Environmental Studies Unit 3 পৰিস্থিতি তন্ত্ৰ

Environmental Studies Unit 3 পৰিস্থিতি তন্ত্ৰ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Studies Unit 3 পৰিস্থিতি তন্ত্ৰ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Studies Unit 3 পৰিস্থিতি তন্ত্ৰ Question Answer can be of great value to excel in the examination.

Environmental Studies Unit 3 পৰিস্থিতি তন্ত্ৰ

Join Telegram channel

Environmental Studies Unit 3 পৰিস্থিতি তন্ত্ৰ Notes cover all the exercise questions in UGC Syllabus. The Environmental Studies Unit 3 পৰিস্থিতি তন্ত্ৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Ecosystem

ENVIRONMENTAL STUDIES

পৰিৱেশ অধ্যয়ন


বাস্তৱ বিদ্যা (Ecology) :

যি বিভাগত কোনো এক পৰিবেশত জীৱিত জীৱবোৰৰ পৰস্পৰৰ সম্পৰ্ক আৰু পৰিৱেশৰ লগত ইহঁতৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে, সেই বিভাগকে বাস্তৱ বিদ্যা বোলা হয়। বাস্তৱ বিদ্যাত জীৱবোৰ যি বসতিত বাস কৰে সেই বসতিৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত জীৱিত জীৱবোৰৰ সম্পৰ্ক আৰু সেই বসতিত বাস কৰা জীৱিত আন আন জীৱবোৰৰ পৰস্পৰ লগত প্রতিষ্ঠিত সম্পৰ্ক সম্বন্ধে অধ্যয়ন কৰা হয়।

পৰিস্থিতি তন্ত্ৰ (Ecosystem) :

পৰিস্থিতি তন্ত্ৰৰ সংজ্ঞা বিভিন্ন জনে বিভিন্ন ভাগে আগবঢ়াইছে। ওভামৰ মতে, পৰিস্থিতি তন্ত্ৰ বাস্তৱ বিদ্যাৰ মূল একক য’ত জৈৱিক কাৰক(জীৱসমূহ) আৰু;অজৈৱিক কাৰক (উষ্ণতা, পোহৰ আদি) সমূহে এটাই আনটোৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে। অন্যহাতেদি মাথাতনৰ মতে,এটা পৰিবেশত থকা সকলোবোৰ জীৱিত প্রাণী, পাৰিপাৰ্শ্বিকতা আৰু সিহঁতৰ মাজত চলি থকা ক্ৰিয়া-প্ৰতিক্ৰিয়া সমূহ লৈ পৰিস্থিতি তন্ত্ৰ গঠিত হয়। গতিকে বিভিন্ন বিজ্ঞানীয়ে আগবঢ়োৱা সংজ্ঞাসমূহৰ পৰা পৰিস্থিতি তন্ত্ৰৰ সংজ্ঞা এনেদৰে দিব পাৰি – যি বিশেষ পৰিস্থিতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠাবোৰ এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিবেশৰ লগত প্রতিক্রিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে, সেই ক্ৰিয়া পদ্ধতিক পৰিস্থিতি তন্ত্ৰ বোলে। অৰ্থাৎ এখন আবাসভূমিত জীৱিত জীৱৰ সমষ্টি আৰু ভৌতিক কাৰকবোৰে একেলগে পৰস্পৰে পৰস্পৰৰ লগত ক্ৰিয়া কৰি পৰিস্থিতি তন্ত্ৰ সৃষ্টি কৰে। ইয়াক এটা চিত্ৰৰ দ্বাৰা এনেদৰে দেখুৱাব পাৰি –

উৎপাদক (producer)

সাধাৰণতে উৎপাদক বুলি ক’লে সেউজীয়া উদ্ভিদসমূহকে বুজা যায় উদ্ভিদে নিজৰ আহাৰ নিজে প্রস্তুত কৰি ল’ব পাৰে বাবে ইহঁতক সপোষী (Autotrophic) জীৱ বোলা হয়। ইহঁতে বায়ুত থকা কাৰ্বন-ডাই-অক্সাইড (Co2) শোষণ কৰি পানী আৰু দেহত থকা ক্ল’ৰ’ফিল বা পত্ৰহৰিৎৰ সহায়ত শৰ্কৰা জাতীয় খাদ্য প্রস্তুত কৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

এই গ্লুক’জৰ সহায়ত উদ্ভিদে নিজৰ দেহত শ্বেতসাৰ, প্র’টিন, লিপিড আদি উপাদনসমূহ সংশ্লেষিত কৰে। এই উৎপাদিত খাদ্যৰ এটা অংশ উদ্ভিদে, নিজৰ আহাৰ হিচাবে ব্যৱহাৰ কৰে আৰু বাকীখিনি স্থিতিশক্তি হিচাবে সঞ্চিত কৰি ৰাখে। নিজৰ খাদ্য প্রস্তুত কৰিব পৰা গুণৰ বাবে সকলো সেউজীয়া উদ্ভিদক উৎপাদক বোলা হয়। কিছুমান বেক্টেৰিয়াই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল’ব পাৰে।

উপভোক্তা (consumer)

যিবিলাক জীৱ খাদ্যৰ বাবে প্রত্যক্ষ আৰু পৰোক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল, সিহঁতকউপভোক্তা বোলাহয় । উপভোক্তাসমূহ পৰপোষী/ বিমষপোষী (Heterotrophic) জীৱ ৷ খাদ্যৰ প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি পৰপোযী জীৱবোৰক প্রধানত : দুটা ভাগত ভগাব পাৰি৷

(১) মূল উপভোক্তা (Macro-consumer)

(২) ক্ষুদ্ৰ উপভোক্তা বা বিয়োজক (Micro-consumer)

(১) মূল উপভোক্তা : যিবোৰ প্ৰাণী প্রত্যক্ষ বা পৰোক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল, এই সকলোবোৰ প্রাণী ইয়াৰ অন্তৰ্ভূক্ত। খাদ্যৰ প্রকৃতি অনুসৰি মূল উপভোক্তাবোৰক তিনিটা ভাগত ভগাব পাৰি।

(ক) প্ৰাথমিক উপভোক্তা (primary consumer) : যিবোৰ প্রাণীয়ে প্রত্যক্ষভাৱে উদ্ভিদক খাদ্য হিচাবে গ্ৰহণ কৰে, সিহঁতক প্ৰাথমিক উপভোক্তা বোলে৷ যেনে – মাছ, শহা, হৰিণা আদি ।

(খ) দ্বিতীয়স্তৰৰ উপভোক্তা (secondary consumer) : এইবোৰ প্রাণীয়ে প্রাথমিক উপভোক্তাবোৰক খাদ্য হিচাবে গ্ৰহণ কৰে। যেনে ভেকুলী, শিয়াল, চিকাৰী চৰাই আদি।

