Class 9 Geography Elective Chapter 8 উদ্যোগ

Join Telegram channel

Class 9 Geography Elective Chapter 8 উদ্যোগ, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 8 উদ্যোগ and select need one.

Class 9 Geography Elective Chapter 8 উদ্যোগ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 8 উদ্যোগ Solutions for All Subject, You can practice these here…

উদ্যোগ

অধ্যায় – ৮

ভূগােল

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। শ্রেণীবিভাজনৰ ভিত্তি উল্লেখ কৰি উদ্যোগক শ্রেণী বিভক্ত কৰা।

উত্তৰঃ আমাৰ প্ৰয়োজন পূৰ কৰাৰ হেতু আমাক বিভিন্ন ধৰণৰ বস্তু বা সামগ্রী লাগে। এই সামগ্ৰীবোৰ আমি উদ্যোগৰ পৰা পাওঁ। একোটা উদ্যোগত যিহেতু কিছুমান নির্দিষ্ট বস্তুহে উৎপাদন কৰা হয় সেয়েহে প্রয়োজন বাঢ়ি যোৱাৰ লগে লগে বিভিন্ন ধৰণৰ উদ্যোগৰ আৱশ্যকতাও বৃদ্ধি পাইছে।

প্ৰতিষ্ঠানৰ আকাৰ ব্যৱহাৰ হোৱা কেঁচামাল, উৎপাদন আৰু মালিকীস্বত্বৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহক তলত দিয়া ধৰণে শ্রেণী বিভক্ত কৰিব পাৰি।

১। আকাৰ অনুসৰি উদ্যোগক প্ৰধানকৈ তিনি শ্ৰেণীত ভগাব পাৰি—

(ক) ঘৰুৱা উদ্যোগ

(খ) ক্ষুদ্র উদ্যোগ আৰু

(গ) বৃহৎ উদ্যোগ।

২। ব্যৱহৃত কেঁচামাল অনুসৰি উদ্যোগসমূহক প্ৰধানকৈ পাঁচ ভাগত ভগাব পাৰি—

(ক) কৃষিভিত্তিক উদ্যোগ

(খ) খনিজ সম্পদভিত্তিক উদ্যোগ

(গ) ৰসায়নিক দ্রব্যভিত্তিক উদ্যোগ

(ঘ) বনজ সম্পদভিত্তিক উদ্যোগ আৰু

(ঙ) প্রাণীভিত্তিক উদ্যোগ।

৩। উৎপাদিত দ্রব্যৰ ভিত্তিত উদ্যোগসমূহক দুটা ভাগত ভগাব পাৰি—

(ক) মৌলিক উদ্যোগ আৰু

(খ) উপভোগ্য বস্তুৰ উদ্যোগ।

৪। প্রতিষ্ঠানৰ মালিকানা অনুসৰি উদ্যোগসমূহক তিনি শ্রেণীত ভগাব পাৰি—

(ক) ৰাজহুৱা খণ্ডৰ উদ্যোগ

(খ) ব্যক্তিগত খণ্ডৰ উদ্যোগ আৰু

(গ) যৌথ খণ্ডৰ উদ্যোগ।

প্রশ্ন ২। ঘৰুৱা উদ্যোগ কি ? এই উদ্যোগৰ যোগেদি সাধাৰণতে কেনেধৰণৰ সামগ্ৰী তৈয়াৰ কৰা হয় ?

