Class 9 History Elective Chapter 5 – ১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ

Class 9 History Elective Chapter 5 – ১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ, Elective History class 9 SEBA Notes and Question Answer The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 History Elective Chapter 5 – ১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ and select need one.

Class 9 History Elective Chapter 5 – ১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 History Elective Chapter 5 – ১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ Solutions for All Subject, You can practice these here…

১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ

অধ্যায় – ৫

ইতিহাস

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া

(ক) ভাৰতত ইংৰাজ কোম্পানীৰ শাসন কোন চনৰপৰা কোন চনলৈকে বৰ্তি আছিল ?

উত্তৰ :- ভাৰতত ইংৰাজ কোম্পানীৰ শাসন ১৭৫৭ চনৰ পৰা ১৯৪৭ চনলৈকে বর্তি আছিল।

(খ) ভাস্ক’ডাগামাই ভাৰতত প্ৰথমে কোন বন্দৰত উপস্থিত হৈছিল ? 

উত্তৰ :- ভাস্ক ডাগামাই উত্তমাশা অন্তৰীপ অতিক্ৰম কৰি ভাৰত মহাসাগবেদি মালৱাৰ উপকূলৰ কালিকট বন্দৰত উপস্থিত হৈছিল।

(গ) পলাশী যুদ্ধৰ সময়ত বংগৰ নৱাব কোন আছিল ?

উত্তৰ:- পালাশী যুদ্ধৰ সময়ত বংগৰ নৱাব আছিল চিৰাজ-উদ-দৌলা।

(ঘ) ভাৰতলৈ বেহা-বেপাৰ কৰিবলৈ অহা ইংৰাজ কোম্পানীটোৱে কাৰপৰা চনদ লাভ কৰিছিল ?

উত্তৰ :- ভাৰতলৈ হো-বেপাৰ কৰিবলৈ অহা ইংৰাজ কোম্পানীটোৱে মোগল সম্রাট দ্বিতীয় ছাহ আলমৰপৰা চনদ লাভ কৰিছিল।

(ঙ) ১৮৫৭ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল ?

উত্তৰ :- ১৮৫৭ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল লর্ড ডেলহাউছি।

(চ) ১৮৫৭ চনত বিদ্রোহীসকলে কাক হিন্দুস্তানৰ সম্রাট বুলি ঘোষণা কৰে।

উত্তৰ :- ১৮৫৭ চনত বিদ্রোহীসকলে মোগল সম্রাট দ্বিতীয় বাহাদুৰ ছাহক হিন্দুস্তানৰ সম্রাট বুলি ঘোষণা কৰে।

(ছ) ১৮৫৭ চনৰ প্রথম বিদ্ৰোহৰ প্রথম ছহিদ কোন আছিল ?

উত্তৰ :- ১৮৫৭ চনৰ বিদ্ৰোহৰ প্রথম ছহিদ আছিল মংগল পাণ্ডে।

(জ) ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল ?

উত্তৰ :- ভাৰতৰ প্ৰথম ভাইচৰয় আছিল লর্ড কেনিঙ।

(ঝ) সম্রাট বাহাদুৰ ছাহৰ ক’ত মৃত্যু হৈছিল ?

উত্তৰ :- সম্রাট বাহাদুৰ ছাহৰ মৃত্যু হৈছিল ৰেংগুণত। 

(ঞ) কোনে ১৮৫৭ চনৰ বিদ্ৰোহক প্রথম স্বাধীনতাৰ যুদ্ধ বুলি অভিহিত কৰিছিল ?

উত্তৰ :- অসমৰ খ্যাতনামা সাহিত্যিক আৰু বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই ১৮৫৭ চনৰ বিদ্ৰোহক প্রথম স্বাধীনতাৰ যুদ্ধ বুলি অভিহিত কৰিছিল।

(ট) ১৮৫৭ চনৰ বিদ্রোহত অসমৰ নেতৃত্ব কোনে বহন কৰিছিল ?

