Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ

Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ Question Answer can be of great value to excel in the examination.

Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ

Join Telegram channel

Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ Notes cover all the exercise questions in UGC Syllabus. Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ

EDUCATION

EMERGING TRENDS IN INDIAN EDUCATION

(ভাৰতীয় শিক্ষাৰ উদীয়মান প্ৰৱণতা)

অতি চমু প্রশ্নোত্তৰঃ

১। উদাৰীকৰণ মানে কি ? (What does liberalization mean ?)

উত্তৰঃ উদাৰীকৰণ মানে হ’ল দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ ব্যৱস্থা। উদাৰীকৰণৰ দ্বাৰা দেশৰ অৰ্থনৈতিক ব্যৱস্থাক ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি সমগ্র বিশ্বৰ সন্মুখত মুকলি কৰি দিয়াটোকে বুজায়।

২। গোলকীকৰণ মানে কি ? (What does globalization mean ?)

উত্তৰঃ গোলকীকৰণ মানে হ’ল বিশ্ব অৰ্থনীতি সম্বন্ধীয় এটা নতুন বিশ্বসূত্ৰ। চমুকৈ ক’বলৈ হ’লে বিশ্বত য’তে ত’তে অবাধ ব্যৱসায়-বাণিজ্য কৰিব পৰা একীকৰণ ব্যৱস্থাটোৱে হ’ল গোলকীকৰণ বা বিশ্বায়ন। 

৩। বিশ্বায়নৰ এটা উপযুক্ত সংজ্ঞা দিয়া। (Give a proper definition of globalization.)

উত্তৰঃ এচ্ কে চহা (S.K.Saha)ৰ মতে বিশ্বায়ন হ’ল বিশ্বৰ বিভিন্ন প্ৰান্তত অৱস্থিত নিগম আৰু বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান জনগোষ্ঠীসমূহৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা, একত্ৰীকৰণ, মিলা-মিছা তথা ভাৱৰ আদান-প্ৰদান বৃদ্ধিকৰণ।

৪। ব্যক্তিগতকৰণ মানে কি ? (What does personalization mean ?)

উত্তৰঃ ব্যক্তিগতকৰণ মানে হ’ল এনে এক প্ৰক্ৰিয়া যিটোৰ জৰিয়তে কোনো ব্যৱসায়, উদ্যোগ, এজেন্সী, ৰাজহুৱা সম্পত্তি আদিৰ মালিকীস্বত ৰাজহুৱা খণ্ডৰ পৰা ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হয়। ইয়াৰ দ্বাৰা চৰকাৰে ৰাজহ সংগ্ৰহ, আইন বলবৎকৰণ আদি কাৰ্যৰ বাবে সেৱা অথবা কার্য সম্পাদন কৰ্তৃত্ব কোনো ব্যক্তিগত ফাৰ্ম বা কোম্পানীক প্ৰদান কৰাটোকে বুজোৱা হয়।

৫। ‘Globalization’ শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? (From which word is the word ‘globalization’ derived ?)  

উত্তৰঃ ‘Globalize’ শব্দৰ পৰা।

৬। ‘Globalize’ শব্দৰ অৰ্থ কি ? (What does the word ‘Globalize’ mean ?)

উত্তৰঃ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সামাজিক আৰু অৰ্থনৈতিক আদান-প্ৰদান, যোগাযোগ স্থাপনৰ যোগেদি বিশ্ব ভাতৃত্ব ভাৱৰ ভেটি মজবুত কৰা।

৭। ‘Globalization’ শব্দৰ প্ৰথম প্ৰয়োগ কেতিয়া হৈছিল ? (When was the word ‘Globalization’ first used ?)

উত্তৰঃ ১৯৩০ চনত ‘Towards new education’ লেখনিত।

৮।  Oxford English Dictionary ত Globalisation শব্দটো কেতিয়া অন্তৰ্ভুক্ত কৰা হয় ? (When was the term globalization included in the Oxford English Dictionary?)

উত্তৰঃ ১৯৮৬ চনৰ দ্বিতীয় সংস্কৰণত।

৯। The Global Village বা গোলকীয় গাঁৱৰ ধাৰণাটো কোনে প্ৰথমে আগবঢ়ায় ? (Who is the first to give the idea of The Global Village or world village?)

উত্তৰঃ মাৰ্ছেল মেকলুহানে ১৯৬০ চনত তেখেতৰ নামৰ ‘Exploration in communication’ কিতাপখনত।

১০। গ্যাট চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল ? (In which year was the Gatt agreement signed?)

উত্তৰঃ ১৯৯৪ চনত।

১১। বিশ্বায়নৰ এটা কাৰণ উল্লেখ কৰা। (Mention a cause of globalization.)

উত্তৰঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতি।

১২। ‘Globalization’ শব্দটো দ্বিতীয়বাৰ কেতিয়া ব্যবহৃত হৈছিল ? (When was the term ‘Globalization’ used for the second time?)

উত্তৰঃ ১৯৬২ চনত স্পেক্টেটৰ আলোচনীত।

১৩। জোচেফ ষ্টিগলাইজে বিশ্বায়নৰ সংজ্ঞা কেনেদৰে দিছে ? (How did Joseph Stiglitz define Globalization ?)

উত্তৰঃ জোচেফ ষ্টিগলাইজ (Joseph Stiglitz) ৰ মতে বিশ্বায়ন হ’ল বিশ্বৰ বিভিন্ন দেশ আৰু জনগোষ্ঠীৰ মাজত নিবিড় ঐক্যবদ্ধকৰণ। এই একত্ৰীকৰণ ঘটিছে মূলতঃ দুটা কাৰণত  

(ক) পৰিবহন আৰু যোগাযোগৰ ক্ষেত্ৰত বিপুল পৰিমাণৰ ব্যৱস্থা ব্যয়ৰ হ্ৰাস।

(খ) এতিয়ালৈকে প্ৰচলিত এখন দেশৰ পৰা আন এখন দেশলৈকে সামগ্ৰী, সেৱা, পুঁজি, জ্ঞান আৰু মানৱ সম্পদৰ আদান-প্ৰদানৰ ক্ষেত্ৰত কৃত্ৰিম নিষেধাজ্ঞা পৰিহাৰ কৰাৰ ফলত।

১৪। ইংৰাজী “Curriculum” শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে। (The English word “Curriculum” is derived from which Latin word?)

উত্তৰঃ “curriculum” শব্দটো লেটিন ভাষাৰ “currere” ৰ পৰা উদ্ভৱ হৈছে।

১৫। “Currers” শব্দৰ অৰ্থ কি ? (What does the word “Currere” mean ?)

উত্তৰঃ “Currers” শব্দৰ অৰ্থ হ’ল অৰ্থাৎ “run” দৌৰ।

১৬। যিকোনো চাৰিটা শাৰীৰিক সহ পাঠ্যসূচীৰ নাম উল্লেখ কৰা। (Mention the names of any four physical support courses.)

উত্তৰঃ শিক্ষাৰ্থীৰ শাৰীৰিক বিকাশ সাধনৰ বাবে খেলা-ধূলা, জাতীয় শিক্ষাৰ্থী বাহিনী, ব্যায়াম আৰু যোগাসন আদি কৰাৰ সুবিধা প্ৰদান কৰিব লাগে। এইবিলাক শাৰীৰিক সহ পাঠ্যসূচীৰ অন্তৰ্গত। 

১৭। যিকোনো পাঁচটা শৈক্ষিক সহ-পাঠ্যসূচী উল্লেখ কৰা। (Mention any five educational co-curricula.)

উত্তৰঃ আবৃত্তি, ৰচনা লিখা, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্ততা, আৰু কুইজৰ প্ৰতিযোগিতা আদি শৈক্ষিক সহ পাঠ্যসূচীৰ অন্তৰ্গত। 

১৮। যিকোনো পাঁচটা সামাজিক সহ-পাঠ্যসূচীৰ নাম উল্লেখ কৰা। (Mention any five social co-curricula.)

উত্তৰঃ এন চি চি (NCC), ৰেড ক্ৰছ (Red Cross), স্কুলৰ চাফাই কাম, মহামাৰী আৰু বানপানীৰ সময়ত প্ৰাথমিক সাহাৰ্য আৰু সেৱা প্ৰদান কৰা আৰু গ্ৰামোন্নয়নৰ কার্য সম্পাদন কৰা সামাজিক সহ-পাঠ্যসূচীৰ অন্তৰ্গত।

১৯। পাঁচটা আৱেগিক সহ-পাঠ্যসূচীৰ নাম উল্লেখ কৰা। (Mention any five emotional co-curricula.)

উত্তৰঃ গান গোৱা আৰু নৃত্য কৰা, বাদ্য যন্ত্ৰ বজোৱা, নাটক কৰা, ছবি অঁকা আৰু হাতেৰে বিভিন্ন বস্তু তৈয়াৰ কৰা আদি আৱেগিক সহ পাঠ্যসূচীৰ অন্তৰ্গত।

২০। স্কুল প্ৰকল্পৰ বাবে প্ৰয়োজন হোৱা পাঁচ প্ৰকাৰৰ কৰ্মচাৰীৰ নাম উল্লেখ কৰা। (Mention the five types of staff needed for the school project.)

উত্তৰঃ পুথিভঁড়ালি, বিজ্ঞান পৰীক্ষাগাৰত এজন কৰ্মচাৰী, এজন চকীদাৰ, কেণ্টিনৰ কৰ্মচাৰী আৰু হোষ্টেলৰ অভিকৰণসমূহ।

২১। শিক্ষাত উদাৰীকৰণ মানে কি ? (What does liberalization mean in education ?)

উত্তৰঃ শিক্ষাত উদাৰীকৰণ মানে হ’ল এনে এটা শিক্ষা ব্যৱস্থা অথবা পাঠ্যক্ৰম যিটো মুক্ত মানৱ (free human being) গঢ়ি তুলিবৰ বাবে উপযুক্ত। উদাৰীকৰণ হ’ল শিক্ষাৰ এক অধ্যয়নৰ উপায় যিয়ে ব্যক্তিক জ্ঞান, হস্তান্তৰ দক্ষতা, প্ৰমূল্য আদি শুনেৰে সমৃদ্ধ কৰি সকলো প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ আগুৱাই নিব।

২২। ক্ৰিয়াকেন্দ্ৰিক পাঠ্যক্ৰমৰ বিষয়ে চমুকৈ লিখা। (Write briefly about action-oriented curriculum.)

উত্তৰঃ কৰ্ম হ’ল শিশুসকলৰ জীৱনৰ এটা প্ৰয়োজনীয় আৰু উল্লেখযোগ্য দিশ। এই ধাৰণাটোৱে কৰ্মৰ মাজেৰে শিক্ষাৰ ধাৰনাটোক সামৰি লয়। প্ৰকৃত শিক্ষণ সম্ভৱ হৈ উঠে কৰ্ম আৰু অভিজ্ঞতাৰ মাধ্যমতহে। কৰ্মকেন্দ্ৰিক বা ক্ৰিয়াকেন্দ্ৰিক পাঠ্যক্ৰম সম্বন্ধে বিখ্যাত মনীষী জ’ন ডিউৱে কৈছিল যে, Activity curriculum is a continuous stream of child’s activities, unbroken by systematic subjects & springing from the interests and personality felt needs of the child.  ক্ৰিয়াকেন্দ্ৰিক পাঠ্যক্ৰমৰ ধাৰণাটোক কমেনিয়াচ, ৰুছো, ফ্রৱেল, পেষ্টালজী, মন্টেছৰী, মহাত্মা গান্ধী আদিৰ দৰে মনীষীসকলেও প্ৰয়োজন বুলি মতপোষণ কৰিছিল।

২৩। শিক্ষাৰ্থীৰ ওপৰত তথ্য যোগাযোগ প্ৰযুক্তিবিদ্যা (ICT) ৰ প্ৰভাৱবোৰৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the effects of information communication technology on students.)

উত্তৰঃ তথ্য যোগাযোগ প্ৰযুক্তিবিদ্যা (ICT) ব্যৱহাৰৰ যোগেদি শিক্ষাৰ্থীক শিক্ষাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগোৱাৰ লগতে প্ৰশ্ন কৰাৰ দক্ষতাও বৃদ্ধি কৰা দেখা যায়। ইয়াৰোপৰি ইয়াৰ ব্যৱহাৰে শিক্ষাৰ্থীক গৱেষণা কৰা ক্ষমতা বঢ়োৱাৰ লগতে নম্বৰ বঢ়োৱাৰ ক্ষেত্ৰত সহায় কৰে। মুঠতে ক’বলৈ গ’লে তথ্য যোগাযোগ প্ৰযুক্যিবিদ্যা (ICT) ৰ ব্যৱহাৰৰ জৰিয়তে তৃতীয় শ্ৰেণীৰ মাধ্যমিক স্কুলৰ শিক্ষাৰ্থীৰ বাবে বিশেকভাৱে লাভাৱান্বিত হোৱা দেখা যায়। 

২৪। তথ্য যোগাযোগ প্ৰযুক্তিবিদ্যা (ICT) ৰ পৰা কি লাভ হয় চমুকৈ লিখা। (Briefly describe the benefits of information communication technology.)