উত্তৰঃ সাধাৰণতে ঘৰতে পৰিয়ালৰ সসদ্যসকলে গঢ়ি তোলা অতি ক্ষুদ্র আকাৰৰ উদ্যোগকে ঘৰুৱা উদ্যোগ বুলি কোৱা হয়। থলুৱা কেঁচামাল ব্যৱহাৰ কৰি অতি সাধাৰণ যন্ত্রপাতি বা পৰম্পৰাগত কৌশল প্ৰয়োগৰ দ্বাৰা এই উদ্যোগসমূহৰপৰা বস্তু উৎপাদন কৰা হয়।

এই উদ্যোগৰ যোগেদি উৎপাদিত সামগ্রীসমূহ সাধাৰণতে ঘৰতে ব্যৱহাৰ কৰা হয় নতুবা স্থানীয় বজাৰত বিক্ৰী কৰা হয়। ঘৰুৱা উদ্যোগৰ দ্বাৰা তৈয়াৰ হোৱা সামগ্ৰীসমূহ হৈছে—মাটিৰ বা ধাতুৰ সাজ-বাচন, শালত বোৱা কাপোৰ, খাদ্যবস্তু, আচবাব, আ-অলংকাৰ আদি।

প্রশ্ন ৩। ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ এটি তুলনামূলক আলোচনা দাঙি ধৰা।

উত্তৰঃ ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ এটি তুলনামূলক আলোচনা দাঙি ধৰা হ’ল— সীমিত সংখ্যক শ্রমিকেৰে কম মূলধন বিনিয়োগ কৰি যিবোৰ উদ্যোগ গঢ়ি তোলা হয় সেইবোশাক ক্ষুদ্র উদ্যোগ বোলে। চীন, ভাৰত আদি ঘনবসতিপূর্ণ দেশত ক্ষুদ্র উদ্যোগ সর্বাধিক গুৰুত্ব লাভ কৰে। অৱস্থান যন্ত্রপাতিৰ প্ৰয়োগ আৰু উৎপাদনক্ষেত্ৰত এই উদ্যোগ ঘৰুৱা উদ্যোগকৈ কিছু বেলেগ। সাধাৰণতে থলুৱা কেঁচামাল আৰু শ্রমিকৰ উৎপাদন ক্ষমতাৰ ওপৰত এই উদ্যোগৰ উৎপাদন নিৰ্ভৰ কৰে। ক্ষুদ্র উদ্যোগে স্থানীয় লোকৰ আর্থিক বিকাশ আৰু ক্রয় ক্ষমতা বৃদ্ধিত সহায় কৰে। এই উদ্যোগ প্রতিষ্ঠাৰ যোগেদি উদ্যোগৰ বিকেন্দ্রীকৰণ সম্ভৱপৰ হয়।

আনহাতে বৃহৎ উদ্যোগৰ কাৰণে বৃহৎ পৰিমাণৰ মূলধন, নানা প্ৰকাৰৰ কেঁচামাল, প্রশিক্ষণপ্রাপ্ত শ্রমিক, অত্যাধুনিক প্রযুক্তি, যথেষ্ট ইন্ধন আৰু বৃহৎ বজাৰৰ প্রয়োজন। বৃহৎ উদ্যোগসমূহ আন্তর্জাতিক বজাৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে ইয়াৰ পৰিচালনাৰ প্ৰক্ৰিয়াও জটিল। সাধাৰণতে ইউৰোপ আৰু আমেৰিকাৰ উন্নত ৰাষ্ট্ৰবোৰতে বৃহৎ উদ্যোগসমূহ কেন্দ্রীভূত হৈ আছে। বৃহৎ উদ্যোগসমূহক কেন্দ্ৰ কৰি অঞ্চলটোত আন আন বহুতো মজলীয়া আৰু সৰু সুৰা উদ্যোগ গঢ় লৈ উঠিব পাৰে। জাপান; চীন আৰু ভাৰত আদি দেশতো ভালেমান বৃহৎ উদ্যোগ আছে। বৃহৎ উদ্যোগসমূহ প্রতিষ্ঠা হোৱা অঞ্চলসমূহ কালক্ৰমত ঔদ্যোগিক ক্ষেত্ৰলৈ ৰূপান্তৰিত হয়।

