Class 9 Geography Elective Chapter 7 কৃষি, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 7 কৃষি and select need one.
Class 9 Geography Elective Chapter 7 কৃষি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 7 কৃষি Solutions for All Subject, You can practice these here…
কৃষি
অধ্যায় – ৭
ভূগােল
পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ
প্রশ্ন ১। কৃষি বুলিলে কি বুজা ? কৃষিক প্রভাৱান্বিত কৰা কাৰকবোৰৰ এটি আভাস দিয়া।
উত্তৰঃ হৈছে কৃষি। বহল অৰ্থত ক’বলৈ গ’লে শস্য উৎপাদন আৰু পশুপালন এই দুয়োবিধ কার্যকে কৃষি বুলি ধৰা হয়।
কৃষিক প্ৰভাৱান্বিত কৰা কাৰকবোৰ বহুতো প্রাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। প্রাকৃতিক কাৰকৰ ভিতৰত মাটি, মাটিৰ ঢাল, জলবায়ু, পানী আদি প্রধান। আর্থ-সামাজিক কাৰকৰ ভিতৰত মানুহৰ আৰ্থিক অৱস্থা, শিক্ষা-দীক্ষা, নগৰীকৰণ, উদ্যোগীকৰণ, যাতায়ত, পৰিৱহণ ব্যৱস্থা, বজাৰ আদি প্ৰধান। পৃথিৱীৰ সকলো ঠাইতে এই অৱস্থা-ব্যৱস্থাবোৰ একে ধৰণৰ নোহোৱাৰ বাবে কৃষি কার্যও সকলো ঠাইতে একে ধৰণৰ নহয়। কৃষি শস্য, কৃষি কৰা পদ্ধতি আৰু কৃবি কার্বব লক্ষ্য-উদ্দেশ্য, ঠাই আৰু সময় অনুসৰি বেলেগ বেলেগ হোৱা দেখা যায়। প্রাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকবোৰৰ মাজত পার্থক্য থকাৰ কাৰণেই এখন ঠাই কৃষিৰ লগত আন এখন ঠাইৰ কৃষিৰ পার্থক্য ঘটা দেখা যায়। সেয়েহে অসমৰ কৃষি পাঞ্জাৱ বা ৰাজস্থানৰ কৃষিৰ লগত নিমিলে।
প্রশ্ন ২। পৃথিৱীৰ সকলো ঠাইতে কৃষি একে নোহোৱাৰ কাৰণ ব্যাখ্যা কৰা।
উত্তৰঃ পৃথিৱীৰ সকলো ঠাইতে কৃষিকার্য একেধৰণৰ নহয়। কাৰণ কৃষিকাৰ্য বিভিন্ন ধৰণৰ প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। প্রাকৃতিক কাৰকৰ ভিতৰত মাটি, মাটিৰ ঢাল, জলবায়ু, পানী আদি প্রধান। আর্থ-সামাজিক কাৰকৰ ভিতৰত মানুহৰ আৰ্থিক অৱস্থা, শিক্ষা-দীক্ষা, নগৰীকৰণ, উদ্যোগীকৰণ, যাতায়ত, পৰিবহণ ব্যৱস্থা, বজাৰ আদি প্ৰধান। পৃথিৱীৰ সকলো ঠাইতে এই অৱস্থা-ব্যৱস্থাবোৰ একে ধৰণৰ নহয়। এখন ঠাইৰ জলবায়ু, মাটি, মাটিৰ ঢাল, পানীৰ পৰিমাণ আদি আন এখন ঠাইৰ লগত নিমিলে। কৃষি শস্য, কৃষি পদ্ধতি আৰু কৃষিৰ লক্ষ্য-উদ্দেশ্য ও ঠাই আৰু সময় ভেদে বেলেগ বেলেগ হোৱা দেখা যায়। প্রাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকসমূহৰ মাজত পার্থক্য থকাৰ বাবেই পৃথিৱীৰ এখন ঠাইৰ কৃষিকাৰ্য আৰু আন এখন ঠাইৰ কৃষিকাৰ্যৰ মাজত পার্থক্য থকা দেখা যায়।
