Class 9 History Elective Chapter 6 অসমৰ মোৱামৰীয়া বা মায়ামৰা বিদ্রোহ

Class 9 History Elective Chapter 6 অসমৰ মোৱামৰীয়া বা মায়ামৰা বিদ্রোহ, Elective History class 9 SEBA Notes and Question Answer The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 History Elective Chapter 6 অসমৰ মোৱামৰীয়া বা মায়ামৰা বিদ্রোহ and select need one.

Class 9 History Elective Chapter 6 অসমৰ মোৱামৰীয়া বা মায়ামৰা বিদ্রোহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 History Elective Chapter 6 অসমৰ মোৱামৰীয়া বা মায়ামৰা বিদ্রোহ Solutions for All Subject, You can practice these here…

অসমৰ মোৱামৰীয়া বা মায়ামৰা বিদ্রোহ

অধ্যায় – ৬

ইতিহাস

ৰচনাধর্মী প্রশ্নোত্তৰঃ

প্রশ্ন ১। গৌৰীনাথ সিংহৰ ৰাজত্বকালৰ চমু বিৱৰণ দিয়া।

নাইবা

গৌৰীনাথ সিংহৰ দিনত হোৱা দ্বিতীয় আৰু তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ লক্ষ্মীসিংহৰ মৃত্যুৰ পিছত ১৭৮০ খৃঃত ডাঙৰীয়াসকলে তেওঁৰ পুতেকঢ়গৌরীনাথ সিংহক সিংহাসনত বহুৱায়। তেওঁ আহোম মতে চুহিৎপুংফা নাম লয়।

১। দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহঃ গৌৰীনাথ সিংহ ৰজা হৈয়ে মোৱামৰীয়াসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰাৰ ফলত মোৱামৰীয়াসকলে দ্বিতীয়বাৰ বিদ্ৰোহ আৰম্ভ কৰে। বিদ্ৰোহীসকলে ৰাতি গড়গাঁও নগৰত সোমাই অত্যাচাৰ কৰে। কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে তেওঁলোকক খেদি পঠোৱাত ৰংপুৰ নগৰত সোমাই ঘৰ-দুৱাৰত জুই দি অত্যাচাৰ কৰে। বুঢ়াগোহাঁয়ে তাৰ পৰাও বিদ্রোহীসকলক খেদি পঠায়।

২। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পৰামৰ্শঃ দূৰদৰ্শী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে গৌৰীনাথ সিংহক বিদ্রোহীসকলক অত্যাচাৰ কৰাৰ পৰিৱৰ্তে কৌশলেৰে বশ কৰাৰ পৰামৰ্শ দিয়ে। কিন্তু ৰজাই মোৱামৰীয়াসকলৰ ওপৰত অমানুষিক অত্যাচাৰ আৰম্ভ কৰে। এই অত্যাচাৰে মোৱামৰীয়াসকলক অতিষ্ঠ কৰি পুনৰ বিদ্ৰোহৰ বাবে জগাই তোলে।

৩। তৃতীয় মোৱামৰীয়া বিদ্ৰোহঃ ১৭৮৬ খৃঃত অসমৰ পুৱ অংশত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত মোৱামৰীয়াসকলে বিদ্রোহ আৰম্ভ কৰে। বিদ্রোহীসকলে সকলো বাধা অতিক্রম কৰি ৰংপুৰৰ ওচৰ পায়। গৌৰীনাথ সিংহ ভয়তে গুৱাহাটীলৈ পলাই যায়। সাধাৰণ প্ৰজাই ভয়তে বিদ্রোহীসকলৰ লগত যোগদান কৰে। পূৰ্ণানন্দ বুঢ়াগোহাঁই ঠায়ে ঠায়ে বিদ্রোহীসকলক বাধা দি থাকি ১৭৮৫ খৃঃৰ পৰা ১৭৯২ খৃঃলৈ সাহসেৰে যুদ্ধ চলাই থাকিল। এই সময়ছোৱাত প্ৰজাৰ দুখ-দুর্গতিৰ সীমা নোহোৱা হয়। বহুতো প্রজাই দেশ এৰি পলাই যায়।

৪। দৰঙী ৰজা কৃষ্ণনাৰায়ণঃ মোৱামৰীয়াসকলে ঠায়ে ঠায়ে সৰু সৰু ৰাজ্য পতাৰ উপৰিও দৰঙী ৰজা কৃষ্ণনাৰায়ণে কিছুমান হিন্দুস্থানী আৰু বৰকাণ্ডাজ চিপাহীৰ সহায়ত পিতৃৰাজ্য উদ্ধাৰ কৰি আহোম ৰাজ্যৰ উত্তৰ কামৰূপ অধিকাৰ কৰে।

৫। কেপ্তেইন ওৱেলচৰ অসম আগমনঃ চাৰিওফালে বিদ্রোহ দেখা দিয়াত বিশেষকৈ বৰকাণ্ডাজ চিপাহীবোৰক দমন কৰিবলৈ গৌৰীনাথ সিংহই ইংৰাজৰ সহায় ভিক্ষা কৰে। সেইমতে ১৭৯২ খৃঃত কেপ্তেইন ওরেলচে এদল সৈন্য লৈ অসমলৈ আহে। তেওঁ অতি কম দিনৰ ভিতৰতে গুৱাহাটী উদ্ধাৰ কৰে। তাৰ পিছত কৃষ্ণনাৰায়ণক আহোম ৰজাৰ বশ্যতা স্বীকাৰ কৰায়। পাছত ওৱেলচে গৌৰীনাথ সিংহৰ অনুৰোধ মতে গৱৰ্ণৰ জেনেৰেলৰ অনুমতি ক্রমে, উজনিৰ মোৱামৰীয়া বিদ্রোহ দমন কৰি ১৭৯৪ খৃঃত ৰংপুৰ উদ্ধাৰ কৰে। এইদৰে বিদ্ৰোহ দমন কৰি গৌৰীনাথ সিংহক শাসনভাৰ দি কেপ্তেইন ওরেলচ কলিকতালৈ উভতি যায়।

৬। ৰাজধানী স্থানান্তৰঃ গৌৰীনাথ সিংহই মোৱামৰীয়াসকলে ধ্বংস কৰা ৰংপুৰ নগৰৰ পৰা ৰাজধানী স্থানান্তৰ কৰি যোৰহাটত পাতে। তাৰ পাছতে তেওঁ বহুতো ৰাজবিষয়া আৰু বিদ্রোহীলোকক ধৰাই আনি অমানুষিকভাৱে হত্যা কৰে। গৌৰীনাথ সিংহৰ অবিবেচক কাৰ্যকলাপৰ বাবে ৰাজ্যত বিশৃঙ্খলতাই দেখা দিয়ে।

৭। ইংৰাজৰ আৰ্হিত সৈন্যদলঃ বুঢ়াগোহাঁইৰ পৰামৰ্শমতে ইংৰাজ আৰ্হিতে এদল সৈন্য গঠন কৰা হয়। এই সৈন্যদলক প্রশিক্ষণ দিবলৈ কেপ্তেইন্‌ ওৱেলচ্‌ৰ দুজন চিপাহীক বহুত টকা দি ৰাখিছিল। কেপ্তেইন ওৱেলচ উভতি যোৱাৰ ১৮ মাহ পিছত গৌৰীনাথ সিংহৰ মৃত্যু হয়।

৮। গৌৰীনাথ সিংহৰ চৰিত্ৰঃ গৌৰীনাথ সিংহ আহোম ৰজাসকলৰ ভিতৰতে আটাইতকৈ অকর্মণ্য, ৰক্তপিপাসু, কাপুৰুষ আছিল।

সামান্য কথাতে মানুহক বধ কৰিছিল। তেওঁ শাসনৰ সকলো কাম ক্ষমতালোভী, স্বাৰ্থপৰ বিষয়াসকলৰ হাতত এৰি দিছিল। তাৰ ফলত সৈন্যবাহিনী অতি দুৰ্বল হৈ পৰিছিল। প্ৰজাৰ দুখ-দুৰ্গতিৰ সীমা নাছিল। আগৰ শস্য-শ্যামলা অঞ্চলবোৰ জনপ্ৰাণীহীন হৈ পৰিছিল। এই অত্যাচাৰী অধিবেচক ৰজাজনৰ শাসনে আহোম ৰাজ্যৰ পতনৰ বাট মুকলি কৰিছিল।

প্রশ্ন ৩। প্রথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ কি কি? প্রথম মোৱামৰীয়া বিদ্ৰোহৰ এটি আভাস দি, ফলাফল কি হৈছিল লিখা।

উত্তৰঃ (ক) বিদ্ৰোহৰ কাৰণঃ

১। আহোম ৰজা গদাধৰ সিংহৰ প্ৰতিশোধঃ গদাধৰ সিংহই ছদ্মবেশে ঘূৰিফুৰোতে বৈষ্ণৱ ভকতসকলৰ ব্যৱহাৰত বৰ ক্ষুণ্ণ হৈছিল। সেই কাৰণে তেওঁ ৰজা হৈয়ে বৈষ্ণৱ মহন্তসকলৰ ওপৰত নানা অত্যাচাৰ আৰম্ভ কৰে। এইটোৱেই আছিল মোৱামৰীয়া মহন্তসকল বিক্ষুব্ধ হোৱাৰ প্ৰথম কাৰণ।

২। ফুলেশ্বৰী কুঁৱৰীৰ বৈষ্ণৱসকলৰ প্ৰতি ব্যৱহাৰঃ আহোম ৰজা শিৱ সিংহৰ বৰ কুঁৱৰী বৰৰজা ফুলেশ্বৰীয়ে দুর্গাপূজা পাতি, বৈষ্ণৱ মহত্তসকলক বলেৰে গোসানীক সেৱা কৰাই বলিকটা তেজৰ ফোঁট দি প্ৰসাদ খুৱায়। এই কাৰ্য মোৱামৰীয়াসকলক মর্মান্তিক আঘাট দিয়ে। ইয়াক তেওঁলোকে পাহৰিব পৰা নাছিল।

