ASOS Class 12 Psychology Chapter 35 ক্রীড়াকেন্দ্ৰত পিতৃ-মাতৃ আৰু সম্প্ৰদায়ৰ অংশগ্রহণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 35 ক্রীড়াকেন্দ্ৰত পিতৃ-মাতৃ আৰু সম্প্ৰদায়ৰ অংশগ্রহণ and select needs one.
ASOS Class 12 Psychology Chapter 35 ক্রীড়াকেন্দ্ৰত পিতৃ-মাতৃ আৰু সম্প্ৰদায়ৰ অংশগ্রহণ
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 35 ক্রীড়াকেন্দ্ৰত পিতৃ-মাতৃ আৰু সম্প্ৰদায়ৰ অংশগ্রহণ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.
ক্রীড়াকেন্দ্ৰত পিতৃ-মাতৃ আৰু সম্প্ৰদায়ৰ অংশগ্রহণ
Chapter : 35
35.1 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ
১। খালী ঠাই পূৰণ কৰা:
(ক) শিশুৰ বিকাশত প্ৰথম আৰু অধিক তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰে _____।
উত্তৰঃ শিশুৰ বিকাশত প্ৰথম আৰু অধিক তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰে পিতৃ-মাতৃয়ে।
(খ) শিক্ষা পদ্ধতিৰ নতুন ধাৰাসমূহ অভিভাৱকক ভালদৰে অৱগত কৰাব পাৰে ____।
উত্তৰঃ শিক্ষা পদ্ধতিৰ নতুন ধাৰাসমূহ অভিভাৱকক ভালদৰে অৱগত কৰাব পাৰে শিক্ষকক।
(গ) শিশুৰ লগত আচৰণ প্ৰদৰ্শন কৰোঁতে শিক্ষকে ____ মনোভাব দেখুৱাব লাগে।
উত্তৰঃ শিশুৰ লগত আচৰণ প্ৰদৰ্শন কৰোঁতে শিক্ষকে যোগাত্মক মনোভাব দেখুৱাব লাগে।
(ঘ) শিক্ষকে অভিভাৱকৰ প্ৰতি যথোচিত _____ প্ৰদৰ্শন কৰিব লাগে।
উত্তৰঃ শিক্ষকে অভিভাৱকৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন কৰিব লাগে।
২। তলত দিয়া প্ৰশ্নসমূহৰ এটা শব্দত উত্তৰ লিখা–
(ক) শিশুৰ সমাজীকৰণৰ প্ৰথম মাধ্যমটোৰ নাম লিখা।
উত্তৰঃ পিতৃ-মাতৃ।
(খ) শিশুক কোনে আটাইতকৈ ভালদৰে বুজিব পাৰে?
উত্তৰঃ পিতৃ-মাতৃ।
(গ) শিশু এটাৰ অনুভূতি আৰু গুণক (দক্ষতাক) কোনে প্ৰকাশ কৰাব পাৰে?
উত্তৰঃ শিক্ষকে।
(ঘ) অভিভাৱকৰ লগত তুমি যেতিয়া শিশুটো সম্পর্কে আলোচনা কৰিব খুজিবা তেতিয়া কাক ওচৰৰ পৰা পঠিয়াই দিব লাগে?
