Class 5 Environment Chapter 18 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ

Class 5 Environment Chapter 18 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ, SEBA Chapter 18 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA Class 5 Environment Chapter 18 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ Notes so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমাৰ চুবুৰীয়া ৰাজ্যসমূহ

Chapter – 18

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা –

(ক) উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা। 

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখন হ’ল— অসম, অৰুণাচল প্রদেশ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু মণিপুৰ।

(খ) উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতত বিভিন্ন জনগোষ্ঠীৰ লোক বাস কৰে। যেনে অৰুণাচল প্রদেশ : আদি, নিচি, আপাটানি, মনপা ইত্যাদি।

মেঘালয় :- খাচী, গাৰো, জয়ন্তীয়া আদি। নাগালেণ্ড : আংগামী, চেমা, আও আদি।

মিজোৰাম :- মিজো, মাৰ আদি ।

মণিপুৰ : মণিপুৰী, কুকি, কাবুই আদি। 

ত্ৰিপুৰা :- ত্ৰিপা, ৰিয়াং, ৰাংখাল আদি।

(গ) উত্তৰ-পূব ভাৰতক সাতভনীৰ দেশ বুলি কিয় কোৱা হয় ? 

উত্তৰঃ উত্তৰ-পূব ভাৰত সাতখন ৰাজ্যৰ দ্বাৰা গঠিত। সেই কেইখন হ’ল— অসম, অৰুণাচল প্রদেশ, মিজোৰাম, নাগালেও, ত্ৰিপুৰা আৰু মণিপুৰ। এই অঞ্চলটোৰ প্ৰায় আটাইকেইখন ৰাজ্যই পূর্বে অসম হিচাপে পৰিচিত আছিল। সাতখন ৰাজ্যৰ দ্বাৰা গঠিত কাৰণেই উত্তৰ পূব ভৰতক সাতভনীৰ দেশ আখ্যা দিয়া হয়।

(ঘ) ব্ৰহ্মপুত্ৰ নৈৰ ৪ খন উপনৈৰ নাম লিখা।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈৰ চাৰিখন উপনৈৰ নাম হ’ল— লোহিত, সোৱণশিৰি, জীয়াভৰলী আৰু মানহ।

(ঙ) মণিপুৰ ৰাজ্যত থকা দুখন পাহাৰৰ নাম লিখা। 

উত্তৰঃ মণিপুৰ ৰাজ্যত থকা দুখন পাহাৰ হ’ল বৰাইল আৰু পাটকাই।

প্রশ্ন ২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
অৰুণাচল প্রদেশক’হিমা
মিজোৰামআগৰতলা
নাগালেণ্ডইম্ফল
ত্ৰিপুৰাআইজাল
মণিপুৰইটানগৰ

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
অৰুণাচল প্রদেশইটানগৰ
মিজোৰামআইজাল
নাগালেণ্ডক’হিমা
ত্ৰিপুৰাআগৰতলা
মণিপুৰইম্ফল

প্রশ্ন ৩। খালী ঠাই পূৰ কৰাঃ

(ক) ____ বিশ্বৰ ভিতৰতে ডাঙৰ নদী।

(খ) মণিপুৰ ৰাজ্যৰ ____ হ্রদ প্রাকৃতিকভাৱে হোৱা এক বৃহৎ হ্রদ।

(গ) ছিলং এখন ____ঠাই।

(ঘ) অৰুণাচল প্ৰদেশৰ ____প্রাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই।

(ঙ) প্রায় সমগ্র মিজোৰাম ৰাজ্যখনেই_____।

উত্তৰঃ (ক) মাজুলীৰ নদী দ্বীপ বিশ্বৰ ভিতৰতে ডাঙৰ নদী।

(খ) মণিপুৰ ৰাজ্যৰ লক্টক হ্রদ প্রাকৃতিকভাৱে হোৱা এক বৃহৎ ৰাষ্ট্ৰ।

(গ) ছিলং এখন স্বাস্থ্যকৰ ঠাই। 

(ঘ) অৰুণাচল প্ৰদেশৰ টাৱাং, বমডিলা, পৰশুৰাম কুণ্ড প্রাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই।