প্রশ্ন ৪। কৃষিভিত্তিক উদ্যোগ কি উদাহৰণেৰে বুজোৱা।

উত্তৰঃ কৃষিজাত শস্য বা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগবোৰক কৃষিভিত্তিক উদ্যোগ বোলা হয়। সাধাৰণতে ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ বা সাঁচি ৰাখিবলৈ হলে কৃষিজাত সামগ্ৰীবোৰক কিছু হ’লেও শোধন কৰাৰ আৱশ্যক হয়। কেতবোৰ কৃষিভিত্তিক উদ্যোগ হৈছে—ধান কল, ঘেঁহুঁ কল, চেনি কল, পানীয় (চাহ, কফি আদি) উদ্যোগ, তেল উদ্যোগ, মছলা উদ্যোগ আদি। কিছুমান শস্যৰ উৎপাদন বছৰটোৰ এটা বিশেষ ঋতুত ব্যাপক পৰিমাণে হয়। এই শস্যবোৰ অন্য ঠাইলৈ ৰপ্তানি কৰিবৰ বাবেও কৃষিভিত্তিক উদ্যোগসমূহ গঢ়ি উঠা দেখা যায়। পৃথিৱীৰ প্ৰায় সকলো কৃষিপ্রধান দেশতে কৃষিভিত্তিক উদ্যোগৰ প্ৰাধান্য থকা দেখা যায়।

প্রশ্ন ৫। খনিজ সম্পদভিত্তিক উদ্যোগৰ এটি চমু আভাস দিয়া।

উত্তৰঃ খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি যিবোৰ উদ্যোগ গঢ়ি উঠিছে সেইবোৰক খনিজ সম্পদভিত্তিক উদ্যোগ বোলে। পৃথিৱীৰ যিবোৰ অঞ্চল খনিজ সম্পদত চহকী স্বাভাৱিকতে সেইবোৰ অঞ্চলতেই এনে ধৰণৰ উদ্যোগ গঢ় লৈ উঠিছে। আজিকালি পৰিবহণৰ সুবিধা বৃদ্ধি পোৱাৰ ফলত অৱশ্যে খনিজ সম্পদ নথকা ঠাইতো খনিজ সম্পদভিত্তিক উদ্যোগ গঢ়ি উঠাটো সম্ভৱপৰ হৈছে। কেতবোৰ খনিজ সম্পদভিত্তিক উদ্যোগ হৈছে লো- তীখা, এলুমিনিয়াম, তাম, পেট্ৰ’লিয়াম আদি।

প্রশ্ন ৬। মৌলিক উদ্যোগ বুলিলে কি বুজা উদাহৰণ দি লিখা। 

উত্তৰঃ মৌলিক উদ্যোগ বুলিলে লো-তীখাৰ উদ্যোগক বুজোৱা হয়। এই প্ৰকাৰৰ উদ্যোগে মূলতঃ অন্য উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদন কৰে। মৌলিক উদ্যোগে যন্ত্রপাতি তৈয়াৰ কৰা উদোগবোৰক কেঁচামাল যোগান ধৰে। যন্ত্রপাতিবোৰে আকৌ অন্য বস্তু বা সামগ্রী উৎপাদনত সহায় কৰে। সেয়েহে লো-তীখাৰ উদ্যোগক এবিধ মৌলিক উদ্যোগ বুলি কোৱা হয়।

প্রশ্ন ৭। উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণকাৰী কাৰকসমূহৰ এটি আভাস দিয়া ৷

উত্তৰঃ এখন দেশৰ কিছুমান অঞ্চলত উদ্যোগ সহজে গঢ় লৈ উঠিব পাৰে আৰু কালক্ৰমত তেনে ঠাই ঔদ্যোগিক অঞ্চলত পৰিণত হ’ব পাৰে। সাধাৰণতে নানা ধৰণৰ প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকে উদ্যোগৰ প্ৰতিষ্ঠা আৰু অৱস্থান নির্ণয় কৰে। উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণকাৰী কাৰকসমূহৰ এটি চমু আভাস দাঙি ধৰা হ’ল—