উত্তৰঃ শিশুটোক।
35.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
১। খালী ঠাই পূৰণ কৰা:
(ক) শিশুৰ বাবে দ্বিতীয় অভিভাৱক হৈছে _____।
উত্তৰঃ শিশুৰ বাবে দ্বিতীয় অভিভাৱক হৈছে শিক্ষক।
(খ) শিশুটোৰ ঘৰৰ আন্তৰিক _____ অবিহনে শিক্ষকে তাক /তাইক ভালদৰে বুজি উঠিব নোৱাৰে।
উত্তৰঃ শিশুটোৰ ঘৰৰ আন্তৰিক জ্ঞান অবিহনে শিক্ষকে তাকযতাইক ভালদৰে বুজি উঠিব নোৱাৰে।
(গ) ____ য়ে শিশুৰ ঘৰুৱা জীৱন সম্বন্ধে ভাল খা-খবৰ দিয়ে।
উত্তৰঃ গৃহ-দর্শনে য়ে শিশুৰ ঘৰুৱা জীৱন সম্বন্ধে ভাল খা-খবৰ দিয়ে।
(ঘ) অভিভাৱক সভা _____ কৈ অনুষ্ঠিত হ’ব লাগে।
উত্তৰঃ অভিভাৱক সভা নিয়মিতভাৱে অনুষ্ঠিত হ’ব লাগে।
(ঙ) ক্রীড়াকেন্দ্ৰ গৃহৰ মাজৰ সম্পৰ্ক অধিক ফলবতী হ’বলৈ শিক্ষকে _____ জড়িত কৰাবই লাগিব।
উত্তৰঃ ক্রীড়াকেন্দ্ৰ-গৃহৰ মাজৰ সম্পৰ্ক অধিক ফলৱতী হ’বলৈ শিক্ষকে পিতৃ-মাতৃক জড়িত কৰাবই লাগিব।
২। শিক্ষক-অভিভাৱক জড়িতকৰণৰ বিভিন্ন পদ্ধতিসমূহ লিখা।
উত্তৰঃ ক্রীড়া কেন্দ্ৰ এটাৰ তত্ত্বাবধায়ক বা শিক্ষক গৰাকী দ্বিতীয় অভাৱকস্বৰূপ। সেয়েহে অভিভাৱকৰ লগত তেওঁৰ সম্পৰ্ক শক্তিশালী আৰু পাৰস্পৰিক সন্মানবোধৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব। শিশুগৰাকীয়ে উমৈহতীয়া আগ্রহ পূৰণৰ বাবে শিক্ষক আৰু অভিভাৱকক একেলগে বিচাৰে।
সেয়েহে ক্রীড়া কেন্দ্ৰ ঘৰ এখনৰ প্ৰয়োজন পূৰণ কৰা পৰিৱৰ্তিত ৰূপৰ ঘৰ এখন হিচাপে চিহ্নিত হ’ব লাগে। এনে কাৰণতে অভিভাৱকৰ বাবে যি কাৰ্যসূচী থাকে ক্রীড়াকেন্দ্ৰ এটাৰ বাবে তেনে কাৰ্যসূচী এক দৰকাৰী দিশ। ক্রীড়া কেন্দ্রসমূহ যিমানেই কার্যদক্ষ নহওঁক কিয় অভিভাৱকৰ লগত সুসম্পৰ্ক নাৰাখিলে কেতিয়াও শিশুৰ সৰ্বোচ্চ বিকাশত উপনীত হ’ব নোৱাৰে।
ক্রীড়া কেন্দ্ৰত অভিভাৱকৰ অংশগ্ৰহণৰ সুবিধা বা পৰিসৰ:
অভিভাৱকৰ অংশগ্রহণ হৈছে এক প্ৰক্ৰিয়া যাব জৰিয়তে ক্রীড়াকেন্দ্ৰত অভিভাৱকৰ অংশ গ্ৰহণ, তেওঁলোকৰ সবলতা, সম্ভাৱনা, দক্ষতা আদি জনাত সহায় আগবঢ়োৱা আৰু তেওঁলোকক কল্যাণৰ (শিশুৰ) স্বাৰ্থত ব্যৱহাৰ কৰাকে বুজোৱা হয়।
ক্রীড়াকেন্দ্ৰত অভিভাৱকৰ জড়িতকৰণ বা অংশ গ্রহণে এইধৰণে সহায় কৰে—
