Class 9 Geography Elective Chapter 4 জনবসতি, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 4 জনবসতি and select need one.
Class 9 Geography Elective Chapter 4 জনবসতি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 4 জনবসতি Solutions for All Subject, You can practice these here…
জনবসতি
অধ্যায় – ৪
ভূগােল
পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ
প্রশ্ন ১। ‘জনবসতি’ বুলিলে কি বুজা ? ইয়াৰ সৃষ্টি আৰু বিকাশ সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ মানুহে জীৱন নিৰ্বাহ কৰিবলৈ স্থায়ী বা অস্থায়ীভাৱে কৰা বসবাস স্থানকে জনবসতি (Human Settlement) বোলা হয়।
বাসস্থান মানুহৰ এক মৌলিক প্রয়োজন। আদিম কালত মানুহে স্থায়ী বসবাসৰ অভাৱত এক অঘৰী জীৱন যাপন কৰিছিল৷ মানুহৰ জ্ঞান তথা বুদ্ধিৰ ক্ৰমবিকাশৰ লগে লগে মানুহে অঘৰী জীৱন ত্যাগ কৰি জীৱন ধাৰণৰ বাবে প্রাকৃতিকভাৱে অনুকূল পৰিৱেশৰ ঠাইবোৰত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। উদ্ভিদ-প্ৰাণীৰ ঘৰচীয়াকৰণ আৰু কৃষিকাৰ্যৰ জন্মৰ ফলস্বৰূপে মানুহৰ এই স্থায়ী বসবাস প্রক্রিয়া আৰম্ভ হ’বলৈ ধৰে।
জনবসতিৰ সৃষ্টি আৰু বিকাশ নিৰ্ভৰ কৰে ঠাইখনত থকা পানী, মৃত্তিকা, বনজ আৰু খনিজ সম্পদ আদিৰ প্ৰাচুৰ্য আৰু গুণাগুণ তথা বিভিন্ন সুবিধা-অসুবিধাৰ ওপৰত। ঠাই এখনৰ সম্পদৰ পৰিমাণ আৰু গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি জনবসতি স্থায়ী বা অস্থায়ী হ’ব পাৰে। সকলো ধৰণৰ জনবসতি পানীৰ সুবিধা থকা অঞ্চলত গঢ়ি উঠে। আকৌ কিছুমান প্রাকৃতিক সম্পদৰাজিত সমৃদ্ধ যেনে—বনজ সম্পদ, খনিজ সম্পদ আদি অঞ্চলবোৰত পানীৰ উপযুক্ত সুবিধা অবিহনেও জনবসতি গঢ় লৈ উঠে। অর্থাৎ প্রয়োজনীয় খনিজ সম্পদ, বনজ সম্পদ, শক্তি সম্পদ, কৃষিজ সম্পদ আদিত চহকী আৰু যাতায়ত তথা যোগাযোগ ব্যৱস্থাত উন্নত ঠাইবোৰত সৃষ্টি হোৱা জনবসতি অতি ক্ষীপ্র গতিত বিকাশ লাভ কৰে। আকৌ ঠাই এখনত বসবাস কৰা লোকসকলৰ প্ৰচলিত ধৰ্মীয় আৰু সামাজিক ৰীতি-নীতিয়ে গৃহনির্মাণ আৰু বসতিৰ আৰ্হি আৰু গঠনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। এনেদৰে জীৱন ধাৰণৰ সা-সুবিধা; যেনে—খাদ্যবস্তুৰ প্ৰাচুৰ্য, উপযুক্ত জলবায়ু আদি থকা ঠাইত সোনকালে জনবসতিৰ বিকাশ হয়।
প্রশ্ন ২। ‘বসতি ভূগোল’ কাক বোলে? ইয়াৰ মূল বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ ভূগোলৰ যিটো শাখাত মানুহৰ বসতি, বসতিৰ বিস্তাৰ আৰু ইয়াৰ সৈতে জড়িত প্রাকৃতিক, সাংস্কৃতিক আৰু আর্থ-সামাজিক কাৰকসমূহৰ | অধ্যয়ন কৰা হয় তাক বসতি ভূগোল (Settlement Geography) বোলা হয়। বসতি ভূগোল হৈছে মানৱ ভূগোলৰ এটা শাখা।
বসতি ভূগোলৰ জন্মদাতা হৈছে পৃথিৱীবিখ্যাত জার্মান ভূগোলবিদ কার্ল ৰিটাৰ (Carl Ritter)। উপাদান আৰু অঞ্চলভিত্তিক পদ্ধতিৰে বসতি | ভূগোল অধ্যয়ন কৰা হয়। বসতি ভূগোলৰ মূল বিষয়বস্তু হৈছে—বসতিৰ = অৱস্থান, অৱস্থিতি, আকৃতি, আকাৰ-আয়তন, ক্রিয়াকলাপ আদি। | অঞ্চলভিত্তিক অধ্যয়নে এটা অঞ্চলত বসতিৰ জন্ম আৰু বিকাশ, আকৃতি = বিকাশ, বিস্তাৰ, বিতৰণ, প্ৰতিৰূপ আৰু প্ৰকাৰ, বৈশিষ্ট্য আৰু স্থানিক পার্থক্য আদি সামৰি লয়। প্রকৃততে বসতি ভূগোলৰ অধ্যয়নে প্রাকৃতিক পৰিৱেশৰ সৈতে থকা মানুহৰ সম্পৰ্কৰ কথা প্রতিফলিত কৰাৰ উপৰিও । মানুহৰ প্রচলিত ধর্মীয় আৰু সামাজিক ৰীতি-নীতিৰ বৈশিষ্ট্যৰো এক = আভাস দিয়ে।
প্রশ্ন ৩। উদাহৰণসহ জনবসতিৰ শ্রেণী বিভাজন দাঙি ধৰা।