উত্তৰঃ তথ্য যোগাযোগ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে অৰ্থনৈতিক বিকাশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। কিয়নো ইয়াৰ ব্যৱহাৰে যোগাযোগৰ ক্ষেত্ৰত অতি কম সময়ৰ ভিতৰত বহুখিনি কাম সমাধা কৰি সময় বঢ়োৱাৰ লগতে উৎপাদনৰ হাৰো বঢ়ায়। অৰ্থাৎ কম সময়ত আৰু কম কষ্টত অধিক লাভ। তথ্য যোগাযোগ প্ৰযুক্তিবিদ্যা যেনে— দ্ৰুত গতিৰ ইণ্টাৰনেট সেৱা, মোবাইল ব্ৰডবেণ্ড আৰু কম্পিউটাৰিং ইত্যাদি। এই সেৱাবোৰে মানুহৰ মাজত যোগাযোগ স্থাপন কৰাত সহজ কৰি তুলিছে। যাৰ বাবে কৰ্মচাৰীবোৰে সময়তকৈ আগতে কাম শেষ কৰি আৰু অধিক কামৰ বাবে সময় ৰাহি কৰিব পাৰে। ইয়াৰ ফলত কৰ্মচাৰীবোৰেও অতিৰিক্ত বোনাচ লাভ কৰি লাভাৱান্বিত হোৱাৰ সুবিধা পাইছে।

২৫। তথ্য যোগাযোগ প্ৰযুক্তিবিদ্যা (ICT) ৰ প্ৰভাৱবোৰ কি কি ? (What are the effects of information communication technology ?)

উত্তৰঃ বহুত অধ্যয়নৰ অভিজ্ঞতাৰ পৰা এটা সিদ্ধান্তত উপনীত হৈছে যে তথ্য যোগাযোগ প্ৰযুক্তিবিদ্যা (ICT) ৰ ব্যৱহাৰে GDP বিকাশৰ লগতে উৎপাদন ক্ষমতা আৰু চাকৰিৰ বৃদ্ধিত যথেষ্ট অৰিহনা যোগাইছে। তথ্য যোগাযোগ প্ৰযুক্তিবিদ্যা (ICT) ই অৰ্থনৈতিক উন্নয়নত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেই বিষয়ে সাহিত্য সমীক্ষাই কৰা অনুসন্ধানত গম পোৱা যায়। এই সমীক্ষাৰ পৰা এটা কথা গম পোৱা যায় যে তথ্য যোগাযোগ প্ৰযুক্তিবিদ্যাই অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে।

২৬। প্ৰযুক্তিবিদ্যাই শিক্ষণক কিদৰে সহায় কৰে? (How does technology help in teaching?)

উত্তৰঃ শিক্ষণৰ প্ৰযুক্তিবিদ্যাই ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰম বুজাত সহায় কৰাৰ লগতে ইজনে সিজনৰ লগত মতৰ আদান-প্ৰদান কৰাতো সহায় কৰে। এই পদ্ধতিৰ জৰিয়তে সকলোৱে মিলি কাম কৰাৰ সুযোগ লাভ কৰে। প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰত কেতিয়াবা ছাত্ৰ-ছাত্ৰসকলে শিক্ষকৰ ভূমিকাও পালন কৰে। এই পদ্ধতিৰ দ্বাৰা গ্ৰহণ কৰা শিক্ষাই এটা বিষয়ত বিশেষ জ্ঞান আহৰণ কৰাৰ লগতে সমস্যাবোৰৰ সমাধান কৰাত যথেষ্ট সহায় কৰে।

২৭। তথ্য যোগাযোগ প্ৰযুক্তিবিদ্যাক কিয় শক্তিশালী সঁজুলি বুলি অভিহিত কৰা হয় ? (Why is information communication technology called a powerful tool ?)

উত্তৰঃ সমাজত শিক্ষাৰ প্ৰসাৰ তথা সংস্কাৰৰ ক্ষেত্ৰত তথ্য যোগাযোগ প্ৰযুক্তিবিদ্যাই বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা যায়। প্ৰযুক্তিবিদ্যা ব্যৱহাৰৰ আগত শিক্ষা ব্যৱস্থা আৰু প্ৰযুক্তিবিদ্যা ব্যৱহাৰৰ পিছৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এক পাৰ্থক্য পৰিলক্ষিত হোৱা দেখা যায়। কিয়নো প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে কেৱল শিক্ষাৰ মানদণ্ড উন্নত কৰাত সহায়ক হৈছে এনে নহয়, লগতে বাস্তৱ জীৱনৰ সকলো পৰিৱেশৰ লগত যোগাযোগ কৰাত সহায় কৰিছে।

২৮। গ্ৰন্থাগাৰে (Library) সমাজত কি ভূমিকা পালন কৰে ? (What role does the library play in society ?)

উত্তৰঃ গ্ৰন্থাগাৰে সমাজত মৌলিক ভূমিকা পালন কৰে। গ্ৰন্থাগাৰত সংৰক্ষিত থকা বিভিন্ন গ্ৰন্থই সাধন সেৱাৰ লগতে শিক্ষাৰ বাবে বাট মুকলি কৰি দিয়ে। কিতাপে সমাজত সাক্ষৰতা বৃদ্ধি কৰে। শিক্ষাৰ ক্ষেত্ৰত মানুহক উৎসাহ যোগোৱাৰ লগতে নতুন নতুন ধাৰণা উদ্ভাৱন কৰাটো সহায় কৰে। যাৰ দ্বাৰা সমাজত এটা সকাৰাত্মক পৰিৱেশৰ সৃষ্টি হয়। সমাজখন উন্নতিৰ পথত আগবাঢ়ি যায় আৰু সমাজত বাস কৰা মানুহখিনিও সমাজখনৰ ভাল-বেয়া দিশটো বুজি কামত আগবাঢ়ি যাবলৈ সক্ষম হয়।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। যিকোনো তিনি প্ৰকাৰৰ পাঠ্যক্ৰমৰ নাম উল্লেখ কৰা। (Mention any three types of curriculum.)

উত্তৰঃ যিকোনো তিনি প্ৰকাৰৰ পাঠ্যক্ৰমৰ নাম হ’ল—

(i) বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম।

(ii) ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম।

(iii) অভিজ্ঞতাভিত্তিক পাঠ্যক্ৰম।

প্ৰশ্ন ২। উদাৰ শিক্ষাৰ যিকোনো দুটা কার্য উল্লেখ কৰা। (Mention any two functions of liberal education.)

উত্তৰঃ উদাৰ শিক্ষাই সম্ভৱ কৰি তোলা দুটা কার্য হ’ল—

(ক) ব্যক্তিক নিজ সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে পুংখানুপুংখভাৱে জনাৰ সুযোগ দিয়ে।

(খ) বিশ্ব ভাতৃত্ববোধ ভাৱৰ বিকাশ, বৃহৎ মানৱ জাতিৰ মাজৰ এজন বুলি হোৱা অনুভাৱে আনৰ সুখ-দুখ চিন্তা আদিৰ সমভাগি হ’ব।

প্ৰশ্ন ৩। শিক্ষাত উদাৰীকৰণৰ দুটা সুবিধা উল্লেখ কৰা। (Mention two benefits of liberalization in education.)

উত্তৰঃ তলত শিক্ষাত উদাৰীকৰণৰ দুটা সুবিধা অতি চমুকৈ  উল্লেখ কৰা হ’ল—

(ক) উদাৰ শিক্ষাই শিক্ষাৰ্থীক সকলো বিষয়ৰ বিস্তৃত তথ্য তথা জ্ঞান প্ৰদানৰ চেষ্টা কৰে। শিক্ষাৰ্থীৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগতে দৃষ্টিভংগী উন্নত হয়, সমতাৰ প্ৰতি দায়বদ্ধতাৰ সৃষ্টি হয়।

(খ) উদাৰ শিক্ষাই সমাজখনক তথ্য প্ৰযুক্তিৰে সমৃদ্ধ এখন সমাজলৈ আগবঢ়াই নিছে।

প্ৰশ্ন ৪। বিশ্বায়নৰ দুটা বৈশিষ্ট্য উল্লেখ লিখা। (Write two characteristics of globalization.)

উত্তৰঃ তলত বিশ্বায়নৰ দুটা বৈশিষ্ট্য অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) বিশ্বায়ন প্ৰক্ৰিয়াত প্ৰত্যক দেশৰ অৰ্থনীতিত সম্পূৰ্ণ মুক্ত কৰি দিয়া হয়। ইয়াৰ ফলত পণ্যৰ উৎপাদন, বিতৰণ আৰু বিনিময় সকলোবোৰেই বজাৰ অৰ্থনীতিৰ স্বাভাৱিক নিয়মত পৰিণত হয়। 

(খ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশেককৈ তথ্য প্ৰযুক্তিৰ অভূতপূৰ্ব বিকাশেই হ’ল গোলকীকৰণৰ প্ৰধান চালিকা শক্তি।

প্ৰশ্ন ৫। বিশ্বায়নৰ দুটা সুফল উল্লেখ কৰা। (Mention two benefits of globalization.)

উত্তৰঃ বিশ্বায়নৰ দুটা সুফল তলত উল্লেখ কৰা হ’ল—

(ক) বিশ্বায়নৰ ফলত দেশসমূহৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধি পাইছে। উদাৰ দৃষ্টিভংগী গ্ৰহণৰ ফলত দেশসমূহৰ মাজত প্ৰচলন থকা ভৌগোলিক, সামাজিক, সাংস্কৃতিক ব্যৱধান ক্ৰমাৎ নোহোৱা হৈছে।

(খ) সমগ্ৰ বিশ্বৰ মাজত অৰ্থনৈতিক সম্পৰ্ক এক প্ৰকাৰৰ শিথিল ব্যৱস্থাৰ মাজেৰে পৰিচালনা কৰাৰ ফলত, বিভিন্ন দেশে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিশ্বৰ বিভিন্ন দেশৰ বজাৰত বিক্ৰীৰ সুবিধা লাভ কৰাৰ ফলত, উন্নত-অনুন্নত সকলো দেশেই কম বেছি পৰিমাণে উদ্যোগিক দিশত লাভৱান হৈছে।

প্ৰশ্ন ৬। বিশ্বায়নৰ দুটা কুফল লিখা। (Mention two evil of globalization.)

উত্তৰঃ তলত বিশ্বায়নৰ দুটা কুফল চমুকৈ লিখা হ’ল—

(ক) বিশ্বায়নে ধনী আৰু দুখীয়া দেশৰ মাজত অৰ্থনৈতিক ব্যৱধান বঢ়োৱাত অৰিহণা যোগাইছে। ধনী দেশবিলাক ক্ৰমান্বয়ে ধনী হৈছে কিন্তু দুখীয়া দেশবিলাকৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন হোৱা নাই।

(খ) দৰিদ্ৰ আৰু অনুন্নত দেশসমূহৰ উৎপাদন আৰু বিতৰণত অসুবিধাৰ সন্মুখীন হৈছে, তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ তুলনামূলকভাৱে নিম্ন পৰ্যায়ৰ হোৱা বাবে বিদেশী বজাৰত চাহিদা কম,তাৰ ফলত তেনে দেশত উদ্যোগ বিকাশ বাধাগ্ৰস্ত হৈছে।

প্ৰশ্ন ৭। বিশ্বায়ন শিক্ষাৰ দুটা লক্ষ্য আৰু উদ্দেশ্য লিখা। (Write two goals and objectives of globalization education.)

