Class 8 Assamese Chapter 10 পৰীক্ষিতৰ ব্ৰহ্মশাপ

Class 8 Assamese Chapter 10 পৰীক্ষিতৰ ব্ৰহ্মশাপ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Assamese পাঠ-10 পৰীক্ষিতৰ ব্ৰহ্মশাপ – সমাধান and select needs one.

Join Telegram Groups

Class 8 Assamese Chapter 10 পৰীক্ষিতৰ ব্ৰহ্মশাপ

Also, you can read Class 8 Assamese Question Answer Chapter 10 notebook online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Chapter 10 পৰীক্ষিতৰ ব্ৰহ্মশাপ – সমাধান Solutions for All Subject, You can practice these here…

পৰীক্ষিতৰ ব্ৰহ্মশাপ

-ভট্টদেৱ

প্রশ্ন ১। তলৰ বাক্য কেইটা পঢ়া আৰু উত্তৰ দিয়া ।

 ( ক ) দেখন্ত : মুনি চক্ষু মুদি সমাধি কৰি আচন্ত । এমন মুনিত তৃষ্ণায়ে আকুল হৈয়া জল খুজিলা ।

  • ১। মুনিয়ে চকু মুদি কি কৰি আছিল ? 

উত্তৰঃ মুনিয়ে চকু মুদি সমাধি কৰি আছিল । 

  • ২। মুনি জনৰ নাম কি ? 

উত্তৰঃ  মুনিজনৰ নাম শমীক ৷

  • ৩। পিয়াহত আকুৰ হৈ কোনে মুনিক পানী খুজিছিল ? 

উত্তৰঃ  পিয়াহত আকুৰ হৈ পৰীক্ষিত ৰজাই মুনিক পানী খুজিছিল । 

(খ) পাচে তান পুত্র শৃঙ্গী বার্তা পায়া ক্রোধে ছৱালসবৰ আগতে বােলন্ত : অহো ৰাজাৰ অন্যায় দেখ । 

  • ১। কি খবৰ পাই মুনিপুত্র শৃঙ্গীৰ খং উঠিছিল ?

উত্তৰঃ পৰীক্ষিত ৰজাই মৰা সাপ ধনুৰ আগেৰে আনি শমীকৰ গলত দিয়া কথাটো শুনি মুনিপুত্র শৃঙ্গীৰ খং উঠিছিল । 

  • ২। ৰজাই কি অন্যায় কৰাৰ কথা কৈছে ?

উত্তৰঃ  ধ্যানমগ্ন হৈ থকাৰ কাৰণে পিয়াহত আতুৰ পৰীক্ষিত ৰজাই পানী খােজাৰ কথা শমীক মুনিয়ে ক’ব নােৱাৰিলে । তথাপি ৰজাক অৱজ্ঞা কৰি মুনিয়ে পানী নিদিলে বুলি ভাবি মুনিক শাস্তি দিয়াৰ উদ্দেশ্যে মৰা সাপ এডাল ধনুৰ আগেৰে আনি ধ্যানমগ্ন মুনিৰ গলত দিলে । ৰজাৰ এই কার্যকে অন্যায় কৰা বুলি কৈছে । 

( গ ) আজি মঞি দণ্ডিবো : মােৰ বল দেখ । এহি বুলি কৌষিকী জলত আচান্ত কৰি ৰজাক সপ্ত দিনত তক্ষকে দংশােক বুলি শাপ দিলা ।

  • ১। উক্ত কথা ফাকি কোনে কৈছিল আৰু কিয় কৈছিল ? 

উত্তৰঃ  উক্ত কথাফাকি শমীক মুনিৰ পুত্র শৃঙ্গীয়ে কৈছিল।পৰীক্ষিত ৰজাই অন্যায়ভাৱে ধ্যানমগ্ন পিতৃ শমীক মুনিৰ গলত মৰা সাপ দিয়াৰ কাৰণে শৃঙ্গীয়ে খং  কৰি এনেদৰে কৈছিল ।

  • ২। শৃঙ্গীয়ে কৌষিকী জলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল ? 

উত্তৰঃ  শৃঙ্গীয়ে কৌষিকী জলত গা ধুই ৰজাক এই বুলি অভিশাপ দিলে ‘ৰজাক সপ্তদিনত তক্ষকে দংশােক’ । 

( ঘ ) অহাে দুষ্টপুত্র কি অন্যায় কৰিলি ।

  • ১। শমীক মুনিয়ে শৃঙ্গীক দুষ্ট পুত্ৰ বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা আছিল ?

উত্তৰঃ  পৰীক্ষিত ৰজাক শপাৰ কথা যেতিয়া শৃঙ্গীয়ে পিতৃ শমীক মুনিক ক’লে তেতিয়া খং কৰি শমীক মুনিয়ে পুতেক শৃঙ্গীক দুষ্টপুত্ৰ বুলি কৈছে আৰু খঙতে শৃঙ্গীয়ে ৰজাক অভিশাপ দিয়া কার্যক অন্যায় কৰা বুলি কৈছে ।

  • 2। শৃঙ্গীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শমীক মুনিয়ে ভগবান কৃষ্ণৰ ওচৰত কি বুলি প্রার্থনা কৰিছিল । 

 ( ঙ ) মহাশ্ৰান্ত হৈয়া আমাক জল খুজিলন্ত । আঙ্ক কেনে শাপ দিলি । ই পাপৰ আন প্রায়শ্চিত্ত নেদেখি কৃষ্ণক প্রার্থন্ত । 

উত্তৰঃ  শৃঙ্গীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শমীক মুনিয়ে ভগবান কৃষ্ণৰ ওচৰত এই বুলি প্রার্থনা কৰিছিল— ‘ হে কৃষ্ণ , অনা – অপৰাধী তােমাৰ ভক্তক অবােধ ছৱালে অপকাৰ কৰিলে । তাক সর্বাত্মা তুমি ক্ষমা কৰা ।

 প্রশ্ন ২। উত্তৰ দিয়া :

 ( ক ) পৰীক্ষিত ৰজাৰ মৃত্যু হ’লে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি শমীক মুনিয়ে পুতেকক কৈছে ? 