(গ) তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumer) : যিবোৰ প্ৰাণীয়ে দ্বিতীয় স্তৰৰ প্রাণীবোৰক খাদ্য হিচাবে গ্ৰহণ কৰে সিহঁতক তৃতীয় স্তৰৰ উপভোক্তা বোলা হয়। যেনে – বাঘ, সিংহ আদি।

পুনঃ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি উপভোক্তাবোৰক তিনিটা ভাগত ভগাব পাৰি৷

(ক) উদ্ভিদভোজী (Herbivorous) : উদ্ভিদক খাদ্য হিচাবে গ্ৰহণ কৰে।

(খ) মাংসভোজী (Carnivorous) : মাংস খাদ্য হিচাবে গ্ৰহণ কৰে।

(গ) উভয়ভোজী (Omnivorous) : উদ্ভিদ আৰু মাংস দুয়োধৰণৰ খাদ্য গ্ৰহণ কৰে। উদাহৰণ – মানুহ ৷

(২) ক্ষুদ্ৰ উপভোক্তা বা বিয়োজক : উদ্ভিদ বা প্রাণীৰ মৃত্যুৰ পিছত ক্ষুদ্ৰ জীৱ বেক্টেৰিয়া, ভেঁকুৰ আদিয়ে ইহঁতক বিয়োজিত কৰি খাদ্য হিচাবে

গ্ৰহণ কৰে। ইহঁতক ক্ষুদ্ৰ উপভোক্তা বোলা হয়।

বিয়োজক (Decomposer)

উৎপাদক আৰু উপভোক্তাৰ মৃত্যুৰ পিছত ইহঁতৰ দেহস্থিত জটিল যৌগবোৰ বেক্টেৰিয়া, ভেঁকুৰ নাইবা অন্য অণুবীক্ষণীয় জীৱই বিয়োজিত কৰি নিজৰ খাদ্য হিচাবে গ্ৰহণ কৰে ৷ এই খাদ্য গ্ৰহণৰ সময়ত অধিকাংশ বিয়োজিত সৰল পদাৰ্থ পুনৰ পৰিৱেশলৈ ঘূৰি আহে আৰু তেতিয়া উৎপাদকে ইয়াক গ্ৰহণ কৰে৷ যিহেতু এই ক্ষুদ্ৰ জীৱবোৰে উৎপাদক আৰু উপভোক্তাৰ মৃত দেহ গলাই বা বিয়োজিত কৰি ইহঁতৰ মাজত সঞ্চিত শক্তিক পুনৰ প্রকৃতিলৈ প্ৰেৰণ কৰে, সেইবাবে ইহঁতক বিয়োজক বোলা হয়।

খাদ্য শৃংখল (Food chain)

এটা পৰিৱেশ তন্ত্ৰৰ বিভিন্ন প্রকাৰৰ জীৱৰ মাজেদি (সেউজীয়া উদ্ভিদৰ পৰা শীৰ্ষস্থানীয় উপভোক্তালৈকে) খাদ্য পৰিবহনক খাদ্য শৃংখল বোলে ৷ অন্য অৰ্থত ক’ব পাৰি খাদ্য শৃংখল পৰিস্থিতি তন্ত্ৰত পুষ্টি সম্বন্ধীয় এটা অনুক্ৰমন ৷ ওডামৰ মতে – এটি বসতিস্থানত (পুখুৰী, হ্ৰদ, নদী, বন, ঘাঁহনি আদি) উৎপাদকৰ পৰা ক্ৰম পৰ্যায়ত যি পদ্ধতিৰ পৰা ভক্ষক আৰু ভক্ষিতৰ সম্পৰ্কত শক্তি প্রথম উপভোক্তা, দ্বিতীয় উপভোক্তা, তৃতীয় উপভোক্তা ইত্যাদিৰ মাজেৰে প্রবাহিত হয় তাকে খাদ্য শৃংখল বোলে। খাদ্য শৃংখলত শক্তিৰ প্রবহন এটা স্তৰৰ পৰা আনটো স্তৰলৈ চলি থাকে ৷ খাদ্য শৃংখল দুই প্রকাৰৰ –

(ক) চৰণীয়া খাদ্য শৃংখল (Grazing food chain)

(খ) পচনকাৰী খাদ্য শৃংখল (Detritus food chain)

খাদ্য জাল (Food web) : পৰিস্থিতি তন্ত্ৰত খাদ্য শৃংখলবোৰ পৰস্পৰৰ লগত যুক্ত হৈ যি জটিল খাদ্য শৃংখলৰ সৃষ্টি কৰে, তাকে খাদ্যজাল বোলা হয়।

ইক’লজিকেল পিৰামিড (Ecological pyramids): ইক’ল’জিকেল পিৰামিড হ’ল খাদ্য শৃংখলৰ বিভিন্ন ট্রফিক স্তৰ( trophic level)-ত থকা প্ৰাণীৰ সংখ্যা, জৈৱ আয়তন নাইবা সঞ্চিত শক্তি আদি বুজাবলৈ ব্যৱহাৰ কৰা ৰৈখিক চিত্ৰ ৷ ইয়াৰ ধাৰণা পোন প্রথমে দিয়ে চাৰ্লছ এলটনে ১৯২৭ চনত ৷ ইক’ল’জিকেল পিৰামিড তিনি প্রকাৰৰ –

(১) সংখ্যাৰ পিৰামিড (Pyramids of number))

(২) জৈৱ আয়তনৰ পিৰামিড (Pyramids of biomass)

(৩) শক্তিৰ পিৰামিড (Pyramids of Energy)

ইক’ল’জিকেল অনুক্ৰমন (Ecological succession) : সময় ব্যৱহাৰৰ লগে লগে এক নিৰ্দিষ্ট গতিত প্রথম স্তৰৰ জীৱসমূহ

অপসাৰিত হৈ দ্বিতীয়স্তৰ, দ্বিতীয় স্তৰ অপসাৰিত হৈ তৃতীয় স্তৰ ইত্যাদিৰ সৃষ্টি হৈ এটি সুস্থিৰ অৱস্থাপ্রাপ্ত হোৱা অৱস্থাক Ecological succession বা ইক’ল’জিকেল অনুক্ৰমন বোলা হয়। অন্য অৰ্থত সুস্থিৰ অৱস্থাপ্ৰাপ্ত নোহাৱালৈকে কোনো এডোখৰ ঠাইত বহু বছৰ ধৰি পৰ্য্যায়ক্ৰমে সৃষ্টি হোৱা জৈৱিক সম্পদায় সমূহৰ ক্ৰমবৰ্ধমানক ইক’ল’জিকেল অনুক্ৰমন বোলা হয়।

