Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী

Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী Question Answer can be of great value to excel in the examination.

Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী

Join Telegram channel

Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী Notes cover all the exercise questions in UGC Syllabus. Emerging Trends in Indian Education Unit 3 ভাৰতীয় শিক্ষাৰ অপৰিহাৰ্য দৃষ্টিভংগী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্ৰশ্ন ৪৫। মুক্ত শিক্ষাৰ বৈশিষ্ট্যসমূহ লিখা। (Write the features of education.)

উত্তৰঃ মুক্ত শিক্ষাৰ বৈশিষ্ট্যসমূহ হ’ল :-

(ক) শিক্ষাৰ্থীয়ে ঘৰতে বহি শিক্ষালাভ কৰিব পাৰে।

(খ) মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীক শিক্ষালাভৰ সুযোগ প্ৰদান কৰে।

(গ) আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত, আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীক পুনৰ শিক্ষা লাভৰ সুযোগ দিয়া।

(ঘ) ই আনুষ্ঠানিক বা অনানুষ্ঠানিক পদ্ধতিৰে শিক্ষা প্ৰদানৰ ব্যৱস্থাত নাথাকে।

(ঙ) শিক্ষক শিক্ষাৰ্থীৰ মাজত নিবিড় সম্পৰ্ক এই শিক্ষা ব্যৱস্থাত নাথাকে।

(চ) ইয়াত নামভৰ্তি, বিষয় নিৰ্বাচন, পৰীক্ষাত অৱতীৰ্ণ হোৱা, শ্ৰেণীত উপস্থিত থকা ইত্যাদিবোৰ শিক্ষাৰ্থীৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ছ) ইচ্ছুক শিক্ষাৰ্থীৰ বিদ্যালয়ৰ পৰিৱেশ প্ৰদান কৰা ইত্যাদি।

প্ৰশ্ন ৪৬। মুক্ত শিক্ষাৰ সুবিধাসমূহ কি কি ? (What are the benefits of free education ?)

উত্তৰঃ মুক্ত শিক্ষাৰ সুবিধাসমূহ হ’ল—

(ক)  এই শিক্ষাৰ মাধ্যমত সকলো স্তৰৰ শিক্ষানুৰাগী লোকসকলে শিক্ষাৰ সুবিধা পাইছে।

(খ) এই শিক্ষা ব্যৱস্থাত খৰচ অধিক কম হয় বাবে শ্ৰেণীৰ লোকসকলেও শিক্ষা লাভৰ সুবিধা লাভ কৰিছে।

(গ) ইয়াত নাম ভৰ্তিকৰণৰ সময়ত নিদ্দিষ্ট কোনো যোগ্যতাৰ প্ৰয়োজন নহয়।

(ঘ) ইয়াত পাঠ্যক্ৰম শেষ কৰাৰ বাবে যথেষ্ট সময় দিয়া যায়। অৰ্থাৎ এবছৰীয়া পাঠ্যক্ৰম শেষ কৰোতে চাৰি বছৰলৈ সময় পায়।

(ঙ) ইয়াৰ পাঠ্যক্ৰমবোৰ অধিকভাৱে ব্যৱহাৰোপযোগী আৰু প্ৰয়োগশীল ধৰণৰ।

(চ) ইয়াত অধিক সংখ্যক পাঠ্যক্ৰম বৃত্তিমুখী ধৰণৰ।

(ছ) এই শিক্ষা ব্যৱস্থাৰ মাধ্যমত পোৱা আত্মশিক্ষণ অহিলাবোৰে শিকাৰুসকলৰ আত্ম-অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়ে।

(জ) এই শিক্ষা ব্যৱস্থাৰ মূল্যায়ন কৰোতে শিকাৰুৰ নিজস্ব কৰ্মৰাজিৰ ওপৰত গুৰুত্ব দিয়া হয়।

প্ৰশ্ন ৪৭। দূৰ শিক্ষা কি ? এই শিক্ষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। (What is distance education ? Explain the significance of this distance education.)

উত্তৰঃ দূৰ শিক্ষা হ’ল আধুনিক শিক্ষা ব্যৱস্থাৰ এক উল্লেখনীয় সংযোজন। ইয়াক আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ এক বিকল্প পদ্ধতি বুলি ক’ব পাৰি আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকে ইয়াত নিজৰ যোগ্যতা আৰু সময় অনুযায়ী শিক্ষা লাভ কৰে।

সাধাৰণভাৱে ক’বলৈ হ’লে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পাৰস্পৰিক যোগাযোগ নোহোৱাকৈ শিক্ষা লাভ কৰা ব্যৱস্থাকে দূৰ শিক্ষা বুলি ক’ব পাৰি। অগতানুগতিক শিক্ষা ব্যৱস্থাৰ এক উল্লেখযোগ্য দিশ হ’ল এই দূৰত্ব শিক্ষা। এই শিক্ষা ব্যৱস্থাত শিক্ষকৰ লগত পৰোক্ষভাবে যোগাযোগ নহয় কাৰণে ইয়াক পৰোক্ষ শিক্ষা ব্যৱস্থা বুলিও কোৱা হয়।

দূৰত্ব শিক্ষাৰ তাৎপৰ্য :-

(i) দূৰত্ব শিক্ষাই জীৱনব্যাপী শিক্ষা গ্ৰহণত সুযোগ প্ৰদান কৰে।

(ii) দুৰৱৰ্তী শিক্ষাই সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে শৈক্ষিক সুবিধাৰ সমবিতৰণ কৰি শৈক্ষিক সুবিধাসমূহ সমতাপূৰ্ণ কৰি তোলাত সহায় কৰে।

(iii) দুৰৱৰ্তী শিক্ষাই ব্যক্তিৰ শিক্ষা আহৰণ আৰু বিকাশ প্ৰক্ৰিয়াক বিস্তৃতভাৱে আগবঢ়াই নিয়াত সহায় কৰে।

(iv) আধুনিক প্ৰযুক্তিবিদ্যাৰ কৌশল, ৰেডিয়’,টেলিভিছন, কম্পিউটাৰ, ইণ্টাৰনেট, ই মেইল ইত্যাদি বিভিন্ন ইলেকট্ৰনিক মাধ্যমসমূহৰ ওপৰত গুৰুত্ব দি প্ৰকৃত আৰু উপযুক্ত মানৱ সম্পদ গঠনত সহায় কৰা।

(v) শিক্ষাৰ্থীয়ে নিজৰ সামৰ্থ্য বা যোগ্যতাৰ অনুযায়ী জ্ঞান লাভ কৰাত সহায় কৰা।

(vi) ই উচ্চ শিক্ষাৰ বিকাশ ঘটাই শিক্ষাক সাৰ্বজনীন ভাৱে আগবঢ়াই নিয়াত সহায় কৰে।

প্ৰশ্ন ৪৮। দূৰত্ব শিক্ষাৰ সংজ্ঞা দিয়া। এই শিক্ষা প্ৰদানৰ কেইটামান উপায় লিখা। (Define distance education. Wri a few ways to provide this education ?)

উত্তৰঃ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পাৰস্পৰিক যোগাযোগ নোহোৱাকৈ শিক্ষা লাভ কৰা ব্যৱস্থাকে দূৰ শিক্ষা বোলে। দহমেন নামৰ চিন্তাবিদগৰাকীয়ে দিয়া দূৰ শিক্ষা সংজ্ঞাটোত কোৱা হৈছে যে ‘আত্ম অধ্যয়ন’ হে গুৰুত্বপূৰ্ণ। দূৰ শিক্ষাক কাৰ্যকৰী কৰিবলৈ হ’লে আত্ম অধ্যয়ন প্ৰক্ৰিয়াক কাৰ্যকৰী কৰি তুলিব লাগিব।

দূৰত্ব শিক্ষা প্ৰদানৰ কেইটামান উপায় হ’ল—

(i) অনাতাঁৰ আৰু দুৰদর্শন :- অনাতাঁৰ আৰু দূৰদর্শনৰ সহায়েৰে ছাত্ৰ-ছাত্ৰীক বিভিন্ন মনোৰঞ্জনমূলক, শিক্ষা নিৰ্দেশনা, দেশ-বিদেশৰ বা-বাতৰি আদি দিব পাৰি। এই দুয়োটা আহিলা সহজলভ্য আৰু সেইবাবে অতি ভিতৰুৱা অঞ্চলো এই কাৰ্যক্ৰমে সাঙুৰি ল’ব পাৰে।

(ii) শ্ৰৱণ-দৰ্শন সঁজুলি :- শ্ৰৱণ-দৰ্শন সঁজুলি হৈছে দূৰত্ব শিক্ষা ব্যৱস্থাৰ এটি শক্তিশালী মাধ্যম। টেপ-ৰেকৰ্ডাৰ, ভিডিঅ’, অডিয়’ কেছেট, বিভিন্ন শ্লাইড, অভাৰহেড, প্ৰজেক্টৰ আদিৰ দ্বাৰা শিক্ষণীয় বিষয়বস্তু অতি সহজে উপস্থাপন কৰিব পাৰি।

(iii) কম্পিউটাৰ :- কম্পিউটাৰৰ সহায়ত বিভিন্ন তথ্য সংৰক্ষণ কৰি উন্নতমানৰ শিক্ষণ দিব পাৰি। শিক্ষণ প্ৰক্ৰিয়াত প্ৰতিজন শিক্ষাৰ্থীয়ে স্বয়ংক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যাৱতীয় তথ্য লাভ কৰিব পাৰে।

(iv) ছপা সামগ্ৰী :- এই শিক্ষা ব্যৱস্থাত কিছুমান উচ্চ মান ছপা সামগ্ৰী প্ৰস্তুত কৰি তোলা হয়। এই সামগ্ৰীসমূহ কিছুমান যোগ্য ব্যক্তিৰ জৰিয়তে প্ৰস্তুত কৰা হয় আৰু শিক্ষণীয় সামগ্ৰী, আঁচনি, প্ৰতিবেদন, মেনুৱেল আদি এই শ্ৰেণীত অন্তৰ্গত।

প্ৰশ্ন ৪৯। মুক্ত শিক্ষা কি ? মুক্ত শিক্ষাৰ উদ্দেশ্যসমূহ লিখা। (What is free education ? Write the objectives of free education.)

উত্তৰঃ মুক্ত শিক্ষা হৈছে এনে এবিধ শিক্ষা ব্যৱস্থা য’ত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত বা আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীক পুনৰ ঘৰতে বহি শিক্ষা লাভ কৰিবৰ বাবে সুযোগ দিয়া হয়। মুক্ত শিক্ষাই আনুষ্ঠানিক বা অনানুষ্ঠানিক পদ্ধতিৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰে। মুক্ত শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত নিবিড় সম্পৰ্ক নাথাকে।

মুক্ত শিক্ষাৰ প্ৰধান লক্ষ্য বা উদ্দেশ্যসমূহ হ’ল—

(i) শিক্ষাৰ মান উন্নত কৰা।

(ii) আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বিভিন্ন কাৰণত বঞ্চিত হোৱা লোকসকলক শিক্ষা লাভৰ সুযোগ প্ৰদান কৰা।

(iii) দেশৰ সকলো লোকে যাতে শিক্ষা লাভৰ সুযোগ পায় তাক কাৰ্যকৰী কৰা।

(iv) প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ লগতে প্ৰাপ্তবয়স্ক শিক্ষাৰ প্ৰসাৰতা অনা।

(v) শিক্ষাৰ্থীক শিক্ষাৰ প্ৰাসংগিকতাৰ লগত খাপ খাবলৈ সুবিধা দিয়া।

(vi) শিক্ষাৰ্থীৰ আৰ্থ-সামাজিক দিশৰ বিকাশ আৰু উন্নতি সাধন কৰা।

(vii) ৰাষ্ট্ৰৰ কল্যাণৰ বাবে ব্যক্তিসকলক উৎপাদনমূখী হ’বলৈ প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণৰ দিহা কৰা।

(viii) বিদ্যালয়লৈ যাব নোৱাৰা লোকসকলে যাতে উচ্চ শিক্ষা ঘৰত থাকি লাভ কৰিব পাৰে, তাৰ ব্যৱস্থা কৰা।

(ix) শিক্ষাক জীৱন জোৰা প্ৰক্ৰিয়া হিচাপে পৰিগণিত কৰাৰ ব্যৱস্থা কৰা।

(x) মাধ্যমিক আৰু উচ্চ শিক্ষাক সমাজৰ চাহিদালৈ লক্ষ্য ৰাখি অধিকভাৱে ফলপ্ৰসূ কৰি তোলাৰ ব্যৱস্থা কৰা।

প্ৰশ্ন ৫০। মুক্ত বিদ্যালয় আৰু মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়ে লিখা। (Write about open schools and open universities.)

উত্তৰঃ মুক্ত বিদ্যালয় :- মুক্ত বিদ্যালয়ে মাধ্যমিক স্তৰৰ শিক্ষাৰ দাবীসমূহ পূৰণ কৰে। এই শিক্ষা ব্যৱস্থা অগতানুগতিক। ইয়াত আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত, বিদ্যালয়ৰ শিক্ষা আধৰুৱা কৰা চাকৰিয়াল, গৃহিণী আৰু অনুন্নত শ্ৰেণীৰ ব্যক্তিসকলক শিক্ষা লাভৰ সুযোগ ইয়াত পূৰ্বৰ গতি, শিক্ষাৰ স্থান, যোগ্যতা, বিষয় নিৰ্বাচন আদিৰ ক্ষেত্ৰত শিক্ষাৰ্থীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হয়। এই স্কুলত শিক্ষাদান ব্যৱস্থা বিভিন্ন যোগাযোগ মাধ্যম আৰু দৃশ্য-শ্ৰাব্য সঁজুলিৰ সহায়ত কৰা হয়।

মুক্ত বিদ্যালয়ৰ বৈশিষ্ট্যবোৰ হ’ল–

(i) শিক্ষাৰ্থীয়ে ঘৰতে বহি শিক্ষা লাভ কৰিব পাৰে। 

(ii) মাধ্যমিক পৰ্য্যায়ৰ শিক্ষাৰ্থীক শিক্ষা লাভৰ সুযোগ প্ৰদান কৰে।

(iii) আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত, আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীক পুনৰ শিক্ষা লাভৰ সুযোগ দিয়া।

(iv) ই আনুষ্ঠানিক বা অনানুষ্ঠানিক পদ্ধতিৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰে।

(v) এই বিদ্যালয়ত শিক্ষক-শিক্ষাৰ্থীৰ মাজত নিবিড় সম্পৰ্ক নাথাকে।

(vi) ইয়াত নামভৰ্তি, বিষয় নিৰ্বাচন, পৰীক্ষাত অৱতীৰ্ণ হোৱা, শ্ৰেণীত উপস্থিত থকা ইত্যাদিবোৰ শিক্ষাৰ্থীৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল।

মুক্ত বিদ্যালয়ত ৰেডিঅ’, দূৰদৰ্শন, ভিডিঅ’ কেছেট, টেপ ৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱণ-দৰ্শন আহিলাৰ মাধ্যমেৰে শিক্ষাদান কাৰ্যক বাস্তৱমূখী কৰি তোলা হয়। মুক্ত বিদ্যালয় প্ৰথমে দিল্লীত ১৯৮৩ চনত প্ৰতিষ্ঠা কৰা হৈছিল।

মুক্ত বিশ্ববিদ্যালয় :- মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটো সম্প্ৰসাৰণ ব্যৱস্থাৰ এটা অতি উল্লেখযোগ্য প্ৰচেষ্টা। মুক্ত বিশ্ববিদ্যালয়ে নাম ভৰ্তিকৰণ ক্ষেত্ৰত মুক্ততাৰ ধাৰণা প্ৰৱৰ্তন কৰে। মুক্ত বিশ্ববিদ্যালয়ৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত বিশেষ বয়সৰ সীমা নাথাকে। কলেজীয়া শিক্ষা ল’বলৈ সক্ষম নোহোৱা ব্যক্তিৰ শিক্ষাৰ ক্ষেত্ৰত মুক্ত বিশ্ববিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। ইয়াত শিক্ষাদানৰ বাবে বিভিন্ন প্ৰকাৰৰ প্ৰচাৰ মাধ্যম। শ্ৰৱণ-দৰ্শন আহিলা আৰু মুদ্ৰণ সামগ্ৰীৰ সহায় লোৱা হয়।

মুক্ত বিশ্ববিদ্যালয় প্ৰথমে ইংলেণ্ডত ১৯৬৯ চনত স্থাপিত কৰা হৈছিল। ১৯৮২ চনত অন্ধ প্ৰদেশৰ হায়দৰাবাদত ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। ই ৰাজ্যিক পৰ্যায়ৰ আছিল। ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় পৰ্য্যায়ত ১৯৮৫ চনত ইন্দ্ৰিৰা গান্ধী ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হয়।

মুক্ত বিশ্ববিদ্যালয়ৰ উদ্দেশ্য :-

(i) অধিক সংখ্যক লোকক কম সময়তে কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা লাভৰ সুযোগ দিয়া।

(ii) অবিৰত শিক্ষা, প্ৰাপ্তবয়স্ক শিক্ষা আৰু সম্প্ৰসাৰণ শিক্ষাক সকলোৰে বাবে মুকলি কৰি ৰখা।

(iii) সমাজৰ লোকৰ বিকাশ আৰু উন্নতিৰ বাবে কাৰ্যকৰী পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা। 

(iv) মুক্ত বিশ্ববিদ্যালয়ত নমনীয় ধৰণৰ উদ্ভাৱনমূলক শিক্ষাৰ ব্যৱস্থা দূৰ শিক্ষণ পদ্ধতি আৰু আধুনিক সংযোগ কৌশলৰ মাধ্যমত কৰা হয়।

প্ৰশ্ন ৫১। মুক্ত শিক্ষাৰ সমলতা আৰু দুৰ্বলতাসমূহৰ বিষয়ে লিখা। (Write about the strengths and weaknesses of open education.)