৩। বৈষ্ণবসকলৰ প্ৰতি কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ব্যৱহাৰঃ লক্ষ্মীসিংহৰ ৰাজত্বকালত দেশৰ শাসনকার্য প্ৰকৃততে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত পৰাত তেওঁ বৰ স্বেচ্ছাচাৰী আৰু অহঙ্কাৰী হৈ উঠে। ৰজা আৰু বৰবৰুৱাই ফুৰিবলৈ যাওঁটে বাটতে, মোৱামৰীয়া মহন্তৰ লগত দেখাদেখি হোৱাত ৰজাক মহন্তই যথাযথ সন্মান জনালে, কিন্তু বৰবৰুৱাক নজনালে। তাৰ বাবে মহন্তক নানা কটুবাক্য শুনালে। এবাৰ হাতীচুঙ্গীয়া মৰাণৰ দলপতি নাহৰখোৱা আৰু ৰাঘব নেওগে বছেৰেকীয়া কৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ভাগত কম হোৱাত নাহৰ আৰু ৰাঘবক সৌকাৰে কোৱালে আৰু চুলি খুৰাই দিলে। দুয়োজনে এই অপমানৰ প্ৰতিশোধ ল’বলৈ বিচাৰিলে। তেওঁলোকৰ গুৰু মোৱামৰীয়া মহন্তৰ ওচৰলৈ গৈ বিদ্ৰোহ কৰিবৰ বাবে অনুমতি বিচাৰিলে।

৪। মোৱামৰীয়া মহন্তৰ অনুমতিঃ বৈষ্ণৱ মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তইও পূৰ্বকথা সুঁৱৰি বিদ্ৰোহৰ অনুমতি দিলে আৰু পুতেক বাঙ্গনক দলপতি পাতি সৈন্য পৰিচালনাৰ ভাৰ দি শিষ্যসকলেৰে এটা ফৌজ গঠন কৰি দিলে। তেওঁ প্ৰথমে নামৰূপলৈ গৈ মৰাণ আৰু কছাৰী শিষ্যসকলৰ অভ্যর্থনালৈ ‘নামৰূপীয়া ৰজা’ উপাধি গ্ৰহণ কৰিলে।

৫। ক্ষুব্ধ ৰাজকোঁৱৰসকলঃ ইতিমধ্যে নির্বাসিত হৈ থকা মোহনমালা গোঁহাইদেৱ, চাৰিঙ্গীয়া কোঁৱৰ আৰু তিপমীয়া কোঁৱৰেও বিদ্ৰোহত যোগ দিলে। এইদৰে প্ৰতিশোধ আৰু প্ৰতিহিংসাত জ্বলিপকি মোৱামৰীয়া মহন্তৰ সৈতে লগলাগি ১৭৬৯ খৃঃত নৱেম্বৰ মাহত ৰজাৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা হয়।

(খ) প্রথম মোৱামৰীয়া বিদ্ৰোহঃ বিদ্ৰোহৰ খবৰ পাই ৰজাই বিদ্ৰোহৰ নেতা বাঙ্গনক ধৰি আনিবৰ বাৰে মানুহ পঠালে। কিন্তু মানুহখিনি বিদ্ৰোহীৰ হাতত নিহত হ’ল। ৰজাই এইবাৰ তিপামলৈ আগবাঢ়ি অহা বিদ্ৰোহীক ভেটা দিবৰ বাবে সৈন্যবাহিনী পঠালে। ডিব্রুদীৰ পাৰত প্ৰথম যুদ্ধ লাগিল। যুদ্ধত মোৱামৰীয়াসকল হাৰি পিছুৱাই যায়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৰাঘৱ মৰাণে কেইবাখনো যুদ্ধত আহোমক পৰাস্ত কৰে। ইয়াকে দেখি ৰজাই বৰবৰুৱাৰ দিহামতে গুৱাহাটীৰ ফালে ভটিয়াই যাওঁতে বাটতে ধৰা পৰিল আৰু তেওঁক বন্দী কৰি ৰংপুৰত ৰাখিলে। এই যুদ্ধত আহোমৰ বহুত বিষয়াও বন্দী হ’ব লগাত পৰে। প্ৰবাদ আছে যে, এই যুদ্ধত নাহৰ মৰাণৰ দুই পত্নী ৰাধা ৰুক্মিণীয়ে ৰাজকীয় সৈন্যৰ বিৰুদ্ধে যুঁজ কৰিছিল।

অৱশেষত, মোৱামৰীয়াই ৰাজধানী দখল কৰি বৰবৰুৱা আৰু তেওঁৰ পুতেক কেইজনক হত্যা কৰিলে। তেওঁৰ জীয়েক আৰু ঘৈণীয়েকহঁতক বিদ্রোহীবিলাকে পত্নী হিচাপে ৰাখিলে।

নাহৰখোৱা মৰাণৰ পুতেক ৰমাকান্তক ৰজা বুলি ঘোষণা কৰা হ’ল। বিদ্ৰোহীৰ গুৰিয়ালসকলে ডা-ডাঙৰীয়াৰ বাব পালে। ৰাঘবে বৰবৰুৱা বাব পালে আৰু ৰাজেশ্বৰ সিংহৰ বিধবা পত্নী কুৰঙ্গনয়নীক বিয়া কৰাই ৰাখিলে। ৰমাকান্তৰ নামত ন-চুকীয়া মোহৰ মাৰি দেশ শাসন কৰে।

(গ) বিদ্ৰোহৰ ফলাফল বা বিদ্রোহ দমনঃ ৰমাকান্ত আহোমৰ ৰাজসিংহাসনত বহাত প্ৰজাসকলে ভাল পোৱা নাছিল। ৰমাকান্তই এই কথা জানি লক্ষ্মীসিংহ আৰু তেওঁৰ বিষয়াসকলক হত্যা কৰিবলৈ স্থিৰ কৰিলে। এই খবৰ পাই বিষয়াসকলে চ’তৰ বিহুৰ আগ মুহূৰ্ততে কুৰঙ্গনয়নীৰ দিহামতে একমুঠ হৈ হুচৰি গোৱাৰ চলেৰে ১৭৭০ খ্ৰীঃত চ’তৰ বিহুত ৰজা আৰু বৰবৰুৱাই ঘৰ আগুৰি তেওঁলোকক হত্যা কৰে। মোৱামৰীয়া শাসন আঘোনৰপৰা চ’তৰ সংক্রান্তিলৈ পাঁচমাহহে চলিল। লক্ষ্মীসিংহ বন্দীশালৰ পৰা মুকলি হৈ সিংহাসনত পুনৰ আৰোহণ কৰে।

প্রশ্ন ৪। কেপ্তেইন ওৱেলচ অসমলৈ কিয় আহিছিল? তেওঁ অসমৰ বিষয়ে কি বিৱৰণ দিছে চমুকৈ লিখা।

উত্তৰঃ (ক) কেপ্তেইন ওৱেল্‌চৰ আগমনঃ আহোম ৰজা গৌৰীনাথ সিংহই অসমত উপদ্ৰৱ কৰা বংগদেশৰ বৰকাণ্ডাজ, চিপাহী আৰু মোৱামৰীয়াসকলৰ বিদ্রোহ দমন কৰিবলৈ ইংৰাজৰ সহায় বিচাৰে। গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছে আহোম ৰজাৰ অনুৰোধক্রমে ১৭৯২ খ্রীঃত কেপ্তেইন ওৱেল্‌চক কিছুমান সৈন্য দি বিদ্রোহ দমন কৰিবলৈ অসমলৈ পঠায়। তেওঁ বিদ্ৰোহীৰ হাতৰ পৰা অসম উদ্ধাৰ কৰি, আহোম ৰাজ্যভাৰ গটাই দি অসম সম্পর্কে এটি টোকা লিখি থৈ যায়।

(খ) কেপ্তেইন ওৱেল্‌চৰ অসম বিৱৰণঃ কেপ্তেইন ওৱেল্‌চে লিখা বিৱৰণীৰ পৰা সেই সময়ৰ অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়ে ভালেমান কথা জানিব পাৰি।

১। গুৱাহাটীৰ বিৱৰণঃ কেপ্তেইন ওৱেল্‌চে লিখিছে গুৱাহাটী এখন মানুহৰে ভৰপূৰ আহল-বহল নগৰ। নগৰখন ব্ৰহ্মপুত্ৰ নৈৰ দুয়োপাৰে পাহাৰবোৰৰ কাষলৈ বিয়পি আছে। নৈৰ পাৰৰ এটা অংশত এটা গড় আছে। গড়টোতে বিভিন্ন ৰকমৰ এশ তেৰটা কামান আছিল। তাৰে তিনিটা য়ুৰোপত তৈয়াৰী আছিল। চাৰিওফালে ইটাৰ দেৱালেৰে আগুৰা এডোখৰ সুৰক্ষিত ঠাইত আছিল। ইয়াৰ ভিতৰত এটা ডাঙৰ খেৰীঘৰ আছিল। তাতে গোটেই সৈন্যবাহিনী থাকিবলৈ জুৰিছিল।

২। ৰংপুৰ নগৰঃ আহোমৰ ৰাজধানী ৰংপুৰ নগৰখনো বৰ আহল-বহল আৰু জনপূর্ণ আছিল। ইয়াৰ আয়তন ২০ মাইল আছিল। এই নগৰখনৰ মাজতো গুৱাহাটীৰ দৰে এডোখৰ সুৰক্ষিত ঠাই আছিল। কিন্তু ই প্রায় ধ্বংসপ্রাপ্ত হৈছিল।

৩। অর্থনৈতিক অৱস্থাঃ ৰংপুৰ নগৰৰ চাৰিওফালে খেতি-বাতি খুব ভাল হৈছিল। ৰাজবিষয়াসকলৰ বহুতো মাটি-বাৰি আছিল আৰু সেই মাটিতে চাকৰ-বাকৰৰ দ্বাৰা খেতি কৰাইছিল। খেতিৰ উৎপন্ন বস্তু বজাৰত বিক্ৰী নকৰিছিল। ধান-চাউল বজাৰত কিনিব পোৱা নগৈছিল। টকাতকৈ লোণ আৰু কানিৰেহে সহজে বস্তু-বাহানি কিনিব পৰা গৈছিল। বস্তুৰ দাম বৰ সস্তা আছিল। সাধাৰণ শ্ৰেণীৰ বস্তুতকৈ টকাৰহে বেছি নাটনি আছিল।

