Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান

Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান Question Answer can be of great value to excel in the examination.

Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান

Join Telegram channel

Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান Notes cover all the exercise questions in UGC Syllabus. Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান

EDUCATION

EMERGING TRENDS IN INDIAN EDUCATION

(ভাৰতীয় শিক্ষাৰ উদীয়মান প্ৰৱণতা)

অতি চমু প্রশ্নোত্তৰঃ

১। খালি ঠাই পূৰণ কৰা: (Fill in the blanks)

(ক) প্ৰাক্ প্ৰাথমিক শিক্ষা—-।(Pre-primary  education—-education)

উত্তৰঃ অনানুষ্ঠানিক।

(খ) প্ৰাক্ প্ৰাথমিক শিক্ষা শিশুৰ প্ৰদান কৰা হয়—-বছৰৰ পৰা—-বছৰলৈ। (Pre -primary education is provided to the child—-from year to—-year.)

উত্তৰঃ ২ ১/২, ৩:৫

(গ) কিল্ডৰ গাৰ্ডেন শব্দৰ অৰ্থ—-। (The world kindergarten means—.)

উত্তৰঃ শিশুৰ বাগিছা।

(ঘ) প্ৰাক্ বুনিয়াদী বিদ্যালয় গঠন কৰা হৈছিল—বুনিয়াদী শিক্ষাৰ আধাৰত। (Pre -basic schools were formed—in the darkness of basic education.)

উত্তৰঃ মহাত্মাগান্ধীৰ।

(ঙ) মেডাম মেৰীয়া মন্টেশ্বৰীয়ে স্থাপন কৰা প্ৰাক্ প্ৰাথমিক স্কুলৰ নাম আছিল—। (The name of the pre-primary school established by Madam Maria Montessori was—-.)

উত্তৰঃ মন্টেশ্বৰী স্কুল।

(চ) প্ৰাক্ প্ৰাথমিক শিক্ষা—-। (Pre – primary education—-.)

উত্তৰঃ খেলভিত্তিক। 

২। ECCE ৰ সম্পূৰ্ণ অৰ্থটো কি ? (What is the full meaning of ECCE ?)

উত্তৰঃ আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা (Early childhood care a Education)।

৩। কোনে প্ৰাক্ প্ৰাথমিক স্তৰত ইন্দ্ৰিয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল? (Who provided sensory training at the elementary level ?)

উত্তৰঃ মেৰীয়া মন্টেশ্বৰীয়ে।

৪। ইন্দ্ৰিয় অনুশীলনৰ পক্ষপাতী কোন আছিল ? (Who was in favor of sense training ?)

উত্তৰঃ মেৰীয়া মন্টেশ্বৰ। 

৫। আনুষ্ঠানিক শিক্ষাৰ প্ৰাথমিক স্তৰ কোনটো ? (What is the primary level of formal education ?)

উত্তৰঃ প্ৰাথমিক শিক্ষা।

৬। প্ৰাথমিক শিক্ষাৰ আৰম্ভণি কেতিয়া হয় ? (When does primary education begin ?)

উত্তৰঃ ৬ বছৰ বয়সত।

৭। মাধ্যমিক শিক্ষা কোনছোৱা সময়ত প্ৰদান কৰা হয় ? (In what period is secondary education provided ?)

উত্তৰঃ ১১- ১৮ বছৰৰ ভিতৰত।

৮। মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য লিখা ? (Write a purpose of secondary education ?)

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলক সামাজিক সমাযোজনৰ বাবে গঢ় দি তোলা।

৯। উচ্চতৰ মাধ্যমিক শিক্ষা শিক্ষাৰ্থীৰ কিমান বছৰলৈ প্ৰদান কৰা হয় ? (How many years of higher secondary education is provided to the student ?)

উত্তৰঃ ১৬ ৰ পৰা ১৮ বছৰলৈ।

১০। NCERT কেতিয়া গঠন কৰা হৈছিল ? (When is NCERT formed ?)

উত্তৰঃ ১৯৬১ চনৰ ১ চেপ্টেম্বৰত।

১১। NCERT ৰ প্ৰধান কাৰ্যালয় ক’ত ? (Where is the head office of NCERT ?)

উত্তৰঃ নতুন দিল্লীত।

১২। NCERT ৰ সম্পূৰ্ণ অৰ্থটো কি ? (What is the full meaning of NCERT ?)

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা পৰিষদ (National Council of Education Research and Training)

১৩। NCERT গঠনৰ এটা উদ্দেশ্য উল্লেখ কৰা। (Mention a purpose for the formation of NCERT.)

উত্তৰঃ শিক্ষাৰ সকলো শাখাতে গৱেষণা, সংগঠন আৰু পৰিচালনা কৰা।

১৪। NCERT ৰ সভাপতি কোন ? (Who is the President of NCERT ?)

উত্তৰঃ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰী ইয়াৰ সভাপতি।

১৫। SCERT ৰ সম্পূৰ্ণ অৰ্থটো কি ? (What is the full meaning of SCERT ?)

উত্তৰঃ ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদ (State Council of Education Research and Training)

১৬। SCERT ৰ এটা উদ্দেশ্য উল্লেখ কৰা। (Mention one purpose of the SCERT.)

উত্তৰঃ ৰাজ্যৰ শিক্ষা বিভাগৰ বিভিন্ন সমস্যা সমাধান কৰি শিক্ষাৰ উন্নয়নত সহায় কৰা।

১৭। SCERT কেতিয়া গঠন কৰা হয় ? (When is the SCERT formed ?) 

উত্তৰঃ ১৯৮৫ চনত ।

১৮। কলেজীয়া শিক্ষা কেতিয়া আৰম্ভ হয় ? (When does college education begin ?) 

উত্তৰঃ ১২ বছৰীয়া স্কুলীয়া শিক্ষাৰ অন্তত। 

১৯। কোনখন শিক্ষা আয়োগত বিশ্ববিদ্যালয় অনুদান আয়োগ খুলিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছিল ? (Which education commission was advised to open University Grants Commission ?)

উত্তৰঃ ৰাধাকৃষ্ণণ আয়োগ পৰামৰ্শ দিছিল।

২০। কিমান চনত  বিশ্ববিদ্যালয় অনুদান আয়োগ গঠন কৰা হয় ? (In which year the University Grants Commission was formed ?)

উত্তৰঃ ১৯৫৩ চনৰ নৱেম্বৰ মাহত।

২১। মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কাৰ্জনে দিয়া এটা পৰামৰ্শ উল্লেখ কৰা। (Mention a suggestion given to Curzon in the case of secondary education.)

উত্তৰঃ মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰম ব্যৱহাৰিক কৰি গঢ়ি তুলিব লাগে।

২২। উচ্চ শিক্ষাৰ সম্পৰ্কত কাৰ্জণৰ এটা পৰামৰ্শ উল্লেখ কৰা। (Mention Curzon’s advice on higher education.)

উত্তৰঃ প্ৰতিখন বিশ্ববিদ্যালয়ে উপযুক্ত গ্ৰন্থাগাৰ প্ৰতিষ্ঠা কৰিব, বিজ্ঞান লেবটৰী আৰু ছাত্ৰাবাস নিৰ্মাণ কৰিব।

২৩। ভাৰতীয় শিক্ষা আধুনিকীকৰণৰ ওপৰত প্ৰথমে কোনে গুৰুত্ব আৰোপ কৰিছিল ? (Who first emphasized the modernization of Indian education ?)

উত্তৰঃ লৰ্ড কাৰ্জনে।

২৪। গোখলে বিল কিমান চনত হৈছিল ? (Gokhale bill was introduced in which year ?)

উত্তৰঃ ১৯১১ চনত।

২৫। গোখলে বিলৰ এটা পৰামৰ্শ উল্লেখ কৰা। (Mention a suggestion of Gokhale Bill.)

উত্তৰঃ ৬ – ১০ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিব লাগে।

২৬। গোখলে বিলৰ সপক্ষে কিমান জন সদস্যই ভোটদান কৰিছিল ? (How many members voted for and against Gokhale Bill ?)

উত্তৰঃ সপক্ষে ১৩ জন, বিপক্ষে ৩৭ জন সদস্যই।

২৭। চেদলাৰ আয়োগক কি নামেৰে জনা যায় ? (What is the name of the Sadler Commission ?) 

উত্তৰঃ কলিকতা বিশ্ববিদ্যালয় আয়োগ।

২৮। ১৯১৭ চনৰ শিক্ষা আয়োগৰ সভাপতি কোন আছিল ? (Who was the President of the Education Commission in 1917 ?)

উত্তৰঃ ড° মাইকেল চেদলাৰ।

২৯। চেদলাৰ আয়োগ কিমান চনত গঠিত হৈছিল ? (In which year was the Sadler Commission formed ?)

উত্তৰঃ ১৯১৭ চনত। 

৩০। মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কলিকতা বিশ্ববিদ্যালয় আয়োগে দিয়া এটা পৰামৰ্শ উল্লেখ কৰা । (Mention a suggestion given by the Calcutta university Commission in the field of secondary education.)

উত্তৰঃ এই পৰ্যায়ৰ শিক্ষাত যথেষ্ট পৰিমাণে বিভিন্ন বিষয়ৰ শিক্ষাৰ সুবিধা থাকিব লাগিব। 

৩১। বুনিয়াদী শিক্ষাৰ ধাৰণাটো গান্ধীজীয়ে প্ৰথমে ক’ত দাঙি ধৰে ? (Where did Gandhiji introduced the concept of basic education ?)

উত্তৰঃ ৱাৰ্দ্ধাত ১৯৩৭ চনত অনুষ্ঠিত হোৱা ‘অখিল ভাৰতীয় জাতীয় শিক্ষা সন্মিলন’ত।

৩২। বুনিয়াদী শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তক কোন ? (Who is the promoter of basic education system ?)

উত্তৰঃ মহাত্মা গান্ধী।

৩৩। বুনিয়াদী শিক্ষাৰ এটা বৈশিষ্ট্য লিখা। (Write a feature of basic education ?)

উত্তৰঃ বুনিয়াদী শিক্ষা শিশুকেন্দ্ৰীক। সেয়ে ই গঠণাত্মক প্ৰবৃত্তিৰ প্ৰশিক্ষণত বেছি গুৰুত্ব আৰোপ কৰে।

৩৪। বুনিয়াদী শিক্ষা বিফল হোৱাৰ এটা কাৰণ লিখা। (Write a reason for the failure of basic education ?)

উত্তৰঃ বুনিয়াদী শিক্ষাৰ প্ৰকৃত অৰ্থ আৰু গুৰুত্বৰ কথা বেছিভাগ মানুহে নুবুজিলে বাবে ই কৃতকাৰ্য হ’ব নোৱাৰিলে।

৩৫। চাৰ্জেণ্টৰ প্ৰতিবেদন কিমান চনত গৃহীত হয় ? (In which year was the Sargent’s report received ?) 

উত্তৰঃ ১৯৪৪ চনত।

৩৬। জাতীয় শিক্ষা ব্যৱস্থাৰ সৰ্ববৃহৎ আৰু সৰ্বপ্ৰথম শিক্ষা আঁচনি কোনখন ? (Which is the largest and first education scheme in the national education system ?)

