Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী

Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী Question Answer can be of great value to excel in the examination.

Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী

Join Telegram channel

Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী Notes cover all the exercise questions in UGC Syllabus. Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী

EDUCATION

EMERGING TRENDS IN INDIAN EDUCATION

(ভাৰতীয় শিক্ষাৰ উদীয়মান প্ৰৱণতা)

অতি চমু প্রশ্নোত্তৰঃ

১। মহিলা_____নাৰীক সঠিক সময়ত, সঠিক সিদ্ধান্ত ল’ব পৰাকৈ সক্ষম কৰি তোলা। (Women_____, Empower women to make the right decisions at the right time, in the right place.)

উত্তৰঃ সৱলীকৰণ।

২। ১৯৯২ চনৰ বিশ্বশীৰ্ষ সন্মিলন______ত অনুষ্ঠিত হৈছিল।  (The 1992 World Summit was held in______.)

উত্তৰঃ ব্ৰাজিলৰ ৰিউ ডি জেনেৰোত।

৩। আন্তঃৰাষ্টীয় পৰিৱেশ শিক্ষা সন্মিলন অনুষ্ঠিত হয়______চনত যুগোশ্লোভিয়াৰ বেলগ্ৰেডত। (The International Conference on Environmental Education was held______Belgrade, Yugoslavia.)

উত্তৰঃ ১৯৭৫ চনত। 

৪। মহিলা সৱলীকৰণ মানে কি ? (What does women empowerment mean ?)

উত্তৰঃ মহিলাসকলক সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক, শৈক্ষিক আদি দিশত সচেতন কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম কৰি তোলা।

৫। মহিলা সৱলীকৰণৰ এটা উদ্দেশ্য উল্লেখ কৰা। (Mention a purpose of women empowerment.)

উত্তৰঃ লিংগ বৈষম্য দূৰ কৰা।

৬। ‘নাৰীৰ বাবে ৰাষ্ট্ৰীয় আয়োগ’ কেতিয়া গঠন কৰা হৈছিল ? (When was the “National Commission for Women” Formed)

উত্তৰঃ ১৯৯২ চনৰ জানুৱাৰী মাহত। 

৭। দূৰত্ব শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সম্বন্ধ স্থাপন কৰা ব্যৱস্থাটোৰ নাম কি ? (What is the name of the system that establishes the relationship between teacher and student in distance education system ?)

উত্তৰঃ দূৰত্ব শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সম্বন্ধ স্থাপন কৰা ব্যৱস্থাটোৰ নাম পৰোক্ষ পদ্ধতি।

৮। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ? (What is the name of the largest open university in the world ?)

উত্তৰঃ চীনৰ টেলিভিচন মুক্ত বিশ্ববিদ্যালয়।

৯। পৃথিৱীৰ দ্বিতীয় ডাঙৰ বিশ্ববিদ্যালয়খনৰ নাম কি ? (What is the name of the second largest university in the world ?)

উত্তৰঃ ইন্দ্ৰিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়।

১০। দিল্লী বিশ্ববিদ্যালয়ে কোন বছৰত যোগাযোগ পাঠ্যক্ৰম আৰম্ভ কৰিছিল ? (In which year did Delhi University start communication course ?)

উত্তৰঃ ১৯৬২ চনত।

১১। দূৰত্ব শিক্ষাৰ ধাৰণাটো কোনখন দেশে প্ৰথমতে প্ৰৱৰ্তন কৰিছিল ? (In which country was the concept of distance education first introduced ?)

উত্তৰঃ ইটালী।

১২। SLM অৰ অৰ্থ কি ? (What does SLM mean?)

উত্তৰঃ Self Learning Material.

১৩। দূৰত্ব শিক্ষণক কোনে “টেলিমেটিক” শিক্ষণ বুলি আখ্যা দিছিল ? (Who called distance education ‘telematic’ education ?)

উত্তৰঃ মূৰে (Moore)।

১৪। যোগাযোগ পাঠ্যসূচীত যোগাযোগৰ মাধ্যম কি ? (What is the medium of communication in the communication curriculum ?)

উত্তৰঃ ছপা সামগ্ৰী, লিখিত টোকা, চিঠি-পত্ৰ ইত্যাদি।

১৫। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল ? (In which year was the Indira Gandhi National Open University established ?)

উত্তৰঃ ১৯৮৫ চনত।

১৬। দূৰত্ব শিক্ষা মানে কি ? (What does distance education mean ?)

উত্তৰঃ দূৰৱৰ্তী শিক্ষা বা দূৰ শিক্ষা বুলিলে দূৰৰ পৰা প্ৰদান কৰা শিক্ষাক বুজা যায়। গতানুগতিক শিক্ষাতকৈ এই শিক্ষাৰ ব্যৱস্থা পৃথক ধৰণৰ হয়।

১৭। যোগাযোগ শিক্ষাক কিয় ডাকযোগে শিক্ষা বুলি জনা যায় ? (Why is communication education known as postal education ?)

উত্তৰঃ যোগাযোগ শিক্ষাত বিদ্যালয়ত উপস্থিত নথকাকৈয়ে ডাকযোগে প্ৰেৰণ কৰা ছপা শিক্ষণ সামগ্ৰীৰ ওপৰত ভিত্তি কৰি শিক্ষা লাভ কৰিব পৰা যায় বাবে যোগাযোগ শিক্ষাক ডাকযোগে শিক্ষা বুলি জনা যায়।

১৮। যোগাযোগ শিক্ষাৰ উৎপত্তি সম্পৰ্কে লিখা। (Write about the origins of communication education.)

 উত্তৰঃ ১৮৪০ চনত যোগাযোগ শিক্ষাৰ ধাৰণাটো প্ৰথমে আইজাক পিটমেনে ব্যৱহাৰ কৰিছিল। ১৯৫৮ চনত জাৰ্মানীত ডাকযোগে ভাষা শিক্ষাৰ বাবে Charles Toussaint নামৰ লোক এজনে প্ৰথমখন স্কুল স্থাপন কৰিছিল। ভাৰতবৰ্ষত  ১৯৬২ চনত ডাকযোগে শিক্ষা ব্যৱস্থা দিল্লীত আৰম্ভ হয়।

১৯। জনসংখ্যা শিক্ষাৰ এটা সংজ্ঞা দিয়া। (Give a definition of population education.)

 উত্তৰঃ গোপাল ৰাওৰ মতে—’জনসংখ্যা শিক্ষা হ’ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে শিক্ষাৰ্থীসকল অৱগত হ’ব পৰে আৰু যাৰ দ্বাৰা তেওঁলোকে এই সম্পৰ্কত যুক্তি সংগত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

২০। জনসংখ্যা শিক্ষাৰ এটা উদ্দেশ্য উল্লেখ কৰা। (Mention a purpose of population education.)

উত্তৰঃ শিক্ষাৰ্থীক বৰ্তমান বিশ্বৰ জনসংখ্যাৰ পৰিস্থিতি সম্পৰ্কে অৱগত কৰা।

২১। জনসংখ্যা শিক্ষাৰ লগত যৌন শিক্ষাৰ সম্পৰ্ক আছে নে নাই ? (Does sex education have anything to do with population education ?)

উত্তৰঃ সম্পৰ্ক আছে।

২২। প্ৰথম প্ৰজন্মৰ মানৱ অধিকাৰৰ এটা উদাহৰণ দিয়া। (Give an example of first generation human rights.)

উত্তৰঃ ব্যক্তিৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ।

২৩। দ্বিতীয় প্ৰজন্মৰ মানৱ অধিকাৰৰ এটা উদাহৰণ দিয়া। (Give an example of second generation human rights.)

উত্তৰঃ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ।

২৪। তৃতীয় প্ৰজন্মৰ মানৱ অধিকাৰৰ উদাহৰণ দিয়া। (Give an example of third generation human rights.)

উত্তৰঃ সমূহীয়া অধিকাৰবিলাক যেনে :- বিশ্বৰ নাৰী মুক্তিৰ আন্দোলন, শিশুৰ অধিকাৰৰ হকে গঢ়ি উঠা জনমত।

২৫। মানৱ অধিকাৰৰ প্ৰথম আন্তঃৰাষ্টীয় দলিল বুলি কাক কোৱা হয় ? (Who is said to be the first international document of human rights ?)

উত্তৰঃ মেগনাকাৰ্টা (১২১৫ চন)।

২৬। জনসাধাৰণৰ মৌলিক অধিকাৰৰ ধাৰণা প্ৰথমে কোনখন ঘোষণাপত্ৰত অন্তৰ্ভুক্ত কৰা হৈছিল ? (The concept of fundamental rights of the people was first introduced in which manifesto ?)

উত্তৰঃ ১৭৭৬ চনৰ আমেৰিকাৰ ভাৰ্জিনিয়া ঘোষণাপত্ৰত। 

২৭।ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰে ? (When did the United Nations form the Human Rights Commission ?)

উত্তৰঃ ১৯৪৬ চনত।

২৮। ৰাষ্ট্ৰসংঘই কেতিয়া সাৰ্বজনীন মানৱ অধিকাৰৰ ঘোষণাপত্ৰ গৃহীত কৰে ? (When did the United Nations adopt the Universal Declaration of Human Rights ?)

উত্তৰঃ ১৯৪৮ চনৰ ১০ ডিচেম্বৰ।

২৯। “মানৱ অধিকাৰ দিৱস” কোনটো দিনত পালন কৰা হয় ? (On which day is ‘Human Rights Day’ celebrated ?)

উত্তৰঃ ১০ ডিচেম্বৰত।

৩০। ৰুছোৱে তেওঁৰ কোনখন গ্ৰন্থত অধিকাৰ ধাৰণাৰ বিষয়ে উল্লেখ কৰিছে ? (In which of his texts did Russ mention the concept of rights ?)

উত্তৰঃ “The Social Contract”.

৩১। মানৱ অধিকাৰ সম্পৰ্কীয় সাৰ্বজনীন ঘোষণাপত্ৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে কেতিয়া গ্ৰহণ কৰে ? (When did the UN General Assembly adopted the Universal Declaration of Human Rights ?)

উত্তৰঃ ১৯৪৮ চনৰ ১০ ডিচেম্বৰত।

৩২। NAEP ৰ সম্পূৰ্ণ অৰ্থটো কি ? (What is the full meaning of NAEP ?)

উত্তৰঃ National Adult Education Programs (ৰাষ্ট্ৰীয় প্ৰাপ্তবয়স্ক শিক্ষা আঁচনি)।

৩৩। ৰাষ্ট্ৰীয় প্ৰাপ্ত বয়স্ক শিক্ষা আঁচনিৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention a feature of the National Adult Education Scheme.)

উত্তৰঃ নিৰক্ষৰ প্ৰাপ্ত বয়স্ক লোকসকলৰ প্ৰয়োজন আৰু পৰিৱেশ অনুযায়ী ইয়াৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা।

৩৪। ৰাষ্ট্ৰীয় প্ৰাপ্তবয়স্ক শিক্ষা আঁচনিৰ এটা উদ্দেশ্য উল্লেখ কৰা। (Mention a purposes of the National Adult Education Scheme.)

উত্তৰঃ মাতৃভাষাৰ যোগেদি লিখিব, পঢ়িব আৰু গণনা কৰিব পৰাকৈ সাক্ষৰ কৰি তোলা।

৩৫। ৰাষ্ট্ৰীয় প্ৰাপ্ত বয়স্ক শিক্ষা আচঁনিয়ে কোনখিনি লোকক শিক্ষা প্ৰদান কৰে। (The National Adult Education Scheme provide education to which people ?)

উত্তৰঃ ১৫-৩৫ বছৰৰ ভিতৰত নিৰক্ষৰ লোকসকলক।

৩৬। ৰাষ্ট্ৰীয় প্ৰাপ্ত বয়স্ক শিক্ষা আঁচনিৰ দায়িত্ব কোনে বহন কৰে ? (Who is responsible for the National Adult Education Scheme ?) 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে সামগ্ৰিক দায়িত্ব বহন কৰে।

৩৭। দূৰত্ব শিক্ষণত ব্যৱহৃত হোৱা তিনিটা আধুনিক কাৰিকৰী সঁজুলি উল্লেখ কৰা। (Mention three modern functional elements stated in distance education.)

