Class 9 History Elective Chapter 2 ফৰাচী বিপ্লৱ

Class 9 History Elective Chapter 2 ফৰাচী বিপ্লৱ, Elective History class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 History Elective Chapter 2 ফৰাচী বিপ্লৱ and select need one.

Class 9 History Elective Chapter 2 ফৰাচী বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 History Elective Chapter 2 ফৰাচী বিপ্লৱ Solutions for All Subject, You can practice these here…

ফৰাচী বিপ্লৱ

অধ্যায় – ২

ইতিহাস

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া

(ক) ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্রাট কোন আছিল? 

উত্তৰ :- ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্রাট আছিল ষোড়শ লুই।

(খ) কেইআৰ কি ?

উত্তৰ :- ১৭৮৯ চনৰ মে’ মাহৰ ৫ তাৰিখে পেৰিছৰ ওচৰৰ ভাৰ্ছাই নগৰীত ষ্টেটছ জেনেৰেলৰ অধিবেশন আৰম্ভ হয়। অধিবেশনৰ প্রতিনিধিসকলে ৰজাৰ আদেশ অনুসৰি নিজ নিজ সমষ্টিৰপৰা অভাৱ- অভিযোগ সম্বলিত একোখনকৈ প্রতিবেদন লগত লৈ আহে। এই প্রতিবেদনবোৰক কেইআৰ (Cahier) বোলা

(গ) ‘দ্য বেলথ অব্ নেশ্বনছ’ৰ লেখক কোন ? 

উত্তৰ:- ‘দ্য ৱেলথ অর্ নেশ্বনছ’ (The Wealth of Nations)-ৰ লেখক ইংলেণ্ডৰ অর্থনীতিবিদ আদাম স্মিথ (১৭২৩-১৭৯০)।

(ঘ) সম্রাট ষোড়শ লুইক কোন বছৰত ফাচি দিয়া হৈছিল ? 

উত্তৰ :- সম্রাট ষোড়শ লুইক ১৭৯৩ চনৰ জানুৱাৰী মাহৰ ২১ তাৰিখে ফাঁচি দিয়া হৈছিল।

(ঙ) ভিয়েনা কংগ্ৰেছ কোন চনত অনুষ্ঠিত হৈছিল ?

উত্তৰ :- ভিয়েনা কংগ্রেছ ১৮১৫ চনত অনুষ্ঠিত হৈছিল। (চ) কোনে কৈছিল ‘ময়েই ৰাষ্ট্ৰ’? উত্তৰ। ‘ময়েই ৰাষ্ট্ৰ’ বুলি ফ্ৰান্সৰ ৰজা চতুৰ্থ লুই (১৬৪৩-১৭১৫)- এ কৈছিল।

(ছ) কোনে নিজকে ‘বিপ্লৱৰ সন্তান’ বুলি অভিহিত কৰিছিল ?

উত্তৰ :- ১৮০৪ চনত ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰা সম্রাট নেপোলিয়নে নিজকে ‘বিপ্লৱৰ সন্তান’ বুলি অভিহিত কৰিছিল।

(জ) কোনে কৈছিল, ফ্রান্সে যেতিয়া হাঁচি মাৰে, ইউৰোপৰ পান লাগে ?

উত্তৰ :- অষ্ট্ৰিয়াৰ চেঞ্চেলৰ বা মন্ত্ৰী প্রিন্স মেটাৰনিকে (Prince Metternich কৈছিল, ‘ফ্রান্সে যেতিয়া হাঁচি মাৰে ইউৰোপৰ পানী লাগে’।

(ঝ) ‘টেনিছ ক’ৰ্টৰ শপত কাৰ সভাপতিত্বত গ্ৰহণ কৰা হৈছিল ?

উত্তৰ :- ‘টেনিছ ক’ৰ্টৰ শপত’ বেইলী (Bailly) নামৰ এজন বিজ্ঞানী তথ বিপ্লৱীৰ সভাপতিত্বত গ্ৰহণ কৰা হৈছিল।

(ঞ) ‘ছ’চিয়েল কন্ট্রেক্ট’ কোনে ৰচনা কৰিছিল ?

উত্তৰ :- ‘ছ’চিয়েল কন্ট্রেক্ট ফৰাচী দার্শনিক জাঁ জেক ৰুছে ৰচনা কৰিছিল৷

(ট) ফ্ৰাসত কেতিয়া প্রথমে গণৰাজ্য স্থাপন কৰা হৈছিল ?

উত্তৰ :- ১৭৯২ চনৰ ২২ ছেপ্তেম্বৰ তাৰিখে ফ্ৰান্সত প্রথমে গণৰাজ্য স্থাপ কৰা হয়।

(ঠ) ১৮ ব্রুমেয়াবত কি ঘটনা ঘটিছিল ?