উত্তৰঃ মুক্ত শিক্ষাৰ সুবিধাসমূহ :- 

(i) এই শিক্ষাৰ মাধ্যমত সকলো স্তৰৰ শিক্ষানুৰাগী লোকসকলে শিক্ষাৰ সুবিধা পাইছে।

(ii) এই শিক্ষা ব্যৱস্থাত খৰচ অতি কম হয় বাবে দুখীয়া শ্ৰেণীৰ লোকসকলেও শিক্ষা লাভৰ সুবিধা লাভ কৰিছে।

(iii) ইয়াত নাম ভৰ্তিকৰণৰ সময়ত নিৰ্দ্দিষ্ট কোনো যোগ্যতাৰ প্ৰয়োজন নহয়।

(iv) ইয়াত পাঠ্যক্ৰম শেষ কৰাৰ বাবে যথেষ্ট সময় দিয়া যায়। অৰ্থাৎ এবছৰীয়া পাঠ্যক্ৰম শেষ কৰোতে চাৰি বছৰলৈ সময় পায়।

(v) ইয়াৰ পাঠ্যক্ৰমবোৰ অধিকভাৱে ব্যৱহাৰোপযোগী আৰু প্ৰয়োগশীল ধৰণৰ।

মুক্ত শিক্ষাৰ দুৰ্বলতাসমূহ :-

(i) এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমৰ সংখ্যা কম।

(ii) এই শিক্ষা সম্প্ৰসাৰণ কৰা কেন্দ্ৰবোৰৰ সংখ্যা কম।

(iii) এই শিক্ষা ব্যৱস্থাৰ নিৰ্দেশকসকলে সময়মতে মূল্যায়ন কৰি দিয়া দেখা নাযায়।

(iv) এই শিক্ষা ব্যৱস্থাৰ অধ্যয়ন সমগ্ৰীসমূহ সময়মতে শিক্ষাৰ্থীয়ে লাভ নকৰে।

(v) এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণীটোৰহে লাভ হয়।

প্ৰশ্ন ৫২। পৰিৱেশ শিক্ষাৰ প্ৰয়োজন আৰু গুৰুত্বৰ বিষয়ে আলোচনা কৰা। (Discuss the need and importance of environmental education.)

উত্তৰঃ এটা সময় আছিল যেতিয়া মানুহে বিশ্বাস কৰিছিল যে ভগৱানৰ দ্বাৰা সৃষ্ট এই পৃথিৱীৰ বিশাল প্ৰকৃতিৰ সম্পদৰাজি হৈছে অফুৰন্ত, তাক মানুহে প্ৰয়োগ কৰি কেতিয়াও শেষ কৰিব নোৱাৰে। বৰ্তমানেও অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ধৰ্ম সম্প্ৰদায়ৰ নামৰ কোনো কোনো লোকে এই মত প্ৰকাশ কৰে। অৱশ্য বাস্তৱ ক্ষেত্ৰত দেখা দিয়া পৰিস্থিতিৰ অভিজ্ঞতাৰে আজিৰ মানুহে প্ৰকৃতিৰ জধে-মধে প্ৰয়োগ কৰাৰ ফলত সি ক্ৰমে টুতি আহিছে আৰু এটা সময়ত সি নোহোৱা হৈ পৰি জীৱন ধাৰণৰ দিশত ভয়াবহ পৰিস্থিতি মানুহৰ বাবে সৃষ্টি কৰিবগৈ পাৰে। পৃথিৱীত বৰ্তমান জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈ উঠি বিস্ফোৰণমূলক অৱস্থাপ্ৰাপ্ত হৈছে। তাৰ অনুপাতে প্ৰকৃতিৰ সম্পদ বৃদ্ধি হৈ উঠা নাই। বৰং ইয়াৰ জল-স্থল আৰু বায়ুমণ্ডলৰ সম্পদ বৰ্তমান মানুহৰ অসুস্থ, নিৰ্বোধ আৰু অদূৰদৰ্শী আচৰণৰ বাবেই ক্ৰমে ধ্বংস, সীমিত আৰু প্ৰদূষিত কৰি তোলা হৈছে। বৰ্তমান ই এক সংকটজনক অৱস্থা পাইছেহি। ফলত ইয়াৰ প্ৰয়োজন পলমকৈ হ’লেও সমাজৰ সচেতন লোকসকলে এক উৎকণ্ঠাৰে অনুভৱ কৰি উঠিছে। আজিৰ মানুহে অনুভৱ কৰি উঠিছে যে পৰিৱেশ সংৰক্ষণৰ প্ৰতি আজিয়েই তৎপৰতাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নহ’লে সি অধিক পলম হৈ যাব। ইয়াৰ বাবে উত্তৰ পুৰুষসকলে তেওঁলোকৰ কেতিয়াও ক্ষমা নকৰিব। পৰিৱেশ প্ৰদূষণ আৰু অবনয়নৰ (degradation) ফলত সৃষ্টি হোৱা বৰ্তমান কেতবোৰ ভয়াবহ পৰিস্থিতি হৈছে নিম্নলিখিত বিধৰ।

(ক) জনসংখ্যাৰ অতিমাত্ৰা বৃদ্ধি হৈ উঠি মানুহৰ বসতিৰ বাবে প্ৰয়োজন হোৱা অঞ্চল কমি গৈছে।

(খ) ভয়াবহ ৰূপত বৃদ্ধি হোৱা জনসংখ্যাই প্ৰকৃতিৰ বায়ু, পানী, মাটি প্ৰদূষিত কৰি তুলিছে।

(গ) সেউজীয়া অৰণ্য অঞ্চলৰ গছ-গছনি ধ্বংস কৰি মানুহে মৰুভূমিৰ সৃষ্টি কৰি তুলিছে।

(ঘ) বন্য জীৱ-জন্তু মানুহে হত্যা কৰি জৈৱ-বৈচিত্ৰ্য বিনষ্ট কৰিবলৈ ধৰিছে।

(ঙ) বনজ সম্পদ, খনিজ সম্পদ আৰু জল সম্পদৰ পৰা পাব পৰা শক্তিৰ উৎস নোহোৱা কৰি তুলিছে।

(চ) বায়ু, পানী, মাটিৰ প্ৰদূষণে মানুহৰ স্বাস্থ্য ৰক্ষাত আঘাত হানিছে।

(ছ) শিল্প উদ্যোগ, কল-কাৰখানা আৰু বিদ্যু প্ৰকল্প আদি স্থাপনে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰি তুলিছে।

প্ৰাকৃতিক পৰিৱেশৰ এনেবোৰ অৱক্ষয় আৰু অবনয়নৰ পৰিস্থিতি বাস্তৱিকতেই আজিৰ মানুহৰ বাবে উদ্বেগৰ যুক্তিসংগত কাৰণস্বৰূপ। সেয়েহে মানুহক এই ক্ষেত্ৰত সজাগ আৰু সক্ৰিয় কৰি তুলি পৰিস্থিতিৰ প্ৰতি দায়িত্বশীল প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শন কৰিবৰ বাবে পৰিৱেশ শিক্ষাৰ প্ৰয়োজন গভীৰভাৱে অনুভৱ কৰি উঠা হৈছে। অৱশ্য এই প্ৰসংগত কোৱা হয় যে পৰিৱেশ শিক্ষাৰ প্ৰয়োজন সৰ্বসাধাৰণ লোকে অনুভৱ কৰি উঠিলেই এই শিক্ষা কোনে, কেতিয়া কাক আৰু কিদৰে দিব লাগে সেই সম্বন্ধে ধাৰণা বহুতৰে মনত স্পষ্ট হৈ থকা নাই।

প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয়খিনি আমি পাইছো ঠিকেই কিন্তু ইয়াৰ বাবে বহুমুখীয়া প্ৰাকৃতিক সম্পদ বায়ু, পানী, খনিজ সম্পদ, বনাঞ্চল ইত্যাদিৰ ব্যৱহাৰ অসমিতভাৱে আৰু অপৰিকল্পিতভাৱে কৰিব লগা হৈছে। খনিজ সম্পদসমূহৰ ভঁৰাল দ্ৰুতভাৱে শেষ হৈ আহিছে আৰু নবীকৰণ কৰিব নোৱাৰা সম্পদ পেট্ৰ’লিয়াম, কয়লা ইত্যাদি অদূৰ ভৱিষ্যতে উদং হৈ পৰাৰ সম্ভাৱনা গভীৰ হৈছে। আনহাতে নবীকৰণ সম্ভৱ উৎসবোৰ অপৰিকল্পিত ব্যৱহাৰৰ ফলত মানৱ জাতি বিপদগ্ৰস্ত হৈছে। এজোপা গছ ডাঙৰ হওঁতে বহু বছৰ লাগে, কিন্তু যি হাৰত বনাঞ্চল ধ্বংস কৰা হৈছে; নতুনকৈ গছ ৰোপণ কৰি বনাঞ্চল গঢ়ি তোলাটো প্ৰায় অসম্ভৱ হৈছে। পানীৰ ব্যৱহাৰ বাঢ়িছেকিন্তু ব্যৱহাৰৰ পিছত পানী প্ৰদূষিত হৈ পৰিছে। শিল্প উদ্যোগ আৰু আবাসস্থলীৰ আৱৰ্জনাই দূষিত কৰিছে প্ৰকৃতিৰ তিনিটা অতি মূল্যৱান উপাদান পানী, মাটি আৰু বায়ু। বনাঞ্চল ধ্বংস আৰু অন্যান্য কাৰ্যকলাপৰ পৰা সৃষ্টি হৈছে মানৱ সমাজৰ পৰিৱেশৰ বাবে কিছুমান ডাঙৰ বিপদ। পৃথিৱীখন ধ্বংস মুখৰ পৰা ৰক্ষাৰ বাবে পৰিৱেশে সন্মুখীন হোৱা বিপদবিলাকৰ বিষয়ে নতুন প্ৰজন্মই জানিবই  লাগিব আৰু সেইবাবেই পৰিৱিশ শিক্ষাৰ গুৰুত্ব অপৰিসীম।

প্ৰশ্ন ৫৩। পৰিৱেশ শিক্ষাৰ প্ৰধান উদ্দেশ্যসমূহ আলোচনা কৰা। (Discuss the main objectives of environmental education.)

উত্তৰঃ পৰিৱেশ শিক্ষাৰ প্ৰধান উদ্দেশ্যসমূহ তলত চমুকৈ  আলোচনা কৰা হ’ল—

(ক) প্ৰকৃতিৰ সৈতে সঙ্গতি বিধান কৰি চলিবৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে ব্যক্তিক প্ৰস্তুত কৰি তোলা।

(খ) পৰিৱেশ আৰু ইয়াৰ বিভিন্ন সমস্যা সম্পৰ্কত শিক্ষাৰ্থীৰ মাজত সচেতনতাৰ মনোভাৱ বিকশিত কৰি তোলা। 

(গ) প্ৰাকৃতিক সম্পদৰাজিক উপযুক্ত কাৰ্যত ব্যৱহাৰ কৰা আৰু ইয়াৰ অপচয় ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় জ্ঞান দান কৰা।

(ঘ) পৰিৱেশৰ মৌলিক গাঁথনি প্ৰক্ৰিয়া আৰু সমস্যা সম্পৰ্কে সচেতনতা সৃষ্টি কৰা।

(ঙ) আৰ্থ-সামাজিক জৈৱিক সাংস্কৃতিক আৰু শৈক্ষিক পটভূমিত পৰিৱেশৰ বিভিন্ন উপাদান আৰু শৈক্ষিক কাৰ্যাৱলীৰ মূল্যায়ন কৰাৰ দক্ষতা দান কৰা।

(চ) পৰিৱেশৰ বৈশিষ্ট্যৰ লগত ঐক্য বিৰাজ কৰা সামাজিক প্ৰমূল্যসমূহৰ বিষয়ে শিক্ষাৰ্থীক অৱগত কৰোৱা। 

(ছ) পৰিৱেশৰ প্ৰতি শিক্ষাৰ্থীৰ মনত সদর্থক (positive) মনোভাৱ সৃষ্টি কৰা।

(জ) স্থানীয় আৰু বিশ্ব পৰিৱেশৰ ওপৰত ব্যক্তিৰ আচৰণ, কার্য আৰু জীৱনশৈলীয়ে কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেই সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰা।

(ঝ) পৰিৱেশৰ সমস্যা নিৰ্ধাৰণ আৰু সমাধানৰ বাবে প্ৰয়োজনীয় জ্ঞান, নিষ্ঠা আৰু সজাগতা আয়ত্তকৰণত সহায় কৰা।

(ঞ) পৰিৱেশ সুৰক্ষা আইন সম্পৰ্কে জনগণক সজাগতাৰ সৃষ্টি কৰা।

(ট) পৰিৱেশ সংৰক্ষণৰ বাবে ইয়াৰ প্ৰতিকূল উপাদান আৰু অৱস্থাসমূহ নিৰ্মূল কাৰ্যৰ অংশীদাৰী হ’বলৈ সাজু কৰা।

(ঠ) পৰিৱেশৰ সমস্যাসমূহৰ উপলব্ধিৰ বাবে শিক্ষাৰ্থীৰ মাজত প্ৰয়োজনীয় অনুৰাগ সৃষ্টি কৰি এনে সমস্যাসমূহৰ সমাধানৰ বাবে কাম কৰিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰা।

প্ৰশ্ন ৫৪। ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত জনসংখ্যা বিস্ফোৰণৰ প্ৰভাৱসমূহ আলোচনা কৰা। (Discuss the effects of population explosion on education system in India.)

উত্তৰঃ ভাৰতবৰ্ষৰ শিক্ষাত সমস্যাৰ সৃষ্টিকাৰী দিশ এটা হৈছে জনসংখ্যাৰ বিস্ফোৰণমূলক পৰিস্থিতি, যাক উপেক্ষা কৰি চলিব পৰা নাযায়। তলত ইয়াৰ কেতবোৰ বাস্তৱ সমস্যাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি তোলা হৈছে।

(ক) শিক্ষাৰ নিম্ন গুণমান বিশিষ্টতা (Low quality of education) :- দেশৰ স্কুল-কলেজ, বিশ্ববিদ্যালয় আদি যিকোনো শিক্ষানুষ্ঠানতে ছাত্ৰ-ছাত্ৰীৰ অত্যাধিক ভিৰ আৰু তাৰ ফলত সৃষ্টি হোৱা ব্যৰ্থতা, হতাশা আৰু ভৱিষ্যৎ শিক্ষাৰ দিশত অনিশ্চয়তা আজি এক পৰিচিত পৰিস্থিতি হৈ দেখা দিছে।

(খ) অনুশাসন সমস্যা (Problem of discipline) :- জনসংখ্যা বৃদ্ধিৰ প্ৰশাসনীয় দিশত অনুশাসন ৰক্ষা কৰি চলাটো এক সমস্যাৰূপে দেখা দিছে। স্কুল-কলেজৰ বৰ্ধিত ছাত্ৰ সংখ্যাৰ বাবে শিক্ষাৰ বৈষয়িক সম্পদৰ বিশেষ অভাৱ আৰু নাটনি অনুভৱ কৰা হয়। স্কুলৰ কৰ্মশালা, পুথিভঁৰাল শ্ৰেণীকক্ষৰ শিক্ষণ সঁজুলিৰ অভাৱ, আনকি শ্ৰেণীকোঠাত ছাত্ৰৰ বহিবলৈকো সুবিধা নথকা এক বিশৃংখল পৰিস্থিতি সৃষ্টি কৰি তোলে। এনে পৰিস্থিতিত শিক্ষাৰ অনুশাসন ব্যৱস্থা ৰক্ষা কৰি চলাটো কঠিন হৈ পৰে। স্কুলৰ সংখ্যা, শ্ৰেণী সংখ্যা আদিৰ বৃদ্ধিয়ে নিয়মিতভাৱে শিক্ষা পৰিদৰ্শন কৰা কার্য অসম্ভৱ কৰি তোলে। স্কুলত এজনীয়া শিক্ষকৰ প্ৰথা আজিও গুচাব পৰা হোৱা নাই। সেয়েহে ক’ব পাৰি যে বৰ্ধিত ছাত্ৰ সংখ্যাই ভাৰতীয় শিক্ষা ব্যৱস্থাত এক অনুশাসনহীনতাৰ প্ৰৱণতা ছাত্ৰ-শিক্ষক আৰু শিক্ষা প্ৰশাসকসকলৰ মনত আৰু ক্ৰিয়া-আচৰণত জগাই তুলিছে।

