Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান Question Answer can be of great value to excel in the examination.
Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান
Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান Notes cover all the exercise questions in UGC Syllabus. Emerging Trends in Indian Education Unit 2 ভাৰতীয় শিক্ষাৰ প্ৰত্যাহ্বান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
প্ৰশ্ন ৩২। বাধ্যতামূলক প্ৰাথমিক শিক্ষা মানে কি ? এই সংক্ৰান্তত সাংবিধানিক নিৰ্দেশনা কি ? (What is compulsory primary education ? Write the Constitutional counseling in this context.)
উত্তৰঃ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যেতিয়া দেশৰ কোনো বয়সৰ ল’ৰা-ছোৱালীক বিনামূলীয়া প্ৰাথমিক শিক্ষা দিবৰ বাবে আইনৰ যোগেদি বাধ্যতামূলক কৰা হয় তাকে বাধ্যতামূলক প্ৰাথমিক শিক্ষা বুলি কোৱা হয়। এই শিক্ষা বিভিন্ন ধৰণৰ সা-সুবিধা আৰু আইনৰ যোগেদি বাধ্য কৰোৱা হয়। আজিকালি পৃথিৱীৰ প্ৰায়বোৰ দেশতেই প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ উপৰি মাধ্যমিক শিক্ষা পৰ্যন্ত বাধ্যতামূলক কৰিছে।
ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰিবৰ বাবে গোপালকৃষ্ণ গোখলেই প্ৰথমবাৰৰ বাবে সংসদত এখন বিল দাঙি ধৰিছিল। কিন্তু চৰকাৰী সদস্যসকলৰ বিৰোধিতাৰ ফলত বিলখন গৃহীত নহ’ল। ১৯২৯ চনৰ পৰা ১৯৩০ চনলৈ ভাৰতৰ বিভিন্ন প্ৰদেশত আইনৰ দ্বাৰা বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছিল। ১৯২৬ চনত অসমতো এই আইন প্ৰৱৰ্তন কৰা হয়।
বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰৱৰ্তন কৰাটো এক গধুৰ দায়িত্ব আছিল আৰু এনে দায়িত্ব কৰ্তৃপক্ষই ল’ব খোজা নাছিল।
১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীন হয় আৰু ১৯৫০ চনত আমাৰ ভাৰতীয় সংবিধান গৃহীত হয়। দেশ স্বাধীন হোৱাৰ পাছত ভাৰতৰ পুনৰ প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰাৰ কথা চিন্তা কৰিছিল। ভাৰতীয় সংবিধানৰ ৪৫ দফাৰ নিৰ্দেশাত্মক নীতিয়ে সংবিধান গ্ৰহণ কৰা ১০ বছৰৰ ভিতৰত ৰাষ্ট্ৰই ১৪ বছৰ বয়সলৈকে সকলো ল’ৰা-ছোৱালীকে বিনামূলীয়া প্ৰাথমিক শিক্ষা দিব লাগে বুলি নিৰ্দেশ দিয়ে। স্বাধীনতাৰ পাছত নিজৰ ৰাজ্যত ৰাজ্যিক চৰকাৰসমূহে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ বাবে পুনৰ আইন পাছ কৰিলে। ৰাজ্য চৰকাৰক এই বিষয়ত সহায় কৰিবৰ বাবে ভাৰত চৰকাৰে আদৰ্শ প্ৰাথমিক শিক্ষা আইন যুগুত কৰিলে। ১৯২৬ চনতে সকলোতে বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰৱৰ্তনৰ প্ৰস্তাৱ ল’লেও ১৯৭৪ চনলৈ ইয়াক সম্পূৰ্ণৰূপে বলৱৎ কৰিব পৰা নাই। গতিকে প্ৰত্যেক ৰাজ্য আৰু প্ৰত্যেক জিলাই এখনকৈ পৰিপ্ৰেক্ষি আঁচনি কৰি ইয়াক অতি সোনকালে বলৱৎ কৰিব লাগে যাতে ৬ বছৰৰ প্ৰত্যেক ল’ৰা-ছোৱালী স্কুললৈ যায় আৰু ৪ বছৰ নোহোৱালৈকে স্কুলত থাকে।
প্ৰশ্ন ৩৩। প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰি তুলিবৰ বাবে গোখলেই গ্ৰহণ কৰা ভূমিকাৰ এটি চমু বিৱৰণ দিয়া। (Give an overview of the role Gokhale took to make primary education compulsory.)
উত্তৰঃ ১৯১০ চনৰ ২৯ মাৰ্চত ভাৰতৰ জাতীয় কংগ্ৰেছৰ নেতা গোখলেই লেজিচলেটিভ কাইঞ্চিলত এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱ মতে সমগ্ৰ দেখতে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তুলিবৰ বাবে চৰকাৰে প্ৰাৰম্ভিক প্ৰস্তুতি চলাব লাগে। এই সমন্ধে নিৰ্দিষ্ট প্ৰস্তাৱ প্ৰস্তুত কৰি তুলিবলৈ চৰকাৰী আৰু বেচৰকাৰী সদস্যক লৈ সভাই এখন যুটীয়া আয়োগ গঠন কৰিব লাগে। এই প্ৰস্তাৱত আৰু কোৱা হয় যে বাধ্যতামূলক ব্যৱস্থা ৬-১০ বছৰ বয়সৰ বাবেহে হ’ব লাগে। ৰাজ্য চৰকাৰে শিক্ষাৰ ব্যয় দুই-তৃতীয়াংশ বহন কৰিব লাগে। বাধ্যতামূলক আঁচনি প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তলত এটা পৃথক শিক্ষা বিভাগো খুলিব লাগে আৰু এজন সচিব নিযুক্ত কৰিব লাগে।
এই প্ৰস্তাৱৰ ফলস্বৰূপে চৰকাৰে আশ্বাস দিয়ে যে প্ৰাথমিক শিক্ষাৰ গোটেই প্ৰশ্নটো অতি সাৱধানতাৰে বিচাৰ কৰা হ’ব। সেইবাবে তেওঁ নিজ প্ৰস্তাৱটো উঠাই লয়। চৰকাৰে প্ৰস্তাৱ অনুসৰি শিক্ষা বিভাগ গোখলে আৰু শিক্ষা নিয়োগ কৰে। প্ৰাথমিক শিক্ষা অগ্ৰগতিৰ সম্বন্ধে চৰকাৰী প্ৰতিবেদনো প্ৰকাশ কৰে। কিন্তু মূল বিষয়টো অৰ্থাৎ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ কোনো কাম হাতত লোৱা নহ’ল। সেইবাবে তেওঁৰ দাবী অধিক শক্তিশালী কৰি পুনৰ উত্থাপন কৰিবলৈ ১৯১১ চনৰ ১৬ মাৰ্চত বেচৰকাৰী বিধেয়কস্বৰূপে দাঙি ধৰে।
১৯১১ চনৰ গোখলেৰ বিধেয়ক :- বিধেয়কখনৰ গুৰুত্বপূৰ্ণ
পৰামৰ্শসমূহ আছিল এনেধৰণৰ :-
(ক) এক নিৰ্দিষ্ট সংখ্যক ছাত্ৰ উপস্থিত থকা অঞ্চলত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিব লাগে।
(খ) বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত বয়সৰ সীমা ৬-১০ বছৰ ধৰা হ’ব আৰু অনুপস্থিত ছাত্ৰৰ অভিভাৱকক শাস্তি বিহাৰ ব্যৱস্থা কৰা হ’ব।
(গ) নিজ নিজ অঞ্চলত স্থানীয় কৰ্তৃপক্ষই এই বাধ্যতামূলক নীতি বলবৎ কৰিব।
(ঘ) স্থানীয় কৰ্তৃপক্ষই শিক্ষামূলক কৰ ধার্য কৰিব পাৰে।
(ঙ) শিক্ষাৰ মুঠ ব্যয়ৰ দুই-তৃতীয়াংশ চৰকাৰে আৰু এক-তৃতীয়াংশ স্থানীয় কৰ্তৃপক্ষই বহন কৰিব।
(চ) বাধ্যতামূলক ব্যৱস্থা প্ৰথমে ল’ৰাৰ বাবে কৰি পিছলৈ ছোৱালীৰ ক্ষেত্ৰতো ইয়াৰ প্ৰয়োগ কৰিব লাগে।
প্ৰশ্ন ৩৪। গোপালকৃষ্ণ গোখলেৰ ১৯১১ চনৰ বিলৰ অৱদানসমূহ আলোচনা কৰা। (Discuss the contributions of Gopal Krishna Gokhale’s 1911 Bill.)
উত্তৰঃ ১৯১১ চনৰ ১৬ মাৰ্চত ‘ইম্পিৰিয়েল লেজিচলেটিভ কাউন্সিল’ত দ্বিতীয় বাৰৰ বাবে এখন নতুন এখন বিল দাখিল কৰিলে।
এই বিলখনৰ মূল দফাবোৰ হ’ল—
(ক) কোন কোন অঞ্চলত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হ’ব, সেয়া সেই অঞ্চলৰ স্থানীয় অৱস্থাৰ ভিত্তিত ঠিৰাং কৰিব। কোনো নিৰ্বাচিত অঞ্চলৰ কিমান সংখ্যক ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত পঢ়িব লাগিব সেইটো প্ৰাদেশিক চৰকাৰে ঠিৰাং কৰিব।
(খ) বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ কাৰণে যিটো অঞ্চল নিৰ্বাচিত হয় সেই অঞ্চলৰ ‘শ্বায়ত্ত শাসিত সভা’ই গোটেই অঞ্চলত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিব।
(গ) প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ নীতি যি অঞ্চলত বলৱৎ হ’ব সেই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ পঠাবৰ বাবে অভিভাৱকসকলক বাধ্য কৰা হ’ব।
(ঘ) প্ৰাথমিক শিক্ষাক বাধ্যতামূলক কৰিলেও অবৈতনিক কৰা নহ’ব। দৰিদ্ৰ অভিভাৱকে যাতে ল’ৰা-ছোৱালীক পঢ়াবৰ বাবে কোনো মাচুল দিব নালাগে, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব।
(ঙ) ৬ – ১০ বছৰৰ ছোৱালীৰ কাৰণে প্ৰথম এই আইন বাধ্যতামূলক নহ’ব। কিন্তু কিছুদিনৰ পাছত ছোৱালীৰ ক্ষেত্ৰতো এই আইন বাধ্যতামূলক কৰা হ’ব।
(চ) প্ৰাদেশিক চৰকাৰে স্কুলৰ উপস্থিতিৰ সময় আৰু দিন ধার্য কৰিব।
(ছ) নতুন স্কুল পতা, প্ৰচলিত স্কুলৰ স্বীকৃতি দান কৰা আদিৰ দায়িত্ব লোকেল ব’ৰ্ড আৰু মিউনিচিপেলিটিৰ হাতত থাকিব।
(জ) ছাত্ৰ-ছাত্ৰীৰ স্কুলৰ উপস্থিতি বাধ্যতামূলক হৈছেনে নাই হোৱা তাক লক্ষ্য কৰিবৰ বাবে বিদ্যালয়ত এখন উপস্থিতি কমিটি গঠন কৰিব লাগিব।
(ঝ) প্ৰাদেশিক চৰকাৰৰ অনুমতি সাপেক্ষে স্থানীয় কৰ্তৃপক্ষই শিক্ষাৰ কাৰণে বিশেষ কৰ আৰোপ কৰিব পাৰিব।
(ঞ) বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ বাবে যি খৰছ হ’ব তাৰ ১/৩ অংশ স্থানীয় কৰ্তৃপক্ষই আৰু ২/৩ অংশ প্ৰাদেশিক চৰকাৰে বহন কৰিব।
গোখলেৰ এই বিলখন ১৯১২ চনত ছিলেক্ট কমিটিলৈ পৰীক্ষা কৰিবৰ কাৰণে পঠোৱা হ’ল আৰু ১৯১২ চনৰ ১৭ মাৰ্চত বিলখন সদনত আলোচনা কৰা হ’ল। সেই বিলখনক লৈ সদস্যসকলৰ মাজৰ বহুতো দাবী উত্থাপন কৰাত ভোট দান কৰাৰ ব্যৱস্থা কৰিব লগা হ’ল। অতি আচৰিত কথা যে বিলখনৰ সপক্ষে ১৩ জনে আৰু বিপক্ষে মুঠ ৩৮ জন সদস্যই ভোটদান কৰিলে। শেষত এই বিলখন সদনত গৃহীত নহ’ল। গোখলেৰ এই বিলখন গৃহীত নোহোৱাৰ কেইবাটাও কাৰণ আছে।
সেই কাৰণকেইটা হ’ল—
(ক) ভাৰতবৰ্ষত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিবলৈ জনসাধাৰণৰ পৰা কোনোধৰণৰ দাবী উত্থাপিত হোৱা নাছিল।
(খ) ভাৰতৰ বহু সংখ্যক সদস্যই এই বিলখন বিৰোধিতা কৰিছিল।
(গ) ভাৰতৰ প্ৰাদেশিক চৰকাৰো এই বিলৰ পক্ষপাতি নাছিল।
(ঘ) চৰকাৰৰ ফালৰ পৰা প্ৰাথমিক শিক্ষাক বাধ্যতামূলক কৰণত কোনো গুৰুত্ব দিয়া নাছিল।
এনেবোৰ কাৰণতে এই ঐতিহাসিক বিলখনৰ প্ৰচেষ্টা ব্যৰ্থ হয়। কিন্তু পৰৱৰ্তী কালত ইয়াৰ প্ৰভাৱ ভাৰতীয় শিক্ষা ব্যৱস্থাত পৰা দেখা যায়।
প্ৰশ্ন ৩৫। প্ৰাথমিক শিক্ষাত গোখলেৰ বিলৰ প্ৰভাৱ সম্পৰ্কে লিখা। (Write about the impact of Gokhale’s bill on primary education ?)