উত্তৰঃ আৰ্হি, গঠন আৰু বসবাস কৰা মানুহৰ বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি জনবসতিক কেইবাটাও শ্ৰেণীত ভাগ কৰিব পাৰি। বসতিত বাস কৰা জনসংখ্যাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি বসতিক প্ৰধানকৈ দুই ভাগত ভাগ কৰিব পাৰি। সেয়া হৈছে– (ক) গ্রাম্য বসতি (Rural Settlement) আৰু (খ) পৌৰ বসতি (Urban Settlement) 1
আৰ্হি বা আকাৰ অনুসৰি বসতিক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়।
সেয়া হৈছে—(ক) বিৰল বসতি (Dispersed Settlement) আৰু (খ) কেন্দ্রীভূত বসতি (Nucleated Settlement ) |
বিৰল বসতিত মানুহৰ বসতি বা ঘৰবাৰী একেবাৰে পাতল বা সেৰেঙা হয়। উদাহৰণস্বৰূপে পার্বত্য শিলাময় অঞ্চল বা প্রতিকূল জলবায়ু বিৰাজ কৰা অতিপাত গৰম বা ঠাণ্ডা অঞ্চলবোৰত জনবসতি পাতল হয়। আকৌ মানুহে গূপ খাই স্থাপন কৰা বসতি সংগঠনক কেন্দ্রীভূত বসতি বোলা হয়। কেন্দ্রীভূত বসতিবিলাকৰ আকৃতি অনুসাৰে কেইবাটাও ভাগত ভাগ কৰা হয়। কেন্দ্রীয় বসতিৰ প্ৰকাৰ নিৰূপণ কৰে বসতিৰ আকৃতি আৰু আয়তন, ভৌগোলিক অবস্থান, চৌপাশৰ ভূ-অবয়বৰ লগতে পানীৰ উৎস, ৰাস্তা-ঘাটৰ প্ৰসাৰ, নদীৰ গতিপথ ইত্যাদিয়ে। কেন্দ্ৰীভূত বসতিক পুনৰ
কেইবাটাও ভাগত ভাগ কৰিব পাৰি। সেয়া হৈছে—
(ক) আয়তাকাৰ বসতি (Rectangular Settlement)
(খ) ৰৈখিক বসতি (Linear Settlement )
(গ) বৃত্তাকাৰ বসতি (Circular Settlement )
(ঘ) তৰাৰাপী বসতি (Starlike Settlement)
(ঙ) ত্রিভুজাকাৰ বসতি (Triangular Settlement)
আয়তক্ষেত্রাকাৰ বসতি প্ৰধানকৈ বিস্তৃত সাৰুৱা সমভূমি অঞ্চলত গঢ়ি উঠে। উদাহৰণস্বৰূপে, ভাৰতবৰ্ষৰ গংগা-শতদ্রু সমভূমি অঞ্চলৰ বিশেষকৈ ৰাস্তা সংযোগস্থলত গঢ়ি উঠা অধিকাংশ বসতিয়ে আয়তক্ষেত্রাকাৰ বসতিৰ অন্তর্গত।
ৰৈখিক বসতিত ঘৰ-দুৱাৰবোৰ ৰাস্তা, ৰেলপথ আদিৰ দুয়োকাষে নদী, জলসিঞ্চন নলা আদিৰ পাৰত আৰু পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা অঞ্চল বা সাগৰৰ উপকূলীয় অঞ্চলত গঢ়ি উঠে। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ মধ্য হিমালয় আৰু নিম্ন হিমালয় অঞ্চলব নদী উপত্যকা আৰু গংগাঁ-যমুনা সমভূমিত থকা ৰাস্তাঘাটৰ কাষে কাষে গঢ় লৈ উঠা জনবসতিয়ে হৈছে ৰৈখিক বসতি।
পানীক কেন্দ্ৰ কৰি গঢ়ি উঠা বসতি হৈছে বৃত্তাকাৰ বসতি। উদাহৰণস্বৰূপে অসমত মাছমৰীয়া সম্প্ৰদায়ৰ বহুতো লোক মাছধৰা বৃত্তি পালন কৰিবলৈ ডাঙৰ হ্রদ বা বিলৰ পাৰত বসতি স্থাপন কৰিছে। আকৌ কিছুমান ঠাইত যেতিয়া কেইবাদিশৰ পৰা আহি লগলগা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাব ঘটে তাকে তৰাৰূপী বসতি বোলা হয়। তৰাৰূপী বসতিৰ বৈশিষ্ট্য হৈছে এই বসতিত মানুহৰ ঘৰ-দুৱাৰবোৰ ৰাস্তাৰ দুয়োকাষে সম্প্ৰসাৰিত হয়।
পানীৰ সুবিধা আৰু পলসুৱা মাটিৰ উপলব্ধতাক কেন্দ্ৰ কৰি দুখন বৃহৎ নৈৰ সংগমস্থলত গঢ়ি উঠা জনবসতিয়েই হৈছে তৰাৰূপী জনবসতি। উদাহৰণস্বৰূপে উত্তৰ ভাৰতৰ নদী গঠিত সমভূমি অঞ্চল তথা পাহাৰ-পৰ্বতৰ নামনি অঞ্চলত বোৱতি নদীৰ সংগম স্থলত তৰাৰূপী বসতি গঢ়ি উঠে।
প্রশ্ন ৪। গ্ৰাম্য আৰ পৌৰ বসতি বুলিলে কি বুজা ? এনে বসতিৰ মাজত থকা বৈশিষ্ট্যগত পার্থক্যসমূহ লিখা।
উত্তৰঃ গ্ৰাম্য বসতি হৈছে গাঁৱ, অঞ্চলত বসবাস কৰা লোকসকল। বৃত্তি হিচাপে গাঁৱৰ মানুহৰ প্ৰধান জীৱিকা কৃষিকাৰ্য, মাছধৰা, কাঠ কটা, খনিত কাম কৰা আদি। আকৌ পৌৰ বসতি হৈছে চহৰ অঞ্চলত বসবাস কৰা লোকসকল। বৃত্তি হিচাপে নগৰীয়া মানুহৰ প্ৰধান জীৱিকা শিল্প, ব্যৱসায়-বাণিজ্য আৰ চাকৰি।
