Class 9 History Elective Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ

Class 9 History Elective Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ, Elective History class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 History Elective Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ and select need one.

Class 9 History Elective Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 History Elective Chapter 1 আমেৰিকাৰ স্বাধীনতা যুদ্ধ Solutions for All Subject, You can practice these here…

আমেৰিকাৰ স্বাধীনতা যুদ্ধ

অধ্যায় – ১

ইতিহাস

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) আমেৰিকা কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল ?

উত্তৰ :- খ্ৰীষ্টফাৰ কলম্বাছ নামৰ জেনোৱাৰ (ইটালী) এজন নাৱিকে ১৪৯২ খ্ৰীষ্টাব্দত আমেৰিকা আৱিষ্কাৰ কৰিছিল।

(খ) ভার্জিনিয়া উপনিৱেশৰ প্রতিষ্ঠাতা কোন ?

উত্তৰ :- ভার্জিনিয়া উপনিৱেশৰ প্রতিষ্ঠাতা ছাৰ ৱাণ্টাৰ ৰেলেই (Sir Walter Raleigh)। তেওঁ ১৫৮৫ খ্ৰীষ্টাব্দত উত্তৰ আমেৰিকাত এই উপনিৱেশ প্রতিষ্ঠা কৰে।

(গ) আমেৰিকা যুদ্ধৰ সময়ত ইংলেণ্ডৰ ৰজা কোন আছিল ?

উত্তৰ :- আমেৰিকা যুদ্ধৰ সময়ত ইংলেণ্ডৰ ৰজা আছিল তৃতীয় জর্জ (১৭৬০ – ১৮২০)।

(ঘ) আমেৰিকাত মুঠতে কেইখন ইংৰাজ উপনিৱেশ আছিল ?

উত্তৰ:- আমেৰিকাত মুঠতে ১৩ খন ইংৰাজ উপনিৱেশ আছিল। 

(ঙ) আমেৰিকা ঘোষণাপত্ৰৰ ৰচক কোন ?

উত্তৰ :-  আমেৰিকা ঘোষণাপত্ৰৰ ৰচক হ’ল আমেৰিকাৰ এজন বিখ্যাত চিন্তাবিদ আৰু গণতন্ত্ৰৰ প্ৰবক্তা থমাছ জেফাৰছন (Thomas Jefferson)।

(চ) কোনখন যুদ্ধত আমেৰিকা আৰু ফৰাচী বাহিনীৰ যুটীয়া আক্ৰমণত ইংৰাজ সেনাপতি কৰ্ণৱালিছে পৰাজয় বৰণ কৰিছিল ?

উত্তৰ :- ১৭৮৯ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত আমেৰিকা আৰু ফৰাচী বাহিনীৰ যুটীয়া আক্ৰমণত ইয়র্কটাউনৰ যুদ্ধত ইংৰাজ সেনাপতি কৰ্ণৱালিছে পৰাজয় বৰণ কৰিছিল৷

(ছ) আমেৰিকাক সহায় কৰা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম কি লিখা।

উত্তৰ :- আমেৰিকাক সহায় কৰা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম স্পেইন আৰু হলেণ্ড।

(জ) ‘কমনচেন্স’ পুস্তিকাখনৰ লেখক কোন ?

উত্তৰ :- ‘কমনচেন্স’ পুস্তিকাখনৰ লেখক “থমাছ পেইন” (Thomas, Paine)

(ঝ) কাৰ সভাপতিত্বত আমেৰিকাৰ সংবিধান বচনা কৰা হৈছিল ? 

উত্তৰ :- স্বাধীনতা যুঁজৰ প্ৰাক্তন সেনাপতি জৰ্জ ৱাশ্বিংটনক সভাপতি হিচাপে লৈ আমেৰিকাৰ সংবিধান ৰচনা কৰা হৈছিল।

(ঞ) আমেৰিকাৰ প্ৰথম ৰাষ্ট্রপতি কোন আছিল ?

উত্তৰ:- জর্জ ৱাশ্বিংটন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল।

(ট) আমেৰিকাৰ আদিম অধিবাসীসকল কি নামেৰে জনাজাত ?

উত্তৰ :- আমেৰিকাৰ আদিম অধিবাসীসকল ৰেড ইণ্ডিয়ান নামে জনাজাত। 

(ঠ) আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কেইবছৰীয়া ?

উত্তৰ :- আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল চাৰি বছৰীয়া। 

(ড) আমেৰিকাৰ প্ৰধান ৰাজনৈতিক দল দুটাৰ নাম লিখা।

উত্তৰ :- আমেৰিকাৰ প্ৰধান ৰাজনৈতিক দল দুটাৰ নাম হৈছে – ডেমক্রৌ Democrate) আৰু ৰিপাব্লিকান (Republican) । 

(ঢ) আমেৰিকাৰ সংবিধানখন কেতিয়াৰপৰা বলবৎ কৰা হৈছিল ?

উত্তৰ :- আমেৰিকাৰ সংবিধানখন ১৭৯১ খ্ৰীষ্টাব্দৰ ৪ মাৰ্চৰপৰা বলবৎ কৰ হৈছিল।

প্রশ্ন ২। চমুটোকা লিখা :