প্রশ্ন ৩। কৃষিক বিভিন্ন শ্ৰেণীত বিভক্ত কৰা আৰু শ্ৰেণীবিভাজনৰ ভিত্তিৰ আভাস দিয়া ৷
উত্তৰঃ পৃথিৱীত মানুহে কৰা কৃষিক বিভিন্ন শ্রেণীত ভাগ কৰিব পাৰি। সেইবোৰ হৈছে—
১। কৃষিক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত—
(i) স্থায়ী কৃষি।
(ii) ঠাই সলনি কৃষি বা ঝুম কৃষি।
২। কৃষিক্ষেত্ৰৰ আকাৰৰ ভিত্তিত—
(i) বিশাল বা বিস্তৃত কৃষি।
(ii) ক্ষুদ্র বা গহন কৃষি।
৩। আৰ্থিক দিশৰপৰা—
(i) বাণিজ্যিক কৃষি
(ii) আত্মনিৰ্ভৰশীল কৃষি।
৪। মাটিৰ গুণাগুণ, জলবায়ু আৰু কৃষি পদ্ধতি অনুসৰি—
(i) শুষ্ক কৃষি
(ii) আৰ্দ্ৰ কৃষি।
ইয়াৰ উপৰি আন কেতবোৰ বিশেষ ধৰণৰ কৃষি হৈছে ৰোপণ কৃষি, যৌথ কৃষি, উদ্যান কৃষি আৰু বজাৰ কৃষি আদি।
কৃষিৰ নানাধৰণৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ইয়াৰ শ্ৰেণীবিভাজন কৰা হয়। এই বৈশিষ্ট্যবোৰ হৈছে—স্থায়িত্ব, কৃষি পদ্ধতি, কৃষিৰ উদ্দেশ্য, কৃষি ক্ষেত্ৰৰ আকাৰ, পুঁজিৰ বিনিয়োগ আদি। এইবোৰ বৈশিষ্ট্যব ওপৰত ভিত্তি কৰি কৃষিৰ শ্রেণীবিভাজন কৰাৰ উপৰিও কিছুমান বিশেষ ধৰণৰ কৃষি পৃথিৱীৰ কোনো কোনো দেশ বা অঞ্চলত কৰা হয়। সেইবোৰকো একো প্ৰকাৰৰ কৃষি হিচাপে বিবেচনা কৰিব পাৰি। তেনে ধৰণৰ কৃষিৰ ভিতৰত ৰোপণ কৃষি, যৌথ কৃষি, উদ্যান কৃষি আৰু বজাৰ কৃষি আদি প্রধান।
প্রশ্ন ৪। স্থায়ী কৃষি কি ? ইয়াৰ বৈশিষ্ট্য সম্বন্ধে চমুকৈ আলোচনা।
উত্তৰঃ একোখন ঠাইত স্থায়ীভাৱে কৰা কৃষিক স্থায়ী কৃষি বুলি কোৱা হয়।সাধাৰণতে সমভূমি অঞ্চলবোৰত মানুহে স্থায়ীভাৱে বসতি কৰে আৰু তাৰ খেতি-পথাৰত খেতিও স্থায়ীভাৱে কৰে। এনে কৃষিৰ কেতবোৰ বৈশিষ্ট্য হৈছে—সমভূমি অঞ্চলৰ কৃষিভূমিসমূহত মানুহে বছৰৰ পিছত বছৰ ধৰি খেতি কৰি থাকে। কৃষিকার্যত খেতিয়কে হাল, ট্ৰেক্টৰ, জলসিঞ্চন, সাৰ আদি ব্যৱহাৰ কৰে। একোখন ঠাইত স্থায়ীভাৱে যি কৃষিকার্য কৰা হয় সেয়াই হৈছে স্থায়ী কৃষি। বর্তমান পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে স্থায়ী কৃষি কৰা দেখা যায়। স্থায়ী কৃষিত উৎপাদন অধিক হয়। পশুপালন স্থায়ী কৃষিৰ এক প্ৰধান অংগ।
প্রশ্ন ৫। ঠাই সলনি কৃষিৰ (ঝুম কৃষিৰ) এটি চমু আভাস দিয়া। এই কৃষিয়ে কেনেকৈ পৰিৱেশৰ ক্ষতি সাধন কৰে বিশ্লেষণ কৰা।