(১) ভাতাধাৰীৰ বিষয়-কৰ্মচাৰী যোগান ধৰি ক্ৰীড়া কেন্দ্ৰৰ বাজেটৰ আৰ্থিক দিশত সকা দিয়ে।
(২) অভিভাৱকৰ সহায়ত শিক্ষকে অধিক অর্থপূৰ্ণ আৰু ব্যক্তিকেন্দ্রিক খেল-ধেমালিৰ কাৰ্য হাতত ল’ব পাৰে।
(৩) শিশুৰ প্ৰতি অভিভাৱকৰ ভূমিকা অধিক ফলৱৰ্তী কৰি তুলিবলৈ তেওঁলোকে নতুন দিশ আৰু পদ্ধতি শিকিব পাৰে।
শিক্ষক-অভিভাবক জড়িতকৰণৰ বিভিন্ন পদ্ধতিসমূহ:
(ক) আনুষ্ঠানিক কথা-বতৰা: অভিভাৱকসকলে নিজ নিজ সন্তানক ৰাতিপুৱা ক্রীড়াকেন্দ্ৰত থ’বলৈ আহোতে আৰু আবেলি কেন্দ্ৰ পৰা নিবলৈ আহোতে শিক্ষক গৰাকীয়ে তেওঁলোকৰ লগত সাধাৰণ কথা-বতৰা পাতিব পাৰে। এই ধৰণৰ অনানুষ্ঠানিক কথা-বতৰাই শিক্ষক-অভিভাৱকৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলে।
(খ) অভিভাৱক সভা: নিয়মিত অভিভাৱক সভাই ক্রীড়া কেন্দ্ৰৰ উদ্দেশ্য, কাৰ্যাৱলী, মূল্যায়ন আদিসম্পর্কে অভিভাৱকসকলক আনুষ্ঠানিক আৰু অনানুষ্ঠানিক উভয় ধৰণে জনাত সহায় কৰে। অভিভাৱক সভাৰ জৰিয়তে ভাষণ, নিদর্শন, আলোচনা চক্ৰ আৰু বিভিন্ন আহিলা পাতি যেনে চিনেমা, কেছেট, কিতাপ, মডেল, প্রদর্শনী, পুতলা নাচ আদিৰ দ্বাৰা তেওঁলোকক বিভিন্ন ধৰণে শিক্ষা দিব পাৰি।
(গ) সামাজিক কার্য: বনভোজ নাইবা ক্ষেত্র ভিত্তিক ভ্রমণ সন্তানৰ লগত অভিভাৱকো গলে শিক্ষক তথা অন্য অভিভাৱকৰ লগত মিলামিছা, বন্ধুত্ব আৰু বান্ধোন গঢ়ি তুলিবলৈ সহজ হয়। এনেকুৱা পৰিস্থিতিত বহুতো মাতৃয়ে শিশুক চোৱাচিতা কৰাত শিক্ষক গৰাকীক সহায় কৰিবলৈও আগবাঢ়ি আহে। এই ধৰণৰ প্রাথমিক অভিজ্ঞতাৰ দ্বাৰা তেওঁলোকে শিশুৰ অনুসন্ধিৎসু মনৰ হেঁপাহ আৰু সৃষ্টিশীল প্রতিভা কিদৰে পূৰণ আৰু বিকাশ কৰিব পাৰি তাকো শিকিব পাৰে। ক্রীড়া কেন্দ্ৰৰ খেলধেমালি আৰু বিভিন্ন উৎসসমূহ এনেধৰণে আয়োজন কৰিব লাগে যাতে শিশু আৰু অভিভাৱক উভয়ে সেইবোৰ কৰিব পাৰে।
(ঘ) গৃহ দর্শন বা গৃহপৰিদর্শন: শিশুটো সম্পর্কে প্রয়োজনীয় খা-খবৰ সংগ্ৰহকৰাৰ এটা গুৰুত্বপূৰ্ণ উপায় হৈছে গৃহদৰ্শন (পৰিদৰ্শন)। শিক্ষকে অভিভাৱকৰ লগত দিন এটা ঠিক কৰি তেওঁলোকৰ ঘৰলৈ যায়। শিশুটোৰ ঘৰখনৰ পৰিবেশ ভালদৰে হৃদয়ঙ্গম কৰি শিক্ষক গৰাকীয়ে শিশুটোক উপযুক্তভাৱে সহায় কৰে।