উত্তৰঃ দেশত প্ৰাথমিক শিক্ষা বিকাশত গোখলেৰ প্ৰচেষ্টা আমাৰ বাবে এক চিন্তনীয় বিষয়। গোখলেৰ সাহসী প্ৰচেষ্টাই ভাৰতৰ সেইসময়ৰ সকলো লোককে আকৰ্ষণ কৰিছিল। ভাৰতত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰণৰ ধাৰণা তথা প্ৰয়োজনীয়তা বিলখনৰ অগ্ৰাহ্যকৰণেহে অধিক স্পষ্ট কৰিছিল। পাছত ইংৰাজ চৰকাৰেও এই ক্ৰমবৰ্ধমান দাবীক অগ্ৰাহ্য কৰিব নোৱাৰিলে। তেওঁলোকে পাছত নিজৰ নীতি আৰু দৃষ্টিভংগী সলনি কৰিলে। ১৯১২ চনত ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জ ভাৰতলৈ আহে আৰু তেওঁ ভাৰত ভ্ৰমণৰ চিন স্বৰূপে পঞ্চাশ লাখ টকা ভাৰতৰ বিল অগ্ৰাহ্য কৰাত ৰজা অসন্তুষ্ট হৈছিল। চৰকাৰে ইয়াৰ বাবে কৈফিয়ৎ দিব লগা হৈছিল। ইয়াৰ ফলত চৰকাৰে ভাৰতৰ পূৰ্বৰ শিক্ষা নীতি সলনি কৰি সংশোধিত নীতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল।
১৯১৩ চনৰ কেন্দ্ৰীয় চৰকাৰে শিক্ষানীতি সম্বন্ধে দিয়া প্ৰচেষ্টাটো প্ৰাথমিক শিক্ষা অবৈতনিক আৰু বাধ্যতামূলক কৰাৰ বাবে চৰকাৰে সাহায্য আগবঢ়াব বুলি প্ৰকাশ কৰিছিল। জাতীয়তাবাদী আন্দোলনৰ ফলত ইংৰাজ চৰকাৰৰ ভাৰত শাসন নীতিৰো মৌলিক পৰিৱৰ্তন হৈছিল। ১৯১৭ চনত ‘মুম্বাই প্ৰাদেশিক আইন সভা’ত বিঠল ভাই পেটেলে মুম্বাই চহৰ বাদ দি বাকী মিউনিচিপেলিটি কৰ্তৃপক্ষৰ অধীনত থকা ঠাইত বাধ্যতামূলক শিক্ষাৰ বিলখন ১৯১৮ চনত আইনত পৰিণত কৰাৰ পৰামৰ্শ দিছিল। তেতিয়াই প্ৰথমবাৰৰ বাবে ভাৰতত বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন প্ৰৱৰ্তন কৰি চৰকাৰৰ পৰা স্বীকৃতি লোৱা হৈছিল। এয়া গোখলেৰ বিলৰেই সু প্ৰভাৱ আছিল।
১৯১৯ চনত ভাৰত শাসন আইন প্ৰৱৰ্তন হয়। লগতে প্ৰাদেশিক চৰকাৰে ১৯১৯ -১৯৩০ চনৰ ভিতৰত প্ৰাথমিক শিক্ষাক বাধ্যতামূলক আৰু সাৰ্বজনীন কৰিবলৈ আইন পাছ কৰিলে। মুঠৰ ওপৰত গোপালকৃষ্ণ গোখলেৰ বিলৰ প্ৰভাৱ পৰৱৰ্তী শিক্ষা নীতিৰ ওপৰত অত্যধিকভাৱে পৰিছিল। শেষত উল্লেখ কৰিব পাৰি যে, গোখলেৰ প্ৰচেষ্টাই সমগ্ৰ দেশতে বাধ্যতামূলক প্ৰাথমিক শিক্ষা আন্দোলনৰ এক সামাজিক প্ৰৱণতা জাগ্ৰত কৰিবলৈ সক্ষম হ’ল।
প্ৰশ্ন ৩৬। বুনিয়াদী শিক্ষাৰ সাংগঠনিক বৈশিষ্ট্যসমূহ লিখা। (Write the organizational features of basic education ?)
উত্তৰঃ মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা হৈছে নিজস্ব বৈশিষ্ট্য থকা এক সম্পূৰ্ণ শিক্ষা ব্যৱস্থা যিটো ভাৰতৰ আৰ্থ-সামাজিক পটভূমিত ৰচনা কৰা হৈছিল।
বুনিয়াদী শিক্ষা পৰিকল্পনাৰ প্ৰধান বিশেষত্ব বা বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল—
(ক) মাতৃভাষাৰ মাধ্যমত শিক্ষা :- ১৯৩৭ চনৰ ৱাৰ্দ্ধা আঁচনিৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল মাতৃভাষাক দেশৰ শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাটো। পৃথিৱীৰ সকলো স্বাধীন দেশেই নিজৰ ভাষাক শিক্ষাৰ মাধ্যমৰূপে ৰখাৰ দৰে গান্ধীজীয়েও ভাৰতবৰ্ষৰ ভৱিষ্যৎ উন্নতিৰ বাবে চিন্তা-চৰ্চা কৰি মাতৃভাষাত অধিক গুৰুত্ব দিছিল।
(খ) নাগৰিকত্ববোধ :- এই পৰিকল্পনাৰ এটা লক্ষ্য হ’ল দেশৰ ভৱিষ্যৎ নাগৰিক হিচাপে নিজৰ কৰ্তব্য আৰু দায়িত্ব সম্বন্ধে শিশুসকলক সচেতন কৰি তোলাটো। দেশৰ নাগৰিকসকলৰ ওপৰতেই নিৰ্ভৰ কৰে কোনো এখন দেশ আৰু সমাজৰ উন্নতি অৱনতি।
(গ) শিক্ষাকেন্দ্ৰীক শিক্ষা :- কোনো এটা শিল্পক কেন্দ্ৰ কৰি শিশুসকলক শিক্ষা প্ৰদান কৰিব লাগে। শিশুসকলক পুথিগত বিদ্যাতকৈ কৰ্মকেন্দ্ৰিক শিক্ষাত অধিক গুৰুত্ব দিব লাগে। ইয়াৰ যোগেদি শিক্ষাৰ্থীসকলে কোনো শিল্পক ভৱিষ্যতে নিজৰ বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰিব।
(ঘ) শিক্ষাত স্বাৱলম্বিতা :- এই পৰিকল্পনাৰ আন এটা বৈশিষ্ট্য হ’ল ই শিক্ষাক স্বাৱলম্বী হোৱাত সহায় কৰিব। কাৰণ ছাত্ৰ-ছাত্ৰীসকলে হস্ত শিল্পৰ দ্বাৰা যিবোৰ বস্তু তৈয়াৰ কৰিব সেইবোৰ বজাৰত বিক্ৰী কৰি কিছু আয় কৰিব পাৰিব। তেওঁলোকে নিজৰ শ্ৰমৰ যোগেদি শিক্ষকক দৰমহা প্ৰদান কৰিব পাৰিব।
(ঙ) শিশুকেন্দ্ৰিক শিক্ষা :- গান্ধীজীৰ এই শিক্ষাত শিশুসকলক শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাবে ধৰা হয়। তেওঁলোকৰ প্ৰাকৃতিক গুণাৱলী বিকাশৰ বাবে সুবিধা প্ৰদান কৰা হয়। পশ্চিমীয়া দেশসমূহৰ প্ৰখ্যাত শিক্ষাবিদৰ নিচিনাকৈ তেওঁ শিশুৰ প্ৰকৃতিৰ বিকাশ আৰু সক্ৰিয়তাৰ কথা উপলব্ধি কৰিছিল।
(চ) জ্ঞানৰ সামগ্রিকতা :- এই শিক্ষাত জ্ঞানৰ সামগ্রিকতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। বিভিন্ন জ্ঞান বিভিন্ন ৰূপত শিশুৰ আগত দাঙি ধৰাতকৈ জ্ঞানৰ মাজত অন্তৰ্নিহিত হৈ থকা ঐক্য আৰু সমগ্ৰতাৰ কথা তেওঁলোকক এই শিক্ষাৰ জৰিয়তে বুজোৱা হয়। এই কাৰ্যসূচীৰ মাজত শিশুৱে সংহতি বিচাৰি পোৱা দেখা যায়।
(ছ) শিক্ষক-শিক্ষাৰ্থীৰ স্বাধীনতা :- শিক্ষক, ছাত্ৰ-ছাত্ৰী উভয়ৰে বুনিয়াদী শিক্ষাত মুকলিভাৱে কাম কৰাৰ সুবিধা আছে। বুনিয়াদী শিক্ষাত কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰম আৰু শিশু বিকাশৰ নানান কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। এনে পৰিৱেশত শিশুৰ মৌলিক প্ৰতিভাৰ বিকাশ হয়।
(জ) বাস্তৱ জীৱনৰ লগত সম্পৰ্ক :- গান্ধীজীয়ে বুনিয়াদী শিক্ষাৰ যোগেদি শিশু সকলক বাস্তৱ জীৱনৰ লগত সম্পৰ্ক স্থাপন কৰিব পৰাকৈ পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ পোষকতা কৰিছিল। এই সম্পৰ্ক স্থাপনে শিক্ষাৰ্থীসকলক মানসিক বিকাশত বিশেকভাৱে সহায় কৰিব।
(ঝ) মনস্তাত্ত্বিকতা :- বুনিয়াদী শিক্ষা হ’ল শিশু কেন্দ্ৰীয় শিক্ষা। ইয়াত সকলো শিশুসকলকেই সকলো শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে ধৰা হয়। শিশুসকলৰ দৈহিক আৰু মানসিক চাহিদা অনুসৰি বিকাশৰ বাবে ইয়াত চেষ্টা কৰা হয়।
(ঞ) অহিংসা নীতি আৰু বিশ্বপ্ৰেম :- গান্ধীজী সদায় অহিংসা নীতিত অটল বিশ্বাসী আছিল। তেওঁ শিক্ষা পৰিকল্পনাত বিশ্ব প্ৰেমৰ আদৰ্শ আছে।
(ট) সম্পূৰ্ণ ভাৰতীয় আৰু নৈতিক পৰিৱেশ :- শিশুসকলক নিজৰ দায়িত্ব আৰু কার্য সম্পৰ্কে সচেতন কৰাটো এই শিক্ষা নীতিৰ এক লক্ষ্য। বুনিয়াদী বিদ্যালয়সমূহত শিশুৰ বাবে এক সম্পূৰ্ণ ভাৰতীয় তথা নৈতিক পৰিৱেশ সৃষ্টি কৰিহে শিক্ষা প্ৰদান কৰিব লাগে। অতীত আদৰ্শৰ প্ৰতি শিক্ষাৰ্থীসকলে ভাৰতীয় বাতাবৰণ সৃষ্টি কৰি আদৰ্শৰ বীজ ৰোপন কৰিব পাৰিব।
(ঠ) সাংস্কৃতিক পৰম্পৰা :- বুনিয়াদী শিক্ষাত সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ ওপৰত শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হৈছিল । কাৰণ যদি দেশৰ সাংস্কৃতিক পৰম্পৰাসমূহ ৰক্ষা কৰাৰ শিক্ষা প্ৰদান কৰা নহয়, তেন্তে কোনো শিক্ষাৰ্থীয়েই ভৱিষ্যতে এই সম্পৰ্কে অৱগত নহ’ব।
প্ৰশ্ন ৩৭। বুনিয়াদী শিক্ষাৰ স্তৰ সম্পৰ্কে লিখা। (Write about the level of basic education.)
উত্তৰঃ বুনিয়াদী শিক্ষাৰ স্তৰসমূহক কেইবাটাও ভাগত ভাগ কৰিব পাৰি—
(ক) পূৰ্ব বুনিয়াদী স্তৰ (Pre – Basic Stage)
(খ) বুনিয়াদী শিক্ষাৰ স্তৰ (Basic Stage)
(গ) উত্তৰ বুনিয়াদী স্তৰ (Post Basic Stage)
(ঘ) প্ৰাপ্ত বয়স্কৰ শিক্ষা (Adult Education)
(ঙ) বিশ্ববিদ্যালয়ৰ শিক্ষা (University Stage)
(ক) পূৰ্ব বুনিয়াদী স্তৰ (Pre-Basic Stage) :- ভাৰতত ৬ বছৰ বয়সৰ তলৰ শিশুৰ কাৰণে এই শিক্ষা আঁচনি প্ৰস্তুত কৰা হয়। শিশুসকলে খোজ কাঢ়িব, কথা ক’ব আৰু মাতৃৰ লগ এৰিব পৰা হ’লেই তেওঁলোকক পূৰ্ব বুনিয়াদী বিদ্যালয়লৈ পঠিয়াব লাগে। এই স্তৰৰ শিশুসকলক সু-অভ্যাস গঠন আৰু শাৰীৰিক বিকাশত অধিক গুৰুত্ব দিয়া হয়। ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতা, সহযোগিতা, আত্মনির্ভৰশীলতা আদি গুণৰো বিকাশ সাধন কৰা হয়।
(খ) বুনিয়াদী স্তৰ (Basic Stage):- ৬-১৪ বছৰৰ ভিতৰত শিশুৰ বাবে এই শিক্ষাৰ ব্যৱস্থা কৰা হয়। বুনিয়াদী শিক্ষাৰ স্তৰক নিম্ন বুনিয়াদী আৰু উচ্চ বুনিয়াদী এই দুটা ভাগত ভাগ কৰা হয়। ইয়াতো শিক্ষাৰ্থীসকলক জীৱনৰ উপযোগী হোৱাকৈ নানা বিষয়ৰ শিক্ষা প্ৰদান কৰা হয়।
(গ) উত্তৰ বুনিয়াদী স্তৰ (Post Basic Stage):- শিক্ষাৰ্থীসকলৰ ১৫-১৮ বছৰ বয়স হ’লে উত্তৰ বুনিয়াদী স্তৰ বুলি কোৱা হয়। এই স্তৰৰ পাঠ্যক্ৰমত ভৱিষ্যত পাৰিবাৰিক জীৱন আৰু জীৱিকা নিৰ্বাহৰ বাবে উৎপাদনমূলক কামত সুদক্ষ কৰি গঢ়ি তোলাৰ ওপৰত জোৰ দিয়া হৈছিল।
(ঘ) প্ৰাপ্তবয়স্ক শিক্ষা (Adult Education) :- শিক্ষাৰ সফলতা নিৰ্ভৰ কৰে একোখন সমাজৰ শিক্ষিত, আত্মনির্ভৰশীল আৰু কিছুমান উৎপাদনক্ষম নাগৰিকৰ ওপৰত। বুনিয়াদী শিক্ষাতো এই দিশত গুৰুত্ব দিয়া হৈছিল। দেশৰ যিসকল লোকে বিভিন্ন কাৰণত শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে, সেইসকলৰ বাবে এই প্ৰাপ্ত বয়স্ক শিক্ষা দিয়া হয়। তেওঁলোকে যাতে নিজৰ সন্তানক তদাৰক তথা জীৱনৰ প্ৰয়োজনীয় শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে এই শিক্ষাৰ ব্যৱস্থা কৰা হয়।
(ঙ) বিশ্ববিদ্যালয় স্তৰ (University Stage) :- বুনিয়াদী শিক্ষাৰ অন্তিম স্তৰটো হ’ল বিশ্ববিদ্যালয় স্তৰ। বিশ্ববিদ্যালয় স্তৰৰ শিক্ষা প্ৰস্তুত কৰোতে অধিক চিন্তা আৰু সাৱধানতাৰ দৰকাৰ। কাৰণ এই স্তৰৰ শিক্ষাই মানৱ জাতিৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ জ্ঞানৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ ওপৰত গুৰুত্ব দিয়া হয়।
প্ৰশ্ন ৩৮। বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম কেনে হ’ব লাগে ? (What does the basic education curriculum look like ?)
