Class 9 History Elective Chapter 3 শিল্প-বিপ্লৱ

Class 9 History Elective Chapter 3 শিল্প-বিপ্লৱ, Elective History class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 History Elective Chapter 3 শিল্প-বিপ্লৱ and select need one.

Class 9 History Elective Chapter 3 শিল্প-বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 History Elective Chapter 3 শিল্প-বিপ্লৱ Solutions for All Subject, You can practice these here…

শিল্প-বিপ্লৱ

অধ্যায় – ৩

ইতিহাস

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। ৰচনাত্মক প্রশ্ন

(ক) শিল্প-বিপ্লৱ বুলিলে কি বুজা ? এই বিপ্লৱ হোৱাৰ কাৰণ কি ? 

উত্তৰ :- অষ্টাদশ শতিকাৰ মাজভাগত ইউৰোপৰ শিল্প-বাণিজ্যৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধিত হৈছিল। মানুহে শাৰীৰিক শ্ৰম লাঘৱ কৰিবলৈ নানা তৰহৰ যন্ত্রপাতি আৱিষ্কাৰ কৰিছিল আৰু সেই যন্ত্রপাতিবোৰৰ সহায়ত কম সময়তে অধিক উৎপাদন সম্ভৱ হৈ উঠিছিল। ইয়াৰ লগে লগে কুটিৰ-শিল্পৰ ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিছিল আৰু বৃহৎ পৰিমাণত সামগ্রী উৎপাদিত হৈছিল। ফলত এখন ডাঙৰ বজাৰৰ প্ৰয়োজন হৈছিল আৰু ইউৰোপীয় ব্যৱসায়ীসকলে বিভিন্ন উপায়েৰে বজাৰৰ সম্প্ৰসাৰণ ঘটাইছিল। শিল্প বাণিজ্যৰ এই চক্ৰই ইউৰোপীয় সমাজ-জীৱনৰ ব্যাপক উন্নতিসাধন কৰিলে। এনেকৈ ইউৰোপীয় জীৱন-যাপন পদ্ধতিৰ লগতে শাৰীৰিক শ্রম লাঘৱ কৰি উৎপাদিত যন্ত্রপাতিৰ ব্যৱহাৰ আৰু কুটিৰ-শিল্পৰ ঠাইত উদ্যোগাদিৰ স্থাপনৰ জৰিয়তে অষ্টাদশ শতিকাত শিল্পৰ ক্ষেত্ৰত যি বৈপ্লৱিক পৰিৱৰ্তন সূচনা হৈছিল, তাকেই শিল্প-বিপ্লৱ বুলি কোৱা হয়।

বিভিন্ন কাৰণত বিপ্লৱৰ সৃষ্টি হ’ব পাৰে। যেতিয়া মানুহক অভাৱে আৱৰি ধৰে তাৰপৰা পৰিত্ৰাণ পাবলৈ মানুহে উপায় উদ্ভাৱনৰ প্ৰচেষ্টা চলায়। মধ্যযুগৰ আগলৈকে মানুহৰ চাহিদা সীমিত আছিল। প্রয়োজনীয় বস্তুখিনি পৰিয়ালৰ সদস্যসকলৰ সহযোগত ঘৰত তৈয়াৰ কৰি লৈছিল। কিন্তু কালক্ৰমত ইউৰোপৰ দেশসমূহত প্ৰধানকৈ ইংলেণ্ডত এনে এটা পৰিৱৰ্তনে দেখা দিলে যে ঘৰতে উৎপাদিত বস্তুৱে লোকসকলৰ প্ৰয়োজন পূৰণ কৰিব নোৱাৰা হ’ল। গতিকে মানুহৰ উদ্ভাৱনীমূলক চিন্তাধাৰাই নতুন নতুন যন্ত্রপাতি আৱিষ্কাৰৰ দ্বাৰা উৎপাদন পদ্ধতিত ব্যাপক পৰিৱৰ্তন সাধন কৰে। দৈহিক পৰিশ্ৰমৰ ঠাইত, যন্ত্রপাতিৰ সহায়ত অধিক উৎপাদন সম্ভৱপৰ হ’ল। উৎপাদনস্থলী হিচাপে ঘৰৰ সলনি কাৰখানা গঢ়ি উঠিল। বৃহৎ পৰিমাণৰ মূলধন আৰু শ্ৰমিকৰ প্ৰয়োজন হ’ল। কাৰখানাৰ ওচৰতে তেওঁলোকৰ আবাস নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ল। ইয়াৰ লগে লগে স্বাভাৱিকতে সমাজত বিভিন্ন ধৰণৰ জটিলতাই দেখা দিলে। 

পুঁজিপতি আৰু শ্রমিক গোষ্ঠীৰ জন্ম হ’ল। অর্থনৈতিক বৈষম্যই ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলালে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাই দেখা দিলে ফলত বিশ্বযুদ্ধই সমগ্র বিশ্ব আৱৰি ধৰিলে। যোগাযোগ ব্যৱস্থাৰ দ্রুত সম্প্ৰসাৰণ হোৱাৰ ফলত পৃথিৱীৰ দেশবোৰৰ মাজত থকা দূৰত্ব হ্ৰাস হৈ আহিল। এনেদৰে আধুনিক মানুহৰ জীৱন দুশ বছৰৰ আগৰ মানুহৰ তুলনাত চিনিব নোৱাৰাকৈ সলনি হৈ পৰিল। ইতিহাসত এই কালটোক শিল্প-বিপ্লৱৰ কাল বুলি কোৱা হয়। উপৰোক্ত বিভিন্ন কাৰণত বশৱৰ্তী হৈ লোকসকলে বিপ্লৱৰ সূত্ৰপাত কৰে।

(খ) আন ঠাইত নহৈ প্রথমে ইংলেণ্ডতে কিয় শিল্প-বিপ্লৱ হ’বলৈ পালে ?

