Class 9 Geography Elective Chapter 1 বতৰ আৰু জলবায়ু

Join Telegram channel

Class 9 Geography Elective Chapter 1 বতৰ আৰু জলবায়ু The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 1 বতৰ আৰু জলবায়ু, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium and select need one.

Class 9 Geography Elective Chapter 1 বতৰ আৰু জলবায়ু

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 1 বতৰ আৰু জলবায়ু Solutions for All Subject, You can practice these here.

বতৰ আৰু জলবায়ু

অধ্যায় -১

ভূগােল

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

১। বতৰ আৰু জলবায়ু বুলিলে কি বুজা? বতৰ আৰু জলবায়ুৰ পার্থক্য বুজাই লিখা।

উত্তৰঃ কোনো এখন ঠাইত কম সময়ৰ বাবে, যেনেঃ কেইঘণ্টামান বা দিনটো, অথবা কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বোলে। বা কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে বতৰ বোলে।

বতৰ আৰু জলবায়ুৰ মাজৰ প্ৰাৰ্থক্যঃ

ক্ৰমিক নংপ্ৰাৰ্থক্যৰ ভিক্তিবতৰজলবায়ু
(i)সময়কম সময়, অৰ্থাৎ এদিন, এসপ্তাহ আদিৰ বাবে সৃষ্টি হোৱা অৱস্হাক বিবেচনা কৰা হয়।দীৰ্ঘদিন অৰ্থাৎ কমেও ৩০ বছৰৰ বাবে চলি থকা অৱস্হা এই ক্ষেত্ৰত বিবেচিত হয়।
(ii)এলেকাএটা ক্ষুদ্ৰ অষ্ণলৰ বায়ুমণ্ডলীয় অৱস্হাক সূচাই।বৃহৎ অষ্ণলত ব্যাপ্ত হৈ পৰা বায়ুমণ্ডলীয় বুজোৱা হয়।

২। বতৰ আৰু জলবায়ুৰ উপাদানবোৰ উল্লেখ কৰা।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানবোৰ হৈছে – 

(i) উত্তাপ।

(ii) চাণ।

(ii) আর্দ্রতা।

(iii) বতাহ।

(iv) অধঃক্ষেণ।

বতৰৰ এই উপাদানবোৰ পৰিৱৰ্তনশীল আৰু ইহঁত স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে।

৩। বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ মূল উপাদানসমূহ হৈছে– 

(i) উত্তাপ।

(ii) চাপ।

(iii) আর্দ্রতা।

(iv) বতাহ।

(v) অধঃক্ষেপ।

এই উপাদানসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ’ল–

উত্তাপঃ (i) সূৰ্যৰ পোহৰ আৰু তাপে পৃথিৱীক উত্তপ্ত কৰে। সৌৰ শক্তি যেতিয়া ভূপৃষ্ঠত পৰে, তেতিয়া ইয়াৰ প্ৰতিফলন ঘটে আৰু এই প্ৰতিফলিত তাপে বায়ুমণ্ডলৰ নিম্নস্তৰ ট্ৰপ’স্ফিয়াৰক উত্তপ্ত কৰ্ তোলে এই ট্ৰপ’স্ফিয়াৰৰ বায়ু তেতিয়া উত্তপ্ত হবলৈ আৰম্ভ কৰে, ই ওপৰলৈ উঠে আৰু চাৰিওফালে থকা শীতল বতাহে এই ঠাইলৈ গতি কৰে। এই প্ৰক্ৰিয়াত নিম্নচাপ আৰু উচ্চ চাপৰ কেন্দ্ৰৰ সৃষ্টি হয়।

(ii) বায়ুমণ্ডলত উচ্চতাৰ পৰিৱৰ্তন উলম্ভভাৱে ঘটে। ট্ৰপস্ফিয়াৰত কোনো লোকে উৰ্ধ্বগমন কৰিলে প্ৰতি কিল মিটাৰত 6.5o C হাৰত উষ্ণতা হ্ৰাস পোৱাটো প্ৰতাক্ষ কৰিব।

বায়ুৰ চাপঃ বায়ুৰ ভৰ থকা বাবে বায়ুমণ্ডলৰ চাপ থাকে। বায়ুৰ ঘনত্ব বাঢ়িলে চাপ বৃদ্ধি পায়। বায়ু সাধাৰণতে সংকোচনশীল আৰু সেইবাবে তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকোচিত হৈ পৰে, ফলত ঘনত্ব বৃদ্ধি পায় আৰু ইয়ে বায়ুমণ্ডলৰ নিম্নভাগৰ চাপ বৃদ্ধি কৰে। আনহাতে, ভূপৃষ্ঠৰপৰা ওপৰলৈ ক্ৰমে বায়ুমণ্ডলৰ গভীৰতা কমিবলৈ ধৰে আৰু সেয়ে বায়ুমণ্ডলৰ চাপো নিম্নগামী হয়। স্থান আৰু সময়ভেদে বায়ুমণ্ডলৰ চাপ পৰিৱৰ্তন হৈ থাকে। বছৰৰ বিভিন্ন ঋতুত বায়ুৰ উত্তাপৰ তাৰতম্য হোৱাৰ বাবেই বায়ুৰ চাপ কম-বেছি হয়। বায়ুৰ উষ্ণতা আৰু পৃথিৱী পৃষ্ঠৰ উচ্চতাৰ বাবে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য সংঘটিত হয়। অধিক উত্তাপযুক্ত স্থানত বায়ুৰ চাপ কম হয় আৰু চেচা স্থানত বায়ুৰ চাপ অধিক হয়। সমুদ্র পৃষ্ঠৰ পৰা কিছু ওপৰত বায়ুমণ্ডলৰ গভীৰতা কম হোৱা বাবে বায়ুমণ্ডলৰ চাপ হ্রাস হোৱা দেখা যায়। অর্থাৎ স্থানৰ উচ্চতা ভেদে উত্তাপৰ তাৰতম্য ঘটে আৰু ইয়াৰ ফলত বায়ুমণ্ডলৰ চাপৰ হ্রাস-বৃদ্ধি হয়।

আর্দ্রতাঃ বায়ুৰ আর্দ্রতা বুলিলে সাধাৰণতে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণক বুজা যায়। বায়ুৰ উত্তাপৰ ওপৰতে বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা নিৰ্ভৰ কৰে। উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা অধিক আৰু ঠাণ্ডা বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম হয়। বায়ুৰ আৰ্দ্ৰতাৰ কাৰণে বতৰ আৰু জলবায়ুৰ প্ৰকৃতিৰ তাৰতম্য ঘটে।

