Class 6 Social Science Chapter 16 মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 16 মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ and select needs one.
SEBA Class 6 Social Science Chapter 16 মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 16 মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ Solutions for All Subject, You can practice these here…
মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ
পাঠ: 16
দ্বিতীয় খণ্ড – ইতিহাস
চমুকৈ উত্তৰ দিয়া
১) প্ৰশ্ন : ক) চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ?
উত্তৰঃ – চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম ― মৌৰ্য ৰাজবংশ ।
খ) মৌৰ্য সাম্ৰাজ্যেৰ উত্থানৰ বিষয়ে আমি কি কি সমলৰপৰা জানিব পাৰো ?
উত্তৰঃ – মৌৰ্য সাম্ৰাজ্যেৰ উত্থানৰ বিষয়ে আমি বিভিন্ন সমলৰ পৰা জানিব পাৰো । সেইবোৰ হ ‘ ল কৌটিল্যৰ ৰচিত অৰ্থশাস্ত্ৰ ইণ্ডিকা পুথি , বৌদ্ধ আৰু জৈন সাহিত্য , মুদ্ৰা ইত্যাদি । ইয়াৰ উপৰি মৌৰ্য সম্ৰাট অশোকৰ শিলালিপি , স্তম্ভলিপি , মৌৰ্য যুগৰ স্থাপত্য – ভাস্কৰ্যৰ ধ্বংসাৱশেষ আদিৰ পৰাও মৌৰ্য ৰাজত্বকালৰ সবিশেষ বিৱৰণ পাব পাৰি ।
( ক ) লিখিত সমল । আৰু
( খ ) প্ৰত্নতাত্বিক সমল ।
প্ৰশ্ন : – ( গ ) চন্দ্ৰগুপ্তমৌৰ্যৰ প্ৰজাহিতকৰ কামসমূহ কি কি আছিল ?
উত্তৰঃ – চন্দ্ৰগুপ্তমৌৰ্যই অনেক প্ৰজাহিতকৰ কাম কৰিছিল । ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী শাসক হ ‘ ল সম্ৰাট চন্দ্ৰগুপ্তমৌৰ্য । তেওঁক দিনতেই তক্ষশীলাৰ পৰা পাটলি পুত্ৰই এটি ডাঙৰ অলিবাট বান্ধোৱা হৈছিল । সাম্ৰাজ্যৰ নিৰাপত্তা আৰু যোগাযোগৰ বাবে এই অলিবাটটো অতিশয় গুৰুত্বপূৰ্ণ আছিল । তেওঁৰ শাসনকালত সাম্ৰাজ্যৰ বিভিন্ন ঠাইত হ্ৰদ , জলাশয় খন্দাই কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল । বৰ্তমান গুজৰাট ৰাজ্যৰ অন্তৰ্গত সুদৰ্শন হ্ৰদ । তেওঁৰ শাসনকালৰ উৎকৃষ্ট নিদৰ্শন । এইগৰাকী ব্ৰহ্মান পণ্ডিত কৌটিল্যৰ অৰ্থশাস্ত্ৰ নামৰ পুথিখন লিখিছিল । মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্তমৌৰ্যৰ দিনৰ পৰা মৌৰ্য সাম্ৰাজ্যৰ , দ্বিতীয় সম্ৰাট বিন্দুসাৰৰ দিনলৈকে কৌটিল্যই ৰাজপ্ৰাসাদৰ এজন উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
ঘ) চাণক্য কোন ? তেওঁ চন্দ্ৰগুপ্তক কিদৰে সহায় কৰিছিল ?
উত্তৰঃ – চন্দ্ৰগুপ্তক মৌৰ্যক চাণক্য নামৰ ব্ৰাহ্মণ পণ্ডিতে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা কাৰ্যত সহায় কৰিছিল । তেওঁক কৌটিল্য অথবা বিষ্ণুগুপ্ত নামেৰেও জনা যায় ।
ঙ) সম্ৰাট অশোকক কিয় ‘ৰাজৰ্ষি অশোক’ বোলা হয় ?