অনুক্ৰমন চাৰি প্রকাৰৰ –

(১) প্রাথমিক অনুক্ৰমন।

(২) গৌণ অনুক্ৰমন।

(৩) স্বনিয়োজিত অনুক্ৰমন।

(৪) পৰনিয়োজিত অনুক্ৰমন।

মানৱ সৃষ্ট পৰিস্থিতি তন্ত্ৰ (Man made Ecosystem) : জীৱশ্ৰেষ্ঠ মানৱে খাদ্য তথা অন্যান্য প্ৰয়োজনৰ তাড়নাত পৰিস্থিতি তন্ত্ৰৰ পৰিবৰ্তন ঘটাই নিজৰ চাহিদা পূৰণ কৰে। কোনো কোনো ক্ষেত্ৰত এই পৰিবৰ্তনৰ মাত্ৰা অতি বেছি হয় আৰু তেতিয়া ইয়াক মানৱ সৃষ্ট পৰিস্থিতি তন্ত্ৰ বোলা হয়। মানুহে সৃষ্টি কৰা পৰিস্থিতি তন্ত্ৰবোৰৰ স্থায়িত্ব তথা সময়কাল বেলেগ বেলেগ দেখা যায় আৰু এইবোৰক দুটা ভাগত বিভক্ত কৰিব পাৰি- স্থল পৰিস্থিতি তন্ত্ৰ (terrestrial ecosystem) আৰু জল পৰিস্থিতি তন্ত্ৰ (aquatic ecosystem) মানুহে সৃষ্টি কৰা গাওঁ, নগৰ, চহৰ, উদ্যান (park) আদি স্থল পৰিস্থিতি তন্ত্ৰৰ  উদাহৰণ আৰু কৃত্ৰিম বান্ধ (dam), হ্ৰদ, খাল, পুখুৰী একুৱাৰিয়াম আদি মানুহে সৃষ্টি কৰা জল পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ ।

ইক’ল’জিকেল সংকট (Ecological crisis) :

বিভিন্ন কাৰকৰ ফলত ইক’ল’জি বা বস্তুতন্ত্ৰৰ যি সংকটাপন্ন অৱস্থাৰ সৃষ্টি হৈছে তাকে বাস্তৱতন্ত্ৰীয় সংকট বা ইক’ল’জিকেল সংকট বোলা হয়।

খাদ্য, বাসস্থান তথা জীৱনধাৰণৰ মান উন্নত কৰিবলৈ প্রকৃতিত থকা সম্পদসমূহৰ জধেমধে ব্যৱহাৰ কৰি মানুহে প্রতিটো পৰিস্থিতি তন্ত্ৰ বিনষ্ট কৰি বাস্তৱতন্ত্ৰীয় সংকটৰ সৃষ্টি কৰিছে। সেউজ গৃহ উষ্ণতা বৃদ্ধি বৰ্তমান মানৱৰ বাবে এক ডাঙৰ বাস্ততন্ত্ৰীয় সংকট ৷

পৰিস্থিতিতন্ত্ৰৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ : পৰিস্থিতিতন্ত্ৰৰ প্রধান উপাদান দুটাই হৈছে : জৈৱিক আৰু অজৈৱিক উপাদান ৷ ইয়াৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ তলত দৰে বাখ্যা কৰিব পাৰি। 

(ক) জৈৱিক উপাদানঃ পৰিস্থিতি তন্ত্ৰত থকা জীৱিত উপাদানবোৰক জৈৱিক উপাদান বোলা হয়। জৈৱিক উপাদনক দুটা ভাগত ভগাব পাৰি। 

(১) স্বপোষী উপাদান (Autotrophic components) 

(২) পৰপোষী উপাদান (Heterotrophic components )

(খ) অজৈৱিক উপাদান : পৰিস্থিতি তন্ত্ৰত থকা জীৱহীন উপাদানবোৰক অজৈৱিক উপাদান বোলা হয়। প্রধান অজৈৱিক উপাদানবোৰ হৈছে –

(১) পৃথিৱীৰ বুকুত (Sithosphere) থকা গোটা খনিজাত দ্ৰব্যসমূহ ৷

(২) মহাসাগৰ, সাগৰ, হদ, নদী, বৰফৰ টুকুৰা আদিত থকা ! পানী (হাইড’স্পিয়েৰ) 

(৩) বায়ুমণ্ডলত (atmosphere) থকা বিভিন্ন গেছৰ মিশ্ৰণ ৷

(৪) সূৰ্য্যৰ বিকিৰণ ৷

পৰিস্থিতি তন্ত্ৰৰ মূল বৈশিষ্ট্যসমূহ :

(ক) পৰিস্থিতি তন্ত্ৰ বাস্তব বিদ্যাৰ এক কাৰ্য্যকৰী একক য’ত জৈৱ আৰু অজৈৱ উপাদানসমূহ এনেভাৱে সম্পৰ্কিত যে সিহঁতৰ মাজেদি পুষ্টিৰ চক্র অৱৰ্তিত হয় ফলত শক্তিৰ প্রবহন হয়।

(খ) শক্তিৰ প্ৰৱহন বজাই ৰাখিবৰ বাবে মাটি, পানী, উৎপাদনক, উপভোক্তা আৰু বিয়োজকৰ মাজত এক সাংগঠনিক সম্পৰ্ক গঢ়ি উঠে। 

(গ) পৰিস্থিতিতন্ত্ৰত প্রৱাহিত হ’ব লগা মুঠ শক্তি নিৰ্ভৰ কৰে উৎপাদকৰ উৎপন্ন শক্তি আৰু স্থিতিৰ ওপৰত।

(ঘ) পৰিস্থিতি তন্ত্রক্ৰমে অপেক্ষাকৃতভাৱে সৰল অৱস্থানৰ পৰা জটিল অৱস্থা প্রাপ্ত হয়৷ ইয়াক বাস্তৱ বিদ্যাৰ অনুক্ৰম (Succession) বোলা হয়।

(ঙ) জীৱগোষ্ঠী পৰিস্থিতিতন্ত্ৰৰ কাৰ্য্যকৰী একক আৰু ইয়াৰ ওপৰত খাদ্যচক্ৰ আৰু শক্তিৰ প্রবহন সম্পৰ্ক নিৰ্ভৰ কৰে।

(চ) পৰিৱেশতন্ত্ৰত শক্তিৰস্থিতি সীমিত বাবে জীৱগোষ্ঠীৰ সংখ্যা এক নিৰ্দিষ্ট সীমালৈ বৃদ্ধি পায় আৰু ইয়াৰ পিছত ই স্থিৰ হয় নাইবা বিভিন্ন প্রাকৃতিক কাৰণত জীৱগোষ্ঠীৰ সংখ্যা ভীষণভাৱে হ্ৰাস পায়।

খাদ্য শৃংখল আৰু খাদ্য জাল :

খাদ্য শৃংখল (food chain) বুলিলে এটা পৰিৱেশ তন্ত্ৰৰ বিভিন্ন প্রকাৰৰ জীৱৰ মাজেদি খাদ্য পৰিবহন প্রক্ৰিয়াক বুজা হয়। ওডাম (১৯৬৬) ৰ মতে এটি বসতিস্থানত (পুখুৰী, হ্ৰদ, নদী, বন, ঘাঁহনি আদি) উৎপাদকৰ পৰা ক্ৰম পৰ্য্যায়ত যি পদ্ধতিৰ দ্বাৰা ভক্ষক আৰু ভক্ষিতৰ সম্পৰ্কত শক্তি প্রথম উপভোক্তা, দ্বিতীয় উপভোক্তা, তৃতীয় উপভোক্তা ইত্যাদিৰ মাজেৰে পৱাহিত হয় তাক খাদ্য শৃংখল বোলে।