উত্তৰ :- শিল্প-বিপ্লৱৰ সূচনা হয় ইংলেণ্ডত। কিয়নো শিল্প উদ্যোগৰ প্ৰসাৰণৰ কাৰণে যিবোৰ সুবিধাৰ দৰকাৰ, সেই আটাইবোৰে ইংলেণ্ডত আছিল।

প্ৰথমতে, কথা হ’ল ইংলেণ্ড এখন ধনী দেশ। তাত অলেখ পুঁজিপতি লোক আছে। এই লোকসকলে উদ্যোগ স্থাপনৰ বাবে প্রয়োজনীয় ধন বিনিয়োগ কৰিব পৰিছিল।

দ্বিতীয়তে, ইংলেণ্ডত উদ্যোগৰ বাবে প্ৰয়োজনীয় লো, কয়লা আদি যথেষ্ট পৰিমাণে আছিল ৷ ইয়াৰ ফলত বৃহৎ উদ্যোগ গঢ়ি তোলাটো সহজসাধ্য হৈছিল।

তৃতীয়তে, ইংলেণ্ডত ব্যক্তিগত খণ্ডত উদ্যোগ স্থাপনত কোনো বাধা নাছিল। বৰং উৎসাহিতহে কৰা হৈছিল। এনে ক্ষেত্ৰত অৰ্থনৈতিক সামর্থ অনুসাৰে উদ্যোগীসকলে বৃহৎ উদ্যোগ স্থাপনত আগবাঢ়ি আহিছিল অধিক মুনাফাৰ আশাত।

চতুৰ্থতে, এসময়ত ব্ৰিটিছ উপনিৱেশসমূহ সমগ্র পৃথিৱীতে বিস্তৃত হৈ আছিল। সেইবাবে শিল্পোদ্যোগত উৎপাদিত পণ্যসমূহ বিক্ৰী কৰিবলৈ এখন সু বৃহৎ বজাৰ তেওঁলোকৰ আছিল।

পঞ্চমতে, ইংলেণ্ডৰ মানুহবোৰ উদ্যমী, ব্যৱসারী মনোভাৱযুক্ত আৰু সাহসী। তেওঁলোকে পৃথিৱীৰ চুকে-কোণে কেঁচামালৰ সংগ্ৰহ আৰু উৎপাদিত সামগ্রী বিক্ৰী কৰিবলৈ পিছ হুঁহকি নাহিছিল। নানান যন্ত্রপাতি আৰু সুগম যাতায়ত ব্যৱস্থ তথা জলস্থল পথ আৱিষ্কাৰে এই ক্ষেত্ৰত তেওঁলোকক যথেষ্ট সহায় কৰিছিল।

ষষ্ঠতে, ইংলেণ্ডৰ জলবায়ু অতিপাত গৰম নাইবা অতিপাত ঠাণ্ডাও নহয়। এনে জলবায়ু শিল্পোদ্যোগৰ বাবে বৰ উপযোগী।

এনেবোৰ কাৰণতে প্রথমেই ইংলেণ্ডত শিল্প বিপ্লৱ আৰম্ভ হৈছিল। সেইবাবেই ইংলেণ্ডক শিল্প-বিপ্লৱৰ জন্মস্থান হিচাপে আখ্যায়িত কৰা হয়। অৱশ্যে উদ্যোগ বিপ্লৱ এদিনতে জন্ম হোৱা বস্তু নহয়, ই সাধনা, শ্ৰম আৰু উদ্যমৰ সমন্বয়ত সৃষ্ট।

(গ) কৃষিৰ ক্ষেত্ৰত শিল্প-বিপ্লৱৰ প্ৰভাৱ কেনেকুৱা আছিল ?

উত্তৰ :- মধ্যযুগত পৃথিৱীৰ বেছিভাগ দেশতে কৃষিভিত্তিক অর্থনীতিৰ প্ৰচলন। আছিল মানুহৰ প্ৰয়োজনীয় খাদ্য, বস্ত্র, বাসস্থানৰ যোগান কৃষিৰপৰাই হৈছিল। কিন্তু জনসংখ্যা বৃদ্ধি পাই অহাৰ লগে লগে অকল কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন ধাৰণ কৰা কঠিন হৈ পৰিল। সেয়েহে অষ্টাদশ শতিকাৰ শেষভাগত ইংলেণ্ডত কৃষি পদ্ধতিৰ আমূল পৰিৱৰ্তন হয়। গতানুগতিকভাৱে খেতি কৰাৰ পৰিৱর্তে বৈজ্ঞানিক পদ্ধতিৰে সাৰ প্ৰয়োগ কৰি খেতি কৰাৰ প্ৰচেষ্টা চলোৱা হয়। ইয়াৰ ফলত যথেষ্ট পৰিমাণে ফল পোৱা যায়। ইয়াৰ দ্বাৰা কম মাটিত অধিক পৰিমাণে শস্য উৎপাদন হয়। বর্তমান ভাৰতবৰ্ষত অধিক উৎপাদনৰ কাৰণে যিবোৰ ব্যৱস্থা লোৱা হৈছে ইংলেণ্ডত এইবোৰ ব্যৱস্থা অষ্টাদশ শতিকাতে লোৱা হৈছিল ৷ ফলত তাত অধিক পৰিমাণে কৃষি উৎপাদন হৈছিল আৰু লগতে শিল্প-বাণিজ্যৰ প্ৰসাৰণ ঘটিছিল।

ইংলেণ্ডত কৃষিৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ জোৱাৰ আনে জেঞ্জু টুলে (Jethro Tull)। এই যন্ত্ৰৰ উদ্ভাৱক গৰাকীয়ে লক্ষ্য কৰিলে যে নির্দিষ্ট দূৰত্বত নলা কাটি বীজ সিঁচাৰ ব্যৱস্থা কৰিলে অধিক ফচল লাভৰ সম্ভাৱনা আছে। সেইবাবে তেওঁ ড্রিল (Drill) নামে এটা যন্ত্ৰৰ উদ্ভাৱন কৰে। তদুপৰি তেওঁ উন্নত জাতৰ বীজ ব্যৱহাৰ কৰিবলৈ লয়। ১৭৩০ খ্ৰীঃৰ পাছত লর্ড টাউনচেণ্ডে (Lord Townshend)। নিজা পামত পৰীক্ষা নিৰীক্ষা চলাই প্রমাণ কৰে যে উৰ্বৰতা বৃদ্ধি কৰিবলৈ মাটি চন পেলোৱাৰ পৰিৱৰ্তে বছৰত সলনা-সলনিকৈ মাটিৰ চাৰিবাৰ খেতি কৰিহে মাটি অধিক উৰ্বৰ হয় আৰু লগতে পশুখাদ্যও সুলভ হয়। ফলত আগতে জাৰকালি পশুখাদ্যৰ অভাৱৰ বাবে শীতৰ আগতে জীৱ জন্তু হত্যাৰ প্ৰথা বৰ্জিত হৈ সেইবোৰৰ সমৃদ্ধিৰ বাবেহে অৰিহণা যোগোৱা হয়। এই সময়ছোৱাত বিভিন্ন ধৰণৰ উন্নত আৰু অধিক কার্যক্ষম গো-প্রজনন কৰিবলৈ বিজ্ঞানীসকল সক্ষম হয়। এনেদৰে শিল্প বিপ্লৱে কৃষিৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ জোয়াৰ আনে।

(ঘ) পৰিৱহনৰ ক্ষেত্ৰত শিল্প বিপ্লৱে কেনেকৈ অৰিহণা যোগাইছিল ? 

