Class 9 Geography Elective Chapter 2 পৃথিৱীৰ মানুহ

Class 9 Geography Elective Chapter 2 পৃথিৱীৰ মানুহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 2 পৃথিৱীৰ মানুহ, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium and select need one.

Class 9 Geography Elective Chapter 2 পৃথিৱীৰ মানুহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 2 পৃথিৱীৰ মানুহ Solutions for All Subject, You can practice these here.

পৃথিৱীৰ মানুহ

অধ্যায় -২

প্ৰশ্নৱালী

১। ‘মানৱ ভূগোল’ৰ এটি সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।

উত্তৰঃ ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহলভাৱে মানৱ ভূগোল বোলে।

মানৱ ভূগোলৰ প্ৰধান শাখাবোৰ হৈছে–

বসতি ভূগোল, সমাজ ভূগোল, অৰ্থনৈতিক ভূগোল, সাংস্কৃতিক ভূগোল, ৰাজনৈতিক ভূগোল, নগৰীয় ভূগোল, জনসংখ্যা ভূগোল, স্বাস্থ্য ভূগোল, ঐতিহাসিক ভূগোল, আঞ্চলিক উন্নয়ন আৰু পৰিকল্পনা ভূগোল।

২। মানৱ ভূগোলৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ভূগোলৰ যি বিভাগত প্রাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহলভাৱে মানৱ ভূগোল  বোলে। ভূগোল বিষয়টোৰ এটি অন্যতম প্রধান বিভাগ হিচাপে মানৱ ভূগোলৰ বিষয়বস্তুৰ ভিন্নতা আৰু প্ৰসাৰ লক্ষণীয়। সেয়ে ইয়াৰ বহু শাখা-প্রশাখাই গঢ় লৈ উঠিছে। এইবোৰৰ ভিতৰত বসতি ভূগোল, সমাজ ভূগোল, অর্থনৈতিক ভূগোল, সাংস্কৃতিক ভূগোল, ৰাজনৈতিক ভূগোল, নগৰীয় ভূগোল, জনসংখ্যা ভূগোল, স্বাস্থ্য ভূগোল, ঐতিহাসিক ভূগোল, আঞ্চলিক উন্নয়ন আৰু পৰিকল্পনা ভূগোল আদি অন্যতম। এই সকলোবোৰ শাখা-প্রশাখাৰ অধ্যয়ন মানৱকেন্দ্ৰীক। সেয়ে পৃথিৱীৰ মানুহৰ গঠনকে ধৰি ইয়াৰ বৃদ্ধি, বিতৰণ, বৈশিষ্ট্য, কার্যকলাপ আদি অধ্যয়ন কৰাটো অতি প্রয়োজন। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। ‘মানৱ জাতি’ বুলিলে কি বুজা চমুকৈ লিখা।

উত্তৰঃ একে দৈহিক গঠন আৰু ছালৰ ৰং বিশিষ্ট এক থূপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশাণুক্ৰমে এনে বৈশিষ্ট্যবোৰ কঢ়িয়াই তাকে মানৱ জাতি বোলে।

৪। কি কি ভিত্তিত মানৱজাতিৰ বিভাজন কৰা হয় চমুকৈ লিখা।

উত্তৰঃ পৃথিৱীত বাস কৰা মানুহৰ শ্ৰেণীগতভাৱে ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠন যেনে— চুলিৰ ধৰণ, উচ্চতা, নাক আৰু মুখৰ গঠনৰ পাৰ্থক্য দেখা যায়। এনে পাৰ্থক্যৰ ওপৰত ভিত্তি কৰিয়েই বহলভাৱে সমগ্র পৃথিৱীৰ মানুহক প্ৰধানকৈ তিনিটা মানৱ জাতিত বিভক্ত কৰা হৈছে। 

সেই ভাগকেইটা হৈছে—

(ক) ককেছীয়।

(খ) নিগ্ৰ’ইড। আৰু 

(গ) মঙ্গোলীয়।

৫। মানুহ আৰু মানৱজাতিৰ সৃষ্টি সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ মানুহ তথা মানৱ জাতিৰ সৃষ্টি সম্পৰ্কে বহুতো মতামত পোৱা যায়। জীৱ বিজ্ঞানীৰ বিৱৰ্তনৰ সূত্র অনুসৰি প্লিষ্ট’চিন যুগৰ প্ৰায় মাজভাগত  জলবায়ুকে ধৰি এক অনুকূল প্রাকৃতিক পৰিৱেশ বিৰাজ কৰা বাবে বান্দৰ, চিম্পাঞ্জী, গৰিলা আদি স্তন্যপায়ী প্রাণীৰ বিৱর্তন প্রক্রিয়াৰ ফলতেই পৃথিৱীৰ কিছুমান ঠাইত হ’ম’ চেপিয়েন নামৰ মানৱ প্ৰাণীৰ সৃষ্টি হৈছিল।