উত্তৰঃ বিশ্বায়ন শিক্ষাৰ দুটা লক্ষ্য আৰু উদ্দেশ্য হ’ল—

(ক) আনুষ্ঠানিক শিক্ষাৰ উপৰিও জীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞান, কৌশল আৰু দক্ষতা বিভিন্ন উৎসৰ পৰা আহৰণ কৰাৰ উপায় দেখুওৱাটো বিশ্বায়ন শিক্ষাৰ লক্ষ্য। বিশ্বায়ন শিক্ষাই শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যক সমৰ্থন কৰে।

(খ) গোলকীয় সমাজত গোলকীয় শিক্ষা আহৰণৰ কাৰণে দেশ-বিদেশৰ শিক্ষাৰ সতে পৰিচয় কৰাই দিয়ে।

প্ৰশ্ন ৮। প্ৰচলিত পাঠ্যক্ৰমৰ পাঁচটা আসোঁৱাহ উল্লেখ কৰা। (Mention five mistakes in the conventional curriculum. )

উত্তৰঃ বৰ্তমান শিক্ষাবিদসকলে চলিত বিদ্যালয়ৰ বিষয়প্ৰধান পাঠ্যক্ৰম ক্ৰুটিপূৰ্ণ বুলি অভিহিত কৰিছে।

সেই আঁসোৱাহ সমূহ হ’ল—

(ক) পুথিগত আৰু তত্বপ্ৰধান :- বিশ্ববিদ্যালয়ৰ তত্বপ্ৰধান পাঠ্যক্ৰমৰ আৰ্হিতেই স্কুলৰ পাঠ্যক্ৰমো ৰচনা কৰা হৈছে। ফলত অনাৱশ্যক ভাবেই পুথিগত আৰু তত্বপ্ৰধান হৈ পৰিছে। ফলত ই অনাকর্ষণীয় আৰু জীৱন বিচ্ছিন্ন বিধৰ হৈ পৰিছে।

(খ) আকৰ্ষণহীনতা :- শিশুৰ স্বাভাৱিক যি সক্ৰিয়তা সেই সক্ৰিয়তাক আমাৰ প্ৰচলিত পাঠ্যক্ৰমে অৱহেলা কৰা দেখা গৈছে। গতিকে ই অনাকর্ষণীয় হৈ পৰিছে।

(গ) পৰীক্ষা প্ৰধান :- গতানুগতিক পাঠ্যক্ৰম পৰীক্ষাৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ পৰিছে। ফলত শিক্ষাৰ্থীক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈকে পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা যেন বোধ হয়।

(ঘ) সংকীৰ্ণ ধাৰণা :- প্ৰচলিত পাঠ্যক্ৰমৰ লক্ষ্য অত্যন্ত সংকীৰ্ণ বুলিও বহু শিক্ষাবিদৰ মত। শিক্ষাৰ্থীৰ সৰ্বতোমুখী বিকাশৰ সুযোগ আৰু ব্যৱস্থা ইয়াত নাই।

(ঙ) বৃত্তিশিক্ষাৰ অভাৱ :- অৰ্থনৈতিক জীৱনত অৰ্থনৈতিক জীৱনৰ অংশ গ্ৰহণ কৰিবলৈ প্ৰচলিত পাঠ্যক্ৰমত কোনো সুবিধা নাই। কিয়নো বৃত্তীয় শিক্ষাৰ পৰ্যাপ্ত ব্যৱস্থা ইয়াত নাই।

প্ৰশ্ন ৯। পাঠ্যক্ৰম প্ৰস্তুত কৰণৰ পাঁচটা নীতি উল্লেখ কৰা। (Mention five principles of curriculum development.)

উত্তৰঃ পাঠ্যক্ৰম প্ৰস্তুত কৰোতে তলৰ নীতিসমূহ মানিব লাগে—

(ক) ব্যক্তি পাৰ্থক্যৰ বিবেচনা :- শিক্ষা আহৰণ আৰু তাৰ প্ৰয়োগকৰণ হৈছে মূলতেই এক ব্যক্তিগত ক্ৰিয়া প্ৰতিষ্ঠা। প্ৰতিজন ছাত্ৰই পাঠ্যক্ৰমৰ পৰা সমানে উপকৃত নহয়। তেওঁলোকে নিজ ব্যক্তিগত ক্ষমতা আৰু যোগ্যতা অনুসৰি নিজ নিজ ভাবেই উপকৃত হয়।

(খ) অৱসৰ বিনোদনৰ ব্যৱস্থা :- আজৰি সময়ত যাতে শিক্ষাৰ্থীয়ে সৃজনীমূলক কাম, আমোদ প্ৰমোদ আৰু খেল ধেমালি কৰি কটাব পাৰে, বিভিন্ন কামৰ মাজেৰে নিজৰ বিশেষ ইচ্ছা আৰু শক্তিৰ ক্ষমতা যাতে প্ৰকাশ কৰিব পাৰে তালৈ লক্ষ্য ৰাখিব লাগে।

(গ) সহ-সম্বন্ধ স্থাপন :- পাঠ্যক্ৰম কাৰ্যসূচীৰ মাজত সমন্বয় অভিজ্ঞতাৰ যোগান ধৰা উচিত। 

(ঘ) নমনীয়তাৰ নীতি :- পাঠ্যক্ৰম নমনীয় আৰু গতিশীল হ’ব লাগে।

(ঙ) উপযোগিতাৰ নীতিৰ :- পাঠ্যক্ৰম প্ৰস্তুতিৰ ক্ষেত্ৰত উৎপাদনশীলতাৰ নীতি অপৰিহাৰ্য। পাঠ্যক্ৰমত কৰ্ম অভিজ্ঞতা, কাৰিকৰী আৰু বৃত্তীয় বিষয়সমূহ অন্তৰ্ভুক্ত কৰিব লাগে।

প্ৰশ্ন ১০। সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ যিকোনো পাঁচটা উপকাৰীতাৰ বিষয়ে উল্লেখ কৰা। (Mention any five benefits of co-curricular activities.)

উত্তৰঃ সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ পাঁচটা উপকাৰীতা তলত দিয়া হ’ল—

(ক) সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহে ছাত্ৰ-ছাত্ৰীৰ সামাজিক জীৱনৰ বাবে প্ৰয়োজন হোৱা বহল পৰিসৰ  অভিজ্ঞতা প্ৰদান কৰিব পাৰে। 

(খ) ই ছাত্ৰ-ছাত্ৰীসকলৰ দেহ মানসিক স্বাস্থ্য ৰক্ষা কৰি সুস্থ দেহত সুস্থ মন গঢ় দি তোলাতো সম্ভৱ কৰি তুলিব পাৰে। 

(গ) গতানুগতিক পাঠ্যক্ৰমৰ ফলত সৃষ্টি হোৱা জড়তা আৰু অৱসাদ আদি গুচাই এই কাৰ্যসূচীবোৰে ছাত্ৰ-,শিক্ষকৰ মনত নতুনত্বৰ প্ৰেৰণা আৰু উৎসাহ-উদ্দীপনা দান কৰিব পাৰে

(ঘ) ব্যক্তিৰ সুপ্ত আৰু অন্তৰ্নিহিত দেহ মানসিক ক্ষমতা আৰু সম্ভাৱনীয়তাসমূহে ইয়াৰ যোগেদি প্ৰকাশ লাভৰ সুবিধা পাব পাৰে।

(ঙ) এই কাৰ্যসূচীবোৰে ছাত্ৰৰ মনত সামাজিক চেতনা, বন্ধুৰ, সহযোগিতা, সহানুভূতিশীলতা নেতৃত্ব প্ৰদান আৰু নেতৃত্ব গ্ৰহণৰ ক্ষমতা আদি সামাজিক গুণসমূহ বিকশাই তুলিব পাৰে।

প্ৰশ্ন ১১। সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ চাৰিটা প্ৰকাৰ উল্লেখ কৰা। (Mention four types of co-curricular activities.)

উত্তৰঃ সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ চাৰিটা প্ৰকাৰ হ’ল—

(i) শাৰীৰিক কাৰ্যৱলী।

(ii) শৈক্ষিক কাৰ্যৱলী।

(iii) সামাজিক কাৰ্যৱলী।

(iv) আৱেগিক কাৰ্যৱলী।

প্ৰশ্ন ১২। সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ পাঁচটা উদ্দেশ্য উল্লেখ কৰা। (Mention five objectives of the co-curricular program.)

উত্তৰঃ সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ পাঁচটা উদ্দেশ্য হ’ল—-

(ক) ছাত্ৰ-ছাত্ৰীৰ অৱসৰৰ সময়খিনিৰ সৎ ব্যৱহাৰ কৰা।

(খ) শিক্ষাৰ্থীক নিজৰ দায়িত্ববোধ সম্পৰ্কে সচেতন কৰা।

(গ) ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্নিহিত প্ৰতিভাসমূহ চিনাক্ত কৰি সেইবোৰক বিকশিত হ’বলৈ সুযোগ প্ৰদান কৰা। 

(ঘ) ছাত্ৰ-ছাত্ৰীক সামাজিক জীৱনৰ প্ৰতি প্ৰস্তুত কৰি তোলা।

(ঙ) ছাত্ৰ-ছাত্ৰীৰ মনত গণতান্ত্ৰিক মূল্যবোধৰ বীজ ৰোপন কৰা।

প্ৰশ্ন ১৩। সহ-পাঠ্যক্ৰমৰ উপযোগিতা সম্বন্ধে লিখা। (Write about the usefulness of co-curricular.)

উত্তৰঃ সহ-পাঠ্যক্ৰমৰ উপযোগিতা হ’ল—

(ক) এইসমূহ ক্ৰিয়া-কলাপে ল’ৰা-ছোৱালীৰ দেহ-মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে আৰু তেওঁলোকৰ চালিকা শক্তিৰ বিকাশ ঘটায়।

(খ) ই ছাত্ৰ-ছাত্ৰীৰ জন্মগত প্ৰতিভাসমূহ চিনাক্ত কৰাত আৰু ইয়াৰ যথোপযুক্ত বিকাশ সাধন কৰাত সহায় কৰে।

(গ) গণতান্ত্ৰিক মূল্যবোধ যেনে—বন্দুত্ব, নেতৃত্ব দানৰ ক্ষমতা, সহযোগিতা আদি গুণৰ বিকাশ সাধনত সহপাঠ্যক্রম কাৰ্যসূচীয়ে সহায় কৰে।

প্ৰশ্ন ১৪। পাঠ্যক্ৰম ৰচনা কৰাৰ যিকোনো চাৰিটা নীতি উল্লেখ কৰা। (Mention any four principles of curriculum policy.)

উত্তৰঃ পাঠ্যক্ৰম ৰচনা কৰাৰ যিকোনো চাৰিটা নীতি হ’ল—

(ক) দৰ্শনৰ নীতি :- পাঠ্যক্ৰম প্ৰস্তুত কৰা বা ৰচনা কৰাৰ ক্ষেত্ৰত দৰ্শনৰ নীতিসমূহ অনুসৰণ কৰা হয়। দর্শনক বাদ দি শিক্ষা প্ৰক্ৰিয়াই কোনো কার্য সম্পাদন কৰিব নোৱাৰে।

(খ) অগ্রৱৰ্তী দৃষ্টিভংগী(ঘ) সৃষ্টিশীল নীতি :-ৰ নীতি :- পাঠ্যক্ৰম প্ৰস্তুতিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ জীৱনৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

(গ) ৰক্ষণশীল নীতি :- শিক্ষাৰ পাঠ্যক্ৰম প্ৰস্তুতিৰ ক্ষেত্ৰত ৰক্ষণশীলতাৰ নীতি অনুসৰণ কৰাৰ প্ৰয়োজনীয়তা আছে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পৰম্পৰা আৰু সংস্কৃতিম সন্মান জনাবলৈ শিকিব লাগিব।

(ঘ) সৃষ্টিশীল নীতি :- পাঠ্যক্ৰম প্ৰস্তুতিৰ সময়ত সৃষ্টিশীল নীতিয়ে বিশেষ গুৰুত্ব লাভ কৰিব লাগিব। মানুহে নিজৰ বিচাৰ-বুদ্ধিৰ বিকাশ সাধন কৰি নতুন নতুন বস্তু সামগ্ৰী আৰু জীৱন প্ৰক্ৰিয়া সৃষ্টি কৰি ল’ব পাৰিলেহে জীৱন, সমাজ, সভ্যতা আদিয়ে নতুন গতি লাভ কৰিব।

প্ৰশ্ন ১৫। শিক্ষাৰ ব্যক্তিগতকৰণৰ দুটা সুবিধা উল্লেখ কৰা। (Mention two advantages of privatization of education.)

উত্তৰঃ ব্যক্তিগতকৰণৰ দুটা সুবিধা তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) শিক্ষাৰ ব্যক্তিগতকৰণৰ ফলত দেশী-বিদেশী ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে উন্নত মানৰ উচ্চ শিক্ষাৰ অনুষ্ঠান গঢ়ি তুলিব, যাৰ ফলত মেধাবী শিক্ষাৰ্থীসকলে দেশৰ মাটিতে উন্নতমানৰ শিক্ষাৰে শিক্ষিত হৈ দেশক আৰ্থিক দিশত আগবঢ়াত সহায় কৰিব পাৰিব বুলি ক’ব পাৰি।

(খ) ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহে সম্পদ সীমাবদ্ধতাৰ হেতু সকলোৰে বাবে গুণমান বিশিষ্ট শিক্ষা প্ৰদান কৰাত অসুবিধা হৈছে কিন্তু শিক্ষা ব্যক্তিগতকৰণৰ ফলত ব্যক্তিগত নিকায়সমূহে পৰ্যাপ্ত সুবিধাৰে উন্নত মানৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰি সেই অসুবিধাসমূহ নাইকিয়া কৰিব।

প্ৰশ্ন ১৬। শিক্ষাৰ ব্যক্তিগতকৰণৰ দুটা অসুবিধা উল্লেখ কৰা। (Mention two disadvantages of privatization of education.)

