Class 9 Geography Elective Chapter 5 সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 5 সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ and select need one.
Class 9 Geography Elective Chapter 5 সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 5 সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ Solutions for All Subject, You can practice these here…
সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ
অধ্যায় – ৫
ভূগােল
পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ
প্রশ্ন ১। সম্পদ বুলিলে কি বুজা ?
উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা যিকোনো প্রকৃতি প্রদত্ত বস্তু বা মানুহে সৃষ্টি কৰা সামগ্ৰীক সম্পদ বুলি কোৱা হয়। অর্থাৎ প্ৰকৃতিৰ পৰা গোৱা বা মানুহৰ দ্বাৰা সৃষ্ট যিবোৰ বস্তু বা পদার্থই মানুহৰ কল্যাণ সাধন কৰে, সেইবোৰ বস্তুক সম্পদ বোলা হয়। চমুকৈ ক’বলৈ হ’লে সম্পদ হৈছে এক প্ৰকাৰৰ দ্ৰৱ্য বা গুণাগুণ যাক মানুহে নিজৰ বাবে উপযোগী ধুলি বিবেচনা কৰে আৰু সেই অনুসৰি বিভিন্ন উদ্দেশ্যে ব্যৱহাৰ কৰে। সম্পদৰ আহৰণ আৰু ব্যৱহাৰ মানুহৰ যোগ্যতা আৰু দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে কাৰণে মানুহকো সম্পদ বুলি গণ্য কৰা হয়।
প্রশ্ন ২। প্রাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনবোৰ বিষয়ে মুখ্য ভূমিকা পালন কৰে ?
উত্তৰঃ প্ৰকৃতি, মানুহ আৰু প্ৰযুক্তিৰ মাজত ঘটা সম্পৰ্কৰ যোগেদিহে কোনো এক প্রাকৃতিক উপাদান সম্পদত পৰিণত হয়। প্রাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ মূখ্য ভূমিকা থকা বিষয়কেইটা হৈছে—সাংস্কৃতিক প্রমূল্য (Cultural values), প্রযুক্তিবিদ্যা (Technology) আৰু অৰ্থনৈতিক ব্যৱস্থা (Economic system)।
কোনবিলাক বস্তু বা সামগ্রী সমাজৰ বাবে গ্রহণযোগ্য হয় আৰু কোনবিলাক সামগ্রী সমাজৰ বাবে গ্রহণযোগ্য নহয়, সেই কথা সংশ্লিষ্ট সমাজখনৰ পৰম্পৰা, ৰীতি-নীতি, ধৰ্ম আদি সাংস্কৃতিক প্রমূল্যসমূহে নিৰূপণ কৰে। আকৌ মানুহে প্রয়োজনীয় সামগ্রীসমূহ কি ধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব বা সামগ্ৰীসমূহক কিদৰে ব্যৱহাৰৰ উপযোগী কৰি তুলিব, সেয়া সমাজখনে জনা বা প্ৰয়োগ কৰা প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰে। প্রয়োজনীয় সামগ্রীসমূহ আহৰণ কৰাৰ ক্ষমতা আৰু সেইবিলাক ব্যৱহাৰ কৰিব পৰা বা নোৱাৰাটো নিৰ্ভৰ কৰে সমাজখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত। সকলো ধৰণৰ সামগ্ৰী আহৰণ আৰু ব্যৱহাৰ কৰিবৰ বাবে আবশ্যকীয় আর্থিক সামর্থ্য প্রত্যেক সমাজৰ সমানে নাথাকে।
প্রশ্ন ৩। সম্পদৰ ধাৰণাক প্ৰভাৱাম্বিত কৰা কাৰকবোৰ কি ?