উত্তৰ :- শিল্প বিপ্লৱৰ ফলত পৰিৱহন ব্যৱস্থাৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তনে দেখা দিয়ে। শিল্প উদ্যোগৰ ক্ষেত্ৰত পৰিৱহন আৰু যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ অপৰিহাৰ্য। বৃহৎ উদ্যোগৰ বাবে প্ৰয়োজন হোৱা কেঁচা সামগ্রী আনিবলৈ আনহাতে বৃহৎ উদ্যোগসমূহত উত্পন্ন হোৱা বস্তু বিক্ৰী কেন্দ্ৰলৈ পঠিয়াবৰ বাবে পৰিবহন ব্যৱস্থা যথোপযুক্ত হোৱাটো আৱশ্যক। এই ক্ষেত্ৰত স্থল পৰিৱহনৰ লগতে জল পৰিৱহনো গুৰুত্বপূৰ্ণ। অষ্টাদশ শতিকাৰ শেষৰফালে ব্যাপকভাৱে নৈ আৰু হ্ৰদৰ মাজত খাল কাটি জলপথৰ বিস্তাৰ কৰা হয়। ডাঙৰৰপৰা সৰু আকাৰৰ শিল ব্যৱহাৰ কৰি আৰু তাৰ ওপৰত আলকাতৰা প্ৰয়োগ কৰি মজবুত ৰাস্তা নিৰ্মাণ কৰা হয়। সেই জল পৰিৱহন ব্যৱস্থাকো দ্রুত সম্প্ৰসাৰণ কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত হাছন নৈত ক্লাৰমন্ট নামেৰে এখন ভাপনাও সর্বপ্রথম ব্যৱসায়িক ভিত্তিত সফলতা লাভ কৰে। ইয়াৰ আৱিষ্কাৰক আছিল ৰবাৰ্ট ফুলটন (Robert Foulton) |

পথসমূহৰ অৱস্থা উন্নত হলেও বা ভাপনাও বা জাহাজৰ উদ্ভাৱন হ’লেও ই প্রয়োজনৰ তুলনাত যথেষ্ট নাছিল। স্থলপথত অধিক পৰিমাণৰ সামগ্ৰী তথা যাত্ৰী কঢ়িয়াবপৰা যানৰ উদ্ভাৱনো আৱশ্যক আছিল। এই ক্ষেত্ৰত গ্রেট ব্ৰিটেইনৰ জর্জ ষ্টিফেনছনৰ নাম বিশেষভাৱে উল্লেখযোগ্য। ১৮২৯ চনত তেওঁ নিৰ্মাণ কৰা ৰকেট যানখনে ঘণ্টাত ২৩ কিঃমিঃ বেগেৰে ৪৮ কিঃমিঃ পথ অতিক্ৰম কৰিছিল। লাহে লাহে বেলপথৰ সম্প্ৰসাৰণ হ’বলৈ ধৰে। বেলজিয়াম, ইটালি, ফ্রান্স, জার্মানি, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰুচিয়া, দক্ষিণ আফ্রিকা, ইজিপ্ত আদি ঠাইত ৰেলপথ বহুওৱা হয় ৷ ইয়াৰ দ্বাৰা বয়-বস্তু আৰু যাত্রী কম খৰচত সোনকালে আৰু সহজে পঠিয়াব পৰা হ’ল।

আন এবিধ উন্নত যোগাযোগৰ মাধ্যম হ’ল মটৰগাড়ী। ঊনবিংশ শতিকাৰ আশীৰ দহকত পেট্রোল চালিত ইঞ্জিনৰ আৱিষ্কাৰ হয়। ভাপনাও, চাইকেল, বাগীগাড়ী আদিত এই ইঞ্জিন ব্যৱহাৰ হয়। আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পিছলৈ ফ্রান্স, জার্মানী, গ্রেট ব্রিটেইনতো মটৰগাড়ী নিৰ্মাণ কৰা কাৰখানা উঠিল।

পৰৱৰ্তিকালত ১৯০৩ চনত আমেৰিকাৰ উইলবাৰ (Wilbar) আৰু অবভিন বাইটে (Orville Right) উৰন্ত যান আৱিষ্কাৰ কৰে। ১৯২০ চনৰপৰা যাত্রী আৰু বাণিজ্যিক পৰিৱহনৰ ক্ষেত্ৰত উৰাজাহাজ নিয়মীয়াকৈ চলাচল হ’বলৈ ধৰে। এইদৰে শিল্প বিপ্লৱৰ ফলত পৰিৱহন আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত দ্রুয় পৰিৱর্তনে দেখা দিয়ে।