উত্তৰঃ  পৰীক্ষিত ৰজাৰ মৃত্যু হ’লে ৰাজ্য নষ্ট হ’ব , মানুহৰ মাজত চোৰ ডকাইত হ’ব , প্রজাসকলেও নানা দুখ পাব , এই পাপে তাক পাব বুলি শমীক মুনিয়ে পুতেকক কৈছে ।

( খ ) শমীক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছে লিখা । 

উত্তৰঃ শমীক মুনি মহাজ্ঞানী আছিল । ধ্যানমগ্ন হৈ থকাৰ কাৰণে পিয়াহত আতুৰ পৰীক্ষিতে খাবলৈ পানী খােজাৰ কথা গম পােৱা নাছিল । ৰজাক অবজ্ঞা কৰি মুনিয়ে খাবলৈ পানী নিদিলে বুলি ৰজাই ভুলকৈ ভাবি মুনিক মৰা সাপ গলত দি শাস্তি দিয়াতাে মুনিয়ে ৰজাক খং নকৰিলে । কাৰণ পৰীক্ষিত তেওঁলােকৰ ৰজা ৷

তেওঁ চক্ৰৱৰ্তী ৰজা । অন্যায়ভাৱে একো চিন্তা নকৰাকৈ পুতেকে ৰজাক অভিশাপ দিয়াত মুনিয়ে বৰ দুখ পালে । কাৰণ ৰজাৰ মৃত্যু হ’লে ৰাজ্য অৰাজক হ’ব , চোৰ – ডকাইতৰ উৎপাত বাঢ়িব , প্রজাসকলৰ নানা দুখ কষ্ট হ’ব ।

মুনিয়ে ৰাজ্যত তেনে হােৱাটো কেতিয়াও বাঞ্ছা নকৰে । তাৰােপৰি ৰজা আছিল কৃষ্ণৰ পৰম ভক্ত । কৃষ্ণ ভক্তক এনেদৰে অভিশাপ দিয়াটো বৰ অন্যায় হৈছে  বুলি মুনি ভাবিছে । তেওঁ ভগৱান কৃষ্ণৰ ওচৰত অবোধ পুতেকক ক্ষমা কৰিবলৈ প্ৰাৰ্থনা জনাইছে ।

          এইবিলাক কথাৰ পৰা শমীক মুনিৰ মহত্ব প্ৰকাশ পাইছে ।

প্রশ্ন ৩। ‘পৰীক্ষিতৰ ব্ৰহ্মশাপ ’ নামৰ পাঠটোৰ পৰা তলত তুলি দিয়া বাক্যকেই আধুনিক অসমীয়া গদ্যৰূপত লিখা ।

 ( ক ) একদিনা পৰীক্ষিত ৰাজা ধনু-শৰ ধৰি মৃগয়া কৰিতে বনক গৈলা ।

উত্তৰঃ  এদিন পৰীক্ষিত ৰজাই ধনু শৰ লৈ চিকাৰ কৰিবলৈ বনলৈ গৈছিল ।

 ( খ ) মৃগক খেদি ক্ষুধায়ে তৃষ্ণায়ে শ্ৰান্ত হৈলা ।

উত্তৰঃ  চিকাৰত পহু খেদি খেদি তােক পিয়াহত ক্লান্ত হৈ পৰিল । 

( গ ) এহি বুলি মৰা সর্প ধনুৰ আগে আনি মুনিৰ গলত দিয়া গৃহক গৈলা । 

উত্তৰঃ এই বুলি মৰা সাপ ধনুৰ আগেৰে তুলি আনি মুনিৰ গলত দি ঘৰলৈ গৈছিল । 

( ঘ ) পাচে শৃঙ্গী ৰাজাক শাপিবাৰ কথা কহিলা ।

উত্তৰঃ  পিছত শৃঙ্গীয়ে ৰজাক অভিশাপ দিয়াৰ কথা ক’লে । 

( ঙ ) মহা ধর্মপৰ , আৰো হৰিভক্ত । মহাশ্ৰান্ত হৈয়া আমাত জল খুজিলন্ত । 

উত্তৰঃ  মহা ধার্মিক আৰু হৰিভক্ত । বৰ ক্লান্ত হৈ মােৰ ওচৰত পানী খুজিছিল ।

 ( চ ) যাতাে সাধুসৱে পৰৰ দুঃখেসে দুঃখী হৈয়া আপুনাৰ দুঃখ নুগুনে । 

উত্তৰঃ  যেহেতু সাধুসকলে পৰৰ দুখত দুখী হৈ নিজৰ দুখৰ কথা নাভাবে । 

প্রশ্ন ৪। ব্যাখ্যা কৰা :

 ( ক ) দাস হৈয়া স্বামীক অপকাৰ কৰে :  ব্রাহ্মণ সৱে ক্ষত্রিয়ক ৰাজা পাতিছে : সি কোন আমাক দ্রোহ কৰে : দুষ্টৰ নিয়ন্তা কৃষ্ণ বৈকুণ্ঠক গৈলে , আৰা এতেক অন্যায় কৰে ।