কেঁচামাল :- সকলো উদ্যোগৰ বাবে কেঁচামাল আৱশ্যক। বিভিন্ন উৎসৰপৰা কেঁচামাল আহৰণ কৰা হয়। কেঁচামালৰ উৎস স্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। লো-তীখাৰ প্ৰধান কেঁচামাল গধূৰ লো-আকৰ হোৱাৰ বাবে ইয়াৰ উদ্যোগ সাধাৰণতে লো-আকৰৰ উৎস স্থানৰ ওচৰতে প্ৰতিষ্ঠা কৰা হয়। ফলত কেঁচামাল পৰিবহণৰ ব্যয় যথেষ্ট কমি থাকে। আনহাতে বয়ন শিল্পৰ প্ৰধান কেঁচামাল কপাহৰ ওজন লঘু হোৱাৰ লগতে উৎপাদন প্রক্রিয়াত ই বিশেষ ওজন নেহেৰুবায়। সেয়েহে কপাহ উদ্যোগ কেঁচামালৰ উৎসস্থানত অৱস্থিত নহ’বও পাৰে। এইদৰে কেঁচামালৰ গুণাগুণ আৰু উৎস স্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্রণ কৰে।

শক্তি বা ইন্ধন :- সকলো উদ্যোগৰ বাবে শক্তি বা ইন্ধনৰ প্রয়োজন। ইন্ধনৰ প্ৰধান উৎসসমূহ হৈছে—কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ, জলবিদ্যুৎ, আণরিক শক্তি আদি। কয়লা শক্তিৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহ সাধাৰণতে কয়লাক্ষেত্ৰৰ কাষত প্রতিষ্ঠা কৰা হয়। কাৰণ গধূৰ কয়লাৰ পৰিবহণ অতি ব্যয়সাপেক্ষ। অন্যান্য ইন্ধনৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহ ইন্ধনৰ উৎসৰপৰা কিছু দুৰৈতো অৱস্থিত হ’ব পাৰে। মুঠতে ইন্ধন বা শক্তিয়ে উদ্যোগ প্রতিষ্ঠাৰ ক্ষেত্ৰত নিৰ্ণায়কৰ ভূমিকা ল’ব পাৰে।

শ্রমিক :- উদ্যোগসমূহ পৰিচালনাৰ বাবে কম-বেছি সংখ্যক প্রশিক্ষণপ্রাপ্ত শ্রমিকৰ প্রয়োজন। চাহ শিল্পৰ দৰে কিছুমান উদ্যোগক কম ব্যয়সাপেক্ষ বহুতো শ্রমিকৰ দৰকাৰ। আনহাতে কেতবোৰ উদ্যোগত যান্ত্রিকীকৰণ ইমান বেছি যে তাত সাধাৰণ শ্রমিকৰ প্ৰয়োজন কম। গতিকে উদ্যোগৰ অৱস্থান নিয়ন্ত্রণকাৰী কাৰকবোৰৰ ভিতৰত শ্ৰমিকৰ কথাটো বিশেষভাৱে গুরুত্বপূর্ণ।

যাতায়ত পৰিবহণ :- উদ্যোগ প্রতিষ্ঠাৰ বাবে উপযুক্ত যাতায়ত পৰিবহণ ব্যৱস্থাৰ আৱশ্যক। উদ্যোগলৈ কেঁচামাল অনা আৰু বজাৰলৈ উৎপাদিত সামগ্ৰী কঢ়িয়াবৰ বাবে যাতায়ত আৰু পৰিবহণ ব্যৱস্থা উন্নত হ’ব লাগে। তদুপৰি শ্রমিক আৰু অন্যান্য বয়-বস্তু কঢ়িরাবলৈও পৰিবহণ ব্যৱস্থা সুচল হ’ব লাগে। এইদৰে সুচল যাতায়ত আৰু পৰিবহণ ব্যৱস্থায়ো উদ্যোগৰ অৱস্থান যথেষ্ট পৰিমাণে নিয়ন্ত্রণ কৰে।

