Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী Question Answer can be of great value to excel in the examination.
Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী
Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী Notes cover all the exercise questions in UGC Syllabus. Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
প্ৰশ্ন ৯৯। শান্তি শিক্ষাৰ উন্নতিকৰণৰ কৌশল আৰু দক্ষতাসমূহ আলোচনা কৰা। (Discuss strategies and skills to improve peace education .)
উত্তৰঃ সাধাৰণতে ক’বলৈ গ’লে সমূহিকভাৱে বসবাস কৰাৰ শিক্ষাৰ অৰ্থ পৰস্পৰ মিলা-মিছাৰ শিক্ষা। এই সামূহিক জীৱন যাপনৰ শিক্ষাই পাৰস্পৰিক সহযোগিতা আৰু সহানুভূতিৰ বিকাশ ঘটাই মানুহৰ মাজত সুসম্পৰ্ক গঢ়ি তোলাৰ শিক্ষাক বুজায়। আধুনিক যুগৰ শিক্ষাৰ মূলমন্ত্ৰ হ’ল দলবদ্ধ জীৱন যাপনৰ মাধ্যমেৰে সাম্প্ৰদায়িক সম্প্ৰীতি, শান্তিপূৰ্ণ সহাৱস্থান আৰু জাতীয়তাবোধ গঢ়ি তোলা। সকলোৰে লগত মিলা-মিছাৰে বসবাসৰ বাবে শিক্ষাৰ দ্বাৰা মানুহৰ ইতিবাচক বৈশিষ্ট্যসমুহক উৎসাহিত কৰিব লাগে আৰু নেতিবাচক বৈশিষ্ট্য, যেনে—হিংসা, বিদ্বেষ, পৰশ্ৰীকাতৰতা ইত্যাদিক নিয়ন্ত্ৰণ কৰিব লাগে। গতিকে শান্তি শিক্ষাৰ সহজ অৰ্থ হৈছে আনৰ লগত সহযোগিতাৰে বসবাস কৰা, আনক বুজিবলৈ শিকা, আনৰ ইতিহাস, ঐতিহ্য আৰু মূল্যবোধক বুজা আৰু শ্ৰদ্ধা কৰা।
তলত শান্তি শিক্ষাৰ উন্নতিকৰণৰ কৌশল আৰু দক্ষতাসমূহ অতি চমুকৈ উল্লেখ কৰা হ’ল–
(ক) ছাত্ৰ-ছাত্ৰীসকলক ‘শান্তি’ শব্দটোৰ অৰ্থ কি তাক বুজাব লাগিব আৰু তাৰ সংজ্ঞা ছাত্ৰ-ছাত্ৰীসকলক দিবলৈ ক’ব লাগিব। শিক্ষকে শান্তিৰ অৰ্থ কি বুলি ভাৱে তাক সুধিব পাৰে আৰু ইয়াৰ অৰ্থ শিক্ষাৰ্থীভেদে ভিন্ন হোৱাটো স্বাভাৱিক। ইয়াৰ জৰিয়তে এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰা কাৰ্যৰ আৰম্ভণি কৰিব পাৰে।
(খ) শিক্ষকে তেওঁৰ শ্ৰেণীকক্ষটোক শান্তি জ’ন (Peace Zone) হিচাপে ঘোষণা কৰিব পাৰে আৰু শিক্ষা বর্ষ আৰম্ভ হোৱাৰ লগে লগে কিছুমান নীতি-নিয়ম সকলোৱে দেখাকৈ আৰি দিব লাগিব। এই নীতি-নিয়মসমূহ প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দায়িত্বপূৰ্ণভাৱে পালন কৰিব লাগিব।
(গ) শিক্ষাৰ্থীসকলক “সংঘৰ্ষ নিৰ্ধাৰণ দক্ষতা” ৰ প্ৰশিক্ষণ দিব লাগিব। সংঘৰ্ষবোৰৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত আলোচনা কৰিব লাগিব।
(ঘ) শিক্ষকসকলে বিদ্যালয়ত সমগ্ৰ শিক্ষা বর্ষটোত শান্তিৰ ওপৰত কবিতা আবৃত্তি, সংগীত প্ৰতিযোগিতা, ছবি অঁকা প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰিব পাৰে। এই প্ৰতিযোগিতা বা কাৰ্যসমূহৰ জৰিয়তে শিক্ষকে শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া প্ৰত্যক্ষ কৰিব পাৰে।
(ঙ) শান্তি শিক্ষা বয়স অনুসৰি ভিন্ন হ’ব লাগে; বয়সীয়া শিক্ষাৰ্থীসকলক স্বাভাৱিকভাৱে বিভিন্ন দেশ আৰু সংস্কৃতিৰ ইতিহাস অধ্যয়নৰ জৰিয়তে শান্তি আৰু সংঘৰ্ষৰ স্বৰূপ অধ্যয়ন কৰিব পাৰে।
(চ) শিক্ষাৰ্থীসকলে সিহঁতৰ পৰিৱেশ সংৰক্ষণ কাৰ্যসূচী মত অংশ গ্ৰহণৰ জৰিয়তে গছ-গছনি আৰু অন্যান্য সামগ্ৰীসমূহ তথা অইন শিক্ষাৰ্থীসকলক সন্মান প্ৰদৰ্শন কৰিবলৈ শিকে।
(ছ) যেতিয়া শিক্ষাৰ্থীসকলে ইতিহাস, ভূগোল আৰু অন্যান্য সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰে তেতিয়া বিশ্বৰ বিভিন্ন ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰতি সন্মান কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ শিকে।
(জ) শিক্ষাৰ্থীসকলে নিজৰ বিদ্যালয়খনক আন্তৰাষ্ট্ৰীয় শান্তিৰ অঞ্চল বা স্থান হিচাপে বিবেচনা কৰিব লাগিব আৰু বিশ্ব নাগৰিকত্বৰ মনোভাৱ জাগ্ৰত কৰিব লাগিব।
(ঝ) শিক্ষকে শিক্ষাৰ্থীসকলক অইন অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ আগত সমালোচনা কৰিব নালাগে। ঠিক সেইদৰে অভিভাৱকসকলেও অইন শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ আগত নিজৰ ল’ৰা-ছোৱালীক সমালোচনা বা বেয়াকৈ ক’ব নালাগে। কাৰণ ল’ৰা-ছোৱালীবোৰে প্ৰত্যেক মূহুৰ্তত অভিভাৱক আৰু শিক্ষকসকলে কি মন্তব্য দিয়ে, তাক প্ৰত্যক্ষ কৰি থাকে।
(ঞ) বিদ্যালয় আৰু গৃহ পৰিৱেশত বিশেষ বন্ধৰ দিনত উৎসৱ অনুষ্ঠিত কৰিব লাগে আৰু প্ৰত্যেককে পৰিকল্পনা, সা-সত্বা আৰু উৎসৱ উদযাপনত অংশগ্ৰহণৰ সুবিধা দিব লাগে।
প্ৰশ্ন ১০০। ৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি শিক্ষাৰ প্ৰাসংগিকতাৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the relevance of peace education at the national level.)
উত্তৰঃ ভাৰতবৰ্ষ এখন বহু নৃ-গোষ্টীয়, সাংস্কৃতিক আৰু ভিন্ন ধৰ্মৰ ৰাষ্ট্ৰ য’ত প্ৰায় ১.৩৫ (২০১৮ চনৰ মতে) বিলিয়ন মানুহে বসবাস কৰে। এনে ভিন্নতাই নৈতিক, মূল্যবোধ আৰু আদর্শগত সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে।
তলত ভাৰতবৰ্ষৰ দৰে দেশ এখনত শান্তি শিক্ষাৰ প্ৰাসংগিকতাৰ মূল কাৰণসমূহ সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) মানৱ অধিকাৰৰ সচেতনতা :- প্ৰত্যক ব্যক্তিয়ে মানৱ সমাজৰ সদস্য হিচাপে নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আৰু জীৱনটো সুন্দৰভাৱে যাপন কৰিবলৈ মানৱ অধিকাৰসমূহ ভোগ কৰে। মানৱ অধিকাৰসমূহ সাৰ্বজনীন প্ৰকৃতিৰ। মানৱ অধিকাৰ সচেতনতা আৰু শান্তি শিক্ষা হাতে হাতে ধৰি আগবাঢ়ে। আমাৰ নিজৰ অধিকাৰ সম্বন্ধে সচেতনতাৰ অভাৱৰ ফলত মানৱ অধিকাৰ ভংগৰ ঘটনা সংঘটিত হয়। ভাৰতবৰ্ষত আটাইতকৈ বেছি মানৱ অধিকাৰ ভংগৰ ঘটনাত বলি হোৱা অশিক্ষিত আৰু নিৰক্ষৰ লোকসকল। এইসকল লোকে শিক্ষিত আৰু সাক্ষৰ ভাৰতীয়তকৈ তুলনামূলকভাৱে অধিক পৰিমাণে হিংসা আৰু জুলুমৰ বলি হয়। চৰকাৰে এইখিনি মানুহক সিহঁতৰ মানৱ অধিকাৰ নিশ্চিত কৰাৰ বাবে বিভিন্ন পৰ্যায়ত সুবিধা প্ৰদান কৰিছে। কিন্তু তেওঁলোকে অধিকাৰ ৰক্ষাৰ কোনো তৎপৰতা নেদেখুৱায়। এগৰাকী ব্যক্তিয়ে যেতিয়া তেওঁৰ অধিকাৰ ৰক্ষাৰ কোনো তৎপৰতা নেদেখুৱায়। এগৰাকী ব্যক্তিয়ে যেতিয়া তেওঁৰ অধিকাৰ সম্বন্ধে সচেতন হ’ব; তেতিয়া তেওঁ নিজে নিজেই জুলুমৰ পৰা হাত সাৰিব পাৰিব।
(খ) সাম্প্ৰদায়িক সংঘৰ্ষ বন্ধ কৰা :- সাম্প্ৰদায়িক হিংসা হ’ল গভীৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বহিঃপ্ৰকাশ। এই ৰাজনীতিয়ে অইন সম্প্ৰদায়ক ঘৃণাৰ বিষয়বস্তু হিচাপে গণ্য কৰে। শিক্ষাবিদ হিচাপে শিক্ষাৰ্থীসকলক অইন সম্প্ৰদায়, সিহঁতৰ বিশ্বাস, ধৰ্ম আৰু সাংস্কৃতিক পৰম্পৰাবোৰক গ্ৰহণ কৰিবলৈ শিকাব লাগে। শিক্ষকসকলে যেতিয়া বুৰঞ্জীৰ পাঠদান কৰিব তেতিয়া সাম্প্ৰদায়িক শৃংখলাবদ্ধতাৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু যেতিয়া নীতিশাস্ত্ৰৰ পাঠদান কৰিব তেতিয়া ধৰ্মনিৰপেক্ষতাৰ সপক্ষে মতামত আগবঢ়াব লাগিব।
(গ) বিশ্ব ৰাজনীতি আৰু আঞ্চলিক প্ৰতিবাদ :- সংঘৰ্ষ গাঁও, নগৰ, চহৰ আৰু ৰাজ্যৰ মাজত সংঘটিত হ’ব পাৰে। উদাহৰণস্বৰূপে ক’ব পাৰি যে এটা পৰিয়াল তেওঁৰ ঘৰৰ ভিতৰত আৰু ইয়াৰ সীমাৰ ভিতৰত প্ৰতিবাদী হৈ উঠিব পাৰে; ঠিক সেইদৰে প্ৰাদেশিক সীমাৰ ভিতৰত এক বৃহসংখ্যক লোক চূড়ান্ত প্ৰতিবাদী ৰূপ ধাৰণ কৰিব পাৰে। ভাৰতবৰ্ষই সংহতি আৰু শক্তিৰ ভেটি গঢ়ি তুলিছিল য’ত প্ৰত্যকগৰাকী ভাৰতীয় নাগৰিকে পৰস্পৰে পৰস্পৰক ভাতৃ আৰু ভগ্নীৰ দৰে জ্ঞান কৰে। সময় অতিবাহিত হোৱাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল, সংগঠনে নিজস্ব স্বায়ত্ত শাসন বিচাৰি ৰাজপথলৈ ওলাই আহিছে যাৰ ফলস্বৰূপে শান্তি আৰু সম্প্ৰীতিৰ মনোভাৱ বিনষ্ট হৈছে।
শিক্ষকসকলে শান্তি শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মনত জাতীয়তা আৰু দেশপ্ৰেমৰ মনোভাৱৰ বিকাশ সাধন কৰিব লাগিব। শিক্ষাৰ্থীসকলৰ মনত ওচৰ-চুবুৰীয়া, গাঁওবাসী, মহানগৰবাসী নাইবা ৰাজ্যৰ অইন মানুহৰ প্ৰতি ঘৃণা ভাৱৰ বিকাশ হ’ব দিব নালাগিব।
(ঘ) সংখ্যালঘুৰ অধিকাৰ :- ভাৰতবৰ্ষ এখন ভিন্ন ধৰণৰ ৰাষ্ট্ৰ য’ত মিলিয়ন সংখ্যক সংখ্যালঘু লোক বসবাস কৰে। এই লোকসকলে সাধাৰণতে অৰ্থনৈতিক আৰু সামাজিকভাৱে পিছপৰা হয়। এই দলত অন্তৰ্ভুক্তসকল হ’ল—অনুসূচীত জনজাতি, অনুসূচীত জাতি, অন্যান্য পিছ পৰাসকল আৰু শাৰীৰিক তথা মানসিকভাৱে অসক্ষম লোকসকল। যেতিয়া সংখ্যাগৰিষ্ঠ আৰু শক্তিশালী লোকসকলে সংখালঘুসকলৰ ওপৰত ধাৰাবাহিকভাৱে জোৰ-জুলুম আৰু অত্যাচাৰ কৰে তেতিয়া দেশ এখনত শান্তি ৰক্ষাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয়। সেইবাবে শিক্ষকসকলে শিক্ষাৰ্থীসকলক প্ৰাথমিক পৰ্যায়তে সংখ্যালঘুসকলৰ প্ৰতি মৰম আৰু সহিষ্ণুতা ভাৱৰ বিকাশ সাধন কৰিব লাগিব।