বতাহঃ বায়ুমণ্ডলত উত্তাপৰ সমবিতৰণ নোহোৱা বাবে বায়ুৰ চাপৰ তাৰতম্য ঘটে। সেয়ে ভূপৃষ্ঠৰ কোনো ঠাইত বায়ুৰ নিম্নচাপ আৰু কোনো ঠাইত বায়ুৰ উচ্চচাপৰ সৃষ্টি হয়। বায়ুৱে উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপৰ অঞ্চললৈ গতি কৰে আৰু এই গতিয়েই হৈছে বতাহ। বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহ সৃষ্টি হয়। উচ্চচাপ আৰু নিম্নচাপ কেন্দ্ৰৰ মাজত দূৰত্ব কম হ’লে বতাহৰ গতিবেগ বৃদ্ধি পায় আৰু দূৰত্ব অধিক হ’লে বতাহৰ গতি কম হয়।

অধঃক্ষেপঃ বায়ুমণ্ডলত উত্তাপৰ কম-বেছিৰ ভিত্তিত ভিন্ন প্ৰকাৰৰ অধঃক্ষেপৰ সৃষ্টি হয়। যেনে- কুঁৱলি, তুষাৰ কণা, বৃষ্টি, তুষাৰ পাত, বৰষুণ আদি।

৪। উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক বুজাই লিখা। 

উত্তৰঃ উত্তাপ, চাপ আৰু আৰ্দ্ৰতা হৈছে বতৰ আৰু জলবায়ুৰ উপাদান।

এই উপাদানবোৰ পৰিৱৰ্তনশীল আৰু ইহঁত স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে।

(i) বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰিৰ্ৱতন হোৱা দেখা যায়। বায়ুৰ উত্তাপ এখন ঠাইতে সময়ে সময়ে ভিন ভিন হয়। সূৰ্যৰ ৰশ্মি দুপৰীয়া প্ৰায় কোনো এখন ঠাইত লম্বভাৱে পৰে।

(ii) বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেএফলত বায়ুয়ে প্ৰয়োগ কৰা বল। বায়ুমণ্ডলৰ আন আন পৰিৱৰ্তনশীল চলক বিলাকৰ দৰেই ইযাৰ চাপো এটা পৰিৱৰ্তনশীল চলক। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। 

(iii) বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক বুজায় । বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনে- চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা।

৫। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় বুজাই লিখা।

উত্তৰঃ বায়ু স্বাভাৱিকতে সংকোচনশীল। বায়ুমণ্ডলৰ ঘনত্ব বাঢ়িলে চাপ বাঢ়ে আৰু ঘনত্ব কমিলে চাপ কমে। বায়ুমণ্ডলৰ নিম্নভাগত চাপ বেছি হয় আৰু ভূপৃষ্ঠৰপৰা ওপৰলৈ ক্ৰমে বায়ুমণ্ডলৰ গভীৰতা কমি অহাৰ লগে লগে চাপো হ্রাস পায়। সাধাৰণতে সাগৰ পৃষ্ঠৰ উচ্চতাত বায়ুমণ্ডলৰ চাপৰ জোখ লোৱা হয়। বায়ুমণ্ডলৰ চাপ স্থান আৰু কালভেদে পৰিৱৰ্তন হৈ থাকে। পৃথিৱীৰ দুই মেরু অঞ্চলত বায়ুৰ চাপ অধিক হয় কাৰণ মেক অধ্যাৰ বায়ু শীতল আৰু শীতল বায়ুৱে নিম্নগামী গতি কৰে। আকৌ বিষুবীয় অঞ্চলত উত্তাপ বাঢ়ি যোৱাৰ বাবে বায়ুৰ চাপ কম হয়। প্ৰধানকৈ দুটা কাৰণতে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটে। সেয়া হৈছে – বায়ুৰ উষ্ণতা আৰু পৃথিৱী পৃষ্ঠৰ উচ্চতা।

পৃথিবী পৃষ্ঠত তাপৰ ৱিতৰণৰ তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম হৈ পৰে। তাপৰ তাৰতম্যৰ বাবে বায়ুমণ্ডলৰ স্তৰত চাপৰ তাৰতম্য ঘটে। তাপ পালে বায়ু প্ৰসাৰিত হয় আৰু প্ৰসাৰিত বায়ুৰ ঘনত্ব কম হয়। ঘনত্ব কমি গলে বায়ুৰ চাপো কমি যায়। গৰম বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা অধিক হয় আৰু শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম। শুকান বায়ুৰ চাপ অধিক। অর্থাৎ উষ্ণতাৰ তাৰতম্যই বায়ুৰ চাপৰ ভাৰতম্য ঘটায়। আকৌ সমুদ্র পৃষ্ঠৰ ওপৰত বায়ুমণ্ডলৰ গভীৰতা কম হোৱা পাবে বায়ুৰ ভৰ কমে আৰু ইয়াৰ ফলত বায়ুৰ চাপ কম হয়। অধিক উচ্চতা থক। স্থানত বায়ুমণ্ডলৰ চাপ হ্রাস হয় আৰু তুলনামূলকভাৱে কম উচ্চতাৰ স্থানত বায়ুমণ্ডলৰ চাপ অধিক। উচ্চতা ভেদে উত্তাপৰ তাৰতম্য হয় আৰু উত্তাপৰ তাৰতম্যৰ বাৰে বায়ুমণ্ডলৰ চাপৰ হ্রাস-বৃদ্ধি ঘটে।

৬। বতাহ কিয় বলে?

উত্তৰঃ বায়ুৰ চাপৰ তাৰতম্যৰ বাবে বতাহ বলে। বায়ুমণ্ডলত উত্তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয় বাবে বায়ুৰ চাপৰ তাৰতম্য ঘটে। বায়ুৱে উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ গতি কৰে। ভূপৃষ্ঠত বায়ুৰ চাপৰ সমতা ৰক্ষা কৰিবলৈকে বায়ু প্রবাহিত হয়।

৭। অধঃক্ষেপ বুলিলে কি বুজা? বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপৰ নাম লিখা।

উত্তৰঃ বায়ুত থকা জলীয় বাষ্পৰ ঘনীভৱন হৈ মাধ্যকৰ্ষনৰ বিভিন্ন ৰুপত প্ৰভাৱিত ভূপৃষ্ঠত পৰিবলৈ আৰম্ভ কৰে। ইয়াকে অধঃক্ষেপন বুলি কোৱা হয়।

বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপসমূহৰ নাম হৈছে— 

(i) নিয়ৰ।

(ii) হিম।

(iii) ঘন কুঁৱলি।

(iv) পাতল কুঁৱলি (mist)।

(v) তুষাৰ কণা বৃষ্টি (sleet)।

(vi) তুষাৰ পাত।

(vii) বৰষুণ।

(viii) কিন্‌কিনিয়া বৰষুণ (drizzle)।

৮। বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ উল্লেখ কৰা। 

উত্তৰঃ বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হৈছে— 

(ক) অক্ষাংশ।

(খ) উচ্চতা।

(গ) সমুদ্ৰৰ সান্নিধ্য।

(ঘ) সমুদ্র সোঁত।

(ঙ) পৰ্বত-পাহাৰৰ অৱস্থান।

(চ) বায়ুপ্রবাহ।

(ছ) ভূমিৰ প্ৰকৃতি।

৯ ৷ বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উনহৰণসহ বহলাই লিখা।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

(ক) অক্ষাংশঃ অক্ষাংশ হৈছে জলবায়ু নিৰ্ধাৰণৰ এক প্ৰধান কাৰক। সূৰ্যৰ ৰশ্মি ভিন্‌ ভিন্‌ অক্ষাংশত পোন বা বেঁকাকৈ পৰাৰ ফলত দিন-ৰাতি হ্রাস-বৃদ্ধি হয়। সুৰ্যৰ ৰশ্মি গোনভাৱে পৰিলে উত্তাপৰ তীব্রতা বাড়ে আৰু তেঁকৈ পৰিলে উত্তাপৰ তীব্ৰতা হ্রাস পায়।

(খ) উচ্চতাঃ ভূপৃষ্ঠৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰো পাৰ্থক্য হয়। সাধাৰণতে গড় হিচাবে প্ৰতি এক কিলোমিটাৰ উচ্চতা বৃদ্ধিত প্ৰায় ৬.৫° চেণ্টিগ্ৰেড উত্তাপ কমি যায়। এই কাৰণতে একে অক্ষাংশত অৱস্থিত হলেও অধিক উচ্চতা অৱস্থিত ঠাইৰ জলবায়ু শীতল হয়। বিষুৱ অঞ্চলত অৱস্থিত হলেও উচ্চ পাৰ্বত্য অঞ্চলত শীতল জলবায়ু বিৰাজ কৰে আৰু পৰ্বতৰ শিখৰত অতি শীতল হৈ বৰফ জমা হয়। সেয়েহে, এলাহাবাদ আৰু শ্বিলং প্ৰায় একে অক্ষাংশত অৱস্থিত হলেও শ্বিলঙৰ উচ্চতা বেছি হোৱাৰ বাবে ইয়াৰ জলবায়ু এলাহাবাদতকৈ শীতল। 

উদাহৰণস্বৰূপেঃ এলাহাবাদ আৰু শ্বিলং প্রায় একে অক্ষাংশত অৱস্থিত হ’লেও শ্বিলঙৰ উচ্চতা অধিক হোৱা বাবে ইয়াৰ জলবায়ু এলাহাবাদতকৈ ঠাণ্ডা।

(গ) সমুদ্ৰৰ সান্নিধ্যঃ শ্ৰীষ্মকালত স্থলভাগৰ উত্তাপ জলভাগৰ উত্তাপতকৈ অধিক হোৱা বাবে সমুদ্ৰৰপৰা শীতল বতাহ প্রবাহিত হয় আৰু শীতকালত স্থলভাগৰ বায়ু শীতল হ’লৈ সমুদ্ৰৰপৰা অহা গৰম বায়ুৱে স্থলভাগৰ উষ্ণতা বৃদ্ধিত সহায় কৰে। সমুদ্ৰৰ সান্নিধ্যত সামুদ্রিক জলবায়ু বিৰাজ কৰা ঠাইবোৰত সমভাবাপন্ন জলবায়ু পোৱা যায়।

(ঘ) সমুদ্ৰ সোঁতঃ সাগৰৰ সোঁতেও কোনো স্থানৰ জলবায়ুক প্ৰভাৱিত কৰে। উপকূলৰ যিবোৰ স্থানৰ কাষেদি গৰম সামুদ্রিক সোঁত প্রৱাহিত হয়, তেনে স্থানসমূহৰ বায়ুৰ উত্তাপ বৃদ্ধি পায়। আনহাতে, উপকূলৰ যিবোৰ স্থানৰ কাষেদি চেঁচা সামুদ্রিক সোঁত প্রবাহিত হয়, তেনেবোৰ স্থানৰ বায়ু চেঁচা হৈ পৰে।

(ঙ) পর্বত-গাহাৰৰ অৱস্থানঃ পর্বত-পাহাৰৰ অৱস্থানৰ বাবে বায়ু প্রবাহত বাধা জন্মে। পর্বত-পাহাৰে বায়ুপ্রবাহক বাধা দিয়া বাবে পৰ্বতৰ নামনিভাগত আৰু পাৰ্বত্য অঞ্চলত জলবায়ুৰ গাৰ্থক্য পৰিলক্ষিত হয়। 

উদাহৰণস্বৰূপেঃ ভাৰতবৰ্ষৰ উত্তৰ সীমাত অৱস্থিত হিমালয় পর্বত মালাই জলীয় বাষ্পপূর্ণ দক্ষিণ-পশ্চিম মৌচুমী বায়ুক বাধা দিয়াৰ ফলশ্রুতিতেই গংগা-ব্রহ্মপুত্র উপত্যকাত মৌচুমী ঋতুত প্ৰচুৰ বৰষুণ হোৱা দেখা যায়। কিন্তু হিমালয়ৰ সিপাৰে উত্তৰ দিশৰ তিতত বৰষুণ প্রায় নহয়।

(চ) বায়ুপ্রবাহঃ বায়ুপ্রবাহে কোনো এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত এক গুৰুত্বপূর্ণ ভূমিকা লয়। ভিন্ন প্ৰকাৰৰ বতাহৰ বাবে ঠাইবিলাক গৰম, শীতল, সেমেকা বা খৰাং হয়।

উদাহৰণস্বৰূপেঃ দক্ষিণ-পশ্চিম মৌচুমী বতাহে বংগোপসাগৰৰ ওপৰেদি প্রবাহিত হওঁতে লগত অধিক জলীয় বাষ্প কঢ়িয়াই আনে বাবে অসম আৰু মেঘালয়ত অধিক পৰিমাণৰ বৃষ্টিপাত হয়।