উত্তৰঃ পৃথিৱীৰ ক্রান্তীয় অঞ্চলৰ উচ্চভূমিসমূহ যেনে—পাহাৰ পর্বত, মালভূমি আদিত প্রাকৃতিক কাৰণত খেতি স্থায়ীভাৱে কৰাটো কঠিন। এইবোৰ অঞ্চলৰ বাসিন্দাসকলে পাহাৰ-পৰ্বতৰ ঢালত অস্থায়ীভাৱে খেতি কৰে। পাহাৰ-পৰ্বতৰ ঢালত থকা হাবি-বন মুকলি কৰি একেডৰা মাটিত ২-৩ বছৰৰ বাৱে খেতি কৰি পুনৰ সেই একে পদ্ধতিৰে আন এঠাইত খেতি কৰে। এনেদৰে ঠাই সলনি কৰি কৰা খেতিক ঠাই সলনি কৃষি (ঝুম খেতি) বুলি কোৱা হয়। ভাৰতৰ প্ৰায় সকলোবোৰ পাহাৰীয়া অঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু অসমৰ পাহাৰীয়া অঞ্চলসমূহত এনে খেতি কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলত এনেধৰণৰ খেতিক ঝুম খেতি বুলি কোৱা হয়।
এই কৃষিয়ে পৰিৱেশৰ ক্ষতিসাধন কৰে। পুৰণিকলীয়া পদ্ধতিৰে কৰা ঝুম খেতিৰ পৰা উৎপাদিত সামগ্ৰীৰ পৰিমাণ অতি কম হোৱা দেখা যায়। সঘনে ঠাই সলাই এই খেতি কৰিলে পৰিৱেশৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ ফলত গছ-গছনি, হাবি-বননি ধ্বংস হয়। বনাঞ্চল ধ্বংস হোৱাৰ ফলত পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হয়। গতিকে ঝুম খেতি পদ্ধতিয়ে পৰিৱেশ বিনষ্ট কৰাত বিশেষ অৰিহণা আগবঢ়ায়।
প্রশ্ন ৬। বিস্তৃত কৃষি আৰু ক্ষুদ্ৰ কৃষিৰ এটি তুলনাত্মক চিত্র দাঙি ধৰা।
উত্তৰঃ বিস্তৃত কৃষি আৰু ক্ষুদ্ৰ কৃষিৰ এটি তুলনাত্মক চিত্ৰ দাঙি ধৰা হ’ল-
পৃথিৱীৰ যিবোৰ দেশত জনসংখ্যাৰ তুলনাত কৃষিভূমিৰ পৰিমাণ অধিক সেইবোৰ দেশত বিশাল ক্ষেত্ৰত কৃষিকার্য কৰা হয়। বিশাল কৃষিক্ষেত্ৰত আধুনিক যন্ত্রপাতিৰে কৃষিকার্য সম্পাদন কৰা হয়। এনে কৃষিক বিস্তৃত কৃষি বুলি কোৱা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অস্ট্রেলিয়া আদি দেশত বিস্তৃত কৃষি অধিক পৰিমাণে কৰা হয়। এনে কৃষিত একোবিধ শস্যই বিশাল কৃষিক্ষেত্র আগুৰি থাকে। বিস্তৃত কৃষিৰ যোগেদি উৎপাদিত শস্যৰ অধিকাংশই আন্তর্জাতিক বজাৰলৈ যায়।
আনহাতে পৃথিৱীৰ যিবোৰ দেশত জনসংখ্যাৰ তুলনাত কৃষিভূমিৰ পৰিমাণ কম সেইবোৰ দেশত ক্ষুদ্র কৃষিৰ প্রাধান্য বেছি। ভাবত, বাংলাদেশ, পাকিস্তান, ম্যানমাৰ, জাপান আদি দেশত জনসংখ্যা বেছি হোৱাৰ বাবে কৃষিভূমিৰ পৰিমাণ তুলনামূলকভাৱে কম। এইবোৰ দেশত একোটা কৃষক পৰিয়ালে অতি কম পৰিমাণৰ মাটিতহে খেতি কৰাৰ সুবিধা পায়। সেইবাবে পৰিয়ালৰ লোকসকলক ভৰণ-পোষণ দিবলৈ একেডবা মাটিত খেতিয়কে দুই-তিনি বাৰ খেতি কৰিবলগীয়া হয়। এনে খেতিত অধিক পৰিমাণৰ শ্ৰমৰ প্ৰয়োজন হয়। উৎপাদন অধিকাংশ খেতিয়কৰ নিজৰ চাহিদা পূৰ্ণত ব্যৱহাৰ হয়।