জীৱ বিজ্ঞানী আৰু নৃতত্ত্ববিদসকলৰ মতে আদিতে প্রধানকৈ আফ্রিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু পৃথিৱীৰ অন্য অঞ্চললৈ বিস্তাৰিত হৈছিল। পিছলৈ প্রাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন আৰু জৈৱ বিৱৰ্তনৰ বাবে পৃথিৱীৰ ভিন ভিন ঠাইত মানুহৰ গাৰ বৰণ, চুলিৰ গঠন আৰু অন্যান্য দৈহিক বৈশিষ্ট্যবোৰৰ যথেষ্ট পার্থক্য পৰিলক্ষিত হৈছিল। 

৬। চুলি, নাক, মুখ, উচ্চতা, ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক বিভক্ত কৰা।

উত্তৰঃ চুলি, নাক, মুখ, উচ্চতা, ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি।

সেই ভাগকেইটা হৈছে—

(ক) ককেছীয়া।

(খ) নিগ্ৰ’ইড। আৰু

(গ) মঙ্গোলীয়।

৭। পৃথিৱীৰ প্ৰধান মানৱজাতি তিনিটাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ পৃথিৱীৰ তিনিওটা প্রধান মানৱ গোষ্ঠীৰ দেহ, চুলি আদিৰ গঠন আৰু বৰণৰ ক্ষেত্ৰত যথেষ্ট পার্থক্য দেখা যায়।

(ক) ককেছীয় গোষ্ঠী: লোকসকলৰ দেহৰ ছালৰ বৰণ ইউৰোপীয়সকলৰ মাজত অতি বগা আৰু ভাৰতীয় তথা দক্ষিণ-পশ্চিম এছিয়াৰ লোকৰ ক্ষেত্ৰত বাদামী ৰঙৰ। চুলিবোৰ সাধাৰণতে পোন বা কিছু পকোৱা আৰু ক’লা বা বাদামী ৰঙৰ। নাকটো সাধাৰণতে জোঙা আৰু ঠেক। কম-বেছি পৰিমাণে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে এই মানৱ গোষ্ঠীৰ লোক পোৱা যায়।

(খ) নিগ্ৰ’ইড গোষ্ঠী: লোকসকলৰ দেহৰ ছাল প্রধানকৈ ক’লা বা বাদামী-ক’লা বৰণৰ, চুলিবোৰ কেঁকোৰা আৰু নাকটো বহল আৰু চেপেটা। তেওঁলোকৰ বেছিভাগেই যথেষ্ট ওখ হয়।

(গ) মঙ্গোলীয় গোষ্ঠী: লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ হালধীয়া বৰণৰ, চকুবোৰ মানুহ সৰু আৰু চুলিবোৰ পোন বা থিয় আৰু চুলিৰ ৰং ক’লা। এই জাতিৰ লোকসকলৰ দাড়ি, গোফ আৰু গাৰ নোম পাতল, মূৰ ডাঙৰ আৰু বহল, চকুত ভাজ থকা বাবে চকু বহলকৈ মেলিব নোৱাৰে। এই লোকসকলৰ মুখমণ্ডল বহল আৰু আকৃতি চুটি-চাপৰ।

