Class 6 Social Science Chapter 19 জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 19 জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ and select needs one.
SEBA Class 6 Social Science Chapter 19 জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 19 জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ Solutions for All Subject, You can practice these here…
জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
পাঠ: 18
অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতি
চমুকৈ উত্তৰ দিয়া
১) প্ৰশ্ন:- প্ৰযুক্তি কাক বোলে ? তুমি জনা কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তুৰ নাম লিখা ?
উত্তৰঃ- কোনো কাৰ্যৰ পৰিচালনা আৰু সম্পাদনা কৰাৰ বাবে বৈজ্ঞানিক চিন্তা চৰ্চ্চা , আহিলা পাতি আৰু কৌশল আদি প্ৰয়োগ কৰাকে প্ৰযুক্তি বুলিব পাৰি । প্ৰযুক্তি সম্বলিত বস্তু কেইবিধমান হৈছে – দূৰদৰ্শন , মটৰ গাড়ী , ৰেফ্ৰিজেৰেটৰ, ঘড়ী, এৰুপ্লেন , ৰেলগাড়ী, মোবাইল ফোন, শীত তাপ নিয়ন্ত্ৰণ কৰে যন্ত্ৰ, কম্পিউটাৰ , ৰেডিঅ, চাইকেল, বিজুলী, কাপোৰ ধোঁৱা যন্ত্ৰ, ৰকেট ইত্যদি ।
২) প্ৰশ্ন:- আমাৰ জীৱন যাপনৰ মান উন্নয়নত প্ৰযুক্তিয়ে কেনেধৰণে সহায় কৰিছে লিখা ।
উত্তৰঃ- আধুনিক শিক্ষাৰ প্ৰসাৰৰ লগে লগে মানুহে বৈজ্ঞানীকভাৱে চিন্তা চৰ্চা কৰি বিভিন্ন ধৰণৰ আহিলা পাতি তৈয়াৰ কৰিব পৰা হৈছে । এই উন্নত আহিলা পাতি আৰু কৌশল প্ৰয়োগ কৰিয়েই প্ৰকৃতিৰ অৱদান সমূহক আমাৰ উপভোগ্য সামগ্ৰীলৈ ৰূপান্তৰ কৰা হয় । এনেদৰে প্ৰযুক্তিয়ে আমাৰ দৈনিন্দন জীৱনত অহৰ্নিশে সহায় কৰি আছে । প্ৰযুক্তিয়ে আমাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া আগৰ তুলনাত অধিক খৰতকীয়া আৰু আৰামদায়ক কৰি তুলিছে । এতিয়া মানুহে কম সময়তে কম কষ্ট কম খৰচত বহুতো কাম কৰিব পৰা হৈছে । দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় নালাগে । পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি হৈ পৰিছে । ফলস্বৰূপে বিভিন্ন দেশৰ মাজত বেহা বেপাৰ বৃদ্ধি হৈছে । লগে লগে অৱসৰ বিনোদনৰ বাবে বিভিন্ন সুবিধৰো সৃষ্টি হৈছে । প্ৰকৃতিৰ অৱদান আৰু প্ৰযুক্তিৰ জ্ঞানে মানুহৰ জীৱন ক্ৰমান্বয়ে উন্নতৰ পৰা উন্নতৰ স্তৰলৈ লৈ গৈছে ।
৩) প্ৰশ্ন :- প্ৰযুক্তি অবিহনে আমাৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা হলহেঁতেন বৰ্ণনা কৰা ।
উত্তৰঃ- প্ৰযুক্তি অবিহনে আমাৰ জীৱন ধাৰণ প্ৰণালী লেহেম গতি আৰু কষ্টকৰ হলহেঁতেন । যিকোনো এটা কাম কৰাৰ বাবে আদিক সময় আৰু খৰচৰ মাত্ৰা বৃদ্ধি হলহেঁতেন । যাতায়ত ব্যবস্থা অতি কষ্টকৰ আৰু সময় বেছি লাগিলেহেঁতেন । বেহাবেপাৰৰ ক্ষেত্ৰত যোগাযোগত বহুতো অসুবিধা আৰু সমস্যাৰ সৃষ্টি হলহেঁতেন । মানুহৰ আয় বৃদ্ধি আৰু আজৰি সময় ৰাহি নহলহেঁতেন । মানুহৰ জীৱন ধাৰণ প্ৰণালী উন্নতৰ নহলেহেঁতেল ।
