Class 6 Social Science Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস and select needs one.
SEBA Class 6 Social Science Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস Solutions for All Subject, You can practice these here…
আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস (নৱ প্ৰস্তৰ যুগ)
পাঠ: 11
দ্বিতীয় খণ্ড – ইতিহাস
চমুকৈ উত্তৰ দিয়া
ইতিহাস খণ্ড
১) উত্তৰ লিখা :-
ক) সুমনৰ স্কুলৰ বাইদেৱে আগদিনা খন কিহৰ বিষয়ে বুজাইছিল ?
উত্তৰ:- সুমনৰ স্কুলৰ বাইদেৱে আগদিনা খন আদিম মানুহে কিদৰে অতি কষ্ট কৰি খোৱা বস্তু সংগ্ৰহ কৰি জীৱন অতিবাহিত কৰিব লগা হৈছিল, কিদৰে ভীষণ কষ্টত জীৱন নিৰ্বাহ কৰিবলগা হৈছিল সেই বিষয়ে বুজাইছিল।
খ) আদিম মানুহে হাবিত পোৱা ফল – মূলৰ গছ বোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল ?
উত্তৰ:- আদিম মানুহে হাবিত পোৱা ফল – মূলৰ গছ বোৰৰ বিষয়ে কিছুমান কথালৈ লক্ষ্য কৰিছিল । সেইবোৰ হল যেনে – কেনেকৈ গুটিৰ পৰা নতুন গছ গজে, ফলমূল দিয়া গছ – গছনি বোৰ কত বেছিকৈ গজে ইত্যাদি । তেওঁলোকে মন কৰিছিল কিছুমান ঠাইত গছবোৰ সোনকালে গজে আৰু কিছুমান ঠাইত গছৰ গজালি ওলোৱাত পলম হয় । যিবোৰ ঠাইত গছবোৰ সোনকালে গজে তেনেবোৰ মাটিতে তেওঁলোকে নিজে গুটি সিচিছিল । গছবোৰ ডাঙৰ হোৱালৈ আৰু জীৱ – জন্তুৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে একে ঠাইতে কেতিয়াবা বহুদিন লৈ থাকিব লগা হৈছিল। অৱশ্য তেতিয়াও তেওঁলোকৰ মনলৈ খেতিৰ ধাৰণা অহা নাছিল।
গ) খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল ?
উত্তৰ:- আদিম মানুহে খেতি কৰিবলৈ শিলেৰে নিৰ্মিত কুঠাৰৰ দাৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ সহায়ত মাটি খান্দি কোমল কৰি গুটি সিচিছিল । সময় আগবঢ়াৰ লগে লগে উন্মত মানৰ সঁজুলিৰ আবশ্যক হোৱাত তেওঁলোকে শিলৰ অস্ত্ৰ বোৰ শিলতেই ঘঁহি মিহি, চকচকীয়া আৰু জোঙা কৰি লৈছিল। ইয়াৰ উপৰি জীৱ জন্তুৰ হাড়, দাঁত আৰু কাঠৰ বিভিন্ন আহিলা খেতিৰ উপযোগীকৈ তৈয়াৰ কৰি লৈছিল। শস্য ভাঙিবলৈ তেওঁলোকে শিলৰ পটা, পটাগুটি তৈয়াৰ কৰি লৈছিল।
ঘ) আদিম মানুহে কি কি কাৰণে জীৱ জন্তু পুহিছিল।
উত্তৰ:- বহু মানুহৰ ঘৰত জীৱজন্তু আছে । আদিম যুগৰ পৰাই এই জীৱ – জন্তু বোৰৰ লগত মানুহৰ সম্পৰ্ক আছিল। আদিম যুগত মানুহে জীৱ জন্ত চিকাৰ কৰি তাৰ মঙহ খাই জীৱন ধাৰণ কৰিছিল। সময় আগবঢ়াৰ লগে লগে তেওঁলোকে চিকাৰত পোৱা জীৱ জন্তু বোৰ ঘৰলৈ আনি পোহ পাল দিছিল হয়তো হাবিত চিকাৰ নাপালে সেইবোৰকে খাদ্য হিচাপে গ্ৰহণ কৰিছিল। কুকুৰেই হয়তো মানুহৰ প্ৰথম পোহনীয়া জন্তু আছিল । ঘৰ পহৰা দিয়া, চিকাৰত সহায় কৰা আদি কামবোৰ কুকুৰেই কৰিছিল । এনেদৰেই আদিম মানুহে তেওঁ লোকৰ বাসস্থানত গৰু, ছাগলী, গাহৰি আদি পুহিবলৈ লৈছিল। এই জীৱ জন্তু বোৰক লালন – পালন কৰি সুৰক্ষিত কাষ ৰাখিছিল বাবে আদিম মানুহে পৰবৰ্তী সময়ত পশু পালক হৈ পৰিছিল । এই জীৱ জন্তু বোৰৰ মঙহ, যাতায়তৰ কামতো ব্যবহাৰ কৰিছিল। পোহনীয়া জন্তু বোৰ মানুহৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল।
ঙ) চকাৰ ব্যৱহাৰে আদিম মানুহক কি কি কামত সহায় কৰিছিল ?