(গ) বিজ্ঞান বিষয়ৰ অধ্যয়ন সমস্যা (Problem in study of the science subjects) :- বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ বিষয়বোৰ ভালদৰে কাৰ্যকৰী ৰূপত অধ্যয়নৰ বাবে প্ৰয়োজনীয় সা-সুবিধা আদি থকা পৰীক্ষাগাৰৰ প্ৰয়োজন। তেনে ব্যৱস্থাৰেহে ছাত্ৰসকলক বিজ্ঞানৰ অধ্যয়নৰ প্ৰতি আকৰ্ষিত আৰু আগ্ৰহী কৰি তুলিব পাৰি। নতুনৰ উদ্ভাৱনকাৰী ছাত্ৰৰ সৃষ্টি প্ৰতিভা চিনাক্ত কৰি তুলিবৰ বাবেও ইয়াৰ প্ৰয়োজন। কিন্তু ছাত্ৰৰ সংখ্যা শিক্ষকৰ নিয়ন্ত্ৰণহীন হৈ পৰা বাবে বিজ্ঞান শিক্ষাৰ শিক্ষণ-শিকন প্ৰক্ৰিয়া বিফল হোৱা বুলি ক’ব পাৰি। কাৰণ বিজ্ঞানৰ প্ৰায়োগিক সুবিধা নথকা বাবে বহুতো ছাত্ৰই আনে কৰা কার্য কেৱল চাই থাকিব লগা হয়। প্ৰযুক্তিবিজ্ঞান, হস্ত-শিল্প, সংগীত-নৃত্য, চিত্ৰ-কলা, খেলা-ধুলা আদি বিষয়ৰ শিক্ষাদানৰো অনুৰূপ সমস্যাৰ সন্মুখীন হ’ব লগা হয়।

(ঘ) অৰ্থ-উপাৰ্জন ব্যৱসায় (Money earning business) :- বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিত গইনা লৈ বৰ্তমান অৰ্থ-উপাৰ্জনৰ উদ্দেশ্যৰে কেতবোৰ সস্তীয়া শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে। নগৰ অঞ্চলত গঢ়ি উঠা এনেবোৰ অনুষ্ঠানে শিক্ষাৰ বিশেষ ক্ষতি সাধন কৰি তোলাটো মন কৰিবলগীয়া। শিক্ষা গ্ৰহনকাৰীৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি নামভৰ্তিৰ বাবে এনেবোৰ অনুষ্ঠানে অধিক অৰ্থ দাবী কৰে। কিন্তু ইয়াৰ বিনিময়ত নীতি-বিগৰ্হিতভাৱে অতি নিম্নমান বিশিষ্ট শিক্ষা প্ৰদান কৰি শিক্ষাৰ্থীসকলক বিভ্ৰান্ত কৰি তোলে। সেয়েহে ক’ব পাৰি যে জনসংখ্যা বৃদ্ধিৰ ফলত হোৱা ছাত্ৰ বৃদ্ধিয়ে এক শ্ৰেণী লোকক অসৎ উপায়েৰে অৰ্থ উপাৰ্জনৰ বাট মুকলি কৰি দিছে।

(ঙ) শিক্ষাৰ মানদণ্ডত অসমতা সৃষ্টিকৰণ (Creating inequality in educational standard) :- ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক দেশ এখনৰ শিক্ষা ব্যৱস্থাত গণতন্ত্ৰৰ নীতি আৰু আদৰ্শ কাৰ্যকৰী কৰি তুলিব পৰা হোৱা নাই। ইয়াৰ প্ৰধান কাৰণো হৈছে দেশৰ জনসংখ্যাৰ বিস্ফোৰণমূলক পৰিস্থিতি। ভাৰতীয় সংবিধানে  ১৯৫০ চনতেই দেশৰ প্ৰাথমিক বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তুলি দহ বছৰ সময় সীমাৰ ভিতৰত নিৰক্ষৰতা বিলুপ্ত কৰাৰ নিৰ্দেশ দিছিল। কিন্তু সি কাৰ্যতঃ পৰিণত হৈ নুঠিল। পৰৱৰ্তী কালতো দেশৰ লোকপিয়লৰ তথ্য মতে শোহতীয়াকৈ ২০০১ চনতো নিৰক্ষৰতাৰ হাৰ হৈছে ৩৪.৬২ শতাংশ। সেয়েহে দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰি তুলিব পৰা নহ’লে নিৰক্ষৰতা নিৰ্মূল কৰাৰ আশা কৰিব পৰা নাযায়।

প্ৰশ্ন ৫৫। ব্যক্তিগত পৰ্যায়ত জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ল’ব লগা ব্যৱস্থাসমূহ উল্লেখ কৰা। (Mention the measures taken in the field of population control at the individual level.)

উত্তৰঃ জনসংখ্যা বৃদ্ধি সম্বন্ধে কৰা কাৰণ বিশ্লেষণে এই কথা স্পষ্ট কৰি তোলে যে এই বিষয়টো ইমানেই জটিল আৰু সামগ্ৰিক বিধৰ যে ইয়াৰ সমাধানৰ উপায় একে আষাৰে কৈ দিব পৰা নাযায়। 

সেই হেতুকে তলত ব্যক্তিগত পৰ্যায়ত জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ল’ব লগা ব্যৱস্থাসমূহ অতি চমুকৈ উল্লেখ কৰা হ’ল—

(ক) সময়ৰ পৰিৱৰ্তিত প্ৰয়োজনৰ প্ৰতি সঁহাৰি দি উঠি আজিৰ মানুহে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ পুৰণি মূল্যবোধ, মনোভাৱ, দৃষ্টিভংগী আৰু অভ্যাস আদি সলনি কৰি তুলিব লাগে। 

(খ) বিলম্বিত বিবাহ ব্যৱস্থা স্বতঃস্ফূৰ্তভাৱে গ্ৰহণ কৰি উঠি পুৰুষ আৰু মহিলাৰ প্ৰজননিক ক্ৰিয়াৰ কালছোৱা কমাই তুলিব লাগে।

(গ) শিশু জন্ম দিয়াটো আকস্মিক ঘটনা হৈ উঠাৰ পৰিৱৰ্তে পুৰুষ-মহিলা উভয়ৰে সন্মতিসূচক আৰু পছন্দমূলক হৈ উঠিব লাগে।

(ঘ) ল’ৰাই হওক বা ছোৱালীয়েই হওক, দুটা শিশু জন্ম দিয়াৰ আদৰ্শ সকলো লোকেই স্বেচ্ছাই সাৰ্বজনীনভাৱে গ্ৰহণ কৰি আৰু তাক কাৰ্যকৰী কৰি উঠিব লাগে।

(ঙ) আমোদ-প্ৰমোদৰ যোগে সুস্থ, স্বাস্থ্যৱান আৰু সমাজৰ গ্রহণযোগ্য ৰূপত ব্যক্তিৰ যৌন সন্তুষ্টি লাভ কৰা পৰিস্থিতি আমাৰ সামাজিক জীৱনত সৃষ্টি কৰি তুলিব লাগে।

(চ) ব্যক্তিয়ে যৌন প্ৰৱণতা আৰু যৌন জীৱনৰ প্ৰয়োজন সম্বন্ধে সুস্থ, সম্যক আৰু বিজ্ঞানভিত্তিক ধাৰণা লাভ কৰি উঠিব লাগে।

(ছ) ল’ৰা আৰু ছোৱালী সম্বন্ধে বিভেদমূলক আৰু বৈষম্যমূলক মনোভাৱ পিতৃ-মাতৃয়ে মনৰ পৰা গুচাব লাগে আৰু উভয়কে সমান দৃষ্টিৰে চাবলৈ শিকিব লাগে।

(জ) বিবাহিত দম্পতিয়ে বৰ্তমান উদ্ভাৱন কৰা উন্নত গৰ্ভনিৰোধক পদ্ধতিবোৰৰ গুণাগুণ বিচাৰ কৰি চাই তাৰ সুফল লাভ কৰি উঠিব লাগে।

(ঝ) শিশু জন্ম দিয়া প্ৰসংগত থকা সামাজিক পৰম্পৰা আৰু ধর্মীয় বাধ্যবাধকতাৰ পৰা সৃষ্টি হ’ব পৰা ব্যক্তিগত আৰু পাৰিবাৰিক ক্ষতিসাধন সম্বন্ধে বিচাৰ কৰি চাব পাৰিব লাগে।

(ঞ) মহিলাই পৰিয়ালৰ মাজত অৰ্থনৈতিক স্বাধীনতা আৰু দ্বিতীয় যোগ্যতা লাভ কৰি উঠিব পাৰিব লাগে।

প্ৰশ্ন ৫৬। সামাজিক পৰ্যায়ত জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ল’ব লগা ব্যৱস্থাসমূহ উল্লেখ কৰা। (Mention the measures taken at the social level for population control.)

উত্তৰঃ সামাজিক পৰ্যায়ত জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ল’ব লগা ব্যৱস্থাসমূহ অতি সংক্ষেপে তলত উল্লেখ কৰা হ’ল—

(ক) কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সমাজৰ দুখীয়া আৰু নিৰক্ষৰ শ্ৰেণী লোকৰ দৰিদ্ৰতা আৰু অজ্ঞতা গুচাবৰ বাবে অগ্ৰাধিকাৰৰ ভিত্তিত ৰাষ্ট্ৰব্যাপি শিক্ষা আঁচনি কাৰ্যকৰী কৰি তুলিব লাগে।

(খ) দেশৰ পিছপৰা অঞ্চলবোৰত পৰিয়াল কল্যান আঁচনি ব্যাপকভাৱে গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে স্বেচ্ছাসেৱী সংগঠনবোৰক অধিক উৎসাহিত কৰি তুলিব লাগে।

(গ) জনসংখ্যা শিক্ষাদানৰ সকলো পৰ্যায়তে বাধ্যতামূলক অধ্যয়নৰ বিষয়স্বৰূপে ইয়াক অন্তৰ্ভুক্ত কৰিব লাগে। শিক্ষাৰ উচ্চ পৰ্যায়ত এই সম্বন্ধীয় অধ্যয়ন আৰু গৱেষণাৰ অধিক গুৰুত্ব দিব লাগে। 

(ঘ) শিক্ষাৰ সুসংগঠিত ৰূপত শিক্ষকে জনসংখ্যা শিক্ষাৰ পৰিপূৰক ব্যৱস্থা স্বৰূপে যৌন শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(ঙ) প্ৰয়োজনীয় আইনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণেৰে চৰকাৰে বিবাহৰ বয়স ছোৱালীৰ বাবে ২১ বছৰ আৰু ল’ৰাৰ বাবে ২৫ বছৰ ধার্য কৰি তুলিব লাগে। 

(চ) জনসংখ্যা নিয়ন্ত্ৰণৰ ধাৰণা জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তুলিবৰ বাবে বৰ্তমানৰ জন-সংযোগ মাধ্যমবোৰৰ পূৰ্ণ উপযোগ কৰি তুলিব লাগে। 

(ছ) সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ জীৱন-যাপনৰ ব্যৱস্থা আৰু গুণমান উন্নত কৰি তুলিবৰ বাবে চৰকাৰে তেওঁলোকৰ বাসস্থান, শিক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ সা-সুবিধা পৰ্যাপ্ত কৰি তুলিব লাগে।

(জ) নগৰ আৰু গাঁও অঞ্চলৰ লোকৰ উপযোগীকৈ মহিলাসকলৰ বাবে কৰ্ম নিয়োজন আঁচনি আৰু আত্ম-নিয়োজনৰ নতুন নতুন উপায় সংশ্লিষ্ট কৰ্তৃপক্ষই উদ্ভাৱন কৰি তুলিব লাগে। 

(ঝ) মহিলাসকলৰ সৱলীকৰণ আঁচনি (women’s empowerment programme) গ্ৰহণৰ যোগেদি তেওঁলোকক অৰ্থনৈতিক স্বাৱলম্বিতা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 

(ঞ) যিসকল ব্যক্তি আৰু সংগঠনে দেশ আৰু সমাজৰ জনসংখ্যা নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা আৰু অৰিহণা যোগাইছে তেওঁলোকক চৰকাৰীভাৱে স্বীকৃতি আৰু পুৰস্কাৰ প্ৰদান কৰিব লাগে।

প্ৰশ্ন ৫৭। জনসংখ্যা বৃদ্ধিৰ পৰিণাম সম্বন্ধে চমুকৈ লিখা। (Write briefly about the consequences of population growth.)

উত্তৰঃ সমগ্ৰ পৃথিৱীৰ লগতে ভাৰতীয় জাতি সত্বাৰ আৰ্থ-সামাজিক প্ৰগতি আৰু বিকাশৰ সন্মুখত বৰ্তমানে দেখা দিয়া সমস্যাটো হ’ল জনসংখ্যা বৃদ্ধিৰ সমস্যা। কোনো এখন দেশত যেতিয়া জনসংখ্যা বৃদ্ধিৰ সমস্যাই ভয়ানক ৰূপ ধাৰণ কৰে তেতিয়া তেনে দেশৰ প্ৰগতিৰ গতি স্থবিৰ হৈৰ’বলৈ বাধ্য হৈ পৰে। জনসংখ্যা বৃদ্ধিৰ সমস্যাই দেশৰ আৰ্থ-সামাজিক, সাংস্কৃতিক, শৈক্ষিক পৰিৱেশ আদিৰ ক্ষেত্ৰত ভয়াবহ প্ৰতিক্ৰিয়া সৃষ্টি কৰে আৰু বিভিন্ন সমস্যাই গা কৰি উঠে। 

তলত জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা প্ৰধান সমস্যা কেইটামান সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) অভাৱ অনাটন (Scarcity) :- জনসংখ্যা বৃদ্ধিৰ লগে লগে সামাজিক জীৱনত অভাৱ অনাটনে দেখা দিয়ে। জনসংখ্যা বৃদ্ধিৰ লগত দেশৰ খাদ্য নাটনিৰ ঘনিষ্ঠ সম্পৰ্ক আছে। স্বাধীনোত্তৰ কালত দেশত মৃত্যুৰ হাৰ কমি আহিছে যদিও জন্মৰ হাৰ অত্যাধিক বৃদ্ধি পোৱাৰ হেতুকে উৎপাদিত খাদ্য সামগ্ৰীয়ে ভাল ৰাখিব পৰা নাই। গতিকে দেশত সেউজ বিপ্লৱ হৈছে যদিও বৃহৎ পৰিমাণৰ জনসংখ্যাৰ বাবে খাদ্য বস্তুৰ অভাৱে দেখা দিছে। 

(খ) দৰিদ্ৰতা (Poverty) :- জনসংখ্যা আৰু দৰিদ্ৰতাৰ সমস্যা অঙ্গাঙ্গীভাৱে জড়িত। জনসংখ্যা হ’ল দৰিদ্ৰতাৰ মূল কাৰণ আৰু ইয়াৰ কাৰণেই জনসংখ্যা বৃদ্ধি পায়।

(গ) নিৰক্ষৰতা (ILLiteracy) :- জনসংখ্যা বৃদ্ধিৰ লগত দেশত বিৰাজ কৰা ব্যাপক নিৰক্ষৰতাৰো সম্পর্ক আছে। দৰিদ্ৰতাৰ কাৰণে দেশৰ লোকে শিক্ষাৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈ নিৰক্ষৰ হৈ পৰে, আনহাতে নিৰক্ষৰতাই মানুহক অভাৱগ্ৰস্ত কৰাৰ উপৰিও জনসংখ্যা বৃদ্ধিৰ কাৰণ হৈ পৰে। 

(ঘ) পৰিৱেশ প্ৰদূষণ (Environmental pollution) :- জনসংখ্যা বৃদ্ধিৰ লগত পৰিৱেশ প্ৰদূষণৰ ঘনিষ্ঠ সম্পৰ্ক আছে। জনসংখ্যা বৃদ্ধিয়ে জন্ম দিয়া আন কেইটামান সমস্যা হ’ল পানী আৰু বায়ু প্ৰদূষণ, গৃহ সমস্যা, স্বাস্থ্য সমস্যা, বস্তি অঞ্চলৰ সৃষ্টি, গাঁওৰ পৰা নগৰলৈ হোৱা প্ৰব্ৰজন সমস্যা ইত্যাদি। 

(ঙ) জীৱন ধাৰণৰ মানদণ্ডৰ নিম্নগতি (Standard of living decreased) :- জনসংখ্যা বৃদ্ধি হোৱাৰ ফলস্বৰূপে সামাজিক জীৱন-যাপনৰ মানদণ্ডৰ গতিও নিম্নগামী হৈ পৰিছে। জনসংখ্যা বৃদ্ধিৰ লগে লগে নাগৰিকসকলৰ সা-সুবিধাৰ অভাৱ, ল’ৰা-ছোৱালীৰ বাবে খেল পথাৰৰ অভাৱ, সমাজ কল্যাণমূলক আঁচনিসমূহ কাৰ্যকৰীকৰণত বাধা আদি বিভিন্ন সমস্যাৰ উদ্ভৱ হয়। এনে সা-সুবিধাৰ অভাৱত জীৱন ধাৰণৰ মানদণ্ডৰো অৱনতি ঘটে। 

(চ) শিক্ষাৰ ক্ষেত্ৰত সমস্যা (Problems in the field of education) :- জনসংখ্যাৰ বৃদ্ধিয়ে শিক্ষাৰ ক্ষেত্ৰখনত বিশেকভাৱে প্ৰভাৱ পেলায়। জনসংখ্যাৰ বৃদ্ধিৰ লগত শিক্ষাৰ পৰিমাণগত আৰু গুণগত উন্নতিৰ সমস্যাও  জড়িত হৈ আছে। 

(ছ) অধিক সা-সুবিধাৰ প্ৰয়োজন (Necessity of more facilities) :- জনসংখ্যাৰ বৃদ্ধিয়ে দেশবোৰত অধিক সা-সুবিধাৰ প্ৰয়োজনীয়তা আনি দিয়ে। ৰাস্তা-ঘাট, স্কুল-কলেজ আদিৰ সংখ্যা বঢ়াবলগীয়া হয়, যাৰ বাবে দেশবোৰৰ অধিক অৰ্থত প্ৰয়োজন আহি পৰে।

(জ)  প্ৰগতিৰ স্থবিৰতা (Static in progress) :- সামাজিক জীৱনৰ উন্নতি সাধিবল হ’লে প্ৰগতিৰ প্ৰয়োজন। জনসংখ্যাৰ অভূতপূৰ্ব বৃদ্ধিয়ে দেশৰ প্ৰগতি আৰু কল্যাণত বাধা দিয়ে। সমাজৰ প্ৰায় সকলো দিশতে স্থবিৰতা আহি পৰে। 

(ঝ) নিবনুৱা সমস্যা (Unemployment problems) :- জনসংখ্যাৰ বৰ্ধিত গতিয়ে নিয়োগৰ ক্ষেত্ৰ সংকুচিত কৰি তোলে। ফলস্বৰূপে দেশত শিক্ষিত নিবনুৱাৰ সমস্যাই গা কৰি উঠে।

শেষত ইয়াকে ক’ব পাৰি যে বৰ্ধিত জনসংখ্যাৰ ফলস্বৰূপে পৰিৱেশৰ ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টিৰ পৰা আৰম্ভ কৰি জনস্বাস্থ্য, শিক্ষা, জীৱনৰ মানদণ্ড ৰক্ষাৰ ক্ষেত্ৰত বৰ বেয়াকৈ আঘাত হানে যাৰ বাবে চাৰিওপিনে বিভিন্ন সমস্যাই গা কৰি উঠা দেখা যায়। 

প্ৰশ্ন ৫৮। জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নীতি আৰু আঁচনিসমূহৰ বিষয়ে চমুকৈ লিখা । (Write briefly about the policies and schemes of the Government of India in the field of population control.)

