Class 9 Geography Elective Chapter 6 অর্থনৈতিক কার্য বা বৃত্তি, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 6 অর্থনৈতিক কার্য বা বৃত্তি and select need one.
Class 9 Geography Elective Chapter 6 অর্থনৈতিক কার্য বা বৃত্তি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 6 অর্থনৈতিক কার্য বা বৃত্তি Solutions for All Subject, You can practice these here…
অর্থনৈতিক কার্য বা বৃত্তি
অধ্যায় – ৬
ভূগােল
পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ
প্রশ্ন ১। বৃত্তি বুলিলে কি বুজা ?
উত্তৰঃ বৃত্তি বুলিলে সাধাৰণতে জীৱিকা উপাৰ্জনৰ বাবে মানুহে কৰা কাম-কাজকে বুজা যায়। মানুহে জীৱন নিৰ্বাহ কৰিবলৈ অৱলম্বন কৰা প্রথা বা পদ্ধতিবোৰক জীৱিকা বা বৃত্তি (Occupation) বোলা হয়। জীৱিকাৰ বাবে মানুহে বিভিন্ন সময়ত বিভিন্ন ঠাইত বিভিন্ন বৃত্তি অৱলম্বন কৰে। মানুহৰ জীৱিকাৰ বিভিন্ন উপায়সমূহ হৈছে—কৃষিকাৰ্য, পশুপালন, শিল্পদ্যোগ স্থাপনৰ জৰিয়তে শিল্প দ্রব্য উৎপাদন কার্য, মৎস্যপালন, ঘৰ-দুৱাৰ নিৰ্মাণ, বাটপথ নির্মাণ, ব্যৱসায়-বাণিজ্য আদি জীবিকা উপার্জনের পথ বেলেগ বেলেগ হোৱা বাবে মানুহৰ বৃত্তিও ভিন্ ভিন্ হ’ব পাৰে।
প্রশ্ন ২। বৃত্তি প্ৰধানকৈ কেই প্ৰকাৰৰ ? উদাহৰণ দি প্ৰত্যেকৰে নাম নিখা।
উত্তৰঃ বৃত্তি প্ৰধানকৈ চাৰি প্ৰকাৰৰ । সেয়া হৈছে—
(ক) প্রাথমিক বৃত্তি
(খ) দ্বিতীয়ক বৃত্তি
(গ) তৃতীয়ক বৃত্তি আৰু
(ঘ) চতুৰ্থক বৃত্তি।
প্রাথমিক বৃত্তিৰ উদাহৰণ হৈছে–কৃষিকাৰ্য, পশুপালন, মৎস্যপালন। দ্বিতীয় বৃত্তিৰ উদাহৰণ হৈছে—শিল্পদ্যোগ, কলকাৰখানা আদিত কৰা কাম।
তৃতীয়ক বৃত্তিৰ উদাহৰণ হৈছে—স্বাস্থ্য খণ্ড, শিক্ষা, পর্যটন আদিত নিয়োজিত লোক আদি।
চতুৰ্থক বৃত্তিৰ উদাহৰণ হৈছে–বেংক, বাণিজ্য, জীৱনবীমা, প্রশাসন, গৱেষণা আদিত জড়িত সকল।
প্রশ্ন ৩। প্রাথমিক বৃত্তি কাক বোলে লিখা।
উত্তৰঃ যি বৃত্তিৰ সহায়ত মানুহৰ মৌলিক প্রয়োজনসমূহ প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ আহৰণ কৰি ব্যৱহাৰ কৰে তেনে বৃত্তিক প্রাথমিক বৃত্তি (Primary Occupation) বোলা হয়। অর্থাৎ যিবোৰ বৃত্তিৰ সহায়ত মানুহে জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় খাদ্যসম্ভাৰ, বসতি আৰু গিন্ধন উৰণৰ সামগ্ৰী, ইন্ধন আৰু অন্যান্য আহিলাপাতি প্রাকৃতিক সম্পদৰ পৰা আহৰণ কৰি পোনপটীয়াকৈ ব্যৱহাৰ কৰে, সেইবোৰেই হৈছে প্ৰাথমিক বৃত্তি। মানুহৰ প্ৰাথমিক বৃত্তিবিলাক হৈছে—খেতি-বাতি কৰা, জীৱ-জন্তু চিকাৰ, মাছ ধৰা, ফলমূল আহৰণ কৰা, অৰণ্যৰ পৰা কাঠ-বাঁহ আদি আহৰণ কৰা, পশুপালন কৰা, খনিজ পদার্থ উদ্ঘাটন কৰা আদি।