উত্তৰ:- চকাৰ প্ৰচলনে আদিম মানুহৰ জীৱন ধাৰণ প্ৰণালীক বহুতো আগুৱাই নিলে । উদাহৰণ স্বৰূপে আগতে মানুহে খোজ কাঢ়ি বা জন্তুৰ পিঠিত উঠি এঠাইৰ পৰা আন ঠাইলৈ গৈছিল। চকাৰ আৱিষ্কাৰৰ লগে লগে চকা লগোৱা বাহন তৈয়াৰ কৰা, জন্তুৰ দ্বাৰা টনোৱাৰ ব্যৱস্থা কৰাত একাধিক মানুহ একেটা সময়ত দূৰ দূৰণিৰ ঠাই বোৰলৈ যাব পৰা হল । তাৰ উপৰি খেতিৰ ফচল আৰু বিভিন্ন গধূৰ বোজা কঢ়িয়াব পৰা হল। মাটিৰ পাত্ৰ বনোৱাৰ ক্ষেত্ৰটো চকাৰ ব্যবহাৰ হব ধৰিলে।
চ) গাঁৱত দলবদ্ধ ভাবে বসবাস কৰাৰ পৰা আদিম মানুহৰ কি কি সুবিধা হৈছিল ?
উত্তৰ:- গাঁৱত দলবদ্ধ ভাবে আদিম মানুহে বসবাস কৰাৰ ফলত মানুহৰ নিৰাপত্তা আৰু সহায় সহযোগিতা নিশ্চিত হৈছিল। এইদৰেই কিছুমান পৰিয়াল দলবদ্ধ ভাৱে থাকি একোখন গাঁৱৰ সৃষ্টি কৰিছিল। তেওঁলোকে খেতি বাতি কৰা, জীৱ জন্তু পোহৰ বাবে নদী বা হ্ৰদৰ পাৰত বসতি আৰম্ভ কৰিছিল। পৃথিৱীৰ প্ৰাচীন সভ্যতা সমূহো নদীৰ পৰতেই গঢ়ি উঠিছিল।
ছ) আদিম মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল ?
উত্তৰ:- আদিম মানুহে শস্য ৰাখিবলৈ আৰু ৰান্ধিবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল।
২) দাওজালি হাতিং কোন জিলাত ? তোমাৰ জিলাখনৰ পৰাই কোন দিশত অৱস্থিত ?
উত্তৰ:- দাওজালি হাতিং উত্তৰ কাছাৰ জিলাত অৱস্থিত। ই দক্ষিণ দিশত অৱস্থিত।
৩) তলত উল্লেখ কৰা ঠাইবোৰ কোন প্ৰদেশত অৱস্থিত ?
ক) বুৰ্জাহাম।
খ) মহাগড়।
গ) চীৰাঙ।
ঘ) ভীমবেটকা ।
ঙ) পৈয়ামপল্লী ।
উত্তৰ:- ক) বুৰ্জাহাম – জম্মু আৰু কাশ্মীৰ প্ৰদেশত।
খ) মহাগড় – উত্তৰ প্ৰদেশত।
গ) চীৰাঙ – বিহাৰ প্ৰদেশত।
ঘ) ভীমবেটকা – মধ্যপ্ৰদেশ।
ঙ) পৈয়ামপল্লী – তামিলনাডু।
৪) আদিম মানুহে প্ৰথমে কেনেকৈ খেতি আৰম্ভ কৰিছিল ?
উত্তৰ:- গছৰ গুটি জীপাল মাটিত পৰি গজালি ওলোৱা লক্ষ্য কৰিয়েই হয়তো আদিম মানুহে প্ৰথমে খেতি কৰিবলৈ আৰম্ভ কৰিছিল।
৫) আদিম মানুহে শস্য বোৰ কেনেকৈ সাঁচি ৰাখিছিল ?
উত্তৰ:- আদিম মানুহে শস্য ৰখাৰ বাবে ঘাঁহ বনেৰে খৰাহি বনাইছিল বা কেতিয়াবা মাটিতেই গাত খান্দি পুতি ৰাখিছিল ।
৬) আদিম মানুহে ব্যৱহাৰ কৰা সঁজুলি কত কত পোৱা গৈছিল ?