উত্তৰঃ ড° জাকিৰ হুছেইন কমিটিয়ে প্ৰস্তুত কৰা বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰমত তলৰ বিষয়সমূহ সন্নিবিষ্ট কৰা হৈছে :
(i) মৌলিক হস্তশিল্প বা যিকোনো এটা শিল্প :- (ক) সূতা কটা আৰু কাপোৰ বোৱা।
(খ) কাঠৰ কাম।
(গ) ফলমূল বা শাক-পাচলিৰ বাগান।
(ঘ) কৃষি, (ঙ) মীন পালন।
(চ) চামৰাৰ শিল্প।
(ছ) গাৰ্হস্থ্য বিজ্ঞান।
(জ) শিল্পৰ সম্ভাৱনা থকা অন্য শিল্প।
(ii) মাতৃভাষা।
(iii) গণিত।
(iv) সমাজ বিদ্যা বা সমাজ অধ্যয়ন :-
(ক) বুৰঞ্জী।
(খ) ভূগোল।
(গ) পৌৰ বিজ্ঞান।
(v) সাধাৰণ বিজ্ঞান :-
(ক) উদ্ভিদ বিদ্যা।
(খ) ৰসায়ন বিদ্যা।
(গ) শৰীৰ বিদ্যা।
(ঘ) প্ৰাথমিক স্বাস্থ্য বিজ্ঞান।
(ঙ) জ্যোতিবিদ্যা।
(চ) প্রকৃতি পাঠ।
(ছ) জীৱনী অধ্যয়ন।
(vi) শাৰীৰিক শিক্ষা আৰু খেলা-ধূলা।
(vii) কলা : খাদীৰ অথবা চিত্ৰাংকন।
(viii) হিন্দুস্থানীৰ ওপৰত অধ্যয়ন ইত্যাদি।
প্ৰশ্ন ৩৯। বুনিয়াদী শিক্ষাৰ মূল বৈশিষ্ট্যসমূহ বা নীতিসমূহ উল্লেখ কৰা। (Mention the main features or principals of basic education.)
উত্তৰঃ বুনিয়াদী শিক্ষাৰ বৈশিষ্ট্যসমূহ বা নীতিসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) বুনিয়াদী শিক্ষা শিক্ষাকেন্দ্ৰিক । সেয়ে ই শিশুৰ গঠণাত্মক প্ৰবৃত্তিৰ প্ৰশিক্ষণত বেছি গুৰুত্ব আৰোপ কৰে।
(খ) বুনিয়াদী শিক্ষাৰ যোগেদি ব্যক্তিৰ দেহ মনৰ আৰু আত্মাৰ উৎকৰ্ষ সাধন কৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পৰা হয়।
(গ) ইয়াত বৃত্তিমূলক শিক্ষাৰ প্ৰাধান্য দিয়াৰ বাবেই নিবনুৱা সমস্যা সমাধান কৰিবলৈ সক্ষম হয়।
(ঘ) ই মাতৃভাষাক শিশু শিক্ষাত অগ্ৰাধিকাৰ দিয়ে।
(ঙ) বুনিয়াদী শিক্ষা জীৱনৰ বাবে উদ্দেশ্য প্ৰণোদিত আৰু অৰ্থপূৰ্ণ কৰি তোলা হৈছে যিয়ে প্ৰাথমিক শিক্ষাৰ অপচয় ৰোধ কৰিব পাৰে।
(চ) বুনিয়াদী শিক্ষাই হাতে কামে শিকাৰ জৰিয়তে শিশুৱে তেওঁলোকৰ বৌদ্ধিক ক্ষমতাসমূহক অধিক কাৰ্যক্ষম কৰি তোলে।
(ছ) ই শিক্ষাৰ গতানুগতিকতাৰ আঁতৰ কৰি শিশুক সক্ৰিয় আৰু ক্ৰিয়াজড়িত কৰি তুলিব পাৰে।
(জ) ই ভাৰতীয়সকলৰ পৰম্পৰা আৰু সামাজিক বৈষয়িক প্ৰয়োজনৰ মাজত যোগসূত্ৰ স্থাপন কৰি তুলিব পাৰে।
(ঝ) বুনিয়াদী শিক্ষাই ভাৰতীয়সকলৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক দিশৰ প্ৰয়োজন পূৰণ কৰি তুলিব পাৰে।
(ঞ) ভাৰতীয় লোকৰ নৈতিক জীৱন গঢ় দিব পৰাকৈ ই অহিংসা নীতিৰ ওপৰত প্ৰতিষ্ঠিত।
প্ৰশ্ন ৪০। বুনিয়াদী শিক্ষা আঁচনি বিফল হোৱাৰ কাৰণসমূহ কি কি ? (What are the reasons for the failure of basic education scheme ?)
উত্তৰঃ বুনিয়াদী শিক্ষাৰ বিফল হোৱাৰ কাৰণসমূহ হ’ল—
(ক) ধনৰ অভাৱ :- সকলো প্ৰাথমিক অৰ্থনৈতিক সংকটত ভোগৰ দৰে বুনিয়াদী স্কুলসমূহ তেনে সংকটত ভুগিছিল। ধনৰ অভাৱত বৃদ্ধিৰ সাধাৰণ আহিলা পাতি আৰু অধিক শিক্ষক নিয়োগ কৰিব পৰা নাছিল। ফলত বৃত্তিৰ পৰা উৎপাদনো কমি অহাত উপাৰ্জনৰ পথো নাইকিয়া হৈছিল। ফলত স্কুলসমূহত সমৃদ্ধ অৱস্থাতকৈ অৰ্থনৈতিক দুৰ্বল অৱস্থাই দেখা দিছিল।
(খ) অভিভাৱক উদাসীনতা :- উপযুক্ত শিক্ষকৰ অভাৱৰ কাৰণে বুনিয়াদী পদ্ধতিত ভালদৰে শিক্ষা দি মানুহৰ মন আকৰ্ষণ কৰিব পৰা নাছিল। শিক্ষাৰ্থীয়ে ভাল ফলাফল দেখুৱাব নোৱাৰা কাৰণে বুনিয়াদী শিক্ষাক বৃত্তিকেন্দ্ৰিক শিক্ষাতকৈ নিম্নখাপৰ শিক্ষা বুলি ভাবিছিল।
(গ) ক্ৰটিপূৰ্ণ পাঠ্যক্ৰম :- পাঠ্যক্ৰম প্ৰস্তুত কৰোতে সকলো বিষয়ৰ ওপৰত সমান গুৰুত্ব নিদিয়া ফলতে কিছুমান বিষয় অৱহেলা হ’ল।
(ঘ) ভুল মনোভাৱ :- বুনিয়াদী শিক্ষাৰ অৰ্থ আৰু গুৰুত্বৰ কথা বেছিভাগ মানুহে নুবুজিলে। ভাৰতৰ দৰে এখন দেশৰ বাবে এই পদ্ধতি উত্তম পদ্ধতি আছিল। কিন্তু মানুহে ইয়াক ভুলকৈ বুজাৰ কাৰণে ই কৃতকাৰ্য হ’ব নোৱাৰিলে।
(ঙ) পৰীক্ষা পদ্ধতি :- গতানুগতিক পৰীক্ষা পদ্ধতিৰে বুনিয়াদী শিক্ষা মূল্যাংকন কৰা টান। গতানুগতিক পৰীক্ষাৰ বাবে এই আঁচনি অকৃতকাৰ্য হ’ল।
(চ) শিক্ষকৰ ভুল শিক্ষাদান :- বুনিয়াদী শিক্ষাত এনে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অতি প্ৰয়োজন আছিল। সেয়ে শিক্ষাৰ আদৰ্শ, চিন্তাধাৰা, শিক্ষণ প্ৰণালী। বুদ্ধি শিক্ষাত ব্ৰতী হ’ব লাগে। কিন্তু বহু সময়ত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক নথকাৰ কাৰণে সম্বন্ধ নথকা বিষয়ো বৃত্তিৰ লগত সম্বন্ধ সৃষ্টি কৰি ভুল শিক্ষা দিছিল। ফলত শিক্ষাদানৰ মাধ্যমেদি প্ৰকৃত দৰ্শক প্ৰতিফলিত কৰিব পৰা নাছিল। বহুত সময়ত বৃত্তিৰ ওপৰত গুৰুত্ব অধিক দিছিল আৰু কোনোবা স্কুলত সাধাৰণ শিক্ষাদান কৰিছিল।
(ছ) সা-সঁজুলিৰ অভাৱ :- বৃত্তি শিকোৱাৰ কাৰণে বৃত্তি মাধ্যমেদি শিক্ষা দিবলৈ যি আহিলা পাতিৰ প্ৰয়োজন সেইখিনি সঁজুলি স্কুলসমূহৰ নাছিল। বহুত সময়ত আহিলা কিনাৰ কাৰণে চৰকাৰৰ পৰা ধনো পোৱা নাছিল ।
(জ) এজনীয়া শিক্ষকৰ স্কুল :- বেছিভাগ গাঁৱত এজন শিক্ষকে কেইবাটাও শ্ৰেণী চলাবলগীয়া হোৱাৰ বুনিয়াদী পদ্ধতিৰে শিক্ষাদান কৰাটো সম্ভৱপৰ নাছিল।
(ঝ) আত্মৰিকতাবিহীন :- বুনিয়াদী নামটো মহাত্মা গান্ধীৰ নামেৰে জড়িত বাবে অনিচ্ছাসত্বেও বহুতো চৰকাৰী বিষয়াই আৰু ৰাজনৈতিক নেতাই এই শিক্ষাৰ প্ৰতি সমৰ্থন জনালে। কিন্তু বাস্তৱত দেখা গ’ল তেওঁলোকৰ ল’ৰা-ছোৱালীক পঠিয়ালে সুপৰিচালিত মাধ্যমৰ প্ৰাইভেট স্কুললৈ আৰু গাঁৱৰ দুখীয়া অৱহেলিত শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে পঢ়িব লগা হ’ল বুনিয়াদী স্কুলত।
এই সকলোবোৰ কাৰণত বুনিয়াদী শিক্ষাই গা-কৰি উঠিব নোৱাৰিলে কাৰণে ইয়াৰ প্ৰসাৰো কম হৈছিল।
প্ৰশ্ন ৪১। চমুটোকা লিখা—পাব্লিক স্কুল আৰু নবোদয় বিদ্যালয়। (Write a short note – public school and navodaya school.)
উত্তৰঃ পাব্লিক স্কুল :- ইংৰাজ শাসনৰ সময়ত ইউৰোপীয় আৰু ইংগ – ভাৰতীয়সকলৰ ল’ৰা-ছোৱালীৰ বাবে দাৰ্জিলিং, চিমলা আদি ঠাইত কিছুমান বিশেষ বিদ্যালয় স্থাপন কৰিছিল, যাক পাব্লিক স্কুল বুলি নামাকৰণ কৰা হয়। এসময়ৰ ৰাজ-পৰিয়ালৰ সতি-সন্তানৰ বাবে কৰা মায়ো, আজমীৰ, ৰাজপুৰ, ৰায়পুৰ আদি বিভাগৰ ল’ৰা-ছোৱালীৰ কাৰণে চানাৱাৰৰ লৰেন্স বিদ্যালয়, অভিজাত, ল’ৰা-ছোৱালীৰ বাবে দিল্লী পাব্লিক স্কুল আৰু দিল্লী মডাৰ্ণ স্কুল আদি উল্লেখযোগ্য পাব্লিক স্কুল।
নবোদয় স্কুল :- গ্ৰামাঞ্চলত বাস কৰা আৰু অৱহেলিত শ্ৰেণীৰ প্ৰতিভাৱান ল’ৰা-ছোৱালীৰ বিকাশ ক্ষিপ্ৰ কৰি তুলিবলৈ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি যোগে এক নতুন ৰাষ্ট্ৰীয় আঁচনি প্ৰৱৰ্তন কৰা হৈছে । এই আঁচনি মতে কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিখন জিলাতে একোখনকৈ বিশেষ সুবিধা থকা বিদ্যালয় স্থাপন কৰিবলৈ লৈছে। এনেবোৰ বিদ্যালয়ৰ নাম দিয়া হৈছে নবোদয় বিদ্যালয়।
নবোদয় বিদ্যালয়ৰ বৈশিষ্ট্যসমূহ হ’ল :-
(ক) এই বিদ্যালয় প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ বাবে।
(খ) ৭৫ শতাংশ আসন গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত থাকিব লাগিব।
(গ) নবোদয় বিদ্যালয় সম্পূৰ্ণ আবাসিক।
(ঘ) ইয়াৰ শিক্ষা বিনামূলীয়া।
(ঙ) একেলগে থকা আৰু শিক্ষাৰ সুবিধা প্ৰদানতে ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয় সংহতি গঢ়ি তোলা হ’ব।
(চ) নবোদয় বিদ্যালয়বোৰত ত্রি-ভাষামূলক প্ৰকৃত আৰ্হিত প্ৰয়োগ কৰা হ’ব। ইত্যাদি ইত্যাদি।
প্ৰশ্ন ৪২। ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ য়ে নিৰ্ধাৰণ কৰা কোনবোৰ কার্য সম্পাদনাত UGC য়ে গুৰুত্ব প্ৰদান কৰে ? উল্লেখ কৰা। (Which of the following functions of the National Education Policy 1986 is important to USC ? Mention. )
উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে পৰামৰ্শ প্ৰদান কৰা নিম্নোক্ত কাৰ্যসমূহত বিশ্ববিদ্যালয় অনুদান আয়োগে গুৰুত্ব আৰোপ কৰে—
(ক) স্বায়ত্ব শাসিত মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা।
(খ) পাঠ্যক্ৰম সময় উপযোগী কৰি পুনঃ প্ৰস্তুত কৰা।
(গ) উচ্চ শিক্ষাৰ বাবে ৰাজ্যিক আয়োগ গঠন কৰা।
(ঘ) শিক্ষক নিযুক্তিৰ বাবে ৰাষ্ট্ৰীয় অৰ্হতা পৰীক্ষা অনুষ্ঠিত কৰা।
(ঙ) মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় শিক্ষকক প্ৰশিক্ষণ দিবলৈ একাডেমিক ষ্টাফ কলেজ স্থাপন কৰাত অনুদান দিয়া।
প্ৰশ্ন ৪৩। ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্ধাৰণকাৰী পৰিষদৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the National qualifying council.)
উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ মতে ১৯৯৪ চনত (NAAC) গঠন কৰা হৈছিল। বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) ৰ দ্বাৰা প্ৰতিষ্ঠিত ই এটা স্বয়ংক্ৰিয় সংস্থা। ইয়াৰ প্ৰধান উদ্দেশ্য হ’ল দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক মূল্যাংকন কৰা। এই সংস্থাটোৱে মূলতঃ দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ গুণগত মানদণ্ডৰ মূল্য নিৰ্ধাৰণ কৰে। ইয়াৰ প্ৰধান কাৰ্যালয় বাংগালোৰত অৱস্থিত। উচ্চ শিক্ষানুষ্ঠানসমূহৰ অধ্যাপক অধ্যাপিকাসকলৰ গুণগত মানদণ্ডৰ বিকাশৰ লগতে উচ্চ শিক্ষাৰ গৱেষণাৰ ওপৰতো এই সংস্থাটোৱে গুৰুত্ব আৰোপ কৰে। ইয়াৰোপৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আত্ম মূল্যায়ন, স্বয়ংক্ৰিয়তা আৰু উদ্ভাৱন ইত্যাদিৰ ওপৰত বিশেকভাৱে গুৰুত্ব আৰোপ কৰে।
প্ৰশ্ন ৪৪। ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the National Knowledge Commission.)
উত্তৰঃ ভাৰতবৰ্ষক এখন জ্ঞান সমাজলৈ ৰূপান্তৰ কৰাৰ মানসেৰে ২০০৫ চনৰ তেৰ জুন তাৰিখে প্ৰধানমন্ত্ৰীৰ উপদেষ্টা সমিতি হিচাপে ৰাষ্ট্ৰীয় জ্ঞান আয়োগ গঠন কৰা হৈছিল। এই আচঁনিক ভৱিষ্যত আচঁনিবোৰৰ পথ প্ৰদৰ্শক হ’বলৈ আৰু প্ৰয়োজনীয় সংস্কাৰ সাধন কৰাৰ বাবে এখন প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছিল।
ৰাষ্ট্ৰীয় জ্ঞান আয়োগখন ইয়াৰ অধ্যক্ষকে ধৰি ছয়জন সদস্যক লৈ গঠিত। এই আয়োগে প্ৰায় চাৰে তিনি বছৰীয়া কাৰ্যকালত ২৯ টা মুখ্য ক্ষেত্ৰৰ ওপৰত তিনিশ টকা পৰামৰ্শ সম্বলিত প্ৰতিবেদন প্ৰস্তুত কৰি প্ৰধানমন্ত্ৰীৰ হাতত অৰ্পণ কৰে। এই পৰামৰ্শৱলী এতিয়া কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰবোৰৰ বিবেচনাধীন হৈ আছে।
প্ৰশ্ন ৪৫। ৰাষ্ট্ৰীয় জ্ঞান আয়োগ গঠন কৰাৰ মূল উদ্দেশ্যসমূহ উল্লেখ কৰা। (Mention the main objectives of forming the National Knowledge Commission.)
উত্তৰঃ ৰাষ্ট্ৰীয় জ্ঞান আয়োগ গঠন কৰাৰ প্ৰধান উদ্দেশ্যসমূহ হ’ল—
(ক) জ্ঞানৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ শিক্ষা ব্যৱস্থা অনুপমকৈ গঢ় দিয়া আৰু জ্ঞানৰ ক্ষেত্ৰবোৰত ভাৰতবৰ্ষৰ প্ৰতিযোগিতামূলক সুবিধা বৃদ্ধি কৰা।
(খ) বিজ্ঞান আৰু প্ৰযুক্তিৰ গৱেষণাগাৰত জ্ঞান সৃষ্টিক উদগনি দিয়া।
(গ) প্ৰতিভা, সম্পদ অধিকাৰৰ লগত জড়িত অনুষ্ঠানবোৰত পৰিচালনা উন্নত কৰা।
(ঘ) কৃষি আৰু উদ্যোগ ক্ষেত্ৰত জ্ঞান প্ৰয়োগৰ উত্তৰণ ঘটোৱা।
(ঙ) জ্ঞান দক্ষতাৰ উত্তৰণ ঘটোৱাত যাতে চৰকাৰখনক দায়িত্বশীল, স্বচ্ছ আৰু জ্ঞান সেৱা প্ৰদানকাৰী অনুষ্ঠান হিচাপে গঢ়ি তুলিব পাৰি আৰু ৰাইজৰ মংগলৰ স্বাৰ্থত বৃহৎ কলেবৰত অংশীদাৰ হোৱাত সকলোকে সুবিধা প্ৰদান কৰা।
প্ৰশ্ন ৪৬। ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ প্ৰতিবেদনত আলোকপাত কৰা প্ৰধান বিষয় পাঁচটা কি কি ? (What are the five main issues highlighted in the report of the National Knowledge Commission ?)
উত্তৰঃ ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ প্ৰতিবেদনত আলোকপাত কৰা প্ৰধান বিষয় পাঁচটা হ’ল—
(ক) জ্ঞানৰ সুগমতা।
(খ) জ্ঞানৰ ধাৰণা।
(গ) জ্ঞানৰ সৃষ্টি।
(ঘ) জ্ঞানৰ প্ৰয়োগ।
(ঙ) জ্ঞান সেৱা উপলব্ধকৰণ।
প্ৰশ্ন ৪৭। ৰাষ্ট্ৰীয় জ্ঞান আয়োগে উচ্চ শিক্ষাৰ সংস্কাৰৰ ক্ষেত্ৰত কেইটা দিশ সামৰি লৈছে ? (How many aspects has the National Knowledge Commission included in the field of higher education reform ?)
উত্তৰঃ ৰাষ্ট্ৰীয় জ্ঞান আয়োগে উচ্চ শিক্ষাৰ সংস্কাৰ আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত ক্ষেত্ৰত তিনিটা দিশ সামৰি লৈছে।
সেইকেইটা হ’ল—-
(ক) প্ৰসাৰ।
(খ) উৎকৃষ্টতা।
(গ) অন্তৰ্ভূক্তি।
আয়োগে ২০১৫ চনৰ ভিতৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত অতি কমেও পোন্ধৰ শতাংশ জনসংখ্যাৰ প্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ বাবে দেশত বিশ্ববিদ্যালয়ৰ সংখ্যা প্ৰায় ১৫০০ খনলৈ বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে।
প্ৰশ্ন ৪৮। প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত থকা সমস্যাবোৰ চমুকৈ আলোচনা কৰা। (Briefly discuss the problems of making primary education free and compulsory.)
উত্তৰঃ বৃটিছৰ দিনৰে পৰা অসমত বহুতো বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰিছিল যদিও বৰ্তমানলৈকে কোনোটো এখন আইনে অসমৰ প্ৰাথমিক শিক্ষাৰ উন্নতি কৰিব পৰা নাছিল। এই আইনসমূহে অলপ উন্নতি কৰিছিল যদিও সম্পূৰ্ণৰূপে ফলৱতী হোৱা নাছিল।
১৯২৬ চনৰ পৰা প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত থকা সমস্যাবোৰ হ’ল—
অসমৰ প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাত দেখা দিয়া সমস্যাসমূহ হ’ল—
(ক) অসমৰ শিক্ষাৰ প্ৰধান সমস্যা হৈছে অপচয় আৰু অনুন্নয়ন।
(খ) অসমত থকা ব্যাপক দৰিদ্ৰতাই সাৰ্বজনীন প্ৰাথমিক শিক্ষা সম্প্ৰসাৰণ কৰাত ব্যাপক সমস্যাৰ সৃষ্টি কৰে।
(গ) পিতৃ-মাতৃৰ দিন হাজিৰা কৰা কাম সহায় কৰা, ঘৰত ভাই-ভনীৰ আলপৈচান বা আদি কাৰণতো বহুতো ল’ৰা- ছোৱালীয়ে প্ৰাথমিক শিক্ষাত নামভৰ্তি নকৰে। ফলত সাৰ্বজনীন প্ৰাথমিক শিক্ষাত শিক্ষাৰ সমস্যাৰ সৃষ্টি হয়।
(ঘ) অসমৰ গ্ৰামাঞ্চলত থকা ব্যাপক নিৰক্ষৰ অভিভাৱকৰ প্ৰভাৱো প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ এক হেঙাৰ স্বৰূপ।
(ঙ) বিদ্যালয়ত যান্ত্ৰিক শিক্ষা পদ্ধতি শিক্ষানীতিৰ খৰতকীয়া পৰিৱৰ্তন আদিয়েও প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাত বাধাৰ সৃষ্টি কৰিছে।
(চ) অসমৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰম সমূহ আকৰ্ষণীয় নহয়।
(ছ) অসমৰ প্ৰাথমিক শিক্ষাৰ উন্নয়ন আৰু প্ৰসাৰৰ কাৰণে প্ৰশাসন ব্যৱস্থাই বিশেষ গুৰুত্ব আৰোপ নকৰে।
(জ) পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহেও অসমৰ এই শিক্ষাৰ ক্ষেত্ৰত নিস্ক্ৰীয় ভূমিকা পালন কৰে।
(ঝ) অসমত দিনে দিনে অভূতপূৰ্বভাৱে বৃদ্ধি পোৱা জনসংখ্যাইও সাৰ্বজনীন প্ৰাথমিক শিক্ষাত বাধাৰ সৃষ্টি কৰিছে।
(ঞ) প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ।
(ট) চৰকাৰে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা উদাসীন মনোভাৱেও প্ৰাথমিক শিক্ষাত সমস্যাৰ সৃষ্টি কৰিছে।
(ঠ) অসমৰ দুৰ্গম ঠাই, পাহাৰীয়া অঞ্চল, চৰ অঞ্চল আদিত শিক্ষকসকলে থাকিবলে বেয়া পোৱাৰ বাবেও প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাত বাধাৰ সৃষ্টি হৈছে।
অসমত প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ উপায় :-
(ক) প্ৰথম শ্ৰেণীৰ হোৱা পৰীক্ষা উঠাই দিব লাগে আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত বা য’ত সম্ভৱ হয় প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণী পৰ্যন্ত এটা শিক্ষণ গোট হিচাপে গণ্য কৰি একেবাৰতে পৰীক্ষা লোৱাৰ ব্যৱস্থা কৰিব লাগে।
(খ) অতি কমেও এবছৰৰ বাবে প্ৰাক্ প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰা দৰকাৰ।
(গ) দুখীয়া ল’ৰা-ছোৱালীৰ বাবে অংশকালীন শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।
(ঘ) খেলা ভিত্তিক শিক্ষা পদ্ধতিৰ ব্যৱস্থা কৰিব লাগে।
(ঙ) প্ৰত্যেকটো শ্ৰেণীৰ বাবে এজনকৈ শিক্ষকক নিযুক্তি দিব লাগে।
(চ) প্ৰশিক্ষণপ্ৰাপ্ত আৰু উপযুক্ত অৰ্হতাসম্পন্ন শিক্ষকক প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিব লাগে।
(ছ) বিদ্যালয়ৰ ঘৰ-দুৱাৰ আৰু অন্যান্য সা-সঁজুলিবোৰ আকৰ্ষণীয় কৰি তোলা ব্যৱস্থা কৰিব লাগে।
(জ) দুখীয়া ল’ৰা-ছোৱালীৰ বাবে বিনামূলীয়া কিতাপ-পত্ৰ, পোছাক-পৰিচ্ছদ, দুপৰীয়াৰ আহাৰ, স্বাস্থ্য পৰীক্ষা আদিৰ ব্যৱস্থা কৰিব লাগে।
(ঝ) ১১-১৪ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ বাবে এবছৰীয়া প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।
(ঞ) অনুন্নত আৰু পিছপৰা অঞ্চলবোৰত এক কি: মিঃ ৰৰ মূৰে মূৰে বিদ্যালয় স্থাপন কৰাৰ লগতে যাতায়াতৰ ব্যৱস্থা কৰিব লাগে।
(ট) শিশুৰ মানসিক বিকাশৰ লগত খাপ খুৱাকৈ বাস্তৱসন্মত পাঠ্যক্ৰম আৰু শিক্ষণ পদ্ধতিৰ ব্যৱস্থা কৰিব লাগে।ব
(ঠ) ৬-১৪ বছৰ বয়সৰ ল’ৰা-ছোৱালীক নিৰ্দিষ্ট বয়সলৈকে বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰিব লাগে ইত্যাদি।
প্রশ্ন ৪৯। প্ৰাথমিক শিক্ষাৰ অপচয় আৰু অনুন্নয়নৰ কাৰণসমূহ উল্লেখ কৰা। প্ৰাথমিক শিক্ষাত অপচয় আৰু অনুন্নয়ন কমোৱাৰ উপায়সমূহ উল্লেখ কৰা। (Mention the causes of primary education wastage and underdevelopment. Mention ways to reduce primary education waste and underdevelopment.)
