Class 6 Social Science Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ and select needs one.
SEBA Class 6 Social Science Chapter 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 18 উন্নত জীৱনৰ প্ৰয়োজনসমূহ Solutions for All Subject, You can practice these here…
উন্নত জীৱনৰ প্ৰয়োজনসমূহ – ( আমাৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন )
পাঠ: 18
অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতি
চমুকৈ উত্তৰ দিয়া
১) প্ৰশ্ন : মানুহৰ প্ৰয়োজন সমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি উদাহৰণৰ সৈতে লিখা ।
উত্তৰঃ – মানুহৰ প্ৰয়োজন সমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি –
১) ব্যক্তিগত প্ৰয়োজন
২) সামাজিক প্ৰয়োজন ।
১) ব্যক্তিগত প্ৰয়োজন : – মানুহে ব্যক্তিগত ভাবে জীৱন অতিবাহিত কৰিবলৈ যিবিলাক সামগ্ৰীৰ প্ৰয়োজন অনুভৱ কৰে , সেইবিলাকেই হল ব্যক্তিগত প্ৰয়োজন । আজিৰ যুগৰ মানুহে নিজৰ আমাৰ সুবিধাৰ বাবে বিজুলী , ৰন্ধন গেছ , ফ্ৰিজ , কাপোৰ ধোঁৱা মেচিন , ধূলি বালি আৰু মকৰাজাল আতৰোৱ মেচিন , পাগঘৰৰ চিমনি আদিৰ দৰে অনেক বস্তু ব্যৱহাৰ কৰে যিবোৰ সামগ্ৰীয়ে ব্যক্তিগত প্ৰয়োজন পুৰণত সহায় কৰে । ইয়াৰ উপৰি আধুনিক যুগৰ বিজ্ঞানৰ অৱদান টেক্টৰ , টিভি , বিজুলী বাতি , উন্নত পদ্ধতিৰে নিৰ্মিত ৰাস্তাঘাট আদিয়ে মানুহৰ জীৱন সুখ , স্বাচ্ছন্দ্যপূৰ্ণ কৰি তুলিছে ।
২) সামাজিক প্ৰয়োজন : – সমাজত সুস্থ , সবল আৰু শান্তিপূৰ্ণ ভাবে জীয়াই থাকিবলৈ মানুহক যিবোৰ ব্যৱস্থা বা সামগ্ৰীৰ প্ৰয়োজন হয় , সেইবিলাকেই হল সামাজিক প্ৰয়োজন । সামাজিক প্ৰয়োজসমূহৰ ভিতৰত জনস্বাস্থ্য , শিক্ষা , ধৰ্ম সংস্কৃতি , মানৱীয় গুণ , সামাজিক নিৰাপত্তা আদি প্ৰধান । আমাৰ সমাজত ব্যক্তিগত প্ৰয়োজনসমূহৰ উপৰিও এক সুচল জীৱন যাপন কৰিবলৈ সামাজিক পৰিৱেশৰ ভিন্নতাৰ বাবে মানুহৰ সামাজিক প্ৰয়োজসমূহৰ ভিন ভিন হব পাৰে ।
২) প্ৰশ্ন : মানুহৰ জীৱন ধাৰণৰ মান উন্নয়নৰ ব্যক্তিগত সমগ্ৰীসমূহ কেনেদৰে সহায় কৰে ?