(ঙ) প্ৰায় সমগ্ৰ মিজোৰাম ৰাজ্যখনেই উচ্চ ভূমি।

প্রশ্ন ৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। 

(ক) বৰ্তমান অৰুণাচল প্রদেশ আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল।

(খ) কাৰ্বি আংলং জিলা সমতলভূমিৰে গঠিত।

(গ) অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলত হিমালয় পর্বতমালা অৱস্থিত। 

(ঘ) ত্ৰিপুৰা ৰাজ্যখন সমভূমিৰে আবৃত।

(ঙ) মণিপুৰৰ সোঁমাজৰ অংশ প্রায় পাহাৰীয়া।

উত্তৰঃ (ক) বৰ্তমানৰ নাগালেণ্ড ৰাজ্যখন আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল।

(খ) কাৰ্বি আংলং জিলা মূলতঃ পাহাৰীয়া ।

(গ) অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলত হিমালয় পর্বতমালা অৱস্থিত।

(ঘ) পশ্চিম ত্ৰিপুৰা সমভূমিৰে আবৃত।

(ঙ) মণিপুৰ ৰাজ্যত পাটকাই আৰু বৰাইল পাহাৰৰ অংশ আছে।

প্রশ্ন ৫। ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে আকর্ষণীয় কিয় ? 

উত্তৰঃ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল এক বৈচিত্র্যময় অঞ্চল হিচাপে পৰিচিত। উত্তৰ পূর্বাঞ্চলত বিভিন্ন ঐতিহ্যপূৰ্ণ স্থান আছে। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৃথিৱী বিখ্যাত। মাজুলীৰ নদী দ্বীপ বিশ্বৰ ভিতৰত ডাঙৰ। মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়। ছিলং এখন স্বাস্থ্যকৰ ঠাই। মণিপুৰৰ লটক হ্রদ এটি বৃহৎ প্রাকৃতিক হ্রদ ৷ অৰুণাচলৰ টাৱাং, বমডিলা, পৰশুৰাম কুণ্ড আদি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা পর্যটকসকলৰ ঠাই। এইবোৰ চাবলৈ দেশ-বিদেশৰ পৰা পৰ্যটকসকল উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ আহে।

প্রশ্ন ৬। কোন কেইখন ৰাজ্যক একেলগে ‘উত্তৰ-পূব ভাৰত’ বুলি কোৱা হয় ? 

উত্তৰঃ অসম, অৰুণাচল প্রদেশ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু মণিপুৰ— এই ৰাজ্যকেইখনক একেলগে ‘উত্তৰ পূব ভাৰত’ বুলি কোৱা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অৰুণাচল প্ৰদেশ অসমৰ কোন দিশত অৱস্থিত ?

উত্তৰঃ অৰুণাচল প্ৰদেশ অসমৰ উত্তৰ দিশত অৱস্থিত। 

প্রশ্ন ২। অসমৰ দক্ষিণ দিশত থকা ৰাজ্যকেইখনৰ নাম লিখা।

উত্তৰঃ অসমৰ দক্ষিণ দিশত থকা ৰাজ্যকেইখন হ’ল— মণিপুৰ, মিজোৰাম, আৰু নাগালেণ্ড। অৱশ্যে অসমৰ দক্ষিণ পশ্চিমত ত্ৰিপুৰা আৰু মেঘালয় আছে। 

প্রশ্ন ৩। উত্তৰ-পূব অঞ্চলৰ চাৰিসীমাত কি কি বিদেশী ৰাষ্ট্ৰ আছে ?

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ চাৰিসীমাত থকা বিদেশী ৰাষ্ট্ৰ কেইখন হ’ল— চীন, ভূটান,ম্যানমাৰ আৰু বাংলাদেশ।

প্রশ্ন ৪। কেতিয়াৰ পৰা নাগালেণ্ডে পূর্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে ?