(ঙ) সংঘর্ষ নিৰ্ধাৰণ :- যেতিয়া এগৰাকী ব্যক্তিয়ে আন এগৰাকী ব্যক্তিম আক্ৰমণ কৰে তেতিয়া সেই ব্যক্তিগৰাকীৰ প্ৰথম প্ৰতিক্ৰিয়া হ’ল প্ৰতি আক্ৰমণ। যাৰ ফলস্বৰূপে এক হিংসভাৱৰ সৃষ্টি হয় যি কেতিয়াও শেষ নহয়। ভাৰতবৰ্ষই স্বাধীনতা লাভৰ আগত আৰু পিছত বিভিন্ন সংঘৰ্ষ সংগঠিত হোৱাৰ উদাহৰণ আছে। বিদ্যালয়ত শিক্ষকসকলে শিক্ষাৰ্থীসকলে ভুল বুজাবুজি, অমাৰ্জিত আচৰণ আৰু পাৰস্পৰিক আদর্শগত পাৰ্থক্য পৰিহাৰ কৰি এক সুস্থ আৰু শান্তিপূৰ্ণ আচৰণ প্ৰদৰ্শন কৰাৰ বাবে সক্ষম কৰি তুলিব লাগিব।
(চ) সংঘৰ্ষৰ শান্তিপূৰ্ণ দৃষ্টিভংগী :- ভাৰতবৰ্ষই যদিও শান্তিপূৰ্ণ মাধ্যমৰ জৰিয়তে স্বাধীনতা লাভ কৰিছিল, বহুসংখ্যক নেতাই আজিও খুব সোনকালে আৰু হিংসা পদ্ধতিৰ জৰিয়তে সমস্যাটো সমাধান কৰাত অগ্ৰাধিকাৰ দিয়ে। কিন্তু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতবৰ্ষই সন্তাসবাদী কার্য-কলাপ নিৰ্মূল কৰাৰ বাবে সদায়ে ই শান্তিপূৰ্ণ দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে।
বিদ্যালয়ত শিক্ষকসকলে ভৱিষ্যত প্ৰজন্মৰ মাজত ঘৃণা আৰু ক্ৰোধৰ ভাৱ সমূলি নাইকিয়া কৰিব লাগিব। হিংসা হ’ব লাগিব সমস্যা সমাধানৰ শেষ উপায়স্বৰূপ; ইয়ে সৰ্বোচ্চ নহয়। শিক্ষাৰ্থীসকলৰ মাজত হতাহতি কাৰ্যক উৎসাহিত কৰিব নালাগিব। শিক্ষাৰ্থীসকলৰ মাজত শিক্ষক হ’ব লাগিব মধ্যস্থতাকাৰী আৰু শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব লাগিব। শিক্ষাৰ্থীসকলক ভাৰতীয় নেতাসকলৰ বিষয়ে উপযুক্ত শিক্ষাদান কৰিব লাগিব যিসকলে শান্তিপূৰ্ণ মাধ্যমেৰে বৃহৎ কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছিল।
(ছ) আৱেগিক পৰিপক্কতাৰ বিকাশ :- আৱেগিক পৰিপক্কতাৰ অভাৱত ব্যক্তিয়ে কিছুমান পৰিস্থিতি উমৈহতীয়াভাৱে পৰিচালনা কৰিব নোৱাৰে; যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হয়। শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলত মনত পৰিপক্ক চিন্তাৰ বিকাশ সাধন কৰা উচিত; যেনে—প্ৰতিবাদমূলক মন্তব্যত সহিষ্ণুতা, শুদ্ধ বুলি নভবা কথাটো সন্মানসূচক মন্তব্য কৰা ইত্যাদি। যুক্তি-তর্কক উৎসাহিত কৰিব লাগে আৰু শিক্ষকে শিক্ষাৰ্থীসকলৰ মাজত এটা জনপ্ৰিয়তাহীন মন্তব্যৰ ওপৰত প্ৰত্যকগৰাকী ছাত্ৰ-ছাত্ৰীৰ নিজস্ব মতামত আৰু আদৰ্শ তথা ধাৰণা প্ৰকাশৰ অনুমতি দিব লাগে।
প্ৰশ্ন ১০১। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি শিক্ষাৰ প্ৰাসংগিকতাৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the relevance of peace education at the international level.)
উত্তৰঃ সমগ্র বিশ্বত বিভিন্ন ৰাষ্ট্ৰৰ মাজত বিভিন্ন ধৰণৰ সংঘৰ্ষ আজিও বৰ্তি আছে। ৰাষ্ট্ৰসমূহৰ মাজত ধর্মীয় আদর্শগত সংঘৰ্ষ, উৎসগত সংঘৰ্ষ ইত্যাদি। ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক ধ্বংস কার্য ৰোধ কৰিবলৈ হ’লে ইয়াৰ নাগৰিকসকলৰ আৰু নেতাসকলৰ মাজত শান্তি প্ৰতিষ্ঠাৰ ধাৰণা আৰু মানসিকতা গঢ়ি তুলিব লাগে। শান্তি শিক্ষাই হিংসাৰ পৰিৱৰ্তে শান্তিপূৰ্ণ কাৰ্যৰ সুবিধাসমূহৰ প্ৰতি মানুহৰ মাজত সচেতনতা নিশ্চিত কৰে।
তলত আন্তৰ্জাতিক ক্ষেত্ৰত শিক্ষাৰ প্ৰাসংগিকতাৰ মূল কাৰণ কেইটামান অতি চমুকৈ আলোচনা কৰা হ’ল—
(ক) মানৱ অধিকাৰ লংঘন :- মানৱ অধিকাৰ উলংঘন কেৱল মাত্ৰ দুখীয়া আৰু উন্নয়নশীল ৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। উন্নত দেশসমূহতো মহিলা, শিশু, ক্ষমতাহীন শ্ৰেণী আৰু দুখীয়াসকলক কুব্যৱহাৰ কৰা হয়। এইবোৰে সামাজিক শৃংখলাবদ্ধতা ভংগ কৰে আৰু সমাজত একশ্ৰেণী অত্যাচাৰী আৰু অত্যাচাৰভোগী লোকৰ সৃষ্টি কৰে। শান্তি শিক্ষাই জনসাধাৰণক জীৱনৰ মূল্য আৰু ইজনে-সিজনক সন্মান প্ৰদৰ্শন কৰাৰ গুৰুত্বৰ বিষয়ে শিক্ষাদান কৰে।
(খ) ধর্মীয় আৰু আদর্শগত যুদ্ধ :- বিশ্বত দীৰ্ঘ সময় জুৰি ধর্মীয় যুদ্ধৰ প্ৰকৃতি বিৰাজমান হৈছে। বিভিন্ন সংঘৰ্ষ যেনে—ইজৰাইল–পেলেষ্টাইন সংঘৰ্ষ, আফগানিস্তান-ইৰাক সংঘৰ্ষ আদিত ধৰ্মীয় উপাদান আজিও বিৰাজমান হৈ আছে। শান্তি শিক্ষাই মানুহক ইজনে-সিজনক মানৱীয় দৃষ্টিভংগীৰে চাবলৈ উৎসাহিত কৰে। বিভিন্ন ধৰ্মত বিশ্বাসী হ’লেও এক মানৱতাৰ পৰা আঁতৰি যাব নালাগিব। সেইবাবে শান্তি শিক্ষাই ধৰ্মনিৰপেক্ষ চিন্তাধাৰা আৰু আন মানুহৰ বিশ্বাসৰ ওপৰত সহিষ্ণুতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে।
(গ) উৎসৰ ওপৰত সংঘৰ্ষ :- এই বিশ্বত অধিকসংখ্যক মূল্যবান উৎসৱে প্ৰকৃতিৰ মাজত সীমাবদ্ধ। এখন ৰাষ্ট্ৰৰ শক্তি প্ৰতিফলিত হয় মূলতে ইয়াৰ প্ৰাকৃতিক উৎসসমূহৰ ওপৰত। এই উৎসৰ বাবে ৰাষ্ট্ৰসমূহে সীমা অতিক্ৰম কৰি প্ৰাকৃতিক উৎস আহৰণৰ বাবে যুদ্ধত অৱতীৰ্ণ হোৱাও দেখা যায়। শান্তি শিক্ষাই ৰাষ্ট্ৰসমূহৰ মাজত উৎস বা প্ৰাকৃতিক সম্পদসমূহ ভগাই লোৱাৰ জৰিয়তে বুজাবুজি ব্যৱসায়-বাণিজ্যিই শান্তিপূৰ্ণ বিশ্ব সম্প্ৰদায় গঢ়ি তোলাত সহায় কৰিব।
(ঘ) জাত্যাভিমানৰ বিৰুদ্ধে সংগ্ৰাম :- দৈহিক চৰিত্ৰৰ ভিত্তিত, বিশেককৈ ছালৰ বৰণৰ ওপৰত নিৰ্ভৰ কৰি মানৱ জাতিৰ কোনো এটা অংশই আন এটাতকৈ গুণগত শ্ৰেষ্ঠতাৰ দাবী কাৰ্যক জাত্যাভিমান বোলা হয়। জাত্যাভিমানৰ ফলত জাতি বৈষম্যৰ সৃষ্টি হয়। আমেৰিকাৰ শ্বেতাংগসকলৰ নিজক কৃষ্ণাংগ সকলোতকৈ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব খোজা কার্য জাত্যাভিমানৰ আৰু তাৰ ফলত সৃষ্টি হোৱা বৈষম্যক শ্বেতাংগ-কৃষ্ণাংগৰ বৈষম্য বুলি কোৱা হয়। শান্তি শিক্ষাই সকলো মানুহকে একে দৃষ্টিৰে চোৱাত উৎসাহিত কৰে। ই জাতিগত কুসংস্কাৰ আৰু জাতিগত বৈষম্যৰ বিৰোধিতা কৰিবলৈ শিকায়।
(ঙ) জ্ঞানৰ অদল-বদলকৰণ :- মানৱ ইতিহাস, সভ্যতাৰ পিনে দৃষ্টি দিলে দেখা যায় যে তুলনামূলক দ্ৰুত উন্নতিৰ বাবে এটা সভ্যতাই আন এটা সভ্যতাৰ তথ্যৰ সলনি কৰাটো বন্ধ আছিল। আধুনিক সময়ত বিশ্বত বিশ্বায়ন আৰু উদাৰীকৰণে ৰাষ্ট্ৰসমূহৰ মাজত নতুন ধাৰণাৰ বাবে সীমা সদায় মুক্ত কৰি দিছে। শান্তি শিক্ষাই ৰাষ্ট্ৰসমূহৰ মাজত সংযোগ সাধনৰ ক্ষেত্ৰত নাগৰিকসকলক উৎসাহিত কৰে।
(চ) আনৱিক অস্ত্ৰ ভাণ্ডাৰ :- জনসাধাৰণকধ্বংস কৰিব পৰা মাৰাত্মক আনৱিক অস্ত্ৰ ভাণ্ডাৰৰ বিকাশৰ জৰিয়তে আন ৰাষ্ট্ৰক আক্ৰমণৰ ভাবুকি দিয়া দেখা গৈছে। এই আনৱিক অস্ত্ৰ ভাণ্ডাৰে কেৱল মাত্ৰ প্ৰতিশোধ পৰায়নতাৰ মনোভাৱ আৰু হিংসাত্মক কাৰ্যৰ প্ৰতিনিধিত্ব নকৰে ই বিশ্ব সম্প্ৰদায়ৰ মনত ভয়ভাৱৰো সৃষ্টি কৰে। শান্তি শিক্ষাই জনসাধাৰণক শিক্ষাদান কৰে যে আনৱিক অস্ত্ৰ অপ্ৰয়োজনীয় আৰু বিশ্ব শান্তিৰ বাবে ক্ষতিকাৰক।
(ছ) উৎসাহজনক সাংস্কৃতিক বৈষম্য :- যিকোনো এখন ৰাষ্ট্ৰৰ উন্নতিৰ প্ৰধান লক্ষ্যসমূহৰ ভিতৰত সাংস্কৃতিক বৈষম্য, পৰম্পৰা, ৰীতি-নীতি ইত্যাদি। বিভিন্ন ধৰণৰ মূল্যবোধ আৰু সংস্কৃতিৰ আদৰণিয়ে দেশৰ জনসাধাৰণক বিদেশী লোকসকলক সন্মান আৰু সহিষ্ণুতা মনোভাৱৰ বিকাশ সাধন কৰিব পাৰে। শান্তি শিক্ষাই সাংস্কৃতিক বৈষম্যৰ প্ৰতি সন্মানসূচক মনোভাৱ প্ৰদর্শনে এখন শান্তিপূৰ্ণ বিশ্ব গঠনত সহায় কৰিব।
(জ) শৰণাৰ্থীসকলৰ সংকটৰ বিষয়ে আলোচনা :- যিসকল ব্যক্তিয়ে নিৰ্যাতন নাইবা সামৰিক আতিশয্যৰ পৰা হাত সাৰিবলৈ নিজৰ দেশ ত্যাগ কৰি আন দেশত আশ্ৰয় ল’ব লগা হয়, তেওঁলোককেই শৰণাৰ্থী বুলি কোৱা হয়। এই শৰণাৰ্থীসকলে নিজৰ দেশত অত্যাচাৰৰ সন্মুখীন হয় নাইবা মানুহ হিচাপে জীয়াই থাকিবলৈ যিবোৰ অধিকাৰৰ প্ৰয়োজন সেইবোৰৰ পৰা বঞ্চিত হয়। গতিকে তেওঁলোকে নিজৰ অধিকাৰবোৰৰ সুৰক্ষাৰ কাৰণে নিজে স্থায়ীভাৱে বাস কৰি থকা দেশখন ত্যাগ কৰি আন দেশত আশ্ৰয় বিচাৰিব লগা হয়। এনেদৰে শৰণাৰ্থীসকলে যি দেশত আশ্ৰয় লয়, তেওঁলোকৰ ৰক্ষণাবেক্ষণ কৰাটো দেশখনৰ কৰ্তব্য বুলি গণ্য কৰা হয়।
মানুহে শৰণাৰ্থীসকলক প্ৰৱেশত বাধা প্ৰদান কৰিব পাৰে আৰু শৰণাৰ্থীসকলক সমাজৰ অপৰাধী আৰু অৰ্থনৈতিক বিকাশৰ প্ৰতিবন্দক বুলি বিবেচনা কৰে। শান্তি শিক্ষাই শৰণাৰ্থীসকলৰ প্ৰতি এই কুসংস্কাৰ আৰু শত্ৰুতাৰ মনোভাৱ আঁতৰাই প্ৰয়োজন সাপেক্ষে সহায়ত হাত আগবঢ়োৱাত উৎসাহ যোগায়। শান্তি শিক্ষাই শৰণাৰ্থীসকলৰ প্ৰতি সহানুভূতিশীল হ’বলৈ শিকায়।
প্ৰশ্ন ১০২। শান্তি শিক্ষাই অৰ্থৰ বিষয়ে আলোচনা কৰা। (Discuss the meaning of peace education.)