(ক) আমেৰিকা নামৰ উৎপত্তি

(খ) স্বাধীনতা ঘোষণা পত্র

(গ) তীর্থযাত্রীৰ গুৰু

(ঘ) বষ্টন’ৰ টি পার্টি

(ঙ) ষ্টাম্প এক্ট কংগ্ৰেছ

(চ) সশস্ত্ৰ নিৰপেক্ষতা

(ছ) অধিকাৰৰ বিধি।

উত্তৰ :- (ক) আমেবিকা নামৰ উৎপত্তি :- মধ্যযুগত ইউৰোপৰ বহু বিজ্ঞলোকে ধাৰণা কৰিছিল যে এচিয়া মহাদেশ ইউৰোপ মহাদেশৰ পশ্চিমে অৱস্থিত আৰু সেইফালে গতি কৰিলে অতি সোনকালে প্রাচ্যদেশত উপনীত হ’ব পৰা যায়। খ্ৰীষ্টফাৰ কলস্বাছ নামৰ জেনোৱাৰ এজন নাৱিকেও এনে ধাৰণাৰ বশৱৰ্তী হৈ প্ৰাচ্য দেশলৈ অহা পথৰ সন্ধানৰ বাবে প্রথমে পর্তুগালৰ কার চাপে। পৰ্তুগাল ৰজাই তেওঁক গুৰুত্ব নিদিয়াত তেওঁ স্পেইন ৰজাৰ সহায় বিচাৰে। বহুতো কাকুতি-মিনতিৰ অন্তত স্পেইন ৰজাই তেওঁক সহায় কৰিবলৈ মান্তি হয়। 

১৪৯২ খ্ৰীঃত ক’লম্বাছে তিনিখন জাহাজত ৮৭ জন নাৱিক লৈ পাল’ছ বন্দৰৰপৰা আটলান্টিক মহাসাগৰেদি যাত্ৰা আৰম্ভ কৰে। দুমাহ জোৰা, যাত্ৰাৰ অন্তত ক’লম্বাছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৱিষ্কাৰ কৰে। ক’লম্বাছৰ পাছত ইটালীৰ ফ্ল’বেন্স নগৰৰ আমেৰিগ’ ভেছপুছি ( Amerigo Vespucci) নামৰ এজন সদাগৰে সেই অঞ্চল ভ্রমণ কৰি ইয়াৰ বিষয়ে বিশ্ববাসীক অধিক তথ্যৰ যোগান ধৰে। সেই সময়তে জার্মানীৰ এজন অধ্যাপকে ভূগোল বিষয়ক এখন কিতাপ লেখি সেই নতুনকৈ আৱিষ্কৃত অঞ্চলটিৰ নাম আমেৰিকা বুলি কোৱাৰ সপক্ষে যুক্তি দাঙি ধৰিলে, কাৰণ আমেৰিকাছে (Americus) পৃথিৱীৰ এই ভূ-খণ্ড আৱিষ্কাৰ কৰিছিল। লেটিন ভাষাত আমেৰিগ’ক আমেৰিকাছ বুলি কোৱা হয়৷ লাহে লাহে আমেৰিকা নামটোৱেই জনপ্ৰিয় হৈ উঠিল। এইদৰে আমেৰিকা নামৰ | উত্পত্তি হোৱা বুলি কোৱা হয়।

(খ) স্বাধীনতা ঘোষণা পত্র :- ১৭৭৬ চনত ফিলাডেলফিয়াত মহাদেশীয় সংঘৰ দ্বিতীয় অধিৱেশন আৰম্ভ হৈছিল। আলোচনাৰ শেষত প্রতিনিধিসকলে শান্তির শেষ প্রচেষ্টা স্বৰূপে ‘অলিভ ব্রান্স পিটিছন’ নামৰ এখন আৱেদনেৰে ব্রিটিছ চৰকাবক উপনিৱেশবোৰৰ প্ৰতি নমনীয় হ’বলৈ দাবী জনাইছিল। শান্তিৰ প্ৰচেষ্টাৰ বিপৰীতে ব্ৰিটিছ চৰকাৰে অৰ্থনৈতিক অৱৰোধৰ দৰে কঠোৰ ব্যৱস্থাৰে উপনিৱেশবাসীক দমন কৰিবলৈ চেষ্টা চলালে। লগে লগে দেশ প্রেমিক,(দূতৰ দ্বাৰা ১৩ খন কলনীত ১৭৭৬ চনৰ স্বাধীনতাৰ ঘোষণাৰ কথা জনোৱা হৈছে) বুদ্ধিজীৱী আদিয়ে ছপোৱা পুস্তিকা আৰু থমাছ পেইনৰ পুস্তিকা ‘কমনচেন্স’ আদিৰে উপনিৱেশবাসীৰ মাজত স্বাধীনতাৰ বাণী বিয়পীবলৈ ধৰিলে। এই পৰিস্থিতিৰ মাজতে বৈপ্লৱিক ক্ষিপ্ৰতাৰে, মহাদেশীয় কংগ্ৰেছে সর্বসম্মতিক্রমে স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। ভার্জিনিয়াৰ বিখ্যাত থমাছ জেফাৰছনে লিখি উলিওৱা ঘোষণা পত্ৰখন ১৭৭৬ চনৰ ৪ জুলাইত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়।

(গ) তীর্থযাত্রীব গুৰু :- ১৫৮৫ খ্ৰীষ্টাব্দত উত্তৰ আমিৰিকাত ইংৰাজসকলে প্রথম উপনিবেশ স্থাপন কৰে। ইংলেণ্ডৰ কুমাৰী ৰাণী (Virgin Queen এলিজাবেথৰ নামানুসৰি ইয়াক ভার্জিনিয়া নামেৰে নামকৰণ কৰা হয়। ভার্জিনিয়া উপনিবেশে গা কৰি উঠাৰ পাছত আমেৰিকাৰ উপকূল ভাগ জনবসতি ক্ৰমে বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ মূল কাৰণ হৈছে আমেৰিকাৰ অপর্যাপ্ত পৰিমাণৰ উৰ্বৰ ভূমি আৰু আন প্ৰাকৃতিক সম্পদৰাজি। বেহা-বেপাবৰ উপৰিও ধর্মীয় কাৰণতো কিছুমান মানুহে তাত বসতি স্থাপন কৰে। ইংলেণ্ডত পিউৰিটান (Puritan) নামৰ এটা গোড়া খ্ৰীষ্টানধর্মী সম্প্রদায়ৰ লোক আছিল। 