উত্তৰঃ কম্পিউটাৰ, অনাতাঁৰ আৰু দূৰদৰ্শন, টেপ ৰেকৰ্ডাৰ।

৩৮। পৰিৱেশ মানে কি ? (What does the environment mean ?)

উত্তৰঃ ‘পৰিৱেশ হৈছে এক জটিল আৰু সামগ্ৰিক বিধৰ অৰ্থবহনকাৰী শব্দ। বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা য’ত সকলোবোৰ জৈৱিক আৰু অজৈৱিক উপাদান বৰ্তি থাকে সেয়ে পৰিৱেশ।

৩৯। পৰিৱেশ শিক্ষা কি ? (What is environmental education ?)

উত্তৰঃ পৰিৱেশ শিক্ষা বুলিলে প্ৰকৃতি আৰু পৰিৱেশক মানুহে প্ৰবৃত্তিমূলক আৰু নিৰ্বোধভাৱে কৰা ধ্বংস কাৰ্যক ৰোধ কৰাৰ প্ৰয়োজনীয় শিক্ষাকেই আমি বুজো। পৰিৱেশ শিক্ষা হৈছে পৰিৱেশ ৰক্ষা কৰিবৰ বাবে থকা লক্ষ্যৰ কাৰ্যকৰীকৰণৰ উপায়স্বৰূপ। ই বিজ্ঞানৰ এক পৃথক অধ্যয়নৰ শাখা নহয়। ইয়াক জীৱনব্যাপী অখণ্ড শিক্ষা নীতিৰ দ্বাৰা কাৰ্যকৰী কৰি তুলিব লাগে।

৪০। পৰিৱেশ শিক্ষাৰ এটা উপযুক্ত সংজ্ঞা দিয়া। (Give an appropriate definition of environmental education.)

উত্তৰঃ ভাৰতীয় বিশেষজ্ঞ আৰ. এ.শৰ্মাই (R.A.Sharma) মত প্ৰকাশ কৰি কয়, “পৰিৱেশ শিক্ষাই দৈহিক আৰু সাংস্কৃতিক পৰিৱেশৰ প্ৰতি সচেতনতা আৰু জীৱনৰ বাস্তৱ পৰিস্থিতিৰ লগত থকা ইয়াৰ প্ৰাসংগিকতা নিৰীক্ষণ কৰিব পৰাকেই সূচায়।”

৪১। প্ৰত্যেক বছৰে কোনটো দিব বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়? (Which day is celebrated as World Environment Day every year ?)

উত্তৰঃ ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়।

৪২। জনসংখ্যা শিক্ষাৰ এটা উপযুক্ত সংজ্ঞা দিয়া। (Give a proper definition of population education.)

উত্তৰঃ ফ্ৰেংক জেমিনে (Frank Jamen) মত প্ৰকাশ কৰি কয়, “জনসংখ্যা শিক্ষা হৈছে এক শিক্ষামূলক কাৰ্যসূচী, যি জনসংখ্যা বিষয়ৰ গুণাত্মক আৰু পৰিমণাত্মক দুয়ো দিশৰ ওপৰতেই দৃষ্টি প্ৰদান কৰে।”

৪৩। প্ৰত্যেক বছৰে কোনটো দিন বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয় ? (Which day is celebrated as World population Day every year ?)

উত্তৰঃ ১১ জুলাই তাৰিখে।

৪৪। মূল্যবোধৰ সংজ্ঞা দিয়া। (Define values.)

উত্তৰঃ ফ্লিংক (Flink) ৰ মতে মূল্যবোধ সম্পূৰ্ণ হৈছে মানুহৰ বিভিন্ন প্ৰকাৰৰ আদৰ্শনিষ্ঠ মানদণ্ড যিবিলাকে তেওঁলোকৰ বিশেষ বাছনি যুজ কাৰ্যসমূহ বাছি পোৱা কাৰ্যক প্ৰভাৱান্বিত।

৪৫। ইংৰাজী ‘value’ শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে ? (From which language did the word English ‘value’ originate ?)

উত্তৰঃ ‘value’ শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। 

৪৬। কোনটো লেটিন শব্দৰ পৰা ‘value’ শব্দটো অনা হৈছে। (From which Latin word is the word value derived ?)

উত্তৰঃ লেটিন শব্দ ‘Value’ ৰ পৰা ‘value’ শব্দটো লোৱা হৈছে।

৪৭। মূল্যবোধৰ যিকোনো এটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention any one feature of the values.)

উত্তৰঃ মূল্যবোধৰ এটা বৈশিষ্ট্য হ’ল—মূল্যবোধৰ লগত ব্যক্তি আৰু সমাজৰ কল্যাণ সম্পৰ্কীয় ধাৰণা জড়িত হৈ থাকে।

৪৮। আলপৰ্টে মূল্যবোধৰ সংজ্ঞা কেনেকৈ দিছিল? (How did Allport define values ? )

উত্তৰঃ আলপৰ্টৰ (Allport) মতে, “মূল্যবোধ হৈছে এক বিশ্বাস যাৰ ওপৰত ভিত্তি কৰি মানুহে নিজ পছন্দ বা অগ্ৰাধিকাৰ অনুসৰি ক্ৰিয়া কৰে।

৪৯। জন ডিউইয়ে মূল্যবোধৰ সংজ্ঞা কেনেকৈ দিছিল ? (How did John Dewey give the definition of value ?)

উত্তৰঃ জন ডিউইৰ (John Dewey) মতে, “মূল্যবোধৰ অৰ্থ হৈছে প্ৰাথমিকতাৰ দৃষ্টিৰে অতি মূল্যবান বুলি বিবেচনা কৰা, শ্ৰদ্ধা প্ৰদান কৰা, গুণা-গুণ বিচাৰ কৰা বা গণনা কৰা কার্য বিশেষ।”

৫০। মূল্যবোধ শিক্ষা কি ? (What is value education ?)

উত্তৰঃ মূল্যবোধৰ শিক্ষা হ’ল মন আৰু অন্তৰৰ প্ৰশিক্ষণ। মূল্যবোধ শিক্ষা মূলতেই হৈছে এক শিক্ষা ব্যৱস্থা, যি মানুহৰ মূল জৈৱিক পশু প্ৰৱনতামুলক আৱেগ-অনুভূতিবোৰৰ প্ৰশিক্ষণ দি তাৰ উন্নত মানৱীয় অৱস্থালৈ ৰূপান্তৰিত তথা উন্নীত কৰি তোলা হয়।

৫১। মূল্যবোধ শিক্ষাৰ যিকোনো এটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention any one feature of value education.)

উত্তৰঃ মূল্যবোধ শিক্ষাৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল—এই শিক্ষাৰ দ্বাৰা জ্ঞান আৰু সামাজিক দক্ষতাসমূহৰ এক ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টা কৰা হয়।

৫২। মূল্যবোধ শিক্ষাৰ যিকোনো এটা উদ্দেশ্য উল্লেখ কৰা। (Mention any one purpose of values education.)

উত্তৰঃ মূল্যবোধ শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য হ’ল ব্যক্তিৰ ব্যক্তিত্বৰ শাৰীৰিক, মানসিক আৰু সৌন্দৰ্যবোধক দিশৰ বিকাশ সাধন কৰা।

৫৩। NCERT এ উল্লেখ কৰা মূল্যবোধ শিক্ষাৰ যিকোনো এটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা। (Mention any one of the main objectives of values education mentioned in NCERT ?)

উত্তৰঃ NCERT -ৰ মতে মূল্যবোধ শিক্ষাৰ প্ৰধান উদ্দেশ্য হ’ল—ভাৰতীয় সংবিধানত উল্লেখ থকা নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্যবোৰ বুজি পোৱা।

৫৪। মহিলা সৱলীকৰণ মানে কি ? (What does women empowerment mean ?)

উত্তৰঃ মহিলা সৱলীকৰণ হৈছে এক প্ৰক্ৰিয়া যিয়ে মহিলা পুৰুষৰ সম অধিকাৰ, সম স্বাধীনতা আৰু সম মৰ্যাদাৰ ভিত্তিত সমবিকাশৰ সু-ব্যৱস্থা নিশ্চিত কৰিব পাৰে। মহিলা সৱলীকৰণে নাৰীক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰি আত্মবিশ্বাসী আৰু সমায়োজন প্ৰক্ৰিয়াতো সহায় কৰে। ১৯৮৫ চনত নাইজেৰিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্টীয় মহিলা সন্মিলনে মহিলা সৱলীকৰণ সম্পৰ্কে এনেদৰে কৈছে যে  “মহিলা সৱলীকৰণ হ’ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্ৰণ ব্যৱস্থা মহিলাৰ হিতাৰ্থে পুনৰ বিতৰণ কৰাৰ প্ৰক্ৰিয়া।”

৫৫। ধর্মীয় আৰু আধ্যাত্মিক মূল্যবোধ কি ? (What are the religious and spiritual values ?)

উত্তৰঃ ধর্মীয় আৰু আধ্যাত্মিক মূল্যবোধ ব্যক্তিয়ে কোনো এক ধর্মীয় নীতি বা আদৰ্শ, আস্থা-নিষ্ঠাৰে মানি চলি ভগৱানক অনুভৱ কৰি উঠিবলৈ বিচাৰে। এনে অনুভবে মানুহক পাৰ্থিব জীৱনৰ উৰ্ধলৈ তুলি ধৰি আধ্যাত্মিকতাৰ উচ্চ মান বিশিষ্ট জীৱন যাপনত সহায় কৰে।

৫৬। ক্ষমতাৰ মূল্যবোধ কি ? (What are the values of power ?)

উত্তৰঃ ক্ষমতাৰ মূল্যবোধ গণতান্ত্ৰিক মূল্যবোধৰ বিপৰীতমুখী অৱস্থা বুলিব পাৰি। এজন প্ৰভাৱশালী লোকে সমাজৰ জ্ঞানলোকক দমন, শাসন আৰু নিয়ন্ত্ৰণ কৰিব পৰা নীতি শক্তি তথা স্বৰ্গীয় ক্ষমতা (divine power) থকাৰ ওপৰত এই মূল্যবোধে বিশ্বাস কৰে। ইয়াত শাসক আৰু শাসিতৰ মাজত সামাজিক পদ মৰ্যাদা আৰু নিয়ন্ত্ৰণ ক্ষমতাৰ প্ৰভেদ বিবেচনা কৰা হয়। এই মূল্যবোধে মানুহৰ সমতাৰ আদৰ্শত বিশ্বাস নকৰে।

৫৭। নীতিশাস্ত্ৰ সম্বন্ধীয় মূল্যবোধ কি ? (What are the values of ethics ?)

উত্তৰঃ নীতিশাস্ত্ৰ সম্বন্ধীয় মূল্যবোধে শুভ আৰু অশুভৰ মাজত ব্যৱধান বিচাৰ কৰি চলে। নীতিজ্ঞানৰ পৰা অনুভৱ কৰি উঠা মূল্যবোধ হৈছে বিজ্ঞানভিত্তিক আৰু নৈতিকতাপূৰ্ণ। সেইবাবে ইয়াক মানি চলাটো হৈছে সকলোৰে বাবে বাধ্যতামূলক কৰ্তব্য স্বৰূপ। মন কৰিবলগীয়া যে এইবিধ মূল্যবোধে আন আনবোৰ মূল্যবোধৰ উপযুক্ততা নিৰ্ধাৰণকাৰী আৰু নিয়ন্ত্ৰণকাৰী স্বৰূপে কাম কৰে।

৫৮। প্ৰধান মূল্যবোধ কি ? (What are the core values?)