উত্তৰঃ শিক্ষা হ’ল মানৱ জীৱন আৰু সভ্যতাৰ চালিকা শক্তি। মানৱ জীৱনৰ সকলো প্ৰকাৰৰ বিকাশ আৰু বিৱৰ্তনৰ শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিক্ষাই মানুহৰ মানৱীয় ক্ষমতাসমূহৰ প্ৰণালীবদ্ধ আৰু পৰিকল্পিত বিকাশ সাধনত বিশেকভাৱে সহায় আগবঢ়ায়। শিক্ষাৰ সহায়তে মানুহে নিজৰ সকলো প্ৰকাৰৰ মানৱীয় প্ৰতিভা সমাজ, জাতি, ৰাষ্ট্ৰ আৰু বিশ্ব সমাজৰ কামত অহা ধৰণে বিকাশ প্ৰাপ্ত কৰি ল’ব পাৰে আৰু তেনে প্ৰতিভাসমূহ চিন্তাসহকাৰে সকলোৰে হিতৰ অৰ্থে কামত লগোৱাৰ পৰিৱেশ গঢ়ি তুলিব পাৰে।
শান্তি শিক্ষাৰ অৰ্থ হ’ল প্ৰকৃততে এটা প্ৰচেষ্টা যাৰ দ্বাৰা নিজৰ লগত বা অইনৰ লগত শান্তিৰে বসবাস কৰিবলৈ মূল্যবোধ, জ্ঞান, আচৰণ আৰু দক্ষতা অর্জন কৰিব পৰা যায়। শান্তি শিক্ষা এটা আদৰ্শ যিটোৱে অহিংসা, মৰম, দ্যা, বিশ্বাস, সহযোগ আৰু মানৱ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা কৰিবলৈ শিকায়—এইটো এটা সামাজিক আচৰণ যাৰ প্ৰতি সমাজৰ যিকোনো লোকে অৰিহণা যোগাব পাৰে। শান্তি শিক্ষাৰ উদ্দেশ্য হৈছে ব্যক্তিক, ব্যক্তিকেন্দ্ৰিক হোৱাত বাধা দি গোটত থাকিবলৈ শিক্ষা দিয়া।
শান্তিৰ বাবে শিক্ষা বুলি ক’লে শিক্ষাৰ্থীসকলক একতাৰে আৰু কোনোধৰণৰ বিশৃংখলতা নোহোৱাকৈ বসবাস কৰিবলৈ শিকোৱাকে বুজা যায়। শিক্ষাৰ্থী তথা ব্যক্তিয়ে আনৰ সৈতে আৰু প্ৰাকৃতিক পৰিৱেশৰ সৈতে একতাৰে সহবাস কৰিবৰ বাবে প্ৰয়োজন হোৱা মূল্যবোধ, জ্ঞান-আহৰণ কৰা প্ৰক্ৰিয়াকে শান্তিৰ বাবে শিক্ষা বুলি কোৱা হয়। সহজভাৱে ক’বলৈ হ’লে শান্তি শিক্ষা হৈছে একধৰণৰ কৌশল যিয়ে ব্যক্তিক প্ৰাকৃতিক পৰিৱেশত সকলোৰে লগত এককভাৱে মূল্যবোধ, জ্ঞান, সুস্থ মনোভাৱৰ বিকাশ সাধন কৰি বসবাস কৰাৰ আচৰণ গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰে। (Peace Education is the process of acquiring the values the knowledge and developing the attitudes, skills and behaviors live harmony with oneself, with other and with the natural environment.)
James Page নামৰ সমাজবিজ্ঞানীগৰাকীৰ মতে শান্তি হৈছে— “Encouraging a commitment to peace as a settle disposition and enhancing the confidence of the individual as an individual agent of peace, as informing the student on the consequences of was and social injustice and encouraging the student to love the world to imagine a peaceful future and to came for others” অৰ্থাৎ শান্তিপূৰ্ণ বাতাবৰণ সৃষ্টি কৰাটো আমাৰ বাবে দায়বদ্ধতা থকা কার্য হোৱা উচিত; শান্তিপূৰ্ণ বাতাবৰণ সমাজত সৃষ্টি কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক যুদ্ধ আৰু অসমতা সম্পৰ্কত শিক্ষা দিয়া উচিত; ছাত্ৰ-ছাত্ৰীসকলক বিশ্ব প্ৰেমৰ শিক্ষা দিয়াৰ উপৰিও ভৱিষ্যত জীৱনত শান্তিপূৰ্ণ বাতাবৰণ বর্তাই ৰখাৰ কল্পনা কৰিবলৈ দিব লাগে।
প্ৰশ্ন ১০৩। শান্তি শিক্ষাৰ প্ৰধান উদ্দেশ্যসমূহ উল্লেখ কৰা। (Mention the main objectives of peace education.)
উত্তৰঃ সংঘাত, শান্তি আদি বিষয়ত শিক্ষাৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। আনহাতেদি এখন দেশৰ উন্নয়নৰ কাৰণে শান্তিপূৰ্ণ সভ্যতাৰ প্ৰয়োজন বেছি কিয়নো ইয়াৰ পৰাই সমগ্র মানৱ জাতিৰ উন্নতি সম্ভৱ। আমাৰ দেশৰ নিচিনা পৰিস্থিতি য’ত সংঘাত, সন্ত্রাস আৰু আনুষংগিক সমস্যাবোৰ দৈনন্দিন জীৱনৰ সমস্যা, শিক্ষাৰ্থীক এই বিষয়বোৰ জনোৱাৰ প্ৰয়োজন। আজিৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশত সন্তাসবাদৰ ভয়ত আৰু উন্নত তথা উন্নয়নশীল দেশৰ মাজত সৃষ্টি হোৱা বিভাজনৰ ফলত মানুহৰ জীয়াই থকাৰ স্থিৰতা নাইকিয়া হৈছে। এনে পৰিৱেশত শান্তি শিক্ষাই নিজকে পৰিৱেশ অনুসৰি সংস্কৃতিৰ সৃষ্টি কৰিছে। গেভৰিয়েল ছালমনে আজিৰ পৰিৱেশত শান্তি শিক্ষাক কেইটামান ভাগত ভগাইছে। যেনে—
(ক) মানসিক পৰিৱৰ্তন অনাত শান্তি শিক্ষা।
(খ) দক্ষতা অর্জন কৰিব পৰা শান্তি শিক্ষা।
(গ) মানৱ অধিকাৰ সমৰ্থন কৰিব পৰা শান্তি শিক্ষা।
(ঘ) পৰিৱেশ সচেতনতা, নিৰস্ত্ৰীকৰণ আৰু শান্তি সংস্কৃতি সমৰ্থিত হ’ব পৰা শান্তি শিক্ষা। বিশেষজ্ঞসকলৰ দৃষ্টিভংগীত শান্তি, মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে।
তলত শান্তি শিক্ষাৰ প্ৰধান উদ্দেশ্যসমূহ অতি সংক্ষেপে উল্লেখ কৰা হ’ল—
১। শিক্ষাৰ্থীসকলৰ দক্ষতা বৃদ্ধি কৰা যাৰ দ্বাৰা শান্তি-সংস্কৃতি, পৰিৱেশ সচেতনতা, নিৰস্ত্ৰীকৰণ বোধন হ’ব। শিক্ষাৰ্থীয়ে সংঘাত সংস্কৃতি চিনি পাব, মুখামুখি হ’ব আৰু পৰিৱেশ সলনি কৰিব পাৰিব।
২। শান্তিপূৰ্ণ, সহজ-সৰল আৰু সৃজনশীল সমাজ গঢ়ি তুলিবৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীসকলক উদ্বুদ্ধ কৰা।
৩। শান্তি শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীক একো একোজন শান্তিৰক্ষক নাগৰিক হিচাবে সৃষ্টি কৰিব লাগিব। দয়া-মমতা আদি মানৱীয় গুণসমূহৰ বিকাশৰ জৰিয়তে মনেসজা ঘৃণা পৰিহাৰ কৰিবলৈ শিকোৱা।
৪। সংঘৰ্ষ, সংঘাতৰ কাৰণ পৰিণতি সম্পৰ্কে সচেতন কৰি তোলা আৰু সংঘাত সৃষ্টি হোৱাৰ আগতেই সমাজখনক অহিংসা, সহিষ্ণুতা, সততা আৰু সামাজিক ন্যায়ৰ প্ৰতি শ্ৰদ্ধাৰে প্ৰতিষ্ঠা কৰিবলৈ শিক্ষাৰ্থীসকলক সক্ষম কৰি তোলা।
৫। শিক্ষাৰ্থীসকলৰ মনত সহযোগিতাৰ ভাব জগাই তুলিবৰ বাবে চেষ্টা কৰা, কিয়নো শান্তি শিক্ষাৰ উদ্দেশ্যই হ’ল সমাজপ্রিয় ব্যক্তি গঢ় দিয়া।
৬। শিক্ষাৰ্থীৰ সামাজিক, মানসিক আৰু সংবেদনশীল মনোবৃত্তিৰ উন্নতি সাধন কৰিবলৈ যত্ন কৰা, সকলোৰে লগত যে আমাৰ এটা সম্বন্ধ আছে, তাক অনুভৱ কৰিব পৰাকৈ ইতিবাচক সত্ত্বাৰ গঢ় দিয়া।
৭। ন্যায়, অন্যায়, উচিত-অনুচিত আদিৰ মাজত থকা পাৰ্থক্য বুজি উঠাত শিক্ষাৰ্থীসকলক সক্ষম কৰি তোলাৰ লগতে নৈতিক, আধ্যাত্মিক প্ৰমূল্যবোধৰ বিকাশ সাধন কৰা।
প্ৰশ্ন ১০৪। শিক্ষাৰ আন্তৰ্জাতিক সন্মিলনৰ ঘোষণা অনুসৰি বিশ্বশান্তি প্ৰতিষ্ঠাৰ বাবে ল’ব লগা ব্যৱস্থাসমূহ উল্লেখ কৰা। (Mention the measures taken to establish world peace in accordance with the International Declaration of Education.)
