Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ

Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ Question Answer can be of great value to excel in the examination.

Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ

Join Telegram channel

Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ Notes cover all the exercise questions in UGC Syllabus. Emerging Trends in Indian Education Unit 4 শিক্ষাৰ ক্ষেত্ৰত উদীয়মান সমস্যাসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্ৰশ্ন ৩৩। শিক্ষাৰ ব্যক্তিগতকৰণৰ বিষয়ে আলোচনা কৰা। (Discuss the privatization of education.)

উত্তৰঃ আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত সম্প্ৰসাৰণৰ ফলস্বৰূপে সমগ্ৰ বিশ্বত নতুন নতুন চিন্তাধাৰাৰ গঢ় লৈ উঠিছে। শিক্ষাৰ ক্ষেত্ৰখনতো বিভিন্ন ধৰণৰ নতুন নতুন চিন্তাক বাস্তৱ ৰূপ দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। সাম্প্ৰতিক প্ৰেক্ষাপটত তথা প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতিয়ে পৰম্পৰাগত শিক্ষা ব্যৱস্থাক আঁতৰত ৰাখি শিক্ষাত আধুনিকীকৰণ, বিশ্বায়ন, উদ্যোগীকৰণ, উদাৰীকৰণ আদি শক্তিসমূহ ব্যৱহৃত হোৱা দেখা যায়।

ব্যক্তিগতকৰণ হ’ল এনে এক প্ৰক্ৰিয়া যিটোৰ জৰিয়তে কোনো ব্যৱসায়, উদ্যোগ, এজেন্সী, ৰাজহুৱা সম্পত্তি আদিৰ মালিকীস্বত ৰাজহুৱা খণ্ডৰ পৰা ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হয়। ইয়াৰ দ্বাৰা চৰকাৰে ৰাজহ সংগ্ৰহ, আইন বলবৎকৰণ আদিত কাৰ্যৰ বাবে সেৱা অথবা কার্য সম্পাদন কৰ্তৃত্ব কোনো ব্যক্তিগত ফাৰ্মৰ বা কোম্পানীৰ প্ৰদান কৰাটো বুজোৱা হয়।

শিক্ষাত চৰকাৰৰ সহযোগিতা হ্ৰাস কৰি ব্যক্তিগত খণ্ডৰ সহযোগিতা বঢ়াই তোলা ব্যৱস্থাটোৱেই হৈছে শিক্ষাৰ ব্যক্তিগতকৰণ। অৰ্থাৎ এই ব্যৱস্থাৰ দ্বাৰা শিক্ষাৰ পৰিচালনা, প্ৰশাসন, পাঠ্যক্ৰম, শিক্ষক নিযুক্তি, অৰ্থনীতি আদি সকলো দিশৰ দায়িত্ব চৰকাৰৰ পৰিৱৰ্তে কোনো ব্যক্তি বা ব্যক্তিগত খণ্ডই নিয়ন্ত্ৰণ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগতকৰণ ব্যৱস্থাটোৱে কিছুমান দিশক অন্তৰ্ভুক্ত কৰে, যেনে—

(ক) ব্যক্তিগত ক্ষেত্ৰত শিক্ষাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত নীতি-নিয়ম, সিদ্ধান্ত গ্ৰহণ আৰু দায়িত্বতাৰ ব্যক্তিগত খণ্ডই গ্ৰহণ কৰিব। ব্যক্তিগত সা-সুবিধা প্ৰদানৰ দিশটো গুণগত মানৰ শৈক্ষিক সেৱা আগবঢ়োৱাৰ ওপৰত। সেয়েহে ব্যক্তিগত শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ ক্ষেত্ৰত শিক্ষাৰ্থী তথা অভিভাৱকে নিজৰ পছন্দৰ শিক্ষানুষ্ঠান কৰি ল’ব পাৰে। এই ব্যৱস্থা অনুসৰি শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে শিক্ষাৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি নিজৰ সুবিধামতে নীতি-নিয়ম যুগুত কৰি শিক্ষানুষ্ঠানখন পৰিচালনা কৰাৰ স্বাধীনতা পায়।

(খ) শিক্ষাৰ ব্যক্তিগতকৰণ ব্যৱস্থাৰ আন এটা দিশ হৈছে শিক্ষাত চৰকাৰী বা ৰাজহুৱা সা-সুবিধাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ড আৰু সংঘঠনে শিক্ষাৰ সা-সুবিধা প্ৰদান কৰিব। এই ব্যক্তিগত খণ্ডবোৰ ধর্মীয় সংস্থা, ফাৰ্ম বা আগ্ৰহী দল। এই দলবোৰে চৰকাৰৰ সাহায্য নোলোৱাকৈ ব্যক্তিগতভাৱে শিক্ষাৰ সা-সুবিধা প্ৰদান কৰে।

(গ) ব্যক্তিগতকৰণ শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থী তথা অভিভাৱকে শিক্ষাৰ বাবে প্ৰত্যক্ষভাৱে ব্যয় কৰিব লাগে। এনে ব্যৱস্থাত শিক্ষা কৰ বা চৰকাৰী ব্যয়ৰ ব্যৱস্থা নাথাকে। ইয়াত শিক্ষাৰ সমগ্ৰ ব্যয়ৰ এক অংশ ব্যয় চৰকাৰৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডই কৰে।

প্ৰশ্ন ৩৪। শিক্ষাৰ ব্যক্তিগতকৰণৰ উদ্দেশ্যসমূহ উল্লেখ কৰা। (Mention the objectives of privatization of education.)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ তলত শিক্ষাৰ ব্যক্তিগতকৰণৰ উদ্দেশ্যসমূহ অতি চমুকৈ উল্লেখ কৰা হ’ল—

(ক) শিক্ষাৰ গুণগত বিকাশ সাধন কৰি গুণসম্পন্ন আৰু দক্ষতাসম্পন্ন মানৱ সম্পদ সৃষ্টি কৰা। 

(খ) বিশ্বায়ন আৰু উদাৰীকৰণ তথা আধুনিকীকৰণৰ শিক্ষাৰ্থীসকলক সমাযোজিত হ’ব পৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা।

(গ) অপ্ৰয়োজনীয়ভাৱে চৰকাৰী ৰাজহৰ অপচয় হোৱা আৰু অপব্যয় ৰোধ কৰা।

(ঘ) শিক্ষা ব্যৱস্থাৰ উৎপাদনমুখী কাৰ্যসূচীসমূহৰ সফল ৰূপায়নত সহায় কৰা।

(ঙ) শিক্ষাৰ ক্ষেত্ৰত থকা চৰকাৰৰ নিয়ন্ত্ৰণ হ্ৰাস কৰা।

(চ) শিক্ষাক বৃত্তিমুখী তথা কৰ্মমুখী কৰি তোলা। 

(ছ) শিক্ষানুষ্ঠানৰ প্ৰশাসনিক আৰু পৰিচালনাৰ দিশটো উন্নতি সাধন কৰা।

প্ৰশ্ন ৩৫। শিক্ষাৰ ব্যক্তিগতকৰণৰ সুবিধাসমূহ উল্লেখ কৰা। (Mention the benefits of privatization of education. )

উত্তৰঃ শিক্ষাৰ ব্যক্তিগতকৰণৰ সুবিধাসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) শিক্ষাৰ ব্যক্তিগতকৰণৰ ফলত দেশী-বিদেশী ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে উন্নত মানৰ উচ্চ শিক্ষাৰ অনুষ্ঠান গঢ়ি তুলিব, যাৰ ফলত মেধাৱী শিক্ষাৰ্থীসকলে দেশৰ মাটিতে উন্নত মানৰ শিক্ষাৰে শিক্ষিত হৈ দেশক আৰ্থিক দিশত আগবঢ়াত সহায় কৰিব পাৰিব বুলি ক’ব পাৰি।

(খ) ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহে সম্পদ সীমাবদ্ধতাৰ হেতু সকলোৰে বাবে গুণমানবিশিষ্ট শিক্ষা প্ৰদান কৰাত অসুবিধা হৈছে কিন্তু শিক্ষা ব্যক্তিগতকৰণৰ ফলত ব্যক্তিগত নিকায়সমূহে পৰ্যাপ্ত সুবিধাৰে উন্নতমানৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰি সেই অসুবিধাসমূহ নাইকিয়া কৰিব।

(গ) শিক্ষাৰ ব্যক্তিগতকৰণৰ ফলত অধিক সংখ্যক লোকৰ জ্ঞান অর্জনৰ পথ সুগম হ’ব, ফলত নগৰ আৰু গ্ৰামাঞ্চল, উন্নত তথা উন্নয়নশীল আদিৰ মাজতে থকা জ্ঞানৰ বিভাজন কম কৰিব পৰা যাব।

(ঘ) ব্যক্তিগত নিকায়বোৰ শিক্ষাৰ দায়িত্ববোৰ ল’বলৈ আগবাঢ়ি অহাৰ কাৰণে ৰাষ্ট্ৰৰ বোজা কমিছে। ফলস্বৰূপে চৰকাৰে অৰ্থনীতি, সংস্কৃতি, বাণিজ্য, উদ্যোগ আদি কৰি বিকাশৰ অন্যান্য দিশত মনোযোগ দিব পাৰিব।

(ঙ) শিক্ষাৰ ব্যক্তিগতকৰণে, দেশখনৰ বিজ্ঞান তথ্য প্ৰযুক্তিৰ বিভিন্ন দিশত আগবাঢ়ি যোৱাত সহায় কৰিব।

(চ) ব্যক্তিগতকৰণত বৈদেশিক বিনিময়ৰ সম্ভাৱনা আছে। ই অনুন্নত উন্নয়নশীল দেশৰ শিক্ষাৰ্থীৰ আকৰ্ষণ কৰিব পাৰে, ফলত বৈদেশিক বিনিময়ৰ পথ মুকলি হ’ব।

প্ৰশ্ন ৩৬। ব্যক্তিগতকৰণৰ অসুবিধাসমূহ আলোচনা কৰা। (Discuss the disadvantages of privatization.)   

উত্তৰঃ ব্যক্তিগতকৰণৰ অসুবিধাসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) উচ্চ শিক্ষাৰ গোটেই প্ৰক্ৰিয়াটো ব্যক্তিগত মালিকাধীন অনুষ্ঠানৰ আয়ত্তলৈ যোৱাত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ অনুষ্ঠানত প্ৰৱেশ নিষিদ্ধ হোৱাৰ পথত। তদুপৰি এনেকুৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত উচ্চ মাছুল দি প্ৰশিক্ষণ প্ৰাপ্ত হোৱা নাগৰিকসকলক জীৱনৰ মূলমন্ত্ৰ হ’ল কেৱল ব্যক্তিগত সম্পদ আহৰণ। নিজে বাস কৰা সমাজখনৰ প্ৰতি এওঁলোকৰ কোনো অনুকম্পা নাথাকে। 

(খ) বহুজাতিক প্ৰতিষ্ঠানৰ লগত জড়িত উদ্যোগপতিসকলৰ কৰ্পোৰেট উদ্যোগ পৰিচালনাৰ সম্পূৰ্ণ দক্ষতা আছে। কিন্তু শিক্ষা, দিনটোৰ অন্তত লাভ লোকচানৰ খতিয়ান দিয়া বিধৰ উদ্যোগ নহয়। গতিকে তেনে এক ব্যৱসায়িক প্ৰয়াস শিক্ষাৰ ক্ষেত্ৰত সুবিধাজনক নহ’ব পাৰে। 

(গ) শিক্ষাৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত গুণৰ নিশ্চয়তা দিব পৰা নাযায়। ব্যক্তিগতকৰণে শিক্ষানুষ্ঠানসমূহক স্বায়ত্ত শাসনৰ সুবিধা দিছে, কিন্তু সেই অনুষ্ঠানসমূহৰ পৰা লাভ কৰা ডিগ্ৰী। ডিপ্লমা নিয়োগৰ ক্ষেত্ৰত কিমান প্রয়োজ্য হ’ব বা উচ্চ শিক্ষাৰ অনুষ্ঠানবোৰৰ গ্রহণযোগ্যতা সম্বন্ধে সঠিককৈ ক’ব পৰা নাযায়। এই অনুষ্ঠানবোৰে ৰাষ্ট্ৰীয় শিক্ষা বোৰ্ডবোৰৰ বাধ্যতামূলক মূল্যায়ন আৰু নম্বৰ দিয়া শলাগনি প্ৰক্ৰিয়া নামানিবও পাৰে।

(ঘ) শিক্ষক নিৰ্বাচনৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডসমূহৰ স্বীকৃত নীতি-নিয়ম আছে আৰু সেই নিয়মসমূহ নমনীয়, সেয়েহে ভৱিষ্যতে এই অনুষ্ঠানসমূহ নিম্নমানৰ হোৱাৰ লগতে সমাজত বিতৰ্কৰ সৃষ্টি হ’ব পাৰে।

(ঙ) ৰাজহুৱা উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহে যেনেদৰে জনজাতি, অনুসূচীত জাতি, পিছপৰা সম্প্ৰদায়বোৰৰ প্ৰতি বিশেষ সুবিধা প্ৰদানৰ ব্যৱস্থা আছে, তেনেদৰে ব্যক্তিগত খণ্ডই তেনে সুবিধাবোৰ প্ৰদানৰ কোনো নিশ্চয়তা নাথাকে।

প্ৰশ্ন ৩৭। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ বিষয়ে চমুকৈ আলোচনা কৰা। (Briefly discuss public-private partnership.)

উত্তৰঃ শিক্ষাৰ অৰ্থনীতিৰ ক্ষেত্ৰত নতুনকৈ সংযোজিত হোৱা এক ধাৰণা হৈছে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব (ppp)। শিক্ষাৰ ক্ষেত্ৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ বিকাশৰ প্ৰধান কাৰণ হৈছে বিদ্যালয়সমূহৰ ক্ষেত্ৰত সুবিধাসমূহৰ প্ৰসাৰৰ বিকাশ সাধন কৰা আৰু শিক্ষা পৰিণতিৰ ক্ষেত্ৰ বৃদ্ধি কৰা। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব হ’ল চৰকাৰী সেৱা নাইবা ব্যক্তিগত সেৱা যি অৰ্থ আৰু পৰ্যবেক্ষণ চৰকাৰৰ আৰু এটা বা ততোধিক ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে বহন কৰে। এই সম্পৰ্কটো হৈছে এনে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক য’ত জনসাধাৰণক সেৱা কৰাৰ উদ্দেশ্যে মাজত এটা প্ৰকল্প বা একাধিক প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ কৰ্মৰত হয়। ৰাজহুৱা-ব্যক্তিগত খণ্ডৰ অংশীদাৰৰ জৰিয়তে যিকোনো প্ৰকল্প এটাৰ কাম অতি সোনকালে শেষ কৰিব পৰা যায় আৰু যিকোনো প্ৰকল্প এটাৰ কাম অতি সোনকালে শেষ কৰিব পৰা যায় আৰু যিকোনো প্ৰকল্প এটাৰ অৰ্থ ব্যৱস্থা বা আৰ্থিক যোগান শক্তিশালী হয় আৰু কার্য সম্পাদন নিখুঁত তথা খুব সোনকালে হোৱা দেখা যায়। তেতিয়া জনসাধাৰণে উপযুক্ত সময়ত কার্য সুবিধা লাভ কৰিবলৈ সক্ষম হয়। ভাৰতবৰ্ষৰ সংবিধানে ৰাজ্য চৰকাৰক যেতিয়া শিক্ষাৰ দায়িত্ব দিছিল আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰাথমিকভাৱে সেই দায়িত্ব পালন কৰা হৈছে। কিন্তু যোৱা কেইবছৰমানৰ ভিতৰত ব্যক্তিগত খণ্ডই আচৰিত ধৰণে এইক্ষেত্ৰত সম্প্ৰসাৰণ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত চৰকাৰী অনুদান লাভ কৰা ৰাজহুৱা ব্যক্তিগত খণ্ডৰ অংশীদাৰৰ ব্যৱস্থা আমাৰ দেশৰ এটা ভাল উদাহৰণ। ইয়াত ৰাজহুৱা অৰ্থাৎ চৰকাৰী অনুদান দিয়া হৈছে শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে আৰু ব্যক্তিগত খণ্ডয়ো সহযোগিতাৰে সাৰ্বজনীন কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

আলফ্ৰেড মাছে্লৰ মতে—”The wisdom of expanding public and private funds on education is not be measured by its direct fruits alone, It will be profitable as a more investment to give the masses of people much greater opportunities then they can generally avail themselves of.”