বজাৰ :- উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণত বজাৰে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। উদ্যোগ বজাৰৰ ওপৰত অৱস্থিত হ’লে উৎপাদিত সামগ্ৰীৰ পৰিবহণ ব্যয় কমি যায়। বহুতো উদ্যোগ নগৰত বা লগৰৰ আশে পাশে গঢ় লৈ উঠা দেখা যায়। ইয়াৰ প্ৰধান কাৰণ হৈছে নগৰাঞ্চলৰ কাষত থকা বিশাল নগৰীয়া বজাৰ। গতিকে ক’ব পাৰি যে বজাৰৰ সুবিধাই উদ্যোগৰ অৱস্থানত মূখ্য কাৰক হিচাপে ভূমিকা পালন কৰে।

মূলধন :- ঘৰুৱা উদ্যোগৰ বাহিৰে অন্যান্য উদ্যোগসমূহ প্ৰতিষ্ঠাৰ বাবে যথেষ্ট পৰিমাণৰ মূলধনৰ আৱশ্যক। উদ্যোগ প্রতিষ্ঠাৰ বাবে প্রয়োজনীয় মাটি, ঘৰ-বাৰী, যন্ত্ৰ-পাতি, ইন্ধন, শ্রমিক, যাতায়ত আৰু পৰিবহণ আদি সকলো ব্যৱস্থা যথেষ্ট ব্যয়বহুল। সেয়েহে কেঁচামাল বা শ্রমিকৰ ক্ষেত্ৰত চহকী হ’লেও কেৱল মূলধনৰ নাটনিৰ বাবেই একোটা অঞ্চল উদ্যোগৰ ক্ষেত্ৰত পিছ পৰি থকা দেখা যায়। মূলধনেই ব্যক্তি বা চৰকাৰক উদ্যোগ প্ৰতিষ্ঠাৰ দিশত প্ৰথম উদ্‌গণি যোগায়।

চৰকাৰী নীতি :- উদ্যোগ স্থাপন আৰু ইয়াৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰী নীতিৰ প্ৰয়োজন আছে। পৃথিৱীৰ সকলো দেশতে অর্থনৈতিক পৰিচালনাৰ বাবে ঔদ্যোগিক নীতি আছে। ব্যক্তিগত খণ্ডত প্রতিষ্ঠিত উদ্যোগেও এই ক্ষেত্ৰত চৰকাৰী নীতি নির্দেশনা পালন কৰিবলগীয়া হয়। চৰকাৰী নীতি নির্দেশনাই ক’ত কি উদ্যোগ কেনেধৰণে স্থাপন কৰিব পাৰি তাৰ ওপৰত প্রত্যক্ষ প্রভাৱ পেলাব পাৰে।

Sl. No.সূচী-পত্ৰ
Chapter 1বতৰ আৰু জলবায়ু
Chapter 2পৃথিৱীৰ মানুহ
Chapter 3জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
Chapter 4জনবসতি
Chapter 5সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ
Chapter 6অর্থনৈতিক কার্য বা বৃত্তি
Chapter 7কৃষি
Chapter 8উদ্যোগ

প্রশ্ন ৮। উদ্যোগৰ অৱস্থানত কেঁচামালৰ ভূমিকা সম্বন্ধে উদাহৰণ দি  লিখা।

উত্তৰঃ উদ্যোগৰ অৱস্থানত কেঁচামালে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সকলো উদ্যোগকে কেঁচামাল লাগে। কেঁচামাল বিভিন্ন উৎসৰ পৰা পাব পাৰি। কিছুমান কেঁচামাল গধুৰ কিছুমান পাল, আনহাতে কিছুমান কেঁচামাল সোনকালে নষ্ট হৈ যায়। অন্য কিছুমান কেঁচামাল উৎপাদন প্ৰক্ৰিয়াৰ মাজেৰে যাওঁতে পূৰ্বৰ ওজন বহু পৰিমাণে কমি যায়। কেঁচামালৰ উৎস স্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্রণ কৰে। লো-তীপাৰ প্ৰধান কেঁচামাল গধুৰ লোৰ আকৰ হোৱাৰ কাৰণে ইয়াৰ উদ্যোগ সাধাৰণতে লোৰ আকৰৰ উৎস স্থানৰ ওচৰতে প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ফলত কেঁচামাল পৰিবহণৰ ব্যয় যথেষ্ট পৰিমাণে কমি যায়। 

