Class 6 Social Science Chapter 10 আদি প্ৰস্তৰ যুগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 10 আদি প্ৰস্তৰ যুগ and select needs one.
SEBA Class 6 Social Science Chapter 10 আদি প্ৰস্তৰ যুগ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 10 আদি প্ৰস্তৰ যুগ Solutions for All Subject, You can practice these here…
আদি প্ৰস্তৰ যুগ
পাঠ: 10
দ্বিতীয় খণ্ড – ইতিহাস
চমুকৈ উত্তৰ দিয়া
১) উত্তৰ দিয়া :-
ক) আদিম যুগৰ মানুহে কি কি খাদ্য খাইছিল ?
উত্তৰ:- আদিম যুগৰ মানুহে বনৰীয়া জীৱ – জন্তু চিকাৰ কৰি, মাছ ধৰি, গছৰ ফল – মূল, শিপা, গুটি, পাত আদি সংগ্ৰহ কৰি খাইছিল ।
খ) আদিম মানুহে কি কাৰণে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল ?
উত্তৰ:- আদিম মানুহে বিভিন্ন কাৰণত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল । বিশেষকৈ চিকাৰ আৰু খাদ্য সংগ্ৰহৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল ।
গ) বৰ্তমান সময়ৰ মানুহৰ ভ্ৰমণ কাৰ্যৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত কি কি ক্ষেত্ৰত মিল আৰু অমিল আছে ?
উত্তৰ:- বৰ্তমান সময়ৰ মানুহৰ ভ্ৰমণ কাৰ্যৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ কিছুমান ক্ষেত্ৰত মিল আৰু অমিল আছে । তলত সেইবোৰ উল্লেখ কৰা হল –
অমিল :-
১) বৰ্তমান সময়ত মানুহে দৈনন্দিন প্ৰয়োজন সমূহ পুৰাবৰ বাবে সময় বিশেষ এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হয় আনহাতে আদিম মানুহে বিভিন্ন কাৰণত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল বিশেষকৈ চিকাৰ আৰু খাদ্য সংগ্ৰহৰ বাবে।
২) বৰ্তমান সময়ত মানুহৰ জীৱন ধাৰণৰ কাৰণে অতি প্ৰয়োজনীয় পানীৰ অভাৱ পূৰণৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া নহয় আনহাতে আদিম যুগৰ মানুহে পানীৰ অভাৱ পূৰণৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল।
৩) বৰ্তমান যুগৰ মানুহে শিক্ষামূলক ভ্ৰমণ কৰে আনহাতে আদিম যুগৰ মানুহে জীৱন সুৰক্ষাৰ বাবে ভ্ৰমণ কৰিছিল ।
মিল :-
১) বৰ্তমান যুগৰ মানুহ আৰু আদিম যুগৰ মানুহে বন্ধু – বান্ধৱ, আত্মীয় স্বজনক লগ কৰিবলৈ এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল।
২) বৰ্তমান যুগৰ মানুহ আৰু আদিম যুগৰ মানুহে ব্যৱসায় – বাণিজ্যৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল।
৩) বৰ্তমান যুগৰ মানুহ আৰু আদিম যুগৰ মানুহে মনোৰঞ্জনৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল।
ঘ) আদিম যুগৰ মানুহে শিলকে কিয় সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল ?
উত্তৰ:- আদিম যুগৰ মানুহৰ জীৱন যথেষ্ট বিপদ সংকুল আৰু কঠিন আছিল । তেওঁলোকে গছৰ শিপা খান্দিবলৈ, জীৱ – জন্তু বধ কৰিবলৈ, দৈনন্দিন কামত ব্যৱহাৰৰ বাবে শিলেৰে ভোটা, খহটা বিভিন্ন সঁজুলি ব্যৱহাৰ কৰিছিল । ক্ৰমে দিন বাগৰাৰ লগে লগে তেওঁলোকে সঁজুলিবোৰ মিহি, মসৃণ আৰু জোঙা কৰি তৈয়াৰ কৰিছিল ।
ঙ) বৰ্তমান শিলক কি কি কামত ব্যৱহাৰ কৰা হয় এটি টোকা যুগুত কৰা ?
উত্তৰ:- বৰ্তমান শিলক আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় । তাৰ ভিতৰত প্ৰধানকৈ ঘৰ নিৰ্মাণ কাৰ্য্য, দলং নিৰ্মাণ কাৰ্য্য, মথাউৰি আদিত বান্ধ দিয়া কাৰ্য, ৰাস্তা – ঘাট নিৰ্মাণ কাৰ্য্য আদিত ব্যৱহাৰ কৰা হয় ।
চ) জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল ?
উত্তৰ:- আদিম যুগৰ মানুহে খাদ্যৰ সন্ধানত হাবিত ঘূৰি ফুৰোতে হয়তো ঘটনাক্ৰমে শিলে শিলে ঘহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিবলৈ পাইছিল আৰু সেই ফিৰিঙতিয়ে শুকান পাত আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল । তেতিয়াৰ পৰাই হয়তো তেওঁলোকে জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল । জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ অগ্ৰগতিৰ এক উল্লেখযোগ্য অধ্যায় ।
ছ) আদিম মানুহৰ জীৱনত জুয়ে কেনেকৈ সহায় কৰিছিল ?