উত্তৰঃ ১৯৬৩ চনৰ ১ ডিচেম্বৰত নগাপাহাৰে নাগালেণ্ড হিচাপে পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে।

প্রশ্ন ৫। ১৯৭০ চনলৈকে অসমৰ ৰাজধানী ক’ত আছিল ?

উত্তৰঃ ১৯৭০ চনলৈকে অসমৰ ৰাজধানী ছিলঙত আছিল।

প্রশ্ন ৬। কেতিয়াৰ পৰা মেঘালয়ে পূৰ্ণৰাজ্যৰ স্বীকৃতি পায় ?

উত্তৰঃ ১৯৭২ চনত মেঘালয়ে পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে।

প্রশ্ন ৭। অৰুণাচল প্ৰদেশক আগতে কি হিচাপে জনা গৈছিল ?

উত্তৰঃ অৰুণাচল প্ৰদেশক আগতে উত্তৰ-পূব-সীমান্ত অঞ্চল হিচাপে জনা গৈছিল। 

প্রশ্ন ৮। কিমান চনত উত্তৰ-পূব সীমান্ত অঞ্চলে পৃথক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে।

উত্তৰঃ ১৯৭২ চনত উত্তৰ-পূব সীমান্ত অঞ্চলে পৃথক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে।

প্রশ্ন ৯। উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্য প্ৰধানকৈ মালভূমিৰে আবৃত ?

উত্তৰঃ উত্তৰ পূব ভাৰতৰ মেঘালয় ৰাজ্য প্ৰধানকৈ মালভূমিৰে আবৃত।

প্রশ্ন ১০। উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যত প্ৰধানকৈ সমভূমি আছে ?

উত্তৰঃ অসম।

প্রশ্ন ১১। অৰুণাচল প্ৰদেশৰ কোন দিশত হিমালয় পর্বতমালা অবস্থিত ? 

উত্তৰঃ অৰুণাচল প্ৰদেশৰ উত্তৰ দিশত হিমালয় পর্বতমালা অবস্থিত।

প্রশ্ন ১২। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভূ-প্রাকৃতিক বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, নদ-নদী, উপত্যকা, খাল-বিল, হ্রদ, চৰ-চাপৰি আদিৰে ভৰি আছে। হাবি-বননিসমূহত জীৱ-জন্ম আৰু চৰাই চিৰিকতিও আছে। উত্তৰ পূব ভাৰতৰ সমভূমি অঞ্চলৰ ভিতৰত অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি, বৰাক সমভূমি, মণিপুৰ সমভূমি আৰু পশ্চিম ত্ৰিপুৰা সমভূমিয়েই প্রধান। মেঘালয় মালভূমি আৰু অসমৰ কাৰ্বি মালভূমি হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ দুখন মালভূমি। অৰুণাচল প্রদেশৰ উত্তৰ অঞ্চলত হিমালয় পর্বতমালা অবস্থিত। নাগালেও এখন পাহাৰীয়া ৰাজ্য। মিজোৰামত উচ্চ ভূমি আছে।

প্রশ্ন ১৩। উত্তৰ-পূৰ্বাঞ্চলৰ দুখন মালভূমিৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ দুখন মালভূমি হ’ল— মেঘালয় মালভূমি আৰু কাৰ্বি মালভূমি। 

প্রশ্ন ১৪। কাৰ্বি মালভূমিত অৱস্থিত এখন পাহাৰৰ নাম লিখা।

উত্তৰঃ হামৰেন পাহাৰ কাৰ্বি মালভূমিত অৱস্থিত।

প্রশ্ন ১৫। ব্ৰহ্মপুত্ৰ নৈৰ কেইখনমান উপনৈৰ নাম লিখা। 

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ কেইখনমান উপনৈ হ’ল- লোহিত, সোৱনশিৰি, জীয়া ভৰলী, জীয়া ধনশিৰি, মানাহ, বুঢ়ীদিহিং, দিখৌ ইত্যাদি।