উত্তৰঃ এগৰাকী ব্যক্তি নাইবা সংগঠনৰ প্ৰাথমিক বিশ্বাসকে প্ৰধান মূল্যবোধ (core values) বুলি অভিহিত কৰা হয়। এই নিৰ্দেশনাদানকাৰী নীতিসমূহে মানুহৰ আচৰণক নিৰ্দেশ দিয়ে আৰু সত্য তথা অসভ্যৰ মাজৰ ব্যৱধান বুজি পোৱাত সহায় কৰে।

৫৯। সামাজিক মূল্যবোধ কি ? (What are social values ?)

উত্তৰঃ সামাজিক মূল্যবোধ সমাজৰ মাজত আৰু সমাজৰ লোকৰ সংস্পৰ্শত মানুহে অনুভৱ কৰি উঠিব পাৰে। সমাজৰ সুসংগঠিত এদল লোকে তেওঁলোকৰ গ্রহণযোগ্য সামাজিক নীতি-নিয়ম আৰু আদৰ্শ মানি চলি সুন্দৰ আৰু সুখী জীৱন -যাপন কৰিব পাৰে। এই সামাজিক আদৰ্শবোৰ সেয়েহে সামাজিক মূল্যবোধ স্বৰূপে বিবেচনা কৰা হয়।

৬০। নৈতিক মূল্যবোধ কি ? (What are moral values ?)

উত্তৰঃ বিভিন্ন পৰিস্থিতিত শুদ্ধ-অশুদ্ধ, সত্য-অসত্য আৰু পাপ-পুণ্য আদিৰ চেতনাই নৈতিক মূল্যবোধ মানুহৰ মনত গঢ়ি তোলে। এই নৈতিক মূল্যবোধেই এজন লোকক তেওঁৰ বিভিন্ন পৰিস্থিতিত সুস্থ অসুস্থ ৰূপত সংলক্ষণ (traitt) আকাৰে গঢ় লৈ উঠি তাৰ স্থায়ী ৰূপত চৰিত্ৰ গঠন কৰি তোলে।

৬১। ধর্মীয় আৰু আধ্যাত্মিক মূল্যবোধ কি? (What are the religious and spiritual values ?)

উত্তৰঃ ধর্মীয় আৰু আধ্যাত্মিক মূল্যবোধ ব্যক্তিয়ে কোনো এক ধর্মীয় নীতি বা আদৰ্শ, আস্থা নিষ্ঠাৰে মানি চলি ভগৱানক অনুভৱ কৰি উঠিবলৈ বিচাৰে। এনে অনুভৱে মানুহক পাৰ্থিব জীৱনৰ উৰ্দ্ধলৈ তুলি ধৰি আধ্যাত্মিকতাৰ উচ্চ মান বিশিষ্ট জীৱন যাপনত সহায় কৰে।

৬২। সৌন্দৰ্যবোধক মূল্যবোধ কি ? (What is aesthetic value ?)

উত্তৰঃ সৌন্দৰ্যবোধক মূল্যবোধ মানুহৰ মনত সত্য-শিৱ-সুন্দৰৰ গভীৰতা অনুভৱকৰণৰ পৰা সৃষ্টি হোৱা মূল্যবোধ ভাব বুলিব পাৰি। কলা আৰু সুন্দৰভাৱে প্ৰতি ভালপোৱা ভাব নৃত্য-গীত-সংগীত আৰু চিত্ৰ-শিল্প-ভাস্কৰ্য্য-শিল্প আৰু সাহিত্যৰ প্ৰতি অন্তৰাগ আদিৰ পৰা এই সৌন্দৰ্যবোধক মূল্যবোধ ভাব গঢ়ি উঠে।

৬৩। ব্যক্তিগত মূল্যবোধ কি ? (What are personal values ?)

উত্তৰঃ এগৰাকী ব্যক্তিয়ে নিজস্বভাৱ গুৰুত্ব প্ৰদান কৰা মূল্যবোধ সমূহক ব্যক্তিগত মূল্যবোধ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে চাফ-চিকুনতা, নিয়মানুবৰ্তিতা, আত্ম-শৃংখলা, সততা, সৰলতা, আত্ম-বিশ্বাস, সাহসিকতা, দায়িত্বশীলতা, অধ্যৱসাৰ আত্ম সন্তুষ্টি ইত্যাদি।

৬৪। জনসংখ্যা বিস্ফোৰণ মানে কি ? (What does population explosion mean?)

উত্তৰঃ জনসংখ্যাৰ অসংযত বৃদ্ধিয়ে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিটোকেই জনসংখ্যা বিস্ফোৰণ (population explosion) বুলি কোৱা হয়। ই হৈছে দেশ আৰু সমাজৰ বাবে উদ্ধিগ্নতামূলক আৰু অস্বস্তিকৰ পৰিস্থিতি, যি সাধাৰণ বা স্বাভাৱিক অৱস্থাত সৃষ্টি হৈ নুঠে।

৬৫। অনুমোদনযোগ্য বিকাশ কি ? (What is an approved development ?)

উত্তৰঃ আমাৰ পৰিৱেশত থকা জৈৱ-বৈচিত্ৰ্যবোৰ এনেদৰে প্ৰয়োগ কৰিব লাগে যাতে, আজিৰ প্ৰজন্মৰ লোক তাৰ সৰ্বাধিক উপযোগিতা লাভ কৰি উঠাৰ উপৰিও এই সম্পদৰাজি পৰৱৰ্তী প্ৰজন্মৰ লোকৰ বাবেও বিনষ্ট নোহোৱাকৈ সংৰক্ষণ কৰি ৰাখিব পৰা যায়। পৰিৱেশৰ এনে দূৰদৃষ্টি ৰাখি কৰা সংৰক্ষণমূলক বিকাশকেই সহনশীল বা অনুমোদনযোগ্য বিকাশ (Sustainable development) বোলা হয়। 

চমু ৰচনাৱলী প্ৰশ্নোওৰ 

প্ৰশ্ন ১। পৰিৱেশ শিক্ষাৰ দুটা বিশেষত্ব উল্লেখ কৰা। (Mention two specialties of environmental education.)

উত্তৰঃ তলত পৰিৱেশ শিক্ষাৰ দুটা বিশেষত্ব চমুকৈ উল্লেখ কৰা হ’ল—

(ক) পৰিৱেশ শিক্ষাক বিজ্ঞানৰ অন্তৰ্ভুক্ত এবিধ অধ্যয়নৰ বিষয়স্বৰূপে অভিহিত কৰিব নোৱাৰি। এই বিষয়ৰ অধ্যয়নত বিজ্ঞান আৰু মানৱীয় বিষয়সমূহৰ উপাদান যুটীয়াভাৱে এক সামগ্ৰিক ৰূপত অন্তৰ্নিহিত হৈ আছে। সেয়েহে ইয়াৰ স্বৰূপ নিৰ্ণয় কৰাটো কঠিন।

(খ) প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশ এই দুয়োটাৰে মাজত সুসামঞ্জস্য আৰু ভাৰসাম্য স্থাপনকাৰী বিষয়স্বৰূপেহে পৰিৱেশ শিক্ষাৰ অস্তিত্ব আৰু স্বৰূপ অনুভৱ কৰি উঠিব পাৰি।

প্ৰশ্ন ২। পৰিৱেশ শিক্ষাৰ দুটা লক্ষ্য আৰু উদ্দেশ্য উল্লেখ কৰা। (Mention two objectives and goals of environmental education.)

উত্তৰঃ পৰিৱেশ শিক্ষাৰ দুটা লক্ষ্য উদ্দেশ্য তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) নগৰ আৰু গাঁও অঞ্চলৰ লোকৰ মাজত অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু জৈৱ-পাৰস্পৰিকতা (ecology) আৰু নিৰ্ভৰশীলতা সম্বন্ধে সচেতনতাৰ ভাব গঢ়ি তোলা।

(খ) পৰিৱেশ ৰক্ষা কৰা আৰু বিকাশ সাধন কৰাৰ বাবে প্ৰতিজন লোকে প্ৰয়োজনীয় জ্ঞান দিয়া, মনোভাৱ, মূল্যবোধ ভাৱ, ক্ৰিয়া পটুতা আদি গঠন কৰা আৰু অংগীদাৰ (commitments) ৰক্ষা কৰাৰ সুবিধা দান কৰা।

প্ৰশ্ন ৩। জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention two features of population education.)

উত্তৰঃ জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) জনসংখ্যা শিক্ষা হৈছে পৰিৱেশ শিক্ষা অধ্যয়নৰ এক অংশ বিশেষ।

(খ) ই যৌন শিক্ষা বা পৰিয়াল পৰিকল্পনাৰ ধাৰণাতকৈ বহল পৰিসৰৰ।

প্ৰশ্ন ৪। জনসংখ্যা শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা। (Mention two objectives of population education.) 

উত্তৰঃ জনসংখ্যা শিক্ষাৰ দুটা উদ্দেশ্য হ’ল—

(ক) তৃণমূল পৰ্যায়ৰ শিক্ষা :- জনসংখ্যাৰ শিক্ষাক ইয়াৰ তৃণমূল পৰ্যায়ৰ পৰা গঢ়ি তোলা এক পৰিকল্পিত আৰু পৰ্যায়ক্ৰমে শিক্ষা বুলিব পাৰি। ইয়াক ঘটনাক্ৰমে আকস্মিকভাৱে সৃষ্টি হোৱা পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ দিয়া ক্ষেত্ৰভিত্তিক শিক্ষা মাথোন নহয়।

(খ) সচেতন আৰু দায়িত্বশীল নাগৰিকত্ব প্ৰদান :- দেশৰ নাগৰিকসকলক সুনাগৰিক, সচেতন আৰু দায়িত্বশীল স্বৰূপে গঢ় দি তোলাটো জনসংখ্যা শিক্ষাৰ এক প্ৰধান উদ্দেশ্য।

প্ৰশ্ন ৫। মূল্যবোধৰ দুটা উৎস উল্লেখ কৰা। (Mention two sources of value.)

উত্তৰঃ মূল্যবোধৰ দুটা উৎস তলত উল্লেখ কৰা হ’ল—

(ক) ধৰ্ম (Religion) :- সকলো ক্ষেত্ৰতে ধৰ্মই হৈছে মূল্যবোধৰ মানদণ্ড নিৰ্ণয়ৰ অধিক শক্তিশালী আৰু গ্ৰহনাত্মক মাধ্যম। ধৰ্মৰ তাৎপৰ্য হৈছে প্ৰেম, ত্যাগ আৰু সমাজ সেৱাৰ নৈতিক বান্ধোন যিয়ে মানুহক একেলগে বসবাস কৰাত সহায় কৰে।

(খ) দৰ্শন (Philosophy) :- মূল্যবোধৰ আন এটা প্ৰধান উৎস হ’ল দৰ্শন। ব্যাপক দৃষ্টিকোণৰ পৰা দৰ্শন সম্বন্ধে সংজ্ঞা দিব পাৰি যে ই’ হ’ল চিন্তাৰ এটি উপায়। এটা বিশেষ দৰ্শনে সমাজ এখনৰ চিন্তা আৰু মূল্যবোধৰ পৰিচালনা কৰা দেখা যায়। সেইবাবে সময়, ঘটনা আৰু দৰ্শনৰ পৰিৱৰ্তনৰ লগে লগে মূল্যবোধৰ পৰিৱৰ্তন হয়।

প্ৰশ্ন ৬। মূল্যবোধৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention any two characteristics of values.)

উত্তৰঃ মূল্যবোধৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল— 

(ক) মূল্যবোধসমূহ আৰ্জিত (Values are Acquired) :- ব্যক্তিয়ে আনুষ্ঠানিক বা অনানুষ্ঠানিক, পৰিৱেশৰ পৰিস্থিতিত আন্তঃক্ৰিয়াৰ জৰিয়তে মূল্যবোধসমূহ আহৰণ কৰে; ই জন্মগত নহয়।

(খ) সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল (Depends on Social environment) :- এগৰাকী ব্যক্তিৰ মূল্যবোধৰ বিকাশ ঘাইকৈ সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল।

প্ৰশ্ন ৭। মূল্যবোধৰ যিকোনো পাঁচটা উৎস উল্লেখ কৰা। (Mention any five sources of value.)

