Class 6 Social Science Chapter 20 কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 20 কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ and select needs one.
SEBA Class 6 Social Science Chapter 20 কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 20 কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ Solutions for All Subject, You can practice these here…
কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
পাঠ: 20
অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতি
চমুকৈ উত্তৰ দিয়া
১) প্ৰশ্ন : – প্ৰযুক্তিৰ ব্যৱহাৰ মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে নিজৰ ভাষাত লিখা ।
উত্তৰঃ – আধুনিক যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে মানুহৰ শ্ৰম বহু পৰিমানে লাঘৱ হোৱা পৰিলক্ষিত হৈছে । দৈনন্দিন জীৱন প্ৰণালীৰ উন্নতি সাধন হৈছে । প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱনত বিভিন্ন দিশত প্ৰভাৱ পেলাইছে । উদাহৰণ স্বৰূপে ― কৃষি ক্ষেত্ৰত ব্যাপক উন্নতি হোৱা দেখা গৈছে । ট্ৰেক্টৰ , পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰি কৃষকসকলে কম সময়ৰ ভিতৰতে অধিক মাটি চহাব পৰা হৈছে । উন্নতমানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিত অধিক ফচল উৎপাদন হয় । কৃষি ক্ষেত্ৰত বন নিৰোৱা , শস্য কটা , মৰাণা মৰা যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকৰ শাৰীৰিক কষ্ট লাঘৱ হোৱাৰ লগতে সময় ৰাহি হৈছে অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । গৰু , ম’হ , হাঁহ , মুৰ্গী , মনী পালনৰ ক্ষেত্ৰতো আজিকালি নানা আধুনিক প্ৰযুক্তি কৌশলৰ ব্যৱহাৰ হয় ।
‘শীতল ভঁৰাল’ত ফলমূল , বস্তু, খাদ্য সংৰক্ষণ কৰাৰ ব্যৱস্থাৰ পৰাও কৃষকৰ উন্নতি হৈছে । বাতৰি কাকত , টেলিফোন , ম’বাইল ফোন , টেলিভিছন , কম্পিউটাৰ আদিৰ দৰে প্ৰযুক্তিৰ ফলসমূহে যোগাযোগ ব্যৱস্থা উন্নত কৰিছে । যাতায়ত ব্যৱস্থাৰো অধিক সুচল হৈছে । চিকিৎসাৰ ক্ষেত্ৰতো আধুনিক যন্ত্ৰ – পাতিৰ সহায়ত ৰোগ চিনাক্তকৰণক সম্ভৱ হৈছে । প্ৰযুক্তিৰ সুকল লাভ কৰিবলৈ হলে সকলোৰে ইয়াৰ অৱদানসমূহ শুদ্ধভাবে আৰু দক্ষতাৰে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব ।
২) প্ৰশ্ন : – কৃষি আৰু উদ্যোগখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কি কি পৰিৱৰ্তন আহিছে ?