গ্ৰাম্য বসতিৰ মানুহৰ শতকৰা প্ৰায় ৭০ ভাগ কৃষিকার্যত নিয়োজিত। আনহাতে পৌৰ বসতিৰ জনসাধাৰণ কৃষিকাৰ্যত জড়িত নহয়। গ্রাম্য বসতিৰ লোকসকলে কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন নিৰ্বাহ কৰে কিন্তু পৌৰ বসতিৰ লোকসকলৰ জীৱিকা হৈছে উদ্যোগ, ব্যৱসায়-বাণিজ্য অথবা চৰকাৰী চাকৰি। পৌৰ বসতিত কিছুমান অতিৰিক্ত সুবিধা যেনে—উন্নত চিকিৎসা সেৱা, উপযুক্ত বজাৰ, যাতায়ত আৰু পৰিবহণ, উচ্চ শিক্ষাৰ কেন্দ্ৰ আদি থকা দেখা যায়। কিন্তু গ্রাম্য বসতিত এনে সুবিধাবোৰ কমকৈ উপলব্ধ হয়। আৰ্হিৰ ওপৰত ভিত্তি কৰি গ্ৰাম্য বসতিক তিনি ভাগত ভগাব পাৰি। যেনে–কেন্দ্রীভূত বসতি, পিণ্ডীভূত বা একত্রিত বসতি আৰু সিঁচৰিত বা বিৰল বসতি।
একোটা জনবসতি প্ৰথমতে প্ৰধানকৈ কৃষিকাৰ্যৰ ওপৰত ভিত্তি কৰি গাঁও হিচাপে গঢ় লৈ উঠে। পাছত কিছুমান গাঁও ক্রমবর্ধমান উদ্যোগিক আৰু বেপাৰ-বাণিজ্যৰ দ্রুত বিকাশ আৰু যাতায়ত তথা যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ফলত সময়ৰ গতিত নগৰলৈ ৰূপান্তৰিত হয়। অর্থাৎ গাঁও এখনৰ অর্থনৈতিক আৰু ব্যৱস্থাপনাৰ পৰিৱৰ্তনৰ ফলত নগৰৰ সৃষ্টি হয়৷ একেদৰে গ্রাম্য বসতিত অর্থনৈতিক তথা উদ্যোগিক উন্নয়নৰ ফলস্বৰূপে পৌৰ বসতিলৈ সলনি হ’ব পাৰে।
প্রশ্ন ৫। বিৰল বসতি আৰু কেন্দ্ৰীভূত বসতিৰ মাজত থকা মূল পাৰ্থক্যসমূহ উল্লেখ কৰা।
উত্তৰঃ আৰ্হি, গঠন আৰু বসবাস কৰা মানুহৰ বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি জনবসতিক বিভিন্ন শ্ৰেণীত ভাগ কৰিব পাৰি। আৰ্হি বা আকাৰ অনুসৰি ইয়াক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি—বিৰল বসতি আৰু কেন্দ্রীভূত বসতি। এই দুই প্রকাৰ বসতিৰ মাজত থকা মূল পার্থক্যসমূহ তলত আলোচনা কৰা হ’ল—
পৃথিৱীৰ কিছুমান অঞ্চলত বিৰাজ কৰা প্রতিকূল প্রাকৃতিক অৱস্থাৰ বাবে মানুহৰ বসতি বা ঘৰ-বাৰী পাতল বা সেৰেঙা হয়। পার্বত্য শিলাময় তথা প্রতিকূল জলবায়ু বিৰাজ কৰা অতিপাত গৰম বা ঠাণ্ডা ঠাইবোৰত সাধাৰণতে জনবসতি সেৰেঙা হয়। এনেধৰণৰ জনবসতিক বিৰল বসতি বোলে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয় অঞ্চল আৰু অষ্ট্ৰেলিয়াৰ কৃষিপ্রধান অঞ্চলবোৰতো এনে বিৰল বসতি বেছিকৈ দেখা যায়।
আনহাতে মানুহে সাধাৰণতে থুপ খাই থাকি বসবাস কৰিবলৈ ভাল পায়। এনেধৰণে মানুহে থুপ খাই স্থাপন কৰা বসতি সংগঠনক কেন্দ্রীভূত বসতি বোলে। কেন্দ্রীভূত বসতিবোৰৰ আকৃতি বা সংৰূপ অনুসৰি কেইবাটাও ভাগত ভগাব পাৰি—
১। আয়তক্ষেত্রাকাৰ বসতি।
২। ৰৈখিক বসতি।
৩। বৃত্তাকাৰ বসতি।
৪। তৰাৰূপী বসতি আৰু।
৫। ত্রিভুজাকাৰ বসতি।
প্রশ্ন ৬। উদাহৰণ আৰু চিত্রসহ কেন্দ্ৰীভূত বসতিৰ অন্তৰ্গত বসতিসমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ সাধাৰণতে মানুহে থুপ খাই স্থাপন কৰা বসতি সংগঠনক কেন্দ্রীভূত বসতি বোলে। কেন্দ্রীভূত বসতিবোৰৰ আকৃতি বা সংৰূপ অনুসৰি কেইবাটাও ভাগত ভগাব পাৰি। এই ভাগবোৰ হৈছে—
১। আয়তক্ষেত্রাকাৰ বসতি।
২। ৰৈখিক বসতি।
৩। বৃত্তাকাৰ বসতি।
৪। তৰাৰূপী বসতি।
৫। ত্ৰিভুজাকাৰ বসতি।
তলত এই ভাগবোৰৰ বিষয়ে আলোচনা কৰা হ’ল—
(১) আয়তক্ষেত্রাকাৰ বসতি :- সমগ্ৰ পৃথিৱীৰ প্ৰায় ৫০ শতাংশ মানুহ

গ্রাম্য বসতিত বাস কৰে।এই বসতিসমূহৰ বেছিভাগৰে আকৃতি আয়তক্ষেত্রাকাৰ। এনে ধৰণৰ বসতি প্ৰধানকৈ বিস্তৃত সাৰুৱা সমভূমি অঞ্চলত গঢ়ি উঠে।
আয়তক্ষেত্রাকাৰ বসতিত ৰাস্তা-ঘাটবোৰ প্রায় পোন আৰু ৰাস্তাবোৰে ইটোৱে সিটোক সমকোণত কটাকটি কৰে। ভাৰতবৰ্ষৰ গংগা, শতদ্রু সমভূমি অঞ্চলত এনে ধৰণৰ জনবসতি গঢ়ি উঠা দেখা যায়। জার্মানী, মালয়েছিয়া, ইজৰাইল, ফ্রান্স আদি উন্নত দেশসমূহত সু-পৰিকল্পিতভাৱে গঢ়ি তোলা জনবসতিসমূহ আয়তক্ষেত্রাকাৰ। ভাৰতবৰ্ষৰ চণ্ডীগড়, গান্ধীনগৰ আদি মহানগৰত গঢ়ি উঠা জনবসতিবোৰো আয়তক্ষেত্রাকাৰ৷
(২) ৰৈখিক বসতি :- যিবিলাক জনবসতি ৰাস্তা, ৰেললাইন আদিৰ

