Class 9 History Elective Chapter 4 ৰুছ-বিপ্লৱ

Class 9 History Elective Chapter 4 ৰুছ-বিপ্লৱ, Elective History class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 History Elective Chapter 4 ৰুছ-বিপ্লৱ and select need one.

Class 9 History Elective Chapter 4 ৰুছ-বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 History Elective Chapter 4 ৰুছ-বিপ্লৱ Solutions for All Subject, You can practice these here…

ৰুছ-বিপ্লৱ

অধ্যায় – ৪

ইতিহাস

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। চমু প্রশ্নোত্তৰ :

(ক) মুক্তিদাতা জাৰ কোন?

উত্তৰ :- জাৰ দ্বিতীয় আলেকজেণ্ডাৰক মুক্তিদাতা জাৰ (Czer Liberator) বুলি অভিহিত কৰা হয়।

(খ) “ৰক্তাক্ত দেওৱাৰ” কোন তাৰিখে ঘটে ?

উত্তৰ :-১৯০৫ চনৰ ২২ জানুৱাৰী তাৰিখে বক্তাক্ত দেওৱাৰ ঘটে। 

(গ) প্রথম বিশ্বযুদ্ধৰ সময়ত ৰুছ জাৰ কোন আছিল?

উত্তৰ:-প্ৰথম বিশ্বযুদ্ধৰ সময়ত ৰুছ জাৰ আছিল জাৰ দ্বিতীয় নিকোলাছ।

(ঘ) সর্বশেষ ৰুছ জাৰ কোন যাজকৰ আজ্ঞাধীন আছিল ?

উত্তৰ :- সৰ্বশেষ কছ জাৰ দ্বিতীয় নিকোলাছ যাজক বাছপুটিনৰ আজ্ঞাধীন আছিল।

(ঙ) কাৰ ৰাজত্বকালক “আগাষ্টিয়ান যুগ” বোলা হয় ?

উত্তৰ :- জাৰ প্ৰথম নিকোলাছৰ ৰাজত্বকালক “আগাষ্টিয়ান যুগ” বোলা হয়।

(চ) বলছেভিক দলৰ জন্ম কোন চনত হৈছিল ? 

উত্তৰ :- ১৯০৩ চনত বলছেভিক দলৰ জন্ম হৈছিল।

(ছ) “ডাছ কেপিটেল” কাৰ ৰচনা ? 

 উত্তৰ :- ডাছ কেপিটেল কার্লমার্ক্সৰ ৰচনা। 

(জ) কছ জাপান যুদ্ধ কোন চনত হৈছিল। 

উত্তৰ :- ৰুছ-জাপান যুদ্ধ ১৯০৪-০৫ চনত হৈছিল। 

(ঝ) ডুমা কি ?

উত্তৰ :- ডুমা হৈছে জাতীয় সভা।

(ঞ) কছিয়াৰ “অস্থায়ী চৰকাৰ”ৰ নেতৃত্বত কোন আছিল ?

উত্তৰ :- কছিয়াৰ অস্থায়ী চৰকাৰৰ নেতৃত্বত আছিল ‘ছোভিয়েট’ নামে বিপ্লবী প্রতিষ্ঠানটোৰ সদস্যসকল। ১৯৯৭ চনৰ ১৫ মাৰ্চত ডুমাই পেট্ৰ’গ্ৰডৰ ছোভিয়েটৰ সৈতে আলোচনা কৰি এই চৰকাৰ গঠন কৰিছিল।

(ট) ৰুছ অর্থনৈতিক উন্নয়নৰ বাবে লেনিনে কি নীতি গ্রহণ কৰিছিল ?

উত্তৰ :- ৰুছ অর্থনৈতিক উন্নয়নৰ বাবে লেনিনে নতুন অর্থনৈতিক নীতি New Economic Boicy) গ্ৰহণ কৰিছিল।

প্রশ্ন ২। চমু প্রশ্নোত্তৰ

(ক) মুক্তিৰ আধ্যাদেশ, ১৮৬৯

(খ) ৰক্তাক্ত দেওৱাৰ

(গ) মুক্তিদাতা জাৰ

(ঘ) বলছেভিক আৰু মেনছেভিক দলৰ মতভেদৰ কাৰণ

(ঙ) কমিউনিষ্ট মেনিফেষ্টো

(চ) ব্রেষ্টালিটভস্ক চুক্তি

(ছ) কেনেস্কিৰ চৰকাৰৰ ব্যর্থতাৰ কাৰণ

(জ) N.E.P.