(ঙ) অভিভাৱকৰ শিক্ষা: অভিভাৱকসকলোকো বিভিন্ন দিশত জ্ঞান আৰু দক্ষতা প্ৰদান কৰাৰ উদ্দেশ্যে প্রতিমাহত এবা নতুবা প্রতি দুমাহত এবাৰকৈ ক্রীড়াকেন্দ্ৰত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে এই উদ্দেশ্যে আয়োজন কৰা শ্ৰেণীসমূহ /সভাসমূহ অভিভাৱকৰ পছন্দ অনুযায়ী কৰিব লাগে। প্ৰতিষেধকৰণ, শাৰীৰিক সুষ্কতা দূৰীকৰণৰ বাবে মৌখিক ব্যৱস্থা, শিশুৰ বাবে সাধু, পেলনীয়া সামগ্ৰীৰ পৰা পুতলা বনোৱা ইত্যাদিৰ সম্বন্ধে শ্ৰেণীবোৰ হ’লে অভিভাৱকসকল উপকৃত হ’ব পাৰে।
(চ) ব্যক্তিগত আলোচনা: কিছুমান অভিভাৱকে নিজ সন্তানৰ কথা মুকলিকৈ সভাত আলোচনা কৰিবলৈ সংকোচ ৰোধ কৰিব পাৰে কিন্তু শিক্ষক গৰাকীৰ লগত ব্যক্তিগতভাৱে বিনাসংকোচে আলোচনা কৰিব পাৰে। এই ধৰণৰ অভিভাৱকক শিক্ষক গৰাকীয়ে ব্যক্তিগত আলোচনাৰ সুযোগ দিব লাগে যাতে শিশুটোৰ কোনো সমস্যা বুজাত বা বিকাশ সম্বন্ধীয় দিশৰ প্ৰতি শিক্ষকে মনোযোগ দিব পাৰে। এনেকুৱা ব্যক্তিগত আলোচনা বৰ বেছি পৰিকল্পিত বা একেবাৰে মামুলি ধৰণৰ হ’ব নালাগে।
35.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
১। খালী ঠাই পূৰণ কৰাঃ
(ক) ক্রিয়া কেন্দ্ৰ এটাত অভিভাৱকে _____ ক সহায় কৰিব পাৰে।
উত্তৰঃ ক্ৰিয়া কেন্দ্ৰ এটাত অভিভাৱকে শিক্ষকক সহায় কৰিব পাৰে।
(খ) স্থানীয় সম্প্ৰদায়ৰ অংশ গ্ৰহণ প্ৰতিফলিত হয় থলুৱা সম্পদৰ _____ ত।
উত্তৰঃ স্থানীয় সম্প্ৰদায়ৰ অংশ গ্ৰহণ প্রতিফলিত হয় থলুৱা সম্পদৰ প্রস্তুতি বা সাজুকৰণ (Mobilization)।
(গ) সম্প্রদায়ে খেতি চপোৱাৰ সময়ত _____ আৰু _____ যোগান ধৰিব পাৰে।
উত্তৰঃ সম্প্রদায়ে খেতি চপোৱাৰ সময়ত শস্যজাতীয় আৰু মাহজাতীয় যোগান ধৰিব পাৰে।
(ঘ) _____ হৈছে পঞ্জীয়নভুক্ত মহিলাৰ সংগঠন।
উত্তৰঃ মণ্ডল হৈছে পঞ্জীয়নভুক্ত মহিলাৰ সংগঠন।
২। শুদ্ধ নে অশুদ্ধ কোৱা:
(ক) ক্রীড়া কেন্দ্র এটা সংগঠনৰ ক্ষেত্ৰত সমাজৰ সহায় কোনো ধৰণৰ নিৰাপদ কাৰক নহয়। শুদ্ধ /অশুদ্ধ
উত্তৰঃ অশুদ্ধ।
