Class 6 Social Science Chapter 15 নতুন ভাবৰ উত্থান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 15 নতুন ভাবৰ উত্থান and select needs one.
SEBA Class 6 Social Science Chapter 15 নতুন ভাবৰ উত্থান
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 15 নতুন ভাবৰ উত্থান Solutions for All Subject, You can practice these here…
নতুন ভাবৰ উত্থান
পাঠ: 15
দ্বিতীয় খণ্ড – ইতিহাস
চমুকৈ উত্তৰ দিয়া
১/ প্ৰশ্ন : – ক) কি কি কাৰণত পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাবধাৰা গঢ়ি উঠিছিল ?
উত্তৰঃ – জাতিভেদ বা বৰ্ণ প্ৰথাই পৰৱৰ্তী বৈদিক যুগত সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত মানুহৰ মনত সংঘাতৰ সৃষ্টি কৰিছিল ।
প্ৰশ্ন : – খ ) জৈন ধৰ্মৰ মূল নীতি শিক্ষা কেইটা কি কি ?
উত্তৰঃ – জৈন ধৰ্মৰ মূল উপদেশবোৰ পাঁচটা নীতি শিক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছিল । এই নীতি শিক্ষা কেইটা হৈছে – অহিংসা , সত্যবাদিতা , চুৰি নকৰা , ত্যাগ আৰু ব্ৰহ্মচৰ্য ।
প্ৰশ্ন : – গ) জৈন ধৰ্ম ভাৰতৰ কোন কোন ঠাইত বিস্তৃত হৈছিল ?
উত্তৰঃ – ভাৰতৰ উত্তৰ ভাৰত , গুজৰাট , তামিলনাডু , কৰ্ণাটক আদি ঠাইত বিস্তৃত হৈছিল ।
প্ৰশ্ন : – ঘ) গৌতম বুদ্ধৰ ধৰ্মৰ প্ৰতি মন ঢাল কোৱাৰ মূলতে কি আছিল ?
উত্তৰঃ – সংসাৰৰ লাহ – লাহ , সুখ সম্ভোগে গৌতম বুদ্ধক সুখী কৰিব পৰা নাছিল । তেওঁ সৰুৰে পৰা বৰ চিন্তাশীল আছিল ।
প্ৰশ্ন : – ঙ) কিহৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠিছিল ?
উত্তৰঃ – সকলো জীৱৰ প্ৰতি দয়া , অহিংসা আৰু সমাজৰ ভেদ ভাব পাহৰি এক শুদ্ধ জীৱন যাপন কেনেকৈ কৰিব পাৰি সেই কথা মানবজাতিক জনালে । সেই উপলব্ধি খিনিকে মানুহৰ মাজত বিলাৰলৈ এক নতুন মতবাদ প্ৰতিষ্ঠা কৰি থৈ গল ।
চ ) বৌদ্ধ বিহাৰবোৰৰ কাম কি আছিল ?
উত্তৰঃ- বৌদ্ধ বিহাৰবোৰৰ বুদ্ধদেৱ বাণীসমূহ চৰ্চা কৰাৰ লগতে অনান্যা শৈক্ষিক সাংস্কৃতিক বিকাশৰ দিশ সমূহো আলোচনা কৰা হৈছিল । এই বিহাৰবোৰত দেশ বিদেশৰ বহুতো লোকৰ আগমন ঘটিছিল । এই বৌদ্ধ বিহাৰবোৰ শেষলৈ একোখন ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠানত পৰিণত হৈছিল ।
ছ ) পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধ ধৰ্মপ্ৰচাৰৰ বাবে কি কি ব্যৱস্থা হাতত লৈছিল ?