(ঙ) বস্ত্ৰশিল্পৰ ক্ৰমবিকাশৰ এটি চিত্ৰ দাঙি ধৰা।

উত্তৰ:- শিল্প-বিপ্লৱে বস্ত্রশিল্পত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। ইংলেণ্ড বস্ত্ৰশিল্পৰ বাবে বিখ্যাত। তাত উৎপাদন হোৱা বস্ত্ৰ পৃথিৱীৰ আন আন দেশত বিক্ৰী কৰিছিল। কিন্তু ব্ৰিটিছ সাম্ৰাজ্যৰ ক্ৰমবিকাশৰ লগে লগে ইংলেণ্ডৰ তৈয়াৰ হোৱা কাপোৰ আন আন দেশৰ চাহিদা পূৰণ কৰিব নোৱাৰা হ’ল। গতিকে বৈজ্ঞানিক পদ্ধতিৰে বস্ত্ৰ উৎপাদনৰ চিন্তা কৰা হয়। তাত শিল্পৰ কিছুমান সঁজুলিৰ আৱিষ্কাৰে বস্ত্রশিল্প উন্নত কৰে। ১৭৬৪ চনত হাৰগ্রিভ্‌ছ নামৰ এজন লোক স্পিনিং জেনি নামৰ সূতাকটা যন্ত্ৰ আৱিষ্কাৰ কৰে। ইয়াৰ কিছুদিন পিছত বিচার্ড আৰ্কৰাইট নামৰ এজন লোকে আন এটা সুতাকটা যন্ত্র আৱিষ্কাৰ কৰে। জন কেই নামৰ এজন লোকে উৰণীয়া মাকো আৱিষ্কাৰ কৰে। 

কাৰ্টৰাইট নামৰ লোক এজনে যন্ত্রচালিত তাঁতশাল আৱিষ্কাৰ কৰে। প্ৰথমতে, এই যন্ত্ৰবোৰৰ সহায়ত কপাহী সূতাৰ কাপোৰ তৈয়াৰ কৰা হৈছিল। কিন্তু ইংৰাজ উপনিৱেশৰপৰা অধিক পৰিমাণে ভেড়াৰ নোম আদি আমদানি হোৱাত ঊলৰ কাপোৰ তৈয়াৰ কৰাৰ কাৰণেও উন্নত ধৰণৰ যন্ত্রপাতি আৱিষ্কাৰ হয়। ইয়াৰ ফলত ইংলণ্ডৰ কাপোৰৰ ব্যৱসায়ৰ প্ৰসাৰণ ঘটে আৰু উপনিৱেশবোৰত বস্ত্ৰৰ চাহিদা পূৰণ কৰা সম্ভৱ হয়।

(চ) খনিজ শিল্পবিকাশৰ বিৱৰণ দিয়া।

উত্তৰ:- শিল্প-বিপ্লৱৰ ফলত খনিজ ক্ষেত্ৰত বিশেষকৈ কয়লা আৰু ইস্পাতৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বৈজ্ঞানিক আৱিষ্কাৰ হোৱা দেখা যায়। খনিজ শিল্পৰ বিকাশ অবিহনে বস্ত্ৰ-শিল্পই গা কৰি উঠিব নোৱাৰিলেহেঁতেন। আৰম্ভণিতে ইন্ধন বা জ্বালানিৰ বাবে কাঠ ব্যৱহাৰ কৰা হৈছিল। কাঠ কয়লাৰ জৰিয়তে লো গলোৱা হৈছিল। কিন্তু কাঠৰ যোগান সীমিত হোৱাত মানুহে কয়লাৰ ব্যৱহাৰ কৰিবলৈ লয়। ১৭৬০ খ্রীঃত জন স্মিটনে (John Smitin) লো গলোৱা চুল্লী বা চৌকাৰ আৱিষ্কাৰ কৰে। ফলত আকৰিক লোৰপৰা ব্যৱহাৰিক লোৰ উৎপাদন সহজসাধ্য হয়। ১৭৮৬ খ্ৰীঃত হেনৰি কৰ্ট-এ (Henry Cort) উদ্ভাৱিত পদ্ধতিৰে লোৰ বিশুদ্ধতা বহুগুণে বৃদ্ধি কৰি উচ্চমানৰ তীখা পোৱাৰ ব্যৱস্থা কৰে। হাম্ফে ডেভিৰ (Humphrey Devy) নিৰাপদ চাকিৰ আৱিষ্কাৰে খনিত কাম কৰাটো ভালেখিনি নিৰাপদ কৰি তোলে। এনে ধৰণে শিল্প বিপ্লৱৰ ফলত কয়লা আৰু লোৰ ক্ষেত্ৰত দেখা যোৱা উন্নতিয়ে যান্ত্রিক উৎপাদনৰ গতি খৰতকীয়া কৰি শিল্প-বিপ্লৱৰ গতি খৰতকীয়া কৰি তোলে।

(ছ) শিল্প-বিপ্লৱৰ ফলাফল আলোচনা কৰা৷ 

উত্তৰ:- শিল্প-বিপ্লৱৰ ফলাফলসমূহ প্ৰধানকৈ তিনিটা দিশত আলোচনা কৰিব পাৰি। এইবোৰ হৈছে– অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন।

(১) অর্থনৈতিক পৰিৱৰ্তন :- নতুন নতুন যন্ত্রপাতিৰ আৱিষ্কাৰ তথা খনিজ পদাৰ্থৰ ব্যৱহাৰৰ ফলত বৃহৎ উদ্যোগ গঢ় লৈ উঠে আৰু কম খৰচ, কম সময়তে অধিক পণ্য উৎপাদন সম্ভৱ হৈ পৰে। উৎপাদিত অধিক বা অতিৰিক্ত বস্তুৰ কাৰণে বিদেশী বজাৰৰ প্ৰয়োজন হয়। সেই ৰপ্তানী কৰিবলগীয়া বস্তু সৰবৰাহৰ বাবে আৰু কেঁচামাল আমদানিৰ বাবে যাতায়তৰ উন্নতি কৰিবলগীয়া হয়। ইয়াৰ ফলত দেশীয় আৰু বৈদেশিক বাণিজ্য তথা যাতায়ত ব্যৱস্থাই উন্নতি লাভ কৰে। বৃহৎ উদ্যোগসমূহক কেন্দ্ৰ কৰি বহুত চহৰ গঢ়ি উঠে আৰু গাওঁলোকৰ মাজত চহৰমুখী প্ৰৱণতাই দেখা দিয়ে। ফলস্বৰূপে আবাস, শিক্ষা, স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত নতুন সমস্যাই দেখা দিয়ে। বনুৱাবোৰৰ থকা ঘৰ, স্বাস্থ্য আৰু তেওঁবোৰৰ ল’ৰা ছোৱালীৰ শিক্ষা-দীক্ষাৰ বাবে দৰকাৰী ব্যৱস্থা কৰিবলগীয়া হয়।

