Class 6 Social Science Chapter 12 প্ৰাচীন নগৰীয়া সভ্যতা answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 12 প্ৰাচীন নগৰীয়া সভ্যতা and select needs one.
SEBA Class 6 Social Science Chapter 12 প্ৰাচীন নগৰীয়া সভ্যতা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 12 প্ৰাচীন নগৰীয়া সভ্যতা Solutions for All Subject, You can practice these here…
প্ৰাচীন নগৰীয়া সভ্যতা
পাঠ: 12
দ্বিতীয় খণ্ড – ইতিহাস
চমুকৈ উত্তৰ দিয়া
(১) উত্তৰ দিয়া :-
(ক) কি কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ়ি উঠিছিল ?
উত্তৰ:- পৃথিৱীৰ প্ৰাচীন সভ্যতা বোৰৰ প্ৰায় ভাগেই নদীৰ পাৰতেই গঢ় লৈ উঠিছিল। উদাহণস্বৰূপে সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকা সভ্যতা, নীল নদীৰ পাৰত মিছৰীয় সভ্যতা, ইউফ্ৰেটিচ আৰু টাইগ্ৰীছ নদীৰ পাৰত বেবিলনীয় সভ্যতা, হোৱাংহো আৰু ইয়াং চিকিয়াং নদীৰ পাৰত চীন সভ্যতা গঢ়ি উঠিছিল।
(খ) পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতা সমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি ?
উত্তৰ:- প্ৰাচীন সভ্যতা সমূহৰ ভিতৰত সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি ।
(গ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছপটেমীয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি কব পাৰি ?
উত্তৰ:- প্ৰত্নতত্ববিদ সকলৰ মতে আজিৰ পৰা প্ৰায় চাৰি হাজাৰ পাঁচশ মান বছৰ আগতে আমাৰ ভাৰত উপমহাদেশৰ সিন্ধু নদীৰ পাৰত এক অতি উন্নত মানৰ সভ্যতা গঢ়ি উঠিছিল। এই সভ্যতাৰ চানেকি হল – মহেঞ্জোদাৰো আৰু হৰপ্পা নগৰ। সিন্ধু উপত্যকাত বাস কৰা লোকসকলে বেপাৰ বাণিজ্য কৰাৰ বাবে কেঁচা সামগ্ৰী বিশেষকৈ ঋতু, বিভিন্ন ধৰণৰ মনি আদি আন ঠাইলৈ ৰপ্তানি কৰিছিল। ধাতুৰ ওপৰি কাপোৰ, পাত্ৰ, মাটিৰ পুতলা, মণি আৰু খাদ্য সামগ্ৰী সেইবোৰ ঠাইলৈ ৰপ্তানি কৰা হৈছিল। হৰপ্পা সভ্যতা অথবা সিন্ধু উপত্যকাত আৱিষ্কৃত মোহৰ, মণি আদি মেছপটেমিয়াত পোৱা গৈছে । ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছপটেমিয়া আৰু অন্যান্য সমসাময়িক সভ্যতাৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল।
(ঘ) সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ – বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে পাঠ টোৰ আলমত লিখা।
উত্তৰ:- সিন্ধু উপত্যকাৰ বেপাৰ বাণিজ্য কৰা লোকসকলে কেচা সামগ্ৰী ধাতু, বিভিন্ন ধৰণৰ মণি আদি আন ঠাইলৈ ৰপ্তানি কৰিছিল। ইয়াৰ উপৰি সাজ পাৰ, পাত্ৰ, মাটিৰ পুতলা, মণি আৰু খাদ্য সামগ্ৰীও সেইবোৰ ঠাইলৈ ৰপ্তানি হৈছিল। প্ৰত্নতত্ববিদ সকলে অনুমান কৰে যে সিন্ধু উপত্যকাৰ বহু খিনি নিদৰ্শন চুমেৰীয়া সভ্যতাৰ নিদৰ্শনৰ লগত সাদৃশ্য আছে। সিন্ধু উপত্যকাৰ লোক সকলেও যোগাযোগ ব্যৱস্থাৰ বাবে চিন ব্যৱহাৰ কৰিছিল। বেপাৰ বাণিজ্যৰ জৰিয়তে সিন্ধু উপত্যকাৰ সংস্কৃতিৰ লগত চুমেৰীয়া আৰু মেছ’পটেমিয়া সভ্যতাৰ সখন যোগাযোগ হৈছিল।
(ঙ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ মানুহে চিলাই বিদ্যা জানিছিল বুলি অনুমান কৰা হয় ?
