Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ

Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ Question Answer can be of great value to excel in the examination.

Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ

Join Telegram channel

Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ Notes cover all the exercise questions in UGC Syllabus. Environmental Science Unit 1 পৰিস্থিতিতন্ত্ৰ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

১০। পৰিবেশতন্ত্ৰত খাদ্য শৃংখল আৰু খাদ্যজালৰ ভূমিকা আলোচনা কৰা?

উত্তৰঃ এটা পৰিৱেশতন্ত্ৰত খাদ্য শৃংখল আৰু খাদ্যজালৰ ভূমিকা অপৰিসীম। খাদ্য শৃংখলৰ দ্বাৰা পৰিৱেশতন্ত্ৰ এটাত শক্তি, পৌষ্টিক দ্রব্যৰ সৰবৰাহ ঘটে আৰু ভৌতিক পদাৰ্থ জৈৱ পদাৰ্থলৈ ৰূপান্তৰিত হয়। কোনো এটা প্রজাতিৰ সংখ্যা বা সিহঁতৰ বংশবিস্তাৰ প্রক্ৰিয়াতো খাদ্য শৃংখল আৰু খাদ্যজালে প্রভাৱ পেলায়। প্রকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত খাদ্যজালৰ উল্লেখনীয় ভূমিকা আছে। প্রকৃতিত যে প্ৰতিটো প্ৰজাতিৰে নিজা নিজা ভূমিকা থাকে সেই কথা খাদ্য শৃংখল আৰু খাদ্যাজালৰ মাজেদি প্ৰকাশ পায়।

খাদ্য শৃংখলৰ মাজত ভৌতিক আৰু ৰাসায়নিক দ্ৰব্য বিলাকৰ পৰিমাণৰ সম্পৰ্কেও অৱগত হব পাৰি। কেতবোৰ বিষাক্ত দ্ৰব্য, যিবোৰে জৈৱিক প্রকৃতিৰ মাজত জাহ যাব নোৱাৰে, সেইবোৰ কোনো এক খাদ্যস্তৰত ক্ৰিয়া কৰি সেই স্তৰৰ প্ৰজাতিসমূহৰ বিপদ ঘটাবও পাৰে বা সিহঁতৰ মাজত বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। পৰিস্থিতিতন্ত্ৰ এটাৰ ৰাসায়নিক আৰু ভৌতিক সমৃদ্ধিৰ ওপৰত আৰু বিশুদ্বতাৰ ওপৰত ইয়াৰ খাদ্য শৃংখলৰ বা খাদ্যজালৰ স্বাভাৱিক গুণাৱলী নিৰ্ভৰ কৰে। খাদ্য শৃংখলৰ মাজত প্রকাশ পোৱা কোনো ৰাসায়নিক দ্ৰব্যৰ অতিৰিক্ত মাত্ৰাক ‘বায়’মেগ্নিফিকেচন’ বুলি কোৱা হয়। এসময়ত মেলেৰিয়া ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা ডি ডি টিৰ বায়োমেগ্নিফিকেচন’ বা জৈৱ প্রকাশ দেখিবলৈ পোৱা গৈছিল ৰোগাক্ৰান্ত মাছ আৰু চৰাইৰ মাজত। খাদ্য শৃংখলত ডি ডি টিৰ সৰবৰাহ উদ্ভিদকণাৰ পৰা প্ৰাণীকণা-প্রাণীকণাৰ পৰা মাছ, মাছৰ পৰা পখীলৈকে পোৱা গৈছিল। ডি.ডি টিৰ মাত্ৰাধিক প্ৰয়োগে এনেদৰে মাছ আৰু পখীৰ মৃত্যু মাতি আনিছিল। 

এই বিষয়ে জনাৰ পিচতে উন্নত দেশসমূহে ডি ডি টিৰ ব্যৱহাৰ নিষিদ্ধ কৰে। ভাৰততো ডি ডি টিৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। গতিকে পৰিবেশত যিবোৰ ৰাসায়নিক বা ভৌতিক পদাৰ্থ জৈৱিক পদাৰ্থলৈ ৰূপান্তৰিত নহয় বা যিবোৰৰ পচন নঘটে, সেইবোৰ জীৱৰ মাজত হোৱা বেমাৰ-আজাৰ বা শাৰীৰিক বিসংগতিৰ দ্বাৰা প্রতিভাত হয়। ইয়ে প্রমাণ কৰে যে জৈৱতন্ত্ৰ এটাত ৰাসায়নিক বা ভৌতিক পদাৰ্থবোৰ ইটো খাদ্যস্তৰৰ পৰা সিটো খাদ্যস্তৰলৈ সৰবৰাহ হয়। আমি কৃষিকাৰ্যত প্রয়োগ কৰা ৰাসায়নিক সাৰ, কীটনাশক দৰৱ আদিয়েও এনেদৰে কোনো খাদ্যস্তৰত প্রভাৱ পেলাব পাৰে আৰু তাৰ দ্বাৰা জৈৱ-বৈচিত্ৰৰ ক্ষতিসাধন হ’ব পাৰে। সেইবাবেই বৰ্তমান ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগৰ দ্বাৰা খেতি কৰাতকৈ জৈৱ সাৰ আৰু জৈৱ কীটনাশক প্রয়োগ কৰি খেতি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

১১। উৎপাদনশীলতা বা উৰ্বৰতা ( Productivity) বিষয়ে আলোচনা কৰা?

উত্তৰঃ এটা জীৱৰ বিকাশ বা বৃদ্ধি লাভ কৰাৰ ক্ষেত্রত পৰিৱেশতন্ত্ৰ এটাই যোগাব পৰা অৱদানৰ মাত্ৰা বা মাপেই হৈছে উৎপাদনশীলতা বা উৰ্বৰতা। কেতবোৰ পৰিৱেশতন্ত্ৰত কমসংখ্যক জীৱই জন্ম আৰু বিকাশ লাভ কৰে। আনহাতে কেতবোৰ পৰিৱেশতন্ত্ৰত বহুসংখ্যক জীৱই জন্ম আৰু বিকাশ লাভ কৰে। যিবোৰ পৰিবেশতন্ত্ৰত প্ৰাথমিক উৎপাদকে অধিক পৰিমাণে পোষক দ্ৰব্য, সৌৰশক্তি, পানী, বায়ু আদি লাভ কৰে তাত বহুসংখ্যক জীৱই বৃদ্ধি লাভ কৰে। উদাহৰণস্বৰূপে বিলৰ পৰিৱেশতন্ত্ৰ এটাত জলজউদ্ভিদ বা উদ্ভিদকণা প্রচুৰ পৰিমাণে হয়। সিহঁতক আধাৰ কৰি মাছ, পখী, সৰীসৃপ আদিৰ বিকাশ হয়। বিলৰ পৰিবেশতন্ত্ৰত যথেষ্ট জৈৱ পদাৰ্থ, পানী, বায়ু, পোহৰ আদি থকা বাবে তাত জীৱ সমুদায় সমৃদ্ধিশালী হয়। আনহাতে পুখুৰীৰ পৰিৱেশতন্ত্ৰ এটাত ইমান পৰিমাণৰ জৈৱ পদাৰ্থ নাথাকে। তাৰ জৈৱ বৈচিত্ৰ্যও বিল এখনৰ তুলনাত সীমিত। কাৰণ বিলত এখন সুঁতিৰে নদীৰ লগত সংলগ্ন হৈ থাকে বাবে তালৈ নানা প্রকাৰৰ মাছ- পুঠি, সৰীসৃপ, চৰাইৰ আগমন হয়, আনহাতে যথেষ্ট পৰিমাণে জৈৱ পদাৰ্থৰো সৰবৰাহ হয়। পুখুৰী এটাৰ পৰিবেশতন্ত্ৰ বন্ধ। 

ইয়াত নদীৰ পৰা জৈৱ পদাৰ্থ বা জৈৱ বৈচিত্ৰ্য প্ৰৱেশ কৰাৰ অৱকাশ নাই। গতিক পুখুৰীৰ পৰিৱেশতন্ত্ৰ এটা বিলতকৈ কম উৰ্বৰ বা কম উৎপাদনশীল। পৰিৱেশতন্ত্ৰ এটাত থকা পোষক দ্রব্যৰ পৰিমাণে ইয়াৰ উৰ্বৰতা বা উৎপাদনশীলতা নিৰ্ণয় কৰে। অধিক পৰিমাণে পোষকদ্ৰব্য থকা পৰিৱেশতন্ত্ৰ এটাত অধিক পৰিমাণে গছ গছনি গজে। গছ-গছনি, ফল-ফুল অধিক হ’লে তৃণভোজী প্রাণীৰ সংখ্যা বাঢ়ে। তৃণভোজীৰ সংখ্যা বৃদ্ধি হ’লে মাংসহাৰীবিলাকৰ খাদ্যৰ অভাৱ নহয় আৰু সিহঁতৰো সংখ্যা বৃদ্ধি পায়। ফলত এনে পৰিৱেশতন্ত্ৰ এটাত যথেষ্টসংখ্যক জীৱ-জন্তু উৎপন্ন হয়। এনে পৰিৱেশতন্ত্ৰ উৰ্বৰ বা যথেষ্ট উৎপাদনশীল। কম পোষক দ্ৰব্যসম্পন্ন পৰিৱেশতন্ত্ৰ এটাত অধিক গছ-গছনি থাকিব নোৱাৰে, গতিকে তৃণভোজীৰ সংখ্যাও কম হয়। তৃণভোজীৰ সংখ্যা কম হ’লে সিহঁতৰ ওপৰত নির্ভৰশীল মাংসভোজীৰ সংখ্যাও কম হয়। পোষক দ্রব্যই উৎপাদকক সমৃদ্ধ কৰে, উৎপাদকে প্ৰথম পৰ্যায়ৰ ভোক্তাক সমৃদ্ধ কৰে, প্রথম পৰ্যায়ৰ ভোক্তাই বিযোজকক সমৃদ্ধ কৰে, বিযোজকে মাটিত পোষক দ্ৰব্য পুনৰ উৎপাদন কৰি উৎপাদনশীলতা বা উৰ্বৰতা বৃদ্ধি কৰে। মৰুভূমিত পানী, পোষক দ্ৰব্য সীমিত, গতিকে তাৰ পৰিবেশতন্ত্ৰৰ উৰ্বৰতাও সীমিত। কিন্তু সাগৰৰ পৰিৱেশতন্ত্ৰ এটাত পোষক দ্ৰব্য, পানী পৰ্যাপ্ত, গতিকে জীৱ-জন্তু, মাছ-সৰীসৃপ আদিও তাত বেছি, গতিকে সাগৰৰ পৰিবেশতন্ত্ৰ এটা মৰুভূমিৰ পৰিবেশতন্ত্ৰতকৈ অধিক উৎপাদনশীল বা উৰ্বৰ।