প্রশ্ন ৭। ৰোপণ কৃষি বুলিলে কি বুজা ? ইয়াৰ বিশেষত্ব আলোচনা কৰা।
উত্তৰঃ কিছুমান বিশেষ ধৰণৰ কৃষি পৃথিৱীৰ কোনো কোনো দেশ বা অঞ্চলত কৰা হয়। ইউৰোপীয়সকলে ক্রান্তীয় অঞ্চলত থকা তেওঁলোকৰ উপনিৱেশসমূহত ৰোপণ কৃষিৰ আৰম্ভণি কৰিছিল। ৰোপণ কৃষিৰ প্ৰধান
শস্যবোৰ হৈছে— চাহ, কফি, ৰবৰ, কোকা আদি। ফৰাচীসকলে পশ্চিম আফ্রিকাত কফি আৰু কোকাৰ ৰোপণ কৃষি আৰম্ভ কৰিছিল। ইংৰাজসকলে ভাৰতত আৰু শ্রীলংকাত চাহ খেতি আৰু মালয়েছিয়াত ৰবৰ খেতি প্ৰৱৰ্তন কৰিছিল। বর্তমান ৰোপণ কৃষিৰ মালিকানা বিদেশী কোম্পানীৰ সলনি দেশীয় চৰকাৰ বা পুজিপতিৰ হাতলৈ আহিছে। এই খেতি মূলত বাণিজ্যিক।
এই কৃষিৰ প্ৰধান বিশেষত্ব হৈছে এই কৃষিত বৃহৎ পৰিমাণৰ পুঁজিৰ বিনিয়োগ কৰা হয়, আধুনিক প্রযুক্তিৰ প্ৰয়োগ কৰি ডাঙৰ বাগ্যিত বিশেষ এবিধ শস্যৰ উৎপাদন কৰা হয়, বাস্তা-ঘাট আৰু কাৰখানা নির্মাণ কৰি উৎপাদন ব্যৱস্থাক বজাৰৰ সৈতে সংযোজন কৰা হয় ইত্যাদি।
Sl. No. | সূচী-পত্ৰ |
Chapter 1 | বতৰ আৰু জলবায়ু |
Chapter 2 | পৃথিৱীৰ মানুহ |
Chapter 3 | জনসংখ্যা বৃদ্ধি আৰু বিতৰণ |
Chapter 4 | জনবসতি |
Chapter 5 | সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ |
Chapter 6 | অর্থনৈতিক কার্য বা বৃত্তি |
Chapter 7 | কৃষি |
Chapter 8 | উদ্যোগ |
প্রশ্ন ৮। নগৰীকৰণ আৰু বজাৰকেন্দ্ৰিক কৃষিৰ সম্বন্ধৰ এটি আভাস দিয়া ৷
উত্তৰঃ নগৰীকৰণ আৰু বজাৰকেন্দ্ৰিক কৃষিৰ মাজত ওতঃপ্রোত সম্পর্ক আছে। কৃষিৰ অর্থনৈতিক কাৰকবোৰৰ ভিতৰত বজাৰৰ গুৰুত্ব সকলোতকৈ বেছি। বর্তমান পৃথিৱীৰ বিভিন্ন দেশসমূহৰ মাজত অর্থনৈতিক বিনিময় বৃদ্ধি পাই অহাৰ লগে লগে বজাৰৰ গুৰুত্ব সকলো ক্ষেত্ৰতে বৃদ্ধি পাইছে। বিশেষকৈ নগৰ আৰু উদ্যোগিক কেন্দ্রসমূহত ক্ৰয় শক্তি বেছিকৈ থকা লোকসকলে বাস কৰে বাবে তাত শাক-পাচলি, ফল-মূল আদিৰ চাহিদা অধিক। এই চাহিদা পূৰণ কৰিবলৈ নগৰ আৰু উদ্যোগবোৰৰ আশে পাশে বছৰটোৰ সকলো সময়তে শাক-পাচলি আৰু উদ্যান শস্যৰ খেতি নিবিড়ভাৱে কৰা হয়।