উত্তৰঃ মূল্যবোধৰ ভিন্ন উৎসসমূহৰ ভিতৰত যিকোনো পাঁচটা উৎস তলত সংক্ষেপে উল্লেখ কৰা হ’ল–

(ক) ধৰ্ম (Religion)

(খ) দৰ্শন (Philosophy)

(গ) সামাজিক ৰীতি-নীতি (Social Customs)

(ঘ) সাহিত্য (Literature)

(ঙ) বিজ্ঞান-প্ৰযুক্তি (Science- Technology)

প্ৰশ্ন ৮। মূল্যবোধৰ দুটা প্ৰকাৰ উল্লেখ কৰা। (Mention two types of values.)

উত্তৰঃ মূল্যবোধৰ দুটা প্ৰকাৰ হ’ল—

(ক) সামাজিক মূল্যবোধ (Social Values) :- যিবিলাক মূল্যবোধে আমাক আনৰ লগত মিলামিছা কৰা, বন্ধুত্ব গঢ়িতোলা, জ্ঞানক ভাল পাবলৈ শিকা, পৰিয়ালৰ লোকক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ অনুপ্ৰেৰণা যোগায় তাক সামাজিক মূল্যবোধ বুলি কোৱা হয়। 

(খ) ধর্মীয় মূল্যবোধ (Religious Value) :- যিবিলাক অনুভূতিৰ লগত ঐশ্বৰিক তথা ধর্মীয় বিষয় জড়িত হৈ থাকে তাকে ধর্মীয় মূল্যবোধ বোলে।

প্ৰশ্ন ৯। ব্যক্তিগত মূল্যবোধৰ বিষয়ে চমুকৈ লিখা। (Write briefly about personal values.)

উত্তৰঃ সাধাৰণ অৰ্থত এগৰাকী ব্যক্তিয়ে নিজস্বভাৱে গুৰুত্ব প্ৰদান কৰা মূল্যবোধসমূহক ব্যক্তিগত মূল্যবোধ বুলি কোৱা হয়। উদাহৰণস্বৰূপে চাফ-চিকুণতা, নিয়মানুৱৰ্তিতা, আত্ম-শৃংখলা, সততা, সৰলতা, সাহসিকতা, আত্মবিশ্বাস, দায়িত্বশীলতা, অধ্যৱসায় আত্ম-সন্তুষ্টি ইত্যাদি। এগৰাকী ব্যক্তিৰ নিজৰ আচাৰ-আচৰণসমূহ অথবা ধ্যান-ধাৰণাসমূহ এই ব্যক্তিগত মূল্যবোধসমূহৰ দ্বাৰা প্ৰভাৱিত হয়। ব্যক্তিৰ অৱচেতন মনত এই মূল্যবোধসমূহ সংৰক্ষিত আৰু তেওঁৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাম-কাজ, বিভিন্ন সিদ্ধান্ত গ্ৰহণ, বন্ধু-বান্ধৱ নিৰ্বাচন, বৃত্তি নিৰ্বাচন, আমোদ-প্ৰমোদ ইত্যাদি এই ব্যক্তিগত মূল্যবোধৰ দ্বাৰা পৰিচালিত হয়। ব্যক্তি জীৱনত ব্যক্তিগত মূল্যবোধ এক বিশেষ ভূমিকা পালন কৰে। দৈনন্দিন জীৱনৰ বিভিন্ন কাম-কাৰ্যসমূহৰ পৰা ব্যক্তিগত মূল্যবোধৰ বিষয়ে স্পষ্ট আভাস পোৱা যায়।

প্ৰশ্ন ১০। আধ্যাত্মিক মূল্যবোধৰ বিষয়ে চমুকৈ লিখা। (Write briefly about spiritual values.)

উত্তৰঃ কোনে এক ধর্মীয় আদৰ্শ আস্থা-নিষ্ঠাৰে মানি চলা অৱস্থাই হৈছে আধ্যাত্মিক মূল্যবোধ। এই অনুভাৱে মানুহক পাৰ্থিৱ ভাৱ-চিন্তাৰ উৰ্দ্ধলৈ তুলি ধৰি আধ্যাত্মিক জীৱন-যাপনত সহায় কৰে। আধুনিক শিক্ষাবিদসকলে শিশুৰ সৰ্বাংগীন বিকাশৰ ভিতৰত আধ্যাত্মিক বিকাশৰ কথাও উল্লেখ কৰিছে। ধৰ্মৰ মাধ্যমত মানুহে আধ্যাত্মিক সন্তুষ্টি লাভ কৰে। Ross-এ এশাৰী কথা কৈছে—”Education must have the foundation of religion in order to save us from the darkness of the world.” ধৰ্মৰ ধাৰণাই মানুহৰ চিন্তাধাৰাৰ আত সলনি কৰি পৱিত্ৰ মনৰ অধিকাৰী কৰি তোলে। মানুহৰ সুচৰিত্ৰ গঠন হোৱাৰ লগতে আন আন দিশৰ বিকাশ সাধনো সম্ভৱ হৈ পৰে। ধৰ্ম প্ৰকৃত মানৱতাবোধৰ চাবি-কাঠি আৰু ইয়াৰ অবিহনে মানৱ মনত সত্য আৰু সুন্দৰৰ উপলব্ধি নহয়। ই আত্মাৰ সংস্কৃতিত দৰৱৰ ভূমিকা গ্ৰহণ কৰে। আমি যদি সংস্কৃতি আৰু সভ্যতাৰ উচ্চ চিন্তা কৰিবলৈ যাওঁ তেতিয়া হ’লে সেই ধাৰণা ধৰ্মক ভিত্তি কৰিয়েই হ’ব। এই বস্তুবাদী জতত শান্তি সম্প্ৰীতি বিৰাজ কৰিবলৈ হ’লে মানুহৰ মনত নৈতিক, ধর্মীয় আৰু আধ্যাত্মিক মূল্যবোধ জগাই তুলিব লাগিব।

প্ৰশ্ন ১১। মূল্যবোধ শিক্ষাৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। (Mention two main features of value education.)

উত্তৰঃ মূল্যবোধ শিক্ষাৰ দুটা প্ৰধান বৈশিষ্ট্য তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) মূল্যবোধ শিক্ষাৰ জড়িয়তে জ্ঞান আৰু সামাজিক দক্ষতাসমূহৰ এক ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰা হয়।

(খ) শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ লগত মানৱীয়তা আৰু ধর্মীয় অনুভূতি সংযোগৰ দিশ বিবেচনা কৰা হয়।

প্ৰশ্ন ১২। মূল্যবোধ শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা। (Mention two objectives of value education.)

উত্তৰঃ মূল্যবোধ শিক্ষাৰ দুটা উদ্দেশ্য তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) মূল্যবোধ শিক্ষাই ব্যক্তিৰ ব্যক্তিত্বৰ শাৰীৰিক, মানসিক আৰু সৌন্দৰ্যবোধক দিশসমূহৰ বিকাশ সাধন কৰে। 

(খ) ল’ৰা-ছোৱালীৰ মনত শ্ৰমৰ মৰ্যাদা আৰু কঠোৰ শ্ৰমৰ প্ৰতি সুস্থ মনোভাৱ গঠন কৰাৰ বাবে মূল্যবোধ শিক্ষাই যত্ন কৰে।

প্ৰশ্ন ১৩। NCERR ৰ মতে মূল্যবোধ শিক্ষাৰ দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা। (Mention two main objectives of value education according to NCERT.) 

উত্তৰঃ NCERT -ৰ মতে মূল্যবোধ শিক্ষাৰ প্ৰধান দুটা উদ্দেশ্য হ’ল—

(ক) ভাৰতীয় সংবিধানত সন্নিবিষ্ট থকা নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্যসমূহ বুজি উঠা।

(খ) নৈতিকতাৰ গুৰুত্ব উপলব্ধি কৰা, যিবোৰ সমাজৰ স্থায়িত্ব আৰু প্ৰগতিৰ বাবে অতি আৱশ্যক। ইয়াত অন্তৰ্গত আচৰণৰ মানদণ্ডসমূহ হ’ল—

১। সন্মান প্ৰদৰ্শন আৰু বাধ্যতা।

২। আইনৰ প্ৰতি মনোযোগ আৰু সুবিবেচনা কৰা।

৩। অনুশাসন আৰু পৌৰ জ্ঞান।

৪। আনৰ সৈতে ব্যৱসায় আৰু কৰ্মত সাধুতা।

৫। উপযুক্ত ঘটনাৰ নিৰীক্ষণ আৰু সহযোগিতা ইত্যাদি।

প্ৰশ্ন ১৪। বিদ্যালয়ত মূল্যবোধ শিক্ষা প্ৰদানৰ দুটা উপায় উল্লেখ কৰা। (Mention two ways of imparting school values education.)

উত্তৰঃ বিদ্যালয়ত মূল্যবোধ শিক্ষা প্ৰদানৰ দুটা উপায় তলত উল্লেখ কৰা হ’ল—

(ক) পাঠ্যক্ৰমিক ব্যৱস্থা (Curricular Approach) :- শিক্ষকসকলে বিদ্যালয়ত মূল্যবোধৰ ওপৰত প্ৰত্যক্ষ জ্ঞান প্ৰদান কৰিব লাগে। সাধাৰণতে পাঠ্যক্ৰমৰ বিষয়সমূহত সচেতনভাৱে বিভিন্ন বিষয়ত মানৱীয়, সামাজিক আৰু আধ্যাত্মিক মূল্যবোধৰ শিক্ষা সন্নিবিষ্ট কৰিব লাগে। 

(খ) অনানুষ্ঠানিক ব্যৱস্থা (Informal Approach) :- এই ব্যৱস্থাত দৈনন্দিন জীৱনৰ বিভিন্ন ৰীতি-নীতি, কৰ্ম পদ্ধতিৰ মাজেৰে মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব লাগে। প্ৰত্যাহিক জীৱনৰ ৰীতি-নীতি, কার্য সম্পাদন, আচাৰ-ব্যৱহাৰ আৰু আন্তঃক্ৰিয়াৰ মাজেৰে শিক্ষাৰ্থীয়ে অজানিতভাৱে মূল্যবোধৰ শিক্ষা আহৰণ কৰে। সাধাৰণতে এটি আপ্তবাক্য আছে যে মূল্যবোধ শিকনৰ জৰিয়তে নহয় আহৰণৰ জৰিয়তে লাভ কৰিব পাৰি (Values are caught not taught)। গতিকে ব্যক্তিৰ জীৱনৰ বিভিন্ন কৰ্ম প্ৰক্ৰিয়াৰ মাজেৰে মূল্যবোধ আহৰণ কৰা হয়। 

প্ৰশ্ন ১৫। মূল্যবোধ সৃষ্টিত শিক্ষকৰ দুটা ভূমিকা উল্লেখ কৰা। (Mention two roles of teacher in creating values.)

উত্তৰঃ মূল্যবোধ সৃষ্টিত শিক্ষকৰ দুটা ভূমিকা সংক্ষেপে উল্লেখ কৰা হ’ল— 

(ক) শিক্ষকসকলে শিক্ষাৰ্থীৰ মনত আদৰ্শ মূল্যবোধ সৃষ্টিৰ বাবে প্ৰয়োজনীয় মনোভাৱ গঠনৰ বাবে যত্নপৰ হ’ব লাগে। শিক্ষকসকলে ছাত্ৰৰ লগত এক বিশ্বাস আৰু ভালপোৱাৰ সম্পৰ্ক গঢ়ি তুলিব লাগে।

(খ) শিক্ষকসকলে পাঠদানৰ সময়ত ভিন্নমূখী শিক্ষাদান পদ্ধতি যেনে—সমস্যা সমাধান, আলোচনা, প্ৰশ্নোওৰ, সহযোগিতা, দলীয় সংহতি, পাৰস্পৰিক সন্মানবোধ আদিৰ সহায়ত শিক্ষাৰ্থীৰ মনত মূল্যবোধৰ সৃষ্টি কৰিব পাৰে।

প্ৰশ্ন ১৬। মূল্যবোধ শিক্ষা প্ৰদানত বিদ্যালয়ৰ দুটা ভূমিকা উল্লেখ কৰা। (Mention the two roles of schools in providing value education.)