উত্তৰঃ প্ৰাথমিক শিক্ষাৰ অপচয় আৰু অনুন্নয়নৰ কাৰণ :-
(ক) অভিভাৱকৰ দৰিদ্ৰতা আৰু জীৱন নিৰ্বাহৰ নিম্ন মানদণ্ডই ইয়াৰ অন্যতম কাৰণ।
(খ) বহুতো নিৰক্ষৰ পিতৃয়ে নিজৰ ল’ৰা-ছোৱালীক শিক্ষা লাভৰ বাবে উৎসাহ নোযোগোৱাৰ ফলতো অপচয় আৰু অনুন্নয়নে দেখা দিয়ে।
(গ) সমাজত প্ৰচলিত আন্ধ বিশ্বাস, শিক্ষাৰ প্ৰতি উদাহীনতা, ছোৱালী শিক্ষাৰ প্ৰতি অৱহেলা জাতিভেদে প্ৰথা আদিৰ বাবেও শিক্ষাত অপচয় আৰু অনুন্নয়নে দেখা দিয়ে।
(ঘ) বহুতো মাক-বাপেকে নিজৰ ছোৱালীক ল’ৰাৰ লগত একেলগে পঢ়োৱাৰ পৰা বিৰত থকাৰ বাবেও এনে সমস্যাই দেখা দিয়ে।
(ঙ) বহু অঞ্চলৰ বাট-পথৰ আৰু যাতায়াতৰ সুচল ব্যৱস্থা নথকাৰ বাবে বহুতো ল’ৰা-ছোৱালীয়ে বিদ্যালয়লৈ যাবলৈ ইচ্ছা নকৰাৰ বাবেই শিক্ষাত এনে সমস্যাই দেখা দিয়ে।
(চ) বিদ্যালয়ৰ পাঠ্যক্ৰম বাস্তৱ জীৱনৰ লগত সম্পৰ্ক নথকাৰ বাবেও শিক্ষাৰ্থীৰ বাবে বা ল’ৰা-ছোৱালীৰ বাবে আমনিদায়ক হয়।
(ছ) বিদ্যালয়ৰ অস্বাস্থ্যকৰ পৰিৱেশ, আমনিদায়ক শিক্ষণ পদ্ধতি, শিক্ষণ সঁজুলিৰ অভাৱ আদিৰ বাবেও অপচয় আৰু অনুন্নয়নে দেখা দিয়ে।
(জ) পিতৃ-মাতৃ বা অভিভাৱকৰ আকস্মিক বিয়োগ, পৰিৱৰ্তিত পৰিৱেশ, অসুখ-বিসুখ, উপযুক্ত বয়সতকৈ বেছি বয়স হোৱা আদিৰ বাবেও শিক্ষাত অপচয় আৰু অনুন্নয়নে দেখা দিয়ে।
এই সমস্যাসমূহ সমাধানৰ বাবে তলৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে :-
(ক) প্ৰথম শ্ৰেণীৰ শেষত হোৱা পৰীক্ষা উঠাই দিব লাগে আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত বা য’ত সম্ভৱ হয় প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণী পৰ্যন্ত এটা শিক্ষণ গোট হিচাপে গণ্য কৰি একেবাৰতে পৰীক্ষা লোৱাৰ ব্যৱস্থা কৰিব লাগে।
(খ) অতি কমেও এবছৰৰ বাবে প্ৰাক্ প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰা দৰকাৰ।
(গ) দুখীয়া ল’ৰা-ছোৱালীৰ বাবে অংশকালীন শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।
(ঘ) খেলা ভিত্তিক শিক্ষা পদ্ধতিৰ ব্যৱস্থা কৰিব লাগে।
(ঙ) প্ৰত্যেকটো শ্ৰেণীৰ বাবে এজনকৈ শিক্ষকক নিযুক্তি দিব লাগে।
(চ) প্ৰশিক্ষণপ্ৰাপ্ত আৰু উপযুক্ত অৰ্হতাসম্পন্ন শিক্ষকক প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিব লাগে।
(ছ) বিদ্যালয়ৰ ঘৰ-দুৱাৰ আৰু অন্যান্য সা-সঁজুলিবোৰ আকৰ্ষণীয় কৰি তোলাৰ ব্যৱস্থা কৰিব লাগে।
(জ) দুখীয়া ল’ৰা-ছোৱালীৰ বাবে বিনামূলীয়া কিতাপ-পত্ৰ, পোছাক-পৰিচ্ছদ, দুপৰীয়াৰ আহাৰ, স্বাস্থ্য পৰীক্ষা আদিৰ ব্যৱস্থা কৰিব লাগে।
(ঝ) ১১-১৪ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ বাবে এবছৰীয়া প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা স্থাপন কৰিব লাগে।
(ঞ) অনুন্নত আৰু পিছপৰা অঞ্চলবোৰত এক কিঃ মিঃ ৰৰ মূৰে মূৰে বিদ্যালয় স্থাপন কৰাৰ লগতে যাতায়াতৰ ব্যৱস্থা কৰিব লাগে।
(ট) শিশুৰ মানসিক বিকাশৰ লগত খাপখুৱাকৈ বাস্তৱসন্মত পাঠ্যক্ৰম আৰু শিক্ষণ পদ্ধতিৰ ব্যৱস্থা কৰিব লাগে।
(ঠ) ৬-১৪ বছৰ বয়সৰ ল’ৰা-ছোৱালীক নিৰ্দিষ্ট বয়সলৈকে বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰিব লাগে ইত্যাদি।
প্ৰশ্ন ৫০। অসমত প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত দেখা পোৱা সমস্যাৱলী বহলাই আলোচনা কৰা।(Discuss in detail the problems seen in the field of primary education in Assam.)
উত্তৰঃ ভাৰতীয় সংবিধানত দহ বছৰৰ ভিতৰতে গোটেই দেশত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰাৰ সংকল্প গ্ৰহণ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যৰ কথা যে ৬৩ বছৰ পাৰ হৈ যোৱাৰ পাছতো অসমত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ সমস্যা সমাধান নহ’ল।
এইক্ষেত্ৰত থকা কেতবোৰ বাধা অথবা অসুবিধা (সমস্যা) নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি—
(ক) অভিভাৱকৰ নিৰক্ষৰতা :- অভিভাৱকৰ ইচ্ছা, আগ্ৰহ আৰু সচেতনতাৰ ওপৰতেই প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ কথা ঘাইকৈ নিৰ্ভৰ কৰে। কিন্তু আমাৰ অসমত নিৰক্ষৰতাৰ মাত্ৰা এতিয়াও শতকৰা প্ৰায় সত্ৰৰ ভাগ। অনুন্নত গাঁৱলীয়া জনজাতীয় অঞ্চলৰ লোকৰ নিৰক্ষৰতাই এইক্ষেত্ৰত এক বাধা স্বৰূপ হৈ উঠিছে।
(খ) দৰিদ্ৰতা :- গাঁৱলীয়া অঞ্চলৰ লোকে বছৰৰ বেছিভাগেই আৰ্থিক অনাটন ভোগ কৰে। ল’ৰা-ছোৱালীক সৰুৰে পৰা খেতি-বাতি আৰু অন্যান্য ব্যৱসায়ত মাক-দেউতাকৰ সহায়ক হিচাপে নিয়োগ কৰিব লগা হয়। ফলত প্ৰাথমিক শিক্ষাৰ প্ৰয়োজনীয়তা তেওঁলোকে অনুভৱ কৰিলেও কাৰ্যতঃ ল’ৰা-ছোৱালীক তাৰ সুবিধা দিব নোৱাৰে।
(গ) অনাকর্ষণীয় শিক্ষা পৰিৱেশ :- আমাৰ প্ৰাথমিক স্কুল আৰু ইয়াৰ শিক্ষা পৰিৱেশ অতি অৱহেলিত আৰু জৰাজীৰ্ণ। সেয়েহে এনে শিক্ষা পৰিৱেশে ছাত্ৰ-ছাত্ৰীৰ মন সমূলি আকৰ্ষণ কৰিব নোৱাৰে।
(ঘ) অৰ্থৰ অভাৱ :- প্ৰাথমিক স্কুলসমূহ পৰিচালনা কৰিবৰ বাবে চৰকাৰৰ ফালৰপৰা দিয়া অৰ্থ সাহায্য অতি সীমিত ধৰণৰ। ইয়াৰ দ্বাৰা স্কুলৰ যাৱতীয় সা-সুবিধা উন্নত কৰি তোলাটো সম্ভৱ নহয়। আনহাতে অভিভাৱকসকলেও ছাত্ৰৰ প্ৰয়োজনীয় পোছাক-পৰিচ্ছদ, পাঠ্যপুথি আৰু অন্যান্য আৰ্থিক প্ৰয়োজনীয়তা ভালদৰে পূৰণ কৰিব নোৱাৰে।
(ঙ) প্ৰাকৃতিক দুৰ্যোগ :- অনুন্নত ভিতৰুৱা অঞ্চলৰ লোকে সময়ে সময়ে বানপানী, খৰাং বতৰ, ধুমুহা, মহামাৰী ৰোগ আদিত ক্ষতিগ্ৰস্ত হ’ব লগা হয়। বানপানীৰ ফলত যান-বাহনৰ অসুবিধা প্ৰায় প্ৰতি বছৰেই ভোগ কৰিব লগা হয়। এনেবোৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ছাত্ৰ-ছাত্ৰীৰ নিয়মিত শিক্ষা বাধাপ্ৰাপ্ত হৈ পৰে।
(চ) অনুপযুক্ত পাঠ্যক্ৰম :- প্ৰাথমিক স্কুলৰ পাঠ্যক্ৰমত আঞ্চলিক প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য কৰা নাই। হস্তশিল্পসমূহৰ উপযুক্ত প্ৰয়োগ নথকা অকাৰ্যকৰী পাঠ্যক্ৰমে সেয়েহে ছাত্ৰ-অভিভাৱক, কাৰো প্ৰয়োজন পূৰণ কৰিব নোৱাৰে। ইয়াৰ উপৰিও সহ-পাঠ্যক্ৰম কাৰ্যসূচী সম্বন্ধে শিক্ষকৰ উপযুক্ত ধাৰণাৰ অভাৱ দেখা যায়।
(ছ) শিক্ষকৰ অভাৱ :- অসমৰ শতকৰা প্ৰায় ৫০ ভাগ প্ৰাথমিক স্কুলত এজনীয়া শিক্ষকৰ দ্বাৰা শিক্ষাদান কৰিব লগা হয়। ফলত এজন শিক্ষকে প্ৰাথমিক স্কুলৰ কেইবাটাও শ্ৰেণীত সমানে মনোযোগ দিব নোৱাৰে। এনে কাৰণত শিক্ষাৰ মান নিম্নগামী হোৱাটো স্বাভাৱিক।
(জ) পৰিদৰ্শকৰ অভাৱ :- প্ৰাথমিক স্কুলৰ সংখ্যা অনুপাতে পৰিদৰ্শকৰ সংখ্যা নিচেই তাকৰ। ফলত নিয়মিত পৰিদৰ্শন আৰু আৱশ্যকীয় পৰামৰ্শ দান কৰাটো সম্ভৱ হৈ নুঠে।
(ঝ) প্ৰশাসনিক ক্ৰটি :- প্ৰাথমিক শিক্ষাৰ প্ৰশাসনিক দুৰ্বলতা আৰু দোষ-ক্ৰটি এই ক্ষেত্ৰত এক উল্লেখযোগ্য কাৰণ বুলি ধৰিব পাৰি। ইয়াৰ ফলত চৰকাৰৰ শিক্ষা আঁচনি উপযুক্তভাৱে কাৰ্যকৰী কৰিব পৰা হোৱা নাই।
(ঞ) বাস্তৱ জীৱনৰ লগত সম্পৰ্কহীন :- প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰম বাস্তৱ জীৱনৰ লগত মিল নথকা বাবে ছাত্ৰ-ছাত্ৰীয়ে কোনো আগ্ৰহ নেদেখুৱায়। শিক্ষাৰ বিষয়বস্তু কেৱল পুথিগত হোৱা বাবে ছাত্র-ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ অসমৰ্থ হোৱা দেখা যায়।
প্ৰশ্ন ৫১। ৱাৰ্দ্ধা আঁচনি, ১৯৩৫ সম্পৰ্কে লিখা। (Write about the Wardha Scheme 1935.)