উত্তৰঃ – কৃষি , উদ্যোগ আদি খণ্ডত প্ৰযুক্তিয়ে নানাধৰণে অৱদান আগবঢ়াইছে দেশৰ অৰ্থনৈতিক উৎকর্ষ সাধন কৰিছে । প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কৃষি ক্ষেত্ৰত ব্যাপক উন্নতি হোৱা দেখা গৈছে । বৰ্তমান কৃষিসকলে নাঙলৰ পৰিবৰ্তে ট্ৰেক্টৰ , পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে অধিক মাটি – চহাব পৰা হৈছে , জলসঞ্চিন ব্যৱস্থাৰ ফলত বছৰৰ সকলো সময়তে সকলো ধৰণৰ খেতিৰ বাবে পানীৰ যোগান সম্ভৱ হৈছে । উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিত অধিক ফচল উৎপাদন হয় । বন নিৰোৱা , শস্য কটা আৰু মৰনা মৰা যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকৰ শাৰীৰিক কষ্ট বহু পৰিমানে লাঘৱ হৈছে । এই আটাইবিলাক ব্যৱস্থা আৰু সুবিধা প্ৰযুক্তি কৌশল প্ৰয়োগ কৰিহে লাভ কৰিব পাৰি । সেইদৰে কৌশল আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি আমাৰ উপযোগ্য সামগ্ৰীলৈ ৰূপান্তৰ কৰা হয় । উদাহৰণ স্বৰূপে কুঁহিয়াৰৰ ৰসৰ পৰা চেনি প্ৰস্তুত কৰা হয় । কাগজসমূহ বাঁহ গছৰ পৰা তৈয়াৰ কৰা হয় । আমাৰ দেশত বিভিন্ন ধৰণৰ উদ্যোগ আৰু কল – কাৰখানা গঢ়ি উঠিছে ।
যেনে ― চাহ উদ্যোগ , তেল উদ্যোগ , লো – তীখা উদ্যোগ , প্লাইউড উদ্যোগ , বস্তু উদ্যোগ , তাপ বিদ্যুৎ উদ্যোগ , জলবিদ্যুৎ কেন্দ্ৰ ইত্যাদি । প্ৰযুক্তিৰ সহায়ত উদ্যোগসমূহত কম খৰচতে অধিক উৎপাদন হোৱা লগতে উৎপাদিত সামগ্ৰীসমূহ কৌশলযুক্ত আৰু উন্নত মানৰ হয় । উদ্যোগ স্থাপনৰ লগে লগে নিয়োগৰ সুবিধও বৃদ্ধি হয় । এইদৰে কৃষি আৰউ উদ্যোগৰ সামগ্ৰিক বিকাশত প্ৰযুক্তিয়ে যথেষ্ট সহায় কৰিছে ।
৩) প্ৰশ্ন : – কম বয়সত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালি কৃষকে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে ?
উত্তৰঃ – কম বয়সতে অধিক ফচল উৎপাদন কৰিবলৈ কৃষকসকলে নাঙলৰ পৰিবৰ্তে ট্ৰেক্টৰ , পাৱাৰ টিলাৰ ব্যৱহাৰ কৰি মাটি চহাই খেতি কৰে । জলসঞ্চিন ব্যৱহাৰৰ ফলত বছৰৰ সকলো সময়তে সকলো ধৰণৰ খেতিৰ বাবে পানী যোগান সম্ভৱ হৈছে । উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিত অধিক ফচল উৎপাদন হয় । বন নিৰোৱা , শস্য কটা আৰু মৰণা মৰা যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকৰ শাৰীৰিক কষ্ট বহু পৰিমানে লাঘৱ হৈছে । পোক , পতঙ্গৰ আক্ৰমণৰ পৰা শস্যৰ ৰক্ষা কৰিবলৈ নানা ধৰণৰ কীটনাশক দ্ৰব্য আজিকালি ব্যৱহাৰ কৰা হয় । এইবোৰ ব্যৱস্থা আৰু সুবিধা একমাত্ৰ প্ৰযুক্তি কৌশল প্ৰয়োগ কৰিহে লাভ কৰিবলৈ সম্ভৱ হৈছে ।