৪। বেপাৰ-বাণিজ্যঃ বংগদেশৰ লগত অসমৰ বেপাৰ-বাণিজ্য যথেষ্ট ভাৱে চলিছিল। সেই সময়ত বিশেষকৈ লোণহে বংগদেশৰ পৰা অসমলৈ ৰপ্তানি কৰা হৈছিল। লোণ অসমত দুষ্প্রাপ্য আছিল। বংগদেশৰ পৰা বছৰি প্ৰায়, ১২০,০০০ মোন লোণ ৰপ্তানি কৰা হৈছিল। লোণৰ দাম বৰ বেছি আছিল। সাধাৰণ মানুহে ইয়াক ব্যৱহাৰ নকৰিছিল।

৫। শুল্ক ব্যৱস্থাঃ শুল্ক বিভাগৰ বিষয়াসকলে প্রায় ৯০,০০০ টকা কৰ হিচাপে তুলি, গুৱাহাটীৰ বৰফুকনক দিব লাগিছিল। এই টকাৰ প্ৰায় ২৬ হাজাৰ মান টকাহে আহোম ৰজাই পাইছিল।

প্রশ্ন ৬ ৷ পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ কাৰ্যাৱলী আৰু চৰিত্ৰৰ এটা চমু বিৱৰণ দিয়া।

নাইবা

মোৱামৰীয়া বিদ্ৰোহদমনৰ পূৰ্ণানন্দই আহোম ৰজা কেইজনৰ শাসনত কি অৰিহণা যোগাইছিল সংক্ষেপে লিখা।

নাইবা

মোৱামৰীয়া বিদ্ৰোহত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ভূমিকা বর্ণনা কৰা।

উত্তৰঃ আহোম ৰজা গৌৰীনাথ সিংহৰ ৰাজত্বকালত, ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যুৰ পাছতে ১৭০১ খ্ৰীঃত তেওঁৰ পুতেক পূৰ্ণানন্দ বুঢ়াগোঁহাই হয়। পূৰ্ণানন্দ এজন বৰ কৃতকার্য বুঢ়াগোহাঁই আছিল। এওঁ ক্ৰমে গৌৰীনাথ সিংহ, কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ দিনত বুঢ়াগোহাঁই হিচাপে ৰাজ্য শাসন কৰিছিল।

১। দ্বিতীয় মোৱামৰীয়া বিদ্রোহঃ পূৰ্ণানন্দই বুঢ়াগোহাঁই হৈয়ে দ্বিতীয় মোৱামৰীয়া বিদ্রোহ দমন কৰে। দূৰদৰ্শী বুঢ়াগোহাঁইয়ে ৰজাক অমানুষিক দমন নীতি পৰিত্যাগ কৰি কৌশলেৰে বুজাই বঢ়াই বিদ্ৰোহীসকলক বশ কৰিবলৈ উপদেশ দিয়ে। কিন্তু গৌৰীনাথ সিংহই মোৱামৰীয়া বিদ্রোহীসকলৰ ওপৰত অমানুষিক অত্যাচাৰ কৰাৰ ফলত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ দেখা দিয়ে।

২। তৃতীয় মোৱামৰীয়া বিদ্ৰোহঃ এই বিদ্ৰোহৰ সময়ত ১৭৮৬ খ্ৰীঃৰ পৰা ১৭৯২ খ্ৰীঃলৈ এই ছয় বছৰ কাল বুঢ়াগোহাঁয়ে যি বুদ্ধি আৰু কৌশলেৰে যুদ্ধ চলাই টিকি আছিল, তাৰ দ্বাৰা পূৰ্ণানন্দৰ অসীম ধৈৰ্য্য, সাহস আৰু বুদ্ধি কৌশলৰ পৰিচয় পোৱা যায়।

৩। বৃটিছ আৰ্হিৰে সৈন্য সংগঠনঃ অৱশেষত ১৭৯৪ খ্রীঃত কেপ্তেইন ওৱেলচ চাহাব গৌৰীনাথ সিংহৰ আমন্ত্রণ ক্ৰমে অসমলৈ আহি মোৱামৰীয়া বিদ্রোহ দমন কৰি উভতি যায়। পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে বহু টকা পইচা দি দুজন বৃটিছ সৈন্য ৰাখি বৃটিছ আৰ্হিত আহোম সৈন্যবাহিনী গঠন কৰে আৰু যথেষ্ট শক্তিশালী হৈ উঠে।

কমলেশ্বৰ সিংহৰ দিনত বিদ্রোহ দমনঃ 

১। গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত বুঢ়াগোহাঁয়ে কমলেশ্বৰ সিংহক ৰজা পাতে। ৰজাই ৰাজ্য শাসনৰ সকলো ভাৰ বুঢ়াগোহাঁইৰ হাতত অৰ্পণ কৰিছিল। মোৱামৰীয়া ৰাজ্য শাসনৰ সকলো ভাৰ বুঢ়াগোহাঁইৰ হাতত অৰ্পণ কৰিছিল। মোৱামৰীয়া বিদ্রোহে শাম কটাত ডফলা, চিংফৌ, মটক, খামটি মৰাণ, নগা আদি বিদ্ৰোহৰ উপৰিও কছাৰী আৰু জয়ন্তীয়া ৰাজ্যৰ লগতো বিবাদ লাগে। বুঢ়াগোহাঁয়ে সকলো বিদ্ৰোহ ইংৰাজ আৰ্হিত সংগঠন কৰা ফৌজেৰে দমন কৰি ৰাজ্যত শান্তি স্থাপন কৰে।

২। শান্তি স্থাপনঃ ৰাজনীতিজ্ঞ বুঢ়াগোহাঁয়ে বিদ্ৰোহৰ সময়ত হাবিয়ে-বননিয়ে পলাই থকা প্ৰজাবোৰক আনি সংস্থাপন কৰে। তেওঁ বিদ্ৰোহীসকলক ক্ষমা কৰি শান্তিৰে বাস কৰিবলৈ দিলে। বিদ্রোহীয়ে ধ্বংস কৰা ৰংপুৰ নগৰখন তেওঁ পুনৰ নিৰ্মাণ কৰায়। চাৰখাৰ হোৱা দেশখনত এই বুঢ়াগোহাঁইয়ে পুনৰ শান্তি ফিৰাই আনিলে।

পূৰ্ণানন্দৰ সমালোচনাঃ বহুতো সমালোচকৰ মতে অসমলৈ বদনে মান অনা বাবে পূৰ্ণানন্দহে বেছি জগৰীয়া। কাৰণ আহোম ৰজাৰ দুৰ্বলতাৰ সুযোগ লৈ বুঢ়াগোহাঁই দেশৰ হৰ্তাকৰ্তা হৈ পৰিছিল। প্রথমে তেওঁ সুবিবেচক আছিল যদিও লাহে লাহে তেওঁ অত্যাচাৰী, স্বেচ্ছাচাৰী আৰু নিষ্ঠুৰ হৈ পৰে। তেওঁ নিজ ইচ্ছাৰে সকলো কাম কৰিছিল। দেশৰ দুৰ্গতিৰ মূলতে আছিল পূৰ্ণানন্দৰ স্বেচ্ছাচাৰিতা। সি যি নহ’ক পূৰ্ণানন্দ এজন চতুৰ দূৰদৰ্শী আৰু ৰাজনীতিজ্ঞ লোক আছিল।

প্রশ্ন ৭। মোৱামৰীয়া বিদ্ৰোহৰ বাবে কীৰ্তিচন্দ্ৰ বৰবৰুৱা কিমানখিনি জগৰীয়া?

উত্তৰঃ বৈষ্ণবসকলৰ প্ৰতি কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ব্যৱহাৰঃ লক্ষ্মীসিংহৰ ৰাজত্বকালত দেশৰ শাসনকার্য প্ৰকৃততে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত পৰাত তেওঁ বৰ স্বেচ্ছাচাৰী আৰু অহঙ্কাৰী হৈ উঠে। ৰজা আৰু বৰবৰুৱাই ফুৰিবলৈ যাওঁটে বাটতে, মোৱামৰীয়া মহন্তৰ লগত দেখাদেখি হোৱাত ৰজাক মহন্তই যথাযথ সন্মান জনালে, কিন্তু বৰবৰুৱাক নজনালে। তাৰ বাবে মহন্তক নানা কটুবাক্য শুনালে। এবাৰ হাতীচুঙ্গীয়া মৰাণৰ দলপতি নাহৰখোৱা আৰু ৰাঘব নেওগে বছেৰেকীয়া কৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ভাগত কম হোৱাত নাহৰ আৰু ৰাঘবক সৌকাৰে কোৱালে আৰু চুলি খুৰাই দিলে। দুয়োজনে এই অপমানৰ প্ৰতিশোধ ল’বলৈ বিচাৰিলে। তেওঁলোকৰ গুৰু মোৱামৰীয়া মহন্তৰ ওচৰলৈ গৈ বিদ্ৰোহ কৰিবৰ বাবে অনুমতি বিচাৰিলে।

প্রশ্ন ৮। মোৱামৰীয়া বিদ্ৰোহ দমনত ৱেলছৰ ভূমিকা বর্ণনা কৰা।

উত্তৰঃ কেপ্তেইন ওৱেলচৰ অসম অভিযানঃ ৰাজ্যৰ চাৰিওফালে মোৱামৰীয়া বিদ্ৰোহৰ অগনি জ্বলি উঠাত অৰাজক অবস্থাই দেখা দিলে। নানা চেষ্টা কৰিও বিদ্রোহ দমন কৰিব পৰা নগ’ল। উপায়হীন হৈ স্বৰ্গদেউ গৌৰীনাথ সিংহই ডা-ডাঙৰীয়াসকলৰ লগত আলোচনা কৰি গুৱাহাটীৰ বিকামজিন্দাৰ বৰুৱা আৰু দত্তৰাম খাউণ্ডক কলিকতাত থকা ইংৰাজ কোম্পানীৰ সহায় বিচাৰি পঠিয়ালে। তেওঁলোক গৈ গভৰ্ণৰ জেনেৰেল কৰ্ণৱালিছক লগ ধৰি সকলো জনালে। লর্ড কর্ণৱালিছে ১৭৯২ খৃঃত কেপ্তেইন ওৱেলচৰ অধীনত এদল সৈন্য অসমৰ মোৱামৰীয়া বিদ্ৰোহ আৰু বৰকাণ্ডাজ চিপাহীৰ উপদ্ৰপ দমনৰ বাবে পঠায় দিলে।