উত্তৰঃ চাৰজেন্ট প্ৰতিবেদন।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোওৰঃ

প্ৰশ্ন ১। চমুটোকা লিখা: (Write a short note)

(ক) প্ৰাক্ প্ৰাথমিক শিক্ষা (Pre-primary education.)

উত্তৰঃ ঘৰখনেই শিক্ষাৰ আদি আৰু প্ৰধান স্থান হ’লেও শিশুৰ আৱশ্যকীয় সকলো শিক্ষা দিয়াৰ ব্যৱস্থা প্ৰায়বোৰ ঘৰতে কৰিব নোৱাৰি। নাৰ্চাৰী বিদ্যালয় আৰু শিশু বিদ্যালয় এই দুই  শ্ৰেণী বিদ্যালয় প্ৰাক্ প্ৰাথমিক স্তৰৰ অন্তৰ্গত। আঢ়ৈ বছৰৰ পৰা পাঁচ বছৰলৈ কোনো বিদ্যালয়ত ছয় বছৰলৈ এইবোৰ বিদ্যালয়ত ল’ৰা-ছোৱালীক শিক্ষা দিয়া হয়। খেলা-ধূলা, গান-বাজনা, নৃত্য-গীত, অভিনয় আদি আনন্দদায়ক কৰ্মধাৰাৰ জৰিয়তে এইবোৰ শিশুক শিক্ষা দিবলৈ আৰু সু-অভ্যাস গঠন কৰিবলৈ যত্ন কৰা হয়।

১৯৬৪ – ৬৬ চনৰ শিক্ষা আয়োগে উল্লেখ কৰা প্ৰাক্ প্ৰাথমিক স্তৰৰ লক্ষ্যসমূহ—

(ক) শাৰীৰিক স্বাস্থ্যজনিত অভ্যাস গঠন।

(খ) সামাজিক মনোভাৱ আৰু আচৰণ গঠন।

(গ) অনুভূতিৰ প্ৰকাশ, নিয়ন্ত্ৰণ আৰু দক্ষতা আয়ত্তকৰণ।

(ঘ) আত্মপ্ৰকাশ আৰু সৃজনী শক্তিৰ প্ৰকাশ, সুবিধা দান।

(ঙ) নিজৰ পৰিবেশ অধ্যয়নৰ কাৰণে কৌতুহল, জাগৰণ।

(চ) শুদ্ধ আৰু স্পষ্টভাৱে শিক্ষাৰ সুযোগ দান।

(ছ) সৌন্দৰ্যবোধ জাগৰণ।

(জ) স্বাস্থ্যৰক্ষাৰ শিক্ষাদান।

(খ) মন্টেশ্বৰী বিদ্যালয় (Montessori School)

উত্তৰঃ মন্টেশ্বৰী স্কুলসমূহত শিশুসকলক ইন্দ্ৰিয় শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিয়া হয়। বিভিন্ন ধৰণৰ সা-সৰঞ্জাম আৰু খেলনা বস্তুৰ সহায়ত মন্টেশ্বৰী স্কুলবোৰত শিশুৰ স্পৰ্শবোধ, ঘ্ৰাণবোধ, দৃষ্টিবোধ, বৰ্ণবোধ ইত্যাদি জন্মাই নানা বিষয়ত শিক্ষা দিয়া হয় । যেনে—খহটা, কোমল, টান ইত্যাদি বস্তু শিশুক হাতেৰে চুই চাবলৈ দিয়া হয় যাতে শিশুই কোমল বস্তু, খহটা বস্তু আৰু টান বস্তু কাক কয় বুজিব পাৰে। সেইদৰেই ৰঙা, নীলা, সেউজীয়া ইত্যাদি ৰঙৰ বোধ জন্মাবৰ কাৰণে তেনে ৰঙৰ চাক্ষুষ জ্ঞান দিয়া হয়। বিভিন্ন ধৰণৰ শব্দ শিশুৰ কাণত পেলাই কোনটো কেনেধৰণৰ শব্দ সেই সম্পৰ্কে সিহঁতৰ সঠিক ধাৰণা জন্মাব পাৰি। মেৰীয়া মন্টেশ্বৰীয়ে শিশু উক্ত ধৰণৰ শিক্ষা দিয়াত গুৰুত্ব দিছিল। সেয়েহে মন্টেশ্বৰী স্কুলসমূহৰ শিক্ষাব্যৱস্থা এই নীতিৰ ওপৰত প্ৰতিষ্ঠিত। 

(গ) অংগনবাড়ী বিদ্যালয় (Anganwadi school)

উত্তৰঃ দেশৰ পিছপৰা অঞ্চলৰ  মহিলা সকলক সন্তান জন্ম, শিশুৰ স্বাস্থ্যৰ যতন, শিশুৰ পুষ্টি সাধন ইত্যাদি বিষয়ক জ্ঞান প্ৰদান কৰিবৰ বাবে এনে অনুষ্ঠান সংগঠিত কৰা হৈছে। এইবিধ বিদ্যালয় সম্পূৰ্ণ দেশীয় পদ্ধতিৰে পৰিচালিত। সাধাৰণতে এনেবোৰ স্কুলৰ বাবে প্ৰশিক্ষণ প্ৰাপ্ত মহিলাকহে শিক্ষক হিচাপে নিয়োগ কৰা হয়। ইয়াত শিশুসকলক খেলা-ধূলা, নাচ, গান আদিৰ পৰিবেশ ৰচনা কৰি শিশুক খেলা ভিত্তিক শিক্ষা প্ৰদান কৰা হয়। অংগনবাড়ী শিক্ষানুষ্ঠানবোৰক অনানুষ্ঠানিক শিক্ষাৰ প্ৰধান অংগ হিচাপে গণ্য কৰা হয়।

(ঘ) বালৱাড়ী বিদ্যালয় (Balwari school)

উত্তৰঃ এইবিলাক স্কুলত স্থানীয় সা-সুবিধালৈ লক্ষ্য ৰাখি সানমিহলি পদ্ধতি ব্যৱহাৰ কৰা হয়। কোঠাৰি আয়োগৰ পৰামৰ্শ মতে দেশৰ অনুন্নত আৰু পিছপৰা অঞ্চলসমূহত দুখীয়া শ্ৰেণীৰ লোকসকল যাতে উপকৃত হ’ব পাৰে তালৈ লক্ষ্য ৰাখি গ্ৰামাঞ্চল বিলাকত এনেধৰণৰ স্কুল স্থাপন কৰা হৈছিল। এইবোৰ সম্পূৰ্ণৰূপে দেশীয় পদ্ধতিৰ স্কুল। পিছপৰা অঞ্চলৰ শিক্ষা বঞ্চিত লোকসকলৰ ল’ৰা-ছোৱালীৰ বাবে এনে স্কুল প্ৰতিষ্ঠা কৰা হয়। বিশেষকৈ এনে শ্ৰেণীৰ লোকৰ শিশুসকলৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় যতন, সু-অভ্যাস গঠন, চাফ-চিকুণতা বজাই ৰখা আৰু উপযুক্ত সামাজিকৰণৰ উদ্দেশ্য আগত ৰাখিয়েই এনেবোৰ স্কুল স্থাপন কৰা হৈছিল। এনেবোৰ স্কুলত শিশু সকলক বিভিন্ন ধৰণৰ গঠনমূলক তথা আত্মতৃপ্তিমূলক খেলা-ধূলা আদিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

প্ৰশ্ন ২। আগতীয়া বাল্যকাল আৰু শিশুৰ যতন বুলিলে কি বুজা ? (What do you mean by pre- childhood and child care ?)

উত্তৰঃ নতুন শিক্ষানীতিত কণ কণ শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। শিশুসকলে আনন্দমুখৰ পৰিৱেশত যাতে বিকশিত হ’ব পাৰে তাৰ ব্যৱস্থা লোৱাৰ উদ্দেশ্যে সুষম খাদ্য স্বাস্থ্য আৰু সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব দিব লাগিব। আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষাই এইক্ষেত্ৰত প্ৰাধান্য লাভ কৰিব লগতে সু-সংহত শিশুবিকাশ সেৱা আঁচনি সম্ভৱ হ’লে কাৰ্যকৰী কৰা হয়। দিবা তত্ত্বাৱধান কেন্দ্ৰৰ ব্যৱস্থা কৰি প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ ব্যৱস্থা কৰা হ’ব। আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা কাৰ্যসূচী সম্পূৰ্ণৰূপে শিশুকেন্দ্ৰীয় হ’ব আৰু ইয়াক ক্ৰিয়া ভিত্তিক বহুমুখী কৰি তোলা হ’ব। আচঁনিসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত স্থানীয় সম্প্ৰদায়সমূহত জড়িত কৰা হ’ব। প্ৰাক্ প্ৰাথমিক স্তৰত বিকাশৰ ব্যৱস্থা কৰা হ’ব আৰু প্ৰাথমিক শিক্ষা আৰু মানৱ সম্পদৰ সম্পূৰ্ণ বিকাশৰ বাবে শক্তিশালী ব্যৱস্থা হাতত লোৱা হ’ব।

প্ৰশ্ন ৩। প্ৰাথমিক শিক্ষা কাক বোলে ? চমুকৈ লিখা। (What is primary education ? Write briefly ?)

উত্তৰঃ প্ৰাথমিক শিক্ষা হ’ল শিশুৰ প্ৰথম আনুষ্ঠানিক শিক্ষাৰ স্তৰ। শিক্ষাৰ দ্বিতীয়টো পর্যায়েই হ’ল প্রাথমিক শিক্ষা। প্ৰাথমিক শিক্ষা ছয় বছৰত আৰম্ভ হৈ তেৰ বছৰ বয়সত শেষ হয়। ইয়াৰ প্ৰথম চাৰি বছৰক নিম্ন প্রাথমিক আৰু শেষৰ তিনি বছৰক উচ্চ প্রাথমিক বুলি কোৱা হয়। এই স্তৰৰ শিক্ষাৰ প্ৰধান উদ্দেশ্য হ’ল শিশুক লিখা পঢ়া আৰু গণনাৰ প্ৰশিক্ষণ দি স্বাক্ষৰ কৰি তোলা। সেইবাবেই প্ৰাথমিক শিক্ষাক জনগণৰ শিক্ষা বুলি কোৱা হয়। বৰ্তমান প্ৰাথমিক শিক্ষাক প্ৰতিজন ব্যক্তিৰে জন্মগত অধিকাৰ বুলি কোৱা হয়। প্ৰাথমিক শিক্ষাৰ দুইটা স্তৰক ক্ৰমে নিম্ন বুনিয়াদী আৰু উচ্চ বুনিয়াদী বুলিও কয়। উচ্চ বুনিয়াদী বা উচ্চ প্ৰাথমিকক কেতিয়াবা মজলীয়া স্তৰ বা নিম্ন মাধ্যমিক স্তৰ বুলিও কোৱা হয়।

প্ৰশ্ন ৪। শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ দুটা তাৎপৰ্য লিখা ? (Write two meanings of vocational goals in education.)

উত্তৰঃ শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ দুটা তাৎপৰ্য হ’ল—-

(ক) শিক্ষাৰ বৃত্তিমূলক লক্ষ্যই সমাজৰ ব্যৱধান কমাই আনিব পাৰে।

(খ) শিক্ষাৰ বৃত্তিমূলক লক্ষ্যই আৰ্থিক বিকাশ, উৎপাদনশীলতা আৰু ব্যক্তিৰ উন্নয়ন সাধন কৰে।

প্ৰশ্ন ৫। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (NCERT) ৰ বিষয়ে চমুকৈ লিখা আৰু ইয়াৰ প্ৰধান কার্য কি উল্লেখ কৰা। (Write briefly about the State Council for Educational Research and Training (NCERT) and what are its main functions ?)