উত্তৰ :-  ১৭৯৯ চনৰ শেষৰ ফালে ফৰাচী জনসাধাৰণক ডাইৰেক্টৰসকলৰ শাসনৰপৰা মুক্ত কৰিবলৈ এওঁলোকক পদচ্যুত কৰি নেপোলিয়ন বোনাপার্টে কনচুলেট নামৰ এক নতুন শাসন ব্যৱস্থাৰ প্রবর্তন কৰে। নেপোলিয়নৰ বলপূৰ্ব ক্ষমতা দখলব এই কার্য ১৮ ক্ৰমেয়াৰৰ (18 Brumaire) ঘটনা নামে জনাজাত।

(জ) ফৰাচী বিপ্লৱৰ ৰাণী কোন আছিল ?

উত্তৰ:- ফৰাচী বিপ্লৱৰ ৰাণী আছিল — সমগ্র ইউৰোপতে সাম্য, মৈত্ৰী আৰ স্বাধীনতাৰ বাণী প্রচাৰ কৰা।

প্রশ্ন ২। চমুটোকা লিখা :

(ক) ষ্টেটছ জেনেৰেল

(খ) বেষ্টিলৰ পতন

(গ) মানব আৰু নাগৰিকৰ অধিকাৰ ঘোষণা

(ঘ) পেৰিছ কমিউন

(ঙ) ছেপ্তেম্বৰৰ হত্যাকাণ্ড

(চ) মহিলাৰ সমদল 

(ছ) সন্ত্ৰাসৰ ৰাজত্ব 

(জ) জেকবিন ক্লাৱ

(ঝ) কনছুলেট

উত্তৰ :- (ক) ষ্টেটছ জেনেবেন :- ১৭৮৯ চনৰ মে’ মাহৰ ৫ তাৰিখে পৰিছৰ ওচৰতে অৱস্থিত ভাৰ্ছাই নগৰীত ষ্টেটছ জেনেৰেলৰ অধিবেশন আৰম্ভ হয়। অধিবেশনখন ফৰাচী বিপ্লৱৰ তৎকালীন কাৰণ তাছিল। অধিবেশনৰ বাবে ফৰাচী ৰজাৰ ফালৰ পৰা কোনো আঁচনি যুগুত কৰা হোৱা নাছিল। সেই বাবে প্ৰথমৰে পৰা এক বিশৃংখল অৱস্থাৰ সৃষ্টি হৈছিল। অধিবেশনখনত তৃতীয় সম্প্ৰদায়ৰ লোকসকলেই আছিল সংখ্যাগৰিষ্ঠ। প্রতিনিধিসকলে ৰজাৰ আদেশ অনুসৰি নিজ নিজ সমষ্টিৰপৰা অভাৱ-অভিযোগ সম্বলিত একোখনকৈ প্রতিবেদন লগত লৈ আহিছিল। এই প্রতিবেদনবোৰৰ কেইআৰ (Cahier) বুলি কোৱা হয়। এইবোৰে সমসাময়িক ফ্ৰান্সৰ এখন প্রতিচ্ছবি দাঙি ধৰে।

ৰজা ষোড়শ লুইয়ে মে’ মাহত ষ্টেটছ জেনেবেলৰ অধিবেশনখন মুকলি কৰে। কিন্তু প্রতিনিধিবর্গই কি কাৰ্যসূচী গ্রহণ কৰিব বা সকলো সম্প্রদায়ে একেলগে বহিব নে পৃথক পৃথককৈ বহিব সেই বিষয়ে ৰজাৰ কোনো নির্দেশনা নাছিল ৷ অধিবেশখনত কোনো স্বীকৃত নেতা নাছিল। সেয়েহে মিৰেবু আৰু আবে ছায়েছ নামৰ দুজন ব্যক্তিয়ে ইয়াৰ নেতৃত্ব ল’বলৈ আগবাঢ়ি আহিল। এওঁলোক উচ্চ সম্প্ৰদায়ৰ লোক আছিল কিন্তু স্বইচ্ছাই তৃতীয় সম্প্ৰদায়ৰপৰা ষ্টেটছ জেনেৰেললৈ নিৰ্বাচিত হৈছিল। ফৰাচী ৰজাই অধিবেশনত কোনো সিদ্ধান্ত দিব নোৱাৰাত তৃতীয় সম্প্ৰদায়ৰ প্ৰতিনিধিসকলে নিজাববীয়াকৈ দেশ গঠনৰ কামত অগ্ৰসৰ হয়। ১৭৮৯ চনৰ ১৭ জুন তাৰিখে সেই সম্প্ৰদায়ৰ প্ৰতিনিধিবৰ্গই নিজকে জাতীয় সভা বুলি ঘোষণা কৰে।