উত্তৰঃ  উদ্ধৃত কথাখিনি ‘পৰীক্ষিতৰ ব্ৰহ্মশাপ’ নামৰ পাঠটিৰ অন্তৰ্গত । ৰজা পৰীক্ষিতে শমীক মুনিৰ গলত মৰা সাপ দি গুচি যােৱাত মুনিপুত্র শৃঙ্গীয়ে খং কৰি সেই কথাফাকি কৈছিল ।

         ব্রাহ্মণসকলে আগৰ দিনত ক্ষত্রিয়ক ৰজা পাতিছিল । গতিকে ব্রাহ্মণসকল ক্ষয়িত্ৰৰ গৰাকী তথা স্বামী আৰু ক্ষত্রিয়ৰ ৰজাসকল ব্রাহ্মণৰ দাস । দাসে স্বামী বা গৰাকীৰ অপকাৰ কৰিব নাপায় । ৰজা পৰীক্ষিত আছিল ক্ষয়িত্ৰ ৰজা । তেৱো ব্রাহ্মণৰ দাস । দাস হৈ ব্রাহ্মণ মুনি শমীকৰ গলত মৰা সাপ দি বৰ অপকাৰ কৰিলে ।

দুষ্টৰ নয়ন্তা বৈকুণ্ঠলৈ গ’ল বুলিয়েননা পৃথিৱীত ইমান অন্যায় হব পাৰেনে ? এয়া আছিল শমীক মুনিৰ পুত্র শৃঙ্গীৰ যুক্তি । 

( খ ) যাতে সাধুসৱে পবৰ দুঃখেসে দুঃখী হৈয়া আপুনাৰ দুঃখ নুগুনে । 

উত্তৰঃ উদ্ধৃত কথাফাকি ‘পৰীক্ষিতৰ ব্ৰহ্মশাপ’ নামৰ পাঠটিৰ অন্তৰ্গত । এইকথাফাকিৰে সুতে সাধুসন্ত মুনি শমীকৰ মহান গুণৰ কথা প্রকাশ কৰিছে । 

           সাধু সন্ত সকল মহাজ্ঞানী । তেওঁলােকৰ বিচাৰ – বিবেচনা , চিন্তাধাৰা অতি উচ্চ । তেওঁলােকে নিজৰ দুখ – কষ্টৰ কথা মনলৈ নানি পৰৰ দুখ কষ্টত দুখী হয় । শমীক মুনিয়ো আছিল জ্ঞানীজন সাধু । সেয়ে ৰজা পৰীক্ষিতে তেওঁৰ গলত অন্যায়ভাৱে মৰা সাপ দিলেও ৰজাক দোষী কৰা নাই , বৰং ভােক – পিয়াহত আতুৰ ৰজাক তেওঁ ধ্যানমগ্ন হৈ থকাৰ কাৰণে শুশ্রুষা কৰিব নােৱাৰি দুখহে প্ৰকাশ কৰিছে ।

আনহাতে পুত্র শৃঙ্গীয়ে ঈশ্বৰৰ পৰম ভক্ত ধার্মিক পৰীক্ষিত ৰজাক অভিশাপ দিয়াত অতিকৈ মনােকষ্ট পাইছে । এয়া সাধুসকলৰ মহানতা তথা গুণ । 

প্রশ্ন ৫৷ তলৰ শব্দবিলাকৰ অর্থ লিখা ।

 সমাধি , তৃষ্ণা , আকুল , দণ্ডিবাে , কৌশিকী , আচান্ত , তক্ষক , শাপ ।

 উত্তৰঃ            

সমাধি       —       ধ্যানমগ্ন, তন্ময় অৱস্থা , মৰিশালী , কবৰ । 

তৃষ্ণা         —       পিয়াহ ।

আকুল      ―      কাতৰ , বিবুদ্ধি ।

কৌষিকী    ―      এখন নদীৰ নাম । 

আচান্ত      —      স্নান কৰি , গা ধুই । 

তক্ষক       ―       নাগৰাজ , সাপৰ ৰজা , এবিধ সাপ । 

শাপ – শাও ―       অমঙ্গল বা অশুভ কামনা কৰি উচ্চাৰণ কৰা বাক্য ।

 প্রশ্ন ৬। তলত দিয়া শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দ পাঠৰ পৰা বাছিউলিয়াই লিখা ।

 প্রজা , প্রশংসা , নিম্ন , উপকাৰ , শান্ত , ন্যায় , সুখ , অসমর্থ ।

উত্তৰঃ        

প্ৰজা         ―        ৰজা । 

প্রশংসা     —         নিন্দা ।

নিম্ন           ―         উচ্চ । 

উপকাৰ    ―         অপকাৰ । 

ন্যায়         ―          অন্যায় ।

শান্ত         ―         উগ্র । 

সুখ           ―          দুখ ।

 অসমর্থ     ―          সমর্থ । 

প্রশ্ন ৭৷ তলত দিয়া শব্দবােৰৰ অৰ্থ লিখি পার্থক্য প্রকাশ হােৱাকৈ বাক্য ৰচনা কৰা ।

শাপ, তান, শৰ, সুত, সাপ, টান, সৰ, সূত ।

উত্তৰঃ     শাপ ( শাও ) :-  শমীক মুনিৰ পুত্র শৃঙ্গীয়ে পৰীক্ষিতক সপ্তদিনত তক্ষকে দংশক বুলি শাপ দিছিল 