উত্তৰঃ ১৯৬১ চনৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত মুখ্য কাৰ্যালয় হিচাপে শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছিল। ইয়াৰ মুখ্য উদ্দেশ্য আছিল বিদ্যালয় শিক্ষাৰ উন্নতি সাধন কৰা। বিদ্যালয় শিক্ষাৰ কোনো আঁচনি গ্ৰহণ কৰাৰ আগতে এই  NCERT ৰ সহায় লোৱা হয়। ভাৰত চৰকাৰে ইয়াৰ আৰ্থিক দিশৰ প্ৰতি সম্পূৰ্ণ লক্ষ্য ৰাখে NCERT এ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ পৰামৰ্শদাতা হিচাপে কাম কৰে।

NCERT ৰ মুখ্য কামসমূহ:

(ক) শিক্ষাৰ সকলো দিশৰ গৱেষণাৰ বাবে উদগনি আৰু সহায় আগবঢ়োৱা।

(খ) অন্তৱৰ্তী আৰু পূৰ্বৱৰ্তী শিক্ষক ব্যৱস্থা কৰে।

(গ) অত্যাধুনিক কৌশলৰ প্ৰয়োগ কৰাত সহায় কৰে।

(ঘ)  বিদ্যালয় শিক্ষাৰ যাৱতীয় পৰামৰ্শ দানত সহায় কৰে।

এই গৱেষণা কেন্দ্ৰই সুচাৰুৰূপে কাম চলাবলৈ প্ৰত্যেক ৰাজ্যৰ শিক্ষাবিভাগৰ লগত সম্বন্ধ ৰাখে। বিভিন্ন ৰাজ্যত ইয়াৰ পোন্ধৰটা পৰামৰ্শ দান শাখা আছে।

প্ৰশ্ন ৬। NCERT গঠন কৰাৰ মূল উদ্দেশ্যকেইটা কি কি ? NCERT ৰ সাধাৰণ সমিতিখনত কোন কোন ব্যক্তি জড়িত ? (What are the main purposes of forming NCERT ? Which people are involved in the general committee of NCERT ?)

উত্তৰঃ NCERT গঠন কৰাৰ মূল উদ্দেশ্য হ’ল—

(ক) শিক্ষাৰ সকলো শাখাতে গৱেষণা, সংগঠন আৰু পৰিচালনা কৰা।

(খ) শিক্ষাত উন্নত পৰ্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা। NCERT য়ে ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত অধ্যয়ন কৰে, জৰীপ চলাই আৰু প্ৰয়োজন সাপেক্ষে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে।

(গ) বিদ্যালয়ৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা।

(জ) পাঠ্যপুথি প্ৰস্তুত কৰা।

(ঙ) পৰীক্ষা পদ্ধতিৰ সংস্কাৰ সাধন কৰা।

NCERT ৰ সাধাৰণ সমিতিখন নিম্নোক্ত ব্যক্তিসকলকলৈ গঠিত—

(ক) কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী ইয়াৰ সভাপতি।

(খ) সকলো ৰাজ্যিক শিক্ষামন্ত্ৰী আৰু ইউনিয়ন টেৰিট’ৰৰ শিক্ষামন্ত্ৰীসকল ইয়াৰ সদস্য।

(গ) শিক্ষাৰ ক্ষেত্ৰত বুৎপত্তি থকা কেইজনমান অনুমোদিত শিক্ষাবিদ।

প্ৰশ্ন ৭। NCERT ৰ প্ৰধান গোটসমূহ কি কি ? (What are the main teams in NCERT ?)

উত্তৰঃ NCERT ৰ প্ৰধান গোটসমূহ হ’ল—

(ক) ৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠান—নতুন দিল্লী।

(খ) শৈক্ষিক প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰীয় অনুষ্ঠান—নতুন দিল্লী। 

(গ) আঞ্চলিক শিক্ষা প্ৰতিষ্ঠান।

(ঘ) বৃত্তিগত শিক্ষাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান–ভূপাল।

তাৰোপৰি আজমীৰ, ভূপাল, ভুৱনেশ্বৰ আৰু মহীশূৰত চাৰিটা শিক্ষানুষ্ঠান আছে।

প্ৰশ্ন ৮। ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদ SCERT ৰ বিষয়ে চমুকৈ লিখা । (Write briefly about the State Education Research Council SCERT) ?

উত্তৰঃ ৰাষ্ট্ৰীয় গৱেষণা শিক্ষা আৰু প্ৰশিক্ষণৰ আৰ্হিত ৰাজ্যিক পৰ্যায়তো একোখনকৈ পৰিষদ গঠন কৰা হৈছে। এই পৰিষদবোৰৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ বোলা হয়। এই পৰিষদবোৰক প্ৰধান কাম হ’ল—ৰাজ্যিক পৰ্যায়ত শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত গৱেষণা চলোৱা, পাঠ্যপুথি প্ৰকাশ কৰা আৰু শিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা। অসমতো এনে এখন পৰিষদ আছে। বিভিন্ন বিষয়ত যেনে—শৈক্ষিক প্ৰযুক্তি বিদ্যা, পৰিবেশ সম্বন্ধীয় অধ্যয়ন, অনুশিক্ষণ ব্যৱস্থা কৰে। ইয়াৰোপৰি শিক্ষা জৰীপ আৰু শিক্ষাৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাত আগভাগ লয়।

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ হ’ল ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ একোটা গোট। ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে মূলতঃ স্কুলীয়া শিক্ষা আৰু শিক্ষক প্ৰশিক্ষণৰ গুণগত মূল্য বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰে।

প্ৰশ্ন ৯। SCERT  ৰ কেইটামান প্ৰধান কার্য উল্লেখ কৰা। (Mention some of the main functions of the SCERT.)

উত্তৰঃ (ক) শিক্ষা সম্বন্ধীয় পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণত ৰাজ্য চৰকাৰক সহায় কৰা।

(খ) বিদ্যালয় পৰ্যায়ৰ শিক্ষা আৰু শিক্ষক প্ৰশিক্ষণৰ মান উন্নত কৰিবলৈ ৰাজ্যিক চৰকাৰক সহায় কৰা।

(গ) বিদ্যালয় শিক্ষা শৈক্ষিক গৱেষণাৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰা।

(ঘ) প্ৰাথমিক শিক্ষাৰ বাবে পাঠ্যপুথি, পাঠ্যক্ৰমৰ পুনৰীক্ষণ আৰু বিকাশ সাধন কৰা।

(ঙ) NCERT আৰু অন্যান্য বৃত্তীয় শিক্ষাৰ অনুষ্ঠানসমূহৰ লগত জাতীয় নীতিসমূহৰ বিষয়ে পদক্ষেপ ল’বলৈ যোগাযোগ ৰখা।

(চ) প্ৰাথমিক স্তৰত ছাত্ৰ বৃত্তিৰ পৰীক্ষা পৰিচালনা কৰা।

প্ৰশ্ন ১০। NCERTয়ে সামৰি লোৱা বিভাগ কেইটা কি কি ? (What are the sections included in SCERT ?)

উত্তৰঃ SCERT য়ে মুঠ আঠটা বিভাগ সামৰি লৈছে। সেইকেইটা হ’ল—

(ক) পাঠ্যক্ৰম প্ৰস্তুতি আৰু উন্নয়ন বিভাগ।

(খ) শিক্ষা গৱেষণা আৰু পৰীক্ষা সংস্কাৰকৰণ বিভাগ।

(গ) শিক্ষক প্ৰশিক্ষণ বিভাগ।

(ঘ) ভাষা শিক্ষণ বিভাগ।

(ঙ) বিজ্ঞান আৰু গণিত বিভাগ।

(চ) কলা, সমাজ বিজ্ঞান আৰু সামাজিকভাৱে উপযোগী আৰু উৎপাদনমূলক কৰ্মৰ বিভাগ।

(ছ) শিশু প্ৰযুক্তি বিভাগ।

(জ) শিক্ষা আৰু বৃত্তিয় পৰামৰ্শদান বিভাগ।

প্ৰশ্ন ১১। অসমৰ  SCERT ৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the SCERT of Assam ?)

উত্তৰঃ ১৯৮৫ চনৰ ২৯ মাৰ্চক অসমতো ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অনুমোদন সাপেক্ষে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT) গঠন কৰা হয়। অসমৰ  SCERT ৰ অধীনত চাৰিটা বিভাগ আছে। যেনে—

(ক) পাঠ্যক্ৰম উন্নয়ন বিভাগ।

(খ) শিক্ষা গৱেষণা আৰু পৰীক্ষা সংস্কাৰ বিভাগ।

(গ) শিক্ষক প্ৰশিক্ষণ বিভাগ।

(ঘ) বিজ্ঞান, গণিত আৰু ভাষা শিক্ষণ।

অসমৰ SCERT ৰ প্ৰশাসনিক দায়িত্বত থকা শিক্ষক প্ৰশিক্ষণৰ অনুষ্ঠানসমূহ হ’ল—

(ক) শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়।

(খ) বি.এড মহাবিদ্যালয়।

(গ) জিলা শিক্ষা আৰু প্ৰশিক্ষণ অনুষ্ঠান।

(ঘ) নৰ্মাল স্কুল।

(ঙ) বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ।

(চ) প্ৰাক্ প্ৰাথমিক প্ৰশিক্ষণ কেন্দ্ৰ।

(ছ) হিন্দী প্ৰশিক্ষণ মহাবিদ্যালয়।

(জ) হিন্দী প্ৰশিক্ষণ অনুষ্ঠান।

প্ৰশ্ন ১২। জিলা শিক্ষা প্ৰশিক্ষণ পৰিষদৰ (DIET) তিনিটা প্ৰধান কার্য উল্লেখ কৰা। (Mention the three main functions of the District Education Training Council (DIET).)

উত্তৰঃ জিলা শিক্ষা প্ৰশিক্ষণ তিনিটা প্ৰধান কার্য হ’ল—

(ক)  প্ৰশিক্ষণ।

(খ) সম্পদ আহৰণ সহযোগ, শিক্ষণ সঁজুলিৰ উন্নতি সাধন, মূল্যাংকনৰ আহিলা, নিৰ্দেশনা আৰু সম্প্ৰসাৰণ।

(গ) ক্ষেত্ৰ গৱেষণা।

প্ৰশ্ন ১৩। কলিকতা বিশ্ববিদ্যালয় আয়োগৰ মাধ্যমিক শিক্ষা সম্পৰ্কীয় পৰামৰ্শসমূহ উল্লেখ কৰা। (Mention the recommendation of the Kolkata University Commission regarding education.)