উত্তৰঃ শিক্ষাৰ্থীসকলক মূল্যবোধ শিক্ষা প্ৰদানত বিদ্যালয়ে বিভিন্ন ভূমিকা পালন কৰে। তাৰ ভিতৰত দুটা তলত উল্লেখ কৰা হ’ল—

(ক) সামূহিক প্ৰাৰ্থনা :- বিদ্যালয়ৰ শ্ৰেণী শিক্ষা আৰম্ভ হোৱাৰ আগতে প্ৰতিদিনে সমবেত প্ৰাৰ্থনা সভাৰ ব্যৱস্থা কৰিব লাগে। সম্ভৱ হ’লে মূল্যবোধৰ লগত জড়িত দিশৰ ওপৰত বক্ততাৰ ব্যৱস্থাও কৰিব পৰা যায়।

(খ) জাতীয় উৎসৱ উদযাপন আৰু জাতীয় দিৱস পালন :- দেশ বা জাতিৰ প্ৰতি এক আস্থাৰ মনোভাৱ গঠন কৰিবৰ বাবে বিদ্যালয়ত বিভিন্ন জাতীয় উৎসৱ বা জাতীয় দিৱস আদি পালন কৰিব লাগে।

প্ৰশ্ন ১৭। মূল্যবোধ শিক্ষা প্ৰদানত পৰিয়ালৰ দুটা ভূমিকা উল্লেখ কৰা। (Mention two roles of family in providing value education.)

উত্তৰঃ ল’ৰা-ছোৱালীক মূল্যবোধ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত পৰিয়ালে মুখ্য ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়।

তলত পৰিয়ালৰ দুটা ভূমিকা অতি চমুকৈ উল্লেখ কৰা হ’ল–

(ক) পিতৃ-মাতৃয়ে শিশুক প্ৰাচীন মূল্যবোধ আৰু পৰম্পৰাৰ লগত পৰিচয় কৰাৰ ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত গৃহ পৰিৱেশত এই মূল্যবোধসমূহ ৰক্ষা কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে। পিতৃ-মাতৃ নিজে এই মূল্যবোধসমূহৰ প্ৰতি আস্থাশীল হোৱা প্ৰয়োজন।

(খ) প্ৰাচীন মূল্যবোধসমূহৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ লগতে পিতৃ-মাতৃ বা পৰিয়ালৰ লোকসকলে পৰিৱৰ্তিত সমাজৰ মূল্যবোধসমূহৰ প্ৰতি এক নমনীয় মনোভাৱ গ্ৰহণ কৰা উচিত।

প্ৰশ্ন ১৮। মূল্যবোধ শিক্ষাৰ দুটা উপযোগিতা উল্লেখ কৰা। (Mention two utilities of values education.)

উত্তৰঃ মূল্যবোধ শিক্ষাৰ কেতবোৰ প্ৰত্যাশিত সুফলৰ ভিতৰত দুটা তলত সংক্ষেপে  উল্লেখ কৰা হ’ল—

(ক) মূল্যবোধ শিক্ষাৰ যোগে শিক্ষাৰ্থীৰ সু-সমাযোজিত আৰু সংহত ব্যক্তিত্ব গঠন কৰি তুলিব পৰা যায়।

(খ) মূল্যবোধৰ সুস্থ মনোভাৱ গঠনে এজন লোকক সজ আদৰ্শৰ সুনাগৰিকস্বৰূপে গঢ়ি তুলিব পাৰে।

প্ৰশ্ন ১৯। মহিলা সৱলীকৰণৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা। (Describe the need for women empowerment.)

উত্তৰঃ সাধাৰণতে সৱলীকৰণে এজন ব্যক্তিক কোনো এটা কার্য সম্পাদন কৰিবলৈ দিয়া বিশেষ শক্তিকেই বুজায়। পুৰণিকালৰ পৰাই মহিলাসকল সামাজিকভাৱেই হওক বা আর্থিকভাৱেই হওক নাইবা কিছুমান অন্ধবিশ্বাসেই হওক সমাজত নিৰ্যাতিত হৈ আহিছে। উক্ত সমস্যাবোৰৰ সন্মুখীন হ’বৰ বাবে বৰ্তমান সমাজত নাৰী সৱলীকৰণ অতি প্ৰয়োজনীয়। পুৰুষপ্ৰধান সমাজখনত নাৰীৰ অস্তিত্ব ৰক্ষাৰ বাবে “নাৰী সৱলীকৰণ” এক প্ৰত্যাহ্বান স্বৰূপ। এই ব্যৱস্থাই নাৰীক আত্মবিশ্বাসী কৰি তোলে আৰু সমাজৰ যিকোনো পৰিস্থিতিৰ লগত সমায়োজন কৰাত নাৰী সহায় কৰে। নাৰী সৱলীকৰণে নাৰীক পৰিয়াল আৰু সমাজৰ প্ৰতি অৰ্থনৈতিকভাৱে সচেতন কৰি তোলে।

প্ৰশ্ন ২০। পৰিৱেশৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the main features of the environment.)

উত্তৰঃ পৰিৱেশৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) পৰিৱেশ হৈছে ব্যক্তিৰ আগুৰি ৰখা বহিঃজগতৰ বস্তু আৰু বিষয়সমূৰ সমষ্টি।

(খ)  পৰিৱেশৰ প্ৰভাৱ হৈছে সামগ্ৰিক, গতিশীল আৰু পৰিৱৰ্তনশীল বিধৰ। 

(গ) ইয়াৰ বহিঃপ্ৰভাৱক বহুলভাৱে দুটা ভাগত বিভক্ত কৰিব পাৰি। সি হৈছে জৌৱিক আৰু অজৌৱিক।

(ঘ) পৰিৱেশ হৈছে এক প্ৰভাৱ, যি জৌৱিক আৰু অজৌৱিক উপাদানৰ পৰিৱৰ্তন আনিব পাৰে। 

(ঙ) মানুহো হৈছে জৌৱিক পৰিৱেশৰ অংশ বিশেষ যি সকলোবোৰ জৌৱিক উপাদানৰ ভিতৰত অধিক প্ৰভাৱশালী বুলিব পাৰি। 

(চ) মৌলিকতা আৰু কৃতিমতাৰ বিবেচনাৰে পৰিৱেশক প্ৰাকৃতিক আৰু মানৱসৃষ্ট স্বৰূপে দ্বি-বিভক্ত কৰিব পাৰি।

প্ৰশ্ন ২১। পৰিৱেশ শিক্ষাৰ নীতি সম্পৰ্কে আলোচনা কৰা। (Discuss the principles of environmental education.)

উত্তৰঃ পৰিবেশ শিক্ষাৰ নীতিসমূহ হ’ল—

(ক) অবিৰত শিক্ষাৰ নীতি :- পৰিৱেশ শিক্ষা মানুহৰ প্ৰাক্-প্ৰাথমিক স্তৰৰ পৰাই মৃত্যুৰ আগমুহূৰ্তলৈ চলি থাকে। এই শিক্ষা জীৱন ব্যাপ্ত শিক্ষানীতিৰ ওপৰত অধিষ্ঠিত।

(খ) পৰিবেশৰ প্ৰতি সজাগতা আৰু দায়বদ্ধতাৰ নীতি :- পৰিবেশৰ প্ৰতি মানুহ দায়বদ্ধ হ’লেহে পৰিবেশ সংৰক্ষণ সম্ভৱ হ’ব। পৰিৱেশ শিক্ষাইহে মানুহক প্ৰকৃতি সচেতন কৰি তুলিব পাৰে। 

(গ) মানুহৰ আৰু প্ৰকৃতিৰ আন্তঃসম্বন্ধৰ নীতি :- প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক অতি নিবিড়। প্ৰকৃতি আৰু মানুহ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। পৰিৱেশ শিক্ষাই প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক আৰু বেছি শক্তিশালী কৰি তোলে।

(ঘ) বিকাশ আৰু উন্নয়নৰ নীতি :- পৰিবেশ শিক্ষাই দেশৰ বিকাশ আৰু উন্নয়নৰ লগত প্ৰকৃতিৰ সম্বন্ধ বিচাৰ কৰে।

প্ৰশ্ন ২২। পৰিবেশ শিক্ষাৰ বৈশিষ্ট্য উল্লেখ কৰা। (Mention the characteristics of environmental education.)

উত্তৰঃ পৰিবেশৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল—

(ক) পৰিবেশ হ’ল মানুহক আগুৰি ৰখা বহিঃকাৰকসমূহৰ সমষ্টি।

(খ) পৰিবেশক সাধাৰণতে প্ৰাকৃতিক, মানৱসৃষ্ট, সামাজিক স্বৰূপে বিভক্ত কৰিব পাৰি।

(গ) পৰিবেশৰ বহিঃপ্ৰভাৱক দুটা ভাগত বিভক্ত কৰিব পাৰি। জৌৱিক আৰু অজৌৱিক।

(ঘ) পৰিবেশৰ প্ৰভাৱ হ’ল—-গতিশীল আৰু পৰিৱৰ্তনশীল। 

(ঙ) পৰিবেশে ব্যক্তিৰ শিক্ষা, জ্ঞান, চৰিত্ৰ, ব্যক্তিত্ব, মনোভাৱ ইত্যাদিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়।

প্ৰশ্ন ২৩। ৰাষ্ট্ৰীয় প্ৰাপ্তবয়স্ক শিক্ষা আঁচনি মানে কি ? ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য উল্লেখ কৰা। (What does the National Adult Education Scheme mean ? Mention its main goals and objectives.)

উত্তৰঃ ১৯৭৭ চনত কেন্দ্ৰত নতুন চৰকাৰ গঠন হোৱাৰ পাছত শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে পৰিৱৰ্তন অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইবাবে দেশৰ বিভিন্ন শিক্ষাবিদৰ লগত হোৱা আলোচনা মৰ্মে ১৯৭৮ চনৰ ২ অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ জন্মদিনৰ দিনা চৰকাৰে ৰাষ্ট্ৰীয় প্ৰাপ্তবয়স্ক শিক্ষা আঁচনি কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে।

লক্ষ্য আৰু উদ্দেশ্য :- এই আচঁনিখনৰ প্ৰধান লক্ষ্য হ’ল দেশৰ ১৫-৩৫ বছৰ বয়সৰ ভিতৰৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰি তোলা। এওঁলোকক আত্মনির্ভৰশীল হ’ব পৰাকৈ কৰ্ম-কুশলতা আৰু দক্ষতাৰ বিকাশ সাধনত গুৰুত্ব প্ৰদান কৰা।

আচঁনিখনৰ প্ৰধান তিনিটা উদ্দেশ্য হ’ল—

(ক) মাতৃভাষাৰ যোগেদি লিখিব, পঢ়িব আৰু গণনা কৰিবলৈ সাক্ষৰতা প্ৰদান কৰা।

(খ) কৃষি, উদ্যোগ, শিশু প্ৰতিষ্ঠান আৰু অন্যান্য কৰ্মক্ষেত্ৰৰ বাবে ব্যক্তিক ক্ৰিয়া দক্ষতা লাভ কৰোৱা।

(গ) প্ৰাপ্তবয়স্ক শিক্ষাৰ দ্বাৰা ব্যক্তিক কৰ্তব্য আৰু দায়িত্ব সচেতন, পৰিবেশ সচেতন আৰু নিজ স্বাস্থ্য ৰক্ষাৰ প্ৰতি সচেতন কৰি তোলা।

প্ৰশ্ন ২৪। ৰাষ্ট্ৰীয় প্ৰাপ্তবয়স্ক শিক্ষা আঁচনিৰ প্ৰধান বৈশিষ্ট্যবোৰ উল্লেখ কৰা। (Mention the salient features of the National Adult Education Scheme.)