১২। পচন (Decomposition) পৰিৱবেশতন্ত্ৰৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ গছ-গছনিৰ ডাল-পাত বা মৃত জীৱদেহৰ পচনে জৈৱ পদাৰ্থক পোষক দ্রব্যলৈ ৰূপান্তৰিত কৰে। সেইবাবে পচন পৰিবেশতন্ত্ৰ এটাত এক উল্লেখযোগ্য পৰিঘটনা। অনুজীৱ যেনে– বেক্টেৰিয়া, ভেঁকুৰ আদিয়ে ক্ৰিয়া কৰি মৃত জীৱ দেহৰ পচন ঘটায়। অৱশ্যে জীৱিত জীৱদেহো এনে অনুজীৱৰ আক্ৰমণত ৰোগাক্ৰান্ত হৈ পচি যাব পাৰে। কিন্তু পৰিবেশতন্ত্ৰ এটাৰ পচন মানে হৈছে জীৱ-জন্তুৰ জটিল পদাৰ্থসমূহ সৰল পদাৰ্থলৈ ৰূপান্তৰ হোৱা। এই ৰূপান্তৰণ প্ৰক্ৰিয়াত অনুজীৱ বা ভেঁকুৰ কিছুমানে ক্ৰিয়া কৰে। ইয়াকে বিযোজনো বোলে। এই পচন বা বিযোজন প্রক্ৰিয়াত যথেষ্ট পৰিমাণে অক্সিজেনৰ আৱশ্যক হয়। অক্সিজেনৰ সৈতে হোৱা ৰাসায়নিক বিক্ৰিয়ায়ো জৈৱ পদাৰ্থৰ ৰূপান্তৰণ ঘটায় আৰু ইও পচনৰ এক প্রক্ৰিয়া।অনুজীৱবিলাকে পচন প্ৰক্ৰিয়াত এহাতে যিধৰণে অক্সিজেন ব্যৱহাৰ কৰে, আনহাতে তেনেদৰে মিথেন, কাৰ্বডাই অক্সাইড আদিও উৎপন্ন কৰে। পচনৰ সময়ত বায়ুত সেইবাবে যথেষ্ট পৰিমাণে অক্সিজেনৰ আৱশ্যক হয়। 

অক্সিজেনৰ অভাৱ হ’লে পচন প্ৰক্ৰিয়া মন্থৰ হৈ পৰিব পাৰে। দৰাচলতে অনুজীৱ বিলাকে জীৱদেহত ক্ৰিয়া কৰোঁতে সিহঁতৰ যি শ্বসন হয়, তাৰ বাবেই সিহঁতক প্রচুৰ অক্সিজেনৰ আৱশ্যক হয় আৰু ফলত বায়ুমণ্ডলৰ অক্সিজেন খৰচ হয়। পচনৰ সময়ত উদ্ভৱ হোৱা এই অক্সিজেনৰ চাহিদাক ইংৰাজীত ‘Basal oxygen demand’ বুলি কোৱা হয়। পুখুৰী এটাত যদি বেছি পৰিমাণে জৈৱ পদাৰ্থ থাকে, সেইবাবে পানীত অক্সিজেনৰ পৰিমাণ কমি যাব পাৰে। ফলত জলজ উদ্ভিদ বা জীৱবোৰৰ বাবে অক্সিজেনৰ অভাৱে দেখা দিব পাৰে। বায়ুমণ্ডলতো যথেষ্ট পৰিমাণে জৈৱ পদাৰ্থৰ পচন ঘটি থকা ঠাইত অক্সিজেনৰ অভাৱ হ’ব পাৰে আৰু আনহাতে মিথেন জাতীয় গেছৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে। পৰিৱেশতন্ত্ৰ এটাত পচন অতি উল্লেখযোগ্য পৰিঘটনা। ইয়াৰ অবিহনে জৈৱ পদাৰ্থবোৰ নিজা আকাৰতে ৰৈ গ’লহেঁতেন আৰু প্ৰকৃতিৰ মাজত আৱৰ্জনাই দম বান্ধিলেহেঁতেন। পচনে জৈৱ পদাৰ্থক মাটিলৈ ৰূপান্তৰিত কৰিব পাৰে। প্লাষ্টিক, পলিথিন আদিৰ পচন নঘটে বাবে ই পৰিৱেশত একেদৰেই ৰৈ যায় আৰু ই ব্যাপক আৱৰ্জনাৰ সৃষ্টি কৰাই নহয় পৰিৱেশতন্ত্ৰৰ জৈৱ চক্ৰৰো ক্ষতিসাধন কৰে। পচন নঘটা সামগ্ৰী পৰিৱেশৰ বাবে ক্ষতিকাৰক।

১৩। পৰিবেশতন্ত্ৰত শক্তিৰ প্ৰৱাহৰ ভূমিকা আলোচনা কৰা?

 উত্তৰঃ এটা পৰিবেশতস্ত্ৰত সেউজীয়া উদ্ভিদসমূহে সিহঁতৰ পাত বা সেউজীয়া অংশত থকা ক্ল’ৰফিল বা পত্ৰহৰিতৰ সহায়ত, শিপাৰে আহৰিত পানী আৰু পোষক দ্ৰব্য তথা বায়ুৰ পৰা আহৰিত কাৰ্বনডাই অক্সাইডৰ সংমিশ্ৰণত সৌৰশক্তি সঞ্চয় কৰে। এই সৌৰশক্তিৰ সঞ্চয়খিনি, সিহঁতক ভোগ কৰা তৃণভোজীৰ শৰীৰলৈ যায়। আনহাতে তৃণভোজীক খাই জীয়াই থকা মাংসভোজী প্রাণীয়ে এই শক্তি তৃণভোজীৰ পৰা পায়। এনেদৰে এটা পৰিবেশতন্ত্ৰত শক্তিৰ প্রৱাহ ঘটে। কিন্তু এই শক্তি প্রৱাহৰ সময়খিনিত, তৃণ স্তৰৰ পৰা মাংসহাৰী স্তৰলৈ পাওতে, মাজতে যথেষ্টখিনি শক্তিৰ খৰচো হয়। যেনে– তৃণভোজীখিনিয়ে যি শক্তি তৃণৰ পৰা লাভ কৰে, সেই শক্তি সিহঁতে লৰা-ঢপৰা কৰোতে বা অন্যান্য শক্তিক্ষয়কাৰী কাম কৰোতে খৰচ হয়। 

গতিকে এই শক্তিৰ সৰবৰাহ, তৃণৰ পৰ্যায়ৰ পৰা যিমানেই ওপৰলৈ গৈ থাকে, সিমানেই সঞ্চিত শক্তিৰ পৰিমাণ কমি গৈ থাকে আৰু অৱশেষত শেষ স্তৰত মাথোন দহ শতাংশ শক্তিহে ৰয়গৈ। কিন্তু হলেও পৰিবেশতন্ত্ৰ এটা চলি থাকিবলৈ এই শক্তি আহৰণ আৰু শক্তিৰ খৰচৰ প্রক্ৰিয়াটোও অপৰিহাৰ্য। শক্তিৰ সৰবৰাহ অবিহনে পৰিৱেশতন্ত্ৰ  এটা বৰ্তি নাথাকে বা বিকাশো সম্ভৱপৰ নহয়।

পৰিবেশতন্ত্ৰ এটাত খাদ্য শৃংখলাৰ মাজেদি শক্তিৰ সৰবৰাহ ঘটে। শক্তিৰ তত্ত্ব অনুযায়ী, শক্তিৰ সৃষ্টি বা বিনাশ নঘটে, কিন্তু এবিধ শক্তিৰ পৰা আন এবিধ শক্তিলৈ ৰূপান্তৰিত হয়। আইনষ্টাইনৰ শক্তি সমীকৰণ E=MC2 (শক্তি=ভৰ×ত্বৰণ) মতে শক্তি পদাৰ্থলৈ ৰূপান্তৰিত হয় বা পদাৰ্থ শক্তিলৈ ৰূপান্তৰিত হয়। পৰিবেশতন্ত্ৰ এটাত শক্তি জীৱদেহত শৰ্কৰা বা চৰ্বীৰ ৰূপত সঞ্চিত হয় আৰু সিহঁতে কাম কৰাৰ সময়ত সেই পদাৰ্থ শক্তিলৈ ৰূপান্তৰিত হয়। গছৰ পাতত শক্তি গ্লুকজ বা শৰ্কৰাৰ ৰূপত পোনতে সঞ্চিত হয়। গছৰ পাত, ফল, ফুল আদি খাদ্য হিচাপে গ্ৰহণ কৰি এই শক্তি তৃণভোজীবিলাকে নিয়ে। আকৌ তৃণভোজীবিলাকক ভক্ষণ কৰি এই শক্তি মাংসভোজীবিলাকে নিয়ে। এনেদৰে পৰিৱেশতন্ত্ৰ এটাত শক্তিৰ সৰবৰাহ হৈ থাকে।

১৪। অ’ডামৰ শক্তি সৰবৰাহ ‘মডেল’ কি?

উত্তৰঃ ই- পি অ’ডাম  নামে এজন বিজ্ঞানীয়ে পৰিস্থিতিতন্ত্ৰত শক্তি সৰবৰাহ এটা মডেল’ বা আৰ্হি আগবঢ়াইছিল। এই আৰ্হি অনুযায়ী পৰিস্থিতিতন্ত্ৰত জীৱ সমূহে যি শক্তি আহৰণ কৰে তাক কিয়দাংশ সিহঁতৰ উৎপাদনমূলক বা বাহ্যিক কাম- কাজত আৰু কিয়দাংশ শ্বসনপ্রক্ৰিয়াত ব্যৱহাৰ হয়। এনেদৰে ব্যৱহাৰ হোৱাৰ পিচত সিহঁতৰ শৰীৰত কিছুখিনি শক্তি ৰৈ যায় আৰু সেইখিনি হৈছে অব্যৱহৃত শক্তি। এই অব্যৱহৃত শক্তিখিনি পৰৱৰ্তী জীৱটোৱে বা তাক ভক্ষন কৰা জীৱটোৱে লাভ কৰে।

শক্তিৰ একপথীয় প্রৱাহ আৰ্হি: উদ্ভিদ সমুদায়েহে শক্তি আহৰণ কৰে। বাকী তৃণভোজীসকলে উদ্ভিদৰ পৰা শক্তি সংগ্ৰহ কৰে বা মাংসভোজীয়ে তৃণভোজীৰ পৰা শক্তি সংগ্ৰহ কৰে। এই শক্তি আহৰণ প্রক্ৰিয়াটো গাই এজনীৰ ওহাৰত গাখীৰ জমা হোৱা আৰু খীৰাওঁতাজনে খীৰোৱাৰ ৰূপত বৰ্ণনা কৰিব পাৰি। গাই এজনীৰ দেহৰ পৰা, ওহাৰত গাখীৰ আহৰিত হয়, গোৱাল এজনে তাক খীৰাই সংগ্ৰহ কৰে। তেনেদৰেই পৰিৱেশতন্ত্ৰ এটাত, গছত বা উদ্ভিদৰ ফল-ফুল পাত- ডাল- মূলত শক্তি আহৰিত হয় আৰু তৃণভোজী বা মাংসভোজীয়ে তাক ক্ৰমে সংগ্ৰহ কৰে আৰু সংগ্ৰহ কৰি ব্যৱহাৰ কৰে। ব্যৱহাৰৰ শেষত যিখিনি শক্তি ৰৈ যায় সেইখিনি আকৌ পৰিৱেশতন্ত্ৰ এটাত অনুজীৱবিলাকে পোষক পদাৰ্থলৈ ৰূপান্তৰিত কৰে। এনেদৰে পৰিৱেশতন্ত্ৰত শক্তিৰ প্রৱাহ চলি থাকে।