(২) সামাজিক ফল :- শিল্প-বিপ্লৱে সমাজত দুই শ্ৰেণীৰ মানুহৰ সৃষ্টি কৰে। এক শ্রেণীয়ে বৃহৎ উদ্যোগ প্রতিষ্ঠা কৰে, আন শ্ৰেণীয়ে সেই উদ্যোগত কাম কৰি জীৱিকা নির্বাহ কৰে। গতিকে সমাজত মালিক আৰু বনুৱা এই দুই শ্ৰেণীৰ লোকৰ উদ্ভৱ হয় ৷ উদ্যোগপতিসকল ক্ৰমান্বয়ে ধনী হৈ পৰ ;কিন্তু বনুৱাসকল পিচ পৰিয়ে থাকে। কোনো কাম নকৰাকৈ মালিকসকলে লাভৰ অংশ পায় আৰু বনুৱাসকলে দিনটো পৰিশ্ৰম কৰিও খাবলৈ নাপায় ৷ তেওঁলোকৰ স্বাস্থ্য, শিক্ষা আদিৰ উন্নতি নহয়। বনুৱাসকলে বনুৱা সংস্থা গঠন কৰিবলগীয়া হয়। উভয় শ্ৰেণীৰ মাজত হোৱা মতভেদৰ বাবে উদ্যোগত প্রতিক্রিয়াব সৃষ্টি হয়। তাৰ বাবে চৰকাৰে আইন প্রণয়ন কৰিবলগীয়া হয়। বনুৱাসকলৰ স্বাৰ্থৰক্ষাৰ বাবে পাৰ্লিয়ামেণ্টত বনুৱা দলৰ সৃষ্টি কৰে।

(৩) ৰাজনৈতিক ফল :- শিল্প বিপ্লৱৰ ফলত ৰাজনীতিত উল্লেখযোগ্য পৰিৱৰ্তন হ’ল ; কার্ল মার্ক্সৰ লেখনীৰ দ্বাৰা বনুৱাসকল প্রভাৱান্বিত হ’ল৷ তেওঁলোকৰ দ্বাৰা ৰাজনৈতিক সচেতনতাৰ উদ্ভৱ হ’ল। যাতায়তৰ সুবিধাৰ ফলত এখন দেশৰ বনুৱাৰ মাজত আন এখন দেশৰ বনুৱাৰ সম্পৰ্ক গঢ়ি উঠিল। পৃথিৱীৰ সকলো বনুৱাই একত্ৰিত হোৱাৰ সম্ভাৱনাই দেখা দিলে। পৃথিৱীত সাম্যবাদৰ প্ৰচাৰ আৰু প্ৰতিপত্তি বঢ়াৰ উপক্রম হ’ল। এফালে সাম্যবাদ আৰু আনফালে পুঁজিবাদ—এই দুই বাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শৰ মাজত অৰিয়া-অৰিৰ সৃষ্টি হ’ল।

শিল্প-বিপ্লৱৰ ফলত সাম্রাজ্যবাদৰ সৃষ্টি হয়। শিল্প-বাণিজ্যত আগবঢ়া দেশবোৰে তেওঁলোকৰ উৎপন্ন বস্তু বিক্ৰীৰ বাবে পৃথিৱীৰ আন দেশবোৰত উপনিৱেশ স্থাপন কৰিবলগা হয়। শান্তিপূর্ণভাৱে কাম কৰিব নোৱাৰাত তেওঁলোকে যুদ্ধৰ আশ্ৰয় লবলগা হয়। পৃথিৱী ব্যাপি মহাসমৰ আৰম্ভ হয়। ই জাৰ্মানসকলৰ উপনিবেশ স্থাপন কৰাৰ আন এটা উল্লেখযোগ্য কাৰণ। এইদৰে শিল্প-বিপ্লৱে বহুতো পৰিৱৰ্তন সাধন কৰে। সাম্যবাদ আৰু পুঁজিবাদৰ অৰিয়া অৰিৰ ফলত পৃথিৱীত শীতল যুদ্ধ হয়। শিল্প বিপ্লৱৰ ফলত সৃষ্টি হোৱা মার্ক্সীয় সমাজতন্ত্রবাদী ভাবধাৰাই আদৰ্শৰ ভেটিত পৃথিৱীখনক দুভাগ কৰিলে।

শিল্প-বিপ্লৱৰ ফলত সাম্রাজ্যবাদৰ সৃষ্টি হ’ল। বজাৰৰ বাবে নতুন নতুন উপনিবেশ স্থাপিত হ’ল। নতুন উপনিৱেশ স্থাপনৰ বাবে ব্ৰিটিছসকলৰ সাম্ৰাজ্যৰ আকাৰ বাঢ়ি গ’ল। ব্ৰিটিছ সাম্ৰাজ্যত বেলিমাৰ নোযোৱা অৱস্থা আহি পৰিল। শিল্প-বিপ্লৱৰ ফলত পৃথিৱীত অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ পৰিৱৰ্তন ঘটিল। 

(জ) ৰাজনৈতিক ক্ষেত্ৰত শিল্প বিপ্লৱে কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল ?

উত্তৰ :- শিল্প বিপ্লৱৰ ফলত ৰাজনীতিত উল্লেখযোগ্য পৰিৱৰ্তন হ’ল ; কাৰ্ল মার্ক্সৰ লেখনীৰ দ্বাৰা বনুৱাসকল প্ৰভাৱান্বিত হ’ল। তেওঁলোকৰ দ্বাৰা ৰাজনৈতিক সচেতনতাৰ উদ্ভৱ হ’ল। যাতায়তৰ সুবিধাৰ ফলত এখন দেশৰ বনুৱাৰ মাজত আন এখন দেশৰ বনুৱাৰ সম্পৰ্ক গঢ়ি উঠিল। পৃথিৱীৰ সকলো বনুৱাই একত্ৰিত হোৱাৰ সম্ভাৱনাই দেখা দিলে। পৃথিৱীত সাম্যবাদৰ প্ৰচাৰ আৰু প্ৰতিপত্তি বঢ়াৰ উপক্ৰম হ’ল । এফালে সাম্যবাদ আৰু আনফালে পুঁজিবাদ—এই দুই ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শৰ মাজত অৰিয়া-অৰিৰ সৃষ্টি হ’ল।