(ঝ) নৱেম্বৰত অনুষ্ঠিত বিপ্লৱক “অক্টোবৰ বিপ্লৱ” কিয় বোলা হয়।

(ঞ) “বনুৱাৰ একনায়কত্ব” কি ?

উত্তৰ :- (ক) মুক্তিৰ আধ্যাদেশ, ১৮৬৯ :- ৰাছিয়াৰ দ্বিতীয় আলেকজেণ্ডাৰ সিংহাসন অধিগ্ৰহণ কৰি ছাৰ্যসকলৰ মুক্তিৰ কথা উপলব্ধি কৰি ১৮৬১ চনত মুক্তিৰ আধ্যাদেশ জাৰি কৰিছিল। এই আধ্যাদেশৰ জৰিয়তে আলেকজেণ্ডাৰে দেশৰ সকলো ছার্ফক (ভূমিহীন লোক) দাসত্বৰ পৰা মুক্তি দি স্বাধীন নাগৰিকৰ অধিকাৰ দিছিল। ৰাছিয়াত পূর্বতে ছাৰ্ফসকলে সম্রাট, জমিদাৰ আৰু চাৰ্ছ তথা উচ্চশ্রেণীৰ যাজকৰ মাটিত খেতি কৰাৰ বিনিময়ত বিনা পাৰিশ্ৰমিকে তেওঁলোকৰ ঘৰত বনুৱা হিচাপে কাম কৰিব লাগিছিল। মুক্তিৰ আধ্যাদেশৰ জৰিয়তে আলেকজেণ্ডাৰে ছাৰ্যসকলৰ মাজত গাঁও পঞ্চায়তৰ যোগেদি প্ৰতিটো পৰিয়ালৰ সদস্য সংখ্যাৰ জোখেৰে মাটি বিলাইছিল। আৰু ছাৰ্ফসকলৰ দাসত্বৰ পৰা মুক্তি দি স্বাধীন নাগৰিকৰ মর্যাদা দিছিল।

(খ) ৰক্তাক্ত দেওৱাৰ (Bloody Sunday) :- ১৯০৫ চনৰ ১৫ জানুৱাৰীত ৰাছিয়াত ব্যাপক ধৰ্মঘট আৰম্ভ হৈছিল আৰু শ্ৰমিকসকলে তেওঁলোকৰ বিভিন্ন সমস্যা অন্তপেলোৱাৰ দাবীত তীব্র আন্দোলন গঢ়ি তুলিছিল। ২২ জানুৱাৰী তাৰিখ দেওৱাৰে ফাদাৰ গেপন (Father Gapon) নামেৰে এগৰাকী ধৰ্মযাজকৰ নেতৃত্বত পেট্ৰ’গ্ৰাডত ধৰ্মঘটকাৰী শ্ৰমিকসকলৰ এটি শোভাযাত্ৰাৰ ওপৰত সেনাই গুলীবৰ্ষণ কৰিছিল আৰু তাৰ ফলস্বৰূপে বহুতে শ্রমিকৰ মৃত্যু হৈছিল আৰু আন বহুতো আঘাত প্রাপ্ত হৈছিল। ৰুছ-বিপ্লৱৰ ইতিহাসত এই ঘটনাটোক ‘ৰক্তাক্ত দেওৱাৰ’ বুলি জনা যায়। এই ঘটনাৰ ফলস্বৰূপে ৰাছিয়াত বিপ্লৱাত্মক হিংস্র আন্দোলন আৰম্ভ হৈছিল।