(খ) বেষ্টিলৰ পতন :- ফ্ৰান্সৰ ৰাজধানী পেৰিচৰ পূৱ প্ৰান্তত অৱস্থিত বেষ্টিল আছিল ৰাজকীয় দুৰ্গ আৰু কাৰাগাৰ। বেষ্টিল দুৰ্গক সকলোৱে ৰাজকীয় স্বেচ্ছাচাৰিতাৰ প্ৰতীক বুলি গণ্য কৰিছিল। জাতীয় সংসদে কাৰ্যব্যৱস্থা হাতত লোৱাৰ সময়ত ৰজাই সংসদৰ গতি-বিধি লক্ষ্য কৰি থাকিবলৈ ভাৰ্ছাইৰ কিছু দূৰত সৈন্য-সামন্ত সাজু কৰি ৰাখিলে। জাতীয় সংসদে সৈন্য অপসাৰণ কৰিবলৈ অনুৰোধ জনালে যদিও ৰজাই সেই অনুৰোধৰ প্ৰতি কানসাৰ নিদিলে। আকৌ, জনপ্রিয় বিত্তমন্ত্রী নেকাৰকো ৰজাই বৰ্খাস্ত কৰিলে। এই ঘটনাই পেৰিচবাসীক উত্তেজিত কৰিলে। ১৭৮৯ চনৰ ১৪ জুলাই তাৰিখে বিদ্ৰোহী জনতাই বেষ্টিল দুর্গ ধ্বংস কৰি সকলো বন্দীকে মুক্ত কৰিলে।

(গ) মানৱ আৰু নাগৰিকৰ অধিকাৰ ঘোষণা :- জাতীয় সভাই ফ্ৰান্সৰ সংবিধান ৰচনাৰ কাম হাতত লোৱাৰেপৰা এই সভা ফৰাচী সংবিধান সভাত পৰিণত হৈছিল। এই সভাই আমেৰিকাৰ ‘স্বাধীনতা ঘোষণা পত্ৰ আৰু ইংলেণ্ডৰ ‘বিল অব ৰাইটছ’ৰ অনুকৰণত ‘মানৱ আৰু নাগৰিক অধিকাৰ ঘোষণা পত্র’ গ্রহণ কৰে। এই ঘোষণাপত্ৰত উল্লেখ থকা তিনিটা বিশেষ উল্লেখযোগ্য কথা হৈছে–

(১) স্বাধীনতা মানুহৰ জন্মস্বত্ব।

(২) আইনৰ দৃষ্টিত সকলো সমান আৰু প্রকৃত বিচাৰ নকৰাকৈ কাকো গ্ৰেপ্তাৰ বা কাৰাৰুদ্ধ কৰিব নোৱাৰি।

(৩) ব্যক্তি স্বাধীনতা, সম্পত্তি ভোগৰ স্বাধীনতা, নিজস্ব বিশ্বাস অনুসৰি ধৰ্ম পালনৰ স্বাধীনতা, অন্যায়ৰ বিৰোধিতা—এইবোৰ মানুহৰ মৌলিক অধিকাৰ।

(ঘ) পেৰিছ কমিউন :- ১৭৮৯ চনৰ ১৪ জুলাইৰ দিনা পেৰিছৰ উন্মত্ত্ব জনতাই বেষ্টিল দুর্গ ধ্বংস কৰে। এই দুর্গ ধ্বংস হোৱাৰ পাছৰপৰা পেৰিছ ফৰাচী বিপ্লৱৰ প্ৰাণকেন্দ্ৰ হৈ পৰিল ৷ বিপ্লৱে ক্ৰমাৎ হিংসাত্মক ৰূপ ধাৰণ কৰিলে আৰু পেৰিছৰ ৰজাৰ শাসনৰ অৱসান ঘটিল। সেই নগৰৰ বিভিন্ন এলেকা শাসন, কৰিবৰ কাৰণে ‘পেৰিছ কমিউন’ (Paris Commune) নামে এক স্বায়ত্ত শাসন অনুষ্ঠানৰ জন্ম হয়। বিপ্লৱ আৰম্ভ হোৱাৰ লগে লগে ফ্ৰান্সৰ চাৰিওফালে ব্যাপক অৰাজকতাই দেখা দিলে। দেশৰ প্রায় সকলো ঠাইতে কমিউন গঠন। কৰা হ’ল।