উত্তৰ :- ১৮৫৭ চনৰ বিদ্রোহত অসমৰ নেতৃত্ব বহন কৰিছিল মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে।

(ঠ) মণিৰাম দেৱানৰ লগত ফাঁচি দিয়া আনজন লোক কোন আছিল ?

উত্তৰ :- মণিৰাম দেৱানৰ লগত ফাঁচি দিয়া আনজন লোক হৈছে পিয়লী বৰুৱা।

(ড) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ কাক ৰজা পতাৰ সিদ্ধান্ত কৰা হৈছিল ?

উত্তৰ :- ১৮৫৭ চনৰ বিদ্ৰোহত চাৰিং ৰজা কন্দপেশ্বৰ সিংহক অসমৰ ৰজা পতাৰ সিদ্ধান্ত কৰা হৈছিল।

প্রশ্ন ২। চমুটোকা লিখা

(ক) বক্সাৰ যুদ্ধ

(খ) ডেলহাউছিৰ ৰাজ্যবিস্তাৰ নীতি

(গ) এনফিল্ড ৰাইফল

(ঘ) ৰাণী লক্ষ্মীবাঈ

(ঙ) কোৱৰ সিং আৰু

(চ) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰস্তুতি।

উত্তৰ :- (ক) বক্সাৰ যুদ্ধ :- ১৮৫৭ খ্ৰীঃত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ এজন প্রাক্তন কৰ্মচাৰী ৰবাৰ্ট ক্লাইৱে বংগৰ বিখ্যাত নৱাব চিৰাজ-উদ-দৌলাক পলাশীৰ যুদ্ধত পৰাজিত কৰি ভাৰতত ব্ৰিটিছ সাম্রাজ্যৰ পাতনি মেলে। অতি কম সময়ৰ 

ভিতৰতে ইংৰাজসকল ভাৰতৰ এক অপ্রতিদ্বন্দ্বী শক্তিত পৰিণত হয়। পলাশী যুদ্ধৰ পিছত বংগৰ নৱাব মিৰকাছিম, অযোধ্যাৰ নৱাব চুজা-উদ-দৌলা আৰু মোগল সম্রাট দিতীয় ছাহ আলমে ১৭৬৪ চনৰ অক্টোবৰ মাহত সন্মিলিতভাবে বিহাৰৰ সীমান্তৰ বক্সাৰ নামে ঠাইত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধত প্রবৃত্ত হয়। এই যুদ্ধত এওঁলোক বিফল হয়। ইংবাজ কোম্পানীয়ে মোগল সম্রাটৰপৰা বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰি ব্ৰিটিছ কোম্পানীৰ শাসন সুদৃঢ় কৰে।

(খ) ডেলহাউছিৰ ৰাজ্যবিস্তাৰ নীতি :- লর্ড ডেলহাউছি ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল। শাসনভাৰ গ্ৰহণ কৰি তেওঁ ব্ৰিটিছ সাম্রাজ্য বিস্তাৰ কৰাত ব্রতী হ’ল। স্বত্ব-বিলোপ নীতিৰ নতুন ব্যাখ্যা দাঙি ধৰি তেওঁ জধে-মধে সেই নীতি কাৰ্যকৰী কৰি সাম্রাজ্য বিস্তাৰ কৰিবলৈ ধৰিলে। লর্ড ডেলহাউছিয়ে পোন প্রথমে চাতাবা ৰাজ্যৰ ক্ষেত্ৰত এই নীতি প্রয়োগ কৰে। চাতাৰাখন ব্ৰিটিছ চৰকাৰে সৃষ্টি কৰিছিল আৰু সেই ৰাজ্যৰ ৰজা শাহাজীৰ মৃত্যু ঘটাত তেওঁৰ তোলনীয়৷ 

