Class 6 Social Science Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ and select needs one.
SEBA Class 6 Social Science Chapter 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ Solutions for All Subject, You can practice these here…
আমাৰ মৌলিক প্ৰয়োজনসমূহ
পাঠ: 17
অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতি
চমুকৈ উত্তৰ দিয়া
১) প্ৰশ্ন : মানুহৰ মৌলিক প্ৰয়োজনসমূহ কি কি ? এইবোৰক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয় ?
উত্তৰঃ – আহাৰ , সাজপাৰ আৰু বাসস্থান । শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি খাদ্য আৰু পানী গ্ৰহণ কৰো । শৰীৰটোক সুস্থভাৱে ৰাখিবলৈ আৰু কাম কৰাৰ শক্তি আহৰণ কৰিবলৈ গোটা আৰু জুলীয়া এই দুয়োবিধ আহাৰৰে অতি আৱশ্যক । সেইবোৰে আহাৰক মৌলিক প্ৰয়োজন বুলি কোৱা হয় । শীত – তাপ , ৰদ , ধূলি – মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ আৰু লজ্জা নিবাৰণৰ বাবে মানুহক সাজপাৰৰ প্ৰয়োজন হয় । সাজপাৰ অবিহনে সভ্য জীৱন যাপন সম্ভৱ নহয় । সেয়েহে সাজপাৰক মানুহৰ মৌলিক প্ৰয়োজন বুলি কোৱা হয় । বাসস্থান বা ঘৰবোৰে মানুহক প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয়, নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে । সেইবাবে বাসস্থান বা ঘৰক মানুহৰ মৌলিক প্ৰয়োজন বুলি কোৱা হয় ।
প্ৰশ্ন :-২ ) পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ কাৰণ কি ?
উত্তৰঃ – পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে ভিন ভিন ভৌগোলিক পৰিবেশ, মাটিৰ গুণাগুণ আৰু জলবায়ুৰ প্ৰকাৰপ্ৰেম মানুহৰ প্ৰধান আহাৰ বেলেগে বেলেগে হয় । উদাহৰণ স্বৰূপে অসমৰ জলবায়ু আৰু মাটি ধান উৎপাদনৰ বাবে উপযোগী হোৱা হেতুকে ভাত অসমৰ মানুহৰ প্ৰধান খাদ্য । তেনেদৰে পঞ্জাব , হাৰিয়ানা , উত্তৰ প্ৰদেশ , বিহাৰ আদিত যথেষ্ট পৰিমাণ ঘেঁহু উৎপাদন হয় বাবে সেই ঠাইৰ মানুহৰ প্ৰধান আহাৰ হ’ল ৰুটি । ভাত বা ৰুটিৰ লগত আনুষংগিকভাৱে যিবোৰ ব্যঞ্জন কোৱা হয় , সেইবোৰো মূল আহাৰৰ অন্তৰ্ভুক্ত ।
প্ৰশ্ন : – ( ৩ ) অসমৰ মানুহে মুখ্য আহাৰ হিচাপে কি কি খাদ্য খায় ?
উত্তৰঃ – অসমৰ প্ৰধান খাদ্য হৈছে ভাত । ইয়াৰ উপৰি মাছ মাংস , ব্যঞ্জন নানাবিধ কণী , গাখীৰ , ফলমূল , ৰুটি , পিঠা , চিৰা , বুট , মুগ আদি শৰীৰৰ প্ৰয়োজনীয় উপ আহাৰ হিচাপে গ্ৰহণ কৰে ।
প্ৰশ্ন : – ( ৪ ) বিভিন্ন অঞ্চলৰ মানুহে কিয় বিভিন্ন সাজ – পাৰ পৰিধান কৰে ?
উত্তৰঃ – জাতীয় পৰম্পৰা , ধৰ্মীয় বিশ্বাস , ভৌগোলিক অৱস্থান , জলবায়ু , বৃত্তি , সৌন্দৰ্যবোধ আদিৰ ভিন্নতাৰ বাবে মানুহৰ সাজপাৰ বেলেগ বেলেগ হয় । সাজপাৰে মানুহৰ ৰুচিবোধ আৰু ব্যক্তিত্বৰ পৰিচয় দিয়ে । লগতে বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ নিজ নিজ বৈশিষ্ট্যত প্ৰকাশ কৰে । উদাহৰণ হিচাপে গ্ৰীষ্মপ্ৰধান অঞ্চলত মানুহে কপাহী কাপোৰ বেছিকৈ ব্যৱহাৰ কৰে । বৰষুণ বেছিকৈ হৈ থকা অঞ্চলৰ মানুহে প্ৰায়ে পানী নসৰকা কাপোৰ ব্যৱহাৰ কৰা দেখা যায় ।
৫) প্ৰশ্ন : মানুহৰ বাসস্থান ঠাইভেদে বেলেগ বেলেগ কিয় হয় ?