উত্তৰঃ মানৱ জাতিৰ সন্মুখত জনসংখ্যা বৃদ্ধিৰ সমস্যাই দেশৰ ক্ষেত্ৰত এনে সমস্যাই সৃষ্টি কৰা প্ৰত্যাহ্বান অধিক গুৰুত্ব। জনসংখ্যা বৃদ্ধিৰ সমস্যাই দেশৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু পৰিৱেশৰ ক্ষেত্ৰত ভয়াবহ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সেইবাবে জনসাধাৰণৰ হিত সাধনৰ বাবে চৰকাৰে জনসংখ্যা আঁচনি প্ৰস্তুত কৰে। এই আঁচনিৰ দ্বাৰা চৰকাৰ জনসংখ্যাৰ উদ্দেশ্য পূৰণৰ বাবে অঙ্গীকাৰৱদ্ধ হয়। UNESCO ৰ মতে জনসংখ্যা আঁচনি  হৈছে—”Measures and programme designed to contribute to the achievement of economic, social, demographic, political and other collective goals through affecting critical demographic variables, namely the size and growth of population its geographic distribution and its demographic characteristics.” গতিকে জনসংখ্যা আঁচনি কেৱল জন্ম নিয়ন্ত্ৰণ আঁচনি নহয়, ই প্ৰব্ৰজন, বিবাহ, সম্বন্ধীয় ক্ষেত্ৰ, শিক্ষা ক্ষেত্ৰ আৰু কাম-কাজৰ ক্ষেত্ৰটো প্ৰভাৱ বিস্তাৰ কৰে। স্বাধীনতাৰ আগত ২৯১৬ চনৰ পৰা ১৯৪৭ চনলৈ জনসংখ্যাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ১৯১৬ চনত Raghunath Dhondo Karve-এ বোম্বেত প্ৰথম জন্ম নিয়ন্ত্ৰণৰ কেন্দ্ৰ মুকলি কৰিছিল। সেই একে বছৰতে, ৰবীন্দ্ৰনাথ ঠাকুৰে পৰিয়াল পৰিকল্পনা বিষয়টো সমৰ্থন কৰিছিল। ১৯৩০ চনত মাইচোৰ (Mysore) চৰকাৰে বিশ্বত প্ৰথম চৰকাৰী জন্ম নিয়ন্ত্ৰণ ক্লিনিক মুকলি কৰিছিল। ১৯৩২ চনত  লক্ষ্ণৌত বহা সৰ্বভাৰতীয় মহিলা সন্মিলনীয়ে পৰামৰ্শ দিছিল যে অনুমতি প্ৰাপ্ত ক্লিনিকত পুৰুষ আৰু মহিলা উভয়ে জন্ম নিয়ন্ত্ৰণ পদ্ধতিৰ বিষয়ে পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব। ১৯৪০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাষ্ট্ৰীয় পৰিকল্পনা কমিটিৰ এখন উপ-কমিটি গঠন কৰিছিল। এই কমিটিয়ে বিবেচনা কৰিছিল যে ৰাষ্ট্ৰীয় পৰিকল্পনা আৰু সামাজিক, অৰ্থনৈতিক, পৰিয়ালৰ সুখ-শান্তিৰ ক্ষেত্ৰত  “পৰিয়াল পৰিকল্পনা আৰু ল’ৰা-ছোৱালী সীমাবদ্ধতা” অতি প্ৰয়োজনীয়। মুঠতে ১৯৪৭ চনলৈকে জন্ম নিয়ন্ত্ৰণৰ প্ৰাথমিক কাৰ্যখিনি সম্পন্ন হৈছিল। এই কার্য কিন্তু কেইখনমান চহৰতে সীমাবদ্ধ আছিল।

ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত ১৯৫২ চনত এখন জনসংখ্যা আঁচনি প্ৰস্তুত কৰা হয়, লগতে Director General of Health Service -এ এটা Family Planning Cell স্থাপন কৰে। এই আঁচনিৰ মূল উদ্দেশ্য হ’ল পৰিয়ালৰ আকাৰ সম্বন্ধে পৰিকল্পনা কৰা, প্ৰথম সন্তান আৰু দ্বিতীয় সন্তানৰ মাজত ব্যৱধানৰ পৰিকল্পনা সম্বন্ধে সচেতনতা অৱলম্বন কৰা উচিত। কিছুদিন আগলৈকে জনসংখ্যাৰ আঁচনি আৰু কাৰ্যৱলীসমূহ ভাৰতবৰ্ষ, নেপাল, চীন, ইণ্ডোনেচিয়া, পাকিস্তান আদি দেশত কাৰ্যকৰী হোৱা নাছিল। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ দেশৰ জনসংখ্যাৰ বিভিন্ন আঁচনি সম্বন্ধে অৱগত হোৱা উচিত। 

জনসংখ্যা আঁচনিয়ে তলত উল্লেখ কৰা বিষয়সমূহ সাঙুৰি লয়—

(ক) ল’ৰা-ছোৱালীৰ বিয়াৰ বয়স।

(খ) দুটা সন্তানেৰে পৰিয়ালৰ মানদণ্ড ৰক্ষা। 

(গ) জন্ম নিয়ন্ত্ৰণৰ বিভিন্ন উপায়।

(ঘ) ১১ বছৰ বয়সৰ পৰা ১৫ বছৰ বয়সলৈকে সকলো ল’ৰা-ছোৱালীক পৰিয়াল পৰিকল্পনাৰ বিষয়ে জ্ঞান দিয়া। 

(ঙ) যিসকলে শিক্ষানুষ্ঠানত পঢ়া নাই তেনে মানুহক প্ৰাপ্তবয়স্ক শিক্ষা আঁচনি আৰু অগতানুগতিক শিক্ষাৰ মাধ্যমেৰে জ্ঞান দিয়া।

ভাৰতবৰ্ষত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে জনসংখ্যা শিক্ষা আৰু পৰিয়াল পৰিকল্পনাৰ সাৰ্থকতাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব লাগিব। জনসংখ্যাৰ দ্ৰুত বৃদ্ধিক প্ৰতিহত কৰিবৰ বাবে বিশেষজ্ঞসকলে তিনি প্ৰকাৰৰ পৰিমাপনৰ ব্যৱস্থাৰ পৰামৰ্শ দিছে।

সেই তিনিটা হ’ল—

(ক) ব্যক্তিগত পৰিমাপন (Individual measures).

(খ) ৰাষ্ট্ৰীয় পৰিমাপন (National measures).

(গ) আন্তঃৰাষ্টীয় পৰিমাপন (International measures).

ৰাষ্ট্ৰীয় জনসংখ্যা আঁচনি (National population policy) :-  ৰাষ্ট্ৰীয় জনসংখ্যা আচঁনিখনৰ মূল দিশসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল–

(ক) ছোৱালীৰ বিয়াৰ বয়স ১৮ বছৰ আৰু ল’ৰাৰ ২১ বছৰ।

(খ) যিবিলাক ৰাজ্যই পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত উন্নত কাৰ্যদক্ষতা দেখুৱাবলৈ সক্ষম হৈছে, সেইবোৰ ৰাজ্যলৈকে কেন্দ্ৰীয় সাহায্য ৮% সংৰক্ষণ ব্যৱস্থা কৰা।

(গ) কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা পৰিয়াল পৰিকল্পনাৰ বাৰ্ষিক উন্নতিৰ খতিয়ানৰ পুনৰীক্ষণ কৰা। 

(ঘ) পৰিয়াল পৰিকল্পনাৰ পদ্ধতিৰ উন্নতিৰ বাবে উৎসাহ বঢ়োৱা। 

(ঙ) পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত সমূহিকভাৱে উৎসাহিত কৰি গণ আন্দোলন গঢ়ি তোলা।

(চ) স্বেচ্ছাসেৱী সংগঠনসমূহৰ বাবে পৰিয়াল পৰিকল্পনাৰ আদৰ্শ আঁচনি যুগুত কৰা।

(ছ) জৈৱিক পুনৰুদ্ভোবন আৰু গৰ্ভনিৰোধক ক্ষেত্ৰত গৱেষণাৰ উন্নতি সাধন কৰা।

(জ) যিসকলে পৰিয়াল পৰিকল্পনাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে তেওঁলোকক উৎসাহিত কৰা আৰু বিশেষ সুবিধা প্ৰদানৰ দিহা কৰা।

(ঝ) এটি নতুন ভিন্ন মাধ্যমৰ অভিৰোচিত কৌশল গ্ৰাম্য অঞ্চলৰ উন্নতিৰ বাবে প্ৰয়োগ কৰা 

(ঞ) বিভিন্ন ৰাজ্যত অৱস্থা আৰু সুবিধাৰ ভিত্তিত বন্ধাকৰণ কাৰ্যসূচীৰ আৰম্ভ কৰা।

(ট) মহিলা শিক্ষাৰ বাবে উপযুক্ত ব্যয় কৰা।

(ঠ) শিক্ষা ব্যৱস্থাত জনসংখ্যা শিক্ষাৰ আৰম্ভণি কৰা।

সৰ্বভাৰতীয় ভিত্তিত ১০০ জন সদস্যৰে গঠিত এখন বৃহৎ আকাৰৰ জনসংখ্যা আয়োগ (Population Commission) গঠন কৰা হয় আৰু দেশৰ বিভিন্ন অঞ্চলৰ পৰা ইয়াৰ সদস্য নিৰ্বাচন কৰা হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী এই আয়োগৰ অধ্যক্ষ স্বৰূপে নিযুক্ত কৰা হয়। সংগঠিত এই কাৰ্যদলৰ প্ৰধান উদ্দেশ্য হ’ব ২০২০ চনৰ ভিতৰত দেশৰ জনসংখ্যাৰ বৰ্ধিত হাৰ কমাই স্থবিৰতা লাভ কৰণৰ লক্ষ্য সাধন কৰা। ইয়াৰ বাবে দেশৰ জনসংখ্যা নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা ৰাজ্য কেইখনত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। এই কাৰ্যদলে আঞ্চলিক ভিত্তিত স্বেচ্ছাসেৱী অনুষ্ঠান সাম্প্ৰদায়িক সংগঠন আৰু গাঁও পঞ্চায়তবোৰক উদ্দেশ্য সাধনৰ বাবে ক্ৰিয়া জড়িত কৰি তুলিব।

প্ৰশ্ন ৫৯। অবিৰত আৰু সামূহিক মূল্যায়নৰ বিষয়ে আলোচনা আগবঢ়োৱা। (Discuss ongoing and group assessment.)

উত্তৰঃ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ অন্তত যি পৰীক্ষা কার্য সম্পাদন কৰা হয় তাকেই সাধাৰণ অৰ্থত মূল্যায়ন বোলা হৈছিল। শিক্ষাদানৰ বেলিকা ছাত্ৰ-ছাত্ৰীসকল কিমানখিনি উপকৃত হয় বা নিৰ্দিষ্ট পাঠৰ প্ৰতি কিমানখিনি ধাৰণা আয়ত্ত কৰিব পাৰে এইবোৰৰ পৰীক্ষা কৰাৰ বাবে মূল্যায়নৰ ব্যৱস্থা কৰা হয়। শিক্ষাৰ্থীক শিক্ষাদানৰ অন্তত পৰীক্ষা কার্য সম্পাদন কৰি তেওঁলোকৰ আৰ্জিত জ্ঞানৰ বুজ লোৱাৰ বাবে সাপ্তাহিক, মাহেকীয়া, ছয়হীয়া, বছেৰেকীয়া আদি পৰীক্ষা অনুষ্ঠিত কৰি অবিৰতভাৱে ছাত্ৰৰ মূল্যায়নৰ এক ব্যৱস্থা কৰা হয়।

বৰ্তমান সময়ত শিক্ষাৰ্থীৰ পৰীক্ষা ব্যৱস্থাত কিছুমান নতুন পদ্ধতিত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ ভিতৰত এটা হ’ল অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থা। ইয়াৰ অৰ্থ এয়াই যে শিক্ষাৰ্থীসকলে প্ৰত্যকদিনাই কিমানখিনি শিক্ষা গ্ৰহণ কৰিছে এই বিষয়ে অবিৰতভাৱে শিক্ষাৰ কিছুমান মূল্যায়ন ব্যৱস্থা কৰা। এনে মূল্যায়ন ব্যৱস্থাত ব্যক্তিনিষ্ঠ প্ৰশ্নতকৈ বস্তুনিষ্ঠ প্ৰশ্নৰ প্ৰস্তুতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। কাৰণ বস্তুনিষ্ঠ প্ৰশ্নৰ দ্বাৰাহে শিক্ষাৰ্থীৰ নিৰ্দিষ্ট পাঠৰ বিষয়ে স্পষ্ট ধাৰণা আছে নে নাই তাৰ উমান পোৱা যায়। এইক্ষেত্ৰত শিক্ষকসকলৰ যথেষ্ট ভূমিকা আছে। পৰীক্ষা ব্যৱস্থা অধিক নিৰ্ভৰযোগ্য কৰি তুলিবৰ বাবে গ্ৰহণ কৰা নতুন নতুন পৰীক্ষা-নিৰীক্ষা আদিৰ লগত শিক্ষকসকল ভালদৰে পৰিচিত হ’ব লাগে। ইয়াৰ উপৰি শৈক্ষিক মূল্যায়নৰ সঠিকতা আৰু নিৰ্ভৰযোগ্যতা ৰক্ষা কৰি চলিবৰ বাবে শিক্ষকসকলে বিবিধ প্ৰশ্ন (ব্যক্তিনিষ্ঠ বা বস্তুনিষ্ঠ) প্ৰস্তুতি কৌশল জানিব লাগে। অবিৰত সামূহিক মূল্যায়নে ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দিষ্ট জ্ঞান পুংখানুপুংখভাৱে আয়ত্ত কৰাত সহায় কৰে।

প্ৰশ্ন ৬০। ভাৰতীয় শিক্ষা আয়োগে পৰীক্ষা সংস্কাৰ সন্দৰ্ভত কেনে মতামত আগবঢ়াইছিল উল্লেখ কৰা। (Mention what the Indian Education Commission had to say about the examination reform.) 

উত্তৰঃ ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়োগ বা ভাৰতীয় শিক্ষা আয়োগে স্কুলীয়া পৰ্যায়ত শিক্ষাৰ্থীৰ অর্জিত জ্ঞানৰ মূল্যাংকনৰ বাবে এক নতুন দৃষ্টিভংগী গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায় আৰু বহিঃপৰীক্ষা আৰু আন্তঃপৰীক্ষাৰ ক্ষেত্ৰত মূল্যাংকনৰ উন্নতিৰ বাবে কিছু বাস্তৱ প্ৰস্তাৱ আগবঢ়ায়।

আয়োগৰ দৃষ্টিভংগী অনুসৰি—

(ক) ব্যক্তি নিৰপেক্ষ পৰীক্ষাৰ প্ৰচলনৰ সহায়ত বহিঃপৰীক্ষাৰ মাত্ৰা অথবা সংখ্যা কমোৱা উচিত।

(খ) মাজে-সময়ে প্ৰতিজন ছাত্ৰ-ছাত্রীৰে প্ৰগতিৰ বিৱৰণ নিৰ্দেশিত কৰাৰ বাবে স্কুল ৰেকৰ্ড উপযুক্তভাৱে সংৰক্ষিত কৰি ৰখা উচিত।

(গ) শিক্ষাৰ্থীৰ শৈক্ষিক প্ৰগতিৰ চূড়ান্ত মূল্যায়নৰ বাবে আন্তঃপৰীক্ষা আৰু প্ৰগতিৰ ৰেকৰ্ডৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত। মাধ্যমিক শিক্ষাৰ শৈক্ষিক জীৱনৰ পৰিসমাপ্তিৰ অন্তত এটা মাথোঁ প্ৰকাশ্য পৰীক্ষাৰ ব্যৱস্থা কৰা উচিত।

প্ৰশ্ন ৬১। ভাৰতবৰ্ষত মহিলাৰ স্থিতি সম্পৰ্কে চমু আলোচনা কৰা। (Briefly discuss the status of women in India.)