শিল্প-বিপ্লৱৰ ফলত সাম্রাজ্যবাদৰ সৃষ্টি হয়। শিল্প-বাণিজ্যত আগবঢ়া দেশবোৰে তেওঁলোকৰ উৎপন্ন বস্তু বিক্ৰীৰ বাবে পৃথিৱীৰ আন দেশবোৰত উপনিৱেশ স্থাপন কৰিবলগা হয়। শান্তিপূর্ণভাৱে কাম কৰিব নোৱাৰাত তেওঁলোকে যুদ্ধৰ আশ্ৰয় লবলগা হয়। পৃথিৱী ব্যাপি মহাসমৰ আৰম্ভ হয়। ই জাৰ্মানসকলৰ উপনিৱেশ স্থাপন কৰাৰ আন এটি উল্লেখযোগ্য কাৰণ। এইদৰে শিল্প-বিপ্লৱে বহুতো পৰিৱৰ্তন সাধন কৰে। সাম্যবাদ আৰু পুঁজিবাদৰ অৰিয়া অবিৰ ফলত পৃথিৱীত শীতল যুদ্ধ শুৰু হয়। শিল্প বিপ্লৱৰ ফলত সৃষ্টি হোৱা মার্ক্সীয় সমাজতন্ত্রবাদী ভাবধাৰাই আদৰ্শৰ ভেটিত পৃথিৱীখনক দুভাগ কৰিলে। শিল্প-বিপ্লৱৰ ফলত সাম্রাজ্যবাদৰ সৃষ্টি হ’ল। 

বজাৰৰ বাবে নতুন নতুন উপনিৱেশ স্থাপিত হ’ল। নতুন উপনিৱেশ স্থাপনৰ বাবে ব্ৰিটিছসকলৰ সাম্ৰাজ্যৰ আকাৰ বাঢ়ি গ’ল। ব্ৰিটিছ সাম্ৰাজ্যত বেলিমাৰ নোযোৱা অৱস্থা আহি পৰিল। শিল্প-বিপ্লৱৰ ফলত পৃথিৱীত এনেদৰে ৰাজনৈতিক অৱস্থাৰ পৰিৱৰ্তন ঘটিল।

Sl. No.Contents
Chapter 1আমেৰিকাৰ স্বাধীনতা যুদ্ধ
Chapter 2ফৰাচী বিপ্লৱ
Chapter 3শিল্প-বিপ্লৱ
Chapter 4ৰুছ-বিপ্লৱ
Chapter 5১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ
Chapter 6উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান

(ঝ) সমবায় প্ৰথাৰ উদ্ভৱ আৰু কাৰ্যকাৰিতা সম্পর্কে লিখা।

উত্তৰ :- শিল্প-বিপ্লৱে আধুনিক সভ্যতাৰ ভেটি ৰচনা কৰা বুলি ক’ব পাৰি! এই বিপ্লৱৰ ফলত বিশ্বৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আদি ক্ষেত্ৰত অভাৱনীয় পৰিৱৰ্তন সাধিত হয়। আধুনিক সভ্যতাৰ ভেটি হৈছে অর্থনৈতিক আৰু সেই অৰ্থনীতিৰ উৎস হৈছে শিল্প উদ্যোগসমূহ। এই উদ্যোগসমূহত কাম কৰা শ্ৰমিকসমূহৰ শ্রমিক ইউনিয়ন বা সংঘ গঠনৰ মাধ্যমে সামাজিক আইন প্ৰৱৰ্তনৰ লগে লগে আৰ্থিক অৱস্থা উন্নয়নৰ দিশতো প্রগতিবাদী চিন্তাৰ পৰিচয় দাঙি ধৰে। এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য হৈছে সমবায় প্রথীৰ প্ৰৱৰ্তন। ১৮৪৪ চনত ইংলেণ্ডৰ ৰকডেলত সমবায় আন্দোলন আৰম্ভ হয়। তাত এদল 

তাতীয়ে ১৪০ পাউন্ড গোটাই ব্যৱসায় আৰম্ভ কৰে। প্ৰথম বছৰতে তেওঁলোকে ৪,০০০ পাউন্ডৰ ব্যৱসায় কৰে আৰু তাৰপৰা ১৬০ পাউণ্ড লাভ হয়। ঐ লাভখিনি আনুপাতিক হাৰত ভগাই দিয়া হয়। সমবায়ে উৎপাদনকাৰীৰপৰ পাইকাৰী হাৰত বস্তু কিনাৰ ফলত অংশীদাৰক কম দামত বেচিবপৰা হোৱা তেওঁলোকৰ খৰছৰ মাত্ৰা কম হোৱাৰ লগতে জীৱনযাত্ৰাৰ মানো উন্নত হয়।

সমবায় পদ্ধতি আর্থিক সমৃদ্ধিৰ সহায়ক হোৱাৰ লগতে ই দ্রুতভাৱে বিস্তাৰি হৈ পৰে। অতি কম সময়তে ই পশ্চিম ইউৰোপ আৰু আমেৰিকালৈ বিয়ি পৰে। স্কাণ্ডিনেভীয়া দেশবোৰত সমবায় সাফল্যই চূড়ান্ত পর্যায় পায়গৈ। ক্ষু খেতিয়কসকলেও এই সমবায়ৰ যোগেদি তেওঁলোকৰ উৎপাদিত সামগ্রী যেনে— কণী, মাখন আদি বিদেশলৈ ৰপ্তানি কৰিব পাৰিছিল। এনেদৰে শিল্প বিপ্লৱৰ ফল সমবায় প্রথাৰ দ্রুত সম্প্ৰসাৰণ ঘটিছিল।

(ঞ) শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত শিল্প বিপ্লৱৰ অৱদান কি ?