উত্তৰঃ শিক্ষাৰ আন্তৰ্জাতিক সন্মিলনৰ ঘোষণা অনুসৰি বিশ্বশান্তি প্ৰতিষ্ঠাৰ বাবে ল’ব লগা ব্যৱস্থাসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) শিক্ষাই শিক্ষাৰ্থীসকলৰ ব্যক্তিত্ব বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব। শান্তি সংস্কৃতি প্ৰতিষ্ঠা কৰাৰ বাবে এটা বিশ্বজনীন মূল্যবোধৰ অনুভূতি জগাই তুলিব বাবে চেষ্টা কৰিব লাগিব। এখন শান্তিপূৰ্ণ সমাজ গঢ়িবৰ বাবে প্ৰয়োজনীয় সামাজিক, নৈতিক, সাংস্কৃতিক, আধ্যাত্মিক মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব লাগিব।
(খ) শিক্ষাৰ্থীসকলক শান্তি, মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ প্ৰতি দায়বদ্ধ নাগৰিক হিচাবে সকলো ক্ষমতাৰ অধিকাৰী কৰি তোলাৰ লগতে নতুন কৌশলসমূহৰ বিকাশ সাধন কৰি লোৱা প্ৰক্ৰিয়াক উৎসাহিত কৰি তুলিব লাগিব লগতে সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ শক্তিশালী ব্যক্তিত্ব গঢ়ি তোলাৰ চেষ্টা কৰিব লাগিব।
(গ) শিক্ষাৰ্থীসকলক ব্যক্তিগত স্বাধীনতাক সন্মান জনাই সমূহীয়াভাৱে কাম কৰাৰ মনোভাৱ জগাই তুলিব লাগিব। শান্তি শিক্ষাৰ উদ্দেশ্যই যিহেতু ব্যক্তিক ব্যক্তিকেন্দ্ৰিক হোৱাৰ পৰিৱৰ্তে সমূহীয়াভাৱে কাম কৰাৰ বাবে শিক্ষা দিয়া। আনহাতে ব্যক্তি স্বাধীনতাসমূহ কোনো কাৰণত খৰ্ব হ’লে আইনী ব্যৱস্থাৰে ৰক্ষণাবেক্ষণ দিয়াৰ জ্ঞান প্ৰদান কৰা।
(ঘ) দক্ষতা অর্জনৰ শিক্ষা প্ৰদান কৰিব লাগে, যাতে তেওঁলোকে সমাজত উদ্ভৱ হোৱা বিভিন্ন সমস্যা যেনে—দৰিদ্ৰতাৰ সমস্যা, স্বাস্থ্য, স্বাস্থ্য সম্বন্ধীয় সমস্যা, খাদ্য সমস্যা, পৰিৱেশীয় সমস্যা ইত্যাদিবোৰ যাতে দক্ষতাৰে, সহযোগিতাৰে সমাধানৰ পথ গ্ৰহণ কৰিব পাৰে তাৰ বাবে শিক্ষাৰ্থীসকলক উপযুক্ত কৰি গঢ়ি তুলিব লাগিব।
(ঙ) শিক্ষাৰ দ্বাৰা আন্তৰ্জাতিক বুজাপৰাৰ মনোভাৱ বিকাশ সাধনৰ উপযুক্ত পৰিৱেশ সৃষ্টিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। জাতীয় আৰু আন্তৰ্জাতিক স্তৰত সংহতি, ভাতৃত্ববোধ, নিৰপেক্ষতাৰ, উপলব্ধিৰ উৎকৰ্ষ সাধন কৰাৰ বাবে শিক্ষা দিব লাগিব। লগতে উপযুক্ত মৌলিক কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। বিশ্বৰ বিভিন্ন প্ৰান্তত গৱেষণা আৰু অধ্যয়নৰ জৰিয়তে জ্ঞান আৰু অভিজ্ঞতা আহৰণৰ গুৰুত্ব প্ৰদান।
(চ) শিক্ষাদান পদ্ধতিত ছোৱালীসকল আৰু মহিলাসকলৰ প্ৰতি থকা বৈষম্যৰ দৃষ্টিভংগী আঁতৰ কৰাৰ প্ৰত্যক্ষ ব্যৱস্থা ল’ব লাগিব। শিক্ষা প্ৰক্ৰিয়াৰ সহায়ত ছোৱালী আৰু মহিলাসকলৰ সকলো প্ৰকাৰৰ সক্ষমতাৰে পূৰ্ণ বিকাশ সাধন কৰিব লাগিব।
(ছ) বিশ্ব ক্ষুধা সম্পৰ্কীয় অধ্যয়নক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত আনুষ্ঠানিক সম্ভৱ কৰি তুলিব লাগে। ক্ষুধা সম্পৰ্কীয় একোখন কার্য-কমিটি প্ৰত্যেক ৰাষ্ট্ৰত গঠন কৰি ৰাষ্ট্ৰ আৰু বিশ্বৰ ক্ষুধা সংকট সম্পৰ্কে সচেতন কৰিবৰ বাবে শৈক্ষিক অনুষ্ঠানসমূহক সুবিধা আৰু সহযোগিতা আগবঢ়াব লাগে।
(জ) পাঠ্যক্ৰমৰ নৱীকৰণ, পাঠ্যপুথিৰ বিষয়বস্তুৰ পৰিৱৰ্তন, শিক্ষাৰ অন্যান্য বস্তুসামগ্ৰীসমূহ বাস্তৱমুখী কৰি তোলা, নতুন প্ৰযুক্তিমূলক উপায় আৰু সঁজুলিসমূহৰ ব্যৱহাৰ আদিৰে আনৰ সংস্কৃতিক সন্মান, মানৱ মৰ্যাদাৰ প্ৰতি সন্মান প্ৰদৰ্শন, স্বাধীনতাতাৰ মূল্যৰ প্ৰশংসা কৰিব পৰা লগতে অহিংসা তথা শান্তিপূৰ্ণ ভাৱ প্ৰতিহত, যুক্তিৰে বিচাৰ কৰা প্ৰক্ৰিয়াসমূহৰ প্ৰতি মনোযোগ দিব লাগিব।
(ঝ) বিশ্বত উদ্ভৱ হোৱা খাদ্য সমস্যাই বিশ্ব শান্তি বিনষ্ট কৰিছে। সেয়ে কৃষিৰ ক্ষেত্ৰত দক্ষ আৰু কৃষি শিক্ষাৰে শিক্ষিত লোকসকল, কৃষকসকলক অধিক খাদ্য উৎপাদন কৰিব পৰাকৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষিত কৰি তুলিব লাগিব।
(ঞ) জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে পৰিৱেশ পৰিকল্পনাৰ জ্ঞান শিক্ষাৰ্থী তথা সমাজৰ আন লোকসকলক দিব লাগে। শিক্ষক, স্বাস্থ্যবিজ্ঞানী আৰু চিকিৎসকসকলে শিক্ষাৰ্থীসকলক লগতে জনসাধাৰণকো, খাদ্যাভ্যাস আৰু সুষম পুষ্টিকৰ খাদ্য প্ৰস্তুত সম্পৰ্কীয় শিক্ষা প্ৰদান কৰিব লাগে।
প্ৰশ্ন ১০৫। মাধ্যমিক পৰ্যায়ত শান্তি শিক্ষা প্ৰদানত শিক্ষকৰ ভূমিকা আলোচনা কৰা। (Discuss the role of teachers in providing peace education at the secondary level. )
উত্তৰঃ মাধ্যমিক পৰ্যায়ত শান্তি শিক্ষা প্ৰদানত শিক্ষকৰ ভূমিকাসমূহ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি—
(ক) মহান মনীষীসকল, সমাজকর্মী আৰু যিসকল ব্যক্তিয়ে সমাজত শান্তি প্ৰতিষ্ঠাৰ বাবে অহৰহ ব্ৰতী হৈছে, সেইসকলৰ আত্মজীৱনী তথা তেওঁলোকৰ জীৱনৰ আদৰ্শৰে, শিক্ষকসকলে শিক্ষাৰ্থীৰ মনত শান্তিৰ ভাৱধাৰা জগাই তুলিব চেষ্টা কৰিব পাৰে।
(খ) বিশ্ব শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিভিন্ন ধৰ্মৰ ইতিবাচক ভূমিকা সম্বন্ধে শিক্ষাৰ্থীক ফঁহিয়াই দেখুৱাব লাগে।
উচ্চ মাধ্যমিক স্তৰত :- এই পৰ্যায়ত শিক্ষাৰ্থীসকলে শাৰিৰীক, মানসিক আৰু সামাজিকভাৱে পৰিপক্ক আৰু সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ এক গধূৰ দায়িত্ব আছে। সেয়েহে শিক্ষাৰ এক স্তৰত শিক্ষকজনে অতি সতৰ্কতাৰে শান্তি শিক্ষা প্ৰদানৰ দিহা কৰিব লাগে।
(ক) শান্তি প্ৰতিষ্ঠাৰ হকে কাম কৰি যোৱা বিভিন্ন আন্তৰ্জাতিক সংস্থাসমূহ যেনে—ৰাষ্ট্ৰসংঘ (UNO), ইউনোস্কো (UNESCO), ৰেডক্ৰচ, স্কাউট আৰু গাইডৰ কৰ্মপন্থা, আন্তৰ্জাতিক চুক্তিৰ বিষয়ে আভাস দি ছাত্ৰ-ছাত্ৰীৰ মনত শান্তিৰ ভাৱ জগাই তুলিবৰ চেষ্টা কৰিব লাগে।
(খ) বুৰঞ্জী, ভূগোল, সমাজ অধ্যয়ন, সাহিত্য আদি বিষয়ৰ শিক্ষণৰ মাধ্যমেৰে শিক্ষকগৰাকীয়ে শিক্ষাৰ্থীৰ মাজত শান্তিৰ মনোভাৱ জগাই তুলিব পাৰে।
(গ) শিক্ষকসকলে সহ-পাঠ্যক্ৰমৰ মাধ্যমেৰে তলত উল্লেখ কৰা ধৰণে শান্তি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব পাৰে—
১। বিদ্যালয়ত প্ৰৱৰ্তিত সহ-পাঠ্যক্ৰমৰ মাধ্যমেদি শান্তি শিক্ষা প্ৰদান কৰিব পাৰে।
২। আন্তঃৰাষ্ট্ৰীয় দিৱস যেনে—ৰাষ্ট্ৰসংঘ দিৱস, বিশ্ব পৰিবেশ দিৱস, বিশ্ব স্বাস্থ্য দিৱস আদি উদযাপনৰ জৰিয়তে বিশ্ব ভাতৃত্ববোধৰ ভাৱ জগাই তুলিব পাৰে।
৩। শিক্ষাৰ্থীসকলক সমাজসেৱাৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে উৎসাহিত কৰিব লাগে। উদাহৰণস্বৰূপে সামাজিক বনানিকৰণ, সমূহীয়া শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ, সামাজিক উৎসৱ-পাৰ্বনত যোগদান, বানপীড়িত অঞ্চল, ভূমিকম্প অধ্যুষিত অঞ্চলত সহায়ৰ হাত আগবঢ়োৱা ইত্যাদিৰ কথা উল্লেখ কৰিব পাৰি। সমূহীয়া কৰ্মৰাজিত অংশগ্ৰহণৰ জৰিয়তে তেওঁলোকৰ মনৰ পৰা হিংসা, ভেদাভেদ দূৰ হ’ব আৰু একতাৰ মনোভাৱ গঢ়ি উঠিব।
৪। যিসকল মহান ব্যক্তিয়ে বিশ্বত শান্তি প্ৰতিষ্ঠাৰ হকে অহৰহ চেষ্টা কৰি গ’ল, সেই ব্যক্তিসকলৰ ‘জন্মদিৱস’ বিদ্যালয়ত উদযাপন ব্যৱস্থা কৰিব লাগে। তেখেতসকলৰ মহৎ কৰ্মৰাজিয়ে শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰাৰ লগতে, তেওঁলোকে শান্তি প্ৰতিষ্ঠাৰ হকে কাম কৰিবলৈ আগ্ৰহী হৈ উঠিব।
৫। শিক্ষকসকলে শান্তি শিক্ষাৰ উত্তৰণ, প্ৰতিষ্ঠা তথা আলোচনাৰ বাবে; আলোচনা চক্ৰ, তৰ্ক প্ৰতিযোগিতা, কৰ্মশালা আদিৰ ব্যৱস্থা কৰি শিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ সুবিধা দিব লাগে। ইয়াৰ দ্বাৰা তেওঁলোকে শান্তিৰ ধাৰণা আৰু ইয়াৰ গুৰুত্ব সম্বন্ধে অধিক জ্ঞান লাভ কৰিব। শান্তি সম্বন্ধীয় উপযুক্ত ধাৰণাই শিক্ষাৰ্থীসকলক শান্তি প্ৰতিষ্ঠাৰ প্ৰতি আগ্ৰহী কৰিব আৰু তেওঁলোকে শান্তি বিঘ্নিত কৰা ঘটনাৰাজিৰ উৎস বিচাৰি উলিয়াবৰ বাবে আগবাঢ়ি আহিব।
৬। বিদ্যালয়ত মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ত শিক্ষকে নাটক, কুইজ, খেল-ধেমালি, চিত্ৰাংকন, সংগীত আদিৰ দৰে সহ-পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে। ইয়াত অংশগ্ৰহণৰ জৰিয়তে তেওঁলোকৰ মনত মানৱীয় তথা সামাজিক মূল্যবোধ গঢ়ি উঠিব। এই মূল্যবোধসমূহেই শান্তি শিক্ষাৰ উত্তৰণৰ চেষ্টাত সহায়ক হ’ব।
সেয়েহে শিক্ষকসকলে বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু সহ-পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত শান্তি শিক্ষা প্ৰদান কৰি, বিশ্ব শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগে।
প্ৰশ্ন ১০৬। মানৱ অধিকাৰৰ অৰ্থ আৰু সংজ্ঞাৰ বিষয়ে আলোচনা কৰা। (Discuss the meaning and definition of human rights.)
উত্তৰঃ বৰ্তমান মানৱ অধিকাৰ ধাৰণাই সৰ্বজনীন ৰূপ লাভ কৰিছে। মানৱ অধিকাৰ বুলি কওঁতে কোনো এক নিৰ্দিষ্ট ধৰণৰ অধিকাৰে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো ধৰণৰ অধিকাৰকে সামৰি লয়। সেয়েহে মানৱ অধিকাৰৰ এক সুনিৰ্দিষ্ট সংজ্ঞা দিয়াটো সহজ কাম নহয়।
কিছুমান পণ্ডিতৰ মতে মানুহৰ মৰ্যাদা ৰক্ষাৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহে হৈছে মানৱ অধিকাৰ।
লুইছ হেনকিনৰ মতে, “মানৱ অধিকাৰ হৈছে সমাজত ব্যক্তিৰ অধিকাৰ।”
ভিয়েনা চহৰত ১৯৯৩ চনত অনুষ্ঠিত হোৱা মানৱ অধিকাৰৰ বিশ্ব সন্মিলনে গ্ৰহণ কৰা ঘোষণাত কোৱা হৈছে— “সকলো মানৱ অধিকাৰ মানুহৰ সৈতে নিহিত হৈ থকা মৰ্যাদা আৰু মূল্যৰ পৰা উদ্ভৱ হয়, গতিকে মানুহ হৈছে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ কেন্দ্ৰীয় বিষয়বস্তু।”
ড° দুৰ্গাদাস বসুৰ মতে—”অন্য কোনো কথা বিবেচনা নকৰাকৈ মানৱ পৰিয়ালৰ সদস্য হিচাপে প্ৰতি গৰাকী ব্যক্তিয়ে ৰাষ্ট্ৰ অথবা অন্যান্য ৰাজহুৱা কৰ্তৃত্বৰ বিৰুদ্ধে লাভ কৰা নিম্নতম অধিকাৰে হৈছে মানৱ অধিকাৰ।
ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ১৯৯৩ চনত গ্ৰহণ কৰা মানৱ অধিকাৰ সুৰক্ষা আইনৰ মতে– “মানৱ অধিকাৰ, যিবিলাকক সংবিধানে নিশ্চয়তা প্ৰদান কৰে অথবা আন্তৰাষ্ট্ৰীয় চুক্তিৰ জৰিয়তে প্ৰকাশ পায় আৰু ভাৰতবৰ্ষৰ আদালতে কাৰ্যকৰী কৰে।”
ন্যায়াধীশ ভি.এম তাৰাকুণ্ডেৰ মতে ‘মানৱ অধিকাৰ পদটোৱে সাধাৰণ অৰ্থত ব্যক্তিৰ সামাজিক জীৱনৰ সকলো দিশক সামৰি লোৱা কিছুমান ৰীতি-নীতি বা দস্তুৰক বুজায়।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভেংকটচালিয়াৰ মত অনুসৰি— “মানৱ অধিকাৰ হৈছে নিজ প্ৰকৃতি থকা অধিকাৰ, যিসকল নহ’লে আমি কেতিয়াও মানুহ হিচাপে জীয়াই থাকিব নোৱাৰো।”
প্ৰশ্ন ১০৭। মানৱ অধিকাৰ বিষয়ত থমাছ ধাৰণা আলোচনা কৰা। (Discuss Thomas Hobbes’s concept of human rights.)