উত্তৰঃ ভাৰতবৰ্ষত পুৰ্ণিকালৰ পৰাই মহিলা শ্ৰেণীক অৱহেলিত শ্ৰেণী বুলি চিহ্নিত কৰা হৈছে। যদিও বৈদিক যুগত পুৰুষ-মহিলাক সম অধিকাৰ প্ৰদান কৰিমহিলাসকলকো শিক্ষালাভৰ সুযোগ দিয়া হৈছিল কিন্তু বৌদ্ধ যুগত আৰু মুছলমানসকলৰ ৰাজত্বকালত মহিলা শিক্ষাৰ প্ৰতি আওকাণ কৰা হৈছিল। মহিলাসকলে পুৰুষৰ সমানে খোজ মিলাব পৰা, সাধাৰণ শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা দেখা গৈছিল। আনহাতে ইংৰাজৰ শাসনকালৰ পৰাই মহিলাসকলৰ শিক্ষাৰ বাট মুকলি হোৱা বুলি ক’ব লাগিব। সেই সময়ত ৰাজা ৰামমোহন ৰায়ৰ দৰে মনিষীসকলে সমাজৰ পৰা কু-সংস্কাৰ, অন্ধবিশ্বাস আদি আঁতৰাই মহিলাসকলক নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সুযোগ প্ৰদান কৰে। দেশ স্বাধীন হোৱাৰ পিছতো সংবিধানে লিংগভেদ আৰু সকলো ধৰণৰ বৈষম্য আদি আঁতৰাই পঠায়। আনকি ৰাজনৈতিক ক্ষেত্ৰতো মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। এনেদৰেই ভাৰত চৰকাৰে নাৰী সৱলীকৰণৰ দিশত গুৰুত্ব প্ৰদান কৰি আহিছে। ভাৰতবৰ্ষত প্ৰাচীনকালতকৈ মহিলাৰ স্থিতি বৰ্তমানত বহুত সবল বুলি ক’লেও সম্পূৰ্ণ সবল বুলি ক’ব নোৱাৰি।

প্ৰশ্ন ৬২।ভাৰতবৰ্ষত মহিলাসকলৰ শিক্ষাৰ ক্ষেত্ৰত দেখা পোৱা প্ৰধান সমস্যাসমূহ কি কি ? আলোচনা কৰা। (What are the major problems faced by women in India ? Discuss.)

উত্তৰঃ স্বাধীনতাৰ সময়খিনিত ভাৰতৰ মহিলাসকলৰ চকুত লগাকৈ উত্তৰণ হৈছে যদিও নাৰী শিক্ষা আজিও সমস্যা মুক্ত হ’ব পৰা নাই। শিক্ষাৰ বিকাশে কেতবোৰ সামাজিক জটিলতা সৃষ্টি কৰি তুলি স্ত্ৰী শিক্ষা সমস্যা জর্জৰ কৰি তুলিছে। বিশেষকৈ পিছপৰা অঞ্চলসমূহ এইক্ষেত্ৰত অধিক সমস্যাজর্জৰ। ইয়াক বিশ্লেষণ কৰি চালে নিম্নলিখিত কাৰণবোৰো উল্লেখ কৰিব পাৰি।

(ক) সামাজিক বৈষম্য :- আমাৰ সমাজত বৰ্তমানেও ল’ৰাৰ শিক্ষাৰ প্ৰতি যিমান গুৰুত্ব দিয়া হয় ছোৱালীৰ শিক্ষাৰ প্ৰতি সিমান গুৰুত্ব দিয়া নহয়। বহুতো দুখীয়া পৰিয়ালৰ ছোৱালীয়ে ইটো-সিটো কৰিব পৰা হ’লে ঘৰুৱা কাম-বনত নিয়োগ কৰা হয়। ছোৱালীৰ শিক্ষাৰ প্ৰতি অৱহেলা আৰু বৈষম্যমূলক মনোভাৱৰ বাবেই ছোৱালী শিশু শ্ৰমিকৰ এক অসুস্থ ব্যৱস্থা বৰ্তমান গঢ় লৈ উঠিছে।

(খ) অৰ্থনৈতিক নিৰ্ভৰশীলতা :- ভাৰতৰ সমাজ বৰ্তমানেও পুৰুষ প্ৰধান হৈ থকা বাবে স্ত্ৰী শিক্ষাত এক প্ৰতিকূল অৱস্থাৰ সৃষ্টি কৰিছে। অৰ্থনৈতিকভাৱে পুৰুষৰ ওপৰত নিৰ্ভৰশীলতাই স্ত্ৰীসকলৰ শিক্ষা বহু সময়ত নিৰর্থক আৰু নিষ্প্ৰয়োজন কৰি তুলিছে। উল্লেখযোগ্য যে অসমৰ মহিলাসকলে গাৰ্হস্থ্য জীৱনৰ পুৰণি মনোভাৱৰ পৰা মুক্ত হ’ব নোৱাৰে বাবে অনা-অসমীয়া বহুতসংখ্যক মহিলাই সেই বৃত্তীয় আৰু কৰ্ম নিযুক্তিৰ সুযোগ ৰাজ্যখনত গ্ৰহণ কৰি আহিছে।

(গ) যাতায়াতৰ অসুবিধা :- ভাৰতৰ গ্ৰামাঞ্চলবোৰত যাতায়ত ব্যৱস্থাৰ ভাল সুযোগ নথকা বাবে স্ত্ৰী-শিক্ষাত প্ৰতিকূল প্ৰভাৱ পেলাইছে। মাক-দেউতাকে অকলে অকলে দূৰণিবটীয়া স্কুললৈ ছোৱালীক পঠাব নোখোজে। স্কুল কৰ্তৃপক্ষই নিজাকৈ স্কুল বাছৰ কথা চিন্তা কৰিব নোৱাৰে। বাৰিষাৰ সময়খিনিত বাট-পথৰ যোগাযোগ বহু ঠাইত বিচ্ছিন্নও হৈ পৰে। ফলত ছোৱালীবোৰ শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হয়।

(ঘ) ছাত্ৰীসকলৰ অভাৱ :- ছোৱালীসকলৰ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ এটা কাৰণ হৈছে ভাল আৰু উন্নত গুণমানৰ শিক্ষানুষ্ঠানবোৰত ছাত্ৰী ৱাসৰ অভাৱ। অৰ্থৰ নাটনি, চৰকাৰৰ এইক্ষেত্ৰত অৰ্থ সাহায্যৰ অভাৱ, স্কুল কৰ্তৃপক্ষই ছোৱালীক নিৰাপত্তা দিবলৈ সাহক আদি বিবিধ কাৰণৰ হেতুকে ছাত্ৰীবাস স্থাপনৰ দায়িত্ব নলয়।

(ঙ) বৈবাহিক জীৱনৰ প্ৰয়োজন :- ভাৰতীয় সমাজত বৰ্তমানেও পিতৃ-মাতৃৰ বাবে কন্যা সন্তানৰ শিক্ষাৰ দায়িত্বৰ তুলনাত বিবাহৰ দায়িত্ব গুৰুত্বপূৰ্ণ। বিয়াৰ পিছতো ছোৱালীয়ে পঢ়া-শুনা কৰিব পাৰে বুলি ভুৱা সান্তনা দিয়া হয় যদিও বাস্তৱ ক্ষেত্ৰত যি সম্ভৱ হৈ নুঠেগৈ। এইক্ষেত্ৰত এই বাস্তৱ আৰু গতিশীল মনোভাৱৰ অভাৱ হোৱা হেতুকে বিবাহিতা ছোৱালীৰ শিক্ষা গুৰুত্বহীন বিষয়ত পৰিণত হয়।

(চ) মহিলা শিক্ষকৰ অভাৱ :- পৃথিৱীৰ উন্নত দেশবোৰত মহিলা শিক্ষকসকলৰ শিক্ষকতাৰ বাবে পুৰুষসকলতকৈও দেহ-মানসিকভাৱে অধিক উপযুক্ত স্বৰূপে বিবেচনা কৰা হয়। তাৰ বিপৰীতে আমাৰ শিক্ষাদান ব্যৱস্থাত মহিলাসকল এতিয়াও অৱহেলিত হৈ থকাটো মন কৰিবলগীয়া। প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ স্কুলত বৰ্তমানেও দেশত মহিলা শিক্ষকৰ তুলনাত পুৰুষ শিক্ষকৰ সংখ্যা তিনি গুণতকৈ অধিক হোৱাটো লক্ষ্য কৰা হৈছে। পুৰুষৰ তুলনাত সাধাৰণভাৱে মহিলাসকলৰ শিক্ষাৰ অগ্ৰসৰতা, মহিলাসকল চাকৰিমুখী হৈ নুঠা আৰু ঘৰ এৰি তেওঁলোকে দূৰ ঠাইত শিক্ষকতা কৰাৰ অসুবিধা আদি কাৰণ ইয়াৰ লগত জড়িত হৈ আছে।

(ছ) ছোৱালীৰ বাবে বৃত্তিমূলক শিক্ষাৰ অভাৱ :- দেশখনৰ বৃত্তীয় শিক্ষাৰ দিশত সাধাৰণভাৱে থকা অনাগ্রসৰতাৰ অৱস্থাই ছোৱালীসকলৰ বৃত্তিমূলক শিক্ষাৰ অভাৱ আৰু জটিল কৰি তুলিছে। বৰ্তমান শিল্পকেন্দ্ৰিক সমাজত আধুনিক জীৱনৰ মান উন্নত হৈ উঠাৰ লগে লগে কেতবোৰ শিল্প বিষয়ৰ প্ৰয়োজন গঢ় লৈ উঠিছে। কিন্তু এই সমূহ বিত্তীয় সম্ভাৱনীয়তা উদ্ঘাটন, তাৰ প্ৰশিক্ষণ আৰু কম নিয়োজনৰ দিশত সংশ্লিষ্ট কৰ্তৃপক্ষই উদাহীনতা বিশেষ ক্ষতিকাৰক হৈ উঠিছে। ইয়াৰ ফলত অসমৰ ছোৱালীসকলক বৃত্তীয় জীৱনৰ বাবে সময়ো পযোগীকৈ গঢ় দি তুলিব পৰা হোৱা নাই।

(জ) চৰকাৰৰ উদাহীনতা :- ভাৰতৰ মহিলা শিক্ষাৰ সাধাৰণ অনগ্রসৰতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে প্ৰয়োজনীয় ভূমিকা যথাৰ্থভাৱে গ্ৰহণ কৰিছে বুলি ক’ব পৰা নাযায়। প্ৰাক্ প্ৰাথমিক পৰ্যায়ত মহিলা শিক্ষকৰ বাবে চৰকাৰী উদ্যোগত মন্টেশ্বৰী পদ্ধতিৰ প্ৰশিক্ষণ কেন্দ্ৰ এতিয়াও গঢ়ি উঠা নাই। মাধ্যমিক পৰ্যায়ত ছোৱালীৰ বাবে প্ৰয়োজনীয় বৃত্তিমূলক শিক্ষা আৰু তাৰ কৰ্ম নিযুক্তিৰ সম্ভাৱনীয়তাসমূহ চৰকাৰে উদ্ভাৱন কৰি তুলিব পৰা নাই। কলেজীয়া শিক্ষাৰ ক্ষেত্ৰতো দেখা যায় যে অসমত এতিয়ালৈকে এখনো মহিলা কলেজ চৰকাৰীকৰণ হোৱা নাই। এনেবোৰ দৃষ্টান্তই মহিলাসকলৰ শিক্ষাৰ দিশত ৰাজ্যিক চৰকাৰৰ উদাহীনতা আমাৰ মনত স্পষ্ট কৰি তোলে।

প্ৰশ্ন ৬৩। নাৰী সৱলীকৰণৰ উদ্দেশ্যসমুহ কি কি ? আলোচনা কৰা। (What are the objectives of women empowerment ? Discuss.) 

উত্তৰঃ নাৰী সৱলীকৰণ উদ্দেশ্যসমূহ তলত উল্লেখিত ধৰণৰ—

(ক) সম অধিকাৰ আৰু মৰ্যাদা প্ৰদান :- দেশ এখনত যাতে নাৰীয়ে পুৰুষৰ সমানে অধিকাৰ সাব্যস্ত কৰিব পাৰে, সমমৰ্যাদা লাভ কৰিব পাৰে তাৰ ওপৰত নাৰী সৱলীকৰণে গুৰুত্ব প্ৰদান কৰে।

(খ) আৰ্থিক স্বাৱলম্বিতা প্ৰদান :- মহিলাসকল সাধাৰণতে পৰনিৰ্ভৰশীল হোৱা দেখা যায়। নাৰীৰ সৱলীকৰণে মহিলাসকলৰ আর্থিকভাৱে স্বাৱলম্বী কৰি তোলে।

(গ) ৰাজনৈতিক ক্ষমতা প্ৰদান :- মহিলা সৱলীকৰণে মহিলাসকলক ৰাজনীতিৰ জগতখনত প্ৰভাৱশালী কৰি তোলে। তেওঁলোকে ৰাজনীতিৰ সকলো কাৰ্যতে নিজৰ ৰায় প্ৰদান কৰিব।

(ঘ) পৰিয়াল পৰিকল্পনাৰ আঁচনিৰ সঠিক ৰূপায়ণ :- ভাৰতৰ দৰে দেশত জনবিস্ফোৰণৰ সমস্যাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। মহিলা সৱলীকৰণে সৰু পৰিয়াল সুখী পৰিয়ালৰ ধাৰণা বাস্তৱয়িত কৰাত গুৰুত্ব প্ৰদান কৰে। 

(ঙ) মহিলাৰ সুপ্ত শক্তিৰ বিকাশ :- সততে দেখা যায় মহিলাসকলৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰতিভা থকা সত্বেও নিজৰ প্ৰতিভা লুকুৱাই ৰাখিবলগীয়া হয়। সেয়া পাৰিবাৰিক কাৰণতেই হওক বা সামাজিক কাৰণতেই হওক। মহিলা সৱলীকৰণে মহিলাৰ সুপ্ত হৈ থকা প্ৰতিভাসমূহৰ বিকাশ সাধন কৰি তোলে আৰু স্বীকৃতি প্ৰদান কৰে।

প্ৰশ্ন ৬৪। মহিলা সৱলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। (Discuss the role of education in women empowerment.)

উত্তৰঃ এখন দেশৰ অজ্ঞানতা, নিৰক্ষৰতা, ৰক্ষণশীলতা আদি কেৱল শিক্ষাইহে নিৰ্মূল কৰিব পাৰে। সেইদৰে মহিলা সৱলীকৰণতো শিক্ষাই বিশেষ ভূমিকা পালন কৰে। শিক্ষাই মহিলাক সামাজিকভাৱে সজাগ আৰু দায়বদ্ধ কৰি তোলে। মহিলাসকলক বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ, ঔদ্যোগিক বিষয়ত শিক্ষা প্ৰদান কৰি তেওঁলোকক উৎপাদনক্ষম কৰি তোলে। ইয়াৰ জৰিয়তে তেওঁলোক আর্থিকভাৱে স্বাৱলম্বী হোৱাত সুযোগ লাভ কৰে। শিক্ষাই মহিলাসকলৰ সুপ্ত প্ৰতিভাৰ বিকাশ সাধন কৰে। পুৰণি কালৰ পৰাই মহিলাসকলক দমন কৰি ৰখা হৈছে, শাৰীৰিকভাৱেও নিৰ্যাতিতা হৈ আহিছে, শিক্ষাই এইবোৰৰ বিৰুদ্ধে মাত মাতিবলৈ মহিলাসকলক শক্তি প্ৰদান কৰিছে। ইয়াৰ উপৰিও মহিলাসকলক ৰাজনৈতিকভাৱে প্ৰভাৱশালী কৰি তোলে। ফলত তেওঁলোকে ৰাজনীতিৰ সকলো সিদ্ধান্ততে অংশগ্ৰহণ কৰিব পাৰে। মুঠতে শিক্ষাই মহিলাসকলক অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে সবল কৰি তোলে।

প্ৰশ্ন ৬৫। জনসংখ্যা শিক্ষা বুলিলে কি বুজা ? এই শিক্ষাৰ মূল উদ্দেশ্যবোৰ কি ? জনসংখ্যা শিক্ষাৰ ক্ষেত্ৰ কোনবোৰ উল্লেখ কৰা। (What do you mean by population education ? What are the main objectives of this education ? Discuss the areas of population education.)