দ্বি-পথীয় বা ‘Y’ আৰ্হিৰ শক্তি সৰবৰাহ আৰ্হি: পৰিস্থিতিতন্ত্ৰ এটাত খাদ্য শৃংখল মূলতঃ দুই প্রকাৰৰ— তৃণমূলীয় বা উদ্ভিদমূলীয় খাদ্য শৃংখল আৰু পচন দ্ৰব্য মূলীয় খাদ্য শৃংখল। এই দুই প্রকাৰৰ খাদ্য শৃংখলৰ জৰিয়তেই পৰিস্থিতিতন্ত্ৰ এটাত শক্তিৰ সৰবৰাহ হয়৷ সাধাৰণতে সাগৰীয় পৰিস্থিতিতন্ত্ৰ উদ্ভিদকণা বা শেলাই, মাছ বা জলজ প্রাণীবোৰে প্ৰায় খাই শেষ কৰে আৰু সেইবাবে তাত উদ্ভিদ মৰি-পচি, পচনদ্রব্য হোৱাৰ অৱকাশ বৰ কম। কিন্তু স্থলজপৰিবেশতন্ত্ৰ এটাত ইমান বেছি উদ্ভিদ গজে যে সেইবোৰ খাই তৃণভোজীয়ে শেষ কৰিব নোৱাৰে। এনে পৰিবেশতন্ত্ৰ এটাত গছ-গছনিৰ অৱশিষ্ট অংশ পচি গৈ বহুল পৰিমাণৰ পচনদ্ৰব্য সৃষ্টি কৰে।

এনেদৰে এটা স্থলজ পৰিবেশতন্ত্ৰত আমি দুয়োটা খাদ্য শৃংখলৰ জৰিয়তে শক্তিৰ সৰবৰাহ হোৱা দেখিবলৈ পাও। এই দুয়োটা লগ লগাই আমি পৰিবেশতন্ত্ৰ এটাৰ শক্তিৰ সৰবৰাহকে ‘Y’ আকৃতিৰে মাজেদি বৰ্ণনা কৰিব পাৰো। ইয়াকে দ্বি-পথীয় বা ‘Y’ আৰ্হিৰ শক্তিৰ সৰবৰাহ আৰ্হি বোলে। 

১৫। পৰিস্থিতিতন্ত-পিৰামিড বা ‘ইক’ পিৰামিড’ কি? এটা পৰিস্থিতিতন্ত্ৰত দেখা পোৱা পৰিস্থিতিতন্ত্ৰ পিৰামিডৰ ব্যাখ্যা কৰা।

উত্তৰঃ পিৰামিড ইজিপ্তৰ ঐতিহাসিক সমল আৰু এইবোৰ হৈছে বিশ্বৰ  আশ্চৰ্যসমূহৰ ভিতৰৰে অন্যতম। ইজিপ্তৰ পুৰণি ৰজা বা ‘ফাৰা’সকলৰ মৃত্যু হ’লে এনে পিৰামিড সাজি কবৰ দিয়া হৈছিল। পিৰামিডৰ ভিতৰত ৰখা ৰজা-ৰাণীসকলৰ মৃতদেহত এনে কেতবোৰ ৰাসায়নিক পদাৰ্থ সানি থোৱা হৈছিল যাৰ ফলত এই মৃতদেহবোৰ শ শ বছৰ নপচাকৈ থাকিছিল। এই পিৰামিডবিলাকৰ নিৰ্মাণ কৰা হৈছিল বিশাল জ্যামিতিক আকাৰৰ শিলেৰে আৰু ইয়াৰ ভেটিটো যিমান বহল ওপৰলৈ  শিলৰ স্তৰবোৰ ক্ৰমাৎ সৰু কৰি লৈ যোৱা হৈছিল। এই পিৰামিডৰ আকৃতিৰ আধাৰত পৰিবেশতন্ত্ৰ এটাৰ খাদ্য শৃংখল, প্ৰজাতিৰ সংখ্যাগত সম্পর্ক, শক্তি প্রৱাহ আদিক বুজাব পাৰি। পৰিস্থিতিতন্ত্ৰ এটাক পিৰামিডৰ ছবি বা আকৃতিৰে ৰিজাই বুজোৱা প্ৰণালী পৰিবেশ বিজ্ঞানীসকলে ব্যৱহাৰ কৰি আহিছে। পৰিস্থিতিতন্ত্ৰ এটাৰ এনে পিৰামিড আকাৰৰ বুধকে পৰিস্থিতি পিৰামিড বা ‘ইক’  পিৰামিড’ বোলে।

পৰিস্থিতিতন্ত্ৰৰ সাংখ্যিক পিৰামিড: এটা পৰিস্থিতিতন্ত্ৰত উৎপাদক বা উদ্ভিদৰ সংখ্যা যথেষ্ট বেছি হয়। তাৰ ওপৰত নিৰ্ভৰ কৰা তৃণভোজী ভোক্তাসকলৰ সংখ্যা, উদ্ভিদ বা উৎপাদকৰ তুলনাত কম হয়; আকৌ তৃণভোজীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা মাংসহাৰী বা দ্বিতীয় স্তৰৰ ভোক্তাৰ সংখ্যা তাতোকৈ কম। ঠিক এনেদৰে আমি পৰিস্থিতিতন্ত্ৰ এটাত প্রজাতিবিলাকৰ এক সাংখ্যিক পিৰামিড দেখিবলৈ পাওঁ।

বনাঞ্চলৰ পৰিস্থিতিতন্ত্ৰৰ প্ৰজাতিসমূহৰ সংখ্যাগত পিৰামিড

আনহাতে পৰজীৱীবিলাকৰ ভোক্তাবিলাকক লৈ সংখ্যাগতভাৱে আমি এক ওভোতা পিৰামিড পাওঁ।

এইবিধ পিৰামিডত আমি একেবাৰে ওপৰৰ স্তৰত সংখ্যাগতভাৱে অধিক অনুজীৱ পাওঁ। অনুজীৱবোৰে পৰজীৱীবোৰক খায়, পৰজীৱীবিলাকে তৃণভোজীবোৰক খায়, আকৌ তৃণভোজীবিলাকে উদ্ভিদ খাই জীয়াই থাকে।

জৈৱ পদাৰ্থৰ পিৰামিড: এটা পৰিস্থিতিতন্ত্ৰৰ জীৱসমূহৰ মৃতদেহ গেলি-পচি যি পচনদ্ৰব্যৰ সৃষ্টি কৰে সেইখিনি জৈৱ পদাৰ্থ [Biomass]ক ব্যৱহাৰ কৰি ঘাঁহ গজে বা উদ্ভিদ গজে। সেই উদ্ভিদক আকৌ পতংগ পখী, জন্তু আদিয়ে খায়। 

“বায়’মাছ” বা জৈৱ পদাৰ্থ পিৰামিড: সিহতক আকৌ সাপ, মাংসহাৰী জন্তু, মাংসাহাৰী পখী আদিয়ে খায়। এই জৈৱ পদাৰ্থ [Biomass] ভিত্তিক পিৰামিডক জৈৱ পদাৰ্থ- পিৰামিড বা বায় মাছ পিৰামিড’ বোলে।

 শক্তি পিৰামিড: এটা পৰিস্থিতিতন্ত্ৰ উৎপাদকৰ স্তৰত সৰ্বাধিক শক্তি সংৰক্ষিত হয়। সেই শক্তিক ক্ৰমান্বয়ে ভোক্তাবিলাকে স্তৰে স্তৰে ভোগ কৰি গৈ থাকোতে সঞ্চিত শক্তিৰ পৰিমাণ ক্ৰমান্বয়ে কমি গৈ থাকে, কিয়নো ভোক্তাবিলাকৰ শ্বসন আদি কামত শক্তিৰ ব্যয় হয়।

১৬। পৰিস্থিতিতন্ত্ৰৰ কৃতীকৰণ [Ecological succession] কি? পৰিস্থিতিতন্ত্ৰৰ কৃতীকৰণ প্ৰক্ৰিয়াটোৰ বিষয়ে লিখা?

উত্তৰঃ পৰিৱেশ এটাত হঠাতে এটা পৰিস্থিতিতন্ত্ৰ গঢ়ি নুঠে। এটা পৰিস্থিতিতন্ত্ৰৰ বহু প্ৰজাতিৰ ৰূপান্তৰণ আৰু কাৰ্যকলাপৰ মাজেদি ক্ৰমে ক্রমে গঢ়ি উঠে। নগ্ন অৰ্থাৎ জীৱবিহীন এটা পৰিৱেশত ক্ৰমান্বয়ে জীৱ সমুদ্রায়ৰ সৃষ্টি হৈ এক সুস্থিৰ পৰিস্থিতিতন্ত্ৰৰ ৰচনা হোৱাকে পৰিস্থিতিতন্ত্ৰ কৃতীকৰণ বোলে বা পৰিস্থিতিতন্ত্ৰ এটাৰ পূৰ্ণ বিকাশ বোলে। পৰিৱেশৰ গুণাগুণ অনুযায়ী ইয়াত প্ৰথমে যি প্রজাতিয়ে পৰিস্থিতিতন্ত্ৰবোৰ সূত্ৰপাত ঘটায় বা আৰম্ভণি কৰে তাক প্রতিষ্ঠাপক প্ৰজাতি’ বা প্রাৰম্ভিক প্ৰজাতি বোলে। ইয়াৰ পিচত ক্ৰুমে ক্ৰমে, সেই প্ৰজাতিক ভেঁটি ৰূপে লৈ অতি শৃংখলিতভাৱে ন ন প্রজাতিয়ে তন্ত্ৰটোত বিকাশ কৰিবলৈ লয়। এই বিকাশৰ প্ৰক্ৰিয়াত প্ৰজাতিসমূহৰ নানান কাৰ্যকলাপ, ভৌতিক বা ৰাসায়নিক পৰিবৰ্তন, প্রজাতিৰ স্থানান্তৰণ আদি ৰূপান্তৰৰ পৰিঘটনাসমূহ পৰিঘটিত হয়। এনেদৰে গৈ গৈ এসময়ত ই এক সুস্থিৰ পৰিস্থিতিতন্ত্ৰৰ ৰূপ পায় আৰু ই এক সম্পূৰ্ণ পৰিস্থিতিতন্ত্ৰ ৰূপে গঢ়ি উঠে। এই গোটেইখিনিয়েই হৈছে পৰিস্থিতিতন্ত্ৰ এটাৰ পৰিপূৰ্ণ নিৰ্মাণ বা কৃতিকৰণ বা ইংৰাজীত কবলৈ গ’লে ‘ছাকচেছন’ [ succession]। পৰিৱেশৰ  গুণ বা বৈশিষ্ট্য অনুযায়ী ইয়াৰ আৰম্ভণি বিভিন্ন প্ৰকাৰৰ হব পাৰে। যেনে –

(ক) জলাৰম্ভি: জলজ পৰিৱেশ আৰম্ভ হোৱা পৰিস্থিতিতন্ত্ৰ। 

(খ) বাষ্পাৰম্ভী: যথেষ্ট জলীয় বাষ্প সম্পন্ন পৰিৱেশত আৰম্ভ হোৱা পৰিস্থিতিতন্ত্ৰ।

(গ) শুষ্কাৰম্ভি : শুকান পৰিৱেশত আৰম্ভ হোৱা পৰিস্থিতিতন্ত্ৰ। এনে শুকান পৰিবেশ হব পাৰে- 

