Class 6 Social Science Chapter 22 গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 22 গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ and select needs one.
SEBA Class 6 Social Science Chapter 22 গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 22 গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ Solutions for All Subject, You can practice these here…
গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
পাঠ: 22
অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতি
চমুকৈ উত্তৰ দিয়া
১) প্ৰশ্ন : – ক) গণতন্ত্ৰৰ এটা নীতিৰ নাম লিখা ?
উত্তৰঃ – ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ । বহুতো বিশিষ্ট ব্যক্তিৰ আশাসুধীয়া চেষ্টাৰ ফলত ভাৰতবর্ষত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে । গণতন্ত্ৰত কিছুমান বিশেষ নীতি আছে । তাৰ ভিতৰত স্বাধীনতা সমতা ন্যায় , অধিকাৰ , চৰকাৰ গঠনত জনসাধাৰণৰ অংশগ্ৰহণ কৰাৰ সুযোগ আদি অন্যতম । এই নীতিবিলাকে এজন নাগৰিকৰ মুক্ত জীৱন যাপন কৰিবলৈ সুযোগ প্ৰদান কৰে ।
খ) যুগলহঁতে পূজাৰ বন্ধত কি ক্লাৱ খুলিলে ।
উত্তৰঃ – পূজাৰ বন্ধত যুগল , কুলজিৎ , থমাছ , ইকবালহঁতে আটায়ে মিলি এটা ক্ৰিকেট ক্লাৱ খুলিলে ।
২) প্ৰশ্ন : – ক) গণতন্ত্ৰৰ জনপ্ৰিয় হোৱাৰ কাৰণ কি ?
উত্তৰঃ – আমাৰ দেশৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ দীঘলীয়া সংগ্ৰাম কৰিবলগীয়া হৈছিল । গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ হল ― গণতন্ত্ৰত সকলোলোকে পোনপটীয়া অথবা আওপকীয়াকৈ দেশৰ শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায় । গণতন্ত্ৰত পুৰুষ , মহিলা , ধনী , দুখীয়া সকলো লোকৰে ভোট দান কৰাৰ অধিকাৰ সমান । জনমত গঠন কৰি প্ৰতিনিধি নিৰ্বাচনৰ জৰিয়তে গণতান্ত্ৰিক চৰকাৰ গঠন কৰা হয় ।
খ) নাগৰিকৰ মৌলিক অধিকাৰ কেইটা আৰু কি কি ?
উত্তৰঃ – নাগৰিকৰ মৌলিক অধিকাৰ ৭ টা । সেইকেইটা হল ―
১) সমতাৰ অধিকাৰ
২) স্বাধীনতাৰ অধিকাৰ
৩) শোষণৰ বিৰুদ্ধে অধিকাৰ
৪) প্ৰাথমিক শিক্ষাৰ অধিকাৰ
৫) ধৰ্মীয় অধিকাৰ
৬) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ
৭) সাংস্কৃতিক প্ৰতিকাৰৰ অধিকাৰ ।
গ) তুমি দেশৰ কাৰণে কৰিব পৰা দুটা কৰ্ত্তব্যৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰঃ – ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকসকলৰ ১০ টা মৌলিক কৰ্তব্য আছে । ইয়াৰ ভিতৰত অন্যতম কৰ্তব্য দুটা হল –
(১) দেশৰ ৰাষ্ট্ৰীয় সংগীত আৰু পতাকাৰ প্ৰতি সন্মান দেখুওৱা । আৰু
(২) দেশখনক ৰক্ষা কৰা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱা আদি ।
ঘ) প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তোমালোকে কি কি কাম কৰিবা উল্লেখ কৰা ।
উত্তৰঃ- প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ হলে আমি যধে মধে বনাঞ্চল ধ্বংস কৰা কাৰ্য্য প্ৰতিৰোধ কৰিব লাগিব । পাহাৰ, পৰ্বত কাটি উদ্যোগ, কল- কাৰখানা, ঘৰ বন্ধা কাম বন্ধ কৰিব লাগিব । গাঁও নগৰত গছ ৰোৱা কাৰ্য্য কৰিব লাগিব । প্ৰাকৃতিক দুৰ্যোগ বানপানী আদিৰ পৰা ৰক্ষা পাবলৈ নদীৰ গৰাখহনীয়া মাথাউৰী আদি নিৰ্মান কৰি বানপানী প্ৰতিৰোধ কৰিব লাগে । ইয়াৰ উপৰিও ৰাস্তা ঘাট , নদী নৰ্মদা, চাফা কৰি পৰিৱেশ সুস্থ কৰি ৰাখিব লাগিব ।
৩)প্ৰশ্ন :- খালী ঠাই পূৰ কৰা –
ক) আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন – মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ ।
উত্তৰঃ- আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন ৰাজ্যতো মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ ।
খ) শিশুৰ প্ৰাথমিক শিক্ষাৰ আইনখন – চনত কাৰ্যকৰী কৰা হয় ।
উত্তৰঃ- শিশুৰ প্ৰাথমিক শিক্ষাৰ আইনখন ২০১০ চনত কাৰ্যকৰী কৰা হয় ।
গ) ভাৰতবৰ্ষ এখন – দেশ ।
উত্তৰঃ- ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ ।
৪) প্ৰশ্ন:- হেক্টৰৰ কাহিনীটো পঢ়ি কৃষ্ণত্ম শ্ৰেণীয়ে কি কি অধিকাৰৰ পৰা বঞ্চিত হৈছিল ?