(গ) মুক্তিদাতা জাৰ :- জাৰ দ্বিতীয় আলেকজেণ্ডাৰে ১৮৬১ চনত তেওঁৰ বিখ্যাত মুক্ত আজ্ঞাৰ (Edict of Emancipation)-ৰ জৰিয়তে ঝছিয়াৰ ছাৰ্যসকলক ভূমি দাসত্বৰ পৰা মুক্তি দি স্বাধীন নাগৰিকৰ মৰ্যাদা দিছিল। ছাৰ্যসকলে আলেকজেণ্ডাৰে কৰা এই কার্যত উল্লসিত হৈ সম্রাট আলেকজেণ্ডাৰক মুক্তিদাতা জাৰ (Czar Liberator) বুলি কৃতজ্ঞতা জনাইছিল। ক্রিমিয়াৰ যুদ্ধৰ পৰিণতিস্বৰূপে আলেকজেণ্ডাৰে অসন্টুষ্ট প্ৰজাসকলক সন্টুষ্ট কৰিবলৈকে তথা ছাৰ্যসকলক দাসত্বৰ পৰা মুক্তি দিবলৈ এই ব্যৱস্থা হাতত লৈছিল আৰু সেয়ে তেওঁক মুক্তিদাতা জাৰ আখ্যা দিয়া হৈছিল।

(ঘ) বলছেভিক আৰু মেনছেভিক দলৰ মতভেদৰ কাৰণ :- বলছেভিক আৰু মেনছেভিক দলৰ মতভেদৰ মূখ্য কাৰণ হৈছে তেওঁলোকৰ কার্যপন্থা সম্পর্কে থকা মতবাদ। এই দল দুটাৰ বিভাজন আছিল আদর্শগত। বলছেভিক দলৰ নেতৃত্ব দিছিল বিপ্লৱৰ নেতা লেনিনে। লেনিন তথা তেওঁৰ অনুগামীসকলে উপলব্ধি কৰিছিল যে ৰুছ দেশৰ মধ্যবিত্ত শ্ৰেণীটো সংখ্যা আৰু গুণৰ ফালৰ পৰা সিমান শক্তিশালী নহয়৷ সেইবাবে শ্রমিক নেতৃত্বৰে সমাজতন্ত্র প্রতিষ্ঠিত হ’লেহে ৰুছ জনসাধাৰণৰ আশা-আকাংখা পূৰণ হ’ব। আনহাতে মেনছেভিক বা সংখ্যালঘিষ্ঠ দলৰ লোকসকলে বিশ্বাস কৰিছিল যে মধ্যবিত্ত শ্ৰেণীৰ দ্বাৰাহে ৰাছিয়াত বিপ্লৱ সফল হ’ব। এনে আদর্শগত পার্থক্যৰ বাবে দলদুটাৰ মাজত মতভেদ হৈছিল ।

(ঙ) কমিউনিষ্ট মেনিফেষ্টো :- সমাজবাদৰ মূল প্ৰৱক্তা কার্লমার্ক্সে কছ বিপ্লৱৰ সময়ত তেওঁৰ বিখ্যাত কমিউনিষ্ট মেনিফেষ্টো’ নামৰ ইস্তাহাৰ প্ৰকাশ কৰি আধুনিক সমাজবাদৰ প্ৰথম বিজ্ঞানসন্মত ব্যাখ্যা দাঙি ধৰিছিল। মেনিফেষ্টোৰ প্ৰথম কথাই হৈছে—মানৱ মাজৰ ইতিহাস শ্রেণী সংগ্ৰামৰ নামান্তৰ মাত্ৰ। কার্লমার্ক্সে ফ্ৰান্সলৈ আহি তাৰ  সমাজতন্ত্রীসকলৰ সৈতে ঘনিষ্ঠভাগে পৰিচিত হৈছিল আৰু সাম্যবাদৰে অনুপ্রাণিত হৈ তেওঁ ব্ৰুছেলছত ‘কমিউনিষ্ট মেনিফেষ্টো’ প্রকাশ কৰিছিল। কার্লমার্ক্সে সমাজবাদক সাম্যবাদ নাম দিছিল আৰু মেনিফেষ্টোত উল্লেখ কৰিছিল যে পুঁজিপতি মালিকসকল আৰু সৰ্বহাৰা শ্রমিক শ্ৰেণীৰ মাজত সংঘৰ্ষ অনিবার্য আৰু তাৰ ফলস্বৰূপে এখন শ্রেণীহীন সমাজৰ সৃষ্টি আৱশ্যম্ভাৱী।