সাপ ( নাগ , সর্প ) :-  সকলাে সাপৰ বিষ নাথাকে । 

তান ( সুৰ ) :-  সকলাে গানৰে একেধৰণৰ তান নহয় । 

টান ( কঠিন ) :-  কোমল কহো শুকালে সাধাৰণতে টান হয় । 

শৰ ( কাড় ) :- সময়ৰ শৰ মাৰিব জানিব লাগে । 

সৰ – ( ১। গাখীৰৰ চামনি ) :-  গাখীৰৰ সৰৰ পৰা কালাকান তৈয়াৰ কৰে । 

( ২। খহিপৰ ) :- পকা আমটো সৰিল । 

 সুত ( পুত্র ) :- শমীক মুনিৰ সুত শৃঙ্গীয়ে ৰজা পৰীক্ষিতক অভিশাপ দিছিল । 

 সূত ( এজন মুনিৰ নাম ) :-  সূতে পৰীক্ষিত ৰজাক ধৰ্মৰ কথা শুনাইছিল । 

প্রশ্ন ৮। শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

 ‘কৃষ্ণ’ শব্দটোৰ ‘ষ্ণ’ যুক্তাক্ষৰটো ভাঙিলে তলৰ কোনটো হ’ব ? 

( ক ) ষ + ঞ ( খ ) ষ + ছ ( গ ) ষ + ণ । ( ঘ ) ষ + ন 

উত্তৰঃ  ( গ ) ষ + ণ = ষ্ণ

 প্রশ্ন ৯। ‘শ্রান্ত’ শব্দৰ ‘শ্ৰ’ যুক্তাক্ষৰ ভাঙিলে তলৰ কোনটো হ’ব ?

 ( ক ) ড + শ ( খ ) ষ + ড ( গ ) শ + ঋ ( ঘ ) শ + ৰ 

উত্তৰঃ ( ঘ ) শ + ব = ‘ শ্র ’ 

প্রশ্ন ১০। ‘অৱজ্ঞা’ শব্দৰ ‘জ্ঞ’  যুক্তাক্ষৰ ভাঙিলে তলৰ কোনটো হ’ব ? 

( ক ) জ + ণ ( খ ) জ + ন ( গ ) জ + ঞ 

উত্তৰঃ ( গ ) জ + ঞ = জ্ঞ । 

প্রশ্ন ১১। পাঠত পােৱা ৰাজা , পিতৃ , ব্রাহ্মণ , পুত্র – এই শব্দকেইটাৰ বিপৰীত লিংগ লিখা । 

উত্তৰঃ         ৰাজা       ―         ৰাণী ।

                 পিতৃ         ―         মাতৃ ।

                 ব্রাহ্মণ      ―         ব্রাহ্মণী ।

                 পুত্র           ―        পুত্রী ।

 প্রশ্ন ১২। পাঠটো পঢ়ি পুৰণি অসমীয়া ভাষাত ব্যৱহাৰ হােৱা বর্তমান , অতীত আৰু ভৱিষ্যৎ কালৰ ক্রিয়াপদ কেইটা বাছি উলিয়াই লিখা ।

উত্তৰঃ         বােলন্ত      ―         বর্তমান কাল ।

                 হইবেক     ―         ভৱিষ্যত কাল ।

                 গৈলা        ―         অতীত কাল ।

                 দংশােক   ―          ভৱিষ্যত কাল ।

                 আচাস্ত     ―         বর্তমান কাল ।

                পাইবেক    ―         ভবিষ্যত কাল ।

                দেখত্ত       ―          বর্তমান কাল ।

                 প্রার্থন্ত      ―          বর্তমান কাল ।

                দণ্ডিবাে     ―          বর্তমান কাল ।

প্রশ্ন ১৩। পৰীক্ষিত ৰজাই শমীক মুনিৰ গলত মৰা সাপ আঁৰি দি ভুল কৰা নাছিল । নে ? তােমাৰ মতামত ব্যক্ত কৰা । 

উত্তৰঃ পৰীক্ষিত ৰজাই শমীক মুনিৰ গলত মৰা শাপ আঁৰি দি ভুল কৰিছিল । পৰীক্ষিত ৰজা ধর্মপৰায়ণ আৰু হৰিভক্ত হােৱাৰ উপৰিও তেওঁ আছিল চক্ৰৱৰ্তী ৰজা । এনে এজন গুণী – জ্ঞানী আৰু দায়িত্বশীল ৰজাই ধ্যানমগ্ন মুনি শমীকৰ ওপৰত ভুল ধাৰণা লৈ মুনিয়ে তেওঁক অৱজ্ঞা কৰা বুলি ভবাটো কেতিয়াও উচিত কাম হােৱা নাছিল ।

তেওঁ শমীক মুনিৰ গলত মৰা সাপ আঁৰি দিয়াৰ দৰে ভুল কাম কৰিব নালাগিছিল । 

Sl. No.Contents
পাঠ – 1নিয়ম
পাঠ – 2যুগমীয়া শৰাইঘাট
পাঠ – 3এন্ ফ্ৰাঙ্কৰ ডায়েৰী
পাঠ – 4জাগা জননীৰ সন্তান
পাঠ – 5ভক্তপ্ৰাণ প্রহ্লাদ
পাঠ – 6প্ৰগতিৰ সোণালী বাট
পাঠ – 7বস্তু বিজ্ঞান অধ্যয়ন
পাঠ – 8শ্ৰীশ্ৰী শংকৰদেৱ
পাঠ – 9ভয়
পাঠ – 10পৰীক্ষিতৰ ব্ৰহ্মশাপ
পাঠ – 11অতীতক নাযাবা পাহৰি
পাঠ – 12সুখ
পাঠ – 13হোমি জাহাংগীৰ ভাবা
পাঠ – 14সংস্কৃতি আৰু আমাৰ জীৱন
পাঠ – 15শিশুলীলা