নগৰৰ কাষৰীয়া ঠাইবোৰত যাতায়ত আৰু পৰিবহণৰ সুবিধা থকাৰ বাবে তাত উৎপাদিত দ্রব্যসমূহ সহজে নগৰৰ বজাৰসমূহত যোগান ধৰিব পাৰি। এই সুবিধা থকাৰ বাবেই সাধাৰণতে ডাঙৰ নগৰবোৰৰ কেইফালে বজাৰকেন্দ্ৰিক কৃষি গঢ়ি উঠে। সেয়েহে ক’ব পাৰি যে নগৰীকৰণৰ লগত বজাৰকেন্দ্ৰিক কৃষিৰ বিশেষ সম্পর্ক আছে। নগৰ অঞ্চলক কেন্দ্ৰ কৰিহে এই কৃষি ব্যৱস্থা গঢ়ি উঠিছে। পৃথিৱীৰ সকলো দেশৰ ‘মহানগৰবোৰৰ দৰে ভাৰতৰ মহানগৰবোৰৰ চাৰিওফালে বজাৰকেন্দ্ৰিক কৃষিয়ে প্রাধান্য লাভ কৰা দেখা গৈছে। আনকি গুৱাহাটী মহানগৰৰ আশে পাশে থকা ঠাইবোৰতো বজাৰকেন্দ্ৰিক কৃষিৰ প্ৰতি কৃষক সমাজ আকর্ষিত হোৱা দেখা গৈছে।
প্রশ্ন ৯। ধান খেতিৰ বাবে কোন পৰিৱেশৰ প্ৰয়োজন? ইয়াৰ ভৌগোলিক বিতৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ধান এবিধ প্রধান খাদ্যশস্য। পৃথিৱীৰ প্রায় আধা সংখ্যক লোকে ইয়াক প্রধান খাদ্য হিচাপে ব্যৱহাৰ কৰে। ধান খেতিৰ বাবে নাতিশীতোষ্ণ জলবায়ুৰ প্ৰয়োজন। পৃথিৱীৰ মৌচুমী জলবায়ু অনুভূত হোৱা অঞ্চলবোৰত ধানৰ খেতি কৰা হয়। সাধাৰণতে নৈ পৰীয়া সমতল, উপকূল আৰু ব-দ্বীপ অঞ্চল ধান খেতিৰ বাবে বিশেষভাৱে উপযোগী। কিছুমান পাহাৰীয়া এলেকাতো ধান খেতি কৰা হয়।
ধান খেতিৰ ভৌগোলিক বিতৰণ এনেধৰণৰ— ধান খেতিৰ বাবে অধিক উষ্ণতা আৰু বৃষ্টিপাতযুক্ত জলবায়ুৰ প্ৰয়োজন। ইয়াৰ উষ্ণতা ২৫º চেণ্টিগ্রেড—৩৫° চেণ্টিগ্ৰেডৰ ভিতৰত হ’ব লাগে। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ১০০-২০০ চেণ্টিমিটাৰৰ ভিতৰত হোৱা উচিত। ভাৰত, চীন, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, জাপান, ফিলিপিনছ আদি দেশ মৌচুমী জলবায়ুৰ অন্তৰ্গত হোৱা বাবে ইয়াত ধান খেতি ভাল হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্রাজিল, ইজিপ্ত আদি দেশতো কিছু পৰিমাণে ধান খেতি কৰা হয়।
এছিয়া মহাদেশৰ অন্তৰ্গত চীন দেশত সর্বাধিক ধান উৎপাদন কৰা হয়। ভাৰত ধান উৎপাদনত দ্বিতীয় স্থান অধিকাৰ কৰিছে। ভাৰতৰ গংগা-ব্রহ্মপুত্র উপত্যকা আৰু পূৱ উপকূল অঞ্চলত ধান খেতি অধিক হয়। উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চল কিছুমানতো ঝুম পদ্ধতিৰে ধান খেতি কৰা হয়।
প্রশ্ন ১০। ঘেঁহুৰ খেতিৰ এটি বিৱৰণ দিয়া।
