Class 9 Geography Elective Chapter 6 অর্থনৈতিক কার্য বা বৃত্তি

Class 9 Geography Elective Chapter 6 অর্থনৈতিক কার্য বা বৃত্তি, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 6 অর্থনৈতিক কার্য বা বৃত্তি and select need one.

Class 9 Geography Elective Chapter 6 অর্থনৈতিক কার্য বা বৃত্তি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 6 অর্থনৈতিক কার্য বা বৃত্তি Solutions for All Subject, You can practice these here…

অর্থনৈতিক কার্য বা বৃত্তি

অধ্যায় – ৬

প্রশ্নাৱলী

১। বৃত্তি বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণতে জীৱিকা উপাৰ্জনৰ বাবে মানুহে কৰা কাম-কাজকে বৃত্তি বোলা হয়।

২। বৃত্তি প্রধানকৈ কেই প্ৰকাৰৰ? উদাহৰণ দি প্ৰত্যেকৰে নাম লিখা।

উত্তৰঃ বৃত্তি প্ৰধানকৈ চাৰি প্ৰকাৰৰ। 

সেয়া হৈছে— 

(ক) প্ৰাথমিক বৃত্তি।

(খ) দ্বিতীয়ক বৃত্তি।

(গ) তৃতীয়ক বৃত্তি।

(ঘ) চতুৰ্থক বৃত্তি।

প্ৰাথমিক বৃত্তিৰ উদাহৰণ হৈছে— কৃষিকাৰ্য, পশুপালন, মৎস্যপালন।

দ্বিতীয়ক বৃত্তিৰ উদাহৰণ হৈছে— শিল্পদ্যোগ, কলকাৰখানা আদিত কাম কৰা।

তৃতীয়ক বৃত্তিৰ উদাহৰণ হৈছে— স্বাস্থ্য খণ্ড, শিক্ষা, পৰ্যটন আদিত নিয়োজিত লোক।

চতুৰ্থক বৃত্তিৰ উদাহৰণ হৈছে— বেংক, বাণিজ্য, জীৱনবীমা, প্ৰশাসন, গৱেষণা আদিৰ লগত জড়িত সকল।

৩। প্রাথমিক বৃত্তি কাক বোলে লিখা। 

উত্তৰঃ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰা সম্পদ আহৰণ কৰে তাক প্ৰাথমিক বৃত্তি বোলে। যেনে – কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।

৪। দ্বিতীয়ক বৃত্তি আৰু প্ৰাথমিক বৃত্তিৰ মাজত থকা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ দ্বিতীয়ক বৃত্তি আৰু প্ৰাথমিক বৃত্তিৰ মাজত যথেষ্ট পার্থক্য আছে। প্রাথমিক বৃত্তিৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্রী, খনিজাত সামগ্রী আদি শোধন নিৰ্মাণ প্ৰক্ৰিয়াৰে অন্য এক নতুন বস্তুলৈ ৰূপান্তৰ কৰি সামগ্ৰী প্ৰস্তুত কৰা কামকে দ্বিতীয়ক বৃত্তি বুলি কোৱা হয়। বিভিন্ন কল-কাৰখানাত নিয়োজিত লোকসকল হৈছে দ্বিতীয়ক বৃত্তিধাৰী লোক।

আনহাতে প্রাথমিক বৃত্তিৰ সহায়ত মানুহে জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খাদ্যসম্ভাৰ, পিন্ধন উৰণৰ সামগ্ৰী আদি প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ সংগ্ৰহ কৰে। প্ৰাথমিক বৃত্তিধাৰী লোকসকলে উৎপাদন কৰা দ্রব্য-সামগ্ৰীখিনি দ্বিতীয়ক বৃত্তিধাৰী লোকসকলে কল-কাৰখানাত অন্য ৰূপত গঢ় দি নতুন বস্তুলৈ ৰূপান্তৰ কৰে। দ্বিতীয়ক বৃত্তিৰ লোকসকল প্রত্যক্ষ বা পৰোক্ষভাৱে প্রাথমিক বৃত্তিৰ লোকসকলৰ ওপৰত নিৰ্ভৰশীল। প্রাথমিক বৃত্তিধাৰী লোকসকলে প্রকৃতি প্রদত্ত সম্পদসমূহ নিজ হাতে পোনপটীয়াকৈ সংগ্ৰহ কৰে, কিন্তু দ্বিতীয়ক বৃত্তিধাৰী লোকসকলে প্রাথমিক বৃত্তিধাৰী লোকসকলে সংগ্ৰহ কৰা সম্পদসমূহকে উৎপাদন কাৰ্যত ব্যৱহাৰ কৰে।