প্রশ্ন ১৬। বৰাকৰ কেইখনমান উপনৈৰ নাম লিখা। 

উত্তৰঃ বৰাকৰ কেইখনমান উপনৈ হ’ল জীবি, জাটিংগা, সোনাই, ধলেশ্বৰী ইত্যাদি।

প্রশ্ন ১৭। অৰুণাচল প্ৰদেশৰ চাৰিটা জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ আদি, নিচি, আপাটানি, মনপা আদি অৰুণাচল প্ৰদেশৰ উল্লেখযোগ্য জনগোষ্ঠী। 

প্রশ্ন ১৮। মেঘালয়ৰ তিনিটা জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ খাচী, গাৰো, জয়ন্তীয়া আদি মেঘালয়ৰ উল্লেখযোগ্য জনগোষ্ঠী।

প্রশ্ন ১৯। মিজোৰামৰ দুটা জনগোষ্ঠীৰ নাম লিখা। 

উত্তৰঃ মিজো আৰু মাৰ হ’ল মিজোৰামৰ দুটা উল্লেখযোগ্য জনগোষ্ঠী।

প্রশ্ন ২০। নাগালেণ্ডৰ তিনিটা জনগোষ্ঠীৰ নাম লিখা। 

উত্তৰঃ নাগালেণ্ডৰ তিনিটা জনগোষ্ঠী হ’ল— আংগামী, চেমা আৰু আও।

প্রশ্ন ২১। মণিপুৰৰ তিনিটা জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ মণিপুৰৰ তিনিটা জনগোষ্ঠী হ’ল মণিপুৰী, কুকি আৰু কাবুই। 

প্রশ্ন ২২। ত্ৰিপুৰাৰ তিনিটা জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ ত্ৰিপুৰাৰ তিনিটা জনগোষ্ঠীৰ নাম হ’ল— ত্ৰিপা, ৰিয়াং আৰু ৰাংখাল ৷ 

প্রশ্ন ২৩। উত্তৰ-পূব ভাৰতত কোনবিধ শস্যৰ উৎপাদন বেছি ?

উত্তৰঃ উত্তৰ-পূব ভাৰতত ধানৰ উৎপাদন আটাইতকৈ বেছি।

প্রশ্ন ২৪। চাহ উৎপাদনত ভাৰতত অসমৰ স্থান কি ? 

উত্তৰঃ চাহ উৎপাদনত ভাৰতৰ ভিতৰত অসমৰ স্থান প্রথম।

প্রশ্ন ২৫। কপাই উৎপাদনত উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্য আগবঢ়া ?

উত্তৰঃ কপাহ উৎপাদনত মেঘালয় আগবঢ়া। 

প্রশ্ন ২৬। উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্য ৰবৰ উৎপাদনত আগবঢ়া ?

উত্তৰঃ ত্ৰিপুৰা ৰবৰ উৎপাদনত আগবঢ়া। 

প্রশ্ন ২৭। অৰুণাচলীসকলৰ এটি উৎসৱৰ নাম লিখা।

উত্তৰঃ দনয়িপ’ল’।

প্রশ্ন ২৮। খাচীসকলৰ এটি উৎসৱৰ নাম লিখা।

উত্তৰঃ নংক্রেন।

প্রশ্ন ২৯। মিজোসকলৰ এটি উৎসৱৰ নাম লিখা।

উত্তৰঃ বৰদিন।

প্রশ্ন ৩০। অসমৰ দুটা নৃত্যৰ নাম লিখা। 

উত্তৰঃ বিহুনৃত্য আৰু সত্ৰীয়া নৃত্য।

প্রশ্ন ৩১। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি ? 

উত্তৰঃ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম হ’ল মৌচিনৰাম।

প্রশ্ন ৩২। লটক হ্রদটো কোনখন ৰাজ্যত অৱস্থিত ?