৮। পৃথিৱীৰ কোন কোন অঞ্চলত প্ৰথমতে মানুহৰ সৃষ্টি হোৱা বুলি ধৰা হয়? চিত্ৰসহ প্ৰধান মানৱ গোষ্ঠীসমূহৰ বিস্তাৰ আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ পৃথিৱীৰ মানুহৰ সৃষ্টি কোন অঞ্চলত কেতিয়া প্রথমে হৈছিল তাক সঠিকভাৱে নিশ্চিত কৰাটো কঠিন। আধুনিক পুৰাতত্বৰ তথ্য অনুসৰি মানুহৰ আবিৰ্ভাৱ হৈছিল পুৰণি পৃথিৱী খণ্ডৰ ক্ৰান্তীয় আফ্ৰিকাৰ পূৱ অংশত প্রায় এক লাখ বছৰ পূৰ্বে। আকৌ জীৱবিজ্ঞানীৰ বিবর্তন সূত্রমতে প্লিষ্ট’চিন যুগৰ প্ৰায় মাজভাগত অৰ্থাৎ ৫-৬ লাখ বছৰ আগতে জলবায়ুকে ধৰি এক অনুকূল প্রাকৃতিক পৰিৱেশ বিৰাজ কৰা বাবে বান্দৰ, চিম্পাঞ্জী, গৰিলা আদি স্তন্যপায়ী প্রাণীৰ বিবর্তন প্ৰক্ৰিয়াৰ ফলতেই পৃথিৱীৰ কিছুমান ঠাইত হম’চেপিয়েন্স নামৰ মানৱ প্ৰাণীৰ জন্ম হৈছিল। জীৱবিজ্ঞানী আৰু নৃতত্ত্ববিদ্‌সকলৰ মতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল। সেই সময়ত মানুহৰ দৈহিক গঠন তিনিওটা প্রধান মানৱ জাতি— ককেছীয়, নিগ্ৰ’ইড আৰু মঙ্গোলীয়ৰ এক সংমিশ্ৰিত ৰূপ আছিল বুলিহে ধাৰণা কৰা হয়।

পূৱ আফ্ৰিকাৰ ক্রান্তীয় অঞ্চলৰ পৰাই আজিৰ পৰা প্ৰায় ২৫-৩০ হাজাৰ বছৰ পূৰ্বে পৃথিৱীৰ বিভিন্ন অংশলৈ মানুহৰ বিস্তাৰ সংঘটিত হৈছিল। ফলস্বৰূপে জলবায়ু তথা আন প্রকৃতিষ্ঠ পৰিৱৰ্তনক নিৰ্ভৰ কৰি মানুহৰ দৈহিক গঠনৰ যথেষ্ট পৰিৱৰ্তন হৈছিল। তাৰোপৰি প্ৰাকৃতিক নির্বাচন বা বংশানু প্ৰক্ৰিয়াৰ বাবে লাহে লাহে মানুহৰ দৈহিক গঠনৰ পৰিৱৰ্তন ঘটিছিল। পৰৱৰ্তী সময়ছোৱাত দক্ষিণ-পশ্চিম এছিয়াৰ পৰা ককেছীয় জনগোষ্ঠী, মধ্য এছিয়াৰ পৰা মঙ্গোলীয় জনগোষ্ঠী আৰু মধ্য আফ্ৰিকাৰ পৰা নিগ্র’ইড জনগোষ্ঠীয় লোকৰ পৃথিৱীৰ বিভিন্ন দিশলৈ প্ৰব্ৰজন হৈছিল। 

তলৰ চিত্ৰত মানুহৰ প্ৰব্ৰজন আৰু বিস্তাৰ দেখুওৱা:

হিমযুগৰ অন্তত জলবায়ুৰ অৱস্থা সুচল হোৱাত আফ্ৰিকাৰ মধ্যভাগৰ পৰা মানুহৰ সংমিশ্ৰণ আৰু বিস্তাৰ আৰম্ভ হৈছিল। এই ক্ষেত্ৰত বিশাল সাগৰে কিছু বাধা সৃষ্টি কৰা বাবে মানুহে দ্বীপশ্রেণীসমূহৰ আঁত ধৰিয়েই আদিতে প্ৰব্ৰজন কৰিছিল। প্লিষ্ট চিন যুগত সমুদ্ৰবোৰ বৰফাবৃত হোৱাৰ ফলত ভূমিখণ্ডবোৰৰ মাজত সংযোগ স্থাপন হৈছিল। চাইবেৰিয়া আৰু আলাস্কাৰ মাজত সৃষ্টি হোৱা বৰফাবৃত বেৰিং প্রণালীয়েদি মানুহৰ প্ৰব্ৰজন ঘটিছিল। মঙ্গোলীয় জাতিৰ মানুহ মধ্য এছিয়াৰ পৰা পূৱৰ পিনে এনেদৰে প্ৰব্ৰজন হৈ উত্তৰ, মধ্য আৰু দক্ষিণ আমেৰিকালৈ বিস্তাৰিত হৈছিল। আকৌ, দক্ষিণ-পশ্চিম এছিয়াৰ পৰা ককেছীয় মূলৰ মানুহ উত্তৰ আৰু পশ্চিম ইউৰোপ আৰু উত্তৰ আৰু পূৱ আফ্ৰিকালৈ আৰু মধ্য আফ্ৰিকাৰ পৰা দক্ষিণ আৰু পূৱ আফ্ৰিকা আৰু দক্ষিণ এছিয়াৰ কিছু অংশলৈ বিস্তাৰিত হৈছিল। আগত পৃষ্ঠাৰ চিত্ৰত পৃথিৱীৰ প্ৰধান মানৱ গোষ্ঠীসমূহৰ বিতৰণ দেখুওৱা হৈছে।