প্রশ্ন ৪। দ্বিতীয়ক বৃত্তি আৰু প্ৰাথমিক বৃত্তিৰ মাজত থকা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ দ্বিতীয়ক বৃত্তি আৰু প্ৰাথমিক বৃত্তিৰ মাজত যথেষ্ট পার্থক্য আছে। প্রাথমিক বৃত্তিৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্রী, খনিজাত সামগ্রী আদি শোধন নিৰ্মাণ প্ৰক্ৰিয়াৰে অন্য এক নতুন বস্তুলৈ ৰূপান্তৰ কৰি সামগ্ৰী প্ৰস্তুত কৰা কামকে দ্বিতীয়ক বৃত্তি বুলি কোৱা হয়। বিভিন্ন কল-কাৰখানাত নিয়োজিত লোকসকল হৈছে দ্বিতীয়ক বৃত্তিধাৰী লোক।
আনহাতে প্রাথমিক বৃত্তিৰ সহায়ত মানুহে জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খাদ্যসম্ভাৰ, পিন্ধন উৰণৰ সামগ্ৰী আদি প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ সংগ্ৰহ কৰে। প্ৰাথমিক বৃত্তিধাৰী লোকসকলে উৎপাদন কৰা দ্রব্য-সামগ্ৰীখিনি দ্বিতীয়ক বৃত্তিধাৰী লোকসকলে কল-কাৰখানাত অন্য ৰূপত গঢ় দি নতুন বস্তুলৈ ৰূপান্তৰ কৰে। দ্বিতীয়ক বৃত্তিৰ লোকসকল প্রত্যক্ষ বা পৰোক্ষভাৱে প্রাথমিক বৃত্তিৰ লোকসকলৰ ওপৰত নিৰ্ভৰশীল। প্রাথমিক বৃত্তিধাৰী লোকসকলে প্রকৃতি প্রদত্ত সম্পদসমূহ নিজ হাতে পোনপটীয়াকৈ সংগ্ৰহ কৰে, কিন্তু দ্বিতীয়ক বৃত্তিধাৰী লোকসকলে প্রাথমিক বৃত্তিধাৰী লোকসকলে সংগ্ৰহ কৰা সম্পদসমূহকে উৎপাদন কাৰ্যত ব্যৱহাৰ কৰে।
প্রশ্ন ৫৷ কেনেবোৰ অর্থনৈতিক কার্যক তৃতীয়ক বৃত্তি বুলি কোৱা হয় উদাহৰণসহ লিখা।
উত্তৰঃ তৃতীয়ক বৃত্তিৰ অন্তৰ্গত অর্থনৈতিক কাৰ্যসমূহ হৈছে— কল-কাৰখানাত উৎপাদিত বস্তু বা কৃষিজাত সামগ্রী বিক্ৰীৰ বাবে বজাৰলৈ নিয়া, সেইবোৰৰ কিনা-বেচা হিচাপ কৰা, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ লগতে শিক্ষা, স্বাস্থ্য আদি কার্যত জড়িত আদি। ফিবোৰ বৃত্তিৰ সহায়ত প্রাথমিক বা দ্বিতীয়ক বৃত্তিৰ সামগ্ৰীসমূহ উপভোক্তাৰ ব্যৱহাৰৰ বাবে যোগানকাৰীয়ে বজাৰলৈ অনাত সহায় কৰে সেইবোৰক তৃতীয়ক বৃত্তি বুলি ধৰা হয়। উদাহৰণস্বৰূপে পৰিবহণ, যোগাযোগ, বিতৰণ, যোগান, শিক্ষা, স্বাস্থ্য, পর্যটন আদি কার্যকলাপসমূহ তৃতীয়ক বৃত্তিৰ ভিতৰত পৰে। তৃতীয়ক বৃত্তিধান লোকসকলে নিজে পোনপটীয়াকৈ কোনো বস্তু উৎপাদন নকৰে।
Sl. No. | সূচী-পত্ৰ |
Chapter 1 | বতৰ আৰু জলবায়ু |
Chapter 2 | পৃথিৱীৰ মানুহ |
Chapter 3 | জনসংখ্যা বৃদ্ধি আৰু বিতৰণ |
Chapter 4 | জনবসতি |