দুয়োকাষে বা নদী, জলসিঞ্চন নলা আদিৰ পাৰত বা পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা অঞ্চল বা সাগৰৰ উপকূলীয় অঞ্চলত গঢ়ি উঠে৷ সেইবোৰ জনবসতিক ৰৈখিক বসতি বুলি কোৱা হয়। ৰৈখিত বসতি এবিধ চকুত লগা ধৰণৰ বসতি। ভাৰতবৰ্ষৰ মধ্য হিমালয় আৰু নিম্ন হিমালয় অঞ্চলৰ নদী উপত্যকা আৰু গংগা-যমুনা সমভূমিত থকা ৰাস্তা-ঘাটৰ কাষে কাষে এনে ৰৈখিক বসতি গঢ়ি উঠা দেখা যায়।
(৩) বৃত্তাকাৰ বসতি :- মানুহে যেতিয়া হ্রদ, বিল নাইবা ডাঙৰ পুখুৰীৰ

কেওকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে তাকে বৃত্তাকাৰ বসতি বোলা হয়। অসমৰ মাছমৰীয়া সম্প্ৰদায়ৰ বহু লোকে মাছধৰা বৃত্তি পালন কৰিবলৈ ডাঙৰ হ্ৰদ, বিল আদিৰ চাৰিওফালে এনে ধৰণৰ বসতি গঢ়ি তোলে। ইয়াৰ উপৰি একোটা বৃহৎ উদ্যোগ কেন্দ্ৰৰ চাৰিওফালে বহু ঠাইত ঘূৰণীয়াকৈ ঘন জনবসতি গঢ়ি উঠা দেখা যায়।
(৪) তৰাৰূপী বসতি :- কিছুমান ঠাইত কেইবাদিশৰ পৰা আহি সংলগ্ন

হোৱা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ
বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাৰ ঘটে। এনেধৰণৰ জনবসতিক তৰাৰূপী
বসতি বোলা হয়। সাধাৰণতে সমভূমি অঞ্চলৰ বহু ৰাস্তাৰ সংগমকেন্দ্ৰব কেওকাষে এনেধৰণৰ তৰাৰূপী বসতি গঢ়ি উঠে। ভাৰতৰ বিভিন্ন ঠাইত এনে ধৰণৰ বসতি স্থাপন হোৱা দেখা যায়।
(৫) ত্ৰিভুজাকাৰ বসতি :- যেতিয়া দুখন বৃহৎ নৈৰ সংগমস্থলত পানীৰ সুবিধা আৰু পলসুৱা মাটিৰ উপলব্ধতাক কেন্দ্ৰ কৰি অঞ্চলটোত এক

ত্রিভুজ আকৃতিৰ জনবসতি গঢ়ি উঠে, তাক ত্রিভুজাকাৰ বসতি বোলা হয়। উত্তৰ ভাৰতৰ নদীৰ পাৰৰ সমভূমি অঞ্চল তথা পৰ্বত-পাহাৰৰ নামনি অঞ্চলৰ বোৱতি নদীৰ সংগমস্থলত এনে ধৰণৰ ত্ৰিভুজাকাৰ বসতি গঢ়ি উঠা দেখা যায়।
Sl. No. | সূচী-পত্ৰ |
Chapter 1 | বতৰ আৰু জলবায়ু |
Chapter 2 | পৃথিৱীৰ মানুহ |
Chapter 3 | জনসংখ্যা বৃদ্ধি আৰু বিতৰণ |
Chapter 4 | জনবসতি |
Chapter 5 | সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ |
Chapter 6 | অর্থনৈতিক কার্য বা বৃত্তি |
Chapter 7 | কৃষি |
Chapter 8 | উদ্যোগ |
প্রশ্ন ৭। নগৰীয়া বসতিৰ সৃষ্টি আৰু বিকাশ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ জনবসতিৰ আৰম্ভণি হয় গাঁওৰ সৃষ্টিৰ দ্বাৰা যিবোৰ গাঁৱে কৃষি উৎপাদনকে ধৰি আন আন দিশবোৰতো প্রয়োজনীয় সুবিধাবোৰ লাভ কৰে তেন গাঁওবোৰৰ কিছুমানে অতি দ্রুত গতিত বিকাশ লাভ কৰি নগৰলৈ ৰূপান্তৰ হয়। গাঁও এখনৰ কোনো এক বিশেষ সুবিধা তথা অৱস্থানে গাঁওখনক কৃষিভিত্তিক বসতিৰপৰা এখন ব্যৱসায়ভিত্তিক নগৰলৈ ৰূপান্তৰ কৰিব পাৰে৷ সেইদৰে গাঁও এখনৰ কাষত মূল্যৱান খনিজ সম্পদ ..আদিৰ সন্ধান ওলালেও গাঁওখন ক্রমে ঔদ্যোগিক নগৰীলৈ ৰূপাত্তৰ হ’ব পাৰে। এই ক্ষেত্ৰত অৱশ্যে ৰাস্তা-ঘাট তথা পৰিবহণ ব্যৱস্থাৰ উন্নয়ন আদিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে।
নগৰীয়া বসতিৰ সৃষ্টি তথা বিকাশৰ বাবে উপযুক্ত স্থান পানীৰ ব্যৱস্থা, যাতায়ত ব্যৱস্থা আৰু ভাল অৱস্থিতিৰ প্ৰয়োজন। নগৰসমূহৰ উৎপত্তি আৰু বিকাশত বেপাৰ-বাণিজ্য আৰু শিল্প উদ্যোগ প্রতিষ্ঠাপন আৰু সম্প্ৰসাৰণ বিশেষভাৱে গুৰুত্বপূর্ণ।
নগৰ বিশেষজ্ঞসকলৰ মতে, প্রাচীন কালত নগৰ আদি পুৰণি যাতায়ত পথৰ দাঁতিত বাণিজ্যকেন্দ্র হিচাপে গঢ়ি উঠিছিল। আধুনিক কালতো ইউৰোপীয় উপনিৱেশীয় অঞ্চলসমূহত এনে ধৰণৰ ভালেমান নগৰ গঢ়ি উঠিছে। ভাৰতীয়, চীনদেশীয় আৰু আৰবদেশীয় বণিকসকলেও বহুতো বাণিজ্যকেন্দ্ৰিক নগৰী সৃষ্টি কৰাত অৱদান যোগাইছে।
একোখন নগৰ বাণিজ্যকেন্দ্রিক, সম্পদভিত্তিক, শক্তি সম্পদভিত্তিক, পার্বত্য নিবাসস্থান, সমুদ্রতীৰৱৰ্তী, ক্রীড়াকেন্দ্ৰিক, ধর্মীয় বা সাংস্কৃতিক, প্ৰতিৰক্ষামূলক, উদ্যোগকেন্দ্ৰিক, বয়-বস্তুৰ হস্তাস্তৰকেন্দ্ৰিক, যাতায়তৰ সংযোগস্থল আদি হিচাপে সৃষ্টি হ’ব পাৰে। একোটা বিশেষ কার্য সম্পাদন কৰাৰ বাবেও একোখন নগৰৰ সৃষ্টি হ’ব পাৰে। এই কাৰ্যসমূহ হৈছে–প্রশাসনিক, প্ৰতিৰক্ষা, সাংস্কৃতিক, সংগ্রহকেন্দ্রিক, উৎপাদনকেন্দ্রিক, পর্যটনকেন্দ্রিক, বিতৰণকেন্দ্রিক, স্বাস্থ্য – আমোদকেন্দ্রিক আদি। কিছুমান নগৰ আকৌ বাণিজ্য, শিল্প, প্রশাসন, প্রতিবক্ষা, সাংস্কৃতিক আদি বিভিন্ন কার্যকাৰিতাৰ ওপৰত প্রতিষ্ঠিত।