উত্তৰ। ঘেঁহু এবিধ প্রধান খাদ্যশস্য। পৃথিৱীৰ বেছিভাগ মানুহে ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰে। ভৌগোলিক দিশৰ পৰাও ইয়াৰ খেতি বেছি বিস্তৃতভাৱে কৰা হয়। সমতল অঞ্চলৰ আলতীয়া আৰু বালিঅঁহীয়া মাটিত ঘেঁহু খেতি ভাল হয়। এই খেতিৰ বাবে ৫০-১০০ চেণ্টিমিটাৰ পৰিমাণৰ বাৰ্ষিক বৃষ্টিপাতৰ প্ৰয়োজন হয়। নাতিশীতোষ্ণ অঞ্চল ঘেঁহু খেতিৰ বাবে উপযোগী। শীত প্রধান ঠাইবোৰত এই খেতি কৰিবলৈ হ’লে বছৰটোৰ কমেও তিনিমাহ কাল ঠাইখন ফমুক্ত হ’ব লাগিব। আজিকালি অৱশ্যে কম বৰষুণ হোৱা ঠাইতো জলসিঞ্চনৰ দ্বাৰা ঘেঁহু খেতি কৰা হয়। চীন, ভাৰত, আমেৰিকা যুক্তাষ্ট্ৰ, ৰাচিয়া, কানাডা, অষ্ট্রেলিয়া, ফ্রান্স, জার্মানী, পাকিস্থান আদি দেশ ঘেঁহু খেতি কৰা হয়। ভাৰতৰ গংগা উপত্যকা এই খেতিৰ বাবে প্ৰখ্যাত। পৃথিৱীৰ দেশবোৰৰ ভিতৰত চীন দেশতে সৰ্বাধিক পৰিমাণৰ ঘেঁহু উৎপাদন হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত আদিয়ে ইয়াৰ পিছত স্থান লাভ কৰিছে।
প্রশ্ন ১১। কপাহ খেতিৰ গুৰুত্ব আৰু ভৌগোলিক বিতৰণ সম্বন্ধে।
উত্তৰঃ কপাহ এবিধ অতি গুরুত্বপূর্ণ আঁহজাতীয় শস্য। অতি প্রাচীন কালৰে পৰা মানৱ সমাজত ইয়াৰ ব্যৱহাৰ হৈ আহিছে। সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজত কপাহী কাপোৰৰ চাহিদা আছে। কপাহ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰিয়েই বয়ন শিল্পবোৰ প্ৰচলিত হৈ আছে।
কপাহ খেতিৰ বাবে উষ্ণ জলবায়ু আৰু মধ্যমীয়া বৰষুণ হোৱা অঞ্চল অধিক উপযোগী। বৰষুণৰ পৰিমাণ ৬৫-১১৫ চেণ্টিমিটাৰৰ ভিতৰত হ’লে ভাল। ইয়াৰ খেতি কৰিবলৈ হ’লে কৃষিক্ষেত্ৰ বছৰটোৰ ১৯০-২১০ দিন বৰফমুক্ত হৈ থাকিব লাগিব। সাধাৰণতে পানী জমা নোহোৱা ওখ বালিঅঁহীয়া মাটি কপাহ খেতিৰ বাবে উপযোগী। আজিকালি পৃথিৱীৰ প্ৰায় সকলো ঠাইতে উন্নত জাতৰ কপাহৰ খেতি কৰা দেখা যায়।
ভৌগোলিক বিতৰণৰ ফালৰ পৰা সাধাৰণে ৩০° দক্ষিণ আৰু ৪৫° উত্তৰ অক্ষাংশৰ মাজত অঞ্চল কপাহ খেতিৰ বাবে উপযোগী। কপাহ উৎপাদনকাৰী প্রধান দেশবোৰ হ’ল—আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, পাকিস্থান, ৰাচিয়া, ইজিপ্ত আৰু ব্ৰাজিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছিছপি আৰু টেনেছি নদী উপত্যকাকে লৈ এটা বৃহৎ অঞ্চলত কপাহ খেতি কৰা হয়। উত্তৰ চীনৰ হোৱাংহো আৰু ইয়াংছি উপত্যকা আৰু ইজিপ্তৰ নীল উপত্যকা কপাহ খেতিৰ বাবে বিখ্যাত। ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ ক’লা লাভা মাটিভাগ কপাহ খেতিৰ বাবে বিশেষভাৱে উপযোগী। উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয় মালভূমিত কিছু পৰিমাণে কপাহ খেতি হয়। কপাহ উৎপাদনৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ভাৰতবৰ্ষই হৈছে প্ৰধান দেশ।