উক্ত সংজ্ঞাটিয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰৰ এক বিশেষ বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে। শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰা ৰাজহুৱা আৰু ব্যক্তিগত পুঁজিয়ে ব্যক্তিসকলক তেওঁলোকে নিজৰ প্ৰচেষ্টাৰ আহৰণ কৰিব পৰাতকৈ অধিক সুবিধা প্ৰদান কৰে। দৰাচলতে শিক্ষাৰ অৰ্থনীতিৰ এই বিষয়টোৱে শিক্ষাৰ মানদণ্ড উৰ্ধগামী কৰি দেশৰ যুৱসকলক আর্থিকভাৱে স্বাৱলম্বী কৰাৰ উমৈহতীয়া প্ৰচেষ্টাক সূচায়। এই ধৰণৰ দৃষ্টিভংগীয়ে শিক্ষাৰ ক্ষেত্ৰত কৰা বিনিয়োগ অধিক শক্তিশালী কৰি তোলে।

প্ৰশ্ন ৩৮। শিক্ষাত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ প্ৰধান বৈশিষ্ট্যবোৰ উল্লেখ কৰা। (Discuss the salient features of public-private partnerships in education.)

উত্তৰঃ তলত শিক্ষাত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ প্ৰধান বৈশিষ্ট্যসমূহ চমুকৈ উল্লেখ কৰা হ’ল—

(ক) সাধাৰণ জনতাৰ বিশেষ প্ৰয়োজনসমূহ পূৰণৰ বাবে বিশেষ শিক্ষা সুবিধা প্ৰদানৰ বাবে চৰকাৰে ব্যক্তিগত সংস্থাসমূহৰ লগত কৰা চুক্তিবদ্ধতাক এই আচঁনিয়ে সূচায়।

(খ) এই দৃষ্টিভংগী বা আঁচনিৰ আন এটা বিশেষত্ব হৈছে ৰাজহুৱা খণ্ডত থকা শিক্ষানুষ্ঠান বা শিক্ষাৰ সুবিধাসমূহ পৰিচালনা কৰিবলৈ চৰকাৰে ব্যক্তিগত সংস্থাৰ লগত চুক্তিবদ্ধ কৰে।

(গ) ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ ক্ষেত্ৰত চৰকাৰে বৃত্তীয় সুবিধাসমূহ প্ৰদান আৰু ব্যক্তিগত অংশীদাৰসমূহে শিক্ষাৰ আঁচনি বা আৰ্হি যুগুত কৰি এক নিৰ্ধাৰিত সময়ৰ বাবে পৰিচালিত কৰে।

(ঘ) ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ আন এটা বিশেষত্ব হৈছে যে ব্যক্তিগত অংশীদাৰসমূহে চৰকাৰৰ পৰা কোনো শৈক্ষিক আঁচনি ক্ৰয় কৰি সেইসমূহ বিকাশ কৰি চৰকাৰক তাৰ সুবিধা প্ৰদান কৰে।

(ঙ) এই ব্যৱস্থাত চৰকাৰে শিক্ষাৰ চুক্তিৰ অধিকাৰ বা দায়িত্ব কোনো ব্যক্তিগত খণ্ডলৈ হস্তান্তৰিত কৰিব পাৰে।

(চ) শিক্ষাৰ ক্ষেত্ৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব এক বৃহৎ জনসাধাৰণৰ বাবে শিক্ষাৰ সুবিধাসমূহ প্ৰসাৰ কৰিব পাৰে।

(ছ) শিক্ষাৰ পৰিণতিৰ প্ৰসাৰ বৃদ্ধিৰ এই অংশীদাৰিত্বৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।

প্ৰশ্ন ৩৯। শিক্ষাত উদাৰীকৰণৰ প্ৰভাৱ সম্বন্ধে আলোচনা কৰা। (Discuss the impact of liberalization on education..)

উত্তৰঃ শিক্ষাত উদাৰীকৰণৰ প্ৰভাৱ সম্বন্ধে তলত অতি চমুকৈ আলোচনা কৰা হ’ল—

উদাৰীকৰণ শিক্ষাত মানুহৰ উৎকৰ্ষণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে। দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ’ল উদাৰিকৰণ। ইয়াৰ দ্বাৰা দেশৰ আৰ্থিক ব্যৱস্থাক ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি সমগ্র বিশ্বৰ সন্মুখত মুকলি কৰি দিয়াটোকে বুজায়। পৰিণতিস্বৰূপে দেশৰ উৎপাদিত বস্তু আন্তৰ্জাতিক বজাৰৰ সুবিধা পোৱাটো শিথিল হৈছে। উদাৰীকৰণৰ ফলত দেশসমূহৰ মাজত প্ৰতিযোগিতামূলক বাতাবৰণ প্ৰকট হৈ উঠিছে আৰু ইয়ে অনুৰূপভাৱে দেশসমূহৰ বিকাশৰ পথ প্ৰশস্ত কৰিছে। উদাৰীকৰণ নীতি গ্ৰহণ কৰাৰ ফলস্বৰূপে বিদেশী কোম্পানীবোৰে সহজে আমাৰ দেশৰ উচ্চ শিক্ষাৰ জগতখনত প্ৰৱেশ কৰাৰ সুবিধা লাভ কৰিলে। ফলত দেশৰ শিক্ষা ব্যৱস্থাত দ্ৰুত পৰিৱৰ্তন সংঘটিত হ’ল। বিদেশী কোম্পানীবোৰে উদাৰীকৰণ সুবিধা গ্ৰহণ কৰি উচ্চ শিক্ষাত বাণিজ্যিকৰণ কৰাৰ লগে লগে গুণগত শিক্ষাদানৰ প্রতিযোগিতা আৰম্ভ হয়। ফলস্বৰূপে আমাৰ দেশীয় শিক্ষা ব্যৱস্থাৰে পৰিচালিত ৰাজহুৱা শিক্ষাখণ্ডত ক্ষতিগ্ৰস্ত হ’বলৈ আৰম্ভ কৰিলে। যদিও ‘ব্ৰেইন ড্ৰেইন’ৰ জৰিয়তে অৰ্থৰ বাহিৰ গমন প্ৰত্যক্ষভাৱে কিছু হ্ৰাস দেখা গ’ল। তথাপি পৰোক্ষভাৱে অৰ্থৰ বাহিৰ গমনৰ হাৰ দুগুণ বৃদ্ধি হ’ল। কাৰণ বিদেশী কোম্পানীবোৰে গঢ়ি তোলা উচ্চ শিক্ষাৰ অনুষ্ঠানবোৰৰ তুলনাত আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ সা-সুবিধা তেনে সীমিত। যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সেই অনুষ্ঠানবোৰৰ প্ৰতি অধিক আকৰ্ষিত হোৱা দেখা যায়।

উদাৰীকৰণে গৱেষণাভিত্তিক কেৰিয়াৰ গঠনৰ শক্তিশালী অৰ্থৰ ব্যৱস্থা গ্ৰহণ কৰিছে যিয়ে ভাৰতীয় শিক্ষক ছাত্ৰৰ ভৱিষ্যতৰ উন্নতি তথা বিকাশত সহায়ক হৈছে। ই উদাৰীকৰণৰ এটা ধনাত্মক দিশ।

উদাৰীকৰণৰ ফলত শিক্ষানুষ্ঠানৰ অভাৱ দূৰ হৈছে আৰু শৈক্ষিক অনুষ্ঠানবোৰৰ মাজত প্ৰতিযোগিতাৰ ভাৱ বৃদ্ধি কৰি তুলিছে।

উদাৰীকৰণে শিক্ষিতসকলৰ মাজত দ্ৰুত প্ৰযুক্তিবিদ্যা আৰু যোগাযোগ ব্যৱস্থাৰ দ্ৰুত বিকাশ সাধন কৰিবলৈ সক্ষম হৈছে।

‘ব্ৰেইন-ড্ৰেইন’ৰ (Brain-Drain) সমস্যা সমাধান কৰি দেশৰ আৰ্থিক লোকচানৰ পৰিণাম হ্ৰাস কৰাৰ লগতে নিজ দেশৰ ভিতৰতে ডিগ্ৰী লাভৰ সুবিধাকৰণ উদাৰীকৰণে ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰিবলৈ সক্ষম হৈছে।

উদাৰীকৰণৰ কুফল হিচাপে উল্লেখ কৰিব পাৰি যে ই শিক্ষাৰ ক্ষেত্ৰত বাণিজ্যিকীকৰণৰ প্ৰভাৱ শক্তিশালী কৰি তুলিছে যাৰ ফলত সম-অধিকাৰ আৰু সম-সুবিধাৰ ধাৰণা বহুক্ষেত্ৰত বাধাগ্ৰস্ত হৈছে।

শিক্ষাক বেপাৰ-বাণিজ্যৰ আহিলা হিচাপে গণ্য কৰিবলৈ লোৱাৰ লগে লগে জ্ঞান পণ্য হিচাপে পৰিগণিত হোৱাৰ ধাৰণা শক্তিশালী হৈ উঠিছে।

প্ৰশ্ন ৪০। উচ্চ শিক্ষাৰ ‘ব্যক্তিগতকৰণ’ বুলিলে কি বুজা ? উচ্চ শিক্ষাৰ ব্যক্তিগতকৰণক তুমি সমৰ্থন কৰানে ? ভাৰতবৰ্ষৰ উত্তৰ পূব দিশৰ প্ৰসংগৰে তোমাৰ উত্তৰণ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা। (What do you mean by privatization of higher education ? Justify your answer in the context of the North East of India.)

উত্তৰঃ সাম্প্ৰতিক সময়ত বহু চৰ্চিত আৰু বহু বিতৰ্কিত বিষয়টোৱেই হ’ল ব্যক্তিগতকৰণ (privatization) উদাৰীকৰণৰ দৰে ব্যক্তিগতকৰণো ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰৰ এক উল্লেখনীয় বৈশিষ্ট্য। চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ’ল ব্যক্তিগতকৰণ। ১৯৯১ চনত নতুন উদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ ৯ টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াৰ লগে লগেই ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্তন কৰা হ’ল। শিক্ষা, স্বাস্থ্য, উৎপাদিত সামগ্ৰী, বেংক ব্যৱস্থা আদিৰ ক্ষেত্ৰত ব্যক্তিগতকৰণৰ প্ৰভাৱ লক্ষণীয়। উচ্চ শিক্ষাৰ ব্যক্তিগতকৰণ ভাৰতীয় শিক্ষা ব্যৱস্থাত নতুন ধাৰণা নহয়। ১৯৪৫ চনৰ দ্বিতীয় বিশ্বযুদ্ধ আৰু ১৯৪৭ চনৰ স্বাধীনতাৰ আগত উচ্চ শিক্ষাৰ সম্প্ৰসাৰণ হৈছিল। ১৯৭০ চনত ৰাজ্যসমূহ অৰ্থনৈতিক সুস্থিৰতা অহাৰ পিছত  ‘ফৰপ্ৰ’ফিট’ ধাৰণাৰ প্ৰৱেশেৰে উচ্চ শিক্ষাৰ ধাৰণাই সম্প্ৰসাৰণ লাভ কৰে। চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহ বা নতুনকৈ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠা কৰিবলৈ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ’ল উচ্চ শিক্ষাৰ ব্যক্তিগতকৰণ।

ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান তিনি ধৰণৰ হ’ব পাৰে। যেনে—

(ক) শিক্ষানুষ্ঠান, যিবিলাকে চৰকাৰী সাহাৰ্য লাভ কৰে কিন্তু ব্যক্তিগত মানুহৰ দ্বাৰা পৰিচালিত হয়।

(খ) বিশ্ববিদ্যালয় আৰ্হিৰ জৰিয়তে চৰকাৰী অনুমোদিত পাঠ্যক্ৰম আৰু ফিজৰ মাধ্যমত পৰিচালিত অনুষ্ঠান।

(গ) ব্যক্তিগত মালিকনাৰ জৰিয়তে সম্পূৰ্ণ ব্যক্তিগতভাৱে পৰিচালিত অনুষ্ঠান।

উচ্চ শিক্ষাৰ গুণগত মানদণ্ডৰ বিকাশ আৰু সকলোৰে বাবে উচ্চ শিক্ষা প্ৰদানৰ দাবীত আমি উচ্চ শিক্ষা ব্যক্তিগতকৰণৰ সমৰ্থন দিওঁ। বৰ্তমান গতানুগতিক বা ৰাজহুৱা খণ্ডৰ উচ্চ শিক্ষানুষ্ঠানসমূহে উচ্চ শিক্ষা সকলোকে প্ৰদান কৰাতো আৰু সীমিত সুবিধাৰে গুণগত শিক্ষা প্ৰদান কৰাটো সম্ভৱপৰ হৈ থকা নাই। সেইবাবে আমি উচ্চ শিক্ষা ব্যক্তিগতকৰণৰ সমৰ্থন দিওঁ।

ভাৰতবৰ্ষৰ উত্তৰ-পূব অঞ্চল অৰ্থনৈতিকভাৱে পিছপৰা এখন ৰাজ্য। ইয়াত অৰ্থনৈতিক বিকাশৰ সুবিধা থকা স্বত্বেও বা প্ৰাকৃতিকভাৱে চহকী হোৱা সত্বেও ইয়াৰ অৰ্থনৈতিক অৱস্থা আৰু উচ্চ শিক্ষা উপযুক্ত বিকাশ আৰু সম্প্ৰসাৰণ হৈ উঠা নাই। উচ্চ শিক্ষাৰ ব্যক্তিগতকৰণ হৈ উঠিলে, ইয়াত বাহিৰৰ বিভিন্ন কোম্পানীয়ে উপযুক্ত সা-সুবিধাৰে উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান গঢ়ি তুলিব। তেতিয়া আমাৰ এই দুখীয়া ৰাজ্যখনৰ পৰা প্ৰতি বছৰে হোৱা “ব্ৰেইন ড্ৰেইন” নিশ্চয় বন্ধ হ’ব। উচ্চ শিক্ষাৰ ব্যক্তিগতকৰণৰ ফলস্বৰূপে আমাৰ ৰাজ্যৰ মেধাসম্পন্ন ল’ৰা-ছোৱালীয়ে ইয়াতে থাকি উচ্চ শিক্ষা লাভ কৰিবলৈ সুবিধা পাব। যেতিয়া অধিক সংখ্যক যুৱ প্ৰজন্মই উচ্চ শিক্ষা লাভ কৰিব তেতিয়া তেওঁলোকে দেশৰ আৰ্থিম দিশত বৰঙণি যোগাবলৈ সক্ষম হ’ব। দেশত  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উচিত সম্প্ৰসাৰণ হ’লেহে আৰু গুণগত উচ্চ শিক্ষা ল’ৰা-ছোৱালীয়ে লাভ কৰিব পাৰিলেহে দেশ প্ৰগতিৰ পথত অগ্ৰসৰ হ’ব পাৰিব। আমাৰ ৰাজ্যত যিখিনি উচ্চ শিক্ষাৰ অনুষ্ঠান আছে তাত সীমিত সংখ্যক ল’ৰা-ছোৱালীয়ে শিক্ষা লাভ কৰিবলৈ সুবিধা লাভ কৰে। সেইবাবে গুণগত শিক্ষা প্ৰদানৰ শিক্ষানুষ্ঠান গঢ়ি তুলিবলৈ আৰু অধিক সংখ্যক লোকক উচ্চ শিক্ষাৰ সুবিধা প্ৰদানৰ বাবে উচ্চ শিক্ষা ব্যক্তিগতকৰণ কৰিব লাগিব।

উচ্চ শিক্ষাৰ ব্যক্তিগতকৰণ হ’লে ব্যক্তিগত মালিকসকলে উপযুক্ত পৰিমাণৰ অৰ্থ প্ৰয়োগ কৰি উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহ উপযুক্ত সা-সুবিধা প্ৰদানেৰে গুণগত শিক্ষা নিশ্চিত কৰিব। সেয়েহে উচ্চ শিক্ষাৰ সামগ্ৰিক বিকাশৰ বাবে ব্যক্তিগতকৰণ সমৰ্থনযোগ্য। 

প্ৰশ্ন ৪১। বিনিয়োগ হিচাপে শিক্ষাৰ বিষয়ে চমুকৈ লিখা। (Write briefly about education as an investment.)