উত্তৰঃ কলিকতা বিশ্ববিদ্যালয় আয়োগে মাধ্যমিক শিক্ষাৰ সংস্কাৰৰ বাবে তলত দিয়া পৰামৰ্শৱলীসমূহ আগবঢ়াইছিল—

(ক) এটি মাধ্যমিক আৰু ইণ্টাৰমেডিয়েট ব’ৰ্ডৰ হাতত মাধ্যমিক আৰু ইণ্টাৰমেডিয়েট পৰীক্ষা পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব আৰু ক্ষমতা অৰ্পণ কৰা উচিত।

(খ) ইণ্টাৰমেডিয়েট ব’ৰ্ডখন বেচৰকাৰী হ’ব আৰু ইয়াত বিশ্ববিদ্যালয় আৰু জনসাধাৰণৰ যথেষ্ট সংখ্যক প্ৰতিনিধি থাকিব।

(গ) ইণ্টাৰমেডিয়েট পৰীক্ষা পাছ কৰাৰ পিছতহে শিক্ষাৰ্থীক বিশ্ববিদ্যালয়ত ভৰ্তি কৰা হ’ব। 

(ঘ) ডিগ্ৰী কলেজৰ পৰা ইণ্টাৰমেডিয়েট শ্ৰেণীসমূহক পৃথক কৰি ইণ্টাৰমেডিয়েট কলেজ স্থাপন কৰি এনে কলেজত কলা, বিজ্ঞান, চিকিৎসা, ইঞ্জিনিয়াৰিং, শিক্ষাতত্ত্ব, কৃষি, বাণিজ্য আৰু শিল্প শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব।

(ঙ) এই পৰ্যায়ৰ শিক্ষাত যথেষ্ট পৰিমাণে বিভিন্ন বিষয়ৰ শিক্ষাৰ সুবিধা থাকিব লাগিব।

(চ) মাধ্যমিক শিক্ষাৰ দোষ-ক্ৰুটিবিলাক দূৰ কৰিবলৈ চৰকাৰে যথেষ্ট পৰিমাণে ব্যয় কৰিব লাগিব।

প্ৰশ্ন ১৪। বুনিয়াদী শিক্ষাৰ গুণসমূহ কি কি ? (What are the qualities of basic education ?)

উত্তৰঃ এই শিক্ষাৰ কেইটামান গুণ দেখা যায়।

সেইকেইটা হৈছে :-

(ক) বুনিয়াদী শিক্ষা শিশু কেন্দ্ৰিক ভাৱধাৰা ওপৰত প্ৰতিষ্ঠিত।

(খ) এই শিক্ষা পৰিকল্পনাত বৃত্তিমূলক শিক্ষাত অধিক গুৰুত্ব দিয়া হয়।

(গ) এই শিক্ষাই পৰম্পৰাগত শিক্ষাৰ ঠাইত সক্ৰিয়াত্মক শিক্ষা প্ৰদানত গুৰুত্ব দিয়ে।

(ঘ) এনে শিক্ষা পদ্ধতিয়ে শিক্ষাৰ্থীসকলৰ অধিক আগ্ৰহশীল কৰি তুলিব।

(ঙ) মাতৃভাষাত শিক্ষা প্ৰদানে শিক্ষাৰ্থীসকলৰ বিষয়সমূহ বুজাত সহায় কৰিব।

(চ) বুনিয়াদী শিক্ষাত শিক্ষাৰ্থীসকলৰ ব্যক্তিত্ব বিকাশত প্ৰাধান্য দিয়া হয়।

(ছ) বুনিয়াদী শিক্ষা ভাৰতৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে।

(জ) বুনিয়াদী শিক্ষা শিক্ষাৰ্থীসকলৰ জীৱনৰ বাবে অধিক অৰ্থপূৰ্ণ।

প্ৰশ্ন ১৫। বুনিয়াদী শিক্ষাৰ দোষসমূহ উল্লেখ কৰা। (Mention the demerits of basic education.)

উত্তৰঃ এই শিক্ষাৰ প্ৰধান আসোঁৱাহসমূহ হৈছে—

(ক) শিশুসকলক অধিক হাতে-কামে জড়িত কৰা বিজ্ঞানসন্মত নহয়।

(খ) কোনো এটা শিল্পৰ যোগেদি সকলো বিষয়ৰ শিক্ষা দান কৰিব নোৱাৰি।

(গ) শিশুসকলৰ মানসিক প্ৰয়োজন অনুসৰি শিক্ষা প্ৰদান কৰা হোৱা নাই।

(ঘ) কোনো শিল্পৰ যোগেদি শিক্ষা প্ৰদান কৰা ব্যৱস্থাটো অতি ব্যয়বহুল। ভাৰতৰ দৰে এখনৰ বাবে ই সম্ভৱ নহয়।

(ঙ) কোনো শিল্পৰ যোগেদি উপাৰ্জন হোৱা অৰ্থৰে বিদ্যালয় এখন কেতিয়াও স্বাৱলম্বী হ’ব নোৱাৰে।

(চ) শিক্ষাৰ পৰিবেশক শিল্পকেন্দ্ৰিক শিক্ষাই এটা কাৰখানালৈ পৰিণত কৰিব। শিক্ষাৰ্থীসকলক এটা যন্ত্ৰলৈ পৰিণত কৰিব।

(ছ) ইংৰাজী আন্তৰ্জাতিক ভাষা, ইয়াক অৱজ্ঞা কৰিলে শিক্ষাৰ্থীসকলে ভৱিষ্যত জীৱন ফেৰ মাৰি আগবাঢ়িব নোৱাৰিব।

(জ) এই শিক্ষাই কেৱল প্ৰাথমিক পৰ্যায়তহে অত্যাধিক গুৰুত্ব দিছে।

(ঝ) শিশুসকলৰ নৈতিক বিকাশৰ শিক্ষা ইয়াত প্ৰদান কৰা নহয়।

(ঞ) বৰ্তমান প্ৰযুক্তিবিদ্যাৰ যুগত সূতাকটা আৰু কাপোৰ বোৱা কাৰ্যই ঔদ্যোগিকৰণৰ বিকাশত বাধা জন্মাব।

প্ৰশ্ন ১৬। দেশীয় শিক্ষা ব্যৱস্থাৰ চমুকৈ লিখা। (Write briefly about the domestic education system ?)

উত্তৰঃ অতীতৰ শিক্ষা ব্যৱস্থাৰ ইতিহাসৰ পিনে দৃষ্টি দিলে দেখা যায় যে দেশৰ শিক্ষাৰ ক্ষেত্ৰত কোনো দায়িত্ব নাছিল। কিছুমান বিদ্যানুৰাগী মনিষীয়ে নিজ গৃহতে ছাত্রশালা স্থাপন কৰি ছাত্ৰসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। এই প্ৰথাটোক  ‘গুৰুকুল’ প্ৰথা বুলি জনা যায়। এই গুৰুকুল প্ৰথাক কেন্দ্ৰ কৰিয়েই মানুহৰ জীৱনৰ লাগতিয়াল সকলো শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। গুৰুৱে শিক্ষাৰ মূলকেন্দ্ৰ আছিল।  গুৰুকুল প্ৰথাৰ পিছতে ‘টোল’,’পাঠশালা’ নামৰ দুবিধ শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল। ‘টোল’,’পাঠশালা’ত শিক্ষাৰ আনুষ্ঠানিকতা পালন কৰা হৈছিল। এই অনুষ্ঠানসমূহে শিক্ষাৰ সকলো দিশ সামৰি কৈছিল। এই দুবিধ অনুষ্ঠানৰ লগতে মুছলমান ৰাজত্বকালত  ‘মক্তাব’ আৰু ‘মাদ্ৰাছা’  নামৰ দুবিধ শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল। এই অনুষ্ঠানসমূহ কিন্তু সাৰ্বজনীন হোৱা নাছিল। উচ্চ পৰ্যায়ৰ ব্যক্তিসকলৰ বংশধৰসকলকহে ইয়াত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এইদৰে ইংৰাজ আমোলৰ সময়লৈ এই শিক্ষা ব্যৱস্থাৰ প্ৰচলন হৈ আছিল।

প্ৰশ্ন ১৭। দেশীয় শিক্ষাৰ সবলতাসমূহ উল্লেখ কৰা। (Mention the strengths of domestic education.)

উত্তৰঃ দেশীয় শিক্ষাৰ সবলতাসমূহ অতি সংক্ষেপে তলত উল্লেখ কৰা হ’ল—

(ক) ভাৰতবৰ্ষৰ পুৰণি জাতীয় শিক্ষাই এক দেশীয় শিক্ষা ব্যৱস্থা গঢ় লৈ তুলি দেশৰ ঐক্য সংহতি স্থাপন কৰিব পাৰে।

(খ) এইবিধ শিক্ষাই সৰ্বসাধাৰণ লোকৰ ধর্মীয়, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰে ।

(গ) সৰ্বসাধাৰণ লোকৰ স্থানীয় পৰিস্থিতি আৰু প্ৰয়োজনৰ লগত খাপ খোৱাকৈ এইবিধ শিক্ষা প্ৰস্তুত কৰি তোলা হৈছে।

(ঘ) ইয়াৰ মনিটৰিয়েল প্ৰথাই শিক্ষা মিতব্যয়ী কৰি তুলিব পাৰে, বৰ্ধিত জনসংখ্যাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ প্ৰয়োজন পূৰণ কৰিব পাৰে আৰু এক শিক্ষকশ্ৰেণীৰ লোক গঢ় দি তুলিব পাৰে।

(ঙ) ইয়াৰ শিক্ষানীতি হৈছে প্ৰয়োজন ভিত্তিক, অগতানুগতিক আৰু সহজ-সৰল বিধৰ, যি বৰ্তমান জন-শিক্ষাৰ মাধ্যম স্বৰূপে কাম কৰিব পাৰে।

(চ) উত্তৰ প্ৰতিবেদন আৰু হাণ্টাৰ আয়োগেও এই দেশীয় শিক্ষাৰ ভৱিষ্যৎ  সম্ভাৱনীয়তা সম্বন্ধে আশাবাদী আছিল।

প্ৰশ্ন ১৮। দেশীয় শিক্ষাৰ দুৰ্বলতাসমূহ উল্লেখ কৰা। (Mention the weaknesses of domestic education.)

উত্তৰঃ দেশীয় শিক্ষাৰ দুৰ্বলতাসমূহ অতি তলত উল্লেখ কৰা হ’ল—

(ক) দেশীয় শিক্ষাই ভাৰতবৰ্ষৰ পুৰণি বৰ্ণবাদ আৰু জাতিবাদ প্ৰথা বিচাৰ কৰাৰ বাবে ই অগণতান্ত্ৰিক মনোভাৱৰ বুলিব পাৰি। হৰিজনসকলক শিক্ষাৰ পৰা ইয়াত বঞ্চিত কৰা হৈছিল।

(খ) শিক্ষাৰ নীতি আৰু পদ্ধতিত গতিশীলতাৰ পৰিৱৰ্তে সংৰক্ষণশীলতাই  অধিক প্ৰাধান্য লাভ কৰে, যাৰ ফলত ই সময় সাপেক্ষে হৈ উঠিব নোৱাৰে।

(গ) শিক্ষকসকল প্ৰশিক্ষণ প্ৰাপ্ত নহয় আৰু সেয়েহে তেওঁলোক পুৰণি মনোভাৱৰ।

(ঘ) বৰ্তমানৰ উন্নত শিক্ষা পদ্ধতি আৰু অনুশাসন ব্যৱস্থা এই শিক্ষাত পাব পৰা নাযায়।

(ঙ) পাঠ্যক্ৰমৰ ধাৰণাও অতি সংকীৰ্ণ, যি ধর্মীয় আৰু সাম্প্ৰদায়িক মনোভাৱেৰে অধিক প্ৰভাৱিত।

(চ) বৰ্তমান শিক্ষাৰ ব্যয়বহুলতা আৰু উন্নত গুণমান বিশিষ্টতা এই শিক্ষাই ৰক্ষা কৰি চলিব নোৱাৰে।

প্ৰশ্ন ১৯। দেশীয় শিক্ষাৰ অনগ্ৰসৰতাৰ কাৰণসমূহ আলোচনা কৰা। (Discuss the reasons for the backwardness of domestic education.)