উত্তৰঃ পূৰ্ণাংগ ৰাষ্ট্ৰ ধাৰণাৰ সমৰ্থক হবচ হ’ল সামাজিক চুক্তি তত্বৰ মূল আৰু প্ৰথম প্ৰবক্তা। হবচে ১৬৫১ চনত ‘লেভিয়াথান’ নামৰ গ্ৰন্থখন প্ৰকাশ কৰিছিল। এই গ্ৰন্থখনৰ জৰিয়তে হবচে “প্ৰাকৃতিক আইন” আৰু “প্ৰাকৃতিক অধিকাৰ”ৰ ধাৰণা আগবঢ়াইছে।
হবচৰ মতে ৰাষ্ট্ৰ গঠনৰ আগেয়ে ব্যক্তিয়ে প্ৰকৃতিৰ ৰাজ্যত বাস কৰিছিল। যদিও প্ৰকৃতি ৰাজ্যত মানুহৰ জীৱন অসুৰক্ষিত, পাশৱিক পশু সুলভ আৰু অল্পায়ু আছিল তথাপিও সকলোৱে স্ব-অধিকাৰ সহিত সীমাবদ্ধতাৰ মাজত হ’লেও সুখী আছিল। হবচৰ প্ৰকৃতি ৰাজ্যত জনসাধাৰণক নিয়ন্ত্ৰণ কৰিবলৈ কোনো সৰ্বময় কৰ্তা নাছিল। সেয়েহে কোনো এক চুক্তিৰ দ্বাৰা অধিকাৰসমূহ এজন সাৰ্বভৌম কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰিছিল। হবচৰ প্ৰকৃতি ৰাজ্যত সাৰ্বভৌমত্ব হৈছে জনসাধাৰণৰ প্ৰতিনিধি।
হবচৰ সামাজিক চুক্তিৰ ধাৰণাটোৱে মানৱ অধিকাৰৰ বিকাশত ইন্ধন যোগাইছিল। হবচে অসীমিত ব্যক্তিৰ অধিকাৰ ধাৰণাক সমৰ্থন কৰা নাছিল। তেওঁ যিহেতু ৰাষ্ট্ৰৰ নিৰংকুশ আৰু অসীমিত সাৰ্বভৌম ক্ষমতাৰ ওপৰত প্ৰধান্যতা দিছিল, সেয়েহে সাৰ্বভৌম কৰ্তৃপক্ষৰ দ্বাৰা ব্যক্তিৰ অধিকাৰো নিয়ন্ত্ৰিত হয় বুলিহে হবচে ধাৰণা আগবঢ়াইছিল। তেওঁৰ মতে প্ৰাকৃতিক অৱস্থাৰ মানুহে বিভিন্ন অধিকাৰৰ গৰাকী আছিল যদিও চুক্তি সম্পাদনৰ ফলত মানুহ নেতিবাচক স্বাধীনতাৰহে অধিকাৰী হ’ল। অৰ্থাৎ শাসক বা সাৰ্বভৌমত্ব কৰ্তৃপক্ষৰ ইচ্ছাৰ ওপৰত মানুহে অধিকাৰ ভোগ কৰিব পৰা বা নোহোৱাটো নিৰ্ভৰশীল হ’ল।
প্ৰশ্ন ১০৮। জন ল’কৰ মানৱ অধিকাৰ ধাৰণাটো চমুকৈ আলোচনা কৰা। (Briefly discuss John Locke’s concept of human rights of the people.)
উত্তৰঃ জন ল’কে মানৱ অধিকাৰৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। জন ল’ক আছিল “প্ৰাকৃতিক আইন আৰু প্ৰাকৃতিক” অধিকাৰৰ প্ৰৱক্তা। তেওঁ “Two treatises on civil Government” নামৰ গ্ৰন্থখনত প্ৰাকৃতিক আইন আৰু প্ৰাকৃতিক অধিকাৰৰ ধাৰণা আগবঢ়াইছে।
ল’কৰ মতে প্ৰাকৃতিক ৰাজ্যত আছিল শান্তি; শুভেচ্ছা আৰু পাৰস্পৰিক সহযোগিতা। ল’কৰ প্ৰাকৃতিক অৱস্থা যুক্তি আৰু সমতাপূৰ্ণ মানৱীয় মৰ্যাদাৰ আধাৰত প্ৰতিষ্ঠিত আছিল। ল’কৰ মতে প্ৰাকৃতিক অৱস্থাত দেখা দিয়া কিছু বেমেজালি আৰু বিশৃংখলতাৰ পৰা মুক্তি পোৱাৰ বাবে মানুহে চুক্তিত আবদ্ধ হ’ল। এই চুক্তিৰ মূল চৰ্ত হ’ল ৰজাই জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে শৃংখলিত শাসনৰ দায়িত্ব বহন কৰিব লাগিব।
প্ৰাকৃতিক অধিকাৰসমূহ আছিল—
(ক) জীৱনৰ অধিকাৰ।
(খ) স্বাধীনতাৰ অধিকাৰ।
(গ) সম্পত্তিৰ অধিকাৰ।
ল’কে আগবঢ়োৱা প্ৰাকৃতিক অধিকাৰৰ ধাৰণাই পিছৰ কালৰ মানৱ অধিকাৰ আন্দোলন আৰু মানৱ অধিকাৰৰ বিভিন্ন দলিলক গভীৰভাৱে প্ৰভাৱিত কৰিছে। বিশেককৈ ল’কে আগবঢ়োৱা জীৱন, স্বাধীনতা আৰু সম্পত্তিৰ অধিকাৰৰ ধাৰণাই আমেৰিকাৰ স্বাধীনতা সংগ্ৰামৰ ঘোষণা, অধিকাৰ বিধেয়ক আৰু আনকি ৰাষ্ট্ৰসংঘই ১৯৪৮ চনত গ্ৰহণ কৰা “মানৱ অধিকাৰ” ৰ সাৰ্বজনীন ঘোষণাকো প্ৰভাৱিত কৰিছিল।
প্ৰশ্ন ১০৯। মানৱ অধিকাৰৰ বিষয়ে ৰুছোৰ বৰঙণি আলোচনা কৰা। (Discuss Rousseau’s contribution to human rights.)
উত্তৰঃ মানৱ অধিকাৰ বিকাশত বিশেকভাৱে চিন্তাৰ অৱকাশ ঘটোৱা ৰাজনৈতিক চিন্তাবিদসকলৰ ভিতৰত ৰুছোৰ অৱদান উল্লেখনীয়।
ৰুছোৰ মতে প্ৰকৃতি ৰাজ্যত বসবাস কৰা জাতি গোষ্ঠীৰ অবাধ স্বাধীনতা আছিল আৰু নিয়ন্ত্ৰিত জীৱন ধাৰাৰ পৰা সম্পূৰ্ণ মুক্ত আছিল। অবাধ স্বাধীনতাই শৃংখলাহীনতাৰ পথ সুগম কৰাৰ ফলত সমাজত অশান্তি, অসূয়া বৃদ্ধি পাইছিল। অশান্তিৰ পৰিৱেশৰ মাজতে মানুহৰ মাজৰ এটা চামে প্ৰাকৃতিক অধিকাৰ কিছুমান ত্যাগ কৰি তেওঁলোকৰ মাজতে এক চুক্তিত আবদ্ধ হ’ল। সেই চুক্তিয়েই সাধাৰণ ইচ্ছাৰ ওপৰত প্ৰতিষ্ঠিত আছিল।
ৰুছোৰ সামাজিক চুক্তিৰ জৰিয়তে সুৰক্ষিত মানৱ অধিকাৰসমূহ এনেধৰণৰ—
(ক) কোনো সাৰ্বভৌম কৰ্তৃপক্ষৰ হাৰত সমস্ত অধিকাৰ ৰক্ষাৰ ভাৰ প্ৰদান কৰা মানেই শৃংখলিত তথা সমতাৰ ভিত্তিত ব্যক্তিৰ স্বতন্ত্ৰতা ৰক্ষা কৰে।
(খ) ব্যক্তিৰ সম্পত্তিৰ অধিকাৰক বৈধতা দিয়া মানেই সুৰক্ষিত অৰ্থনৈতিক জীৱন উপভোগ কৰা।
(গ) মানুহক সামাজিক স্বতন্ত্ৰতা প্ৰদান কৰা।
(ঘ) প্ৰজা পালকৰ নিৰ্দিষ্ট দায়িত্ব নিৰ্ধাৰিত হ’ল য’ত প্ৰজাই নিষ্কণ্টক হৈ জীৱন-যাপন কৰিব পাৰিব।
(ঙ) এই তত্ত্ব ৰুছোৰ প্ৰাকৃতিক আইনৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব।
প্ৰশ্ন ১১০। মানৱ অধিকাৰৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ বিষয়ে আলোচনা কৰা। (Discuss the origins and evolution of human rights.)
উত্তৰঃ জন্মসূত্ৰে লাভ কৰা প্ৰাকৃতিক আৰু অবিচ্ছিন্নসমূহৰ সুৰক্ষাৰ ধাৰণাটি অতি পুৰণি যদিও বেবিলনৰ আইন ব্যৱস্থাত ইয়াৰ প্ৰথম ব্যৱহাৰ পৰিলক্ষিত হৈছিল। কুৰি শতিকাৰ প্রথমাৰ্ধৰ পৰা আন্তঃৰাষ্টীয় আৰু ৰাষ্ট্ৰীয় পটভূমিত মানৱ অধিকাৰ ধাৰণাই প্ৰসাৰ আৰু জনপ্ৰিয়তা লাভ কৰে যদিও প্ৰাকৃতিক অধিকাৰ আৰু প্ৰাকৃতিক আইন হিচাপে ইয়াৰ ধাৰণা অতি পুৰণি। গ্ৰীক দাৰ্শনিক প্লেটোৱে পোন প্ৰথমতে নৈতিক আচৰণ আৰু অধিকাৰৰ বিষয়ে উল্লেখ কৰিছিল। এৰিষ্টট’লে এনে নৈতিক অধিকাৰ প্ৰদানৰ পোষকতা কৰিছিল। ৰোমান লিখক চিচাৰোৱে মানৱ সভ্যতাৰ হকে এনেকুৱা সাৰ্বজনীন মানৱ অধিকাৰৰ পোষকতা কৰিছিল। যিবোৰে সমাজৰ পৰম্পৰাগত প্ৰথা আৰু পৌৰ আইনৰ বিকল্প হিচাপে ভূমিকা পালন কৰিব পাৰে। পৰৱৰ্তী সময়ত ষ্টইক দাৰ্শনিক সকলেও প্ৰাকৃতিক অধিকাৰৰ ধাৰণাৰ জনপ্ৰিয় কৰিছিল। মধ্যযুগীয় সময়ত প্ৰাকৃতিক আইনৰ শ্ৰেষ্ঠতাৰ প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে জৈৱিক আইনৰ ধাৰণাৰ প্ৰসাৰ হৈছিল।
১২১৫ চনৰ মেগনাকাৰ্টাক দৰাচলতে মানৱ অধিকাৰ আন্দোলনৰ অন্যতম বাটকটীয়া বুলিব পাৰি। ইয়াক ইংৰাজসকলৰ স্বাধীনতাৰ অন্যতম চনদ বা দলিল বুলিও বহুতে ক’ব বিচাৰে। প্রাকৃতিক আইন হিচাপে মানৱ অধিকাৰ আইনগত মৰ্যাদা দিয়াৰ বাটকটীয়া আছিল থমাচ্ হবচ, জন ল’ক আৰু ৰুছো। বিশেককৈ জন ল’কে ১৮৮৯ চনৰ “Civil Government” নামৰ গ্ৰন্থত সাংবিধানিক ৰাজতন্ত্ৰৰ দৰে শাসক ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণৰ ন্যূনতম পৌৰ অধিকাৰসমূহৰ সুনিশ্চিতকৰণৰ পোষকতা কৰিছিল।
অষ্টাদশ শতিকাত প্ৰাকৃতিক আইনৰ ধাৰণাৰ বিৰোধিতা কৰি বিধিবদ্ধ আইন হিচাপে মানৱ অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণৰ হকে বৌদ্ধিক জনমত গঢ় লৈ উঠিছিল।
ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱৰ পিছত অধিকাৰ বিধেয়ক প্ৰণয়ন কৰি নাগৰিকসকলক পৌৰ স্বাধীনতা অৰ্পন কৰা হৈছিল। গৌৰৱময় বিপ্লৱে প্ৰতিনিধিত্বমূল্য গণতন্ত্ৰৰ পথ মুকলি কৰিছিল।
১৭৭৬ চনৰ আমেৰিকাৰ ভাৰ্জিনিয়া ঘোষণাপত্ৰত পোন প্ৰথমবাৰৰ বাবে জনসাধাৰণৰ মৌলিক অধিকাৰৰ ধাৰণাক অন্তৰ্ভুক্ত কৰা হৈছিল।
১৭৮৯ চনৰ ২৬ আগষ্ট তাৰিখে ফ্ৰান্সৰ জাতীয় সভাই নাগৰিকৰ অধিকাৰ ঘোষণাপত্ৰখন গৃহীত কৰে। এই ঘোষণাপত্ৰত স্পষ্টভাৱে উল্লেখিত আছিল যে সকলো মানুহে মুক্তভাৱে জন্মগ্ৰহণ কৰে তথা স্বাধীনতা, সম্পত্তি ৰক্ষা তথা নিষ্পেষণৰ বিৰুদ্ধে অধিকাৰ লাভ কৰে।
১৯৪১ চনৰ ৰুছ ভেল্টৰ ঘোষণাপত্ৰত উল্লেখিত চাৰিবিধ স্বাধীনতাক আধুনিক যুগৰ মানৱ অধিকাৰসমূহৰ প্ৰথম লিপিবদ্ধ দস্তাবেজ বুলি ক’ব পাৰি।
১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে সৰ্বসন্মতিভাৱে ৰাষ্ট্ৰসংঘই গৃহীত কৰা সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰ মানৱ অধিকাৰৰ প্ৰথম ঐতিহাসিক দলিল। এই ঘোষণাপত্ৰখনে বিশ্বৰ সকলো জনসাধাৰণৰ সহজাত অধিকাৰসমূহৰ মান্যতা দিছে তথা ইয়ে দেশসমূহৰ মাজত ঐক্যমত আৰু সংহতিৰ সৃষ্টি কৰিছে।
প্ৰশ্ন ১১১। মানৱ অধিকাৰৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। (Write about the need for human rights education.)