উত্তৰ:- আদিম যুগৰ মানুহৰ জীৱনত জুইয়ে বিভিন্ন ক্ষেত্ৰত সহায় কৰিছিল । তেওঁলোকে জীৱ জন্তু চিকাৰ কৰি জুইত পুৰি খাই জীৱন ধাৰণ কৰিছিল । ইয়াৰ উপৰি শীতৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ জুইৰ আশ্ৰয় লৈছিল । হাবি জংঘল পুৰি বাসস্থানৰ বাবে সেই ঠাই উপযোগী কৰি তুলিছিল । আদিম যুগৰ মানুহে দৈনন্দিন জীৱনত বিজুলী চাকিৰ অভাৱ পূৰণ কৰিবলৈও জুইৰ ব্যৱহাৰ কৰিছিল । ইয়াৰ উপৰি ৰাতিৰ অন্ধকাৰ দূৰ কৰিবলৈ জুইৰ পোহৰৰ সহায়ত এঠাইৰ পৰা আন ঠাইলৈ গতি কৰিছিল ।
জ) আদিম মানুহে সংগ্ৰহ কৰা খাদ্য কিয় সাঁচি নাৰাখিছিল ?
উত্তৰ:- আদিম মানুহে সংগ্ৰহ কৰা খাদ্য প্ৰয়োজন বোধ কৰা নাছিল । তাৰোপৰি সাঁচি ৰখাৰ সু – ব্যৱস্থাও নাছিল । তেওঁলোকে দৈনিক চিকাৰ আৰু গছৰ ফল – মূল সংগ্ৰহ কৰিছিল আৰু সকলোৱে লগে ভাগে ভগাই খাইছিল । তেওঁলোকে সেইসময়ত সংগ্ৰহ কৰা খাদ্য বোৰ সংৰক্ষণ কৰাৰ কথা ভবাই নাছিল ।
ঝ) আদিম মানুহৰ জীৱন কিয় কঠিন বুলি ভবা হয় ?
উত্তৰ:- আদিম মানুহৰ জীৱন যথেষ্ঠ বিপদ সংকুল আৰু কঠিন আছিল । আদিম মানুহে খাদ্য সংৰহকাৰী হিচাপে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি জীৱন যাপন কৰিছিল । তেওঁলোকে সংগ্ৰহ কৰা খাদ্য বোৰ দলগত ভাবে ভগাই খাইছিল। সাঁচি ৰখাৰ কথা একেবাৰে ভৱাই নাছিল । তেতিয়াৰ দিনত তেওঁলোকে নিগাজিকৈ থকাৰ সু – ব্যবস্থা আৰু খাদ্যভ্যাসৰ উন্নতি নোহোৱা বাবে জীৱন ধাৰণ কৰা অতি কঠিন বুলি ভবা হয়।
ঞ) আজিকালি জুইক আমি কি কি কামত ব্যৱহাৰ কৰোঁ ?
উত্তৰ:- বৰ্তমান সময়ত মানুহে জুইক বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। প্ৰধানতঃ ৰন্ধন কাৰ্যত, শীতৰ পৰা হাত সাৰিবলৈ জুইক ব্যৱহাৰ কৰা হয় । খাদ্য মজুত ৰাখিবলৈ হাতেৰে মাটিৰ পাত্ৰ বনাই জুইত পুৰি লোৱা হয় ।
ট) জুই অবিহনে মানুহৰ জীৱন যাপন প্ৰণালী কেনে হলহেতেন ?
উত্তৰ:- জুই অবিহনে মানুহৰ জীৱন যাপন প্ৰণালীত বহুতো সমস্যাৰ সম্মুখীন হবলগা হলহেঁতেন । ইয়াৰ উপৰি শীতৰ পৰা হাত সাৰিবলৈও অসুবিধা হলহেঁতেন ।
ঠ) আদিম মানুহে ব্যৱহাৰ কৰা কিছুমান আ – অলংকাৰৰ বিষয়ে আভাস দিয়া ।
উত্তৰ:- আদিম যুগৰ মানুহে সা – সঁজুলি তৈয়াৰ কৰিয়ে ক্ষান্ত থকা নাছিল। তেওঁলোকে প্ৰয়োজনীয় সাজ – পোছাক, আ – অলংকাৰ আদিও গঢ়ি লৈছিল । তেওঁলোকে শীত, তাপ আদিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ভিন ভিন সাজ – পোছাক তৈয়াৰ কৰি পিন্ধিছিল । আদিম মানুহে বিভিন্ন জন্তুৰ হাড়, দাত, খোলা, শিল আদিৰে তৈয়াৰী বিভিন্ন আ – অলংকাৰ পৰিধান কৰিছিল।
ড) বৰ্তমান সময়ত আমি আমোদ – প্ৰমোদৰ বাবে কি কি ব্যৱস্থা লওঁ ?
উত্তৰ:- বৰ্তমান সময়ত কৰ্মব্যস্ততাৰ পৰা আঁতৰি আজৰি সময়ত আমি নৃত্য – গীত কৰি, ফুলনি বাগিচা পাতি, বিভিন্ন খেল – ধেমালি কৰি মনৰ সজীৱতা ঘূৰাই আনিবলৈ যত্ন কৰোঁ।
ঢ) আদিম মানুহৰ বাবে আমোদজনক কাম কি আছিল ?
উত্তৰ:- আদিম যুগৰ মানুহে দল বান্ধি চিকাৰ কৰিবলৈ যোৱা, খাদ্য সংগ্ৰহ কৰিবলৈ যোৱা, ছবি অঁকা আদি কাম কৰি আমোদ লভিছিল । আদিম মানুহে প্ৰকৃতিত লাভ কৰা ৰঙীন শিল, গছৰ ছাল, গুটি আদি ঘহি ৰং কৰি তৈয়াৰ কৰি গুহাত অংকন কৰিছিল। কিছু কিছু গুহাত আকৌ চিকাৰ নৃত্যৰ ছবিও দেখিবলৈ পোৱা গৈছে। এইবোৰ অংকনৰ জৰিয়তে আদিম মানুহে আনন্দ লাভ কৰিছিল ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.