উত্তৰঃ বৰ্তমান সময়ত ভাৰতবৰ্ষৰ পুৰণি দেশীয় শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে বিলুপ্ত হোৱা নাই যদিও ই মৃত্যুমুখী বুলি ক’ব পাৰি। এনে অৱস্থাৰ বাবে বিভিন্ন কাৰণ জড়িত হৈ আছে। যিসমূহ বিচাৰ কৰি চোৱাটো প্ৰয়োজন। এই প্ৰসংগত নিম্নলিখিত কাৰণসমূহ আমাৰ বিবেচনাযোগ্য।

(ক) ১৯ শতিকাত দ্বিতীয় দশকক সৃষ্টি হোৱা প্ৰাচ্য-পাশ্চাত্যৰ বিবাদ আৰু তাৰ পৰিণতি স্বৰূপে প্ৰস্তুত কৰা মেকলেৰ শিক্ষা প্ৰতিবেদনে  ইংৰাজী ভাষা – সাহিত্যক দেশীয় শিক্ষাৰ ক্ষতি সাধনেৰে বিকাশৰ সুবিধা দিয়া হ’ল।

(খ) মেকলেই বিদ্বেষমূলকভাৱে মত দিয়ে যে প্ৰাচ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিব লাগে আৰু ইয়াৰ বাবে চৰকাৰৰ শিক্ষামূলক বৃত্তিদান প্ৰথা তুলি দিব লাগে। এনে পৰামৰ্শ দেশীয় শিক্ষাৰ বাবে এক নিষ্ঠুৰ আঘাত স্বৰূপে হৈ উঠে।

(গ) এদল ইংৰাজী শিক্ষাৰে শিক্ষিত হৈ উঠা ভাৰতীয় লোকে দেশীয় শিক্ষাৰ বিপৰীতে ইংৰাজী শিক্ষাৰ প্ৰতি অধিক আকৰ্ষিত হয়।

(ঘ) ইংৰাজী শিক্ষাৰে শিক্ষিত ভাৰতীয়সকলক ইংৰাজ প্ৰশাসনে চাকৰি দিয়াৰ প্ৰলোভন দেখুওৱা হয়। ফলত এইসকল লোকে দেশীয় শিক্ষা অদৰকাৰী বুলি ভাবিবলৈ ধৰে।

(ঙ) দেশীয় শিক্ষা মিতব্যয়ী বিধৰ হোৱা স্বত্বেও অত্যাধিক দৰিদ্ৰতাৰ ফলত আৰু বৰ্ণ বৈষম্য ভাবৰ ফলত সৰ্বসাধাৰণ লোকে ইয়াৰ ওচৰ চাপিব নোৱাৰিছিল। আনহাতে ইংৰাজী শিক্ষাৰ প্ৰতি মিছনেৰীসকলৰ নানা প্ৰলোভন দেখুৱাইছিল।

(চ) দেশীয় শিক্ষাৰ শিক্ষকসকল অধিক সংৰক্ষণশীল মনোভাৱৰ হোৱা বাবে আৰু তেওঁলোক প্ৰশিক্ষণ প্ৰাপ্ত নোহোৱা বাবে ছাত্ৰসকলক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব পৰা নাছিল।

(ছ) আদামৰ পৰামৰ্শ, উভয় প্ৰতিবেদন আৰু হাণ্টাৰ আয়োগে দেশীয় শিক্ষাৰ বাবে গঠনমূলকভাৱে পৰামৰ্শ দিয়া সত্বেও ইংৰাজ প্ৰশাসনে তাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰিলে।

প্ৰশ্ন ২০। মাধ্যমিক শিক্ষাক কি কাৰণে জাতীয় সংগঠনৰ শিক্ষা বুলি অভিহিত কৰিব পাৰি ? (What is the reason we can call secondary education as education of national organization ?) 

উত্তৰঃ যিহেতু মাধ্যমিক শিক্ষাৰ সহায়ত শিক্ষাৰ্থীসকলে গণতান্ত্ৰিক ভাৰতৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থৱান হ’ব লাগিব, গতিকে মাধ্যমিক শিক্ষাৰ উপযুক্ত বিকাশ সাধন হ’লেহে আমাৰ উৎপাদন ক্ষমতা বৃদ্ধি হ’ব, সামাজিক আৰু জাতীয় সংহতি স্থাপন হ’ব, আধুনিকীকৰণ প্ৰক্ৰিয়া খৰতকীয়া হ’ব আৰু সামাজিক, নৈতিক, আধ্যাত্মিক মূল্যবোধৰ ভাৱ জাগৃত হ’ব। সেয়ে মাধ্যমিক শিক্ষাক জাতীয় সংগঠনৰ শিক্ষা বুলি ক’ব পাৰি।

প্ৰশ্ন ২১। মাধ্যমিক শিক্ষাৰ উদ্দেশ্য  “সামাজিক আৰু জাতীয় সংহতি” আলোচনা কৰা। (Discuss the purpose of secondary education “social and national solidarity.)

উত্তৰঃ কোঠাৰী আয়োগে মাধ্যমিক শিক্ষাৰ উদ্দেশ্য হিচাপে  “সামাজিক আৰু জাতীয় সংহতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এইক্ষেত্ৰত দেশৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশ নিবিড়ভাৱে জড়িত হৈ আছে। এই সমূহেই সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰে।

কোঠাৰী আয়োগে সমাজত সংহতি স্থাপনৰ লক্ষ্যৰে তলৰ পৰামৰ্শসমূহ আগবঢ়াইছিল—

(ক) সাধাৰণ বিদ্যালয় স্থাপন।

(খ) সামাজিক আৰু জাতীয় সেৱা।

(গ) ভাষা নীতি গঢ় দি তোলা। 

(ঘ) জাতীয় সচেতনতাৰ বিকাশ।

(ঙ) আন্তৰ্জাতিক বুজাপৰাৰ বাবে শিক্ষা।

প্ৰশ্ন ২২। কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ গাঁথনি কেনেধৰণৰ আছিল ? (What was the structure of secondary education according to Kothari Commission ?)

উত্তৰঃ মাধ্যমিক শিক্ষাৰ গাঁথনি সন্দৰ্ভত কোঠাৰী আয়োগে নিম্ন উল্লিখিত ধৰণে পৰামৰ্শ আগবঢ়াইছিল—-

(ক) দহ বছৰৰ স্কুলীয়া শিক্ষাই সাধাৰণ শিক্ষা প্ৰদান কৰিব।

(খ) প্ৰাথমিক পৰ্যায়ৰ অন্তত শতকৰা প্ৰায় বিশ ভাগ ছাত্ৰই বিদ্যালয় এৰি নিজ কৰ্ম জীৱনত প্ৰৱেশ কৰিব। শতকৰা প্ৰায় বিশ ভাগ ছাত্ৰই সাধাৰণ শিক্ষা এৰি বিভিন্ন বৃত্তিমূলক পাঠ্যক্ৰম গ্ৰহণ কৰিব। বাকী শতকৰা প্ৰায় ষাঠী ভাগে সাধাৰণ শিক্ষা ল’ব।

(গ) দহ বছৰীয়া স্কুলীয়া শিক্ষাৰ শেষত বহিঃপৰীক্ষা অনুষ্ঠিত হ’ব।

(ঘ) দহ বছৰীয়া শিক্ষাৰ অন্তত শিক্ষাৰ মানদণ্ড সৰ্বভাৰতীয় পৰ্যায়ৰ কৰি তোলা হ’ব।

(ঙ) দহ বছৰীয়া স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত শতকৰা প্ৰায় চল্লিশ ভাগ ছাত্ৰই কৰ্মজীৱনত প্ৰৱেশ কৰিব, শতকৰা প্ৰায় ত্ৰিশ ভাগ ছাত্ৰই বৃত্তিমূলক শিক্ষাত প্ৰৱেশ কৰিব (একে বছৰৰ পৰা তিনি বছৰলৈ) আৰু শতকৰা ত্ৰিশ ভাগ ছাত্ৰই সাধাৰণ শিক্ষাত প্ৰৱেশ কৰিব। তেওঁলোকৰ শিক্ষাকাল হ’বগৈ দুই বছৰ। 

প্ৰশ্ন ২৩। মাধ্যমিক শিক্ষা আয়োগে অসমৰ মাধ্যমিক শিক্ষাত কিদৰে প্ৰভাৱ পেলাইছিল ? (What was the impact of the Secondary Education Commission on secondary education in Assam ?)

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শ অনুযায়ী সমগ্ৰ ভাৰতবৰ্ষৰ দৰে অসমতো মাধ্যমিক শিক্ষাৰ গাঁথনি এঘাৰ বছৰীয়া কৰি তোলা হয়। অৰ্থাৎ পূৰ্বৰ দূবছৰীয়া ইণ্টাৰমেডিয়েট শিক্ষা পৰ্যায় সলনি কৰি, ইয়াৰ প্ৰথম বছৰ স্কুলৰ লগত আৰু দ্বিতীয় বছৰ প্ৰাক্ – বিশ্ববিদ্যালয় শিক্ষা পৰ্যায়ৰূপে কলেজৰ লগতে সংযোগ কৰা হ’ল। ১৯৬২ চনত এই আয়োগৰ পৰামৰ্শক্ৰমে ৰাজ্যিক শিক্ষা সংস্থা গঠন কৰা হয় আৰু মাধ্যমিক শিক্ষাৰ সম্পূৰ্ণ দায়িত্ব এই সংস্থাক অৰ্পণ কৰা হয়। ইয়াৰ উপৰিও তলত দিয়া দিশকেইটাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে—

(ক) অসমতো মাধ্যমিক শিক্ষা আয়োগে গণতান্ত্ৰিক শিক্ষাৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিছে। কাৰণ গণতান্ত্ৰিক দেশত সু-নাগৰিক গঢ় দি তোলাটো মাধ্যমিক শিক্ষাৰ এক প্ৰত্যাহ্বানমূলক দায়িত্ব।

(খ) অসমৰ ছাত্ৰসকলেও যাতে বৃত্তীয় দিশত নিজৰ যোগ্যতা দেখুৱাব পাৰে তাৰ বাবে তেওঁলোকক উচিত প্ৰশিক্ষণপ্ৰাপ্ত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

(গ) আমাৰ স্কুলসমূহৰ ছাত্ৰৰ ব্যক্তিত্বৰ সামাজিক আৰু আবেগিক প্ৰৱণতা আৰু গঠণাত্মক প্ৰতিভা আৰু কলাত্মক ৰুচি আদিৰ প্ৰতি অভাৱ দেখা গৈছিল। সেয়েহে এই দিশৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হৈছিল।

(ঘ) মাধ্যমিক শিক্ষাৰ অধ্যয়ন শেষ কৰি বহুতো ছাত্ৰই সামাজিক জীৱনৰ বিভিন্ন দিশত প্ৰৱেশ কৰে। সেয়েহে অসমৰ ছাত্ৰও যাতে সমাজৰ মধ্যস্থ পৰ্যায়ৰ নেতৃত্ব দিব পাৰে তাৰ বাবেও গুৰুত্ব দিয়া হৈছিল।

প্ৰশ্ন ২৪। প্ৰাক্ প্ৰাথমিক শিক্ষা কাক বোলে ? আমাৰ দেশত এই শিক্ষা কিয় প্ৰয়োজনীয় লিখা। (What is pre – primary education ? Why is this education necessary in our country ? Write ?)