উত্তৰঃ- আফ্ৰিকীয় মূলৰ লোকসকলৰ গাৰ বৰণ কলা হোৱাৰ বাবে তেওঁলোকক কৃষ্ণঙ্গ বোলা হৈছিল । হেক্টৰ আফ্ৰিকীয় মূলৰ এগৰাকী কৃষ্ণঙ্গ কিশোৰী আছিল । ইউৰোপীয় মূলৰ লোকসকলৰ গাৰ বৰণ কলা হোৱাৰ বাবে তেওঁলোকক শ্বেতাঙ্গ বোলা হৈছিল । শ্বেতাঙ্গসকলে চৰকাৰ গঠন কৰি শাসন কৰিছিল । কৃষ্ণঙ্গ কিশোৰ হেক্টৰ আৰু কৃষ্ণঙ্গ শ্ৰেণীয়ে ভোট দিয়াৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল । শাসকসকলে কৃষ্ণঙ্গ সকলৰ স্বাধীনতাত বাধা দিছিল । তেওঁলোকৰ বাবে বেলেগ ৰেলসেৱা, বাছ সেৱা, স্বাস্থ্য সেৱা আৰু সুকীয়া বিদ্যালয়ৰ ব্যৱস্থা আছিল । কৃষ্ণঙ্গ সকলে মাতৃভাষাৰ সমতাৰা বাবে আৰু বৰ্ণ বৈষম্যৰ বিৰুদ্ধে আন্দোলন কৰিব লগা হৈছিল ।
৫) প্ৰশ্ন :- আমি মৌলিক কৰ্তব্য কিয় পালন কৰিব লাগে ?
উত্তৰঃ- ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ । আমাৰ সংবিধানে নাগৰিক সকলক কিছুমান অধিকাৰ দিছে সেইদৰে নাগিৰিক সকলৰো দেশৰ কাৰণে মৌলিক কৰ্তব্য আছে । দেশখনক ৰক্ষা কৰা আৰু প্ৰগতিৰ পথত আগবঢ়াই নিয়াৰ বাবে আমি মৌলিক কৰ্তব্য ১০ টা কৰিব লাগে । এইদৰে আমি ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত ভাতৃত্ববোধ সৃষ্টি কৰি দেশৰ উন্নতিৰ পথত আগুৱাই নিব লাগে ।
৬) প্ৰশ্ন :- আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীত দুটা লিখা ।
উত্তৰঃ- আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীটো ৰচনা কৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ।
ৰাষ্ট্ৰীয় সংগীত
জন গণ মন অধিনায়ক জয় হে
ভাৰত ভাগ্য বিধাতা !
পঞ্জাৱ সিন্ধু গুজৰাট মাৰাঠা
দ্ৰাবিড় উৎকল বংগ
বিন্ধ্য হিমাচল যমুনা গঙ্গা
উচ্ছল জলধি তৰংগ ।
তব শুভ নামে জাগে ,
তব শুভ আশিস মাগে,
গাহে তব জয় গাথা ।
জন গণ মঙ্গল দায়ক জয় হে
ভাৰত ভাগ্য বিধাতা !
জয় হে জয় হে, জয় হে
জয় জয় জয়, জয় হে ।।
আমাৰ দেশৰ জাতীয় সংগীটোৰ ৰচক হল – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ।
জাতীয় সংগীত
অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুনি দেশ
এনেখন শুৱলা, এনেখন সুফলা,
এনেখন মৰমৰ দেশ !!
অ’ মোৰ সুৰীয়া মাত !
অসমৰ সোৱদী মাত !
পৃথিৱীৰ কতো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।।
অ’ মোৰ ওপজা ঠাই !
অ’ মোৰ অসমী আই !
চাই লওঁ তোমাৰ মুখখনি এবাৰ
হেঁপাহ মোৰ পেলোৱা নাই ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.