(খ) সম্প্ৰদায়ৰ অংশগ্ৰহণৰ ক্ষেত্ৰত মহিলা মণ্ডলসমূহ অধিক কার্যশীল হ’ব পাৰে। শুদ্ধ /অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(গ) ক্রীড়া কেন্দ্ৰত ফুলনিৰ (বাগিছা) বর্ধন সম্পূৰ্ণৰূপে সম্প্ৰদায়ৰ এক প্ৰচেষ্টা হ’ব পাৰে। শুদ্ধ /অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(ঘ) সম্প্রদায়ে পুৰণি টায়াৰ, কাঠৰ খুটা আদি ক্রীড়া কেন্দ্ৰক যোগান ধৰিব পাৰে। শুদ্ধ /অশুদ্ধ
উত্তৰঃ শুদ্ধ।
পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ
১। ক্রীড়া কেন্দ্ৰত গ্ৰহণ কৰিব পৰাকৈ অভিভাৱকৰ অংশগ্রহণ প্ৰক্ৰিয়াৰ বিভিন্ন পদ্ধতিসমূহৰ তালিকা এখন প্রস্তুত কবি বর্ণনা কৰা।
উত্তৰঃ ক্রীড়া কেন্দ্ৰত গ্ৰহণ কৰিব পৰাকৈ অভিভাৱকৰ অংশগ্রহণ প্ৰক্ৰিয়াৰ বিভিন্ন পদ্ধতিসমূহ:
(ক) আনুষ্ঠানিক কথা-বতৰা: অভিভাৱকসকলে নিজ নিজ সন্তানক ৰাতিপুৱা ক্রীড়াকেন্দ্ৰত থ’বলৈ আহোতে আৰু আবেলি কেন্দ্ৰ পৰা নিবলৈ আহোতে শিক্ষক গৰাকীয়ে তেওঁলোকৰ লগত সাধাৰণ কথা-বতৰা পাতিব পাৰে। এই ধৰণৰ অনানুষ্ঠানিক কথা-বতৰাই শিক্ষক-অভিভাৱকৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলে।
(খ) অভিভাৱক সভা: নিয়মিত অভিভাৱক সভাই ক্রীড়া কেন্দ্ৰৰ উদ্দেশ্য, কার্যাৱলী, মূল্যায়ন আদিসম্পর্কে অভিভাৱকসকলক আনুষ্ঠানিক আৰু অনানুষ্ঠানিক উভয় ধৰণে জনাত সহায় কৰে। অভিভাৱক সভাৰ জৰিয়তে ভাষণ, নিদর্শন, আলোচনা চক্ৰ আৰু বিভিন্ন আহিলা পাতি যেনে চিনেমা, কেছেট, কিতাপ, মডেল, প্রদর্শনী, পুতলা নাচ আদিৰ দ্বাৰা তেওঁলোকক বিভিন্ন ধৰণে শিক্ষা দিব পাৰি।
(গ) সামাজিক কার্য: বনভোজ নাইবা ক্ষেত্র ভিত্তিক ভ্ৰমণ সন্তানৰ লগত অভিভাৱকো গলে শিক্ষক তথা অন্য অভিভাৱকৰ লগত মিলামিছা, বন্ধুত্ব আৰু বান্ধোন গঢ়ি তুলিবলৈ সহজ হয়। এনেকুৱা পৰিস্থিতিত বহুতো মাতৃয়ে শিশুক চোৱাচিতা কৰাত শিক্ষক গৰাকীক সহায় কৰিবলৈও আগবাঢ়ি আহে। এই ধৰণৰ প্রাথমিক অভিজ্ঞতাৰ দ্বাৰা তেওঁলোকে শিশুৰ অনুসন্ধিৎসু মনৰ হেঁপাহ আৰু সৃষ্টিশীল প্রতিভা কিদৰে পূৰণ আৰু বিকাশ কৰিব পাৰি তাকো শিকিব পাৰে। ক্রীড়া কেন্দ্ৰৰ খেলধেমালি আৰু বিভিন্ন উৎসসমূহ এনেধৰণে আয়োজন কৰিব লাগে যাতে শিশু আৰু অভিভাৱক উভয়ে সেইবোৰ কৰিব পাৰে।
