্নয়নকে নুবুজায়, ই ইয়াৰ লগতে পৰিৱেশ সংৰক্ষণ আৰু বিভিন্ন সামাজিক লক্ষ্য অৰ্জন কৰাও বুজায়।

বহনক্ষন উন্নয়নৰ প্রধান দিশ দুটা। সেই দুটা হ’ল- 

(১) ব্যক্তি – ব্যক্তিৰ মাজৰ সমতা। আৰু 

(২) আন্তঃ পুৰুষ সমতা।

বহনক্ষম উন্নয়নৰ ব্যবস্থা (Measures for sustainable development) : বহনক্ষম উন্নয়নৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ হাতত ল’ব পাৰি –

(১) উপযুক্ত প্রযুক্তি ব্যৱস্থাৰ : বহনযোগ্য উন্নয়নৰ বাবে স্থানীয়ভাৱে প্রয়োগ কৰিব পৰা, পৰিৱেশৰ বন্ধুসুলভ (eco-friendly) আৰু সাংস্কৃতিকভাৱে উপযুক্ত প্রযুক্তি ব্যৱহাৰ কৰাটো জৰুৰী ৷ এই ধাৰণাত সাধাৰণতে স্থানীয় সম্পদ আৰু বনুৱাক ব্যৱহাৰ কৰি কম খৰচী আৰু বহনক্ষম পৰম্পৰাগত প্রযুক্তি কৌশল ব্যৱহাৰ কৰা হয়। সাধাৰণতে এনে প্রযুক্তিত কম সম্পদ ব্যৱহাৰ কৰি বেছি উৎপাদন আৰু কম পেলনীয়া দ্রব্য উৎপাদন কৰা হয়।

(২) হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ কৰা, পুনৰাৱৰ্তনীয় পদ্ধতি : এই পদ্ধতিত সম্পদৰ ব্যৱহাৰ হ্ৰাস কৰা, ইহঁতক আৱৰ্জনীয় দ্রব্য হিচাপে নেপেলাই পুনঃ পুনঃ ব্যৱহাৰ কৰা আৰু  দ্ৰব্যসমূহক পুনৰাবৰ্তন কৰা হয় যাতে উৎপাদন কাৰ্য বহমক্ষম হয়। 

(৩) পৰিবেশ শিক্ষা আৰু সজাগতা বৃদ্ধি কৰা : বহনক্ষম উন্নয়নৰ লক্ষ্য প্রাপ্তি হ’বলৈ হ’লে জনসাধাৰণৰ মাজত পৰিৱেশ সম্বন্ধীয় শিক্ষা আৰু পৰিৱেশৰ ওপৰত জনসচেতনতা বৃদ্ধি কৰিব লাগিব। এই কাৰ্য্য দুইধৰণে কৰিব পাৰি – এবিধ হ’ল আনুষ্ঠানিক শিক্ষা আৰু আনবিধ হ’ল অনানুষ্ঠানিক শিক্ষা। এই দুইবিধৰ জৰিয়তে জনসাধাৰণৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধি কৰি অবহনক্ষম উন্নয়নৰ বিভিন্ন কুফলৰ বিষয়ে জ্ঞান দিব পাৰি আৰু ই বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হবলৈ সহায় কৰে।

(৪) বহন সামৰ্থ্য অনুসৰি সম্পদ ব্যৱহাৰ নীতি : বহনক্ষম উন্নয়নৰ বাবে সম্পদসমূহ কোনো কাৰ্য্যত বহন সামৰ্থ্য অনুসৰি ব্যৱহাৰ কৰিব লাগে। যদি কিবা কাৰণত এই বহন সামৰ্থ্য অতিক্ৰম কৰে, পৰিৱেশৰ অৱক্ষয় আৰম্ভ হয় আৰুএই প্রক্ৰিয়া অব্যাহত থাকে, যেতিয়ালৈকে লাভৰ পৰিমাণ শূন্য নহয়। গতিকে বহনক্ষম উন্নয়নত সম্পদসমূহ বহন সামৰ্থ্যতা অনুসৰি ব্যৱহাৰ কৰিব লাগে। 

বহনক্ষম উন্নয়নৰ বাবে ওপৰত আলোচনা কৰা ব্যৱস্থাসমূহ আমি ল’ব পাৰোঁ

পানী সংৰক্ষণত বিভিন্ন ব্যৱস্থাসমূহ : সম্প্রতি পানী সংৰক্ষণ কৰাটো অতি জৰুৰী হৈ পৰিছে। বৰ্তমান বিশ্বত পানীৰ অভাৱ পৰিলক্ষিত হৈছে আৰু অদূৰ ভবিষ্যতে ই এক বৃহৎ সমস্যা হিচাপে দেখা দিয়াৰ প্রৱল সম্ভাৱনাৰ সৃষ্টি হৈছে। সাম্প্রতিক কালত বিশ্বৰ বিভিন্ন দেশত দেখা দিয়া খৰাং পৰিস্থিতি (droughts) আৰু মৰুভূমিকৰণৰ (Desertification) বাবে মূলতঃ পানীৰ অভাবেই দায়ী। পানীৰ অভাৱৰ ফলত দেখা দিয়া আনটো সমস্যা সংৰক্ষণৰ গুৰুত্ব বৃদ্ধি কৰিছে। পানী সংৰক্ষণৰ বিভিন্ন উপায়বোৰ তলত দিয়াৰ দৰে উল্লেখ কৰিব পাৰি –

(১) ঘৰৰ চালৰ পানী এডাল পাইপেৰে কাষত সাজি থোৱা চৌবাচ্চাত পেলাই বিভিন্ন ঘৰুৱা কাৰ্য্যত ব্যৱহাৰ কৰা হয়। এই পদ্ধতি গুজৰাটত অৱলম্বন কৰা হয়। তদুপৰি বৰষুণৰ পানী ঘৰৰ চাদত বেৰ বান্ধি সংগ্ৰহ কৰিও বিভিন্ন ঘৰুৱা কামত ব্যৱহাৰ কৰিব পাৰি।