(ঙ) ছেপ্তেম্বৰৰ হত্যাকাণ্ড :- ১৭৯২ চনৰ ৯-১০ আগষ্টত পেৰিছত ব্যাপক অশান্তিয়ে দেখা দিয়ে। ৰজা ষোড়শ লুইৰ পতন অনিবাৰ্য হৈ পৰে৷ ৰজা-বাণীয়ে প্রাসাদৰপৰা পলাই বিধান সভাগৃহত আশ্ৰয় ল’ব লগাত পৰে। ১০ আগষ্টৰ দিনা ৰজাক সিংহাসনচ্যুত কৰি বন্দী কৰা হ’ল। ইয়াতো পৰিস্থিতিৰ উপশম নঘটিল। বিপক্ষৰ বাহিনীয়ে পেৰিছ অভিমুখে আগবাঢ়ি অহাৰ, সময়তে ২ ছেপ্তেম্বৰৰপৰা আৰম্ভ কৰি পাঁচদিন ধৰি পেৰিছত ব্যাপক হত্যাকাণ্ড সংঘটিত হ’ল। ৰজাৰ সমৰ্থক বুলি যাকে যতে পালে তাকে নামমাত্ৰ বিচাৰ কৰি হত্যা কৰা হ’ল। এই হত্যাকাণ্ডক ছেপ্তেম্বৰৰ হত্যাকাণ্ড বুলি কোৱা হয়। এই

হত্যাকাণ্ডৰ ফলত কিমান মানুহৰ মৃত্যু ঘটিছিল তাক সঠিককৈ জনা নাযায়। এই ঘটনাৰ পাছতে পোনপ্ৰথমবাৰৰ বাবে ফৰাছী বাহিনীৰ অধিনায়ক ডুমুৰিজে ভামিত অষ্ট্ৰ-এছিয়াৰ বাহিনীৰ গতিৰোধ কৰিবলৈ সক্ষম হয়। বিদেশী আক্ৰমণৰপৰা ফ্রান্স সাময়িকভাৱে ৰক্ষা পৰিল।

(চ) মহিলাৰ সমদল :- ফৰাচী বিপ্লৱ আৰম্ভ হোৱাৰ লগে লগে দেশৰ চাৰিওফালে ব্যাপক অৰাজকতাই দেখা দিয়ে। প্রায় সকলো ঠাইতে কমিউন আৰু জাতীয় বাহিনী গঠন কৰা হয়। ইফালে কৃষকসকলে জমিদাৰৰ ঘৰ-দুৱাৰবোৰ ধ্বংস কৰি মাটি বাৰী সম্পৰ্কীয় দলিলবোৰত জুই লগাই দিয়ে। বহুতো ধর্মানুষ্ঠান আৰু যাজকৰ ঘৰ ধ্বংস কৰা হয়। ৰাজকৰ্মচাৰীসকলেও নিজ নিজ কার্যক্ষেত্ৰৰপৰা পলায়ন কৰে। প্রায় সকলো ঠাইৰে শাসন ব্যৱস্থা ভাগি পৰে। সেই সময়তে ৰজাই পুনৰ নিজৰ প্ৰাধান্য স্থাপন কৰিবলৈ প্ৰচেষ্টা চলাই ভাৰ্ছাইত এক সৈন্য সমাবেশ কৰায়। 

সেই সৈন্যবাহিনীক এটা ভোজমেলৰ দ্বাৰা আপ্যায়িতও কৰা হয়। যি সময়ত দেশত কটি এটুকুৰাৰ বাবে হাঁহাকাৰ চলি আছে। সেই সময়তে ভোজমেলৰ আয়োজন কৰা দেখি পেৰিছবাসী ক্ষুব্ধ হৈ পৰে আৰু ১৭৮৯ চনৰ ৫ অক্টোবৰ তাৰিখে ৮,০০০ ক্ষুধার্ত মহিলাই হাতত লাখুঁটি লৈ আহাৰ অৰ্থাৎ ৰুটী বিচাৰি বজা-ৰাণীৰ বাসস্থান ভাৰ্ছাই নগৰীলৈ যাত্ৰা কৰে। এই সমদলটোৱেই ইতিহাসত মহিলা সমদল (March of the Parisian Women) বুলি জনাজাত। সেই সমদলত কিছুমান পুৰুষেও মহিলাৰ পোচাক পিন্ধি যোগদান কৰিছিল।