নিজ দেশত ধৰ্ম পালনৰ বাবে বহুত অসুবিধাৰ সৃষ্টি হোৱাত তাৰ কিছুসংখ্যক পিউৰিটান ১৬২০ খ্ৰীষ্টাব্দত মে’ফ্লাৱাৰ (Mayflower) নামৰ এখন জাহাজত উঠি আটলান্তিক মহাসাগৰ পাৰ হৈ উত্তৰ আমেৰিকাত এখন নতুন উপনিৱেশ স্থাপন কৰে। সেই উপনিৱেশখনৰ নাম হ’ল প্লাইমাউথ। প্লাইমাউথত এনেকৈ বসবাস কৰা লোকসকল “তীৰ্থযাত্ৰাৰ গুৰু” হিচাপে প্রসিদ্ধ।

(ঘ) বষ্ট’নৰ টি পাৰ্টি :- ১৭৭০ চন মানৰপৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আর্থিক অৱস্থা শোচনীয় হোৱাত ১৭৭২ চনত ব্ৰিটিছ চৰকাৰে চাহ আইনৰ দ্বাৰা কোম্পানীটোক চাহপাতৰ ব্যৱসায়ত একচেতীয়া অধিকাৰ দিলে, লগে লগে উপনিৱেশসমূহ চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল। এনেয়ে উপনিৱেশবাসীয়ে চাহ কৰৰ ওপৰত বাহাল থাকা শুল্কক সহজভাৱে ল’ব পৰা নাছিল। ১৭৭৩ চনৰ ১৬ ডিচেম্বৰত চেমুৱেল আদামচৰ নেতৃত্বত এটা দলে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ চাহেৰে ভৰি থকা বষ্টন বন্দৰৰ এখন জাহাজত বলেৰে প্ৰৱেশ কৰিলে আৰু ৩৪০টা চাহ-বাকচ সাগৰত পেলাই দিলে। ‘বষ্টন টি পাৰ্টি নামৰ বিদ্ৰোহী দলটোৰ এই কাৰ্য-কলাপে আমেৰিকাবাসীৰ মনত বিদ্ৰোহৰ ভাৱ জাগ্রত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

(ঙ) ষ্টাম্প এক্ট কংগ্ৰেছ :- সপ্তদশ শতিকামানৰপৰাই ইংলেণ্ডে আমেৰিকাৰ উপনিৱেশসমূহৰ ওপৰত শোষণমূলক নীতি গ্ৰহণ কৰিবলৈ লৈছিল। কিন্তু উপনিৱেশসমূহৰ মাজত ঐক্য-সংহতিৰ অভাৱৰ ফলত ইংলেণ্ডৰ বিৰুদ্ধত কোনো ধৰণৰ প্ৰতিবাদ হোৱা নাছিল। অষ্টাদশ শতিকাৰ দ্বিতীয়ার্ধৰপৰাহে উপনিৱেশসমূহৰ উমৈহতীয়া স্বাৰ্থ ৰক্ষাৰ্থে উমৈহতীয়া মঞ্চ গঠনৰ প্ৰচেষ্টা আৰম্ভ হয়।

১৭৫৪ চনত ৭খন উপনিৱেশ লগহৈ আলবেনিত এখন সভা পাতিছিল আৰু এই সভাৰ উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰৰ বাণিজ্য নীতিৰ বিৰোধিতা কৰা। এয়াই আমেৰিকাৰ উপনিৱেশসমূহে ঐক্য গঢ়ি তোলাৰ প্রথম পদক্ষেপ। এই কংগ্ৰেছতে ১৩খন উপনিৱেশ লগলগাই এক যুক্তৰাষ্ট্ৰীয় আৰ্হিব শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ প্ৰস্তাৱ লোৱা হয়। এই প্রচেষ্টা সফল নহ’লেও ই উপনিৱেশবোৰৰ মাজত ঐক্য গঢ়ি তোলাৰ বাট মুকলি কৰিলে। ইয়াৰ ফলতে ১৭৬৫ চনৰ ষ্টাম্প এক্টৰ বিৰোধিতা কৰিবলৈ ৯খন উপনিৱেশৰ প্রতিনিধি নিউ ইয়ৰ্কৰ বিখ্যাত ‘ষ্টাম্প এক্ট কংগ্ৰেছত মিলিত হয়।

আমেৰিকাৰ উপনিৱেশসমূহৰ ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত ১৭৭৪ চনৰ প্ৰথম আন্তর্জাতিক মহাদেশীয় কংগ্ৰেছ সবাতোকৈ গুৰুত্বপূৰ্ণ। ১৭৭৪ চনৰ চেপ্তেম্বৰ মাহত ভার্জিনিয়া বিধানসভাৰ উদ্যোগত ফিলাডেলফিয়াত অনুষ্ঠিত এই মহাসভাত জর্জিয়াক বাদ দি বাকী ১২খন উপনিৱেশৰ প্রতিনিধিয়ে যোগদান কৰে। এই সভাতে ব্ৰিটিছ উপনিৱেশিক নীতিৰ পৰ্যালোচনা কৰা হয় আৰু উপনিৱেশবাসীৰ “স্বাৰ্থ ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পণ লোৱা হয়।

এনেদৰে, উপনিৱেশবোৰৰ প্রতিনিধিসকলে এখোজ-দুখোজকৈ বৃহৎ মহাদেশীয় সংঘ প্রতিষ্ঠা কৰি উপনিৱেশসমূহৰ ঐক্য স্থাপন কৰিলে।