৯। পৃথিৱীৰ প্ৰধান ধর্মবোৰ কি কি? এই ধৰ্মসমূহৰ জনসংখ্যাকে ধৰি বিতৰণ আৰু মূল বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ জনসংখ্যা হিচাপে খ্ৰীষ্টান, ইছলাম, হিন্দু আৰু বৌদ্ধ ধৰ্মক পৃথিৱীৰ প্ৰধান ধৰ্ম বুলিব পাৰি। বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ লোকেই এই চাৰিটা ধৰ্মৰ অন্তৰ্গত বাকী থকা ২৫ শতাংশ লোক শিখ, জৈন, লোকধৰ্ম, বৈষ্ণৱ আদি ধৰ্মৰ বিশ্বাসী।

হিন্দু ধৰ্ম: হিন্দুই হ’ল সমগ্ৰ পৃথিৱীৰ প্ৰাচীনতম ধৰ্ম। সিন্ধু নদীৰ পূৰ্বত অৱস্থিত বিশাল ভাৰতবৰ্ষই হ’ল হিন্দু ধৰ্মৰ জন্মভূমি। হিন্দু ধৰ্ম বহু দেৱ-দেৱীৰ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত । হিন্দু ধৰ্মৰ মূল গ্ৰন্থখন হ’ল বেদ।

খ্ৰীষ্টান ধৰ্ম: আজিৰ পৰা দুহেজাৰ বছৰ পূৰ্বে ইউৰোপৰ গ্ৰীক আৰু ৰোমান সভ্যতাক কেন্দ্ৰ কৰি খ্ৰীষ্টান ধৰ্মৰ আবিৰ্ভাৱ হৈছিল। ২০০৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বত ২১৩ কোটি খ্ৰীষ্টান ধৰ্ম্বাৱলম্বী লোকে বসবাস কৰে।

ইছলাম ধৰ্ম: আজিৰ পৰা প্ৰায় ১৪০০ বছৰ পূৰ্বে মধ্য- প্ৰাচ্যৰ মৰুভূমি অঞ্চলতে ইছলাম ধৰ্মৰ জন্ম হৈছিল। চিয়া আৰু চুন্নী হ’ল ইছলাম ধৰ্মাৱলম্বী লোকৰ দুটা প্ৰধান ভাগ। বিশ্বৰ দ্বিতীয় বৃহত্তম ধৰ্ম হিচাবে ২০০৬ বৰ্ষৰ তথ্যমতে ইয়াৰ মুঠ জনসংখ্যা ১৩৫ কোটি। অৰ্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ২১ শতাংশ। ইছলাম ধৰ্মৰ মূল গ্ৰন্থখন হ’ল কোৰাণ।

বৌদ্ধ ধৰ্ম: আজিৰ পৰা ২৫০০ বছৰ পূৰ্বে উত্তৰ ভাৰতৰ বৌদ্ধ গয়া অঞ্চলত বৌদ্ধ ধৰ্মৰ জন্ম হৈছিল। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ বৌদ্ধধৰ্মী। ২০০৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্ৰ পৃথিৱীত ৩৮ কোটি বৌদ্ধ ধৰ্মালম্বী লোক আছে। বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখন হ’ল ত্ৰিপিটাকা। হিন্দু ধর্মৰ অন্য এক নতুন ৰূপ হিচাপে বৌদ্ধ ধৰ্মৰ দ্বাৰা আকৃষ্ট হৈ ভাৰতবৰ্ষৰ লগতে ভূটান, চীন দেশৰ কিছু অংশ, শ্রীলংকা, দক্ষিণ-পূৱ এছিয়া আদিত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ ঘটে। 