উত্তৰঃ শিক্ষাৰ ব্যক্তিগতকৰণৰ দুটা অসুবিধা তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) উচ্চ শিক্ষাৰ গোটেই প্ৰক্ৰিয়াটো ব্যক্তিগত মালিকাধীন অনুষ্ঠানৰ আয়ত্তলৈ যোৱাৰ ফলস্বৰূপে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ অনুষ্ঠানৰ প্রবেশ নিষিদ্ধ হোৱাৰ পথত। তদুপৰি এনেকুৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত উচ্চ মাচুল দি প্ৰশিক্ষণ প্ৰাপ্ত হোৱা নাগৰিকসকলৰ জীৱনৰ মূলমন্ত্ৰ হ’ল কেৱল ব্যক্তিগত সম্পদ আহৰণ। নিজে বাস কৰা সমাজখনৰ প্ৰতি এওঁলোকৰ কোনো অনুকম্পা নাথাকে।

(খ) বহুজাতিক প্ৰতিষ্ঠানৰ লগত জড়িত উদ্যোগপতিসকলৰ কৰ্পোৰেড উদ্যোগ পৰিচালনাৰ সম্পূৰ্ণ দক্ষতা আছে। কিন্তু শিক্ষা, দিনটোৰ অন্তত লাভ-লোকচানৰ খতিয়ান দিয়া বিধৰ উদ্যোগ নহয়। গতিকে তেনে এক ব্যৱসায়িক প্ৰয়াস শিক্ষাৰ ক্ষেত্ৰত সুবিধাজনক নহ’ব পাৰে।

প্ৰশ্ন ১৭। পাঠ্যক্ৰম বুলিলে কি বুজা ? প্রচলিত পাঠ্যক্ৰমৰ ছয়টা আসোঁৱাহ উল্লেখ কৰা। (What do you mean by curriculum ? Mention six errors in the conventional curriculum.)

উত্তৰঃ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ শিকোৱা সাহিত্য, গণিত, বিজ্ঞান, ভূগোল, বুৰঞ্জী আদি বিষয়ৰ সমষ্টিয়েই হৈছে পাঠ্যক্ৰম। পাঠ্যক্ৰমৰ ইংৰাজী প্ৰতিশব্দ ‘curriculum’। curriculum শব্দটো লেটিন ভাষাৰ ‘currer’ শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ ‘race course’—ঘোঁৰা দৌৰ প্ৰতিযোগিতাত নিৰ্দিষ্ট লক্ষ্য স্থানত উপনীত হ’বলৈ অতিক্ৰম কৰিব লগা দূৰত্ব। বহল অৰ্থত পাঠ্যক্ৰমে বিদ্যালয়ৰ সম্পূৰ্ণ পৰিৱেশ সামৰি লয়।

প্ৰচলিত পাঠ্যক্ৰমৰ আসোৱাহসমূহ হ’ল—

(ক) পাঠ্যক্ৰমৰ পৰিসৰ ঠেক :- প্ৰচলিত পাঠ্যক্ৰমে অকল বিষয় জ্ঞানৰ ওপৰত বেছি প্ৰাধান্য দিয়াৰ বাবে ইয়াৰ পৰিসৰ ঠেক বুলি পৰিগণিত হৈছে। 

(খ) পুথিগত পাঠ্যক্ৰম :- পাঠ্যক্ৰম তত্বমূলক আৰু ইয়াত  পুথিগত জ্ঞানৰ প্ৰাধান্য বেছি। বিষয়বস্তু বুজাতকৈ মুখস্থ কৰি তথ্যমূলক জ্ঞান আহৰণ কৰাতহে ছাত্ৰ-ছাত্ৰীৰ সৰ্বশক্তি নিয়োজিত হোৱা যেন লাগে।

(গ) পাঠ্যক্ৰমৰ অত্যাধিক বিভাজন :- পাঠ্যক্ৰম গধুৰ আৰু বিষয় বহল হোৱাৰ উপৰি ইয়াৰ বিভাজন অতি বেছি। 

(ঘ) বৃত্তিমূলক শিক্ষাৰ অভাৱ :- বৃত্তিমূলক জ্ঞান লাভৰ উপযুক্ত সুবিধা নাই।

(ঙ) ব্যক্তিগত প্ৰভেদৰ প্ৰতি আওকাণ :- ব্যক্তিগত প্ৰভেদৰ প্ৰতি লক্ষ্য নৰখাকৈ প্ৰস্তুত কৰাৰ ফলত মানসিক ক্ষমতাৰ বিভিন্নতা থকা সত্বেও সকলো শিক্ষাৰ্থীয়ে একে পাঠ্যক্রমকে অনুসৰণ কৰিব লাগে।

(চ) পৰীক্ষাৰ অত্যধিক গুৰুত্ব :- পাঠ্যক্ৰম পৰীক্ষাৰ দ্বাৰা প্ৰভাৱান্বিত। শিশুৰ সৰ্বাংগীন বিকাশত গুৰুত্ব দিয়াতকৈ পৰীক্ষাত পাছ কৰাতহে বেছি মনোযোগ দিয়া হয়।

প্ৰশ্ন ১৮। স্কুলীয়া পাঠ্যক্ৰমত কৰ্ম-অভিজ্ঞতাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। (Discuss the importance of work experience in school curriculum.)

উত্তৰঃ কোঠাৰী আয়োগে বৃত্তিমূলক শিক্ষাতকৈ কৰ্ম-অভিজ্ঞতাৰ ওপৰত প্ৰাধান্য দিছে। শ্ৰমক প্ৰকৃত মৰ্যাদা দিয়াৰ মনোভাৱ অর্জন আৰু বস্তুৰ মাজেৰে শ্ৰমৰ দ্বাৰা উৎপাদন কৰা শক্তি লাভ কৰিবলৈ কৰ্ম অভিজ্ঞতাৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰিছে।

কৰ্ম অভিজ্ঞতা প্ৰাথমিক স্তৰত, কাগজ কটা, মাটিৰ মূৰ্তি গঢ়া, সূতা কটা, বেজীৰ কাম কৰা, গছ পুলি ৰোৱা আদিত পাৰদৰ্শিতা লাভ কৰিবলৈ মুদেলিয়াৰ আয়োগে তলত বৃত্তিসমূহৰ পৰা যিকোনো এটা বৃত্তি শিক্ষাৰ্থীয়ে

লোৱাটো বিচাৰিছিল। যেনে—

(ক) সূতাকটা আৰু তাঁত বোৱা।

(খ) কাঠৰ কাম।

(গ) কাঁহ-পিতলৰ বস্তু গঢ়া কাম।

(ঘ) খেতি বা ফুলনি কৰা।

(ঙ) দৰ্জিৰ কাম কৰা।

(চ) সূতাৰ ফুল তোলা।

(ছ) কৰ্মস্থানত কাম কৰা।

(জ) চিলাই কৰা, বেজীৰ কাম আৰু ফুলতোলা।

(ঝ) মূৰ্তি গঢ়া।

কোঠাৰী আয়োগে কৰ্ম অভিজ্ঞতাৰে মানুহৰ উৎপাদন শক্তি বৃদ্ধি কথা উল্লেখ কৰিছে। প্ৰাথমিক স্তৰৰ পৰা উচ্চস্তৰলৈ কৰ্ম-অভিজ্ঞতা শিক্ষাদানৰ এক অংশ হিচাপে অনুমোদন কৰিছে।

আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থাতো কোঠাৰী আয়োগৰ অনুমোদন ক্ৰমে সংস্কৰণৰ কাম আৰম্ভ হৈছে। কৰ্ম-অভিজ্ঞতাক ‘অন্তৰ্ভুক্ত কৰি’ নতুন পাঠ তৈয়াৰ কৰি পাঠ্যক্ৰম সলনি কৰাত প্ৰাধান্য দিছে।

প্ৰশ্ন ১৯। বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত কেনে ধৰণৰ সহ-পাঠ্যক্ৰমিক বিষয় অন্তৰ্ভুক্ত কৰা হৈছে লিখা। (Write down what kind of co-curricular subjects have been included in current education.) 

উত্তৰঃ আধুনিক শিক্ষা অধিক সমাজমুখী হৈ উঠাৰ লগে লগে সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীসমূহে ক্ৰমে প্ৰাধান্য লাভ কৰি উঠিছে। বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সহ-পাঠ্যক্ৰমিক বিষয় অন্তৰ্ভুক্ত কৰা হৈছে।

সেইবোৰ তলত বৰ্ণনা কৰা হ’ল—

(ক) খেলা-ধূলা :- শিক্ষাৰ্থীৰ দৈনিক উৎকর্ষ সাধনৰ কাৰণে বিদ্যালয়ত খেলা-ধূলাৰ ব্যৱস্থা ৰখা দৰকাৰ, খেলা-ধূলা শিক্ষাৰ এটি অপৰিহার্য অংগ। ইয়াৰ মাধ্যমত ছাত্ৰই শাৰীৰিক শক্তি উৎকৰ্ষ সাধন কৰে আৰু লগতে নানা শিক্ষা লাভ কৰে। যেনে–দলবদ্ধভাৱে কাম কৰাৰ মনোবৃত্তি, পৰস্পৰৰ প্ৰতি সহযোগৰ মনোভাৱ, নেতাৰ প্ৰতি আনুগত্য, শৃংখলাবোধ ইত্যাদি।

(খ) সভাসমিতি, সন্মিলন :- বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিচালিত, সভাসমিতি, সন্মিলন, তৰ্কসভা ইত্যাদিৰ জৰিয়তে শিক্ষাৰ্থীয়ে সামাজিক ক্ষেত্ৰত আত্মনির্ভৰশীলতা শিক্ষাৰ লগতে নিঃস্বাৰ্থভাৱে কাম কৰাৰ প্ৰেৰণা লাভ কৰে। এনেবোৰ কামৰ দ্বাৰা তেওঁলোকে সমাজৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে অৱদান যাচিবলৈ সুযোগ পায়। 

(গ) সমাজ-কল্যাণমূলক আঁচনি :- বিদ্যালয়ৰ চৌহদ, পদূলি, শ্ৰেণীকক্ষ, পৰিস্কাৰ, পৰিচ্ছন্ন কৰি ৰখা, ৰাস্তাঘাট তৈয়াৰ, আৰু চাফ-চিকুনকৈ ৰখা, মহামাৰী আৰু বান-পানীৰ সময়ত প্ৰাথমিক সাহায্য আৰু সেৱা আগবঢ়োৱা, গ্ৰামোন্নয়ন কার্য সম্পাদন কৰা আদি সমাজকল্যাণমূলক কাৰ্যাৱলী ইয়াৰ অন্তৰ্ভুক্ত।

(ঘ) সাংস্কৃতিক অনুষ্ঠান :- নৃত্যগীত, নাট্যভিনয়, আবৃত্তি আদি সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ্থীৰ বিভিন্ন অনুৰাগ আৰু শক্তিয়ে বিকাশ লাভ কৰিবলৈ সক্ষম হয়।

(ঙ) বিদ্যালয়ৰ পৰিশাসন :- বিদ্যালয়ৰ আভ্যন্তৰীণ শাসন কাৰ্যত অংশগ্ৰহণ সংবাদ পত্ৰ বা আলোচনী পৰিচালনা, সমবায়-সমিতি গঠন, শৃঙ্খলা বজাই ৰখাৰ দায়িত্ব আদিৰ সুযোগ ছাত্ৰসকলক দিব লাগে।

(চ) আৱগিক ক্ৰিয়া বিষয়ক :- শিশুৰ অতি সংবেদনশীল আৰু প্ৰতি ক্ৰিয়াশীল আৱেগিক জীৱনৰ সুস্থ বিকাশত সহ-পাঠ্যক্রমসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

(ছ) মানসিক ক্ৰিয়া বিষয়ক :- কেৱল পাঠ্যক্ৰমৰ অধ্যয়নৰ বিষয়বোৰেই নহয়, সহপাঠ্যক্ৰম কাৰ্যসূচী কেতবোৰেও ছাত্ৰৰ মানসিক আৰু বৌদ্ধিক ক্ষমতাৰ শিক্ষা-বিকাশত বিশেষ সহায়ক হৈ উঠিব পাৰে।

প্ৰশ্ন ২০। সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহৰ উপযোগিতাসমূহ কি কি ? (What are the benefits of co-curricular activities ?)