(১) শিলাস্তৰী। 

(২) বালীস্তৰী। 

(৩) লুণীয়া মাটি স্তৰী।

পৰিস্থিতিতন্ত্ৰ কৃতিকৰণ প্ৰক্ৰিয়া: পৰিস্থিতিতন্ত্ৰ এটাৰ কৃতিকৰণ প্ৰক্ৰিয়াত আমি নিম্নলিখিত পৰ্যায়বোৰ দেখিবলৈ পাওঁ-

(১) নগ্নীভৱন: কোনো এক পৰিৱেশত যেতিয়া উদ্ভিদ বা প্ৰাণী একেবাৰে নোহোৱা হৈ যায় বা নাথাকে তেতিয়া সেই পৰিবেশটো নগ্নীভূত হোৱা বুলি কোৱা হয়। উদাহৰণ স্বৰূপে বানে বালিৰে পুতি পেলোৱা এটা এলেকা, কোনো কাৰখানা নিৰ্মাণৰ বাবে নিৰ্বনিকৃত এলেকা খৰাং বতৰৰ বাবে শুকাই যোৱা এলেকা অগ্নিয়গিৰীৰ দহনত ভস্মীভূত এলেকা বা নতুনকৈ খন্দা এটা পুখুৰী, খেতি কৰিবলৈ বননি কাটি মুকলি কৰা এখন পথাৰ আদিৰ পৰিবেশ নগ্ন পৰিবেশ আৰু নগ্ন হোৱাৰ প্ৰক্ৰিয়াটো হৈছে নগ্নীভৱন। 

() আৰম্ভণ: নগ্নীভূত এটা এলেকাত কোনো গছ-গছনি আদি নাথাকে। কিন্তু ঠাইখনলৈ কিবাপ্রকাৰে আহি কোনো এক জীৱৰ সূত্ৰপাত ঘটে। যেনে বানে পুতি পেলোৱা বালিময় এক এলেকাত, বালিৰ লগত মিহলি হৈ অহা ঘাঁহৰ গুটিবোৰেই যেনিবা গজিবলৈ ধৰে৷ বা নকৈ খন্দা পুখুৰী এটাৰ পানীত উদ্ভিদপ্লাৱক বা শেলাই গজিবলৈ ধৰে। এনেদৰে নগ্ন পৰিৱেশটোত প্রথমবাৰৰ বাবে জীৱৰ অংকুৰণ আৰম্ভ হয় আৰু এই প্ৰথম জীৱ প্রজাতিটোৱেই হৈছে প্রাৰম্ভিক প্ৰজাতি বা পৰিৱেশতন্ত্ৰটোৰ প্রতিষ্ঠাপক প্রজাতি।

(৩) পাৰস্পৰিক কাৰ্যকলাপ আৰু প্ৰতিযোগিতা: এটা নতুন পৰিবেশত এটা জীৱ আৰম্ভ হোৱাৰ পিচত, তাক কেন্দ্ৰ কৰি আন আন জীৱৰ সংমিশ্রণ ঘটে। উদাহৰণস্বৰূপে বানে পুতি পেলোৱা বালিত ঘাঁহ গজাৰ লগে লগে ঘাঁহ খাবলৈ জন্তু আহে। জন্তুৰ গাত হোৱা পোক খাবলৈ যেনিবা চৰাই আহে। সেই চৰাইৰ বিষ্ঠাত হয়তো কোনোবা গছৰ গুটিত মিহলি হৈ থাকে আৰু সেই বিষ্ঠা পৰি, সেইবিধ বীজ অংকুৰিত হয়। ক্ৰমাৎ এলেকাটো অন্যান্য গছ-গছনিৰে ভৰপূৰ হৈ আহে। চাওঁতে চাওঁতে বালিময় পথাৰখন এখন বননিলৈ ৰূপান্তৰিত

হয়। বননিত পখী, সৰীসৃপ, জন্তু আদিয়ে বাস কৰিবলৈ লয়। ক্ৰমাৎ তৃণভোজী, মাংসভোজীৰ আগমনত পৰিস্থিতিন্তুটোৱে পৰিপূৰ্ণ ৰূপ এটা লাভ কৰে আৰু  পৰিস্থিতিতন্ত্রটোৰ কৃতীকৰণ সম্পৰ্ণ হৈ উঠি এক সুস্থিৰ অৱস্থা লাভ কৰে। এই পৰিপূৰ্ণতা লাভ কৰিবলৈ যাওঁতে পৰিস্থিতিতন্ত্ৰটোত বিকশিত হোৱা জীৱ সমুদায়ৰ পাৰস্পৰিক কাৰ্যকলাপ সংঘটিত হয়। যেনে— ঘাঁহ পহুৱে খায়, পহুক বাঘে খায়, মৃত বাঘটোক শগুণে খায়। আৰু জীৱবিলাকৰ মাজত খোৱাৰ প্ৰতিযোগিতা চলে। মৃত পহু এটা বাঘে খাবনে শিয়ালে খাব। আকৌ দুটা বাঘৰ ভিতৰত এটা বাঘিনীয়ে কাৰ লগত যোৰ পাতিব ইত্যাদি বিষয় লৈও প্ৰতিযোগিতা চলে। জীৱ সমুদায়ৰ মাজৰ এনে ক্ৰিয়াকলাপ বা প্রতিদ্বন্দ্বিতা, মাজেদি এটা পৰিস্থিতিতন্ত্ৰ ক্ৰমাৎ কৃতীকৰণ ঘটে।

(৪) প্রতিক্রিয়া: পৰিস্থিতিতন্ত্ৰ এটাত জীৱসমূহে কাৰ্যকলাপ বা ক্রিয়া চলাই যোৱাৰ লগে লগে কিছুমান প্ৰতিক্ৰিয়াও নোহোৱাকৈ নাথাকে। এনে প্রতিক্ৰিয়াই পৰিস্থিতিতন্তুটোৰ ৰূপান্তৰণ ঘটায়। কেতিয়াবা কেতিয়াবা এটা পৰিৱেশতন্ত্ৰত, পুৰণি প্ৰজাতিয়ে বিদায় ল’বলগীয়া হয় আৰু নতুন প্রজাতিৰ আগমন ঘটে।

(৫) সুস্থিৰভবন: প্ৰজাতিসমূহৰ পূৰ্ণ বিকাশ ঘটি এটা  পৰিপূৰ্ণ পৰিস্থিতিতন্ত্ৰত উৎপাদক, ভোক্তা আৰু বিযোজকে সুস্থিৰ পৰিবেশ এটাৰ সৃষ্টি কৰে। এনে এটা সুস্থিৰ পৰিস্থিতিতন্তই পূৰ্ণতা লাভ কৰি সৰ্বোচ্চ পৰিমাণৰ জৈৱ পদাৰ্থ উৎপন্ন কৰে আৰু ইয়াকে পৰিস্থিতিতন্ত্ৰটোৰ ‘ক্লাইমেক্স’ বোলে। অৰ্থাৎ পৰিৱেশতন্ত্ৰ এটাৰ বিকাশৰ ই শীৰ্ষ পৰ্যায়।

১৭। পৰিস্থিতিতন্ত্ৰৰ জলাৰম্ভি আৰু শিলাৰম্ভী কৃতীভৱনৰ পাৰ্থক্য বিচাৰ কৰা? 

উত্তৰঃ পৰিস্থিতিতন্ত্ৰ এটা যেতিয়া জলৰ পৰিৱেশত আৰম্ভ হৈ ক্ৰমাৎ পৰিপূৰ্ণতা লাভ কৰে তাক জলাৰম্ভী কৃতীভৱন বোলে৷ এনে পৰিৱেশত প্ৰথমতে পানীত উদ্ভিদপ্লাৱক আৰু শেলাই গজে, সেইবোৰ খাবলৈ প্ৰাণীপ্লাৱক মাছ আদিৰ আগমন হয়। মাছ খাবলৈ পখী, সৰীসৃপ আদিৰ আগমন হয়। ক্ৰমাৎ জলজ, অৰ্ধজলজ উদ্ভিদ গজিবলৈ ধৰে আৰু ক্ৰমাৎ এই পৰিস্থিতিতন্ত্ৰটোৱে উৎপাদক, ভোক্তা আৰু বিযোজকৰ মাজেদি শক্তি সৰবৰাহ চক্র সম্পূৰ্ণ কৰে।

আনহাতে শিলাৰম্ভী এনে এক পৰিৱেশতন্ত্ৰ য’ত কঠিন শিলত শেলাই গজে। এনে শেলায়ে কঠিন শিলবোৰ ভাঙি কোমল মাটিত পৰিণত কৰে য’ত গছ গজিবলৈ আৰম্ভ কৰে। ক্ৰমাৎ শিলাময় এখন পাহাৰ গছ-গছনিৰে ভৰি পৰে। গছ-গছনি গজি উঠাৰ লগে লগে তালৈ পখী, জন্তু, সৰীসৃপৰ আগমন হয়। সিহঁতৰ মৃত্যু হ’লে তাক অনুজীৱই পৌষ্টিক পদার্থ বা জৈৱ পদাৰ্থলৈ ৰূপান্তৰিত কৰে আৰু এক সময়ত ইও ‘ক্লাইমেক্স’ অৱস্থা লাভ কৰে।

১৮। জৈৱ-বৈচিত্ৰৰ প্রতি পৰিস্থিতিতন্ত্ৰৰ ভূমিকা কি?

উত্তৰঃ এটা পৰিস্থিতিতন্ত্ৰই জৈৱ-বৈচিত্ৰৰ উৎপত্তি আৰু বিকাশত মহত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। প্রাথমিক উৎপাদনৰ পৰা শীৰ্ষ ভোক্তালৈকে খাদ্য, শক্তিৰ সৰবৰাহ ঘটাই বিভিন্ন জীৱৰ সামুহিক জীৱনক পৰিৱেশতন্ত্ৰ এটাই আগবঢ়াই নিয়ে আৰু প্রাকৃতিক ভাৰসাম্যতা বজাই ৰাখে। এটা পৰিৱেশতন্ত্ৰত সৌৰশক্তি যি হাৰত জৈৱ পদাৰ্থলৈ সালোকসংশ্লোষণৰ দ্বাৰা ৰূপান্তৰিত হয় তাকে এটা পৰিৱেশতন্ত্ৰৰ প্রাথমিক উৎপাদন বোলে। এই প্রক্ৰিয়াটোৱেই এটা পৰিৱেশতন্ত্ৰৰ মূল ভেঁটি। সৌৰশক্তিক জৈৱিক শক্তিলৈ ৰূপান্তৰিত কৰি পৰিবেশতন্ত্ৰই জৈৱ-বৈচিত্ৰৰ ৰক্ষা আৰু বিকাশ ঘটায়। প্রাথমিক উৎপাদন ভোগ কৰি যিসকলে পৰৱৰ্তী পৌষ্টিকস্তৰত শক্তিৰ ব্যৱহাৰৰ বাবে শক্তি সঞ্চয় কৰে তেওঁলোক মাধ্যমিক উৎপাদক। উদ্ভিদ প্ৰাথমিক উৎপাদক আৰু তৃণভোজীবোৰ মাধ্যমিক উৎপাদক। এনে প্রাথমিক আৰু মাধ্যমিক উৎপাদকৰ জৰিয়তে শক্তিৰ সৰবৰাহ সকলো পৰিস্থিতিতন্ত্ৰৰ বৈশিষ্ট্য। প্রাকৃতিক পৰিৱেশত আমি বিভিন্ন প্রকাৰৰ পৰিবেশতন্ত্ৰ পাওঁ। 