উত্তৰঃ শিক্ষাৰ ধাৰণা অতি ব্যাপক। এই দৃষ্টিকোণৰ পৰা শিক্ষাক এক জীৱনব্যাপী চলা ধাৰাবাহিক প্ৰক্ৰিয়া। বিনিয়োগ হৈছে উৎপাদিত সামগ্ৰীৰ পৰিৱৰ্তী উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা। শিক্ষাকো এক বিনিয়োগ বুলি অভিহিত কৰিব পাৰি। কিয়নো জ্ঞান দান কৰাই শিক্ষাৰ উদ্দেশ্য যদিও ই দেশৰ উৎপাদন বৃদ্ধিত সহায় কৰে। শিক্ষিত লোকসকলেহে দেশৰ সম্পদ বৃদ্ধিত অৰিহণা যোগাব পাৰে। শ্ৰমিক বা কৰ্মীসকল যিমানেই শিক্ষিত হ’ব, তেতিয়া দেশৰ অৰ্থনৈতিক দিশৰো উন্নতি সাধন হ’ব। সেয়েহে তেওঁলোকক শিক্ষিত কৰি কাৰ্যক্ষম, সৃষ্টিশীল মনৰ ক্ষমতা তথা দক্ষতাসম্পন্ন, কৌশলী কৰি তোলাটো অতি প্ৰয়োজনীয়। গতিকে তেওঁলোকৰ শিক্ষাৰ বাবে যথোপযুক্ত পৰিমাণৰ অৰ্থ ব্যয় কৰিব লগা হয়। এইদৰে কৰা খৰচৰ শিক্ষাত বিনিয়োগ বুলি কোৱা হয়। শিক্ষাত কৰা বিনিয়োগৰ ফলতহে দেশৰ উৎপাদন বৃদ্ধি হৈ জাতীয় আয়ৰ বৃদ্ধি পাব। ফলস্বৰূপে দেশৰ সম্পদ বৃদ্ধিৰ লগতে অৰ্থনৈতিক উন্নতি সাধন হ’ব আৰু ইয়াৰ লগে লগে শ্ৰমিকসকলৰ  আৰ্থ-সামাজিক আৰু সাংস্কৃতিক জীৱনৰ মানদণ্ড উন্নত হ’ব। দেশৰ উৎপাদন শক্তি বৃদ্ধি কৰাত ব্যক্তিৰ অৰ্হতা, দক্ষতা আৰু যোগ্যতাইহে  সহায় কৰিব পাৰে। সেয়েহে একো একোজন ব্যক্তিৰ শিক্ষাৰ বাবে দেশে, সমাজে আৰু পৰিয়ালে যথেষ্ট পৰিমাণৰ অৰ্থ ব্যয় কৰে। ফলত ব্যক্তিয়ে আহৰণ কৰা শিক্ষা আৰু যোগ্যতাই দেশৰ উন্নতি সাধন কৰে। শিক্ষাৰ জৰিয়তে উপাৰ্জনক্ষম হৈ ব্যক্তিয়ে পোৱা কৰ্ম সংস্থাপনে পৰিয়ালৰ আৰ্থিক সূচলাৱস্থাৰ সৃষ্টি কৰে। সেয়ে এনে অৰ্থত শিক্ষাক এক বিনিয়োগ বুলি অভিহিত কৰিব পাৰি।

আধুনিক ধাৰণা মতে, শিক্ষাৰ ক্ষেত্ৰত যি ধনৰাজিৰ খৰচ হয়, সেই ধনৰাজি প্ৰকৃততে খৰচ নহয়। এই ধনৰাজি অৰ্থনীতিৰ সামগ্ৰিক বিকাশ আৰু দেশৰ নাগৰিকক উপাৰ্জনক্ষম আৰু উৎপাদনৰ সমবিতৰণ বজাই ৰখাত প্ৰয়োগ কৰা হয়। আনহাতে এই ধৰণে মানৱ সম্পদ আৰু মানৱ দক্ষতা বৃদ্ধিৰ যোগেদি উপযুক্ত মানৱ সম্পদ গঠনত বৰঙণি যোগায়। দেশৰ নীতি নিৰ্ধাৰণকাৰীসকলৰ মতে প্ৰকৃততে সমগ্ৰ বিশ্বজুৰি শিক্ষা কোনো ভোগকৃত দ্ৰব্য বা উপাদান নহয়। বৰঞ্চ ই হৈছে এক বিনিয়োগ। তেওঁলোকৰ মতে যি ধন শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰা হয় তেতিয়া সেই বিনিয়োগে সমাজ বা মানৱ সম্পদৰ আৰ্হিত ফলাফল প্ৰদান কৰা উচিত।

ওপৰৰ আলোচনাৰ পৰা ক’ব পাৰি যে অন্যান্য উৎপাদনৰ ক্ষেত্ৰত অৰ্থৰ বিনিয়োগৰ দৰে শিক্ষাৰ ক্ষেত্ৰত হোৱা খৰচ এক বিনিয়োগহে মাথোন। শিক্ষাৰ পৰাও লাভদায়ক ফল পোৱা যায়। শিক্ষাৰ পৰা হ’ব পৰা লাভ ব্যক্তিয়ে ভৱিষ্যতে লাভ কৰা দক্ষতা আৰু অৰ্হতাৰ ওপৰত নিৰ্ভৰ কৰে। ই দেশৰ নাগৰিকৰ উৎপাদন আৰু উপাৰ্জন উভয় দিশৰে উন্নয়নত সহায় কৰি সামাজিক জীৱনত সুন্দৰভাৱে জীৱন-যাপন কৰাত সহায় কৰে। সেইবাবে এইক্ষেত্ৰত শিক্ষাক এক বিনিয়োগ বুলিহে অভিহিত কৰিব পাৰি।

প্ৰশ্ন ৪২। শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগৰ কৌশলসমূহ উল্লেখ কৰা। (Mention investment strategies in education.)

উত্তৰঃ তলত শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগৰ কৌশলসমূহ অতি চমুকৈ উল্লেখ কৰা হ’ল—

(ক) যেতিয়া পুৰুষ আৰু মহিলা উভয়কে উৎপাদনশীল কাৰ্যত মনোনিবেশ কৰিবলৈ যথোপযুক্ত উদ্দীপনা প্ৰদান কৰা হয় তেনে ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত কৰা বিনিয়োগে দ্ৰুত অৰ্থনৈতিক বিকাশত অৰিহণা যোগায়।

(খ) শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগৰ আন এক উপায় বা কৌশল হ’ল কৰ্মত নিয়োজিত ব্যক্তিসকলৰ বাবে উপযুক্ত প্ৰশিক্ষণ আৰু উদ্দীপনৰ ব্যৱস্থা কৰা।

(গ) বৃত্তিৰ লগত জড়িত পদমৰ্যদা আৰু পাৰিশ্ৰমিকৰ মূল্য অধিক হোৱা উচিত।

(ঘ) চৰকাৰী সংস্থা, ব্যক্তিগত শ্ৰমিক তথা কাৰিকৰী বিশেষজ্ঞসকলৰ ক্ষমতাসমূহ কাৰ্যত সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা উচিত। এই ব্যৱহাৰেই হৈছে মানৱ সম্পদৰ বিকাশৰ প্ৰধান অস্ত্ৰ। 

(ঙ) শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগৰ কৌশলৰ আন এক উপাদান হৈছে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পুনঃগঠনৰ ক্ষেত্ৰত কৰা বিজ্ঞ সিদ্ধান্ত আৰু উৎপাদনৰ বিনিয়োগ।

(চ) শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগৰ আন এক কৌশল হৈছে মানৱ সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে উপযুক্ত নীতি উদ্দীপনাৰ ব্যৱস্থা কৰা।

(ছ) শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগৰ আন এক গুৰুত্বপূৰ্ণ কৌশল হৈছে উপযুক্ত মানৱ শক্তিৰ পৰিকল্পনা, ই মানৱ শক্তিৰ পৰিকল্পনাৰ মানৱ সম্পদ গঠনৰ ক্ষেত্ৰত থকা প্ৰধান দিশসমূহ নিৰ্ধাৰণ কৰি সেইসমূহৰ ক্ষেত্ৰত যথোপযুক্ত গুৰুত্ব প্ৰদান কৰা উচিত।

প্ৰশ্ন ৪৩। গোলকীয় গাঁৱৰ ধাৰণাটো চমুকৈ আলোচনা কৰা। (Discuss the concept of global village.)

উত্তৰঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব উন্নতিয়ে সমগ্ৰ বিশ্বৰেই ব্যৱধান হ্ৰাস কৰি সমগ্ৰ বিশ্বকেই এখন গাঁৱলৈ ৰূপান্তৰ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। সাম্প্ৰতিক সময়ত বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰ, যোগাযোগ তথা পৰিবহন ব্যৱস্থাৰ উন্নতি,দ্ৰুত সংবাদ প্ৰেৰণৰ নৱতম প্ৰক্ৰিয়া, জ্ঞানৰ বিস্ফোৰণ তথা একত্ৰীকৰণৰ মনোভাৱে বিশ্ববাসীৰ মাজত থকা ভৌগোলিক দূৰত্ব বা ব্যৱধান হ্ৰাস কৰি সমগ্র বিশ্বকেই এখন গাঁৱলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। অৰ্থাৎ দুটা দশকৰ আগতে যেনেদৰে এটা খবৰ বা যোগাযোগ নিজ গাঁৱখনৰ বাহিৰলৈ বিয়পিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজনীয়তা আছিল আজি আৰু সেই অৱস্থাটো নাই। বিশ্বৰ যিকোনো ঠাইৰ খবৰ এটাও আমি নিজ ঘৰতে বহি থাকি জানিব পাৰো বা তাক বিভিন্ন মাধ্যমৰ সহায়ত উপভোগ কৰিব পাৰো। কিছু বছৰ আগতে হয়তো নিজ গাঁওখনত ঘটা ঘটনা এটাও ইমান সোনকালে জনাটো সম্ভৱ হোৱা নাছিল। বিজ্ঞান তথা প্ৰযুক্তিগত বিকাশে পৃথিৱীখনক যথেষ্ট সৰু কৰি আনিছে বুলি ক’ব পাৰি। মাৰ্ছেল মেকলুহানে ১৯৬০ চনত তেখেতৰ বিখ্যাত গ্ৰন্থ “Exploration in Communication” ত “The Global Village” অথবা গোলকীয় গাঁৱৰ ধাৰণাটো আগবঢ়ায়। বৰ্তমান এই ধাৰণাটো যথেষ্ট চৰ্চাৰ বিষয় হিচাপে পৰিগণিত হৈছে। সময়ৰ বিৱৰ্তন মানুহৰ চিন্তা-চৰ্চা, দৃষ্টিভংগীৰ উত্তৰণ, বিশ্বৰ দেশসমূহৰ মাজত সংস্কৃতিৰ আদান-প্ৰদান, বুজাপৰা তথা বন্ধুত্বপূৰ্ণ মনোভাৱৰ বিকাশ সাধন আদিয়ে বিশ্বক গোলকীয় গাঁৱলৈ ৰূপান্তৰিত কৰাত বিশেষ ভূমিকা পালন কৰা পৰিলক্ষিত হয়। বিশ্বায়নৰ মূল লক্ষ্যই হ’ল বিশ্বৰ মানৱ জাতিৰ মাজত বন্ধুত্বপূৰ্ণ বা পাৰস্পৰিক বুজাবুজিৰ মনোব্ধাৱ সৃষ্টি কৰি বিশ্বৰ প্ৰতিজন নাগৰিককেই উপযুক্ত বিশ্ব নাগৰিকত্বৰ মনোভাৱেৰে উদ্বৃদ্ব কৰা। ইয়াৰ দ্বাৰা সমগ্ৰ মানৱ জাতিৰ মাজতেই একক সত্বাৰ অনুভৱ কৰাত সহায়ক হ’ব বুলি বিশ্বাস কৰা হয়। বৰ্তমান সমগ্ৰ বিশ্বতেই উমৈহতীয়া মানৱ কল্যাণৰ উদ্দেশ্য আগত ৰাখি মূলধন তথা বিনিয়োগ ব্যৱস্থাৰ উন্নতি সাধন, মুক্ত বজাৰ ব্যৱস্থা, আমদানি-ৰপ্তানিকৰণৰ ক্ষেত্ৰত উদাৰীকৰণ নীতি গ্ৰহণ আদিৰে নতুন প্ৰমূল্যবোধৰ আহৰণৰ ওপৰত গোলকীয় গাঁৱৰ সমৰ্থিত দেশবোৰে বিশেষ প্ৰাধান্য আগবঢ়াইছে।

প্ৰশ্ন ৪৪। বিশ্বায়ন আৰু শিক্ষাৰ মাজত থকা সম্পৰ্ক কেনে ধৰণৰ আলোচনা কৰা। (Discuss the relationship between globalization and education.)

উত্তৰঃ বিৱৰ্তিত সমাজ ব্যৱস্থাত বিশ্বায়ন শব্দটোৰ বিশেষ ধৰণৰ প্ৰাধান্য বিস্তাৰ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ শৈক্ষিক জগতখনতো ই বিশেষ প্ৰাধান্য লাভ কৰা পৰিলক্ষিত হৈছে। বিকাশৰ প্ৰতিটো দিশকেই যদি মানুহৰ কুশল বা কল্যাণৰ অৰ্থে ব্যৱহাৰ কৰিবৰ অৰ্থে প্ৰয়োজন হয় উপযুক্ত শিক্ষা ব্যৱস্থাৰ। দেশৰ জনসাধাৰণৰ মাজত শিক্ষাৰ প্ৰকৃত ব্যৱহাৰ হ’লেহে বিজ্ঞান তথা প্ৰযুক্তিবিদ্যা, যোগাযোগ তথা প্ৰচাৰ মাধ্যমৰ সুচলাত, মূলধন তথা বিনিয়োগ ব্যৱস্থাৰ সংস্কাৰ সাধন, অৰ্থনৈতিক ক্ষেত্ৰত গ্ৰহণ কৰা উদাৰীকৰণ নীতি আদিৰ উচিত মূল্যায়ন সম্ভৱ হয়। ১৯৯১ চনতেই ভাৰত চৰকাৰে অৰ্থনৈতিক সংস্কাৰ আৰু বিকাশৰ বাবে বিশ্বায়নৰ গ্ৰাসত সোমাই পৰিছিল।

১৯৯৪ চনত গ্যাট চুক্তি স্বাক্ষৰ হোৱাৰ পাছত ১৯৯৫ চনত গ্যাটক “বিশ্ব বাণিজ্য সংস্থালৈ” উন্নীত কৰা হৈছিল। এই গ্যাট চুক্তিত থকা বিশ্বায়নৰ নীতি ফলপ্ৰসূ কৰিবলৈ ডাংকেল প্ৰস্তাৱৰ ভিত্তিত জন্ম হয় বিশ্ব বাণিজ্য সংস্থা নামৰ সৰ্বোচ্চ ক্ষমতাসম্পন্ন আন্তৰ্জাতিক সংস্থাটোৰ যাৰ নিৰ্দেশ বিশ্বৰ সকলো সদস্য দেশেই মানি চলাটো বাধ্যতামূলক। গ্যাটছৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আন্তৰ্জাতিক বাণিজ্য সম্পৰ্কীয় পৰিসেৱামূলক খণ্ডই প্ৰতিখন দেশৰ ৰাজহুৱা শিক্ষা সেৱাক অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ ভিতৰত উচ্চ শিক্ষাই অন্তৰ্ভুক্ত। ফলত উচ্চ শিক্ষাৰ বাণিজ্যিকৰণৰ ক্ষেত্ৰত বিশেষকৈ শিক্ষা সেৱাৰ আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত বিশেকভাৱে প্ৰভাৱ পেলাইছে। বৰ্তমান বিশ্ব বাণিজ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে অইন দেশলৈ ছাত্ৰ তথা শিক্ষক প্ৰেৰণ কৰিব পাৰিব। ঠিক তেনেদৰেই সদস্য ৰাষ্ট্ৰসমূহৰ মাজত প্ৰিন্ট মিডিয়া, ইণ্টাৰনেটত ইলেকট্ৰনিক শিক্ষা সেৱাৰ মাধ্যমত শিক্ষা সেৱাৰ আমদানি ৰপ্তানি কৰিব পাৰিব। শিক্ষাৰ বাণিজ্যিকৰণৰ ফলত সমঅধিকাৰ আৰু সমসুবিধাৰ ধাৰণা বহু পৰিমাণে প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। ইয়াৰোপৰি বিশ্বায়নে আটাইতকৈ ডাঙৰ কাম কৰিছে শিক্ষাৰ ক্ষেত্ৰখনলৈ প্ৰতিযোগিতামূলক ব্যক্তিগতকৰণ ধাৰণাটোক আমন্ত্ৰণ কৰি। অৱশ্যে বিশ্বায়নৰ জৰিয়তে আন্তৰ্জাতিক মনোভাৱক প্ৰাধান্যতা প্ৰদান কৰা হলেও দেশীয় পৰম্পৰা আৰু কলা-সংস্কৃতিৰ ভিত্তিত জাতীয় জীৱনৰ স্বাৰ্থক উপযুক্ত শিক্ষা নীতিৰ সহায়ত ৰক্ষণাবেক্ষণ দিব পাৰিব লাগিব। সেয়ে জাতীয় শিক্ষা নীতিৰ গুৰুদায়িত্ব হ’ল জাতীয় নীতি আদৰ্শৰে দেশৰ জনসাধাৰণক উপযুক্ত শিক্ষিত কৰি তুলি শক্তিশালী ব্যক্তিত্বৰ বিকাশ সাধন কৰা আৰু উপযুক্ত মূল্যবোধৰ বিকাশ সাধন কৰা। কল্যাণকামী দেশ একোখনত জাতীয় শিক্ষা নীতিয়ে এহাতে শিক্ষাৰ্থীসকলক জাতীয় আদৰ্শ ৰক্ষা কৰাত নৈতিক সুৰক্ষা প্ৰদান কৰিব পাৰিব লাগে অন্যহাতে বিশ্ব ভাতৃত্ববোধক সন্মান জনাব পৰা গুণসমূহৰ অধিকাৰী হোৱাত উৎসাহী কৰি তুলিব লাগিব।

প্ৰশ্ন ৪৫। ভাৰতবৰ্ষত বিশ্বায়নৰ প্ৰভাৱ কেনে ধৰণে পৰিছে আলোচনা কৰা। (Discuss the impact of globalization on India.)