উত্তৰঃ- পৰৱৰ্তী সময়ত বিম্বিশাৰ , অশোক , কনিষ্ক , হৰ্ষবৰ্ধন , আদি ৰজাসকলে বৌদ্ধধৰ্মৰ পৃষ্ঠপোষতা কৰিছিল ।
এইসকল ৰজাই বৌদ্ধধৰ্ম প্ৰচাৰৰ হকে বহুতো কাৰ্য্য সূচী হাতত লৈছিল । বিভিন্ন ঠাইত স্থায়ীভাৱে বৌদ্ধ মঠ মন্দিৰ নিৰ্মান কৰাৰ উপৰি এইবোৰত বুদ্ধৰ বাণী আৰু বৌদ্ধ চিত্ৰশিল্প অংকিত কৰিছিল । ইয়াৰ কিছু সংখ্যক আজিও ভাৰতৰ বিভিন্ন ঠাইত অক্ষত অৱস্থাত আছে । ইয়াৰ উপৰিও তেওঁলোকে নিজৰজ্যত ‘বৌদ্ধ মাহমেল’ আয়োজন কৰি তালৈ দেশ বিদেশৰ বহুতো গুণী জ্ঞানী , দাৰ্শনিক পণ্ডিতক আমন্ত্ৰন কৰি আনি ধৰ্ম চৰ্চ্চা কৰিছিল ।
২/ সত্য অসত্য নিৰূপন কৰা :-
ক ) জৈন ধৰ্মই কৰ্মফল আৰু পুনৰজন্ম বিশ্বাস কৰে ।
উত্তৰঃ- সত্য ।
খ ) বুদ্ধ দেবে বলি বিধানত বেছি গুৰুত্ব দিছিল ।
উত্তৰঃ- অসত্য ।
গ) বুদ্ধদেৱে সাৰনাথত দিব্য জ্ঞান লাভ কৰিছিল ।
উত্তৰঃ – অসত্য ।
ঘ ) বৌদ্ধ সংঘবোৰত বুদ্ধৰ বাণীসমূহ চৰ্চা কৰা হৈছিল ।
উত্তৰঃ – সত্য ।
৩) প্ৰশ্ন : – চমুকৈ উত্তৰ দিয়া ।
ক) ক্ষত্ৰিয় সকলে ব্ৰাহ্মণৰ কি সমমৰ্যদা দাবী কৰিছিল ?
উত্তৰঃ – কালক্ৰমত ক্ষত্ৰিয় ৰজাসকল ৰাজনৈতিক , অৰ্থনৈতিক , সামাজিক আদি সকলো ক্ষেত্ৰতে ক্ৰমে শক্তিশালী হৈ উঠিবলৈ ধৰে । গতিকে ৰজাই ব্ৰাহ্মণৰ সমমৰ্যদা দাবী কৰিছিল ।
খ ) মহাবীৰে কিয় ‘জিন’ উপাধি পাইছিল ?
উত্তৰঃ – মহাবীৰে ইন্দ্ৰিয় জয় কৰিছিল কাৰণে তেওঁ ‘জিন’ উপাধি পাইছিল ।
গ) জৈন ধৰ্মৰ ভাগ দুটাৰ নাম কি কি ?
উত্তৰঃ – জৈন ধৰ্মৰ ভাগ দুটাৰ নাম হল –
১) শ্বেতাম্বৰ ।আৰু
২) দিগম্বৰ ।
ঘ) বুদ্ধদেৱে প্ৰথমে কত ধৰ্ম প্ৰচাৰ কৰিছিল ?
উত্তৰঃ – বুদ্ধদেৱে প্ৰথমে সাৰনাথত ধৰ্ম প্ৰচাৰ কৰিছিল ।
ঙ) বৌদ্ধ ধৰ্মৰ মূল মতবাদ কি আছিল ?