তেনেদৰে বন পৰিৱেশতন্ত্র, ঘাঁহনি পৰিৱেশতন্ত্ৰ, জলজ পৰিৱেশতন্ত্ৰৰ, সৰু পৰিৱেশতন্ত্ৰ আদি। বন পৰিৱেশতন্ত্ৰৰ ভিতৰত আকৌ গ্ৰীষ্মপ্ৰধান বন পৰিৱেশতন্ত্ৰ, শীতপ্ৰধান বন পৰিবেশতন্ত্ৰৰ, চিৰসেউজীয়া বন পৰিৱেশতন্ত্ৰ আদি পাওঁ। জল পৰিৱেশতন্ত্ৰৰ ভিতৰত সাগৰীয় পৰিৱেশতন্ত্ৰ, নদী পৰিৱেশতন্ত্ৰ, হ্ৰদ পৰিবেশতন্ত্ৰ, নিজৰা পৰিৱেশতন্ত্ৰৰ, জুৰি পৰিৱেশতন্ত্র, পুখুৰী পৰিৱেশতন্ত্ৰ, মোহনা পৰিৱেশতন্ত্ৰ আদি পাওঁ। পৰিৱেশতন্ত্ৰৰ প্রকাৰ অনুযায়ী তাৰ জীৱ সমুদায় বেলেগ বেলেগ। কিন্তু সকলো পৰিস্থিতিতন্ত্ৰৰই জীৱসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক ৰক্ষা কৰি শক্তি আৰু প্ৰটিনৰ সৰবৰাহেৰে জৈৱ-বৈচিত্ৰ্যৰ অস্তিত্ব আৰু বিকাশ সম্ভৱ কৰি তোলে আৰু প্রকৃতিক পৰিপূৰ্ণতা দান কৰে। প্রতিটো পৰিৱেশতন্ত্ৰই মানুহৰ বাবে মৌলিক প্রয়োজন যেনে– খাদ্য, বস্ত্ৰ বাসস্থান আদিৰ বাবে লগা আৱশ্যকীয় দ্রব্যসমূহৰ যোগান ধৰে ৷ 

উদাহৰণস্বৰূপে এটা বন পৰিবেশতন্ত্ৰৰ পৰা মানুহে ফল-ফুল, কাঠ, খৰি আদি লাভ কৰে। সাগৰ, নদী, হৃদ আদি পৰিস্থিতিতন্ত্ৰৰ পৰা খাদ্যৰ যোগান পায়। আকৌ বস্ত্ৰৰ বাবে লগা আৱশ্যকীয় সামগ্ৰীও পৰিবেশতন্ত্ৰৰ পৰাই আহে। পৰিবেশতন্ত্ৰই মানুহক প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰাৰ সুযোগ দিয়াই নহয়, মানুহৰ কৃষ্টি-সংস্কৃতি, আধ্যাত্মিকতা, নান্দনিকতা আদিৰ বিকাশতো সহায় কৰে৷ পৰিস্থিতিতন্ত্ৰৰ মাজত থাকিয়েই মানুহে প্ৰাকৃতিক সেয়াসমূহ লাভ কৰিবলৈ সক্ষম হয়। মানুহে কৰা প্ৰদূষণ আদি দূৰ কৰাৰ বাবে পৰিস্থিতিতন্ত্ৰই দিয়া জৈৱ ৰূপান্তৰৰ সুবিধাসমূহ মানুহে ব্যৱহাৰ কৰিব পাৰে। পৰিস্থিতিতন্ত্ৰসমূহৰ অবিহনে, জীৱ সমুদায়ৰ পৰা সম্পদ আৰু সেৱা লাভ কৰাটো মানুহৰ বাবে সম্ভৱপৰ নহয়।

১৯। চমুটোকা লিখা।

(ক) উৎপাদক

উত্তৰঃ উৎপাদকবিলাক হৈছে সেউজীয়া উদ্ভিদসমূহ। এই উদ্ভিদসমূহত হৰিৎকণা নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে। হৰিৎকণাৰ সহায়ত ইহঁতে সূৰ্যৰ পোহৰৰ সহায়ত অজৈৱিক পদাৰ্থৰ (পদাৰ্থ আৰু এঙাৰ গেছ)ৰ পৰা শ্বেতসাৰ নামৰ মূল শক্তিদায়ক খাদ্য উৎপন্ন কৰিব পাৰে। এইধৰণৰ উদ্ভিদসমূহে নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব পাৰে বাবে ইহঁতক স্ব-পোষী উদ্ভিদ বোলা হয়। স্ব-পোষী উদ্ভিদসমূহ দুই ধৰণৰ হ’ব পাৰে। 

(ক) শিপাযুক্ত গছগছনিসমূহ আৰু ওপঙি থকা উদ্ভিদসমূহ ৷ 

(খ) ক্ষুদ্ৰাকৃতিৰ ভাসমান উদ্ভিদসমূহ বা উদ্ভিদ প্লাৱকসমূহ।

উৎপাদকসমূহে সাধাৰণতে সালোক সংশ্লেষণৰ সহায়ত শ্বেতসাৰ জাতীয় খাদ্য উৎপাদন কৰে। শ্বেতসাৰ উপৰি উৎপাদকসমূহে এমিন’ এছিদ, মাংসসাৰ বা আন লাগতিয়াল বস্তু কিছুমানো সংশ্লেষণ কৰে।

উদ্ভিদবোৰৰ উপৰি কিছুমান বেক্টেৰিয়ায়ো উৎপাদক হিচাপে কাম কৰে। ইয়াৰে কিছুমানে সালোক সংশ্লেষণৰ জৰিয়তে খাদ্য উৎপন্ন কৰে কিন্তু আন সেউজীয়া উদ্ভিদৰ দৰে ইহঁতে অক্সিজেন অথবা অম্লজান উৎপন্ন নকৰে। আৰু ইহঁতে অম্লজানৰ অনুপস্থিতিতো জীয়াই থাকিব পাৰে। আন কিছুমান বেক্টেৰিয়াই আকৌ কিছুমান অজৈৱিক ৰাসায়নিক পদাৰ্থৰ পৰা (যেনে–এম’নিয়া, নাইট্ৰ’জেন, ছালফাইড ইত্যাদি) এই বেক্টেৰিয়াসমূহ অক্সিজেনৰ উপস্থিতিত বা অনুপস্থিতিতো জীয়াই থাকিব পাৰে। 

(খ) উপভোক্তা

উত্তৰঃ উপভোক্তাসমূহ পৰপোষী জীৱ। ইহঁতৰ বেছিভাগেই প্রাণী আৰু ইহঁতে আন জীৱ বা সেই জীৱবিলাকে সংশ্লেষণ কৰা জৈৱিক পদাৰ্থ ভক্ষণ কৰি জীয়াই থাকে। খাদ্যাভাসৰ ওপৰত নির্ভৰ কৰি উপভোক্তা প্রাণীসমূহ দুটা ভাগত ভগাব পাৰি। সেই ভাগ দুটা হ’ল- তৃণভোজী আৰু মাংসভোজী।

তৃণভোজী প্রাণীসমূহে উৎপাদক গোষ্ঠীসমূহৰ পৰা প্ৰত্যক্ষভাৱে খাদ্য আহৰণ কৰে। জলজ পৰিৱেশতন্ত্ৰত এই তৃণভোজী প্ৰাণীসমূহ দুই ধৰণৰ– প্রাণী প্লাবক আৰু পানীৰ তলিত বাস কৰা প্রাণীসমূহ। এই পৰিৱেশৰ মুখ্য পোষক প্ৰাণীসমূহ হ’ল- আদ্যপ্রাণী, শামুকজাতীয় প্ৰাণীসমূহ, মাছ ইত্যাদিবিলাকে উৎপাদকসমূহ ভক্ষণ কৰে। আনহাতে, স্থলভাগৰ পৰিৱেশতন্ত্ৰৰ মুখ্য পোষকবিলাক হৈছে বিভিন্ন তৃণভোজী জন্তুসমূহ, পতংগ ইত্যাদি। আনহাতে মাংসভোজী প্রাণীসমূহে মুখ্য পোষক প্রাণীসমূহক ভক্ষণ কৰে আৰু সিহঁতৰ দেহটোক খাদ্য হিচাপে ব্যৱহাৰ কৰে। ইহঁতক গৌণ পোষক বোলে। এই গৌণ পোষকবোৰক তৃতীয় এক শ্ৰেণীৰ প্রাণীয়ে খাদ্য হিচাপে ভক্ষণ কৰিব পাৰে। আনহাতে মানুহৰ নিচিনা কিছুমান সৰ্বভক্ষী প্রাণীয়ে গোটেই শ্ৰেণীৰ ভূমিকা ল’ব পাৰে। কিয়নো ইহঁতে মাংসভোজী, তৃণভোজী উভয় জীৱকে ভক্ষণ কৰাৰ উপৰি উদ্ভিদজাত সামগ্ৰীবোৰো ভক্ষণ কৰে।

(গ) বিয়োজক

উত্তৰঃ এই জীৱসমূহে উৎপাদক আৰু পোষক শ্ৰেণীৰ প্ৰাণীসমূহৰ মৃত শৰীৰৰ বিভিন্ন জটিল যৌগসমূহ ভাঙি পেলাই কিছু অংশ সৰল উপাদান হিচাপে উৎপাদক শ্ৰেণীৰ বাবে গ্ৰহণযোগ্য কৰি তোলে। লগতে নিজৰ পুষ্টি আহৰণ কৰে। বিভিন্ন বেক্টেৰিয়া, ভেকুৰ আদি বিয়োজক শ্ৰেণীৰ জীৱ। 

পুখুৰীৰ পানীত আৰু তলিত থকা বোকাত নানা ধৰণৰ বিয়োজক (বেক্টেৰিয়া, ভেঁকুৰ) যথেষ্ট পৰিমাণে থাকে। পুখুৰীত থকা উৎপাদক আৰু উপভোক্তাবিলাকৰ মৃত্যুৰ পাছত বিয়োজকবোৰে সিহঁতৰ দেহ পাচন ঘটাই তাৰ পৰা খাদ্য সংগ্ৰহ কৰে। 

এটা পৰিস্থিতিতন্ত্ৰত ওপৰৰ সকলো জৈৱিক কাৰকেই বৰ্তি থাকে৷ কেতিয়াবা কেতিয়াবা কেতবোৰত মৌলিক উৎপাদক প্রবল (যেনে– অৰণ্যত কৃষি পৰিস্থিতিতন্ত্ৰ’, আনহাতে আন কেতবোৰত বিয়োজক প্রবল (সাগৰৰ তলিত)।

২০। এটা জলজ পৰিস্থিতিতন্ত্ৰৰ বিষয়ে লিখা?