উত্তৰঃ বিশ্বায়নৰ প্ৰভাৱ ভাৰতবৰ্ষত ইতিবাচক আৰু নেতিবাচক দুই ধৰণেই পৰা বুলি ক’ব পাৰি। বিষয়কৈ ইয়াৰ প্ৰভাৱ চহৰ-নগৰত যি ধৰণে পৰাটো অনুভৱ হৈছে তাৰ তুলনাত গ্ৰামাঞ্চলবোৰত তাৰ প্ৰভাৱ কিছু কমকৈ পৰিছে। ভাৰতবৰ্ষত বিশ্বায়নৰ প্ৰক্ৰিয়া ৮০ ৰ দশকতে আৰম্ভ হৈছে যদিও ১৯৯১ চনত আন্তঃৰাষ্টীয় মুদ্ৰাকোষ আৰু বিশ্ববেংকৰ হেঁচাত গ্ৰহণ কৰা অৰ্থনৈতিক নীতিৰ ফলতে ই কাৰ্যকাৰিতা লাভ কৰিছে। ভাৰতবৰ্ষৰ প্ৰায়বোৰ দিশতেই বিশ্বায়নৰ প্ৰভাৱ পৰিলক্ষিত হয়।

তাৰ ভিতৰত প্ৰধানকৈ প্ৰভাৱ বিস্তাৰ কৰা দিশসমূহ হ’ল—

(ক) জীৱন ধাৰণাৰ মানদণ্ডৰ উন্নতি :- ভাৰত চৰকাৰে অৰ্থনৈতিক উদাৰীকৰণ নীতি গ্ৰহণ কৰাৰ পাছত কেতবোৰ অৰ্থনৈতিক সংস্কাৰ তথা উন্নতি পৰিলক্ষিত হৈছে। অৰ্থনৈতিক বিকাশৰ হাৰ বৃদ্ধি পোৱাৰ বাবে আন্তঃগাঠনিৰ উন্নতি, স্বাস্থ্যসেৱাৰ উন্নতি, কৰ্ম সংস্থানৰ সুবিধা, তথ্য প্ৰযুক্তিৰ বিকাশ, জনমূৰি আয় বৃদ্ধি, ঘৰুৱা উৎপাদন বৃদ্ধি আদিয়ে সামূহিক বিকাশৰ হাৰ বৃদ্ধি কৰি তুলিছে। এইবোৰৰ বাবে ভাৰতবৰ্ষত ক্ৰমাত জনগণৰ জীয়াই থকাৰ মান উন্নত হোৱা দেখা গৈছে।

(খ) উদ্যোগীকৰণ আৰু কৰ্ম সংস্থাপনৰ সুবিধা :- বিশ্বায়নৰ ফলত দেশত নতুন নতুন উদ্যোগ স্থাপন হৈছে আৰু জনগণৰ চাহিদা অনুপাতে উৎপাদনত বিশেষ গুৰুত্ব আৰোপ কৰিছে। তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত, কৃষি সামগ্ৰী উন্নয়নৰ ক্ষেত্ৰত, স্বাস্থ্য সম্পৰ্কীয় বা চিকিৎসা সম্পৰ্কীয় সা-সঁজুলি আৰু ঔষধ পাতি উৎপাদনৰ ক্ষেত্ৰত, সৌন্দৰ্যবৰ্দ্ধক সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত কেতবোৰ নতুন নতুন উদ্যোগ ভাৰতবৰ্ষত স্থাপন হৈছে। এই উদ্যোগবোৰৰ দক্ষ কৰ্মীৰ প্ৰয়োজন নিতান্তই স্বাভাৱিক। সেয়ে এই উদ্যোগবোৰে শিক্ষিত নিবনুৱাসকলক কৰ্ম নিযুক্তি দি নিবনুৱা সমস্যা ৰোধ কৰাত যথেষ্ট সহায় কৰিছে।

(গ) উন্নয়নৰ হেতু চৰকাৰী প্ৰচেষ্টা :- বিশ্বায়নৰ সুপ্ৰভাৱৰ ফলতেই অৰ্থনৈতিক বিকাশৰ গতিধাৰা অক্ষুণ্ণ ৰাখিবৰ বাবে কেতবোৰ চৰকাৰী আঁচনি বা কৌশল উদ্ঘাটন কৰি উন্নয়নৰ প্ৰচেষ্টা হাতত লৈছে। আমাৰ দেশত প্ৰধানমন্ত্ৰীৰ ৰোজগাৰ যোজনা (PMRY) মুখ্যমন্ত্ৰীৰ ৰোজগাৰ যোজনা (CMRY), ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি (NREGA), ইন্দিৰা আবাস যোজনা, প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনা (PMGSY) আদি আচঁনিবোৰৰ জৰিয়তে ভাৰতবৰ্ষৰ চহৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ মাজত থকা বৈষম্য আঁতৰ কৰিবলৈ চেষ্টা হাতত লোৱা হৈছে।

(ঘ) অৰ্থনীতিৰ ক্ষেত্ৰত :- বিশেককৈ ভাৰতীয় অৰ্থনীতিত বিশ্বায়নে বিশেষ ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হৈছে। ভাৰত চৰকাৰে  ১৯৯১ চনত বিশ্বায়নৰ জৰিয়তে অৰ্থনৈতিক সংস্কাৰ আৰু বিকাশৰ সংকল্প গ্ৰহণ কৰে। বিশ্বায়নৰ ফলতেই বহুজাতিক উদ্যোগসমূহে ভাৰতবৰ্ষত বিনিয়োগ কৰিবলৈ আৰু তেওঁলোকৰ কাৰ্যালয় স্থাপন কৰিছিল আগবাঢ়ি আহিছে। বৰ্তমান মুক্ত কৰাৰ ব্যৱস্থাত ভাৰতীয় অৰ্থনীতিয়ে গোলকীয় চাহিদা অনুসৰি উৎপাদন বৃদ্ধি কৰিবলৈ কেতবোৰ পদ্ধতিগত কৌশল অৱলম্বন কৰিছে। বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আৰু সমস্যা আঁতৰ কৰিবলৈ ভাৰতীয় অৰ্থনীতিয়ে মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৫ ৰ পৰা ৬ শতাংশৰ ভিতৰত ধৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

(ঙ) কৃষি আৰু উদ্যোগৰ ক্ষেত্ৰত :- বিশ্বায়নে আমাৰ দেশত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা আন এটা দিশ হ’ল কৃষি আৰু উদ্যোগ ক্ষেত্ৰ। এই দুয়োটা খণ্ডৰে কৰ্ম সংস্থাপনৰ হাৰ বহুখিনি বৃদ্ধি পাইছে। কৃষি খণ্ডৰ মুঠ ঘৰুৱা উৎপাদনলৈ আগবঢ়োৱা বৰঙণি হ’ল শতকৰা ১৭ শতাংশ আৰু উদ্যোগ খণ্ডই আগবঢ়োৱা বৰঙণি হ’ল শতকৰা ২৯ শতাংশ। ভাৰতবৰ্ষত উৎপাদিত কেতবোৰ কৃষিজাত সামগ্ৰী যেনে—মৰাপাট, চাহ, কুঁহিয়াৰ, ঘেঁহু, উন্নতমানৰ চাউল ইত্যাদিৰ চাহিদা আন্তৰ্জাতিক বজাৰত বহু বৃদ্ধি পাইছে।

(চ) শিক্ষাৰ ক্ষেত্ৰত :- শিক্ষাৰ ক্ষেত্ৰতো বিশ্বায়নে বিশেষ ধৰণে প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়। প্ৰতিদিনেই শিক্ষাৰ ক্ষেত্ৰত নতুন নতুন আহিলা আৰু কৌশল আৱিষ্কৃত আৰু ব্যৱহৃত হৈছে। সেইবোৰৰ ভিতৰত ই শিক্ষণ (E-learning), শিথিল শিক্ষণ (Flexible Examination), দূৰ শিক্ষণ, অনলাইন শিক্ষণ (Online Education), অনলাইন পৰীক্ষা (Online Examination), ই-পুথিভঁৰাল (E-library), ইজাৰ্নেল (E-journal) আদিয়েইপ্ৰধান।

(ছ) সেৱা ক্ষেত্ৰত :- বিশ্বায়নৰ ইতিবাচক প্ৰভাৱ ভাৰতবৰ্ষৰ সেৱা ক্ষেত্ৰত বিশেকভাৱে পৰিলক্ষিত হৈছে। সেৱা উদ্যোগসমূহে মুঠ ঘৰুৱা উৎপাদন (GDD) লৈ আগবঢ়োৱা অৰিহণা বছৰি শতকৰা প্ৰায়  ৫৪ শতাংশ। সেৱা উদ্যোগবিলাকে বিভিন্ন কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিছে আৰু নিয়োগ ক্ষেত্ৰত সহায় কৰিছে। ভাৰতৰ স্বাস্থ্যসেৱা, ডাক সেৱা, বিত্তীয় প্ৰতিষ্ঠানৰ সেৱা, দূৰ সংযোগ সেৱা আৰু যোগাযোগ আদি সেৱা ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন সাধন কৰিছে।

(জ) সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত :- বিশ্বায়নে ভাৰতবৰ্ষৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ফলত ভাৰতবৰ্ষৰ পুৰণি ৰীতি-নীতি, আদৰ্শ, পৰম্পৰা, বিশ্বাস, সাজ-পাৰ, আচাৰ-নীতি, লোক বিশ্বাস, আদিৰ পৰিৱৰ্তন ঘটিছে। বিৱৰ্ত্তিক মূল্যবোধৰ বাবেই সাংস্কৃতিক জগতখনতো সংগীত, নৃত্য, অভিনয়ৰ প্ৰতি থকা পৰম্পৰাগত ভাৰতীয় ৰুচিৰ পৰিৱৰ্তন চকুত পৰে। অৱশ্যে বিশ্বায়নৰ নামত পাশ্চাত্যৰ অন্ধ অনুকৰণে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ ঐতিহ্যত বহুখিনি কুঠাৰঘাত নকৰাও নহয়।

প্ৰশ্ন ৪৬। তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT) কি ? ইয়াৰ উপাদানকেইটা কি কি ? (What is information and communication technology ? What are its components ?)

উত্তৰঃ তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT) হৈছে যোগাযোগ আৰু তথ্যৰ সৃষ্টি, বিতৰণ, সংৰক্ষণ আৰু পৰিচালনাৰ বাবে ব্যৱহৃত প্ৰযুক্তিমূলক আহিলা আৰু সম্পদ (UNDO, 2000, UNESCO 2000)। এই সংজ্ঞা মতে তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT) ত ৰেডিয় ‘, দূৰদৰ্শন, ভিডিঅ’, ডিভিডি, টেলিফোন (লেণ্ড লাইন আৰু ম’বাইল দুয়োটা) চেটেলাইট ব্যৱস্থা, কম্পিউটাৰ, নেটৱৰ্ক এই প্ৰযুক্তিসমূহৰ লগত জড়িত হাৰ্ডৱেৰ আৰু চফটৱেৰ আহিলা আৰু বিভিন্ন সেৱাসমূহ যেনে—ভিডিঅ’ আৰু টেলিকনফাৰেনচিং, ইলেক্ট্ৰনিক মেইল ইত্যাদি অন্তৰ্ভুক্ত হৈ থাকে। তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT) তলত উল্লেখ কৰা তিনিটা উপাদানৰ দ্বাৰা গঠিত—

(ক) তথ্য আৰু যোগাযোগৰ আন্তঃগাঁথনি (Internal structure of ICT) :- এই আন্তঃগাঁথনিয়ে টেলিকমিউনিকেচন প্ৰক্ৰিয়া, নেটৱৰ্ক (চেলুলাৰ ব্ৰডকাষ্ট, কেবল, চেটেলাইট পোটটেল) আৰু এইবোৰ ব্যৱহাৰ কৰা সেৱাসমূহ (ইণ্টাৰনেট, ভয়চ, মেইল, ৰেডিঅ’ আৰু টেলিভিচন ইত্যাদি) অন্তৰ্ভুক্ত কৰে।

(খ) যোগাযোগ প্ৰযুক্তি (Communication Technology) :- তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT) হৈছে, উপযুক্ত আন্তঃগাঁথনিৰ জৰিয়তে বিভিন্ন যোগাযোগ প্ৰযুক্তিৰ লগত তথ্য প্ৰযুক্তিৰ সংহতকৰণ। এই ক্ষেত্ৰত ক’ব পৰা যায় যে তথ্য প্ৰযুক্তিৰ দ্বাৰা যোগাযোগৰ মান উন্নত কৰিব পৰা যায়।

এই প্ৰযুক্তিবিদ্যাৰ কেইটামান উদাহৰণ তলত দিয়া হ’ল—

১। ছপা ভিত্তি সামগ্ৰী।

২। ফটো, ছবি জাতীয়, গ্ৰাফিকচ।

৩। শ্ৰাব্য যোগাযোগ প্ৰক্ৰিয়া-শ্ৰাব্য সম্প্ৰচাৰণসমূহ।

৪। টেলিকমিউনিকেচন।

৫। চেটেলাইট কমিউনিকেচন।

৬। ইণ্টাৰনেট আৰু ই-মেইল জাতীয় কম্পিউটাৰ ভিত্তিক প্ৰযুক্তি।

৭। অনাতাঁৰ যোগাযোগ।

৮। ম’বাইল প্ৰযুক্তি।

প্ৰশ্ন ৪৭। তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ আহিলাসমূহৰ বিষয়ে লিখা। (Write about information and communication technology content.)