উত্তৰঃ শৈশৱকালৰ আৰম্ভণিৰ পৰা অৰ্থাৎ দুই-তিনি বছৰৰ পৰা পাঁচ-ছয় বছৰলৈ ল’ৰা-ছোৱালীক যি শিক্ষা দিয়া হয় তাকে প্ৰাক্ প্ৰাথমিক শিক্ষা বোলে। শৈশৱৰ বিভিন্ন বৈশিষ্ট্যলৈ লক্ষ্য ৰাখি মেডাম মন্টেশ্বৰী, ফ্ৰৱেল ইত্যাদি শিক্ষাবিদে প্ৰাক্ প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰিছে। এই পৰ্যায়ৰ শিক্ষাক প্ৰকৃত অৰ্থত আনুষ্ঠানিক শিক্ষা বুলি কোৱা নহয়। প্ৰাক্ প্ৰাথমিক স্কুলক স্কুল নুবুলি ইয়াক কণ কণ শিশুৰ পালন শাখা বুলিহে ক’ব পাৰি। ইয়াৰ পৰৱৰ্তী পৰ্যায় স্বৰূপে প্ৰাথমিক স্কুলত শিক্ষা আহৰণ কৰিবলৈ উপযুক্ততা লাভ কৰি তুলিবৰ বাবেহে শিশুক ইয়াত আৱশ্যকীয় অভিজ্ঞতা দিয়া হয়। শিশুৱে ইয়াত সমনীয়াৰ লগত ৰং ধেমালি আৰু সহযোগিতাৰ এক সামাজিক পৰিৱেশৰ মাজত কটাব পাৰে। কিণ্ডাৰ গাৰ্টেন, মন্টেশ্বৰী আদি স্কুল এই পৰ্যায়ৰ অন্তৰ্ভুক্ত। ইয়াৰ শিক্ষাব্যৱস্থা অধিক বিজ্ঞানসন্মত আৰু শিশুক প্ৰয়োজন ভিত্তিক বুলি বিবেচনা কৰা হয়।

এই পৰ্য্যায়ক শিক্ষাক অধিক প্ৰয়োজনীয় বুলি কোৱা হয় কাৰণ ইয়াত শিশুৰ জ্ঞানেন্দ্ৰিয়সমূহ অধিক কাৰ্যকৰী কৰি তুলিবৰ বাবে ইন্দ্ৰিয় অনুশীলনৰ বিজ্ঞানসন্মত ব্যৱস্থা কৰা হয়। শিশুৰ পৰৱৰ্তী কালৰ মানসিক আৰু বৌদ্ধিক বিকাশ এনে শিক্ষাৰ ওপৰত একান্ত নিৰ্ভৰশীল। এই শিক্ষাৰ যোগেদি শিশুৱে প্ৰাথমিক স্কুলৰ আনুষ্ঠানিক শিক্ষাত নিজকে মানসিকভাৱে খাপ খুৱাই ল’ব পাৰে। ইয়াত শিশুৰ ঘৰুৱা পৰিৱেশত অনুৰূপ পৰিৱেশ ৰচনা কৰি খেলাৰ যোগেদি স্বতঃস্ফূৰ্ত বিকাশত সহায় কৰা হয়। শিশুৰ দেহ-মনৰ স্বাস্থ্য ৰক্ষা কৰা ভৱিষ্যৎ জীৱনৰ বাবে কেতবোৰ হজ অভ্যাস গঠন কৰি তোলাত প্ৰাক্ প্ৰাথমিক শিক্ষাই যথেষ্ট অৰিহনা যোগায়। তদুপৰি আমাৰ দেশত দেখা দিয়া দৈহিক আৰু মানসিকভাৱে সাধাৰণ শিশুতকৈ নিম্নমান বিশিষ্ট শিশুক ধৰা পেলাই তাৰ প্ৰয়োজনীয় চিকিৎসা কৰাত এই শিক্ষাব্যৱস্থাই সহায় কৰে।

প্ৰশ্ন ২৫। প্ৰাক্ প্ৰাথমিক শিক্ষাৰ শিক্ষাগত মূল্য বুলিলে কি বুজা ? (What do you mean by the educational value of pre – primary education ?)

বা

প্ৰাক্ প্ৰাথমিক শিক্ষাৰ মূল উদ্দেশ্যসমূহ কি কি ? বৰ্ণনা কৰা। (What are the main objectives of pre – primary education? Describe.)

উত্তৰঃ (ক) আত্ম – প্ৰকাশৰ সুবিধা :- গৃহ-পৰিৱেশত আৱদ্ধ হৈ থাকিলে শিশুৱে আত্মপ্ৰকাশৰ সুবিধা নাপায়। প্ৰাক্ প্ৰাথমিক পৰ্যায়ত খেলা-ধূলাৰ মাজেদি লগৰীয়াৰ লগ লাগিলে শিশুৰ সৃজনী প্ৰতিভাৰ বিকাশ হয় আৰু কেতবোৰ বিষয়ৰ প্ৰতি দক্ষতা -ৰাপ আদিৰ সৃষ্টি হয়।

(খ) কৰ্মৰ যোগে শিক্ষা :- এই পৰ্যায়ত শিশুৱ নানা বস্তু চুই চাই ভগা আৰু পুনৰ তৈয়াৰ কৰাৰ শিক্ষা লাভ কৰে। এইবোৰ খেলৰ মাধ্যমেৰে শিকোৱা হয়। শিশুবিলাক স্বতঃস্ফূৰ্ত কামত লাগে আৰু এইবোৰ কামৰ যোগে আনন্দ পায়।

(গ) শিশুৰ সৃজনীশীল প্ৰতিভাৰ বিকাশ :- প্ৰত্যেক শিশুৰে সৃজনী শক্তিসমূহৰ বিকাশ ঘটোৱা কার্য প্ৰাক্ প্ৰাথমিক শিক্ষাই কৰে। সচৰাচৰ শিশুৰ প্ৰকৃতি চঞ্চল হয় আৰু সেইবাবে কিবাকিবি কামত লাগি থাকিবলৈ বিচাৰে। প্ৰাক্ প্ৰাথমিকত বিভিন্ন বস্তুৰ মাধ্যমেদি শিক্ষাৰ ব্যৱস্থা কৰা হয়।

(ঘ) আবেগিক নিয়ন্ত্ৰণ :- প্ৰাক্ প্ৰাথমিক পৰ্যায়ৰ বহু শিশুৱে একেলগে খেলা-ধূলা কৰে বাবে সহযোগিতাৰ ভাব বৃদ্ধি পায় আৰু শিশুৰ আৱেগিক জীৱন নিয়ন্ত্ৰিত হয়।

(ঙ) সামাজিক অভিজ্ঞতা :- স্কুলত দলীয়ভাৱে কাম কৰাত সুযোগ পায় বাবে সামাজিকতাৰ ভাৱ গঢ় লয়।

(চ) গৃহ আৰু সমন্বয় :- এনেধৰণৰ স্কুলৰ যোগেদি গৃহ পৰিৱেশ আৰু স্কুলৰ মাজত সমন্বয় স্থাপনৰ সহায়ক হয়।

(ছ) স্বাস্থ্য বিজ্ঞানৰ শিক্ষা :- শিশুসকলক ইয়াত সাধাৰণতে স্বাস্থ্য সম্পৰ্কীয় শিক্ষা দিয়া হয় বাবে পৰিস্কাৰ-পৰিচ্ছন্নতা, সু-অভ্যাস গঠন আদি ভাল গুণবোৰ গঢ় লবলৈ সুবিধা পায়।

প্ৰশ্ন ২৬। প্ৰাথমিক শিক্ষাৰ প্ৰধান উদ্দেশ্যসমূহ কি কি ? প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনতাৰ অৰ্থ কি? বুজাই লিখা। (What are the main objectives of primary education ? What is the universality of primary education ? Explain.)

উত্তৰঃ প্ৰাথমিক শিক্ষাৰ উদ্দেশ্যসমূহ হ’ল—

(ক) প্ৰাথমিক শিক্ষাৰ স্তৰতে পঢ়া আৰু লিখা সম্পৰ্কে শিশুক প্ৰাথমিক জ্ঞান দিব লাগে।

(খ) লিখা-পঢ়া আৰু সংখ্যা জ্ঞানৰ উপৰিও প্ৰাথমিক স্কুলৰ পৰ্যায়ৰ শিশুক প্ৰকৃতি পাঠদানৰ আঁচনিৰ ব্যৱস্থা ৰখা উচিত।

(গ) শিশু বাস্তৱবাদী আৰু বৰ্হিমুখী স্বভাৱৰ হোৱালৈ লক্ষ্য ৰাখি প্ৰাথমিক স্কুলৰ শিক্ষা ব্যৱস্থা কাৰ্যকৰী আৰু ক্ৰিয়া প্ৰধান কৰি তুলিব লাগে।

(ঘ) দৈহিক বিকাশৰ বাবে খেল-ধেমালিসমূহত প্ৰাধান্য আৰোপ কৰাৰ বেলিকা দলগত ক্ৰিয়া পদ্ধতিত অধিক উৎসাহ প্ৰদান কৰিব লাগে।

(ঙ) শিশু স্বাভাৱিকতে অনুকৰণশীল হ’লেও অন্ধ অনুকৰণ পদ্ধতি পৰিহাৰ কৰিব লাগে। পৰৱৰ্তী কালত সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে তাৰ চিন্তা আৰু ক্ৰিয়াৰ ক্ষেত্ৰত আত্মনির্ভৰশীল হোৱাত শিক্ষকে সহায় কৰিব লাগে।

(চ) এই স্তৰত উদাৰ নীতিৰ নিয়ম শৃংখলাৰে ছাত্ৰ-ছাত্ৰীক আত্মনিয়ন্ত্ৰণৰ দায়িত্ব আৰু আত্মপ্ৰকাশৰ সুবিধা প্ৰদান কৰিব লাগে।

(ছ) কৈশোৰৰ যৌন সম্বন্ধীয় সমস্যাসমূহ দূৰ কৰিবলৈ প্ৰাথমিক স্তৰতে বিজ্ঞানভিত্তিক যৌন শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা প্ৰয়োজন।

(জ) স্বাস্থ্য ৰক্ষাৰ বাবে আৱশ্যকীয় পৰিষ্কাৰ পৰিচ্ছন্নতা শিক্ষা দিয়াৰ উপৰিও সাধুতা, নম্ৰতা, উদাৰতা, কৰুণা, আদি চৰিত্ৰ গঠনৰ সজ গুণবোৰ অনুশীলনৰ বাবে নৈতিক শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য।