৫। কেনেবোৰ অৰ্থনৈতিক কার্যক তৃতীয়ক বৃত্তি বুলি কোৱা হয় উদাহৰণসহ লিখা।

উত্তৰঃ তৃতীয়ক বৃত্তিৰ অন্তৰ্গত অর্থনৈতিক কাৰ্যসমূহ হৈছে— কল-কাৰখানাত উৎপাদিত বস্তু বা কৃষিজাত সামগ্রী বিক্ৰীৰ বাবে বজাৰলৈ নিয়া, সেইবোৰৰ কিনা-বেচা হিচাপ কৰা, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ লগতে শিক্ষা, স্বাস্থ্য আদি কার্যত জড়িত আদি। ফিবোৰ বৃত্তিৰ সহায়ত প্রাথমিক বা দ্বিতীয়ক বৃত্তিৰ সামগ্ৰীসমূহ উপভোক্তাৰ ব্যৱহাৰৰ বাবে যোগানকাৰীয়ে বজাৰলৈ অনাত সহায় কৰে সেইবোৰক তৃতীয়ক বৃত্তি বুলি ধৰা হয়। উদাহৰণস্বৰূপে পৰিবহণ, যোগাযোগ, বিতৰণ, যোগান, শিক্ষা, স্বাস্থ্য, পর্যটন আদি কার্যকলাপসমূহ তৃতীয়ক বৃত্তিৰ ভিতৰত পৰে। তৃতীয়ক বৃত্তিধান লোকসকলে নিজে পোনপটীয়াকৈ কোনো বস্তু উৎপাদন নকৰে।

৬। চতুৰ্থক বৃত্তিৰ গুৰুত্ব সম্বন্ধে লিখা।

উত্তৰঃ চতুর্থক বৃত্তিয়ে প্রধানকৈ বেংক, বিত্তীয়, বাণিজ্য আদি সেৱাৰ লগতে প্ৰচাৰ মাধ্যম, জীৱনবীমা, প্রশাসন, গৱেষণা আদিকো সামৰি লৈছে। বাকী তিনিটা বৃত্তি বা অর্থনৈতিক কাম-কাজে পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খাই আগবঢ়াৰ ক্ষেত্ৰত চতুর্থক বৃত্তিৰ ভূমিকা অতি গুৰুত্বপূর্ণ। উৎপাদন ব্যৱস্থা, বাণিজ্য আৰু তাৰ লগত জড়িত সেৱাবোৰ ক্ৰমে বিশ্বায়নৰ প্ৰভাৱত পৰাত চতুৰ্থক বৃত্তিৰ গুৰুত্ব স্বাভাৱিকতে বাঢ়িছে।

৭। অর্থনৈতিক উন্নয়নে বৃত্তিৰ পৰিৱৰ্তন কেনেকৈ ঘটায় লিখা।

উত্তৰঃ মানুহৰ আৰ্থিক কাম-কাজ বা বৃত্তি যিহেতু অৰ্থনৈতিক অৱস্থাৰ লগত সম্পর্কিত, সেয়ে অর্থনৈতিক পৰিৱৰ্তনে বৃত্তিৰ ক্ষেত্ৰতো পৰিৱৰ্তন অনাটো স্বাভাৱিক। এটা কৃষিভিত্তিক অঞ্চলত যদি কালক্ৰমত উদ্যোগ গঢ়ি উঠে, তেতিয়া কিছুসংখ্যক কর্মী কৃষিক্ষেত্ৰৰ পৰা উদ্যোগক্ষেত্রলৈ আকর্ষিত হ’বই। অর্থাৎ কিছুসংখ্যক প্রাথমিক বৃত্তিত নিয়োজিত ব্যক্তি নতুনকৈ দ্বিতীয়ক বৃত্তিত নিয়োজিত হ’ব। 