প্রশ্ন ৮। উদাহৰণসহ প্ৰাকাৰ্যৰ ভিত্তিত নগৰসমূহক বিভক্ত কৰা।
উত্তৰঃ সময়ৰ পৰিৱর্তনে জনবসতিৰ আধাৰৰ লগে লগে প্ৰাকাৰ্যৰ পৰিৱৰ্তন সাধন কৰে। কৃষি ভূমিৰ মালিকীস্বত্ব, কৃষিকাৰ্যত আধুনিকীকৰণৰ যন্ত্রপাতিৰ ব্যৱহাৰ, জনসংখ্যাৰ বৃদ্ধি আৰু ৰাজনৈতিক প্ৰভাৱ আদিয়ে কোনো এক বিবল বসতি অঞ্চলক কেন্দ্রীভূত বসতিৰ অঞ্চললৈ পৰিৱৰ্তন কৰে। এনেবোৰ কাৰণে এসময়ৰ এখন গাঁও উদ্যোগিক চহৰলৈ, সাগৰৰ পাৰৰ এখন গাঁও, এটা ডাঙৰ মাছ ব্যৱসায় কেন্দ্ৰলৈ বা এটা বন্দৰলৈ ৰূপান্তৰিত হয় আৰু জনসংখ্যা বৃদ্ধি পাই চহৰমুখী পৰিৱেশৰ সৃষ্টি হয়।
প্ৰাকাৰ্যৰ ভিত্তিত নগৰসমূহক তলত দিয়া ধৰণে বিভক্ত কৰিব পাৰি। যেনে—বাণিজ্যকেন্দ্রিক নগৰ, সম্পদভিত্তিক নগৰ, শক্তি সম্পদভিত্তিক নগৰ, সাংস্কৃতিক নগৰ, ধৰ্মীয় নগৰ, ক্রীড়াকেন্দ্ৰিক আৰু প্ৰতিৰক্ষামূলক নগৰ, খনি নগৰ, উদ্যোগিক নগৰ, শিক্ষা নগৰ আদি। উদাহৰণস্বৰূপে, ভাৰতবৰ্ষৰ কলকাতা, মুম্বাই, গুৱাহাটী আদি মহানগৰসমূহ বাণিজ্য, শিল্প, প্রশাসন, প্ৰতিৰক্ষা, সাংস্কৃতিক আদি বিভিন্ন কার্যকাৰিতাৰ ওপৰত প্ৰতিষ্ঠিত। আকৌ হালদিয়া, পাৰাদ্বীপ আদি সামুদ্রিক বন্দৰৰূপে পৰিচিত আৰু মুছৌৰী, দার্জিলিং আদি পার্বত্য স্বাস্থ্য তথা পর্যটন নগৰীৰূপে জনাজাত ।
ভাৰতবৰ্ষৰ বাবানসী, পুৰী, ঋষিকেশ আদি তীর্থ নগৰীৰূপে জনা যায়। আকৌ গান্ধীনগৰ, চণ্ডীগড় আদি প্ৰশাসনীয় মহানগৰীৰূপে পৰিচিত আৰু জামছেদপুৰ, ভিলাই, বোকাৰো আদি নগৰসমূহ উদ্যোগিক নগৰ হিচাপে বিখ্যাত। আনহাতে ইংলেণ্ডৰ অক্সফ’ৰ্ড আৰু কেমব্রিজ মহানগৰ দুখন শিক্ষানগৰীৰূপে বিশ্ববিখ্যাত। এনেদৰে ভৌগোলিক অৱস্থান, প্রয়োজনীয় সম্পদ তথা বিশেষ সা-সুবিধাৰ প্ৰাচুৰ্যতাৰ ওপৰত ভিত্তি কৰি নগৰসমূহক বিভিন্ন ভাগত ভাগ কৰা হৈছে।
প্রশ্ন ৯। ‘বসতি শ্রেণীক্ৰম’ বুলিলে কি বুজা ? এই সম্পর্কে উদাহৰণ আৰু চিত্ৰসহ চমুকৈ লিখা।
উত্তৰঃ গ্ৰাম্য আৰু পৌৰ সকলো ধৰণৰ বসতিক আকাৰ অনুসৰি যেতিয়া সৰুৰ পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱা হয় তাকে বসতি শ্রেণীক্রম বোলা হয়। বসতি শ্রেণীক্ৰমত থকা বিভিন্ন আকাৰৰ বসতিসমূহৰ মাজত যেনে—গাঁও আৰু নগৰ আদিৰ অন্তৰ্ৱর্তী অংশত তেনে বিশেষ পার্থক্য দেখা নাযায়। ইয়াক বসতিৰ গ্ৰাম্য নগৰ অবিচ্ছিন্নতা বা গ্রাম্য-নগৰ সান্তত্যক বোলা হয়। এটা সম্পূর্ণ বসতি শ্রেণীক্ৰমত সাধাৰণতে গ্ৰাম্য পর্যায়ত কৃষিক্ষেত্রিকা ভিত্তিক বাসগৃহৰ পৰা আৰম্ভ কৰি ক্ৰমে চুবুৰী আৰু গাঁওলৈ আৰু পৌৰ পৰ্যায়ত নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে মহানগৰ, নগৰপুঞ্জ আৰু শীৰ্ষস্তৰত নগৰ সংহতি পোৱা যায়।
উল্লেখযোগ্য যে লণ্ডন চহৰ হৈছে বিশ্বৰ সৰ্বপ্ৰথম মহানগৰী। বসতি শ্রেণীক্ৰমত থকা বসতিসমূহৰ পর্যায় বৃদ্ধিৰ লগে লগে কার্যকাৰিতা, সা-সুবিধা আৰু স্থানিক প্রসাব বৃদ্ধি পায় আৰু জনসংখ্যাও বৃদ্ধি পায়। সেইদৰে বসতি শ্রেণীক্ৰমৰ নিম্নতম স্তৰৰ পৰা পৰ্যায়ক্রমে বসতিৰ সংখ্যা হ্রাস পায়। অর্থাৎ এখন দেশত থকা গাঁৱৰ সংখ্যাৰ তুলনাত নগৰৰ সংখ্যা আৰু নগৰৰ তুলনাত মহানগৰৰ সংখ্যা যথেষ্ট কম হয়। উদাহৰণস্বৰূপে, ২০০১ বৰ্ষৰ লোকপিয়ল মতে