উত্তৰঃ – বৌদ্ধ ধৰ্মৰ মূল মতবাদ আছিল – যাগ – যজ্ঞ , বলি বিধান , দান – দক্ষিণা আদিৰ পৰিৱৰ্তে সহজ সৰল ধাৰ্মিক জীৱন যাপনত গুৰুত্ব দিছিল ।
৪) প্ৰশ্ন : বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত মিলখিনিৰ এখন তালিকা বনোৱা ―
উত্তৰঃ –
বৌদ্ধ ধৰ্ম | জৈন ধৰ্ম |
১) বলি বিধান , জীৱ হত্যা যাগ — যজ্ঞ প্ৰয়োজন নাই । | ১) বলি বিধান , জীৱ হত্যা যাগ — যজ্ঞ প্ৰয়োজন নাই । |
২) বৌদ্ধ ধৰ্মৰ অষ্টাঙ্গিক মাৰ্গ অনুসৰণ কৰাৰ কথা উল্লেখ আছে । | ২) জৈন ধৰ্মৰ পাঁচটা নীতিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছিল । |
৩) হিংসা – বিদ্বেষ , ব্যভিচাৰ মদ্যপান আৰু মিছা কোৱাৰ পৰা দূৰত আছিল । | ৩) অহিংসা , সত্যবাদিতা , চুৰি নকৰা , ত্যাগ আৰু ব্ৰহ্মচর্য । |
৪) বৌদ্ধ সংঘ আৰু বৌদ্ধ বিহাৰবোৰত বুদ্ধদেৱৰ সেৱৰ বাণীসমূহ প্ৰচাৰ কৰা হৈছিল । | ৪) জৈন ধৰ্মৰ বাণীসমূহ জনসাধাৰণৰ মাজত মৌখিকভাৱে প্ৰচাৰিত হৈছিল । |
৫) বুদ্ধদেৱৰ মৃত্যুৰ পিছত শিষ্যসকলে বাণীসমূহ সংগ্ৰহ কৰি ‘ত্ৰিপিটক’ নামেৰে পুথি পালি ভাষাত ৰচনা কৰিছিল । | ৫) জৈন ধৰ্মৰ বাণীসমূহ প্ৰাকৃত ভাষাত ৰচিত হৈছিল । |
৬) বৌদ্ধ ধৰ্মৰ উপসত দুটা ভাগত বিভক্ত হৈছিল – ১) হীনযান আৰু ২) মহাযান । | ৬) জৈন ধর্মৰ শাখা দুটা হল – ১) শ্বেতাম্বৰ । আৰু ২) দিগম্বৰ । |
৫) প্ৰশ্ন :- ক অংশৰ লগত খ অংশ মিলোৱা ―
‘ক’ অংশ | ‘খ’ অংশ |
১) ত্ৰিপিটক | ক) বৌদ্ধ ধৰ্মগ্ৰন্থ । |
২) কুশীনাৰা | খ) প্ৰাকৃত ভাষাৰ কাব্য । |
৩) কৈৱল্য | গ) মহাবীৰৰ জন্মস্থান । |
৪) কুন্দপুৰ | ঘ) জৈন ধৰ্মগ্ৰন্থ । |
৫) পূৰ্ব | ঙ) বুদ্ধদেৱৰ জন্মস্থান । চ) তপস্যাৰ অন্তত মহাবীৰে লাভ কৰিছিল । ছ) বুদ্ধদেৱৰ মহা পৰিনিৰ্বাণৰ ঠাই । |
উত্তৰঃ –
‘ক’ অংশ | ‘খ’ অংশ |
১) ত্ৰিপিটক – | ক) বৌদ্ধ ধৰ্মগ্ৰন্থ । |
২) কুশীনাৰা – | ছ) বুদ্ধদেৱৰ মহা পৰিনিৰ্বাণৰ ঠাই । |
৩) কৈৱল্য – | চ) তপস্যাৰ অন্তত মহাবীৰে লাভ কৰিছিল । |
৪) কুন্দপুৰ – | গ) মহাবীৰৰ জন্মস্থান । |
৫) পূৰ্ব – | ঘ) জৈন ধৰ্মগ্ৰন্থ । |
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.