উত্তৰঃ ৰাষ্ট্ৰীয় প্ৰাপ্তবয়স্ক শিক্ষা আঁচনিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল—

(ক) নিৰক্ষৰ প্ৰাপ্তবয়স্ক লোকসকলৰ প্ৰয়োজন আৰু পৰিবেশ অনুসৰি ইয়াৰ পাঠ্যক্ৰম উপযুক্তভাৱে প্ৰস্তুত কৰা হৈছে।

(খ) পাঠ্যক্ৰম, শিক্ষণ পদ্ধতি, শিক্ষাদানৰ সা-সঁজুলি আদি প্ৰয়োজন অনুপাতে গঢ়ি তোলা হৈছে।

(গ) শিক্ষা গ্ৰহণৰ সময়, স্থান আৰু নিৰ্দেশনামূলক প্ৰস্তুতি আদিৰ ক্ষেত্ৰত নমনীয় নীতি গ্ৰহণ কৰা হৈছে।

(ঘ) শিক্ষসকলক প্ৰশিক্ষণ প্ৰদান কৰি উপযুক্তভাৱে গঢ়ি তোলাত গুৰুত্ব দিয়া হৈছে।

(ঙ) মূল্যায়ন পদ্ধতি, নিৰ্দেশনা ব্যৱস্থা আদি কাৰ্যকৰী গৱেষণাৰ দ্বাৰা প্ৰস্তুত কৰি তোলা হৈছে।

প্ৰশ্ন ২৫। মূল্যবোধ শিক্ষাৰ যিকোনো পাঁচটা বৈশিষ্ট্য লিখা। (Write down any five characteristics of value education.)

উত্তৰঃ মূল্যবোধ শিক্ষাৰ পাঁচটা বৈশিষ্ট্য অতি চমুকৈ উল্লেখ কৰা হ’ল—

(ক) মূল্যবোধ শিক্ষাৰ দ্বাৰা জ্ঞান আৰু সামাজিক দক্ষতাসমূহৰ এক ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টা কৰা হয়।

(খ) শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত মানৱীয়তা আৰু ধর্মীয় অনুভূতি সংযোগৰ দিশ বিবেচনা কৰা হয়।

(গ) ভাৰতবৰ্ষৰ ঐতিহ্য আৰু পৰম্পৰাৰ লগতে সাংস্কৃতিক মান উন্নত কৰাৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হয়।

(ঘ) দেশৰ সৰ্বাংগীন বিকাশৰ বাবে সু-নাগৰিকত্বৰ গুণ আহৰণ কৰাৰ ওপৰত জোৰ দিয়া হয়।

(ঙ) দেশত চলি থকা অন্যায়, অবিচাৰ, কুসংস্কাৰ, অন্ধবিশ্বাস আৰু ধর্মীয় গোড়ামি পৰিহাৰ কৰি সমভাৱাপন্ন ৰাষ্ট্ৰ গঠনত গুৰুত্ব দিয়া হয়।

প্ৰশ্ন ২৬। মূল্যবোধৰ শিক্ষাৰ যিকোনো পাঁচটা উদ্দেশ্য চমুকৈ লিখা। (Summarize any five objectives of value education.)

উত্তৰঃ মূল্যবোধ শিক্ষাৰ যিকোনো পাঁচটা উদ্দেশ্য তলত সংক্ষেপে উল্লেখ কৰা হ’ল–

(ক) ব্যক্তিৰ ব্যক্তিত্বৰ শাৰীৰিক, মানসিক আৰু সৌন্দৰ্যবোধক দিশসমূহৰ বিকাশ সাধন কৰা।

(খ) শিক্ষাৰ্থীসকলৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী, গণতান্ত্ৰিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধসমূহ সৃষ্টি কৰা।

(গ) শিক্ষাৰ্থীৰ মনত আত্ম-অনুশাসন, আত্ম-নিৰ্ভৰশীলতা, কৰ্ম-সংস্কৃতি প্ৰভূতিৰ ধনাত্মক মনোভাৱসমূহ গঢ়ি তোলা।

(ঘ) শিক্ষাৰ্থীসকলৰ মনত কঠোৰ শ্ৰম আৰু শ্ৰমৰ মৰ্যাদা সম্পৰ্কে এক সুস্থ মনোভাৱ গঢ়ি তোলাৰ যত্ন কৰা।

(ঙ) শিক্ষাৰ্থীসকলৰ মাজত ৰাষ্ট্ৰীয় সংহতি আৰু আন্তৰ্জাতিক বুজাপৰাৰ মনোভাৱৰ বিকাশ সাধন কৰা।

(চ) শিক্ষাৰ্থীসকলৰ অন্তৰত মানৱীয় মূল্যবোধসমূহৰ সুদৃঢ় ভেটি তৈয়াৰ কৰা।

প্ৰশ্ন ২৭। মূল্যবোধ শিক্ষাৰ যিকোনো পাঁচটা উপযোগিতা উল্লেখ কৰা। (Mention any five utilities of value education.)

উত্তৰঃ মূল্যবোধ শিক্ষাৰ পাঁচটা উপযোগিতা অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) মূল্যবোধ শিক্ষাৰ যোগে শিক্ষাৰ্থীসকলৰ সু-সমাযোজিত আৰু সংসদ ব্যক্তিত্ব গঠন কৰি তুলিব পৰা যায়।

(খ) মূল্যবোধৰ সুস্থ মনোভাব গঠনে এজন লোকক সজ আদৰ্শৰ সুনাগৰিক স্বৰূপে গঢ়ি তুলিব পাৰে।

(গ) স্ব-অধীনতা, সমতা, ভ্ৰাতৃত্ব আৰু সামাজিক ন্যায় আদি গণতান্ত্ৰিক মূল্যবোধবোৰ এই শিক্ষাই ব্যক্তিৰ মন আৰু আচৰণত গঢ় দি তুলিব পাৰে।

(ঘ) শিক্ষাৰ্থীসকলৰ চৰিত্ৰ গঠনৰ প্ৰত্যাশিত গুণ বা সংলক্ষণবোৰ এই শিক্ষাই নিশ্চিত ৰূপত বিকাশই তুলিব পাৰে।

(ঙ) মূল্যবোধ শিক্ষাৰ যোগেদি এক সংস্কৃতি পৰায়ন মন আৰু আচৰণ এজন লোকৰ ব্যক্তিত্বত গঢ়ি তুলিব পৰা যায়।

প্ৰশ্ন ২৮। পৰিৱেশ শিক্ষা বুলিলে কি বুজা ? (What do you mean by environmental education.)

উত্তৰঃ পৰিৱেশ শিক্ষা হ’ল এনে এক শিক্ষা প্ৰক্ৰিয়া যাৰ মূল উদ্দেশ্য হ’ল চৌপাশৰ পৰিৱেশ সম্পৰ্কে জনগণৰ জ্ঞান আৰু সচেতনতা বৃদ্ধি কৰা আৰু ইয়াৰ লগত জড়িত সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ ব্যক্তিৰ মনোভঙ্গী, উদ্যম আৰু দায়িত্ববোধ বৃদ্ধি কৰা। সম্প্ৰীতি বিশ্বায়নৰ অত্যাধুনিক ভাৱধাৰাই উৎপাদন ব্যৱসায় আৰু উপভোগৰ, ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। সহজ অৰ্থত ক’ব পাৰি যে পৰিৱেশৰ বিপৰ্যয়ৰ পৰা মানুহক ৰক্ষা কৰি ইয়াৰ সমস্যা সমাধানৰ বাবে ল’ব লগা শিক্ষাই হৈছে পৰিৱেশ শিক্ষা। এই শিক্ষা হৈছে এক অবিৰত প্ৰক্ৰিয়া, যাৰ যোগেদি মানুহৰ মনত পৰিৱেশৰ ধ্বংসকৰণে সৃষ্টি কৰি তোলা নিজ জীৱন বিপন্নতাৰ প্ৰতি সচেতন আৰু প্ৰতিক্ৰিয়াশীল কৰি তুলিব পৰা যায়।

মিটজেল (Mitzel) ৰ মতে, পৰিৱেশ শিক্ষা হ’ল জৈৱিক, সামাজিক, নৃতাত্বিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু মানৱ সম্পদৰ দৰে একাধিক বিষয় সামৰি লোৱা এক ধাৰণা (Environmental Education is an interdisciplinary concept drawing from Biological & Sociological,Anthropological, Economic, Political resources)।

আৰ. এ.শৰ্মাই (R.A.Sharma) মত প্ৰকাশ কৰি কয়, পৰিৱেশ শিক্ষাই দৈহিক আৰু সাংস্কৃতিক পৰিৱেশৰ প্ৰতি সচেতনতা আৰু জীৱনৰ বাস্তৱ পৰিস্থিতিৰ লগত থকা ইয়াৰ প্ৰাসংগিকতা নিৰীক্ষণ কৰিব পৰাকেই সূচায় (Environmental education refers to the awareness of physical and cultural environment and perceive its relevance for real life situations)।

প্ৰশ্ন ২৯। শান্তিৰ বাবে শিক্ষাৰ দুটা লক্ষ্য লিখা। (Write two goals of education for peace.)

উত্তৰঃ শান্তিৰ বাবে শিক্ষাৰ দুটা লক্ষ্য অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) অহিংস পন্থাৰে দ্বন্দ্ব উপশম কৰা আৰু শিক্ষাৰ্থীসকলৰ মনত তেওঁলোকে যাতে সহনশীলতা, অনুকম্পা, ভগাই লোৱা, ধাৰণ কৰাৰ বাবে মনৰ আভ্যন্তৰীণ শান্তিৰ উন্নতি ঘটাব পাৰে সেই দিশত সামৰ্থ্যৰ বিকাশ সাধন কৰা শান্তিৰ বাবে শিক্ষাৰ এটা প্ৰধান লক্ষ্য।

(খ) জাতীয় আৰু আন্তৰ্জাতিক স্তৰত সংহতি আৰু নিৰপেক্ষতাৰ উপলব্ধিৰ উৎকৰ্ষ সাধন কৰা শান্তিৰ বাবে শিক্ষাৰ এটা প্ৰধান লক্ষ্য।

প্ৰশ্ন ৩০। UNO ৰ দুটা প্ৰধান অংগৰ নাম লিখা। (Write the names of the two main parts of UNO ?)

উত্তৰঃ UNO প্ৰধান অংগ ছয়টাৰ ভিতৰত দুটা তলত উল্লেখ কৰা হ’ল—

(ক) সাধাৰণ পৰিষদ (General Assembly).

(খ) নিৰাপত্তা পৰিষদ (Security Council).

প্ৰশ্ন ৩১। শান্তিৰ বাবে শিক্ষাৰ দুটা কার্য উল্লেখ কৰা। (Mention two functions of education for peace.)

উত্তৰঃ শান্তিৰ বাবে শিক্ষাৰ দুটা কাম তলত অতি সংক্ষেপে আলোচনা কৰা হ’ল—

(ক) শিক্ষাই আন্তৰ্জাতিক বুজা-বুজিৰ সৃষ্টি কৰিব লাগিব, সহযোগিতা বৃদ্ধি কৰিব লাগিব, মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ লগত জড়িত কথাবোৰৰ প্ৰতি সকলোকে সচেতন কৰি তুলিব লাগিব।

(খ) শিক্ষাৰ নীতিসমূহে ব্যক্তিসকলৰ মাজত আৰু বিভিন্ন নৃগোষ্ঠীয়, সামাজিক, সাংস্কৃতিক আৰু ধর্মীয় গোটসমূহৰ মাজত আৰু সাৰ্বভৌম জাতিসমূহৰ মাজত বুজা-বুজিৰ বিকাশৰ ক্ষেত্ৰত, সংহতিৰ ক্ষেত্ৰত আৰু সহনশীলতাৰ ক্ষেত্ৰত অৱদান যোগাব লাগিব।

প্ৰশ্ন ৩২। পৰিৱেশ শিক্ষাৰ প্ৰকৃতি আৰু বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the nature and characteristics of environmental education.)