(ঝ) উপযুক্ত শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক কর্ষণৰ সমন্বয় সাধন কৰাটো হৈছে প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা থকা উচিত।

(ঞ) শেষত ক’ব পাৰি যে ভৱিষ্যতৰ এজন সুযোগ্য নাগৰিক কৰি গঢ়ি তোলাটো প্ৰাথমিক শিক্ষাৰ এক অন্যতম প্ৰধান উদ্দেশ্য।

প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনতাৰ অৰ্থ :- প্ৰাথমিক শিক্ষা হৈছে দেশৰ সাধাৰণ শিক্ষাৰ নূন্যতম মানদণ্ড। এই শিক্ষা প্ৰতিটো শিশুৱে লাভ কৰিবলৈ পোৱাটো এক জন্মগত অধিকাৰ স্বৰূপে, বিবেচনা কৰিব পাৰি। সেয়েহে দেশৰ কোনটো শিশু শিক্ষাৰ এই নিম্নতম মানদণ্ডৰ পৰা বঞ্চিত হ’ব নালাগে। ইয়াক সকলো শিশুৰ বাবে সম্ভৱ কৰি তোলাটো জনহিতকৰ আৰু কল্যাণকামী ৰাষ্ট্ৰ এখনৰ মৌলিক কৰ্তব্য। ইয়াকে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনতা আখ্যা দিয়া হয়। ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষা সকলোবোৰ ল’ৰা-ছোৱালীৰ বাবে সমানে সম্ভৱ কৰি তোলা প্ৰশ্নৰ প্ৰতি বৰ্তমান গভীৰ মনোনিবেশ কৰা হৈছে। এই গুৰুত্ব উপলব্ধিৰে বৰ্তমান প্ৰাথমিক শিক্ষাৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰি তুলিবলৈ বিভিন্ন সময়ত চৰকাৰী আৰু বেচৰকাৰীভাৱে প্ৰচেষ্টা চলোৱা হৈছিল। সৰ্বপ্ৰথম বাৰৰ বাবে ১৮১০-১১ চনত গোখলেই প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰি তুলিবলৈ বেচৰকাৰীভাৱে এক ব্যৰ্থ প্ৰচেষ্টা চলায়। 

১৯১৮ চনত বম্বে প্ৰদেশত আৰু তাৰ পাছৰ কেইবছৰত অন্যান্য ৰাজ্যত ক্ৰমে বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন বলৱৎ কৰা হয়। মহাত্মা গান্ধীৰ অধীনত ১৯৩৭ চনৰ ৱাৰ্ধা শিক্ষা সন্মিলনত বুনিয়াদী শিক্ষা বাধ্যতামূলক কৰি তোলাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ১৯৫০ চনত কাৰ্যকৰী হোৱা ভাৰতীয় সংবিধানতো ১০ বছৰৰ সময়ৰ ভিতৰত সমগ্ৰ দেশতে ১৪ বছৰ বয়সলৈকে সকলো ল’ৰা-ছোৱালীৰ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰি তুলিবৰ বাবে চৰকাৰক নিৰ্দেশ দিয়া হয়। ১৯৬৬ চনৰ কোঠাৰী আয়োগেও দহ বছৰৰ ভিতৰত (অৰ্থাৎ ১৯৬৬-১৯৭৫-৭৬ চনৰ ভিতৰত) সকলো ল’ৰা ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষা সম্ভৱ কৰি তুলিবলৈ পৰামৰ্শ দিয়ে। শোহতীয়াকৈ ভাৰত চৰকাৰে ১৯৮৬ চনত প্ৰকাশ কৰা নতুন শিক্ষা নীতিতো সময়সীমা ধার্য কৰি কোৱা হৈছে যে বৰ্তমানৰ শতিকা শেষ হোৱাৰ আগে আগে অৰ্থাৎ ১৯৯৫ চনৰ ভিতৰত সকলো ল’ৰা-ছোৱালীক ১৪ বছৰ বয়সলৈ বিনামূলীয়াকৈ বাধ্যতামূলক শিক্ষা প্ৰদান কৰা হ’ব।

দুৰ্ভাগ্যক্ৰমে এই সকলোবোৰ সিদ্ধান্ত আৰু সংলগ্ন গ্ৰহণ কৰা সত্বেও আমাৰ দেশত প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰি তোলাটো বৰ্তমানেও এক জটিল সমস্যা স্বৰূপ হৈয়ে আছে।

প্ৰশ্ন ২৭। প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ বুলিলে কি বুজা ? সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ মূল লক্ষ্যসমূহ উল্লেখ কৰা। (What is the universalization of primary education ? Mention the main goals of universal primary education.)

উত্তৰঃ প্ৰাথমিক শিক্ষা আৰম্ভ হয় ছয় বছৰৰ পৰা। ইয়াৰ অন্ত পৰে ২১ বছৰত শৈশৱকালৰ শেষছোৱা। এই শিক্ষাৰ প্ৰকৃত সময় বুলি হয়। এই সময়ছোৱাত শিশুসকলৰ শাৰীৰিক তথ্য মানসিক পৰিৱৰ্তন অধিকভাৱে হয়। এই সময়ছোৱাত বাধ্যতামূলক প্ৰাথমিক শিক্ষা দিয়াৰ দিহা কৰা হৈছে। বিভিন্ন দেশত প্ৰাথমিক শিক্ষাক বিভিন্ন ধৰণে প্ৰসাৰিত কৰিবলৈ বিচৰা হৈছে। আগশাৰীৰ দেশবোৰে ১৪ বছৰ বয়সলৈ প্ৰাথমিক শিক্ষাৰ সময় বুলি গণ্য কৰে আৰু প্ৰাথমিক শিক্ষা বাধ্যতামূলক হিচাপে দিয়াৰ ব্যৱস্থা কৰে। আধুনিক যুগত প্ৰাথমিক শিক্ষাক গুৰুত্ব আৰোপ কৰি সাৰ্বজনীন কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে। প্ৰাথমিক শিক্ষা শিশুকেন্দ্ৰীয় হিচাপে পৰিগণিত কৰাৰ ব্যৱস্থা কৰা হৈছে।

লক্ষ্যসমূহ:

(ক) শিশুৰ মানসিক শক্তিসমূহৰ পূৰ্ণ বিকাশ সাধন কৰাটো প্ৰাথমিক শিক্ষাৰ মূল লক্ষ্য।

(খ) প্ৰাথমিক শিক্ষাৰ সময়ছোৱাত শিশুৰ শাৰীৰিক বিকাশ সম্ভৱ কৰি তোলাৰ বাবে নানা ধৰণৰ খেল-ধেমালিৰ ব্যৱস্থা কৰা হয়।

(গ) প্ৰাথমিক শিক্ষাব্যৱস্থাৰ মাধ্যমেৰে শিশুৰ সু-অভ্যাস গঠন কৰাৰ ব্যৱস্থা কৰা হয়।

(ঘ) প্ৰাথমিক শিক্ষাৰ কালছোৱাত শিশুসকলৰ মনত শক্তিশালী ব্যক্তিত্বৰ বীজ ৰূপিত হয়।

(ঙ) প্ৰাথমিক শিক্ষাৰ আন এক গুৰুত্বপূৰ্ণ লক্ষ্য হ’ল শিশুসকলক সামাজিকভাৱে বিকশিত কৰা।

(চ) প্ৰাথমিক শিক্ষাৰ লক্ষ্য হ’ল শিক্ষাৰ্থীসকলক মাধ্যমিক শিক্ষাৰ বাবে সম্পূৰ্ণ সাজু কৰি তোলা।

প্ৰশ্ন ২৮। প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ প্ৰয়োজনীয়তা বুলিলে কি বুজা ? ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা। (What is the need to make primary education universal ? Mention its features.)

উত্তৰঃ প্ৰাথমিক শিক্ষা নাগৰিকসকলক দিয়াটো ৰাষ্ট্ৰৰ অতি দায়িত্বপূৰ্ণ কৰ্তব্য। বাধ্যতামূলক ব্যৱস্থা নাথাকিলে কিছুমান অঞ্চলৰ ল’ৰা-ছোৱালীয়ে বিদ্যালয়ৰ মুখেই নেদেখিলেহেঁতেন। নিৰক্ষৰভাৱে ওৰ পেলাবলৈ প্ৰাথমিক শিক্ষাক বাধ্যতামূলক তথা সাৰ্বজনীন কৰিবলৈ ব্যৱস্থা কৰা হয়।

প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ প্ৰয়োজনীয়তাসমূহ তলত দিয়া ধৰণৰ—

(ক) প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰি তোলাৰ মূল প্ৰয়োজন হ’ল ইয়াৰ মাজেৰে পোহৰ সন্ধানী নাগৰিক গঢ়ি তোলাৰ ব্যৱস্থা কৰা হয়।

(খ) প্ৰাথমিক শিক্ষাৰ দ্বাৰা গণতন্ত্ৰক জীয়াই ৰাখিবলৈ ভোটপত্ৰৰ জ্ঞান দিয়াৰ প্ৰয়োজনীয়তা।

(গ) সামাজিক জীৱনত থকা অন্ধবিশ্বাস আঁতৰাই সুস্থ-সবল ধর্মীয় ধাৰণা জগাই তোলাৰ প্ৰয়োজনীয়তা।

(ঘ) প্ৰাথমিক শিক্ষা দিয়াৰ মাধ্যমেৰে জাতীয় বিকাশত সহায় কৰাৰ প্ৰয়োজনীয়তা।

(ঙ) প্ৰাথমিক শিক্ষাৰ জৰিয়তে নাগৰিকসকলক স্বাস্থ্যৰ জ্ঞান দান কৰাৰ প্ৰয়োজনীয়তা।

(চ) অভিপ্ৰায়ৰ উদ্দেশ্য সাধনৰ অৰ্থে প্ৰাথমিক শিক্ষাৰ প্ৰয়োজনীয়তা। 

(ছ)  সমাজৰ পৰা নিৰক্ষৰতাৰ দৰে ব্যাধি আঁতৰোৱাৰ প্ৰয়োজনীয়তা।

ওপৰত উল্লেখ কৰা প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ হ’লে প্ৰাথমিক শিক্ষা সকলোকে দিব লাগিব। তেতিয়াহে দেশৰ উন্নতি হ’ব।

সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ মূল বৈশিষ্ট্য সাধাৰণতে তিনিটা বুলি কোৱা হয়।

সেইকেইটা হ’ল—

(ক) প্ৰাথমিক শিক্ষা অপৰিহাৰ্য—কাৰণ এই শিক্ষা নহ’লে নচলে।

(খ) প্ৰাথমিক শিক্ষা সাৰ্বজনীন—কাৰণ ই সকলোৰে বাবে প্ৰয়োজন।

(গ) প্ৰাথমিক শিক্ষা সাধাৰণধৰ্মী—ইয়াৰ পাঠ্যক্ৰম মৌলিক ধৰণৰ।

প্ৰশ্ন ২৯। প্ৰাথমিক শিক্ষাক সাৰ্বজনীনকৰণৰ ক্ষেত্ৰত কেইটামান পৰামৰ্শ আগবঢ়োৱা। (Mention a few suggestions for universalizing primary education.)