প্রশ্ন ১৪। তােমাৰ জীৱনত কেতিয়াবা তুমি কৰিব নলগীয়া কাম কৰিছিলা নেকি লিখা । 

উত্তৰঃ কথাতে কয় মানুহ মাত্রেই ভুল হয় । জীৱনত মানুহে কেতিয়াও ভুলৰ পৰা হাত সাৰিব নােৱাৰে । গতিকে মােৰ জীৱনতাে মােৰ জ্ঞান আৰু সচেতনতাৰ অভাৱত কেতিয়াবা কৰিব নলগীয়া কামাে হয়তাে কৰিছিলাে আৰু তাৰ পিছত ভুল বুলি জানিব পাৰি তাৰ বাবে যথেষ্ট অনুতপ্তও হৈছিলাে ।

 প্রশ্ন ১৫। তলত দিয়া বিষয়সমূহ আলােচনা কৰা ।

 ( ক ) পৰীক্ষিতৰ জন্ম কাহিনী

 উত্তৰঃ পৰীক্ষিত চন্দ্র বংশীয় এজন ৰজা । দ্বাপৰ যুগৰ শেষৰ কালডােখৰত এওঁ ৰাজত্ব কৰিছিল । এওঁ তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ ঔৰসত বিৰাট ৰজাৰ কন্যা উত্তৰাৰ গৰ্ভত পৰীক্ষিতৰ জন্ম হয় । পাণ্ডৱক নির্মূল কৰা অর্থে অশ্বত্থামাই প্রয়ােগ কৰা ব্রহ্মাস্ত্রই এওঁক মাতৃগর্ভতে মাৰি পেলাইছিল ।

শ্রীকৃষ্ণই যােগৰ বলেৰে গৰ্ভতে পুনর্জীৱিত কৰে । পাণ্ডৱ বংশ ক্ষয় পােৱা অৱস্থাত এওঁ ওপজে বাবে শ্রীকৃষ্ণই এওঁৰ নাম পৰীক্ষিত . হয় । পাণ্ডৱসকল মহাপ্রস্থানলৈ যাত্ৰা কৰা সময়ত পৰীক্ষিত নিচেই শিশু অৱস্থাত আছিল যদিও হস্তিনাপুৰৰ সিংহাসনত ৰজা হ’ব লাগিছিল ।

 ( খ ) শমীক মুনিৰ গলত মৰা সাপ আঁৰি দি পৰীক্ষিত ৰজা কেনেকুৱা অৱস্থাৰ সম্মুখীন হ’বলগীয়া হ’ল । 

উত্তৰঃ শমীক মুনিৰ গলত মৰা শাপ আঁৰি দি পৰীক্ষিত ৰজা দাৰুণ অৱস্থাৰ সন্মুখীন হ’বলগীয়া হ’ল । শমীক মুনিৰ পুত্র শৃঙ্গীয়ে পৰীক্ষিত ৰজাৰ এই কার্যত ভীষণ খং কৰিছিল আৰু খঙৰ কোবতে সাতদিনৰ ভিতৰতে তক্ষকে ৰজাক খুটি মাৰক বুলি অভিশাপ দিছিল ।

এই নিদাৰুন অভিশাপৰ পৰা ৰজা পৰীক্ষিত হাত সাৰিব পৰা নাছিল আৰু ফল স্বৰূপে  সাতদিনৰ দিনা তেওঁক তক্ষকে খুটি মাৰিছিল । 

( গ ) মৃগয়াই কিদৰে প্ৰাণীকূল আৰু প্রাকৃতিক পৰিৱেশৰ ক্ষতি সাধন কৰিব পাৰে , যুক্তি সহকাৰে লিখা ।

উত্তৰঃ প্ৰকৃতিৰ জীৱ – জন্তুকে ধৰি বিভিন্ন গছ – লতা আদিও ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল হৈ বসবাস কৰি জীয়াই থাকে । মৃগয়াত , অর্থাৎ বিভিন্ন চৰাই – চিৰিকতি , বনৰীয়া জন্তু চিকাৰ কৰি মাৰিলে সেই প্রাণীসমূহ ক্রমে ক্রমে বিলুপ্তি হ’বলৈ ধৰে । বননী ধ্বংস হয় । ইয়াৰ ফলত পৃথিৱীত লাহে লাহে অনেক জীৱ – জন্তু নাইকিয়া হ’বলৈ ধৰিছে ।

গড় চিকাৰৰ ফলত ঘাইকৈ অসমত গড়ৰ সংখ্যা কমি আহিছে । বাঘ , হৰিণ আদি জন্তুৰো দ্রুতগতিত হ্রাস পাবলৈ ধৰিছে ৷ সেয়ে এইবােৰ চৰকাৰীভাৱে আইন – কানুন কৰি সংৰক্ষিত বনাঞ্চলত সংৰক্ষণৰ ব্যৱস্থা কৰিছে ।

আনহাতে প্রকৃতিৰ বনাঞ্চল ধ্বংসৰ কাৰণেও বনৰীয়া জন্তু – জানােৱাৰে থাকিবলৈ ঠাই নাপাই আৰু খাদ্যৰ অভাৱত মানুহৰ বসতি অঞ্চলত উৎপাত কৰিবলৈ লাগিছে ।