(ছ) ভূমিৰ প্ৰকৃতিঃ ভূমিৰ প্ৰকৃতিয়েও কোনো এখন ঠাইৰ জলবায়ু, নিৰ্ধাৰণত বিশেষ ভূমিকা পালন কৰে। শিলাময় তথা বালিময় মাটি সূৰ্যৰ তাপত সোনকালে গৰম হয় আৰু তাপ বিকিৰণ কৰি সোনকালে চেঁচা হয়। মৰুভূমি অঞ্চলত দিনৰ ভাগত উত্তাপ যথেষ্ট বেছি হয় আৰু নিশা অধিক ঠাণ্ডা অনুভূত হয়। গছ-গছনিৰে ভৰা মাটি সেমেকা হোৱা বাবে উত্তাপ কম হয় আৰু উদ্ভিদৰ আৱৰণ নথকা মাটি শুকান হোৱা বাবে উত্তাপ অধিক হয়। 

(জ) ভূমিৰ ঢালঃ বতৰ আৰু জলবায়ুৰ কাৰক হিচাবে ভূমিৰ ঢালৰ গুৰুত্ব মন কৰিবলগীয়া। কোনো ভূমিভাগ সূৰ্যৰ কিৰণৰ মুখে এঢলীয়া হলে তাত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে আৰু ফলত উত্তাপ বেছি হয়। যি ভূমিভাগৰ ঢাল সূৰ্যৰ কিৰণৰ বিপৰীতমুখী হয়, তেনে ভূমিভাগত সূৰ্যৰকিৰণ বেণকা হৈ পৰে আৰু ফলত উত্তাপ কম হয়। সাধাৰণতে, উত্তৰ গোলাৰ্ধত দক্ষিণমুখী ঢালত আৰু দক্ষিণ গোলাৰ্ধত উত্তৰমুখী ঢালত উত্তাপ অনুভূত হয়। এনে কাৰণতে হিমালয় আৰু আল্পচ্ পৰ্বতৰ উত্তৰমুখী ঢালৰ তুলনাত দক্ষিণমুখী ঢালত উত্তাপ বেছি। উত্তাপৰ তাৰতম্যৰ উপৰিও ভূমিৰ ঢালে বৃষ্টিপাতৰ বিতৰণৰ ক্ষেত্ৰতো তাৰতম্য ঘটায়। কিয়নে জলীয়বাষ্পপূৰ্ণ বায়ুৰ গতিৰ দিশে মুখ কৰি থকা ভূমিৰ ঢালত বৃষ্টিপাত হয় আৰু ইয়াৰ বিপৰীত দিশৰ ভূমিৰ ঢালত অনাবৃষ্টি হয়। বৃষ্টিপাতৰ বিতৰণৰ এনে তাৰতম্যৰ বাবে জলবায়ুৰো তাৰমত্য ঘটে।

(ঝ) উদ্ভিদঃ জলবায়ুৰ ওপৰত উদ্ভিদে প্রত্যক্ষভাবে প্রভাৱ পেলায়। উদ্ভিদেৰে পৰিপূৰ্ণ স্থানত মাটিৰ উত্তাপ কম হয় আৰু বৃষ্টিপাতৰ পৰিমাণ অধিক হয়। আকৌ উদ্ভিদ নথকা ঠাইত জলবায়ু শুকান হৈ গৰম হয় কিয়নো এনে ঠাইত বৃষ্টিপাতৰ পৰিমাণ অতি নগণ্য হয়। উদ্ভিদেৰে পূৰ্ণ অৰণ্য অঞ্চল বৃষ্টিপাত হোৱাত সহায় কৰে। অৰণ্য অঞ্চলৰ বায়ুবাশি ঠাণ্ডা হোৱা বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু ইয়াৰ ফলস্বৰূপে এনে অঞ্চলত সঘনে বৰষুণ হৈ জলবায়ু শীতল কৰে।

১০। জলবায়ুৰ প্ৰকাৰবোৰ কি কি? 

উত্তৰঃ জলবায়ুৰ প্ৰকাৰবোৰ হৈছে- 

(ক) বিষুবীয় জলবায়ু।

(খ) মৌচুমী জলবায়ু।

(গ) ছাভানা জলবায়ু।

(ঘ) উষ্ণ মেক জলবায়ু।

(ঙ) নাতিশীতোষ্ণ মৰু জলবায়ু।

(চ) ভূমধ্যসাগৰীয় জলবায়ু।

(ছ) নাতিশীতোষ্ণ আর্দ্র জলবায়ু।

(জ) নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু।

(ঝ) নাতিশীতোষ্ণ সাগৰীয় জলবায়ু।

(ঞ) পূৱ উপকূলীয় আর্দ্র জলবায়ু।

(ট) উপমেকদেশীয় জলবায়ু বা টাইগা জলবায়ু।

(ঠ) তুন্দ্রা জলবায়ু।

১১। জলবায়ুৰ প্ৰকাৰবোৰৰ বিষয়ে চিত্রসহ আলোচনা কৰা। 

উত্তৰঃ পৃথিৱীৰ বিষুবীয় অঞ্চলৰ পৰা আৰম্ভ কৰি মেৰু অঞ্চললৈকে বিভিন্ন প্ৰকাৰৰ জলবায়ু পৰিলক্ষিত হয়।

তলৰ চিত্ৰত অক্ষাংশৰ বিস্তৃতি অনুসৰি পৃথিৱীৰ জলবায়ুৰ প্ৰকাৰসমূহ দেখুওৱা হ’ল—

বিষুবীয় জলবায়ু বিষুবৰেখাৰ পৰা ১০° উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজৰ অঞ্চলত বিৰাজ কৰা বাবে এই জলবায়ু সাধাৰণতে উষ্ণ আৰু আৰ্দ্ৰ প্ৰকৃতিৰ হয়। এই জলবায়ুৰ বৈশিষ্ট্য হৈছে অধিক উষ্ণতা আৰু প্ৰচুৰ বৰষুণ। এই অঞ্চলত অধিক উষ্ণতাৰ বাবে বায়ু পাতল হৈ ওপৰলৈ গতি কৰে, ফলস্বৰূপে বায়ুৰ চাপ নিম্ন হৈ সঘনে বৰষুণ হোৱা বাবে জনবসতিৰ উপযোগী নহয়।

মৌচুমী জলবায়ু ১০° উত্তৰ আৰু ৪০° উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত দেশবোৰত বিৰাজ কৰে। এই জলবায়ুৰ প্ৰভাৱত গ্রীষ্মকালত অধিক উত্তাপ আৰু বৰষুণ, আৰু শীতকালত কম উত্তাপ আৰু বৰষুণ হোৱা পৰিলক্ষিত হয়। গ্রীষ্মকালত সাধাৰণতে ২৭°-ৰপৰা ৩২° চেণ্টিগ্রেড পর্যন্ত উত্তাপৰ তাৰতম্য ঘটে। এই জলবায়ু উত্তৰ গোলার্ধৰ ভাৰতবর্ষ, বাংলাদেশ, দক্ষিণ-পূৱ এছিয়া, দক্ষিণ চীন, দক্ষিণ জাপান আদি দেশবোৰত অনুভূত হয়।