(চ) ব্রেষ্টালিটভস্ক চুক্তি :- ৰাছিয়াৰ বলছেভিক বিপ্লৱে স্বেচ্ছাচাৰী ৰাজতন্ত্ৰৰ পতন ঘটাই শ্রেণীহীন সমাজ 1 প্ৰতিষ্ঠা কৰে আৰু ১৮১৮ চনত ৰচনা কৰা সংবিধান মতে কছিয়াৰ ৰাষ্ট্ৰীয় গাঁথনি স্থিৰ কৰে৷ বলছেভিক চৰকাৰে আন্দোলনৰ প্ৰাকমুহূৰ্তত দিয়া প্ৰতিশ্ৰুতি অনুসাৰে যিকোনো চৰ্ততে যুদ্ধৰ পৰা আঁতৰি আহিবলৈ ১৮১৮ চনত জাৰ্মানীৰ সৈতে এখন চুক্তি কৰে।এই চুক্তিখনক ব্রেষ্ট লিটভস্কি (Brest Litovsk) চুক্তি বোলা হয়। এই চুক্তিত থকা চৰ্ত অনুসৰি ৰাছিয়াই পোলেন্ড, কুৰলেণ্ড আৰু লিথুয়ানিয়া এৰি দিব লগা হয়। মুঠতে এই চুক্তিৰ ফলস্বৰূপে ৰুছিয়াই ৮০ লাখ কিমি ৰাজ্যক্ষেত্ৰ আৰু ৬ কোটি ৫০ লাখ মানুহ হেৰুৱাবলগীয়া হয়। বাহ্যিক দৃষ্টিত ব্রেষ্টালিটভস্ক চুক্তিখন অসন্মানজনক হ’লেও ৰুছিয়াক নতুনকৈ গঢ়াৰ বাবে ইয়াৰ অধিক প্রয়োজন আছিল।

(ছ) কেনেস্কিৰ চৰকাৰৰ ব্যৰ্থতাৰ কাৰণ :- আলেকজেণ্ডাৰ কেৰেনস্কি আছিল কছিয়াত প্ৰতিস্থা হোৱা অস্থায়ী চৰকাৰখনৰ আইন মন্ত্ৰী।তেওঁ, বিচাৰিছিল নিয়মতান্ত্রিক পথেৰে সমাজবাদৰ প্ৰতিষ্ঠা কৰা আৰু গণতান্ত্রিক সংস্কাৰ সাধন কৰা। কেনেস্কিয়ে বিশ্বযুদ্ধৰ দুয়ো পক্ষালৈ এক প্রস্তাৱ আগবঢ়াইছিল। প্ৰস্তাৱটো আছিল – কোনেও কাৰো ৰাজ্যক্ষেত্র ল’ব নোৱাৰিব আৰু কোনেও কাকো ক্ষতিপূৰণ দিব নালাগিব।কিন্তু বাস্তৱ ক্ষেত্ৰত দুয়ো পক্ষই এই প্রস্তাৱ প্রত্যাখ্যান কৰিছিল । কেৰেনস্কিয়ে কৌশলেৰে জাৰ্মানীক তেওঁৰ প্ৰস্তাৱত সন্মত কৰাৰলৈ এটা নতুনকৈ সেনাদল গঠন কৰিছিল আৰু গেলিছিয়া আক্ৰমণ কৰিবলৈ পঠাইছিল কিন্তু কৃতকার্য হোৱা নাছিল। আভ্যন্তৰীণ ক্ষেত্ৰতো কেৰনেস্কিয়ে সোঁপন্থীসকলৰ সৈতে লগলাগি বাওঁপন্থীসকলক দমন কৰাৰ চেষ্টা চলাইছিল কিন্তু বিফল হৈছিল। কেৰেনস্কিৰ চৰকাৰৰ বিৰুদ্ধে বলছেভিকসকলে চলোৱা তীব্ৰ প্ৰচাৰকাৰ্য আৰু চৰকাৰী সেনাৰ সৈতে বলছেভিক দলৰ সদস্যৰ মিত্ৰতাই হৈছে কেনেস্কিৰ চৰকাৰৰ ব্যৰ্থতাৰ মূল কাৰণ।