(২) পুখুৰী আৰু নাদ খান্দিও বৰষুণৰ পানী সংগ্ৰহ কৰি নানা কামত ব্যৱহাৰ কৰিব পাৰি ৷ উদাহৰণস্বৰূপে, অসমত ডাঙৰ- ডাঙৰ পুখুৰী খান্দি বাৰিষা পানী সংগ্ৰহ কৰি থোৱা হয়। তদুপৰি অসমত পানী সংৰক্ষণ কৰিবলৈ বাৰীৰ চাৰিওফালে খাৱৈ খন্দা হৈছিল।

(৩) শস্য পথাৰত পানী যোগানৰ ফলত নষ্ট হোৱা পানীৰ পৰিমাণ হ্ৰাস কৰা। ইয়াৰ বাবে শস্য পথাৰত ৰাতিপুৱা বা গধূলি পানী যোগান ধৰিব লাগে, যাতে পানীৰ বাষ্পীকৰণ কম হয়। তদুপৰি কম পানী লগা উন্নত বীজ ব্যৱহাৰ কৰিব লাগে।

(৪) পানীৰ পুনৰ ব্যৱহাৰৰ দ্বাৰাও পানী সংৰক্ষণ কৰিব পাৰি । উদাহৰণস্বৰূপে, গা ধুবলৈ ব্যৱহাৰ কৰা পানী গাড়ী ধুবলৈ বা ফুলনিত দিবলৈ ব্যৱহাৰ কৰিব পাৰি।

(৫) ঘৰ, ব্যৱসায়িক প্রতিষ্ঠান বা ৰাজহুৱা ঠাইত পানীৰ অপচয় ৰোধ কৰিও পানী সংৰক্ষণ কৰিব পাৰি। অব্যৱহৃত অৱস্থাত পানীৰ টেপ বন্ধ কৰি আৰু পানী যোগান পাইপত থকা ফুটা মেৰামতি কৰি পানীৰ অপচয় ৰোধ কৰিব পাৰি।

(৬) পানী যোগানৰ বাবে এক নিৰ্দিষ্ট নীতি গ্ৰহণৰ দ্বাৰাও পানী সংৰক্ষণ কৰিব পাৰি। উদাহৰণস্বৰূপে, পানীৰ গ্ৰাহকে পানী ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি পানীৰ বিল দিব লগা হ’লে পানীৰ অপব্যৱহাৰ কমিব। 

আম্লিক বৰষুণ, ইয়াৰ কাৰণ আৰু তাৰ ফলাফলসমূহ :

আম্লিক বৰষুণ হ’ল বৰ্তমান শতিকাৰ অন্যতম মুখ্য বিশ্বজনীন সমস্যা৷ আম্লিক বৰষুণ বুলি ক’লে বৰষুণৰ পানীত ph মূল (ph value) হ্ৰাস পোৱাকে, অৰ্থাৎ পানীৰ আম্লিকতা হ্ৰাস পোৱাকে সাধাৰণভাৱে বুজা যায়। জীৱাশ্ম ইন্ধন দহনৰ ফলত সৃষ্টি হোৱা Sulphur dioxide, Nitrogen oxide  উৎপন্ন হৈ বায়ুৰ লগত মিহলি হৈ সূৰ্য্যৰ পোহৰৰ উপস্থিতিত পানীৰ ভাপ আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি Sulphuric acid আৰু Nitric acid উৎপন্ন কৰে আৰু কিছুমান ঔদ্যোগিক এলেকাত Hydrogen chloride গেছেও বায়ুত Hydrochloric acid উৎপন্ন কৰি আম্লিক বৰষুণৰ সৃষ্টি কৰে। যিহেতু এই, অম্লবিলাকে বৰষুণৰ পানীক আম্লিক কৰি তোলে, সেইবাবে এনে বৰষুণক আম্লিক বৰষুণ বোলা হয়। তদুপৰি আম্লিক বৰষুণ, প্রাকৃতিক কাৰণ, যেনে- আগ্নেয়গিৰিৰ উদ্‌গিৰণৰ ফলতো হ’ব পাৰে। 

আম্লিক বৰষুণৰ কাৰণ : আম্লিক বৰষুণৰ প্রধান কাৰণ দুটা ৷ এই কাৰণ হ’ল প্রাকৃতিক আৰু আনটো হ’ল মানৱসৃষ্ট ৷ প্রকৃতপক্ষে ক’বলৈ গ’লে আম্লিক বৰষুণৰ বাবে প্রাকৃতিক কাৰণতকৈ মানৱসৃষ্ট কাৰণসমূহ বেছি দায়ী । অৰ্থনৈতিক বিকাশ আৰু বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে কল-কাৰখানা,  উৎপাদন কেন্দ্ৰ, শক্তি, উদ্যোগ আৰু যান-বাহন আদিৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। এই উদ্যোগ আৰু যান-বাহনসমূহৰ পৰা নিৰ্গত হোৱা নাইট্ৰ’জেন  আৰু ছালফাৰ অক্সাইডবোৰেই প্রধানতঃ আম্লিক বৰষুণৰ বাবে দায়ী। তদূপৰি হাইড্ৰ’জেন ক্ল’ৰাইড গেছো এচিদ বৰষুণৰ বাবে দায়ী। প্রাকৃতিক কাৰণৰ ভিতৰত আগ্নেয়গিৰি উদ্‌গিৰণ, ব্ৰজপাত আৰু জীৱদেহৰ পচন আম্লিক বৰষুণৰ কাৰণ হব পাৰে।