উত্তৰঃ (ক) ৬-১৪ বছৰৰ সকলো শিশুৱে যাতে প্ৰাথমিক শিক্ষা লাভ কৰিব পাৰে, তাৰ বাবে এমাইলৰ অন্তৰে সকলো ঠাইতে প্ৰাথমিক স্কুল স্থাপন কৰিব লাগে।

(খ) ৬ বছৰৰ পৰা যাতে সকলো ল’ৰা-ছোৱালীয়ে স্কুলত ভৰ্তি হয় তাৰ ব্যৱস্থা কৰিব লাগে।

(গ) কম খৰচতে এবছৰীয়া প্ৰাক্ প্ৰাথমিক শিক্ষাৰ প্ৰৱৰ্তন কৰিব লাগে।

(ঘ) ক্ৰীড়াভিত্তিক  শিক্ষা পদ্ধতিৰ প্ৰৱৰ্তন কৰি শিশুক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে।

(ঙ) সকলো শিশুৱ যাতে শিক্ষাৰ সুবিধা পায় তাৰ বাবে প্ৰাথমিক স্কুলৰ সংখ্যা বৃদ্ধি কৰিব লাগে।

(চ) স্কুলত বিনামূলীয়াকৈ কিতাপ-পত্ৰ আৰু সম্ভৱ হ’লে পোছাক আদিও দিয়াৰ ব্যৱস্থা কৰিব লাগে।

(ছ) দুপৰীয়াৰ আহাৰ যেনে—-ফল-মূল, বুট-মাহ, গাখীৰ ইত্যাদিৰ কোনো এবিধ যোগান ধৰিব লাগে।

(জ) পাঠ্যপুথিৰ পাঠ্যসূচী আকৰ্ষণীয় হ’ব লাগে।

(ঝ) প্ৰতি স্কুলত প্ৰয়োজন অনুসৰি শিক্ষক নিয়োগ কৰিব লাগে।

(ঞ) শিক্ষকসকলৰ প্ৰশিক্ষণৰ উন্নতি সাধিব লাগে।

(ট) স্কুলত নামভৰ্তিৰ সময়ৰ বয়সৰ প্ৰতি চকু দিব লাগে।

(ঠ) শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰস্ত শিশুক স্বাভাৱিক শিশুৰ লগত ভৰ্তি নকৰি সিহঁতৰ বাবে সুকীয়া শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(ড) প্ৰাথমিক শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিভংগী উদাৰ হ’ব লাগে।

(ঢ) সামাজিক বাধা-বিঘিনি দূৰ কৰিবৰ বাবে জনসাধাৰণৰ মনলৈ শিক্ষা সম্পৰ্কে সচেতন মনোভাৱ আনিব লাগে।

(ণ) ৰাইজৰ সহায়-সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণৰ দ্বাৰা সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়িব লাগে। 

(ত) যাতায়াতৰ অৱস্থা উন্নতি কৰিব লাগে।

(থ) স্কুলৰ চাৰিওফালে বাতাবৰণ সুস্থ হ’ব লাগে আৰু সা-সৰঞ্জাম আদিৰ ভাল ব্যৱস্থা কৰিব লাগে।

(দ) ‘প্ৰথম আৰু দ্বিতীয় শ্ৰেণী’ শিক্ষাৰ এক গোট হিচাপে গ্ৰহণ কৰিব লাগে।

(ধ) বাধ্যতামূলকভাৱে যাতে আইন প্ৰয়োগ হয়, তাৰ প্ৰতি সকলোৱে সজাগ থাকিব লাগে।

(ন) প্ৰাপ্তবয়স্কৰ নিৰক্ষৰতা দূৰীকৰণৰ কাৰণে বয়স্ক শিক্ষাৰ সম্প্ৰসাৰণ হ’ব লাগে।

(প) স্থানীয় কৰ্তৃপক্ষৰ শিক্ষা পৰিশাসন যাতে সুচাৰুৰূপে চলে তালৈ চকু দিব লাগে।

(ফ) শিক্ষকৰ প্ৰয়োজনীয়তা, অপচয় আৰু অনুন্নয়নৰ প্ৰতিকাৰৰ আৱশ্যকীয়তা সম্পৰ্কে কাৰ্যকৰীভাৱে প্ৰচাৰ চলাব লাগে।

(ব) সুচিন্তিত পৰিকল্পনা অনুযায়ী এই স্তৰৰ সকলো কাম কৰিব লাগে।

(ভ) প্ৰাথমিক শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰে দৃষ্টিভংগী পৰিৱৰ্তন কৰিব লাগে।

(ম) প্ৰথম শ্ৰেণীৰ শেষত পৰীক্ষা উঠাই দিব লাগে।

(য) বাধ্যতামূলক উপস্থিতিক কাৰ্যত পৰিণত কৰিব লাগে।

উপৰোক্ত পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবৰ কাৰণে চৰকাৰ আৰু ৰাজ্যৰ তৰফৰ পৰা আন্তৰিক প্ৰচেষ্টা চলিলে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত থকা অন্তৰায়বোৰ আঁতৰি যাব বুলি আশা কৰিব পাৰি।

প্ৰশ্ন ৩০। ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষাত অপচয় আৰু অনুন্নয়ন সম্পৰ্কে বহলাই আলোচনা কৰা। (Discuss in detail about the waste and underdevelopment of primary education in India.)

উত্তৰঃ অপচয় আৰু অনুন্নয়ন :- ভাৰতীয় জাতীয় শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা এক দুর্বোধ্য সমস্যা। এই সমস্যাসমূহৰ ভিতৰত ঘাইকৈ উল্লেখনীয় হ’ল অপচয় আৰু অনুন্নয়নৰ সমস্যা। ১৯১৯ চনত হার্ট’গ কমিটিয়ে প্ৰাথমিক শিক্ষা স্তৰত অপচয়ৰ পৰিমাণ দেখি শংকিত হৈ সেই সম্পৰ্কে বহু কাৰ্যকৰী পৰামৰ্শ আগবঢ়াইছিল। স্কুলত ভৰ্তি হৈ পাঠ্যসূচী সমাপ্ত নকৰাকৈ বিদ্যালয় এৰি যোৱাটোকে অপচয় বোলা হয়। অপচয় অৰ্থত সময়, অৰ্থ আৰু শ্ৰম তিনিওটাৰে অপচয়ৰ কথাকে বুজোৱা হৈছে। এবাৰ স্কুলত নাম লগাই শিক্ষাকাল সাং হোৱাৰ আগতে স্কুল এৰি গ’লে যিখিনি শিক্ষা গ্ৰহণ কৰিছিল সেই শিক্ষা নিৰর্থক আৰু নিষ্ফল হৈ পৰে। দেখা গৈছে যে আমাৰ দেশত শতকৰা ৫৭ ভাগ ছাত্ৰই এই চাৰি বছৰীয়া প্ৰাথমিক শিক্ষা সমাপ্ত কৰিব নোৱাৰে। ফলত এনে ধৰণৰ অপচয় ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত এক ডাঙৰ সমস্যাৰূপে দেখা দিছে। তলৰ তালিকাখনৰ পৰাই ইয়াৰ গুৰুত্ব সম্পৰ্কে ধাৰণা কৰিব পাৰি।

১৯৫০ – ১৯৬০ চনলৈ হোৱা অপচয়ৰ নমুনা :- 

উক্ত তালিকাখনে দেখুৱাইছে যে ১৯৫৫ – ৫৬ চনত প্ৰথম শ্ৰেণীত ভৰ্তি হোৱা এশ জনীয়া ছাত্ৰদলৰ ৫৯ জনেহে দ্বিতীয় শ্ৰেণী পালে আৰু পিছৰ বছৰত মাত্ৰ ৪৮ জনেহে তৃতীয় শ্ৰেণী পালে। ১৯৫৮ – ৫৯ চনত সেই ৪৮ জনৰ ৪০ জনেহে চতুৰ্থ শ্ৰেণীলৈ উঠিব।

এই কথা নক’লেও হ’ব যে এনেদৰে হোৱা অপচয়ে প্ৰাথমিক শিক্ষাৰ অগ্ৰগতিকে কেৱল ব্যাহত নকৰে, সমগ্র শিক্ষা পৰিকল্পনাৰ মূলতে কুঠাৰঘাত কৰা দেখা যায়। কাৰণ এনেদৰে অপচয় চলি থাকিলে প্ৰাথমিক শিক্ষাৰ উদ্দেশ্য নিৰ্ধাৰিত অৰ্থ আৰু শ্ৰম সকলোটি মূল্যহীন হৈ পৰে। এনেকুৱা অপচয় আৰু অনুন্নয়নৰ কাৰণ বহুত। 

প্ৰশ্ন ৩১। ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ ক্ষেত্ৰত থকা চাৰিটা প্ৰধান সমস্যাৰ বিষয়ে আলোচনা কৰা। (Write about the four major problems in universalizing primary education in India ?)

উত্তৰঃ প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ ক্ষেত্ৰত থকা চাৰিটা প্ৰধান সমস্যা হ’ল—

(ক) অপচয় :- স্কুলত ভৰ্তি হৈ পাঠ্যসূচী সমাপ্ত নকৰাকৈ বিদ্যালয় এৰি যোৱাটোকে অপচয় বোলা হয়। অপচয়ৰ অৰ্থত ইয়াৰ সময়, অৰ্থ আৰু শ্ৰম তিনিওটাৰে অপচয়ৰ কথাকে বুজোৱা হৈছে। আমাৰ দেশত শতকৰা ৫৭ ভাগ ছাত্ৰই এই চাৰিবছৰীয়া প্ৰাথমিক শিক্ষা সমাপ্ত কৰিব নোৱাৰে। ফলত এনেধৰণৰ অপচয় ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত এক ডাঙৰ সমস্যাৰূপে দেখা দিছে। 

(খ) অনুন্নয়ন :- পৰীক্ষাত অকৃতকাৰ্য হৈ একোটা শ্ৰেণীতে একাধিক বছৰ পঢ়ি থকাটোকে অনুন্নয়ন বোলা হয়। অপচয়ৰ দৰে অনুন্নয়নো ভাৰতীয় শিক্ষাৰ এক প্ৰধান সমস্যা হৈ পৰিছে কিছুমান সামাজিক, অৰ্থনৈতিক আৰু অন্যান্য কাৰণ ঘাইকৈ অনুন্নত কাৰণে জগৰীয়া।

(গ) ব্যাপক দৰিদ্ৰতা :- ব্যাপক দৰিদ্ৰতাৰ ফলত পিতৃ-মাতৃ, অভিভাৱকে ল’ৰা-ছোৱালীক কিতাপ-পত্ৰ আৰু স্কুলীয়া সাজ-পোছাকৰ যোগান ধৰিব নোৱাৰে। গতিকে স্কুলীয়া পোছাক অভাৱ আৰু কিতাপ-বহী আদি নথকাৰ বাবে ল’ৰা-ছোৱালী ঘৰতে থাকিবলৈ বাধ্য হয়।

(ঘ) শিক্ষকৰ অভাৱ :- আমাৰ দেশত প্ৰাথমিক শিক্ষাৰ বাবে উপযুক্ত শিক্ষকৰ অভাৱ হোৱা দেখা যায়। নগৰৰ তুলনাত গাঁৱৰ স্কুলসমূহত এই সমস্যাই বিশেষকৈ দেখা দিয়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top