উত্তৰঃ বুনিয়াদী শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তক হ’ল জাতিৰ পিতা মহাত্মা গান্ধী। ইংৰাজ শাসনৰ সময়ত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আনিবলৈ তেওঁ চেষ্টা চলাইছিল। এজন ৰাজনৈতিক নেতা আছিল যদিও তেওঁ শিক্ষা আৰু সমাজ সংস্কাৰত অধিক গুৰুত্ব দিয়া দেখা গৈছিল। ১৮৯৩ চনতে তেওঁ দক্ষিণ আফ্ৰিকালৈ গৈছিল আৰু তাত থকাৰ সময়তেই তেওঁ বুনিয়াদী শিক্ষাৰ পৰিকল্পনা কৰিছিল। তাক কাৰ্যকৰী কৰিবলৈ তেওঁ আফ্ৰিকাৰ ট্ৰঞ্চভাল নামে ঠাইত ‘টলষ্টয় ফাৰ্ম’ স্থাপন কৰি অৱহেলিত শিশু সকলৰ শিক্ষাৰ বাবে এক পৰীক্ষামূলক ব্যৱস্থা উদ্ভাৱন কৰাৰ প্ৰচেষ্টা চলাইছিল। সুদীৰ্ঘ ২০ বছৰৰ পাছত ভাৰতলৈ আহি তেওঁ গুজৰাটত টলষ্টয় ফাৰ্মৰ আৰ্হিতে ‘সবৰমতি আশ্ৰম’ স্থাপন কৰি তাত থাকিবলৈ লয়। তেওঁ আশ্ৰমৰ শিক্ষাৰ্থীসকলক তেওঁৰ বুনিয়াদী আদৰ্শৰে শিক্ষা দিবলৈ বিচাৰিছিল। তেওঁ উল্লেখ কৰিছিল যে আমাৰ ভাৰতীয় জীৱনৰ লগত সংহতি নথকা বিদেশী চৰকাৰে প্ৰৱৰ্তন কৰা পুথিগত শিক্ষাৰ পৰিৱৰ্তন ঘটাই দেশৰ বাবে সময় উপযোগী শিক্ষা প্ৰৱৰ্তন কৰা উচিত। এই নতুন পৰিকল্পনাৰে ভাৰতৰ সাৰ্বজনীন প্ৰাথমিক শিক্ষাকো গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছিল। তেওঁৰ গভীৰ চিন্তাধাৰাৰ ফলতেই ‘ৱাৰ্দ্ধা আঁচনি বা বুনিয়াদী শিক্ষা’ৰ জন্ম হৈছিল। তেওঁৰ মতে বুনিয়াদী শিক্ষা হ’ল কামৰ মাধ্যমেৰে জীৱনৰ কাৰণে লাভ কৰা শিক্ষা। ইয়াৰ যোগেদি তেওঁ এখন শ্ৰেণীহীন, শোষণহীন সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, যিখন সমাজত থাকিব সত্য, ন্যায়, অহিংসা আৰু প্ৰেম।
১৯৩৫ চনত তেওঁ ‘ৱাৰ্দ্ধা’লৈ যায় আৰু ইয়াৰ পৰা প্ৰায় ১১ মাইল দূৰত থকা সেৱাগ্ৰাম অঞ্চলত সেৱাগ্ৰাম আশ্ৰম প্ৰতিষ্ঠা কৰি তাত থাকিবলৈ লয়। ১৯৩৭ চনত তেওঁ হৰিজন বাতৰি কাকতৰ যোগেদি বুনিয়াদী শিক্ষাই কেনেদৰে ভাৰতৰ অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তন আনিব পাৰিব সেই বিষয়ে ভাৰতৰ জনসাধাৰণক বুজাবলৈ চেষ্টা কৰিছিল। সেই একে সময়তে ১৯৩৭ চনৰ ৱাৰ্দ্ধাত অনুষ্ঠিত হোৱা ‘অখিল ভাৰতীয় জাতীয় শিক্ষা সন্মিলন’ত তেওঁ শিক্ষাৰ নতুন পৰিকল্পনাটো দাঙি ধৰে। তেওঁ এই পৰিকল্পনাটোৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ পিছত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।
সেই প্ৰস্তাৱকেইটা হ’ল :-
(ক) সকলো ল’ৰা-ছোৱালীক মাতৃভাষাৰ মাধ্যমেৰে বাধ্যতামূলকভাৱে প্ৰাথমিক শিক্ষা প্ৰদান কৰা হ’ব।
(খ) এই শিক্ষা কোনো উৎপাদনমূলক কামৰ যোগেদি দিয়াৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ দ্বাৰা শিশুৰ মানসিক শক্তিৰ বিকাশ আৰু প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।
(গ) এই শিক্ষাই শিক্ষকসকলৰ দৰমহাৰ কিছু অংশ যোগান ধৰিব পাৰিব লাগে।
(ঘ) ৬ বছৰৰ পৰা ১৪ বছৰ বয়সলৈকে ল’ৰা ছোৱালীক ৭ বছৰৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা হ’ব।
এই আটাইকেইটাৰ প্ৰস্তাৱ সেই সভাতে গৃহীত কৰা হয় আৰু ইয়াক ‘জাতীয় শিক্ষা আঁচনি’ৰূপে অভিহিত কৰা হয়।
প্ৰশ্ন ৫২। মাধ্যমিক শিক্ষাৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে লৰ্ড কাৰ্জনে কি পৰামৰ্শ আগবঢ়াইছিল ? ভাৰতীয় শিক্ষাত সেইবোৰ কিমান দূৰ কাৰ্যকৰী কৰা হৈছিল ? (What did Lord Curzon suggest for the expansion and improvement of secondary education ? How effective were they in Indian education ?)
উত্তৰঃ লৰ্ড কাৰ্জনক ভাৰতীয় শিক্ষা ব্যৱস্থাৰ শ্ৰেষ্ঠ প্ৰশাসক হিচাপে অভিহিত কৰিব পাৰি। তেওঁ ভাৰতীয় শিক্ষাৰ প্ৰতি কিছুমান স্মৰণীয় অৱদান আগবঢ়ায় থৈ গৈছে। লৰ্ড কাৰ্জনে ভাৰতীয় ভাষা, সাহিত্য, সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশ স্থাপন কৰি মাধ্যমিক স্তৰত এইসমূহ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। লৰ্ড কাৰ্জনে ভাৰতীয় শিক্ষাৰ আধুনিকীকৰণৰ ওপৰতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লৰ্ড কাৰ্জনে ভাৰতীয় শিক্ষা বিকাশৰ বাবে উদাৰ নীতিৰে চৰকাৰী অৰ্থ সাহায্য আগবঢ়ায়। তেওঁ সুন্দৰভাৱে অনুভৱ কৰিছিল যে পূৰ্বৰ প্ৰশাসনে আগবঢ়োৱা অৰ্থ সাহায্য শিক্ষা বিস্তাৰৰ বাবে যথেষ্ট নাছিল। তেওঁৰ প্ৰচেষ্টাতে কৃষি প্ৰধান ভাৰতবৰ্ষৰ কৃষি শিক্ষাৰ উচ্চ পৰ্যায়ৰ গৱেষণাকেন্দ্ৰ স্থাপন কৰি কৃষি শিক্ষাক বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানমূখী কৰি তুলিবলৈ সক্ষম হয়। শিক্ষাৰ ক্ষেত্ৰত তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধিকভাৱে জড়িত কৰি তুলিছিল। শিক্ষাৰ প্ৰতিটো দিশতে তেওঁ চৰকাৰৰ অধিকাৰ সাব্যস্ত কৰিছিল। ফলস্বৰূপে গুণগত মানদণ্ড উন্নত কৰা আৰু অনুশাসন ৰক্ষা কৰি তোলাটো সম্ভৱপৰ হৈছিল। তেওঁ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ স্তৰলৈকে সকলো দিশেৰে গুণগত মানদণ্ড উন্নত কৰি তুলিবলৈ চেষ্টা কৰিছিল। লৰ্ড কাৰ্জনক ভাৰতীয় শিক্ষা ব্যৱস্থাৰ শ্ৰেষ্ঠ প্ৰশাসক হিচাপে অভিহিত কৰিব পাৰি। তেওঁ ভাৰতীয় শিক্ষাৰ প্ৰতি কিছুমান স্মৰণীয় অৱদান আগবঢ়াই থৈ গৈছে। লৰ্ড কাৰ্জনে শিক্ষাৰ ভূমিকাৰ প্ৰতিটো দিশতেই মনোযোগ দিছিল।
কাৰ্জনৰ মাধ্যমিক শিক্ষানীতিৰ সম্প্ৰসাৰণৰ নীতিসমূহ তলত উল্লেখ কৰা হ’ল :-
(ক) শিক্ষাৰ মানদণ্ড উন্নত কৰিব লাগে।
(খ) শিক্ষক প্ৰশিক্ষণৰ বাবে প্ৰশিক্ষণ অনুষ্ঠান স্থাপন কৰি শিক্ষকক প্ৰশিক্ষণৰ বাবে উৎসাহিত কৰিব লাগে।
(গ) লৰ্ড কাৰ্জনে ভাৰতীয় ভাষা, সাহিত্য, সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশ স্থাপন কৰি মাধ্যমিক স্তৰৰ এইসমূহ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।
(ঘ) মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰম ব্যৱহাৰিক কৰি গঢ়ি তুলিব লাগে। প্ৰৱেশিকা পৰীক্ষাত উপযোগী কৰি পাঠ্যক্ৰম সংশোধন কৰিব লাগে।
(ঙ) ব্যক্তিগত উদ্যোগত চলা স্কুললৈ চৰকাৰৰ দ্বাৰা সমপৰ্যায়ৰ কৰিবৰ বাবে অধিক অৰ্থমঞ্জুৰী প্ৰদান কৰিব লাগে।
(চ) মাধ্যমিক বিদ্যালয়ত ইংৰাজী ভাষা অধ্যয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে।
(ছ) ছাত্ৰ-ছাত্ৰীৰ বাবে শৰীৰ চৰ্চা আৰু শাৰীৰিক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।
(জ) শিক্ষাৰ মাধ্যম মজলীয়া স্তৰলৈকে মাতৃভাষা কৰিব লাগে।
(ঝ) স্কুল পৰিদৰ্শকৰ মাহিলী বেতন বৃদ্ধি কৰিব লাগে যাতে তেওঁলোকৰ কৰ্ম দক্ষতা বৃদ্ধি পায়।
(ঞ) ৰাজ্যিক চৰকাৰবোৰক অধিক পৰিমাণৰ অৰ্থ সাহায্য দিব লাগে যাতে মাধ্যমিক বিদ্যালয়বোৰৰ যোগ্যতা বৃদ্ধি কৰিব পাৰে।
ভাৰতীয় শিক্ষাত সেইবোৰ কিমানদূৰ কাৰ্যকৰী কৰা হৈছিল সেই সম্পৰ্কে তলত উল্লেখ কৰা হ’ল—
(ক) লৰ্ড কাৰ্জনে ভাৰতীয় ভাষা, সাহিত্য, সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশ স্থাপন কৰি মাধ্যমিক স্তৰৰ এইসমূহ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
(খ) লৰ্ড কাৰ্জনে ভাৰতীয় শিক্ষাৰ আধুনিকীকৰণৰ ওপৰতো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(গ) লৰ্ড কাৰ্জনে ভাৰতীয় শিক্ষা বিকাশৰ বাবে উদাৰ নীতিৰে চৰকাৰী অৰ্থ সাহায্য আগবঢ়ায়। তেওঁ সুন্দৰভাৱে অনুভৱ কৰিছিল যে পূৰ্বৰ প্ৰশাসনে আগবঢ়োৱা অৰ্থ সাহায্য শিক্ষা বিস্তাৰৰ বাবে যথেষ্ট নাছিল।
(ঘ) তেওঁৰ প্ৰচেষ্টাতে কৃষি প্ৰধান ভাৰতবৰ্ষৰ কৃষি শিক্ষাৰ উচ্চ পৰ্যায়ৰ গৱেষণাকেন্দ্ৰ স্থাপন কৰি কৃষি শিক্ষাক বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানমূখী কৰি তুলিবলৈ সক্ষম হয়।
(ঙ) শিক্ষাৰ ক্ষেত্ৰত তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অধিকভাৱে জড়িত কৰি তুলিছিল। শিক্ষাৰ প্ৰতিটো দিশতে তেওঁ চৰকাৰৰ অধিকাৰ সাব্যস্ত কৰিছিল। ফলস্বৰূপে গুণগত মানদণ্ড উন্নত কৰা আৰু অনুশাসন ৰক্ষা কৰি তোলাটো সম্ভৱপৰ হৈছিল।
(চ) তেওঁ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ স্তৰলৈকে সকলো দিশৰে গুণগত মানদণ্ড উন্নত কৰি তুলিবলৈ চেষ্টা কৰিছিল।
(ছ) লৰ্ড কাৰ্জনক ভাৰতীয় শিক্ষা ব্যৱস্থাৰ শ্ৰেষ্ঠ প্ৰশাসন হিচাপে অভিহিত কৰিব পাৰি। তেওঁ ভাৰতীয় শিক্ষাৰ প্ৰতি কিছুমান স্মৰণীয় অৱদান আগবঢ়াই থৈ গৈছে। লৰ্ড কাৰ্জনে শিক্ষাৰ ভূমিকা প্ৰতিটো দিশতেই মনোযোগ দিছিল। লৰ্ড কাৰ্জনে শিক্ষাৰ ভূমিকা প্ৰতিটো দিশতেই মনোযোগ দিছিল।
(জ) লৰ্ড কাৰ্জনে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজী ভাষা অধ্যয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল, ছাত্ৰ-ছাত্ৰীৰ বাবে শৰীৰ চৰ্চা আৰু শাৰীৰিক শিক্ষাৰ ব্যৱস্থা কৰাৰ বাবে পৰামৰ্শ দিছিল আৰু শিক্ষাৰ মাধ্যম মজলীয়া স্তৰলৈকে মাতৃভাষা কৰিব লাগে বুলি কৈছিল। তেওঁৰ পৰামৰ্শৰ ভিত্তিতেই ভাৰতৰ মাধ্যমিক শিক্ষাৰ প্ৰসাৰ ঘটিছিল।
প্ৰশ্ন ৫৩। মাধ্যমিক শিক্ষা বুলিলে কি বুজা ? মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা । (What do you mean by secondary education ? Mention the goals of secondary education.)