কেপ্তেইন ওৱেলেচ আহি ১৭৯২ খৃঃত গোৱালপাৰা পালেহি বিদ্ৰোহীৰবোৰে এই কথা জানিব পাৰি গুৱাহাটী এৰি পলাল। গৌৰীনাথ সিংহক লগপোৱাৰ পিছত কেপ্তেইন ওৱেলচে গুৱাহাটী উদ্ধাৰ কৰে আৰু দৰঙ্গৰ ৰজা কৃষ্ণনাৰায়ণক পৰাস্ত কৰি বশ্যতা স্বীকাৰ কৰায়। নামনি অসমৰ বিদ্ৰোহ সম্পূর্ণভাৱে দমন হ’লত ৰজাৰ অনুৰোধক্ৰমে ওৱেলচে সসৈন্য উজনিৰ ফালে আগুৱাই আহিল। পুৰ্ণানন্দ বুঢ়াগোহাঁইয়েও অসীম বিক্ৰমেৰে মোৱামৰীয়াক বাধা দি আছিল। মোৱামৰীয়াৰ লগত ইংৰাজৰ যুদ্ধ হয় আৰু যুদ্ধত মোৱামৰীয়াসকলৰ শোচনীয় পৰাজয় ঘটে। ইতিমধ্যে লর্ড কর্ণৱালিছে ছাৰ জন চোৰৰ হাতত কাৰ্যভাৰ অৰ্পণ কৰে আৰু কেপ্তেইন ওৱেলচক শীঘ্ৰে মাতি পঠায়। এই নির্দেশ পাই ১৭৯৪ খৃঃত কেপ্তেইন ওৱেলচে বহুত ধন-সোণ লৈ অসম এৰি গুচি যায়। তেওঁ অসম অভিযানৰ এটা বৰ্ণনা লিখি ৰাখে। ই বুৰঞ্জীৰ অতি আৱশ্যকীয় নথি বুলি গণ্য কৰা হয়।

কেইটিমান অতিৰিক্ত ৰচনধৰ্মী প্রশ্নোত্তৰঃ

প্রশ্ন ৯। শিৱসিংহৰ ৰাজত্বকালৰ প্ৰধান ঘটনাসমূহ বৰ্ণনা কৰা।

নাইবা

শিৱ সিংহৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত কি দৰে হৈছিল?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত পুতেক শিৱসিংহ ১৭১৪ খৃঃত সিংহাসনত বহে। ৰজা হোৱাৰ পিছতে শিৱসিংহই কামাখ্যাৰ কৃষ্ণৰাম ভট্টাচাৰ্য্য ন্যায়বাগীচৰ ওচৰত শৰণ লৈ তেওঁক উজনি আৰু নামনিত বহুতো মাটি বৃত্তি দান কৰে।

ডফলা অভিযানঃ শিৱসিংহৰ ৰাজত্বকালত ডফলাবিলাকে সীমান্ত অঞ্চলত নামি নানান অত্যাচাৰ কৰিছিল। শিৱসিংহই এদল সৈন্য পঠিয়াই ডফলাসকলক দমন কৰে আৰু ভবিষ্যতে উপদ্ৰৱ কৰিব নোৱাৰে তাৰ বাবে ডফলা পৰ্বতৰ নামনি অঞ্চলত গড় মাৰে।

শাক্তধৰ্মৰ প্রভাবঃ শিৱসিংহৰ আগলৈকে বৈষ্ণৱ গুৰু আৰু সত্ৰসমূহে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰি আছিল। কিন্তু শিৱসিংহই শাক্তধৰ্ম গ্ৰহণ কৰি শক্তিৰ উপাসক হ’ল। গতিকে ৰজাই তেতিয়াৰপৰা শাক্তধৰ্মক ৰাজকীয় ধৰ্ম কৰি ললে আৰু ইয়াৰ ফলত বৈষ্ণৱ গুৰু আৰু শিষ্যবোৰে ৰাজকীয় সহায়-সহানুভূতিৰপৰা বঞ্চিত হ’ল।

‘বৰৰজা’ ফুলেশ্বৰীঃ বৰবজা ফুলেশ্বৰী চিনাতলীয়া নটৰ জীয়ৰী আছিল। তেওঁৰ পূৰ্বৰ নাম আছিল ফুলমতী নাচনি। তেওঁ দেখিবলৈ বৰ ধুনীয়া আছিল। ৰজা হৈ স্বৰ্গদেৱে তেওঁক বিয়া কৰাই আৰু ফুলেশ্বৰী কুঁৱৰী নাম দিলে। নিজৰ বুদ্ধিৰ বলত তেওঁ বৰকুঁৱৰী হয়। ফুলেশ্বৰী কুঁৱৰীয়েও কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ ওচৰত দীক্ষা গ্ৰহণ কৰিছিল। ধর্ম দীক্ষা গ্ৰহণ কৰি এওঁ শাক্ত ধৰ্মৰ প্ৰতি বৰকৈ আকৃষ্ট হয় আৰু ৰাজ্যৰ নানা ঠাইত দৌল দেৱালয় সাজি দি ব্রাহ্মণক দান দক্ষিণা কৰে।

শিৱসিংহই কিছুদিন ৰাজত্ব কৰাৰ পিছতে জ্যোতিষী পণ্ডিত আৰু দেওধাই বাইলুঙে ৰজাৰ ছত্রভঙ্গ যোগ পৰা বুলি কৈ ১৭২২ খৃঃত বৰকুঁৱৰী ফুলেশ্বৰীক ‘বৰৰজা’ উপাদি দি আহোম সিংহাসনত বহুৱালে। সিংহাসনত বহিয়েই ফুলেশ্বৰীয়ে নিজৰ নামত মোহৰ মৰায় আৰু নিজ পৰিয়ালৰ লোকক ৰাজবিষয়া নিযুক্তি দিয়ে।

মোৱামৰীয়া মহন্তক অপমানঃ ফুলেশ্বৰী কুঁৱৰীৰে সিংহাসনত উঠি তেওঁৰ প্ৰজাসকলক শাক্তধৰ্মত দীক্ষিত কৰিবলৈ মন কৰিলে। বৈষ্ণৱ মহন্ত-সকলে দেৱ-দেৱীৰ পূজা-সেৱা নকৰা দেখি তেওঁলোকৰ ওপৰত ফুলেশ্বৰী কুঁৱৰীৰ ভাল ভাৱ নাছিল। এবাৰ নিজে দুর্গাপূজা পাতি মোৱামৰীয়া মহন্তক আদি কৰি বহুতো মহত্তক নিমন্ত্ৰণ কৰি আনি বলেৰে দেৱীক সেৱা কৰাই কপালত বলিকটা তেজেৰে ফোট দিয়ালে আৰু দেৱীৰ প্ৰসাদ খাবলৈ বাধ্য কৰালে। ৰাণীৰ এনে বৈষ্ণৱ বিৰোধী কাৰ্য্যত বৈষ্ণৱ মহন্তসকলে অত্যন্ত আঘাত আৰু অপমান পালে। মোৱামৰীয়া মহন্ত বৈষ্ণৱ প্ৰজাসকলৰ বৰ প্ৰভাৱশালী গুৰু আছিল। সুবিধা পালেই প্রতিশোধ লোৱাৰ বাবে তেওঁলোকে ভাবি আছিল। মোৱামৰীয়া মহন্তই পোৱা এই অপমানৰ দাবানল ওঠৰ শতিকাৰ শেষৰ ফালে “ মোৱামৰীয়া বিদ্ৰোহ” হৈ দপ্‌দপ্‌কৈ জ্বলি উঠিল।

অৱশ্যে ফুলেশ্বৰী কুঁৱৰীৰ যে গুণ নাছিল এনে নহয়৷ তেওঁ এগৰাকী বিদ্যোৎসাহিনী তিৰোতা আছিল। ৰাজ্যত শিক্ষাৰ প্ৰসাৰৰ বাবে কেইবাখনো টোল পাতি শিক্ষাৰ ব্যৱস্থা কৰি দিছিল। ৰংপুৰত এখন পঢ়াশালী আৰু এটা পুথিভঁৰাল স্থাপন কৰিছিল। সম্ভৱত অসমত তেওঁৱেই প্ৰথম পুথিভঁৰাল পাতে। তেওঁৰ নিৰ্দেশমতে গৌৰী সাগৰৰ দৌল আৰু পুখুৰী নিৰ্মাণ কৰা হয়। ১৭৩১ খৃঃত ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যু হয়।

অম্বিকা আৰু সৰ্বেশ্বৰীঃ ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰ সৰু ভনীয়েক দ্রৌপদীক তেওঁ বিয়া কৰাই আৰু অম্বিকা নাম দি ‘বৰৰজা’ পাতে। এওঁ বায়েকৰ দৰে নিজৰ নামত মোহৰ মৰায়। এওঁ শিৱসাগৰৰ শিৱদৌল আৰু বৰপুখুৰী খন্দাইছিল। ১৭৩৮ খৃঃত এইগৰাকী ৰাণীৰো মৃত্যু হোৱাত শিৱসিংহই শলাল গোহাঁইৰ জীয়েক আঁকৰী গাভৰুক বিয়া কৰায় সৰ্বেশ্বৰী নাম দি বৰৰজা পাতে। এই গৰাকী ৰাণীয়েও মোহৰ মৰায় আৰু কেৰী ৰাজমাও দৌল সাজে।

এইদৰে কুৱঁৰীসকলক বৰৰজা পাতি ত্ৰিশ বছৰ কাল ৰাজত্ব কৰি ১৭৪৪ খৃঃত স্বৰ্গদেৱ শিৱসিংহৰ মৃত্যু হয়। শিৱসিংহ এগৰাকী সংস্কৃতিৰ পূজাৰী আছিল আৰু সাহিত্য সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰি আনন্দ পাইছিল। তেওঁ কেইবাখনো সংস্কৃত গ্রন্থ ব্ৰাহ্মাণ পণ্ডিতৰ হতুৱাই অসমীয়ালৈ ভাঙনি কৰায়। তেওঁ নিজে এজন কবি-সাহিত্যিক আছিল।