উত্তৰঃ ICT ৰ আহিলাসমূহ শ্ৰাব্য, দৃশ্য আৰু দৃশ্য -শ্ৰাব্য এই তিনি প্ৰকাৰৰ হ’ব পাৰে। যোগাযোগ আৰু তথ্যৰ সৃষ্টি, বিতৰণ, সংৰক্ষণ আৰু পৰিচালনাৰ বাবে ভিন্ন প্ৰকাৰৰ প্ৰযুক্তিভিত্তিক আহিলা আৰু সম্পদ ব্যৱহাৰ কৰা হয়। শ্ৰেণীকক্ষত শিক্ষাৰ্থীসকলক জ্ঞান আহৰণ প্ৰক্ৰিয়াত সহায় কৰাত আৰু শিক্ষাৰ্থীসকলৰ বাবে বিষয়বস্তু বোধগম্য কৰি তোলাত  ICT আহিলাসমূহে তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। 

সাধাৰণতে পাঠ্যপুথি, আলোচনী, প্ৰসংগপুথি, জাৰ্নেল, শ্ৰেণীৰ টোকা আৰু অন্যান্য অমুদ্ৰিত সামগ্ৰী ইত্যাদি বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰিব পাৰে। এইদৰে সংগ্ৰহ কৰা তথ্যসমূহ শ্ৰেণীকক্ষত উপস্থাপনৰ যোগ্য কৰি তুলিবৰ বাবে, অধিক সময় আৰু সম্পদৰ প্ৰয়োজন, যিবিলাক সদায় উপলব্ধ নহ’ব পাৰে। অনেক ক্ষেত্ৰত নিজৰ ওচৰত মজুত থকা সকলো তথ্য শিক্ষাৰ্থীসকলক প্ৰত্যক্ষভাৱে প্ৰদান কৰা সম্ভবো নহ’ব পাৰে। কিন্তু ICT ৰ আহিলাসমূহে এই ব্যৱধান দূৰ কৰাৰ লগতে জ্ঞান আহৰণ আৰু আয়ত্ত কৰণত আৰু শ্ৰেণীকক্ষত সহযোগিতামূলক অংশীদাৰমূলক শিকণত সহায় কৰে। এই ICT আহিলাসমূহে দৈহিক আৰু মানসিকভাৱে প্ৰত্যাহ্বানমূলক শিশুৱে আদি কৰি সকলো প্ৰকাৰৰ শিশুক শৈক্ষিক সুযোগ প্ৰদান কৰাত উল্লেখনীয় ভূমিকা আছে কৰে।

তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT) ৰ আহিলাসমূহ কোনো একক আহিলা নহয়। এই আহিলাসমূহত বিভিন্ন হাৰ্ডৱেৰ, চফটৱেৰ, মাল্টিমিডিয়া আৰু বিভিন্ন প্ৰেৰক প্ৰক্ৰিয়া অন্তৰ্ভুক্ত। আজিকালি শিক্ষাৰ ক্ষেত্ৰত সততে ব্যৱহাৰ হোৱা নিত্য নতুন আহিলাসমূহৰ অন্তৰ্ভুক্ত আহিলাসমূহ হৈছে— ডেক্সটপ্, নোটবুক, হাতত লোৱা কম্পিউটাৰ, টেবলেট, ডিজিটেল কেমেৰা, লোকেল এৰিয়া নেটৱৰ্ক, ব্লুটুথ, ইণ্টাৰনেট, ক্লাউদ কম্পিউটিং, ৱৰ্ল্ড ৱাইদ ৱেব, ডিভিডি, ৱৰ্থ প্রচেচৰ, স্প্রেদচিট, টিউটৰিয়েল, ই-মেইল, ডিজিটেল লাইব্ৰেৰী, কম্পিউটাৰৰ দ্বাৰা পৰিচালিত কনফাৰনচিং, ভিডিঅ’ কনফাৰেঞ্চি, ভাৰ্চুৱেল পৰিৱেশ ইত্যাদি। এই ICT আহিলাসমূহ শ্ৰেণীকক্ষত শিকণ পৰিস্থিতিৰ সৃষ্টি আৰু শিক্ষাৰ্থীসকলক উচ্চ পৰ্যায়ৰ চিন্তাৰ বিকাশৰ বাবে প্ৰয়োগ কৰিব পৰা যায়। 

প্ৰশ্ন ৪৮। তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT) ৰ আহিলাসমূহক কেইটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰি ? বহলাই আলোচনা কৰা। (How many categories of information and communication technology content can we include ? Discuss in detail.)

উত্তৰঃ শিকণ কর্তৃকাৰ্যতাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে শ্ৰেণীকক্ষত ব্যৱহাৰৰ বাবে বিভিন্ন কাৰ্যাৱলী প্ৰস্তুত কৰে আৰু প্ৰয়োগ কৰে। বিষয়বস্তুৰ প্ৰকৃতি আৰু শিক্ষাৰ্থীৰ শিকণৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি ICT আহিলাসমূহ শিকণ প্ৰক্ৰিয়াত ভিন্নমূখী ভূমিকা গ্ৰহণ কৰিব পাৰে। এই ক্ষেত্ৰত উপলব্ধ ICT আহিলাসমূহৰ শ্ৰেণীকক্ষত বিভিন্ন ভূমিকা আছে।

এই আহিলাসমূহক আমি বহুলভাৱে তলত উল্লেখ কৰাৰ দৰে চাৰিটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰো—

(ক) তথ্য প্ৰদানকাৰী আহিলা।

(খ) পৰিস্থিতিমূলক আহিলা।

(গ) সংগঠনমূলক আহিলা আৰু

(ঘ) যোগাযোগমূলক আহিলা।

এই তালিকাসমূহৰ বিভিন্ন পৰিস্থিতিত বিভিন্ন ব্যৱহাৰ আছে। তলত এই আহিলাসমূহৰ বিষয়ে আলোচনা কৰা হ’ল—

(ক) তথ্য প্ৰদানকাৰী আহিলা :- এই তথ্য প্ৰদানকাৰী আহিলাসমূহৰ দ্বাৰা বৃহৎ তথ্য ভাণ্ডাৰ পাঠ, শব্দ, গ্ৰাফিকচ্ ভিডিঅ’ ৰূপত প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে, তথ্য প্ৰদানকাৰী আহিলাৰ অন্তৰ্ভুক্ত এক আহিলা হৈছে ৱৰ্ল্ড ওৱাইদ ৱেব (w.w.w. or Web) ত অন্তৰ্ভুক্ত মাল্টিমিডিয়া বিশ্বকোষ। এই তথ্য প্ৰকাশকাৰী আহিলাসমূহ শিক্ষকে তথ্য সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰিব পাৰে। এই আহিলাসমূহে বাস্তৱভিত্তিক অভিজ্ঞতা প্ৰদান কৰিব নোৱাৰিলেও ইয়াৰ দ্বাৰা বিমূৰ্ত ৰূপত অনেক তথ্য প্ৰদান কৰিব পৰা যায়। ধৰি লোৱা হ’ল শিক্ষকে সমাজ বিজ্ঞানত ‘গণতন্ত্ৰ’ৰ ধাৰণাটো শিকাব বিচাৰিছে। এই ক্ষেত্ৰত তেওঁ ছাত্ৰসকলক বিভিন্ন শাসন বা ব্যৱস্থাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ দিব পাৰে; এই ক্ষেত্ৰত ICT আহিলা ইণ্টাৰনেটৰ জৰিয়তে ছাত্ৰসকলক চৰকাৰ বা শাসন ব্যৱস্থা সম্পৰ্কে বিভিন্ন তথ্য সংগ্ৰহ কৰিবলৈ দিব পাৰে।

(খ) পৰিস্থিতি ভিত্তিক আহিলা :- কিছুমান ICT আহিলাৰ দ্বাৰা প্ৰতিক্রম, খেলা আৰু বস্তু ইত্যাদিৰ ভিত্তিত বাস্তৱৰ অবিকল ৰূপত কৃত্ৰিমভাৱে এটি পৰিস্থিতিৰ তৈয়াৰ কৰি পৰ্যবেক্ষণ আৰু অনুশীলনৰ যোগেদি শিক্ষাৰ্থীসলক প্ৰত্যক্ষ অভিজ্ঞতাৰ লগত প্ৰায় সাদৃশ্যমূলক অভিজ্ঞতা উপলব্ধ কৰা হয়। এই আহিলাসমূহে শিক্ষাৰ্থীসকলক মূলতঃ বিমূৰ্ত ধাৰণাসমূহ বুজি পোৱাত সহায় কৰে। ধৰি লোৱা হ’ল শিক্ষকে শিক্ষাৰ্থীক ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ বিষয়ে পাঠদান কৰিব বিচাৰিছে। এই ক্ষেত্ৰত তেওঁ যদি ইউ টিউব, ভিডিঅ’ ক্লিপ, বিশেকভাৱে তৈয়াৰ কৰা ডিভিডি ইত্যাদিৰ সহায় লৈ পাঠদান কৰে তেন্তে তেওঁৰ শিক্ষাৰ্থীসকলে শিৰা-উপশিৰাত ৰক্তৰ সঞ্চালন, হৃদপিণ্ডৰ কাম ইত্যাদি ৰক্ত সঞ্চালনৰ লগত জড়িত বিভিন্ন দৈহিক ক্ৰিয়াসমূহ পৰ্যবেক্ষণ কৰিবলৈ সক্ষম হ’ব।

(গ) সংগঠনমূলক আহিলা :- এই সংগঠনমূলক ICT আহিলাসমূহ ব্যক্তিৰ অভিজ্ঞতাৰ সংগঠন, প্ৰয়োগকৰণ (application) আৰু দৃশ্যৰূপ (Visualisation) প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, ওৱেব অথৰিটী প্ৰয়োগ ব্যৱস্থাৰ দ্বাৰা ব্যক্তিক নিজৰ ‘ওৱেব পেজ’ তৈয়াৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হয় আৰু সমগ্ৰ বিশ্বত নিজৰ বিভিন্ন ধ্যান ধাৰণাসমূহ আনৰ লগত আদান-প্ৰদান কৰিব পাৰে। ইয়াৰ যোগেদি তেওঁৰ গঠনমূলক ধাৰণা / তথ্যসমূহ তেওঁৰ সমনীয়া আৰু শিক্ষক সকলোকে সাঙুৰি সমগ্ৰ বিশ্বত বিয়পি পৰিব পাৰে। একে সময়তে তেওঁ তেওঁৰ ধাৰণাৰ সম্পৰ্কত শিক্ষিত সমাজৰ পৰা প্ৰতিপুষ্টিও লাভ কৰিব পাৰিব। সংগঠনমূলক আন কিছুমান আহিলাৰ উদাহৰণ হৈছে—মাইন্দ টুলু; যিবিলকত কম্পিউটাৰ ডাটাবেচ, স্প্রেদচিট, শব্দৰ্থিক নেটৱৰ্ক প্ৰগ্ৰেম, এক্সপাৰ্ট চিষ্টেম, মডেলিং টুল, মাইক্র ৱৰ্ল্ড আৰু হাইজাৰ মিডিয়া, অথৰিং আহিলা যাৰ দ্বাৰা ছাত্ৰই নিজৰ জ্ঞান আহৰণ আৰু সৃষ্টি কৰিব পাৰে। এই আহিলাসমূহৰ ক্ষেত্ৰত ব্যৱহৃত ‘সংগঠন’ শব্দটোৰ অৰ্থ হৈছে এই আহিলাসমূহৰ সাহায্যত নিৰ্দেশনা দানৰ উদ্দেশ্যত ব্যৱহাৰ কৰিব পৰা বা বাস্তৱভিত্তিক বিষয় বা বস্তু প্ৰস্তুত কৰি উলিওৱা।

(ঘ) যোগাযোগমূলক আহিলা :- যোগাযোগ আহিলাসমূহৰ যোগেদি আমাৰ ধাৰণা / জ্ঞান / দৃষ্টিভংগীসমূহ আদান-প্ৰদান কৰিব পৰা যায়। কিন্তু ইয়াৰ কিছুমান যথেষ্ট সময় সাপেক্ষে। উদাহৰণস্বৰূপে, তথ্য প্ৰদানৰ ক্ষেত্ৰত ডাক ব্যৱস্থাত যথেষ্ট সময়ৰ প্ৰয়োজন হয়। টেলিফোন ব্যৱস্থাৰ দ্বাৰা যোগাযোগৰ সময় হ্ৰাস কৰিব পৰা যায় যদিও ই দুজন মানুহৰ মাজতেই সীমাবদ্ধ হৈ থাকে। কিন্তু আজিকালি আমি যোগাযোগ প্ৰযুক্তি (Communicative Technology) আহিলা ব্যৱহাৰ কৰি কেই চেকেণ্ডমানৰ ভিতৰতে বৃহৎ সংখ্যক লোকৰ লগত যোগাযোগ স্থাপন কৰিব পাৰোঁ। এই ধৰণৰ যোগাযোগৰ আহিলাসমূহৰ উদাহৰণ হৈছে ই-মেইল, ই ইলেক্ট্ৰনিক বুলেটিন ব’ৰ্ড, চাৰ্ট, টেলিকনফাৰেনচিং আৰু ইলেক্ট্ৰনিক হোৱাইট বোৰ্ড ইত্যাদি। এই ICT-ৰ অন্তৰ্ভুক্ত যোগাযোগমূলক আহিলাসমূহক Web-2.0 বুলি কোৱা হয়। এই আহিলাসমূহৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট টোকা, ছবি বা শব্দৰ যোগেদি দলীয়ভাৱে সমান্তৰাল বাৰ্তালাপৰ সুযোগ প্ৰদান কৰা। এই আহিলাসমূহ হৈছে এনে কিছুমান ব্যৱস্থা যাৰ দ্বাৰা নৈসৰ্গিক বাধা অতিক্ৰম কৰি শিক্ষক আৰু ছাত্ৰ অথবা ছাত্ৰসকলৰ মাজত পাৰস্পৰিক যোগাযোগ স্থাপন সম্ভৱ হৈ উঠে।

প্ৰশ্ন ৪৯। শিক্ষণ-শিকণ প্ৰক্ৰিয়াত তথ্য আৰু যোগাযোগ প্ৰযুক্তি ICT আহিলাসমূহৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা। (Discuss the use of ICT materials in the teaching process.)

উত্তৰঃ শিক্ষণ-শিকণ প্ৰক্ৰিয়াত ICT আহিলাসমূহৰ ব্যৱহাৰৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

শ্ৰেণীকক্ষত ICT আহিলাসমূহে সহায়কাৰী বা সূচলকাৰীৰ ভূমিকা গ্ৰহণ কৰে। ICT আহিলাসমূহ, বিশেকভাৱে পৰিস্থিতি সৃষ্টিকাৰী আৰু যোগাযোগকাৰী আহিলাসমূহ ব্যৱহাৰ কৰি শিক্ষকে শিক্ষাৰ্থীসকলক শিকণত সহায় কৰিব পাৰে আৰু একে সময়তে শিক্ষাৰ্থীসকলেও ICT ৰ পৰা সহায়কাৰী সেৱা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও শিক্ষাদান কাৰ্যৰ বিভিন্ন পৰ্যায়ত যেনে—প্ৰস্তুতি, উপস্থাপন আৰু মূল্যায়ন এই সকলো পৰ্যায়তেই এই ICT আহিলাসমূহে শিক্ষাৰ্থীসকলক অভিৰোচিত কৰে আৰু সমনীয়াৰ লগত পাৰস্পৰিক আন্তঃক্ৰিয়াত সহায় কৰে। কিন্তু এই ICT আহিলাসমূহে প্ৰত্যক্ষভাৱে শিক্ষাদান কার্য উন্নত কৰিব নোৱাৰে। কিন্তু যিসকল শিক্ষকে শিক্ষাদান কাৰ্যক অধিক শিক্ষাৰ্থীকেন্দ্ৰিক, প্ৰকল্পভিত্তিক আৰু সহযোগিতামূলক কৰিব খোজে, তেওঁলোকে এই ICT সমূহৰ সহায় গ্ৰহণ কৰি উপকৃত হ’ব পাৰে। গতানুগতিক শিক্ষা ব্যৱস্থাত ICT সমূহ শিক্ষক কেন্দ্ৰিক শিক্ষা ব্যৱস্থা বা শিক্ষককেন্দ্ৰিক আৰু শিক্ষাৰ্থীকেন্দ্ৰিক এই দুয়োটা ব্যৱস্থাৰ সমন্বিত ৰূপত পৰিচালিত শিক্ষাদান কাৰ্যত সহায়ৰ বাবে শিক্ষকসকলে ব্যৱহাৰ কৰিব পাৰে। এইক্ষেত্ৰত শিক্ষাদান কাৰ্যৰ উন্নতকৰণৰ বাবে পৰিস্থিতিৰ প্ৰয়োজন অনুযায়ী উপযুক্ত ICT আহিলাৰ নিৰ্বাচন আৰু প্ৰয়োগকৰণ ইয়াৰ মুখ্য উদ্দেশ্য হোৱা উচিত। আন কথাত ক’বলৈ গ’লে শিকণ কাৰ্যত অধিক কাৰ্যকৰী আৰু ক্ৰিয়াশীল কৰি তুলিবৰ বাবে উদ্দেশ্যমুখী শিক্ষাদান কাৰ্যত সহায় কৰাৰ ক্ষেত্ৰত এই ICT আহিলাসমূহে বিশিষ্ট ভূমিকা গ্ৰহণ কৰে—