(চ) সশস্ত্র নিবপেক্ষতা :- ১৭৭৬ খ্রীষ্টাব্দৰ ৪ জুলাই তাৰিখে ফিলাডেলফিয়াত অনুষ্ঠিত এখন মহাসভাই আমেৰিকাৰ স্বাধীনতা ঘোষণা পত্র এখন গ্ৰহণ কৰিলে। কিন্তু ই আমেৰিকাৰ উত্তপ্ত পৰিস্থিতিৰ উপশম ঘটাবলৈ সক্ষম নহ’ল। ইংৰাজ সেনাপতিসকল ৰণবিদ্যাত অতি পাৰ্গত আছিল তেওঁলোকে নিউইয়র্ক, ফিলাডেলফিয়া আদি উত্তৰফালৰ বিখ্যাত ঠাইবোৰ দখল কঁৰিবলৈ সক্ষম হ’ল। তথাপিও ১৭৭৭ খ্ৰীঃত ছোট’গাৰ যুদ্ধত ইংৰাজ সেনাপতি বাবগণে আমেৰিকাৰ সেনাপতি হৰেচিয়’ গেটছৰ হাতত পৰাজয় বৰণ কৰে। 

ইয়াৰ পিছত আমেৰিকাৰ বাজনীতিৰ উদীয়মান পুৰুষ বেঞ্জামিন ফ্ৰেংকলিনৰ প্ৰচেষ্টাত ইংলেণ্ডৰ পুৰণি শত্রু ফ্রান্সে আমেৰিকাৰ পক্ষ গ্ৰহণ কৰি ইংলেণ্ডৰ বিপক্ষে থিয় দিয়ে। স্পেইন আৰু হলেণ্ডে আমেৰিকাক সহায় কৰিবলৈ আগবাঢ়ি আহে। ফলত ইংলেণ্ডৰ অৱস্থা শোচনীয় হৈ পৰে। সেই সময়তে ইংৰাজ বাহিনীয়ে আটলান্টিক মহাসাগৰত বিচৰণ কৰা আন দেশৰ জাহাজবোৰ খানাতালাচ কৰাৰ নিয়ম কৰিলে। ইয়াৰ উদ্দেশ্য আছিল যুদ্ধৰ কোনো আহিলা পাতি যাতে আমেৰিকালৈ সৰবৰাহ কৰিব নোৱাৰে তাৰে ব্যৱস্থা কৰা। তেনে নিয়মত নিৰপেক্ষ দেশসমূহ অসন্তুষ্ট হ’ল আৰু সেই দেশসমূহ সাগৰত শান্তিপূর্ণভাৱে বিচৰণ কৰিব পৰাৰ অধিকাৰ ৰক্ষা কৰিবলৈ সংঘ গঢ়ি তুলিলে। ইউৰোপীয় দেশসমূহৰ তেনে অৱস্থান “সশস্ত্র নিবপেক্ষতা” (Armed Neutrality) নামে জনাজাত। 

(ছ) অধিকাৰৰ বিধি :- জর্জ ৱাহিংটনক সভাপতি হিচাপে লৈ আমেৰিক যুক্তৰাজ্যৰ সংবিধান ৰচনা কৰা হয়। বিশ্বৰ এইখনেই হৈছে প্রথম লিখি সংবিধান। সংবিধান ৰচিত হ’ল যদিও ৯খন ৰাজ্যই তাক গ্ৰহণ কৰিলেহে সমগ্ৰ দেশত তাক বলৱৎ কৰাৰ নিয়ম কৰা হয় ৷ প্ৰথমতে কিছুমান ৰাজ্যত যুক্তৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা লৈ মতবিৰোধে দেখা দিছিল, কিন্তু ১০খন উপনিৱেশে সেইখন গ্ৰহণ কৰাত তাৰ কাৰ্যকৰীকৰণত আৰু কোনো বাধা নোহোৱা হয়। 

আন ৰাজ্যসমূহেও পাছত সংবিধানখনত অনুমোদন জনায়। অৱশেষত ১৭৯১. খ্ৰীঃৰ ৪ মাৰ্চৰপৰা আমেৰিকা যুক্তৰাজ্যৰ সংবিধানখন বলৱ কৰা হয়। মূল সংবিধানখনত মানুহৰ মৌলিক আধকাৰৰ বিষয় অন্তৰ্ভূক্ত কৰা হোৱা নাছিল৷ সেই অভাৱ পূৰণ কৰিবলৈ ১৭৯১ খ্ৰীঃৰ নৱেম্বৰ মাহত দহটা সংশোধনী অনা হয়। সেইকেইটা গৃহীত হোৱাত সেইবোৰ সংবিধানৰ অংশ হৈ পৰে। সেইবোৰৰদ্বাৰা আমেৰিকাৰ নাগৰিক জীৱন, অধিকাৰ, ধৰ্ম, বাক-স্বাধীনতা আৰু সংবাদপত্ৰৰ স্বাধীনতা, সম্পত্তি, জুৰিৰ বিচাৰ আদিৰ ক্ষেত্ৰত নিশ্চিত অধিকাৰ প্ৰদান কৰা হয়। এইবোৰক একেলগে অধিকাৰৰ বিধি (Bill of Rights) বুলি কোৱা হয়৷ 

Sl. No.Contents
Chapter 1আমেৰিকাৰ স্বাধীনতা যুদ্ধ
Chapter 2ফৰাচী বিপ্লৱ
Chapter 3শিল্প-বিপ্লৱ
Chapter 4ৰুছ-বিপ্লৱ
Chapter 5১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ
Chapter 6উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান

প্রশ্ন ৩। ৰচনাধর্মী প্রশ্ন

(ক) আমেৰিকাত ইংৰাজ উপনিৱেশ স্থাপনৰ বিষয়ে এক বিৱৰণ দিয়া ৷

উত্তৰ :- স্পেইনৰ ৰাজনৈতিক সাহায্য লাভ কবি জেনেভাৰ এজন সাধাৰণ নাৱিক খ্ৰীষ্ট’ফাৰ ক’লম্বাচে কেইজনমান লগৰীয়াৰ সৈতে সাগৰেৰে গৈ ১৪৯২ চনৰ ১১ অক্টোবৰত এক বিশাল অচিনাকি ভূ-খণ্ডত পদার্পণ কৰে।অৱশ্যে ক’লম্বাচ আৰু তেওঁৰ লগৰীয়াসকলে এই ভূ-খণ্ডক ভাৰতবৰ্ষ বা চীনদেশ বুলিয়ে ভাবিছিল।১৫০৩ চনত ইটালীৰ এমৰিগ’ ভেচপুচিয়েহে এই অঞ্চলক ভাৰতবৰ্ষ বা চীনদেশৰ বিপৰীতে এখন ‘নতুন পৃথিৱী’ বুলি চিহ্নিত কৰে। তেওঁৰ নামেবেই এই বিশাল ভূ-খণ্ডৰ নাম আমেৰিকা হয়গৈ। এয়া যিয়েই নহওক, ক’লম্বাচৰ – আমেৰিকা আৱিষ্কাৰ পৃথিৱীৰ ইতিহাসত এক যুগান্তকাৰী ঘটনা। এই ঘটনাৰ পাছত ইংলেণ্ড, ফ্রান্স, স্পেইন, চুইডেন আদি ইউৰোপীয়

শক্তিসমূহে আমেৰিকাত উপনিবেশ স্থাপন কৰিবলৈ উঠি-পৰি লাগিল। স্পেইন ফ্ল’বিডাত আৰু ফ্রান্সে উত্তৰৰ কানাডাত বৃহৎ উপনিবেশ গঢ়ি তুলিলে। ইংৰাজসকলে পূৱৰ উপকূলীয় অঞ্চলত ১৩খন উপনিৱেশ স্থাপন কৰিলে।

(ইউৰোপৰ ব্যৱসায়ীসকলৰ পৃথিৱীৰ বিভিন্ন ঠাইলৈ বেহা-বেপাৰৰ প্ৰসাৰ) আমেৰিকাত ইউৰোপীয় ঔপনিৱেশিক নীতি প্রয়োগ কৰি ইউৰোপৰ দেশসমূহে বিশ্বাস কৰিছিল যে সাগৰৰ সিপাৰে নতুন অঞ্চল দখল কৰিব পাৰিলে তথা ব্যৱসায়ৰ প্ৰসাৰ ঘটাব পাৰিলে দেশৰ সম্পদ আৰু শক্তি সমানেই বৃদ্ধি পাব।অৱশ্যে ইংৰাজসকলে আমেৰিকাত উপনিবেশ স্থাপন কৰাৰ অন্তবালত আন বহুতো কাৰণ আছিল৷ থূলমূলকৈ এই কাৰণবোৰ হ’ল–

(১) অর্থনৈতিক কাৰণত ইংৰাজ চৰকাৰে জন-প্ৰব্ৰজনক উৎসাহিত কৰিছিল।

(২) ইংলেণ্ডৰ ষ্টুৱাৰ্ট শাসকসকলৰ ধৰ্মীয় অসহিষ্ণুতাৰ ফলত বহুতো লোকে মাতৃভূমি এবি উপনিবেশ স্থাপনত :সহযোগ কৰিবলৈ গৈছিল। 

(৩) পঞ্চদশ শতিকাৰ বহুতো ইংৰাজ কোম্পানী সংস্থা আদিয়ে জন-প্ৰব্ৰজনক উদগণি যোগাইছিল। 

(৪) ইংৰাজসকলে তেওঁলোকৰ দুঃসাহসিক স্বভাৱৰ বশৱৰ্তী হৈয়ো কঠিন পথেৰে গৈ আমেৰিকাত উপস্থিত হৈছিল।

(৫) বহুতো আকৌ অধিক ধনী হোৱাৰ আশাৰে আমেৰিকালৈ গৈছিল৷ তদুপৰি, 

(৬) ইংলেণ্ডৰ ন্যায়ালয়সমূহৰ দ্বাৰা দোষী সাব্যস্ত হোৱা বহুতো লোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হিচাপে আমেৰিকাৰ উপনিৱেশলৈ পঠিওৱা হৈছিল।

এনেদৰে বিভিন্ন কাৰণত ইংলেণ্ডৰপৰা গৈ আমেৰিকাত বসতি স্থাপন কৰা লোকৰ দ্বাৰা গঠিত ১৩খন উপনিৱেশক ব্ৰিটিছ পার্লামেন্ট স্বীকৃতি প্রদান কৰে। এই উপনিৱেশসমূহ হ’ল –

(১) নিউ হাম্পছায়াৰ।

(২) মেছাছুছেট্‌ছ। 

(৩) কাণেকটিকাট।

(৪) ৰোড় দ্বীপ। 

(৫) নিউইয়র্ক।

(৬) নিউজাৰ্ছি।

(৭) পেনছিলভেনিয়া।

(৮) ডেলোৱাৰ।

(৯) মেৰীলেণ্ড। 

(১০) ভার্জিনিয়া। 

(১১) উত্তৰ কেৰ লিনা।

(১২) দক্ষিণ কেৰ’লিনা আৰু

(১৩) জর্জিয়া।

আমেৰিকাৰ ব্ৰিটিছ উপনিৱেশবোৰত ইংলেণ্ডৰ দৰে প্ৰশাসনীয় ব্যৱস্থা গঢ়ি উঠিছিল। ব্ৰিটিছ চৰকাৰে বেছিভাগ উপনিৱেশতে একোজনকৈ ৰাজ্যপাল নিযুক্ত কৰিছিল আৰু স্থানীয় জনগণৰ দ্বাৰা একোখনকৈ বিধানসভা গঠিত হৈছিল। এই সভা স্থানীয় লোকৰ দ্বাৰা গঠিত হোৱা বাবে ব্ৰিটিছ সংসদৰ আৰ্হিতে ইয়াৰ সদস্যসকলেও দাবী কৰিছিল যে বিধান সভাৰ অনুমোদন নোহোৱাকৈ ব্ৰিটিছ চৰকাৰ বা ৰাজ্যপালে কোনো কৰ-কাটল বহুৱাব বা নতুন আইন বলৱ কৰিব নোৱাৰিব।

এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে ইংৰাজ’ জনবসতি আমেৰিকাৰ ভার্জিনিয়াৰ জেমচ টাউনত পোন প্ৰথমে (১৬০৭ চনত) আৰম্ভ হৈছিল। ইয়াৰ লগে লগে ইংৰাজ জনবসতি বিয়পী পৰিল আৰু ১৩খন উপনিৱেশ স্থাপিত হ’ল। কম দিনৰ ভিতৰতে এই উপনিৱেশবোৰে চমৎকাৰ অৰ্থনৈতিক বিকাশ লাভ কৰিলে। এনে বিকাশৰ ক্ষেত্ৰত ভার্জিনিয়া, জর্জিয়া, নিউইয়র্ক, নিউজাৰ্ছি আদি ঠাইত ব্যৱসায়িক শ্ৰেণীটোৱে আৰু মেৰীলেণ্ড, পেনছিলভেনিয়া, মেছাছুছেট্‌ছ আদি ঠাইত ধর্মীয় প্রাধান্যই আগভাগ লৈছিল।

উল্লেখযোগ্য যে কেইবাটাও কাৰণত আমেৰিকাত বসতি স্থাপন কৰা ইংৰাজ লোকসকলৰ চিন্তাধাৰা মুক্ত হৈছিল আৰু ইংলেণ্ডতকৈ আগতেই তেওঁলোকৰ ৰাজনৈতিক সচেতনতা বিকশিত হৈছিল।

এনে কাৰণবোৰৰ ভিতবত আছে– 

(১) আমেৰিকাৰ মাটিত বসতি স্থাপন কৰা বহুতো লোক দৰাচলতে ইংলেণ্ডত ৰক্ষণশীল ধর্মীয় শোষণৰ বলি হৈ মাতৃভূমি ত্যাগ কৰা উদাৰপন্থী লোক। 

(২) ইয়াত ইংলেণ্ডৰ দৰে অভিজাত শ্ৰেণীৰ প্রাধান্য নাছিল। সেয়েহে মধ্যবিত্ত আৰু নিম্নশ্রেণীৰ লোকসকলে শ্রেণীবৈষম্যৰপৰা মুক্ত হৈ মুকলি চিন্তাৰ সুবিধা পাইছিল।

(৩) তৃতীয়তে সেই সময়ৰ পৰিৱহন ব্যৱস্থাৰ হিচাপত ইংলেণ্ডৰ কটকটীয়া শাসনৰপৰা আমেৰিকাৰ ইংৰাজসকল বহুত দূৰত আছিল। এনেবোৰ কাৰণতে ব্ৰিটিছ চৰকাৰৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে নির্ভয়ে মুক্ত প্রতিবাদ সাব্যস্ত কৰিবলৈ আৰু ইংলেণ্ডৰ শাসন-শোষণৰপৰা আঁতৰাই আমেৰিকাক স্বাধীন কৰিবলৈ আমেৰিকাবাসী সফল হৈছিল।

(খ) আমেৰিকাৰ স্বাধীনতা যুঁজৰ কাৰণবোৰ চমুকৈ লিখা। উত্তৰ। আমেৰিকাত উপনিবেশ স্থাপন কৰা ইংৰাজসকলে নতুন জীৱনৰ সোৱাদ লাভ কৰি প্ৰগতিৰ দিশত অগ্ৰসৰ হৈছিল। কিন্তু তেওঁলোকৰ এই প্ৰগতিত হেঙাৰ স্বৰূপে থিয় হৈছিল স্বয়ং ব্ৰিটিছ চৰকাৰ। সেয়ে এদিন সমূহ আমেৰিকাবাসী ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে চৰম অসন্তুষ্ট হৈ মাৰবান্ধি থিয় হ’ল। ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আমেৰিকাবাসীৰ এই সশস্ত্ৰ সংগ্ৰানেই হৈছে আমেৰিকাৰ স্বাধীনতা যুদ্ধ।এই স্বাধীনতা যুদ্ধৰ প্ৰধান কাৰণসমূহ তলত আলোচনা কৰা হ’ল।

(১) অর্থনৈতিক কাৰণ :- ব্ৰিটিছ চৰকাৰে নানা আইন প্রণয়ন কৰি আৰু বাণিজ্যিক নীতি গ্রহণ কৰি আমেৰিকাৰ লগতে ব্ৰিটিছৰ সকলো উপনিৱেশৰ ওপৰতে অর্থনৈতিক শোষণ চলাইছিল। উপনিৱেশবাসীয়ে ব্রিটিছ আইন অনুসৰণ কৰি ব্ৰিটেইনৰ সম্পদ বৃদ্ধি কৰিব লাগিছিল আৰু নিজৰ অৰ্থনৈতিক স্বার্থ বিসর্জন দিবলগীয়া হৈছিল । ৰজা তৃতীয় জৰ্জৰ দিনত এই আইনসমূহ কঠোৰভাৱে পালন কৰাৰ দিহা কৰা হৈছিল।

ইয়াৰ উপৰিও ১৭৬৩ চনত সমাপ্ত হোৱা সাতবছৰীয়া ৰণৰ ফলত ব্ৰিটেইনত উদ্ভৱ হোৱা অর্থনৈতিক নাটনিৰ জোৰা মাৰিবলৈ ব্ৰিটিছ চৰকাৰে দেশবাসীক বেহাই দি উপনিৱেশবাসীৰ ওপৰত নানা ধৰণৰ কৰ-কাটলৰ বোজা জাপি দিছিল।