উত্তৰঃ তলত পৰিৱেশ শিক্ষাৰ প্ৰকৃতি আৰু বৈশিষ্ট্যসমূহ চমুকৈ উল্লেখ কৰা হ’ল—

(ক) পৰিৱেশ শিক্ষা হ’ল জৈৱিক প্ৰকৃতি আৰু সাংস্কৃতিক পৰিৱেশৰ লগত মানুহৰ পাৰস্পৰিক সম্পৰ্ক সূচোৱা এক শিক্ষা প্ৰক্ৰিয়া।

(খ) পৰিৱেশৰ বিভিন্নতাৰ মাজত থকা প্ৰকৃত স্বৰূপ এই প্ৰকাৰ শিক্ষাই উদ্ঘাটন কৰে।

(গ) বাস্তৱ পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ মানসিকতা গঢ়ি তোলে।

(ঘ) শিক্ষানুষ্ঠানৰ চৌহদ আৰু ইয়াৰ চাৰিওফালৰ প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশক এই প্ৰকাৰৰ শিক্ষাই আৰম্ভণি বিন্দু হিচাপে লয়।

(ঙ) পৰিৱেশ শিক্ষা সমাজকেন্দ্ৰিক।

(চ) পৰিৱেশ শিক্ষাই প্ৰমূল্য সম্পৰ্কে ধাৰণা গঢ়ি তোলে।

(ছ) পৰিৱেশ শিক্ষাই শিক্ষাৰ্থীক আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধি কৰে।

(জ) পৰিৱেশ শিক্ষা কৰ্মকেন্দ্ৰিক।

(ঝ) এনে শিক্ষাই পৰিৱেশৰ সমস্যাকালীক স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্টীয় পটভূমিত বিবেচনা কৰে।

(ঞ) পৰিৱেশ শিক্ষাই বিভিন্ন সমস্যাৰ সমাধানৰ উপায় দিয়াৰ উপৰিও ইয়াক উন্নয়নমূলক আঁচনিৰ সৈতে যুক্ত কৰে।

প্ৰশ্ন ৩৩। দূৰত্ব শিক্ষা কি ? দূৰত্ব শিক্ষাৰ বিভিন্ন প্ৰকাৰ উল্লেখ কৰা। (What is distance education ? Mention different types of distance education.) 

উত্তৰঃ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পাৰস্পৰিক যোগাযোগ নোহোৱাকৈ শিক্ষা লাভ কৰা ব্যৱস্থাকে দূৰ শিক্ষা বোলে। দহমেন নামৰ চিন্তাবিদগৰাকীয়ে  দিয়া দূৰ শিক্ষাৰ সংজ্ঞাটোত কোৱা হৈছে যে ‘আত্ম অধ্যয়ন’ হে গুৰুত্বপূৰ্ণ। দূৰ শিক্ষাক কাৰ্যকৰী কৰিবলৈ হ’লে আত্ম অধ্যয়ন প্ৰক্ৰিয়াক কাৰ্যকৰী কৰি তুলিব লাগিব।

(ক) শিক্ষাৰ্থীকেন্দ্ৰীক শিক্ষা।

(খ) পৰোক্ষ শিক্ষা।

(গ) প্ৰকৃত জীৱনবোধৰ শিক্ষা।

প্ৰশ্ন ৩৪। মুক্ত বিদ্যালয় কি ? মুক্ত বিদ্যালয়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। (What is an open school ? Write about open school requirements.)

উত্তৰঃ মুক্ত শিক্ষা হৈছে এনে এবিধ শিক্ষা ব্যৱস্থা য’ত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত বা আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীক পুনৰ ঘৰতে বহি শিক্ষা লাভ কৰিবৰ বাবে সুযোগ দিয়া হয়। মুক্ত শিক্ষাই আনুষ্ঠানিক বা অনানুষ্ঠানিক পদ্ধতিৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰে। মুক্ত শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত নিবিড় সম্পৰ্ক নাথাকে।

মুক্ত বিদ্যালয়ৰ প্ৰয়োজনীয়তা :- মুক্ত বিদ্যালয়ে মাধ্যমিক স্তৰৰ শিক্ষাৰ দাবীসমূহ পূৰণ কৰে। ইয়াত আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত, বিদ্যালয়ৰ শিক্ষা আধৰুৱা কৰা, চাকৰিয়াল, গৃহিনী আৰু অনুন্নত শ্ৰেণীৰ ব্যক্তিসকলক শিক্ষা লাভৰ সুযোগ দিয়া হয়। এনে ব্যক্তিসকলৰ শিক্ষাৰ চাহিদা পূৰণ কৰিবলৈ মুক্ত বিদ্যালয়ৰ প্ৰয়োজন আছে। নতুন নতুন ধাৰণাৰ জ্ঞান অভিনৱ পদ্ধতিৰে সম্প্ৰসাৰিত কৰাৰ বাবে মুক্ত বিদ্যালয়ৰ প্ৰয়োজন আছে। মুক্ত বিদ্যালয়ে পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ সীমাবদ্ধতা আঁতৰাই সমাজৰ প্ৰয়োজনীতাবোৰ পূৰণ কৰিবলৈ সক্ষম হৈ পৰিছে।

প্ৰশ্ন ৩৫। দূৰত্ব শিক্ষা ব্যৱস্থা সম্পৰ্কে কিগানৰ ধাৰণা লিখা। (Write Keegan’s idea about distance education.)

উত্তৰঃ দূৰত্ব শিক্ষা ব্যৱস্থা সম্পৰ্কে কিগানৰ ধাৰণা :- 

(ক) শিক্ষক আৰু শিক্ষাৰ্থীক পৃথকীকৰণ।

(খ) শৈক্ষিক সংগঠন ভূমিকা।

(গ) কাৰিকৰী মাধ্যমৰ স্থান।

(ঘ) দ্বৈত পদ্ধতিৰ যোগাযোগ ব্যৱস্থা।

(ঙ) শিকাৰুসকলক তেওঁলোকৰ দলৰ পৰা পৃথকীকৰণ।

(চ) উদ্যোগীকৰণ।

প্ৰশ্ন ৩৬। অগতানুগতিক শিক্ষা কি ? ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ? (What is non-traditional education ? Discuss its features.)

উত্তৰঃ অগতানুগতিক শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষাৰ বাহিৰৰ এক সুসংগঠিত পৰিকল্পিত শিক্ষা-ব্যৱস্থা।  বিশিষ্ট শিক্ষাবিদ জে. পি.নায়কৰ মতে—-“আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়।

অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য :-

(ক) অগতানুগতিক শিক্ষাৰ বিস্তৃতি শিক্ষাৰ্থীৰ জীৱনব্যাপ্ত।

(খ) এই শিক্ষা গণতান্ত্ৰিক আদৰ্শভিত্তিক অৰ্থাৎ এই শিক্ষাৰ সুবিধা সকলো বয়সৰ সকলো ঠাইৰ সকলো লোকেই ল’ব পাৰে।

(গ) ই এক নমনীয় শিক্ষা ব্যৱস্থা।

(ঘ) এই শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক।

(ঙ) এই শিক্ষাত ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।

(চ) ই এক মিতব্যয়ী শিক্ষা-ব্যৱস্থা।

(ছ) ই পৰীক্ষাকেন্দ্ৰিক নহয়।

(জ) এই শিক্ষা স্বতঃস্ফূৰ্ত আৰু সুপৰিকল্পিত।

(ঝ) এই শিক্ষা বিদ্যালয়ৰ চাৰিসীমাত আবদ্ধ নহয়।

প্ৰশ্ন ৩৭। অগতানুগতিক শিক্ষাৰ উদ্দেশ্যসমূহ কি কি ?  (What are the objectives of non-traditional education ?)

উত্তৰঃ অগতানুগতিক শিক্ষাৰ লক্ষ্যসমূহ হ’ল :-

(ক) শিক্ষাক সাৰ্বজনীন কৰি গঢ়ি তোলা আৰু নিৰক্ষৰতা দূৰ কৰা।

(খ) সমগ্ৰ দেশৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে ব্যক্তিক সচেতন কৰি সেইবোৰৰ সমাধান উলিয়াবলৈ আগ্ৰহী কৰা।

(গ) জাতীয় আদৰ্শসমূহৰ প্ৰতি এক সুস্থ মনোভাৱ গঢ় দিয়া।

(ঘ) দেশৰ ৰাইজক আত্মনির্ভৰশীল কৰি গঢ়ি তোলা।

(ঙ) জীৱন ধাৰণৰ মান উন্নত কৰা আৰু ৰাষ্ট্ৰৰ বিকাশত সহায় আগবঢ়াব পৰাকৈ উপযুক্ত ব্যক্তি গঢ় দি তোলা।

প্ৰশ্ন ৩৮। অগতানুগতিক শিক্ষাৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। (Discuss  the range of non-traditional education.)

উত্তৰঃ অগতানুগতিক শিক্ষাৰ পৰিসৰ হৈছে সকলো লোকৰ নিজ নিজ শৈক্ষিক প্ৰয়োজন পূৰণ কৰিব পৰাটো। এই শিক্ষাৰ পৰিসৰ বহল। এই শিক্ষা ব্যৱস্থাত বৃত্তি, জীৱিকা, কাৰিকৰী জ্ঞান আহৰণ, ব্যক্তিগত আৰু পাৰিবাৰিক অভিজ্ঞতা আদি ব্যৱহাৰিক দিশসমূহৰ ওপৰত গুৰুত্ব দিয়া হয়।

এই শিক্ষাৰ কাৰ্য্যক্ষেত্ৰ যথেষ্ট বহল। বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ নতুন উদ্ভাৱনে অগতানুগতিক শিক্ষাৰ ক্ষেত্ৰখন এক আন্তৰ্জাতিক পৰ্যায়লৈ আগুৱাই লৈ গৈছে। অগতানুগতিক শিক্ষাই আগ্রহীসকলৰ বাবে উচ্চ শিক্ষাৰ দুৱাৰ খুলি দিয়ে।

প্ৰশ্ন ৩৯। অগতানুগতিক শিক্ষাৰ গুৰুত্ব কি? (What is the importance of non-traditional education ?)

উত্তৰঃ প্ৰগতিশীল আৰু পৰিৱৰ্তনশীল সমাজৰ লগত উপযুক্তভাৱে সময়োজন কৰিবৰ বাবে বৰ্তমান অগতানুগতিক শিক্ষা সমাজৰ বাবে অপৰিহাৰ্য হৈ পৰিছে।

শিক্ষাৰ ক্ষেত্ৰত অগতানুগতিক শিক্ষাৰ গুৰুত্বসমূহ হ’ল :-

(ক) অগতানুগতিক শিক্ষাই নিৰক্ষৰতা আতৰ কৰি শিক্ষাৰ সাৰ্বজনীনকৰণত সহায় কৰে।

(খ) অগতানুগতিক শিক্ষাই ব্যক্তিৰ শৈক্ষিক আৰু অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰে। 

(গ) এই শিক্ষাই প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

(ঘ) এই শিক্ষাই বিভিন্ন বৃত্তিত কৰ্মৰত লোকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়।

(ঙ) এই শিক্ষাত শিক্ষাৰ্থীয়ে নিজৰ আগ্ৰহ আৰু প্ৰয়োজন অনুযায়ী শিক্ষা গ্ৰহণ কৰিব পাৰে।

(চ) এই শিক্ষাই শিক্ষাৰ্থীক কোনো বিষয়ৰ সৰ্বাধুনিক জ্ঞান প্ৰদান কৰিব পাৰে।

(ছ) এই শিক্ষা অধিক মিতব্যয়ী হোৱাৰ কাৰণে ইয়াৰ জৰিয়তে কম খৰচতে অধিক সংখ্যক শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰিব পৰা যায়। সেয়েহে আমাৰ দেশৰ শৈক্ষিক চাহিদা পূৰণৰ বাবে এই শিক্ষাৰ এক উল্লেখনীয় ভূমিকা আছে।

প্ৰশ্ন ৪০। অগতানুগতিক শিক্ষাৰ সীমাবদ্ধতা উল্লেখ কৰা। (Mention the limitations of non-traditional education.)