প্রশ্ন ১৬। পৃথিৱীৰ পৰা কিছুমান প্রাণী প্রজাতি বিলুপ্ত হ’বলৈ ধৰিছে । বিলুপ্ত হ’বলৈ ধৰা প্ৰাণীৰ নাম , বিলুপ্ত হােৱাৰ কাৰণ আৰু সংৰক্ষণৰ উপায় উলিয়াই তালিকা অন্তর্ভুক্ত কৰা ।

 উত্তৰঃ

( ক ) বিলুপ্ত প্রায় হােৱা প্ৰাণীৰ নাম । 

১। সােণালী বান্দৰ । 

২। হুদু ।

৩। হাড়গিলা ।

 ৪। বন কপৌ । 

৫। শিহু । 

( খ ) বিলুপ্ত হােৱাৰ কাৰণ— 

১। মাংসৰ লােভত চিকাৰ কৰা । 

২। হাড় – মূৰ আদি অংগ বিক্ৰী কৰি ধন ঘটাৰ উদ্দেশ্যে জন্তু চৰাই চিৰিকতি মাৰি পেলােৱা । 

৩। খাদ্যৰ অভাৱত মৃত্যু হােৱা ।

 ৪। বাসস্থানৰ অভাৱত বনাঞ্চলৰ পৰা ওলাই অহাত মানুহৰ হাতত মৃত্যু হােৱা । 

৫৷ খেতি পথাৰ আদিত ছটিওৱা কীট – নাশক বিষাক্ত ঔষধ খাই মৃত্যু হােৱা । 

( গ ) সংৰক্ষণৰ উপায় –

 ১। মুকৰি চিকাৰ আইন কৰি সম্পূৰ্ণৰূপে বন্ধ কৰা । 

২। চোৰাং চিকাৰীৰ পৰা জীৱ – জন্তুক ৰক্ষাৰ বাবে মজবুট পহৰাৰ ব্যৱস্থা কৰা । 

৩। বনৰীয়া জীৱ – জন্তুৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ব্যৱস্থা কৰা । 

৪। এনে জীৱ – জন্তু হত্যা কৰিলে হত্যাকাৰীক আইনমতে শাস্তি প্রদান কৰাৰ ব্যৱস্থা ।

 ৫। চৰাই – চিৰিকতি বা জীৱ – জন্তুৱে যাতে বিষাক্ত ঔষধ ছটিওৱা ঘাঁহ – বন শস্যাদি খাব নােৱাৰে তাৰ ব্যৱস্থা কৰা । 

প্রশ্ন ১৭। মহাভাৰত আৰু ৰামায়ণৰ পৰা তিনিটাকৈ নাৰী চৰিত্র উল্লেখ কৰি চমুটোকা লিখা । 

উত্তরঃ মহাভাৰতৰ তিনিটা নাৰী চৰিত্ৰৰ নামােল্লেখ –

 ( ক ) কুন্তী 

( খ ) দ্রৌপদী 

( গ ) গান্ধাৰী 

ৰামায়নৰ তিনিটা নাৰী চৰিত্ৰৰ নামােল্লেখ-

 ( ঘ ) সীতা 

( ঙ ) তাৰা 

( চ ) কৈকেয়ী

( ক ) কুন্তী

উত্তৰঃ যদুবংশীয় সুৰসেনৰ কন্যা , বসুদেৱৰ ভনীয়েক এওঁৰ আচল নাম পৃথা । পেহীয়েকৰ পুত্র অপুত্রক কুন্তিভােজ ৰজাক পূর্বৰ প্ৰতিজ্ঞামতে নিজৰ প্রথম সন্তান পৃথক সুৰসেনে দান কৰে । কুন্তিভােজে ডাঙৰ – দীঘল কৰা কাৰণে এওঁৰ নাম কুন্তী হয় । পিছত হস্তিনাপুৰৰ ৰজা পাণ্ডুই বিয়া কৰায় ।

আবিয়ৈ অৱস্থাৰে সূৰ্যৰ ঔৰষত কৰ্ণ আৰু বিয়াৰ পিছত পাণ্ডুৰ পৰামর্শ ক্রমেই ধর্ম , ইন্দ্ৰ আৰু পবন দেৱতাৰ ঔৰষত কুন্তীয়ে যুধিষ্ঠিৰ , অর্জুন আৰু ভীম , জন্ম দিয়ে । পাণ্ডুৰ আনগৰাকী মাতৃৰ  গৰ্ভত নকুল সহদেবৰ জন্ম হয় । পাণ্ডুৰ অকাল বিয়ােগত মাতৃ সহগামী হােৱাত কুন্তীয়ে পাঁচোজন পাণ্ডৱক প্রতিপাল কৰে । কুৰুক্ষেত্ৰ ৰণৰ পিছত কুন্তীয়ে বাণপ্রস্থ জীৱন অৱলম্বন কৰে ।

( খ ) দ্রৌপদী

উত্তৰঃ দ্রুপদ ৰজাৰ কন্যা আৰু পঞ্চ পাঞ্জৱৰ পত্নী । শৰীৰৰ বৰণ শ্যাম বৰণীয়া হােৱা কাৰণে ৰজাই কৃষ্ণা বুলি মাতিছিল । আনহাতে লোক সমাজত পাঞ্চালী , যজ্ঞসেনী বুলি জনাজাত আছিল । পাণ্ডৱৰ বনবাসৰ সময়ত অর্জুনে লক্ষ্যভেদ কৰি দ্রৌপদীক লাভ কৰিছিল যদিও মাকৰ কথা মতে দ্রৌপদী পঞ্চপাণ্ডৱৰ পত্নী হয় ।