(ক) সহযোগিতামূলক শিকণ :- শিকণ প্ৰধান শিক্ষাদান (Learning centre teaching) ব্যৱস্থাত শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ মাজত অথবা শিক্ষাৰ্থীসকলৰ নিজৰ ভিতৰত পাৰস্পৰিক আন্তঃক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ উপাদান। ICT ৰ কিছুমান আহিলা শ্ৰেণীকক্ষৰ ভিতৰত আৰু বাহিৰত সহযোগিতামূলক শিকণ সম্ভৱ কৰি তুলিবৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়। এই আহিলাসমূহৰ দ্বাৰা এজন শিক্ষক হিচাপে তেওঁৰ মতামত / ধাৰণা / জ্ঞানসমূহ শিক্ষাৰ্থীৰ লগত আদান-প্ৰদান কৰিব পাৰে আৰু একেদৰেই শিক্ষাৰ্থীসকলেও তেওঁলোকৰ ধাৰণাসমূহ বিনিময় কৰিব পাৰে, তেওঁলোকৰ মতামত আগবঢ়াব পাৰে আৰু নিজৰ সন্দেহসমূহ দূৰ কৰিব পাৰে। এইদৰে তথ্যৰ অংশীদাৰকৰণৰ বাবে ব্যৱহাৰ কৰা ICT আহিলাসমূহক সামাজিক যোগাযোগ আহিলা বুলি কোৱা হয়। এই সামাজিক নেটৱৰ্ক আহিলাসমূহৰ উদাহৰণ হৈছে—ইউকি, ইয়াহু গ্ৰুপ, গ’ল গ্ৰুপ, ব্লগ, ফেচবুক, টুইটাৰ, সাই স্পেচ ইত্যাদি।

(খ) মূল্যায়ন কাৰ্যত :- ICT আহিলাসমূহৰ কিছুমান শিক্ষণ শিকণকালীন আৰু শিক্ষাদান সম্পূৰ্ণকৰণৰ পিছৰ শিক্ষাৰ্থীৰ কাৰ্যক্ষমতা পৰিমাপ কৰাৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়। এই আহিলাসমূহে প্ৰক্ৰিয়াভিত্তিক আৰু ফলশ্ৰুতি ভিত্তিত উভয় প্ৰকাৰৰ পৰিয়ালক সহায় কৰে। উদাহৰণস্বৰূপে শিক্ষকে যদি গোটেই বছৰটোৰ আৰা..বিষয়ত শিক্ষাৰ্থীসকলৰ দ্বাৰা সম্পাদিত সৰ্বোৎকৃষ্ট কামটো মূল্যায়ন কৰিব বিচাৰিছে, তেন্তে তেওঁ ICT-ৰ অন্তৰ্ভুক্ত ই-পৰ্টফলিঅ’ৰ সহায় ল’ব পাৰে। ইয়াৰ লগতে অন্যান্য ICT আহিলা যেনেঃ অনলাইন ৰুব্ৰিক, সমনীয়াৰ দ্বাৰা অনলাইন মূল্যায়ন ডিজিটেল কনচেপ্ট মেপিং ইত্যাদিও মূল্যায়ন কাৰ্যত ব্যৱহাৰ কৰিব পৰা যায়। মূল্যায়নত ICT আহিলাসমূহৰ ব্যৱহাৰৰ মূল সুবিধা হৈছে সময়ৰ ব্যৱস্থাপনা আৰু ই ছাত্ৰ-ছাত্ৰীসকলক চিন্তন প্ৰক্ৰিয়াত উৎসাহিত কৰে।

(গ) শিকণ প্ৰক্ৰিয়াত ICT :- ICT এ বিভিন্ন প্ৰকাৰৰ কৌশল, আহিলা, বিষয়বস্তু আৰু শৈক্ষিক সম্পদ সামৰি লৈ শিক্ষকৰ শ্ৰেণী কার্য সম্পাদনত সহায় কৰিব পাৰে। পাঠদানৰ সহায়কাৰী প্ৰক্ষেপমুলক মাধ্যম, মাল্টিমেডিয়া আত্মশিকণমূলক মডুলসমূহ, পৰিৱেশত ব্যৱহৃত প্ৰতিকল্পসমূহকে আদি কৰি অনেক প্ৰকাৰৰ ICT-শিকণ প্ৰক্ৰিয়াত সহায় কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰে। এই প্ৰতিটো আহিলা বা কৌশলেই শ্ৰেণী পৰিৱেশৰ পৰিৱৰ্তন আৰু ইয়াৰ কাৰ্যকাৰীতাৰ বৃদ্ধিত সহায় কৰে। এই ICT-এ বিভিন্ন প্ৰকাৰৰ শিক্ষণ-শিকণ প্ৰক্ৰিয়াত সহায় কৰে, যেনেঃ ব্যক্তিগত শিক্ষণ-শিকণ, দলীয় শিকণ-শিক্ষণ,সহযোগিতামূলক শিকণ কাৰ্যাৱলী ইত্যাদি।

(ঘ) ব্যক্তিগতকেন্দ্ৰিক শিকণ :- শিকণৰ বিকল্প উৎসৱ সন্ধান কৰা, পাঠ্যপুথি অধ্যয়ন কৰা, বিশেষজ্ঞ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰি প্ৰশ্ন সোধা, সমস্যাৰ সমাধান কৰা, প্ৰদত্ত কার্য সম্পাদন কৰা নিজৰ উন্নতি বা অগ্ৰগতিৰ মূল্যায়ন কৰা, প্ৰতিপুষ্টি লাভ কৰা ইত্যাদি ব্যক্তিগত শিকণৰ অন্তৰ্ভুক্ত বিভিন্ন কাৰ্যাৱলী। কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ব্যৱহাৰে ব্যক্তিকেন্দ্ৰিক শিকণত সহায় কৰে। এই ব্যক্তিকেন্দ্ৰিক শিকণত শিক্ষাৰ্থীয়ে এই ICT ৰ যোগেদি শিকে আৰু এজন শিক্ষক হিচাপে তেওঁৰ কাম হৈছে তেওঁলোকৰ শিকণ প্ৰক্ৰিয়াত নিয়ন্ত্ৰণ কৰা। এই শিকণ ব্যৱস্থাক আত্মনিয়ন্ত্ৰণমূলক শিকণ (SRL) বুলি কোৱা হয়। ইয়াত শিক্ষাৰ্থীক আত্মনিয়ন্ত্ৰণত সহায় কৰিবৰ বাবে ICT-এ বিশিষ্ট ভূমিকা গ্ৰহণ কৰে।

(ঙ) দলীয় শিক্ষণ-শিকণ :- ধৰি লোৱা হ’ল এজন শিক্ষকৰ শ্ৰেণীত তেওঁ দলীয় কাম-কাজৰ যোগেদি শিক্ষা দান কৰিব বিচাৰিছে। এই ক্ষেত্ৰত তেওঁ দলীয়ভাৱে প্ৰয়োগৰ উপযুক্ত অনেক ICT ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, এটা নিৰ্ধাৰিত দলৰ শিক্ষাৰ্থীয়ে অনলাইন বক্তৃতা আৰু সা-সুবিধাৰ সুযোগ গ্ৰহণ কৰি বক্তৃতা প্ৰদানকাৰী হ’ব অথবা একে দলৰেই বিভিন্ন সদস্যৰ লগত যোগাযোগ স্থাপনৰ মাধ্যমেৰে আন্তঃক্ৰিয়াৰ সুবিধা লাভ কৰিব পাৰে।

প্ৰশ্ন ৫০। তথ্য আৰু যোগাযোগ প্ৰযুক্তি ICT সমন্বয়নৰ ক্ষেত্ৰত অগ্ৰসৰ হোৱা মাধ্যম চাৰিটাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। (Briefly describe the four modes of advancement in information and communication technology coordination.)

উত্তৰঃ শ্ৰেণীকক্ষৰ কার্য সম্পাদনত ICT -ৰ সমন্বয়ৰ বৰ্তমান প্ৰতিজন শিক্ষকৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ। ICT-সমূহৰ ব্যৱহাৰিক জ্ঞানেই শ্ৰেণীকক্ষত ইয়াৰ সফল ব্যৱহাৰৰ বাবে যথেষ্ট নহয়। এই ক্ষেত্ৰত ICT -ৰ শ্ৰেণীকাৰ্যৰ লগত সুশৃংখলিতভাৱে সংহত কৰণত মৌলিক ধাৰণা থকাৰ প্ৰয়োজন (কেনেকৈ আৰু কেতিয়া, বহল অৰ্থত ICT সমন্বয়নে শিক্ষাৰ্থীৰ শিকণ প্ৰক্ৰিয়াৰ উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন প্ৰকাৰৰ ICT-ৰ আহিলা (ৱেবৰ তথ্যৰ উৎস, চিডি ৰোমত থকা মাল্টিমিডিয়া প্ৰগ্ৰেম ইত্যাদিক আদি কৰি) সমূহৰ ব্যৱহাৰক বুজায়। ইয়াক এক ফলশ্ৰুতি হিচাপে বিবেচনা নকৰি এক প্ৰক্ৰিয়া হিচাপেহে বিচাৰ কৰা উচিত। এইখিনিতে উল্লেখযোগ্য যে কেৱল মাত্ৰ কোনো হাৰ্ডৱেৰ বা চফটৱেৰক শ্ৰেণীকক্ষত সাধাৰণভাৱে ব্যৱহাৰ কৰাকে শ্ৰেণী কাৰ্যত ICT-ৰ সমন্বয়ন বুলি কোৱা নহয়। ICT-সমন্বয়ৰ ক্ষেত্ৰত তলত উল্লেখ কৰা চাৰিটা পৰ্যায়ৰ মাধ্যমেৰে অগ্ৰসৰ হ’ব লাগিব।

(ক) প্ৰথম পৰ্যায়ত শিক্ষক আৰু শিক্ষাৰ্থীসকলে ICT-আহিলাসমূহ বিচাৰি উলিয়াই ইয়াৰ কাৰ্যাৱলী আৰু ব্যৱহাৰ সম্পৰ্কে অৱগত হ’ব লাগিব। গতিকে এই ক্ষেত্ৰত প্ৰথমে ICT -ৰ সাক্ষৰতা আৰু মৌলিক দক্ষতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। ICT-ৰ আহিলাসমূহ আৱিষ্কাৰকৰণ ICT-ৰ বিকাশৰ প্ৰাৰম্ভিক স্তৰৰ লগত জড়িত হৈ থাকে।

(খ) দ্বিতীয় পৰ্যায়ত ICT- আহিলাসমূহ ব্যৱহাৰৰ বিষয়ে শিকা আৰু বিভিন্ন বিষয়ৰ ইয়াত প্ৰয়োগ কৰা। এই ক্ষেত্ৰত ICT-ৰ সাধাৰণ আৰু বিশেষীকৃত ব্যৱহাৰ জড়িত হৈ থাকে। এই পৰ্যায়ত ICT-মডেল বিকাশৰ প্ৰয়োগমূলক স্তৰ।

(গ) তৃতীয় পৰ্যায় হৈছে কোনো উদ্দেশ্যত উপনীত হ’বৰ বাবে কেনেকৈ আৰু কেতিয়া ICT- আহিলাসমূহ ব্যৱহাৰ কৰা হ’ব, সেই সম্পৰ্কে এক বোধগম্যতা লাভ। এই পৰ্যায়ত ICT-বিশেষ সহায়কাৰী হ’ব পৰা উপযুক্ত পৰিস্থিতি চিনাক্তকৰণ, নিৰ্ধাৰিত কাৰ্যৰ বাবে সকলোতকৈ উপযুক্ত আহিলাৰ নিৰ্ধাৰণ কৰা, এই আহিলাসমূহৰ সমন্বয় সাধন কৰি বাস্তৱ সমস্যাৰ সমাধান কৰা ইত্যাদি দিশ জড়িত হৈ থাকে। এই পৰ্যায় ICT -মডেলৰ উপকৰণৰ প্ৰবিষ্টকৰণৰ লগত জড়িত।

(ঘ) চতুৰ্থ পৰ্যায়ত ICT-ব্যৱহাৰৰ দ্বাৰা শিকণ পৰিৱেশৰ পৰিৱৰ্তন সাধন কৰা হয়। ই হৈছে বিশেষীকৃত ICT-আহিলাৰ ব্যৱহাৰৰ দ্বাৰা এক নতুন দৃষ্টিভংগীৰে শিক্ষণ-শিকণৰ প্ৰক্ৰিয়াক সন্মুখীন কৰা হয়। ICT-মডেল বিকাশৰ এই স্তৰ পৰিৱৰ্তনৰ স্তৰ।

প্ৰশ্ন ৫১। শ্ৰেণীকক্ষত তথ্য আৰু যোগাযোগ প্ৰযুক্তি ICT সমন্বয়নৰ বাবে থকা বিভিন্ন প্ৰকাৰৰ মডেলবোৰ কি কি চমুকৈ লিখা। (Briefly describe the different types of models available for information and communication technology coordination in the classroom.)

উত্তৰঃ শ্ৰেণীককক্ষত ICT-সমন্বয়নৰ বাবে বিভিন্ন প্ৰকাৰৰ মডেল আছে। বিভিন্ন নিৰ্দেশনা দান নক্সাৰ মডেলৰ সাহায্যত সহজে ICT-সমন্বয়নৰ ক্ষেত্ৰত উপকৃত হ’ব পাৰি।

তলত ইয়াৰ কেইটামান উদাহৰণ দিয়া হ’ল—

(ক) ASSURE মডেল :- শিক্ষাৰ্থীক বিশ্লেষণ (Analyze learners), উদ্দেশ্য ব্যক্ত কৰণ (State the objectives), পদ্ধতি নিৰ্বাচন (Select method), মাধ্যম আৰু সামগ্ৰী (Media and method), প্ৰয়োজনীয় শিকণ অংশগ্ৰহণ (Required learning participation), মূল্যায়ন আৰু পুনঃঅনুশীলন (Evaluation and revise)।

(খ) ICARE মডেল :- পাতনি (Introduction), সংযোগ (Connect), কাৰ্যাৱলী (Activity), চিন্তন (Reflect) আৰু বিস্তৃতি (Extend)।

এই মডেলসমূহে বিভিন্ন সম্পদ আৰু আহিলা শিক্ষণ-শিকণ প্ৰক্ৰিয়াৰ লগত সংযোজিত কৰাৰ ক্ষেত্ৰত নিৰ্দেশনা প্ৰদান কৰে। কিন্তু সেয়ে হ’লেও এই মডেলসমূহে শিক্ষণ নক্সা প্ৰস্তুতকাৰী শিক্ষকসকলক কিয় এই সম্পদ আৰু আহিলাসমূহ ব্যৱহাৰ কৰা হৈছে সেই সম্পৰ্কে চিন্তা কৰিবলৈ অথবা যুক্তিযুক্ততা ব্যাখ্যা কৰি চাবলৈ উৎসাহিত নকৰে। ইয়াক সুশৃংখলিত মডেল বুলি এই কাৰণেই কোৱা হয় যে ইয়াত এক যুক্তি নিৰ্ভৰ ধাৰাবাহিকতা আছে আৰু ইয়াক এক ৰৈখিক ৰূপত সংগঠিত কৰা হয়।

প্ৰশ্ন ৫২। তথ্য আৰু যোগাযোগ প্ৰযুক্তি ICT-সমন্বয়নৰ বাবে থকা মডেলৰ মূল উপাদানসমূহৰ বিষয়ে বহলাই আলোচনা কৰা। (Discuss in detail the key elements of existing models for information and communication technology coordination.)