উত্তৰঃ পাঠ্যক্ৰমৰ পৰিপূৰক সহ পাঠ্যসূচীৰ দ্বাৰা শিক্ষাৰ নানা উদ্দেশ্য সফল হোৱা দেখা যায়।

সেইবোৰ হ’ল—

(ক) সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহে ছাত্ৰৰ সামাজিক জীৱনৰ বাবে প্ৰয়োজন হোৱা বহল পৰিসৰৰ অভিজ্ঞতা প্ৰদান কৰিব পাৰে।

(খ) ই ছাত্ৰ-ছাত্ৰীসকলৰ দেহ-মানসিক স্বাস্থ্য ৰক্ষা কৰি সুস্থ দেহত সুস্থ মন গঢ় দি তোলাটো সম্ভৱ কৰি তুলিব পাৰে।

(গ) এই কাৰ্যসূচীসমূহে ছাত্ৰৰ দৈহিক ক্ৰিয়া পটুতা, মানসিক তৎপৰতা, বৌদ্ধিক সক্ৰিয়তা আৰু সমস্যা সমাধান ক্ষমতা আদি বৃদ্ধি কৰি তুলি দেহ মনৰ সমন্বয় সাধন কৰিব পাৰে।

(ঘ) এই কাৰ্যসূচীবোৰে ছাত্ৰৰ মনত সামাজিক চেতনা, বন্দুত্ব, সহযোগিতা, সহানুভূতিশীলতা, নেতৃত্ব প্ৰদান আৰু নেতৃত্ব গ্ৰহণৰ ক্ষমতা আদি সামাজিক গুণসমূহ বিকশাই তুলিব পাৰে।

(ঙ) গতানুগতিক পাঠ্যক্ৰমৰ ফলত সৃষ্টি হোৱা মনৰ জড়তা আৰু অৱসাদ আদি গুচাই এই কাৰ্যসূচীবোৰে ছাত্ৰ-শিক্ষকৰ মনত নতুনত্বৰ প্ৰেৰণা আৰু উৎসাহ-উদ্দীপনা দান কৰিব পাৰে।

(চ) ছাত্ৰসকলৰ অৱসৰ সময় সাৰ্থক ভাৱে গঠণাত্মক ক্ৰিয়াৰ যোগেদি প্ৰয়োগ কৰা আৰু তাৰ দ্বাৰা তেওঁলোকৰ মন সুস্থ আৰু ৰোগমুক্ত কৰি ৰখাটো ই সম্ভৱ কৰি তোলে।

(ছ) ব্যক্তিৰ সুপ্ত, অন্তৰ্নিহিত আৰু অপ্ৰকাশিত হৈ ৰোৱা দেহ-মানসিক ক্ষমতা আৰু সম্ভাৱনীয়তাসমূহ ইয়াৰ যোগেদি প্ৰকাশ লাভৰ সুযোগ পাব পাৰে।

শিক্ষাৰ যোগেদি ব্যক্তিত্বৰ সামগ্ৰিক বিকাশত সহ-পাঠ্যক্ৰমসমূহে ব্যাপক প্ৰভাৱ পেলায়।

প্ৰশ্ন ২১। স্কুলত এজন শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্যসমূহ কি কি ? (What are the responsibilities and duties of a teacher in school ?)

উত্তৰঃ স্কুলৰ সুপৰিচালনাৰ কাৰণে প্ৰতি গৰাকী শিক্ষকৰে নিৰ্ধাৰিত দায়িত্ব আৰু কৰ্তব্য থাকে। যেনে—

(ক) সকলো শিক্ষকেই অৰ্হতা অনুযায়ী কেইটামান বিষয়ৰ পাঠদানৰ দায়িত্ব গ্ৰহণ কৰিব লাগে। সহ পাঠ্যক্ৰমৰ বিভিন্ন কাৰ্যাৱলীৰ দায়িত্বত বেলেগ বেলেগ শিক্ষক থাকিব লাগে। শিক্ষকসকলৰ যোগ্যতা আৰু আন্তৰিকতা থাকিলেহে সহপাঠ্যক্ৰমৰ কাৰ্যসূচী সফল হ’ব।

(খ) ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়া উপস্থিতিৰ প্ৰতি নজৰ ৰখা, তেওঁলোকৰ বহা-মেলাৰ ব্যৱহাৰ কৰা, খেলাধূলা বা বিশ্ৰামৰ সময়ত ল’ৰা-ছোৱালীৰ কাম-কাজ আৰু আচৰণৰ প্ৰতি লক্ষ্য ৰখা আদি কার্য শিক্ষকৰ দায়িত্বৰ ভিতৰত পৰে।

(গ) পাঠ্যক্ৰম আৰু সহপাঠ্যক্ৰমৰ কামবোৰৰ মূল্যায়ন কৰি ছাত্ৰ-ছাত্ৰীক সঠিকভাৱে নিৰ্দেশনা দিয়া শিক্ষকসকলৰ কামবোৰৰ ভিতৰত অন্যতম।

(ঘ) শিক্ষকৰ আন এটা প্ৰধান কাম হল প্ৰতিজন শিক্ষাৰ্থীক  ‘কিউমিউলেটিভ ৰেকৰ্ড’ সঠিকভাৱে ৰখা। 

(ঙ) মূল্যায়নৰ পিছত ছাত্ৰ-ছাত্ৰীক কৃতকাৰ্যতা সম্পৰ্কে অভিভাৱকসকলক অৱগত কৰোৱাটোও শিক্ষকসকলৰ কৰ্তব্য।

প্ৰশ্ন ২২। উদাৰীকৰণ বুলিলে কি বুজা ? (What do you mean by liberalization ?)

উত্তৰঃ সাধাৰণ অৰ্থত উদাৰতাবাদে ব্যক্তিক বিভিন্ন দিশত অধিক স্বাধীনতা দিয়াৰ লগতে প্ৰচলিত সমাজ ব্যৱস্থাৰ সংস্কাৰ সাধনৰ ওপৰতো প্ৰাধান্য দিয়ে। উদাৰতাবাদীয়ে সংৰক্ষণশীলতাৰ বিৰোধিতা কৰে। তেওঁলোকে পৰম্পৰাগত অনুষ্ঠান সংৰক্ষণৰ কোনো পোষকতা নকৰে।

দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত থাকে ৰাষ্ট্ৰৰ নীতি নিৰ্দেশনাসমূহ শিথিল কৰি দিয়াই হ’ল উদাৰীকৰণ। ইয়াৰ ফলত দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগ্ৰহৰ হোৱাৰ সুবিধা লাভ কৰে। দেশৰ উৎপাদিত সামগ্ৰীয়ে আন্তৰ্জাতিক বজাৰত সুবিধা পাব। ৰপ্তানি প্ৰক্ৰিয়া সূচল হ’ব। উদাৰীকৰণে দেশসমূহৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ জগাই তুলিব, যাৰ ফলত বিকাশৰ পথ সূচল হ’ল।

সাধাৰণ অৰ্থত উদাৰীকৰণ মানে হ’ল এখন চৰকাৰে কিছুমান আইন অথবা নীতি-নিয়মৰ পৰা নাগৰিকক মুক্ত কৰি দিয়া নাইবা আইন তথা নীতি-নিয়ম শিথিল কৰি দিয়া ব্যৱস্থা। উদাৰীকৰণৰ দ্বাৰা দেশৰ অৰ্থনৈতিক ব্যৱস্থাক ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি সমগ্ৰ বিশ্বৰ সন্মুখত মুকলি কৰি দিয়াটোকে বুজায়। পৰিণতিস্বৰূপে দেশৰ উৎপাদিত বস্তু আন্তৰ্জাতিক বজাৰৰ সুবিধা পোৱাটো শিথিল হৈছে। উদাৰীকৰণৰ ফলত দেশসমূহৰ মাজত প্ৰতিযোগিতামূলক বাতাবৰণ প্ৰকট হৈ উঠিছে আৰু ইয়ে অনুৰূপভাৱে দেশসমূহৰ বিকাশৰ পথ প্ৰশস্ত কৰিছে। উদাৰীকৰণে ভাৰতীয় বেংক খণ্ডৰ লগতে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত বিদেশী শিক্ষানুষ্ঠানৰ প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছে।

প্ৰশ্ন ২৩। উদাৰীকৰণ আৰু শিক্ষাৰ বিষয়ে চমুকৈ লিখা। (Write briefly about liberalization and education ?)

উত্তৰঃ শিক্ষাত উদাৰীকৰণ মানে হ’ল এনে এটা শিক্ষা ব্যৱস্থা অথবা পাঠ্যক্ৰম যিটো মুক্ত মানৱ (free human being) গঢ়ি তুলিবৰ বাবে উপযুক্ত। উদাৰীকৰণ হ’ল—-শিক্ষাৰ এক অধ্যয়নৰ উপায় যিয়ে ব্যক্তিক জ্ঞান, হস্তান্তৰ দক্ষতা, প্ৰমূল্য আদি গুণেৰে সমৃদ্ধ কৰি সকলো প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ আগুৱাই নিব।

উদাৰ শিক্ষাই বিশ্বাস কৰে যে ব্যক্তি স্বাধীনতাভাৱে জন্মগ্ৰহণ কৰে। গতিকে, তেওঁলোকে স্বাধীন ব্যক্তি হিচাপে জীৱন নিৰ্বাহ কৰিব লাগে। প্ৰতিজন ব্যক্তি নিজেই নিজৰ গৰাকী। তেওঁ নিজেই ভাল-বেয়া বিচাৰ-বিবেচনা কৰিব পাৰে। ব্যক্তিৰ কোনো নিজাগৰাকী থাকিব নোৱাৰে। প্ৰত্যেকজন ব্যক্তি নিজৰ সমাজ আৰু নৈতিক ভালৰ কাৰণে নিজেও দায়বদ্ধ। ব্যক্তিয়ে স্বাধীনতাভাৱে নিজ দায়িত্ব পালনৰ সুবিধা পালে ব্যক্তিত্ব বিকাশত ইন্ধন যোগায়। আদর্শগতভাৱে উদাৰ শিক্ষাই মুক্ত মনৰ ব্যক্তি গঢ়ি তোলে। এনে ব্যক্তি সকলোধৰণৰ মানসিক সংকীৰ্ণতা তথা ধৰ্মান্ধতাৰ পৰা মুক্ত হোৱাৰ লগতে নিজৰ মতামত তথা বিচাৰ-বিবেচনাৰ ক্ষেত্ৰত নিজস্ব চিন্তা-চৰ্চ্চা তথা ধ্যান-ধাৰণাৰে আগবাঢ়ে। সামাজিক তথা প্ৰাকৃতিক জগতত নিজৰ স্থান অথবা স্থিতি সম্বন্ধে সদা সচেতন। উদাৰ শিক্ষাই ছাত্ৰ-ছাত্ৰীক সমগ্ৰ জীৱনৰ বাবে প্ৰস্তুত কৰি তোলে। এনে শিক্ষাই জীৱনৰ সকলো প্ৰতিবন্ধকতা, সমস্যা আঁতৰ কৰিব পৰাকৈ দক্ষতা বৃদ্ধিত গুৰুত্ব প্ৰদান কৰে।

উদাৰ শিক্ষাই মানৱ জাতিৰ বিকাশৰ ওপৰত প্ৰাধান্য দিয়ে। উদাৰ শিক্ষাৰ মতে পৰম্পৰাগত সামাজিক আৰু ৰাজনৈতিক অনুষ্ঠানবিলাকে মানৱ জাতিৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰে। মানুহে এই অনুষ্ঠানবিলাক যুক্তিযুক্তভাৱে পুনৰ সংগঠন কৰি মানৱ জাতিৰ বিকাশৰ গতি খৰতকীয়া কৰিব পাৰে। আন এটা দৃষ্টিকোণৰ পৰাও উদাৰতাবাদে পৰম্পৰাগত ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক পোষকতা নকৰে। এই অনুষ্ঠানসমূহ অসমতা আৰু ব্যক্তিগত সা-সুবিধাৰ ভিত্তিত প্ৰতিষ্ঠিত। গতিকে অসমতাৰ ভিত্তিত প্ৰতিষ্ঠিত অনুষ্ঠানে মানৱ জাতিৰ কল্যাণ সাধন কৰিব নোৱাৰে। তেওঁলোকে প্ৰাচীন পৰম্পৰাৰ বিকাশ সাধন কৰি নতুন সমাজৰ পোষকতা কৰে। মানৱ জীৱনৰ ক্ষেত্ৰত ইতিহাস আৰু পৰম্পৰাৰ কোনো গুৰুত্ব নাই। ইতিহাস আৰু পৰম্পৰাৰ লগত জড়িত অনুষ্ঠানৰ প্ৰভাৱ যিমান সোনকালে পৰিহাৰ কৰিব পাৰি সিমানেই মানৱ জাতিৰ কল্যান। উদাৰ শিক্ষাই শিক্ষাৰ্থীৰ মনবোৰ পৰম্পৰাৰ বান্ধোনৰ পৰা মুক্ত কৰে। এনে শিক্ষাৰ জৰিয়তে ব্যক্তিত্বৰ বিকাশ ঘটিব আৰু প্ৰতিগৰাকী ব্যক্তিৰ ব্যক্তিত্বসম্পন্ন হোৱাৰ লগতে সম্পূৰ্ণ মানৱ হ’ব পাৰিব। এনে শিক্ষাৰ দ্বাৰা বিকাশ প্ৰাপ্ত এজন ব্যক্তি, সদা-সচেতন হোৱাৰ উপৰি আত্মশাসন মানি চলা বিধৰ, যিয়ে জাতি, বৰ্ণ, লিংগ, নৃগোষ্ঠীয় উৎস নিৰ্বিশেষে সকলোৰে প্ৰতি সমভাৱাপন্ন। গণতান্ত্ৰিক সমাজ আৰু দৈনন্দিন জীৱনৰ বাবেও উদাৰ শিক্ষা প্ৰয়োজনীয়। উদাৰতাবাদীৰ মতে ব্যক্তিয়েই সকলো ৰাষ্ট্ৰৰ বেদীত উচৰ্গা কৰিব নোৱাৰে। বৰং ৰাষ্ট্ৰইহে ব্যক্তিৰ সহযোগত ইয়াৰ লক্ষ্য সাধন কৰিব পাৰে। উদাৰ শিক্ষাই নিম্নলিখিত কাৰ্যসমূহ সম্ভৱ কৰি তোলে। 

(ক) ব্যক্তিক নিজ সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে পুংখানুপুংখভাৱে জনাৰ সুযোগ দিয়ে।

(খ) বিশ্ব ভাতৃত্ববোধ ভাৱৰ বিকাশ, বৃহৎ মানৱ জাতিৰ মাজেৰে এজন বুলি হোৱা অনুভৱে আনৰ সুখ-দুখ-চিন্তা আদিৰ সমভাগী হ’ব।

(গ) উদাৰ শিক্ষাৰ বহল দৃষ্টিভংগীয়ে শিক্ষাৰ্থীক সবল কৰি তোলে, লগতে যিকোনো পৰিস্থিতি চম্ভালিব পৰাকৈ প্ৰস্তুত কৰি তোলে।

প্ৰশ্ন ২৪। বিশ্বায়নৰ অৰ্থ আৰু ধাৰণা ব্যাখ্যা কৰা। (Explain the meaning and concept of globalization.)