আনহাতে বয়ন শিল্প প্রধান কেঁচামাল কপাহৰ ওজন কম হোৱাৰ লগতে ই উৎপাদন প্রক্রিয়াত বিশেষ ওজন নেহেৰুৱায়। সেইবাবে কপাহ উদ্যোগ কেঁচামালৰ উৎস স্থানৰ ওচৰত অৱস্থিত নহ’বও পাৰে। সেইদৰে চেনী শিল্পৰ প্ৰধান কেঁচামাল কুঁহিয়াৰ সোনকালে নষ্ট হ সম্ভাৱনা থকাৰ বাবে ইয়াক বেছি দুৰলৈ কঢ়িয়াৰ নোৱাৰি। গতিকে চেন শিল্প কুঁহিয়াৰ উৎপাদন ক্ষেত্ৰৰ ওচৰতে অৱস্থিত হ’লে অধিক সুবিধা হয়। এইদৰে কেঁচামালৰ গুণাগুণ আৰু উৎস স্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে।

প্রশ্ন ৯। ভাৰতৰ লো-তীখা উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ লো-তীখাৰ উদ্যোগ এবিধ মৌলিক উদ্যোগ। এই উদ্যোগৰ কেঁচামাল হৈছে—লোৰ আকৰ, কয়লা, মেংগানিজ আৰু চুনশিপ। লো-তীখাৰ বৃহৎ উদ্যোগসমূহ সাধাৰণতে কেঁচামালসমূহৰ উৎস স্থানৰ ওচৰত প্ৰতিষ্ঠা কৰা হয়। এই উদ্যোগসমূহ প্ৰতিষ্ঠাৰ বাবে বৃহৎ পুঁজিৰ প্রয়োজন হোৱাৰ বাবে এই উদ্যোগসমূহ পৃথিৱীৰ উন্নত দেশবোৰত কেন্দ্রীভূত হৈ আছে।

অতি প্রাচীন কালৰে পৰা ভাৰতত লো-তীখাৰ শিল্পৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা গৈছে। পুৰণিকালত থলুৱা পৰম্পৰাগত পদ্ধতিৰে লোৰ সামগ্রী প্রস্তুত কৰা হৈছিল। ভাৰতত পোৰ আধুনিক উদ্যোগিক উৎপাদন আৰম্ভ হয় ১৯০৭ চনত বৰ্তমানৰ জামছেদপুৰত। জে. এন. টাটাই ইয়াত লো-তীপাৰ উদ্যোগ প্রতিষ্ঠা কৰি আধুনিক গো-তীগা উদ্যোগৰ আৰম্ভণি কৰে।

ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, উৰিষ্যা আৰু ছড়িচগড়ত লো-তীখাৰ উদ্যোগ গঢ় লৈ উঠিছে। লো-তীখ্য উদ্যোগৰ বাবে প্রয়োজন হোৱা কেঁচামালবোৰ এই অঞ্চলটোত সহজে পোৱা যায় বাবে এইবিধ উদ্যোগ কেন্দ্রীভূত হৈ আছে। বর্তমান দক্ষিণ ভাৰতৰ কর্ণাটক আৰু তামিলনাড়ুতো লো-তীখাৰ উদ্যোগ গঢ়ি উঠিছে। ভাৰতৰ প্রধান লো-তীখাৰ উদ্যোগিক কেন্দ্ৰবোৰ হৈে দুর্গাপুৰ, বার্ণপুৰ, জামছেদপুৰ, আছানছোল, বোকাৰো, কৰকেলা আৰু ভিপ্লাই। দক্ষিণ ভাৰতৰ ছালেম আৰু ভদ্ৰাৱতীতো লো-তীখৰ উদ্যোগ গঢ়ি উঠিছে।