উত্তৰ:- সিন্ধু উপত্যকাৰ সভ্যতা অতি উন্নত আছিল । প্ৰত্নতত্ব বিদসকলৰ মতে সেই সময়ত আৱিষ্কৃত শিলত কটা মূৰ্তিৰ পোছাক সমূহৰ পৰা অনুমান কৰিব পাৰি যে মানুহে পোছাক হিচাপে দুখন কাপোৰ ব্যৱহাৰ কৰিছিল। সেই সময়ত আৱিষ্কৃত বেজী, বুটামৰ পৰা অনুমান হয় যে সেই সময়ৰ মানুহে চিলাই বিদ্যাও ভালদৰে জানিছিল।
(২) উত্তৰ দিয়া :-
(ক) সিন্ধু নদী ভাৰতৰ কোন দিশত অৱস্থিত ?
উত্তৰ:- সিন্ধু নদী ভাৰতৰ পশ্চিম দিশত অৱস্থিত।
(খ) সিন্ধু নদীয়ে চুই যোৱা ঠাই কেই খনৰ নাম উল্লেখ কৰা।
উত্তৰ:- সিন্ধু নদীয়ে চুই যোৱা ঠাই কেই খনৰ নাম হল পঞ্জাৱ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ।
(গ) বৰ্তমান পাকিস্তান অন্তৰ্গত ঠাই কেইখনৰ নাম লিখা ?
উত্তৰ:- বৰ্তমান পাকিস্তান অন্তৰ্গত ঠাই কেইখনৰ হল :- লাহোৰ, ৰাৱালপিণ্ডি, পেশ্বাৱাৰ, ফাইচালাবাদ, বাহাৱাল নগৰ, মুজাফৰগৰ, হায়দৰাবাদ আদি।
(ঘ) ঝিলাম বৰ্তমান কুনখন দেশত আছে ?
উত্তৰ:- পাকিস্তানত।
(৩) ক অংশৰ লগত খ অংশ মিলোৱা :-
ক অংশ | খ অংশ |
১) সিন্ধু উপত্যকাৰ মানুহে | ১) শস্য ৰাখিবৰ বাবে। |
২) মোহৰ বোৰ আছিল | ২) ইৰাকৰ লগত বেপাৰ বাণিজ্য কৰিছিল। |
৩) সিন্ধু উপত্যকাৰ মানুহে গৰু- গাড়ী, নাও আৰু | ৩) চতুৰ্ভুজ, ঘূৰণীয়া আৰু চুঙা আকৃতিৰ। |
৪) ভঁৰাল বোৰ ব্যৱহাৰ কৰা হৈছিল | ৪) জন্তুৰ পিঠিত উঠি বেপাৰ বাণিজ্য কৰিছিল। |
উত্তৰ :-
ক অংশ | খ অংশ |
১) সিন্ধু উপত্যকাৰ মানুহে | ১) ইৰাকৰ লগত বেপাৰ বাণিজ্য কৰিছিল। |
২) মোহৰ বোৰ আছিল | ২) চতুৰ্ভুজ, ঘূৰণীয়া আৰু চুঙা আকৃতিৰ। |
৩) সিন্ধু উপত্যকাৰ মানুহে গৰু – গাড়ী, নাও আৰু | ৪) জন্তুৰ পিঠিত উঠি বেপাৰ বাণিজ্য কৰিছিল। |
৪) ভঁৰাল বোৰ ব্যৱহাৰ কৰা হৈছিল | ১) শস্য ৰাখিবৰ বাবে। |
(৪) শুদ্ধ নে অশুদ্ধ লিখা :-
(ক) মহেঞ্জোদাৰো নগৰৰ ৰাস্তা বোৰ পোন আছিল।
উত্তৰ:- শুদ্ধ।
(খ) ৰাস্তাৰ চুক বোৰ পোন আছিল।
উত্তৰ:- অশুদ্ধ।