উত্তৰঃ বৰ্তমান যুগক বিশ্বায়নৰ যুগ বুলি কোৱা হয়। আশীৰ দশকৰ পৰা আৰম্ভ কৰি বিশ্বায়নৰ ধাৰণাটোৱে পৃথিৱীৰ সকলোতে জনপ্ৰিয়তা অৰ্জন কৰিছে। বিশ্বায়নৰ অৰ্থ হ’ল সমগ্ৰ বিশ্বখনকে এটা কেন্দ্ৰীয় ব্যৱস্থাৰ অধীনলৈ অনা। বিশ্বায়ন মানে সমগ্ৰ বিশেষকৈ অৰ্থ ব্যৱস্থাক গোটেই বিশ্বত একীকৰণ কৰা এটা সূত্ৰ বা ব্যৱস্থা। এই একীকৰণ মূলতঃ বিশ্বায়ন হ’ল বিশ্ব অৰ্থনীতি সম্বন্ধীয় এটা নতুন বিশ্বসূত্ৰ। বিশ্বায়ন বা গোলোকীকৰণৰ মূল শ্লোগান হ’ল উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ। অৰ্থাৎ বিশ্বৰ য’তে ত’তে অবাধ ব্যৱসায় বাণিজ্য কৰিব পৰা একীকৰণ ব্যৱস্থাটোৱে হ’ল বিশ্বায়ন। এই ক্ষেত্ৰত পুঁজিয়ে (capital) ৰাষ্ট্ৰীয় সীমাক চেৰাই গৈ মুক্ত ৰূপত বিচৰণ কৰে আৰু নিজৰ বিস্তাৰৰ কাৰণে সস্তীয়া শ্ৰমিক আৰু সুলভ সস্তীয়া কেঁচামালৰ অনুসন্ধানত ব্যস্ত হয়।

সহজভাৱে ক’বলৈ হ’লে বিশ্বায়ন বা গোলোকীকৰণৰ অৰ্থ বিশ্বজুৰি প্ৰযুক্তিৰ বিস্তাৰ, বাণিজ্যিৰ বিস্তাৰ। দেশৰ বজাৰ আৰু বিশ্বৰ বজাৰৰ মাজত কোনো সীমা বা বাধা নথকাত বেছি পৰিমাণে উৎপাদন কৰি সেইবোৰ বিদেশলৈ ৰপ্তানি কৰি আৰ্জিত বিদেশী মুদ্ৰাৰ দ্বাৰা দেশখনে উৎপাদন নকৰা সামগ্ৰী আমদানি কৰিব পাৰি। এই তত্ত্ব অনুসৰি কোনো দেশেই স্ব-নিৰ্ভৰশীল হোৱাৰ প্ৰয়োজন নাই। কাৰণ সমগ্ৰ বিশ্বখনেই পৰস্পৰ নিৰ্ভৰশীল। লিখক পিটাৰ মাৰ্কচৰ (Peter Marcus) মতে, “বিশ্বায়ন নতুন বিষয় নহয়, এইটো হ’ল এক বিশেষ ধৰণৰ পুঁজিবাদ, বিশ্বজুৰি পুঁজিবাদীৰ সম্পৰ্কৰ বিস্তাৰ। ১৯৭০ চনৰ পৰা এই পুঁজিবাদীৰ বিস্তাৰৰ দুটা বিশেষ দিশ লক্ষ্য কৰা যায়—

(ক) প্ৰযুক্তিৰ উন্নতি। আৰু

(খ) ক্ষমতাৰ কেন্দ্ৰীভৱন।

পুঁজিবাদ বিস্তাৰৰ এই দুটা দিশকে একেলগে বিশ্বায়ন বোলা হয়।”

মুঠতে, ১৯৭০ ৰ দশকৰ পৰা বিশ্বৰ অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আৰু মানুহৰ সম্পৰ্কৰ ক্ষেত্ৰত যিবোৰ বহুমাত্ৰিক পৰিৱৰ্তন ঘটিছে, সেইবোৰকে একেলগে গোলকীকৰণ বা বিশ্বায়ন আখ্যা দিব পাৰি।

প্ৰশ্ন ২৫। বিশ্বায়নৰ কাৰণসমূহ আলোচনা কৰা। (Discuss the causes of globalization.)

উত্তৰঃ সহজভাৱে ক’বলৈ হ’লে বিশ্বায়ন হ’ল বিশ্ব অৰ্থনীতি সম্বন্ধীয় এটা নতুন বিশ্বসূত্ৰ।

তলত ইয়াৰ কাৰণসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল—

(ক) মুক্ত বজাৰৰ চিন্তাধাৰা :- মুক্ত বজাৰৰ আদর্শই বিশ্বায়ন প্ৰক্ৰিয়াত সহায় কৰিছে কিয়নো মুক্ত বজাৰৰ বিকাশ আৰু প্ৰসাৰতাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশসমূহৰ মাজত আমদানি আৰু ৰপ্তানি ব্যৱস্থা সহজ কৰি তুলিলে লগতে বজাৰ ব্যৱস্থাৰ উত্থানে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বজাৰ একত্ৰীকৰণৰ পথ সুচল কৰিছে।

(খ) প্ৰযুক্তিৰ বিকাশ :- বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ মাজত সংযোগ স্থাপনেই নহয়, এনে সংযোগে দ্ৰব্য, সেৱা, বিত্ত আৰু তথ্যৰ আদান-প্ৰদানতো সহায় কৰিছে যাৰ ফলত বিশ্বায়ন প্ৰক্ৰিয়াই বিকাশ লাভ কৰিছে।

(গ) যোগাযোগ ব্যৱস্থা :- বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশ সাধনে বিশ্বায়ন প্ৰক্ৰিয়াত যথেষ্ট অৰিহনা যোগাইছে। টেলিভিছন, ডাক-তাঁৰ, টেলিগ্ৰাফ, ম’বাইল ফোন, মাইক্র’চপ, ইণ্টাৰনেট সেৱা আদিয়ে যোগাযোগ ব্যৱস্থাত এক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত বিভিন্ন দেশৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা তথা ভাৱৰ আদান-প্ৰদান সহজ হৈ উঠিছে।

(ঘ) বিশ্বৰ সংবাদ মাধ্যম :- বিশ্বৰ সংবাদ মাধ্যমৰ বিকাশে বিশ্বায়নত অৰিহণা যোগাইছে। আন্তৰ্জাতিক সংবাদ পত্ৰসমূহেও বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত ভাৱ-অনুভূতিৰ বিনিময়ৰ জৰিয়তে বিশ্ব ভাতৃত্ববোধ জগাই তুলিছে।

(ঙ) পুঁজিবাদৰ ধাৰণা :- পুঁজিবাদ ধাৰণাৰ বিকাশ সাধনে, বিশেষকৈ আমেৰিকাৰ দৰে উন্নতশীল দেশসমূহত হোৱা এই বিকাশে বিশ্বায়ন প্ৰক্ৰিয়াত সহায় কৰিছিল। কুৰি শতিকাৰ শেষৰ ফালে পুঁজিবাদ ব্যৱস্থা সংকটৰ সন্মুখীন হৈছিল আৰু সেই দেশসমূহৰ অৰ্থনৈতিক দিশৰ উত্থানৰ বাবে, বিশ্ব অৰ্থনীতিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল, যাৰ ফলত বিশ্বায়ন বা গোলকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

(চ) গোলকীয় সমস্যা সমাধান :- আজি বিশ্বৰ প্ৰায় সকলো দেশেই কিছুমান একেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে যেনে—গোলকীয় তাপমাত্ৰা বৃদ্ধি, সন্তাসবাদ, প্ৰদূষণ, বিত্ত সমস্যা ইত্যাদি আৰু এই সমস্যাহমুহে এখন দেশৰ প্ৰগতিত বাধাৰ সৃষ্টি কৰে। তাৰোপৰি এই সমস্যাসমূহ এখন দেশে, অকলে সমাধান কৰিব নোৱাৰে। গতিকে উক্ত সমস্যাসমূহ সমাধান কৰি ‘বিশ্বশান্তি’ স্থাপনৰ বাবে সকলো দেশৰ সহযোগিতাৰ প্ৰয়োজন হৈছে আৰু সেই ঐক্যবদ্ধকৰণ ব্যৱস্থাই বিশ্বায়নৰ বিকাশত সহায় কৰিছে।

(ছ) বিশ্ব বাণিজ্য সংস্থা :- বিশ্ব বাণিজ্য সংস্থাৰ অধীনত বিশ্ব বাণীজ সম্প্ৰসাৰণৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিবোৰৰ কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়াও হয়। ফলত বিভিন্ন দেশৰ মাজত সামগ্ৰী, সেৱা আৰু মূলধনৰ আমদানি-ৰপ্তানি প্ৰসাৰিত হয়। ইয়ে বিশ্বায়নৰ গতি তীব্ৰ কৰে।

প্ৰশ্ন ২৬। শিক্ষাত উদাৰীকৰণৰ সুবিধাসমূহ আলোচনা কৰা। (Discuss the benefits of liberalization in education.)

উত্তৰঃ তলত শিক্ষাত উদাৰীকৰণৰ সুবিধাসমূহ উল্লেখ কৰা হ’ল—

(ক) উদাৰ শিক্ষাই শিক্ষাৰ্থীক সকলো বিষয়ৰ বিস্তৃত তথ্য তথা জ্ঞান প্ৰদানৰ চেষ্টা কৰে। শিক্ষাৰ্থীৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগতে দৃষ্টিভংগী উন্নত হয়, সমতাৰ প্ৰতি দায়বদ্ধতাৰ সৃষ্টি হয়।

(খ) উদাৰ শিক্ষাই সমাজখনক, তথ্য প্ৰযুক্তিৰে সমৃদ্ধ এখন সমাজলৈ আগবঢ়াই নিছে। 

(গ) উদাৰ শিক্ষাৰ ক্ষেত্ৰত উদাৰীকৰণ বোলা ধাৰণাটোৱে শিক্ষাৰ এনে এক ব্যৱস্থা অথবা পাঠ্যক্রমক বুজায় যিটো মুক্ত মানৱ সত্তাকর্ষণৰ বাবে উপযুক্ত। উদাৰ শিক্ষাই বিভিন্ন দৰ্শন, ঘটনা, সম্ভাৱনীয়তা আদিৰ বিতংতথ্য প্ৰদানৰ উপৰিও সময়োপযোগী বিষয় অন্তৰ্ভূক্তিকৰণেৰে উন্নত মানৰ জ্ঞান দিয়াৰ চেষ্টা কৰিছে।

(ঘ) নিয়োগকৰ্তাসকল উদাৰ শিক্ষাৰে শিক্ষিত লোকক নিযুক্তি দিবলৈ বিচাৰে। উদাৰ শিক্ষাৰে শিক্ষিতসকল অত্যাধুনিক উপায়েৰে যোগাযোগ স্থাপন কৰিব পাৰে, দলীয় কৰ্মৰ প্ৰতি স্পৃহা তথা দলীয় কৰ্ম কৰাৰ দক্ষতা থাকে। তাৰোপৰি পৰিৱৰ্তনশীল অৰ্থনীতিৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰে।

(ঙ) উদাৰীকৰণে উদ্যোগৰ ক্ষেত্ৰখনত সহায় কৰিব পৰাকৈ দক্ষতাসম্পন্ন স্নাতক শিক্ষাৰ্থী গঢ়ি তুলিবৰ বাবে চেষ্টা কৰে। 

(চ) অবিৰতভাৱে পুঁজিৰ যোগান ধৰি উদাৰীকৰণে শিক্ষাৰ বিকাশত সহায় কৰিছে। ব্যক্তিগত নিকায়সমূহে উচ্চ শিক্ষাৰ অনুষ্ঠান স্থাপনৰ বাবে আগবাঢ়ি আহিছে। ফলস্বৰূপে শিক্ষানুষ্ঠানৰ সংখ্যা বাঢ়িছে আৰু ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পছন্দৰ অনুষ্ঠান বাচি ল’ব পৰিছে।

(ছ) উদাৰীকৰণে গোলকীয় প্ৰতিদ্বন্দিতা অৱতীৰ্ণ হ’বলৈ শিক্ষাৰ্থীক গঢ়ি তুলিছে।

প্ৰশ্ন ২৭। বিশ্বায়নৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Discuss the main features of globalization.)