সেউজীয়া উদ্ভিদে সূৰ্য্যৰ পৰা সৌৰশক্তি গ্ৰহণ কৰি কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ সহায়ত বিক্ৰিয়া কৰি শৰ্কৰা উৎপন্ন কৰে। সেউজীয়া উদ্ভিদত সঞ্চিত হৈ থকা এই শক্তিখিনিয়েই সকলো শক্তিৰ উৎস ৷ খাদ্য বস্তু উৎপাদন

কৰা উদ্ভিদক উৎপাদক (producer) বোলা হয়। তৃণভোজী প্রাণীবিলাকে ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰে আৰু সেইবাবে ইহঁতক প্ৰাথমিক উপভোক্তা বোলা হয় ৷ প্রাথমিক উপভোক্তা বিলাকক দ্বিতীয় স্তৰৰ উপভোক্তা বিলাকে গ্ৰহণ কৰে ৷ আকৌ দ্বিতীয় শ্ৰেণীৰউপভোক্তাবোৰক কিছুমান উচ্চ স্তৰৰ প্ৰাণীয়ে গ্ৰহণ কৰে ৷ সেইবোৰক তৃতীয় স্তৰৰ উপভোক্তা বোলে৷ এইদৰে স্থিতি শক্তি এটা স্তৰৰ পৰা আন স্তৰলৈ গতি কৰে। আকৌ প্ৰাণী তথা উদ্ভিদ বিলাক মৃত্যুৰ পিছত সিহঁতৰ দেহত থকা জটিল যৌগবোৰ ভেঁকুৰ, বেক্টেৰিয়া নাইবা আন আন এককোষী জীৱাণুৰ দ্বাৰা বিয়োজিত হয় আৰু পৰিৱেশত মিহলি হয়। পৰিৱেশত ইহঁত মিহলি হোৱাৰ পিছত উৎপাদক সমূহে গ্ৰহণ কৰে ৷ 

গতিকে খাদ্য শৃংখল হ’ল – পৰিস্থিতি তন্ত্ৰত সেউজীয়া উদ্ভিদৰ পৰা উচ্চ স্তৰৰ প্রাণীলৈ বিয়পি থকা খাদ্যক্ৰম ৷ এটা সৰু উদাহৰণৰ সহায়ত শক্তিৰ প্রৱাহ কিদৰে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ প্রৱাহিত হয় তাক দেখুৱাব পাৰি। ধৰা হ’ল পখিলাই সেউজীয়া উদ্ভিদৰ পৰা খাদ্য গ্ৰহণ কৰে৷ সেই ক্ষেত্ৰত সেউজীয় উদ্ভিদ হ’ল উৎপাদক যিহেতু ই খাদ্য প্রস্তুত কৰে ৷ অন্যহাতেদি পখিলা হ’ল প্রাথমিক উপভোক্তা। আকৌ মকৰাই পখিলাক খাই জীয়াই থাকিবৰ বাবে শক্তি আহৰণ কৰে। এই ক্ষেত্ৰত মকৰা হ’ল দ্বিতীয় স্তৰৰ উপভোক্তা পুনশ্চ কিছুমান উচ্চস্তৰৰ প্রাণী যেনে চৰাইয়ে ইয়াক খাই জীৱন নিৰ্বাহ কৰে৷ এই ক্ষেত্ৰত চৰাই হ’ল তৃতীয় স্তৰৰ উপভোক্তা ৷ এটা চিত্ৰৰ সহায়তো ইয়াক ব্যাখ্যা কৰিব পাৰি-

সেউজীয়া উদ্ভিদপখিলামকৰাচৰাই
(উৎপাদক) (প্রাথমিক উপভোক্তা)(দ্বিতীয় স্তৰৰ উপভোক্তা)(তৃতীয় স্তৰ উপভোক্তা)

খাদ্য শৃংখলক দুই প্রকাৰত ভগাব পাৰি ৷ সেই দুবিধ হ’ল –

(ক) চৰণীয়া খাদ্য শৃংখল (Grazing food chain)

(খ) পচনকাৰী খাদ্য শৃংখল (Detritus food chain)

খাদ্য শৃংখলৰ বৈশিষ্ট্য (Characteristics of food chain): খাদ্য শৃংখলৰ বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি-

(ক) খাদ্য শৃংখলৰ আৰম্ভণি উৎপাদকৰ পৰা ২য় আৰু সকলো শ্ৰেণীৰ উপভোক্তা খাদ্যৰ বাবে পৰোক্ষ বা প্রত্যক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল।

(খ) খাদ্য শৃংখলত প্ৰাণীসমূহৰ আকাৰ যিমানেই বাঢ়ি যায় সংখ্যাত সিমানেই কমি যায়।

(গ) খাদ্য শৃংখলৰ যিমানে ওপৰলৈ যোৱা যায় সংগৃহীত শক্তিৰ পৰিমাণ সিমানে হ্ৰাস পায়। 

(ঘ) খাদ্য শৃংখলৰ প্ৰথম পৰ্য্যায়ৰ পৰা যিমানে ওপৰৰ পিনে যোৱা যায়, সিমানে জৈৱ আয়তন (Biomas) কমি যায়।

(ঙ) খাদ্য শৃংখলত উৎপাদক আৰু উপভোক্তাৰ সংখ্যা নূন্যতম তিনি আৰু সৰ্বাধিক পাঁচ।

খাদ্য জাল (food web):

পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখল একাধিক উৎসৰ পৰা আৰম্ভ হ’ব পাৰে কিয়নো এটা সংগঠকে বিভিন্ন উৎসৰ পৰা খাদ্য সংগ্ৰহ কৰিব পাৰে। আকৌ একেটা প্ৰাণীকে বহুতো প্রাণীয়ে খাদ্য হিচাবে গ্ৰহণ কৰে। ইয়াৰ ফলত পৰিস্থিতি তন্ত্ৰত খাদ্য শৃংখলবোৰ পৰস্পৰৰ লগত সংযুক্ত হৈ পৰি জটিল আকাৰ ধাৰণ কৰে। গতিকে পৰিস্থিতি তন্ত্ৰত খাদ্য শৃংখলবোৰ পৰস্পৰৰ লগত সংযুক্ত হৈ যি জটিল খাদ্য শৃংখল সৃষ্টি কৰে, তাকে খাদ্যজাল বোলা হয়। উদাহৰণ স্বৰূপে পুখুৰী এটাত থকা খাদ্যজালৰ উল্লেখ কৰিব পাৰি। ইয়াক তলৰ চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল –

খাদ্য জালৰ বৈশিষ্ট

খাদ্যজালৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল –

(১) চিকাৰী খাদ্য শৃংখল, পৰজীৱী খাদ্য শৃংখল আৰু ছেপ্ৰ’ৰাইটিক খাদ্য শৃংখল পৰস্পৰ লগ হৈ খাদ্যজালৰ সৃষ্টি হয়। 