তলৰ তালিকাত পৃথিৱীৰ প্ৰধান ধর্মীয় গোষ্ঠীসমূহৰ জনসংখ্যাৰ বিতৰণ দেখুওৱা হ’ল—

তালিকা ২.২ : বিশ্বৰ প্রধান ধৰ্মীয়গোষ্ঠীসকলৰ

জনসংখ্যা বিতৰণ (নিযুক্ত হিচাপত)

(২০০৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি)

মহাদেশহিন্দু ধৰ্মখ্ৰীষ্টান ধৰ্মইছলাম ধৰ্মবৌদ্ধ ধৰ্মজুদাই ধৰ্ম
১। এছিয়া৮৬২.০৩৭৬৯২০.০৩৭৫.০৫.৫
২। আফ্ৰিকা২.৬৪০৮৩৬১.০০.২০.৭
৩। ইউৰোপ১.৫৫৬০৩৩.০১.৭২.১
৪। উত্তৰ আমেৰিকা১.৫২৮০৫.২৩.১৬.২
৫। লেটিন আমেৰিকা*০.৪৪৮০১.৬০.৭১.২
৬। ওছেনিয়া০.৫২৬০.৪০.৫০.১

* মধ্য আৰু দক্ষিণ আমেৰিকা সামৰি

খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ পশ্চিমৰ উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পৰা ইউৰোপ, এছিয়াৰ কিছু অংশ, আফ্ৰিকাৰ দক্ষিণ অংশ আৰু ওচেনিয়ালৈ বিস্তৃত। খ্ৰীষ্টান ধৰ্মৰ দুটা প্ৰধান ভাগ হৈছে ৰোমান কেথ’লিকপন্থী বা গোটৰ। অর্থাৎ খ্রীষ্টান-প্রধান অঞ্চলৰ বেছি ভাগতে কেথ’লিকসকল বাস কৰে। প্রোটেষ্টান্ট-প্রধান অঞ্চলসমূহৰ ভিতৰত গ্রেট ব্রিটেইন, উত্তৰ আয়াৰলেণ্ড, উত্তৰ নেদাৰলেণ্ড, স্কেণ্ডিনেভিয়া, ফিনলেণ্ড, ডেনমার্ক, জার্মানিৰ উত্তৰ আৰু মধ্য অংশ, এষ্টোনিয়া, কানাডা, দক্ষিণ আফ্রিকা, নিউজিলেণ্ড।

আকৌ ইছলাম ধৰ্মাৱলম্বী লোকসকল প্ৰধানকৈ আফ্রিকাৰ উত্তৰ অংশ, মধ্যপ্রাচ্য, দক্ষিণ এছিয়াৰ পাকিস্তান আৰু বাংলাদেশৰ লগতে দক্ষিণ-পূৱ এছিয়াৰ কিছু অংশত বিস্তৃত হৈ আছে। হিন্দু ধর্মাৱলম্বী লোকসকল মূলতঃ ভাৰতবর্ষ আৰু নেপালৰ লগতে মৰিচাচ, ফিজি, গুৱেনা, চুৰিনাম, ত্রিনিদাদ, শ্রীলংকা আদি দেশত আছে। বৌদ্ধ ধর্মীয় লোকসকল প্রধানকৈ শ্রীলংকা, ম্যানমাৰ, থাইলেণ্ড, লাওচ, কম্বোডিয়া আদি দেশত বসবাস কৰে।