উত্তৰঃ শিক্ষাৰ্থীৰ ১১ বছৰ বয়সৰ পৰা প্ৰায় ১৮ বয়সলৈকে সাধাৰণতে মাধ্যমিক শিক্ষাৰ কাল বুলি ধৰিব পাৰি। প্ৰাথমিক শিক্ষাৰ পিছতে যি শিক্ষা গ্ৰহণ কৰা হয় তাক মাধ্যমিক শিক্ষা বোলা হয়। এই বিদ্যালয়ত কৈশোৰকাল প্ৰাপ্ত ল’ৰা-ছোৱালীয়ে অধ্যয়ন কৰে। মাধ্যমিক শিক্ষাকাল ১১/১২ বছৰত আৰম্ভ হৈ ১৭/১৮ বছৰ বয়সত সমাপ্ত হয়।
প্ৰাথমিক শিক্ষা সম্পূৰ্ণ হোৱাৰ লগে লগে ল’ৰা-ছোৱালীৰ বুদ্ধিমত্তা, সামৰ্থ, ৰুচি আৰু কৌতুহল আদি শক্তিসমূহ জাগ্ৰত হৈ উঠিবলৈ ধৰে। পৃথিৱীৰ বস্তুবোৰৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ আৱিষ্কাৰ কৰিবলৈ ল’ৰা ছোৱালী সমৰ্থ হয়। ল’ৰা-ছোৱালী ক্ৰমে আগ্ৰহশীল হয় আৰু প্ৰাকৃতিক আৰু সামাজিক বিষয়বস্তুৰ বিষয়ে জানিবলৈ ইচ্ছুক হয়। সেয়েহে এই স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ ৰুচি, আগ্ৰহ আৰু বুদ্ধিবৃত্তি অনুযায়ী মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে।
মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ তলত আলোচনা কৰা হ’ল—
ভাৰতৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তন সাধন হোৱাৰ লগে লগে শিক্ষাৰ লক্ষ্য বা উদ্দেশ্যৰো পুনৰ নিৰ্ধাৰণ কৰাটো প্ৰয়োজন হৈ পৰিছে। সুনাগৰিকতা, উৎপাদনমুখিতা আৰু সাংস্কৃতিক বিকাশ সাধন— এই তিনিটা বৰ্তমান লোকতান্ত্রিক ভাৰতৰ শিক্ষাৰ মুখ্য প্ৰয়োজন বুলি কোৱা হয়। দেশৰ এনেবোৰ প্ৰধান প্ৰয়োজন আগত ৰাখি আয়োগে নিম্নলিখিত মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ দাঙি ধৰে।
(ক) গণতান্ত্ৰিক নাগৰিকতাৰ বিকাশ :- লোকতান্ত্রিক দেশ এখনৰ নাগৰিকৰ দায়িত্ব বৰ কঠিন। এনে দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ প্ৰতিজন লোকেই কেতবোৰ মানসিক, সামাজিক আৰু নৈতিক গুণৰ অধিকাৰী হোৱাটো প্ৰয়োজন। এনেবোৰ গুণৰাশি ব্যক্তিৰ জীৱনত উপযুক্তভাৱে বিকাশই তুলিবৰ বাবে শিক্ষা ব্যৱস্থা কৰিব লাগে। মাধ্যমিক শিক্ষাগ্ৰহণ কৰিয়েই অধিকসংখ্যক ছাত্ৰই জীৱন শেষ কৰে। সেইবাবে এই পৰ্যায়তে ছাত্ৰ-ছাত্ৰীসকলে মুকলি চিন্তা কৰিব লাগে।
গণতান্ত্ৰিক দেশত কেতবোৰ ব্যক্তিগত গুণৰ অধিকাৰী হৈ কলাত্মক জীৱন-যাপন কৰাটোও প্ৰয়োজন। তাৰ ভিতৰত অনুশাসনপ্ৰিয়তা, সহযোগিতাৰ মনোভাৱ, সংবেদনশীলতা আৰু সহিষ্ণুতা আদি গুণ বিশেষ উল্লেখযোগ্য। সমাজৰ অন্যান্য, অবিচাৰ আদিৰ প্ৰতিও ছাত্ৰ-ছাত্ৰীক সংবেদনশীল তথা সচেতন কৰি তুলিব লাগে। ইয়াৰ উপৰিও জাতি, ধৰ্ম, ভাষা-কৃষ্টি আদিৰ সংকীৰ্ণতা ভাৱ মনৰ পৰা গুচাই এক বল, উদাৰ আৰু পাৰস্পৰিক সহিষ্ণুতাৰ ভাবো ছাত্ৰৰ মনত জগাই তুলিব লাগে। বাহিৰৰ সমাজখনত যোগ্য নাগৰিকতা লাভৰ বাবে স্কুলতেই এনেবোৰ গুণৰাশিৰ উপযুক্ত শিক্ষা আৰু অনুশীলন কৰিব লাগে।
(খ) প্ৰকৃত দেশপ্ৰেমৰ মনোভাৱ :- মাধ্যমিক শিক্ষাৰ অন্য এক উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ মনত নিজ দেশৰ প্ৰতি গভীৰ ভালপোৱাৰ ভাৱৰ সৃষ্টি কৰাটো। প্ৰকৃত দেশপ্ৰেমৰ তিনিটা বৈশিষ্ট্য থাকে, যেনে—-
(i) দেশৰ সামাজিক আৰু সাংস্কৃতিক বিষয়সমূহ গভীৰভাৱে উপলব্ধি কৰা।
(ii) দেশৰ দুৰ্বলতাসমূহ নিঃসংকোচভাৱে স্বীকাৰ কৰা আৰু
(iii) তাক দূৰীকৰণৰ বাবে নিজৰ সৰ্বশক্তি আৰু যোগ্যতাৰে সেৱা কৰা। দেশপ্ৰেমৰ এই তিনিটা অৰ্থ কাৰ্যকৰী কৰাটো মাধ্যমিক স্কুলৰ প্ৰধান কৰ্তব্য।
(গ) ব্যৱসায়িক যোগ্যতাৰ উন্নতি :- উৎপাদন আৰু বৃদ্ধিৰ বাবে ছাত্ৰক ব্যৱসায়িক আৰু কাৰিকৰী যোগ্যতা দান কৰাটো মাধ্যমিক শিক্ষাৰ অন্য এক প্ৰধান উদ্দেশ্য। ব্যক্তিৰ নিজস্ব আৰ্থিক অভাৱ পূৰণৰ লগতে দেশৰ সামূহিক উন্নতিও এনে উৎপাদনৰ দ্বাৰা সম্ভৱ হৈ উঠিব পাৰে। সকলোবোৰ স্কুলতে হস্তশিল্প আৰু উৎপাদনমূখী কাৰ্যৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। এনে কৰ্ম-অভিজ্ঞতা লাভৰ যোগেদি ছাত্ৰসকলে মাধ্যমিক শিক্ষাৰ শেষত নিজ নিজ ব্যৱসায় গ্ৰহণ কৰিব পাৰে।
(ঘ) ব্যক্তিগত বিকাশ :- মাধ্যমিক শিক্ষাৰ অন্যতম লক্ষ্য হৈছে ব্যক্তিত্বৰ বিকাশ সাধন কৰা। ছাত্ৰৰ ব্যক্তিত্বত থকা সৃষ্টিশীল শক্তি ক্ষমতা আদিৰ প্ৰকাশ আৰু বিকাশ লাভত শিক্ষাই সহায় কৰিব লাগে। ছাত্ৰৰ মনত যাতে সুন্দৰ ৰুচিবোধ গঢ়ি উঠে আৰু তাৰ ৰচনাত্মক বিকাশ সাধন হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ইয়াৰ বাবে কলা, হস্তশিল্প, সংগীত, নৃত্য আৰু প্রিয় ৰুচি আদি বিষয়বোৰ পাঠ্যক্ৰমত স্থান দিব লাগে। ইয়াৰ যোগেদিহে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু তাৰ উপযুক্ত বিকাশ সাধন কৰাটো সম্ভৱ হৈ উঠিব পাৰে।
(ঙ) নেতৃত্বৰ শিক্ষা :- গণতান্ত্ৰিক দেশৰ নাগৰিকক নেতৃত্বৰ শিক্ষাদান কৰাটো অতি প্ৰয়োজনীয়। মাধ্যমিক শিক্ষাৰ পিছত বহুতো ছাত্ৰ-ছাত্রীৰে নিয়মিত শিক্ষা জীৱনৰ ওৰ পৰে। তেওঁলোকে সমাজলৈ ঘূৰি গৈ নানা সামাজিক ক্ৰিয়া আৰু দায়িত্বত অংশগ্ৰহণ কৰিব লাগে। সেইবাবে মাধ্যমিক স্কুলতেই তেওঁলোকক সমাজৰ দায়িত্ব আৰু নেতৃত্ব গ্ৰহণৰ শিক্ষা-অভিজ্ঞতা তথা যোগ্যতা লাভ কৰিব লাগে।
(চ) সমীক্ষা :- আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ লক্ষ্য বা উদ্দেশ্যসমূহ যে বৰ্তমানৰ সময়ৰ বাবেও অতি উপযোগী তাত সন্দেহ নাই। স্বাধীন দেশ এখনৰ উন্নত শিক্ষা আদৰ্শ আৰু পদ্ধতিৰ সন্ধান দিবৰ বাবেই মাধ্যমিক শিক্ষা আয়োগ মূলতঃ গঠিত হৈছিল। এনে উদ্দেশ্য পূৰণ কৰাত এই আয়োগ কৃতকাৰ্য হৈছে বুলি ক’ব পাৰি। শিক্ষাৰ লক্ষ্য সম্বন্ধে আগবঢ়োৱা পৰামৰ্শাৱলীত গণতান্ত্ৰিক দেশৰ নাগৰিকৰ আশা-আকাঙ্খা আদি ভালদৰে প্ৰতিফলিত হৈছে। সুনাগৰিকতা, অৰ্থনৈতিক উন্নতি আৰু সাংস্কৃতিক বিকাশ, এই তিনিটা দিশতেই আয়োগে বিশেষ গুৰুত্ব দিছে। ভাৰতীয় সমাজৰ দোষ-ক্রটি, অভাৱ-অভিযোগ আৰু শিক্ষাৰ প্ৰয়োজনীয়তা আদি ভালদৰে উপলব্ধি কৰিব পাৰিছে। সেয়েহে আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ বাস্তৱ ধৰণৰ আৰু শিক্ষাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনাকাৰী বুলি ক’ব পাৰি।
প্ৰশ্ন ৫৪। ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ নিযুক্তি আৰু কার্য পৰিসৰ সম্পৰ্কে বৰ্ণনা কৰা। (Describe the scope of work of the Commission and the appointment of secondary education in 1952-53.)