লো-তীখা উৎপাদনৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰতে এক উল্লেখযোগ্য দেশ। ভাৰতত বছৰি ৩০ নিযুত মেট্রিক টনৰো অধিক তীখা উৎপাদিত হয়। বছৰি দেশখনত চাৰি নিযুত মেট্রিক টনৰো অধিক কেঁচা লো উৎপাদন হয়। লোৰ আকৰৰ বৃহৎ ভঁৰাল, আপেক্ষিকভাৱে সস্তীয়া শ্রমিকৰ সহজলভ্যতা আৰু বৃহৎ দেশীয় বজাৰে অদূৰ ভৱিষ্যতে ভাৰতৰ লো-তীখা উদ্যোগৰ দ্রুত বিকাশ সম্ভৱ কৰি তুলিব বুলি ক’ব পাৰি।

প্রশ্ন ১০। ভাৰতৰ কপাহী বয়ন শিল্পৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ ভাৰতৰ এক উল্লেখযোগ্য উদ্যোগ হৈছে কপাহী বয়ন উদ্যোগ। কপাহী বয়ন উদ্যোগৰ প্ৰধান কেঁচামাল হৈছে উচ্চমানসম্পন্ন কপাহ। কপাহ হৈছে এবিধ ওজনৰ বিশেষ পরিবর্তন নোহোৱা কেঁচামাল। সেইবাবে ইয়াৰ উদ্যোগৰ অৱস্থান কেঁচামালৰ উৎস স্থানতেই হওঁক বা বজাৰৰ কাষতেই হওঁক, পৰিবহণ ব্যয়ব বিশেষ পার্থক্য নঘটে। গতিকে শক্তি, শ্রমিক, অনুকূল প্রাকৃতিক পৰিৱেশ, বজাৰ, পৰিবহণৰ সুব্যৱস্থা আদি অন্যান্য কাৰকে এই উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। কপাহী বয়ন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া দেশকেইখনমান হৈছে—আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাচিয়া, যুক্তৰাজ্য, চীন, জাপান, ইজিপ্ত, ভাৰত আদি।

আধুনিক যন্ত্রচালিত বয়ন উদ্যোগ প্রতিষ্ঠা হোৱাৰ আগতে এই উদ্যোগে ঘৰুৱা শিল্প হিচাপে গোটেই ভাৰততে বিয়পি আছিল। বর্তমান আধুনিক যন্ত্রচালিত বয়ন উদ্যোগে ভাৰতৰ প্ৰায় ভাগ ৰাজ্যতে প্ৰসাৰ লাভ কৰিছে যদিও প্ৰধানকৈ মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্রদেশ, উত্তৰপ্ৰদেশ, কৰ্ণাটক আৰু তামিলনাড়ু ৰাজ্যত কপাহী বয়ন উদ্যোগ কেন্দ্রীভূত হৈ আছে। বর্তমান অন্ধ্রপ্রদেশ আৰু পশ্চিমবংগতো কিছু সংখ্যক এই উদ্যোগ আছে।

প্রশ্ন ১১। ভাৰতৰ এখন মানচিত্র আঁকি তাত তিনিটা লো-তীখাৰ উদ্যোগ আৰু তিনিটা কপাহী বয়ন উদ্যোগৰ অৱস্থান দেখুওৱা।

উত্তৰঃ ভাৰতৰ তিনিটা লো-তীখাৰ উদ্যোগ— 

(i) দুর্গাপুৰ,

(ii) জামছেদপুৰ,

(iii) কৰকেলা।

ভাৰতৰ তিনিটা কপাহী বয়ন উদ্যোগ—

(i) মহাৰাষ্ট্ৰ,

(ii) গুজৰাট,

(iii) মধ্যপ্রদেশ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top