প্রশ্ন ১২। চাহ উৎপাদনৰ বাবে কেনে ধৰণৰ পৰিৱেশৰ প্রয়োজন ? এই খেতিৰ ভৌগোলিক বিতৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ চাহ এবিধ প্রধান পানীয় দ্রব্য। ইয়াক চাহ গছৰ পাতৰ পৰা প্রস্তুত কৰা হয়। চাহ গছক উষ্ণ জলবায়ু আৰু বৃষ্টিসিক্ত পৰিৱেশ লাগে। পানী বন্ধ নোহোৱা এঢলীয়া পাহাৰীয়া ৰঙা মাটি চাহ খেতি বাবে বিশেষভাৱে উপযোগী।
চাহ এছিয়া মহাদেশৰ মৌচুমী জলবায়ু অঞ্চলৰ এবিধ প্রধান ৰোপণ শস্য। চীন, ভাৰত, শ্রীলংকা, ইন্দোনেছিয়া আৰু জাপান হৈছে বিশ্বৰ প্ৰধান চাহ উৎপাদনকাৰী ৰাষ্ট্ৰ। আফ্রিকা মহাদেশৰ কেনিয়া, উগাণ্ডা আৰু মোজাম্বিক দেশতো কিছু পৰিমাণে চাহৰ খেতি কৰা হয়। ভাৰতৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা চাহৰ কাৰণে বিখ্যাত। পশ্চিমবংগৰ দার্জিলিং আৰু কেৰেলাৰ পাহাৰীয়া অঞ্চলতো চাহৰ খেতি হয়। বর্তমান বিশ্ব বজাৰত চাহৰ চাহিদালৈ লক্ষ্য ৰাখি বহুতো ন ন অঞ্চলতো চাই খেতি আৰম্ভ হৈছে। চাহ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতে প্রথম আৰু চীনে দ্বিতীয় স্থান লাভ কৰিছে।
প্রশ্ন ১৩। শুদ্ধকৈ মিলোৱা
‘ক’ অংশ | ‘খ’’ অংশ |
চাহ | বিস্তৃত কৃষি কৰা হয়। |
কম জনসংখ্যাৰ দেশবোৰত | এবিধ ৰোপণ কৃষি। |
ঘন জনবসতিৰ দেশবোৰত | এবিধ বাণিজ্যিক শস্য। |
ঝুম খেতিৰ | উৎপাদিকা শক্তি বেছি। |
কুঁহিয়াৰ | মৌচুমী অঞ্চলৰ প্ৰধান খেতি। |
ধান খেতি | গহন কৃষি কৰা হয়। |
কপাহ | এবিধ আঁহজাতীয় শস্য। |
বাণিজ্যিক কৃষিৰ | উৎপাদিকা শক্তি কম। |
উত্তৰঃ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা হ’ল—
‘ক’ অংশ | ‘খ’’ অংশ |
চাহ | এবিধ ৰোপণ কৃষি। |
কম জনসংখ্যাৰ দেশবোৰত | বিস্তৃত কৃষি কৰা হয়। |
ঘন জনবসতিৰ দেশবোৰত | গহন কৃষি কৰা হয়। |
ঝুম খেতিৰ | উৎপাদিকা শক্তি কম। |
কুঁহিয়াৰ | এবিধ বাণিজ্যিক শস্য। |
ধান খেতি | মৌচুমী অঞ্চলৰ প্ৰধান খেতি। |
কপাহ | এবিধ আঁহজাতীয় শস্য। |
বাণিজ্যিক কৃষিৰ | উৎপাদিকা শক্তি বেছি। |
স্থায়ী কৃষি, ৰোপণ কৃষি, উদ্যান কৃষি আৰু বজাৰকেন্দ্ৰিক কৃষিৰ প্রধান শস্যবোৰৰ নাম লিখা। বছৰৰ কোন কোন সময়ত এই শস্যবোৰৰ খেতি কৰা হয় ? এনে কৃষি কাৰ্যৰ বাবে কি কি ভৌগোলিক কাৰকৰ প্ৰয়োজন হয়—এটি তুলনামূলক আলোচনা কৰা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.