আম্লিক বৰষুণৰ পৰিণাম : আম্লিক বৰষুণৰ পৰিণামবিলাক তলত উল্লেখ কৰা হ’ল – 

 (ক) আম্লিক বৰষুণে ভূমিৰ গুণাগুণ তথা উৰ্বৰতা সলনি কৰি উৎপাদনৰ পৰিমাণ হ্ৰাস কৰে। 

(খ) আম্লিক বৰষুণে ঘৰ-দূৱাৰ, কীৰ্তিস্তম্ভ, প্রাচীন শিলালিপি আদিৰ ওপৰত বিৰূপ প্রভাৱ পেলাইছে। 

(গ) আম্লিক বৰষুণে গছ-গছনি আৰু অন্যান্য উদ্ভিদৰ ওপৰত কুপ্রভাৱ পেলাইছে।

(ঘ) আম্লিক বৰষুণে প্রজনন ক্ষমতা হ্ৰাস কৰিছে।

(ঙ) আম্লিক বৰষুণৰ ফলত পানীৰ অম্লতা গুণ বৃদ্ধি আৰু জলজ জীৱসমূহৰ লগতে মাছৰ জীৱনৰ ওপৰত বিৰূপ প্রভাৱ পেলাইছে।

(চ) কানাডা, নৰৱে, চুইডেন আদিৰ বহুতো হ্ৰদত আম্লিক বৰষুণৰ ফলত মাছ নাইকিয়া হৈ গৈছে। ওপৰতো বিৰূপ প্রভাৱ পৰিছে। উদাহৰণস্বৰূপে ভেকুলী।

(ছ) আম্লিক বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিৱেশ পৰিবৰ্তনৰ ফলত বন্যপ্ৰাণীৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে। উদাহৰণ স্বৰূপে -ভেকুলী।

(জ) অম্লবৃষ্টিৰ ফলত বিভিন্ন ধৰণৰ বিষাক্ত ধাতু, যেনে – পাৰা, এলুমিনিয়াম আদি পানীত বিয়োজিত হয় আৰু ই মাছ আদি জলজ জীৱদেহলৈ যায় আৰু ইহ’তক ভক্ষণৰদ্বাৰা অৱশেষত মানৱ দেহ এই বিষাক্ত দ্ৰব্যসমূহৰদ্বাৰা আক্ৰান্ত হয়।

আম্লিক বৰষুণ ৰোধৰ উপায় : আম্লিক বৰষুণ ৰোধ কৰিবলৈ তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি –

(ক) উদ্যোগ তথা শক্তি উৎপাদন কেন্দ্ৰসমূহৰ পৰা SO2 আৰু NO2উৎপাদন হ্ৰাস কৰিবলৈ প্রদূষণনাশক সৰঞ্জাম ব্যৱহাৰ কৰা।

(খ) বৰষুণৰ পানী মাজে মাজে সংৰক্ষণ কৰা আৰু pH মান জোখা।

আম্লিক বৰষুণ জোখাৰ উপায়  : আম্লিক বৰযুণৰ আম্লিকতা pH মানৰ দ্বাৰা জুখিব পাৰি। এই মান ১ ৰ পৰা ১৪ লৈ জুখিব পাৰি।

1   2   3   4   5     6     7    8     9   10    11  12 

Acid (আম্লিক)            Neutral           Alkalic

বৰষুণৰ পানী আম্লিক হয় যেতিয়া ইয়াৰ ph মান ৫.৬ তকৈ কম হয়। বিশুদ্ধ পানীৰ PH মান ৯, যিহেতু ই Neutral অন্যহাতেদি তেজ, গাখীৰ আদি এলকালি ৷ ইহঁতৰ pH মান অতি বেছি৷ অৱশ্যে সকলো প্রকাৰৰ বৰষুণেই কম পৰিমাণে আম্লিক, বায়ুত কাৰ্বন-ডাই-অক্সাইড গেছৰ উপস্থিতিৰ বাবে। 

অ’জ’ন স্তৰ আৰু অ’জ’ন স্তৰ ধ্বংসৰ বাবে দায়ী কাৰক :

অ’জ’ন স্তৰ হ’ল বায়ুমণ্ডলৰ ষ্টেট’স্ফিয়েৰত (Stratosphere) থকা এখন বিশুদ্ধ অক্সিজেনৰ (O3) অণুৰে গঠিত পাতল আৱৰণ, যি সূৰ্য্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মি শোষণ কৰি পৃথিৱীৰ বুকুলৈ অহাত বাধা আৰোপ কৰে। এই স্তৰটো পৃথিৱীৰ ভূ-পৃষ্ঠৰ ১০ ৰ ৩০ মাইল দূৰত্বৰ ভিতৰত অৱস্থিত। অ’জ’ন এই পৃথিৱীৰ বায়ুমণ্ডলত থকা একমাত্ৰ গেছ যি সূৰ্য্যৰ অতি মাৰাত্মক অতিবেঙুনীয়া ৰশ্মি পৃথিৱীত পৰাত বাধা দিব পাৰে।

পৃথিৱীখনৰ (পৰিমণ্ডল) বায়ুমণ্ডল প্রদূষিত হোৱাৰ ফলত হোৱা এটা ভয়াবহ কুপ্রভাৱ হ’ল অ’জ’ন স্তৰৰ ধ্বংস। অ’জ’নস্তৰে সূৰ্য্যই বিকিৰণ কৰা অতি মাৰাত্মক অতিবেঙুনীয়া ৰশ্মি পৃথিবীলৈ অহাত বাধা দি জীৱজগতক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰি আহিছে। কিন্তু প্রদূষণৰ ফলত ক্ৰমান্বয়ে অ’জ’নস্তৰ ক্ষয় হৈ থকাৰ ফলত পৃথিৱীৰ প্রতি ই ভাবুকিৰ সৃষ্টি কৰিছে। অ’জ’ন স্তৰ ধ্বংসৰ মূল কাৰণসমূহ তলত আলোচনা কৰা হ’ল। কিন্তু বেছ কিছুকাল ধৰি বিজ্ঞানীসকলে লক্ষ্য কৰি আহিছে যে ওপৰৰ আকাশত অ’জ’ন স্তৰৰ কোনো কোনো অঞ্চল পাতল হৈ আহিছে, ক’ৰবাত হয়তো এই অ’জ’ন অজানিতে ফুটা হৈ গৈছে। বিজ্ঞানীসকলে ইয়াৰ নাম দিছে অ’জ’ন গহ্বৰ (Ozone hole) ফলত সূৰ্য্যই বিকিৰণ কৰা অতিবেঙুনীয়া ৰশ্মি পৃথিৱীলৈ আহি জীৱজগতৰ প্রচুৰ ক্ষতি কৰিছে। এই ৰশ্মিয়ে মানুহৰ ছালৰ কেন্সাৰ সৃষ্টি কৰে, দেহত জিনৰ কৰ্মপদ্ধতি সলনি কৰে, উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ বাধাগ্ৰস্ত হয়, ইত্যাদি।