(গ) ঘৰবোৰত একোটাকৈ কুৱা আৰু স্নান গাৰ আছিল।
উত্তৰ:- শুদ্ধ।
(ঘ) ঘৰ বোৰৰ পৰা লেতেৰা পানী ওলাই যোৱাৰ কোনো ব্যবস্থা নাছিল।
উত্তৰ:- অশুদ্ধ।
(ঙ) হৰপ্পা সংস্কৃতিৰ সামগ্ৰী সমূহৰ প্ৰায় ভাগ টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী।
উত্তৰ:- শুদ্ধ।
(৫) সিন্ধু উপত্যকাৰ নগৰ পৰিকল্পনাৰ বিষয়ে এটি চমু টোকা লিখা ।
উত্তৰ:- প্ৰত্নতত্ব বিদ সকলৰ মতে সিন্ধু নদীৰ উপত্যকাৰ নগৰ পৰিকল্পনা সুচিন্তিত পৰিকল্পনাৰ সহায়তে নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰে। আধুনিক যুগৰ অট্টালিকা বোৰৰ লগত সেই যুগৰ ঘৰ দুৱাৰ বিলাকৰ বহু মিল দেখা যায়। নগৰৰ ৰাজ আলি বোৰ আহল – বহল আছিল। পোন আৰু বহল আলিবাট বিলাক সমান্তৰাল ভাবে নগৰৰ এমূৰৰ পৰা আন মুৰলৈ বিস্তৃত হৈ আছিল। এই আলি বাট বিলাক লম্ব ভাবে কটাকটি কৰি নগৰ খনক কেইবাটাও সমান ভাগত ভাগ কৰিছিল।
ৰাস্তাৰ চুক বোৰ ধেনু ভেৰীয়া আছিল যাতে বস্তু কঢিয়াই নিয়া গধূৰ যান – বাহন সহজতে চলাচল কৰিব পাৰে। নগৰৰ ডাঙৰ আলিবাট বোৰৰ দাঁতিত অট্টালিকা বিলাকে শোভা বৰ্ধন কৰিছিল। ঘৰ বোৰ ইটা আৰু বোকা মাটিৰে নিৰ্মাণ কৰা হৈছিল। ঘৰ বোৰ কিছুমান এমহলীয়া আন কিছুমান দুমহলীয়া আছিল। প্ৰত্যেক ঘৰতে একোটাকৈ কুৱা আৰু স্নান গাৰ থকাৰ উপৰি ঘৰ বোৰৰ পৰা পানী ওলাই যোৱাৰ বাবে সু – ব্যবস্থা আছিল। নলা বোৰৰ পানী ৰাজ আলিৰ ডাঙৰ নলা বোৰেদি গৈ নৰ্দমাত পৰিছিল। নলা বোৰত ঢাকোনৰ ব্যবস্থা আছিল।
প্ৰতি ঘৰতে একোখন ডাঙৰ চোতাল আছিল। মহোঞ্জদাৰোৰ আবিষ্কৃত ভগ্নাৱশেষ বিলাকৰ ভিতৰত আটাইতকৈ উল্লখযোগ্য নিদৰ্শন হৈছে ৰাজহুৱা স্নান গাৰটো। ই চতুৰ্ভুজ আকৃতিৰ। ইয়াৰ মাজত ১১,৮৮×৭.০১ মি: জোখৰ এটি জল ভাণ্ডা আছে। ইয়াৰ গভীৰতা আছিল ২.