ছাভানা জলবায়ু প্ৰধানকৈ ছুডান, মধ্যভাবত, আফ্ৰিকাৰ উত্তৰ আৰু মধ্যভাগ, আর্জেন্টিনা আৰু অস্ট্রেলিয়াৰ মধ্যভাগৰ কিছু অংশত পোৱা যায়। এই জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত গ্রীষ্মকালৰ গড় উত্তাপ হৈছে ২৭°-২৮° চেণ্টিগ্রেড আৰু শীতকালৰ উত্তাপ হৈছে ১০°-ৰপৰা ১৫° চেণ্টিগ্রেড। বার্ষিক গড় হিচাপত ২৫-ৰপৰা ৪০ ছেঃমিঃ বৰষুণ হয় আৰু বৰষুণ কম হোৱাৰ ফলত এই জলবায়ু অঞ্চলত গছ-গছনিৰ পৰিৱৰ্তে ওখ ঘাঁহ আৰু জোপোহা গছ অধিক পৰিমাণে জন্মে।

উষ্ণ মৰু জলবায়ু সচৰাচৰ উষ্ণ মৰুভূমি অঞ্চলত বিৰাজ কৰে। এই অঞ্চলত গ্রীষ্মকালৰ গড় উত্তাপ ৩০° চেণ্টিগ্ৰেডৰ অধিক হয় আৰু শীতকালত গড় উত্তাপ কেরল ১০° চেণ্টিগ্রেড। এই জলবায়ুৰ এটা মূল বৈশিষ্ট্য হৈছে উষ্ণ ধূলি বতাহ আৰু বার্ষিক বৃষ্টিপাত গড়ে ১০ ছেণ্টিমিটাৰতকৈ কম হয়। ক্রান্তীয় অঞ্চলৰ মৰুভূমিবিলাকত এই জলবায়ু পোৱা যায়। এই জলবায়ু অঞ্চলবোৰত অধিক গৰম আৰু কম বৰষুণ হোৱা বাবে উদ্ভিদ বৃদ্ধি কম হয়।

নাতিশীতোষ্ণ মৰু জলবায়ু বিষুবৰ উত্তৰ আৰু দক্ষিণে ৩০°-ৰপৰা ৪০° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ মাজভাগত পোৱা যায়। এই জলবায়ুৰ অঞ্চলবোৰত বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ১০ ছেঁঃমিঃ তকৈ কম হয় আৰু গ্রীষ্মকালত গড় উত্তাপ ৩০°-ৰপৰা ৪২° চেণ্টিগ্রেড হোৱা দেখা যায়। শীতকালত এই উত্তাপ নিম্নগামী হৈ ০° চেণ্টিগ্ৰেডৰ কম হোৱা বাবে সঘনে বৰফ পৰা দেখা যায়।

ভূমধ্যসাগৰীয় জলবায়ু বিষুবৰ উত্তৰ আৰু দক্ষিণৰ ৩০°-ৰপৰা ৪৫° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ পশ্চিম উপকূলস্থ অঞ্চলবোৰত পৰিলক্ষিত হয়। এই জলবায়ুত উত্তাপ কম হয়। গ্রীষ্মকালত এই উত্তাপ হৈছে ২১°-ৰপৰা ২৭° চেণ্টিগ্রেড আৰু শীতকালত গড় উত্তাপ হৈছে ১০°-ৰপৰা ১৩° চেণ্টিগ্রেড। এই জলবায়ুৰ অন্তৰ্গত অঞ্চলবোৰত চিৰসেউজীয়া আৰু পৰ্ণপাতী উদ্ভিদ পোৱা যায় আৰু ফলমূলৰ উৎপাদনৰ বাবে এই জলবায়ু অধিক উপযোগী হয়। 

নাতিশীতোষ্ণ আর্দ্র জলবায়ু মহাদেশসমূহৰ পুৱ উপকূলৰ ২৫° আৰু ৪০° অক্ষাংশৰ মাজত অৱস্থিত অঞ্চলসমূহত পোৱা যায়। এই জলবায়ু অবোৰত বাৰ্ষিক গড় বৰষুণ ৬০-ৰপৰা ১০০ ছেণ্টিমিটাৰ গ্রীষ্মকালত গড় উত্তাপ হৈছে ২০°-ৰপৰা ২৭° চেণ্টিগ্রেড আৰু শীতকালত এই উত্তাপৰ পৰিসৰ ১০°-ৰপৰা ১৩° চেণ্টিগ্ৰেডৰ ভিতৰত থাকে। এই অদ্ভুত গ্রীষ্মকালত বৰষুণ হয় আৰু শীতকালত বৰফ পৰে।

নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু বিষুবৰ উত্তৰ আৰু দক্ষিণে ১৫°-ৰপৰা ৪০° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ মাজভাগত পোৱা যায়। এই অঞ্চলৰ জলবায়ু গ্রীষ্মকালত গড় উত্তাপ ১৫°-ৰপৰা ২০° ‘চেণ্টিগ্রেড আৰু শীতকালত এই উত্তাপ ০° চেণ্টিগ্রেডতকৈও কম হয়। গড় বার্ষিক বৰষুণৰ পৰিমাণ ২৫-ৰপৰা ৫০ ছেণ্টিমিটার পর্যন্ত হয়।

নাতিশীতোষ্ণ সাগৰীয় জলবায়ু পৃথিৱীৰ মহাদেশবোৰৰ পশ্চিমাংশত প্রায় ৪০° উত্তৰ বা দক্ষিণ আৰু ৬০° উত্তৰ বা দক্ষিণ অক্ষাংশৰ ভিতৰত অনুভূত হয়। এই জলবায়ুত গ্রীষ্মকালৰ গড় উত্তাপ হৈছে ১৫°-ৰপৰা ১৮° চেণ্টিগ্রেড আৰু শীতকালৰ উত্তাপ হৈছে ৫°-ৰপৰা ১০° চেণ্টিগ্রেড। এই জলবায়ু সাগৰীয় প্ৰভাৱৰ বাবে তুলনামূলকভাৱে মৃদুভাবাপন্ন হয়, আৰু কোনো কোনো ঠাইত বছবি গড়ে ৫০০ ছেণ্টিমিটাৰতকৈও বেছি বৰষুণ হয়।