অ’ জ’ নস্তৰ ক্ষয় যোৱাৰ কাৰণসমূহ তলত আলোচনা কৰা হ’ল –

(১) ক্ল’ৰ’ফ্লৰ’কাৰ্বন : অ’জ’ন স্তৰ হ্ৰাস পোৱা অথবা ক্ষয় হোৱাৰ মূখ্য কাৰণ হ’ল বায়ুমণ্ডলত ক্ল’ৰ’ফ্লৰ’ কাৰ্বনৰ উপস্থিতি। ক্ল’ৰ’ফ্লৰ’কাৰ্বন বা CFC হ’ল- ক্ল’ৰিন, ফ্ল’ৰিন আৰু হাইড্ৰ’কাৰ্বনৰ এটা যৌগ ৷ ইয়াৰ দুটা উল্লেখযোগ্য নাম হ’ল CFC13 বা ফ্লেয়ন 11 আৰু CF2 CL2 বা ফ্লেয়ন 12; আৰু এই ফ্ৰেয়নক ৰিফ্ৰিজাৰেটৰত শীতলকাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। এই ক্ল’ৰ’ফ্লৰ’কাৰ্বনবোৰত মুক্ত ক্ল’ৰিন (Chlorine, চিহ্ন Cl)  প্রচুৰ পৰিমাণে থাকে। যেতিয়া এই ক্ল’ৰ’ফ্লৰ’কাৰ্বনসমূহ বায়ুমণ্ডলৰ অ’জ’নৰ সংস্পৰ্শলৈ বা ষ্টেট’স্ফিয়াৰৰ অ’জ’ন স্তৰৰ সংস্পৰ্শলৈ আহে, ক্ল’ৰ’ফ্লৰ’কাৰ্বনসমূহত থকা মুক্ত ক্ল’ৰিনসমূহে দ্ৰুতগতিত অ’জন অনুবোৰক ভাঙি পেলায়। ফলত অ’জ’ন স্তৰৰ ক্ষয় হয়।

(২) নাইট্ৰ’জেন অক্সাইডসমূহ : নাইট্ৰ’জেন আৰু অক্সিজেনৰ বিক্ৰিয়া হৈ সৃষ্টি হোৱা অক্সাইডসমূহৰ ভিতৰত নাইট্ৰ’জেন অক্সাইড (NO) আৰু নাইট্ৰ’জেন ডাই-অক্সাইডে অ’জ’ন স্তৰ ধ্বংস বা ক্ষয় কৰাত মুখ্য ভূমিকা লৈ আহিছে। সৰ্বসাধাৰাণতে এই অক্সাইডসমূহৰ উৎস হ’ল বিভিন্ন উদ্যোগ, সাৰ কাৰখানা, গাড়ী-মটৰে এৰি দিয়া গেছসমূহ ৷ এই NO আৰু NO2  দুয়োবিধ বৰ সক্ৰিয়ভাৱে অ’জ’ন (O3) ৰ লগত বিক্ৰিয়া কৰি অ’জ’ন অণুটো ভাঙি পেলায়। 

NO+O3 (R) NO2 +O2

2NO2 + O3 (R) N2 O3 +2O2

ওপৰত উল্লিখিত দুবিধৰ বাহিৰেও অ’জ’ন স্তৰ ক্ষতি কৰাত ক্ল’ৰিন পদাৰ্থসমূহ, হাইড্ৰ’কাৰ্বন, বিভিন্ন গধুৰ ধাতু ইত্যাদিয়ে অৰিহণা যোগাই আহিছে। 

অ’জ’ন স্তৰক্ষয় যোৱাৰ ফলত অতিবেঙুনীয়া ৰশ্মি আহি পৃথিৱীত পৰিছেহি; ফলত ই জীৱ জগতৰ বাবে বিভীষিকাৰূপে দেখা দিছে। অতিবেঙুনীয়া ৰশ্মিয়ে কিমান গভীৰভাৱে অপকাৰ কৰিব পাৰে তাৰে কেইটামান উদাহৰণ তলত দিয়া হ’ল –

(১) অতিবেঙুণীয়া ৰশ্মিৰ বিকিৰণৰ ফলত ছালৰ কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ, কেটেৰেক্ট, লিউকেমিয়া ইত্যাদি ভয়াবহ বেমাৰ হ’ব পাৰে।

(২) অতিবেঙুনীয়া ৰশ্মিয়ে জিনৰ বিসংগতি কৰিব পাৰে।

(৩) উদ্ভিদৰ শস্য উৎপাদন ক্ষমতা হ্ৰাস কৰিব পাৰে।

(৪) পৃথিৱীৰ ভূ-পৃষ্ঠৰ উষ্ণতা বৃদ্ধি কৰি বসবাসৰ অনুপযোগী কৰিব পাৰে।

পৰিৱেশ সুৰক্ষাৰ বাবে জনসচেতনতা বৃদ্ধিৰ বাবে লব লগা ব্যবস্থা :