উত্তৰঃ – সম্ৰাট অশোকে তেওঁৰ সাম্ৰাজ্যখনৰ উপৰি দক্ষিণ – পূব এছিয়াৰ কেইবাখনো দেশত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ দিহা কৰিছিল । ধৰ্মপ্ৰচাৰৰ বাবে তেওঁ ‘ধৰ্ম্ম মহামাত্ৰ’ নামৰ বিষয়া নিয়োগ কৰিছিল আনকি তেওঁ পুতেক মহেন্দ্ৰ আৰু জীয়েক সংঘমিত্ৰাকো বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে সিংহল দ্বীপলৈ পঠিয়াইছিল । তেওঁৰ পৃষ্ঠপোষকততে পাটলিপুত্ৰত ( বৰ্তমান পাটনা ) তৃতীয় বৌদ্ধমেলৰ আয়োজন কৰা হৈছিল । এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হৈয়ো সন্ন্যাসীৰ দৰে জীৱন যাপন কৰা বাবে ইতিহাসত তেওঁক ‘ৰাজৰ্ষি অশোক ‘ বুলি জনা যায় ।
চ ) সম্ৰাট অশোকে শিলালিপি সমূহ কি কি ভাষাত লিখিছিল ?
উত্তৰঃ – সম্ৰাট অশোকে শিলালিপি সমূহ ৰাজ্যৰ পশ্চিম অংশত খৰোষ্ঠী আৰু পূব অংশত ব্ৰাম্মী লিপিত ব্যৱহাৰ কৰিছিল ।
ছ) মৌৰ্য শিল্পকলৰ নিদর্শসমূহ কত কত দেখিবলৈ পোৱা যায় ?
উত্তৰঃ – চন্দ্ৰগুপ্ত মৌৰ্য আৰু অশোক দুয়ো শিল্পকলাৰ পৃষ্ঠপোষক আছিল । সম্ৰাট অশোকৰ শিলৰ স্তম্ভ , তাত খোদিত কৰা লিপিসমূহ , স্তূপ , বৌদ্ধবিহাৰ সমূহ আৰু সাৰনাথৰ অশোক স্তম্ভ সেইসময়ৰ উন্মত শিল্প আৰু ভাস্কৰ্যৰ উৎকৃষ্ট নিদৰ্শন । স্তূপসমূহৰ ভিতৰত সাঁচি স্তূপটো উল্লেখযোগ্য ।
জ) মৌৰ্য যুগত সমাজ ব্যৱস্থা কেনে আছিল ?
উত্তৰঃ – মেগাস্থিনিচৰ ‘ইণ্ডিকা’ আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ পৰা মৌৰ্যযুগৰ সামাজিক অৱস্থাৰ কথা ভালদৰে জানিব পাৰি । প্ৰচলিত চাৰিবৰ্ণ প্ৰথা তেতিয়াও চলি আছিল । মৌৰ্যসকলৰ দিনত এই ধৰ্ম প্ৰচাৰৰ কিছু পৰিৱৰ্তন দেখা গৈছিল । সমাজত ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ প্ৰভাৱ বৃদ্ধি পাইছিল । বণিক শ্ৰেণীৰ প্ৰাধান্য বৃদ্ধি এই যুগৰ এটা উল্লেখনীয় পৰিৱৰ্তন আছিল । সাঁচি স্তূপৰ লিপিত বণিক শ্ৰেণীয়ে ধন সম্প্ৰতি দান কৰাৰ কথা উল্লেখ আছে । অশোকৰ শিলালিপিত দাস প্ৰথাৰ প্ৰচলনৰ উল্লেখ আছে । সমাজত মহিলাৰ স্থান উচ্চ নাছিল ।
২) প্ৰশ্ন : – শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা ―
ক) কৌটিল্যৰ আন এটা নাম চাণক্য আছিল ।
উত্তৰঃ – শুদ্ধ ।
খ) মেগাস্থিনিচে ‘অৰ্থশাস্ত্ৰ’ লিখিছিল ।
উত্তৰঃ – অশুদ্ধ ।
গ) সম্ৰাট অশোকে নিজ সন্তানক বিদেশত বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে পঠাইছিল ।
উত্তৰঃ – শুদ্ধ ।
ঘ) তৃতীয় বৌদ্ধ মাহমেল চন্দ্ৰগুপ্তৰ দিনত অনুষ্ঠিত হৈছিল ।
উত্তৰঃ – অশুদ্ধ ।
ঙ) উপগুপ্ত সম্ৰাট অশোকৰ ধৰ্মগুৰু আছিল ।
উত্তৰঃ – শুদ্ধ ।
৩) প্ৰশ্ন : ক) মৌৰ্য শাসন প্ৰণালীৰ লগত বৰ্তমান শাসন প্ৰণালীৰ মিল কোন খিনিত আছে ?