উত্তৰঃ ICT-সমন্বয়নৰ বাবে থকা মডেলৰ মূল উপাদানসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

(ক) সমস্যামূলক বিবৃতি :- সুশৃংখলিত মডেল এটা সমস্যামূলক বিবৃতিৰ দ্বাৰা আৰম্ভ হয়। এই বিবৃতিত কোনো এটা বিষয়ত বিচাৰ কৰিবলগীয়া এটা মুখ্য সমস্যাক বৰ্ণনা কৰা হয়। উদাহৰণস্বৰূপে ‘শক্তি’ বিষয়টোৰ ক্ষেত্ৰত এটা মুখ্য সমস্যা হৈছে ‘ভাৰতত ভৱিষ্যতে কেনেদৰে শক্তিৰ সংৰক্ষণ কৰা সম্ভৱ হ’ব ?’ এই ধৰণৰ এটা সমস্যামূলক বিবৃতিক কেন্দ্ৰ কৰি ICT সমন্বয় পৰিকল্পনা আৰম্ভ হয়। এটা বিষয়ৰ শিক্ষণ-শিকণৰ ক্ষেত্ৰত অনেক ধাৰণা জড়িত হৈ থাকে। এই ধাৰণাসমূহ সকলোৰে ক্ষেত্ৰত শিক্ষাৰ্থীসকলে বাস্তৱ অভিজ্ঞতা লাভ কৰা সম্ভৱ নহয়, অথবা ইয়াৰ এটা স্পষ্ট প্ৰতিচ্ছবি লাভ কৰিব নোৱাৰে। এনে ধৰণৰ এটা ধাৰণা সমস্যা হিচাপে নিৰ্বাচন কৰিব লাগে আৰু এই সমস্যাৰ পৰিপ্ৰেক্ষিতত ICT আহিলা নিৰ্বাচনৰ পৰিকল্পনা কৰিব লাগে। এই সমস্যাসমূহ প্ৰকৃত, প্ৰত্যাহ্বানমূলক আৰু শিক্ষাৰ্থীৰ বাবে প্ৰাসংগিক হ’ব লাগে।

(খ) শিক্ষণ উদ্দেশ্যাৱলী :- শিকণ উদ্দেশ্যাৱলীয়ে কোনো এটা বিষয় শিকাৰ পিছত বাঞ্ছিত শিকণ ফলশ্ৰুতিক বুজায়। এই শিকণ উদ্দেশ্যসমূহ ABCD মডেল অনুসৰি কৰি লিখিব পাৰি। ইয়াত A হৈছে পাঠকবৰ্গ (Readers) বা শ্ৰোতাবৃন্দ (Audiences) B হৈছে আচৰণ (Behaviour), C হৈছে চৰ্ত (Condition) আৰু D হৈছে মাত্ৰা (Degree) ABCD মডেলৰ ভিত্তিত শিকা যায়। উদ্দেশ্যাৱলীৰ এক সম্পূৰ্ণ বৰ্ণনাৰ উদাহৰণ হৈছে—এই বিষয়টো অধ্যয়নৰ অন্তত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ভাৰতবৰ্ষৰ শক্তিৰ পৰিস্থিতিৰ বিষয়ে মৌখিকভাৱে বৰ্ণনা কৰিবলৈ আৰু ১০০ শতাংশ শুদ্ধতাৰে ইয়াৰ সংৰক্ষণৰ উপায়সমূহ মানসিক মানচিত্ৰত ৰাখিবলৈ সক্ষম হ’ব।

এই উদাহৰণ ‘A’ হৈছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকল, ‘B’ হৈছে মৌখিক বৰ্ণনা, ‘C’ হৈছে ‘মানসিক মানচিত্ৰ’ আৰু ‘D’ হৈছে ১০০ শতাংশ শুদ্ধতা। এইখিনিতে এইখিনিতে এইটো উল্লেখনীয় যে শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ উদ্দেশ্যসমূহ বিবৃতি কৰোঁতে আচৰণৰ পৰ্যবেক্ষণ যোগ্যতা আৰু পৰিমাপ যোগ্যতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

(গ) প্ৰয়োজনীয় প্ৰযুক্তি :- ওপৰত উল্লেখ কৰা ধৰণৰে বিবৃত কৰা সমস্যাৰ সন্মুখীন হ’বৰ বাবে আৰু শিকণ উদ্দেশ্যাৱলী বাস্তৱায়িত কৰিবৰ বাবে নিৰ্ধাৰিত বিষয়ৰ শিকণৰ ক্ষেত্ৰত ব্যৱহাৰযোগ্য হৈছে—মাল্টিমিডিয়া কোৰ্চৱেৰ দৰে ছফটৱেৰ, ৱেবভিত্তিক সম্পদসমূহ, যোগাযোগৰ আহিলাসমূহ (ভইচ চাৰ্ট, পাঠভিত্তিক আলোচনাৰ ফ’ৰাম বা ভিডিঅ’ কনফাৰেনচিং ইত্যাদি), মানসিক আহিলা (যেনেঃ ধাৰণাৰ মানচিত্ৰ আহিলা আৰু মাল্টিমিডিয়া অথৰিং আহিলা) অথবা আন সম্ভাব্য ICT আহিলা।

(ঘ) প্ৰযুক্তি ব্যৱহাৰৰ যুক্তিযুক্ততা :- প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ক্ষেত্ৰত এই প্ৰযুক্তিসমূহৰ উপলব্ধতা অথবা কোনো ক্ষেত্ৰত ইয়াৰ প্ৰযোজ্যতাই একমাত্ৰ চৰ্ত হোৱা উচিত নহয়। এই প্ৰযুক্তিসমূহ শিকণ প্ৰক্ৰিয়াক উন্নত কৰিবৰ বাবে আৰু বিষয়বস্তুক অধিক স্মাৰ্ট কৰি তুলিবৰ বাবেহে ব্যৱহাৰ কৰা উচিত। অনুপযুক্ত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফল নেতিবাচকহে হ’ব পাৰে। এজন শিক্ষক হিচাপে উপযুক্ত প্ৰযুক্তি পছন্দ কৰিবলৈ যাওঁতে তলত উল্লেখ কৰা দিশসমূহ যুক্তিযুক্ততাৰে বিচাৰ কৰি চোৱাৰ প্ৰয়োজন—

১। বিষয়ৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰয়োজনীয়তা কি ?

২। প্ৰযুক্তি ব্যৱহাৰে কি অধিক সুবিধা প্ৰদান কৰিব ?

৩। প্ৰযুক্তি শিক্ষাদান প্ৰক্ৰিয়াক কেনেদৰে সহায় কৰিব ?

ইয়াৰ উপৰিও প্ৰযুক্তি ব্যৱহাৰৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা আন কাৰণসমূহ হৈছে—

১। উচ্চ অভিৰোচন।

২। শিক্ষাৰ্থীৰ তথ্য সমস্যাৰ দৃষ্টিগোচৰ কৰা আৰু শিকণ অগ্ৰগতিৰ বুজ লোৱাত সহায় কৰাৰ বিশিষ্ট সম্ভাৱনীয়তা।

৩। সহযোগিতামূলক শিকণ, সমস্যাভিত্তিক শিকণ প্ৰবৃত্তিৰ নতুনত্বমূলক নিৰ্দেশনা দান ব্যৱস্থাত সহায় কৰা।

৪। শিক্ষকৰ উৎপাদনশীলতা আৰু শিক্ষাৰ্থীৰ জ্ঞান সংগঠন বৃদ্ধি কৰা।

(ঙ) প্ৰয়োগকৰণৰ কৌশলসমূহ :- প্ৰযুক্তি ব্যৱহাৰ কৰাৰ প্ৰয়োজন কি আৰু কিয় ব্যৱহাৰ কৰা হ’ব এই কথা নিৰ্ধাৰণ কৰাৰ পিছত শিক্ষক হিচাপে নিৰ্বাচিত প্ৰযুক্তিসমূহ বিষয়বস্তুৰ ফলপ্ৰসূ আৰু অৰ্থপূৰ্ণ শিকণৰ ক্ষেত্ৰত কেনেদৰে সংযোজিত কৰিব পাৰি সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। যিহেতু কোনো এটা বিষয়ত অনেক পাঠযুক্ত হৈ থাকে, সেইবাবে প্ৰতিটো পাঠ আৰু সম্পূৰ্ণ বিষয়ৰ পৰিপ্ৰেক্ষিতত পৃথকে পৃথকে ICT সমন্বয়নৰ ব্যৱস্থা কৰিব লাগে।

(চ) চিন্তন আৰু অতিৰিক্ত পৰামৰ্শদান :- কোনো পৰিকল্পনা কাৰ্যকৰী নকৰাকৈ আৰু শুদ্ধ বুলি প্ৰতিপন্ন নোহোৱালৈকে ইয়াক ভাল বুলি ক’ব নোৱাৰি। পৰিকল্পনা প্রক্রিয়াত সততে অনেক বাধা আৰু নিষেধৰ সন্মুখীন হ’ব লগা হয়। ফলত কৌশল নিৰ্বাচন বা পছন্দ কৰণত অনেক সীমাবদ্ধতা আহি পৰে। ICT সংহত পাঠ এটা পৰিচালনা কৰাৰ পিছত ICT সমন্বয়নৰ দ্বাৰা লাভ কৰা অভিজ্ঞতাসমূহৰ বিষয়ে বিশেষ বিবেচনাৰ দ্বাৰা গভীৰভাৱে চিন্তা কৰি চোৱা উচিত। এই ক্ষেত্ৰত ব্যৱহৃত প্ৰযুক্তিসমূহৰ ব্যৱহাৰৰ উপযুক্ততা, ইয়াৰ সৱলতা আৰু দুৰ্বলতা, উন্নীতকৰণৰ সম্ভাৱনীয়তা ইত্যাদি দিশসমূহ বিচাৰ কৰি চোৱা উচিত। ইয়াৰ উপৰি আন শিক্ষকসকলক এই ICT সংহত পাঠসমূহ আন শিক্ষাৰ্থী ক্ষেত্ৰত ভিন্ন পৰিস্থিতিত প্ৰয়োগ কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াব পাৰে। এই পৰামৰ্শসমূহত বিকল্প প্ৰযুক্তিৰ, নিৰ্দেশনা দানৰ পদ্ধতি আৰু কাৰ্যাৱলী, মূল্যায়ন ব্যৱস্থা আৰু ICT সমন্বয়নৰ ব্যৱস্থাৰ উন্নতিৰ বাবে উপায় ইত্যাদি অন্তৰ্ভুক্ত হ’ব পাৰে।

তলত ICT সমন্বয়ন পৰিকল্পনাৰ ক্ষেত্ৰত এজন শিক্ষকক সহায় কৰিব পৰা কেইটামান দিশ উল্লেখ কৰা হ’ল—

(ক) বিষয়টোৰ লগত জড়িত মূল প্ৰশ্নসমূহৰ উত্তৰ প্ৰদান কৰা হৈছে নে ?

(খ) কাৰ্যাৱলীসমূহৰ পৰিকল্পনা শিকণ লক্ষ্য অভিমুখী হৈছেনে ?

(গ) ব্যৱহৃত প্ৰযুক্তিয়ে নিৰ্দেশনা দান প্রক্রিয়াত সহায় কৰিছেনে ?

(ঘ) প্ৰযুক্তি ব্যৱহাৰ কৰাৰ যুক্তিযুক্ততাৰ সবল ভিত্তি আছেনে ?

(ঙ) ছাত্ৰক মূল্যায়নৰ বাবে ব্যৱহৃত মূল্যায়ন পদ্ধতিৰ বৈধতা আছেনে ?

(চ) নিৰ্ধাৰিত বিষয়ত ICT ৰ ব্যৱহাৰ কিদৰে আৰু অধিক উন্নত কৰিব পৰা যাব ?

প্ৰশ্ন ৫৩। শিক্ষাৰ্থীক মূল্যায়ন কৰাৰ মূল উদ্দেশ্যসমূহ কি কি ? এই মূল্যায়নৰ ব্যৱস্থা কেইধৰণৰ আৰু কি কি ? (What are the main objectives of evaluating the student ? How many types of this assessment system and what are they ?)

উত্তৰঃ মূল্যায়ন প্ৰক্ৰিয়া মূলতঃ অনুশীলন আৰু পুনৰাবৃত্তিৰ যোগেদি শিক্ষাৰ্থীয়ে আয়ত্ত কৰা শ্ৰেণীত শিকোৱা বা পাঠ্যপুথিত প্ৰদত্ত মৌলিক জ্ঞানসমূহ পৰীক্ষা কৰি চোৱা হয়। এই ক্ষেত্ৰত অভীক্ষাসমূহত সাধাৰণত বছনিমুলক প্ৰতিক্ৰিয়া ভিত্তিক (বিকল্প বাছনি, ভুল / শুদ্ধ সমিলকৰণ ইত্যাদি) প্ৰশ্নসমূহ মূল্যায়নৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। এই পৰিমাপ প্ৰক্ৰিয়াক কোনো কোনো সময়ত ‘পৰীক্ষা সংস্কৃতি’  বুলি অভিহিত কৰা হয়। এতিয়া এই ‘পৰীক্ষা সংস্কৃতি’ গভীৰ চিন্তন সংস্কৃতিলৈ পৰিৱৰ্তিত হৈছে। মূল্যায়নৰ এই ‘গভীৰ চিন্তন সংস্কৃতি’ত মূল্যায়নৰ ক্ষেত্ৰত আত্ম মূল্যায়ন আৰু সমনীয়াৰ দ্বাৰা মূল্যায়নতহে মুখ্য গুৰুত্ব প্ৰদান কৰা হয়। শিক্ষাৰ্থীক এইদৰে মূল্যায়ন কৰাৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীক তলত উল্লেখ কৰা দিশত মূল্যায়ন কৰা—

(ক) সংজ্ঞানাত্মক পাৰদৰ্শিতা, যেনে—সমস্যা সমাধান, সমালোচনামূলক চিন্তন, প্ৰশ্নৰ অৱতাৰণা, প্ৰাসংগিক তথ্যৰ সন্মান, তথ্যভিত্তিক সিদ্ধান্ত প্ৰদান, তথ্যৰ ফলপ্ৰসূ ব্যৱহাৰ, পৰ্যবেক্ষণ, অনুসন্ধান, নতুন বস্তুৰ আৱিষ্কাৰ আৰু সৃষ্টি, তথ্যৰ বিশ্লেষণ যোগাযোগ ভিত্তিক তথ্য উপস্থাপন, মৌখিক আৰু লিখিত প্ৰকাশ।

(খ) নিজৰ চিন্তন প্ৰক্ৰিয়াৰ চিন্তা কৰাৰ পাৰদৰ্শিতা যেনে–আত্মচিন্তন, আত্মবিশ্লেষণ ইত্যাদি বৃদ্ধি কৰা।

(গ) সামাজিক পাৰদৰ্শিতা, যেনে—কোনো আলোচনা আৰু কথাবার্তাত নেতৃত্ব প্ৰদান, প্ৰত্যয় জন্মোৱা, সহযোগিতা, দলীয়ভাৱে কাম কৰা ইত্যাদি আৰু অনুভূতিমূলক স্বভাৱ যেনে—ধৈৰ্য, আভ্যন্তৰীণ অভিৰোচন, দায়িত্ববোধ, আত্ম-কৰ্মদক্ষতা, স্বতন্ত্ৰতা আৰু নমনীয়তা।

এই মূল্যায়নসমূহে প্ৰক্ৰিয়া আৰু ফলশ্ৰুতি উভয়কে প্ৰতিফলিত কৰে। প্ৰক্ৰিয়াৰ মূল্যায়ন শিক্ষাৰ্থীয়ে কেনেদৰে শিকণ কাৰ্যাৱলী বা কার্য সম্পূৰ্ণ কৰে, চূড়ান্ত ফলশ্ৰুতি লাভৰ বাবে কি ভাবে যৌথভাৱে কাম কৰে, ICT ব্যৱহাৰ কৰি কেনেদৰে সহযোগিতাৰে জ্ঞানৰ সংগঠন কৰে ইত্যাদি দিশ পৰীক্ষা কৰি চোৱা হয়। প্ৰক্ৰিয়া মূল্যায়নৰ ক্ষেত্ৰত ব্যৱহৃত পদ্ধতিসমূহত অনলাইন চিন্তনধৰ্মী জাৰ্নেলত লিখা, সমনীয়াৰ দ্বাৰা মূল্যায়ন, বা ই পৰ্টফলিঅ’ ইত্যাদি পদ্ধতিসমূহ অন্তৰ্ভুক্ত। আনহাতেদি ফলশ্ৰুতিৰ মূল্যায়নৰ উদ্দেশ্য হৈছে সমস্যাৰ সমাধান বা চফটৱেৰ প্ৰগ্ৰেমৰ বিকাশ ইত্যাদিৰ ভিত্তিত চূড়ান্ত ফলশ্ৰুতিৰ গুণগত মানৰ বিচাৰ কৰা হয়। সাধাৰণতে দুই ধৰণৰ মূল্যায়নৰ ব্যৱস্থা আছে—-

(ক) ICT ভিত্তিক মূল্যায়ন :- ইয়াত কম্পিউটাৰ ভিত্তিক পৰীক্ষা, মাল্টিমিডিয়া প্ৰগ্ৰেমৰ বিকাশ, পাৱাৰ পইণ্ট উপস্থাপন বা ধাৰণাভিত্তিক মানচিত্ৰ ইত্যাদি অন্তৰ্ভুক্ত।

(খ) ICT বিহীন মূল্যায়ন :- ইয়াত ৰচনা বা চিন্তনধৰ্মী জাৰ্নেলত লিখা, প্ৰশ্নকাকতৰ চমু প্ৰশ্নৰ উত্তৰ প্ৰদান ইত্যাদি জড়িত হৈ থাকে।

প্ৰশ্ন ৫৪। মূল্যায়নে কোনবোৰ নীতিৰ সমন্বয়নৰ উন্নতকৰণত সহায় কৰে ? আলোচনা কৰা। (Which of the following helps in improving the integrity of the policy ? Discuss.)