উত্তৰঃ মানুহ সামাজিক প্ৰাণী হিচাপে সমাজ পাতি বসবাস কৰিলেও কিছুমান নিৰ্দিষ্ট অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈ আহিছে। তেনে অসুবিধাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে নিৰ্দিষ্ট কৰি লোৱা কিছুমান জ্ঞাত বিধি-বিধানৰ জৰিয়তে শুদ্ধ পথত গতি কৰিবলৈ চেষ্টা কৰা হয়। মানুহৰ প্ৰাকৃতিক অধিকাৰসমূহৰ এই অৱধাৰিত ৰূপকেই মানৱ অধিকাৰ আখ্যা দিয়া হয়।
মানৱ অধিকাৰ বিষয়টো বৰ্তমান যুগৰ এক গুৰুত্বপূৰ্ণ বিষয়, অধ্যয়নৰ বিষয় মানৱ অধিকাৰ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। সাম্প্ৰতিক কালৰ সমাজ বিজ্ঞানীসকলে মানুহৰ সমতা, স্বাধীনতা তথা জাতিগত স্বকীয়তা বজাই ৰখাৰ ক্ষেত্ৰত মানৱ অধিকাৰৰ গুৰুত্ব অপৰিসীম বুলি বিবেচনা কৰিবলৈ লৈছে। বিশেককৈ মৰ্যাদা আৰু সমতা—এই দুটা প্ৰধান নীতিৰ ওপৰত মানৱ অধিকাৰ প্ৰতিষ্ঠিত, সেয়া পৃথিৱীৰ প্ৰায় সকলো জাতি সভ্যতাৰ দর্শনতেই পোৱা যায়।
আধুনিক যুগত সমাজ-সংস্কৃতি সকলো দিশতেই মানৱ অধিকাৰ লংঘনৰ জঘন্য ৰূপ পৰিলক্ষিত হৈ আহিছে আৰু তাৰ প্ৰতিকাৰৰ প্ৰতিবাদী ব্যৱস্থাত মানৱ সমাজৰ পৰাই সংঘটিত ৰূপত প্ৰকাশ হ’ব লাগিছে। সেয়েহে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত মানৱ অধিকাৰ ৰক্ষাৰ বাবেবিভিন্ন ব্যৱস্থাৰ আয়তাৰণাত কৰা হৈছে।
মানৱ অধিকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মানুহ বেছিকৈ সজাগ হ’ল কুৰি শতিকাৰ প্রথমাৰ্ধতেই হোৱা দুখনকৈ বিশ্বযুদ্ধই সংঘটিত কৰা ধ্বংসলীলাৰ পাছত। কম বেছি পৰিমাণে সমগ্ৰ বিশ্বয়কেই ধ্বংসৰ মুখলৈ ঠেলি দিয়া দুখন মহাযুদ্ধই মানুহৰ জীৱন আৰু মৰ্যাদাৰ প্ৰতিয়েই ভাবুকি আনি দিয়ে।
বৰ্তমান সময়ত তেনে ভয়াবহ যুদ্ধ নাই সঁচা, কিন্তু ক্ষমতাকেন্দ্ৰিক বা অতি ক্ষমতাকেন্দ্ৰিক ব্যৱস্থাৰ পোষকতা কৰাৰ লগতে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰি প্ৰায়ে মানৱ অধিকাৰ লংঘন হোৱা দেখা যায়। সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্ৰসমূহত নিতৌ মানৱ অধিকাৰ লংঘন হ’ব ধৰিছে। অধিকাৰ লংঘনৰ প্ৰতিকাৰ বিচাৰিও মানুহ ৰাজপথলৈ ওলাইছে, আদালতৰ দ্বাৰা প্ৰতিকাৰ বিচাৰি হাবাথুৰি খাইছে। বৰ্তমান যুগত মানৱ অধিকাৰ লংঘনৰ খেল প্ৰতিযোগিতাহে চলিছে। পৃথিৱীত এনে এখন দেশ নাই য’ত মানৱ অধিকাৰ স্থায়ীভাৱে সুৰক্ষিত বুলি ক’ব পৰা যায়।
চৰকাৰীভাৱেই হওঁক বেচৰকাৰীভাৱেই হওঁক মানুহৰ অধিকাৰসমূহৰ ন্যায্যতাৰ প্ৰতি ভাবুকি অহা পৰিলক্ষিত হয়। কেতিয়াবা যদি সন্তাসবাদী সংগঠনৰ দ্বাৰা মানৱ অধিকাৰসমূহ ভংগ হৈছে, আকৌ কেতিয়াবা চৰকাৰৰ অমনোযোগী মনোভাৱৰ বাবে মানৱ অধিকাৰ লংঘন হোৱা দেখা যায়।
মানৱ অধিকাৰনো কি ? ইয়াৰ প্ৰকৃত প্ৰয়োগৰ লাভালাভ কি ? ইয়াক কেনেদৰে মানুহৰ মনুষ্যত্ব বিকাশত সহায়ক কৰি তুলিব পৰা যায় তাৰ প্ৰকৃত শিক্ষা জনসাধাৰণক দিয়াটোৱেই মানৱ অধিকাৰ শিক্ষা। সমাজত বসবাস কৰা প্ৰত্যেক ব্যক্তিৰ অধিকাৰৰ বিষয়ে নিজে সজাগ আৰু সচেতন হ’ব পৰাকৈ দায়িত্বশীল জীৱন যাপনৰ ব্যৱস্থা কৰাই মানৱ অধিকাৰ শিক্ষাৰ ঘাই উদ্দেশ্য। মানৱ অধিকাৰ শিক্ষাই মানুহক আনৰ প্ৰতি শ্ৰদ্ধাশীল আৰু সহানুভূতিশীল হ’বলৈ শিকায়।
মানৱ অধিকাৰ আৰু মানৱীয় মৰ্যাদাৰ প্ৰতি শ্ৰদ্ধা হৈছে জীৱনৰ স্বাধীনতা, সুবিচাৰ আৰু শান্তিৰ অধিকাৰ। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ তিনি বছৰৰ পাছত ইয়াৰ সাধাৰণ পৰিষদে ঘোষণা কৰা মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্ৰত এইদৰে কোৱা হ’ল।
১৯৪৮ চনৰ ১০ ডিচেম্বৰৰ ৰাষ্ট্ৰসংঘৰ সাধনৰ পৰিষদে ঘোষণা কৰা মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্ৰৰ যোগেদিয়েই পৃথিৱীৰ ৰাষ্ট্ৰসমূহত মানৱ অধিকাৰ সম্পৰ্কীয় এক সুস্থ বাতাবৰণ সৃষ্টিৰ আহ্বান জনোৱা হ’ল। মানৱ অধিকাৰ শিক্ষাই প্ৰকৃততে মানুহৰ মৌলিক অধিকাৰসমূহৰ যথোচিত ৰক্ষণাবেক্ষণকে বুজায়, যিবোৰ অধিকাৰ কোনো পৰিৱেশ পৰিস্থিতিতে চৰকাৰ বা কোনো সংস্থাৰ দ্বাৰা কৰ্তন কৰা হ’ব নোৱাৰে। বৰ্তমান সময়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্টীয়ভাৱেও মানৱ অধিকাৰ শিক্ষাৰ ব্যৱস্থা কৰা হৈছে।
১৯৯৩ চনত ভিয়েনা অনুষ্ঠিত মানৱ অধিকাৰ কিন্তু সন্মিলনত মত পোষণ কৰা হৈছিল যে বিভিন্ন সম্প্ৰদায়ৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্কৰ বিকাশ সাধন কৰিবলৈ আৰু পাৰস্পৰিক বুজাপৰা, সহনশীলতা আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে মানৱ অধিকাৰ শিক্ষা অপৰিহাৰ্য।
ইয়াৰ আগেয়ে ১৯৭৮ চনৰ ভিয়েনাত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ শিক্ষা প্ৰদান কৰাটো অৱশ্যম্ভাৱী কৰিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰি আলোচনা কৰা হয়। ৰাষ্ট্ৰসংঘই ১৯৯৫ চনৰ ১ জানুৱাৰী পৰা ২০০৪ চনৰ ৩১ ডিচেম্বৰলৈকে এই সময়ছোৱাত মানৱ অধিকাৰ শিক্ষাৰ দলক হিচাপে পালন কৰা হয়। এই দশকটোৰ মূলমন্ত্ৰ আছিল আন্তৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ক্ষেত্ৰত মানৱ অধিকাৰ শিক্ষাৰ প্ৰসাৰৰ বাবে বিশেষ কৌশল প্ৰস্তুত কৰা আৰু লগতে মানৱ অধিকাৰ শিক্ষাৰ কাৰ্যসূচী তৈয়াৰ আৰু কাৰ্যকৰী কৰা।
গতিকে মানৱ অধিকাৰক সাৰ্বজনীন ৰূপ দিয়াৰ বাবে মানৱ অধিকাৰ শিক্ষণৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। মানুহৰ জীৱন—ধাৰণৰ সুস্থ-সবল আৰু মানৱীয় দিশসমূহৰ প্ৰতিফলন ঘটাব মানৱ অধিকাৰ শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মানুহৰ দ্বাৰা প্ৰাপ্ত আন আন শিক্ষণৰ লগতে আন মানুহৰ প্ৰতি কেনেকৈ শ্ৰদ্ধাশীল, সহনশীল, স্নেহভাজন হ’ব লাগে ইত্যাদি দিশসমূহৰ যথোচিত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিলেহে মানৱ অধিকাৰ শিক্ষাৰ মূল উদ্দেশ্য সফল হ’ব আৰু ইয়াৰ লগে লগে এখন শান্তি-সমৃদ্ধিৰে ভৰা বিশ্বৰ আশা কৰিব পৰা যাব।
প্ৰশ্ন ১১২। তৃতীয় বিশ্বত মানৱ অধিকাৰৰ সমস্যাৰ বিষয়ে আলোচনা কৰা। (Discuss human rights issues in the Third World.)
উত্তৰঃ পশ্চিমীয়া উন্নত ৰাষ্ট্ৰসমূহৰ মানৱ অধিকাৰৰ প্ৰতি যি দৃষ্টিভংগী সেয়া তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত প্ৰতিফলিত হোৱা নাই। মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ অন্তৰ্ভুক্ত অধিকাৰসমূহ কাৰ্যকৰী কৰিবৰ বাবে অনুৰূপ পদক্ষেপে তৃতীয় ৰাষ্ট্ৰসমূহে ল’ব পৰা নাই।
নতুনকৈ আৰ্থিক উন্নতিৰ পিছ লোৱা তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত ঔপনিবেশিক শাসনৰ পৰৱৰ্তী সময়ৰ ৰাষ্ট্ৰ পুননির্মাণৰ প্ৰক্ৰিয়াটোত বাৰে বাৰে বাধা আহি পৰাটো স্বাভাৱিক কথা হৈ পৰিছে। এই ৰাষ্ট্ৰসমূহে জনসাধাৰণৰ ভোক নিবাৰণ আৰু দৰিদ্ৰতা দূৰীকৰণতেই অধিক সময় ব্যয় কৰিব লগা হৈছে।
তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত মানৱ অধিকাৰ গুৰুত্ব কম হোৱাৰ আন এটা কাৰণ হ’ল অতীতৰ অভিজ্ঞতা সুঁৱৰি পশ্চিমীয়া ৰাষ্ট্যবোৰক তৃতীয় বিশ্বৰ অনুন্নত ৰাষ্ট্ৰগোষ্ঠীয়ে অবিশ্বাসত লোৱাটো। বৰ্তমানৰ সন্তাসবাদী কাৰ্যকলাপ, গোষ্ঠীগত সংঘৰ্ষ আদি বিষয়সমূহেও তৃতীয় বিশ্বৰ অৰ্থনীতি ভাঙি পেলাইছে।
পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ মানৱ অধিকাৰৰ প্ৰতি থকা দৰদৰ প্ৰতি তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সন্দেহবাদী মনোভাৱ আন এটা গুৰুত্বপূৰ্ণ বিষয়।
ৰাষ্ট্ৰীয় কৰ্তৃপক্ষ তথা শাসকপক্ষক প্ৰত্যাহ্বান জনোৱা শক্তিসমূহক দমন কৰাৰ বাবেও অৰ্থ আৰু সময় অপব্যয় কৰিব লগা হৈছে।
তদুপৰি কিছুমান তৃতীয় বিশ্বৰ ৰাষ্ট্ৰত মানৱ অধিকাৰ বিষয়টোত গুৰুত্ব আৰোপ নকৰি আকোঁৰগোজ হৈ আওপুৰণি তথা প্ৰাচীন সামাজিক ৰীতি-নীতিসমূহৰ প্ৰতি দেখুওৱা অত্যাধিক দৰদেও বিশ্বৰ দেশসমূহত মানৱ অধিকাৰৰ সমস্যাই দেখা দিছে।
প্ৰশ্ন ১১৩। ৰাষ্ট্ৰসংঘই তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মানৱ অধিকাৰ ৰক্ষার্থে গুৰুত্ব দিয়া দিশসমূহ আলোচনা কৰা। (Discuss the importance of the United Nations protecting the human rights of third world countries.)