জনসংখ্যা বৃদ্ধি আৰু আধুনিক সভ্যতাৰ প্ৰসাৰৰ লগে লগে পৰিৱেশ প্রদূষণ সমগ্র বিশ্বৰ বাবে এটা অন্যতম প্রধান সমস্যাত পৰিণত হৈছে। ইয়াৰ ফলত পৰিৱেশৰ ভাৰসাম্যতা নাইকিয়া হৈ পৰিৱেশৰ ওপৰত বিৰূপ প্রভাৱ পৰি নানান সমস্যাই দেখা দিছে আৰু এই সকলোবিলাকেই পৰিবেশ সংৰক্ষণৰ গুৰুত্ব দিনে দিনে বৃদ্ধি কৰিছে। পৰিৱেশ সুৰক্ষা কৰিবৰ বাবে কেৱল চৰকাৰী পদক্ষেপেই যথেষ্ট নহয়, ইয়াৰ বাবে জনসাধাৰণৰ সহযোগিতাও সমানেই জৰুৰী। কিন্তু ইয়াৰ বাবে জনসাধাৰণে জানিব লাগিব পৰিৱেশ প্রদূষণ কি? ইয়াৰ ফলত কি কি ঘটনা ঘটিব পাৰে আৰু এইবোৰে মানৱ জাতিলৈ কিদৰে ভয়াবহ পৰিস্থিতিৰ মাজলৈ অনাগত ভৱিষ্যতক ঠেলি দিব পাৰে তাক জনগণে জানিব লাগিব। অৰ্থাৎ পৰিৱেশক ৰক্ষণাবেক্ষণ কিয় দিব লাগে বা কেনেকৈ দিব পাৰি সেই সম্পৰ্কে জনসাধাৰণ সচেতন হ’ব লাগিব ৷ জনসাধাৰণৰ মাজত পৰিৱেশীয় সচেতন সকলো বয়সৰ মানুহৰ মাজত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা দুয়োটাৰ দ্বাৰাই বিয়পাব পাৰি। পৰিৱেশ সুৰক্ষা সম্পৰ্কত সচেতনতা বৃদ্ধি কৰিবলৈ আমি তলত দিয়া ব্যৱস্থাসমূহ ল’ব পাৰোঁ।

(১) শিক্ষাৰ দ্ধাৰা ছাত্ৰ-ছাত্ৰীৰ মাজত : পৰিৱেশ সম্পৰ্কীয় শিক্ষা ছাত্ৰ-ছাত্ৰীৰ ল’ৰালি কালৰ পৰাই দিয়া উচিত। সম্প্রতি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পৰিৱেশ অধ্যয়নক স্কুল আৰু মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ দ্বাৰা ছাত্র-ছাত্ৰীসকল পৰিৱেশ সম্পৰ্কে সচেতন হ’ব বুলি আশা কৰিব পাৰি। 

(২) জনসাধাৰণৰ মাজত জনসংযোগ মাধ্যমৰ জৰিয়তে : জনসংযোগ মাধ্যমৰ জৰিয়তে পৰিৱেশ সুৰক্ষা সম্পৰ্কে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব পাৰি। বাতৰি কাকত, ৰেডিঅ’, টি ভি. আদিয়ে এই ক্ষেত্রত বিশেষ ভূমিকা পালন কৰিব পাৰে । অশিক্ষিত লোকৰ মাজত এনে সচেতনতা বৃদ্ধি কৰিবৰ বাবে ভিডিঅ’কথাছবি প্রদর্শন, মেল-মিটিং, বাটৰ নাট আদি কাৰ্য্যসূচী হাতত ল’ব লাগে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নানান পৰিৱেশ সুৰক্ষা আৰু সচেতনতা বৃদ্ধি কৰিব পৰা কাৰ্য্য হাতত ল’ব লাগে ৷ যেনে – বৃক্ষৰোপণ, কথাছবি প্ৰদৰ্শন, সভা-সমিতিৰ আয়োজন আদি ৷ তদুপৰি টেলিভিছনত পৰিৱেশ সজাগতাৰ ওপৰত নিৰ্মাণ কৰা ধাৰাবাহিক প্রদর্শন কৰিব লাগে।

(৩) পৰিকল্পনা প্ৰস্তুতকৰ্তা, সিদ্ধান্ত কাৰ্য্যকৰী কৰোঁতা আৰু দলপতিসমূহৰ মাজত :  যিহেতু এই লোকসকলেই ভৱিষ্যতৰ সমাজ গঠনত ডাঙৰ ভূমিকা গ্ৰহণ কৰে, সেইবাবে এওঁলোকৰ মাজত পৰিবেশ সম্বন্ধীয় সচেতনতা গঢ়ি তুলিবৰ বাবে প্রশিক্ষণ কাৰ্য্যসূচী, ৱৰ্কচপ (workshop) আদি অনুষ্ঠিত কৰিব লাগে । 

পৰিৱেশ আৰু বন মন্ত্ৰালয়ে প্রকাশ কৰা পৰিৱেশ সম্পৰ্কীয় পুস্তিকা বিলাকেও পৰিৱেশ সুৰক্ষা সম্বন্ধে জন-সচেতনতা, গণ -সচেতনতা বৃদ্ধি কৰিব। তদুপৰি এইক্ষেত্ৰত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহে এক বিশেষ ভূমিকা পালন কৰিব পাৰে। এক কথাত ক’বলৈ গ’লে বহুক্ষেত্ৰত চৰকাৰতকৈ এই সংগঠনসমূহে অধিক শক্তিশালী ভূমিকা গ্ৰহণ কবিব পাৰে বেচৰকাৰী সংগঠনসমূহৰ এই ক্ষেত্ৰত থকা আন এটা সুবিধা হ’ল ই চৰকাৰ আৰু জনসাধাৰণৰ মাজত এক গ্ৰহণযোগ্য সেঁতুৰ ভূমিকা পালন কৰিব পাৰে। এই স্বেচ্ছাসেৱী সংগঠনসমূহে জনসাধাৰণৰ মাজত পৰিৱেশ সূৰক্ষা সম্বন্ধীয় সজাগতা আনি গণ আন্দোলনৰ সৃষ্টি কৰিব পাৰে৷ উদাহৰণস্বৰূপে প “কল্পবৃক্ষ” নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৰ কথাকে ক’ব পাৰি। এই সংগঠনটোৱে নৰ্মদা বচাও আন্দোলনৰ গুৰি ধৰি পৰিৱেশ সংৰক্ষণত ডাঙৰ অৱদান আগবঢ়াবলৈ সক্ষম হৈছিল।