উত্তৰঃ জনসংখ্যা শিক্ষাক বহুতেই পৰিয়াল আৰু যৌন শিক্ষাৰ নামান্তৰ বিবেচনা কৰে, কিন্তু ই ভুল। জনসংখ্যা শিক্ষা হ’ল এনে এক শিক্ষা, যি শিক্ষা ৰূপায়ণৰ দ্বাৰা ছাত্ৰসকলে দেশৰ জনসংখ্যা পৰিস্থিতিৰ সম্পৰ্কে আৰু পৰিয়াল, সমাজ আৰু জাতীয় জীৱনত ইয়াৰ গুৰুত্ব সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দিব পাৰে। জনসংখ্যা শিক্ষাৰ প্ৰথম নামাকৰণ কৰোঁতে অধ্যাপক নৱেল ডেভিদ বাৰ্লছনে ইয়াৰ সংজ্ঞা দি কৈছে যে জনসংখ্যা শিক্ষা জনগণৰ বৰ্ধিত জন্মৰ হাৰে সৃষ্টি কৰা সমস্যা স্বৰূপ আৰু গুৰুত্ব হৃদয়ংগম কৰিবলৈ সক্ষম কৰে।

জনসংখ্যা শিক্ষাৰ মূল উদ্দেশ্য হ’ল—

(ক) পৰিয়ালৰ আকাৰ ই ইচ্ছানুসৰি সীমিত কৰিব পাৰি, সেই সম্পৰ্কে ছাত্ৰসকলক জ্ঞান দান কৰে।

(খ) সীমিত জনসংখ্যাই যে জাতীয় উন্নতি আৰু বিকাশৰ মূল ভেটি সেই বিষয়ে সকলোকে উপলব্ধি কৰোৱা।

(গ) জীৱন নিৰ্বাহৰ মানদণ্ডৰ উন্নয়ন আৰু সীমিত জনসংখ্যাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে উঠি অহা নাগৰিকসকলক অৱগত কৰোৱা।

(ঘ) সৰু পৰিয়াল এটি যে আৰ্থিক আৰু মানসিক সুখ-সম্ভোগৰ উৎস হ’ব পাৰে সেই বিষয়ে বাস্তৱ জ্ঞান দিয়া।

(ঙ) জনসংখ্যাৰ লগত জড়িত বিবিধ সমস্যাৰ প্ৰতি উপযুক্ত দৃষ্টিভংগী আৰু অনুৰাগ বৃদ্ধি কৰা।

 জনসংখ্যা শিক্ষাৰ ক্ষেত্ৰবোৰ তলত উল্লেখ কৰা হ’ল—-

(ক) বিশ্বৰ জনসংখ্যা বৃদ্ধিৰ ইতিহাসৰ পটভূমিত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ স্বৰূপ আৰু সংজ্ঞা অধ্যয়ন।

(খ) বৰ্ধিত জনসংখ্যাৰ অবাঞ্চিত ফলাফল আৰু জনসংখ্যা সীমিত কৰাৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি।

(গ) জনসংখ্যা বৃদ্ধিৰ ধাৰা, বিশেষত্ব আৰু প্ৰকাৰ।

(ঘ) জনসংখ্যা বৃদ্ধিয়ে জীৱন-যাপনৰ মানদণ্ডৰ ওপৰত পেলোৱা প্ৰতিকূল প্ৰভাৱৰ বিষয়ে বস্তুবাদী দৃষ্টিভংগী সৃষ্টি কৰা।

(ঙ) পৰিয়াল পৰিকল্পনা আৰু পৰিয়াল কল্যাণ সম্পৰ্কে সমাজত সজাগ অৱস্থাৰ সৃষ্টি কৰা।

(চ) জাতীয় জীৱনত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক ইত্যাদি বিভিন্ন দিশৰ লগতে জনসংখ্যা বৃদ্ধি বাহিৰ কৰা।

(ছ) পৰিয়াল সংগঠন, স্বাস্থ্য, পুষ্টি আৰু জনসংখ্যাৰ গতিশীল ধৰ্মৰ লগত পৰিচিত হোৱা।

(জ)  সংজনন সম্পৰ্কে শৰীৰ তত্বৰ প্ৰাথমিক জ্ঞান আহৰণ।

প্ৰশ্ন ৬৬। জনসংখ্যা বৃদ্ধিৰ বাবে কি কি সমস্যাই মূৰ ডাঙি উঠিব পাৰে ? আলোচনা কৰা। (What problems can arise for population growth ? Discuss.)

উত্তৰঃ সমগ্ৰ পৃথিৱীৰ সম্প্ৰতি জনসংখ্যা বিস্ফোৰণ সমস্যাই এক জটিল ৰূপ ধাৰণ কৰিছে। আমাৰ দেশতো জনসংখ্যা বৃদ্ধিৰ লগে লগে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক আদি নানা ধৰণৰ সমস্যাই মূৰ দাঙি উঠে, যেনে—

(ক) জনসংখ্যা বৃদ্ধিৰ লগত দেশৰ খাদ্য নাটনিৰ ঘনিষ্ঠ সম্পৰ্ক আছে। স্বাধীনোওৰ কালত দেশৰ মৃত্যুৰ হাৰ ক্ৰমাত কমি আহিছে যদিও জন্মৰ হাৰ অত্যাধিক বৃদ্ধি পোৱাৰ হেতুকে দেশৰ উৎপাদিত খাদ্য সামগ্ৰীয়ে সমতা ৰাখিব পৰা নাই। গতিকে দেশত সেউজ বিপ্লৱ হৈছে যদিও বৃহৎ পৰিমাণৰ জনসংখ্যাৰ বাবে খাদ্য বস্তুৰ অভাৱে দেখা দিছে। দৰিদ্ৰতা, খাদ্যহীনতা আদি এশ একুৰি সমস্যাৰ বোজা লৈ এই জনসংখ্যাই দেশৰ উন্নতিৰ কোনো অৰিহণা আগবঢ়াব পৰা নাই।

(খ) জনসংখ্যা বিস্ফোৰণ আৰু দৰিদ্ৰতাৰ সমস্যা অংগগীভাৱে জড়িত। জনসংখ্যা হ’ল দৰিদ্ৰতাৰ মূল কাৰণ আৰু দৰিদ্ৰতাৰ কাৰণেই জনসংখ্যা বৃদ্ধি পায়।

(গ) জনসংখ্যা বৃদ্ধিৰ লগত দেশত বিৰাজ কৰা ব্যাপক নিৰক্ষৰতাৰ সম্পৰ্ক আছে। দৰিদ্ৰতাৰ কাৰণে দেশৰ লোকে শিক্ষাৰ সা-সুবিধাৰপৰা বঞ্চিত হৈ নিৰক্ষৰ হৈ পৰে, আনহাতে নিৰক্ষৰতাই মানুহক অভাৱগ্ৰস্ত কৰাৰ উপৰিও জনসংখ্যা বৃদ্ধিৰো কাৰণ হৈ পৰে।

(ঘ) জনসংখ্যা বৃদ্ধিয়ে জন্ম দিয়া আন কেইটামান সমস্যা হ’ল পানী আৰু প্ৰদূষণ। গৃহ সমস্যা, খাদ্য সমস্যা, স্বাস্থ্য সমস্যা, গাঁৱৰ পৰা নগৰলৈ হোৱা প্ৰব্ৰজন সমস্যা ইত্যাদি। 

 (ঙ) জনসংখ্যা বৃদ্ধিৰ লগে লগে নাগৰিকৰ সা-সুবিধা অভাৱ, ল’ৰা-ছোৱালীৰ বাবে খেল-পথাৰত অভাৱ, সমাজ কল্যাণমূলক সুবিধাৰ নাটনি আদি বিভিন্ন সমস্যাৰ সৃষ্টি হয়। যেনে সা-সুবিধাৰ অভাৱত জীৱন-যাপনৰ মানদণ্ডৰ অৱনতি ঘটা দেখা যায়।

(চ) পৰোক্ষভাৱে হ’লেও জন বিস্ফোৰণৰ ফলত শিক্ষানুষ্ঠানত ঠাইৰ অভাৱ, শিক্ষাদানৰ নিম্ন মানদণ্ড আৰু অন্যান্য অৱস্থাৰ অৱনতি ঘটে।

প্ৰশ্ন ৬৭। স্কুলত বিভিন্ন স্তৰত জনসংখ্যা শিক্ষা কিদৰে প্ৰদান কৰা উচিত তোমাৰ ভাষত চমুকৈ লিখা। (Briefly write in your language how population education should be provided at different levels in school.)

উত্তৰঃ স্কুলীয়া স্তৰৰ পৰাই জনসংখ্যাৰ শিক্ষা পৰিকল্পিতভাৱে আমাৰ ল’ৰা-ছোৱালীসকলক দিয়া উচিত যাতে সিহঁতৰ ভৱিষ্যৎ পৰিয়ালৰ পৰিকল্পনা সম্পৰ্কে আগতেই সজাগ হ’ব পৰে। প্ৰাথমিক স্কুলত ছাত্ৰ-ছাত্ৰীসকলক জনসংখ্যা মানে কি, বিভিন্ন দেশত এই বৃদ্ধি কিমান হৈছে, দেশৰ উৎপাদনৰ লগত লোকসংখ্যা বৃদ্ধিৰ কেনে সম্পর্ক ইত্যাদি কথা বুজাব পাৰি। লগতে ডাঙৰ পৰিয়ালত যে খোৱা-বোৱা, থকা-মেলা, পিন্ধা-উৰা, পঢ়া-শুনাৰ সা-সুবিধা কম আৰু সৰু পৰিয়ালত এনে অভাৱ তেনেকৈ নাথাকে এই কথাও সিহঁতৰ বুজাব পাৰি।

মাধ্যমিক স্তৰত জনসংখ্যাৰ শিক্ষা প্ৰয়োজনঅনুসৰি দিয়াব লাগে। জনসংখ্যা শিক্ষা আৰু যৌন শিক্ষাৰ মাজত নিকট সম্পৰ্ক আছে। বয়ঃসন্ধি কালত ল’ৰা-ছোৱালীবোৰৰ যৌন চেতনা তীব্ৰ হয়। সেই গতিকেই বিশেষজ্ঞসকলে কয় যে যৌন চেতনা শিক্ষা পৰিকল্পিতভাৱে ছাত্ৰক দিবলৈ হ’লে বয়ঃসন্ধিৰ কালছোৱাই হ’ল অতি উপযুক্ত সময়। এই সময়তেই ছাত্ৰ-ছাত্ৰীসকলক শৰীৰৰ অংগ-পতংগৰে সৈতে ভালদৰে চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰজনন গ্ৰন্থিৰ কার্য, সম্পৰ্কে অৱগত কৰোৱাৰ ব্যৱস্থা ল’ব লাগে। এক ক্রটিহীন আৰু বাস্তৱধৰ্মী যৌন-শিক্ষাৰ কাৰ্যসূচীয়ে বিবাহ আৰু সন্তান জন্মৰ বিষয়ে থকা অজ্ঞতা আঁতৰাই ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ভৱিষ্যৎ সম্পৰ্কে সতৰ্ক আৰু সজাগ কৰি তোলে বুলি শৰীৰতত্ববিদ, মনোবিজ্ঞানী, চিন্তাবিদ আৰু শিক্ষাবিদসকলে মত পোষণ কৰে।

সম্প্ৰতি জ্ঞান-বিজ্ঞানৰ জয়-যাত্ৰাৰ কাৰণে অভিভাৱক, শিক্ষক আৰু সাধাৰণ নাগৰিকৰ মনত এই ধাৰণা বদ্ধমূল হৈছে যে বয়স আৰু মানসিক পৰিপক্কতাৰ উপযোগীকৈ ছাত্ৰ-ছাত্ৰীক ঘৰত আৰু স্কুলত যৌন শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু এইক্ষেত্ৰত গৃহ, স্কুল আৰু সমাজৰ সম্পূৰ্ণ সহযোগিতাৰ প্ৰয়োজন। তেতিয়াহে সমাজৰ যৌন সংক্ৰান্ত সমস্যা আৰু নৈতিক দুৰ্নীতি আদি আঁতৰাব পৰা যাব আৰু যৌন বিষয়ৰ বৈজ্ঞানিক জ্ঞানেৰে মানুহ হৈ আমাৰ ভৱিষ্যতৰ নাগৰিককলে সমাজত যোগ্য স্থান অধিকাৰ কৰিব পাৰিব। লগে লগে বেশ্যাবৃত্তি, ভ্ৰূণ হত্যা, বিবাহ বিচ্ছেদ আৰু সামাজিক পাপ আতঁৰিব। সেয়েহে পৃথিৱীৰ আগশাৰীৰ দেশসমূহে স্বাস্থ্য শিক্ষাৰ দৰেই যৌন শিক্ষাৰ বিষয়টো নিয়মীয়া পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিছে। যৌন শিক্ষাৰ আমি দুটা দিশ দেখিবলৈ পাওঁ—

(ক) গঠনমূলক।

(খ) প্ৰতিৰোধমূলক।

প্ৰথমটোৱে যৌন জীৱনৰ প্ৰতি এক স্বাস্থ্যকৰ মনোভংগী গঢ়ি তোলে যি দৃষ্টিভংগীয়ে গোপনীয়তা, যৌন ব্যভিচাৰ, অশ্লীলতাৰ বিৰুদ্ধে ব্যক্তিক সতৰ্ক আৰু সংযত কৰি তোলে। প্ৰতিৰোধমূলক দিশটোৰ মুখ্য উদ্দেশ্য হ’ল অজ্ঞানতা আৰু নিষিদ্ধতাৰ বাবে যাতে ছাত্ৰ-ছাত্ৰীয়ে যৌন ক্ষেত্ৰত কোনো ভুল-ক্রটি নকৰে তাৰ বিৰুদ্ধে সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰাটো। এইক্ষেত্ৰত পিতৃ-মাতৃ আৰু শিক্ষকৰ দায়িত্ব বহুত। পিতৃ-মাতৃসকলে যৌন জীৱনৰ প্ৰাথমিক কথা কোনো খোকোজা নলগাকৈ আৰু মিছা ধাৰণা নিদিয়াকৈ ল’ৰা-ছোৱালীক ঘৰুৱা পৰিৱেশতে দিব পাৰে।

স্কুলীয়া পৰিৱেশত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মানসিক পৰিপক্কতাৰ লগত সংগতি ৰাখি যৌন শিক্ষা দিব পাৰে। বোলছবি, নৃত্যগীত, চিত্ৰাংকন ইত্যাদি হ’ল পৰোক্ষভাৱে যৌন ক্ষুধা তৃপ্তিৰ মাধ্যম। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলক বিপথে নোযোৱাকৈ গঠনমূলক কামত নিয়োগ কৰি ৰাখিব পাৰিলে সিহঁতৰ প্ৰতিভাৰ বিকাশ হোৱাৰ উপৰিও যৌন চেতনাই তৃপ্তি লাভ কৰে।

সম্প্ৰতি জনসংখ্যা শিক্ষাৰ ওপৰত আমাৰ দেশত যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু ১৬ খন ৰাজ্যই ইতিমধ্যে প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত জনসংখ্যা শিক্ষাৰ অন্তৰ্ভুক্ত কৰিছে। ভালেকেইখন বিশ্ববিদ্যালয়ে উচ্চ শিক্ষাৰ স্তৰত জনসংখ্যা শিক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰশ্ন ৬৮। আমাৰ দেশত পৰিৱেশ শিক্ষাৰ ক্ষেত্ৰত সঘনাই দেখা পোৱা অসুবিধাসমূহ কি কি? আলোচনা কৰা। (What are the disadvantage of environmental education in our country ? Discuss.)

উত্তৰঃ পৰিৱেশ শিক্ষাৰ মূল সমস্যাবোৰ নিম্নোক্ত ধৰণৰ—-

(ক) পৰিবেশক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক এনে শিক্ষাৰ নীতিৰ উদ্দেশ্যসমূহৰ দ্বাৰা সহজতে দায়বদ্ধ কৰি তোলা সহজ কাম নহয়। কাৰণ এনে কাৰ্যক সফলতা নিৰ্ভৰ কৰে তেওঁলোকৰ ৰুচিবোধ আৰু অভিপ্ৰায়ৰ পৰিৱর্তনৰ ওপৰত। এনে অভিপ্ৰায় আৰু ৰুচিবোধৰ পৰিৱৰ্তন সাধন কৰা প্ৰক্ৰিয়াটো জীৱনৰ নীতি আদৰ্শৰ লগত ঘনিষ্ঠভাৱে সাঙোৰ খাই আছে।

(খ) পৰিৱেশ শিক্ষা প্ৰদানৰ বাবে প্ৰশিক্ষিত শিক্ষকৰ অভাৱ।

(গ) বিশ্বৰ সামগ্ৰিক দেশৰ ভিন্নতা অনুসৰি পৰিৱেশ সম্পৰ্কীয় সকলো বিষয় সামগ্ৰিকভাৱে প্ৰদান কৰা কার্য সহজ নহয়। 

(ঘ) সমাজৰ ভিন ভিন ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাক ৰক্ষা কৰাৰ দৃষ্টিভংগী বেলেগ বেলেগ হোৱা বাবে পাৰিপাৰ্শ্বিক অৱস্থাৰ মানদণ্ড ৰক্ষাৰ প্ৰচেষ্টা চলোৱা কাৰ্যও কঠিন।

(ঙ) পৰিবেশ শিক্ষাৰ প্ৰয়োজনীয় বস্তু সামগ্ৰীসমূহ সহজলভ্য নহয়।

(চ) পাৰিপাৰ্শ্বিক শিক্ষাৰ পাঠ্যক্ৰম সুস্থিৰ নহয়।

(ছ) পৰিবেশ শিক্ষাৰ বাবে ফলদায়ক পৰিকল্পনাৰ প্ৰয়োজন। কিন্তু শিক্ষাৰ আনুষ্ঠানিক প্ৰক্ৰিয়াত এনে পৰিকল্পনাভিত্তিক ব্যৱস্থা গ্ৰহণ কৰা সহজ নহয়।

প্ৰশ্ন ৬৯। শিক্ষানুষ্ঠানত পৰিবেশ শিক্ষা কেনেদৰে দিব পাৰি ? বৰ্ণনা কৰা। (How can environmental education be given in educational institutions ? Describe.)