উত্তৰঃ ৰাষ্ট্ৰসংঘই তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মানৱ অধিকাৰ ৰক্ষার্থে গুৰুত্ব দিয়া দিশসমূহ হ’ল—
(ক) নতুন অধিকাৰ সংযোজন :- মানৱ অধিকাৰ গতিশীল হোৱা বাবে সময়ৰ অগ্ৰগতিৰ লগত ইয়াত নতুন অধিকাৰ সংযোজিত হৈ বিস্তৃতি লাভ কৰিছে। তৃতীয় প্ৰজন্মৰ অধিকাৰসমূহ এই শ্ৰেণীৰ অধিকাৰ। এই অধিকাৰসমূহে মানৱীয় মূল্যৰ ওপৰত গুৰুত্ব দিয়ে।
(খ) নতুন আন্তৰাষ্ট্ৰীয় অৰ্থনৈতিক নীতি :- নতুন আন্তৰাষ্ট্ৰীয় অৰ্থনৈতিক নীতিৰ জৰিয়তে ৰাষ্ট্ৰসংঘই তৃতীয় বিশ্বেৰ ৰাষ্ট্ৰসমূহৰ অৰ্থনীতি টনকিয়াল কৰিব বিচাৰিছে। তৃতীয় বিশ্বৰ দেশসমূহৰো সমবিকাশৰ ধাৰণাক ত্বৰাম্বিত কৰাৰ উদ্দেশ্যই সম অৰ্থনৈতিক বিকাশ নীতি গুৰুত্ব দিছে। ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য হ’ল আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত শান্তি স্থাপন কৰা। আন্তৰাষ্ট্ৰীয়ভাৱে শান্তিৰ প্ৰচেষ্টা নল’লে অনুন্নত ৰাষ্ট্ৰসমূহৰ বিকাশতো নহ’বই লগতে উন্নত ৰাষ্ট্ৰসমূহেও সমস্যাৰ সন্মুখীন হ’ব।
(গ) আত্মনিৰ্ধাৰণৰ নীতিৰ অন্তৰ্ভূক্তি :- ৰাষ্ট্ৰসংঘৰ চনদত উল্লিখিত আত্মনিৰ্ধাৰণৰ অধিকাৰ থকাটোৱেই মানৱ অধিকাৰ ৰক্ষাৰ প্ৰধান কৱচ বুলি ভবা তৃতীয় বিশ্বৰ দেশসমূহৰ চনদত উল্লিখিত আন আন নীতিসমূহতকৈ অধিক সমৰ্থন আদায় কৰে। কাৰণ ঔপনিবেশিক শাসনৰ কবলৰ পৰা সদ্যমুক্তিপ্ৰাপ্ত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ বাবে আত্মনিৰ্ধাৰণৰ অধিকাৰ অতি প্ৰয়োজন বুলি ভবা হ’ল।
১৯৬৬ চনৰ ICCPR আৰু ১৯৬৬ চনৰ ICESCR চুক্তি দুখনতো এই বিষয়ে উল্লেখ আছে। অৱশ্যে আত্মনিৰ্ধাৰণ কেৱল বিদেশী ৰাষ্ট্ৰৰ অধীনত থকা জাতিৰ বাবেহে প্ৰযোজ্য। অৱশ্যে ১৯৭০ চনত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা আন্তৰ্জাতিক আইনৰ নীতিৰ ঘোষণা পত্ৰত আত্মনিৰ্ধাৰণৰ সম্পৰ্কত আলোচনা কৰি কৈছে—-
‘That subjection of alien subjugation, domination and exploitation constitutes a violation of the principles of equal rights and self determination of people, as well as a denial of fundamental human rights, and is contrary to the charter of the United Nations.’
গতিকে আত্মনিৰ্ধাৰণক আন্তৰ্জাতিক আইনৰ এক নিৰ্ধাৰিত আৰু স্থায়ী নীতি আৰু ঔপনিবেশিকভাৱে শাসিতসকলৰহে আত্মনিৰ্ধাৰণৰ অধিকাৰ থাকিব।
আনহাতে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মানৱ অধিকাৰৰ লগত জড়িত কিছুমান আঞ্চলিক সংগঠন আছে। অনুন্নত তথা তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে উন্নত ৰাষ্ট্ৰসমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰিবলৈ আন্তঃৰাষ্টীয় অৰ্থনৈতিক সম্পৰ্কৰ বাবে প্ৰচেষ্টা চলোৱাৰ উদ্দেশ্য, অৰ্থনৈতিক সহযোগিতাৰে যৌথ আন্দোলনৰ পোষকতা কৰি কিছুমান আঞ্চলিক সংগঠনৰ জন্ম দিয়ে। এই আঞ্চলিক সংগঠন বোৰৰ মূল উদ্দেশ্য অন্তৰ্ভুক্ত দেশসমূহৰ মানুহৰ সামূহিক অধিকাৰ ৰক্ষণাবেক্ষণ দিয়া।
উদাহৰণস্বৰূপে, বৰ্ণবাদ, জাতিবাদ আৰু বৈষম্যমূলক আচৰণবোৰ ৰৌধকৰণৰ উপৰি অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰবোৰ সমূহিকভাৱে ভোগ কৰাৰ সুবিধা লাভ কৰাই আঞ্চলিক সংগঠনসমূহৰ প্ৰধান লক্ষ্য। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ স্বাধীনতা, সৰ্বভৌমত্ব আৰু অৰ্থনৈতিক স্বাধীনতা আৰু অধিকাৰ যাতে অক্ষুন্ন থাকে তাৰ প্ৰতিও এই আঞ্চলিক সংগঠনসমূহে প্ৰচেষ্টা চলাব। বিশেষকৈ তৃতীয় বিশ্বৰ প্ৰতি সাম্ভ্ৰাজ্যবাদী শক্তিসমূহৰ নীতিৰ বিৰুদ্ধে একগোট হৈ মানৱ অধিকাৰ ৰক্ষাত গুৰুত্ব দিয়ে।
প্ৰশ্ন ১১৪। নাৰীবাদী প্ৰেক্ষাপটত মানৱ অধিকাৰৰ গুৰুত্ব আলোচনা কৰা। (Discuss the importance of human rights in a feminist context.)
উত্তৰঃ গাৰ্গী আৰু মৈত্ৰেয়ীৰ দৰে পাণ্ডিত্যৰ অধিকাৰিণী, নাৰী শকুন্তলাৰ দৰে গণিতজ্ঞ মহীয়সী নাৰীয়ে পৃথিৱীত বুৰঞ্জীত কাললৈ খ্যাতি ৰাখি গৈছে। সেই সময়ৰ সমাজ ব্যৱস্থাত নাৰীৰ স্থান বহু ওপৰত আছিল। সমাজৰ সকলো ক্ষেত্ৰতে নাৰীসকলক আগস্থান দি সন্মান যচা হৈছে।
কিন্তু কালক্ৰমত নাৰীয়ে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি সকলো ক্ষেত্ৰতে অৱস্থান হেৰুৱাই যাবলৈ ধৰিলে। কালক্ৰমত নাৰীৰ স্থান দ্ৰুত গতিত অৱনতি হ’ল আৰু সামাজিক ক্ষেত্ৰখনত নাৰীক খেলৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিব ধৰিলে। মধ্যযুগত নাৰীৰ ওপৰত অমানৱীয় আচৰণ চলিল আৰু নাৰী হিচাপে সামাজিক বৈষম্যৰ বলি হ’ব লগা হ’ল। পৰ্দা প্ৰথা, কুমাৰী বিবাহ আদি নাৰীৰ প্ৰতি থকা বৈষম্যৰ চূড়ান্ত ৰূপবোৰে নাৰী জাতিক অৱহেলিত আৰু শোষিত শ্ৰেণীলৈ পৰ্যবসিত কৰিলে। কেৱল ভাৰতবৰ্ষতেই নহয়, সমগ্র পৃথিৱীতে নাৰীৰ প্ৰতি অৱহেলা, শোষণ নিষ্পেষণ অবৰ্ণনীয় ৰূপত চলি থাকিল। আফ্ৰিকীয় ৰাষ্ট্যবোৰত, পশ্চিমৰ ৰাষ্ট্যবোৰত বৰ্ণৰ ভিত্তিত ক’লা ছালৰ নিগ্ৰ’ নাৰীক দাসী হিচাপে ব্যবহাৰ কৰাৰ উপৰিও তথাকথিত ধনীক, মালিক শ্ৰেণীক দাসীবোৰে সর্বাংগ সুখ দি সন্তুষ্ট কৰিব লাগিছিল। মুঠতে নাৰী জাতি মানৱ সমাজৰ এটা সহযোগী উপজাতিত পৰিণত হৈছিল।প্ৰাচীন Tudo Christian সমাজত মহিলাসকলক Scorpion even ready to sting” আখ্যা দিয়া হৈছিল।
আধুনিক শিক্ষাৰে শিক্ষিত নাৰী আজি নাৰীবাদী আন্দোলনৰ নেতৃত্ব বহন কৰাৰ উপৰি বহুতো ৰাষ্ট্ৰত ৰাষ্ট্ৰৰ শীৰ্ষ পদবীত থাকি জাতি ৰাষ্ট্ৰসমূহ শাসন কৰাৰ সুবিধা পাইছে। সমসাময়িক সমাজখনত লিঙ্গভিত্তিক বৈষম্য দূৰ কৰি নাৰীৰ প্ৰাপ্য অধিকাৰ লাভৰ বাবে সমগ্র পৃথিৱীতেই সচেতনতাৰে কাৰ্যসূচী হাতত পোৱা হৈছে। এয়াও নাৰীবাদৰ বৰ্তমান ৰাষ্ট্ৰসংঘৰ উদ্যোগত ৮ মাৰ্চৰ দিনটো নাৰী দিৱস হিচাপে আন্তৰ্জাতিকভাৱে পালন কৰা হয়। নাৰীৰ সমতা, স্বাধীনতা আৰু সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাধীনতাৰ হকে এই দিনটোতেই বিশ্লেষণাত্মক আলোচনা কৰাৰ জৰিয়তে নাৰী সমাজৰ মাজত সজাগতা সৃষ্টিতো চেষ্টা কৰা হয়।
লিঙ্গভিত্তিত বৈষম্যৰ সমাজৰ কুৎচিত ৰূপটোৰ প্ৰতিফলন ঘটায়, যিটোক বৰ্তমান বিশ্বৰ গোলকীয় সমস্যা বুলি ক’ব পৰা যায়। সমগ্র বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় আধা সংখ্যাকেই নাৰী, কিন্তু মহিলাসকলক সমাজত যথেষ্ট বৈষম্যৰ বলি কৰা হৈছে। মহিলাসকল আধুনিক পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত দমন নিপীড়নৰ বলি হৈ থাকিব লগা হৈছে। ভাৰতীয় সমাজ ব্যৱস্থাত ভাৰতীয় সংবিধান গ্ৰহণ কৰাৰ পাছৰ পৰাহে মহিলা আৰু পুৰুষৰ মাজত থকা লিংগ ভিত্তিত পাৰ্থক্য হ্ৰাস হৈছে। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাতেই মহিলাৰ অধিকাৰ সম্পৰ্কত অসমতা আঁতৰাই সমতা আৰু ন্যায়ৰ ভিত্তিত শ্ৰেণীহীন সমাজ ব্যৱস্থাৰ কথা কোৱা হৈছে।
আনুমানিক নাৰীবাদী লেখকসকলে নাৰী আৰু পুৰুষৰ মাজত চলি থকা লিংগভিত্তিক বৈষম্যবোৰেই বৰ্তমান সমাজৰ বাবে ডাঙৰ প্ৰত্যাহ্বান বুলি ক’ব বিচাৰে।
প্ৰশ্ন ১১৫। আন্তৰ্জাতিক আইনত মহিলাৰ অধিকাৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। (Prepare a note on women’s rights under international law.)