ভাৰতবৰ্ষত মুঠতে প্রায় ৬ লাখ গাঁও, আৰু ৫ হাজাৰ নগৰ আছিল। এখন | মহানগৰ বা নগৰপুঞ্জৰ জনসংখ্যা নগৰ এখনৰ জনসংখ্যাতকৈ বহু বেছি হয়। ২০০১ বৰ্ষৰ লোক পিয়লমতে ভাৰতবৰ্ষৰ যিকোনো এখন নগৰৰ জনসংখ্যা ৫ হাজাৰ হোৱাৰ বিপৰীতে মুম্বাই মহানগৰীৰ জনসংখ্যা আছিল ১৬ নিযুত। অসময়ৰ ক্ষেত্ৰত সৰ্ববৃহৎ মহানগৰী গুৱাহাটীৰ জনসংখ্যা কেৱল মাত্র ৯ লাখ। ৰাজ্যখনৰ ১২৫ খন নগৰৰ কেৱল মাত্র ৭ খনহে । মহানগৰ। এই মহানগৰবোৰ জনসংখ্যা ১ লাখতকৈ বেছি।
প্রশ্ন ১০। গ্রাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ গাঁও সৃষ্টিৰ দ্বাৰা জনবসতিৰ আৰম্ভণি হয়। পৃথিৱীৰ যিবোৰ ঠাইত কৃষিকার্য সম্পাদনৰ বাবে প্রয়োজন হোৱা সাৰুৱা মাটি, সমতল ভূমি, অপর্যাপ্ত পৰিমাণ পানী আদি থাকে সেই ঠাইবোৰত গাঁওসমূহ গঢ় লৈ উঠে। গতিকে গ্রাম্য বসতিৰ ভূমিসমূহ কৃষিকাৰ্যকে ধৰি পশুপালন, কাঠ ফলা কার্য, খনিজ সম্পদ আহৰণ আদিৰ সৈতে জড়িত।
আনহাতে নগৰৰ ভূমিভাগ বিভিন্ন প্ৰকাৰৰ ব্যৱসায় প্রতিষ্ঠান, বেংক, কাৰ্যালয়, পাইকাৰী আৰু খুচুৰা বিক্ৰীকেন্দ্ৰ আদিত ব্যৱহাৰ হয়। মাটিৰ পৰিমাণ সীমিত আৰু মূল্য অত্যাধিক হোৱাৰ বাবে এই অঞ্চল সুউচ্চ অট্টালিকাৰে ভৰপূৰ হয়। নগৰৰ কেন্দ্ৰৰপৰা আঁতৰি অহাৰ লগে লগে ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্তন ঘটে আৰু পৰৱৰ্তী বৃত্তাকাৰ অঞ্চলবোৰত ক্রমে কার্যালয়, শিক্ষানুষ্ঠান, উদ্যোগ প্রতিষ্ঠান, শ্রমিক আৱাস আৰু আবাসিক এলেকা গঢ়ি উঠে। উল্লেখযোগ্য যে নগৰ এখনৰ সীমামুৰীয়া অঞ্চলত মাটিৰ মূল্য যথেষ্ট হ্রাস পোৱাৰ বাবে বহু লোকে বেছি মাটি ক্ৰয় কৰি গৃহ নিৰ্মাণ আদি কৰাত জনসংখ্যাৰ ঘনত্ব কমি যায়।
প্রশ্ন ১১। ‘কেন্দ্রীয় ব্যবসার এলেকা’ বুলিলে কি বুজা ? ইয়াৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ নগৰসমূহৰ অন্তৰ্ভাগৰ ভূমিৰ ব্যৱহাৰ আৰু কাৰ্যকাৰিতা প্রায় সকলোতে এক নির্দিষ্ট প্রতিৰূপৰ হোৱা দেখা যায়। নগৰ এখনৰ কেন্দ্ৰীয় অঞ্চলটোত ব্যৱসায়-বাণিজ্যই প্রাধান্য লাভ কৰে। ইয়াত বিভিন্ন প্ৰকাৰৰ ব্যৱসায় প্রতিষ্ঠান, বেংক, কাৰ্যালয়, পাইকাৰী আৰু খুচুৰা বিক্ৰীকেন্দ্ৰ আদিৰে ভৰি থকা দেখা যায়। নগৰাঞ্চলত মাটিৰ পৰিমাণ সীমিত আৰু মূল্য অত্যাধিক হোৱাৰ বাবে ইয়াত সুউচ্চ অট্টালিকাৰ প্ৰাধান্য দেখা যায়৷ সেইবাবে ইয়াত জনসংখ্যাৰ ঘনত্বও অধিক হয়। নগৰ এখনৰ এই কেন্দ্ৰীয় অঞ্চলটো নগৰ ভূগোলৰ ভাষাত কেন্দ্ৰীয় ব্যৱসায় এলেকা বোলা হয়।
ইয়াৰ মূল বৈশিষ্ট্যবোৰ হৈছে—
১। ইয়াত ব্যৱসায়-বাণিজ্যৰ প্ৰাধান্য থাকে।
২। কেন্দ্রীয় ব্যৱসায় এলেকাত মাটিৰ পৰিমাণ সীমিত আৰু মাটিৰ মূল্য অত্যাধিক।
৩। ইয়াত যথেষ্ট পৰিমাণে সুউচ্চ অট্টালিকা গঢ়ি উঠা দেখা যায়।
৪। ইয়াত জনসংখ্যাৰ ঘনত্ব অতি বেছি।
৫। কেন্দ্রীয় ব্যৱসায় এলেকাত বিভিন্ন প্ৰকাৰৰ ব্যৱসায় প্রতিষ্ঠান, বেংক, কাৰ্যালয়, পাইকাৰী আৰু খুচুৰা বিক্ৰীকেন্দ্ৰ আদিয়ে ঠাহ খাই থাকে।
প্রশ্ন ১২। গ্রাম্য আৰু পৌৰ বসতিৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ গ্ৰাম্য আৰু পৌৰ বসতি দুয়োটাই এটাই আনটোৰ লগত ওতঃপ্রোতভাবে জড়িত হৈ আছে। পৃথিৱীত গঢ়ি উঠা বিভিন্ন পৰ্যায়ৰ জনবসতিসমূহ এক প্রণালীবদ্ধ অৱস্থাত বান্ধ খাই আছে। গ্রাম্য বা পৌৰ এই সকলোবোৰ জনবসতি ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল হৈ বর্তি থাকে। কোনো কাৰণতে গাঁও এখনক সম্পূর্ণভাৱে কাষৰ নগৰ এখনৰ পৰা পৃথক কৰিব নোৱাৰি। কৃষিজাত খাদ্যবস্তুৰ বাবে যিদৰে নগৰ এখনে গাঁওৰ ওপৰত নিৰ্ভৰশীল সেইদৰে শিক্ষা, স্বাস্থ্য, যন্ত্রপাতি আৰু শিল্পোদ্যোগত উৎপাদিত অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰত গাঁও এখনে নগৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। যাতায়ত তথা যোগাযোগ ব্যৱস্থা আৰু মানুহৰ মাজত থকা আদান-প্রদান যোগেদি গাঁও আৰু নগৰৰ মাজত সম্পর্ক সুদৃঢ়ভাৱে বর্তী আছে।