উত্তৰঃ পুখুৰী পৰিস্থিতিতন্ত্ৰ এটা সৰু পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ। ইয়াত পানীখিনি নিশ্চল। প্ৰকৃতিত পুখুৰীবোৰ ঋতুৰ লগত জড়িত। অৰ্থাৎ বাৰিষা প্ৰচুৰ পানী থাকে। অন্য সময়ত কম পানী থাকে। গাঁও অঞ্চলত ইয়াৰ গুৰত্ব বেছি। ই বিভিন্ন ধৰণৰ শেলাই জলজ উদ্ভিদ, পৰুৱা, মাছ, চৰাই আদিৰ বাসস্থান। পুখুৰীত মানুহে বহু কাৰ্য সম্পাদন কৰে। ইয়াক কাপোৰ ধোৱা, সাঁতোৰা, গা-ধোৱা, গৰু, ম’হ ধুওৱা, পানী খোৱা আদি কামত ব্যৱহাৰ কৰা হয় ফলত প্ৰদূষিত হয়।

২১। ঘাঁহনি পৰিস্থিতিতন্ত্ৰৰ কি? বুজাই লিখা?

উত্তৰঃ যি পৰিস্থিতিতন্ত্ৰত বিভিন্ন প্রজাতিৰ ঘাঁহ দেখিবলৈ পোৱা যায় তাক ঘাঁহনি পৰিস্থিতিতন্ত্ৰ বোলে। কিছুমান ঘাঁহনিৰ মাজে মাজে কিছুসংখ্যক বৃক্ষও সিঁচৰতি হৈ থাকে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে দীঘলীয়াকৈ ঘাঁহনি অঞ্চল দেখা যায়। এই ঘাঁহনি অঞ্চল তিনি প্রকাৰৰ-

(ক) বিষুবীয় ঘাঁহনি: অতি উষ্ণ, অতি বেছি বৰষুণ হোৱা ঠাইত এনেধৰণৰ ঘাঁহনি দেখা যায়। এনে ঘাঁহনিত বিভিন্ন প্ৰজাতিৰ ঘাঁহৰ উপৰি গুল্ম আৰু কম উচ্চতাৰ বৃক্ষও কম পৰিমাণে দেখা যায়। যেনে— আফ্ৰিকাৰ চাভানা। 

(খ) নাতিশীতোষ্ণ ঘাঁহনি: জাৰকালি ঠাণ্ডা আৰু জহকালি গৰম হোৱা ঠাইৰ এঢলীয়া বা পাহাৰৰ পাদদেশত এনেধৰণৰ ঘাঁহনি দেখা যায়। যেনে— আফ্ৰিকাৰ প্ৰেইৰী অঞ্চল আৰু এছিয়াৰ এঢলীয়া ঘাঁহনি অঞ্চল। অসমতো বেছিভাগ এনেধৰণৰ ঘাঁহনি দেখা যায়।

(গ) মেৰুদেশীয় ঘাঁহনি: সুমেৰু অঞ্চলত জহকালি বৰফবোৰ গলি গ’লে ইয়াৰ কোনো কোনো ঠাইত এনেধৰণৰ ঘাঁহনি গজা দেখা যায়। এই ঘাঁহনিত কেৱল চাপৰ প্ৰজাতিৰ গছহে দেখা যায়।

অসমৰ ঘাঁহনিত বাস কৰা কেইটামান প্রাণীৰ নাম উল্লেখ কৰা হ’ল– এশিঙীয়া গঁড়, ম’হ, নল-গাহৰি, হৰিণা, খৰিয়াপহু আদি।

২২। পৌষ্টিক স্তৰ কি? বুজাই লিখা?

উত্তৰঃ খাদ্যৰ অভ্যাস অনুযায়ী প্রাণী আৰু উদ্ভিদক কিছুমান পৌষ্টিক স্তৰত  ভাগ কৰা হৈছে। খাদ্য শৃংখলৰ জৰিয়তে প্ৰাণীয়ে পৰিপুষ্টি লাভ কৰে। পৰিপুষ্টি সাধন কৰোঁতে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ শক্তিৰ পৰিবহণ হয়।

উদ্ভিদে নিজৰ খাদ্য নিজে উৎপাদন কৰে, সেয়েহে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। উদ্ভিদ প্ৰাথমিক পৌষ্টিক স্তৰৰ উৎপাদক। তৃণভোজী প্ৰাণীয়ে উদ্ভিদ খাই পৰিপুষ্টি লাভ কৰা বাবে ইহঁতক দ্বিতীয় পৌষ্টিক স্তৰত স্থান দিয়া হৈছে। তৃণভোজী প্ৰাণীয়ে উদ্ভিদ ভক্ষণ কৰি পৰিপুষ্টি সাধন কৰা বাবে সিহঁত প্ৰাথমিক উপভোক্তা হিচাপে পৰিচিত। আকৌ মাংসভোজী জীৱ-জন্তুৱে তৃণভোজী জীৱক খাই পৰিপুষ্টি লাভ কৰে। গতিকে মাংসভোজী জীৱ জন্তুক তৃতীয় পৌষ্টিক স্তৰত ধৰা হয়। এইবোৰ গৌণ উপভোক্তা। কিছুমান মাংসভোজী জীৱই কেৱল মাংসভোজী জীৱকহে খায়। সিহঁতক চতুৰ্থ বা পঞ্চম স্তৰত ধৰা হয়। পৰিস্থিতিতন্ত্রত কিছুমান প্ৰজাতিৰ জীৱে এটাতকৈ অধিক পৌষ্টিকস্তৰ অধিকাৰ কৰিব পাৰে। যেনে -‘মানুহ। মানুহে পৰিপুষ্টি সাধনৰ বাবে মাছ, মাংস, ফলমূল শাক-পাঁচলি, ভাত খায়। গতিকে মানুহে মাংসভোজী হোৱাৰ উপৰিও তৃণভোজী প্রাণী তথা উদ্ভিদ খাই জীয়াই থাকে। এনেদৰে জীৱৰ খাদ্য অণুসৰি বেলেগে বেলেগ পৌষ্টিক স্তৰত ধৰা হয়। বেক্টেৰিয়া, কাঠফুলা ভেঁকুৰ আদিক বিয়োজক জীৱ হিচাপে গণ্য কৰা হয়। ইহঁতে মৃত প্রাণী বা উদ্ভিদৰপৰা শক্তি আহৰণ কৰি জটিল জৈৱ পদাৰ্থ ভাঙি সৰল অজৈৱ পদাৰ্থলৈ ৰূপান্তৰ কৰে। মাটিৰ লগত অজৈৱ পদাৰ্থ মিহলি হোৱাৰ পিছত উদ্ভিদে সালোকসংশ্লেষণৰ সময়ত মাটিৰ পৰা পোষক দ্রব্য আহৰণ কৰি খাদ্য প্ৰস্তুত কৰে। এনেদৰে পোষকদ্ৰব্যবোৰ পৰিস্থিতি তন্ত্ৰত চক্ৰীয়ভাৱে গতি কৰি থাকে আৰু এই গতি অপৰিৱৰ্তনীয় হৈ থাকে। এনেদৰে বিভিন্ন প্রজাতিৰ জীৱ আৰু উদ্ভিদে পৰিস্থিতিতন্ত্ৰত পৰিপুষ্টি লাভ কৰি পৰিবেশ সন্তুলিত কৰি ৰাখে।

সকলো জীৱ-জস্তুৱে শ্বাস-প্রশ্বাসৰ জৰিয়তে শক্তিৰ সঞ্চালন কৰে আৰু অক্সিজেনৰ সহায়ত জৈৱিক আহাৰ হজম কৰি শক্তি সঞ্চয় কৰে। এই প্রক্ৰিয়াত কাৰ্বন-ডাই-অক্সাইড, পানী আৰু খনিজ অপচয় বাহিৰ ওলাই আহে। জীৱ-জন্তুৰ নিঃশ্বাসত ওলোৱা এঙাৰগেছ উদ্ভিদে বায়ুমণ্ডলৰপৰা গ্ৰহণ কৰে। পানী আৰু খনিজ অপচয় মাটিৰ লগত মিহলি হয়। উদ্ভিদে মাটিৰপৰা পানী গ্রহণ কৰি খাদ্য প্রস্তুত কৰে আৰু পৰিপুষ্টি সাধন কৰে। এনেদৰে পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিৱৰ্তন আৰু সঞ্চালন প্রক্ৰিয়া নিৰন্তৰভাৱে চলি আছে।

২৩। ভূ-ৰাসায়নিক চক্র কি? চমুকৈ লিখা?

উত্তৰঃ পৰিস্থিতিতন্ত্ৰত পদাৰ্থৰ পৰিবহণৰ জৰিয়তে শক্তিৰ আদান-প্রদান হয়। এই প্রক্ৰিয়া এক স্বাভাৱিক প্রক্ৰিয়া। প্ৰাথমিক উৎপাদক উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি কাৰ্বহাইডেড শ্বেতসাৰ আৰু প্রটিন উৎপাদন কৰে। তৃণভোজী জীৱই উদ্ভিদ ভক্ষণ কৰি জৈৱিক পদাৰ্থসমূহ নিজৰ দেহলৈ নি অজৈৱিক পদার্থসমূহ পৰিবেশলৈ এৰি দিয়ে। বিয়োজকে মৃত উদ্ভিদ আৰু জীৱ-জন্তুৰপৰা লাগতিয়াল দ্ৰব্য উৎপাদন কৰি মাটিৰ লগত মিহলাই দিয়ে। মাটিৰ পৰা উদ্ভিদে আকৌ তাক গ্রহণ কৰি খাদ্য উৎপাদন কৰে। এনেদৰে পৰিস্থিতিতন্ত্ৰত উৎপাদক, উপভোক্তা আৰু বিয়োজকৰ মাজত শক্তিৰ পাৰস্পৰিক আদান-প্ৰদান চলি থাকে। শক্তিৰ পৰিবহণ আৰু খনিজ পোষক দ্ৰব্যৰ আদান-প্ৰদান কোনো পোশক স্তৰত বন্ধ নহয়, বৰং চক্ৰীয় গতিত চলি থাকে। এই চক্ৰকে জৈৱ ভূ-ৰাসায়নিক চক্র বুলি কোৱা হয়।

২৪। পৰিস্থিতি বিজ্ঞান বুলি কি বুজা?

