Class 6 Social Science Chapter 21 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 21 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ and select needs one.
SEBA Class 6 Social Science Chapter 21 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 21 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ Solutions for All Subject, You can practice these here…
চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
পাঠ: 21
অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতি
চমুকৈ উত্তৰ দিয়া
১) প্ৰশ্ন : – ক) চৰকাৰ বুলিলে কি বুজা ?
উত্তৰঃ – যি ব্যৱস্থাই প্ৰতিখন দেশৰ জনসাধাৰণৰ ভৰণ – পোষন , শিক্ষা , স্বাস্থ্য , যাতায়ত , যোগাযোগ , নিৰাপত্তা , সুলভ মূল্যৰ সামগ্ৰী যোগান , বিদ্যুৎ যোগান , নিবনুৱা সমস্যা সমাধান , বানপানী , প্ৰতিৰোধ আদি কামৰ উপৰি দেশৰ সীমা নিৰ্ধাৰণ , প্ৰতিবেশি দেশৰ সৈতে বন্ধুত্বসুভল সম্পৰ্ক আদি চলাই দেশখন সু – নিয়্ন্ত্রিতভাৱে পৰিচালনা কৰে সেই ব্যৱস্থাটোকে চৰকাৰ বুলি কোৱা হয় ।
খ) তোমাৰ দৈনন্দিন জীৱনত চৰকাৰে আগবঢ়োৱা সেৱাৰ তিনিটা বাক্য লিখা ।
উত্তৰঃ – চৰকাৰে দেশ পৰিচালনা কৰে । যিকোনো দেশৰ বাবে চৰকাৰে এটি অপৰিহাৰ্য অংশ । দেশৰ জনসাধাৰণৰ উন্নতিৰ বাবে চৰকাৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰে । ইয়াৰ ভিতৰত চৰকাৰে জনসাধাৰণৰ –
১) ভৰন – পোষণৰ দায়িত্ব বহন কৰে ।
২) শিক্ষা , স্বাস্থ্য , যাতায়ত আদি ব্যৱহাৰৰ দায়িত্ব লয় ।
৩) জনসাধাৰণৰ বাবে সুভল মূল্যৰ সামগ্ৰী যোগান , খোৱা পানী , নিবনুৱা সমস্যা , বানপানী প্ৰতিৰোধ আদি কৰি দেশৰ সকলো সমস্যা সমাধান কৰে ।
গ) আমাৰ দেশত কি ধৰণৰ চৰকাৰে শাসন কৰে , আমাৰ গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ – আমাৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ । আমাৰ দেশ গণতান্ত্ৰিক চৰকাৰৰ দ্বাৰা পৰিচালিত হৈ আছে ।
গণতান্ত্ৰিক দেশৰ তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল ―
১) গণতান্ত্ৰিক শাসন ব্যৱস্থা জনমতৰ ভিত্তিত ওপৰত প্ৰতিষ্ঠিত ।
২) গণতান্ত্ৰিক চৰকাৰ গঠনত নিৰ্বাচনৰ দ্বাৰা ৰাইজৰ প্ৰতিনিধি নিৰ্বাচিত কৰা হয় ।
৩) গণতান্ত্ৰিক চৰকাৰত সকলো নাগৰিকৰে মৌলিক অধিকাৰ সমূহ থাকে ।
ঘ) ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ থকা একোখনকৈ দেশৰ নাম লিখা
উত্তৰঃ – ৰাজতন্ত্ৰ : ৰাজতন্ত্ৰত উত্তৰাধিকাৰী সূত্ৰে ৰজাৰ পুত্ৰ বা কন্যাই ৰাজপাটত আৰোহণ কৰে । ৰজাই দেশৰ শাসনভাৰ চলায় । বৰ্তমান ভূটান , ইংলেণ্ডত ৰাজতন্ত্ৰ প্ৰচলন আছে ।
সমাজতন্ত্ৰ : যি চৰকাৰে সকলো শ্ৰেণীৰ মানুহৰ নামত অৰ্থনৈতিক সমতাৰ যোগেদি সমাজত ন্যায় স্থাপন কৰিব বিচাৰে তাকে সমাজতান্ত্ৰিক চৰকাৰ বোলে । চীনদেশ আৰু কিউবাত সমাজতান্ত্ৰিক চৰকাৰ চলি আছে ।
২) প্ৰশ্ন : চমু উত্তৰ দিয়া :
ক) কিমান বছৰ সময়ত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে ?
উত্তৰঃ – ১৮ বছৰ সময়ত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে ।
খ) একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব পাৰেনে ?