৪৩ মি:। এই জল ভাগৰৰ পানী লেতেৰা হলে তাক উলিয়াই নতুনকৈ পূৰাবলৈ ওচৰতে কুৱা আছিল। জলভাণ্ডাৰলৈ নামি যাবৰ বাবে খটখটি আৰু ইয়াৰ কাষে কাষে কাপোৰ সলাবৰ বাবে কোঠালিও আছিল। মহেঞ্জোদাৰো আৰু হৰপ্পা এই দুয়ো খন নগৰত থকা ঘৰ, স্নান গাৰ আদিৰ ওপৰি কেইটামান ডাঙৰ ভঁৰাল ঘৰৰ ভগ্নাৱশেষ পোৱা গৈছে। ওচৰৰ গাঁও বোৰৰ পৰা সংগ্ৰহ কৰা শস্য বোৰ সম্ভৱতঃ এই ভঁৰাল বোৰত জমা ৰখাৰ ব্যবস্থা আছিল। মুঠৰ ওপৰত সিন্ধু উপত্যকাৰ নগৰ নিৰ্মাণ পৰিকল্পনা অতি উন্নত আছিল।
(৬) হৰপ্পা সংস্কৃতিৰ মানুহে ব্যৱহাৰ কৰা আচবাব – পত্ৰ, ঘৰ সজা প্ৰণালী আদিৰ ওপৰত এটা টোকা যুগুত কৰা।
উত্তৰ:- সিন্ধু উপত্যকাৰ পৰা ধাতুৰে নিৰ্মিত বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰা হৈছে। সেইবোৰৰ ভিতৰত দা, কুঠাৰ, মাটি, তৰোৱাল আদি উল্লেযোগ্য। মাটিৰ তলৰ পৰা সংগ্ৰহ কৰা তাম, দস্তা, সীহ আদি ধাতু বোৰ গলাই বিভিন্ন আকৃতিৰ সামগ্ৰী তৈয়াৰ কৰা হৈছিল। ভিন ভিন ৰং আৰু আৰ্হিৰে সজাই তোলা সামগ্ৰী সমূহ বিশেষকৈ টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী ব্ৰঞ্জ ধাতুৰে গঢ়া আছিল। ইয়াৰ উপৰি পোৱা মাটিৰ বাচন – বতন, আ – অলংকাৰ, পুতলা আদিও তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।
হৰপ্পা সংস্কৃতি ঘৰ সজা প্ৰণালী উন্নত আছিল। ডাঙৰ আলি বাট বোৰৰ দাঁতিত অট্টালিকা বোৰে শোভা বৰ্ধন কৰিছিল। ঘৰ বোৰ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। এই ভগ্নাৱশেষ বোৰৰ মাজত কিছুমান এমহলীয় আৰু কিছুমান দুমহলীয়া ঘৰৰ নিদৰ্শন পোৱা গৈছে। প্ৰত্যেক ঘৰতে একোটাকৈ কুৱা আৰু স্নান গাৰ থকাৰ উপৰি ঘৰ বোৰৰ পৰা পানী ওলাই যোৱাৰ বাবে সু ব্যৱস্থা আছিল। এই নলাবোৰৰ পানী ৰাজ আলিৰ ডাঙৰ নলা বোৰেদি গৈ নৰ্দমাত পৰিছিল। নলা বোৰত ঢাকোনৰ ব্যবস্থা আছিল। প্ৰতি ঘৰতে একোখন নগৰতে ঘৰ, স্নান গাৰ আদিৰ উপৰি কেইটামান ডাঙৰ ভঁৰাল ঘৰৰ ভগ্নাৱশেষ পোৱা গৈছে। ওচৰৰ গাঁও বোৰৰ পৰা সংগ্ৰহ কৰা শস্য বোৰ সম্ভৱতঃ এই ভঁৰাল বোৰত জমা কৰি ৰখাৰ ব্যবস্থা আছিল।
(৭) হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎস কি কি আছিল ?