উত্তৰঃ পৰিস্থিতি বিজ্ঞান (Ecology), বিজ্ঞান শাস্ত্ৰৰেই এটা ভাগ। যদি  বিজ্ঞান বুলিলে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আদিকেই মূলতঃ বুজা যায়, সাম্প্ৰতিক কালত পৰিস্থিতিক বিজ্ঞানৰ গুৰুত্ব বহুখিনি বাঢ়ি আহিছে আৰু বহুলভাৱে চৰ্চিত বিষয় হৈ পৰিছে।

যিকোনো এটা পৰিবেশৰ জীৱসমূহ আৰু ইহঁতৰ চৌপাশৰ পৰিবেশৰ বিষয়ে কৰা অধ্যয়নকে পাৰিস্থিতিক বিজ্ঞান বুলি কোৱা হয়।

অৱশ্যে বিজ্ঞানীসকলে পৰিস্থিতিক বিজ্ঞান বা ইক’ল’জী সম্পৰ্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে।

১৮৬৯ চনত আৰ্ণেষ্ট হেকেল নামৰ জাৰ্মান বিজ্ঞানী এজনে পোন প্ৰথমবাৰৰ বাবে ইক’ল’জী শব্দটো ব্যৱহাৰ কৰিছিল। হেকেলে জীৱসমূহৰ জীয়াই থকা পৰিবেশৰ জৈৱিক অধ্যয়নকে ইক’ল’জী বুলি কৈছিল। ইক’ল’জী মূল গ্ৰীক ভাষাৰ ইক’জ (Oikos) আৰু ঔক’ছ (Logos)ৰ যুগ্ম ৰূপান্তৰ গ্ৰীক ভাষাত ঔকছৰ অৰ্থ ‘ঘৰ’ (Home) আৰু ল’গজৰ অৰ্থ বোধজ্ঞান । ইয়াৰ অৰ্থৰ ভিত্তিতেই হেকেলে জীৱৰ ঘৰ অথাৎ জীয়াই থকা পৰিবেশৰ অধ্যয়নক ইক’ল’জীৰ সূত্ৰৰূপে গ্ৰহণ কৰিছিল।

আকৌ ১৯২৭ চনত এল্টন (Elton) নামৰ পাৰিস্থিতিক বিজ্ঞানী এজনে উদ্ভিদ আৰু প্রাণীসমূহৰ বাসস্থান আৰু আচৰণৰ বিষয়ে কৰা অধ্যয়নক ইকল’জী বা পাৰিস্থিতিক বিজ্ঞানৰ সূত্ৰ হিচাপে আগবঢ়াইছিল।

সাম্প্ৰতিক কালক পাৰিস্থিতিক বিজ্ঞান এক বিশেষ তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে। বিভিন্ন পৰিবেশৰ জৈৱিক উপাদান অৰ্থাৎ জীৱসমূহৰ অৱলুপ্তি, নতুন জীৱৰ সৃষ্টি জীৱসমূহৰ প্রকৃতিৰ বিভিন্নতা আদিৰ বিষয়ে সম্যক ধাৰণা লাভৰ বাবে পাৰিস্থিতিক বিজ্ঞানৰ অধ্যয়ন অতি তাৎপৰ্যপূৰ্ণ৷ বিভিন্ন সময়ত পৃথিৱীৰ বিভিন্ন আৱিষ্কৃত জীৱাশ্মসমূহৰ পৰা সাম্প্ৰতিক কালত দুৰপ্ৰাপ্য ডাইনচ’ৰ আদিৰ দৰে প্ৰাণীসমূহৰ অৱলুপ্তিৰ কাৰনে পাৰিস্থিতিক বিজ্ঞান অধ্যয়ন অবিহনে সম্ভৱ নহয়। বৰ্তমানকালতো আন কিছুমান জীৱ-জন্তু লাহে লাহে বিলুপ্ত হৈ অহাটো পৰিলক্ষিত হয়। কোনো কোনো সময়ত উচ্চ হাৰত সামুদ্ৰিক প্রাণী মৃত্যু হোৱা দেখা যায়। আজি কেইবছৰমানৈ আগতে আমাৰ অসমতো উচ্চ হাৰত মাছৰ মৃত্যু হোৱা দেখা গৈছিল। সেইবোৰ মাছৰ কিছুমান আজিও দেখিবলৈ পোৱা নাযায়। ভৌতিক উপাদানৰ তাৰতম্যই জৈৱিক উপাদানৰ অৱলুপ্তি অথবা অতিবৃদ্ধিৰ কাৰণ হ’ব পাৰে; কিন্তু পাৰিস্থিতিক বিজ্ঞানৰ সম্যক জ্ঞান অবিহনে সেইটো ঠাৱৰ কৰা সহজ নহয়।

পাৰিস্থিতিক বিজ্ঞানৰ বিস্তৃত অধ্যয়নে জৈৱিক উপাদানসমূহৰ অনুকুল পৰিবেশ ৰচনাত বিশেষভাৱে সহায় কৰে। সেয়েহে, পাৰিস্থিতিক বিজ্ঞানৰ অধ্যয়ন তাৎপৰ্যপূৰ্ণ ।

২৫। পৰিস্থিতিতন্ত্ৰ প্ৰধান উপাদানবোৰ কি কি?

উত্তৰঃ পৰিবেশতন্ত্ৰৰ উপাংশসমূহ প্রধানকৈ দুই ধৰণৰ—

(ক) অজৈৱিক উপাংশ: অ’ডাম (১৯৭১)ৰ মতে পৰিবেশতন্ত্ৰৰ অজৈৱিক উপাংশ তিনি ধৰণৰ হ’ব পাৰে–

(১) অজৈৱ দ্রব্য যেনে– পানী CO2, O2, N, Ca, P আৰু ইয়াৰ বিভিন্ন যৌগসমূহ— নাইট্ৰেট, কাৰ্বনেট ইত্যাদি৷

(২) জৈৱ যৌগ যেনেপ্ৰ’টিন, কাৰ্বহাইড্ৰেট, স্নেহ।

(৩) জলবায়ৱিক উপাংশ যেনে— বতাহ, বৰষুণ, বায়ুমণ্ডলৰ আৰ্দ্ৰতা, উত্তাপ, পোহৰ ইত্যাদি।

(খ) জৈৱিক উপাংশ:

(১) উৎপাদক– সেউজীয়া উদ্ভিদ।

(২) উপভোক্তা।

প্ৰাথমিক উপভোক্তা: তৃণভোজী প্রাণী, যেনে— গৰু, ম’হ, ছাগলী, ফৰিং, হৰিণা ইত্যাদি।

গৌণ উপভোক্তা: মাংসভোজী প্রাণী, যেনে– বাঘ, সিংহ আদি।

তৃতীয় শ্রেণীৰ উপভোক্তা: শগুণ, বাঘ আদি।

(৩) বিয়োজক— ভেঁকুৰ, বেক্টেৰিয়া আদি অণুজীৱবোৰ।

২৬। পৰিস্থিতিতন্ত্ৰৰ পিৰামিড কি?

উত্তৰঃ যেতিয়া কোনো এটা পৰিস্থিতিতন্ত্ৰ উৎপাদকৰ পৰা আৰম্ভ কৰি একাদিক্ৰমে বিভিন্ন পৌষ্টিক স্তৰৰ গঠন আৰু কাম লেখ চিত্ৰত প্রকাশ কৰা হয় তেতিয়া এই শীৰ্ষ বিন্দু পোৱা যায়। এই লেখচিত্ৰবোৰেই পিৰামিড ৷ 

ইহঁতক তিনিটা ভাগত ভগাব পাৰি–

(ক) সাংখ্যিক পিৰামিড: ই স্বতন্ত্ৰভাৱে কোনো জীৱৰ পৌষ্টিক স্তৰত সংখ্যা দিয়ে।

(খ) জৈৱ ভৰ: ই প্রত্যেক পৌষ্টিক স্তৰত থকা মুঠ জৈৱ ভৰৰ ওপৰত নিৰ্ভৰশীল ৷

(গ) শক্তিৰ পিৰামিড: প্রত্যেক স্তৰত কিমান শক্তি আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি এই পিৰামিড অঁকা হয়।

২৭। সূৰ্য — ঘাঁহ — গৰু — বাঘ খাদ্য শৃংখলটো কি? বুজাই লিখা?

উত্তৰঃ সূৰ্য — ঘাঁহ — গৰু — বাঘ— এইটো এটা চাৰিটা খাদ্য শিকলিৰে গঠিত শৃংখল। এই শৃংখলত সূৰ্য হ’ল শক্তিৰ উৎস। সূৰ্যৰ পৰা ঘাঁহ-বনে শক্তি লাভ কৰি পৰিপুষ্টি সাধন কৰে। গৰুৱে ঘাঁহ খাই শক্তি আহৰণ কৰে। বাঘে গৰু খাই শক্তি লাভ কৰে। ইয়াত ঘাঁহ-বন হৈছে উৎপাদক আৰু গৰু তৃণভোজী অৰ্থাৎ প্ৰাথমিক উপভোক্তা । বাঘ মাংসভোজী জীৱ অথবা গৌণ উপভোক্তা। সূৰ্যৰ পৰা সালোক সংশ্লেষণৰ দ্বাৰা উদ্ভিদে সৌৰশক্তি লাভ কৰে। উদ্ভিদৰপৰা গৰুলৈ শক্তিৰ পৰিবহণ হয়। গৰুৰ মাংস খোৱা বাবে বাঘৰ দেহলৈ শক্তিৰ এটা অংশ পৰিবহণ হয়। এনেদৰে খাদ্য শৃংখলটো সম্পূৰ্ণ হৈছে। তেনেদৰে আন এটা খাদ্য শৃংখল হ’ল–

সূৰ্য — ধান — এন্দুৰ — সাপ — ঈগল চৰাই।

২৮। খাদ্য শৃংখল আৰু খাদ্যজাল কি?

উত্তৰঃ খাদ্যশৃংখল আৰু খাদ্যজালে তন্তু এটাত মুখ্য ভূমিকা লয়, কিয়নো শক্তিৰ প্রবাহ আৰু খনিজ লৱণৰ চক্ৰাকাৰ চলন ইহঁতৰ দ্বাৰাই সংগঠিত হয়।

খাদ্যশৃংখলে ভিন ভিন জীৱৰ জনসংখ্যাও নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে, ফলত তন্ত্ৰটো এটা সাম্য অৱস্থাত থাকে।

খাদ্যশৃংখলে দেখুওৱা একক ধৰ্মটো হ’ল কেতবোৰ ৰাসায়নিক পদাৰ্থৰ জৈৱিক পৰিবৰ্ধন। বহুতো কীটনাশক, গধুৰ ধাতু আৰু অন্য ৰাসায়নিক পদাৰ্থ আছে যিবোৰ জৈৱিক অৱনমিত নহয়। তেনেবোৰ ৰাসায়নিক পদাৰ্থক অণুজীৱয়ে ভাঙিব নোৱাৰে আৰু, সেইবোৰ এটা পৌষ্টিক স্তৰৰ পৰা আন এটালৈ প্রবাহিত হৈ থাকে ফলত ইহঁতৰ গাঢ়তা বাঢ়ে। এইটোৱেই জৈৱিক পৰিবৰ্ধনকৰণ। 

২৯। পৰিস্থিতিতন্ত্র বুলিলে কি বুজা? ইয়াৰ উপাদানসমূহৰ বিষয়ে বহলাই লিখা? 

