Class 6 Social Science Chapter 13 বৈদিক সভ্যতা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 13 বৈদিক সভ্যতা and select needs one.
SEBA Class 6 Social Science Chapter 13 বৈদিক সভ্যতা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 13 বৈদিক সভ্যতা Solutions for All Subject, You can practice these here…
বৈদিক সভ্যতা
পাঠ: 13
দ্বিতীয় খণ্ড – ইতিহাস
চমুকৈ উত্তৰ দিয়া
১ । উত্তৰ লিখা
প্ৰশ্ন : – ক) ভাৰতৰ কোন দিশৰ পৰা আৰ্যসকল ভাৰতৰ সপ্তসিন্ধু উপত্যকালৈ আহিছিল ?
উত্তৰঃ – ভাৰতৰ উত্তৰ – পশ্চিম দিশৰ পৰা আৰ্যসকল ভাৰতৰ সপ্তসিন্ধু উপত্যকালৈ আহিছিল ।
প্ৰশ্ন : – খ) আৰ্যসকলৰ পূৰ্বপুৰুষ সকল কোন অঞ্চলৰ অধিবাসী আছিল ?
উত্তৰঃ – আৰ্যসকলৰ পূৰ্বপুৰুষ সকল কৃষ্ণ সাগৰ আৰু কম্পিয়ান সাগৰৰ পাৰত থকা ভূ – ভাগৰ অধিবাসী আছিল ।
প্ৰশ্ন : – গ) সিন্ধু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজত দুটা প্ৰধান পাৰ্থক্য দেখুওৱা ।
উত্তৰঃ – সিন্ধু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজত দুটা প্ৰধান পাৰ্থক্য হল –
সিন্ধু উপত্যকাৰ সভ্যতা নদীৰ পাৰত গঢ়ি উঠিছিল । আনহাতে সিন্ধু উপত্যকাৰ গাঁওবোৰৰ আশে – পাশে গঢ়ি উঠিছিল ।
সিন্ধু উপত্যকাৰ সভ্যতাত মানুহে গছ , সাপ আদিক পূজা কৰিছিল । সেই সময়ত মন্দিৰৰ অস্তিত্ব নাছিল কিন্তু বৈদিক যুগৰ সভ্যতাৰ মানুহবোৰে বিভিন্ন দেৱদেৱীক যেনে – ইন্দ্ৰ , বৰুণ , অগ্নি , ঊষা , আদি দেৱ দেৱীক পূজা কৰিছিল ।
প্ৰশ্ন : – ঘ) চাৰিওখন বেদৰ ভিতৰত কোনখন প্ৰাচীনতম বেদ ?
উত্তৰঃ – ঋকবেদ ।
প্ৰশ্ন : – ঙ ) আৰ্যসকল গংগা উপত্যকালৈ কিয় আগবাঢ়ি গৈছিল ?
উত্তৰঃ – আৰ্যসকল পোনতে সিন্ধু উপত্যকাৰ ( সপ্ত সিন্ধুৰ ) আশে – পাশে থকা গাঁও বোৰত বসতি কৰিছিল । পশুপালনেই আছিল তেওঁলোকৰ প্ৰধান জীৱন নিৰ্বাহৰ উপায় । কালক্ৰমত সপ্ত সিন্ধু অঞ্চলত ঘাঁহনি পথাৰৰ অভাৱ , জনসংখ্যা বৃদ্ধি আৰু জীৱজন্তুৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে তেওঁলোকে উৰ্বৰা ঠাই বিচাৰি হিমালয়ৰ নামনি গংগা নদীৰ উপত্যকাত প্ৰৱেশ কৰিছিল ।
প্ৰশ্ন : – চ) বৈদিক যুগৰ দুগৰাকী বিদুষী মহিলাৰ নাম লিখা ?
উত্তৰঃ – বিশ্বৱাৰা , লোপামুদ্ৰা ।
প্ৰশ্ন : – ছ) আৰ্যসকল কোন ভাষিক গোষ্ঠীৰ মানুহ আছিল ?
উত্তৰঃ – ইন্দো – ইউৰোপীয়ান ভাষা গোষ্ঠীৰ ।
প্ৰশ্ন : – জ) আৰ্যসকলে ভাৰতত কোনবিধ ঘৰচীয়া জন্তুৰ পালন কৰিছিল ?
উত্তৰঃ – গৰু , ভেড়া , ছাগলী আদিৰ পালন কৰিছিল ।
২) শুদ্ধ অশুদ্ধ নিৰ্বাচন কৰা –
প্ৰশ্ন : – ক) বৈদিক যুগৰ অনুমানক সময়সীমা খ্ৰীষ্টপূৰ্ব ১৫০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ ৰ ভিতৰত পৰে ।
উত্তৰঃ – অশুদ্ধ ।
প্ৰশ্ন : – খ) ঋক বৈদিক যুগতে চাৰিখন বেদ ৰচনা কৰা হৈছিল ।
উত্তৰঃ – শুদ্ধ ।
প্ৰশ্ন : – গ) আৰ্যসকলৰ দিনত লোৰ প্ৰচলন আছিল ।
উত্তৰঃ – শুদ্ধ ।
প্ৰশ্ন : – ঘ) সপ্তসিন্ধুৰ স্থানীয় লোকসকলক আৰ্যসকলে হেয়জ্ঞান কৰিছিল ।
উত্তৰঃ – শুদ্ধ ।
প্ৰশ্ন : – ঙ) আৰ্যসকলৰ সময়ত সমাজত তিৰোতাৰ স্থান নিম্ন আছিল ।
উত্তৰঃ – অশুদ্ধ ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
3 no tu nidili dekhun