পুতেকৰ দাবী অস্বীকাৰ কৰি ৰাজ্যখন ব্ৰিটিছ সাম্ৰাজ্যৰ লগত চামিল কৰে। ইয়াৰ পিছত স্বত্ব-বিলোপ নীতিৰ সহায়ত নাগপুৰ, সম্বলপুৰ, ঝান্সী, জৈৎপুৰ, ভগৎ, উদয়পুৰ আৰু কৰৌলি ৰাজ্য দখল কৰে। ইয়াৰ পিছত তেওঁ ৰাজকীয় পদ মর্যাদা, পেন্সন আদিৰ ক্ষেত্ৰত এই নীতি প্রয়োগ কৰে। ডেলহাউছিৰ অবিবেচক নীতিয়ে সমগ্ৰ ভাৰততে এক প্ৰৱল উত্তেজনাৰ সৃষ্টি কৰে। তেওঁ দেশলৈ প্ৰত্যাগমন কৰাৰ পিছতে ভাৰতত মহাবিদ্ৰোহৰ সূচনা হয়।

(গ) এনফিল্ড ৰাইফল :- ভাৰতত চিপাহী বিদ্রোহ হোৱাৰ এক উল্লেখযোগ্য কাৰণ হৈছে এনফিল্ড ৰাইফল আৰু তাৰ কাৰ্টিজ বা গুলীবোৰ। ইউৰোপত সংঘটিত হোৱা ক্রিমিয়াৰ যুদ্ধত ইংৰাজ সৈনিকে পোন প্রথমে এই ৰাইফল ব্যৱহাৰ কৰে। ১৮৫৬ চনৰ শেষৰফালে ভাৰতত ইয়াক প্ৰচলন কৰা হয়। ৰাইফলত ব্যৱহাৰ কৰাৰ আগেয়ে গুলীবোৰ দাঁতেৰে কামুৰি কিছু অংশ এৰুৱাই বন্দুকৰ নলীত ভৰাব লগা হৈছিল। সেই সময়ত এটা বাতৰি প্ৰচাৰিত হৈছিল যে সেই গুলীবোৰৰ এৰুৱাব লগা অংশটোত গৰু আৰু গাহৰিৰ চৰ্বি সানি যোৱা আছে। এই খবৰটো বিয়পি পৰাত চিপাহীসকলৰ মনত তীব্র উত্তেজনাৰ সৃষ্টি হ’ল। হিন্দুৰ বাবে গৰু আৰু মুছলমানৰ বাবে গাহৰি অখাদ্য। গতিকে ব্ৰিটিছ সকলে ধৰ্ম নষ্ট কৰিবলৈ সেই ব্যৱস্থা কৰা বুলি চিপাহীসকলৰ মনত ভাব হ’ল। কোনো কোনো ব্ৰিটিছ বিষয়াই চিপাহীসকলৰ অসন্তোষৰ কথা জানি আন উপায়েৰে গুলীবোৰ মসৃণ কৰি বন্দুকৰ নলীত ভৰাবলৈ অনুমতি দিলে কিন্তু গুলীবোৰত গৰু আৰু গাহৰিৰ চৰ্বি ব্যৱহাৰ কৰা হৈছে নে নাই সেই প্রশ্ন সমাধানৰ বাবে কোনো চেষ্টা নকৰিলে।

(ঘ) ৰাণী লক্ষ্মীবাঈ :- ৰাণী লক্ষ্মীবাঈ মধ্য ভাৰতৰ বিদ্ৰোহৰ প্ৰধান নেত্রী আছিল। এওঁ ঝালীৰ ৰজা গংগাধৰ ৰাওৰ বিধৱা পত্নী আছিল। স্বামীৰ মৃত্যুৰ পাছত লর্ড ডেলহাউছিয়ে তেওঁৰ তোলনীয়া পুতেকৰ অধিকাৰ অস্বীকাৰ কৰি ঝাসী ৰাজ্য ব্ৰিটিছ সাম্রাজ্যৰ লগত চামিল কৰে। এই কার্যত বাণী অসন্তুষ্ট হৈ বিদ্রোহ ঘোষণা কৰে৷ এই কথা জানিব পাৰি ব্ৰিটিছ সেনাপতি ছাৰ হিউ ব’জে ১৮৫৮ চনৰ মাৰ্চ মাহত ঝালীৰ দূৰ্গ অৱৰোধ কৰে। ৰাণীয়ে দুৰ্গ ৰক্ষা কৰিবলৈ অসমৰ্থ হৈ কেইগৰাকীমান সহচৰৰ সৈতে কল্পিলৈ  ৰাওনা হয়। 