৪) প্ৰশ্ন : – তুমি জনা অসমৰ কেইটামান উদ্যোগৰ নাম লিখা ।
উত্তৰঃ – আমাৰ দেশৰ কেইটামান উদ্যোগ হৈছে ― চাহ উদ্যোগ , তেল উদ্যোগ , লো – তীখা উদ্যোগ , কাগজ উদ্যোগ , মৰাপাট উদ্যোগ , প্লাইউড উদ্যোগ , বস্ত্ৰ উদ্যোগ , তাপবিদ্যুৎ কেন্দ্ৰ , জলবিদ্যুৎ ইত্যাদি ।
৫) প্ৰশ্ন : – ইণ্টাৰনেট সেৱাৰ জৰিয়তে কেনেদৰে লাভবান হব পাৰি লিখা ।
উত্তৰঃ – আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত যোগাযোগ ব্যৱস্থাত যথেষ্ট উন্নতি হোৱা পৰিলক্ষিত হৈছে । কৃত্ৰিম উপগ্ৰহৰ আৱিস্কাৰ তথা স্থাপনৰ পিছত ম’বাইল ফোন , টেলিভিছন , কম্পিউটাৰ , ইণ্টাৰনেট আদি ব্যৱহাৰৰ সহায়ত এতিয়া মানুহে ঘৰতে বহি দেশ – বিদেশৰ বাতৰি গ্ৰহণ , প্ৰেৰণ আৰু সংৰক্ষণ কৰিব পৰা ব্যৱস্থাটোৱে হৈছে ইণ্টাৰনেট ব্যৱস্থা । ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য – পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি । মনোৰঞ্জনৰ কাৰ্যক্ৰমো এই সেৱাৰ জৰিয়তে উপভোগ কৰিব পাৰি ।
৬) প্ৰশ্ন : – চিকিৎসা সেৱাৰ ব্যৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম লিখা ? সেইবোৰৰ সহায়ত কি কৰা হয় ? চমুকৈ উত্তৰ দিয়া ।
উত্তৰঃ – চিকিৎসা সেৱাৰ মান উন্নত কৰাত প্ৰযুক্তিৰ ব্যৱহাৰে যথেষ্ট অৱদান আগবঢ়াইছে । মানৱ শৰীৰৰ পৰীক্ষা কৰাৰ কাৰণে বিভিন্ন অৱদান আগবঢ়াইছে । মানৱ শৰীৰৰ পৰীক্ষা কৰাৰ কাৰণে বিভিন্ন আধুনিক যন্ত্ৰপাতি আৱিস্কাৰ হৈছে । উদাহৰণ হিচাপে – এক্সৰে ‘ ( x ray ) , আণ্ট্ৰা চাউণ্ড , চি.টি. স্কেন ( C . T . Scan : Computed Tomograply ) , এম . আৰ . আই ( M . A . I . Magratic Resonance Imaging ) আদিৰ সহায়ত এতিয়া যিকোনো দুৰাৰোগ্য ক্ষেত্ৰতো চিনাক্তকৰণ সম্ভৱ হৈছে । প্ৰযুক্তিৰ ব্যৱহাৰে ৰোগীৰ অস্ত্ৰোপ্ৰচাৰৰ ক্ষেত্ৰতো আমূল পৰিবৰ্তন আনিছে । উন্নত ঔষধৰ আৱিস্কাৰে ৰোগ নিৰাময়ত যথেষ্ট সহায় কৰিছে । ইয়াৰ উপৰি ৰুগ্ন অংগ সলনি কৰি সুস্থ অংগ সংস্থাপন কৰাও সম্ভৱ হৈছে । আজিকালি ইণ্টাৰনেট সেৱাৰ জৰিয়তে দূৰ দূৰণিৰ দেশ যেনে – ইংলেণ্ড , আমেৰিকা, জাপান আদিৰ উন্নত চিকিৎসাৰ সুফল নিজৰ ঘৰতে থাকি লাভ কৰাৰ সুবিধা হৈছে ।