(ঘ) গৃহ দৰ্শন বা গৃহপৰিদৰ্শন: শিশুটো সম্পৰ্কে প্ৰয়োজনীয় খা-খবৰ সংগ্ৰহকৰাৰ এটা গুৰুত্বপূৰ্ণ উপায় হৈছে গৃহদৰ্শন (পৰিদৰ্শন)। শিক্ষকে অভিভাৱকৰ লগত দিন এটা ঠিক কৰি তেওঁলোকৰ ঘৰলৈ যায়। শিশুটোৰ ঘৰখনৰ পৰিবেশ ভালদৰে হৃদয়ঙ্গম কৰি শিক্ষক গৰাকীয়ে শিশুটোক উপযুক্তভাৱে সহায় কৰে।
(ঙ) অভিভাৱকৰ শিক্ষা: অভিভাৱকসকলোকো বিভিন্ন দিশত জ্ঞান আৰু দক্ষতা প্ৰদান কৰাৰ উদ্দেশ্যে প্রতিমাহত এবা নতুবা প্ৰতি দুমাহত এবাৰকৈ ক্রীড়াকেন্দ্ৰত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই উদ্দেশ্যে আয়োজন কৰা শ্ৰেণীসমূহ /সভাসমূহ অভিভাৱকৰ পছন্দ অনুযায়ী কৰিব লাগে। প্রতিষেধকৰণ, শাৰীৰিক সুষ্কতা দূৰীকৰণৰ বাবে মৌখিক ব্যৱস্থা, শিশুৰ বাবে সাধু, পেলনীয়া সামগ্ৰীৰ পৰা পুতলা বনোৱা ইত্যাদিব সম্বন্ধে শ্রেণীবোৰ হ’লে অভিভাৱকসকল উপকৃত হ’ব পাৰে।
(চ) ব্যক্তিগত আলোচনা: কিছুমান অভিভাৱকে নিজ সন্তানৰ কথা মুকলিকৈ সভাত আলোচনা কৰিবলৈ সংকোচ ৰোধ কৰিব পাৰে কিন্তু শিক্ষক গৰাকীৰ লগত ব্যক্তিগতভাৱে বিনাসংকোচে আলোচনা কৰিব পাৰে। এই ধৰণৰ অভিভাৱকক শিক্ষক গৰাকীয়ে ব্যক্তিগত আলোচনাৰ সুযোগ দিব লাগে যাতে শিশুটোৰ কোনো সমস্যা বুজাত বা বিকাশ সম্বন্ধীয় দিশৰ প্ৰতি শিক্ষকে মনোযোগ দিব পাৰে। এনেকুৱা ব্যক্তিগত আলোচনা বৰ বেছি পৰিকল্পিত বা একেবাৰে মামুলি ধৰণৰ হ’ব নালাগে।
২। মহিলা মণ্ডলে ক্রীড়া কেন্দ্ৰ এটাক কিদৰে সহায় কৰিব পাৰে?
উত্তৰঃ মহিলা মণ্ডলসমূহ হৈছে পঞ্জীয়নভুক্ত স্থানীয় মহিলাসকলৰ সংগঠন। ক্রীড়া কেন্দ্ৰ এটা সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত মহিলা মণ্ডলে এক মুখ্য ভূমিকা পালন কৰিব পাৰে বিশেষ কিছুমান কাৰ্যৰদ্বাৰা যিবোৰ হৈছে:
(১) অভিভাৱকসকলক ক্রীড়া কেন্দ্ৰটোক সহায়-সহোযাগ কৰিবলৈ উৎসাহ যোগাপ পাবে, তেওঁলোকৰ ল’ৰা-ছোৱালীক কেন্দ্ৰটোক ভৰ্তি কৰাবলৈ আৰু খেলা সামগ্রী তথা অন্য সামগ্ৰী তথা অন্য আহিলা পাতি যোগাৰ কৰাত সহায় কৰিব পাৰে।
(২) নিয়মীয়া সভা অনুষ্ঠিত কৰা।
(৩) শিশুৰ বাবে ক্রীড়া কেন্দ্ৰ গুৰুত্বৰ বিষয়ে সম্প্ৰদায়ৰ মানুহৰ মাজত।
(৪) ক্রীড়া কেন্দ্র সফল কার্য সম্পাদনৰ বাবে সম্প্ৰদায়ৰ অংশগ্রহণ বৃদ্ধি সজাগতাৰ সৃষ্টি কৰা কৰা ইত্যাদি।