পূব উপকূলীয় আর্দ্র জলবায়ু মহাদেশবোৰৰ পূব উপকুলত ৫০°-ৰপৰা ৬০° অক্ষাংশৰ ভিতৰত বিৰাজ কৰা পৰিলক্ষিত হয়। এই জলবায়ু অঞ্চলত গ্রীষ্মকালত ১৫-ৰপৰা ২০° চেণ্টিগ্রেড আৰু শীতকালত ৬°–৭° চেন্টিগ্রেড উত্তাপ অনুভূত হয়। এই জলবায়ু অঞ্চলত বার্ষিক গড় বৰষুণৰ পৰিমাণ হৈছে প্রায় ১০০ ছেণ্টিমিটাৰ।

উপমেকদেশীয় বা টাইগা জলবায়ু পৃথিৱীৰ ৫০° আৰু ৬৫° অক্ষাংশৰ মাজত উপমেক অঞ্চলসমূহত বিৰাজ কৰে। এই জলবায়ুৰ অন্তর্গত অঞ্চলসমূহত গ্রীষ্মকালত উত্তাপ ১০°-ৰপৰা ৩০° চেণ্টিগ্রেড পর্যন্ত হয় আৰু শীতকালত এই উত্তাপ ২.৫° চেণ্টিগ্রেডতকৈও কম হয়। এই অঞ্চলত বছৰি গড় হিচাপত ২৫-ৰপৰা ৩০ ছেঃমিঃৰ ভিতৰত বৰষুণ হয়। এই জলবায়ুত সৰলবর্গীয় উদ্ভিদ বিস্তৃতভাৱে গজে বাবে চাইবেৰিয়াত এই উদ্ভিদক টাইগা নামে জনা যায়।

তুদ্ৰা জলবায়ু বিৰাজ কৰে সুমেৰু আৰু কুমেক বৃত্তৰ অন্তৰ্গত অঞ্চলসমূহত। এই জলবায়ু অঞ্চলত ছমাহ অতি ক্ষীণ সূৰ্যৰ কিৰণ পৰে আৰু বাকী ছমাহ ৰাতি হয়। এই অঞ্চলত গ্রীষ্মকালত গড় উত্তাপ মাত্র ১০° চেণ্টিগ্রেড পর্যন্ত হয় আৰু শীতকালত এই উত্তাপ শূন্য ডিগ্রী চেণ্টিগ্রেডতকৈও কম হয়। এই জলবায়ু অঞ্চলৰ ভূপৃষ্ঠভাগ বছৰৰ প্ৰায় ৯ মাহ কাল বৰফেৰে আবৰি থাকে আৰু সেয়ে ইয়াত জনবসতি অতি পাতল হয়।

প্রশ্ন ১২। চমুটোকা লিখাঃ

(ক) আপেক্ষিক আর্দ্রতা। 

উত্তৰঃ আপেক্ষিক আর্দ্রতাঃ নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট পৰিমাণৰ বায়ুত থকা জলীয় বাষ্পৰ ওজন আৰু একে উষ্ণতাত একে আয়তনৰ বায়ুক সংপৃক্ত কৰিবলৈ আৱশ্যকীয় জলীয় বাষ্পৰ ওজনৰ অনুপাতকে আপেক্ষিক আৰ্দ্ৰতা বুলি কোৱা হয়।

(খ) বায়ুমণ্ডলীয় চাপ।

উত্তৰঃ বায়ুমণ্ডলীয় চাপঃ বায়ুমণ্ডলীয় চাপ মানে হৈছে প্ৰতি একক ক্ষেত্রফলত বায়ুৱে প্ৰয়োগ কৰা বল। সাগৰ পৃষ্ঠৰ উচ্চতাত বায়ুমণ্ডলীয় চাপৰ জোখ লোৱা হয়। বেৰ মিটাৰৰ পাৰাস্তম্ভৰ উচ্চতাৰ দ্বাৰা বায়ুমণ্ডলীয় চাপ জোখা হয়। সাগৰ পৃষ্ঠত বায়ুমণ্ডলীয় চাপ হৈছে গড় হিচাপে প্রতি বর্গ ইঞ্চিত ১৪.৭ পাউন্ড বা প্রতি বর্গ ছেণ্টিমিটাৰত প্ৰায় এক কিলোগ্রাম। সম্প্রতি বায়ুমণ্ডলীয় চাপ সাধাৰণতে মিলিবাৰ এককত প্ৰকাশ কৰা হয়। বায়ুমণ্ডলীয় চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বছৰৰ ঋতু অনুসৰি বায়ুমণ্ডলীয় চাপৰ হ্রাস-বৃদ্ধি হয়।

(গ) চাপ বলয়।

উত্তৰঃ চাপ-বলয়ঃ বায়ুৰ চাপৰ তাৰতম্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগত উত্তৰ আৰু দক্ষিণ গোলার্ধত চিনাক্ত কৰা স্থান বা বলয়সমূহকেই বায়ুৰ চাপ-বলয় (Pressure-belts) বোলা হয়। 

এই চাপ-ধলয়সমূহ হৈছে—

(i) নিৰক্ষীয় নিম্নচাপ বলয়।

(ii) উপ-ক্রান্তীয় উচ্চচাপ বলয়।

(iii) উপ-মেৰুদেশীয় নিম্নচাপ বলয়।

(iv) মেকদেশীয় উচ্চচাপ বলয়।

এই উচ্চ আৰু নিম্নচাপ বলয়কেইটাৰ মাজত অবিৰতভাৱে ভূপৃষ্ঠত বতাহ প্রবাহিত হয়। বতাহ প্ৰধানকৈ চাপ-বলয়ৰ ওপৰত নিৰ্ভৰ কৰে।

(ঙ) জলবায়ুৰ ওপৰত অক্ষাংশৰ প্ৰভাৱ।

উত্তৰঃ ভিন্ন প্ৰকাৰৰ বৃষ্টিপাতঃ বতৰ আৰু জলবায়ুৰ ওপৰত বৃষ্টিপাতে যথেষ্ট প্রভাৱ পেলায়। বৃষ্টিপাত হৈছে এক প্ৰকাৰৰ অধঃক্ষেপ আৰু ই অবিৰতভাৱে ভূপৃষ্ঠত পৰি থাকে। বিভিন্ন প্ৰকাৰৰ বৃষ্টিপাত হৈছে পৰিচলন বৃষ্টি, শৈলোৎক্ষেপ বৃষ্টি, ঘূর্ণী বৃষ্টি, অক্ষীয় বৃষ্টি আৰু অৰণ্য বৃষ্টি। বায়ুত থকা জলীয় বাষ্প শীতল হৈ ঘনীভৱন প্ৰক্ৰিয়াৰে সৃষ্টি হোৱা বৃষ্টিপাতক পৰিচলন বৃষ্টি বুলি কোৱা হয়। জলীয় বাষ্পপূৰ্ণ বায়ু পাহাৰৰ ঢালত বাধাপ্রাপ্ত হৈ সংঘটিত হোৱা বৃষ্টিপাতক শৈলোৎক্ষেপ বৃষ্টিপাত বোলা হয়।