Chapter 5 | সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ |
Chapter 6 | অর্থনৈতিক কার্য বা বৃত্তি |
Chapter 7 | কৃষি |
Chapter 8 | উদ্যোগ |
প্রশ্ন ৬। চতুৰ্থক বৃত্তিৰ গুৰুত্ব সম্বন্ধে লিখা।
উত্তৰঃ চতুৰ্থক বৃত্তিৰ অন্তৰ্গত বৃত্তিসমূহ হৈছে—ব্যৱস্থাপনা, পৰিচালনা (Management), কম্পিউটাৰ পৰিচালনা (Computer Application), ব্যক্তিগত ব্যৱস্থাপনা (Personal Management) আদি। সাম্প্ৰতিক সময়ত চতুর্থক বৃত্তিৰ গুৰুত্ব অধিক। সম্প্রতি উৎপাদকসকলে আন্তর্জাতিক বজাৰ আৰু উপভোক্তাৰ মাজত সহজে সম্পর্ক স্থাপন কৰিবলৈ সক্ষম হৈছে। ফলস্বৰূপে আর্থিক পৰিৱেশ অধিক প্রতিযোগিতামূলক হৈছে। চতুৰ্থক বৃত্তিয়ে প্ৰধানকৈ বেংক, বিত্তীয় ব্যৱস্থা, বাণিজ্য আদি সেৱাৰ লগতে প্ৰচাৰ মাধ্যম, জীৱনবীমা, প্রশাসন, গৱেষণা আদি বিষয় সামৰি লোৱাত ইয়াৰ গুৰুত্ব যথেষ্টখিনি বৃদ্ধি পাইছে। আন তিনিটা বৃত্তি বা অর্থনৈতিক কাম-কাজ পৰিৱৰ্তিত সমাজৰ পৰিস্থিতিৰ সৈতে খাপ খাই আগবঢ়াৰ ক্ষেত্ৰত চতুৰ্থক বৃত্তিৰ উল্লেখনীয় ভূমিকা দেখা যায়। সম্প্রতি উৎপাদন ব্যৱস্থা, বাণিজ্য, বিত্তীয় ব্যৱস্থাৰ লগতে তাৰ সৈতে জড়িত আনুসাংগিক সেৱাবোৰ ক্ৰমে বিশ্বায়নৰ প্ৰভাৱ পৰাত চতুৰ্থক বৃত্তিৰ গুৰুত্ব বহু গুণে বৃদ্ধি পাইছে।
প্রশ্ন ৭। অর্থনৈতিক উন্নয়নে বৃত্তিৰ পৰিৱৰ্তন কেনেকৈ ঘটায়
উত্তৰঃ মানুহৰ আৰ্থিক কাম-কাজ বা বৃত্তি অর্থনৈতিক অৱস্থাৰ সৈতে জড়িত। অর্থনৈতিক উন্নয়নে সংশ্লিষ্ট সমাজ আৰু সংস্কৃতিৰ উন্নয়ন ঘটায় আৰু এনে উন্নয়নে দেশ বা অঞ্চলটোৰ বিভিন্ন পৰিৱৰ্তন আনে। মানুহৰ বৃত্তি আৰ্থিক অৱস্থাৰ লগত সম্পর্কিত হোৱা হেতুকে অর্থনৈতিক পৰিৱর্তনে বৃত্তিৰ ক্ষেত্ৰটো পৰিৱৰ্তন আনে। উদাহৰণস্বৰূপে—এটা কৃষিভিত্তিক অঞ্চলত যদি সময়ৰ পৰিৱৰ্তনৰ লগে লগে উদ্যোগ গঢ়ি উঠে, তেতিয়া কিছুসংখ্যক কৃষিক্ষেত্ৰত জড়িত কৰ্মী তাৰ পৰা আঁতৰি উদ্যোগক্ষেত্ৰলৈ আকৰ্ষিত হ’ব। অর্থাৎ প্রাথমিক বৃত্তিত নিয়োজিত কিছুসংখক লোক নতুনকৈ দ্বিতীয়ক বৃত্তিত নিয়োজিত হ’ব।
এনেদৰে কৰ্মী স্থানান্তৰ হোৱাৰ দুটা প্রধান কাৰণ হৈছে—(ক) কৃষিক্ষেত্ৰত ইতিমধ্যে নিয়োজিত কৰ্মীৰ সংখ্যা পৰিমাণতকৈ অধিক হ’ব পাৰে আৰু
(খ) দ্বিতীয়ক বৃত্তিত নিয়োজিত কৰ্মীৰ আয়ৰ পৰিমাণ প্রাথমিক বৃত্তিত নিয়োজিত লোকতকৈ বেছি হ’ব পাৰে। আকৌ উদ্যোগিক উৎপাদনে অঞ্চলটোৰ ব্যৱসায়-বাণিজ্য তথা পৰিবহণ ব্যৱস্থাৰ বাট মুকলি কৰাৰ ফলস্বৰূপে কিছুসংখ্যক লোকে ক্রমে তৃতীয়ক বৃত্তিত নিয়োজিত হোৱাৰ সুযোগ লাভ কৰিব পাৰে। এনেদৰে কোনো এখন দেশ বা এটা অঞ্চলৰ অর্থনৈতিক উন্নয়ন বা পৰিৱৰ্তনে মানুহৰ বৃত্তিৰ পৰিৱৰ্তন ঘটায়।