উত্তৰঃ অগতানুগতিক শিক্ষাৰ সমস্যা বা সীমাবদ্ধতাসমুহ :-

(ক) পিছপৰা অঞ্চলত আজিও পত্ৰ বিনিময়ৰ দ্বাৰা শিক্ষা দিয়া ব্যৱস্থাত উপকৃত হ’ব পৰা নাই। সেয়ে দুৰৱৰ্তী শিক্ষাই জনসাধাৰণৰ ওপৰত উচ্চ শিক্ষাৰ গতানুগতিক কাৰ্যকৰী প্ৰভাৱ সন্তোষজনকভাৱে এতিয়াও প্ৰতিফলিত হোৱা নাই।

(খ) অনানুষ্ঠানিক শিক্ষাৰ কোনো নিৰ্দিষ্ট পাঠ্যক্ৰম নাই আৰু এই শিক্ষা অঞ্চলভেদে বেলেগে বেলেগে দিব লগা হোৱাৰ বাবে যথোপযুক্ত পাঠ্যক্ৰম প্ৰস্তুত কৰিব নোৱাৰি।

(গ) এই শিক্ষা ব্যৱস্থাৰ প্ৰধান দুৰ্বলতা হ’ল ইয়াৰ সুসংগঠিত কোনো সংগঠন আৰু মন্ত্ৰণালয় নাই।

(ঘ) অনানুষ্ঠানিক শিক্ষাৰ সাংগঠনিক দিশত কিছুমান সমস্যা পৰিলক্ষিত হয়। শিক্ষা প্ৰদানত বিভিন্ন বিভাগসমূহৰ মাজত বুজা পৰা আৰু সমন্বয় সাধন এতিয়ালৈকে হোৱা নাই। 

(ঙ) স্থানীয় প্ৰয়োজনৰ ভিত্তিত শিক্ষাদানৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ, শিক্ষা বিতৰণ পদ্ধতি আদিত শৃংখলাবদ্ধতাৰ অভাৱ আদি দেখা যায়।

প্ৰশ্ন ৪১। দূৰত্ব শিক্ষাৰ উদ্দেশ্যসমূহআলোচনা কৰা। (Discuss the objectives of distance learning.)

উত্তৰঃ দূৰত্ব শিক্ষাৰ উদ্দেশ্যসমূহ হ’ল—

(ক) আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিতসকলক উচ্চ শিক্ষাৰ সুবিধা দিয়া।

(খ) বিভিন্ন কাৰণত শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিব নোৱাৰাসকলক সহায় কৰা।

(গ) এই শিক্ষা ব্যৱস্থা মিতব্যয়ী কাৰণে দুখীয়া লোকক শিক্ষাদান দিয়াটো ইয়াৰ উদ্দেশ্য।

(ঘ) শিক্ষাক সাৰ্বজনীন কৰি তোলা।

(ঙ) বিজ্ঞান প্ৰযুক্তিবিদ্যাই সৃষ্টি কৰি তোলা শিক্ষাৰ প্ৰয়োজন পূৰণ কৰিব পৰাটো দূৰ শিক্ষাৰ উদ্দেশ্য।

(চ) শিক্ষাৰ্থীসকলৰ সুস্থ দেহত সুস্থ মন গঢ় দি তোলাটোও ইয়াৰ লক্ষ্য। 

(ছ) সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত থকা বৈষম্যৰ ভাৱ গুচাই সমতা, ভাতৃত্ব আৰু সামাজিক ন্যায় স্থাপন কৰি তোলাটো ইয়াৰ উদ্দেশ্য।

প্ৰশ্ন ৪২। দূৰত্ব শিক্ষাৰ বৈশিষ্ট্যসমূহ লিখা। (Write the features of distance learning.)

উত্তৰঃ দূৰত্ব শিক্ষাৰ বৈশিষ্ট্যসমূহ হ’ল :-

(ক) দূৰ শিক্ষা ব্যৱস্থাত আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়ম শিথিল কৰি তোলা হয়; কিয়নো ই এবিধ অগতানুগতিক শিক্ষা ব্যৱস্থা। 

(খ) এই শিক্ষা হৈছে শিক্ষাৰ্থী প্ৰধান; ইয়াত শিক্ষাৰ্থীৰ প্ৰয়োজনৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।

(গ) ইয়াত শিক্ষাদানৰ ব্যৱস্থা পৰোক্ষবিধৰ কৰি তোলা হয়।

 (ঘ) এই শিক্ষা গণতান্ত্ৰিক নীতি আৰু আদৰ্শৰে পৰিচালিত হয়।

(ঙ) এই শিক্ষা ব্যৱস্থা নমনীয়।

(চ) এই শিক্ষা ব্যৱস্থা মিতব্যয়ী।

(ছ) ই বিভিন্ন কাৰণত পৰিপ্ৰেক্ষিতত আনুষ্ঠানিক শিক্ষাৰ পৰা আঁতৰত থকা লোকসকলক শিক্ষা লাভৰ সুবিধা দিব পাৰে।

(জ) আধুনিক আৰু উপযুক্ত শৈক্ষিক আৰু যোগাযোগৰ পদ্ধতি ব্যৱহাৰ কৰি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰে।

(ঝ) ইয়াত শিক্ষাৰ্থীয়ে বহুবিধ বিষয়ৰ পৰা নিজৰ চাহিদা অনুসৰি পাঠ্যক্ৰম বাছি ল’ব পৰাৰ সুবিধা ইয়াত আছে।

(ঞ) দুৰৱৰ্তী শিক্ষাই উচ্চ শিক্ষা লোৱাৰ প্ৰতি আগ্ৰহী লোকসকলক শিক্ষালাভৰ প্ৰকৃত সুবিধা প্ৰদান কৰে।

প্ৰশ্ন ৪৩। আমাৰ দেশত দূৰত্ব শিক্ষাৰ গুৰুত্ব আলোচনা কৰা। (Discuss the importance of distance education in our country.)

উত্তৰঃ দূৰ শিক্ষা হ’ল আধুনিক শিক্ষা ব্যৱস্থাৰ এক উল্লেখনীয় সংযোজন। ইয়াক আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ এক বিকল্প পদ্ধতি বুলি ক’ব পাৰি আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকে ইয়াত নিজৰ যোগ্যতা আৰু সময় অনুযায়ী শিক্ষা লাভ কৰে।

সাধাৰণভাৱে ক’বলৈ হ’লে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পাৰস্পৰিক যোগাযোগ নোহোৱাকৈ শিক্ষা লাভ কৰা ব্যৱস্থাকে দূৰ শিক্ষা বুলি ক’ব পাৰি। কগতানুগতিক শিক্ষা ব্যৱস্থাৰ এক উল্লেখযোগ্য দিশ হ’ল এই দূৰত্ব শিক্ষা। এই শিক্ষা ব্যৱস্থাত শিক্ষকৰ লগত পৰোক্ষভাৱে যোগাযোগ নহয় কাৰণে ইয়াক পৰোক্ষ শিক্ষা ব্যৱস্থা বুলিও কোৱা হয়।

দূৰত্ব শিক্ষাৰ তাৎপৰ্য :-

(ক) দূৰত্ব শিক্ষাই জীৱনব্যাপী শিক্ষা গ্ৰহণত সুযোগ প্ৰদান কৰে।

(খ) দুৰৱৰ্তী শিক্ষাই সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে শৈক্ষিক সুবিধাৰ সমবিতৰণ কৰি শৈক্ষিক সুবিধাসমূহ সমতাপূৰ্ণ কৰি তোলাত সহায় কৰে।

(গ) দুৰৱৰ্তী শিক্ষাই ব্যক্তিৰ শিক্ষা আহৰণ আৰু বিকাশ প্ৰক্ৰিয়াক বিস্তৃতভাৱে আগবঢ়াই নিয়াত সহায় কৰে।

(ঘ) আধুনিক প্ৰযুক্তিবিদ্যাৰ কৌশল, ৰেডিঅ’, টেলিভিশ্যন, কম্পিউটাৰ, ইন্টাৰনেট,ই মেইল ইত্যাদি বিভিন্ন ইলেকট্ৰনিক মাধ্যমসমূহৰ ওপৰত গুৰুত্ব দি প্ৰকৃত আৰু উপযুক্ত মানৱ সম্পদ গঠনত সহায় কৰা।

(ঙ) শিক্ষাৰ্থীয়ে নিজৰ সামৰ্থ্য বা যোগ্যতা অনুযায়ী জ্ঞান লাভ কৰাত সহায় কৰা।

(চ) ই উচ্চ শিক্ষাৰ বিকাশ ঘটাই শিক্ষাক সাৰ্বজনীন ভাৱে আগবঢ়াই নিয়াত সহায় কৰে।

প্ৰশ্ন ৪৪। মুক্ত শিক্ষাৰ ধাৰণাটো ব্যাখ্যা কৰা। (Explain the concept of free education.)

উত্তৰঃ মুক্ত শিক্ষা হৈছে এনে এবিধ শিক্ষা ব্যৱস্থা য’ত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত বা আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীক পুনৰ ঘৰতে বহি শিক্ষা লাভ কৰিবৰ বাবে সুযোগ দিয়া হয়। মুক্ত শিক্ষাই আনুষ্ঠানিক বা অনানুষ্ঠানিক পদ্ধতিৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰে। মুক্ত শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত নিবিড় সম্পৰ্ক নাথাকে।

মুক্ত শিক্ষাৰ প্ৰধান লক্ষ্য বা উদ্দেশ্যসমূহ হ’ল–

(ক) শিক্ষাৰ মান উন্নত কৰা।

(খ) আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বিভিন্ন কাৰণত বঞ্চিত হোৱা লোকসকলক শিক্ষা লাভৰ সুযোগ প্ৰদান কৰা।

(গ) দেশৰ সকলো লোকে যাতে শিক্ষা লাভৰ সুযোগ পায় তাক কাৰ্যকৰী কৰা।

(ঘ) প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ লগতে প্ৰাপ্তবয়স্ক শিক্ষাৰ প্ৰসাৰতা অনা।

(ঙ) শিক্ষাৰ্থীক শিক্ষাৰ প্ৰাসংগিকতাৰ লগত খাপ খাবলৈ সুবিধা দিয়া।

(চ) শিক্ষাৰ্থীৰ আৰ্থ-সামাজিক দিশৰ বিকাশ আৰু উন্নতি সাধন কৰা।

(ছ) ৰাষ্ট্ৰৰ কল্যাণৰ বাবে ব্যক্তিসকলক উৎপাদনমূখী হ’বলৈ প্ৰয়োজনীয় শিক্ষা আৰু শিক্ষণৰ দিহা কৰা।

(জ) বিদ্যালয়লৈ যাব নোৱাৰা লোকসকলে যাতে উচ্চ শিক্ষা ঘৰত থাকি লাভ কৰিব পাৰে, তাৰ ব্যৱস্থা কৰা।

(ঝ) শিক্ষাক জীৱন জোৰা প্ৰক্ৰিয়া হিচাপে পৰিগণিত কৰাৰ ব্যৱস্থা কৰা।

(ঞ) মাধ্যমিক আৰু উচ্চ শিক্ষাক সমাজৰ চাহিদালৈ লক্ষ্য ৰাখি অধিকভাৱে ফলপ্ৰসূ কৰি তোলাৰ ব্যৱস্থা কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top