(ঘ) ভিন্ন প্ৰকাৰৰ বৃষ্টিপাত।

উত্তৰঃ জলবায়ুৰ ওপৰত অক্ষাংশৰ প্রভাবঃ অক্ষাংশ হৈছে কোনে অঞ্চলৰ জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্রধান কাৰক। কোনো ঠাইত সূৰ্যৰ ৰশ্মি পোন অথবা লম্বভাৱে পৰিলে উত্তাপৰ তীব্রতা বাঢ়ে আৰু বেঁকা অথবা হেলনীয়াকৈ পৰা সূৰ্যৰ ৰশ্মিৰ তীব্রতা কম হয় ফলত উত্তাপ কমে। বিষুবৰেখাৰ পৰা উত্তৰলৈ আৰু দক্ষিণলৈ অক্ষাংশ বাঢ়ি যোৱাৰ লগে লগে সূৰ্যৰ ৰশ্মি ক্ৰমে বেঁকা হৈ পৰে বাবে ইয়াৰ উত্তাপ কম হয়। বিষুবৰেখাৰ পৰা উত্তৰ মেৰু (৯০° উত্তৰ) আৰু দক্ষিণ মেৰুৰ (৯০° দক্ষিণ) ফালে ক্রমান্বয়ে অক্ষাংশ বাঢ়ি যোৱাৰ লগে লগে উত্তাপৰ মাত্ৰা কমি যায়।

(চ) জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱ।

উত্তৰঃ জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱঃ উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। উদ্ভিদৰেপূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে। অৰণ্য অঞ্চলৰ বায়ুৰাশি চেচাঁ হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু এনে অঞ্চলত সঘনে বৰষুণ হ’য়। কিন্ত উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাত পৰিমান কম হ’য়।

(ছ) মৌচুমী জলবায়ু।

উত্তৰঃ মৌচুমী জলবায়ুঃ মৌচুমী জলবায়ু ১০° উত্তৰ আৰু ৪০° উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত দেশবোৰৰ প্ৰধানকৈ পূৱ অংশত আৰু দশি গোলার্ধৰ কিছু অঞ্চলত বিৰাজ কৰা পৰিলক্ষিত হয়। মৌচুমী জলবায়ুৰ প্ৰভাৱত গ্রীষ্মকালত অধিক উত্তাপ আৰু বৰষুণ হোৱা দেখা যায় আৰু শীতকালত কম উত্তাপ আৰু বৰষুণ হয়। এই জলবায়ু বিৰাজ কৰা অঞ্চলত গ্রীষ্মকালত সাধাৰণতে ২৭° ৰপৰা ৩২° চেণ্টিগ্রেড পর্যন্ত উত্তাপৰ তাৰতম্য ঘটে। মৌচুমী জলবায়ু উত্তৰ গোলার্ধৰ ভাৰতবৰ্ষ, বাংলাদেশ, দক্ষিণ-পূর্ব এছিয়া, দক্ষিণ চীন, দক্ষিণ জাপান, উত্তৰ-পূৱ আফ্রিকা, মেক্সিকো আৰু ফ্লৰিডাৰ লগতে দক্ষিণ গোলার্ধৰ অস্ট্রেলিয়া আৰু মালাগাছিৰ উত্তৰ অংশত পোৱা যায়। এই জলবায়ু বিৰাজ কৰা অঞ্চলসমূহত বছৰি গড় বৃষ্টিপাত ২০০ ছেঃমিঃ হোৱা ঠাইত চিৰসেউজীয়া উদ্ভিদ গজে আৰু তাতোকৈ কম বৰষুণ হোৱা অঞ্চলত পর্ণপাতী উদ্ভিদ জন্মে।

(জ) টাইগা জলবায়ু।

উত্তৰঃ টাইগা জলবায়ুঃ পৃথিৱীৰ ৫০° আৰু ৬৫° অক্ষাংশৰ মাজৰ উপমেক অঞ্চলসমূহত টাইগা জলবায়ু বিৰাজ কৰে। এই জলবায়ুত সৰলবর্গীয় উদ্ভিদ বিস্তৃতভাৱে গজে বাবে ইয়াক টাইগা জলবায়ু বুলি জনা যায় কিয়নো এই সৰলবর্গীয় উদ্ভিদক চাইবেৰিয়াত ‘টাইগা’ বুলি কোৱা হয়। গ্রীষ্মকালত এই জলবায়ুৰ অন্তৰ্গত অঞ্চলসমূহত উত্তাপ ১০°-ৰপৰা ৩০° চেণ্টিগ্ৰেডৰ ভিতৰত থাকে আক শীতকালত উত্তাপ সাধাৰণততে ২.৫° চেণ্টিগ্রেডতকৈও কম হয়। এই জলবায়ুৰ অন্তৰ্গত অঞ্চলসমূহত বছৰি গড় হিচাপত ২৫-ৰপৰা ৩০ ছেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হয় আৰু শীতকালত প্ৰচুৰ তুষাৰ পাত হোৱা দেখা যায়। টাইগা জলবায়ুক উপমেৰু দেশীয় জলবায়ু বুলিও জনা যায়।

(ঝ) ভূমধ্যসাগৰীয় জলবায়ু।

উত্তৰঃ ভূমধ্যসাগৰীয় জলবায়ুঃ ভূমধ্যসগেৰীয় জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণৰ ৩০ ডিগ্ৰী ৰ পৰা ৪৫ ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ পশ্চিম উপকূল অঞ্চলসমূহত দেখা যায়, এই জলবায়ুৰ অন্তগৰ্ত অঞ্চলবোৰত চিৰসেউজীয়া আৰু পৰ্ণপাতী উদ্ভিদ দেখা যায়। আনহাতে ফল-মূলৰ খেতিৰ বাবে এই জলবায়ু উপযোগী আৰু সেয়েহে ভূমধ্যসাগৰীয় জলবায়ু অঞ্চলবোৰত যথেষ্ট পৰিমাণে ফল- মূলৰ উতপাদান হয়।