প্রশ্ন ৮। বৃত্তিৰ ক্ষেত্ৰত অসমত ঘটা পৰিৱৰ্তনৰ এটি চমু আভাস দিয়া ৷
উত্তৰঃ বৃত্তিৰ ক্ষেত্ৰত অসমতো পৰিৱৰ্তন ঘটা পৰিলক্ষিত হয়। ইংৰাজসকল অসমলৈ অহাৰ পূৰ্বে অসমৰ মানুহৰ প্ৰধান বৃত্তি বা অর্থনৈতিক কাম-কাজ আছিল কৃষিকাৰ্য, মাছ ধৰা, পশুপালন, সামান্য পৰিমাণে বনজ সম্পদ আহৰণ আৰু ঘৰুৱাভাৱে বোৱা কটা কৰা আদি কাম। অর্থাৎ সেই সময়ত অসমৰ অধিকাংশ লোকে প্রাথমিক বৃত্তিত নিয়োজিত আছিল। ইংৰাজসকল অসমলৈ আহি ৰাজ্যখনত চাহ শিল্প, খনিজ তেল আৰু কয়লাভিত্তিক উদ্যোগৰ প্ৰৱৰ্তন কৰে। এই উদ্যোগসমূহত থলুৱা কৰ্মীৰ লগতে আমদানিকৃত কর্মী নিয়োজিত হয়। ইয়াৰ ফলত প্রাথমিক বৃত্তিধাৰী কিছুসংখ্যক লোক দ্বিতীয়ক বৃত্তিলৈ স্থানাস্তবিত হয়।
সময়ৰ গতিত ৰাজ্যখনত অফিচ-কাছাৰী, ব্যৱসায় বাণিজ্য, শিক্ষানুষ্ঠান, চিকিৎসালয় আদি গঢ় লৈ উঠাত কিছুসংখ্যক লোক এনেবোৰ বৃত্তিত নিয়োজিত হ’বলগীয়া হয়। ফলস্বৰূপে অসমত প্রাথমিক বৃত্তিৰ পৰা বিভিন্ন লোক ক্রমে দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিত জড়িত হ’বলৈ ধৰে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত প্ৰশাসনিক আৰু পৰিবহণ সেৱা আদিত বহুসংখ্যক লোক নিয়োজিত হোৱাত অসমত তৃতীয়ক বৃত্তিয়ে ক্ৰমে প্ৰসাৰ লাভ কৰিবলৈ লয়। বৰ্তমান বেংক, বিত্তীয় প্রতিষ্ঠান, গৱেষণা প্রতিষ্ঠান, পরিবহণ, যোগাযোগ আৰু প্ৰচাৰ মাধ্যম আদিৰ দ্রুত সম্প্ৰসাৰণ হোঁৱাৰ ফলত চতুৰ্থক বৃত্তিৰ সৈতে জড়িত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এনেদৰে সময়ৰ গতিত ঘটা সামাজিক তথা অর্থনৈতিক পৰিবর্তনে অসমৰ বৃত্তিগত ক্ষেত্ৰখনলৈ এক ব্যাপক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।
প্রশ্ন ৯। আমাৰ ৰাজ্যখনৰ বৃত্তিগত ক্ষেত্ৰখনলৈ পৰিৱৰ্তন অনা কাৰক কিছুমান উল্লেখ কৰা।
উত্তৰঃ আমাৰ ৰাজ্যখনৰ বৃত্তিগত ক্ষেত্ৰখনলৈ বিভিন্ন কাবকে পৰিৱৰ্তন আনিছে। তাৰ ভিতৰত উল্লেখযোগ্য কেইটামান কাৰক হৈছে–উদ্যোগৰ বিকাশ, কৃষি ব্যৱস্থাৰ উন্নতকৰণ ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণ, যাতায়ত তথা পৰিবহণ ব্যৱস্থাৰ উন্নয়ন, বেংক আৰু বিত্তীয় ব্যৱস্থাৰ সম্প্ৰসাৰণ প্ৰচাৰ মাধ্যমৰ উন্নয়ন, অফিচ-কাছাৰী আৰু প্রশাসনীয় কার্যালয় স্থাপন, শিক্ষানুষ্ঠান স্থাপন, চিকিৎসা ব্যৱস্থাৰ আধুনিকীকৰণ ইত্যাদি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.