(২) খাদ্যজালৰ সহায়ত প্ৰাণীৰ বিকল্প খাদ্যৰ সন্ধান পোৱা যায়।

(৩) খাদ্য শৃংখলে অত্যধিক প্রজননকাৰী জীৱকোষৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰে।

(৪) খাদ্য জালত থকা প্রাণীবোৰৰ আকৃতি, বয়স তথা ইয়াত থকা খাদ্যৰ প্ৰাচুৰ্য্যতাৰ ওপৰত প্রাণীৰ অৱস্থান তথা পৰিমাণ নিৰ্ণয় কৰিব পাৰে।

খাদ্য শৃংখল আৰু খাদ্যজালৰ গুৰুত্ব

খাদ্য শৃংখল আৰু খাদ্যজালৰ গুৰুত্বসমূহৰ তলত এটা চমু বাখ্যা দিয়া হ’ল।

(১) খাদ্য শৃংখল আৰু খাদ্যজালে পৰিস্থিতিতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷ খাদ্য শৃংখল আৰু খাদ্যজালৰ মাজেৰে শক্তিৰ প্রবাহ (energy flow) আৰু পুষ্টি চক্ৰৰ বৰ্ণন (nutrient cycling) সম্ভৱ হয়।

(২) খাদ্য শৃংখলে বিভিন্ন প্ৰজাতিৰ জীৱৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে।

(৩) খাদ্য শৃংখলৰ অন্য এটা গুৰুত্ব হৈছে যে, ই কিছুমান ৰাসায়নিক দ্ৰব্যৰ জৈৱিক বৰ্ধন কৰে।

অৰণ্যভূমি (Forest Ecosystem):

পৃথিৱীৰ ভূমিভাগৰ প্রায় ৪০ শতাংশই অৰণ্যই অধিকাৰ কৰি আছে। আমাৰ ভাৰতত মুঠ মাটিভাগৰ দহভাগৰ এভাগ হ’ল অৰণ্য। উদ্ভিদৰ পৰা আৰম্ভ কৰি বিভিন্ন সৰু-বৰ প্রাণী তথা মানৱজাতিও এই অৰণ্যৰ ওপৰতে নিৰ্ভৰশীল। এই সকলোবোৰ মিলি সুস্থিৰ পৰিস্থিতিতন্ত্ৰসৃষ্টি হৈছে। অৰণ্যৰ পৰিস্থিতি তন্ত্ৰৰ মূখ্য অংশসমূহ হ’ল – 

(ক) অজৈৱিক উপাদানসমূহ (abiotic component):  অজৈৱ উপাদানসমূহ মূলতঃ মাটি আৰু বায়ুমণ্ডলত থকা অজৈৱ আৰু জৈৱ (Inorganic and organic) বস্তুসমূহ। তদুপৰি জৈৱ বস্তুসমূহৰ বিয়োজনৰ ফলত উৎপত্তি হোৱা বিভিন্ন মিনাৰেল ইয়াৰ অন্তর্ভূক্ত। অৰণ্যত বিভিন্ন উদ্ভিদ থকাৰ বাবে পোহৰৰ পৰিমাণ কম-বেছি হয় ৷

(খ) জৈৱিক উপাদানসমূহ : খাদ্য শৃংখলৰ লগত সংযুক্ত জীৱিত উপাদানসমূহৰ তলত দিয়া ধৰণে অৰণ্যভূমিত বসবাস কৰে –

উৎপাদক (Producer) :

এইবোৰ মূলত : উদ্ভিদবোৰ সিবোৰে অৰণ্যত বৈচিত্ৰতাৰ সৃষ্টি কৰে৷ অৰণ্যত বিভিন্ন ধৰণৰ উদ্ভিদ পোৱা যায়। সেইবোৰৰ ওপৰত ভিত্তি কৰি অৰণ্যক তলত দিয়া ধৰণে ভগাব পাৰি।

(১) উত্তৰৰ সৰল বৰ্গীয় অৰণ্য (Northern coniferous forest)

(২) ক্ৰান্তীয় বৃষ্টি অৰণ্য (Tropical rainforest)

(৩) গ্ৰীষ্মপ্ৰধান চিৰসেউজ অৰণ্য (Temperate Evergreen forest)

(৪) পৰ্ণপাতী অৰণ্য (Deciduous forest)

উপভোক্তা :  উপভোক্তাক আকৌ তিনিটা ভাগত ভগাব পাৰি।

(ক) প্রথম উপভোক্তা : এইবোৰ হ’ল নিৰামিষভোজী প্রাণীসমূহ যিবোৰ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে৷ সৰু সৰু প্রাণী যেনে – পৰুৱা, মাখি, মৌমাখি, মকৰা আৰু ডাঙৰ প্রাণী যেনে – হাতী, হৰিণ, বান্দৰ ইত্যাদি ইয়াৰ অন্তৰ্ভূক্ত ৷

(খ) দ্বিতীয় উপভোক্তা :  এইবোৰৰ ভিতৰত সৰু সৰু মাংসাহাৰী প্রাণী যেনে সাপ, চৰাই, আদি অন্তৰ্ভূক্ত।

(গ) তৃতীয় শ্ৰেণীৰ উপভোক্তা : মাংসাহাৰী প্রাণী যেনে – বাঘ আদি প্ৰাণী এই শ্ৰেণীৰ অন্তৰ্ভূক্ত ৷

বিয়োজক : বিয়োজকবোৰ হ’ল বিভিন্ন ধৰণৰ অনুজীৱ, যেনে – ভেঁকুৰ (এচপাইৰগিলাছ, কপ্রিনাচ, পালপৰাচ ইত্যাদি) বেক্টেৰিয়া (বেচিলাচ, ক্লষ্টিডিয়াম, এনগিকক্কাচ ইত্যাদি) অনুজীৱসমূহৰ বিয়োজনৰ হাৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত বাকী অঞ্চলৰ তুলনাত বেছি।

মৰুভূমি পৰিস্থিতি তন্ত্ৰ (Desert Ecosystem) : পৃথিৱীৰ ভূমিভাগৰ প্রায় ১৭ শতাংশই মৰুভূমিয়ে অধিকাৰ কৰিছে৷ সৰ্বসাধাৰণতে বছৰেকীয়া বৰষুণৰ হাৰ যদি ২৫ চেণ্টিমিটাৰতকৈ কম হয় তেন্তে সেই অঞ্চলক মৰুভূমি বোলা হয়। দিনৰ ভাগত মৰুভূমিসমূহত উষ্ণতা প্ৰায় ৫০°-৬০° লৈকে হয়; অৱশ্যে ৰাতিৰ সময়চোৱাত এই উষ্ণতা কম৷ মৰুভূমিত থকা পৰিস্থিতি তন্ত্ৰ এক বিশেষ প্রকাৰৰ ৷ কাৰণ মৰুভূমিবোৰত খুব বেছি উষ্ণতা আৰু পানীৰ পৰিমাণ কম মৰুভূমিৰ পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন উপাদানসমূহ হ’ল-