৭) প্ৰশ্ন : – প্ৰযুক্তিয়ে যাতায়ত ব্যৱস্থালৈ অনা পৰিৱৰ্তন সমূহ আলোচনা কৰা ―
উত্তৰঃ – প্ৰযুক্তিয়ে যাতায়ত ব্যৱস্থা পূৰ্ববৰ তুলনাত বহু পৰিমাণে সুচল আৰু খৰতকীয়া কৰি তুলিছে । চকাৰ আৱিস্কাৰৰ পিছৰে পৰা , মানুহে বিভিন্ন ধৰণৰ যান – বাহনৰ প্ৰস্তুত কৰি লব পৰা হল । যেনে – চাইকেল, ৰিক্সা , মটৰ গাড়ী , ৰেলগাড়ী , এৰোপ্লেন , বিদ্যুৎ চালিত ৰেল , মেট্ৰ’ৰেল আদি । ইয়াৰ উপৰি ডাঙৰ ডাঙৰ জাহাজৰ সহায়ত নদী , সাগৰ , মহাসাগৰ আদিৰ জলপথেৰে বহু হাজাৰ টন গধুৰ মালবস্তু পৰিবহন কৰিব পাৰি । বজাৰত নতুন নতুন ধৰণৰ বিভিন্ন বিলাসী গাড়ীৰ পয়োভৰ বৃদ্ধি হৈছে ।এইবিলাক আধুনিক প্ৰযুক্তিৰ ফল ।
৮) প্ৰশ্ন : – কম্পিউটাৰ আৰু প্ৰজেক্টৰে শিক্ষা প্ৰসাৰত কেনেদৰে সহায় কৰিছে আলোচনা কৰা ।
উত্তৰঃ – আধুনিক যুগত বিজ্ঞানৰ ন – ন চমকপ্ৰদ আৱিস্কাৰ আৰু প্ৰযুক্তিৰ অভিনয় কলা কৌশল মানৱ জীৱনলৈ যথেষ্ট পৰিবৰ্তন আনিছে । আজিকালি ৰেজিঅ’ , টেলিভিছন আদিৰ জৰিয়তে শিক্ষা সম্বন্ধীয় বহুতো কাৰ্যক্ৰম প্ৰচাৰ কৰা হয় । টেপ , ৰেকৰ্ডাৰ , ৰেডিঅ’ , টেলিভিছন আদি শিক্ষা প্ৰচাৰৰ একো একোটা মাধ্যম । কম্পিউটাৰ , প্ৰজেক্টৰ আদি ব্যৱহাৰৰ দ্বাৰা শিক্ষা ব্যৱস্থালৈ দ্ৰুত পৰিৱৰ্তন আহিছে । ইণ্টাৰনেট আৰু দুৰৱৰ্তী শিক্ষা ব্যৱস্থাৰ জৰিয়তে এতিয়া নিজৰ ঠাইতে থাকি আঁতৰত শিক্ষা অনুষ্ঠানৰ শিক্ষা লাভ কৰিব পৰা হৈছে ।
৯) প্ৰশ্ন : – খালি ঠাই পূৰ কৰা –
ক) উন্নত মানৰ ― আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিতে ― ফচল উৎপাদন হয় ।
উত্তৰঃ – উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিতে অধিক ফচল উৎপাদন হয় ।
খ) বৰ্তমান সময়ত ― স্থাপন কৰি ফচলসমূহ বহুদিনলৈ ― সংৰক্ষণ কৰিব পাৰি ।
উত্তৰঃ – বৰ্তমান সময়ত শীতল ভঁৰাল স্থাপন কৰি ফচলসমূহ বহুদিনলৈ সতেজ ভাৱে সংৰক্ষণ কৰিব পাৰি ।
গ) ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য পাতি সহজতে ― আৰু ― কৰিব পাৰি ।
উত্তৰঃ – ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি ।
ঘ) ― হল পৃথিৱীৰ চাৰিওফালে কৃত্ৰিমভাৱে প্ৰদক্ষিণ কৰাই ৰখা মহাকাশত স্থাপিত এটা যন্ত্ৰ ।
উত্তৰঃ – কৃত্ৰিম উপগ্ৰহ হল পৃথিৱীৰ চাৰিওফালে কৃত্ৰিমভাৱে প্ৰদক্ষিণ কৰাই ৰখা মহাকাশত স্থাপিত এটা যন্ত্ৰ ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.