(জ) N. E. P. (New Economic Policy) :- NEP বা নতুন অর্থনৈতিক নীতি মার্ক্সবাদী নেতা লেনিনে প্ৰৱৰ্তন কৰিছিল। লেনিনে ৰাছিয়াত সাম্যবাদী সমাজ গঠন কৰিবলৈ নতুন অর্থনৈতিক নীতি যোগেদি কৃষকক মাটিৰ মালিকীস্বত্ব প্ৰদান কৰিছিল আৰু খেতিয়কৰ পৰা খাজানা বা কৰ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছিল।নতুন অর্থনৈতিক নীতি অনুসাৰে– খেতিয়কৰ পৰা শস্যৰ সলনি খাজনা লোৱাৰ নিয়ম কৰা হয়, উদ্বৃত্ত শদ্য বিক্ৰী কৰাৰ অধিকাৰ খেতিয়কক দিয়া হয় ; ব্যক্তিগত বাণিজ্যৰ অধিকাৰ দিয়া হয়, আৰু বাণিজ্যৰ বাবে বৈদেশিক ঋণ গ্ৰহণৰ ব্যৱস্থা কৰা হয়। এই নীতিয়ে ঝছিয়াৰ পূৰ্বৰ ছাৰ্যসকলক বৰকৈ উপকৃত কৰিছে।

(ঝ) নৱেম্বৰত অনুষ্ঠিত বিপ্লৱক “অক্টোবৰ বিপ্লব” কিয় বোলা হয় ? 

উত্তৰ :- ১৯১৭ চনৰ ৬ নৱেম্বৰ তাৰিখে ৰাছিয়াত কেৰেনস্কিৰ চৰকাৰৰ পতন ঘটে আৰু এই ঘটনাক বলছেভিক বিপ্লৱ বা ‘অক্টোবৰ বিপ্লৱ’ বোলা হয়। নৱেম্বৰত অনুষ্ঠিত বিপ্লৱক অক্টোবৰ বিপ্লৱ বোলাৰ প্ৰধান কাৰণ হৈছে—ৰছিয়াত প্ৰচলি গ্রীক অর্থোডস্ক গির্জাৰ (Greek Orthodox Chureh) কেলেণ্ডাৰ ইংলেন্ড গ্ৰেগৰীয়ান কেলেণ্ডাৰতকৈ ১৩ দিন পিছপৰা।কছ কেলেণ্ডাৰ মতে বলছেভিক বিপ্লৱৰ তাৰিখ ২৪ অক্টোবৰ। সেয়ে এই বিপ্লৱক অক্টোবৰ বিপ্লৱ বোলা হয়।

(ঞ) “বনুৱাৰ একনায়কত্ব” কি ?

উত্তৰ :- ‘বনুৱাৰ একনায়কত্ব’ (Proletariate Dictatorship) মানে হৈছে পাৰ্টিৰ একনায়কত্ব।সমাজবাদৰ মূল প্ৰৱক্তা কার্লমার্ক্সৰ মতে পাৰ্টিয়ে হৈছে ৰাষ্ট্ৰৰ স্বত্বাধিকাৰী তথা মালিক।চৰকাৰৰ আইন আৰু কাৰ্যপন্থা পাৰ্টি বা বনুৱাই নিৰ্ধাৰণ কৰিব লাগে আৰু নিৰ্বাচন ব্যৱস্থাও পাৰ্টিয়ে কৰিব লাগে ৷কাৰ্লমার্ক্সৰ মতে বিশ্ব শ্রমিক ৰাষ্ট্ৰ স্থাপন হ’ব লাগে৷বনুৱাৰ একনায়কত্বৰ জৰিয়তে কার্লমার্ক্সে আধুনিক সমাজবাদৰ ব্যাখ্যা আৰু সাম্যভাবৰ ধাৰণাটো স্পষ্টভাৱে বৰ্ণনা কৰিছে।কমিউনিষ্ট পাৰ্টিৰ যোগেদি শ্রমিক শ্রেণীক লগত লৈ কার্লমার্ক্সে ৰাছিয়াত সাম্যবাদী চৰকাৰ গঠনৰ প্ৰচেষ্টা চলাইছিল।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top