উপাদানসমূহ হ’ল – 

(১) উৎপাদক : সৰু সৰু জোপাহা, ঘাঁহ-বন আৰু কেক্‌টাচ জাতীয় উদ্ভিদক মৰুভূমিত উৎপাদক বুলি ধৰা হয়। এই উদ্ভিদবোৰৰ শিপা খুউব দীঘল হয় তদুপৰি পাত খুউব কম থাকে।

(২) উপভোক্তা :  উপভোক্তাৰ অন্তৰ্ভূক্ত প্ৰাণীসমূহৰ বেছিভাগেই সৰিসৃপ, পোক-পৰুৱা, যিবোৰ মৰুভূমিৰ পৰিৱেশৰ লগত বসবাস কৰিব পাৰে৷ ইয়াৰ উপৰি এই অঞ্চলত কিছুমান চৰাইও পোৱা যায়। মৰুভূমিৰ জাহাজ উটেও উৎপাদকৰ পৰা খাদ্য গ্ৰহণ কৰে।

(৩) বিয়োজক : যিহেতু উদ্ভিদৰ পৰিমাণ নিচেই কম, তদুপৰি প্রাণীসমূহৰ সংখ্যাও কম সেইবাবে মৃত শৰীৰ বিয়োজিত কৰিব পৰা বিয়োজক সংখ্যা খুবেই কম ৷ তথাপি বেছি উষ্ণতাত থাকিব পৰা ভেঁকুৰ আৰু বেক্টেৰিয়া কিছুমান এই মৰুভূমিত বাস কৰে।

তৃণভূমি পৰিস্থিতি তন্ত্ৰ (Grassland Ecosystem) : তৃণভূমি পৰিস্থিতিতন্ত্ৰ হ’ল একপ্রকাৰৰ স্থলজ পৰিস্থিতি তন্ত্ৰ । তৃণভূমিয়ে

তুলনামূলকভাৱে কম ঠাই অধিকাৰ কৰে। পৃথিৱীৰ মাত্ৰ ১৯ শতাংশ এই বিভাগৰ অৰ্ন্তভুক্ত ৷ তৃণভূমিৰ উদাহৰণ হ’ল দক্ষিণ আমেৰিকাৰ পেম্পাছ (Pampus), এচিয়া আৰু ইউৰোপৰ ষ্টেপিচ (steppes) ইত্যাদি৷ তৃণভূমিৰ জৈৱিক বৈচিত্ৰতা সাধাৰণতে কম। তৃণভূমি পৰিস্থিতিতন্ত্ৰৰ মুখ্য উপাদানসমূহ তলত দিয়া ধৰণৰ- 

(ক) অজৈৱিক উপাদান (Abiotic component) : অজৈৱিক উপাদানসমূহৰ ভিতৰত পুষ্টিকৰ মৌলবোৰ অন্যতম। মাটি আৰু বায়ুণ্ডলত থকা ,C,H,O,N,P,S, আদি মৌলবোৰ ইয়াৰ অন্তৰ্ভূক্ত। কাৰ্বন-ডাই-অক্সাইড, পানী, নাইট্ৰেট, ফচফেট, চালফেট আদি বায়ু আৰু মাটিত থকা যৌগবোৰেই ইয়াৰ উৎস। ইয়াৰ উপৰিও কিছুমান নগণ্য মৌলও মাটিবোৰত পোৱা যায়। 

(খ) জৈৱিক উপাদন (Biotic components) : জৈৱিক উপাদনসমূহক তলত দিয়া ধৰণে ভগাব পাৰি –

(১) উৎপাদক : এইবোৰ মূলতঃ তৃণ বা ঘাঁহ, চাইনডন, দেচমদিয়াম,চেটাৰিয়া আদি প্রজাতি ইয়াৰ অন্তৰ্ভুক্ত। তদুপৰি সৰু সৰু জোপোহা গছবোৰো ইয়াৰ অৰ্ত্তভূক্ত ৷

(২) উপভোক্তাঃ 

(ক) প্ৰাথমিক উপভোক্তা : নিৰামিষভোজী বা তৃণভোজী প্ৰাণী যেনে – গৰু, ম’হ, হৰিণ, ভেৰা, নিগনি, এন্দুৰ আদি এই শ্ৰেণীৰ অন্তৰ্ভূক্ত। তদুপৰি কিছুমান পতংগ যেনে – লেপ্টক’ৰচিয়া, ডাইচডেৰাছ ইত্যাদিও ইয়াৰ ভিতৰত পৰে। 

(খ) দ্বিতীয় শ্রেণী উপভোক্তা : এইবিধ উপভোক্তা প্রাথমিক উপভোক্তাৰ মাংসৰ ওপৰত নিৰ্ভৰশীল ৷ শিয়াল, সাপ, ভেঁকুলী, জেঠী, চৰাই আদি প্রাণী ইয়াৰ অন্তর্ভূক্ত।

(৩) বিয়োজক : যিবোৰ অণুজীৱই তৃণভূমিত থকা প্ৰাণী আৰু উদ্ভিদৰ মৃত দেহ বিয়োজন ঘটায় তেনেবোৰক বিয়োজন বোলে।বিভিন্ন ধৰণৰ ভেঁকুৰ যেনে- Mucor Aspergillus , penicillium আদি আৰু কিছুমান বেক্টেৰিয়া আদি এই শ্ৰেণীৰ অন্তর্ভূক্ত। 

Multiple choice objective type questions

(১) উদ্ভিদ আৰু প্রাণী দুয়োবিধ খাই জীয়াই থকা জীৱকুলক কি বোলে?

(ক) তৃণভোজী      

(খ) মাংসভোজী

(গ) উভভোজী      

(ঘ) পতংগভোজী

উত্তৰঃ (গ) উভভোজী। 

(২) পৰিস্থিতি অনুক্ৰমত শেষ অৱস্থাত সৃষ্টি হোৱা সুস্থিৰ জৈৱিক সম্প্রদায়ক কি বোলে?

(ক) প্ৰাথমিক অনুক্ৰমণ   

(খ) গৌণ অনুক্ৰমণ

(গ) চৰম অনুক্ৰমণ  

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) চৰম অনুক্ৰমণ।

(৩) পৰিৱেশ তন্ত্ৰৰ শক্তিৰ প্রবাহ –

(ক) একমুখী      

(খ) বহুমুখী

(গ) একমুখী আৰু বহুমূখী দুয়োটা 

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) একমুখী।

(৪) Ecology শব্দৰ প্রৱৰ্তক?

(ক) অনিষ্ট হেকেল    

(খ) এ.জি.টেন্সলী

(গ) চাৰ্লচ এল্টন  

(ঘ) হাট

উত্তৰঃ (ক) অনিষ্ট হেকেল।

(৫) এটা জৈৱিক সমুদায় আৰু দৈহিক বাতাবৰণৰ মাজত পদাৰ্থ আৰু শক্তিৰ আদান প্রদানক কি বোলে?