শিৱসিংহৰ দিনত ৰাজ-অনুগ্ৰহ পাই হিন্দুধর্ম ঠন কৰি উঠে আৰু বেছিভাগ আহোমেই নিজৰ ধৰ্ম এৰি হিন্দুধৰ্মত দীক্ষিত হয়। শিৱসিংহ আৰু তেওঁৰ ৰাণীসকলে অজস্ৰ টকা দৌল-দেৱালয় নিৰ্মাণত খৰচ কৰে। তেওঁৰ দিনৰ কামৰূপ আৰু বকতা অঞ্চলৰ মাটি পিয়ল কৰা হয় আৰু মাটিৰ শ্রেণীবিভাগ কৰি কাকতবিধি ৰখাৰ নিয়ম হয়। তেওঁৰ দিনতে ধাঁই আলি বন্ধা হয়, উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত আৰু দীঘ্ৰেশ্বৰী দেৱালয়-মন্দিৰ এওঁৱেই সজাই দিয়ে।

প্রশ্ন ১০। ৰাজেশ্বৰসিংহৰ ৰাজত্বকালত উল্লেখযোগ্য ঘটনা আৰু তেওঁৰ সজ কামবোৰ বর্ণনা কৰা।

নাইবা

ৰাজেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া মহন্তই কিদৰে তেওঁৰ প্ৰতিপত্তি দেখাইছিল বর্ণনা কৰা।

উত্তৰঃ স্বৰ্গদেৱ শিৱসিংহৰ মৃত্যুৰ পিছত ভায়েক প্ৰমত্তসিংহ ৰজা হয়। এইজনা ৰজাৰ দিনতে গড়গাঁৱৰ নতুন পকীঘৰ নিৰ্মাণ কৰা হয়। ৰংপুৰৰ ৰংঘৰ এওঁৱেই সজায়। এওঁ শুক্লেশ্বৰ দেৱালয় আৰু উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ মন্দিৰ সজায়।

প্ৰমত্তসিংহৰ পিছত তেওঁৰ ভায়েক অৰ্থাৎ ৰুদ্ৰসিংহৰ চতুৰ্থ পুতেক ভোবোলা গোহাঁই ১৭৫১ খৃঃত আহোমৰ ৰাজসিংহাসনত আৰোহণ কৰে আৰু ৰাজেশ্বৰ সিংহ নাম লয়। আচলতে প্ৰমত্ত সিংহৰ পিছত ৰুদ্ৰসিংহৰ তৃতীয় পুতেক মোহনমালা গোহাঁই দেৱ ৰজা হব লাগিছিল; কিন্তু তেওঁৰ গাত বসন্তৰ দাগ থকা দেখি ডাঙৰীয়াসকলে ৰাজেশ্বৰসিংহক সিংহাসনত বহুৱাই। ৰাজেশ্বৰসিংহ ৰাজপাটত বহিয়েই সিংহাসনৰ অধিকাৰ দৃঢ় কৰিবলৈ মোহনমালাক নামৰূপত নির্বাসন দিলে।

বিদ্রোহ দমনঃ এওঁৰ দিনত কেইবাটাও বিদ্রোহ হয়, উত্তৰ সীমান্তত থকা ডফলাবিলাকে ৰাজ্যত উপদ্ৰৱ কৰে। ডফলাবিলাক যাতে আহিব নোৱাৰে তাৰ বাবে গড় মাৰে আৰু অর্থনৈতিক হেঁচা দিয়ে। পাছত ডফলাৰ লগত আপোচ-মীমাংসা হয়। ১৭৬৫ খৃঃ মিকিৰবিলাকে কৰ আদায় নিদিয়াৰ বাবে ফৌজ পঠায়। মিক্ৰিবিলাকৰ লগত যুদ্ধ হয় আৰু যুদ্ধত হাৰি মিকিৰে বশ্যতা স্বীকাৰ কৰি কৰ পৰিশোধ কৰে।

লতাকটা ৰণঃ মণিপুৰৰ ৰজা জয়সিংহই আহোমৰ ৰাজধানীলৈ আহি মানৰ বিৰুদ্ধে আহোমৰ সহায় প্রার্থনা কৰাত ৰাজেশ্বৰসিংহই হৰনাথ ভিতৰুৱাল ফুকন আৰু দুৱৰীয়া ফুকনক সেনা পাতি ৪০,০০০ (চল্লিশ হেজাৰ) সৈন্যৰ এটা বাহিনী মণিপুৰলৈ পঠায়। ভিতৰুৱাল ফুকনে সসৈন্য আগুৱাই গৈ বাট হেৰুৱাই হাবিৰ মাজত বাট কাটি কাটি ঘূৰি ফুৰি বহুত দিন কটালে। ইতিমধ্যে বিপুলবাহিনীটোৰ ৰচদ-পাতিৰ অভাৱ হ’ল; জৰ, গ্ৰহণী বেমাৰত বহুতো সৈন্য মৰিল। এই কথা জানিব পাৰি হৰনাথ ভিতৰুৱাল ফুকনক ৰজাই ঘূৰাই আনিলে আৰু যথাযোগ্য শাস্তি বিহিলে। সৈন্যসকলে হাবিত লতা কাটি বাট বিচাৰি ফুৰা কাৰণে এই যুদ্ধৰ অভিযানটোক “লতাকটা ৰণ” বোলে।

এই অভিযান ব্যর্থ হোৱাত ১৭৬৮ খৃঃত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পুতেক খঙীয়া ফুকনক সেনাপতি পাতি পুনৰ এদল সৈন্য কি মণিপুৰলৈ পঠোৱা হয়। ফুকনে ৰহাত থাকি মনমথ নগা বৰাক দহ হেজাৰ সৈন্য দি মণিপুৰৰ ৰজাৰ লগত পঠাই দিলে। নগা বৰাই মিৰাপ নৈৰ পাৰত কোঠ মাৰি ৰ’ল। মান সৈন্যই আহোম সৈন্য যোৱাৰ বাতৰি পাই মণিপুৰ এৰি গুচি গ’ল। জয়সিংহই মণিপুৰ অধিকাৰ কৰি পুনৰ সিংহাসনত বহে আৰু মানসৈন্যই পতা ৰজাজনক বধ কৰে। আহোম ৰজাৰ সাহায্যত সিংহাসন পুনৰ লাভ কৰা বাবে জয়সিংহই নিজৰ জীয়েক কুৰঙ্গ নয়নীক বহুতো ৰত্ন বস্তুৰে সৈতে আহোম ৰজা ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়ে।

মোৱামৰীয়া মহন্তৰ প্ৰতিপত্তিঃ স্বৰ্গদেৱ শিৱসিংহৰ দিনতে ফুলেশ্বৰী কুঁৱৰীৰ হাত অপমান পোৱা মোৱামৰীয়া মহন্তই পূৰ্বৰ প্ৰতিশোধ লবৰ বাবে মনতে ভাবি আছিল। তাৰ আগতে নিজৰ শিষ্য কিমান আছে চাবৰ বাবে মালৌ পথাৰৰ এডোখৰ ঠাইত সত্ৰ নিৰ্মাণৰ বাবে ভেটি কৰিবলৈ সকলো শিষ্যকে এচপৰাকৈ মাটি দিবলৈ ক’লে। সকলোৱে এচপৰাকৈ মাটি দিয়াত ভেটি বৰ ওখ হ’ল আৰু তাতে সত্ৰৰ ঘৰ সাজিলে। এই ভেটিতে লগ হৈ সকলো শিষ্যই ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰাৰ বাবে আলোচনা কৰিলে। স্বৰ্গদেৱে মোৱামৰীয়া মহন্তৰ প্ৰভাৱ দেখি দিহিঙৰ মহন্তৰ লগত মিত্ৰতা কৰিলে আৰু ৰজাৰ কাৰেঙলৈ অহা-যোৱা কৰি থাকিল। দিহিঙ্গৰ মহন্তৰপৰা স্বৰ্গদেৱে জানিব পাৰিলে যে, মোৱামৰীয়া মহস্তক দমন কৰিবলৈ চেলু চাই আছে। এই সংবাদ পাই স্বৰ্গদেৱে মোৱামৰীয়া মহন্তক দমন কৰিবলৈ বুলি বহুতক শাস্তি দিলে আৰু বহুতক প্ৰাণে মাৰিলে। ৰজাৰ এই কাৰ্য্যত মহন্তসকলৰ ক্রোধ বেছিহে হ’ল।

কীৰ্তিচন্দ্ৰ বৰবৰুৱাঃ স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহ যদিও সমৰ্থবান পুৰুষ আছিল, তথাপি তেওঁ ৰাজকাৰ্য্য চলোৱাতকৈ লাহবিলাহত দিন কটাবলৈ ভাল পাইছিল। গতিকে, তেওঁ ৰাজ্যৰ শাসনভাৰ বকতিয়ালৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ (গেন্ধেলা বৰবৰুৱা) হাতত এৰি দিছিল। কীৰ্তিচন্দ্ৰ এজন অত্যাচাৰী আৰু অহংকাৰী লোক আছিল। গতিকে, ৰাজ্যৰ শাসনভাৰ পাই তেওঁৰ অত্যাচাৰ আৰু অহংকাৰ দিনে দিনে বাঢ়িলেহে। ডাঙৰীয়াসকলে কীৰ্তিচন্দ্ৰৰ বিপৰীতে লাগিল আৰু ‘চকৰিফেটী’ বুৰঞ্জী লিখি ‘জলমবটা’ আখ্যা দিলে। কীৰ্তিচন্দ্ৰই এই কথা জানিব পাৰি সকলো বুৰঞ্জী পুথি দাহ কৰালে আৰু নৰাদেশৰপৰা আত্মীয় মানুহ অনাই নিজৰ বংশ পৰিয়াল যে সম্ভ্ৰান্ত আহোম তাক প্ৰমাণ কৰিলে। কীৰ্তিচন্দ্ৰৰ বুৰঞ্জীদাহে তেওঁক অপ্ৰিয় কৰি তুলিলে আৰু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র হ’ল। এটা আক্ৰমণত তেওঁ ক্ষতবিক্ষত অৱস্থাত কোনোমতে প্রাণ লৈ পলাল। অৱশ্যে বিদ্রোহীসকলক কঠোৰ শাস্তি বিধান কৰা হ’ল।