(ট) তুন্দ্রা জলবায়ু।

উত্তৰঃ তুন্দ্রা জলবায়ুঃ তুন্দ্রা জলবায়ু সুমেৰু আৰু কুমেক বৃত্তৰ অন্তৰ্গত অঞ্চলসমূহত বিৰাজ কৰে। এই অঞ্চলত ছমাহ অতি ক্ষীণ সূৰ্যৰ কিৰণ পৰে আৰু বাকী ছমাহ কাল ৰাতি হয়। এই জলবায়ু অঞ্চলত গ্রীষ্মকালত উত্তাপ মাত্র ১০° চেণ্টিগ্রেড পর্যন্ত হয় কিন্তু শীতকালত উত্তাপ শূন্য ডিগ্রী চেণ্টিগ্রেডতকৈও কম হয়। এই অঞ্চলৰ ভূপৃষ্ঠ ভাগ বছৰৰ তিনি-চতুর্থাংশ ভাগ সময় বৰফেৰে আবৰি থকা বাবে ইয়াত কেৱল শেলুৱৈ জাতীয় উদ্ভিদহে জন্মে। এই অঞ্চলৰ জনবসতি অতিকৈ পাতল হোৱা দেখা যায়।

(ঞ) ছাভানা জলবায়ু।

উত্তৰঃ ছাভানা জলবায়ুঃ ছাভানা জলবায়ুক ছুডান জলবায়ু বুলিও কোৱা হয়। এই জলবায়ু প্ৰধানকৈ ছুডান, মধ্য ভাৰত, আফ্ৰিকাৰ উত্তৰ আৰু মধ্য ভাগ, ব্ৰাজিলৰ দক্ষিণাংশ, আৰ্জেণ্টিনা, ভেনিজুৱেলা আৰু অষ্ট্ৰেলিয়াৰ মধ্যভাগত কিছুমান অঞ্চলত পোৱা যায়। ছাভানা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত গ্ৰীষ্মকালৰ গড় উত্তাপ হৈছে – ২৭°-২৮° চেণ্টিগ্ৰেড আৰু শীতকালৰ উত্তাপ হৈছে ১০° ৰ পৰা ১৫° চেণ্টিগ্ৰেড। বাৰ্ষিক গড় হিচাপত ২৫ৰ পৰা ৪০ ছে.মি. বৰষুণ হয় আৰু বৰষুণ সাধাৰণতে গ্ৰীষ্মকালৰ শেষভাগত হোৱা দেখা যায়।

(ঠ) পার্বত্য জলবায়ু।

উত্তৰঃ পার্বত্য জলবায়ুঃ পার্বত্য জলবায়ু পৃথিৱীৰ বিভিন্ন অঞ্চলৰ উচ্চ পৰ্বত-পাহাৰবিলাকত অনুভূত হয়। পার্বত্য জলবায়ু উচ্চতাভিত্তিক আৰু উচ্চতাভেদে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্বত-পাহাৰত জলবায়ুৰ পৰিৱৰ্তন ঘটে। পার্বত্য জলবায়ুক অক্ষাংশৰ ভিত্তিত শ্রেণীভূক্ত কৰিব নোৱাৰি। উদাহৰণস্বৰূপে হিমালয়, আল্পচ, ৰকি, এণ্ডিচ আদি পার্বত্য অঞ্চলসমূহত এক সুকীয়া জলবায়ু অনুভূত হয়। 

১৩। চমুকৈ উত্তৰ দিয়াঃ

(ক) বায়ুমণ্ডল ভূপৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে?

উত্তৰঃ ১০,০০০ কিল’মিটাৰ।

(খ) ত্রুটি-হাৰ কি?

উত্তৰঃ উচ্চতা অনুসৰি বায়ুমণ্ডলৰ মাজেৰে বায়ুৰ উত্তাপ হ্রাস হোৱা হাৰকেই ত্রুটি-হাৰ (Lapse rate) বুলি জনা যায়।

(গ) সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান ?

উত্তৰঃ গড় হিচাপে প্রতি বর্গ ইঞ্চিত ১৪.৭ পাউণ্ড বা প্ৰতি বৰ্গ ছেণ্টিমিটাৰত প্ৰায় এক কিল’গ্রাম।

(ঘ) বায়ুৰ আৰ্দ্ৰতা বুলিলে কি বুজা?

উত্তৰঃ বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণকেই বুজা যায়।

(ঙ) সংপৃক্ত বায়ু কাক বোলে?

উত্তৰঃ কোনো নির্দিষ্ট আয়তনৰ বায়ুৱে নির্দিষ্ট উত্তাপত যিমানখিনি জলীয় বাষ্প ধাৰণ কৰিব পাৰে, ঠিক সিমানখিনি জলীয় বাষ্প যদি বায়ুখিনিত থাকে, তেনেহ’লে সেই বায়ুক সংপৃক্ত বায়ু বোলা হয়।

(চ) বিষুবীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি কিমান?

উত্তৰঃ বিষুবৰেখাৰ পৰা ১০° উত্তৰ আৰু দক্ষিণ অক্ষৰেখা।

(ছ) কেম্প’চ ঘাঁহনি অঞ্চল কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত?

উত্তৰঃ কেম্প’চ ঘাঁহনি অঞ্চল ছাভানা জলবায়ু অঞ্চলৰ অন্তৰ্গত।

(জ) নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্তৃতি উল্লেখ কৰা।

উত্তৰঃ বিষুবৰ উত্তৰ আৰু দক্ষিণে ৩০°-ৰপৰা ৪০° অক্ষাংশৰ মাজভাগ।

(ঝ) চীনদেশীয় জলবায়ু কি জলবায়ু বুলি কোৱা হয়?

উত্তৰঃ চীনদেশীয় জলবায়ুক নাতিশীতোষ্ণ আর্দ্র জলবায়ু বুলি কোৱা হয়।

(ঞ) অনিয়মিত বতাহৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ অনিয়মিত বতাহৰ এটা উদাহৰণ- ধুমুহা বতাহ।

(ট) উষ্ণ বায়ুৰাশিৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কিয় বেছি?

উত্তৰঃ উষ্ণ বায়ু প্ৰসাৰিত হৈ থকে আৰু বেছি ঠাই আগুৰি থাকে সেয়ে এই প্ৰসাৰিত বায়ুৰ জলূয় বাষ্প ধাৰণ ক্ষমতা বেছি হয়।

(ঠ) বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ কিয় বেছি?

উত্তৰঃ বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ বেছি হয় কাৰণ

নিম্নভাগত বায়ুভাগৰ জলীয় বাষ্প ধাৰণৰ ক্ষমতা কম থাকে আৰু এনে বায়ু শুকান হয়। শুকান বায়ুৰ চাপ অধিক হয়। বায়ুমণ্ডলৰ গভীৰতা বৃদ্ধি পালে বায়ুৰ ভৰ বৃদ্ধি পায় আৰু ভৰ বৃদ্ধি হ’লে বায়ুৰ চাপ বেছি হয়।

2 thoughts on “Class 9 Geography Elective Chapter 1 বতৰ আৰু জলবায়ু”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top