(২) ধর্মীয় কাৰণ :- ইংলেণ্ডত ষ্টুৱাৰ্ট শাসকসকলৰ ধৰ্মীয় নির্যাতনৰ বলি হৈয়ে বহুতো লোক আমেৰিকালৈ গৈ বসতি স্থাপন কৰিছিল। আমেৰিকাত মত প্ৰকাশৰ স্বাধীনতা লাভ কৰি এচাম পিউৰিটান ধর্মীয় সংস্কাৰকে সপ্তদশ শতিকাৰ প্রথমভাগৰপৰাই ইংলেণ্ডৰ ধৰ্মীয় নীতিৰ বিৰুদ্ধে জনমত গঠন কৰিছিল।

(৩) ভূমি সংৰক্ষণ সম্পৰ্কীয় কাৰণ :- ব্ৰিটিছ চৰকাৰে ৰেড ইণ্ডিয়ানসকলৰ স্বার্থব প্রতি লক্ষ্য ৰাখি মিচিচিপি নৈৰ পাৰৰ এটি বৃহৎ সাৰুৱা অঞ্চল এই থলুৱা লোকসকলৰ বাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিলে। ফলত এচাম উপনিৱেশবাসী লোকৰ ভৱিষ্যতে খেতিমাটি সম্প্ৰসাৰণ কৰাৰ বাট মৰিল। ইও ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আমেৰিকাৰ উপনিৱেশবাসীৰ অসন্তুষ্টিৰ এটা প্ৰধান কাৰণ।

(৪) প্ৰশাসনীয় কাৰণ :- আৰম্ভণিৰেপৰাই আমেৰিকাৰ উপনিৱেশবোৰৰ স্থানীয় নিবাসীৰে গঠিত বিধানসভাসমূহৰ মতামতক ব্ৰিটিছ চৰকাৰে উপেক্ষা কৰিছিল। কৰ তথা দৰমহা নীতিক লৈ দুয়োটা পক্ষৰ মাজত বহুদিন ধৰি একপ্ৰকাৰ শীতল যুদ্ধ চলি আছিল।

(৫) পাৰিৱেশিক কাৰণ :- আমেৰিকালৈ গৈ মুক্ত জীৱনৰ সোৱাদ লাভ কৰা উপনিৱেশবাসীসকলৰ মাজত এক নতুন সমাজ ব্যৱস্থা আৰু সামাজিক পৰিৱেশ গঢ় লৈ উঠিছিল। ইয়ে আমেৰিকাবাসী ইংৰাজসকলক ইংলেণ্ডৰ ইংৰাজসকলৰপৰা মানসিকভাৱে আঁতৰাই আনিলে।

(৬) তৃতীয় জৰ্জৰ উপনিৱেশ বিৰোধী স্থিতি :- ইংলেণ্ডৰ সিংহাসনত আৰোহণ কৰিয়েই তৃতীয় জর্জে (১৭৬০-১৮২০) উপনিৱেশসমূহৰ ওপৰত ইলেণ্ডৰ ৰাজসিংহাসনৰ প্ৰভুত্ব প্ৰকাশৰ বাবে নানান নীতি গ্ৰহণ কৰিবলৈ ধৰিলে। এই কথাই আমেৰিকাবাসীক ক্ষুব্ধ কৰি তুলিলে।

(৭) নতুন আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি :- আমেৰিকাৰ ১৩খন উপনিৱেশৰ লোকে কানাডাৰ ফৰাচী উপনিৱেশৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি সততে ভয় কৰি ‘চলিছিল। নিৰাপত্তাৰ স্বাৰ্থতে আমেৰিকাবাসীয়ে ব্ৰিটিছ চৰকাৰৰ বহুতো অন্যায় নীতি নীৰৱে সহ্য কৰি আহিছিল। কিন্তু সাতবছৰীয়া ৰণত ইংলেণ্ডে কানাডা অধিকাৰ কৰাত কানাডাই আমেৰিকাৰ ওপৰত কৰিবপৰা আক্ৰমণৰ সম্ভাৱনা নাইকিয়া হ’ল আৰু ব্ৰিটিছ চৰকাৰৰ দমন-নীতিৰ বিৰুদ্ধে প্রকাশ্যে বিদ্রোহ ঘোষণা কৰিবলৈ সাহস লাভ কৰিলে।ওপৰুক্ত কাৰণসমূহেই এদিন আমেৰিকাবাসীৰ অসম্ভটি বৃদ্ধি কৰি আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ বাট মুকলি কৰিলে।

(গ) আমেৰিকাৰ স্বাধীনতা যুদ্ধত ইংৰাজসকলৰ পৰাজয়ৰ কাৰণবোৰ

উত্তৰ:-  শক্তি আৰু কৌশলত আগত থাকিও ইংৰাজসকল আমেৰিকাৰ হাতত পৰাস্ত হৈছিল। ইয়াৰ মুখ্য কাৰণসমূহ হ’ল-

(ক) যুদ্ধখনত ইংলেণ্ডৰ ৰাজনৈতিক নেতৃবৃন্দই গতিবিধিৰ ওপৰত সঠিক নজৰ ৰাখিবপৰা নাছিল ; আমেৰিকালৈ যুদ্ধ কৰিবলৈ যোৱ| সামৰিক নেতৃত্বইহে নিজাকৈ যুদ্ধ পৰিচালনা কৰিবলগীয়া হৈছিল। 

(খ) ফ্ৰান্সৰ সহযোগত আমেৰিকাৰ শক্তি বৃদ্ধি পাইছিল আৰু ব্ৰিটিছ নৌ বাহিনী দুৰ্বল হৈ পৰিছিল। 

(গ) ইংলেণ্ডে স্বদেশৰপৰা হাজাৰ হাজাৰ মাইল দূৰত যুদ্ধ কৰিবলগীয়া হৈছিল আৰু আমেৰিকাই নিজৰ মাটিৰ সুবিধাজনক পৰিচিত ঠাইতে থাকি যুদ্ধ কৰিছিল।