(ছ) সন্ত্ৰাসৰ ৰাজত্ব :- ফৰাচী বিপ্লৱীসকলে সমগ্ৰ ইউৰোপত সাম্য, মৈত্রী আৰু স্বাধীনতাৰ বাণী প্রচাৰ কৰিবলৈ বদ্ধপৰিকৰ হোৱাত দেশত প্ৰৱল আলোড়ন সৃষ্টি হ’ল। ফ্ৰান্সৰ যুদ্ধংদেহী মনোভাৱত ইউৰোপৰ ৰজাসকল সম্ৰস্ত হৈ পৰিল। আনহাতে অষ্ট্ৰিয়, কছিয়া, ইংলেণ্ড, হলেণ্ড, স্পেইন আদি দেশ ফ্ৰান্সৰ বিৰোধী হৈ ফ্ৰান্সৰ বিপক্ষে যুদ্ধত নামি পৰিল ফলত ফ্ৰান্স দেশ যুদ্ধক্ষেত্ৰত পৰাস্ত হ’ল। ফলত দেশৰ গণৰাজ্যখনৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিল। ঘৰুৱা শত্ৰুৱে বিদেশী শক্তিক সাহায্য কৰা বুলি বিপ্লৱীসকলৰ মাজত এক ধাৰণাৰ সৃষ্টি হ’ল। এনে অৱস্থাৰপৰা পৰিত্ৰাণ পাবলৈ ফ্ৰান্সত সন্ত্ৰাসৰ ৰাজত্বৰ সূচনা হয়। ফ্ৰান্সত সন্ত্ৰাসৰ ৰাজত্ব প্রায় এবছৰতকৈ অধিককাল বৰ্তি আছিল। 

(জ) জেকবিন ক্লাৱ :- বিপ্লৱ আৰম্ভ হোৱাৰপৰাই ফ্ৰান্সত নানান ক্লাৱ গঢ়ি উঠিছিল। এই ক্লাৱবোৰ আছিল ৰাজনৈতিক মতামত প্ৰকাশ কৰাৰ মাধ্যম স্বৰূপ এই ক্লাৱবোৰৰ ভিতৰত জেকবিন ক্লাৱো অন্যতম।

জেকবিন ক্লাৱৰ সদস্যসকল উগ্র প্রজাতন্ত্রী আছিল। এওঁলোকে ৰজা আৰু ৰাজতন্ত্ৰৰ সমৰ্থকসকলক বিপ্লৱী আৰু দেশৰ প্ৰধান শত্ৰু বুলি গণ্য কৰিছিল। এওঁলোকৰ মতে জনতাই হ’ল দেশৰ প্ৰকৃত ক্ষমতাৰ অধিকাৰী। এই সমগ্ৰ দেশতে প্ৰৱল জনপ্রিয়তা লাভ কৰে। জেকবিনৰ প্ৰধান কেন্দ্ৰ আছিল পেৰিছত। এই ক্লাৱৰ সদস্যসকলৰ ভিতৰত মিৰাবো, মাৰা আৰু ৰ’বছপিয়েৰৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

(ঝ) কনছুলেট :- কনছুলেট (Consulate) এক প্ৰকাৰৰ শাসন ব্যৱস্থা। ফ্রান্সত প্ৰচলিত হৈ থকা ডাইৰেক্টৰি শাসন বিফল হোৱাত ফ্ৰান্সত একনায়কত্ববাদী শাসনৰ পথ প্রশস্ত হৈ পৰে। নেপোলিয়ন বোনাপার্ট ডাইৰেক্টৰসকলক পদচ্যুত কৰি ১৭৮০ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বলপুৰ্বকভাৱে ফ্ৰান্সৰ ক্ষমতা অধিকাৰ কৰে। এই কার্য ১৮ ব্রুমেয়াৰৰ ঘটনা (18 Brumaire) বুলি জনাজাত। এই ঘটনাৰ পাছত ফ্রান্সত এখন নতুন সংবিধান প্ৰৱৰ্তন কৰা হয়, এই সংবিধানখনক অষ্টম বছৰৰ সংবিধান বুলি কোৱা হয়, কাৰণ ফ্ৰান্সত গণৰাজ্য প্রতিষ্ঠা হোৱাৰ অষ্টম বছৰত ই ৰচিত হৈছিল। এই সংবিধানখনৰ মতে দেশৰ সর্বোচ্চ ক্ষমতা তিনিজন কনছালৰ হাতত অৰ্পণ কৰা হয়। এই কনছালসকলৰ ভিতৰত নেপোলিয়ন আছিল প্ৰথম গৰাকী কনছাল। এওঁ প্ৰৱৰ্তন কৰা শাসন ব্যৱস্থাক কনছুলেট বুলি কোৱা হয়।

See Next Page No Below…

7 thoughts on “Class 9 History Elective Chapter 2 ফৰাচী বিপ্লৱ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top