৩। ক্রীড়া কেন্দ্ৰত সম্প্ৰদায়ৰ অংশ গ্ৰহণ কৰাবলৈ কেন্দ্ৰটোৰ শিক্ষকগৰাকীয়ে কি কি কাৰ্যসূচী গ্ৰহণ কৰে তাক জানিবলৈ তেওঁৰ সাক্ষাৎকাৰ লোৱা।
উত্তৰঃ সম্প্রদায় এটাত ওচৰচুবুৰীয়া পৰিয়ালৰ ব্যক্তি, সমাজ কৰ্মী আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীকে ধৰি সকলো লোক নিহিত হৈ থাকে। যিটো সম্প্ৰদায়ৰ বাবে (বা মাজত) ক্রীড়াকেন্দ্র এটাই কার্য সম্পাদন কৰে সেই সম্পদায়টো সম্পর্কে শিক্ষকগৰাকী ভালদৰে অৱগত হোৱা প্ৰয়োজন। তেওঁ নিজে কিছুমান প্রশ্ন অৱতাৰণা কৰি সম্প্ৰদায়চোৰ পৰিয়ালৰ লগত সেইবোৰ আলোচনা কৰিব লাগে। যেনে—
সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীবিলাক স্বাস্থ্যবান আৰু ভালদৰে প্ৰতিপালিত নে? সিহঁতে সন্মুখনি হোৱা সমস্যাবোৰনো কি?
পৰিয়ালৰ খাদ্যভ্যাস কি?
তেওঁলোকৰ প্ৰাধান্যসমূহ কি কি? মাতৃসকলে তেওঁলোকৰ ল’ৰা-ছোৱালীক নিজৰ দুগ্ধ খুৱায় নে? শিশু জন্মৰ পিছতেও পোৱা মাতৃ দুগ্ধখিনি পেলাই দিয়ে নে? তেওঁলোকে শিশুটোক কেতিয়াৰ পৰা অৰ্ধগোটা আহাৰ খুৱাবলৈ আৰম্ভ কবে? তেওঁলোকে সেউজীয়া শাক-পাচলি আৰু হালধীয়া ৰঙৰ ফল-মূল খায়নে আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীকো দিয়েনে?
শিশুসকলক খেলিবলৈ পিতৃ-মাতৃয়ে অনুমতি দিয়েনে?
শিশুসকলৰ খেলা-ধূলাৰ বাবে কেনেকুৱা ধৰণৰ সা-সুবিধা আছে?
তেওঁলোকৰ ল’ৰা-ছোৱালীবিলাকে বেমাৰৰ প্ৰতিষেধক ব্যৱস্থা লৈছে নে? যদি লোৱা নাই কিয়?
পৰিয়ালে প্রাক্ বিদ্যালয়ৰ সুবিধাসমূহ কি দৰে ব্যৱহাৰ কৰে?
সম্প্রদায়টোত প্রাথমিক বিদ্যালয় আছেনে?
সম্প্রদায়ত পৰিৱেশৰ অনাময় ব্যৱস্থা কেনেকুৱা?
তেওঁলোকৰ সম্প্ৰদায়ত খোৱা পানীৰ উৎস কি? ই নিৰাপদনে? ইয়াৰ পৰা ডায়েৰীয়া বা অন্য অসুখ হয় নেকি?
অঞ্চলটোত কিবা সংক্রামক বা মহামাৰী জাতীয় অসুখ হয় নেকি? প্ৰতিৰোধৰ বাবে কেনেকুৱা ব্যৱস্থা লোৱা হৈছে?
সম্প্রদায়টোত কিবা বিকাশমূলক কাৰ্যসূচী চলি আছেনে?
সম্প্রদায়টোৰ নেতা কোন আৰু ক্ৰীড়াকেন্দ্ৰ এটাত কাম কৰি থকা সংগঠনসমূহ কি কি?

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.