১০। ভাৰতবৰ্ষৰ জনসংখ্যাৰ ধৰ্মীয় গাথঁনি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ভাৰতবৰ্ষত বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰে। ২০০১ বৰ্ষৰ লোকপিয়ল অনুসৰি দেশৰ মুঠ জনসংখ্যাৰ ৮১.৪ শতাংশ হিন্দু ধৰ্মাৱলম্বী। আন ধর্মসমূহৰ ক্ষেত্ৰত ইছলাম ধর্মাৱলম্বী ১২.৪ শতাংশ, খ্রীষ্টান ২.৩ শতাংশ, শিখ ১.৯ শতাংশ আৰু বৌদ্ধ ০.৮ শতাংশ। স্থানিক বিতৰণৰ ক্ষেত্ৰত দেশৰ প্ৰায়বোৰ ৰাজ্যতে হিন্দু ধর্মাৱলম্বী লোকৰ প্রাধান্য দেখা যায়। কেৱল জম্মু আৰু কাশ্মীৰ ৰাজ্য ইছলাম প্রধান; পাঞ্জাৱ শিখ প্রধান; আৰু নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় খ্রীষ্টান প্রধান। বৌদ্ধ ধর্মাৱলম্বী লোকসকল প্রধানকৈ চিকিম, অৰুণাচল প্ৰদেশৰ পশ্চিমাংশ, পশ্চিমবংগৰ উত্তৰ অংশ আৰু বিহাৰৰ উত্তৰ অংশত বাস কৰে। ইয়াৰোপৰি শিখ ধর্মাৱলম্বী লোকসকল বিশেষকৈ পাঞ্জাৱ আৰু হাৰিয়ানা আৰু জৈন ধৰ্মাৱলম্বী লোকৰ বেছি সংখ্যক ৰাজস্থানত বসবাস কৰে। 

১১। চমুটোকা লিখা:

(ক) মানুহ আৰু মানৱ ভূগোল

উত্তৰঃ মানুহ আৰু মানৱ ভূগোলঃ সকলো মানুহৰ দেহ গঠন কৰা কোষ মূলতঃ একে। জীৱবিদ্যামতে সকলো মানুহ হ’ম’চেপিয়েন্স নামে এটা বিশেষ প্ৰজাতিৰ অন্তৰ্গত। নৃতত্ববিদ্‌সকলৰ মতে জলবায়ু আৰু অন্যান্য ভৌগোলিক অৱস্থাৰ পাৰ্থক্যৰ বাবে মানৱ সৃষ্টিৰ আৰম্ভণিৰে পৰা পৃথিৱীত কেইবাটাও ভিন্ ভিন্‌ দৈহিক গঠনসম্পন্ন মানুহ পৃথিৱীত আছে। ভূগোলৰ যিটো বিভাগত প্রাকৃতিক পৰিৱেশৰ সৈতে থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহল অৰ্থত মানৱ ভূগোল বোলা হয়। মানৱ ভূগোলে অধ্যয়ন কৰা বিষয়বস্তু হৈছে পৃথিৱীৰ উপৰিভাগত মানুহৰ বসতি, সাংখ্যিক বৃদ্ধি, বিতৰণ, সামাজিক বিকাশ, আর্থিক অৱস্থা, ব্যৱসায়-বাণিজ্য, যাতায়ত পৰিবহণ ব্যৱস্থা আদি বিভিন্ন মানৱসৃষ্ট উপাদান। প্রাকৃতিক পৰিৱেশৰ বিভিন্নতা, জনসংখ্যাৰ তাৰতম্য আৰু মানুহৰ গুণাগুণৰ পাৰ্থক্যৰ বাবে মানৱসৃষ্ট পৰিৱেশৰ বৈশিষ্ট্য পৃথিৱীৰ সকলো ঠাইতে ভিন্ ভিন্ হয়।

(খ) মানৱ জাতি

উত্তৰঃ পৃথিৱীত বাস কৰা প্ৰতিজন মানুহেই শাৰীৰিকভাৱে দেখাত একে নহয়। কিন্তু জৈৱিক গঠন আৰু বহু দৈহিক গঠনৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত সকলোবোৰ মানুহ দৰাচলতে একে। কাৰণ দেহ গঠন কৰা কোষ মূলতঃ সকলো মানুহৰ একেই। অর্থাৎ জীৱবিদ্যা অনুসৰি সকলো মানুহ হ’ম’চেপিয়েছ নামে এটা বিশেষ প্রজাতিৰ অন্তৰ্গত। অৱশ্যে নৃতত্ত্ববিদসকলৰ মতে জলবায়ু আৰু অন্যান্য ভৌগোলিক অৱস্থাৰ পাৰ্থক্যৰ বাবে মানৱ সৃষ্টিৰ আদিকালৰে পৰাই পৃথিৱীত কেবাটাও ভিন ভিন দৈহিক গঠন সম্পন্ন মানুহ দেখিবলৈ পোৱা যায়। ইয়াৰ পৰাই উদ্ভৱ হয় মানৱ জাতিৰ ধাৰণা। দৰাচলতে ‘মানৱ জাতিৰ ধাৰণাটো সম্পূর্ণভাৱে প্রাণীবিদ্যাগতহে— সাংস্কৃতিক নহয়। সেয়ে প্রায় একে দৈহিক গঠন আৰু ছালৰ ৰং বিশিষ্ট এক থুপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশানুক্রমে এনে বৈশিষ্ট্যবোৰ কঢ়িয়াই তাকে ‘মানৱ জাতি’ বা ‘মানৱ জাতি’ বোলা হয়। অর্থাৎ পৃথিৱীত বাস কৰা মানুহৰ শ্ৰেণীগতভাৱে ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠন যেনে— চুলিৰ ধৰণ, উচ্চতা, নাক আৰু মুখৰ গঠনৰ পাৰ্থক্য দেখা যায়। এনে পাৰ্থক্যৰ ওপৰত ভিত্তি কৰিয়েই বহলভাৱে সমগ্র পৃথিৱীৰ মানুহক প্ৰধানকৈ তিনিটা মানৱ জাতিত বিভক্ত কৰা হৈছে— 