উত্তৰঃ – আজিৰ যুগৰ মানুহে নিজৰ আমাৰ আৰু সুবিধাৰ বাবে বিজুলী, ৰন্ধন গেছ , ফ্ৰিজ , কাপোৰ ধোঁৱা মেচিন , ধূলি – বালি আৰু মকৰাজাল আঁতৰোৱা মেচিন , পাগঘৰৰ চিমনি আদিৰ দৰে অনেক বস্তু ব্যৱহাৰ কৰে । উদাহৰণ হিচাপে ৰন্ধন গেছৰ দ্বাৰা ৰন্ধা কাৰ্য , ফ্ৰীজত বস্তু সংৰক্ষণ কৰা , কাপোৰ ধোঁৱা মেচিনৰ দ্বাৰা কাপোৰ চাফা কৰা , ধূলি – বালি আৰু মকৰাজাল আঁতৰোৱা মেচিনৰ দ্বাৰা ঘৰ চাফা কৰা , কাপোৰ ধোঁৱা মেচিনৰ দ্বাৰা কাপোৰ চাফা কৰা আদিৰ দৰে অনেক বস্তুই আমাৰ দৈনন্দিন জীৱন সুখ সমৃদ্ধি বঢ়াই আহিছে । মানুহৰ জীৱন ধাৰণৰ প্ৰণালীক উন্নত কৰাৰ বাবে মানুহৰ প্ৰয়োজনৰ সীমা দিনক দিনে বৃদ্ধি পাইছে ।
৩) প্ৰশ্ন : – প্ৰদূষণ মুক্ত পৰিবেশৰ বাবে তুমি কি কি ব্যৱস্থা হাতত লবা ?
উত্তৰঃ – সুস্থ , সুন্দৰ আৰু প্ৰদূষণ মুক্ত পৰিৱেশৰ বাবে সমাজত বৃক্ষৰোপন , প্ৰকৃতি সংৰক্ষণ আৰু চাফ – চিকুণতা আদি কামত মনোনিবেশ কৰিব লাগিব ।
৪) প্ৰশ্ন :- শিক্ষানুষ্ঠানৰ পৰা তোমালোকে কেনেদৰে উপকৃত হব পাৰিছা ? বহলাই লিখা ।
উত্তৰঃ- শিক্ষানুষ্ঠান বা বিদ্যালয়ৰ পৰা আমি আনুষ্ঠানিক শিক্ষা লাভ কৰিব পাৰিছোঁ । শিক্ষক শিক্ষয়িত্ৰীৰ সজ গুণ, সজ আদৰ্শ , মানৱীয় গুণৰ বিষয়ে শিক্ষা লাভ কৰিব পাৰিছোঁ । বিদ্যালয়ত পাঠ্যপুথি অধ্যয়নৰ উপৰিও পুথিভঁৰালৰ পৰা বিভিন্ন পুথি অধ্যয়ন কৰি জ্ঞান লাভ কৰিব পাৰিছোঁ । বিদ্যালয়ত অনুষ্ঠিত বছেৰেকীয়া খেল ধেমালিত অংশগ্ৰহণ কৰি শাৰীৰিক , মানসিক, আৰু আধ্যাত্মিক উৎকৰ্ষন সাধন হৈছে । আমি শিক্ষাগুৰুসকলৰ পৰা সকলো মানৱীয় গুণ আয়ত্ত কৰিবলৈ যত্নবান হোৱা উচিত । এইবোৰ আমাৰ সামাজিক প্ৰয়োজন পূৰণ কৰি এক সুস্থ জীৱন যাপনত বিশেষভাবে সহায় কৰিব ।
৫) প্ৰশ্ন :- শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা –
ক) সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয় বস্তুৰ বাহিৰে আন কোনো বস্তুৰে প্ৰয়োজনীয় নহয় ।
উত্তৰঃ- অশুদ্ধ ।
খ) আদিম যুগৰ মানুহে সূতাৰে তৈয়াৰী সাজ পাৰ পৰিধান কৰিছিল ।
উত্তৰঃ- অশুদ্ধ ।
গ) জীৱন ধাৰণৰ প্ৰণালীক উন্নত কৰাৰ বাবে মানুহৰ প্ৰয়োজনীয় সীমা দিনক দিনে বৃদ্ধি হয় ।
উত্তৰঃ- অশুদ্ধ ।
ঘ) পুথিভঁৰাল জনস্বাস্থ্য বিভাগৰ অন্তৰ্গত বিষয় ।
উত্তৰঃ- শুদ্ধ ।
ঙ) প্ৰদূষণমুক্ত পৰিবেশৰ বাবে বৃক্ষ ৰোপণৰ প্ৰয়োজনীয় আছে ।
উত্তৰঃ- শুদ্ধ ।
চ) সামাজিক প্ৰয়োজন হিচাপে মানৱীয় গুণৰাজিৰ কোনো আৱশ্যকতা নাই ।
উত্তৰঃ- অশুদ্ধ ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.