(ক) বাস্তৱবিদ্যা      

(খ) পৰিস্থিতি তন্ত্ৰ

(গ) চৰম সম্প্রদায়   

(ঘ) পাৰিস্থিতিক অনুক্ৰম

উত্তৰঃ (খ) পৰিস্থিতি তন্ত্ৰ।

(৬) নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰা আৰু খাদ্যৰ কাৰণে আনৰ ওপৰত খাই থকা জীৱ-

(ক) উপভোক্তা    

(খ) বিয়োজক

(গ) উৎপাদক    

(ঘ) পৰভোজী

উত্তৰঃ (ক) উপভোক্তা।

(৭) আফ্ৰিকাৰ তৃণভোজী অঞ্চলক আখ্যা দিয়া হয়?

(ক) ষ্টেপছ        

(খ) প্ৰেইৰী

(গ) পাম্পাছ     

(ঘ) চাভানা

উত্তৰঃ (ঘ) চাভানা।

(৮) পৰিবেশ তন্ত্ৰত ব্যৱহাৰ হোৱা সকলো শক্তিৰ মূল উৎস?

(ক) নিউক্লিয়েৰ শক্তি   

(খ) সৌৰ শক্তি

(গ) জৈৱ শক্তি   

(ঘ) পাৰমাণৱিক শক্তি

উত্তৰঃ (খ) সৌৰ শক্তি।

(৯) তাপ বিজ্ঞানৰ কোনটো সূত্ৰমতে শক্তিৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰি কেৱল এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিবৰ্তনহে কৰিব পাৰি?

(ক) প্রথম সূত্ৰমতে    

(খ) দ্বিতীয় সূত্ৰমতে

(গ) তৃতীয়সূত্ৰ মতে   

(ঘ) চতুৰ্থ সূত্ৰমতে

উত্তৰঃ (ক) প্রথম সূত্ৰমতে।

(১০) সুঃস্থিৰ অৱস্থা নোপোৱালৈ কোনো এঠাইত বহু বছৰ ধৰি পৰ্যায়ক্ৰমে সৃষ্টি হৈ থকা জীৱ সম্প্রদায়ৰ ক্ৰম ৰীতিক কি বোলে?

(ক) পৰিস্থিতি অনুক্ৰম   

(খ) পৰিস্থিতি তন্ত্ৰ

(গ) বাস্তৱ বিদ্যা

(ঘ) চৰম সম্প্ৰদায়

উত্তৰঃ (ক) পৰিস্থিতি অনুক্ৰম।

(১১)বহল পাতৰ ডাঙৰ গছবোৰ (ওক, এলেম, বাৰ্চ) থকা অৰণ্যক কি বোলে?

(ক) ক্ৰান্তীয় পৰ্ণপাতী অৰণ্য

(খ) চিৰসেউজীয়া সৰল বৰ্গীয় অৰণ্য

(গ) উষ্ণ বৰ্ষাৰণ্য

(ঘ) নাতিশীতোষ্ণীয় জোপোহা উদ্ভিদৰ অৰণ্য

উত্তৰঃ (ক) ক্ৰান্তীয় পৰ্ণপাতী অৰণ্য। 

(১২) শীতকালত গছৰ পাত মৰহি যোৱাটো কি অৰণ্যৰ বৈশিষ্ট্য?

(ক) ক্ৰান্তীয় পৰ্ণপাতী অৰণ্য

(খ) ক্ৰান্তীয় ঘাঁহনি

(গ) উষ্ণ বৰ্ষাৰণ্য

(ঘ) নাতিশীতোষ্ণ ঘাঁহনি

উত্তৰঃ (ক) ক্ৰান্তীয় পৰ্ণপাতী অৰণ্য।

(১৩) জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি মৰুভূমি অঞ্চলক কেইটাভাগত ভাগ কৰ হয়?

(ক) এটা       

(খ) দুটা

(গ) তিনিটা    

(ঘ) চাৰিটা

উত্তৰঃ (ঘ) চাৰিটা।

(১৪) অডাম নামৰ বিজ্ঞানীগৰাকী কোনটো বিভাগৰ লগত জড়িত?

(ক) উদ্ভিদবিদ্যা

(খ) প্রাণীবিদ্যা

(গ) পৰিৱেশবিদ্যা

(ঘ) অণুজীৱ বিদ্যা

উত্তৰঃ (গ) পৰিৱেশবিদ্যা।

(১৫) এটা পৰিস্থিতি তন্ত্ৰৰ লগত থাকে?

(ক) জৈৱিক উপাদান

(খ) অজৈৱিক উপাদান

(গ) জৈৱিক আৰু অজৈৱিক উপাদান

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) জৈৱিক আৰু অজৈৱিক উপাদান।

(১৬) পৰিস্থিতি তন্ত্ৰত খাদ্য শৃংখলবোৰ পৰস্পৰৰ লগত যুক্ত হৈ যি জটিল খাদ্য শৃংখলৰ সৃষ্টি কৰে তাক কি বোলে?

(ক) খাদ্যজাল       

(খ) শক্তিৰ প্রৱাহ

(গ) ট্ৰ্ফিক স্তৰ     

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) খাদ্যজাল।

(১৭) তুন্দ্ৰা অঞ্চলত পোৱা এবিধ উল্লেখযোগ্য উদ্ভিদ হ’ল?

(ক) লাইকেন         

(খ) পাইন

(গ) টেঁকীয়াজাতীয় গছ 

(ঘ) ওক

উত্তৰঃ (ক) লাইকেন।

(১৮) প্ৰাণী বা উদ্ভিদ যেতিয়া মৰে মাটিত থকা কিছুমান বেক্টেৰিয়াই এমিন’ টী ছিদিততিয় মনৰ এচিদ, নাইট্ৰেট, নাইট্ৰাইট, প্র’টিন আদিক পুনৰ নাইট্ৰ’জেন গেচলৈ পৰিবৰ্তন কৰে, সেই প্রক্ৰিয়াটো হ’ল?

(ক) নাইট্ৰিফিকেচন   

(খ) এমনিয়াকৰণ

(গ) ডিনাইট্ৰিফিকেচন   

(ঘ) ওপৰৰএটাও নহয়

উত্তৰঃ (গ) ডিনাইট্ৰিফিকেচন।

(১৯) পৰিস্থিতি তন্ত্ৰত থকা জীৱিত উপাদানবোৰক কি বোলে?