উত্তৰঃ সম্পদৰ ধাৰণাক প্ৰভাৱাম্বিত কৰা কাৰকসমূহ হৈছে—সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্রযুক্তিবিদ্যা, সমাজখনৰ আৰ্থিক অৱস্থা, ভৌগোলিক অৱস্থা, সময়, বর্ধিত জনসংখ্যা আদি। সময়ৰ গতিত সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্রযুক্তিবিদ্যা আৰু আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। আজি সম্পদ হিচাপে গণ্য কৰা সামগ্ৰীসমূহ বহু বছৰ পূৰ্বে মানুহে তাক অলাগতীয়াল সামগ্রী বুলিও কেতিয়াবা গণ্য কৰিছিল। সময়ৰ সোঁতত ঘটা সামাজিক আৰু অর্থনৈতিক পৰিৱৰ্তনে একালৰ নগণ্য বস্তুও অন্য সময়ত মহামূল্যৱান হ’ব পাৰে। জনসংখ্যা বৃদ্ধিয়েও সম্পদৰ ধাৰণাক প্ৰভাৱান্বিত কৰে। বর্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ মানুহে কিছুমান সম্পদ অধিক পৰিমাণে ব্যৱহাৰ কৰিবলগীয়া হোৱাত তেনে সম্পদৰ নাটনি হোৱা পৰিলক্ষিত হৈছে।
প্রশ্ন ৪। প্রাকৃতিক সম্পদ কাক বোলে ?
উত্তৰঃ প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা সম্পদক প্রাকৃতিক সম্পদ বোলা হয়। অর্থাৎ প্ৰকৃতিৰ পোনপটীয়া সৃষ্টি যেনে—মাটি, পানী, উদ্ভিদ, খনিজ পদার্থ, বন্যপ্রাণী আদি প্রাকৃতিক সম্পদ। প্রাকৃতিক সম্পদৰ উৎস হৈছে প্রাকৃতিক পৰিৱেশ। প্রাকৃতিক সম্পদক দুই শ্রেণীত বিভক্ত কৰিব পাৰি—জৈৱিক সম্পদ (Biotic Resource) আৰু অজৈৱিক সম্পদ (Abi otic Resources)। জৈৱিক সম্পদ হৈছে উদ্ভিদ আৰু জীৱ-জন্তুবিলাক। অজৈৱিক সম্পদ হৈছে সোণ, ৰূপ, লো, সৌৰশক্তি, পানী আদি।
প্রশ্ন ৫। বর্ধিত জনসংখ্যাই সম্পদৰ ওপৰত কেনে ধৰণে প্রভাব পেলায় আলোচনা কৰা।
উত্তৰঃ বর্ধিত জনসংখ্যাই সম্পদৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্রভার পেলায়। বর্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ কিছুমান সম্পদ অধিক পৰিমাণে ব্যৱহাৰ কৰিবলগীয়া হয়। সম্পদ পুনৰ সৃষ্টি কৰিব নোৱাৰিলে স্বাভাৱিকতে তেনে সম্পদৰ নাটনি ঘটে আৰু তেনে অৱস্থাত মানুহে বিকল্প সন্ধান কৰিবলৈ বাধ্য হয়। উদাহৰণস্বৰূপে বর্ধিত জনসংখ্যাই কয়লা, খনিজ তেল আদি জীৱাশ্ম ইন্ধনৰ ওপৰত বেচিকৈ হেঁচা প্ৰয়োগ কৰাৰ বাবে এনে সম্পদৰ ভৰাল সংকুচিত হৈ আহিছে। এই ইন্ধনৰ বিকল্প হিচাপে মানুহে জলবিদ্যুত আৰু পাৰমাণ শক্তিৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছে। আকৌ জনসংখ্যা বৃদ্ধিৰ ফলত অৰণ্যৰ পৰিমাণ হ্রাস পাইছে আৰু ইয়াৰ ফলস্বৰূপে গৃহনির্মাণ কার্যত কাঠৰ সলনি লোহা বা তেনে কোনো ধাতৱ পদার্থ ব্যৱহাৰ কৰিবলৈ মানুহ বাধ্য হৈছে। এনেদৰে বর্ধিত জনসংখ্যাই সম্পদৰ ওপৰত বিশেষ প্রভাৱ বিস্তাৰ কৰিছে।