প্রশ্ন ১৩। চমুটোকা লিখা :
(ক) জনবসতি আৰু বসতি ভূগোল।
(খ) ৰৈখিক বসতি।
(গ) তৰাৰূপী বসতি।
(ঘ) বৃত্তাকাৰ বসতি।
(ঙ) শিক্ষা তথা সাংস্কৃতিক নগৰী।
(চ) গ্ৰাম-নগৰ সাস্তত্যক।
(ছ) বসতি শ্রেণীক্রম।
(জ) নগৰীয় উপকণ্ঠ।
(ঝ) উপনগৰ।
উত্তৰঃ (ক) জনবসতি আৰু বসতি ভূগোল :- মানুহে জীৱন নির্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ স্থানকে জনবসতি বোলা হয়। জনবসতিৰ প্ৰভাৱ পেলোৱা প্ৰাকৃতিক আৰু সামাজিক কাৰকসমূহ হৈছে–ভূপ্রকৃতি আৰু ইয়াৰ গঠন, মাটিৰ গুণাগুণ, তাপ, বৃষ্টিপাত, জলবায়ু, পানীৰ প্ৰাচুৰ্য, খনিজ সম্পদৰ প্ৰাচুৰ্য, পৰিবহণ আৰু যোগাযোগৰ স্থান, শিক্ষাৰ কেন্দ্ৰ, প্ৰতিৰক্ষাৰ স্থান আদি।
আকৌ ভূগোলৰ যি শাখাত মানুহৰ বসতি, বসতিৰ বিস্তাৰ আৰু ইয়াৰ সৈতে জড়িত প্রাকৃতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক কাৰকসমূহৰ অধ্যয়ন কৰা হয় তাকে বসতি ভূগোল বোলা হয়। অর্থাৎ বসতি ভূগোল হৈছে মানৱ ভূগোলৰ এটি শাখা। বসতি ভূগোলৰ জন্মদাতা হৈছে জাৰ্মান ভূগোলবিদ কাৰ্ল ৰিটাৰ৷ প্ৰখ্যাত ভূগোলবিদ ৰিচাৰ্ড হাৰ্টশ্বনে উদ্ভাৱন কৰা উপাদান আৰু অঞ্চলভিত্তিক পদ্ধতিৰে বসতি ভূগোল অধ্যয়ন কৰা হয়।
(খ) ৰৈখিক বসতি :- ৰৈখিক বসতি (Linear Settlement) হৈছে কেন্দ্ৰীভূত বসতিৰ এক প্ৰকাৰ। ৰৈখিক বসতিত ঘৰ-দুৱাৰবোৰ ৰাস্তা, ৰেললাইন আদিৰ দুয়োকাষে বা নদী, জলসিঞ্চন নলা আদিৰ পাৰত আৰু পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা অঞ্চল অথবা সাগৰীয় উপকূল অঞ্চলত গঢ়ি উঠে। পাহাৰীয়া অঞ্চলৰ ৰৈখিক বসতি নিৰ্ভৰ কৰে অঞ্চলটোৰ ভূ-প্রকৃতি আৰু পানীৰ উপলব্ধতাৰ ওপৰত। আকৌ নদীৰ পাৰত ৰৈখিক বসতি বিস্তাৰৰ ক্ষেত্ৰত বানপানীৰ উচ্চতাই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ভাৰতবৰ্ষৰ মধ্য হিমালয় অঞ্চল আৰু নিম্ন হিমালয় অঞ্চলৰ নদী উপত্যকা আৰু গংগা-যমুনা সমভূমিত থকা বাট-পথৰ কাষে কাষে ৰৈখিক বসতি গঢ়ি উঠা পৰিলক্ষিত হয়।
(গ) তৰাৰূপী বসতি :- তৰাৰূপী বসতিও (Starlike Settlement ) কেন্দ্ৰীভূত বসতিৰ এটা ভাগ। যেতিয়া কোনো ঠাইত কেইবা দিশৰ প আহি সংলগ্ন হোৱা পকী বা কেঁচা বাট-পথৰ দুয়ো কাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাব ঘটে, তেতিয়া তাক তৰাৰূপী বসতি বুলি কোৱা হয়। সচৰাচৰ সমভূমি অঞ্চলৰ বহু বাট-পথৰ সংগমকেন্দ্ৰৰ চাৰিওকাষে এনে ধৰণৰ বসতি গঢ় লৈ উঠে। তৰাৰূপী বসতিৰ বৈশিষ্ট্য হৈছে এই বসতিত মানুহৰ ঘৰ-দুৱাৰবোৰ ৰাস্তাৰ কাষে কাষে চাৰিওপিনে সম্প্ৰসাৰিত হয়।
(ঘ) বৃত্তাকাৰ বসতি :- বৃত্তাকাৰ বসতি (Circular Settlement) হৈছে কেন্দ্ৰীভূত বসতিৰ এটা ভাগ। যেতিয়া কোনো এটা বসতি অঞ্চলে একোটা বৃত্তৰ আকৃতি লয়, তেতিয়া তেনে বসতি অঞ্চলক বৃত্তাকাৰ বসতি বোলা হয়। অর্থাৎ মানুহে যেতিয়া হ্রদ, বিল নাইবা ডাঙৰ পুখুৰীৰ চাৰিওকাযে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কবে, তাকে বৃত্তাকাৰ বসতি আখ্যা দিয়া হয়। উদাহৰণস্বৰূপে মাছমৰীয়া সম্প্ৰদায়ৰ বহু লোকে মাছধবা বৃত্তি পালন কৰিবলৈ ডাঙৰ হ্ৰদ বা বিলৰ চাৰিওফালে এনে বসতি গঢ়ি তুলি বিলৰ পানী অথবা মাছ ধৰাৰ সুবিধা সকলোৱে সমানভাৱে লাভ কৰে। আকৌ কোনো উদোগকেন্দ্রক কেন্দ্র কৰি বহু ঠাইত বৃত্তাকাৰ বসতি গঢ় লৈ উঠা পৰিলক্ষিত হয়।
(ঙ) শিক্ষা তথা সাংস্কৃতিক নগৰী :- শিক্ষা তথা সাংস্কৃতিক কার্যকলাপব ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা নগৰীসমূহেই হৈছে শিক্ষা নগৰী। শিক্ষা তথা সাংস্কৃতিক নগৰীসমূহত উপযুক্ত সা-সুবিধাৰে উপলব্ধ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান থাকে। উদাহৰণস্বৰূপে ইংলেণ্ডৰ অক্সফ’ৰ্ড আৰু কেমব্রিজ মহানগৰ দুখন বিশ্ববিখ্যাত শিক্ষানগৰীৰূপে পৰিচিত। আকৌ অসমৰ তেজপুৰ চহৰখন সাংস্কৃতিক নগৰীৰূপে পৰিচিত আৰু গুৱাহাটী মহানগৰখন সাংস্কৃতিক তথা শিক্ষানগৰীৰূপে পৰিচিত কিয়নো গুৱাহাটীত বহুতো উচ্চ শিক্ষাৰ কেন্দ্র আছে।