(ক) জৈৱিক উপাদান

(খ) অজৈৱিক উপাদান

(গ) স্বপোষী উপাদান

(ঘ) পৰপোষী উপাদান

উত্তৰঃ (ক) জৈৱিক উপাদান।

(২০) ‘ইক’লজি’ ’ শব্দটো কোন ভাষাৰ পৰ| আহিছে-

(ক) ইংৰাজী       

(খ) গ্রীক

(গ) অসমীয়       

(ঘ) জাপানী

উত্তৰঃ (খ) গ্রীক।

(২১) পৰিস্থিতিতন্ত্ৰ গঠন হয়- 

(ক) পানী        

(খ) মাটি

(গ) উদ্ভিদ      

(ঘ) ওপৰৰ সকলোবোৰ

উত্তৰঃ  (ঘ) ওপৰৰ সকলোবোৰ। 

২২। বেক্টেৰিয়া এটা– 

(ক) উৎপাদক      

(খ) বিয়োজক

(গ) উপভোক্তা     

(ঘ) স্বভোজী

উত্তৰঃ (খ) বিয়োজক।

২৩ ৷ ভাৰতৰ এজন প্রকৃতিবিদৰ নাম হ’ল –

(ক) ৰাচেল কাৰচন   

(খ) মতিলাল নেহৰু 

(গ) চালিম আলি     

(ঘ) ৰাজীৱ গান্ধী

উত্তৰঃ (গ) চালিম আলি।

২৪ । খাদ্য শৃংখলৰ বৈশিষ্ট্য হ’’ল-

(ক) খাদ্য শৃংখলৰ প্রথম পৰ্যায়ত উৎপাদক থাকে

(খ) ইয়াৰ প্রথম পৰ্যায়ত থকা জীৱবোৰৰ আকাৰ

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

(ঘ) ওপৰৰ দুয়োটাই অশুদ্ধ

উত্তৰঃ (ক) খাদ্য শৃংখলৰ প্রথম পৰ্যায়ত উৎপাদক থাকে।

২৫ ৷ খাদ্যজালৰ উদাহৰণ-

(ক) ঘাঁহ-ফৰিং-চিলনি

(খ) ঘাঁহ-চিলনি-ফৰিং

(গ) ফৰিং-ঘাঁহ-চিলনি

(ঘ) ওপৰৰ সকলোবোৰ অশুদ্ধ

উত্তৰঃ (ক) ঘাঁহ-ফৰিং-চিলনি।

২৬। পণ্টপাতী অৰণ্য অৱস্থিত আছে–

(ক) ভাৰতবৰ্ষত    

(খ) জাপানত

(গ) ইৰাকত       

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ইৰাকত।

২৭। চৰণীয়া খাদ্য শৃংখল হ’ল–

(ক) প্রাণী প্লাৱক — উদ্ভিদ প্লাৱক — মাছ নতুবা ঘাঁহ —- শহা — শিয়াল

(খ) উদ্ভিদ প্লাৱক — প্রাণী প্লাৱক — মাছ নতুবা ঘাঁহ — শহা — শিয়াল

(গ) দুয়োটাই শুদ্ধ

(ঘ) ‘ক’ শুদ্ধ ‘খ’ অশুদ্ধ

উত্তৰঃ (খ) উদ্ভিদ প্লাৱক — প্রাণী প্লাৱক — মাছ নতুবা ঘাঁহ — শহা — শিয়াল।

২৮ ৷ ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য বুলিলে—

(ক) বিভিন্ন প্রকাৰৰ জীৱ-জন্তু পোৱা যায়

(খ) লতাজাতীয় গছ পোৱা যায়

(গ) গোটেই বছৰ সেমেকা জলবায়ু থাকে

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) গোটেই বছৰ সেমেকা জলবায়ু থাকে।

২৯ ৷ মৰুভূমিৰ প্রকাৰ–

(ক) উষ্ণ মৰুভূমি  

(খ) ঠাণ্ডা মৰুভূমি

(গ) ‘ক’ শুদ্ধ আৰু ‘খ’ অশুদ্ধ  

(ঘ) ‘ক’ আৰু ‘খ’ দুয়োটাই শুদ্ধ

উত্তৰঃ (ঘ) ‘ক’ আৰু ‘খ’ দুয়োটাই শুদ্ধ।

৩০। ইক’লজিকেল পিৰামিডৰ প্রকাৰসমূহ–

(ক) সংখ্যাৰ পিৰামিড

(খ) জৈৱ আয়তনৰ পিৰামিড

(গ) শক্তিৰ পিৰামিড

(ঘ) ওপৰৰ সকলোবোৰ

উত্তৰঃ (ঘ) ওপৰৰ সকলোবোৰ।

৩১ ৷ শক্তি মূলতঃ—

(ক) এক প্রকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) তিনি প্রকাৰৰ   

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) এক প্রকাৰৰ।

৩২। ইক’লজি’ শব্দটো কোনে প্রথমে প্রৱৰ্তন কৰিছিল?

(ক) এ. জি. টেন্সলে ‘

(খ) আনেষ্ট হেকেলে

(গ) স্মিথ 

(ঘ) ওপৰৰ সকলোবোৰ অশুদ্ধ

উত্তৰঃ (খ) আনেষ্ট হেকেলে।

৩৩ ৷ পৰিস্থিতি তন্ত্ৰ বা ইক’ছিষ্টেম শব্দটো প্রৱৰ্তন কৰিছিল কোনে?

(ক) আনেষ্ট হেকেলে   

(খ) এ, জি. টেন্সলে

(গ) ওডামৰ      

(ঘ) স্মিথ

উত্তৰঃ (খ) এ, জি. টেন্সলে।

৩৪ ৷ ‘একলজি’ বা ‘বাস্তব্য বিদ্যা’ শব্দটো প্রথমে কিমান চনত ব্যৱহাৰ হৈছিল-

(ক) ১৮৬৪ চনত 

(খ) ১৮৬৮ চনত

(গ) ১৮৬৯ চনত 

(ঘ) ১৮৭০ চনত

উত্তৰঃ (গ) ১৮৬৯ চনত।

৩৫ ৷ ওডামৰা (১৯৭১) মতে পৰিস্থিতিতন্ত্ৰ প্রধানকৈ কেইপ্ৰকাৰৰ—

(ক) দুই   

(খ) তিনি  

(গ) চাৰি   

(ঘ) পাঁচ

উত্তৰঃ (ক) দুই। 

৩৬। সকলো সেউজীয়া উদ্ভিদক কি বুলি কোৱা হয়?

(ক) উপভোক্তা 

(খ) উৎপাদক

(গ) খাদ্য শৃংখল  

(ঘ) খাদ্য জাল

উত্তৰঃ (খ) উৎপাদক। 

৩৭ । যিবোৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল’ব পাৰে সেইবোৰক কি জীৱ বোলে?

(ক) পৰোপকাৰী জীৱ   

(খ) স্বপোষী জীৱ

(গ) অনুক্ৰম      

(ঘ) উৎপাদক

উত্তৰঃ (খ) স্বপোষী জীৱ।

৩৮ ৷ এটা পৰিৱেশ তন্ত্ৰত বিভিন্ন প্রকাৰৰ জীৱৰ মাজেদি খাদ্য পৰিবহণক কি বোলে?

(ক) খাদ্য জাল      

(খ) খাদ্য শৃংখল

(গ) ইক’লজিকেল পিৰামিড  

(ঘ) ট্রফিক স্তৰ

উত্তৰঃ (খ) খাদ্য শৃংখল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top