৪) প্ৰশ্ন : – ‘নদীৰ পানী প্ৰকৃতিৰ দান’ । এনেদৰে আৰু কি কি প্ৰকৃতিৰ দান আছে ? সেইবোৰক আমি কি কি কামত ব্যৱহাৰ কৰোঁ । বাখ্যা কৰা ―
উত্তৰঃ – ‘নদীৰ পানী প্ৰকৃতিৰ দান’ সেইদৰে সূৰ্যৰ মাটি আদিও প্ৰকৃতিৰ দান । পানীক জলসঞ্চিন আৰু বিজুলী সৃষ্টিৰ বাবে আমি ব্যৱহাৰ কৰোঁ । সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰি বিভিন্ন সময়ত কামত প্ৰয়োগ কৰো । গছ – গছনিৰ পৰা বিভিন্ন আচবাচ পত্ৰ , ঘৰ বন্ধ কামৰ উপৰিও বিভিন্ন কামত ব্যৱহাৰ কৰা যায় । মাটিৰ পৰা পোৱা খনিজ পদাৰ্থক আমি বিভিন্ন সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰোঁ । সেয়েহে আমি কব পাৰো যে মানৱ সভ্যতা প্ৰকৃতি আৰু প্ৰযুক্তিৰ সম্বনয়ৰ ফল ।
৫) প্ৰশ্ন : – খালি ঠাই পূৰ কৰা ―
ক) মানুহৰ ― কোনো ― নাই ।
উত্তৰঃ – মানুহৰ অভাৱৰ কোনো সীমা নাই ।
খ) জীৱন ধাৰণৰ মান ― কৰিলে বিচৰাটো প্ৰতিগৰাকী মানুহৰ স্বাভাৱিক ― ।
উত্তৰঃ – জীৱন ধাৰণৰ মান উন্মত কৰিলে বিচৰাটো প্ৰতিগৰাকী মানুহৰ স্বাভাৱিক হাবিয়াস ।
গ) মানৱ সভ্যতা হল ― আৰু ― সমন্বয়ৰ ফল ।
উত্তৰঃ – মানৱ সভ্যতা হল প্ৰকৃতি আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ফল ।
ঘ) প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক ― আৰু ― কৰি তুলিছে ।
উত্তৰঃ – প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক খৰতকীয়া আৰু আৰামদায়ক কৰি তুলিছে ।
ঙ) গোবৰৰ পৰা ― আৰু সূৰ্যৰ ৰশ্মিৰ পৰা ― প্ৰস্তুত কৰা হয় ।
উত্তৰঃ – গোবৰৰ পৰা গোবৰ গেছ প্ৰস্তুত কৰি আৰু সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি প্ৰস্তুত কৰা হয় ।
৬) প্ৰশ্ন : – অশুদ্ধ শব্দটো কাটি বাক্যটো শুদ্ধকৈ লিখা ।
ক) অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত / সীমাহীন ।
উত্তৰঃ – অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত ।
খ) দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় লাগে / নালাগে ।
উত্তৰঃ – দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় নালাগে ।
গ) প্ৰযুক্তিয়ে আমাৰ দৈনিন্দন জীৱিকাত অহৰ্নিশে সহায় / অসুবিধা কৰি আছে ।
উত্তৰঃ – প্ৰযুক্তিয় সহায় লৈ মানুহে সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে ।
ঙ) পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি / অচিনাকি ।
উত্তৰঃ – পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Thanks for answers sir