ৰাজ্যচ্যুত হৈ বসবাস খাটিবলগীয়া হোৱাতো দ্ৰৌপদী পঞ্চপাণ্ডৱৰ লগত বনে বনে ঘূৰি অসীম কষ্ট  বসবাস খাটিবলগীয়া হােৱাতে দ্রৌপদী পঞ্চপাণ্ডৱৰ লগত বনে বনে ঘূৰি অসীম কষ্ট ভুগিছিল । তেওঁক বেয়া ব্যৱহাৰ কৰা কাৰণেই অজ্ঞাত বাসত বিৰাট ৰজাৰ খুলশালিক কীচকক ভীমে বধ কৰিছিল ।

পাশাখেলত যুধিষ্ঠিৰ হৰা কাৰণেই দুশাসনে দ্রৌপদীক ৰাজসভাত বিবস্ত্র কৰি অপমান কৰিব খুজিছিল যদিও ভগৱান শ্রীকৃষ্ণই এই বিপদৰ পৰা তেওঁক ৰক্ষা কৰিছিল । এই অপমানৰ প্রতিশােধ ৰূপে ভীমে দুশাসনৰ বুকু চিৰি ৰক্তপান কৰিছিল । পাণ্ডৱৰ মহাপ্রস্থানৰ সময়ত তেওঁ সোঁ শৰীৰে স্বৰ্গলৈ যাব নােৱাৰিলে ।

( গ ) গান্ধাবী

উত্তৰঃ গান্ধাৰ দেশৰ ৰজা সুবলৰ কন্যা , কুৰুবংশীয় ৰজা ধৃতৰাষ্ট্ৰৰ পত্নী আৰু দুর্যোধন আদি এশ পুত্রৰ মাতৃ । স্বামী ধৃতৰাষ্ট্র জন্মান্ধ হােৱাৰ কাৰণেই গান্ধাৰীয়েও চকুত কাপােৰ বান্ধি আজীৱন অন্ধৰ দৰে কাল কটাইছিল । সৎ পথত থাকি ধর্মাশ্রয়ী পাণ্ডৱৰ লগত মিলিজুলি ৰাজ্যভােগ কৰিবলৈ তেওঁ পুত্ৰসকলক উপদেশ দিছিল যদিও তেওঁৰ সেই উপদেশ নামানিলে।

শ্ৰীকৃষ্ণৰ সাক্ষাতে কুৰুক্ষেত্ৰত নিজৰ পুত্ৰসকলৰ মৃত্যুত শােকদগ্ধা গান্ধাৰীয়ে কৃষ্ণক অভিশাপ দিছিল আৰু সেই অভিশাপৰ ফল যদুকুল ধ্বংসৰ অন্যতম কাৰণ ।

( ঘ ) সীতা

উত্তৰঃ জনক ৰজাৰ পালিতা জীয়ৰী সীতা শ্ৰীৰামচন্দ্র ভার্মা । যজ্ঞভূমি চহ কৰোঁতে জনকে নাঙলৰ সীৰলুত এওঁক পাইছিল কাৰণে এওঁৰ নাম সীতা , জনকৰ পালিতা কন্যা কাৰণে এওঁক জানকীও বােলা হয় । ৰামে হৰধনু ভংগ কৰি সীতাক লাভ কৰিছিল । ৰামৰ বাৰবছৰ বনবাসত ৰাম লক্ষ্মণৰ সৈতে সীতাও আছিল ।

সেই সময়তেই লংকাৰ ৰজা ৰাৱণে এওঁক হৰণ কৰি নিয়াত ৰামে বনৰ ৰজা সুগ্রীৱৰ সহায়ত ৰাৱনক বধ কৰি সীতাক উদ্ধাৰ কৰে যদিও সীতাৰ সতীত্বৰ ওপৰত সন্দেহ কৰি ৰামে সীতাক অগ্নি পৰীক্ষা কৰিহে গ্ৰহণ কৰে । ইয়াৰ পিছতাে প্রজাৰ কথা শুনি ৰামে গৰ্ভৱতী সীতাক বনবাস দিয়ে ।

সীতা বাল্মিকী মুনিৰ আশ্ৰয়ত থাকোতেই তেওঁৰ পুত্ৰ লৱ – কুশৰ জন্ম হয়। পিছত ঘটনাক্রমে ৰামে সীতাক পুনৰ গ্ৰহণ কৰিবলৈ ইচ্ছা কৰে যদিও সীতা পাতাললৈ গুচি যায় । 

( ঙ ) তাৰা

উত্তৰঃ মহাবলী বান্দৰৰ ৰজা বালীৰ ভার্যা আছিল তাৰা । এওঁৰ গৰ্ভত বালীৰ ঔৰসত অঙ্গদ নামে মহাবীৰ পুত্ৰৰ জন্ম হয় । ৰামচন্দ্ৰৰ হাতত বালীৰ মৃত্যু হােৱাত তাই সুগ্রীৱক পতিৰূপে গ্রহণ কৰে । 

( চ ) কৈকেয়ী

উত্তৰঃ কেকয়বাজ অধিপতি কন্যা কৈকেয়ী অয়োধ্যাৰ ৰজা দশৰথৰ সৰু ৰাণী আৰু ভৰতৰ মাতৃ । নিজপুত্র ভৰতক ৰজা পতাৰ স্বাৰ্থৰ্ত দশৰথ ৰজাক প্রতিজ্ঞাবদ্ধ কৰি ৰামক বাৰবছৰ বনবাসলৈ পঠিয়ায় । কৈকেয়ীক এই কুমন্ত্রণা দিছিল  তেওঁৰ দাসী কুঁজীয়ে । ইয়াৰ শােকতে দশৰথৰ মৃত্যুও হৈছিল ।