উত্তৰঃ – ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহে বেলেগ বেলেগ প্ৰকাৰৰ ঘৰ সাজে । উদাহৰণ স্বৰূপে অসমত প্ৰচুৰ পৰিমাণৰ বাঁহ , খেৰ , কাঠ আদি পোৱা যায় । জাৰ আৰু জহৰ প্ৰকোপ বেছি হোৱা বাবে বিহাৰ , উত্তৰ প্ৰদেশ , মধ্য প্ৰদেশ আদি ৰাজ্যৰ মানুহে মাটিৰে ঘৰ সাজে । ইয়াৰ উপৰি জলমগ্ন অঞ্চল বা হ্ৰদ আদি থকা ঠাইত মানুহে নাৱতে ঘৰ সাজি লয় । এইবিলাকক নৌকাগৃহ বোলা হয় । তুন্দা অঞ্চলৰ এক্সিম’সকলে বতাহৰ পৰা ৰক্ষা পাবলৈ বৰফৰ টুকুৰাৰে ঘৰ সাজি লয় । উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ জন্তু , সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলৈ চাংঘৰ সাজে । এনেদৰে ভৌগোলিক অৱস্থাৰ , জলবায়ু , সামাজিক পৰিৱেশ স্থানীয়ভাৱে উপলব্ধ সামগ্ৰী তথা জাতীয় পৰম্পৰা আদিৰ ভিন্নতাৰ বাবে মানুহে ভিন ভিন সাজ পাৰ পৰিধান কৰে আৰু বিভিন্ন ধৰণে বাসস্থান নিৰ্মাণ কৰি লয় ।
৬) প্ৰশ্ন : খালি ঠাই পূৰ কৰা ―
ক) আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি ― আৰু ― গ্ৰহণ কৰোঁ ।
উত্তৰঃ – আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি খাদ্য আৰু পানী গ্ৰহণ কৰোঁ ।
খ) মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা ― ভাবে কোৱা আহাৰক ― আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয় ।
উত্তৰঃ – মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা নিয়নীয়া ভাবে কোৱা আহাৰক মূল আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয় ।
গ) শীত , তাপ , ৰ’দ , ধূলি – মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ আৰু ― নিবাৰণৰ বাবে মানুহক ― ৰ প্ৰয়োজন হয় ।
উত্তৰঃ – শীত , তাপ , ৰ’দ , ধূলি – মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ আৰু লজ্জা নিবাৰণৰ বাবে মানুহক সাজপাৰ ৰ প্ৰয়োজন হয় ।
ঘ) সাজপাৰে মানুহৰ ― আৰু ― দাঙি ধৰে ।
উত্তৰঃ – সাজপাৰে মানুহৰ ৰুচিবোধ আৰু ব্যক্তিত্ব দাঙি ধৰে ।
ঙ) বাসস্থান বা ঘৰে মানুহক ― বিপদৰ পৰা ৰক্ষা কৰি ― নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰা ।
উত্তৰঃ – বাসস্থান বা ঘৰে মানুহক প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয় নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰা ।
চ) উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ জন্তু ― আদিৰ পৰা ৰক্ষা পাবলৈ ― সাজে ।
উত্তৰঃ – উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ জন্তু সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলৈ চাংঘৰ সাজে ।
৭) প্ৰশ্ন শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা ―
ক) পৃথিৱীৰ সকলো ঠাইৰে মানুহৰ প্ৰধান আহাৰ ভাত ।
উত্তৰঃ – অশুদ্ধ ।
খ) দিনটোত দুবেলা নিয়মীয়া ভাবে খোৱা আহাৰক উপ আহাৰ বোলে ।
উত্তৰঃ – অশুদ্ধ ।
গ) সাজ – পাৰ অভিহনে সভ্য জীৱন – যাপন সম্ভৱ নহয় ।
উত্তৰঃ – শুদ্ধ ।
ঘ) গ্ৰীষ্মপ্ৰধান অঞ্চলত কপাহী কাপোৰ প্ৰচলন কম ।
উত্তৰঃ – অশুদ্ধ ।
ঙ) মৰুভূমি অঞ্চলৰ মানুহে ঈগলু সাজি বসবাস কৰে ।
উত্তৰঃ শুদ্ধ ।
চ) উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য এলেকাত চাংঘৰ দেখা যায় ।
উত্তৰঃ – শুদ্ধ ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.