উত্তৰ:- হৰপ্পা সংস্কৃতিৰ কিছু মানুহে কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰিছিল। সেই সময়ত কৃষক সকলে ঘেঁহু, বাৰ্লি, মটৰ, মাহ আদিৰ উপৰি সৰিয়হ, কপাহ আদিৰ খেতি কৰিছিল। হৰপ্পা সংস্কৃতিৰ মানুহেই পোন প্ৰথমে কপাহ খেতি কৰিছিল বুলি ধাৰণা কৰা হয়। সেই সময়ৰ বহুতো আকৌ পশু পালন কৰিও পেট প্ৰবৰ্তাইছিল। গৰু – মহ, ছাগলী, ভেড়া, গাহৰি আদি পালন কৰিছিল। কুকুৰ আৰু মেকুৰীও পুহিছিল। তাৰ ওপৰি বস্তু কঢ়িয়াবলৈ উট আৰু গাধ ৰাখিছিল। ঘোঁৰাৰ ব্যৱহাৰ কম আছিল। হাতী, বলধ, গড় আদি প্ৰাণীক হৰপ্পা সভ্যতাৰ মানুহে প্ৰাধান্য দিছিল। হৰপ্পা সংস্কৃতিৰ বহু লোকে ঘৰ সাজি, ইটা আদি তৈয়াৰ কৰি, বাচন – বৰ্তন প্ৰস্তুত কৰি আ – অলংকাৰ আদি গঢ়ি আৰু কাপোৰ বৈও জীৱিকা নিৰ্বাহ কৰিছিল। অৰ্থাৎ সেই সময়ত কৃষক আৰু পশু পালনৰ উপৰি কুমাৰ, কৰিকৰ, বণিক, বাঢ়ৈ, শিপিনী আদি শ্ৰেণীৰ লোকো আছিল।
(৮) হৰপ্পা সংস্কৃতিৰ মূল অৰ্থনৈতিক ভেটি কি আছিল ?
উত্তৰ:- হৰপ্পা সংস্কৃতিৰ মূল অৰ্থনৈতিক ভেটি কৃষি আছিল বুলি অনুমান কৰিব পাৰি। তেওঁলোকে বিভিন্ন ফল – মূল, গাখীৰ আদিৰ বাহিৰেও ধান, মাহ, বাৰ্লি, তিল আদি শস্য উৎপাদন কৰি খাইছিল। তাৰ উপৰি গোটেই উপত্যকাতে গৰু, ভেৰা, গাহৰি, কুকুৰা, ঘৰিয়াল আৰু কাছৰ মাংস খোৱাৰো প্ৰথা আছিল বুলি অনুমান কৰা হৈছে। সিন্ধু উপত্যকাৰ সভ্যতাত মাছ ধৰা প্ৰথাৰ প্ৰচলন থকা যেন অনুমান কৰিব পাৰি।
(৯) সিন্ধু উপত্যকাৰ মানুহৰ ধৰ্মীয় বিশ্বাস সম্বন্ধে এটি টোকা যুগুত কৰা।
উত্তৰ:- হৰপ্পা সংস্কৃতিৰ মানুহে গছ আৰু সাপ পূজা কৰিছিল বুলি অনুমান কৰিব পাৰি। মাতৃ দেৱীকো পূজা কৰা যেন অনুমান হৈছিল। কিন্তু সিন্ধু উপত্যকাৰ সভ্যতাৰ ধ্বংসাৱশেষৰ মাজত এতিয়ালৈ কোনো মন্দিৰৰ অস্তিত্ব দেখা পোৱা নাই।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.