উত্তৰ :- শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত শিল্প-বিপ্লৱে উল্লেখযোগ্য অৱদা আগবঢ়ায় ৷ শিক্ষাৰ ক্ষেত্ৰত জনসাধাৰণে ইয়াৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিবলৈ সক্ষম হ’ল। দেশে দেশে উন্নতমানৰ শিক্ষা ব্যৱস্থা ৰূপায়িত হ’বলৈ ধৰে ইউৰোপৰ দেশবোৰৰ সৈতে জাপান আৰু আমেৰিকাতো পাব্লিক স্কুলৰ জৰিয়ে বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ ব্যৱস্থা কৰা হয়। ডেনমাৰ্কত বয়স্ক লোকৰ বাে নৈশ পাঠদানৰ ব্যৱস্থা কৰা হয়। ঊনবিংশ শতিকাৰ শেষৰ পিনে আমেৰিকা বহু ঠাইত বিনামূলীয়া পাব্লিক লাইব্ৰেৰী স্থাপন কৰা হয়৷ জাপানত বাধ্যতামূল শিক্ষা আইন প্ৰৱৰ্তন কৰা হয়। কিন্তু এইবোৰ ব্যৱস্থা কেৱল শিল্পোন্ন দেশবোৰতহে কৰা হৈছিল। ১৯১২ চনত ৰুচিয়াত মাথো সাত শতাংশ মানুহে সাক্ষৰতা লাভ কৰিছিল। লেটিন আমেৰিকাৰ চহৰীয়া ধনী মানুহৰ ল’ৰা ছোৱালীয়েহে লিখা-পঢ়া কৰিছিল। চীন, ভাৰত আদিত আর্থিকভাৱে সমৃদ্ধ পৰিয়ালৰ ক্ষেত্ৰতেই শিক্ষা ব্যৱস্থা সীমিত আছিল।

সেইদৰে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিয়ো এই বিপ্লৱৰ এটা উল্লেখযোগ অৱদান ৷ ৰসায়ন আৰু পদার্থবিদ্যাৰ অধ্যয়নৰ ফলত ঊনবিংশ শতিকাৰ আৰম্ভণিত চেতনাহীন ঔষধৰ আৱিষ্কাৰ হয়। ডাঃ যোছেফ লিষ্টাৰ আৰু ফৰাচী ৰসায়নি লুই পেষ্টুৰে শৰীৰৰ পচন নিৰোধক প্ৰক্ৰিয়া আৱিষ্কাৰ কৰি চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰত বিপ্লৱ ঘটায়। ৰোগ প্ৰতিষেধক আৰু ৰোগ নিৰোধক জ্ঞানো মানুহে আহৰণ কৰে। এডৱাৰ্ড জেনাৰে বসন্ত চিতা প্ৰয়োগ কৰি দেখুৱায়। জার্মান ডাক্টৰ ৰবাৰ্ট কোচে কলেৰা ৰোগৰ বীজাণু বেছিলাছ আৱিষ্কাৰ কৰে৷ 

এনেদৰে মেলেৰিয়া, ডিপথেৰিয়া আদি ৰোগৰ বীজাণু আৱিষ্কাৰ হয়। জার্মান বিজ্ঞানী উইলহেম বোয়েন্টজেনে এক্স-ৰে (X-Ray) বা ৰঞ্জন-ৰশ্মি আৱিষ্কাৰ কৰি মানৱ দেহৰ আভ্যন্তৰীণ ৰোগৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰে। ১৮৯৮ চনত ফৰাচী বিজ্ঞানী পিয়াৰী কুৰী আৰু তেওঁৰ পত্নী মেৰী কুৰীয়ে বেডিয়াম আৱিষ্কাৰ কৰে। ইয়াৰ সহায়ত কেন্সাৰ ৰোগ নিৰাময় কৰা হয়। এইদৰে শিক্ষা আৰু চিকিৎসা বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত শিল্প বিপ্লৱে উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

প্রশ্ন ২। সংক্ষিপ্ত প্রশ্ন

(ক) শিল্প-বিপ্লৱৰ আৰম্ভণিতে সূতা কটাৰ ক্ষেত্ৰত কি কি আৱিষ্কাৰ হৈছিল ? সেইবোৰত কাৰ কাৰ অৰিহণ আছিল ?

 উত্তৰ :- শিল্প-বিপ্লৱৰ আৰম্ভণিতে সুতা কটাৰ ক্ষেত্ৰত স্পিনিং জেনি (Spinning Genny), ৱাটাৰ ফ্ৰেম (Water Frame) আৰু মিউল (Mule)-ৰ আৱিষ্কাৰ হৈছিল।

১৭৬৪ খ্ৰীঃত জেমছ হাবাগ্রিভছে স্পিনিং জেনী ১৭৬৮ খ্ৰীঃত আর্কাইটে ৱাটাৰ ফ্ৰেম আৰু ১৭৭৯ খ্ৰীঃত ক্ৰমটনে মিউলৰ আৱিষ্কাৰ কৰি সূতা কটাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়ায়।’

(খ) কাপোৰ বোৱাৰ ক্ষেত্ৰত কোনে কি অৰিহণা আগবঢ়াইছিল ?

উত্তৰ:- কাপোৰ বোৱাৰ ক্ষেত্ৰত ১৭৩৩ খ্ৰীঃত ইংলেণ্ডৰ জন কেয়ে ফ্লাইং ছাটল নামৰ এবিধ যন্ত্ৰ উদ্ভাৱন কৰি কম সময়তে অধিক কাপোৰ বোৱা সম্ভৱ কৰি তোলে।

(গ) শিল্প-বিপ্লৱলৈ জেমছ ৱাটৰ অৰিহণা কি আছিল?

উত্তৰ:- শিল্প-বিপ্লৱলৈ জেমছ ৱাটৰ অৰিহণা আছিল বাষ্পচালিত ইঞ্জিনৰ আৱিষ্কাৰ৷

(ঘ) বাস্তা আৰু খাল নিৰ্মাণত শিল্প-বিপ্লৱৰ অৰিহণা কি ? 

উত্তৰ :- শিল্পোন্নত দেশসমূহৰ মাজত যোগাযোগ খৰতকীয়া কৰিবলৈ ৰাস্তা আৰু খাল নিৰ্মাণ কৰা হৈছিল৷ উদ্যোগসমূহত প্রয়োজন হোৱা কেঁচামাল আনিবৰ বাবে আৰু উদ্যোগসমূহত উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ বাবে পৰিবহন ব্যৱস্থা উন্নত হোৱাটো বাঞ্ছনীয়। সেয়েহে শিল্প বিপ্লৱৰ ফলত ৰাস্তাঘাট আৰু খাল নিৰ্মাণত গুৰুত্ব আৰোপ কৰা হৈছিল।

(ঙ) সমবায় প্রথা কি ?