সজকামঃ ৰাজেশ্বৰ সিংহৰ দিনত সকলো আলি-পদূলি, দৌল-দেৱালয় আৰু নগৰ আদি নিৰ্মাণ কৰা হয়। এওঁৰ দিনত গড়গাঁও আৰু ৰংপুৰ নগৰত তলাতল ঘৰ নিৰ্মাণ কৰা হয়। এওঁৱেই বশিষ্ঠাশ্ৰমত, মণিকৰ্ণেশ্বৰত আৰু গুৱাহাটীৰ নবগ্ৰহত দৌল সজাইছিল। নেঘেৰিটিঙতো এটা নতুনকৈ দৌল সজাইছিল। শাক্তধৰ্মত দীক্ষিতা হৈ পৰ্বতীয়া গোহাঁইৰ নাতিনিয়েকৰ ওচৰত শৰণ লৈছিল আৰু পৰ্বতীয়া গোহাঁইক পাণ্ডুনাথত ঘৰবাৰী সজাই দি বহুত মাটিবাৰী দান কৰিছিল। স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহদেৱৰ ১৭৬৯ খৃঃত নৰিয়াত পৰি মৃত্যু হয়।

অন্যান্য বিদ্রোহঃ লক্ষ্মীসিংহৰ ৰাজত্বকালত তেওঁৰ দুৰ্বলতাৰ সুযোগ লৈ দৰঙৰ বহুতো লোকে বিদ্রোহ কৰে। এই বিদ্ৰোহত ৪০০০ প্ৰজাই একেলগে ভাগ লৈছিল বুলি জনা যায়। তেওঁলোকে মাটি পিয়ল ৰদ কৰিবলৈ দাবী কৰিছিল। ৰজাই তেওঁলোকৰ দাবী মানি লোৱাত বিদ্রোহ শাম কাটে। মোৱামৰীয়াসকলক দেখি ভগনীয়া আহোম কোঁৱৰসকলেও সিংহাসন পোৱাৰ আশাত ষড়যন্ত্র কৰি ফুৰিছিল। চাৰিওফালে বিদ্রোহ হোৱাত আহোম ৰাক্তশক্তি দুৰ্বল হৈ পৰিছিল।

প্ৰজাহিতকৰ কামঃ লক্ষ্মীসিংহৰ দিনত ৰুদ্ৰসাগৰৰ বিশাল পুখুৰী খন্দোৱা হয়। দিখৌ নদীৰ ওপৰত দলং সাজিবলৈ তেওঁ ৰংপুৰৰ তলাতল ঘৰৰ চূড়া খহাই ইটাৰ যোগাৰ কৰিছিল। পিছে দলং সা নহ’ল। তেওঁ ৰংপুৰৰ বগীদৌল নিৰ্মাণ কৰাইছিল, ১৭৮০ খৃঃৰ ডিচেম্বৰ মাহত ৬৭ বছৰ বয়সত এই জনা ৰজাৰ মৃত্যু হয়।

প্রশ্ন ১১। কমলেশ্বৰ সিংহৰ ৰাজত্ব কালৰ এটা চমু বর্ণনা দিয়া।

উত্তৰঃ গৌৰীনাথ সিংহৰ মৃত্যুৰ পাছত কিনাৰামে হিন্দুমতে কমলেশ্বৰ সিংহ আৰু আহোম মতে চুক্লিংফা নাম লৈ ১৭৯৫ খ্ৰীঃত আহোমৰ সিংহাসনত উঠে। তেওঁ শাসনৰ সকলো ভাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হাতত এৰি দিছিল।

১। দন্দুৱাদ্রোহঃ মোৱামৰীয়া বিদ্ৰোহত শাসনৰ বান্ধ ঢিলা হোৱা বাবে উত্তৰ কামৰূপত হৰদত্ত আৰু বীৰদত্ত নামে দুজন ভাই-ককাইয়ে বিদ্রোহ কৰি ভালেমান ঠাই অধিকাৰ কৰি নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰে। এই বিদ্ৰোহক “দন্দুৱাদ্রোহ” বুলিছিল। গুৱাহাটীৰ কলীয়া ভোমোৰা বৰফুকনে এই বিদ্রোহ দমন কৰি হৰদত্ত আৰু বীৰদত্তক বধ কৰে।

২। ডফলা আৰু মোৱামৰীয়াৰ বিদ্রোহ দমনঃ ১৭৫৯ খ্ৰী-ত ডফলা আৰু মোৱামৰীয়াসকলে লগ-লাগিব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বিদ্রোহ কৰে। বুঢ়াগোহাঁয়ে নতুন ফৌজৰ সহায়ত এই বিদ্রোহ দমন কৰে।

৩। চিংফৌ আৰু খামতি বিদ্ৰোহঃ চিংফৌ আৰু থামতিসকলে লগ হৈ শদিয়াৰ পূৱে সাৰুৱা সমভূমি অঞ্চল অধিকাৰ কৰে। পাছত ডেকা ফুকনক সসৈন্য পঠিয়াই এই বিদ্রোহ দমন কৰে। চিংফৌ সেনাপতি বিচানঙক এজনী আহোম গাভৰু উপহাৰ দিয়ে।

৪। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ৰাজ্য সংগঠনঃ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত হাবিয়ে বননিয়ে পলাই যোৱা প্ৰজাসকলক বিচাৰি আনি বুঢ়াগোহাঁয়ে পুনৰ সংস্থাপন কৰিবলৈ ধৰিলে। ভয়তে পলাই থকা বিদ্রোহীবোৰক দোষ ক্ষমা কৰি উভতি আহিবলৈ নিৰ্ভয় দিয়ে। এই মর্মে বুঢ়াগোহাঁয়ে কছাৰী আৰু জয়ন্তীয়া ৰজাক অনুৰোধ জনায়।

৫। কছাৰী আৰু মোৱামৰীয়াৰ লগত যুদ্ধঃ কছাৰী ৰজা কৃষ্ণচন্দ্ৰৰ দিনত কছাৰী ৰাজ্যত আশ্রয় লোৱা প্ৰজাবোৰক উভতাই আনিব যোৱা আহোম সৈন্যৰ লগত কছাৰী আৰু মোৱামৰীয়াসকলৰ ৰণ হয়। ৰণত আহোম সৈন্যৰ জয়লাভ হয়।

৬। মৰাণসকলৰ বিদ্রোহঃ ১৮০৫ খ্ৰীঃত বেঙমৰাত সৰ্বানন্দই মানৰ সহায় লৈছিল। বুঢ়াগোহাঁয়ে কৌশলৰে এই বিদ্রোহ দমন কৰে।

৭। নগাৰ বিৰুদ্ধে অভিযানঃ ১৮০৭ খ্রীঃত বৰহটীয়া কন্যাক নগা আৰু ১৮০৯ খ্ৰীঃত তিৰুদুৱাৰৰ কন্যাক নগাসকলে আহোম ৰাজ্যত সোমাই অত্যাচাৰ কৰে। বৰহটীয়া নগাসকলে যুদ্ধত হাৰি বশ্যতা স্বীকাৰ কৰে। কিন্তু তিৰুদুৱাৰৰ নগাসকলে যুদ্ধত হাৰি পলাই যায়।

৮। ভুটিয়াৰ লগত সম্বন্ধঃ ভুটীয়াসকলে গোহাঁইকমল আলি পাৰ হৈ আহোম ৰাজ্যত মাজে-সময়ে উৎপাত কৰিছিল। সেই সময়তে দুই ৰাজ্যৰ মাজত কটকী বিনিময় হয়, আৰু দুই ৰাজ্যৰ মাজৰ সীমা নিৰ্ধাৰণ ব্যৱস্থা কৰে। ভুটীয়া ৰজাই আহোম ৰাজ্য দখল কৰা বাবে দায়িত্বত থকা দৰঙ্গী ৰজা কৃষ্ণনাৰায়ণক পদচ্যুত কৰি সমুদ্ৰনাৰায়ণক ৰজা পাতি ভুটীয়াসকলক আগৰ সীমালৈ পিছুৱাই নিবলৈ আদেশ দিয়ে।

প্রায় ষোল বছৰ ৰাজত্ব কৰাৰ পাছত ১৮১১ খ্ৰীঃত বসন্তৰোগত কমলেশ্বৰ সিংহৰ মৃত্যু হয়।

৯। সজকামঃ কমলেশ্বৰ সিংহৰ ৰাজত্বকালত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ যত্নত দেশত শান্তি স্থাপন হয়। এওঁৰ দিন কামাখ্যাত এটা তামৰ ঘৰ, গুৱাহাটীত ছত্রাকাৰ দেৱালয় আৰু হাজোতে হয়গ্ৰীৱ মাধৱৰ দেৱালয় সজা হয়। ইয়াৰ উপৰিও কেবাটাও আলিবাট বন্ধা আৰু পুখুৰী খন্দা হয়। এই সময়তে শ্রীকান্ত সূর্য বিগ্রহ “ৰামায়ণৰ লঙ্কাকাণ্ড” অসমীয়ালৈ অনুবাদ কৰে।

প্রশ্ন ১২। আহোম সাম্ৰাজ্য পতনৰ মূল কাৰণ কি লিখা।

উত্তৰঃ অসমত আহোমসকলে সুদীর্ঘ ছশ বছৰৰো অধিক কাল ৰাজত্ব কৰাৰ পিছত তেওঁলোকৰ পতন ঘটে। আহোমসকলৰ পতনৰ কাৰণসমূহ হ’লঃ

১। মুছলমানসকলে বাৰে বাৰে অসম আক্ৰমণ কৰি আহোম ৰাজ্যক দুর্বল কৰি তুলিছিল। মুছলমানৰ প্ৰায়বোৰ আক্ৰমণতে আহোম ৰজাৰ সৈন্যবল আৰু আর্থিক ক্ষতি যথেষ্ট হৈছিল।