পৰিৱেশীয় নৈতিকতা :

পৰিৱেশীয় নৈতিকতা হ’ল মানুহ আৰু পৰিৱেশৰ মাজত থকা নৈতিক সম্বন্ধ ৷ অন্য অৰ্থত পৰিবেশীয় নৈতিকতা বুলি ক’লে মানুহ আৰু পৰিৱেশৰ বুজোৱা হয়। পৰিৱেশ নৈতিকতাৰ লগত জড়িত হৈ থকা নীতিসমূহে মানুহৰ পৰিৱেশৰ ওপৰত থাকিব লগা দায়িত্ব, কৰ্ত্তব্য, মানৱ জাতিৰ প্ৰয়োজনীয়তা আদি বিষয়ৰ ওপৰত গুৰুত্ব দিয়ে । দুটা বিভিন্ন প্ৰয়োজনীয়তাৰ মাজত যেতিয়া কোনোবা এটাক অধিক গুৰুত্ব দিব লগা হয়,তেতিয়া পৰিৱেশীয় নৈতিকতাই সহায় কৰে। তদুপৰি সঠিকভাৱেই কোৱা হয় – “The environmental crisis is an outward manifestation of the crisis of mind and spirit.”

মানুহৰ দৃষ্টিভংগী দুই ধৰণৰ। এটা হৈছে মানৱকেন্দ্ৰিক চিন্তা (Humancentric thinking) আৰু আনটো হৈছে বসুধাকেন্দ্ৰিক চিন্তা (Earth Centric thinking) মানুহৰ যি দৃষ্টিভংগীয়ে মানুহেই এই পৃথিৱীৰ সকলো, মানুহেই সকলো প্রাকৃতিক সম্পদৰ গৰাকী আৰু সেইবাবে যিমান ইচ্ছা সিমান আহৰণ কৰিব পাৰে তাক প্রতিফলিত কৰে, এনে দৃষ্টিভংগীকমানৱকেন্দ্ৰিক চিন্তা বোলা হয়। অন্যহাতেদি মানুহৰ যি দৃষ্টিভংগীৰ দ্বাৰা প্ৰকৃতিয়ে আমাক কৰা সহায়ৰ বাৰে প্ৰকৃতিক শ্ৰদ্ধা আৰু ৰক্ষণাবেক্ষণ দিয়াৰ ওপৰত গুৰুত্ব দিয়া হয়, তেনে দৃষ্টিভংগীক বসুধাকেন্দ্ৰিক চিন্তা বোলা হয়।

এই ধাৰণা দুটাকে আকৌ আমি পৰিবেশ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰিব  পাৰো ।

(১) মানৱকেন্দ্ৰিক বিশ্ব মত (Anthropocentric worldview) : এই ধাৰণাত মানুহকে সকলোৰে ওপৰত ৰখা হয় আৰু মানুহকে এই ধৰাৰ(earth) সকলো কাৰ্য্যৰ মূল হিচাপে গণ্য কৰা হয়। এই ধাৰণা নিম্নোক্ত নীতিসমূহৰ ওপৰত প্রতিষ্ঠিত –

(ক) মানুহ এই পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰজাতি আৰু প্রকৃতিৰ বাকী সকলো উপাদানৰ গৰাকী ৷

(খ) পৃথিৱীৰ বুকুত থকা প্রাকৃতিক সম্পদসমূহৰ যোগান সীমাহীন আৰু এই সকলোবোৰ কেৱল মানুহৰ ৷

(গ) অৰ্থনৈতিক উন্নয়নৰ গতিবেগ যিমানে বাঢ়ে সিমানে গ্ৰহণীয়, কাৰণ ই আমাৰ জীৱন ধাৰণৰ মানদণ্ড বঢ়ায় আৰু অৰ্থনৈতিক বিকাশৰ সম্ভাৱনা অপৰিসীম।

(ঘ) সুস্থ অৰ্থনীতিৰ ওপৰত সুস্থ পৰিৱেশ নিৰ্ভৰ কৰে।

(ঙ) প্ৰকৃতিৰ সুবিধাখিনি কিমান ভালকৈ মানুহে উপভোগ কৰিব পাৰে তাৰ ওপৰতে মানৱজাতিৰ সাফল্য নিৰ্ভৰ কৰে।

(২) পৰিৱেশকেন্দ্ৰিক বিশ্ব মত (Ecocentric worldview) : এই ধাৰণাৰ চিন্তা-চৰ্চাত তলত দিয়া নীতিসমূহক গুৰুত্ব দিয়া হয় – 

(ক) প্রকৃতি কেৱল মানুহৰ বাবেই নহয়, ই অন্যান্য ৷

প্ৰজাতিসমূহৰ বাবেও।

(খ) পৃথিৱীৰ বুকুত থকা সম্পদসমূহ সীমিত আৰু সিহঁত কেৱল মানুহৰ বাবে নহয়।

(গ) অৰ্থনৈতিক বিকাশ মানৱজাতিৰ বাবে উপযোগী হয় যেতিয়ালৈকে এই বিকাশে পৃথিৱীৰ ওপৰত কোনো বিৰূপ প্রভাৱ নেপেলায়৷

(ঘ) এখন ভাল অৰ্থনীতি এটা ভাল পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল ৷