প্রশ্ন ৬। মানবসৃষ্ট সম্পদৰ দুটামান উদাহৰণ দিয়া।
উত্তৰঃ মানুহে সৃষ্ট কৰা সম্পদসমূহেই হৈছে মানৱসৃষ্ট সম্পদ। মানুহে সম্পদ সৃষ্টি কৰোতে প্রাকৃতিক সম্পদৰ লগতে মানৱ সম্পদো ব্যৱহাৰ কৰে। কেইটামান মানৱসৃষ্ট সম্পদৰ উদাহৰণ হৈছে—ঘৰ-দুৱাৰ, কল-কাৰখানা, উদ্যোগ, যন্ত্রপাতি, গাড়ী-মটৰ আদি।
Sl. No. | সূচী-পত্ৰ |
Chapter 1 | বতৰ আৰু জলবায়ু |
Chapter 2 | পৃথিৱীৰ মানুহ |
Chapter 3 | জনসংখ্যা বৃদ্ধি আৰু বিতৰণ |
Chapter 4 | জনবসতি |
Chapter 5 | সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ |
Chapter 6 | অর্থনৈতিক কার্য বা বৃত্তি |
Chapter 7 | কৃষি |
Chapter 8 | উদ্যোগ |
প্রশ্ন ৭। মানৱ সম্পদ কাক বোলে লিখা
উত্তৰঃ নিজৰ লগতে আনৰো প্ৰয়োজন পূৰাবলৈ মানুহৰ যি যোগ্যতা বা দক্ষতা থাকে তাকে মানৱ সম্পদ (Human Resource) বোলা হয়। মানৱ সম্পদ বুলিলে কোনো এখন দেশৰ মানুহ আৰু তেওঁলোকৰ সংখ্যা আৰু বসতিক বুজায়। মানৱ সম্পদক অতি প্রয়োজনীয় সম্পদ বুলি গণ্য কৰা হয়। মানৱ সম্পদৰ ওপৰতেই এখন দেশৰ অর্থনৈতিক উন্নয়ন প্ৰধানকৈ নিৰ্ভৰ কৰে। শিক্ষা, প্রযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ, প্রাকৃতিক পৰিৱেশ, মানুহৰ আগ্ৰহ আৰু মনোভাৱৰ ওপৰত মানৱ সম্পদৰ বিকাশ নিৰ্ভৰ কৰে। এজন মানুহ শিক্ষা, প্রশিক্ষণ, উদ্ভাৱনী শক্তি, অভিজ্ঞতা আদিৰ যোগেদি যিমানে কাৰ্যক্ষম হয়, তেওঁক মানৱ সম্পদত চহকী বুলি ধৰা হয়। দেশৰ অৰ্থনীতি, উদ্যোগ আৰু সামাজিক বিকাশত মানৱ সম্পদৰ এক গুৰুত্বপূৰ্ণ ভূমিক আছে।
প্রশ্ন ৮। পুনঃসৃষ্টিক্ষম সম্পদ বুলিলে কি বুজা ? ইয়াৰ দুটামান উদাহৰণ দিয়া ৷
উত্তৰঃ যিবিলাক সম্পদ ব্যৱহাৰ কৰিলে কমি যায় কিন্তু পুনৰ সৃষ্টি হৈ কম হোৱা অংশ পূৰণ হয়, তেনে সম্পদক পুনঃসৃষ্টিক্ষম সম্পদ (Re newable Resource) বোলা হয়। পুনঃসৃষ্টিক্ষম সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়। উদাহৰণস্বৰূপে—বায়ু, পানী, উদ্ভিদ, জীৱজত্ব, মাটিৰ উৰ্বৰতা শক্তি আদি পুনঃসৃষ্টিক্ষম সম্পদ।
প্রশ্ন ৯। দুবিধমান পুনঃসৃষ্টিহীন সম্পদৰ নাম লিখা।
উত্তৰঃ দুবিধমান পুনঃসৃষ্টিহীন সম্পদ হৈছে খনিজাত সম্পদ, যেনে—সোণ, ৰূপ, কয়লা, পেট্ৰ’লিয়াম আদি। পুনঃসৃষ্টিহীন সম্পদসমূহ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি নহয়। এই সম্পদবোৰ এবাৰ ব্যৱহাৰ হোৱাৰ পাছত ই চিৰকালৰ বাবে নোহোৱা হয়।
প্রশ্ন ১০। সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে ?