উত্তৰ:- কাশ্মীৰ উপত্যকা, উত্তৰ কাছাৰ জিলাৰ হাতিং নামৰ ঠাইত, দাক্ষিনাত্যৰ কৃষ্ণা আৰু গোদাবৰী উপত্যকা, বিহাৰৰ চীৰাও আৰু উত্তৰ প্ৰদেশৰ বৈলান উপত্যকা।
৭) খাদ্য শস্য কিয় সাঁচি ৰাখিব লগা হয় ?
উত্তৰ:- খাদ্যৰ বাবে আৰু খেতিৰ বীজ হিচাপে সাঁচি ৰাখিব লগা হয়।
৮) আদিম মানুহৰ উপপাদিত শস্যৰ কিছু অংশ নষ্টও হৈছিল ? কিয় হৈছিল ?
উত্তৰ:- আদিম মানুহৰ জীৱন ধাৰণ – প্ৰণালী উন্নত নাছিল । অতি বিপদ শংকুল অৱস্থাত জীৱন ধাৰণ কৰিছিল। বসবাসৰ কাৰণে উপযোগী স্থান নোহোৱাৰ বাবে উৎপাদিত শস্য সুৰক্ষিত কৰাৰ সু – ব্যবস্থা নাছিল। বিশেষকৈ জীৱন ধাৰণ প্ৰণালীৰ অনুন্মত অৱস্থাত বাবে উৎপাদিত শস্যৰ কিছু অংশ নষ্ট হৈছিল।
৯) অধিক শস্য পাবলৈ হলে মাটিত গুটি সিচাৰ পৰা শস্য চপোৱালৈকে এজন কৃষকে কি কি কাম কৰিব লাগে ?
উত্তৰ:- অধিক শস্য পাবলৈ হলে মাটিত গুটি সিচাৰ পৰা শস্য চপোৱালৈকে এজন কৃষকে খেতিৰ কাষত নিগাজীকৈ বসবাস কৰাৰ সু – ব্যবস্থা কৰিব লাগিব। খেতিৰ মাটিত পানীৰ যোগান ধৰাৰ ব্যবস্থা কৰিব লাগিব। বন নিৰোৱা, চৰাই – চিৰিকটি আৰু আন জীৱ – জন্তুৰ পৰা শস্য সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিব লাগিব।
১০) আদিম যুগৰ মানুহৰ ঘৰুৱাভাৱে উৎপাদিত পুৰণি খাদ্য শস্য কি আছিল ?
উত্তৰ:- ঘেঁহু আৰু বাৰ্লি আদিম যুগৰ মানুহৰ ঘৰুৱাভাৱে উৎপাদিত পুৰণি খাদ্য শস্য আছিল।
১১) জুই আৰু চকাৰ আৱিষ্কাৰৰ ফলত মানুহৰ জীৱন ধাৰণৰ মানশৈলীৰ কেনেকুৱা পৰিবৰ্তন হল ?
উত্তৰ:- জুই আৰু চকাৰ আৱিষ্কাৰৰ ফলত মানুহৰ জীৱন ধাৰণৰ মানশৈলী যথেষ্ট উন্নতিৰ পথত অগ্ৰসৰ হৈছিল। জুইৰ দ্বাৰা মানুহে ৰন্ধা – বঢ়া আৰু খাদ্য মজুত ৰাখিবলৈ হাতেৰে মাটিৰ পাত্ৰ বনাই জুইত পুৰি লৈছিল। চকাৰ আৱিষ্কাৰৰ লগে লগে চকা লগাই তৈয়াৰ কৰা গাড়ী, জন্তুৰ দ্বাৰা টনোৱাৰ ব্যবস্থা কৰাত একাধিক মানুহ একেটা সময়তে দূৰ দূৰণিৰ ঠাই বোৰলৈ যাব পৰা হল। এইবোৰ জুই আৰু চকাৰ আৱিষ্কাৰৰ দ্বাৰা মানুহৰ জীৱন ধাৰণৰ মানশৈলী অধিক হৈছিল।
১২) বুৰ্জাহামত মানুহে কেনেকৈ ঘৰ সাজিছিল ?
উত্তৰ:- বুৰ্জাহামত মানুহে মাটিৰ তললৈ খান্দি ঘৰ সাজিছিল আৰু তাত সোমাবলৈ খটখটি সাজিছিল।
১৩) অতি প্ৰাচীন কালত ঘেঁহু, বাৰ্লি, ভেড়া, ছাগলী, গৰু আদি কত পোৱা গৈছিল ?
উত্তৰ:- অতি প্ৰাচীন কালত ঘেঁহু, বাৰ্লি, ভেড়া, ছাগলী, গৰু আদি পাকিস্তানত পোৱা গৈছিল ।
১৪) মাহ, ঘেঁহু, গৰু, ভেড়া, গাহৰি আদি কত পোৱা গৈছিল ?
উত্তৰ:- মাহ, ঘেঁহু, গৰু, ভেড়া, গাহৰি আদি অন্ধ্ৰ প্ৰদেশত পোৱা গৈছিল।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.