২। স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ পিছৰ পৰা আহোম ৰজাসকল ক্রমে দুর্বল, অলস আৰু আমোদপ্ৰিয় হৈ পৰিছিল। সেইবাবে শাসনৰ বান্ধ শিথিল হৈ লাহে লাহে সামৰিক শক্তিও কমি গৈছিল।

৩। ৰাজশক্তিৰ দুৰ্বলতাৰ সুযোগ লৈ উচ্চপদস্থ বিষয়াসকল ক্ষমতালোভী, স্বেচ্ছাচাৰী আৰু অত্যাচাৰী হ’বলৈ আৰম্ভ কৰে, আৰু নিজৰ ভিতৰতে কাজিয়া কৰি দেশৰ স্বার্থ বিপদাপন্ন কৰি তোলে। পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন বৰফুকনৰ কাজিয়াৰ ফলতে অসম প্রায় ধ্বংসপ্রাপ্ত হয়। ইয়াকে আহোম ৰাজত্ব পতনৰ মূল কাৰণ বুলিব পাৰি।

৪। শিৱসিংহৰ দিনৰ পৰা আৰম্ভ হোৱা ৰজাসকলৰ ধৰ্মবিদ্বেষ নীতিয়ে আহোমসকলৰ সর্বনাশ কৰে। আহোম ৰজাসকলে মোৱামৰীয়া মহন্তসকলৰ ওপৰত কৰা অত্যাচাৰে যি বিদ্ৰোহৰ অগনি জ্বলালে সি আহোম ৰাজশক্তিক যথেষ্ট দুৰ্বল কৰি তুলিছিল।

৫। আহোমসকলে পিছলৈ হিন্দু ধৰ্ম গ্ৰহণ কৰিলেও আন ধৰ্মৰ মানুহক আহোমসকলৰ লগত সমান ব্যৱহাৰ কৰা নাছিল। ৰাজকাৰ্য্যত আন মানুহক, সমান স্থান নিদিছিল। সেইবাবে আন জাতিৰ মানুহে আহোমৰ শাসন ৰক্ষা কৰাৰ বাবে যত্নবান হোৱা নাছিল।

৬। অৱশেষত মানৰ আক্ৰমণে আহোম ৰাজত্ব সমুলঞ্চে ধ্বংস কৰি শক্তিশালী ইংৰাজ জাতিক অসমলৈ অহাৰ বাট মোকলাই দিয়ে। এইদৰে অসমত অৱশেষত ইয়াণ্ডাবু সন্ধিৰ পাছত ইংৰাজৰ শাসন প্ৰৱৰ্তন হয়।

অতি চমু প্রশ্নোত্তৰঃ

প্রশ্নঃ ১। লক্ষ্মীসিংহৰ ধৰ্মগুক কোন?

উত্তৰঃ ৰমানন্দ ভট্টাচাৰ্য্য।

প্রশ্নঃ ২। মলৌপথাৰত কি বন্ধোৱা হৈছিল?

উত্তৰঃ বৰভেটি বন্ধা হৈছিল।

প্রশ্নঃ ৩। মোৱামৰীয়াসকলৰ সৰহভাগ কোন সম্প্ৰদায়ৰ।

উত্তৰঃ মোৱামৰীয়াসকলৰ সৰহভাগ মৰাণ-মটক সম্প্ৰদায়ৰ লোক আছিল।

প্রশ্নঃ ৪। নাহৰখোৱা শ‍ইকীয়াক কি শাস্তি দিয়া হৈছিল?

উত্তৰঃ নাহৰখোৱা শ‍ইকীয়াক কাণ কাটি পঠাইছিল।

প্রশ্নঃ ৫। মোৱামৰীয়াসকলে আহোম ৰাজবংশৰ কাক হাত কৰিছিল?

উত্তৰঃ আহোম ৰজা ৰুদ্ৰসিংহৰ পুতেক মহোনমালা গোহাঁইক।

৬। ৰাঘৱ নেওগক কোনে হত্যা কৰিছিল?

উত্তৰঃ মনিপুৰী কুৱৰী কুৰংগনয়নীয়ে।

প্রশ্নঃ৭। প্রথম বিদ্রোহত মোৱামৰীয়াসকলে কাক ৰজা পাতিছিল?

উত্তৰঃ ৰমাকান্তক বা ৰামানন্দক।

প্রশ্নঃ ৮। গৌৰীনাথ সিংহৰ আহোম নাম কি?

উত্তৰঃ চুহিংপাংফা।

প্ৰশ্নঃ ৯। গৌৰীনাথ সিংহৰ ৰাজত্বকালত আহোমৰ দ্বিতীয় ৰাজধানী ক’ত আছিল?

উত্তৰঃ যোৰহাটত।

প্ৰশ্নঃ ১০। মৰাণসকলে বেংমৰাত কাক ৰজা পাতিছিল?

উত্তৰঃ সর্বানন্দক।

প্রশ্নঃ চমুটোকা লিখা—

১। বেলছে গৌৰীনাথ সিংহৰ লগত কৰা চুক্তি।

উত্তৰঃ ৱেলছে গৌৰীনাথ সিংহৰ লগত কৰা চুক্তিঃ অসমত ইংৰাজসকলৰ বেপাৰৰ বাবে কেপ্তেইন ওৱেলছে আহোম ৰজা গৌৰীনাথ সিংহৰ লগত এখন চুক্তি কৰে। এই চুক্তিৰ মতে –

১। ইংৰাজৰ অধীনস্থ ঠাইৰ পৰা অসমলৈ অহা যিকোনো বস্তুৰ বাবে দহ শতাংশ কৰ ধার্য কৰা হয়।

২। অসমৰ পৰা ৰপ্তানী কৰা সামগ্ৰীৰ ওপৰতো দহ শতাংশ কৰ ধার্য কৰা হয়।

৩। ধান চাউলৰ ওপৰত কৰ নাথাকে।

৪। গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী থাকিব। গুৱাহাটী চকীত ৰপ্তানী কৰ আৰু কান্দাহাৰ চকীত আমদানি কৰ সংগ্ৰহ কৰা হ’ব। মুঠ সংগ্ৰহৰ ১২ শতাংশ সংগ্ৰহ কৰ প্ৰাপ্য হ’ব।,

৫। ইংৰাজৰ বাহিৰে আন কোনো ইউৰোপীয় বেপাৰী, ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত থাকিব নোৱাৰিব কান্দাহাৰ চকীত সংগ্ৰহ কৰা ৯০ হাজাৰ টকাৰ ২৬ হাজাৰ টকা আহোম চৰকাৰে পাব আৰু বাকী ইংৰাজ চৰকাৰে পাব।

২ পূৰ্ণানন্দ বুঢ়াগোহাঁই।

উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁইঃ আহোম ৰজা গৌৰীনাথ সিংহৰ ৰাজত্বকালত, ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যুৰ পাছতে ১৭০১ খ্ৰীঃত তেওঁৰ পুতেক পূৰ্ণানন্দ বুঢ়াগোঁহাই হয়। পূৰ্ণানন্দ এজন বৰ কৃতকার্য বুঢ়াগোহাঁই আছিল। এওঁ ক্ৰমে গৌৰীনাথ সিংহ, কমলেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ দিনত বুঢ়াগোহাঁই হিচাপে ৰাজ্য শাসন কৰিছিল।

৩। কীৰ্তিচন্দ্ৰ বৰবৰুৱা।

উত্তৰঃ কীৰ্তিচন্দ্ৰ বৰবৰুৱাঃ ৰাজেশ্বৰ সিংহই ৰাজকার্য পৰিচালনা কৰাতকৈ আমোদ-প্রমোদত দিন কটাবলৈহে বেছি ভাল পাইছিল। তেওঁ ৰাজ্য-শাসনৰ ভাৰ বকতিয়ালৰ কীৰ্তিচন্দ্ৰ গেন্ধেলা বৰবৰুৱাৰ হাতত অৰ্পণ কৰিছিল। বৰবৰুৱাৰ ক্ষমতা দিনকদিনে বাঢ়ি যোৱাত ডা-ডাঙৰীয়াসকলে তেওঁক দেখিব নোৱাৰা হ’ল। কীৰ্তিচন্দ্ৰ সাধাৰণ কাড়ী খেলৰ মানুহ আছিল। নুমলী বৰগোহাঁয়ে ‘চক্ৰীফেঁটী’ নামে এখন বুৰঞ্জী লিখি কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালক ‘জলম বটা’ অর্থাৎ নকল আহোম বুলি উল্লেখ কৰিলে। কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এই কথাৰ প্ৰতিবাদ কৰি নৰা দেশৰ পৰা নিজা আত্মীয় মানুহ আনি প্রমাণ কৰিলে যে তেওঁ সম্পূর্ণ সম্ভ্রান্ত আহোম পৰিয়ালৰ। এনে কাৰ্যই ৰজাৰ বিষয়েও কিবা বেয়া কথা থাকিব পাৰে বুলি সন্দেহ জগালে আৰু ৰজাৰ পৰা ৰাজ্যৰ বুৰঞ্জী পৰীক্ষা কৰাৰ আদেশ ললে। তেওঁ বুৰঞ্জী কিছুমান পৰীক্ষা কৰি আপত্তিজনক কথা থকা বুৰঞ্জীবোৰ পুৰি পেলায়। বৰবৰুৱাৰ এই কাৰ্যই তেওঁক বৰ অপ্ৰিয় কৰি তোলে। কিছুমান ষড়যন্ত্র কৰি তেওঁক বধ কৰিবলৈ চেষ্টা কৰেঃ কিন্তু তেওঁ কোন ৰকমে পলাই প্ৰাণ ৰক্ষা কৰে। পিছত তেওঁ, ষড়যন্ত্ৰকাৰীসকলক ধৰি কঠোৰ শাস্তি দিয়ে।

কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহস্তসকলৰ ওপৰত বৰ অত্যাচাৰ কৰে। তেওঁ কেইজনমান মোৱামৰীয়া নেতাক অপমান আৰু লঘু লাঞ্চনা কৰা বাবে তেওঁলোক বিদ্রোহী হৈ উঠে। মোৱামৰীয়া বিদ্ৰোহীসকলে বিদ্ৰোহৰ সময়ত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক সবংশে বধ কৰে।

৪। কৃষ্ণ নাৰায়ণ।

উত্তৰঃ কৃষ্ণ নাৰায়ণঃ দৰঙৰ কৰ্তলীয় ৰজা হংসনাৰায়ণে আহোম ৰজাক দিবলগীয়া কৰ বন্ধ কৰা কাৰণত আহোম ৰজাই হংসনাৰায়ণক হত্যা কৰি বিষ্ণুনাৰায়ণক ৰজা পাতে। এই অন্যায় কাৰ্যৰ বিৰুদ্ধে হংস নাৰায়ণৰ পুতেকে কামৰূপৰ হৰদত্ত বীৰদত্তৰ লগ লাগি বংগদেশৰ পৰা বৰকাণ্ডাজ সৈন্য আনি বিষ্ণুনাৰায়ণক খেদি নিজে দৰঙৰ ৰজা হয়। পাছত উত্তৰ গুৱাহাটীলৈকে ৰাজ্য বিস্তাৰ কৰি শাসন চলাই থাকে। কেপ্তেইন ওৱেলছে পাছত কৃষ্ণ নাৰায়ণক মতাই আনি, আহোমৰ কৰতলীয়া ৰজাপাতি বিবাদ মীমাংসা কৰে।

৫। মায়ামৰা মহন্ত।

উত্তৰঃ মায়ামৰা মহন্তঃ মোৱামৰীয়া সত্ৰৰ প্ৰতিষ্ঠাতা আছিল অনিৰুদ্ধদেৱ। তেওঁ মহাপুৰুষ শংকৰদেৱৰ শূদ্ৰ শিষ্য আছিল। তেওঁ হিন্দু সমাজৰ নিম্নবৰ্গৰ আৰু উপজাতীয় লোকসকলক বিশেষভাৱে আকর্ষণ কৰিছিল। এই সম্প্ৰদায়ৰ লোকৰ সংখ্যাই অসমত বেছি হোৱা বাবে এই সত্ৰৰ শিষ্যৰ সংখ্যা আন সত্ৰত কৈ বহুত বেছি আছিল। কথিত আছে যে যোৰহাটৰ ওচৰৰ মালৌ পথাৰত সত্ৰৰ ‘বৰভেটি’ বান্ধোতে মায়ামৰীয়া শিষ্যসকলক প্রত্যেককে এচপৰাকৈ মাটি দিওঁতে তেওঁলোকৰ সংখ্যা আঠলাখ পোৱা গৈছিল। এই সংখ্যাৰ পৰা অনুমান কৰিব পাৰি যে এই সত্ৰৰ শিষ্যৰ সংখ্যা বহুত বেছি আছিল। গতিকে ইয়াৰ শক্তি আৰু সমৃদ্ধি বুজিব পৰা গৈছিল। এই শিষ্যসকলৰ অধিকাংশই আছিল মৰাণ মটক জনজাতি লোক। তেওঁলোকৰ গুৰুৰ প্ৰতি অশেষ ভক্তি আছিল।

৬। মটক ৰাজ্য।

উত্তৰঃ মটক ৰাজ্যঃ ভৰত সিংহৰ মৃত্যুৰ পিছত বেঙমবাত মোৱামৰীয়াসকলে প্রায় বিদ্রোহ কৰি থাকে। চিংফৌসকলৰ লগ লাগি মান সেনা অসমলৈ আনে। পূর্ণানন্দ বুঢ়াগোহাইয়ে ইয়াৰ অন্ত পেলোৱাৰ বাবে সংখ্যা গৰিষ্ঠতা মৰাণসকলৰ নেতা সৰ্বানন্দৰ লগত এখন চুক্তি কৰি (১৮০৫ চনত) বেঙমৰাক (তিনিচুকীয়া) কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙ নৈৰ মাজৰ ঠাইডোখৰৰ স্বাধীন ভাবে শাসন চলাবলৈ সৰ্বানন্দক এৰি দিয়ে। এইখন ঠাইকে পাছত ‘মটক ৰাজ্য’ বুলি জনা যায়। সৰ্বানন্দই আহোম ৰজাক বছৰি কৰ শোধাবলৈ মান্তি হয়। এই ৰাজ্যৰ ৰজাক বৰ সেনাপতি উপাধি দিয়া হয়।

৭। পাইক প্ৰথা।

উত্তৰঃ পাইক প্রথাঃ আহোম যুগৰ আৰ্থ-সামাজিক নীতিৰ মূল উৎস আছিল অসমৰ ভূ-সম্পদ আৰু মানৱ সম্পদ। অৰ্থাৎ অসমৰ মাটি আৰু মানুহ আছিল অসমৰ মূল ভেঁটি। আহোম ৰজাৰ কোনো স্থায়ী সৈন্যবাহিনী নাছিল। অসমৰ খেতিয়ক শ্ৰেণীটোকে আৱশ্যকমতে সেনাবাহিনীৰ কামত ব্যৱহাৰ কৰা হৈছিল। গতিকে আহোম যুগত অর্থনৈতিক উৎসৰ কৃষিকাৰ্যৰ মূল, খেতিয়ক শ্ৰেণীটোকে আৱশ্যকমতে সৈনিক হিচাপে সামৰিক আৰু ৰজাঘৰীয়া কামত ব্যৱহাৰ কৰা ব্যৱস্থাটোক আহোম ৰাজ্যৰ পাইক প্ৰথা বুলি কোৱা হৈছিল।

অৰ্থঃ পাইক শব্দৰ অৰ্থ হ’ল ‘পদাতিক সৈন্য’। আহোম ৰজাৰ দিনত পাইক প্ৰথামতে প্রত্যেকজন কর্মঠ পুৰুষ প্রজাকে (১৬-৫০ বছৰৰ ভিতৰৰ) পাইক বুলি গণ্য কৰা হৈছিল। প্রত্যেক পাইকে বছৰত তিনি বা চাৰি মাহকৈ ৰজা আৰু ৰাজ্যৰ কাম কৰি দিব লাগিছিল। ৩/৪ জন কর্মঠ পাইকেৰে একোটা গোট গঠন কৰা হৈছিল। প্রত্যেক গোটৰ পাইকে পাল পাতি এজন এজনকৈ ৰজাৰ বা ৰাজ্যৰ কাম কৰি দিব লাগিছিল। বহুতো গোট লগ লাগি একোটা ‘খেল’ গঠন কৰা হৈছিল। এই খেলবোৰক আকৌ বিভিন্ন কামৰ দায়িত্বত ৰখা হৈছিল। যেনে— নাও সজা, ধনু-কাঁড় তৈয়াৰ কৰা, হাতী ধৰা আদি। ৰাজ্যৰ সকলো আৱশ্যকীয় বস্তু এই খেলবোৰৰ দ্বাৰা উৎপাদন কৰি লোৱা হৈছিল। সকলো সামগ্রী প্রজাই নিজে উৎপাদন কৰিছিল। কোনো বস্তু কিনা-বেচাৰ নিয়ম নাছিল। অৱশ্যে মানুহৰ আৱশ্যকতাৰ পৰিমাণ সীমিত আছিল। সেই হিচাপে উৎপাদন বা বিনিময়ও সীমিত আছিল। মুঠতে সেই যুগত অসমৰ অৰ্থনীতি আছিল স্বনিৰ্ভৰশীল।

পাইক প্ৰথাৰ পৰিচালনাঃ পাইকসকলৰ পৰিচালনাৰ এটা নিৰ্দিষ্ট নীতি বান্ধি দিছিল। একোটা খেল পৰিচালনাৰ বাবে এজন ‘খেলদাৰ’ আছিল। উচ্চতম বিষয়াই নির্দেশমতে পৰিচালনাৰ বাবে নিজৰ খেলৰ মানুহ উলিয়াই নিব লাগিছিল। একোটা খেলত ১০০০-৩০০০ লৈ পাইক থাকে। প্রতি ২০ জনৰ ওপৰত এজন ‘বৰা’, প্রতি ১০০ জনৰ ওপৰত এজন শ‍ইকীয়া আৰু প্ৰতি ১০০০ জনৰ ওপৰত এজন হাজৰিকা আছিল। পাইকসকলক কাড়ী আৰু চমুৱা দুটা ভাগত ভাগ কৰা হৈছিল। চমুৱা আৰু শিল্পীসকলে গা-খাটনিৰ পৰিৱৰ্তে ২ টকা গা কৰ দিব লাগিছিল। পাইকসকলে গা-খাটনিৰ পৰিৱৰ্তে ৰজাঘৰৰ পৰা দুপুৰা খেতিৰ বাবে গা-মাটি পাইছিল। ভূমিহীন খেতিয়ক নাছিল।

পাইক প্ৰথাৰ প্ৰভাৱঃ আহোম ৰাজ্যত পাইক প্ৰথাৰ প্ৰচলন থকা বাবে শৃংখলাবদ্ধভাৱে সকলো কাম নিয়াৰিকৈ হৈছিল। উৎপাদন ব্যৱস্থা নিয়াৰিকৈ চলিছিল। কোনো বস্তুৰ অভাৱ নহৈছিল। ৰাজ্যত দুখীয়া-দৰিদ্ৰ নাছিল। খাদ্যৰ অভাৱ নাছিল। ৰাজহুৱা কোনো কাম পৰি নাথাকিছিল। আলি-পদূলি, ৰাস্তা-ঘাট, পুখুৰী, দৌল-দেৱালয় ৰাজ প্রাসাদ নির্মাণ সকলো কাম পাইকসকলে নিয়াৰিকৈ কৰিছিল। অৱশ্যে পাইকসকলৰ কাম বাধ্যতামূলক আছিল। নিজৰ ইচ্ছামতে কোনো কাম কৰিব নোৱাৰিছিল। পাইক প্ৰথাৰ সুবিধা আছে যদিও কিছুমান অসুবিধাও আছিল।

1 thought on “Class 9 History Elective Chapter 6 অসমৰ মোৱামৰীয়া বা মায়ামৰা বিদ্রোহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top