পিছত কৈকেয়ীয়ে নিজৰ এই স্বার্থপৰতাৰ কাৰণে বৰ অনুতপ্ত হৈছিল । পুতেক ভবতে কিন্তু এই কথাত মাক কৈকেয়ীক বৰ বেয়া পাইছিল । অতি শ্রদ্ধাশীল দাদাক ৰামৰ নামতহে ৰামৰ বনবাসৰ সময়ছােৱাত ভৰতে অযােধ্যা শাসন কৰিছিল ।

 প্রশ্ন ১৮। পাঠটোৰ আখ্যানভাগ নাটকীয় ৰূপত লিখি অভিনয় কৰা ।

উত্তৰঃ (মৃগয়া কৰিবলৈ আহি ভোকে পিয়াহে অতি ক্লান্ত হৈ ৰজা পৰীক্ষিত সোমাই আহে )

       পৰীক্ষিত ৰজাঃ- মৃগয়া কৰি কৰি ‘ ভাগৰি পৰিলে । ভােকে পিয়াহে মোক আতুৰ কৰি তুলিছে । এয়া শমীক মুনিৰ আশ্রন । ইয়াতেই নিশ্চয় খাবলৈ পানী পোৱা যাব ।

        ( এনেতে শমীক মুনি একোপত ধ্যানমগ্ন হৈ থকা দেখি  ) -অ ’ এয়া মুনিৰ শমীক । তেওঁকেই পানী খুজি কিছু পি লওঁ । ( শমীক মুনিৰ ওচৰলৈ গৈ) মুনিবৰ ভোক পিয়াহত আতুৰ পৰিছে । খাবলৈ পানী অলপ দিয়া । শুনিছানে মুনিবৰ মােক অলপ পানী খাবলৈ দিয়া । ( ধ্যানমগ্ন হৈ থকাৰ কাৰণে মুনিয়ে ৰজাই পানী খােজাৰ কথা কব নােৱাৰিলে ।

মুনিয়ে ইচ্ছা কৰি ধ্যান ধৰাৰ ভাও ধৰি ৰজাক অৱজ্ঞা কৰিছে বুলি ভাবি ৰজাৰ বৰ খং উঠিল ) 

       ― কি , মই এই দেশৰ ৰজা ৷ মােক অৱজ্ঞা কৰিবলৈকে এনেকৈ ধ্যান ধৰাৰ ভাও ধৰি আছ ।

    ( এনেতে ৰজাই অলপ দূৰত মৰা সাপ এডাল দেখি ) 

      —ৰবা , ৰজাক অৱজ্ঞা কৰ উচিত দণ্ড দিওঁ ।

  ( এই বুলি মৰা সাপডাল ধনুৰ আগেৰে আনি ধ্যানমগ্ন মুনিৰ গলত আঁৰি দি ৰজা পৰীক্ষিতে তাৰ পৰা প্রস্থান কৰিলে । ঠিক পিছতে লগৰীয়াৰ সৈতে শমীকৰ পুত্র শৃঙ্গীয়ে তাত উপস্থিত হৈ পিতাকৰ গলত মৰা সাপ দেখি বৰ খং উঠিল ) 

শৃঙ্গী :- এয়া কি কাণ্ড ? ধ্যানমগ্ন পিতাৰ গলত মৰা সাপ । কোনে এই কাণ্ড কৰিলে ? মই তাক আজি উচিত শাস্তি দিম । 

     ( শৃঙ্গীয়ে কৌষিকী নদীৰ পানীত গা ধুই উঠি )

মােৰ পিতাৰ এনে দশা কৰা লােকজনক মই অভিশাপ দিওঁ সাতদিনৰ ভিতৰত তক্ষকে তেওঁক খুটি মাৰক । 

       ( শৃঙ্গীয়ে পিতাকৰ এনে অৱস্থাৰ কাৰণে কান্দিবলৈ ধৰিলে )

এনেতে মুনিৰ ধ্যান ভঙ্গ হ’ল আৰু গলৰ পৰা মৰা সাপডাল গুচাই উঠি আহি

শমীক :- কি হ’ল পুত্র , কিয় কান্দিছা ।

শৃঙ্গী :- ( কান্দি কান্দি ) পিতাৰ গলত মৰা সাপ দেখি মােৰ বৰ দুখ লাগি কান্দিছাে । মােৰ খং উঠি এই কাম কৰােতাজনক সাতদিনত তক্ষকে খুটি মাৰক বুলি অভিশাপ দিলাে । 

শমীক :-  ( অলপ ধ্যান কৰি ) কিয় অভিশাপ দিলা ? এই কাম কৰিছে আমাৰ চক্ৰৱর্তী ৰজা পৰীক্ষিতে । তেওঁ মহা ধর্মপৰায়ণ আৰু হৰিভক্ত । তেওঁক এই অভিশাপ দি বৰদোষৰ কাম কৰিলা । চিঃ চিঃ এনে কাম কৰি মহাদোষত পৰিলা । ৰজাৰ মৃত্যু হলে ৰাজ্যত অৰাজক হ’ব , চোৰ – ডকাইতৰ উৎপাত বৃদ্ধি পাব, প্ৰজাসকলৰ মহা দুখ কষ্ট হ’ব । ৰজাই মহাক্ৰান্ত হৈহে মােক পানী খুজিছিল । হে প্রভু , হে কৃষ্ণ এই অবােধ সন্তানে যি মহাপাপ কৰিলে তাক তুমি ক্ষমা কৰা প্রভু ।


Leave a Reply

error: Content is protected !!
Scroll to Top