উত্তৰ:- শ্রমিক ইউনিয়ন বা সংঘ গঠনৰ মাধ্যমে সামাজিক আইন প্রৱৰ্তনত গুৰুত্ব দিয়াৰ লগতে শ্রমিকসকলৰ আৰ্থিক উন্নয়নৰ দিশতো যথেষ্ট প্রগতিবাদী চিস্তাৰ পৰিচয় দিয়ে। এনে উদ্দেশ্য আগত ৰাখি সমবায় প্রথা প্ৰৱৰ্তন কৰা হয়।

(চ) শ্রমিক সংগঠনৰ প্ৰয়োজনীয়তা কি ?

উত্তৰ:- শ্রমিকৰ সমস্যাসমূহৰ সমাধানৰ বাবে শ্রমিক সংগঠনৰ প্ৰয়োজন আছে। শ্রমিকসকলে সংঘবদ্ধভাৱে কাৰখানাৰ মালিকৰ বিৰুদ্ধে থিয় দিবলৈ বা ৰাজনৈতিক ক্ষমতাৰ দ্বাৰা তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে শ্রমিক সংগঠন কৰাৰ প্ৰয়োজন আছে।

(ছ) ‘ৰঞ্জন ৰশ্মিৰ’ আৱিষ্কাৰক কোন ? কি কামত ইয়াৰ ব্যৱহাৰ হয় ? 

উত্তৰ:- ৰঞ্জন ৰশ্মিৰ আৱিষ্কাৰক হ’ল জার্মান বিজ্ঞানী উইলহেম ৰোয়েণ্টজেন। মানৱ দেহৰ আভ্যন্তৰীণ ৰোগৰ বিষয়ে বিবিধ তথ্য জানিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় ।

(জ) জেপ্লুটুলৰ উপযোগিতা কি ?

উত্তৰ:- শিল্প-বিপ্লৱৰ ফলত কৃষিৰ ক্ষেত্ৰত প্ৰথমে নতুনত্বৰ জোৱাৰ অহা দেখা যায়। এই ক্ষেত্ৰত জেথুটুলৰ নাম উল্লেখযোগ্য। ইয়াৰদ্বাৰা নির্দিষ্ট দূৰত্বত নলা কাটি বীজ সিঁচাৰ ব্যৱস্থা কৰিলে অধিক ফচল লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা যায়।

(ঝ) আধুনিক ৰাস্তা বনোৱাৰ নিৰ্মাণ কৌশল কি? আৱিষ্কাৰ কোনে কৰিছিল ?

উত্তৰ:- আধুনিক ৰাস্তা বনোৱাৰ নিৰ্মাণ কৌশল হৈছে সৰু আকাৰৰ শিল ব্যৱহাৰ কৰি তাৰ ওপৰত আলকাতাৰা প্ৰয়োগ কৰা। স্কটলেণ্ডৰ অধিবাসী জেন মেকাডেমে ইয়াক আৱিষ্কাৰ কৰিছিল।

(ঞ) টাউনছেণ্ডৰ অৱদান কি ?

উত্তৰ:- কৃষিৰ ক্ষেত্ৰত টাউনছেণ্ডৰ অৱদান হৈছে খেতি-পথাৰৰ উৰ্বৰতাৰ বাবে মাটি চন পেলোৱাৰ পৰিৱৰ্তে সলনা-সলনিকৈ বছৰত চাৰিটা খেতি কৰিলে মাটিৰ উৰ্বৰতা বৃদ্ধি হোৱাৰ লগতে পশুখাদ্যও সুলভ হোৱাৰ কথাটো প্রমাণ কৰে।

প্রশ্ন ৩। অতি সংক্ষিপ্ত প্রশ্নোত্তৰ

(ক) কৃষিৰ ক্ষেত্ৰত প্ৰথম আৱিষ্কাৰটো কি ?

উত্তৰ :- কৃষিৰ ক্ষেত্ৰত প্ৰথম আৱিষ্কাৰটো হৈছে জেঞ্চুটুল (Jethro Tull)।

(খ) ৰেডিয়ামৰ আৱিষ্কাৰক কোন ?

উত্তৰ :- ফৰাচী বিজ্ঞানী পিয়াৰি কুৰী আৰু তেওঁৰ পত্নী মেৰী কুৰী ৰেডিয়ামৰ আৱিষ্কাৰক।

(গ) “নিৰাপদ চাকি” কাৰ আৱিষ্কাৰ ?

উত্তৰ :- নিৰাপদ চাকি হাম্ফে ডেভিয়ে আৱিষ্কাৰ কৰে।

(ঘ) ‘শিল্প-বিপ্লৱ’ আখ্যাটো কোনে দিয়ে ?

উত্তৰ :- ‘শিল্প-বিপ্লৱ’ আখ্যাটো দিয়ে বিখ্যাত ঐতিহাসিক আর্নল্ড টয়নৰিয়ে।

(ঙ) “ডাছ কেপিটেল” কাৰ ৰচনা ?

উত্তৰ :- ১৮৬৭ চনত কার্ল মার্ক্স আৰু ফ্রেডেৰিক এঙ্গেলছে তেওঁলোকৰ বিখ্যাত ‘ডাছ কেপিটেল’ গ্রন্থ প্ৰকাশ কৰে।

(চ) ৰিচাৰ্ড আৰ্কৰাইট কোন ?

উত্তৰ:- ৰিচাৰ্ড আৰ্কৰাইট ৱাটাৰ ফ্ৰেমৰ আৱিষ্কাৰক।

(ছ) চাৰ্লছ গুডইয়াৰে কি আৱিষ্কাৰ কৰে ?

উত্তৰ :- চাৰ্লছ গুডইয়াৰে ৰবৰক গন্ধকৰ সৈতে মিহলাই কঠিনতৰ কৰা প্ৰক্ৰিয়া আৱিষ্কাৰ কৰে।

(জ) ‘ ‘স্পিনিং জেনি’ কাৰ আৱিষ্কাৰ ?

উত্তৰ :- ‘স্পিনিং জেনি’ জেমছ হাৰগ্রিভছৰ আৱিষ্কাৰ৷ 

(ঝ) ‘ওৱাটাৰ ফ্ৰেম’ৰ আৱিষ্কাৰক কোন ?

উত্তৰ :- ওৱাটাৰ ফ্ৰেমৰ আৱিষ্কাৰক ৰিচাৰ্ড আৰ্কৰাইট।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top