(ঘ) জর্জ ৱাছিংটনৰ কূট-কৌশলৰ আগত ব্ৰিটিছ বাহিনী দিশহাৰা হৈ পৰিছিল।

(ঙ) আমেৰিকালৈ যুদ্ধ কৰিবলৈ যোৱা ব্ৰিটিছ সেনানায়কসকলে বহুতো ভুলক প্রশ্রয় দিছিল।

(ঘ) আমেৰিকাৰ স্বাধীনতা যুঁজৰ ফলাফলবোৰ এক চমু পর্যালোচনা কৰা।

উত্তৰ :-  আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ফলাফলবোৰ এনে ধৰণৰ–

প্রত্যক্ষ ফলাফল :- স্বাধীনতা যুদ্ধই আমেৰিকাক স্বাধীনতা দিলে আৰু নতুন ৰাজনৈতিক ব্যৱস্থাৰ বিকাশ ঘটিল। ১৭৮৭ চনত এখন লিখিত সংবিধান গ্রহণ কৰা হ’ল আৰু ফেদাৰেল আৰ্হিবে ১৩খন উপনিৱেশক একত্ৰিত কৰা হ’ল। গণতান্ত্রিক চৰিত্ৰৰে স্বাধীন আমেৰিকা যুক্তৰাষ্ট্ৰৰ জন্ম হ’ল। এই ব্যৱস্থাৰ দ্বাৰা মার্কিন কংগ্ৰেছ, চিনেট আদি ভোটৰ দ্বাৰা নিৰ্বাচিত জনপ্রতিনিধিৰে গঠিত হ’ল এজন ৰাষ্ট্রপতি নির্বাচিত কৰা হ’ল আৰু দেশৰ ন্যায় ব্যৱস্থাৰ শীৰ্ষত থাকিল উচ্চ ন্যায়ালয়। স্বাধীন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে জর্জ বাহিংটন নির্বাচিত

আমেৰিকাৰ স্বাধীনতাই পৃথিৱীৰ গণতন্ত্ৰৰ দুৱাৰ মুকলি কৰিলে। পৰোক্ষ ফলাফল :

(১) আমেৰিকাৰ স্বাধীনতা যুদ্ধত পৰাজিত হৈ ইংলেণ্ডে উদাৰনৈতিক ঔপনিৱেশিক নীতি গ্ৰহণ কৰিবলৈ শিক্ষা লাভ কৰিলে।

(২) স্বাধীনতাৰ পিছত ব্ৰিটিছৰ আমেৰিকাত থকা নৌবাহিনীৰ ঘাটিবোৰ ধ্বংস কৰা হ’ল। ফলত ইমান দিনে অজেয় বুলি খ্যাতি থকা ব্ৰিটিছ নৌ-বাহিনীৰ দৰ্গ চূৰ্ণ হ’ল। ইংলেণ্ডৰ চৰকাৰৰ পূৰ্বৰ ক্ষমতা আৰু প্রতিপত্তি হ্রাস পালে। 

(৩) আমেৰিকা-যুদ্ধৰ ফলত তৃতীয় জৰ্জৰ ব্যাক্তিগত শাসনৰ ওৰ পৰিল। এই পৰাজয়ৰ পাছতে ব্ৰিটিছ পার্লামেণ্টত ৰজাৰ ক্ষমতা হ্রাস কৰাৰ প্ৰস্তাৱ উঠিল আৰু বজাৰ অনুগত প্রধান মন্ত্রী লর্ড নর্থে ইস্তফা দিলে। তেতিয়া সাংসদসকলে সংসদত তেওঁলোকৰ হেৰোৱা মৰ্যাদা আৰু স্বাধীনতা পুনৰুদ্ধাৰৰ বাবে উঠিপৰি লাগিল।

(৪) ব্ৰিটিছ বাহিনীৰ পৰাজয়ৰ লগে লগে আইৰিছসকলে আয়াৰলেণ্ডৰ বাবে নিজা আইন বিচাৰি আন্দোলন কৰিবলৈ ধৰিলে। ১৭৮২ চনত আয়াৰলেণ্ডে স্বায়ত্বশাসন লাভ কৰিলে।

(৫) আমেৰিকাৰ স্বাধীনতাৰ আগতে ব্ৰিটেইনৰপৰা কিছুমান দোষী সাব্যস্ত হোৱা লোকক আমেৰিকালৈ নিৰ্বাসিত কৰা হৈছিল। আমেৰিকাৰ স্বাধীনতার পাছত নির্বাসিত লোকৰ বাবে নতুন অঞ্চল বিচাৰলবলগীয়া হ’ল।

(৬) উপনিৱেশবাদী ব্ৰিটিছ চৰকাৰে আমেৰিকা হেৰুওৱাৰ পাছত নতুন উপনিৱেশ বিচাৰিবলৈ ধৰিলে; ইয়াৰ ফলতে অস্ট্রেলিয়া আৰু নিউজিলেণ্ডত ব্ৰিটিছ উপনিৱেশ আৰুম্ভ হ’ল আৰু ভাৰততো তেওঁলোকৰ খোপনি দৃঢ় কৰিবলৈ যত্নপৰ হ’ল।

(৭) ফ্ৰান্সৰ বহুতো লোকে আমেৰিকাৰ সপক্ষে আৰু ব্ৰিটিছৰ বিপক্ষে যুদ্ধ কৰি আমেৰিকাৰ স্বাধীনতা সম্ভৱ কৰি তুলিছিল। মহাশক্তি ব্ৰিটিছৰ বিপক্ষে যুদ্ধ কৰি আমেৰিকাৰ স্বাধীনতা সম্ভৱ কৰি তুলিছিল। মহাশক্তি ব্ৰিটিছৰ দৰ্প চূৰ্ণ কৰাত অংশীদাৰ হোৱা এই দেশপ্রেমিক ফৰাচী লোকসকলে স্বদেশলৈ উভতি গৈ ফৰাচী বিপ্লৱ সংঘটিত কৰিবলৈ উৎসাহ লাভ কৰিলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top