কল্পিত ইতিমধ্যে ব্ৰিটিছৰ বিৰোধিতা কৰিবৰ বাবে তাঁতীয়া টুপী, ৰাও চাহেব আৰু বান্দৰ নৱাব সমবেত হৈছিল। এই যুদ্ধত ভাৰতীয় বাহিনী পৰাজিত হয়। ইয়াৰ পিছত পুনৰ তেওঁলোক সিন্ধিয়াৰ এক বাহিনী হস্তগত কৰি ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিয়ে। হিউ ৰ’জৰ সৈতে হোৱা যুদ্ধত ৰাণীয়ে আঘাতপ্রাপ্ত হয় আৰু পিছদিনা ফুলবাগৰ এটা নলাত তেওঁৰ মৃতদেহ পোৱা যায়। এওঁৰ মৃত্যুত বিদ্ৰোহীসকলৰ মনোবল ভাঙি পৰে। ইতিহাসৰ পাতত এইগৰাকী যুজাকৰ নাম সোণালী আখৰেৰে লিখা থাকিব। বিপক্ষৰ সেনাপতি হিউ ৰ’জে ৰাণীৰ প্ৰতি শ্রদ্ধা নিবেদন কৰি তেওঁক বিদ্ৰোহীসকলৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বাধিক সাহসী সমৰ নেত্ৰী বুলি অভিহিত কৰিছে ৷

(ঙ) কোৱৰ সিং :- ১৮৫৭ চনৰ ভাৰত বিদ্ৰোহৰ সময়ত বিহাৰৰ নেতৃত্ব দিছিল কোৱৰ সিঙে। এওঁ জগদীশপুৰৰ প্ৰাক্তন জমিদাৰ আছিল। বিহাৰৰ দানাপুৰৰ চিপাহীসকলে তেওঁৰ নেতৃত্বত বিদ্রোহ ঘোষণা কৰি সমবেত হয়। এওঁৰ বিশেষ সামৰিক অভিজ্ঞতা নাছিল কিন্তু ব্ৰিটিছৰ বিৰুদ্ধে হোৱা যুদ্ধত নিজৰ সামৰিক প্ৰতিভাৰ পৰিচয় দিছিল। তেওঁৰ নেতৃত্বত বিহাৰৰ কিছু সংখ্যক প্রজায়ো বিদ্রোহত যোগ দিছিল। কেপ্তেইন জনবাৰৰ অধীনত এটা ব্ৰিটিছ ফৌজ কোৱৰ সিংৰ বিৰুদ্ধে পঠোৱা হয়। কিন্তু কোঁৱৰ বাহিনীৰ হাতত এওঁলোক পৰাজিত হয় পাছত ভিনছেন্ট আয়াৰে আৰাৰ যুদ্ধত তেওঁক পৰাজিত কৰি বিহাৰৰপৰা খেদি পঠিয়ায়। তেওঁ পুনৰ ব্ৰিটিছৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাত লিপ্ত হৈ ১৮৫৮ চনত মৃত্যুমুখত পৰে।

(চ) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰস্তুতি :- ভাৰতৰ পূৱ প্ৰান্তত অৱস্থিত অসম ৰাজ্যত চিপাহী বিদ্রোহে গা কৰি উঠিছিল যদিও সৰ্বভাৰতীয় ক্ষেত্ৰত এই বিদ্ৰোহৰ প্ৰভাৱৰ ‘মাত্ৰা সীমিত আছিল।