ইয়াৰ কাৰণ হিচাবে প্ৰধানকৈ দুটা কথালৈ আঙুলিয়াব পাৰি—

(ক) কৃষি ক্ষেত্রত ইতিমধ্যে কৰ্মীৰ সংখ্যা লগাতকৈ বেছি হ’ব পাৰে।

(খ) দ্বিতীয়ক বৃত্তিত আয় তুলনামূলকভাৱে বেছি হ’ব পাৰে। 

তদুপৰি ঔদ্যোগিক উৎপাদনে অঞ্চলটোত ব্যৱসায়-বাণিজ্যৰ বাট মুকলি কৰিব আৰু কিছু সংখ্যক মানুহে ক্রমে তৃতীয়ক বৃত্তিত নিয়োগ লাভ কৰিব। এইদৰে অর্থনৈতিক উন্নয়ন বা পৰিৱৰ্তনে মানুহৰ বৃত্তিৰ পৰিৱৰ্তন ঘটাব পাৰে।

৮। বৃত্তিৰ ক্ষেত্ৰত অসমত ঘটা পৰিৱৰ্তনৰ এটি চমু আভাস দিয়া।

উত্তৰঃ ইংৰাজসকল অহাৰ আগতে অসমৰ মানুহৰ অৰ্থনৈতিক কাম-কাজ কৃষি, মাছ ধৰা, সামান্য পৰিমাণে বনজ সম্পদ আহৰণ, ঘৰুৱা বোৱা-কটা আদিতে প্রধানকৈ সীমাৱদ্ধ আছিল। এই আটাইবোৰ কাম-কাজকে প্রাথমিক বৃত্তি বুলি বিবেচনা কৰিব পাৰি। ইংৰাজসকলে ৰাজ্যখনত চাহ শিল্প, খনিজ তেল আৰু কয়ল ভিত্তিক শিল্পৰ প্ৰৱৰ্তন কৰে। এইবোৰত থলুৱা আৰু আমদানিকৃত কর্মী নিয়োজিত হয়। এইদৰে ৰাজ্যখনত দ্বিতীয়ক বৃত্তিৰ সূচনা হয় বুলি ক’ব পাৰি। ইয়াৰ লগে লগে অফিচ-কাছাৰী, ব্যৱসায়-বাণিজ্য, শিক্ষানুষ্ঠান, চিকিৎসালয় আদিতো ক্রমে মানুহ নিয়োজিত হ’বলৈ ধৰে।

দেশে স্বাধীনতা লাভ কৰাৰ পাছত প্রশাসনিক আৰু পৰিবহণ আদি সেৱাতো যথেষ্ট সংখ্যক লোক নিয়োজিত হয়। এইদৰে ৰাজ্যখনত তৃতীয়ক বৃত্তিয়ে ক্ৰমে প্ৰসাৰ লাভ কৰিবলৈ ধৰে। সম্প্রতি বেংক, বিত্তীয় প্রতিষ্ঠান, গৱেষণা প্রতিষ্ঠান, যোগাযোগ আৰু প্ৰচাৰ মাধ্যম আদিৰ দ্রুত সম্প্ৰসাৰণ ঘটাত চতুর্থক বৃত্তিতো কর্মীৰ সংখ্যা বাঢ়িব লাগিছে। এইদৰে সময়ৰ সোঁতত ঘটা সামাজিক তথা অর্থনৈতিক পৰিৱৰ্তনে দেশ-বিদেশৰ লগতে আমাৰ ৰাজ্যখনতো আর্থিক কাম-কাজ, অর্থাৎ বৃত্তিগত ক্ষেত্ৰখনলৈ ব্যাপক পৰিৱৰ্তন আনিছে।

৯। আমাৰ ৰাজ্যখনৰ বৃত্তিগত ক্ষেত্ৰখনলৈ পৰিৱৰ্তন অনা কাৰক কিছুমান উল্লেখ কৰা। 

উত্তৰঃ আমাৰ ৰাজ্যখনৰ বৃত্তিগত ক্ষেত্ৰখনলৈ পৰিৱৰ্তন অনা কাৰকসমূহ হ’ল—

(ক) বেংক, বিত্তীয় প্রতিষ্ঠান, গৱেষণা প্রতিষ্ঠান, যোগাযোগ আৰু প্ৰচাৰ মাধ্যম আদিৰ দ্রুত সম্প্রসাৰণ।

(খ) বিশ্বায়নৰ প্ৰভাৱ।

(গ) থলুৱা বজাৰৰ বিকাশ সাধন।

(ঘ) অৰ্থনৈতিক পৰিবৰ্তশীল নীতি।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

2 thoughts on “Class 9 Geography Elective Chapter 6 অর্থনৈতিক কার্য বা বৃত্তি”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top