উত্তৰঃ মণিপুৰত লটক হ্রদ অৱস্থিত।

প্রশ্ন ৩৩। অসমত থকা বিশ্বৰ প্ৰাকৃতিক ঐতিহ্যথলী এখনৰ নাম লিখা।

উত্তৰঃ কাজিৰঙা

প্রশ্ন ৩৪। পৃথিৱীৰ বৃহত্তম নদী-দ্বীপটোৰ নাম কি ?

উত্তৰঃ মাজুলী পৃথিৱীৰ বৃহত্তম নদী-দ্বীপ।

প্রশ্ন ৩৫। পৰশুকুণ্ড ক’ত আছে ?

উত্তৰঃ অৰুণাচল প্ৰদেশত।

প্রশ্ন ৩৬। লটক হ্ৰদৰ আয়তন কিমান ?

উত্তৰঃ প্রায় ১০০ বর্গ কিলোমিটাৰ।

প্রশ্ন ৩৭। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ চিহ্নিত কৰিব পৰাকৈ এখন মানচিত্র অংকন কৰা।

উত্তৰঃ ভাৰতত উত্তৰ-পূব ভাৰতৰ অৱস্থান

প্রশ্ন ৩৮। সোঁফালৰ তথ্যৰ লগত বাঁওফালৰ তথ্য মিলোৱা।

সোঁফালবাঁওফাল
১৯৬৩ চনতনাগালেণ্ড পূৰ্ণাংগ ৰাজ্য হয়।
১৯৭২ চনতমিজোৰামৰ জনগোষ্ঠী।
ৰিয়াংত্ৰিপুৰাৰ জনগোষ্ঠী।
মাৰখাচী জনগোষ্ঠী আছে।
নাগালেণ্ডতমেঘালয় পূৰ্ণাংগ ৰাজ্য হয়।

উত্তৰঃ

সোঁফালবাঁওফাল
১৯৬৩ চনতনাগালেণ্ড পূৰ্ণাংগ ৰাজ্য হয়।
১৯৭২ চনতমেঘালয় পূৰ্ণাংগ ৰাজ্য হয়।
ৰিয়াংত্ৰিপুৰাৰ জনগোষ্ঠী।
মাৰমিজোৰামৰ জনগোষ্ঠী।
নাগালেণ্ডতখাচী জনগোষ্ঠী আছে।পূৰ্ণাংগ ৰাজ্য হয়।

প্রশ্ন ৩৯। উত্তৰ-পূৰ্বাঞ্চলত উচ্চ পার্বত্য অঞ্চল, পাহাৰীয়া অঞ্চল, মালভূমি অঞ্চল আৰু সমভূমি অঞ্চলসমূহ দেখুৱাই এখন মানচিত্র অংকন কৰা।

উত্তৰঃ

প্রশ্ন ৪০। শুদ্ধ অংশ বাছি উলিওৱা। 

(ক) জয়ন্তীয়া/বৰাইল পাহাৰ মেঘালয়ৰ অন্তৰ্ভুক্ত।

(খ) নাগালেণ্ড/অসম ৰাজ্য পাহাৰীয়া।

(গ) ডিমা হাছাও/হামৰেন মূলতঃ পাহাৰীয়া 

(ঘ) অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰ/ধনশিৰি।

(ঘ) টাৱাং ছিলং / অৰুণাচল প্ৰদেশত।

(চ) জীৰি মানাহ/বৰাকৰ উপনৈ।

উত্তৰঃ (ক) জয়ন্তীয়া পাহাৰ মেঘালয়ৰ অন্তৰ্ভুক্ত।

(খ) নাগালেণ্ড ৰাজ্য পাহাৰীয়া। 

(গ) ডিমা হাছাও মূলতঃ পাহাৰীয়া।

(ঘ) অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্র ।

(ঙ) টাৱাং অৰুণাচল প্ৰদেশত।

(চ) জীৰি বৰাকৰ উপনৈ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top