ব্ৰিটিছসকল অসমলৈ অহাৰ আগতে আহোমসকলে ৰাজত্ব কৰিছিল। আহোমসকলৰ ৰাজত্বৰ অন্ত পেলাই ইয়াণ্ডাবু সন্ধিৰ স্বৰ্ত অনুযায়ী ইংৰাজসকলে অসম অধিকাৰ কৰে। ইয়াণ্ডাবু সন্ধিৰ তিনি বছৰৰ ভিতৰতে অসমত ইংৰাজৰ বিৰুদ্ধে প্রকাশ্যে বিদ্রোহ আৰম্ভ হয়। ইংৰাজে অসমত শাসন কৰাত অসমীয়া মানুহবোৰ অসন্তুষ্ট হৈ পৰে। পাইক প্ৰথা তুলি দিয়াৰ বাবে সম্ভ্ৰান্ত বংশ লোকসকল অসন্তুষ্ট হয়।

১৮২৬ খ্ৰীঃত গোমধৰ নামে আহোম কোৱৰ এজনে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি নিজকে স্বাধীন বুলি ঘোষণা কৰে। ইংৰাজে কঠোৰ হাতেৰে ইয়াক দমন কৰি গোমধৰক সাত বছৰ কাৰাদণ্ড দিয়ে। ইয়াৰ পিছত ১৮২৯ আৰু ১৮৩০ চনতো দুটা বিদ্ৰোহৰ সূচনা হয়। কিন্তু সেই বিদ্রোহো বিফল হয়। ইয়াৰ পিছত ৰাইজক সন্তুষ্ট কৰিবলৈ ইংৰাজ চৰকাৰে পুৰন্দৰ সিংহ নামৰ এজন ৰাজবংশৰ লোকক বছৰেকত ৫০,০০০ দিয়াৰ স্বৰ্তত উজনি অসমৰ ৰজা বুলি স্বীকৃতি দিয়ে। কিন্তু তেওঁৰ ৰাজত্বৰ তৃতীয় বছৰত তেওঁৰ অযোগ্যতা প্রতিপন্ন কৰি গাদীচ্যুত কৰে আৰু ৰাজ্যখণ্ড ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে।

অসমত ব্ৰিটিছ সাম্রাজ্য প্রতিষ্ঠা হোৱাত সকলো লোকেই কম-বেছি পৰিমাণে ক্ষতিগ্রস্ত হয়। উচ্চ-নীচৰ ভেদাভেদ নোহোৱা হয়৷ চৰকাৰী কাম-কাজ চলাবলৈ অন্য ঠাইৰপৰা অহা লোকে অসমদেশ ভৰি পৰে। চৰকাৰে মাটি-বাৰীৰ খাজনা বৃদ্ধি কৰে আৰু কানিৰ প্ৰচলন কৰে। ১৮৫৩ চনত অসম দেশৰ আৰ্থ-সামাজিক অৱস্থাৰ বুজ ল’বলৈ কলিকতাৰ সদৰ দেৱানী আদালতৰ বিচাৰক এন্দুজ জন মফর্ট মিলছ অসমলৈ আহে। অসমৰ বিভিন্নজনে এওঁৰ ওচৰত বিভিন্ন বিষয়ক প্রতিবেদন দাখিল কৰে। ১৮৫৩ চনৰ শেষৰফালে প্রকাশ পোৱা মিলছৰ প্রতিবেদনত সমকালীন অসম দেশৰ সুন্দৰ প্ৰতিচ্ছবি প্রকাশ পায়। ইয়াৰ কেইবছৰমান পিছতেই ভাৰতৰ বিভিন্ন ঠাইত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হয়। অসমত এই বিদ্ৰোহৰ নেতৃত্ব লয় মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে।

See Next Page No Below…

1 thought on “Class 9 History Elective Chapter 5 – ১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top