উত্তৰঃ – একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব নোৱাৰে ।
৩) প্ৰশ্ন : – পাৰ্থক্য লিখা :
ক) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ
উত্তৰঃ –
গণতন্ত্ৰ | ৰাজতন্ত্ৰ |
১) জনসাধাৰণৰ নিৰ্বাচন কৰা প্ৰতিনিধিসকলে চৰকাৰ গঠন কৰে । | ১) ৰজাই সৰ্বেসৰ্বা । উত্তৰাধিকাৰী – সূত্ৰে পুত্ৰ বা কন্যাই ৰাজপাট দখল কৰে । |
২) গণতন্ত্ৰৰ স্বাধীনতা সমতা , ন্যাস অধিকাৰ চৰকাৰ গঠনত জনসাধাৰণৰ অংশগ্ৰহণ অন্যতম । | ২) ৰজাই দেশ শাসন বা চৰকাৰ আদি গঠনত জনসাধাৰণৰ জনমত গঠন কৰা নহয় । |
৩) দলীয় ৰাজনীতিৰ প্ৰভাৱ পৰে । | ৩) দলীয় ৰাজনীতিৰ প্ৰভাৱ নপৰে । |
৪) গণতন্ত্ৰত সকলোৱে চৰকাৰ গঠনত অংশ জনসাধাৰণে অংশ গ্ৰহণ কৰে । | ৪) চৰকাৰ গঠনত গ্ৰহণ কৰিব নোৱাৰে । |
খ) একনায়কত্ববাদ আৰু সমাজতন্ত্ৰ
উত্তৰঃ –
একনায়কত্ববাদ | সমাজতন্ত্ৰ |
১) একনায়কত্ববাদ এটা অতি প্ৰাচীন শাসন ব্যৱস্থা । একনায়কজনে ব্যক্তিৰ জীৱন সকলো ক্ষেত্ৰতে নিয়ন্ত্ৰণ কৰে । | ১) ব্যক্তিৰ স্বাৰ্থতকৈ সামাজিক স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় । |
২) একনায়কত্ববাদ জনসাধাৰনে স্বাধীনতা উপভোগ কৰিব নোৱাৰে । | ২) সমাজতন্ত্ৰত ব্যক্তি স্বাৰ্থতকৈ সামাজিক স্বাৰ্থত অধিক গুৰুত্ব দিয়া হয় । |
৩) একনায়কত্ববাদত জনসাধাৰনে মুক্তভাৱে জীৱন যাপন কৰিবলৈ স্বাধীনতা লাভ কৰিব নোৱাৰে । | ৩) চৰকাৰে সকলো শ্ৰেণীৰ মানুহৰ মাজত অৰ্থনৈতিক সমতাৰ যোগেদি সমাজত ন্যায় স্থাপন কৰিব বিচাৰে । |
৪) প্ৰশ্ন : – শুদ্ধ অশুদ্ধ বাছি উলিওৱা :
ক) চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰে ।
উত্তৰঃ – অশুদ্ধ ।
খ) আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ আছে ।
উত্তৰঃ – শুদ্ধ ।
গ) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য নাই ।
উত্তৰঃ – অশুদ্ধ ।
ঘ) গণতন্ত্ৰত জনসাধাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।
উত্তৰঃ – শুদ্ধ ।
ঙ) গণতন্ত্ৰত পুৰুষ – মহিলাৰ ভোটৰ মূল্য সমান ।
উত্তৰঃ – শুদ্ধ ।
৫) প্ৰশ্ন : – নিম্নলিখিত সিদ্ধান্তসমূহ চৰকাৰৰ কোনটো পৰ্যায়ত পৰে সঠিক বাকচত (√) চিন দিয়া ।
ক) অসম চৰকাৰে কৃষিসকলৰ বা বিনামূলীয়া বীজ আৰু সাৰ যোগানৰ ব্যৱস্থা কৰিছে ।
উত্তৰঃ – ৰাজ্যিক ।
খ) কেন্দ্ৰীয় চৰকাৰৰ ৰেল মন্ত্ৰালেয় তিনিচুকীয়া দিল্লীৰ মাজত নতুনকৈ ৰেলগাড়ী সংযোগৰ ব্যৱস্থা কৰিছে ।
উত্তৰঃ – কেন্দ্ৰীয় ।
গ) ভাৰত চৰকাৰে পাকিস্থান চৰকাৰৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক ৰখাৰ চেষ্টা চলাই আছে ।
উত্তৰঃ – কেন্দ্ৰীয় ।
ঘ) ধেমাজি জিলাত এখন শিশু উদ্যান স্থাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ।
উত্তৰঃ – ৰাজ্যিক ।
ঙ) কেন্দ্ৰীয় চৰকাৰে নতুনকৈ এহেজাৰ টকীয়া নোটৰ প্ৰচলন কৰিছে ।
উত্তৰঃ – কেন্দ্ৰীয় ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.