(ক) ককেছীয়।

(খ) নিগ্রইড। আৰু 

(গ) মঙ্গোলীয়।

(গ) নিগ্ৰ’ইড গোষ্ঠী

উত্তৰঃ নিগ্রইড গোষ্ঠী: নিগ্রইড জাতিৰ লোকসকল প্রধানকৈ আফ্রিকা মহাদেশ, এছিয়া মহাদেশৰ দক্ষিণ ভাৰত আৰু শ্রীলংকা, দক্ষিণ-পূব এছিয়াৰ কিছু অংশ আৰু ওচেনিয়া মহাদেশৰ কিছু ঠাইত বাস কৰে। পূব আফ্ৰিকাৰ নিল’টিক আৰু হেমিটিক, মধ্য আৰু দক্ষিণ আফ্ৰিকাৰ বান্টু, পশ্চিম নিগ্রইড গোষ্ঠীৰ মানুহ আফ্রিকাৰ বুচমেন আৰু পিগ্মী, দক্ষিণ ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ নেগ্রিটো, দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰীয় অঞ্চলৰ মেলানেচীয় আৰু ওচেনিয়া মহাদেশৰ অস্ট্রেল’ইডসকল নিগ্র’ইড গোষ্ঠীৰ অন্তর্গত একো একোটা উপজাতি। এই লোকসকলৰ দেহৰ ছাল প্রধানকৈ ক’লা বা বাদামী-ক’লা বৰণৰ, চুলিবোৰ কেঁকোৰা আৰু নাকটো বহল আৰু চেপেটা। তেওঁলোকৰ বেছিভাগেই যথেষ্ট ওখ হয়।

(ঘ) ধৰ্মীয় গাথঁনি

উত্তৰঃ পৃথিৱীৰ বেছিভাগ মানুহেই একো-একোটা বিশ্বাসৰ বশৱৰ্তী হৈ পৰিচালিত হয়। জীৱন নির্বাহৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইৰ বা গোটৰ মানুহে যিবোৰ ধৰা-বন্ধা নিয়মাৱলী আৰু নীতিৰ মাজেৰে পৰিচালিত হয় তাকে সাধাৰণ অৰ্থত ধর্ম বোলা হয়। পৃথিৱীত বহু ধর্মাৱলম্বী লোকে বাস কৰে। ইয়াৰ ভিতৰত হিন্দু, ইছলাম, খ্রীষ্টান, জুদাই (জিউ-হিব্রু), বৌদ্ধ, কনফুছিয়াছ, জৈন, শিখ, বাহাই আদি উল্লেখযোগ্য। অৱশ্যে এই ধর্মসমূহত বিশ্বাসী লোকৰ সংখ্যা প্ৰত্যেকৰে একে নহয়। উল্লেখনীয় যে এই ধৰ্মসমূহৰ ভিতৰত খ্রীষ্টান ধর্মাৱলম্বী লোকৰ সংখ্যা সমগ্র পৃথিৱীতে আটাইতকৈ বেছি আৰু হিন্দু ধর্ম আটাইতকৈ পুৰণি।