(ঙ) মানৱ জাতিৰ সাফল্য নিৰ্ভৰ কৰে কিমান পৰিমাণত আমি প্রকৃতিক

 ইয়াৰ পৰা সম্পদসমূহ আহৰণ কৰোঁতে সহযোগিতা পাৰোঁ।

সমালোচনা : ওপৰৰ আলোচনাৰ পৰা আমি দেখিলো যে, মানৱকেন্দ্ৰিক বিশ্ব মত পৰিবেশ সংৰক্ষণৰ দিশৰ পৰা গ্ৰহণীয় নহয়। ই পৰিবেশক সুৰক্ষা দিয়াৰ বিপৰীতে, উন্নয়ৰ বাবে পৰিৱেশ ধ্বংস কৰাক উদ্গনি দিছে। এই মতবাদ অনুসৰি এখন দেশ উন্নতিৰ জখলাত আগবাঢ়িলে পৰিৱেশৰ সমস্যাসমূহ  দূৰ কৰিব পাৰিব, অন্যথা পৰিৱেশক সুৰক্ষা দিব নোৱাৰি। অৰ্থাৎ মানুহে পৰিৱেশক সুৰক্ষা আৰু ধ্বংস দুয়োটা কৰিব পাৰে বুলি ভৱা হয়। কিন্তু এই ধাৰণা বহনক্ষয় নহয়। অন্যহাতেদি পৰিবেশক সুৰক্ষা দিবলৈ, পৰিৱেশকেন্দ্ৰিক বিশ্ব মতবাদত গুৰুত্ব দিয়া হৈছে। এই মতবাদত পৰিৱেশ সুৰক্ষিত হ’লেহে মানৱজাতি সংৰক্ষিত এই ধাৰণাক আগস্থান দিয়া হৈছে৷ ফলত উন্নয়ন আৰু পৰিৱেশ সূৰক্ষা দুয়োটাক সমানে গুৰুত্ব দিয়া হৈছে। এনে ধাৰণাৰ পৰাই বৰ্তমানৰ বহনক্ষয় উন্নয়ন মতবাদৰ সৃষ্টি হৈছে।