উত্তৰঃ মানুহৰ স্বাভাৱিক জীৱন যাপন সুস্থভাৱে নিয়াৰিকৈ পৰিচালনা কৰিবলৈ হ’লে আমি সম্পদৰ অপচয় ৰোধ কৰিব লাগে আৰু সম্পদসমূ সংৰক্ষণ কৰিব লাগে। প্রাকৃতিক সম্পদ আৰু মানৱ সম্পদৰ যোগ্য আৰু |
বিজ্ঞানসন্মত সদ্ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুস্থ আৰু স্বাৱলম্বী কৰাৰ অৰ্থে সম্পদৰ অপচয় ৰোধ কৰাটো প্রয়োজন। প্ৰকৃতিৰ বুকুত থকা বিৰল জীৱজন্তু আৰু উদ্ভিদসমূহৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে সম্পদৰ অপচয় ৰোধ কৰাটো দৰকাৰ ৷
পৃথিৱীত থকা কিছুমান সম্পদ শেষ বা লুপ্ত হৈ যোৱাৰ সম্ভাৱনা থাকে। অবিবেচক আৰু অবিজ্ঞানসন্মতভাৱে সম্পদৰ ব্যৱহাৰ কৰিলে বহুতো সম্পদ হ্রাস পাব বা নিঃশেষ হৈ যাব। মানুহৰ জীৱন নিৰ্বাহৰ বাবে সম্পদ যিহেতু অত্যাৱশ্যকীয়, সেয়ে সম্পদৰ অপচয় ৰোধ কৰাটো আৱশ্যক। অৰ্থাৎ প্রাকৃতিক সম্পদৰ সুষ্ঠ ব্যৱহাৰৰ জৰিয়তে মানৱ সমাজৰ কল্যাণ সাধন কৰাৰ লগতে দেশৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় কৰাৰ অৰ্থে সম্পদৰ অপচয় ৰোধ কৰাটো অতিকৈ প্ৰয়োজন।
প্রশ্ন ১১। সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশ কেনেকৈ বিনষ্ট কৰিব পাৰে নিজে চিন্তা কৰি লিখা।
উত্তৰঃ সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। অধিক মাত্রাত সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশ প্ৰদূষিত কৰে আৰু ই মানুহ তথা জীৱ-জন্তুৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে কৃষিক্ষেত্ৰত অধিক উৎপাদনৰ আশাত অতিমাত্ৰা পৰিমাণৰ ৰাসায়নিক সাৰ তথা কীটনাশক ঔষধ ব্যৱহাৰ কৰাৰ ফলত কৃষি ভূমিব লগতে দাঁতিকাষৰীয়া পানীভাগ প্ৰদূষিত হয় আৰু ইয়ে পৰিৱেশ বিনষ্ট কৰে। আকৌ বর্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ অত্যাধিক পৰিমাণে খনিজ সম্পদসমূহ ব্যৱহাৰ কৰাৰ ফলত ভূগৰ্ভ উদং হৈ পৰিছে আৰু ইয়ে ভৱিষ্যত প্রজন্মৰ বাবে এক অশুভ সংকেত দিছে। মানুহৰ প্ৰয়োজন পুৰাবলৈ অধিক হাৰত বনজ সম্পদ ব্যৱহাৰৰ ফলত অৰণ্যৰ পৰিমাণ কমি গৈছে আৰু ই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত বিফল হৈছে। অৰণ্য ধ্বংসৰ ফলস্বৰূপে বৰষুণৰ পৰিমাণ কমিছে আৰু ইয়ে প্রত্যক্ষভাৱে জলবায়ুৰ ওপৰত প্ৰভাৱ পেলাই পৰিৱেশ বিনষ্ট কৰিছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.