উত্তৰঃ মূল্যায়ন প্ৰক্ৰিয়াত ICT ৰ সমন্বয়নে মূল্যায়ন সংস্কৃতিৰ উন্নতকৰণত অনেক সম্ভাৱনীয়তা বহন কৰে। ই তলত নীতিসমূহৰ সমন্বয়নৰ উন্নতকৰণত সহায় কৰে।

নমনীয়তা :- শিক্ষাৰ্থীসকলে যি কোনো সীমাবদ্ধতাৰ পৰা মুক্ত হৈ যিকোনো সময়তে আৰু যিকোনো ঠাইতে গঠনমূলক আৰু মূল্যায়নত অংশগ্ৰহণ কৰিব পাৰে।

মূল্যায়নক শিকণ আহিলা হিচাপে ব্যৱহাৰ :- এই মূল্যায়ন ব্যৱস্থাত জড়িত হৈ শিক্ষাৰ্থীসকলে অনেক শিকণ সুযোগ লাভ কৰিব পাৰে। অধিকাংশ পৰীক্ষা সেৱা ব্যৱস্থাই প্ৰতিপুষ্টি প্ৰদান কৰে আৰু অনলাইনৰ যোগেদি শিক্ষাৰ্থীৰ উন্নতি সাধন কৰে। ইয়াৰ ফলত শিক্ষাৰ্থীৰ শিকণৰ প্ৰক্ৰিয়াত অগ্ৰগতি দেখা যায়।

শিক্ষাৰ্থীৰ নিজস্ব শিকণৰ দায়িত্ব বহন :- নমনীয়তা শিক্ষাৰ্থীসকলক শিকণৰ ক্ষেত্ৰত অধিক দায়িত্বশীল কৰি তোলাৰ এক গুৰুত্বপূৰ্ণ চৰ্ত। এই ক্ষেত্ৰত দ্বিতীয় চৰ্ত হৈছে শিকন প্ৰক্ৰিয়াত দায়িত্বসমূহৰ অংশীদাৰকৰণ। এই নীতিৰ লগত সামঞ্জস্যপূৰ্ণ ইলেক্ট্ৰনিক সমনীয়াৰ দ্বাৰা মূল্যায়ন ব্যৱহাৰ আৰু ইলেক্ট্ৰনিক পৰ্টফলিঅ’ আদি ইলেক্ট্ৰনিক মূল্যায়ন পদ্ধতিৰ উদাহৰণ।

ফলশ্ৰুতি আৰু প্ৰক্ৰিয়া মূল্যায়ন :- অধিকাংশ ইলেক্ট্ৰনিক পৰ্টফলিঅ’ সমূহত আৰু লগতে ইলেক্ট্ৰনিক সমনীয়াৰ মূল্যায়ন অৱস্থাত, ফলশ্ৰুতি আৰু প্ৰক্ৰিয়াৰ মূল্যায়নৰ চৰ্তসমূহ ব্যৱহাৰ কৰা হয়।

বৈচিত্ৰ্যপূৰ্ণ মূল্যায়ন আহিলা :- ICT এ প্ৰমাণিত অভীক্ষাৰ দ্বাৰা জ্ঞানৰ পুনঃউৎপাদনৰ পৰিমাপৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীৰ বিভিন্ন ক্ষেত্ৰৰ দক্ষতা ইলেক্ট্ৰনিক পৰ্টফলিঅ’ বা সমনীয়াৰ দ্বাৰা মূল্যায়ন কৰিবৰ বাবে প্ৰয়োজনীয় পৰিমাপৰ আহিলাৰ স্থায়ী উপলব্ধতাৰ সম্ভাৱনীয়তা বৃদ্ধি কৰে।

মূল্যায়নৰ শুদ্ধতা :- অনলাইনত উপলব্ধ বাস্তৱ জীৱনৰ ঘটনা, ইলেক্ট্ৰনিক প্ৰতিকল্পমূলক খেলা ইত্যাদিৰ দ্বাৰা শিক্ষাৰ্থীৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতা শুদ্ধৰূপত নিৰ্ভৰযোগ্যতাৰে পৰিমাপ কৰা সহজ হৈ উঠে।

মূল্যায়ন প্ৰক্ৰিয়াত শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণ :- এই ক্ষেত্ৰত এক উল্লেখনীয় দিশ হৈছে শিক্ষকৰ লগত পাৰস্পৰিক ক্ৰিয়া আৰু আলোচনাৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলে মূল্যায়নৰ নিৰ্ণায়ক বা মানদণ্ড নিৰ্ধাৰণৰ দায়িত্ব গ্ৰহণ। ইলেক্ট্ৰনিক সমনীয়াৰ দ্বাৰা মূল্যায়ন হৈছে ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ। ইয়াৰ দ্বিতীয় এটা দিশ হৈছে শিক্ষাৰ্থীয়ে অধিক সক্ৰিয়তাৰে কোনো কাৰ্যৰ, সমাধান সূত্ৰ নিৰ্ধাৰণৰ বাবে মূল্যায়ন কাৰ্যক ব্যৱহাৰ কৰা।

প্ৰশ্ন ৫৫। ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি ২০০৫ ৰ নিৰ্দেশক নীতিসমূহ উল্লেখ কৰা। (Mention the guiding principles of National Curriculum Structure 2005.)

উত্তৰঃ ২০০৫ চনৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাথঁনিৰ নিৰ্দেশক নীতিসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) বিদ্যালয়ৰ বাহিৰৰ জীৱনৰ সৈতে জ্ঞানৰ সংযোগ সাধন কৰা।

(খ) মুখস্থ পদ্ধতিৰ পৰা শিক্ষণক আঁতৰাই অনাটো নিশ্চিত কৰা।

(গ) পাঠ্যপুথিৰ মাজেৰে পাঠ্যক্ৰমৰ বিকাশ সাধন কৰা।

(ঘ) পৰীক্ষা ব্যৱস্থাক অধিক নমনীয় আৰু শংকামুক্ত কৰিব লাগিব।

(ঙ) শিক্ষাৰ লক্ষ্যসমূহ আলোচনা কৰা।

(চ) সমতা, ন্যায়, ধৰ্মনিৰপেক্ষতা আৰু স্বাধীনতাৰ গণতান্ত্ৰিক মূল্যবোধৰ সৈতে সংযুক্ত কৰা।

প্ৰশ্ন ৫৬। ২০০৫ চনৰ NCF অত উল্লেখ থকা বিদ্যালয় আৰু শ্ৰেণীকোঠাৰ পৰিৱেশৰ ওপৰত চমুকৈ লিখা। (Write briefly about the school and classroom environment mentioned in NCF 2005.)

উত্তৰঃ ২০০৫ চনৰ NCF অত উল্লেখ থকা বিদ্যালয় আৰু শ্ৰেণীকোঠাৰ পৰিৱেশ সম্বন্ধে তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) শিক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ উন্নয়নৰ বাবে নিম্নতম আন্তঃগাথনি, সামগ্ৰীৰ সা-সুবিধা আৰু দৈনন্দিন কাৰ্যসূচীৰ নমনীয় পৰিকল্পনা কৰাত সহায় হোৱাকৈ পূৰ্বনিৰ্ধাৰিত নীতি অনুসৰণ কৰা।

(খ) কাৰ্যক্ষম আৰু সুস্থ পৰিৱেশ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা।

(গ) অনুশাসনৰ পৰম্পৰাগত উদ্দেশ্যৰ পুনঃনিৰীক্ষণ কৰা।

(ঘ) পৰিয়াল আৰু সম্প্ৰদায়ৰ বাবে স্থান প্ৰদানৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।

(ঙ) শিক্ষণৰ বাবে নিৰ্ধাৰিত স্থান আৰু সমলসমূহ যেনে—পাঠ্যপুথি, পুথি, পুথিভঁৰাল, গৱেষণাগাৰ, মধ্যম আৰু তথ্য আৰু যোগাযোগ প্ৰযুক্তি সম্বন্ধে আলোচনা কৰা।

(চ) শিক্ষকসকলৰ স্বতন্ত্ৰতা আৰু প্ৰয়োজনীয় বিভিন্ন শিক্ষণ সঁজুলি ব্যৱহাৰ কৰাৰ বৃত্তীয় স্বাধীনতা প্ৰদান কৰা।

প্ৰশ্ন ৫৭। ২০০৫ চনৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি এন. চি. এফৰ মতে পৰীক্ষাৰ সংস্কাৰ সাধনৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the reform of National Curriculum Structure exam of 2005.)

উত্তৰঃ ২০০৫ চনৰ এন.চি.এফ-এ পৰীক্ষাৰ সংস্কাৰ সাধনৰ বিষয়ে উল্লেখ কৰা মূল দিশসমূহ তলত সংক্ষেপে দাঙি ধৰা হ’ল—

(ক) বিষয়বস্তু ভিত্তিক পৰীক্ষাক সমস্যা সমাধান আৰু যোগ্যতা ভিত্তিক মূল্যায়নলৈ পৰিৱৰ্তন কৰা।

(খ) কম সময়ৰ পৰীক্ষা ব্যৱস্থা কৰা অৰ্থাৎ পৰীক্ষাৰ সময় কমোৱা।

(গ) সময়ৰ সীমা নমনীয় কৰা।

(ঘ) প্ৰশ্নৰ ধৰণ পৰিৱৰ্তন কৰা।

(ঙ) অষ্টম শ্ৰেণীলৈকে কোনো ধৰণৰ বহী পৰীক্ষা ৰাজহুৱা পৰীক্ষা অনুষ্ঠিত নকৰা। 

(চ) দশম শ্ৰেণী ব’ৰ্ড পৰীক্ষা ইচ্ছাধীন কৰা (দীৰ্ঘ সময়ৰ বাবে)।

প্ৰশ্ন ৫৮। ২০০৫ চনৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি এন.চি.এফ-ত থকা পাঠ্যসূচী বিকাশৰ নিৰ্দেশনাসমূহ চমুকৈ লিখা। (Summarize the curriculum development guidelines in the National Curriculum Structure for the year 2005.)

উত্তৰঃ ২০০৫ চনৰ এন.চি.এফ-ত উল্লেখ থকা পাঠ্যসূচী বিকাশৰ নিৰ্দেশনাসমূহ তলত চমুকৈ দাঙি ধৰা হ’ল—-

(ক) পাঠ্যসূচী আৰু পাঠ্যপুথিৰ বিকাশ নিম্ন উল্লেখিত দিশসমূহৰ ওপৰত ভিত্তি কৰি বিবেচনা কৰা হ’ব—

১। ল’ৰা-ছোৱালীৰ বিকাশৰ স্তৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব পৰা উপযুক্ত বিষয়বস্তু আৰু পাঠ নিৰ্বাচন কৰিব লাগিব।

২। প্ৰথম পৰ্যায়ৰ লগত পৰৱৰ্তী পৰ্যায়ৰ ধাৰাবাহিকতা থাকিব লাগিব।

৩। সকলোবোৰ বিষয়তে ভাৰতীয় সংবিধানৰ মূল্যবোধসমূহৰ জ্ঞান প্ৰতিফলিত হ’ব লাগিব।

৪। বিভিন্ন পৰ্যায়ত বিদ্যালয়ৰ বাবে পাঠ নিৰ্বাচনৰ বেলিকা আন্তঃসম্পৰ্ক আৰু পাঠৰ বিষয়বস্তুৰ সম্পৰ্ক থাকিব লাগিব।

৫। সকলো পৰ্যায় আলোচ্য বিষয়বস্তু আৰু বিদ্যালয়ে প্ৰদান কৰা জ্ঞানৰ মাজত সম্পৰ্ক থাকিব লাগিব।

৬। লিংগ, জাতি, শ্ৰেণী, শান্তি, স্বাস্থ্য আৰু অক্ষম ল’ৰা-ছোৱালীৰ প্ৰয়োজনৰ প্ৰতি সচেতনতা থাকিব লাগিব।

৭। সকলো পৰ্যায়ত আৰু সকলো বিষয়ত কৰ্মৰ সৈতে জড়িত মনোভাৱ আৰু মূল্যবোধৰ লগত সংগতি থাকিব লাগিব।

৮। মূল্যবোধ আৰু সৌন্দৰ্য সচেতনতাৰ প্ৰয়োজনীয় শিক্ষা দিয়া।

(খ) বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাঠ্যসূচীৰ সৈতে সম্পৰ্ক স্থাপন কৰা, অত্যাধিক ব্যৱধান পৰিহাৰ কৰা।

(গ) সকলো বিষয়তে নতুন তথ্য-প্ৰযুক্তি আৰু বিভিন্ন মাধ্যম প্ৰয়োগ কৰা।

(ঘ) জ্ঞানৰ সকলো ক্ষেত্ৰতে নমনীয়তা আৰু সৃষ্টিশীলতাক উৎসাহিত কৰা।

প্ৰশ্ন ৫৯। মানৱ সম্পদ কি ? মানৱ সম্পদৰ বিকাশৰ লক্ষ্য আৰু নিৰ্ধাৰকসমূহৰ বিষয়ে লিখা। (What are human resources ? Write about human resource development goals and determinants.)

উত্তৰঃ মানৱ সম্পদ হৈছে এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ। কাৰণ মানুহেই পৃথিৱীৰ বুকুত পোৱা প্ৰাকৃতিক সম্পদ, খনিজ সম্পদ আৰু জলজ সম্পদসমূহৰ প্ৰকৃত উদ্ঘাটন আৰু ব্যৱহাৰ কৰিব পাৰে। কৰ্মক্ষম স্বাস্থ্যৱান মানুহৰ মুঠ সংখ্যাই এখন দেশৰ মানৱ সম্পদ গঠন কৰে। মানৱ সম্পদৰ বিকাশৰ ধাৰণাটো হৈছে এটা নতুন ধাৰণা ১৯৬৮ চনত জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে এই শব্দটো অৰ্থাৎ Human Resourse Development চমুকৈ HRD ব্যৱহাৰ কৰা হৈছিল। মানৱ সম্পদ বিকাশ হ’ল এক সংগঠনমূলক প্ৰক্ৰিয়া যাৰ দ্বাৰা কোনো সংগঠনৰ কর্মীবিলাকে এটা আচঁনিৰ দ্বাৰা প্ৰভাৱিত হয়।

মূলতঃ মানৱ সম্পদৰ বিকাশৰ পাঁচটা পথ হ’ল—

(ক) স্বাস্থ্যৰ সুবিধা আৰু ব্যৱস্থা।

(খ) কৰ্মপ্ৰশিক্ষণ।

(গ) প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ স্তৰৰ সংগঠিত শিক্ষা ব্যৱস্থা।

(ঘ) প্ৰাপ্তবয়স্কসকলৰ বাবে শৈক্ষিক আঁচনি।

(ঙ) ব্যক্তিৰ প্ৰব্ৰজন।

মানৱ সম্পদ বিকাশৰ লক্ষ্যসমূহ হ’ল—-

(ক) বিভিন্ন সামৰ্থতা, মূল্যবোধ আৰু কৌশল আয়ত্তকৰণ।

(খ) সকলো ব্যক্তিয়েই নিয়োগৰ সুবিধা আদায় কৰা।

(গ) প্ৰত্যক ব্যক্তিৰে উৎপাদনশীলতা বৃদ্ধিৰ বাবে শিক্ষা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।

(ঘ) কৰ্মৰ লগত মানুহৰ সমন্বয় সাধন।

(ঙ) ব্যক্তিসকলক সমাজত তেওঁলোকৰ দায়িত্ব সম্পৰ্কে সজাগ কৰি তোলা।

(চ) কাৰিকৰী কৌশলৰ বিকাশ সাধন কৰা ।

(ছ) মানৱ শক্তিৰ সৃষ্টিৰ বাবে সুস্থ আঁচনিৰ সৃষ্টি কৰা।

মানৱ সম্পদৰ নিৰ্ধাৰকসমূহ য’ল—

(ক) প্ৰতি ১০,০০০ জনসংখ্যাত শিক্ষকৰ সংখ্যা (প্ৰথম আৰু দ্বিতীয় স্তৰৰ)।

(খ) প্ৰতি ১০,০০০ জনসংখ্যাত ইঞ্জিনিয়াৰ আৰু বৈজ্ঞানিক সংখ্যা।

(গ) প্ৰাথমিক স্তৰত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা।

(ঘ) ১৫ ৰ পৰা ১৯ বছৰ বয়সলৈ (মাধ্যমিক স্তৰ) ছাত্ৰ-ছাত্ৰীৰ শতকৰা হাৰ।

(ঙ) ২০ ৰ পৰা ২৪ বছৰ বয়সৰ উচ্চ শিক্ষাৰ স্তৰত মুঠ ছাত্ৰ-ছাত্ৰীৰ শতকৰা হাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top