উত্তৰঃ পৰিবেশ শিক্ষাই মানুহক পৰিবেশৰ প্ৰতি দায়বদ্ধ কৰে। পৰিবেশ প্ৰতি মানুহৰ সজাগতা আৰু দায়বদ্ধতা বৃদ্ধি কৰিবলৈ বৰ্তমান শিক্ষানুষ্ঠানসমূহতো পৰিবেশ শিক্ষাৰ পাঠ্যক্ৰম প্ৰচলন কৰা হৈছে।

শিক্ষানুষ্ঠানৰ বিভিন্ন পৰ্যায়ত তলত দিয়া ধৰণে শিক্ষা প্ৰদান কৰিব পাৰি :- 

প্ৰাথমিক পৰ্যায়ত :- এই পৰ্যায়ত শিশুসকলক পৰিস্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰা, স্বাস্থ্যৰ অনুশীলন, ৰ’দ-বৰষুণ দিয়া, শীত-তাপ অৱস্থা নিৰীক্ষণ কৰা পাঠ আদি প্ৰদান কৰা হয়। আনহাতে এই পৰ্যায়ত প্ৰাকৃতিক সৌন্দৰ্য অনুভৱ কৰাবৰ বাবে ‘প্ৰকৃতি পাঠ’ প্ৰদান কৰাৰ ব্যৱস্থা থকা উচিত।

মাধ্যমিক পৰ্যায়ত :- এই পৰ্যায়ত পদাৰ্থবিজ্ঞান, ৰাসায়নবিজ্ঞান, জীৱবিজ্ঞান, উদ্ভিদবিজ্ঞান, বতৰবিজ্ঞান আদি বিষয়ৰ প্ৰতি ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰি তুলিব লাগে। আনহাতে বৈজ্ঞানিক অধ্যয়ন, পৰীক্ষণ-নিৰীক্ষণ আদিও পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা উচিত।

উচ্চ পৰ্যায়ত :- স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত শিক্ষাৰ্থীসকলৰ মাজত পৰিবেশ সম্বন্ধে, ইয়াৰ সমস্যা সম্বন্ধে আলোচনা বিলোচনা, চেমিনাৰ আদি অনুষ্ঠিত কৰি থাকিব লাগে। আনহাতে এই পৰ্যায়ত পৰিৱেশ সমস্যাৰ সমাধানৰ নতুন কৌশল আদি সৃষ্টিৰ সুবিধা প্ৰদান কৰিব লাগে আৰু গৱেষণাৰ ব্যৱস্থা কৰিব লাগে।

প্ৰশ্ন ৭০। মূল্যবোধৰ ধাৰণা ব্যাখ্যা কৰা। (Explain the concept of values.)

উত্তৰঃ সামাজিক, নৈতিক আৰু আধ্যাত্মিক দিশত বিভিন্ন কাৰ্যপন্থাৰ যোগেৰে প্ৰকাশ পোৱা আচৰণৰ মানদণ্ডই হৈছে মূল্যবোধ। মূল্যবোধ শব্দই কোনো ব্যক্তি বা সমাজে গ্ৰহণ কৰা আদর্শক বুজায়। আমাৰ আচৰণক প্ৰভাৱিত কৰা সততা, সাধুতা, ন্যায়, ত্যাগ, দেশপ্ৰেম, সহযোগিতা, সমতা ইত্যাদি প্ৰত্যেকেই একো একোটা মূল্যবোধ। সাধাৰণ অৰ্থত মূল্যাবোধ হ’ল আচৰণৰ আদৰ্শ যিবিলাক আমাৰ সামাজিক, নৈতিক আৰু আধ্যাত্মিক ক্ষেত্ৰত সময়ৰ সোঁতত উদ্ভৱ হয়। ই-মানুহৰ আচৰণৰ বিভিন্ন আদৰ্শমূলক দৃষ্টান্তৰ সৈতে জড়িত।

দাৰ্শনিক দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে মানুহে তেওঁলোকৰ আচৰণ, জীৱন ধাৰণৰ শৈলী, তেওঁৰ বিশ্বাস, আদৰ্শ আৰু দৃষ্টিভংগীৰ সমন্বয়ত গঢ়ি তোলে। মূল্যবোধ হ’ল আদৰ্শ আচৰণৰ মাপকাঠি, যি সাংস্কৃতিক প্ৰচলিত ধাৰা আৰু ব্যক্তিগত বিবেচনাৰে প্ৰভাৱিত হয়। গতিকে সকলো গুণৰ ভাৰ দিশখিনি সামৰি মূল্যবোধৰ ধাৰণা গঢ়ি উঠে।

মনোবৈজ্ঞানীক দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে মূল্যবোধ আচৰণৰ অনুভূতিক দিশৰ লগত জড়িত। ইয়াৰ অৰ্থ এইটোৱেই যে মূল্যবোধৰ জ্ঞান আহৰণ কৰাটোৱে যথেষ্ট নহয়। ই নিশ্চয়কৈ ব্যক্তিৰ ব্যক্তিত্বৰ লগত সন্নিহিত হ’ব লাগিব; তেতিয়াহে ইয়াৰ চিনাক্তকৰণ কৰিব পৰা যাব। গতিকে ক’ব পাৰি যে মানুহে তেওঁৰ অভিজ্ঞতাৰ পৰা শিকে আৰু এই অভিজ্ঞতাই আচৰণ নিৰ্দেশিত কৰে। এই নিৰ্দেশনা যিয়ে আমাৰ জীৱনৰ পথ প্ৰদৰ্শিত কৰে; তাকেই মূল্যবোধ বুলিব পাৰি।

মূল্যবোধৰ ধাৰণা স্পষ্ট কৰাৰ উদ্দেশ্যে ইয়াৰ কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ’ল—

(ক) ফ্লিংক (Flink) ৰ মতে মূল্যবোধসমূহ হৈছে বিভিন্ন প্ৰকাৰৰ আদৰ্শনিষ্ঠ মানদণ্ড যিবিলাকে তেওঁলোকৰ বিশেষ বাছনি যুক্ত কাৰ্যসমূহ বাছি লোৱা কাৰ্যক প্ৰভাৱিন্বত কৰে (Values are normative standard by which human beings are influenced in their choice among the alternative courses of action which they perceive).

(খ) আৰ, বি, পেৰী (R. B. perry) ৰ মতে, “যাৰ লগত ব্যক্তিৰ আগ্ৰহ পুঞ্জীভূত হৈ থাকে তাকে মূল্যবোধ বোলে। (That which is an object of interest is invested with value).

(গ) টি. ডব্লিউ হিপলৰ (T. W. Hipple) ৰ মতে, “সচেতন নাইবা অচেতনভাৱে মূল্যবোধ অভিৰেচেক আৰু নীতি নিৰ্ধাৰণকাৰীৰ ভূমিকা গ্ৰহণ কৰি ব্যক্তিৰ কার্য আৰু সিদ্ধান্ত নিৰ্ণয় কৰে (Values are conscious or unconscious motivators and justifies of the action and judgement).

(ঘ) এইচ. এম. জনচন (H.M. johnson) ৰ মতে মূল্যাবোধসমূহ সাধাৰণ মানদণ্ড আৰু এইবোৰক উচ্চস্তৰৰ প্ৰতিমান হিচাপে গণ্য কৰিব পাৰি (Values are general standard and may be regarded as higher order of norms).

ওপৰত উল্লেখ কৰা সংজ্ঞাকেইটাৰ পৰা এইটো ক’ব পাৰি যে ব্যক্তিয়ে জীৱনত যি আদৰ্শ পোষণ কৰে সেয়ে মূল্যবোধ। এটা জাতিৰ বাবে মূল্যবোধ কাহানিও এৰাব নোৱাৰা এক বিষয় যাৰ দ্বাৰা শৈক্ষিক দিশ নিৰ্ধাৰণ কৰা হয়।

প্ৰশ্ন ৭১। মুল্যবোধৰ সংজ্ঞা দিয়া। মূল্যবোধৰ বিভিন্ন বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Define values. Discuss the different characteristics of values.)

উত্তৰঃ মূল্যবোধ সম্বন্ধে বিভিন্ন সময়ত বিভিন্নজনে আগবঢ়োৱা সংজ্ঞা কেইটামান তলত উল্লেখ কৰা হ’ল :-

(ক) কিলপেট্ৰিকৰ (W. H. Kilpatrick) :- মতে “মুল্যবোধ হৈছে ব্যক্তিৰ লক্ষ্য নিৰ্ধাৰণৰ সামৰ্থ্যক মাজৰ পৰা নিৰ্গত হোৱা আচৰণ য’ত তেওঁলোকৰ ইচ্ছা শক্তি, সচেষ্ট ক্ৰিয়া নিহিত হৈ থাকে আৰু ইয়াৰ পৰাই সচেতনভাৱে বিবেচনা কৰি লক্ষ্যত উপনীত হোৱা যায়। যিহেতু লক্ষ্যসমূহৰ মাজত একাধিক অন্তৰাল থাকে গতিকে ব্যক্তিয়ে নিজস্ব লক্ষ্য দৃঢ়তাৰে নিৰ্বাচন কৰিব লাগে আৰু তাৰ দ্বাৰাই মূল্যাবোধ নিৰ্ধাৰণ হয়।” (That out of men’s capacity for goal seeking behaviour arise his wants and efforts and out of these come in consciously chosen ends (goals). Because ends conflict, man is led to weight his goals agains each other, when this is done critically engough valuable emerge).

(খ) ফ্লিংক (Flink) ৰ মতে- “মুল্যবোধসমূহ হৈছে বিভিন্ন প্ৰকাৰৰ আদর্শনিষ্ঠ মানদণ্ড যিবিলাকে তেওঁলোকৰ বিশেষ বাছনি যুক্ত কাৰ্যসমূহ বাছি লোৱা কাৰ্যক প্ৰভাৱান্বিত কৰে (Values are normative standard by which human beings are influenced in their choice among the alternative courses of action which they perceive).

(গ) হিপলৰ (T. N. Hipple) ৰ মতে, “সচেতন নাইবা অচেতনভাৱে মুল্যবোধ অভিৰোচকে তথা নীতি নিৰ্ধাৰণকাৰী ভূমিকা গ্ৰহণ কৰি ব্যক্তিৰ কার্য আৰু সিদ্ধান্ত নিৰ্ণয় কৰে” (Values are conscious or unconscious motivators and justifiers of the action and judgment).

(ঘ) পেৰিৰ (R. B. Perry) ৰ মতে, “যাৰ লগত ব্যক্তিৰ আগ্ৰহ পুঞ্জীভূত হৈ থাকে তাকে মুল্যবোধ বোলে।” (That which is an object of interest is invested with value).

ওপৰৰ সংজ্ঞাকেইটাৰ ওপৰত ভিত্তি কৰি মূল্যবোধৰ বৈশিষ্ট্যসমুহ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি—

১। ব্যক্তিৰ জীৱনৰ বাবে মূল্যবোধসমূহ স্বীকৃতি প্ৰদানকাৰী নিৰ্দেশনা বুলি অভিহিত কৰিব পাৰি।

২। ব্যক্তি জীৱনৰ বিশেষ পৰিস্থিতি, অভিজ্ঞতা আৰু ইচ্ছা-অনিচ্ছাৰ ভিত্তিত মূল্যবোধ প্ৰভাৱান্ধিত হয়।

৩। জাতীয় জীৱনৰ বাবে মূল্যবোধ পোষণৰ প্ৰয়োজনীয় আছে আৰু ইয়াৰ ভিত্তিতেই বিভিন্ন নীতি আৰু সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়।

৪। মূল্যবোধ কেতিয়াও স্থবিৰ নহয়। সময় আৰু প্ৰয়োজন অনুসৰি ইয়াৰ ব্যক্তিক্ৰম ঘটে।

৫। মূল্যবোধসমূহে হৈছে কিছুমান আদর্শমূলক (Normative) ধাৰণা। এই মূল্যবোধসমূহে সদায় আমাৰ কিছুমান প্ৰয়োজন পূৰণ কৰে। 

৬। মূল্যবোধ মানুহৰ এনে কিছুমান গ্রহণযোগ্য বৈশিষ্ট্য যি ব্যক্তিক এক আনন্দময় জীৱন-যাপনত সহায় কৰাৰ লগতে সমাজত সুসামঞ্জস্যপূৰ্ণভাৱে বসবাসত সহায় কৰে। 

৭। মূল্যবোধসমূহৰ ব্যক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠ দুটা দিশ আছে।

৮। মূল্যবোধসমূহ হৈছে ব্যক্তিৰ আচৰণৰ মূল চালিকা শক্তি। ব্যক্তিৰ চাৰিওফালৰ পৰিৱেশ মূল্যবোধে আবেষ্টিত কৰি ৰাখি ইয়াৰ আকর্ষণীয়তা আৰু ৰুচিহীনতাৰ বিষয়ে আভাস দিয়ে। 

৯। কোনো বিষয়ৰ মূল্যবোধে ব্যক্তিক সেই দিশৰ ওপৰত থকা ইচ্ছাশক্তি নিয়ন্ত্ৰণ কৰি এক সন্তুষ্টি প্ৰদান কৰে। 

১০। প্ৰত্যেক সমাজতেই নিৰ্ধাৰিত মূল্যবোধক গুৰুত্ব প্ৰদান কৰা হয়।

১১। মূল্যবোধ ব্যক্তিৰ আবেগৰ দ্বাৰা প্ৰভাৱান্বিত হয়।

প্ৰশ্ন ৭২। মূল্যবোধৰ প্ৰধান উৎসসমূহ আলোচনা কৰা। (Discuss the main sources of values.)

উত্তৰঃ মূল্যবোধৰ উৎসসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল—

(ক) সামাজিক ৰীতি-নীতি (Social Customs) :- সামাজিক ৰীতি-নীতিৰ দ্বাৰা ভুল আৰু শুদ্ধ, ভাল অ বেয়া, উচিত আৰু অনুচিতৰ মাজৰ পাৰ্থক্য বাছি উলিয়াব পাৰি। যি কাজ সমাজত প্ৰায় কৰি থকা তাৰ দ্বাৰাই কি কৰা উচিত নাইবা অনুচিত বাছি উলিয়াব পাৰি। সমাজত বৰ্তি থকা নীতি-নিয়মৰ দ্বাৰাই জীৱন সম্পৰ্কে বেছিভাগ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইবাবে সমাজ আৰু সংস্কৃতি ভেদে মূল্যবোধসমূহ বেলেগ বেলেগ হোৱা দেখা যায়। এইক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে ভাৰতীয় সমাজৰ প্ৰচলিত মূল্যবোধ পশ্চিমীয়া দেশৰ প্ৰচলিত মূল্যবোধ সমূহতকৈ সম্পূৰ্ণ বেলেগ। সমাজ সংস্কৃতিৰ উপাদান বিভিন্ন ধ্যান-ধাৰণা; ৰীতি-নীতি, আচাৰ-আচৰণ, বিশ্বাস, লোক-কলা, কৃষ্টি সংস্কৃতিৰ প্ৰভৃতিয়ে সমাজত মূল্যবোধৰ সৃষ্টি কৰে। সমাজৰ লোকসকলে অনুশীলন আৰু পৰীক্ষণৰ মাজেৰে মূল্যবোধসমূহ স্বাভাৱিকভাৱেই গ্ৰহণ কৰে।

(খ) ধৰ্ম (Religion) :- সকলো ক্ষেত্ৰেতে ধৰ্মই হৈছে মূল্যবোধৰ মানদণ্ডৰ অধিক শক্তিশালী আৰু গ্ৰহনাত্মক মাধ্যম। ধৰ্মই সামাজিক, নৈতিক আৰু আধ্যাত্মিক আদিৰ ক্ষেত্ৰত ব্যক্তিৰ বাঞ্চিত মূল্যবোধসমূহ গঠন কৰাত এক মুখ্য ভূমিকা পালন কৰে। ধৰ্মৰ মূলভিত্তি আধ্যাত্মিকতা হ’লেও প্ৰকৃত অৰ্থত ধৰ্ম হৈছে সত্যৰ উচ্চ পৰ্যায়ৰ বৈজ্ঞানিক অনুসন্ধান। ধৰ্মই মূল্যবোধৰ শিক্ষাদান কৰাৰ লগতে ইয়াৰ প্ৰচাৰ কৰে। পৃথিৱীৰ সকলো ধৰ্মই আধ্যাত্মিকতাৰ পথ হিচাপে সত্য, শান্তি, প্ৰেম, দয়া, অহিংসা পৰোপকাৰ আদিত গুৰুত্ব আৰোপ কৰে। সেইদৰে ধৰ্মই নেতিবাচক দিশবোৰ পৰিত্যাগ কৰাৰ মানসিকতাৰ সৃষ্টি কৰে। ধৰ্মই প্ৰেম আৰু সেৱাৰ মনোভাৱ গঢ়ি তোলে। ধৰ্মই শুদ্ধ চিন্তাৰ আৰু কৰ্মত প্ৰেৰণা যোগায়। গতিকে ধৰ্ম হৈছে মূল্যবোধৰ অনুশীলন আৰু সৃষ্টিৰ এক উৎকৃষ্ট মাধ্যম যি মানৱ জীৱনৰ দৈনন্দিন কাৰ্যৰ মাজেৰে প্ৰতিফলিত হয়।