উত্তৰঃ –
মৌৰ্য সাম্ৰাজ্যে | বৰ্তমান শাসন প্ৰণালী |
১) মন্ত্ৰী পৰিষদ গঠন কৰা হৈছিল । | ১) মন্ত্ৰী পৰিষদ গঠন কৰা হয় । |
২) প্ৰজাৰ সুবিধাৰ বাবে আলিবাট বন্ধাইছিল । | ২) ৰাস্তা ঘাট নিৰ্মাণত অধিক গুৰুত্ব দিয়া হয় । |
৩) গছ ৰোৱা , পুখুৰী খন্দা , জিৰণি ঘৰ সজা আদি কাম কৰিছিল । | ৩) সামাজিক বন্ধনীকৰন , স্বাস্থ্য সুৰক্ষা , শিক্ষামাত্ৰাৰ উন্নতিকৰণ জিৰণি চৰা , গ্ৰামঞ্চলৰ সৰ্বাংগীন বিকাশ সাধনত গুৰুত্ব প্ৰদান । |
৪) সম্ৰাটে দেশৰ সকলো কাৰ্য পৰিচালনা কৰিছিল । | ৪) মন্ত্ৰী পৰিষদে গঠন কৰি দেশৰ সকলো কাম কাজ পৰিচালনা কৰা হয় । |
খ) ঐতিহাসিক সমলবোৰৰ কোনখিনি লিখিত আৰু কোন খিনি প্ৰত্নতাত্বিক সমতল পৰে তাৰ এখন তালিকা প্ৰস্তুত কৰা ।
উত্তৰঃ – লিখিত সমল : – কৌটিল্যৰ অৰ্থশাস্ত্ৰ , মেগস্থিনিচৰ ইণ্ডিকা নামৰ পুথি বৌদ্ধ আৰু জৈন সাহিত্য ।
প্ৰত্নতাত্বিক সমল : – মুদ্ৰা , শিলালিপি , স্তম্ভলিপি , মৌৰ্যযুগৰ স্থাপত্য ভাস্কৰ্যৰ ধ্ববংসাৱশেষ ।
৪) প্ৰশ্ন : – ক) চন্ত্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্যে কৰ পৰা কলৈ বিস্তৃত আছিল ?
উত্তৰঃ – চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্যে কাবুল , কান্দাহাৰ , হীৰাট , বেলুচিস্থান , আদি অঞ্চল বিস্তৃত আছিল ।
খ) কলিংগ , উজ্জয়িনী আৰু পাটলিপুত্ৰ বৰ্তমান ভাৰতৰ কোন কোন ৰাজ্যৰ অন্তৰ্গত ?
উত্তৰঃ – কলিংগ উৰিষ্যা ৰাজ্যত , উজ্জয়িনী মধ্যপ্ৰাদেশত আৰু পাটলিপুত্ৰ বিহাৰত অৱস্থিত ।
গ) অতীতত মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা ।
উত্তৰঃ – অতীতত মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম হল – জম্মু কাশ্মীৰ আৰু কেৰালা ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.