উত্তৰঃ কেন্দ্ৰীয় শিক্ষা উপচেষ্টা পৰিষদে ১৯৪৮ চনতেই দেশৰ মাধ্যমিক শিক্ষাৰ পৰিস্থিতি পৰীক্ষা কৰি ইয়াৰ পুনৰ সংগঠন আৰু বিকাশ সাধনৰ বাবে আয়োগ গঠনৰ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱ ১৯৫১ চনত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পুনৰ উত্থাপন কৰে। ইয়াৰ ফলস্বৰূপে ১৯৫২ চনত ২৩ ছেপ্টেম্বৰত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হয়। সেই সময়ৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ লক্ষ্মণ স্বামী মুডালিয়াৰক আয়োগৰ অধ্যক্ষ স্বৰূপে নিযুক্ত কৰা হয়। ইয়াৰ মুঠ ৯ জন সদস্যৰ ভিতৰত ইংলেণ্ড আৰু আমেৰিকাৰ দুজন শিক্ষা বিশেষজ্ঞ অন্তৰ্ভুক্ত কৰা হয়। তেওঁলোক হৈছে যথাক্ৰমে ‘জন খৃষ্টি’ আৰু ‘কেনেঠ ৰাষ্ট্ৰ উইলিয়ামচ’। ভাৰতীয় সদস্যসকল হৈছে— শ্ৰীমতী হংস মেহতা, জে. এ. তাৰাপোৰৱালা, কে.এল. শ্ৰীমালী, এম. টি. ব্যাস, কে.জি. চায়াদেইন আৰু এন. এন. বসু। এই আয়োগলৈ দেশৰ প্ৰায় সকলোবোৰ ৰাজ্যৰ পৰাই সদস্য নিৰ্বাচন কৰা হৈছিল। অসমৰ পৰাও সেই সময়ৰ স্কুল পৰিদৰ্শক শ্ৰী সুৰেশ চন্দ্ৰ ৰাজখোৱাই প্ৰতিনিধিত্ব কৰিছিল। আয়োগে সমগ্র দেশৰ পৰা প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি প্রায় তিনিশ পৃষ্ঠা জোৰা প্ৰতিবেদন প্ৰস্তুত কৰে আৰু ১৯৫৩ চনৰ ২৫ আগষ্টত চৰকাৰৰ হাতত প্ৰদান কৰে।
আয়োগৰ কার্য পৰিসৰ :- আয়োগক দিয়া দায়িত্ব অনুসৰি এই আয়োগ গঠনৰ উদ্দেশ্যসমূহ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি—
(ক) ভাৰতৰ মাধ্যমিক শিক্ষাৰ বৰ্তমান অৱস্থাৰ সকলো দিশৰ সম্বন্ধে অনুসন্ধান কৰা আৰু প্ৰতিবেদন প্ৰস্তুত কৰা।
(খ) শিক্ষাৰ লক্ষ্য, উদ্দেশ্য সম্বন্ধে, ইয়াৰ সংগঠন সম্বন্ধে আৰু অধ্যয়নৰ উপাদান সম্বন্ধে পুনৰ সংগঠন কৰা।
(গ) প্ৰাথমিক, বুনিয়াদী আৰু উচ্চ শিক্ষাৰ লগত এই পৰ্যায়ৰ শিক্ষাৰ সম্বন্ধ স্থাপন কৰা।
(ঘ) বিভিন্ন ধৰণৰ মাধ্যমিক স্কুলৰ মাজত প্ৰয়োজনীয় সম্বন্ধ স্থাপন কৰা।
(ঙ) আন আন পাৰস্পৰিক সম্বন্ধে যুক্তি বিষয়ৰ অধ্যয়ন কৰা।
প্ৰশ্ন ৫৫। ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ ওপৰত নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ কি কি ? (What are the goals set by the Secondary Education Commission in 1952-53 ? )
উত্তৰঃ ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ লক্ষ্য স্থিৰ কৰাৰ ক্ষেত্ৰত আয়োগে প্ৰথমেই উল্লেখ কৰে যে, দেশৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে কেতবোৰ নতুন সমস্যাই দেখা দিছে। সেয়ে তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকৰ উদ্দেশ্য প্রতিটো পৰ্যায়ৰ বাবে পুনৰ সাৱধানে পৰীক্ষা কৰাটো আৰু তাৰ পুনৰ নিৰ্ধাৰণ কৰাটো প্ৰয়োজন হৈ পৰিছে।
গণতান্ত্ৰিক ভাৰতৰ শিক্ষাৰ প্ৰয়োজন :- আয়োগে লক্ষ্যৰ পুনৰ গঠনৰ দিশত ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনৰ শিক্ষাৰ প্রয়োজনৰ প্ৰতি আমাৰ প্ৰথমেও দৃষ্টি আকৰ্ষণ কৰে।
গণতান্ত্ৰিক দেশ স্বৰূপে দেশৰ শিক্ষাৰ প্ৰধান তিনিটা প্ৰয়োজন অনুসৰিহৈছে—
(ক) গণতান্ত্ৰিক দায়িত্ব পালন কৰিব পৰাকৈ ছাত্ৰসকলৰ অভ্যাস, মনোভাৱ আৰু চৰিত্ৰৰ প্ৰয়োজনীয় গুণসমূহ বিকাশই তুলিব লাগে।
(খ) দেশৰ জাতীয় সম্পদ বিকাশ কৰি আৰু সৰ্বসাধাৰণ লোকৰ জীৱনৰ মানদণ্ড উন্নত কৰি তুলিব পৰাকৈ উৎপাদন ক্ষমতা বৃদ্ধি কৰি তুলিব লাগে।
(গ) সাংস্কৃতিক পুনৰ জাগৰণ কৰিব পৰাকৈ শিক্ষাব্যৱস্থা পুনৰ সংগঠন কৰি তুলিব লাগে। ভাৰতীয় শিক্ষাৰ সন্দৰ্ভত উক্ত তিনিটা বহল দিশৰ প্ৰয়োজনৰ দৃষ্টি আগত ৰাখি আয়োগে লক্ষ্যৰ পৰামৰ্শসমূহ নিম্নলিখিতভাৱে আগবঢ়াব।
গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধন :- গণতান্ত্ৰিক দেশৰ সু-নাগৰিক গঢ় দি তোলাটো মাধ্যমিক শিক্ষাৰ এক প্ৰত্যাহ্বানমূলক দায়িত্ব। এই উদ্দেশ্য সাধনৰ বাবে আয়োগে নিম্নোক্ত ধৰণে মত দিয়ে—
(ক) গণতান্ত্ৰিক শিক্ষাৰ প্ৰথম চৰ্ত হৈছে—চিন্তাৰ মুক্ততা আৰু নতুন ধ্যান-ধাৰণা গ্ৰহণৰ ক্ষমতা বিকাশই তোলা। শিক্ষাই ছাত্ৰসকলক এক বিজ্ঞান ভিত্তিক আৰু বস্তুনিষ্ঠ মনোভাৱ গঢ় দি তুলিব লাগে।
(খ) গনতন্ত্ৰক কৃতকাৰ্য কৰি তুলিবৰ কাৰণে চিন্তাৰ স্পষ্টতা, কথন আৰু লিখনৰ মুক্ততা অতিশয় প্ৰয়োজনীয়। মাধ্যমিক শিক্ষাই ছাত্ৰসকলৰ মাজত মুক্ত আলোচনা আৰু ধ্যান-ধাৰণাৰ বিনিময় কৰিব পৰা অৱস্থাৰ সৃষ্টি কৰিব লাগে।
(গ) গণতান্ত্ৰিক শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য হৈছে প্ৰতিজন লোকৰ ব্যক্তিত্বৰ পূৰ্ণ আৰু সামগ্ৰিক বিকাশৰ সুবিধা দিব পৰাটো।
(ঘ) মাধ্যমিক শিক্ষাই ছাত্ৰসকলৰ মনত প্ৰকৃত দেশপ্ৰেমৰ ভাব গঢ়ি তুলিব পাৰিব লাগে।
বৃত্তীয় বিকাশৰ যোগ্যতা :- গণতান্ত্ৰিক ছাত্ৰসকলৰ বৃত্তীয় আৰু কাৰিকৰী শিক্ষাৰ যোগেদি উৎপাদন ক্ষমতা বৃদ্ধি কৰি তোলা।
এই দিশত আয়োগৰ পৰামৰ্শ নিম্নলিখিত ধৰণৰ—
(ক) মাধ্যমিক শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ সৃজনী প্ৰতিভা প্ৰকাশ কৰি তুলিব লাগে।
(খ) কলা, হস্তশিল্প, সংগীত, নৃত্য, অৱসৰ সময়ৰ প্রিয় কাম বা ‘হবি’ আদি মাধ্যমিক স্কুলৰ পাঠ্যক্ৰমত স্থান দিব লাগে।
(গ) ছাত্ৰসকলৰ সংবেদনশীল মনৰ বিকাশ সাধন কৰি তুলিবৰ বাবে স্বাধীনতাৰ ভিত্তিত শিক্ষা সুসংগঠিত হ’ব লাগে আৰু ইয়াৰ পৰিসৰো বহলাই তুলিব লাগে।
নেতৃত্বৰ শিক্ষা :- আয়োগ ছাত্ৰৰ নেতৃত্ব প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি তলৰ পৰামৰ্শবোৰ আগবঢ়ায়—
(ক) মাধ্যমিক শিক্ষাই ইয়াৰ লক্ষ্য আৰু আদৰ্শৰ ফালৰ পৰা এক স্বয়ং সম্পূৰ্ণ শিক্ষা পৰ্যায় স্বৰূপে বিবেচনা কৰিব লাগে।
(খ) গণতন্ত্ৰৰ সুস্থ কাৰ্যকৰীকৰণৰ বাবেই এই মাধ্যমিক পৰ্যায়ত অনুশাসন আৰু নেতৃত্বৰ শিক্ষা দিয়াটো বিশেষ প্ৰয়োজন।
(গ) মাধ্যমিক পৰ্যায়ৰ ছাত্ৰসকলে তেওঁলোকৰ নিজ নিজ অঞ্চল আৰু সম্প্ৰদায়ৰসমূহৰ মাজত সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত নেতৃত্ব দিব লাগে।
(ঘ) তেওঁলোকে নাগৰিক আৰু বৃত্তীয় যোগ্যতা আৰু চৰিত্ৰৰ গুণসমূহ আহৰণ কৰি জাতীয় জীৱন উন্নত কৰি তুলিব পাৰিব লাগে।
প্ৰশ্ন ৫৬। উচ্চ মাধ্যমিক স্তৰত শিক্ষাৰ বহুমুখী পাঠ্যক্ৰম সম্বন্ধে মুডালিয়াৰ আয়োগৰ পৰামৰ্শৱলী কি ? আলোচনা কৰা। (What are the recommendations of the Mudaliar Commission on the multifaceted curriculum of higher secondary education?)
উত্তৰঃ মুডালিয়াৰ আয়োগৰ মতে মাধ্যমিক স্কুলৰ পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতে সাধাৰণভাৱে চাব লাগে যাতে এই পাঠ্যক্ৰম দুভাগত ভগোৱা হয়। অৰ্থাৎ মজলীয়া স্কুল বা উচ্চ বুনিয়াদী স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক ধৰণৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিক স্কুলৰ বাবে আন এক ধৰণৰ পাঠ্যক্ৰম।
উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্কুলৰ পাঠ্যক্ৰম :-
(ক) ছাত্ৰ-ছাত্ৰীৰ মনত বিশেষ আগ্ৰহ অভিৰুচি আদি জগাই তোলাটো এই পৰ্যায়ৰ পাঠ্যক্ৰমৰ প্ৰধান কৰ্তব্য।
(খ) বৃত্তীয় শিক্ষা প্ৰদানৰ ব্যৱস্থাও পাঠ্যক্ৰমত থাকিব লাগে। অৱশ্য এই শিক্ষা সংকীৰ্ণ অর্থত নলৈ ছাত্ৰৰ মনত বৃত্তীয় শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগে।
(গ) এই পৰ্য্যায়ৰ প্ৰথম বছৰত কিছু পৰিমাণে সাধাৰণ বিষয়সমূহৰ প্ৰদানৰ ব্যৱস্থা থাকিব লাগে। দ্বিতীয় বছৰতহে পাঠ্যক্ৰমত বিশেষ বিষয় অন্তৰ্ভুক্ত কৰিব লাগে।
(ঘ) উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্কুলৰ সকলো ছাত্ৰই কেতবোৰ মৌলিক বিষয়ৰ অধ্যয়ন কৰিব লাগে। বিভাজিত পাঠ্য বিষয়ৰ লগতে এনে বিষয়ৰ অধ্যয়ন বাধ্যতামূলক হ’ব লাগে। আয়োগে মৌলিক আৰু বিভাজিত পাঠ্যক্ৰমৰ বিষয় তালিকা নিম্নলিখিতভাৱে নিৰ্ধাৰণ কৰে।
মৌলিক বিষয়সমূহ (সকলো ছাত্ৰৰ গ্রহণযোগ্য) :-
ভাষা :- (ক) মাতৃভাষা বা আঞ্চলিক ভাষা অথবা মাতৃভাষা আৰু এটা পৌৰাণিক ভাষাৰ যুটীয়া অধ্যয়ন।
(খ) যিকোনো এটা ভাষা নিৰ্বাচন :-
(i) অহিন্দী ভাষাৰ বাবে নিৰ্বাচন।
(ii) মজলীয়া স্কুলত ইংৰাজী নপঢ়াসকলৰ বাবে সাধাৰণ ইংৰাজী।
(iii) মজলীয়া স্কুলত ইংৰাজী পঢ়াসকলৰ বাবে বিশেষ ইংৰাজী।
(iv) হিন্দীৰ বাহিৰে এটা আধুনিক ভাৰতীয় ভাষা।
(v) ইংৰাজীৰ বাহিৰে এটা আধুনিক বিদেশী ভাষা।
(vi) এটা পৌৰাণিক ভাষা।
(গ) সামাজিক অধ্যয়ন :- প্ৰথম দুবছৰৰ বাবে সাধাৰণ পাঠ্যক্ৰম।
(ঘ) সাধাৰণ বিজ্ঞান :- প্ৰথমে দুবছৰৰ বাবে আৰু গণিত।
(ঙ) হস্তশিল্প :- যিকোনো এটা নিৰ্বাচন :- বোৱা-কটা, কাঠৰ কাম, ধাতুৰ কাম, বাগান পৰিচালনা, দৰ্জীৰ কাম, মুদ্ৰালিখন, কাৰখানাৰ কাম, চিলাই কৰা আৰু গুঠা মডেল তৈয়াৰ কৰা।
বিভাজিত পাঠ্যক্ৰম :- (নিম্নলিখিত এটা শাখাৰ পৰা যিকোনো তিনিটা বিষয়ৰ নিৰ্বাচন)
(ক) মানৱীয়তা :-
(i) প্ৰাচীন ভাষা।
(ii) বুৰঞ্জী।
(iii) ভূগোল।
(iv) অৰ্থনৈতিক আৰু পৌৰবিদ্যা।
(v) মনোবিজ্ঞান আৰু তর্কবিজ্ঞান।
(vi) গণিত।
(vii) সংগীত।
(viii) গাৰ্হস্থ্য বিজ্ঞান।
(খ) বিজ্ঞান :-
(i) পদাৰ্থ বিদ্যা।
(ii) ৰাসায়ন বিদ্যা।
(iii) জীৱ বিদ্যা।
(iv) ভূগোল।
(v) গণিত।
(vi) শৰীৰ বিদ্যা আৰু স্বাস্থ্য ৰক্ষা।
(গ) কাৰিকৰী বিষয় :-
(i) প্ৰায়োগিক গণিত আৰু জ্যামিতি।
(ii) প্ৰায়োগিক বিজ্ঞান।
(iii) সাধাৰণ অভিযান্ত্ৰিক বিদ্যা।
(iv) বিদ্যুৎ বিষয়ক সাধাৰণ অভিযান্ত্ৰিক বিদ্যা।
(ঘ) বাণিজ্য :-
(i) ব্যৱহাৰিক বাণিজ্য।
(ii) বুক কিপিং।
(iii) বাণিজ্যিক ভূগোল অথবা অৰ্থনীতি আৰু পৌৰবিদ্যা।
(iv) মুদ্ৰালিখন আৰু চৰ্টহেগু।
(ঙ) কৃষি :-
(i) সাধাৰণ কৃষি।
(ii) পশু পালন।
(iii) উদ্যান পালন।
(iv) কৃষি ৰসায়ন আৰু উদ্ভিদ বিদ্যা।
(চ) সুকুমাৰ কলা :-
(i) কলাৰ বুৰঞ্জী।
(ii) চিত্ৰাংকন আৰু নক্সা ৰচনা বিদ্যা।
(iii) ৰঙীন চিত্ৰাংকন।
(iv) মডেল তৈয়াৰ কৰা।
(v) সংগীত।
(vi) নৃত্য।
(ছ) গাৰ্হস্থ্য বিজ্ঞান :-
(i) গৃহ অৰ্থনীতি।
(ii) পুষ্টি বিজ্ঞান আৰু ৰন্ধন বিদ্যা।
(iii) মাতৃশিল্প আৰু শিশু পালন।
(iv) গৃহ পৰিচালনা আৰু শুশ্ৰূষা।
বিভাজিত পাঠ্যক্ৰমত উল্লেখ কৰা সাতোটা শাখাৰ যিকোনো এটাৰ পৰা তিনিটা অন্তৱৰ্তী বিষয় ছাত্ৰই বাচি ক’ব পাৰে। ইয়াৰ উপৰিও ইচ্ছা অনুযায়ী ছাত্ৰই উল্লেখিত যিকোনো এটা শাখাৰ পৰা যিকোনো এটা বিষয় অতিৰিক্তভাৱে অধ্যয়নৰ ব্যৱস্থা ৰখা হৈছে।