(ঙ) বৌদ্ধি ধৰ্ম

উত্তৰঃ আজিৰ পৰা ২৫০০ বছৰ পূর্বে উত্তৰ ভাৰতৰ বৌদ্ধ গয়া অঞ্চলত গৌতম বুদ্ধৰ নেতৃত্বত হিন্দু ধৰ্মৰ কিছু সংস্কাৰ সাধন কৰি বৌদ্ধ ধৰ্মৰ জন্ম হৈছিল। অন্য ধৰ্মৰ দৰে বৌদ্ধ ধর্মৰো প্রধানকৈ দুটা ভাগ আছে হিনায়ন আৰু মহায়ন। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্রায় ৬ শতাংশ বৌদ্ধধর্মী। ২০০৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্র পৃথিৱীত ৩৮ কোটি বৌদ্ধ ধর্মাৱলম্বী লোক আছে। হিন্দু ধৰ্মৰ অন্য এক নতুন ৰূপ হিচাবে বৌদ্ধ ধৰ্মৰ দ্বাৰা আকৃষ্ট হৈ ভাৰতবৰ্ষৰ উপৰি ভূটান, চীনদেশ, শ্রীলংকা, দক্ষিণ-পূব এছিয়া আদিত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ ঘটে। অৱশ্যে চীনদেশৰ প্ৰায় ৪০ কোটি মানুহে চীনদেশীয় লোক ধর্মত বিশ্বাসী। বৌদ্ধ ধৰ্মৰ মূল গ্রন্থখন হ’ল ত্রিপিটাকা।

(চ) ভাৰতবৰ্ষত খৃষ্টানধৰ্মীয় লোক

উত্তৰঃ সমগ্র বিশ্বতে খ্রীষ্টান ধর্মীয় লোকৰ সংখ্যা সর্বাধিক যদিও ভাৰতবৰ্ষত এই ধৰ্মৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ মাত্র ২৩ শতাংশ। ভাৰতবৰ্ষৰ কেৱল নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় ৰাজ্যকেইখন হৈছে খ্ৰীষ্টান প্রধান। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহত খ্ৰীষ্টান ধর্মীয় লোকৰ সংখ্যা তেনেই নগণ্য। অসমত মুঠ জনসংখ্যাৰ মাত্র ৩.৭ শতাংশ লোকহে খ্রীষ্টান ধর্মাবলম্বী। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত মুঠ জনসংখ্যাৰ প্রায় ৮১.৪ শতাংশ লোকেই হিন্দু ধর্মীয় বিশ্বাসী ৷

১২। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) পৃথিৱীত মানুহৰ সৃষ্টি কেতিয়া হৈছিল?

(১) ৫-৬ লাখ বছৰ পূৰ্বে।

(২) ১-২ লাখ বছৰ পূৰ্বে।

(৩) ৫০-৬০ লাখ বছৰ পূৰ্বে।

(৪) ১০-১২ লাখ বছৰ পূৰ্বে।

উত্তৰঃ (১) ৫-৬ লাখ বছৰ পূৰ্বে।

(খ) জনসংখ্যা হিচাবে পৃথিৱীৰ বৃহত্তম ধর্মীয় গোষ্ঠীটো কি?

(১) ইছলাম ধর্ম।

(২) হিন্দু ধর্ম।

(৩) খ্রীষ্টান ধর্ম।

(৪) চীনদেশী লোক ধর্ম।

উত্তৰঃ (৩) খ্রীষ্টান ধর্ম।

(গ) মানুহৰ সৃষ্টি প্রথমে কোন মহাদেশত হৈছিল?

(১) এছিয়া মহাদেশ

(২) আফ্রিকা মহাদেশ।

(৩) ইউৰোপ মহাদেশ।

(৪) ওচেনিয়া মহাদেশ।

উত্তৰঃ (২) আফ্রিকা মহাদেশ।

(ঘ) চীনদেশৰ লোকসকল কোন মানৱগোষ্ঠীৰ অন্তৰ্গত?

(১) ককেছীয়া গোষ্ঠী।

(২) নিগ্ৰ’ইড গোষ্ঠী।

(৩) মঙ্গোলীয় গোষ্ঠী।

(৪) অষ্ট্ৰেল’ইড গোষ্ঠী।

উত্তৰঃ (৩) মঙ্গোলীয় গোষ্ঠী।

প্রশ্ন ১৩। পৃথিৱীৰ এখন নক্সা মানচিত্র অংকন কৰি মানুহৰ আদিম জন্মস্থানৰ পৰা প্ৰব্ৰজন চিনাক্ত কৰা।

উত্তৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top