উত্তৰঃ তলত বিশ্বায়নৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল—

(ক) বিশ্বায়ন প্ৰক্ৰিয়া প্ৰধানকৈ বিশ্ব অৰ্থনীতিৰ লগত জড়িত। এই প্ৰক্ৰিয়াত প্ৰত্যক দেশৰ অৰ্থনীতিক সম্পূৰ্ণ মুক্ত কৰি দিয়া হয়। ইয়াৰ ফলত পুণ্যৰ উৎপাদন, বিতৰণ আৰু বিনিময় সকলোবোৰেই বজাৰ অৰ্থনীতিৰ স্বাভাৱিক নিয়মত পৰিণত হয়।

(খ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, বিশেষকৈ তথ্য প্ৰযুক্তিৰ অভূতপূৰ্ব বিকাশেই হ’ল বিশ্বায়নৰ প্ৰধান চালিকা শক্তি। 

(গ) বিশ্বায়নে এক নতুন গোলকীয় প্ৰথাৰ সৃষ্টি কৰি বিভিন্ন প্ৰান্তৰ মাজত পাৰস্পৰিক সহযোগিতা, মিলা-মিছা বৃদ্ধি কৰিছে। 

(ঘ) বিশ্বায়নে জাতীয় স্ব-নিৰ্ভৰশীলতাৰ নীতিৰ পৰিৱৰ্তে আন্তৰ্জাতিক আন্তঃনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিয়ে।

(ঙ) বিশ্বায়নে গোটেই বিশ্বখন এখন বজাৰলৈ ৰূপান্তৰ কৰিছে। বিশ্বৰ সকলো দেশেই আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত মুক্তভাৱে এই বিশ্ব বজাৰত প্ৰৱেশ কৰিব পাৰে।

(চ) দ্ৰব্য আৰু সেৱা উভয় ক্ষেত্ৰতে গঢ়ি উঠা বহুজাতিক প্ৰতিষ্ঠানসমূহৰ অধিকাংশকেই উন্নত পুঁজিবাদী ৰাষ্ট্ৰসমূহে নিয়ন্ত্ৰণ কৰি আহিছে।

(ছ) বিশ্বায়নে গোলকীয় নাগৰিক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, কিয়নো গোলকীয় নাগৰিক ৰাজনীতি, অৰ্থনীতি, সমাজ ব্যৱস্থা আৰু পৰিৱেশৰ প্ৰতি সজাগ।

(জ) বিশ্বায়নৰ মূল চালিকা শক্তি হ’ল আন্তৰ্জাতিক বাণিজ্য আৰু বিনিয়োগ। তথ্য প্ৰযুক্তিয়েই এই প্ৰক্ৰিয়াত সহায় কৰিছে। 

(ঝ) বিভিন্নজনৰ মতে বিশ্বায়ন হ’ল নতুন উপনিৱেশবাদৰ এটা নতুন কৌশল। বিশ্বায়নৰ প্ৰধান লক্ষ্য হ’ল উন্নয়নশীল দেশবোৰৰ নতুন নতুন বজাৰবোৰ অধিগ্ৰহণ কৰা আৰু এইবোৰ দেশত পুঁজি বিনিয়োগ কৰা। 

(ঞ) বিশ্বায়নে বিভিন্ন দেশৰ মাজত থকা ভৌগোলিক ব্যৱধানৰ নীতিত বিশ্বাস নকৰে। বিশ্বায়নে বিভিন্ন দেশৰ ৰাষ্ট্যবোৰৰ ভৌগোলিক সীমাক অস্বীকাৰ কৰি নানান দেশৰ বিভিন্ন প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ বিস্তাৰৰ চেষ্টা চলায়।

(ট) বিশ্বায়নে আমদানি ব্যৱস্থাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিছে, বিদেশী বিনিয়োগকাৰীক উৎসাহিত কৰিছে লগতে বাণিজ্যিৰ ক্ষেত্ৰত থকা প্ৰতিন্ধকতাসমূহ দূৰীকৰণৰ চেষ্টা চলাইছে।

(ঠ) মানুহৰ মাজত ব্যৱধান বিশ্বায়নে যথেষ্ট হ্ৰাস কৰিছে। পৃথিৱীয়ে এতিয়া সমজাতীয় (Homogeneous) ৰূপ গ্ৰহণ কৰিছে।

(ড) বিশ্বায়নে এটা বিশ্ব সংস্কৃতিৰ জন্ম দিছে। ইয়াৰ ফলত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ নগৰ চহৰবোৰে একে ৰূপ ধাৰণ কৰিছে। পৃথিৱীত এতিয়া মাথো এটা সংস্কৃতিকে দেখা পোৱা যায়।

প্ৰশ্ন ২৮। বিশ্বায়নৰ যিকোনো পাঁচটা সুফল উল্লেখ কৰা। (Mention any five benefits of globalization.)

উত্তৰঃ তলত বিশ্বায়নৰ যিকোনো পাঁচটা সুফল উল্লেখ কৰা হ’ল—-

(ক) বিশ্বায়নৰ ফলত দেশসমূহৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধি পাইছে। উদাৰ দৃষ্টিভংগী গ্ৰহণৰ ফলত দেশসমূহৰ মাজত প্ৰচলন থকা ভৌগোলিক, সামাজিক, সাংস্কৃতিক ব্যৱধান ক্ৰমাং নোহোৱা হৈছে।

(খ) সমগ্ৰ বিশ্বৰ মাজত অৰ্থনৈতিক সম্পৰ্ক এক প্ৰকাৰ শিথিল ব্যৱস্থাৰ মাজেৰে পৰিচালনা কৰাৰ ফলত, বিভিন্ন দেশে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিশ্বৰ বিভিন্ন দেশৰ বজাৰত বিক্ৰীৰ সুবিধা লাভ কৰাৰ ফলত, উন্নত অনুন্নত সকলো দেশেই কম বেছি পৰিমাণে উদ্যোগিক দিশত লাভৱান হৈছে।

(গ) বিশ্বায়নৰ ফলত বিশ্বভাতৃত্ববোধৰ বিকাশ হৈছে, জনসাধাৰণৰ মাজত আত্মীয়তা বাঢ়িছে, সকলোকে জাতীয় আৰু আন্তৰ্জাতিক সমাজৰ পৰিয়ালৰ এজন সদস্য হিচাপে অনুভৱ কৰোৱাইছে।

(ঘ) কৰ্তৃত্ববাদী চৰকাৰসমূহৰ, গণতন্ত্ৰৰ প্ৰতি অধিক আকৰ্ষিত হৈছে।

(ঙ) এখন দেশৰ উন্নত প্ৰযুক্তি, উন্নত কাৰিকৰী কৌশল আন দেশত প্ৰয়োগ কৰিবলৈ সুচল হৈছে। 

প্ৰশ্ন ২৯। চমুটোকা লিখাঃ (Write a short note) 

মানৱ সম্পদ বিকাশৰ বাবে শিক্ষা। (Education for human resource development)

উত্তৰঃ বৰ্তমান কালত শিক্ষা আৰু সম্পদৰ উদ্ঘাটন তথা বিকাশৰ মাজত গভীৰ সম্পর্ক আছে বুলি শিক্ষাবিদসকলে মত প্ৰকাশ কৰিছে। ফলত শিক্ষাৰ লক্ষ্য মানৱ সম্পদৰ বিকাশ সাধন কৰাটোৱে বুলি অভিহিত কৰা হৈছে। মানুহৰ সকলো মানৱীয় ক্ষমতাৰ প্ৰণালীবদ্ধ বিকাশ সাধনৰ মাজেৰে তেওঁলোকক উৎপাদনৰ আহিলা হিচাপে বিকশিত কৰি লোৱাটোৱে শিক্ষাৰ লক্ষ্য হিচাপে বিবেচিত হৈছে। মানুহ আৰু উৎপাদনশীলতাৰ মাজত ওচৰ সম্বন্ধ স্থাপন কৰাৰ বাবে শিক্ষাৰ সহায়ত প্ৰচেষ্টা চলোৱা হৈছে। বজাৰৰ চাহিদা অনুপাতে মানৱ সম্পদৰ বিকাশ সাধন কৰি উৎপাদন বৃদ্ধি কৰাৰ বাবে প্রতিটো ক্ষেত্ৰতে নিজৰ অৱদান যোগাব পৰাকৈ মানুহৰ ক্ষমতাসমূহৰ বিকাশ সাধন কৰাটো শিক্ষাৰ মূল লক্ষ্য হিচাপে বিবেচনা কৰা হৈছে।

প্ৰশ্ন  ৩০। বিশ্বায়ন অসুবিধাসমূহ আলোচনা কৰা। (Discuss the disadvantages of globalization.)

উত্তৰঃ তলত বিশ্বায়নৰ প্ৰধান অসুবিধাসমূহ চমুকৈ আলোচনা কৰা হ’ল—

(ক) সমালোচক সকলৰ মতে ১৯৯১ চনৰ পিছৰ পৰাই ভাৰতৰ বৈদেশিক মুদ্ৰাৰ তহবিল বাঢ়িছে সঁচা, কিন্তু এই বৰ্দ্ধিত তহবিলৰ এটা ডাঙৰ অংশ বিদেশৰ পৰা ধাৰ লৈ গঢ়ি তোলা হৈছে। যদি ৰপ্তানিৰ পৰা হোৱা আয়ৰ পৰিমাণ নাবাঢ়ে তেতিয়াহ’লে এই ঋণ পৰিশোধ কৰা বা ঋণৰ সুদ আদায় দিয়া প্ৰায় অসম্ভৱ হৈ উঠিব। ধাৰ পৰিশোধ কৰিবলৈ পুনৰায় নতুন ধাৰ কৰিব লাগিব আৰু দেশখনে নতুন নতুন ঋণৰ জালত পৰিব লাগিব।

(খ) বিশ্বায়নৰ অশুভ প্ৰভাৱৰ পৰা ভাৰতৰ কৃষিক্ষেত্ৰত ৰেহাই পোৱা নাই। বিশ্বায়নৰ ফলত বাহিৰা দেশৰ শস্য বাধাহীনভাৱে এই দেশৰ বজাৰত প্ৰৱেশ কৰিব, কৃষি পণ্যৰ দাম কমিব। আকৌ ৰাসায়নিক সাৰ, জলসিঞ্চনৰ পানী, বিদ্যুৎ ইত্যাদিৰ ওপৰত থকা ভতুৰ্কি উঠাই দিয়াৰ ফলত কৃষিৰ উৎপাদন খৰচ বাঢ়ি যাব।

(গ) বিশ্বায়নৰ আটাইতকৈ ক্ষতিকাৰক দিশটো হ’ল দেশৰ অৰ্থনীতিত বিদেশী বহুজাতিক সংস্থাবোৰক অবাধ প্ৰৱেশ। এইবোৰেই অচিৰেই ভাৰতীয় কোম্পানীবোৰক গ্ৰাস কৰিব আৰু অৰ্থনীতিৰ মূল স্তম্ভবোৰক দখল কৰি ল’ব। ফলত ভাৰতে যে একমাত্ৰ তাৰ অৰ্থনৈতিক স্বাধীনতাকে হেৰাব সেইটো নহয়, ৰাজনৈতিক স্বাধীনতাও বিপন্ন হ’ব।

(ঘ) ঔষধ শিল্পৰ ক্ষেত্ৰত ভাৰতৰ অৱস্থা ভয়াবহ হৈছে। বিশ্বায়নৰ ফলত নিয়ম কানুনৰ কঠোৰতা হ্রাস কৰা হৈছে। বিদেশী কোম্পানীবোৰে এই দেশত উৎপাদন বন্ধ কৰি দিছে, বাহিৰৰ পৰা ঔষধ আমদানি কৰিছে। যাৰ ফলত বিদেশী ঔষধৰ দাম বাঢ়িছে। পৰিণতিত চিকিৎসাৰ সাধাৰণ সুবিধাকণো সাধাৰণ মানুহৰ আয়ত্তৰ বাহিৰলৈ গুচি গৈছে।

(ঙ) ভাৰতবৰ্ষৰ জলন্ত সমস্যা হ’ল নিবনুৱা সমস্যা। বিশ্বায়নৰ ফলত এই সমস্যা আৰু তীব্রতৰ হৈ উঠিব। বহুজাতিক কোম্পানীৰ লগত তাল মিলাবলৈ গৈ দেশীয় কোম্পানীবোৰেও মূলধন নিয়োজিত প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব, যাৰ ফলত শ্ৰমিক ছাটাই অনিবাৰ্য হৈ পৰিব। তাৰোপৰি বহুজাতিক সংস্থাবোৰ বন্ধ হৈ যাব। ফলত নিবনুৱা সমস্যা দিনক দিনে অধিক তীব্রতৰ হ’ব।

প্ৰশ্ন ৩১। বিশ্বায়ন শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ আলোচনা কৰা। (Discuss the goals of globalization education.)