(গ) সাহিত্য (Literature) :- সাহিত্য হৈছে মূল্যবোধ সৃষ্টি আৰু বিকাশৰ আন এক গুৰুত্বপূৰ্ণ তথা ফলপ্ৰসূ মাধ্যম বা উৎস। সাহিত্যই সমাজ আৰু ব্যক্তিৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। ই ব্যক্তিৰ মূল্যবোধ পদ্ধতি আৰু কল্পনা, যুছি, চিন্তা আদিৰ বিকাশ সাধন কৰে। সমাজ জীৱনত সাহিত্যৰ বিভিন্ন আৰ্হি যেনে–উপন্যাস, গল্প, কবিতা, নাটক আদিৰ জৰিয়তে মূল্যবোধৰ প্ৰতিফলিত ঘটে। সাহিত্যই বিভিন্ন প্ৰকাৰৰ মূল্যবোধ যেনে—সামাজিক, সাংস্কৃতিক, বৈজ্ঞানিক, মানৱীয়, আধ্যাত্মিক, নৈতিক ৰাষ্ট্ৰীয়, ধৰ্ম নিৰপেক্ষ মূল্যবোধ আদি নিৰ্ধাৰণ কৰে।

(ঘ) দৰ্শন (Philosophy) :- মূল্যবোধ সৃষ্টি আৰু বিকাশৰ আন এটা প্ৰধান উৎস হৈছে দৰ্শন। দৰ্শন হৈছে সু-শৃংখলিতভাৱে কৰা সত্যৰ অনুসন্ধান। এই সত্যৰ সন্ধানৰ প্ৰচেষ্টাত বিভিন্ন দৰ্শনে জীৱনৰ বাবে বিভিন্ন মূল্যবোধৰ নিৰ্ধাৰণ কৰিছে। আদর্শবাদ, প্ৰকৃতিবাদ, প্ৰয়োগবাদ, মানৱতাবাদ প্ৰভৃতি দৰ্শনে নিজস্ব দৃষ্টিভংগীৰে বিভিন্ন মূল্যবোধৰ পোষকতা কৰে।

(ঙ) বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান (Science and Technology) :- বৰ্তমান সময় হৈছে জ্ঞানৰ বিস্ফোৰণ আৰু বিজ্ঞান-প্ৰযুক্তি বিজ্ঞানৰ দ্ৰুত বিকাশৰ যুগ। বৰ্তমান সময়ত ব্যক্তিৰ দৈনন্দিন জীৱনৰ প্ৰত্যেকটো দিশৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱেৰে প্ৰভাৱিত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱত শিক্ষা, স্বাস্থ্য, জীৱন যাপনৰ উপাদান, যাতায়ত ব্যৱস্থা ইত্যাদিৰ ক্ষেত্ৰত যি অভাৱনীয় পৰিৱৰ্তন সাধন হৈছে ইয়াৰ লগত খাপ খাই চলিবৰ বাবে সমাজত নতুন মূল্যবোধৰ সৃষ্টি হৈছে।

(চ) জনগোষ্ঠীয় লোকৰীতি আৰু প্ৰথা (Tribal mores ad rituals) :- প্ৰত্যেক জনগোষ্ঠীৰে নাইবা ধর্মীয় সম্প্ৰদায়ৰে নিজস্ব লোকৰীতি আৰু প্ৰথা কিছুমান থাকে। এইবোৰ ৰীতি-নীতিতকৈও অধিক দায়বদ্ধ, কিন্তু ইয়াক আইন হিচাপে স্বীকৃতি দিয়া নাই। এইবোৰ প্ৰত্যক্ষভাৱে ঈশ্বৰ নাইবা ধর্মীয় বিশ্বাসৰ লগত সংযুক্ত। গতিকে সেইবোৰ আন্তৰিকতাৰে পালন কৰা হয়। সেইবোৰেই হৈছে ব্যক্তিৰ মানদণ্ড নিৰ্ণয়ৰ অধিক শক্তিশালী মাধ্যম।

প্ৰশ্ন ৭৩। মূল্যবোধ শিক্ষাৰ অৰ্থ ব্যাখ্যা কৰা। (Explain the meaning of value education.) 

উত্তৰঃ মূল্যবোধ শিক্ষা মূলতেই হৈছে এক শিক্ষা ব্যৱস্থা, যি মানুহৰ মূল জৈৱিক পশু প্ৰৱনতামুলক আবেগ-অনুভূতিবোৰৰ প্ৰশিক্ষণ দি তাৰ উন্নত মানৱীয় অৱস্থালৈ ৰূপান্তৰিত তথা উন্নীত কৰি তোলা হয়। ইয়াৰ যোগেদি সুস্থ আৰু সু-সামঞ্জস্যপূৰ্ণ ব্যক্তিত্ব গঠন কৰি তুলিব পৰা যায়। ই হ’ল মন আৰু অন্তৰৰ প্ৰশিক্ষণ। এই শিক্ষাই মানুহক তেওঁৰ জৈৱিক পশু-প্ৰবৃত্তিমূলক প্ৰৱনতাবোৰ আঁতৰাই সুস্থ-সুন্দৰ, নৈতিক, সৌন্দৰ্যবোধক আৰু আধ্যাত্মিকতাৰ উচ্চ পৰ্যায়লৈ তুলি ধৰিব পাৰে।

এই শিক্ষাই মূল্যবোধ আৰু সদাচাৰৰ জ্ঞানেৰে শিশুক পৰিপূৰ্ণ কৰি তোলে। সহজভাৱে ক’বলৈ হ’লে যি শিক্ষাই শিক্ষাৰ্থীৰ সজ চৰিত্ৰ আৰু সুন্দৰ ব্যক্তিত্ব গঠন কৰি তোলে সেয়ে মূল্যবোধ শিক্ষা হৈছে কিছুমান শৈক্ষিক কাৰ্যসূচী যি ব্যক্তিৰ মনত সমাজৰ প্ৰচলিত মূল্যবোধসমূহৰ প্ৰতি সচেতনতাৰ সৃষ্টি কৰাৰ লগতে এই মূল্যবোধসমূহৰ প্ৰতি আস্থাশীল কৰি তোলে। মূল্যবোধ শিক্ষাই আমাক মূল্যবোধসমূহৰ তাৎপৰ্য উপলব্ধিত সহায় কৰে।

মূল্যবোধ শিক্ষা নিৰ্ধাৰিত বিষয়ৰ মাজতেই সীমাবদ্ধ নহয়। এই শিক্ষাৰ পৰিধি যথেষ্ট ব্যাপক। ব্যক্তিৰ সমাঞ্জস্যপূৰ্ণ বিকাশত  এই মূল্যবোধ শিক্ষা যথেষ্ট গুৰুত্ব আছে। মুঠতে সমাজে গ্রহণযোগ্য প্ৰয়োজনীয় আৰু তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰা বিভিন্ন মূল্যবোধসমূহ শিশুৰ মনত বিকাশ কৰাৰ প্ৰচেষ্টাই হৈছে মূল্যবোধ শিক্ষা। এইবিধ শিক্ষাৰ ফলস্বৰূপে গ্রহণযোগ্য আদৰ্শ আৰু মানৱীয় আবেগ-অনুভূতিবোৰে ব্যক্তিৰ অনুভূতি, চিন্তা আৰু ক্ৰিয়া আচৰণত প্ৰকাশ লাভ কৰি উঠে। কলা-সংস্কৃতি, সৌন্দৰ্য-চেতনা আৰু সৃজন ক্ষমতাৰ সূক্ষ্ম মানৱীয় অনুভূতিবোৰ সক্ৰিয় হৈ উঠি ব্যক্তিয়ে সেই দিশত মানৱতাৰ প্ৰতি নতুনৰ অৱদান তথা মৌলিক বৰঙণি আগবঢ়াব পাৰে। মূল্যবোধ শিক্ষাই শিক্ষাৰ্থীৰ সুপ্ত অন্তৰ্নিহিত প্ৰতিভাবোৰ মানৱ-কল্যাণ সাধনৰ দিশত অৱদান যোগাব পৰাকৈ উন্মোচিত কৰি তুলিব পাৰে। এনে কার্য ব্যৱস্থাকেই মূল্যবোধ শিক্ষা বুলিব পাৰি।

প্ৰশ্ন ৭৪। “নাৰীৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰীকৰণ সিদ্ধান্ত” সন্মিলনৰ সিদ্ধান্তহমূহ কি আছিল ? (What were the decisions of the Conference on. ‘Elimination of All Forms of Discrimination against Women’?)

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৭৯ চনৰ ১৮ ডিচেম্বৰ তাৰিখে “নাৰীৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰীকৰণ সংক্ৰান্ত সিদ্ধান্ত” গ্ৰহণ কৰা হয়।

ৰাষ্ট্ৰসমূহে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তসমূহ আছিল—

(ক) নিজ নিজ দেশৰ সংবিধান আৰু অন্যান্য আইনত পুৰুষ আৰু নাৰীৰ মাজত সমতাৰ নীতিক স্থান প্ৰদান কৰা।

(খ) নাৰীৰ বিৰুদ্ধে থকা বৈষম্য দূৰ কৰাৰ বাবে সকলো ধৰণৰ আইনগত আৰু অন্যান্য ব্যৱস্থা গ্ৰহণ কৰা।

(গ) দেশৰ ন্যায় পালিকা আৰু ন্যায়াধীকৰণ আদিৰ জৰিয়তে নাৰীৰ অধিকাৰক আইনগত সুৰক্ষা প্ৰদান কৰা।

(ঘ) যিকোনো ব্যক্তি, সংগঠন অথবা প্ৰতিষ্ঠানৰ দ্বাৰা নাৰীৰ ক্ষেত্ৰত সৃষ্টি কৰা বৈষম্য দূৰ কৰা বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা।

(ঙ) নাৰীৰ বিৰুদ্ধে বৈষম্য সৃষ্টি কৰা সকলো ধৰণৰ প্ৰচলিত আইন, ৰীতি-নীতি, পৰম্পৰা আদিৰ বিলোপ সাধন কৰা।

প্ৰশ্ন ৭৫। মানৱ অধিকাৰক কেনেকৈ শ্ৰেণী বিভাজন কৰিব পাৰি ? (How can human rights be classified ?)

উত্তৰঃ মানৱ অধিকাৰৰ শ্ৰেণী বিভাজন তলত উল্লেখ কৰা হ’ল—

(ক) ঐতিহাসিক দৃষ্টিকোণৰ পৰা শ্ৰেণী বিভাজন।

(খ) দাৰ্শনিক দৃষ্টিকোণৰ পৰা শ্ৰেণী বিভাজন। 

(গ) সমাজ বিজ্ঞানৰ দিশৰ পৰা শ্ৰেণী বিভাজন। 

(ঘ) কাৰ্যকৰীকৰণৰ দিশৰ পৰা শ্ৰেণী বিভাজন।

(ঙ) ব্যক্তি আৰু সমাজৰ দিশৰ পৰা শ্ৰেণী বিভাজন। 

(চ) ভৌগোলিক দিশৰ পৰা শ্ৰেণী বিভাজন।

(ছ) গুৰুত্বৰ দিশৰ পৰা শ্ৰেণী বিভাজন।

প্ৰশ্ন ৭৬। মূল্যবোধ শিক্ষা কিদৰে দিব পাৰি। (Discuss value education programs.)

উত্তৰঃ বিদ্যালয়-মহাবিদ্যালয়ত দিয়া সাধাৰণ শিক্ষাই মূলতে-আমাৰ শিক্ষাৰ্থীসকলৰ বৌদ্ধিক বা সংজ্ঞানাত্মক অভিজ্ঞতাৰ বিকাশ সাধনতহে সহায়ক হৈ উঠে। তেওঁলোকৰ অনুভূতিক আৰু ক্ৰিয়াত্মক দিশৰ অভিজ্ঞতাৰ উৎকৰ্ষ সাধন এই শিক্ষাই কৰি তুলিব নোৱাৰে। মূল্যবোধ শিক্ষা প্ৰদানৰ প্ৰসংগত ক’ব পাৰি যে এই শিক্ষা প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়ো প্ৰকাৰে শিক্ষাৰ্থীসকলক দিয়াৰ ব্যৱস্থা কৰিব পাৰি। প্ৰত্যক্ষভাৱে মূল্যবোধ শিক্ষা দিয়াৰ একোটা বিষয় আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰি। ইয়াৰ উপাদান স্বৰূপে নৈতিক, সৌন্দৰ্যবোধক আৰু আধ্যাত্মিক দিশৰ উপাদানবোৰ থাকিব লাগে। আনহাতে পৰোক্ষভাৱে আলোচনা-বিলোচনা সহ-পাঠ্যক্ৰম কাৰ্যসূচী আদি ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। এই মূল্যবোধ শিক্ষাক পুথিগত আৰু তত্ত্ববিষয়ক কৰি তোলাৰ পৰিৱৰ্তে ইয়াক শিক্ষাৰ্থীসকলৰ দৈনন্দিন জীৱনৰ ক্ৰিয়া অনুশীলনমূলক বিধৰ কৰি তোলাৰহে ব্যৱস্থা কৰিব লাগে। ইয়াৰ উপৰি তেওঁলোকৰ বয়স আৰু বৌদ্ধিক মানদণ্ড অনুসৰি অধ্যয়নৰ উপাদানসমূহ নিৰ্বাচন আৰু নিৰ্ধাৰণ কৰি তুলিব লাগে। উল্লেখযোগ্য যে শিক্ষাৰ্থীসকলৰ মনত মূল্যবোধ ভাৱ গঠনৰ বাবে কিছু পৰিমাণে মানসিক পৈণতা লাভ কৰি উঠাটো প্ৰয়োজন। 

এই শিক্ষা প্ৰদানৰ কেতবোৰ প্ৰয়োজনীয় বিষয়-সূচী আৰু কাৰ্যসূচী তলত চমুকৈ ব্যাখ্যা কৰা হ’ল—

(ক) নৈতিক শিক্ষা (Moral Education) :- মূল্যবোধ শিক্ষাই শিশুসকলৰ বাবে নৈতিক বা নীতিজ্ঞানমূলক শিক্ষা অন্তৰ্ভুক্ত কৰিব লাগে । ইয়াৰ আনুষ্ঠানিক অধ্যয়নে শিশুৰ মনত নৈতিক চেতনা বা ভাববৃত্তি (Sentiment) গঢ়ি তুলিব পাৰে। ইয়াৰ দ্বাৰা ভাল-বেয়া আৰু উচিত-অনুচিতৰ শুদ্ধ ধাৰণা মনত গঢ়ি উঠিব পাৰে। ভক্তিমূলক গীত-মাত, দলগত প্ৰাৰ্থনা আদি ইয়াৰ বাবে অন্তৰ্ভুক্ত কৰিব পাৰি।

(খ)  স্বাস্থ্য ৰক্ষাৰ শিক্ষা (Health Education) :- সুস্থ দেহতহে সুস্থ-সুন্দৰ মন এটা গঢ়ি উঠিব পাৰে।  এই কথা মূল্যবোধ শিক্ষাৰ ক্ষেত্ৰত বিশেকভাৱে প্রয়োজ্যে। ইয়াৰ বাবে বয়স অনুসৰি যোগাভ্যাসমূলক শিক্ষা বিশেষ সহায়কাৰী। সুস্বাস্থ্য ৰক্ষাৰ বাবে আন আন শৰীৰ চৰ্চা আৰু অনুশীলন নিয়মিত ৰূপত অনুষ্ঠিত কৰি মনৰ ইচ্ছা শক্তি, মনোবল আদি যুৱক-যুৱতীসকলৰ মনত গঢ়ি তুলিব পাৰি। তেওঁলোকৰ অতি মাত্ৰা আবেগ-অনুভূতি আদি নিয়ন্ত্ৰিত আৰু পৰিমাৰ্জিত কৰি তুলিব পাৰি।

(গ) সাহিত্য চৰ্চা (Culture of Literature) :- বয়সৰ অনুপাতে গল্প, কবিতা, উপন্যাস, নাটক আদি সাহিত্যৰ উপাদানবোৰৰ অধ্যয়ন আৰু লিখনিয়ে শিক্ষাৰ্থীসকলৰ মনত সুস্থ-সুন্দৰ মূল্যবোধ গঠনৰ ভেটি স্থাপন কৰিব পাৰে। তেওঁলোকৰ সৌন্দৰ্য-অনুভূতি আৰু সৌন্দৰ্য চেতনা মনত জগাই তুলিব পাৰে আৰু যৌৱনৰ কল্পনাক সুস্থ আৰু সৃষ্টিশীল ৰূপ দিব পাৰে। বিশ্ব-সাহিত্যৰ মহান লেখনিবোৰৰ অধ্যয়নে তেওঁলোকৰ মনত বিশ্ব মানৱতাৰ অনুভৱ আৰু সাহিত্যিক চেতনা জগাই তুলিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top