উত্তৰঃ পৰিবেশতন্ত্ৰ [ecosystem) শব্দটো প্রথমে Tansley য়ে ১৯৫৩ চনত ব্যৱহাৰ কৰে। পৰিবেশতন্ত্ৰক জীৱ আৰু জড়ৰ মাজত পাৰস্পৰিক সম্পৰ্ক থকা বাস্তব্য বিদ্যাৰ কাৰ্যক্ষম একক হিচাপে ধৰা হয়। বিভিন্ন পৰিবেশত বিভিন্ন ধৰণৰ প্রাণী আৰু উদ্ভিদ বাস কৰে। পৰিবেশৰ লগত জীৱৰ এৰাব নোৱৰা সম্বন্ধ স্থাপন হয়। একোটা পৰিবেশত থকা জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ মাজত পাৰস্পৰিক ক্ৰিয়া-প্রক্ৰিয়াৰ ফলত সেই পৰিবেশত জীৱসমূহ জীয়াই থকাৰ বাবে এক অনুকূল পৰিবেশ গঢ়ি উঠে। এই পৰিৱেশৰ কোনো নিৰ্দিষ্ট সীমা নাথাকে। প্রাণীবোৰ খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদবোৰে নিজে খাদ্য প্ৰস্তুত কৰে যদিও ইয়াৰ বাবে প্ৰয়োজন হোৱা আৱশ্যকীয় উপাদানসমূহ যেনে– পানী, খনিজ লৱণ, কাৰ্বন-ডাই অক্সইড, পোহৰ আদি পৰিবেশৰ পৰা আহৰণ কৰে। 

উদ্ভিদে পৰিবেশত থকা অজৈৱিক দ্রব্যৰ পৰা প্রস্তুত কৰা খাদ্য (জৈৱ দ্রব্য) প্রাণীয়ে গ্ৰহণ কৰে। প্রাণীয়ে ত্যাগ কৰা মল-মূত্ৰ আৰু মৃত্যুৰ পাছত উদ্ভিদ আৰু প্রাণীৰ দেহাৱশেষ বিভিন্ন অণুজীৱৰ (বেক্টেৰিয়া, ভেঁকুৰ আদি) ক্ৰিয়াৰ ফলত গেলি-পচি জৈৱ দ্রব্যৰ পৰা আকৌ অজৈৱ দ্রব্য হিচাপে মাটিলৈ ‘অৰ্থাৎ পৰিবেশলৈ ঘূৰি আহে। উদ্ভিদ, প্রাণী, জীৱাণু আদি জৈৱ আৰু মাটি, বায়ু, পানী, পোহৰ আদি অজৈৱ কাৰকসমূহ সমূহীয়া পাৰস্পৰিক ক্ৰিয়াৰ ফলত এক উমৈহতীয়া পৰিবেশ সৃষ্টি হয়। ইয়াত উৎপাদক (সেউজীয়া উদ্ভিদ) আৰু উপভোক্তা (প্ৰাণী)ৰ মাজত পৰস্পৰ নিৰ্ভৰতা ৰক্ষা হয় আৰু প্ৰত্যেকেই শক্তি প্রবাহৰ এনাজৰিৰে বান্ধ খাই থাকে এনে পৰিবেশত অজৈৱিক আৰু জৈৱিক কাৰকসমূহে এনেভাৱে পৰস্পৰে ক্ৰিয়া কৰে যে অজৈৱিক উপাদানসমূহ জৈৱ উপাদানলৈ ৰূপান্তৰিত হৈও পাছত আকৌ অজৈৱ উপাদানলৈ পৰিৱৰ্তিত হয়। সেউজীয়া উদ্ভিদে সূৰ্যৰ পৰা আহৰণ কৰা সৌৰশক্তি উৎপন্ন কৰা খাদ্য দ্ৰব্যত নিহিত থাকে আৰু এই শক্তি খাদ্য দ্ৰব্যৰ  জৰিয়তে স্তৰে স্তৰে প্ৰবাহিত হয়। কিন্তু নিঃশেষ হৈ নাযায়। শক্তি প্ৰবাহৰ ক্ষেত্ৰত পৰিৱেশত থকা উৎপাদক আৰু উপভোক্তাৰ মাজত সমন্ধয় গড়ি উঠে। 

একোটা পৰিৱেশত অজৈৱিক, জৈৱিক আৰু শক্তি (সৌৰ শক্তি) এই তিনিওটা এনেভাৱে ক্ৰিয়া কৰে যে এটাই আনটোৰ নিয়ন্ত্ৰিত কৰি ৰাখে যাতে কোনো  এটায়ো শক্তিৰ অপব্যৱহাৰ নকৰে। এনেধৰণৰ আত্মনিৰ্ভৰশীল আৰু স্বতন্ত্ৰ পৰিৱেশ একোটাক পৰিৱেশতন্ত্ৰ বোলা হয়। অৰ্থাৎ পৰিৱেশতন্ত্ৰ বুলিলে পৰিবেশত থকা জৈৱ আৰু অজৈৱ উপাদানসমূহৰ পাৰস্পৰিক ক্ৰিয়া-প্রক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা আত্মনিৰ্ভৰশীল, স্বতন্ত্ৰ আৰু প্রয়োজন অনুসৰি অভিযোজন ক্ষমতা থকা একোটা পৰিবেশক বুজায়। এয়াই পৰিস্থিতিতন্ত্ৰ।

উৎপাদক:

উৎপাদকবিলাক হৈছে সেউজীয়া উদ্ভিদসমূহ। এই উদ্ভিদসমূহত হৰিৎকণা নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে। হৰিৎকণাৰ সহায়ত ইহঁতে সূৰ্যৰ পোহৰৰ সহায়ত অজৈৱিক পদাৰ্থৰ (পদাৰ্থ আৰু এঙাৰ গেছ) পৰা শ্বেতসাৰ নামৰ মূল শক্তিদায়ক খাদ্য উৎপন্ন কৰিব পাৰে। এইধৰণৰ উদ্ভিদসমূহে নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব পাৰে বাবে ইহঁতক স্ব-পোষী উদ্ভিদ বোলা হয়। স্ব-পোষী উদ্ভিদসমূহ দুই ধৰণৰ হ’ব পাৰে। 

(১) শিপাযুক্ত গছগছনিসমূহ আৰু ওপঙি থকা উদ্ভিদসমূহ। 

(২) ক্ষুদ্ৰাকৃতিৰ ভাসমান উদ্ভিদসমূহ বা উদ্ভিদ প্লাৱকসমূহ।

উৎপাদকসমূহে সাধাৰণতে সালোক সংশ্লেষণৰ সহায়ত শ্বেতসাৰ জাতীয় খাদ্য উৎপাদন কৰে। শ্বেতসাৰৰ উপৰি উৎপাদকসমূহে এমিন’এছিদ, মাংসসাৰ বা আন লাগতিয়াল বস্তু কিছুমানো সংশ্লেষণ কৰে।

উদ্ভিদবোৰৰ উপৰি কিছুমান বেক্টেৰিয়ায়ো উৎপাদক হিচাপে কাম কৰে। ইয়াৰে কিছুমানে সালোক সংশ্লেষণৰ জৰিয়তে খাদ্য উৎপন্ন কৰে কিন্তু আন সেউজীয়া উদ্ভিদৰ দৰে ইহঁতে অক্সিজেন/অম্লজান উৎপন্ন নকৰে। আৰু ইহঁতে অম্লজানৰ অনুপস্থিতিতো জীয়াই থাকিব পাৰে। আন কিছুমান বেক্টেৰিয়াই আকৌ কিছুমান অজৈৱিক ৰাসায়নিক পদাৰ্থৰপৰা (যেনে— এম’নিয়া, নাইট্ৰ’জেন, ছালফাইড ইত্যাদি)। এই বেক্টেৰিয়াসমূহ অক্সিজেনৰ উপস্থিত বা অনুপস্থিতো জীয়াই থাকিব পাৰে।

উপভোক্তা:

উপভোক্তাসমূহ পৰপোষী জীৱ। ইহঁতৰ বেছিভাগেই প্রাণী আৰু ইহঁতে আন জীৱ বা সেই জীৱবিলাকে সংশেষণ কৰা জৈৱিক পদাৰ্থ ভক্ষণ কৰি জীয়াই থাকে। খাদ্যভাসৰ ওপৰত নিৰ্ভৰ কৰি উপভোক্তা প্ৰাণীসমূহ দুটা ভাগত ভগাব পাৰি । সেই ভাগ দুটা হল – তৃণভোজী আৰু মাংসভোজী।

তৃণভোজী প্রাণীসমূহে উৎপাদক গোষ্ঠীসমূহৰ পৰা প্ৰত্যক্ষভাৱে খাদ্য আহৰণ কৰে। জলজ পৰিবেশতন্ত্ৰৰ এই তৃণভোজী প্ৰাণীসমূহ দুই ধৰণৰ–প্ৰাণী প্লাৱক আৰু পানীৰ তলিত বাস কৰা প্রাণীসমূহ। এই পৰিবেশৰ মুখ্য পোষক প্ৰাণীসমূহ হ’ল– আদ্যপ্রাণী, শামুকজাতীয় প্ৰাণীসমূহ, মাছ ইত্যাদিবিলাকে উৎপাদকসমূহ ভক্ষণ কৰে। আনহাতে, স্থলভাগৰ পৰিৱেশতন্ত্ৰৰ মুখ্য  পোষকবিলাক হৈছে বিভিন্ন তৃণভোজী জন্তুসমূহ, পতংগ ইত্যাদি। আনহাতে মাংসভোজী প্ৰাণীসমূহে  মুখ্য পোষক প্ৰাণীসমূহক ভক্ষণ কৰে আৰু সিহঁতৰ দেহটোক খাদ্য হিচাপে ব্যৱহাৰ কৰে। ইহঁতক গৌণ পোষক বোলে। এই গৌণ পোষকবোৰক তৃতীয় এক শ্ৰেণীৰ প্রাণীয়ে খাদ্য হিচাপে ভক্ষণ কৰিব পাৰে। আনহাতে মানুহৰ নিচিনা কিছুমান সৰ্বভক্ষী প্ৰাণীয়ে গোটেই শ্ৰেণীৰ ভূমিকা ল’ব পাৰে। কিয়নো ইহঁতে মাংসভোজী, তৃণভোজী উভয় জীৱকে ভক্ষণ কৰাৰ উপৰি উদ্ভিদজাত সামগ্ৰীবোৰো ভক্ষণ কৰে।

বিয়োজক: 

এই জীৱসমূহে উৎপাদক আৰু পোষক শ্ৰেণীৰ প্রাণীসমূহৰ মৃত শৰীৰৰ বিভিন্ন জটিল যৌগসমূহ ভাঙি পেলাই কিছু অংশ সৰল উপাদান হিচাপে উৎপাদক শ্ৰেণীৰ বাবে গ্ৰহণযোগ্য কৰি তোলে। লগতে নিজৰ পুষ্টি আহৰণ কৰে। বিভিন্ন বেক্টেৰিয়া, ভেঁকুৰ আদি বিয়োজক শ্ৰেণীৰ জীৱ।

পুখুৰীৰ পানীত আৰু তলিত থকা বোকাত নানা ধৰণৰ বিয়োজক (বেক্টেৰিয়া, ভেঁকুৰ)যথেষ্ট পৰিমাণে থাকে। পুখুৰীত থকা উৎপাদৰ আৰু উপভোক্তাবিলাকৰ মৃত্যুৰ পাছত বিয়োজকবোৰো সিহঁতৰ দেহ পচন ঘটাই তাৰ পৰা খাদ্য সংগ্ৰহ কৰে।

এটা পৰিস্থিতিতন্ত্ৰত ওপৰৰ সকলো জৈৱিক কাৰকেই বৰ্তি থাকে। কেতিয়াবা কেতিয়াবা কেতবোৰত মৌলিক উৎপাদক প্রবল (যেনে–অৰণ্যত কৃষি পৰিস্থিতিতন্ত্ৰ), আনহাতে আন কেতবোৰত বিয়োজক প্রবল (সাগৰৰ তলিত)।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top