Multiple choice objective type questions

(১) বহনক্ষম উন্নয়নৰ প্রধান দিশ – 

(ক) তিনিটা     

(খ) দুটা

(গ) চাৰিটা 

(ঘ) পাঁচটা

উত্তৰঃ (খ) দুটা।

(২) ষ্টকহ’ম সন্মিনন হৈছিল – 

(ক) ১৯৭০ চনত 

(খ) ১৯৭১ চনত

(গ) ১৯৭২ চনত   

(ঘ) ১৯৭৩ চনত

উত্তৰঃ (গ) ১৯৭২ চনত।

(৩) শক্তিৰ প্রধান উৎস –

(ক) সূৰ্য্য      

(খ) নিউক্লীয় শক্তি

(গ) পাৰমাণৱিক শক্তি 

(ঘ) ওপৰৰ এটাইকেইটাই 

উত্তৰঃ (ক) সূৰ্য্য।

(৪) Limit of growth ৰ ধাৰণাটো আগবঢ়াইছিল-

(ক) মিদ’ আৰু তেওঁৰ সহযোগিসকলে

(খ) চল’ আৰু তেওঁৰ সহযোগী সকলে

(গ) অমত্য সেন আৰু তেওঁৰ সহযোগী সকলে

(ঘ) ইছৰাড ডালিয়ে

উত্তৰঃ (ক) মিদ’ আৰু তেওঁৰ সহযোগিসকলে।

(৫) জনমানৱ ৰূপে পৰিচিত মানুহ গৰাকীৰ নাম হল-

(ক) বাবা আমতে    

(খ) অৰুন্ধতী ৰয়

(গ) ৰাজেন্দ্ৰ সিং    

(ঘ) মেধা পাটকাৰ

উত্তৰঃ (গ) ৰাজেন্দ্ৰ সিং।

(৬) ঝাৰিয়া কয়লাখনি বিখ্যাত কাৰণ-

(ক) দেশৰ বৃহত্তম কয়লাখনি

(খ) ১৯৭৬ চনৰ পৰা এই খনিত ভূ-গৰ্ভত জুই জ্বলি আছে

(গ) এনথ্রাচাইট কয়লাৰ একমাত্ৰ খনি

(ঘ) ওপৰৰ তিনিওটা

উত্তৰঃ (খ) ১৯৭৬ চনৰ পৰা এই খনিত ভূ-গৰ্ভত জুই জ্বলি আছে।

(৭) ভাতৰবর্ষৰ অম্লবৃষ্টিত এখন ঠাই-

(ক) কোডাইকানাল     

(খ) মহাৰাষ্ট্ৰ

(গ) মুম্বাই          

(ঘ) দিল্লী

উত্তৰঃ (ক) কোডাইকানাল।

(৮) সেউজগৃহৰ এবিধ গেছ-

(ক) হাইড্ৰ’জেন  

(খ) অক্সিজেন

(গ) নাইট্ৰ’জেন    

(ঘ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ (ঘ) কাৰ্বন-ডাই-অক্সাইড।

(৯) হিৰোচিমা আৰু নাগচাকিত আমেৰিকাই পাৰমাণৱিক বোমা পেলাইছিল-

(ক) ১৯৪৫ চনত     

(খ) ১৯৪৬ চনত 

(গ) ১৯৪৭ চনত   

(ঘ) ১৯৫০ চনত

উত্তৰঃ (ক) ১৯৪৫ চনত।

(১০) বন্যপ্ৰাণী সংৰক্ষণ আইন প্রণয়ন হৈছিল –

(ক) ১৯৭০ চনত   

(খ) ১৯৭১ চনত

(গ)১৯৭২ চনত     

(ঘ) ১৯৭৩ চনত

উত্তৰঃ (খ) ১৯৭১ চনত।

(১১) অম্লবৃষ্টিত থকা এচিদ-

(ক) নাইট্ৰিক এচিদ   

(খ) এচিটিক এচিদ

(গ) হাইড্ৰ’ক্লৰিক এচিছ 

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) নাইট্ৰিক এচিদ।

(১২) স্বাভাৱিক বৰষুণত পানীৰ ph মান –

(ক) ৫.৬        

(খ) ৫.৫

(গ) ৫.৭      

(ঘ) ৫.৮

উত্তৰঃ (ক) ৫.৬

(১৩) তলৰ কোনখন দেশে সৰ্ব্বোচ্চ পৰিমাণে CO2 গেছ উৎপন্ন কৰে –

(ক) জাপান      

(খ) ৰাছিয়া

(গ) ভাৰত        

(ঘ) আমেৰিকা

উত্তৰঃ (গ) ভাৰত।

(১৪) অ’জন গহ্বৰ সৃষ্টিৰ বাবে দায়ী প্ৰধান গেছবিধ 

(ক) CFSS

(খ) CO2

(গ) N2O  

(ঘ) SO2

উত্তৰঃ (ক) CFSS 

(১৫) অম্লবৃষ্টিৰ বেছিভাগ তলৰ কোনবিধ এছিডৰ উপস্থিতিৰ বাবে হয়-

(ক) নাইট্রিক এছিড   

(খ) ছালফিউৰিক এছিড

(গ) জৈৱ এছিড     

(ঘ) হাইড্ৰ’ ক্লৰিক এডিড

উত্তৰঃ (খ) ছালফিউৰিক এছিড।

(১৬) বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় –

(ক) ৫ জুন    

(খ) ৬ জুন

(গ) ৭ জুন      

(ঘ) ৮ জুন

উত্তৰঃ (ক) ৫ জুন।

(১৭) কোনখন ৰাজ্যৰ সুকীয়া বন্যপ্ৰাণী সুৰক্ষা আইন আছে-

(ক) মণিপুৰ       

(খ) অসম

(গ) জম্মু আৰু কাশ্মীৰ   

(ঘ) বিহাৰ

উত্তৰঃ (গ) জম্মু আৰু কাশ্মীৰ।

১৮ ৷ বহনক্ষম উন্নয়ন বুলিলে–

(ক) দ্ৰুত অৰ্থনৈতিক উন্নয়ন 

(খ) পৰিৱেশ সংৰক্ষণ 

(গ) বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ মাজত সংগতি ৰখা।

(ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (গ) বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ মাজত সংগতি ৰখা।

(১৯) বহনক্ষম উন্নয়নৰ দিশ-

(ক) আন্তঃপুৰুষ মাজত সমতা 

(খ) অন্তঃপুৰুষ সমতা

(গ) ক’ আৰু ‘খ’ দুয়োটাই শুদ্ধ 

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আন্তঃপুৰুষ মাজত সমতা।

২০ ৷ অবহনক্ষমতাৰ কাৰণ-

(ক) জনসংখ্যাৰ দ্ৰুত বৃদ্ধি

(খ) সম্পদ আৰু চাহিদাৰ ব্যৱস্থাপনাৰ ক্ৰুটি

(গ) জনমূৰি হিচাপৰ অধিক হাৰত সম্পদৰ ব্যৱহাৰ

(ঘ) ওপৰৰ সকলোবোৰ

উত্তৰঃ (ঘ) ওপৰৰ সকলোবোৰ।

২১ ৷ বহনক্ষম উন্নয়নৰ উপায়–

(ক) উপযুকত প্রযুক্তিৰ ব্যৱহাৰ

(খ) পৰিৱেশীয় শিক্ষা আৰু সজাগতা বৃদ্ধি

(গ) ‘ক’ অশুদ্ধ আৰু ‘খ’ শুদ্ধ

(ঘ) দুয়োটাই শুদ্ধ

উত্তৰঃ (ঘ) দুয়োটাই শুদ্ধ।

(২২) পানী সংৰক্ষণ বুলিলে-

(ক) ঘৰৰ ভিতৰত পানী সংৰক্ষণ

(খ) বৰষুণৰ পানী সংৰক্ষণ

(গ) পুখুৰীত পানী সংৰক্ষণ

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বৰষুণৰ পানী সংৰক্ষণ।

(২৩) জলচ্ছেদ, ব্যৱস্থাপনাৰ পদ্ধতি-

(ক) জলকৰ্ষণ     

(খ) বনানীকৰণ

(গ) ‘ক’ আৰু ‘খ’ দুয়োটাই    

(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) জলকৰ্ষণ। 

(২৪) অ’জন স্তৰ ধ্বংস হোৱাৰ কাৰণ– 

(ক) বনাঞ্চল ধ্বংস    

(খ) অক্সিজেন বৃদ্ধি

(গ) চালফাৰ    

(ঘ) খৰাং 

উত্তৰঃ (গ) চালফাৰ।

(২৫) স্বাস্যৰ ওপৰত অ’জনস্তৰ ক্ষয়ৰ কু-প্ৰভাৱ-

(ক) কেন্সাৰ        

(খ) মূৰৰ বিষ 

(গ) কাণেৰে নুশুনা  

(ঘ) ৰক্তহীনতা

উত্তৰঃ (ক) কেন্সাৰ।

(২৬ ) সেউজ গৃহ পৰিঘটনা বুলিলে–

(ক) বানপানী হোৱা 

(খ) গোলকীয় উষ্ণতা বৃদ্ধি

(গ) ঠাণ্ডা বৃদ্ধি    

(ঘ) প্ৰদূষণ

উত্তৰঃ (ঘ) প্ৰদূষণ।

(২৭) জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণ–

(ক) বনাঞ্চল ধ্বংস  

(খ) উদ্যোগীকৰণ

(গ) উষ্ণতা বৃদ্ধি 

(ঘ) ওপৰৰ সকলোবোৰ শুদ্ধ

উত্তৰঃ (ঘ) ওপৰৰ সকলোবোৰ শুদ্ধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top