(চ) গ্ৰাম্য-নগৰ সান্তত্যক :- বসতিৰ গ্ৰাম্য-নগৰ সান্তত্যক (Rural urban Continuum) বা গ্রাম্য-চহৰ অবিচ্ছিন্নতা হৈছে বসতিৰ শ্ৰেণীক্ৰমত থকা বিভিন্ন আকৃতিৰ বসতিসমূহৰ মাজত থকা সামঞ্জস্যতা বা পার্থক্যহীনতা। গ্রাম্য আৰু নগৰ বসতিক আকাৰ অনুসৰি সৰুৰ পৰা ডাঙবলৈ এক নিৰ্ধাৰিত ক্ৰমত সজাই বসতিৰ শ্ৰেণীক্ৰম কৰা হয় বসতিৰ শ্রেণীক্ৰমত থকা ভিন্ন আকাৰৰ বসতিসমূহৰ মাজত যেনে—গাঁও আৰু নগৰ আদিৰ অংশৱৰ্তী অংশত তেনে কোনো বিশেষ পার্থক্য থকা পৰিলক্ষিত নহয়। ইয়াক বসতিৰ গ্ৰাম্য-নগৰ সান্তত্যক বোলা হয়। বসতি শ্ৰেণীক্ৰমত একেবাৰে নিম্নস্তৰত দুই-এক সিঁচৰিত কৃষিক্ষেত্রিকা ভিত্তিক বাসগৃহ আৰু শীৰ্ষ স্তৰত নগৰ সংহতি থাকে।
(ছ) বসতি শ্রেণীক্রম :– গ্রাম্য আৰু পৌৰ সকলো ধৰণৰ বসতিক আকাৰ-আকৃতি অনুসৰি যেতিয়া সৰুৰপৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱা হয় তাক বসতিৰ শ্ৰেণীক্রম (Hierarchyof Settlements) বোলা হয়। বসতি শ্রেণীক্ৰমত থকা বিভিন্ন আকাৰৰ বসতিসমূহৰ মাজত

তেনে কোনো বিশেষ পার্থক্য থকা দেখা নাযায়। বসতি শ্রেণীক্ৰমৰ একেবাৰে নিম্নস্তৰত দুই-এক সিঁচৰিত কৃষিক্ষেত্রিকা ভিত্তিক বাসগৃহ আৰু শীর্ষ স্তৰত নগৰ সংহতি থাকে। নগৰ সংহতিৰ তলতে ক্ৰমে নগৰপুঞ্জ, মহানগৰ, নগৰ, গাঁও, চুবুৰী আদি থাকে। অর্থাৎ এটা সম্পূর্ণ বসতি শ্ৰেণীক্ৰমত সাধাৰণতে গ্রাম্য পৰ্যায়ৰ কৃষিক্ষেত্রিকা ভিত্তিক বাসগৃহৰপৰা আৰম্ভ কৰি ক্ৰমে চুবুৰী আৰু গাঁওলৈ আৰু পৌৰ পৰ্যায়ত নগৰৰপৰা আৰম্ভ কৰি ক্ৰমান্বয়ে মহানগৰ, নগৰপুঞ্জ আৰু শিখৰ স্থানত নগৰ সংহতি থাকে। বসতি শ্রেণীক্ৰমত থকা বসতিসমূহৰ পৰ্যায় বৃদ্ধিৰ লগে লগে কার্যকাৰিতা, সা-সুবিধা আৰু স্থানিক প্ৰকাৰ বৃদ্ধি পায় আৰু ইয়াৰ লগে লগে জনসংখ্যাও বৃদ্ধি পাবলৈ ধৰে। আকৌ বসতি শ্রেণীক্ৰমৰ নিম্নস্তৰৰ পৰা পর্যায়ক্রমে বসতিৰ সংখ্যা হ্রাস পাবলৈ লয়।
(জ) নগৰীয় উপকণ্ঠ :- ডাঙৰ নগৰ বা মহানগৰৰ উপকণ্ঠ অঞ্চলত যেতিয়া নগৰীয় কার্যকলাপৰ প্ৰভাৱত ভূমিদৃশ্য সলনি হৈ নগৰীয় অৱস্থাৰ পিনে ঢাল খায়, তেতিয়া সেই অঞ্চলটোক নগৰীয় উপকণ্ঠ (Urban Fringe) বা উপনগৰীয় অঞ্চল (Sub-urban region) বোলা হয়। নগৰীয় উপকণ্ঠ অঞ্চলসমূহ যদিও গ্রাম্য জনবসতিৰ অন্তৰ্গত, তথাপি ইয়াৰ ভূমি দৃশ্য আৰু বাসিন্দাসকলৰ কাৰ্যকলাপবোৰ গাঁও আৰু নগৰৰ এক সংমিশ্রিত ৰূপ দেখা যায়৷ ভাৰতবৰ্ষৰ দিল্লী, মুম্বাই, কানপুৰ, পুনা, গুৱাহাটী আদি সকলোবিলাক ডাঙৰ-সক মহানগৰীৰ আশেপাশে বহুতো নগৰীয় উপকণ্ঠ অঞ্চল পৰিলক্ষিত হয়।
(ঝ) উপনগৰ :- উপনগৰ (Satellite town) হৈছে নগৰ অঞ্চলৰ পৰা কিছু আঁতৰত গঢ় লৈ উঠা কিছু বসতিস্থল। বহু সময়ত নগৰ অঞ্চলৰ পৰা কিছু ব্যৱসায়-বাণিজ্য, উদ্যোগ, বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান বা বসতিস্থানৰ বিকেন্দ্ৰীকৰণৰ ফলত প্রধান নগৰসমূহৰ পৰা কিছু আঁতৰত এনেধৰণৰ দুই-এখন উপনগৰ গঢ়ি উঠে। এই নতুনকৈ গঢ়ি উঠা অঞ্চলসমূহত নগৰত উপলব্ধ প্রায় আটাইবোৰ সা-সুবিধা উপলব্ধ হয়, মাত্ৰ নগৰতকৈ জনবসতি সামান্য পাতল হয়। উদাহৰণস্বৰূপে দিল্লী মহানগৰৰ নিকটৱৰ্তী অঞ্চলৰ গুৰগাঁও, নইডা, গাজিয়াবাদ আদি এনেধৰণৰ উপনগৰ।
প্রশ্ন ১৪। তোমাৰ গাঁও বা নগৰত থকা স্কুল, নামঘৰ, দোকান আদিকে ধৰি গাঁও বা নগৰখনত থকা জনবসতিৰ এখন চিত্ৰ প্ৰস্তুত কৰা আৰু বসতিৰ প্ৰকাৰ উল্লেখ কৰা।
উত্তৰঃ শিক্ষকৰ সহায় লৈ নিজে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.