উত্তৰঃ বিশ্বায়ন শিক্ষাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্যসমূহ তলত আলোচনা কৰা হ’ল—

(ক) আনুষ্ঠানিক শিক্ষাৰ উপৰিও জীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞান, কৌশল আৰু দক্ষতা বিভিন্ন উৎসৰ পৰা আহৰণ কৰাৰ উপায় দেখুওৱাটো বিশ্বায়ন শিক্ষাৰ অন্যতম লক্ষ্য। বিশ্বায়ন শিক্ষাই শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থন কৰে। 

(খ) গোলকীয় সমাজত, গোলকীয় শিক্ষা আহৰণৰ কাৰণে দেশ-বিদেশৰ শিক্ষাৰ সতে পৰিচয় কৰাই দিয়ে।

(গ) শিক্ষাৰ্থীসকলৰ শিক্ষা সম্পৰ্কীয় আগ্ৰহ আৰু প্ৰয়োজনীয়তাসমূহ গোলকীয় দৃষ্টিভংগীৰে প্ৰদান কৰাৰ চেষ্টা কৰা হয়।

(ঘ) দলগতভাৱে কাম কৰাৰ অৰ্হতা বিকাশ ঘটোৱাটো বিশ্বায়ন শিক্ষাৰ আন এটা প্ৰধান লক্ষ্য। ইয়ে ভৱিষ্যতৰ যোগ্যতা বহন কৰে। 

(ঙ) বৃত্তিগত অৰ্হতাৰ উৎকৰ্ষতাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগায়। সেয়েহে শিক্ষিত যুৱ-প্ৰজন্মৰ ব্যক্তিগত অৰ্হতাৰ লগতে বৃত্তিগত অৰ্হতাৰ বিকাশ ঘটোৱাটো বিশ্বায়ন শিক্ষাৰ লক্ষ্য।

(চ) শিক্ষাৰ্থীসকলক বিশ্বায়নৰ লগত শিক্ষা গ্ৰহণৰ বাবে সুবিধা প্ৰদান কৰা।

(ছ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ ফলস্বৰূপে জ্ঞানৰ ন ন শাখাৰ সৃষ্টি হৈছে। শিক্ষাৰ্থীসকলে বিশ্বৰ বিভিন্ন দিশৰ তথ্য সম্বলিত জ্ঞানৰ মাজত এক সমন্বয় সাধনৰ ক্ষমতা আয়ত্ত কৰিব লাগিব। সেয়েহে, বিশ্বায়ন শিক্ষাৰ আন এটা অন্যতম উদ্দেশ্য হ’ল বিভিন্ন দিশৰ জ্ঞানৰ সংশ্লেষণৰ অৰ্হতা বৃদ্ধি কৰা।

(জ) বিশ্বায়নে পৃথিৱীখনক এখন গোলকীয় গাঁৱলৈ ৰূপান্তৰিত কৰিছে। সেয়েহে গোলকীয় সমাজৰ বিভিন্ন দিশৰ লগত খাপ- খুৱাই ল’বৰ বাবে শিক্ষাৰ্থীক সৰ্বতোপ্ৰকাৰ বিকাশ সাধন কৰাৰ লগতে উপযুক্তভাৱে প্ৰস্তুত কৰি তোলাটো শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য।

(ঝ) শিক্ষাৰ সকলো কৰ্মসূচীয় আন্তৰ্জাতিক মানদণ্ডৰ পাঠ্যক্ৰম, বিষয়বস্তু, শিক্ষণ অনুশীলনৰ অন্তৰ্ভূক্তিকৰণ বিশ্বায়ন শিক্ষাৰ এটা লক্ষ্য।

(ঞ) বিশ্বৰ সকলো প্ৰান্তৰ লগত সংস্কৃতিৰ আদান-প্ৰদানৰ জৰিয়তে ভৱিষ্যতে এক বিশ্ব সংস্কৃতিৰ সৃষ্টি কৰাৰ লগতে এখন একক সাম্যৰ সমাজ গঠন কৰিব পৰা সম-সংস্কৃতিৰ সৃষ্টি কৰা আদি বিশ্বায়ন শিক্ষাৰ লক্ষ্য।

প্ৰশ্ন ৩২। ভাৰতবৰ্ষত বিশ্বায়নৰ প্ৰভাৱসমূহ আলোচনা কৰা। (Discuss the effects of globalization in India.)

উত্তৰঃ পুৰ্ণিকালৰ পৰাই পৃথিৱীৰ অন্যান্য অংশৰ লগত ভাৰতৰ শিক্ষা, প্ৰযুক্তি আৰু বাণিজ্যৰ যোগাযোগ চলিছিল। ব্ৰিটিছ শাসনৰ কালত ভাৰতৰ এই বিশ্বায়নে নতুন ৰূপ লয়। ঊনৈশ শতিকাৰ দ্বিতীয়ার্দ্ধত ব্ৰিটিছ শাসকসকলে ভাৰতৰ ওপৰত তথাকথিত অবাধ বাণিজ্য নীতি জাপি দিয়ে; কিন্তু সেই সময়ত ভাৰতৰ নিচিনা দেশবোৰৰ বেছিভাগেই বিদেশী বাণিজ্য অবাধ নাছিল। তাৰোপৰি বহু ক্ষেত্ৰতেই ব্ৰিটেইনৰ সৈতে বাণিজ্যত ভাৰতীয় উৎপাদকসকলে যি দাম পাইছিল, সেইবোৰ অন্য দেশৰ বিক্ৰী কৰি পোৱা দামৰ তুলনাত কম আছিল।

কুৰি শতিকাৰ ৪০ ৰ দশকৰ পৰা ভাৰতত আধুনিক গোলকীকৰণ প্ৰক্ৰিয়া মোটামুটিভাৱে আৰম্ভ হয়। এই সময়ৰ পৰাই ভাৰতত বিদেশী মূলধনৰ স্বাগতম জনোৱা হয়, বহুজাতিক সংস্থাবোৰৰ প্ৰৱেশাধিকাৰৰ ক্ষেত্ৰটোক অধিক প্ৰসাৰিত কৰা হয়, আমদানি-ৰপ্তানি নীতিক উদাৰ কৰা হয়, ভাৰতীয় মুদ্ৰাৰ বিনিময় মূল্য হ্ৰাস কৰা হয়, ফেৰা (Foreign Exchange Regulation Act) আইনৰ কঠোৰতা হ্ৰাস কৰা হয়। তাৰ পিছত ১৯৯১ চনত আৰ্থিক কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়ৰ পৰা ভাৰত পুৰাপুৰি বিশ্বায়ন প্ৰক্ৰিয়াৰ লগত চামিল হৈ যায়।

ভাৰতবৰ্ষৰ শিক্ষাৰ জগতখনত বিশ্বায়নৰ প্ৰভাৱ পৰিছে। ভাৰতবৰ্ষৰ চৰকাৰে উচ্চ শিক্ষাৰ বাণিজ্যিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভাৰতবৰ্ষই এই নীতি গ্ৰহণ কৰাৰ ফলত শিক্ষা শিতানৰ ব্যয় সংকোচন কৰিবলগীয়া হৈছে, বিশ্বায়নৰ ফলতে ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ চহৰবোৰত ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰ স্থাপন হ’বলৈ ধৰিছে। এই সংখ্যা ২০০২ চনৰ শেষ ভাগত  ৩৩০০ খনলৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত ভাৰতবৰ্ষৰ ৰেহৰূপ সলনি হৈছে সঁচা কিন্তু ৰাজহুৱা খণ্ডৰ অনুষ্ঠান-প্ৰতিষ্ঠানবোৰ ধ্বংসৰ মুখলৈ আগুৱাই গৈছে আৰু তাৰ মানদণ্ড হ্ৰাস হ’বলৈ ধৰিছে। উচ্চ শিক্ষা সংকোচনৰ নীতিটো হ’ল মূলতঃ বিশ্ববেংকৰ ১৯৮৬ চনৰ প্ৰতিবেদনত এই কথা স্পষ্ট কৰি দিয়া আছে যে ৰাষ্ট্যবোৰৰ পুঁজি সংকটৰ পটভূমিত শিক্ষাৰ্থীসকলে শিক্ষাগত খা-খৰচৰ এটা বুজন অংশ নিজেই বহন কৰিব লাগিব, তাৰ বাহিৰে কোনো উপায় নাই।

বিশ্বায়ন প্ৰক্ৰিয়া আৰম্ভণি আৰু তাৰ পৰিণাম হিচাপে শিল্প আৰু অন্যান্য ক্ষেত্ৰত যিবোৰ সুফল পোৱা গৈছে বুলি ভাৰত চৰকাৰৰ তৰফৰ পৰা দাবী কৰা হৈছে, সেইবোৰ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) ভাৰতৰ বৈদেশিক মুদ্ৰাৰ তহবিল আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে।

(খ) বিশ্বায়ন আৰু উদাৰীকৰণৰ ফলত আমদানি বৃদ্ধি পাব আৰু বিদেশী পণ্যৰ প্ৰভাৱত ভাৰতীয় অৰ্থনীতিৰ ভেঁটি দুৰ্বল হৈ পৰিব বুলি সন্দেহ কৰা হৈছিল; সেইটো মিছা বুলি প্ৰমাণিত হৈছে।

(গ) টকাৰ বিনিময় হাৰ যথেষ্ট স্থিতিশীল হৈছে।

(ঘ) বিনিময় হাৰ নমনীয় কৰাৰ ফলত ভাৰতৰ মুঠ ৰপ্তানিৰ পৰিমাণ বাঢ়িছে। 

(ঙ) ভাৰতৰ বিদেশী বিনিয়োগৰ মাত্ৰা বিপুলভাৱে বৃদ্ধি পাইছে আৰু ভাৰতীয় অৰ্থনীতিৰ বিষয়ত বিদেশী বিনিয়োগগৰাকীৰ আস্থা ঘূৰি আহিছে।

(চ) বিশ্বায়নৰ প্ৰভাৱত ভাৰতৰ লেনদেনৰ ব্যালেন্সৰো যথেষ্ট উন্নতি হৈছে।

সামৰণিত বিশ্বায়ন আৰু তাৰ ফলাফল সম্পৰ্কে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কিউবাৰ ৰাষ্ট্ৰপতি ফিদেল কাস্ত্ৰোৱে কোৱা কথাষাৰ উল্লেখ কৰিব পাৰি। তেওঁ কৈছে—”বিশ্বায়ন আজি বাস্তৱ সত্য, এখন জাহাজতে য’ত আমি সকলোৱে একেলগে বহিছো অৰ্থাৎ পৃথিৱী নামৰ গ্ৰহটোত, য’ত আমাৰ সকলোৰে বসতি। কিন্তু জাহাজৰ যাত্ৰী হিচাপে যি সকলে ঘূৰি ফুৰিছে, তেওঁলোকৰ বিভিন্নজনৰ বিভিন্ন দশা। পিচে, জাহাজখনত ইমান বেছি অন্যায় অবিচাৰ চলিছে যে ই আৰু ভাহি থকাটো সাধ্যৰ বাহিৰত আৰু এনেকুৱা এটা যুক্তিহীন কাণ্ডজ্ঞান শূন্য পথত গতি কৰিছে যে, জাহাজ কোনোদিনেই কোনো নিৰাপদ বন্দৰত অৱস্থান কৰাৰ আশা নাই। ভাৱ হয়, এই জাহাজৰ ভাগ্য কোনো বৰফৰ পাহাৰত খুন্দা খুৱাৰহে। সেইটো যদি হয় তেতিয়া ইয়াৰ সৈতে আমি সকলোৱে ডুবিম, কোনো বাদ নপৰিব।”

বিশিষ্ট নেতা ফিদেল কাস্ত্রোৱে ওপৰোক্ত প্ৰতিক্ৰিয়াত যিমান ভয় আৰু সন্দেহ মিহলি হৈ নাথাকিলেও এটা কথা কিন্তু স্পষ্ট হৈছে যে বিশ্বায়ন আজিৰ দিনত এটা বাস্তৱ সত্য। ইয়াৰ গতিৰোধ কৰা সম্ভৱ নহয়। সেয়েহে পণ্ডিতসকলে মন্তব্য কৰিছে, বিশ্বায়নৰ অস্তিত্বক মানিলেও জাতিৰাষ্ট্ৰবোৰ আৰু বেছি পৰিমাণে সচেতনতা আৰু সতৰ্কতা অৱলম্বন কৰিব লাগিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top