উত্তৰঃ আন্তৰ্জাতিক ক্ষেত্ৰখনতো মহিলাৰ অধিকাৰ সম্পৰ্কত ব্যাপক চিন্তা-চৰ্চা চলি আহিছে। ইউৰোপ, আমেৰিকা আৰু লেটিন আমেৰিকাৰ দেশসমূহত এটা সময়ত পুৰুষ মহিলাৰ অধিকাৰ ভিত্তিত ‘ল’বি’ৰ সৃষ্টি হৈ আহিছে।
মহিলাৰ ক্ষেত্ৰত সংগঠিত হোৱা সমস্যাবোৰ, যেনে—বেশ্যাবৃত্তি, মহিলাৰ ক্ৰয়-বিক্রয় আদি সমস্যাৰ নিয়ন্ত্ৰণৰ বাবে উল্লিখিত ‘ল’বি’ অৰ্থাৎ গোটসমূহে বিভিন্ন ধৰণে প্ৰচেষ্টা হাতত লৈছিল। তৎস্বত্বেও নাৰীজনিত তেনেবোৰ ঘটনা ঘটিয়েই আছে। আনহাতে বেচৰকাৰী সংস্থা বা সংগঠনবোৰেও ৰাষ্ট্ৰসমূহৰ নাৰীজনিত বৈষম্যবোৰ আঁতৰোৱাৰ ক্ষেত্ৰত মহিলাৰ অধিকাৰ সম্পৰ্কীয় ভিয়েনা কনভেন্সন আৰু ১৯৯৫ চনৰ মহিলা সম্পৰ্কীয় বেইজিং বিশ্ব সন্মিলনেও মহিলাৰ অধিকাৰৰ মানৱ অধিকাৰ হিচাপে স্বীকৃতি দিয়ে। মহিলাৰ অধিকাৰক নতুন ৰূপত আন্তৰ্জাতিক আইনে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত এই দুয়োখন আন্তৰ্জাতিক সন্মিলনৰ গুৰুত্ব অপৰিসীম।
মহিলাসকলৰ অধিকাৰ বুলিলে সেই সমসাময়িক সময়ত অৱহেলিত মহিলাৰ অভিলেখ বা দুখসমূহক তীৰ্যক সমালোচনা কৰা হৈছিল। তদুপৰি আধুনিক আন্তৰ্জাতিক আইনৰ দৰে অধিকাৰ ৰক্ষণাবেক্ষণ দিয়া সংস্থাৰো সজাগতামূলক দৃষ্টিভংগী নাছিল।
আন্তৰ্জাতিক আইন আৰু মানৱ অধিকাৰৰ সম্পৰ্ক বৰ বিশেষ মনঃপুত নোহোৱা ধৰণৰ। আইন সমূহতো মহিলাতকৈ পুৰুষৰ গুৰুত্ব বেছি আছিল বাবে মহিলাসকল কালক্ৰমত অধিক সক্ৰিয় হ’বলৈ ধৰিলে। বৰ্তমান আন্তৰ্জাতিক আইনৰ ধাৰা সলনি হ’ল আৰু পুৰুষ মহিলা উভয়ৰে অধিকাৰৰ সমমৰ্যাদাৰে আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগত দুটা দিশ জড়িত হৈ আছে।
সেই দুটা হ’ল—-
(ক) মূলসুঁতিৰ মানৱ অধিকাৰে নাৰীৰ অধিকাৰক সহানুভূতিৰে স্বীকাৰ কৰি লোৱা। আৰু
(খ) লিঙ্গভিত্তিক মানৱ অধিকাৰ ভংগ হোৱাটো সাধাৰণীকৰণৰ কৰা।
লগে লগে মহিলাৰ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ বাবে আন্তৰ্জাতিক স্তৰত প্ৰচেষ্টা চলিল। উল্লেখযোগ্য যে, ৮০ দশকলৈকে নাৰীৰ মানৱ অধিকাৰ ভংগৰ বিষয়টো মানুহ আৰু আন্তৰ্জাতিক আইনৰ অলক্ষিতেই থাকি গৈছিল।
আনকি ১৯৭৯ চনৰ মহিলা বিৰুদ্ধে সকলোধৰণৰ বৈষম্যবিৰোধী আচাৰ চুক্তিতো মহিলাৰ ব্যক্তি বিশেষৰ অধিকাৰ ভংগৰ কিছুমান বিষয়ত সুৰক্ষা দিয়াৰ বিষয়টো স্পষ্ট নহয়। ১৯৮৫ চনত অনুষ্ঠিত হোৱা G.M.Third World Conference on Women, Nirobi ত আন্তৰ্জাতিক মহিলা দশক হিচাপে পালন কৰিবলৈ লৈ সমতা বিকাশ আৰু শান্তিৰ কথা কোৱা হৈছিল। মহিলাৰ অধিকাৰ ভংগৰ বৈষম্য আৰু উন্নয়নৰ ক্ষেত্ৰত Side issue হিচাপে গণ্য কৰা হৈছিল। ১৯৯০ চনত মহিলাৰ প্ৰতি হোৱা অধিকাৰ ভংগৰ বিষয়টো আন্তৰ্জাতিক আইনৰ পৰিসৰলৈ আহে।
বৰ্তমান সময়ত মহিলাৰ মানৱ অধিকাৰৰ বিষয়টো আন্তৰ্জাতিক তথা গোলকীয়ভাৱে চিন্তা কৰা হৈছে। ১৯৪৮ চনৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্ৰত কোৱা হৈছে যে—
“All human beings are born free and equal in dignity and rights.”
গতিকে আইনৰ চকুত জাতি, ধৰ্ম, ভাষা, লিঙ্গভেদে সকলো সমান। পুৰুষ আৰু মহিলা উভয়েই সমান সুযোগ সুবিধা লাভ কৰিব। ঠিক সেইদৰে, ১৯৭৫ চনতো ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক নাৰী বর্ষ হিচাপে পালন কৰাটোও উল্লেখযোগ্য আৰু বিশ্ব মহিলা দশক পালন কৰি মহিলাৰ অধিকাৰৰ প্ৰতি সচেতনতা বঢ়াব বিচৰা হয়।
মানৱ অধিকাৰক সাৰ্বজনীন ৰূপত সকলোৱে গ্ৰহণ কৰাৰ পাছত মহিলাৰ মানৱ অধিকাৰ বিষয়টো কিছুমান ৰাষ্ট্ৰৰ দুৰ্বল আৰু অমনোযোগী মনোভাৱৰ বাবেই সকলো সমাজতে সমৰূপতা আনিব পৰা হোৱা নাই। নাৰীবাদীসকলৰ সন্মুখত ই এক বৃহৎ প্ৰত্যাহ্বান স্বৰূপন।
প্ৰশ্ন ১১৬। শিশুৰ অধিকাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ব্যৱস্থাৱলীবোৰ উল্লেখ কৰা। (Mention the provisions of the United Nations on the rights of the child.)
উত্তৰঃ শিশুৰ অধিকাৰৰ প্ৰকৃত মানৱ অধিকাৰৰ শাৰীলৈ লোৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ থকাৰ উপৰিও ১৯৫৮ চনত ‘শিশু অধিকাৰৰ ঘোষণা’ গ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘৰ এই ঘোষণাপত্ৰত সন্নিবিষ্ট ১০ টা নীতি অনুসৰি শিশুৰ অধিকাৰক স্বীকৃতি দিয়া হয়।
নীতিকেইটা হ’ল—
(ক) জাতি, ধৰ্ম, লিঙ্গ নিৰ্বিশেষে বিশ্বৰ প্ৰতিগৰাকী শিশুকে মৰ্যাদাপূৰ্ণ শাৰীৰিক আৰু মানসিক বিকাশৰ সুযোগ প্ৰদান কৰা।
(খ) উপযুক্ত খাদ্য, বাসস্থান, চিকিৎসা সেৱা লাভৰ অধিকাৰ।
(গ) শিক্ষা লাভৰ অধিকাৰ।
(ঘ) সকলো ধৰণৰ শোষণ, অত্যাচাৰৰ পৰা নিজকে সুৰক্ষা প্ৰদান কৰাৰ অধিকাৰ।
(ঙ) পৰ্যাপ্ত জিৰণিৰ সুবিধা।
(চ) উপযুক্ত পৰিৱেশ লাভৰ অধিকাৰ।
(ছ) স্বাস্থ্য ৰক্ষাৰ অধিকাৰ।
(জ) খেলা-ধূলাৰ জৰিয়তে শাৰীৰিক উৎকৰ্ষ সাধনৰ অধিকাৰ।
(ঝ) অভিজ্ঞতা আহৰণৰ জৰিয়তে মানসিক বিকাশৰ অধিকাৰ।
UNICEF গঠন :- ১৯৮৬ চনৰ ১১ ডিচেম্বৰত বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ শিশুসকলৰ আৰু যুদ্ধবিধস্ত ৰাষ্ট্ৰবিলাকৰ শিশুসকলৰ কল্যাণৰ বাবে ৰাষ্ট্ৰসংঘই এটা পৃথক পুঁজি গঠিত কৰে।
ৰাষ্ট্ৰসংঘৰ ৪১ খন সদস্য ৰাষ্ট্ৰই পৰিচালিত কৰিব লগা UNICEF ৰ কাৰ্যনিৰ্বাহক সমিতিক ৰাষ্ট্রসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ দ্বাৰা নিৰ্বাচিত কৰা হ’ব। এই সমিতিখনে শিশুসকলক ৰাষ্ট্রৰ বিকাশৰ কামত ব্যৱহাৰ কৰিব পৰাকৈ উপযুক্ত কৰি গঢ়ি তুলিব। ৰাষ্ট্ৰসমূহৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশত সহায় হোৱাকৈ UNICEF ও শিশুসকলক কাৰ্যক্ষম আৰু বিকশিত কৰি তুলিব।
প্ৰশ্ন ১২৭। শিশু অধিকাৰৰ সিদ্ধান্তত ১৯৮৯ চনত হোৱা চুক্তিপত্ৰৰ সন্নিৱিষ্ট অধিকাৰসমূহ উল্লেখ কৰা। (Mention the rights enshrined in the 1989 Convention on the Rights of the Child.)
উত্তৰঃ ১৯৮৯ চনৰ ২০ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰৰ সাধাৰণ সভাই শিশুৰ অধিকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এই অধিকাৰসমূহ হ’ল—
(ক) জীৱনৰ অধিকাৰ।
(খ) জাতীয়তা আহৰণৰ অধিকাৰ।
(গ) মত প্ৰকাশৰ স্বাধীনতা।
(ঘ) চিন্তা আৰু ধর্মীয় ভাৱধাৰা গ্ৰহণৰ অধিকাৰ।
(ঙ) গোপনিয়তা ৰক্ষাৰ অধিকাৰ।
(চ) শান্তিপূৰ্ণভাৱে গোট খোৱা আৰু সংস্থা গঠনৰ অধিকাৰ।
(ছ) পাৰিবাৰিক বাতাবৰণ আহৰণৰ অধিকাৰ।
(জ) শিক্ষা লাভৰ অধিকাৰ।
(ঝ) সামাজিক সুৰক্ষা লাভৰ অধিকাৰ।
(ঞ) শিশুৰ শাৰীৰিক, মানসিক তথা আধ্যাত্মিক বিকাশৰ অধিকাৰ।
(ট) স্বাস্থ্য ৰক্ষার্থে উন্নত পৰ্যায়ৰ চিকিৎসা আৰু পুনৰ সংস্থাপন পাবৰ অধিকাৰ।
(ঠ) পৰিয়াল বা ব্যক্তিগত গোপনিয়তাত আনৰ হস্তক্ষেপ আৰু অহেতুক প্ৰৱেশত বাধা প্ৰদানৰ অধিকাৰ।
(ড) শিশু শ্ৰমিক শোষণৰ বিৰোধিতা কৰাৰ অধিকাৰ।
প্ৰশ্ন ১১৮। ভাৰতবৰ্ষত শিশুৰ অধিকাৰৰ বিষয়ে অতি টোকা প্ৰস্তুত কৰা। (Prepare a note on child rights in India. )
উত্তৰঃ ভাৰতবৰ্ষত ইংৰাজসকলৰ শাসনৰ সময়ৰ পৰাই শিশু কিছুমান অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বিভিন্ন আইন-কানুন প্ৰণয়ন কৰা হৈছিল। ইংৰাজ শাসনৰ সময়ত এই ক্ষেত্ৰত প্ৰণয়ন কৰা আইনসমূহ আছিল “শিশু বিবাহ প্ৰতিৰোধী আইন, ১৯২৯” শিশু আইন, ১৯৩৩ শিশু নিয়োগ আইন, ১৯৩৮ ইত্যাদি। আনহাতে ভাৰতবৰ্ষৰ স্বাধীন চৰকাৰে শিশু শ্ৰম আদিৰ দৰে প্ৰথা নিষিদ্ধ কৰাৰ বাবে শিশু আইন ১৯৬০ শিশু শ্ৰম (নিষেধ আৰু নিয়মাকৰণ) আইন, ১৯৮৬ ইত্যাদি গ্ৰহণ কৰিছে। ইয়াৰ উপৰি ফেক্টৰী আইন ৬৭ নং ধাৰাৰ জৰিয়তে চৈধ্য বছৰৰ তলৰ শিশুক কোনো ফেক্টৰী বা কাৰখানাৰ কামত লিপ্ত কৰোৱাত বাধা আৰোপ কৰা হৈছে।
ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰ আৰু নিৰ্দেশনাত্মক নীতিসমূহৰ জৰিয়তেও শিশুৰ কিছুমান অধিকাৰ ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰতীয় সংবিধানৰ ২৪ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে ১৪ বছৰৰ তলৰ কোনো শিশুকে ফেক্টৰী বা অইন কোনো বিপদসংকুল কৰ্মত নিযুক্তি দিব পৰা নেযাব।
শিশুসকলৰ সুস্থ বিকাশ আৰু স্বাধীনতা তথা মৰ্যাদা ৰক্ষাৰ সুযোগ দিব লাগিব, যাতে শিশু আৰু কৌশোৰ কালৰ নৈতিক আৰু বস্তুগত পৰিত্যাক্ততাৰ পৰা সুৰক্ষিত কৰিব পৰা যায়। ৪৫ নং অনুচ্ছেদত উল্লেখ আছিল যে সংবিধান গ্ৰহণ কৰাৰ দহ বছৰৰ ভিতৰত চৈধ্য বছৰৰ তলৰ শিশুসকলক বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে, ভাৰত চৰকাৰে সংবিধান সংশোধন কৰি প্ৰাথমিক শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰিছে।